Thursday, September 29, 2022

চিলিণ্ডাৰত গেছ আছে নে নাই আপুনি কেনেকৈ জানিব ? শিকক সহজ কৌশল ।

 চিলিণ্ডাৰত গেছ আছে নে নাই আপুনি কেনেকৈ জানিব ? চাওঁক সহজ কৌশল।

➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖➖

   কেতিয়াবা এনেও হয় যে যি সময়ত খুব লৰাঢপৰাকৈ আহাৰৰ প্ৰয়োজন, সেই সময়তে চিলিণ্ডাৰত গেছ উদং হয়। আৰু নোখোৱাকৈয়ে দৌৰিব লগা হয কৰ্তব্যলৈ। এনেধৰণৰ পৰিস্থিতি অৱশ্যে প্ৰায় সকলো পৰিয়ালৰ ক্ষেত্ৰতে হোৱা দেখা যায়। আনকি খঙে মূৰৰ চুলিৰ আগ পাইগৈ। আৰু শেষত চিলিণ্ডাৰটোকে লুটিয়াই বাগৰাই চাবলগীয়া পৰ্যন্ত হয়। চিলিণ্ডাৰ তলমূৱা কৰিও গেছৰ পৰীক্ষা কৰিবলগীয়া হয়। গোৰে মাৰিম নে ভুকুৱে মাৰিম এনে ধৰণৰ খেলিমেলি ভাৱে মনক অস্হিৰ কৰি তোলে। এনেধৰণৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ আমি নতুন কৌশল উদ্ভাৱন কৰিবই লাগিব। নতুন চিন্তাধাৰাৰ জৰিয়তে আমি এনে পৰিস্থিতিৰ অৱসান ঘটাব পাৰো।
     এনেধৰণৰ আহুকলীয়া পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি এক ঘৰুৱা আৰু সহজ কৌশলৰ সহায় ল'ব পাৰোঁ। চিলিণ্ডাৰত গেছ আছে নে নাই বা কিমান গেছ আছে জানিবলৈ এখন তিতা কাপোৰ লৈ সম্পূৰ্ণ চিলিণ্ডাৰটো মেৰিয়াই দিব লাগে। সম্পূৰ্ণৰূপে চিলিণ্ডাৰ তিতি যোৱাৰ পাছত কাপোৰ খন এৰুৱাই দিব লাগে। ইয়াৰ পিছত ত্ৰিশ চল্লিশ ছেকেণ্ডৰ পিছত ভালদৰে চিলিণ্ডাৰটো লক্ষ্য কৰিব লাগে। দেখা পোৱা যাব যে যিমান গেছ চিলিণ্ডাৰত আছে সেই সীমালৈ পানী শুকাই যোৱা নাই কিন্তু উপৰি অংশ অৰ্থাৎ গেছ শূণ্য অংশ শুকাই গৈছে। মনত ৰাখিব যে গেছ থকা অংশ পানী তিয়ালে সোনকালে নুশুকায় কিন্তু গেছ নথকা অংশ সদায় সোনকালে শুকায় যায়। এয়া বৈজ্ঞানিক ভাৱে প্ৰমাণিত নিয়ম। যদি আপুনি এনেদৰে আগতীয়াকৈ গেছ থকা বা নথকাৰ সম্পৰ্কে জানে তেন্তে আগতীয়াকৈ গেছ চিলিণ্ডাৰ অনাৰ সম্পৰ্কে সিদ্ধান্ত ল'ব পাৰিব। আৰু সময়মতে গেছ বুক কৰি বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব।
     বিজ্ঞানৰ মতে পানীৰে খাল বিল পুখুৰী হ্ৰদ আদি পূৰ্ণ হৈ থাকিলে আৰু বতৰ সেমেকা হ'লে কাপোৰ কানি সোনকালে নুশুকায়। চেঁচা বতাহ আৰু সেমেকা বায়ুয়ে কাপোৰ শুকোৱাৰ সলনি তিয়াইহে পেলায়। ঠিক একেধৰণে লিকুইড গেছ থকা চিলিণ্ডাৰৰ অংশত পানী তিয়ালে সোনকালে শুকায় নাযায়। আমি প্ৰত্যেকেই নিশ্চয় জানো যে জাৰ কালি কাপোৰ কানি সোনকালে শুকায় নাযায়।কাৰণ বায়ুমণ্ডল নিয়ৰত সেমেকি থাকে। সেয়েহে গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য।

এই নিয়ম বা কৌশলৰ জৰিয়তে আপুনি চিলিণ্ডাৰত গেছ আছে নে নাই আগতীয়াকৈ ক'ব পাৰিব আৰু নতুনকৈ অনাৰ ব্যৱস্থা শীঘ্ৰে কৰিব সক্ষম হ'ব। আশা কৰোঁ এই নিয়মে আপোনাক সহায় কৰিব । আপোনাৰ অনাকাংক্ষিত বিপদ বা অসুবিধাক দূৰতে বিদূৰ কৰিব পাৰিব।



লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। (ছাঁলৈ)
লেখক : দুদুল সোণোৱাল।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

2 comments:

dudulsonowal32@gmail.com

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts