সমাজ গঠণত নামঘৰৰ প্ৰভাৱ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসঙ্গিকতা : চমু অৱলোকণ।
সমাজ গঠণত নামঘৰৰ প্ৰভাৱ আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসঙ্গিকতা : চমু অৱলোকণ।
নামঘৰৰ সম্পৰ্কে নিশ্চয় নজনা মানুহ নাই। গুৰুজনাৰ সম্পৰ্কেও নজনা লোক নাই। গুৰুজনাৰ জীৱনকালত আগবঢ়োৱা বৃহৎ অৱদানৰ অন্যতম হৈছে নামঘৰ। সমাজৰ ধনী-দুখীয়া সকলোকে একত্ৰিত কৰি একতাৰ এনাজৰীৰে বান্ধি ৰখা অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈছে নামঘৰ।
সমাজৰ লোকৰ মাজত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্য আগত ৰাখি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সমাজত আজিৰ পৰা শ শ বছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰিছিল নামঘৰ। নগাঁৱৰ বৰদোৱাত (বটদ্ৰৱা) প্ৰথমে নামঘৰ সাজিছিল বুলি জনা যায়। নাম-প্ৰসঙ্গ, গায়ন-বায়ন, ভাওনা,সবাহ, কীৰ্তন পাঠ, হৰিনাম আদি অনুষ্ঠিত কৰাৰ জৰিয়তে সমাজৰ মানুহৰ মাজত জাগ্ৰত কৰিছিল একতাৰ মনোভাৱ । নিজৰ কৃষ্টিৰ প্ৰতি আসক্তি বঢ়াই তোলাৰ লগতে সজাগ আৰু সচেতন হ'বলৈ ই মানুহক অনুপ্ৰাণিত কৰিছিল। সেই নামঘৰ আজি আমাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈ পৰিছে। যি গাওঁত নামঘৰ নাই সেই গাওঁৰ কৃষ্টি সংস্কৃতি নাই। সেই গাওঁৰ মানুহৰ মাজত একতাৰ মনোভাৱ জাগ্ৰত হ'বই নোৱাৰে ।
এয়া ধ্ৰুৱসত্য যে সময় পৰিবৰ্তন হোৱাৰ লগে লগে যিকোনো ব্যৱস্থাপনাৰ নীতি নিয়ম সলনি হয়, একেদৰে নামঘৰৰ ক্ষেত্ৰতো নিশ্চয় কিছু হ'লেও পৰিবৰ্তন হৈছে । এয়া অৱশ্যে স্বাভাৱিক কথা। সময় পৰিবৰ্তনশীল। পৰিবৰ্তনশীল সময়ৰ লগত আমি খাপ খুৱাই চলাটো হে আচল কথা। পূৰ্বৰ দিনত নামঘৰ বাঁহ বেতৰে নিৰ্মিত আছিল কিন্তু আজি আধুনিক যুগৰ চমকপ্ৰদ আৱিষ্কাৰৰ বা লাগি পকীকৰণ হ'ল। ৰং ,সাজ সজ্জাৰ প্ৰয়োভৰে জাকত জিলিকা কৰি তোলিলে। গুৰুজনাৰ ৰচনা ৰাজি , নামধৰ্ম জীয়াই ৰাখিবলৈ সৃষ্টি কৰা হৈছে শংকৰী সংঘৰ দৰে বিৰাট অনুষ্ঠান। এয়া নিশ্চয় সময়ৰ আহ্বান। ই যি কি নহওঁক, আমি ভৱিষ্যতৰ দিনবিলাকত মহাপুৰুষ শংকৰদেৱৰ অৱদান অক্ষত অৱস্থাত ৰাখিব পাৰিব লাগিব তেতিয়াহে আমি আমাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম।
নামঘৰ ধৰ্ম চৰ্চাৰ স্হল।নাম কীৰ্তন কৰাৰ স্হল। ইয়াত কোনো বেয়া আলোচনা যেনে কুৎসা ৰটনা, পৰনিন্দা,পৰচৰ্চা আদিৰ দৰে সমাজৰ প্ৰতিবন্ধক বিলাকৰ সম্পৰ্কে আলোচনা কৰা অনুচিত। নিচাজাতীয় দ্ৰব্য সেৱন কৰি নামঘৰত প্ৰৱেশ কৰিব নালাগে। তেনেকৰিলে গুৰুজনাই এৰি যোৱা আসনখনক আৰু হৰিনাৰায়নক অপমান কৰা সদৃশ হয় বুলি বিশ্বাস কৰা হয়। হৰিনামেই হাৰ। শুদ্ধ মন আৰু চিত্তৰ সহায়ত হৰিক পাব পাৰি আৰু উপলব্ধি কৰিব পাৰি বুলি ভবা হয়। নিচাগ্ৰস্ত মন আৰু অশুচি দেহাৰে হৰিক উপাসনা কৰিলে সিদ্ধি লাভ নহয়। কেৱল নামঘৰ বুলিয়েই নহয় সকলো মঠ মন্দিৰতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি আৰু অশুচি দেহাৰে প্ৰৱেশ কৰা অনুচিত। অৱশ্যে নামঘৰত বিভিন্ন সামাজিক বিষয়-দোষী-নিৰ্দ্দোষী বিচাৰ, ধৰ্ম্মীয় অনুশাসন আলোচনাও নামঘৰত কৰা হয়। নামঘৰৰ আন এক বিশেষত্ব হৈছে ভাওনা,গীত, নৃত্য আদিৰ প্ৰদৰ্শন। মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত আৰু অন্যান্য নাট্যকাৰৰ দ্বাৰা ৰচিত ভক্তিমূলক নাটসমূহ নামঘৰত প্ৰদৰ্শন কৰা হয়। সেয়েহে নামঘৰক সকলোৱে বৈকুণ্ঠ জ্ঞান কৰে। নামঘৰত ভকতসকল বহিবৰ বাবে বাঁহৰ ঢাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মাণ কৰা কঠ বা গোগুলেৰে বৈ উলিওৱা কঠ ব্যৱহাৰ কৰা হয়। অৱশ্যে আজিকালি পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই প্লাষ্টিকৰ পাটিহে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়।
সি যি কি নহওঁক, সাম্প্ৰতিক সময়ত এই নামঘৰৰ প্ৰাসঙ্গিকতা আহি পৰিছে অসমীয়াৰ সমন্বয়তাৰ পুনৰুৰ্জীৱিতকৰণৰ ক্ষেত্ৰত। কেতিয়াবা এনে ভাৱো মনলৈ আহে যে ব্যস্ততা আৰু সময়ৰ নাটনিৰ মিছা অজুহাত দেখুৱাই আমি নামঘৰৰ পৰা যেন কিছু পৰিমাণে দূৰৈত অৱস্থান কৰিছোঁ। গুৰুজনাই দি যোৱা ৰীতি-নীতি বিসৰ্জন দিছোঁ । মোবাইল ফোন আৰু কম্পিউটাৰ উভৈনদী হোৱা এই যান্ত্ৰিক যুগত যেন শ্ৰীমন্ত শংকৰদেৱৰ অৱদান কলা কৃষ্টিৰ ৰক্ষাৰ্থে আমি যেন অনুভৱ কৰা নাই। নহ'লেনো নামঘৰত আয়োজিত বিভিন্ন অনুষ্ঠানত মানুহৰ উপস্থিতি সেৰেঙা হয় নে ? বিশেষকৈ আমি চাকৰিয়াল সকল এইক্ষেত্ৰত পিছ সুঁহুকি আহিছোঁ নেকি ?
নামঘৰ কেৱল মাত্ৰ ধৰ্ম প্ৰচাৰৰ থলীয়েই নহয়, ই হৈছে শোষণহীন, দুৰ্নীতি হীন, বৰ্ণ-বৈষম্যহীন , ভেদাভেদহীন এক বৃহৎ সামাজিক অনুষ্ঠান । সমাজ গঠণত নামঘৰৰ প্ৰভাৱ মন কৰিবলগীয়া । সমাজৰ পুৰুষ, মহিলা, ধনী দুখীয়া সকলোকে একগোট কৰি সমন্বয়ৰ এনাজৰী ডাল কটকটীয়া কৰাত নামঘৰে অতীজৰে পৰা প্ৰভাৱ পেলায় আহিছে। চহৰ ,নগৰ , গাঁৱ, বা অসমৰ যিকোনো অঞ্চলত নামঘৰ বনাই হৰি কীৰ্তন কৰা দেখা যায়। এইদৰে বিচাৰ কৰি চালে দেখা যায় ১৫/১৬ শতিকাতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰি যোৱা বৈষ্ণৱ আন্দোলনৰ ফল স্বৰূপে সৃষ্টি হোৱা নামঘৰ বোৰে প্ৰায় পাঁচশ পঞ্চাশ বছৰৰো অধিক কাল ধৰি অসমীয়া ৰাইজৰ মাজত একতা ৰক্ষা,সামাজিক সমতা ৰক্ষা,ন্যায় বিচাৰ কৰি অহাৰ উপৰিও আমাৰ মানুহৰ পৰস্পৰে পৰস্পৰৰ দুখ-সুখৰ সমভাগী হৈ কাম কৰা আৰু সহ অৱস্থানৰ নীতি শিক্ষা দি আহিছে। ধৰ্মীয় চৰ্চাৰ উপৰিও সামাজিক সমস্যা সমাধান,শিল্প-কলা চৰ্চা নৃত্য-গীত সাহিত্য চৰ্চাৰ বাবে অফুৰন্ত প্ৰেৰণা আৰু সহনশীলতা,উদাৰতা,নম্ৰতা,ভাতৃত্ববোধ,মাৰ্জিত আচাৰ-ব্যৱহাৰ,কথা-বাৰ্তা আদি সজ গুণবোৰ নামঘৰৰ জৰিয়তে অসমীয়া সমাজে লাভ কৰি আহিছে। সেয়ে ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা দেৱে নামঘৰক অসমৰ জাতীয় নাট্যশালা আৰু জাতীয় কলা-সংস্কৃতিৰ যাদুঘৰ বুলি অভিহিত কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এই মহান অৱদান আমি উত্তৰপুৰুষৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। নতুন প্ৰজন্মই যাতে এই অনুষ্ঠান আগলৈকে কোনো হৰণ ভগন নোহোৱাকৈ ৰাখিবলৈ সক্ষম হয় তাৰ বাবে অগ্ৰজসকলে পথ দেখুৱাৰ সময় সমাগত।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক- দুদুল সোণোৱাল।
********************************************
Very good writing
ReplyDeleteধন্যবাদ জনালো
Delete