Thursday, November 18, 2021

The Basket Of Poem | কবিতাৰ কৰণি ।

💝💝💝💝💝💝💝💝💝💝💝💝💝

হাঁহখাটী


লুইতৰ পাৰৰ তই এটি পথৰুৱা ঘাত 
বানে ধোৱা তোৰ বুকুত সহস্ৰজনৰ 
সেউজময় সপোন দুৰ্বাৰ আশা-নিৰাশা
ভাঙে গঢ়ে,গঢ় লয় কুতুবমিনাৰ সদৃশ মনত
লহপহকৈ বাঢ়ে সোণোৱালী শাশ্বত সপোন
অহনিৰ্শে অবিৰাম
হাঁহখাটী ! লুইতৰ পাৰৰ এটি নাম
ঠিকনা বিহীনৰ এটা বাখৰুৱা ঠিকনা ।

শাওন আহে দুপাখি মেলি
ওন্দোলাই কাজল কাজল মেঘ
সপোন ৰচে সুৰ সুৰ বৰষুণৰ মাদলত
পিতাইৰ কপালৰ কেঁচা ঘাম মাটিত পেলায়
বিবৰ্ণ দুহাতেৰে কৰ্ষণ কৰি নাঙলৰ সীৰলুৰে
বুটলি আনে কাংক্ষিত সোণৰ সীতা 
সময় উৰি যায় পমুৱা তোলা হৈ 
বাৰেৰহনীয়া মনৰ সীমনাত
আহিনৰ স্পৰ্শত গেৰ ধৰে পিতাইৰ সপোন 

আঘোণ ! 
আঘোণ আহে নিৰৱে শৰতৰ বুকুত খামোচি
দাৱনীৰ দুহাতত ৰূপান্তৰিত হয়
মামৰে ধৰা খহটা কাঁচি
এভঁৰাল হয় পিতাইৰ সোণোৱালী সপোন ;
মায়াভৰা সময়ৰ সপোন ভঙা গঢ়াৰ খেল
তোৰ বুকুৱে বুকুৱে অহনিৰ্শে, নিৰন্তৰে 

প্ৰতিনিয়ত তোৰ বুকুত এডোখৰ কেঁচা ঘা
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বিৰহ বেদনা
কোনেনো বুজিব মহঙা দিনৰ মহঙা খবৰ
উৱলিব ধৰা সপোনৰ এটা নিখুঁত গল্প
ৰজাঘৰীয়াই ! এতিয়া ৰজাঘৰীয়া নিমগ্ন 
নিয়ন লাইটৰ পোহৰত উদ্দাম নৃত্য
প্ৰজা আৰু ৰজাৰ দৰদাম ক্ষমতালিপ্সু 
তেজপিয়া লুভীয়া নীলবৰণীয়া শিয়াল

হে সপোন সম্ভৱা হাঁহখাটী !
প্ৰসাৰিত কৰি দে অকুণ্ঠচিত্তে তোৰ দুহাত
বিশ্বাস আৰু বৈষম্যহীন সময়ৰ স'তে
লুকাভাকু খেলিব পৰাকৈ 
আকোঁৱালি ল'ব পৰাকৈ
ইজনে সিজনক আকুলতাৰে
বিৰামহীনভাৱে বাজি থাকক সুদূৰত
কানাই সুৰীয়া মুৰুলী

হে ঋতুমতী গাভৰু হাঁহখাটী ! তুমি অনন্যা 
বিবৰ্ণ মোৰ দুহাতেৰে 
তোমাক শতবাৰ নমস্কাৰ।
তোমাক শতবাৰ নমস্কাৰ।।


আবৃত্তি : zonal meet
             Hahkhat Girls M, E. School.
             Date: 27/09/2015

💓💓💓💓💓💖💖💖💖💖💓💓💓💓💓


আঁউসী সময়


এদল ক্ষুধাতুৰ মানুহৰ আৰ্তনাদত 
উচুপি উঠে প্ৰতিটো প্ৰহৰ ইয়াত
ডিঙিৰ দুগদুগী সৰে নিজান দুপৰীয়া
ম্লান পৰে চৰাই চুবুৰী হাইতাল বুলীয়া সময়
ইয়াত তেজৰ দাম নাই,নাই মৃত্যুৰ
প্ৰতিনিয়ত মানৱৰ মঙহেৰে ভোজভাতৰ আখৰা
কিম্বা'দুৰ্যোধন'ৰ নিৰ্মম আঘাতত
শেষ হয় ৰ'দঘাই ওঁঠৰ এমোকোৰা হাঁহি
শেষ হয় দ্বীপ্তিময় উজ্বল নীলাকাশ
নিৰ্দয়তাত

ভোকাতুৰ মানুহৰ আৰ্তনাদত নগ'লে 
শিলহেন কপৌৰ মমৰ কলিজা
অভিনীত চেনেহ কিম্বা
এ,,চি কক্ষৰ সোণগুঁইৰ স্বপ্নৰ বিলাসী সজ্জা
সম্প্ৰতি সময় হাতে হাত ধৰাৰ
লোৱা কাঁচি আৰু হাতুৰী দূপৰ বেলা
নাশিবলে' 
ফোপোলা মানুহৰ ট ট কাউৰীৰ চকু

এতিয়া সময় লুইতত মেলি দিয়া দুহাত
প্ৰসাৰিত কৰি শুকুলা ৰহন পালতৰা এখনি নাওঁ
প্ৰতীক্ষাৰ অন্তত দগ্ধ হিয়াৰ সীমনাত
উপনীত হ'বলে' এটা হিৰণ্ময় পুৱাত ।।


প্ৰকাশিত : ন-দিহিং 
মে-ডাম-মে-ফি উপলক্ষে বাৰ্ষিকভাৱে প্ৰকাশিত 'স্মৃতি গ্ৰন্থ' । তৃতীয় প্ৰকাশ : ২০০৯ চন।


💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖


আঘোণৰ দুখ 


এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই
যি দিনত কৃষকে আজুৰি আনিছিল শিকিয়া ভৰাই
মেটমেটীয়া সুৱাগমণি পথাৰৰ বকিয়াইদি ;
ভঁৰাল ভৰে মুঠি মুঠি সোণগুটি
পিতাইৰ সপোন উপচাই ।

এতিয়া পথাৰে কান্দে 
কৃষক ভাইৰ উশাহত হুমনিয়াহ সৰে !

পানীৰ অভাৱত ছন পৰে পথাৰৰ বাকৰি
হাতীৰ উপদ্ৰৱত উছন হয়
পিতাইৰ সোণসেৰীয়া সপোনৰ টঙী

ৰজনী ভেদি মানুহৰ গগণ ফলা চিঞঁৰ
এজাক বৰষুণত এককাল দ 
পানীবোৰ কেতিয়াবা ঢল ঢল কৈ আহে
আৰু ঢাঁহি-মোহি নিয়ে কপালৰ কেঁচা ঘাম 
বালিময় হয় পথাৰৰ চোতাল ।

এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই 
পূৰঠ থোকৰ ভৰত কৃষকক বিলাই দিছিল
নিজস্বতা লখিমী ভৰি পখালি
ভঁৰালৰ ভিতৰখন ভৰিছিল
দিনবোৰ গাভৰু হৈছিল কৃষকৰ ।

এতিয়া পথাৰে কান্দে
নিস্তেজ নিষ্প্ৰভ অৱয়ব
নিজস্বতা হেৰুৱাৰ সহস্ৰ বেদনা ।
দিনবোৰ এনেকৈয়ে যাত্ৰা কৰিব ....
কৃষকৰ কলিজা ভেদি ..।

ফেচবুকৰ ' অনুকাশ' কবিতা গোট আৰু 'অসমীয়া কবিতা চৰ্চা' গোটত প্ৰকাশিত। 


💞💞💞💞💞💞💞💞💞💞💞💞💞💞💕



মই মৰিলে কেনিনো হানি হ'ব ?


মই মৰিলে কেনিনো হানি হ'ব ?
দিন গ'লে ৰাতি আহিব
মাহ বাগৰি বছৰ আহিব 
জোন বেলি ওলায়ে থাকিব নিতৌ
মলয়া ব'ব মানুহৰ চৌপাশ !

গছে সলাব পাত প্ৰাণীয়ে সলাব মোট
মই মৰিলে কেনিনো হানি হ'ব ।
আকাশে ডাৱৰ বৈ নিব ইপাৰৰ পৰা সিপাৰলৈ
বৰষুণে টুপ টুপকৈ নামিব ধৰাৰ বুকলৈ 
ধৰণী গছ লতিকাৰে সেউজীয়া কৰি ;

মই মৰিলে কেনিনো হানি হ'ব ? 
নিতৌ ঘড়ীটোয়ে ঘূৰিব নিজৰ পথত
টিউচন মাস্তৰৰ সময়ৰ টিকনি
ওলমি থাকিব ভৰিৰ খোজত
সময়বোৰে হাঁহিব , কান্দিব আৰু বোৱতী নৈৰ দৰে আগুৱাই যাব নিৰৱধি 
মই মৰিলে কেনিনো হানি হ'ব ?

বিশ্ব ব্ৰহ্মাণ্ডৰ মই এটি ক্ষুদ্ৰ অনু 
বুকুত জুইলগা দুখবোৰ খামোচি
চলাথ কৰোঁ পোহৰৰ বাট
নিতৌ পাঠ কৰোঁ জীৱন গীতা
জ্বলি ৰ'ব পুণ্যৰ জীৱন শলিতা ।


💫💫💫💫💫✨✨💖✨✨💫💫💫💫💫


মহৎলোকৰ সাৰুৱা উক্তি :: 💞

১/ " শিক্ষাৰ ঘাই শিপাডাল বৰ তিতা,
       কিন্তু ইয়াৰ ফল বৰ মিঠা। "-  এৰিষ্ট'টল ।
২/ ভূল জনাতকৈ নজনাই ভাল । - শ্বেক্সপীয়েৰ।

৩/ নেতাৰ ভুলত দেশ ধ্বংস হয় । - ইন্দিৰা গান্ধী।

৪/ নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়। - ৰবীন্দ্ৰনাথ ঠাকুৰ।

৫/ কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে ৷ - বেইলী।

৬/ উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয় ৷ - মেথিউ।

৭/  শিক্ষা হৈছে সঞ্জীৱনী অমৃত । - জাকিৰ হুচেইন।

৮/  মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে । - বুদ্ধদেৱ।

৯/ পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা । - যীশুখৃীষ্ট।

১০/ "নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়"-ৰবীন্দ্ৰনাথ ঠাকুৰ।
১১/ "শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে" -হজৰত মহম্মদ ।
১২/  "শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব" -- সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ ।
৪. "বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ" - ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।


💓💓💓💓💓💓💓💓💕💕💕💕💕💕💕💥💥💥💥💥💥💥💥💥💥💥💥💥💥💥


ব্লগৰ লেখা সমূহ পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক
--- দুদুল সোণোৱাল। 


💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞





No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts