অসমৰ জাতীয় সংস্কৃতি স্থাপনত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ ভূমিকা : চমু অৱলোকন।
অসমৰ জাতীয় সংস্কৃতি স্থাপনত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ ভূমিকা অতুলনীয়। প্ৰতিটো জনগোষ্ঠীৰে স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ নিজ গোষ্ঠীটোৰ মানুহ বিলাকক লৈ সাহিত্য সভা গঠণ কৰি মানুহবিলাকক বিভিন্ন বিষয়ত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এটা জাতিৰ ভাষা-সাহিত্যৰ উন্নতি হ'লেহে সংস্কৃতি উন্নত হ'ব। এই উন্নত সংস্কৃতিৰ সংমিশ্ৰণত এটা জাতীয় ভাৱধাৰা গঢ়ি উঠিব যিয়ে অসমৰ সামগ্ৰিক সংস্কৃতি উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। গতিকে সাম্প্ৰতিক সময়ত জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম হিচাপে পৰিগণিত হৈছে।
সোণোৱাল কছাৰী,বড়ো, মিচিং, কাৰ্বি, ৰাভা আদি বিভিন্ন জনগোষ্ঠীয়ে অসমৰ সংস্কৃতিৰ ধাৰা অক্ষুণ্ণ ৰখাত সফল হৈছে। প্ৰতিটো জনগোষ্ঠীৰে স্বকীয় বৈশিষ্ট্যৰে নিজৰ সংস্কৃতি আছে আৰু জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে। সোণোৱাল কছাৰী সকলেও তেওঁলোকৰ সংস্কৃতি নিজৰ প্ৰচেষ্টাৰে জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে । সোণোৱাল কছাৰীসকলৰ সংস্কৃতি অংগ বিভিন্ন পূজা- সৰগদেউ পূজা, আই সবাহ, লখিমী তোলা সবাহ, বাইথ'পূজা.. আদি আৰু বিহু- কাতি বিহু, মাঘ বিহু আৰু ব'হাগ বিহু আদি ভিন্ন ৰীতি-নীতিৰে পালন কৰি স্বকীয়তা অক্ষুণ্ণ ৰাখিছে ।
একেদৰে বড়োসকলে বাগৰুম্বা নৃত্য উৎসৱ আৰু বৈশাগু উৎসৱ পালন কৰি জাতিৰ স্বকীয়তা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিছে।
, ঠিক একেদৰে আহোম, ৰাভা,বড়ো মিচিং কাৰ্বি আদি জনগোষ্ঠী সমূহেও নিজৰ সংস্কৃতি জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে। এনেদৰে প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ লগতে সমগ্ৰ ৰাজ্যৰ ভিত্তিত সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ জাতীয় সংস্কৃতি স্থাপন কৰাত এই জনগোষ্ঠী সমূহে প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰিছে।
অসম প্ৰদেশ বাৰে ৰহনীয়া সংস্কৃতিৰ মিলনভূমি। ঘাইকৈ মংগোলীয়, ইণ্ডো-বাৰ্মা, ইণ্ডো-ইৰানীয়ান, আৰু আৰ্য জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণৰ থলী হৈছে অসম । তদুপৰি নকৈ অসমত থিতাপি লোৱা পমুৱা অসমীয়া সকল অসমৰ এটা অংশ হিচাপে পৰিগণিত। এখন সুন্দৰ ৰংচঙীয়া বিভিন্ন ফুলেৰে সমাহাৰ গামোচা সদৃশ অসমৰ জাতীয় সংস্কৃতিও ৰংচঙীয়া হৈ উঠিছে এইসকল জাতি উপজাতিৰ সংমিশ্ৰণত। অসমৰ মাটি,পানী, জলবায়ুৰ সৈতে গভীৰভাৱে সম্পৰ্ক থকা এই জাতি জনগোষ্ঠীৰ সমষ্টিয়েই হৈছে অসম।
