Wednesday, November 10, 2021

পুষ্টিহীনতাত ভোগা শিশুৰ শিক্ষাৰ সীমাবদ্ধতা

পুষ্টিহীনতাত ভোগা শিশুৰ শিক্ষাৰ সীমাবদ্ধতা: ভাৰতত পুষ্টিহীনতাত ভোগা শিশুৰ শেহতীয়া হিচাপমতে  ৩৩ লাখৰো অধিক, কেৱল অসমতেই ১.৭৬ লাখ শিশু পুষ্টিহীনতাত ভোগিছে। 

শেহতীয়া তথ্যত উল্লেখ কৰা অনুসৰি ভাৰতৰ চুকে কোণে  বাস কৰা শিশুৰ ভিতৰত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। উন্নয়নশীল ৰাষ্ট্ৰ ভাৰতত পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা বৃদ্ধি হোৱাটো অৱশ্যে স্বাভাৱিক বুলি গণ্য কৰা হয়। ভাৰত ৰাষ্ট্ৰত সাধাৰণতে তিনি ধৰণৰ মানুহে বাস কৰা পৰিলক্ষিত হয়। প্ৰথম স্তৰত বাস কৰা লোকসকল কোটিপতি অৰ্থাৎ ঢনৱন্ত পৰিয়ালৰ মানুহ  , দ্বিতীয় স্তৰৰ মানুহবিলাকক মধ্যবিত্ত পৰিয়ালৰ মানুহ আৰু তৃতীয় স্তৰত বাস কৰা মানুহবিলাকক দৰিদ্ৰ মানুহ হিচাপে  ভাগ কৰিব পাৰি। বিশেষকৈ এই তৃতীয় স্তৰত বাস কৰা লোকসকল অৰ্থনৈতিক দিশত একেবাৰে অনগ্ৰসৰ হৈ আছে। বৰ্তমান মহামাৰীৰ কৱলত পৰি পূৰ্বৰ তুলনাত বেছি দৰিদ্ৰতাৰ দিশলৈ গতি কৰিছে। যাৰ বাবে সিহঁতৰ ল'ৰা ছোৱালী পুষ্টিহীনতা ৰোগত আক্ৰান্ত হ'ব লগা হৈছে। এইক্ষেত্ৰত দেখা যায় যে ভাৰত চৰকাৰে বহু আঁচনি গ্ৰহণ কৰি শিশুৰ পুষ্টিহীনতা ৰোগ হ্ৰাস ঘটাবলৈ প্ৰচেষ্টা কৰিছে। অসম চৰকাৰেও অসমৰ শিশুৰ পুষ্টিহীনতাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি আঁচনি গ্ৰহণ কৰিছে। তথাপিও শিশুৰ পুষ্টিহীনতাৰ বিষয়টো মুষিমূৰ হোৱা নাই। আনহাতে, যিমানেই চৰকাৰৰ শিশুৰ বিকাশৰ সাপেক্ষে আঁচনি বাঢ়িছে, সিমানেই যেন  পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। প্ৰাথমিক, উচচ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বা শিশুৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মধ্যাহ্ন ভোজন দিছে, বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হৈছে। এনেবোৰ উন্নত আঁচনি গ্ৰহণেও যেন বিষয়টোৰ সমাধান সমাপ্ত হোৱা নাই। 

    

    দৈনিক জনমভূমিৰ এটা উক্তিত উল্লেখ কৰা হৈছে যে ভাৰতত বৰ্তমান সময়ত ৩৩ লাখৰো অধিক শিশু পুষ্টিহীনতাত ভোগিছে । ইয়াৰে প্ৰায় আধাতকৈ বেছি সংখ্যক শিশু অতি পুষ্টিহীন শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ পুষ্টিহীনতাত ভোগা শিশু থকা ৰাজ্যসমূহৰ তালিকাত শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ, বিহাৰ আৰু গুজৰাট । অসমৰ বিভিন্ন প্ৰান্তত মুঠ পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হৈছে ১.৭৬ লাখৰোধিক। ২০২১ চনৰ ১৪ অক্টোবৰ পৰ্যন্ত ভাৰতত পুষ্টিহীন বা গুৰুতৰভাৱে পুষ্টিহীন শিশুৰ সংখ্যা হৈছে ১৭,৭৬,৯০২ (১৭.৭৬ লাখ) আৰু মধ্যমীয়াভাৱে পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হৈছে ১৫,৪৬,৪২০ ( ১৫.৪৬ লাখ) । ভাৰতৰ ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বাস কৰা মুঠ পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হৈছে ৩৩,২৩,৩২২ (৩৩.২৩ লাখ) ।

   

