Friday, October 8, 2021

মোৰ জীৱনৰ লক্ষ্য আৰু শিক্ষকতা। Goals and teaching of my life.

মোৰ জীৱনৰ লক্ষ্য আৰু শিক্ষকতা :

মোৰ জীৱনৰ লক্ষ্য :

কথিত আছে যে ' লক্ষ্যহীন জীৱন ব'ঠাহীন নাওঁৰ সদৃশ' । যি মানুহৰ জীৱনত কোনো লক্ষ্য নাথাকে সেই মানুহে কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰে। লক্ষ্যই মানুহৰ জীৱন সুশৃংখলিত কৰে। জীৱনৰ জীৱিকা নিৰ্দ্ধাৰণে ব্যক্তিজনক জীয়াই থকাৰ পথ দেখুৱায়। উপাৰ্জনৰ পথ দেখুৱায়। সেয়ে ক'ব পাৰি লক্ষ্য হৈছে জীৱিকা অৰ্জনৰ আদিপাঠ। 

    লক্ষ্য সৰুতেই সঠিক হোৱা প্ৰয়োজন। মাধ্যমিক পৰ্যায়ৰ শিক্ষা অৰ্জনৰ সময়ত নিজৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা প্ৰয়োজন। লক্ষ্য বাচি ল'লে অধ্যয়নৰ থানথিত লাগে। মগজুত এটা নিৰ্দিষ্ট কাৰকে ক্ৰিয়া কৰাৰ ফলত বিষয়বস্তুৰ জ্ঞান আহৰণ কৰিবলৈ মন উদ্বাউল হৈ থাকে যাৰ ফলত অধ্যয়ন সক্ৰিয়ভাৱে আগবাঢ়ে। জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। অনলাইনত নিৰ্দিষ্ট লক্ষ্যৰ সম্পৰ্কে কিছু আভাস ল'ব পাৰি। 
    মোৰ জীৱনৰ লক্ষ্য যি আছিল সেয়া সম্ভৱপৰ হৈ নুঠিল। নৱম শ্ৰেণীত ভৰি দিয়া লগে লগে মই মনতে ভাবিছিলো যে ভৱিষ্যতে এজন মহাবিদ্যালয়ৰ প্ৰবক্তা হ'ম। কিন্তু মই প্ৰবক্তাৰ সম্পৰ্কে প্ৰায় অজ্ঞ আছিলোঁ। এজন প্ৰবক্তাৰ বাবে প্ৰকৃততে কি কি যোগ্যতাৰ মাপকাঠিৰ প্ৰয়োজন হয় ?  কিমান বয়সত এনে পদৰ বাবে উপযুক্ত হিচাপে বিবেচিত হয় ? এই পদৰ বাবে আবেদন কৰাৰ পদ্ধতি বা নিয়ম কেনেধৰণৰ ? ইত্যাদি কথাবোৰ ভালদৰে নজনাকৈয়ে মই প্ৰবক্তা হোৱাৰ ৰঙীন স্বপ্ন দেখিছিলো। পিছলৈ যি এক অলীক কল্পনা লৈ পৰিণত হৈছিল। ইয়াৰ মূলতে হ'ল লক্ষ্যৰ প্ৰতি অজ্ঞতা আৰু অধ্যয়ন হ্ৰাস হৈ অহা। তদুপৰি জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিবলৈ যাওঁতে আৰ্থিক অৱস্থাৰ সম্পৰ্কেও ভবাৰ প্ৰয়োজন আছে। ঘৰুৱা আৰ্থিক অৱস্থা শোচনীয় হ'লে সেইমতে সেই অৱস্থাৰ সৈতে মিলিব পৰাকৈ লক্ষ্য নিৰ্দ্ধাৰণ কৰিব লাগে। মোৰ এই ক্ষেত্ৰত কোনোটোৱেই সুবিধাজনক নাছিল যাৰ বাবে লক্ষ্যত উপনীত হ'ব নোৱাৰিলোঁ। 
    অভাৱ অনাটন আছে বুলিয়েই লক্ষ্য নিৰ্দ্ধাৰণ নকৰিব নেকি ? ইয়াৰ উত্তৰ নঞৰ্থক। অৰ্থাৎ যিমানেই অভাৱ অনাটন নাথাকক কিয়, নিজ লক্ষ্য সদায় ডাঙৰ আৰু মনে বিচৰা বিধৰ হ'ব লাগে।  
    মোৰ দ্বিতীয় লক্ষ্য আছিল এজন ইঞ্জিনিয়াৰ।  কিছুমান মানুহৰ মুখেৰে শুনিবলৈ পাইছিলো যে ইঞ্জিনিয়াৰ হ'বলৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগে নতুবা স্নাতক ডিগ্ৰী অৰ্জন কৰিব লাগে। সেয়ে মই উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰাইছিলো । কিন্তু মোৰেই দুৰ্ভাগ্য যে সময়ত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। যাৰ ফলত মোৰ দ্বিতীয় লক্ষ্যও ভ্ৰষ্ট হ'ল । আৰ্থিক দৈন্যতাও মোৰ লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ মূল কাৰণ আছিল। 
   গতিকে মোৰ জীৱনত ঘটা এই দুটা পৰিঘটনাৰ পৰা বুজিব পাৰি যে লক্ষ্য নিৰ্দ্ধাৰণত আৰ্থিক অৱস্থায়ো বাৰুকৈয়ে প্ৰভাৱ পেলায়। সেয়ে লক্ষ্য আৰু আৰ্থিক অৱস্থাৰ মাজত সামঞ্জস্য আৰু সুষমতা বজায় ৰাখিব পাৰিলে ভাল । 
    জীৱনত নিৰ্দ্ধাৰণ কৰি লোৱা দুয়োটা লক্ষ্যই অপূৰ্ণ আৰু বিফল হোৱাৰ পাছত পুনৰাই কলা শাখাত নামভৰ্তি কৰাইছিলো আৰু শিক্ষকতা কৰাৰ হাবিয়াস পুহি ৰাখিছিলো । চকুৰ আগত দেখি থকা শিক্ষাগুৰুসকল আৰু মোক শিক্ষা দিয়া শিক্ষাগুৰু সকলৰ শিক্ষাৰ শিক্ষাগত অৰ্হতা লক্ষ্য কৰি ভাবিছিলো যে প্ৰাথমিক শিক্ষক হ'বলৈ বৰ বেছি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। সেই মানসিকতা জন্ম হোৱাৰ পাছত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'বৰ মানসেৰে কিছু কঠোৰ ভাৱে অধ্যয়ন কৰিছিলোঁ আৰু ইয়ে মোৰ জীৱনৰ গতি পৰিবৰ্তনৰ দিশত আগবঢ়াই লৈ গৈছিল।  আৰু মনে বিচৰা শিক্ষকৰ দৰে মহান পদত অধিষ্ঠিত হ'ব সক্ষম হৈছিলো।
        শিক্ষকতা এক গুৰুত্বপূৰ্ণ তথা পবিত্ৰ বৃত্তি হিচাপে পৰিগণিত। নিজে বহু ত্যাগ স্বীকাৰ কৰি আনৰ জীৱন গঢ় দিয়া কাৰ্য নিশ্চয় এক সহজ কাম নহয়। সময় আৰু শৃংখলা শিক্ষকৰ মূল চাবি। নিজে শৃংখলিত হৈ আনক শৃংখলা আৰু মূল্যবোধৰ জ্ঞান প্ৰদান কৰিব পৰা যায়। তদুপৰি শিক্ষক হ'ব লাগিব নিৰপেক্ষ, সুচৰিত্ৰ আৰু সুচিন্তকৰ আধাৰ। এজন শিক্ষক দৰাচলতে - চাতুৰ্য্যতা, বাগ্মিতা, হাস্যৰসিক, নিয়মানুৱৰ্তী , দূৰদৰ্শীতা আদি মহৎ গুণৰ অধিকাৰী হোৱাটো একান্তই বাঞ্ছনীয় । কথা আৰু কামৰ মাজত কোনো পাৰ্থক্য নাৰাখি দক্ষতাৰে নিজৰ কৰ্তব্য পালন কৰাটো শিক্ষকৰ স্হায়ী ধৰ্ম। 
     জীৱনৰ কেকুঁৰি পথত বহু শিক্ষক লগ পালোঁ আৰু ভৱিষ্যতৰ সময়ছোৱাতো হয়তো বহু শিক্ষক লগ পাম। বহু অভিজ্ঞ আৰু নীতি আদৰ্শৰে তেওঁলোক সংপৃক্ত আছিল। পূৰ্বৰ সময়ত শিক্ষিতৰ হাৰ কম আছিল বাবেই হয়তো শিক্ষকৰ শিক্ষাৰ প্ৰয়োজনীয়তা কিছু কম আছিল। সময় আগবঢ়াৰ লগে লগে শিক্ষিতৰ হাৰ বৃদ্ধি পালে আৰু সেয়ে শিক্ষকৰ যোগ্যতাৰ মাপকাঠিও বাঢ়ি গ'ল।  তথাপিও পূৰ্বতে শিক্ষকৰ  প্ৰতি মানুহৰ সন্মান, ভক্তি আৰু শ্ৰদ্ধাৰ পৰিমাণ বেছি আছিল। কিন্তু বৰ্তমান সময়ত শিক্ষকৰ প্ৰতি মানুহৰ মনোভাব বহু পৰিবৰ্তন হোৱা পৰিলক্ষিত হয়। ইয়াৰ কাৰণ কি ? প্ৰৱন্ধটোত উল্লেখ নকৰিলেও আপোনালোকক কোৱাৰ প্ৰয়োজন নিশ্চয় নাই। যোৱা কেইটামান দিনৰ আগতে জাল প্ৰমাণ পত্ৰৰে শিক্ষক হ'বলৈ ওলাইছিল বহুজন, বিভিন্ন সময়ত ৰাজনীতিৰ মেৰপেচত সোমাই ধনৰ হৰণলুকী,  প্ৰধান শিক্ষক- শিক্ষয়িত্ৰীৰ মধ্যাহ্ন ভোজনৰ ধন হৰণলুকী, বিদ্যালয় গৃহৰ বাবে অহা অনুদানৰ অপব্যৱহাৰ আদি ধৰণৰ কু-কাৰ্যৰ ফলত শিক্ষকতাৰ পবিত্ৰতা কিছু ম্লান হৈছে বুলি ঠাৱৰ কৰিব পাৰি। এটা কথা সত্য যে শিক্ষক সদায় শিক্ষকেই। গতিকে সদায় শিক্ষকক শিক্ষকৰ দৃষ্টিৰে চোৱাটো বাঞ্ছনীয়।যি কি নহওঁক শিক্ষকৰ সন্মান শিক্ষকেই বজাই ৰাখিব লাগিব নিজৰ কৰ্তব্য আৰু কামৰ জৰিয়তে। 
    সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰীয়ে শিক্ষক হোৱাৰ স্বপ্ন দেখিলে শিক্ষকৰ মহৎ গুণসমূহ আয়ত্ব কৰিবলৈ প্ৰয়াস কৰিব লাগিব।
 (আগলৈ)


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অজানিতে কিবা ভুল ভ্ৰান্তি হ'লে আঙুলিয়াই দিব যাতে পুনৰাই শোধৰণি কৰিব পাৰোঁ। ব্লগত মন্তব্য এটা আগবঢ়াব । - দুদুল সোণোৱাল।
   

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts