আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Sunday, May 30, 2021
জ্যোতিষ শাস্ত্ৰৰ কথা, বিশ্বাস কৰেনে ?
Thursday, May 27, 2021
বিজয়িনীৰ_বিজয়_গাঁথা
# বিজয়িনীৰ_বিজয়_গাঁথা :
লেখিকা অদিতি বেজবৰুৱাই কিতাপখনত বৰ সাৱলীলভাৱে চৌত্ৰিশগৰাকী মহিলা বিজ্ঞানীৰ তেজ-মঙহৰ গাথা উপস্থাপন কৰিবলৈ সক্ষম হৈছে।বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰা আমি কেইজনে কামৰূপৰ বজালী অঞ্চলৰ দৈ শিঙৰী গাঁৱৰ ৰাতিৰাম গাওঁবুঢ়াৰ নুমলীয়া কন্যা ৰজনীপ্ৰভা দাসক চিনি পাওঁ। ৰজনীপ্ৰভা দাস অসমৰ প্ৰথম অসমীয়া চিকিৎসক, তেওঁৰ জীৱন গাথা এবাৰলৈ পঢ়ি চাবচেন। পিতৃৰ আৰ্থিক অসমৰ্থতাই ৰজনীপ্ৰভা দাসক খ্ৰীষ্টান ধৰ্মত দীক্ষা ল’বলৈ বাধ্য কৰোৱাৰ সেই কৰুণ গাথা বাৰু আমি অসমীয়া হিচাপে জনাৰ অধিকাৰ নাইনে?এই ৰজনীপ্ৰভা দাসৰ বায়েকৰ নাম অসমৰ নাৰী সমাজত শিক্ষাৰ পোহৰ বিলাই নাৰীৰ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰোৱাত অহোপুৰোষাৰ্থ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানী। এই লেখাৰ জৰিয়তে তথ্য সমৃদ্ধ এখন কিতাপ নৱপ্ৰজন্মক উপহাৰ দিয়াৰ বাবে মই লেখিকা অদিতি বেজবৰুৱাক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। কলমৰ চিঞাহী শেষ নহবই যেন বিজয়িনীৰ বিজয় গাথা লিখি। হ’লেও ৰাখিব লাগিব। মই লিখিব নোৱাৰাখিনি আপোনালোকে পঢ়ি পূৰ্ণতা প্ৰদান কৰিব বুলি আশা কৰিলোঁ।
লেখক:: ৰিপুঞ্জয় বৰদলৈ,
Wednesday, May 26, 2021
ভগ্নাংশ আৰু দশমিক Fraction And Decimal (২য় খণ্ড)
ভগ্নাংশ আৰু দশমিক (Fraction And Decimal)
....গতিকে ভগ্নাংশ এটাত হৰ 10, 100, 1000, 10000,100000,1000000, 10000000 আদি হ'লে তাক দশমিক ভগ্নাংশলৈ পৰিবৰ্তন কৰিব পাৰি।হৰটোৰ লগত যিমানটা শূণ্য থাকিব লবটোৰ ঘৰত সিমান স্হানত দশমিক বহে।দশমিক ভগ্নাংশ আৰু দশমিক সংখ্যা একেনে ?
সমমান বা সমতুল্য ভগ্নাংশ কি ?
নিজে ভাবি উলিওৱা --
সদৃশ ভগ্নাংশ কি ?
What is the 'Like Fraction' ?
বিসদৃশ ভগ্নাংশ কি ?
What is the 'Unlike Fraction' ?
ভগ্নাংশৰ প্ৰতিক্ৰম কি ?
What is the reciprocal of a fraction ?
গণিতৰ ভাষাত 6 আৰু ⅙ হ'ল এটা আনটোৰ প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত।
** দুটা ভগ্নাংশৰ পূৰণফল নিৰ্ণয়ৰ নিয়ম--
উদাহৰণ : ভগ্নাংশ পূৰণ কৰা ।
Thank you very much for reading this simple article. Please leave a comment in the comments section and share with your friends.
❤👲❤👱
Tuesday, May 25, 2021
Fraction And Decimal ভগ্নাংশ আৰু দশমিক
ভগ্নাংশ আৰু দশমিক
(Decimal And Fraction)
ভগ্নাংশ কি ? What is the Fraction ?
* ভগ্নাংশৰ প্ৰকাৰ ( Types of Fraction) :
ভগ্নাংশ তিনি প্ৰকাৰৰ আছে।
(ক) প্ৰকৃত ভগ্নাংশ ( proper fraction) .
(ক) অপ্ৰকৃত ভগ্নাংশ ( Improper fraction)
(গ) মিশ্ৰ ভগ্নাংশ ( Mixed fraction).
(ক) প্ৰকৃত ভগ্নাংশ :
যেনে -- ⅒, ⅖, ⅜, ⅘, ⅝, ⅞, ⅛, ⅔, ⅗, .....
(খ) অপ্ৰকৃত ভগ্নাংশ :
যেনে -- 10/1, 8/2, 7/4 , 12/3 , 13/5, 14/6....
(গ) মিশ্ৰ ভগ্নাংশ :
মনত ৰাখিবা >
* দশমিক ভগ্নাংশ(Decimal Fraction) :
মনত ৰাখিবা >
Friday, May 21, 2021
Black fungus | কলা ভেঁকুৰ কি ?
Black fungus বা ক'লা ভেঁকুৰ ।
মিউকৰ্মাইকোচিছৰ কাৰণ কি আৰু ই কোনবোৰ অঙ্গ সংক্ৰমিত কৰিব পাৰে?
ক'লা ভেঁকুৰ প্ৰতিৰোধ কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হৈছে বাহিৰলৈ যাওঁতে মাস্ক পিন্ধা। বিশেষকৈ বাগিচা আৰু ধূলিময় এলেকা বা য'ত আপুনি পচা আৱৰ্জনা বা খাদ্যৰ সন্মুখীন হ'ব পাৰে। দ্বিতীয়তে, আপোনাৰ ছাল মুকলিকৈ নাৰাখিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ডায়েবেটিক আৰু অন্যান্য immunocompromised লোকসকলৰ বাবে, শৰ্কৰাৰ স্তৰ আৰু ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাটো অতি আৱশ্যক। ষ্টেৰইড দিয়া লোকসকলক নিৰন্তৰ নিৰীক্ষণ কৰিব লাগে আৰু আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰি ডোজ হ্ৰাস কৰিব লাগে।
ইয়াক কেনেদৰে নিৰাময় কৰিব পাৰি?
Monday, May 17, 2021
জননেতা ভীমবৰ দেউৰী
জননেতা ভীমবৰ দেউৰী
স্বদেশ-স্বজাতিৰ প্ৰতি থকা অপৰিসীম ভালপোৱাৰ স্বাভীমানী বীৰত্বৰে ৰঞ্জিত এইজন ভীমবৰ দেউৰীয়ে দিল্লীত মহম্মদ আলি জিন্নাক লগ কৰি কৈছিল- "অসম দেশ ব্ৰিটিছ অহাৰ আগতে ভাৰতৰ ভিতৰুৱা নাছিল আৰু আগৰেপৰা স্বাধীন দেশ আছিল। এতিয়া পূব বংগৰ জমিদাৰী প্রথাৰ দ্বাৰা নিষ্পেষিত খেতিয়ক সকলক মাটি দিয়াৰ অজুহাতেৰে অসম পাকিস্তানৰ অংগ হ’ব নোৱাৰে। মুছলমান ৰজা আৰু মোগল সম্ৰাটসকলে সোতৰবাৰকৈ অসম আক্রমণ কৰিও অসম দেশ অধিকাৰ কৰিব নোৱাৰিলে। এতিয়া আপুনি কলমৰ আগত কেনেকৈ অসম ল’ব? অসমখন কোনো হিন্দু বা মুছলমানৰ নহয়, ই ট্রাইবেলৰহে দেশ। গতিকে অসম কাৰ লগত থাকিব সেই সিদ্ধান্ত অসমবাসীয়ে ল'ব। আপোনাৰ এই আশা পৰিত্যাগ কৰক। আমাৰ দেহত এটোপাল তেজ থকালৈকে আমি যুঁজ দিম।"
Sunday, May 16, 2021
আহাৰত প্ৰাপ্ত বিভিন্ন উপাদানসমূহে মানুহক কিদৰে সহায় কৰে চাওঁ আহা । Let's see how the ingredients in the diet help people.
আহাৰত প্ৰাপ্ত বিভিন্ন উপাদান সমুহে মানুহক কিদৰে সহায় কৰে চাওঁ আহা ---
মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপাদান নিৰ্দ্ধাৰিত পৰিমাণে একে জাতীয় খাদ্য দ্ৰব্যত পোৱা নাযায়। কোনো এবিধত যদি কাৰ্বহাইড্ৰেট, প্ৰ'টিন আছে, তেন্তে আন এবিধত চৰ্বি, ভিটামিন, খনিজ লৱণ আদি নিহিত থাকে। আকৌ এনে কিছুমান দ্ৰব্যও আছে য'ত সৰহসংখ্যক উপাদানেই নিহিত থাকে। সেয়েহে আমি আটাইখিনি প্ৰয়োজন পূৰাবলৈ দৈনন্দিন খাদ্য তালিকাত নানা বিধ খাদ্যবস্তু সন্নিৱিষ্ট কৰিব লাগে। তেতিয়াহে আন সকলোবোৰ উপাদান পাব সক্ষম হ'ব পাৰে। বিশেষকৈ খাদ্যবস্তুত নিহিত থকা উপাদান সমুহ হ'ল --- কাৰ্বহাইড্ৰেট , প্ৰ'টিন , চৰ্বি , খনিজ লৱণ আৰু ভিটামিন।
১/ কাৰ্বহাইড্ৰেট বা শৰ্কৰা (Carbohydrates):
শৰ্কৰা বা কাৰ্বহাইড্ৰেট জাতীয় খাদ্যত শক্তি নিহিত থাকে। সেয়ে এনে খাদ্য খালে শৰীৰত শক্তি আহৰণ হয়। শাৰীৰিক পৰিশ্ৰম কৰা মানুহৰ বাবে শৰ্কৰা জাতীয় খাদ্য অত্যন্ত বেছি প্ৰয়োজন হয়। যিহেতু এনে খাদ্যৰ অভাৱত শৰীৰত বল শক্তি হ্ৰাস পায় যাৰ ফলত মানুহে টান কাম কৰিবলৈ অপাৰগ হয়।শৰীৰ নিশকতীয়া হৈ পৰে। এই উপাদানৰ উৎস হৈছে-- ভাত, ৰুটি, আলু, পোলাওঁ আদি। শাৰীৰিক পৰিশ্ৰম কৰা মানুহে এনে খাদ্য সেয়ে সৰহকৈ খাব লাগে। তেতিয়া দেহত বল শক্তি বৃদ্ধি পাব আৰু অধিক শ্ৰম কৰিব সক্ষম হ'ব।
২/ প্ৰ'টিন (Protein):
প্ৰ'টিনযুক্ত খাদ্যই মানুহৰ শৰীৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। শৰীৰত নতুন কোষ সৃষ্টি হ'বলৈ বা কোনো অংগ প্ৰত্যংগৰ মেৰামতি হ'বৰ বাবে প্ৰ'টিনৰ আৱশ্যক হয়। এজন প্ৰাপ্তবয়স্ক মানুহৰ বাবে প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বাবে ১ গ্ৰাম আৰু শিশুৰ বাবে প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বাবে ১.৫ গ্ৰাম প্ৰ'টিনৰ প্ৰয়োজন হয়। বিশেষকৈ মানুহৰ শিশু অৱস্থাত শৰীৰে বৃদ্ধি হৈ থাকিব বিচাৰে সেয়ে এনে সময়ত প্ৰ'টিনৰ প্ৰয়োজন অত্যধিক বেছি হয়। প্ৰ'টিনৰ অভাৱ ঘটিলে দেহত বিভিন্ন ৰোগে দেখা দিয়াৰ প্ৰৱল আশংকা থাকে। প্ৰ'টিনৰ অভাৱত মানুহে 'কোৱাছিবকাৰ' , 'মাৰাছমাছ' নামৰ ৰোগত ভোগিব লগা হয়। সেয়ে প্ৰ'টিনযুক্ত আহাৰ-- মাছ, মাংস,কণী, দাইল,মাকৈ,মটৰ,উৰহী,বুট,লেচেৰা মাহ,ছয়াবিন, কাঠফুলা,লৈ, গাখীৰ, মাখন আদি খাদ্য কমবেছি পৰিমাণে খোৱাটো নিতান্তই আৱশ্যক।
৩/ চৰ্বি ( Fat) :
চৰ্বিয়ে মানুহৰ দেহটো গৰম কৰি ৰখাত সহায় কৰে। শৰীৰত চৰ্বি নাথাকিলে মানুহৰ শৰীৰ সোনকালে চেঁচা পৰে। চৰ্বিয়ে দেহক অতিৰিক্তভাৱে শক্তি প্ৰদান কৰে।শৰীৰত চৰ্বিৰ অভাৱ ঘটিলে বিভিন্ন ৰোগে সহজে আক্ৰমণ কৰিব পাৰে। বিশেষকৈ তেল,ঘিঁউ, মাখন, নাৰিকল, সৰিয়হ, চানা,বাদাম,তিল , চৰ্বিযুক্ত মাংস আদি হ'ল চৰ্বিৰ উৎস। অৱশ্যে শৰীৰত অতিৰিক্ত চৰ্বি হোৱাটোও উচিত। সেয়েহে এনে খাদ্যসমূহ পৰিমিত ভাৱে খাব লাগে।
৪/ ভিটামিন ( Vitamins) :
ভিটামিন হ'ল শৰীৰৰ ৰোগ প্ৰতিষেধক উপাদান।শৰীৰক বিভিন্ন বেমাৰৰ আক্ৰমণৰ পৰা ভিটামিনে ৰক্ষা কৰে আৰু প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। উদাহৰণ স্বৰূপে -- A ভিটামিনৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমি যায় যাৰফলত কুকুৰীকনা সদৃশ ৰোগত আক্ৰান্ত হ'ব লগা হয়। B ভিটামিনৰ অভাৱত মানুহৰ শৰীৰত বেৰিবেৰি নামৰ ৰোগ হয়। ইয়াৰ ফলত মানুহৰ ভোক নালাগে আৰু শৰীৰ দুৰ্বল হৈ পৰে। C ভিটামিনৰ অভাৱত দাঁতৰ আলুৰ পৰা তেজ ওলাই, দাঁত সৰে , ৰক্তহীনতা বেমাৰ হয় আৰু শৰীৰ দুৰ্বল হয। D ভিটামিনৰ অভাৱ ঘটিলে হাড়ৰ গঠন দুৰ্বল হয। শিশুৰ ক্ষেত্ৰত ইয়াৰ অভাৱত পয়ালগা বেমাৰ হয়। E ভিটামিনৰ অভাৱত দেহত ৰক্তহীনতা ৰোগে দেখা দিয়ে। ভিটামিন K ৰ অভাৱ ঘটিলে শৰীৰত ঠাইত কাটিলে বা ছিঙিলে সহজে তেজ ওলোৱা বন্ধ নহয়। গতিকে শৰীৰৰ বাবে ভিটামিন আটাইতকৈ বেছি প্ৰয়োজনীয় উপাদান বুলি বিবেচনা কৰিব পাৰি। আমাৰ চৌপাশৰ সৰহসংখ্যক দৰিদ্ৰ মানুহৰ ল'ৰা ছোৱালী ভিটামিনৰ অভাৱত ভোগি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব লগা হয়।
৫/ খনিজ লৱণ (Mineral salts):
খনিজ লৱণ বূলিলে কেলচিয়াম, আয়ডিন, ফছফৰাছ, লো আদিৰ কথাই বুজা যায়। মানুহৰ শৰীৰত তেজৰ কণিকা গঠনত লো'ৰ ভূমিকা গুৰুত্বপূৰ্ণ। লোৰ অভাৱত দেহত ৰক্তহীনতা বেমাৰ হয় । একেদৰে কেলচিয়ামৰ জৰিয়তে শৰীৰত হাড়ৰ গঠন হয় । তদুপৰি কেলচিয়ামৰ অভাৱ ঘটিলে হাড় কোমল হয় আৰু সহজে ভাঙি যোৱাৰ সম্ভাৱনা থাকে। দেহত আয়ডিনৰ অভাৱ ঘটিলে ডিঙিত গৰল বেমাৰ হয়। এই বেমাৰৰ ফলত মানুহৰ ডিঙি অস্বাভাৱিকভাৱে ফুলি ডাঙৰ হয়। সেয়েহে খনিজ লৱণ মানুহৰ শৰীৰৰ বাবে অতিশয় লাগতিয়াল উপাদান বুলি ক'ব পাৰি।
উল্লেখিত খনিজ পদাৰ্থসমূহ পাব পৰা উৎস হৈছে-- গাখীৰ,কণী, মাখন,ময়দা, সেউজীয়া শাক-পাচলি,মাছ, মাংস, গজালি মেলা মাহ , কাচকল, পচলা,কলডিল, আয়ডিনযুক্ত নিমখ আদি।
মানুহে মানুহ হিচাপে জীয়াই থাকিবলৈ হ'লে খাদ্যৰ ক্ষেত্ৰত কিছু সাৱধান আৰু সচেতন হোৱাটোৱেই হ'ল উত্তম বিকল্প উপায়। নিজৰ সামৰ্থ্য অনুসৰি খাদ্য কমবেছি পৰিমাণে উল্লেখিত ধৰণে খাবলৈ আমি সকলোৱে প্ৰয়াস কৰা উচিত।
Friday, May 14, 2021
জীৱনত সফল হোৱাৰ টিপছ।
সফল জীৱনৰ পথ
১/ সোণৰ মোহৰ বিচাৰি ফুৰাটো বন্ধ কৰক।
২/ উন্নত লক্ষ্য সৃষ্টি কৰাৰ আৰম্ভ কৰক ,যেনে ' মোৰ লক্ষ্য কোটি টকা উপাৰ্জন কৰা।'
আপোনাৰ জীৱনৰ ডাঙৰ উদ্দেশ্য কি ?
৩/ বৈধতা বিচৰা বন্ধ কৰক আৰু নিয়মীয়া হওঁক।
উপসংহাৰ:
Monday, May 10, 2021
If a Disaster Comes to Life .. যদি জীৱনলে' আহে ধুমুহা..
যদি জীৱনলে'আহে ধুমুহা...
"জীৱনলে' আহে যদি বহু প্ৰতিঘাত ,আৰুকোনে বাৰু প্ৰেৰণা যোগাব যে তাত, তুমি কোৱানা...."
"সপোনৰ কলিটি দিঠকত ফুল হৈ
ফুলাৰ আশাই জীৱন ..."
"আবেগৰ ঢৌৱে নিয়ে উটুৱাই
কেতিয়াবা কন্দুৱাই আৰু কেতিয়াবা হঁহুুৱাই .."
Sunday, May 9, 2021
গণিতৰ ব্যৱহাৰ আৰু গুৰুত্ব | Use Of Mathematics and it's Importance.
গণিতৰ ব্যৱহাৰ
গণিত কিয় শিকিব লাগে ?
নতুন প্ৰজন্ম আৰু গণিত
Saturday, May 1, 2021
শ্ৰমিক দিৱস আৰু কিছু প্ৰাসঙ্গিক চিন্তা
শ্ৰমিক দিৱসৰ তাৎপৰ্য আৰু ইতিহাস:
শ্ৰমিকৰ প্ৰতি ব্যৱহাৰ
বৰ্তমান শ্ৰমিক দিৱসৰ প্ৰাসঙ্গিকতা
সামৰণি
শ্ৰমিক দিৱসৰ দিনা সকলো শ্ৰমিক বন্ধুক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Featured post
২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !
২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 ! স্বামী বিবেকানন্দ 🚀🚀আজি ২৩ তা...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...