অসমৰ প্ৰায় ভাগ জনগোষ্ঠীৰ নিজস্ব একোটা ভাষা আছে। নিজস্ব ৰীতি-নীতি আছে। নিজস্ব কৃষ্টি সংস্কৃতিৰে চহকী। সোণোৱাল কছাৰীসকলৰ নিজস্ব ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আছে, আহোম সকলৰ নিজস্ব ৰীতি-নীতি, কৃষ্টি সংস্কৃতি আছে, বড়োসকলৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে, মিচিং সকলৰ নিজা কৃষ্টি সংস্কৃতি আছে, ৰাভা সকলৰ আছে, চাহ বাগিচাৰ বাসিন্দা চাহ জনগোষ্ঠীসকলৰ নিজস্ব কৃষ্টি সংস্কৃতি আছে। এনেদৰে প্ৰতিটো জনগোষ্ঠীৰ নিজস্ব ৰীতি-নীতি কৃষ্টি সংস্কৃতি একেলগ হৈ অসমৰ জাতীয় সংস্কৃতি সৃষ্টি হৈছে। অৰ্থাৎ জনগোষ্ঠী সকলে অসমৰ লোকসকলক আমি 'অসমীয়া' এনে ব্যাপক পৰিসৰৰ মনোভাৱৰ জাগ্ৰত হোৱাত সহায় কৰিছে।
অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সাহিত্য সভা সমূহে জনগোষ্ঠীটোৰ সাহিত্যৰ ভেটি টনকিয়াল কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰে। জনগোষ্ঠী এটা অন্তৰ্গত এলেকাৰ কবি সাহিত্যিক সকলক চিনাক্তকৰণৰ ব্যৱস্থা কৰি সিহঁতৰ সৃষ্টিৰাজি সমাজক বিলাই দিয়াৰ ক্ষেত্ৰত আগভাগ ল'লে কবি সাহিত্যিক সকলক স্বীকৃতি দিয়াৰ লগতে অসমৰ জাতীয় সংস্কৃতিৰ উত্তৰণত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰাত এইসকল লোকেও অৰিহণা আগবঢ়াব।
জনগোষ্ঠী সমূহৰ তাঁত শিল্প , কাৰু শিল্প , মৃৎ শিল্প , বাঁহ বেতৰ শিল্প .. আদি আগুৱাই নিয়াত সাহিত্যৰ জৰিয়তে জনগোষ্ঠীয় সাহিত্য সভাসমূহে প্ৰয়াস কৰিব পাৰে। সাহিত্যৰ জৰিয়তে বিভিন্ন শিল্প সমূহৰ সম্পৰ্কে যিমানেই প্ৰচাৰ হ'ব সিমানেই এনে শিল্পৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িব। এনে প্ৰচেষ্টাই অসমৰ জাতীয় সংস্কৃতি স্থাপনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব।
ইতিমধ্যে দেখা গৈছে যে বড়ো সাহিত্য সভা এনে কাৰ্যপন্থাত আমাতকৈ বহু আগুৱাই যাবলৈ সক্ষম হৈছে। অসমৰ দ্বিতীয় বৃহৎ সাহিত্য সভা হিচাপে পৰিগণিত হৈছে বড়ো সাহিত্য সভা। বড়ো সাহিত্য সভা গঠন হৈছিল ১৯৫২ চনৰ ১৬ নৱেম্বৰ তাৰিখে কোকৰাঝাৰ জিলাৰ বাসুগাওঁত । সেই তেতিয়াৰ পৰাই বড়োসকলৰ কৃষ্টি সংস্কৃতি আৰু সাহিত্যৰ ভঁৰাল টনকিয়ালৰ অৰ্থে বহু কাম কৰি বড়ো সমাজক উপকৃত কৰিছে । বহু পলমকৈ হ'লেও আমাৰ সোণোৱাল কছাৰীসকল সাহিত্যৰ দিশত আগবাঢ়ি যাবলৈ প্ৰয়াস কৰাটো অতি প্ৰশংসনীয় পদক্ষেপ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ।
No comments:
Post a Comment
dudulsonowal32@gmail.com