    এই বৃহৎ পৰিসংখ্যা নিশ্চয় সাধাৰণ নহয় । নৱ প্ৰজন্মৰ বিকাশৰ দিশত ই হেঙাৰ হিচাপে থিয় দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। সমাজৰ একাংশ লোক ধনীৰ পৰা ধনীলৈ পৰিবৰ্তন হৈ গৈ আছে কিন্তু আন এচাম লোক নিজৰ দৈনিক খাদ্য সংগ্ৰহ কৰোঁতেই সময় অতিবাহিত হৈছে। আনকি খেতি বাতিৰ ক্ষেত্ৰতো আগনবঢ়াৰ বাবে এই চাম লোক সদায় দৰিদ্ৰ হৈয়ে আছে। চৰকাৰী আঁচনিও এনে লোকক সঠিকভাৱে ঢুকি পোৱা নাই। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি মহামাৰীৰে দেশৰ অৰ্থনীতিৰ ব্যৱস্থাত কুঠাৰাঘাত কৰিলে যাৰ ফলত দৰিদ্ৰতাৰ সীমাৰেখা তলৰ মানুহৰ ওপৰত ই পোনপটীয়া প্ৰভাৱ পৰিল। এই মহামাৰীৰ কু-প্ৰভাৱৰ ফলতেই যে শিশুৰ পুষ্টিহীনতাৰ ৰোগ বাঢ়িব ধৰিছে সেয়া নকলেওঁ সকলোৰে বিদিত। 


      দৰিদ্ৰতাৰ বাবে পুষ্টিহীনতা ৰোগৰ জন্ম। সমাজত দৰিদ্ৰতাৰ সংখ্যা হ্ৰাস পালেই পুষ্টিহীন দূৰ হ'ব। পুষ্টিহীনতা  শিশুৰ মানসিক, শাৰীৰিক আৰু শৈক্ষিক উন্নতিৰ ক্ষেত্ৰত প্ৰতিবন্ধক ।  প্ৰতিজন নাগৰিকে বা অভিভাৱকে নিজৰ সন্তানৰ প্ৰতি সজাগ আৰু সচেতন হ'লেহে এই ৰোগ হ্ৰাস পাব। 


     চৰকাৰৰ মধ্যাহ্ন ভোজন আঁচনিয়ে পুষ্টিহীনতা নিৰাময়কৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও সম্পূৰ্ণ ৰূপে সফল হ'ব পৰা নাই । বহু দৰিদ্ৰ ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। এনে শিশুৰ বাবে নিশ্চয় এই আচঁনি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।  পুষ্টিহীনতা দূৰীকৰণত মধ্যাহ্ন ভোজনৰ  প্ৰভাৱ ফলপ্ৰসু হৈছে। কিন্তু এয়াই সিহঁতৰ বাবে যথেষ্ট নহয়।


   মহামাৰীৰ প্ৰকোপৰ ফলত দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী ওপৰত বেছি কু-প্ৰভাৱ পৰিছে যাৰ বাবে পুষ্টিহীন শিশুৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ নগৰৰ বস্তি অঞ্চল আৰু গ্ৰাম্য অঞ্চলৰ কিছু সংখ্যক লোক সুষম আহাৰৰ পৰা বঞ্চিত হৈছে। যাৰ ফলশ্ৰুতিত পুষ্টিহীন শিশুৰ বৃদ্ধি ঘটিছে।  প্ৰায় দুবছৰ কাল কোনো কাম বন কৰিবলৈ নোপোৱাৰ কাৰণে শ্ৰমিকসকল  আৰ্থিক দিশত  শোচনীয অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে শিশুৰ সুষম আহাৰ যোগান ধৰাত অভিভাৱকসকল অসমৰ্থ হ'ল। যাৰ বাবে আজি আমি এনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। এনে সমস্যা আঁতৰাবলৈ আমাক আৰু বহুদিন সময় প্ৰয়োজন হ'ব। 


সামৰণি

সকলোৱে কভিড বিধি মানি কভিডৰ বিৰুদ্ধে যুঁজ দিলেহে আকৌ এনে সংকটকাল ঘূৰি নাহিব। যদি কেনেবাকৈ তৃতীয় ঢৌৱে আক্ৰমণ কৰিবলৈ হয় তেন্তে আমি আকৌ বহু মূল্যৱান সময় হেৰুৱাব লাগিব।  সেয়ে আমি সকলোৱে ভেকচিন লৈ মহামাৰীৰ দূৰ কৰাৰ প্ৰয়াসত সহযোগ কৰিব লাগে। আহক সকলোৱে কভিড বিধি মানি চলো আৰু সমাজৰ কভিড শেষ হোৱাত সহযোগ কৰো আৰু অসম তথা ভাৰতত সমুলঞ্চে শিশুৰ পুষ্টিহীন দূৰ কৰাত সহায়ৰ হাত আগবঢ়াও । 




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।





No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts