Saturday, December 31, 2022

স্মৃতিৰ কুঁৱলি ফালি জুমি চাওঁ ভৱিষ্যতৰ সপোনৰ অৱয়ব ...!!! Let's look at the appearance of the dreams of the future.

স্মৃতিৰ কুঁৱলি ফালি জুমি চাওঁ ভৱিষ্যতৰ সপোনৰ অৱয়ব ...!!! Let's look at the appearance of the dreams of the future.

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
পাতনি
আকৌ এটা বৰ্ষই মেলানি মাগিলে। এৰি যাব আশা নিৰাশা, ব্যৰ্থতা হতাশা,দু: চিন্তা... আদি এশ এবুৰি সমাধান নোহোৱা জ্বলন্ত সমস্যা। স্মৃতিৰ কুঁৱলি ফালি জুমি চাওঁ যেতিয়া দেখা পাওঁ জীৱনটো এবছৰ কাল কেৱল ব্যৰ্থতাৰে ভৰা। আকৌ আন কাৰোবাৰ সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ ফুলি ৰল সময়ৰ ফুল। কেতিয়াবা আমি সকলোৱে ভৱিষ্যতৰ সপোনৰ অৱয়ব কেনে হ'ব ভাবিবলৈ হেৰুৱায় পেলাও সুস্থ মানসিকতা...!!! জীৱন যে এনেকুৱাই অতীতক এৰি ভৱিষ্যতৰ কথা ভাবিবই লাগিব। জীৱন বাগিচাৰ ভগা জেওৰাবোৰ পুনৰ মেৰামতি কৰিব লাগিব। জপনাখন দি নিকপকপীয়া কৰি আগুৱাই নিব লাগিব নতুন সময়ক। কাৰণ এয়াইতো মানৱী জীৱন।
  পুৰণিক ত্যাগ কৰা আৰু নতুনক আদৰাই আমাৰ কৰ্তব্য। সেই কৰ্তব্যৰ মনোভাৱ আগত ৰাখি পুৰণি বছৰক এৰিবলৈ দেহে-মনে সাজু হৈছোঁ। নতুনক আদৰাৰ প্ৰস্তুতি চলাইছো অবিৰাম।



২০২২ ৰ আধাৰুৱা সপোন আৰু পোৱা-নোপোৱাৰ হিচাপ : 
   বৰ্ষ এটাৰ সকলোবোৰ সময় সকলো মানুহৰে একেদৰে অতিবাহিত নহয়। কাৰোবাৰ ভাল হ'লে আন কাৰোবাৰ বেয়া হ'বই। ভাল আৰু বেয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। জীৱন মানেই সুখ-দুখৰ সমষ্টি। 2022 বৰ্ষত আমি নিশ্চয় বহু হেৰুৱালো আৰু বহু পালোঁ। লাভ লোকচান সকলোতে থাকে। হেৰুওৱাবোৰক লৈ মূৰ নষ্ট নকৰি পুনৰ কিদৰে পাব পাৰি তাৰহে চিন্তা কৰা উচিত। আকৌ পোৱাবোৰৰ বাবেও অতি গৌৰৱৰ প্ৰয়োজন নাই। পেটে-ভাতে খাই লৈ থকাটোৱেই জীৱন। অৱশ্যে কিছুমান মানুহ অধিক উচ্চাকাংক্ষী আৰু কিছুমানৰ আকাংক্ষাৰ পৰিমাণ কম। উচ্চাকাংক্ষী মানুহৰ যিদৰে সকলো সপোন পূৰ্ণ নহ'ল, একেদৰে আনবিলাকৰো নিশ্চয় নহ'ল। তথাপি চেষ্টা অটুট ৰাখিব লাগিব। ভৱিষ্যতৰ দিনবিলাকত আধাৰুৱা সপোনৰ পূৰ্ণ অবয়ৱ দিয়াৰ পৰিকল্পনা কৰিব লাগিব।
   কেতিয়াবা মানুহে বিচৰা ধৰণে নাপায়। কেতিয়াবা প্ৰয়োজনতকৈ বেছিকৈ পোৱা যায়। এয়াই হয়তো কপালৰ লিখন। বহু মানুহ আছে যি পোৱা- নোপোৱাৰ হিচাপ কৰি ভাল পায়। নোপোৱাবোৰক লৈও চিন্তিত হৈ থাকে। অসন্তুষ্ট হৈ থাকে। আনহাতে আন কিছুমান মানুহ আছে যি পোৱা-নোপোৱাৰ হিচাপ কৰিবলৈও আহৰি নাই। নোপোৱাবোৰৰ বাবে পুনৰ চিন্তাত মচগুল নহয়। যি পাইছে তেওঁলোকে তাতেই সন্তুষ্ট হৈ ৰয়। আচলতে আমি কৰ্ম এটা কৰিলে তুৰন্তে ফলাফল বিচৰা অনুচিত। ভুকুতে নিশ্চয় কল নপকে। 
   আশা নিৰাশাক বুকুত সাবতি আমি আকৌ এটা বৰ্ষ অতিক্ৰম কৰিলোঁ। এটা বৰ্ষ অতিক্ৰম কৰা মানে আমাৰ জীৱনৰ এটা বৰ্ষ শেষ হোৱা। মৃত্যুৰ দিশে এখোজ আগুৱাই যোৱা। সেয়ে হয়তো বহু লোকে অতীতৰ পিনে ঘূৰি চাই এবাৰ হ'লেও ভুমুকিয়াই জীৱনৰ খলা-বমা। জীৱনটো আকৌ আৰম্ভ কৰাৰ যো-জা কৰাটোৱেই হ'ল মানুহৰ নিয়ম। আমিও তাকেই কৰোঁ আহক।

ভৱিষ্যত: ২০২৩ হওঁক আৰ্শীবাদ আৰু সমৃদ্ধিময় -
   ২০২৩ বৰ্ষ আপোনাৰ বাবে হওঁক আৰ্শীবাদ। বৰ্ষটোৰ প্ৰতিটো সময়ে আপোনালৈ কঢ়িয়াই আনক হাঁহি, আনন্দ আৰু শান্তিৰ বতৰা। সজীৱ হওঁক জীৱনটো নতুনকৈ সজোৱাৰ নতুন মানসিকতা।
   আধাৰুৱা সপোনবোৰ পূৰ্ণ কৰিবলৈ আমি আগুৱাব লাগিব সম্পূৰ্ণ নতুন পৰিকল্পনাৰে । নতুন চিন্তা-চৰ্চাৰে। নতুন চিন্তাধাৰাৰ সোঁতত নিশ্চয় শুনিব পোৱা যাব নতুন আস্থাৰ বাতৰি। আকাংক্ষিত ফলাফল বাস্তৱায়িত হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়। পূৰ্বৰ অসম্পূৰ্ণ কামবোৰৰ পূৰ্ণাংগ ৰূপ দিবলৈ আমি নতুন বছৰত উঠিপৰি লাগিব লাগে। ধনাত্মক চিন্তা, ধনাত্মক কৰ্ম আৰু মনোভাৱেৰে আমি আগুৱাবলৈ প্ৰয়াস কৰিব লাগিব। তেহে ভৱিষ্যত জীৱন সুন্দৰ আৰু সমৃদ্ধিময় হ'ব। জীৱন মানেই প্ৰত্যাহ্বান। অনাগত দিনবোৰত এই প্ৰত্যাহ্বানক নেওচি আগুৱাই গলেহে জীৱনত সফলতা লাভ কৰাটো সম্ভৱ হ'ব। দৃঢ়তাৰ মনোভাৱ পোষণ কৰি আগুৱাব লাগিব। কথা হ'ল এনে অমোঘ শক্তি আমাক কোনেনো দিব ? আচলতে আমি নিজেই নিজৰ শক্তি হ'ব লাগিব, অমোঘ শক্তি ! যি শক্তি নিহিত আছে প্ৰতিজন মানুহৰ মনত। মানুহৰ সিৰা উপসিৰাত। আমি প্ৰত্যেকেই ইয়াৰ বাবে হ'ব লাগিব একোজন নিকা মনৰ মানুহ । কৰ্তব্য আৰু দায়িত্বক আগস্থান দিবলৈ চেষ্টা কৰিব লাগিব।আহক নতুন বৰ্ষটোত আমি সকলোৱে প্ৰতিজ্ঞা কৰো জীৱন সজোৱাৰ । সফলতম জীৱন গঢ় দিয়াৰ।

সামৰণি 
   নতুন চিন্তাধাৰাৰ বোৱতী সোঁতত সকলোৱে উটি যাওঁ আহক। জীৱনক সজাই তোলো সুন্দৰ বহু সুন্দৰকৈ নতুন চিন্তাধাৰাৰে। 
    নতুন বছটিত আপোনাৰ সুচিন্তা আৰু সুকৰ্মৰ সুস্পষ্ট ভাৱে প্ৰতিফলিত হওঁক। জীৱন যুঁজৰ একোজন বিজয়ী সৈনিক হওঁক তাৰে আন্তৰিক কামনা। 
            নৱবৰ্ষৰ আন্তৰিক শুভকামনা 
            HAPPY NEW YEAR 2023 ! 
            💥💥💥💥💥💥💥💥💥





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷




Friday, December 30, 2022

বিজ্ঞান বিষয়ক ১০০টা কুইজ। 100 Quiz of Science.

বিজ্ঞান বিষয়ক ১০০ টা কুইজ। বিজ্ঞান বিষয়ক ১০০টা কুইজ। 100 Quiz of Science.

প্ৰশ্ন ১: ৰেডিয়াম আৰু পলনিয়াম মৌল দুটা আৱিষ্কাৰ কৰাৰ বাবে আৰু বিকিৰণ পৰিঘটনাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দুটাকৈ ন'বেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী গৰাকীৰ নাম কি আছিল ?
উত্তৰ: মেডাম কুৰী ।

প্ৰশ্ন ২: ভিটামিন D কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰ: মেককলামে।

প্ৰশ্ন ৩: অক্সিজেন গেছ জুই জ্বলোৱাত ব্যৱহাৰ কৰা হয় আৰু উশাহ-নিশাহৰ বাবেও প্ৰয়োজন। পিছে এই অক্সিজেন গেছ কোনে আৱিষ্কাৰ কৰিছিল বাৰু ?
উত্তৰ : যোছেফ প্ৰীষ্টলীয়ে।

প্ৰশ্ন ৪: 'লাই ডিটেক্টৰ' বা মিছা কথা ধৰা পেলোৱা যন্ত্ৰ কোনে প্ৰথমে আৱিষ্কাৰ কৰি উলিয়াইছিল ?
উত্তৰ: মাৰ্কিন মনোবিজ্ঞানী জন লাৰছনে (১৯২১ চনত ) । 

প্ৰশ্ন ৫: মহৰ গাখীৰ খাইছা নহয়।ই অতি মিঠা আৰু শক্তিদায়ক । প্ৰতি এশ গ্ৰাম মহৰ গাখীৰৰ পৰা কিমান পৰিমাণৰ শক্তি পোৱা যায় বাৰু ? 
উত্তৰ: প্ৰায় ৯০ কেলৰি।

প্ৰশ্ন ৬: মানুহৰ তেজ ৰঙা কাৰণ তেজত হিমগ্লবিন নামৰ ৰঞ্জক পদাৰ্থবিধ থাকে। তদুপৰি তেজত এবিধ ধাতুও থাকে, ধাতু বিধৰ নাম কি ?
উত্তৰ: লো বা আইৰণ।

প্ৰশ্ন ৭: ৰামধেনুত সাতটা ৰঙ থাকে। ইয়াৰে এটা ৰংহে আটাইতকৈ বেছি উজ্জ্বল হয়। অৰ্থাৎ এটা ৰংৰ ৰং অধিক বিক্ষেপণ হয়, ৰামধেনুত থকা ৰংবিধৰ নাম কি ?
উত্তৰ: ৰঙা ৰং।

প্ৰশ্ন ৮: আমৰ বৈজ্ঞানিক নাম কি ?
উত্তৰ: মেঞ্জিফেৰা ইণ্ডিকা। 

প্ৰশ্ন ১০: সেউজ গৃহৰ প্ৰভাৱত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছ বিধৰ নাম কি ?
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড গেছ। 

প্ৰশ্ন ১১: 'ফিজিকেল ইণ্ডিয়ান ডক্টৰ' বুলি কোনবিধ ফলক কোৱা হয় ?
উত্তৰ: আমলখিক ( Magoseteen)

প্ৰশ্ন ১২: জলকীয়া খালে পুৰে বা জ্বাল ধৰে। জলকীয়াৰ এই তীক্ষ্ণতাৰ কাৰণ কি বাৰু ?
উত্তৰ: কেপচাইবিন নামৰ উপাদানবিধ উপস্থিতিৰ বাবে জলকীয়া জ্বলে।

প্ৰশ্ন ১৩: অমিতা পকিলে হালধীয়া ৰঙৰ হয়।দেখিছা নহয়। অমিতা পকিলে ইয়াৰ ৰং হালধীয়া হয় ?
উত্তৰ: কেৰিকাজেন্হিন নামৰ মৌলবিধ থকাৰ বাবে।

প্ৰশ্ন ১৪: পৰুৱাৰ শুংত থকা এচিড বিধৰ নাম কি ?
উত্তৰ : ফৰমিক এচিড।

প্ৰশ্ন ১৫: ভিটামিন A অভাৱত কি ৰোগ হয় ?
উত্তৰ: দৃষ্টি শক্তি কমি যোৱা ৰোগ হয়।

প্ৰশ্ন ১৬: ভিটামিন B ৰ অভাৱত কি ৰোগ হয় ?
উত্তৰ: 'বেৰিবেৰি' নামৰ ৰোগ হয়।

প্ৰশ্ন ১৭: ভিটামিন C ৰ অভাৱত কি ৰোগ হয় ?
উত্তৰ: স্কাৰ্ভি নামৰ ৰোগ হয়।

প্ৰশ্ন ১৮: দেহত 'লো'ৰ অভাৱ ঘটিলে কি ৰোগ হয় ?
উত্তৰ: ৰক্তহীনতা বা এনিমিয়া ৰোগ হয়।

প্ৰশ্ন ১৯: আমাৰ দেহটোক বিভিন্ন ৰোগৰ পৰা এবিধ উপাদানে ৰক্ষা কৰি থাকে। উপাদান বিধৰ অভাৱত নানা ৰোগ হ'ব পাৰে। উপাদান বিধৰ নাম কি ?
উত্তৰ: ভিটামিন ( Vitamin) ।

প্ৰশ্ন ২০: কুকুৰে কামুৰিলে হোৱা ৰোগ বিধৰ নাম কি ?
উত্তৰ: জলাতংক ৰোগ। 

প্ৰশ্ন ২১: মেকুৰীয়ে কামুৰিলে দেহত কি ৰোগৰ সৃষ্টি হয় ?
উত্তৰ: ডিপথেৰিয়া।

প্ৰশ্ন ২২: পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে ?
উত্তৰ: ৮ মিনিট ১৬ ছেকেণ্ড ।

প্ৰশ্ন ২৩: আটাইতকৈ বেছি দিন ফল দিয়া গছবিধৰ নাম কি ?
উত্তৰ: নাচপতি গছ। ইয়াৰ জীৱন কাল ৩০০ বছৰ।

প্ৰশ্ন ২৪: সূৰ্যৰ পোহৰত যে সাতোটা ৰং আছে, এই কথা কোন গৰাকী বিজ্ঞানীয়ে প্ৰমাণ কৰিছিল ?
উত্তৰ: চাৰ আইজাক নিউটনে।

প্ৰশ্ন ২৫: সকলো চৰাইয়ে আগফালে উৰিব পাৰে। কেৱল এবিধ চৰাইয়ে পাছলৈও উৰিব পাৰে। পাছলৈ উৰিব পৰা চৰাইবিধৰ নাম কি ?
উত্তৰ: হামিংবাৰ্ড, ৮০ কিমি দূৰলৈকে উৰিব পাৰে।

প্ৰশ্ন ২৬: নিয়ন লাইটৰ বৰণ নীলা হয় কিয় ?
উত্তৰ: আৰ্গছ গেছ থকাৰ বাবে।

প্ৰশ্ন ২৭: একমাত্ৰ কোনবিধ প্ৰাণীয়ে চিত হৈ শুব পাৰে ?
উত্তৰ: মানুহে।

প্ৰশ্ন ২৮: এজন সুস্থ মানুহৰ দেহত তেজৰ গতিবেগ কিমান ? 
উত্তৰ: ঘণ্টাত সাত মাইল।

প্ৰশ্ন ২৯: কি পৰিঘটনাৰ বাবে পানীৰে পৰিপূৰ্ণ পাত্ৰ এটাৰ তলিখন প্ৰকৃত ঠাইতকৈ কিছু ওপৰত দেখা যায় ?
উত্তৰ: পোহৰৰ প্ৰতিসৰণৰ বাবে।

প্ৰশ্ন ৩০: মানুহৰ কেৱল মুখমণ্ডলত কিমান ডাল হাড় থাকে ?
উত্তৰ: মুঠ ২২ ডাল থাকে।

প্ৰশ্ন ৩১: নেমুটেঙাত থকা এচিড বিধৰ নাম কি ?
উত্তৰ: চাইট্ৰিক এচিড।

প্ৰশ্ন ৩২: প্ৰাণীজগতৰ কোনবিধ প্ৰাণীৰ চকু তিনিটা আছে ?
উত্তৰ: টুয়াটৰো নামৰ এবিধ প্ৰাণীৰ চকু তিনিটা আছে।

প্ৰশ্ন ৩৩: কোনবিধ প্ৰাণীয়ে পানী নাখায়ো জীয়াই থাকে ?
উত্তৰ: কৃষ্ণষাড় মৃগই পানী নাখায়।

প্ৰশ্ন ৩৪: আটাইতকৈ পুৰণি উদ্ভিদ বিধৰ নাম কি ?
উত্তৰ: শেলাই।

প্ৰশ্ন ৩৫: সকলো পোৱালী জগোৱা বা স্তন্যপায়ী প্ৰাণীয়ে উৰিব নোৱাৰে কিন্তু এবিধ স্তন্যপায়ী প্ৰাণীয়ে উৰিব পাৰে, সেই স্তন্যপায়ী প্ৰাণী বিধৰ নাম কি ?
উত্তৰ: বাদুলিয়ে উৰিব পাৰে।

প্ৰশ্ন ৩৬: চৌডা পানীৰ বৈজ্ঞানিক নাম কি ?
উত্তৰ: কাৰ্বনীক এচিড।

প্ৰশ্ন ৩৭: আটাইতকৈ বেছি কাল জীয়াই থকা প্ৰাণী বিধৰ নাম কি ?
উত্তৰ: কাছ (প্ৰায় ১২০ বছৰ)।

প্ৰশ্ন ৩৮: সকলো মাছৰে কলিজা দুটা থাকে আমি সকলোৱে জানো। কিন্তু এনে এবিধ মাছ আছে যাৰ কলিজা তিনিটা আছে, মাছ বিধৰ নাম কি ? 
উত্তৰ: কাটল মাছৰ।

প্ৰশ্ন ৩৯: তেজৰ গ্ৰুপ কেইটা আৰু কি কি ?
উত্তৰ: তেজৰ গ্ৰুপ চাৰিটা। A, B, AB আৰু O ।

প্ৰশ্ন ৪০: প্ৰাথমিক ৰং তিনিটা। ইয়াৰে দুটা হৈছে ৰঙা আৰু সেউজীয়া, তৃতীয় ৰংটোৰ নাম কি ?
উত্তৰ: নীলা।

প্ৰশ্ন ৪১: অসমলৈ কোনজন বিজ্ঞানীয়ে বিভিন্ন দৰকাৰী যন্ত্ৰ উদ্ভাৱন কৰি 'নাছা'ৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ?
উত্তৰ: উদ্ধৱ চন্দ্ৰ ভৰালীয়ে।

প্ৰশ্ন ৪২: মৰুভূমিত মৰীচিকা কি ভৌতিক পৰিঘটনাৰ বাবে সৃষ্টি হয় ?
উত্তৰ: পোহৰৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে।

প্ৰশ্ন ৪৩: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উত্তৰ: প্লুটোনিয়াম।

প্ৰশ্ন ৪৪: জুইশলা বাকচত থকা কাঠিৰ মূৰত লগোৱা পদাৰ্থ বিধৰ নাম কি ?
উত্তৰ: ফচফৰাছ।

প্ৰশ্ন ৪৫: বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ কিমান ?
উত্তৰ: ২১% বা শতকৰা ২১ ভাগ।

প্ৰশ্ন ৪৬: পেনিচিলিন কোন গৰাকী বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছিল ?
উত্তৰ: আলেকজেণ্ডাৰ ফ্লেমিঙে।

প্ৰশ্ন ৪৭: দূৰদৰ্শন বা টিভি উদ্ভাৱক গৰাকীৰ নাম কি ?
উত্তৰ : জন লাগি বেয়াৰ্ড (১৯২৬ চনত, স্কটলেণ্ড )।

প্ৰশ্ন ৪৮: বৈদ্যুতিক বাল্ব কোন গৰাকী বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল ?
উত্তৰ: টমাছ আলভা এডিছনে।
 

প্ৰশ্ন ৪৯: চিমেণ্ট কিহেৰে প্ৰস্তুত কৰা হয় ?
উত্তৰ: চূণশিল আৰু মাটিৰ মিশ্ৰণৰ সহায়ত।
 
প্ৰশ্ন ৫০: কাগজ তৈয়াৰ কৰা কেঁচামাল বিধৰ নাম কি ?
উত্তৰ: কাঠ, বাঁহ , ঘাঁহ আৰু ফটা কাপোৰ।
 
প্ৰশ্ন ৫১: আমি চাহৰ সৈতে খোৱা চেনি কোনবিধ কেঁচা সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰা হয় ?
উত্তৰ: কুঁহিয়াৰ।
 
প্ৰশ্ন ৫২: নিউমোনিয়া এবিধ ৰোগৰ নাম। এই ৰোগ আমাৰ শৰীৰৰ কোন অংশত হয় বাৰু ?
উত্তৰ: হাওঁফাওঁত হয়।
 
প্ৰশ্ন ৫৩: কলেৰা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া বিধৰ নাম কি ?
উত্তৰ: ভাইব্ৰিঅ'কলেৰা।
 
প্ৰশ্ন ৫৪: কি উপাদানৰ অভাৱ ঘটিলে মানুহৰ শৰীৰত গইটাৰ ৰোগ হয় ?
উত্তৰ: আয়'ডিনৰ অভাৱ ঘটিলে হয়।
 
প্ৰশ্ন ৫৫: কৰ'ণা ৰোগৰ বীজাণু বিধৰ নাম কি ?
উত্তৰ: 
 
প্ৰশ্ন ৫৬: ক'ৰোণা ভাইৰাছ প্ৰথমে ক'ত উৎপত্তি হৈছিল ? 
উত্তৰ: চীন দেশৰ য়ুহান চহৰত।
 
প্ৰশ্ন ৫৭: সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?
উত্তৰ: বুধ গ্ৰহ ।
 
প্ৰশ্ন ৫৮: 'অৰণ্য মানৱ' আখ্যাৰে বিভূষিত অসমৰ প্ৰকৃতি প্ৰেমী ব্যক্তি গৰাকীৰ নাম কি ?
উত্তৰ: যাদৱ পায়েঙ । তেওঁ যোৰহাট জিলাৰ বাসিন্দা।
 
প্ৰশ্ন ৫৯: আমেৰিকা যুক্তৰাষ্ট্ৰই উৎক্ষেপণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ: এক্সপ্লোৰাৰ -১ (১৯৫৮ চনৰ ৩১ জানুৱাৰীত উৎক্ষেপণ কৰিছিল) ।
 
প্ৰশ্ন ৬০: ভিটামিন C অধিক পৰিমাণে থকা খাদ্য বস্তু এবিধৰ নাম কোৱা ?
উত্তৰ: গাখীৰ।
 
প্ৰশ্ন ৬১: কি জন্তুৱে থিয় হৈ টোপনি যায় ?
উত্তৰ : ঘোঁৰাই।
 
প্ৰশ্ন ৬২: আকাশী পথেৰে চলা বাহন বিধক কি বোলা হয় ?
উত্তৰ : উৰাজাহাজ।

প্ৰশ্ন ৬৩: চন্দ্ৰ পৃষ্ঠত পানী থকাৰ কথা সন্ধান কৰি উলিওৱা যানখনৰ নাম কি ?
উত্তৰ: চন্দ্ৰ যান -১ ( এই যানখন ভাৰতে পঠিয়াইছিল ২০০৯ চনৰ ২৪ ছেপ্টেম্বৰত)।
 
প্ৰশ্ন ৬৪: ২০২০ চনত পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা লাভ কৰা আমেৰিকাৰ ব্যক্তি গৰাকীৰ নাম কি ?
উত্তৰ: এণ্ড্ৰিয়া ঘেজ।
 
প্ৰশ্ন ৬৫: মহাকাশত দীৰ্ঘ সময় কটোৱা আৰু সুশৰীৰে পৃথিৱীলৈ ঘূৰি অহা বিশ্বৰ প্ৰথম গৰাকী মহিলা মহাকাশচাৰী কোন ?
উত্তৰ: নাছাৰ মহাকাশচাৰী 'ক্ৰিষ্টিন কোচ' ।( ২০১৯ চনৰ ডিচেম্বৰত গৈ ২০২০ চনৰ ফেব্ৰুৱাৰীত পৃথিৱীলৈ ঘূৰি আহিছিল।)

প্ৰশ্ন ৬৬: বেক্টেৰিয়াৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে পচি যোৱা পদাৰ্থবোৰক কি বোলে ?
উত্তৰ : জৈৱ-পচনশীল। (Biodegradable)।
 
প্ৰশ্ন ৬৭: পৰিৱেশ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰ: পৰিৱেশ দুই প্ৰকাৰৰ। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ।
 
প্ৰশ্ন ৬৮: কয়লাক কি ইন্ধন হিচাপে জনা যায় ?
উত্তৰ: জীৱাশ্ম ইন্ধন ( Fossil fuels)।
 
প্ৰশ্ন ৬৯: পথ পকা কৰোঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰী বিধৰ নাম কি?
উত্তৰ: বিটুমিন।
 
প্ৰশ্ন ৭০: বিশ্বৰ এখন দেশে কয়লাক গেছ হিচাপে ৰাস্তা পোহৰাবলৈ ১৮১০ চনত পোন প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছিল। দেশখনৰ নাম কি ?
উত্তৰ: লণ্ডন । 

প্ৰশ্ন ৭১: পৃথিৱীৰ প্ৰথম তেলখাদ ১৮৫৯ চনত আমেৰিকাত উদ্ঘাটন কৰা হৈছিল। দ্বিতীয়টো তেলখাদ ভাৰতত উদ্ঘাটন কৰা হৈছিল। ঠাইখনৰ নাম কি ?
উত্তৰ: অসমৰ মাকুমত দ্বিতীয়টো তেলখাদ উদ্ঘাটন কৰা হৈছিল।
 
প্ৰশ্ন ৭২: অসমৰ মাকুমত কিমান চনত তেল উদ্ঘাটন কৰা হৈছিল ?
উত্তৰ: ১৯৬৭ চনত।
 
প্ৰশ্ন ৭৩: CNG ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰ : Compressed Natural Gas বা সংকুচিত প্ৰাকৃতিক গেছ।
 
প্ৰশ্ন ৭৪: LPG ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰ : Liquified Petroleum Gas বা তৰলীকৃত পেট্ৰোলিয়াম গেছ।
 
প্ৰশ্ন ৭৫: কোনবিধ কেঁচামাল ব্যৱহাৰ কৰি তাপবিদ্যুৎ প্ৰকল্প চলোৱা হয় ?
উত্তৰ : প্ৰাকৃতিক গেছ।
 
প্ৰশ্ন ৭৬: যি দ্ৰব্য দহন হয় তাক দাহ্য পদাৰ্থ বোলা হয়। দাহ্য পদাৰ্থৰ আন এটা নাম কি ?
উত্তৰ : ইন্ধন বা fuel ।
 
প্ৰশ্ন ৭৭: মানুহৰ শৰীৰৰ বাবে ব্যৱহাৰ কৰা মুখ্য ইন্ধন বিধৰ নাম কি ?
উত্তৰ : আহাৰ।
 
প্ৰশ্ন ৭৮: আমাৰ শৰীৰত অক্সিজেনৰ সৈতে বিক্ৰিয়া ঘটি খোৱা খাদ্যবোৰ ভাঙি যায়, ইয়াৰ ফলত শৰীৰত কিহৰ উৎপন্ন হয় ?
তাপৰ উৎপন্ন হয়।
 
প্ৰশ্ন ৭৯: কিছুমান ঠাইত গ্ৰীষ্মকালৰ অত্যন্ত গৰমত শুকান ঘাঁহত আপোনা-আপুনি জুই লাগে এই জুইক কি নামেৰে জনা যায় ?
উত্তৰ: বনজুই।
 
প্ৰশ্ন ৮০: যেতিয়া ফটকা এটা জ্বলাই দিয়া হয় তেতিয়া এক আকস্মিক বিক্ৰিয়া ঘটি তাপ,পোহৰ আৰু শব্দৰ সৃষ্টি হয়, এই বিক্ৰিয়াক কি বোলে ?
উত্তৰ : বিস্ফোৰণ।
 
প্ৰশ্ন ৮১: ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰ বৰষুণৰ পানীত দ্ৰৱীভূত হৈ কি বৰষুণৰ সৃষ্টি কৰে ?
উত্তৰ : এচিড বৰষুণ ।
 
প্ৰশ্ন ৮২: একেলগে বিভিন্ন প্ৰজাতিৰ প্ৰাণী একোটা নিৰ্দিষ্ট ঠাইত ৰাখিলে, ঠাইখণ্ডক কি নামেৰে জনা যাব ?
উত্তৰ : চিৰিয়াখানা। 
 
প্ৰশ্ন ৮৩: সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা সমল পুথি খনক কি কোৱা হয় ?
উত্তৰ : ৰেড ডাটা বুক। 

কুইজৰ প্ৰশ্নোত্তৰ পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক :  দুদুল সোণোৱাল। 




🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠

Wednesday, December 28, 2022

ছক্ৰেটিছ, নৈতিক শিক্ষা আৰু কৰ্মনিষ্ঠা। Socrates,moral education and dedication.

🙏🙏🙏ছক্ৰেটিছ , নৈতিক শিক্ষা আৰু কৰ্মনিষ্ঠা।# নৈতিক আচৰণ কি #কৰ্তব্য পালন # কৰ্মনিষ্ঠা।🙏Socrates, moral education and dedication. #What is Ethical Conduct #Dutykeeping #Dedication. 

    🙏ছক্ৰেটিছে কৈছিল, "নৈতিক আচৰণেহে ইহকালত মানুহক সুখ দিব পাৰে।" এই উক্তি আছিল ছক্ৰেটিছৰ দৃঢ় বিশ্বাসৰ উক্তি।
    এই উক্তিৰ পমখেদি গ'লে বৰ্তমানৰ প্ৰেক্ষাপটত পৰিলক্ষিত হয় ইয়াৰ এখন ওলোটা প্ৰতিচ্ছবি। আজিকালি নৈতিক আচৰণৰ বাৰুকৈয়ে অভাৱ হোৱা দেখা যায়। ইয়াৰ প্ৰমাণ হৈছে সাম্প্ৰতিক সময়ত সমাজত ঘটি থকা কিছুমান অনৈতিক কাৰ্য। ক'ৰবাত নৈতিক আচৰণ দেখুৱাই ঠগিছে, আন ক'ৰবাত নৈতিক আচৰণ দেখুৱাই প্ৰৱঞ্চনা কৰিছে, আন কিছুমানে মিছা প্ৰলোভন দেখুৱাইছে ... আদি ঘটনাৱলী আজিৰ সমাজ নিতৌ ঘটিবলৈ ধৰিছে।
    নৈতিক আচৰণ কি ? 
    নৈতিক আচৰণ হ'ল মানুহৰ চেতন মনৰ এক বাস্তৱিক ক্ৰিয়া। মানুহ এজনে অন্য এজন মানুহক কৰা সৎ আচৰণ বা নিয়মিত আচৰণেই হৈছে নৈতিক আচৰণ বা আদৰ্শ আচৰণ। নৈতিক আচৰণৰ কিছুমান গুণ আছে। ছক্ৰেটিছে এই গুণসমূহক এনেধৰণে বিভক্ত কৰিছে : ১/ দূৰদৃষ্টি আৰু জ্ঞান, ২/ সাহস, স্থিৰতা আৰু ধৈৰ্য। , ৩/মিতাচাৰ, সুবিবেচনা আৰু আত্মসংযম , আৰু ৪/ বিচাৰবোধ আৰু ন্যায়পৰায়ণতা।
    নৈতিক গুণৰ অধিকাৰী হ'বলৈ হ'লে তেওঁ সাহসী হবই লাগিব। সাহসী মানুহে নৈতিকতা বজাই ৰাখিব পাৰে। যি মানুহ কথাত দুৰ্বল, মন দুৰ্বল সেই মানুহে কেতিয়াও নৈতিকতা ধৰি ৰাখিব নোৱাৰে। মানুহে নিজৰ বিবেকেৰে পৰিচালিত হ'ব লাগিব , মনেৰে নহয়। মনেৰে নিৰ্বাচিত কৰা কামবোৰ ইচ্ছাৰ অধীনস্থ হয়। অৰ্থাৎ মানুহৰ মনত যি ইচ্ছা উদয় হয়, সেই ইচ্ছাকে মনেৰে পূৰ্ণ কৰিব বিচাৰে। কিন্তু বিবেক হৈছে বিচাৰ বিশ্লেষণৰ দ্বাৰা পৰিচালিত মানুহৰ এটা বিশেষ গুণ। বিচাৰ বিশ্লেষণেৰে কৰা কামটোৰ শুদ্ধতা থাকে। ইয়াত ঠগা, প্ৰৱঞ্চনা কৰা আদি মনোভাৱবোৰক বিবেকে বাধা প্ৰদান কৰে।
    মানুহ হ'ব লাগে দূৰদৃষ্টি সম্পন্ন। যি মানুহৰ দূৰদৃষ্টিৰ মানসিকতা আছে, সেই মানুহেই জ্ঞানী ব্যক্তি হিচাপে বিবেচিত। জ্ঞানী লোকেহে ভৱিষ্যতৰ সম্পৰ্কে আগতীয়াকৈ অনুমান কৰিব সক্ষম হয়।
    ধৈৰ্য হ'ল নৈতিকতাৰ আন এটা মহৎ গুণ । ধৈৰ্যৰ অবিহনে মানুহৰ একো কামেই সিদ্ধি নহয়।যি মানুহৰ ধৈৰ্য আছে সেই মানুহে নতুন সৃষ্টি কৰিব পাৰে।আশাৰ সীমনাত সহজে উপনীত হ'ব সক্ষম হয়। অধৈৰ্য মানুহৰ জীৱনলৈ সফলতা আহিব নোৱাৰে। আনকি এনে লোকে নৈতিক গুণবোৰো আহৰণ কৰিবলৈ অসমৰ্থ হয়। সেয়ে ধৈৰ্য নৈতিকতাৰ এক মহৎ গুণ হিচাপে পৰিগণিত।
    মিতাচাৰ অৰ্থাৎ আচৰণ হ'ব লাগে নিয়মিত বা বিধিসন্মত। পেংলাই, উপলুঙা, উপহাস আদিৰ দৰে মনোভাৱ পোষণ কৰি ভাল আচৰণ দেখুৱালেও সেই আচৰণ নিৰৰ্থক হৈ পৰে। ই সৎকামত নাহে। নিয়মীয়া আচৰণে মানুহক আকৰ্ষিত কৰে। সুবিবেচনা আৰু আত্মসংযম হৈছে ইয়াৰ বন্ধু।আচৰণ কেৱল শুদ্ধ আৰু ভাল হ'লেই নহ'ব । ইয়াত সুবিবেচনা আৰু আত্মসংযম থকাৰো দৰকাৰ।
    কৰ্মনিষ্ঠা এক মহৎ গুণ বা নৈতিক গুণ হয়নে ?
    "সজ কাম কৰাৰ সপোন দেখি সময় নকটাই ওৰে দিন সজ কাম কৰিবা।সজ কামৰ যোগেদি জীৱন, মৃত্যু আৰু সেই বিশাল চিৰন্তন - এক পৰম সুৱদি গীতলৈ ৰূপান্তৰিত হয়।" -- চাৰ্লচ কিংশলে।
    যিজন লোক নিজৰ কৰ্তব্যৰ সম্পৰ্কে সজাগ আৰু সচেতন সেইজন মানুহৰ দৃঢ় বিশ্বাস সমূহ এদিন নিশ্চয় কাৰ্যত পৰিণত হ'বই। এয়া ধ্ৰুৱসত্য। নৈতিক কৰ্মই অকল মানুহৰ অভ্যাস সমূহকে গঢ় নিদিয়ে,ই মানুহৰ চৰিত্ৰকো গঢ় দিয়াত সহায় কৰে। 
    কৰ্তব্যৰ পথ কিমান সহজ ?
    কৰ্তব্যৰ পথ ইমান সহজ নহয়। কৰ্তব্য পালনৰ সময়ত বহুতো বাধা বিঘিনি, অসুবিধা, বিপদ আপদ আদিৰ সন্মুখীন হ'ব লগা হয়। কাম এটা শুদ্ধ নে অশুদ্ধ তাৰ বিচাৰ বিশ্লেষণ কৰিবলৈ শক্তি থাকিব পাৰে কিন্তু কামটোৰ উদ্দেশ্যেত আগবাঢ়িবলৈ সৰহ সময়ত উচিত মনোবল নাথাকে। যাৰ বাবে কামটোত সফল নহয়। 
    আকৌ কোৱা হয় যে দুৰ্বল বা ভয়াতুৰ মানুহক হাবিৰ বাঘে নাখায়, মনৰ বাঘেহে খায়। সততে দুৰ্বল মনৰ মানুহৰ কামটোৰ সম্পৰ্কে আকাশ পাতাল চিন্তা কৰিহে ভাল পায় কিন্তু কাৰ্যত পৰিণত কৰিবলৈ অসমৰ্থ হয়। 'ভবা আৰু কৰা' দুয়োটাৰ মনোভাৱ এক হ'লেহে যিকোনো কামত সফলতা লাভ কৰিব পৰা যায়। 
   কৰ্তব্য পালন :
 জীৱনত কৰ্তব্য পালন সুচাৰুৰূপে কৰাটো মানুহৰ এক নৈতিকতা গুণ। যিকোনো প্ৰতিকূল ধাৰণাৰ উৰ্ধলৈ গৈ আমি আমাৰ কৰ্তব্য পালন কৰিব লাগে। ভাল লগা বেয়া লগা আদিবোৰ গৌণ, এইবোৰ মনলৈ অনা অনুচিত। কাৰণ প্ৰতিটো কামেই আমাৰ কৰ্তব্য হ'ব পাৰে। এটা কথা সত্য যে নিজৰ বিবেকে যিটো কৰিবলৈ দিয়ে বা কৰিবলৈ সিদ্ধান্ত আগবঢ়ায় প্ৰকৃততে সেইটো কামকে কৰা উচিত।
    সাধাৰণতে কৰ্তব্যৰ পহিলা পাঠ আৰম্ভ হয় আমাৰ ঘৰখনৰ চাৰিবেৰৰ মাজত। কেঁচুৱাৰ পৰা ডেকা হোৱালৈকে ঘৰখনত চলি থকা নৈতিক কাৰ্য, কথা-বাৰ্তা,সৎ আচৰণ, অসৎ আচৰণ আদিৰ পৰা শিশুৱে জ্ঞান আহৰণ কৰে। কেতিয়াবা সেয়ে কিছুমান শিশুৰ আচৰণ বেয়া আৰু কিছুমানৰ ভাল হয়। ইয়াৰ মূলতে হ'ল শিশুৱে ঘৰখনত পিতৃ মাতৃয়ে কৰা আচৰণ সমূহ দেখি দেখি শিকে। যদি পিতৃ মাতৃৰ আচৰণ সৎ আৰু নৈতিক হয় তেন্তে শিশুটিৰ আচৰণো সৎ আৰু নৈতিক হ'ব। আনহাতে পিতৃ মাতৃৰ আচৰণ অসৎ আৰু অনৈতিক হ'লে শিশুৰ আচৰণো অসৎ আৰু অনৈতিক হোৱা পৰিলক্ষিত হয়। সেয়ে পিতৃ-মাতৃয়ে ঘৰখনত শুদ্ধ,সৎ আৰু নৈতিক আচৰণ সন্তানৰ আগত প্ৰদৰ্শন কৰা উচিত।
    সাম্প্ৰতিক সময়ত বিদ্যালয়ৰ শিক্ষাত নৈতিক আচৰণৰ শিক্ষা চলেনে ? বিদ্যালয়ৰ শিক্ষাত বিদ্যালয়ৰ শিক্ষা আৰু নৈতিকতাৰ মাজত সম্পৰ্ক আছে নে ? বিদ্যালয়ৰ শিক্ষাত কেৱল বৌদ্ধিক অনুশীলনৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়। বৌদ্ধিক অনুশীলন সাধাৰণতে নৈতিক আচৰণত নপৰে বুলি ধৰা হয়। কেৱল ধৰ্মৰ মতসমূহ ছাত্ৰ-ছাত্ৰীৰ মূৰত সমুৱাই থলে তাৰ দ্বাৰা এজন ব্যক্তিৰ মনত থকা অসৎ প্ৰবৃত্তিসমূহ আঁতৰাব পৰা নাযায়। চেমুৱেল স্মাইলছে কৈছে - " বুদ্ধি হ'ল এটা আহিলা মাত্ৰ। ইয়াক কামত খটুৱায় ইয়াৰ অন্তৰালত থকা শক্তি কিছুমানে । এই শক্তিবোৰৰ ভিতৰত আছে - আৱেগ অনুভূতি, আত্মসংযম, আত্মানুশাসন, কল্পনা, উদ্যম আৰু চাৰিত্ৰিক ক্ষমতা, কাৰ্যশক্তি দান কৰা ক্ষমতাসমূহ । আকৌ এই গুণসমূহৰ সৰহ ভাগে শিশুৱে ঘৰৰ পৰাহে আয়ত্ত্ব কৰে। বিদ্যালয়ৰ পৰা সিমান বেছি নাপায়। " সেয়ে প্ৰকৃত নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত ঘৰখনৰ সমান অৱদান আন কাৰোৱে নাই। নতুন পুৰুষৰ ভৱিষ্যত ঘৰখনৰ পৰাহে পোখা মেলে।
    সেয়ে ঘৰখনৰ পিতৃ মাতৃৰ বহু দায়িত্ব আৰু কৰ্তব্য থাকে। পিতৃ মাতৃৰ সুচিন্তা আৰু সুজ্ঞানে সন্তানক সৎপথত পৰিচালিত হোৱাত সহায় কৰে। কৰ্তব্য জ্ঞান কি বুজি উঠিব সক্ষম হয়।
    আমি যি কাম কৰোঁ সেয়া সজ হ'ব লাগে। জীৱনত সজ কাম অব্যাহত ৰখা উচিত। কেৱল সৎ ইচ্ছা হ'লেই নহ'ব, কৰ্মও সৎ হ'ব লাগিব। 
    কোৱা হয় সজ কৰ্মই হেনো প্ৰকৃত শিক্ষক। এলেহুৱা মনোভাৱে ব্যক্তিৰ দেহ মন আৰু বিবেকৰ সম্পূৰ্ণ অপকৰ্ম ঘটায়। অধিক বাৰ্তালাপত ব্যস্ত থাকিলে নিৰ্দিষ্ট বিষয় একোটাৰ পূৰ্ব জ্ঞানৰ সম্পৰ্কে পাহৰি যোৱাৰ সম্ভাৱনা থাকে। কাৰণ আড্ডাৰ সময়ত আন কথা মনলৈ আহি থাকে, সেয়ে কৰ্তব্যৰ সময়ত যেতিয়া-তেতিয়া আড্ডাত মিলিত হোৱা অনুচিত কাম।
    মানুহে জীৱনটো সঠিকভাৱে পৰিচালনা কৰিবলৈ কৰ্মৰ বিনে গত্যন্তৰ নাই। সঠিকভাৱে কৰ্ম কৰি মানুহে নিজৰ কামত নৈতিক দায়িত্ব খটুৱাব লাগে, ইয়ে আমাৰ ভৱিষ্যতৰ বাবে সষ্টম কৰি তুলিব।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
    প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল। সহ শিক্ষক। হাঁহখাটী হাই স্কুল।



🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐳🐳🐳🐳🐳🐳🐳🐳🐳🐳🐳🐟🐟🐟🐟🐟

Monday, December 26, 2022

আমাৰ গাওঁৰ ৰন্ধা বঢ়াত খৰিৰ পৰম্পৰাগত ব্যৱহাৰৰ অধ্যয়ন। The traditional use of straw in the cooking of our village.

আমাৰ গাওঁৰ ৰন্ধা বঢ়াত খৰিৰ পৰম্পৰাগত ব্যৱহাৰৰ অধ্যয়ন । The traditional use of straw in the cooking of our village .


১/আৰম্ভণি

গাওঁ সমূহত অৰণ্যৰ পৰা তথা প্ৰকৃতিৰ পৰা পোৱা খৰিৰ সহায়ত ৰন্ধা-বঢ়া কৰা হয়। আদি যুগৰ পৰা যেন এনে পদ্ধতি আমাৰ গ্ৰাম্য সমাজত চলি আহিছে। ৰন্ধা-বঢ়াৰ উপৰিও আন বিভিন্ন কামত জুই ব্যৱহাৰ পৰিলক্ষিত হয়। মানুহৰ বাবে খাদ্য বনোৱা উপৰিও, পোহনীয়া গাহৰি, গৰু আদিৰ বাবেও খৰিৰ জুইত খাদ্য সিজোৱা হয়। খৰিৰ জুইৰ উত্তাপ বেছি হোৱাৰ লগতে এইবোৰ বিনামূলীয়া। সেয়ে খৰিৰ ব্যৱহাৰ গ্ৰাম্য সমাজত অত্যন্ত বেছি। প্ৰতি ঘৰত গেছ থাকিলেও গ্ৰাম্য সমাজত খৰি ব্যৱহাৰ কৰে। ইয়াৰ কাৰণ অৱশ্যে আছে। অৰ্থাৎ গ্ৰাম্য সমাজত বাস কৰা লোকসকলে ভাত ৰান্ধিবলৈ পৰম্পৰাগত ভাৱে খৰি ব্যৱহাৰ কৰি আহিছে। গাওঁৰ ৰাইজৰ বহুতৰে এটা বদ্ধমূল ধাৰণা আছে যে খৰিৰ জুইত ৰন্ধা খাদ্য খাবলৈ সুস্বাদু হয়। ইয়াৰ উপৰিও খৰিত ৰন্ধা খাদ্য খালে হজমি শক্তি বৃদ্ধি পাবলৈ ধৰে। সেয়ে গ্ৰাম্য সমাজত পৰম্পৰাগত ভাৱে খৰি ব্যৱহাৰ কৰি ৰন্ধা-বঢ়া কৰা হয়। ইয়াৰোপৰি ঘৰতখনত থকা বুঢ়া বুঢ়ী শালে জুইৰ উত্তাপ লৈ বহি থাকিও ভাত ৰান্ধি ৰান্ধনীক পোনপতীয়াকৈ সহায় কৰিব পাৰে। সেয়ে ঘৰখনত জুইৰ প্ৰয়োভৰ বেছি।

২/পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰাৰ অৰ্থ

পৰম্পৰাগত ভাৱে ব্যৱহাৰ কৰা মানে বহুদিনৰ পৰা নিয়ম অনুসৰি ব্যৱহাৰ কৰি অহা কথাকেই বুজোৱা হৈছে। অতীজৰে পৰা অসমৰ গ্ৰামাঞ্চলত বাস কৰা লোকসকলে কাঠ খৰি ব্যৱহাৰ কৰি আহিছে। সকলোৰে নিশ্চয় বিদিত যে অতীতত গেছ পোৱা নগৈছিল। তদুপৰি মানুহবোৰ আৰ্থিকভাৱেও অতি পিছপৰা আছিল। গতিকে ৰন্ধন প্ৰণালীত কাঠ খৰি ব্যৱহাৰ কৰাৰ বাদে গত্যন্তৰ নাছিল। বিশেষকৈ আশী দশকৰ আগতে অসমৰ অৰণ্যৰ চেহেৰাও বহু ভাল আছিল। লাগ বুলিলেই খৰি পোৱা গৈছিল। চৌদিশে বিস্তাৰিত আছিল অৰণ্য। খৰিৰ বাবে গছ যিমান লাগে , সিমানেই পাবলৈ সক্ষম হৈছিল। মানুহৰ ঘৰত খৰিৰ ডাঙৰ ডাঙৰ দম কৰি ৰখা হৈছিল। গতিকে খৰিৰ কোনো অভাৱ অনুভৱ হোৱা নাছিল। সেয়ে খৰি ব্যৱহাৰৰ জৰিয়তে ৰান্ধনীয়ে ভাত, তৰকাৰী আদি সহজে সিজাব পাৰিছিল। ফলত এনেদৰে খৰিৰে ভাত ৰন্ধা বা যিকোনো ৰন্ধা-বঢ়াৰ এটা পৰম্পৰা সৃষ্টি হৈছিল। এই পৰম্পৰা আজিৰ সময়তো গ্ৰাম্য সমাজত ছেগা-চোৰোকাকৈ চলি আছে। কিন্তু আগৰ সেই কেৱল খৰি ব্যৱহাৰ কৰা পৰম্পৰা বিলুপ্ত হ'ব ধৰিছে। 
    যেতিয়াৰ পৰা দেশত গেছৰ ব্যৱহাৰ হবলৈ ধৰিলে হয়তো তেতিয়াৰ পৰাই সমাজত জুইৰ বাবে খৰি ব্যৱহাৰৰ পৰিমাণ হ্ৰাস হৈ আহিল। এনেকৈ হ্ৰাস হওঁতে হওঁতে এতিয়া গ্ৰাম্য সমাজতো ইয়াৰ চিনমোকাম ক্ৰমশঃ হেৰাব ধৰিছে। এই অৱস্থা অৱশ্যে উচ্চতম ন্যায়ালয়ৰ গছ-গছনি কটা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ পিছতেই বেচিকৈ প্ৰভাৱ পৰিল। 

৩/ খৰি আহৰণ আৰু ইয়াৰ ব্যৱহাৰ

   অতীজৰ খৰি অনা দৃশ্য এতিয়াও মানসপটত ভাহি থাকে। গাওঁৰ মানুহবিলাকে পুৱাৰ সময়তে অৰণ্যত প্ৰৱেশ কৰে আৰু শুকান খৰি লুৰুকি ভাৰ বান্ধি কান্ধত তুলি কঢ়িয়াই আনে। এটা দলত অতি কমেও দহৰ পৰা বাৰজন খৰি লুৰিবলৈ যায়। খৰিৰ ভাৰ কান্ধত তুলি কঢ়িয়াই আনোতে সকলোকে একেলগে অহা দৃশ্যটো চাই খুব ভাল লাগে। অঞ্চলটোত বাস কৰা আহোম, কছাৰী, নেপালী, বঙালী আদি সকলোৱে খুৰি আনিবলৈ গৈছিল। ফলত একো একোটা অঞ্চলত গছ গছনিৰ পৰিমাণ সেৰেঙা হৈ পৰিছিল। 
   ই যি কি নহওঁক, জাৰ কালত মানুহে খৰি আনি ঘৰত গোটাই ৰাখিছিল আৰু এইবোৰ বাৰিষা কালৰ শেষলৈকে ব্যৱহাৰ কৰিব পাৰিছিল। অনুমান কৰিব পাৰিছে নিশ্চয় এই খৰিৰ দম অলপীয়া নহয় ? এনেকৈ সকলো মানুহে খৰি অনাৰ ফলত অৰণ্যৰ কি অৱস্থা হ'ব পাৰে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে ! 
   গোটাই থোৱা খৰিবোৰ বিশেষকৈ ৰান্ধনীয়ে ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰিছিল। অৱশ্যে কিছুমান লোকে গৰুৰ বাবে দানা সিজোৱা কামতো ব্যৱহাৰ কৰা দেখা গৈছিল। আগৰ দিনত খৰি নহ'লে চৰুত ভাত পোৱা নগৈছিল। 

৪/ খৰি ব্যৱহাৰৰ সুবিধা বা উপকাৰী দিশসমূহ 

    খৰি ব্যৱহাৰ কৰি সিজোৱা খাদ্যৰ সোৱাদ বেছি। অতি কম সময়তে কাঠখৰিৰ জুইত ভাত, তৰকাৰী আদি সিজাব পাৰিছিল। বিশেষকৈ জাৰৰ দিনত ৰান্ধনীৰ বাবে ৰন্ধা-বঢ়া কৰিবলৈ ভাল হৈছিল। কাৰণ জুইৰ উত্তাপ লৈ ৰান্ধনীয়ে ৰন্ধা-বঢ়াত সুবিধা পাইছিল। শাৰীৰিক ভাৱেও ৰান্ধনীৰ লাভ হৈছিল। জুইৰ তাপৰ ফলত মানুহৰ শৰীৰৰ সিৰা উপসিৰাৰ সঠিক সঞ্চালন হৈছিল, তেজ চলাচল নিয়মীয়া হৈছিল। এই ক্ষেত্ৰত ৰান্ধনী বেছি উপকৃত হৈছিল। 
     মাছ, মাংস খৰিকাত দি খোৱাৰ সুবিধা হৈছিল আৰু আন শাক-পাচলি বিলাক পাতত দি সিজাই খাবলৈ সুবিধা হৈছিল। যেনে কচু পাতত দিয়া, সৰু মাছ পাতত দিয়া, মুদলুং টেঙা পাতত দিয়া, টেঙেচি আৰু মচন্দৈ পাতত দিয়া আদি খাবলৈ সুবিধা হৈছিল। উল্লেখ্য যে এনে পাতত দিয়া খাদ্যবোৰ অতি সুস্বাদু আছিল। গ্ৰাম্য সমাজত এতিয়াও এনে পাতত প্ৰথা আছে। খৰিকাত দিয়া মাছ মাংসৰ সোৱাদেই বেলেগ। বৰ্তমান সময়ত অৱশ্যে বিভিন্ন সময়ত অনুষ্ঠিত হোৱা সমাৰোহ বিলাকত আৰু বনভোজৰ সময়তহে এনে খৰিকাত দিয়া মাছ মাংস খাবলৈ পোৱা যায়। বিভিন্ন মেলা বিলাকত বিক্ৰী কৰা এনে প্ৰকৰণ সমূহৰ দাম আচৰিত ধৰণে বৃদ্ধি পাবলৈ ধৰে। এইবোৰ সাধাৰণতে অসমৰ জনগোষ্ঠীসমূহৰ পৰম্পৰাগত খাদ্য সম্ভাৰ। এই খাদ্য সম্ভাৰ চলাবলৈ লাগিব খৰি। খৰিৰ অবিহনে এনে খাদ্য প্ৰচলিত হ'ব নোৱাৰে। গেছ ব্যৱহাৰ কৰি সিজোৱা এনে খাদ্য সোৱাদ নহয়।


৫/ খৰি ব্যৱহাৰৰ অসুবিধা বা অপকাৰী দিশসমূহ

   খৰি ব্যৱহাৰৰ যিদৰে ভাল গুণ আছে, ঠিক একেদৰে ইয়াৰ বেয়া গুণো আছে। খৰি ব্যৱহাৰ কৰি সিজোৱা খাদ্যহে সোৱাদ, ইয়াৰ পৰা মানুহৰ দৈহিক আৰু মানসিক ভাৱে অনিষ্ট হয় অগাধ। খৰিৰ জুইৰ ধোৱাই দেহৰ মূল অংগ চকুৰ অনিষ্ট সাধন কৰে। চকুত ধোৱা সোমোৱাৰ ফলত চকুৰ দৃষ্টিশক্তি কমি যোৱা, চকুৰ ৰেটিনা বেয়া হোৱা , মুখমণ্ডল জুইয়ে ডকাৰ ফলত কলাবৰণ ধৰা আদি ৰোগে দেখা দিয়ে। তদুপৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰো সৃষ্টি হ'ব পাৰে।
   অত্যধিক হাৰত পোৰা, পাতত দিয়া বস্তু খোৱা অনুচিত। পোৰা বস্তু সদায় খালে পেটৰ ৰোগ হয়।




৬/ পৰামৰ্শ আৰু সামৰণি 

খৰিৰ ব্যৱহাৰ যিমান কমিব প্ৰকৃতিয়ে সিমান ৰক্ষা পাব । খৰি ব্যৱহাৰ কৰা ফলত অৰণ্যৰ গছ কাটিব লগা হয়। অৰণ্যত নতুনকৈ গজি ডাঙৰ হ'ব ধৰা গছ পুলিবোৰ মানুহে খৰিৰ বাবে আৰু আন কাৰণত কাটি অনা ফলত অৰণ্য‌ ধ্বংসত ই প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাই। গ্ৰাম্য অঞ্চলত দহা,বিয়া, বিভিন্ন সকাম-নিকাম হ'লেও খৰি ব্যৱহাৰ কৰা হয়। এখন দহা চলাবলৈ এজোপা জীয়া পূৰঠ গছ কাটি অনা পৰিলক্ষিত হয়। এয়া পৰম্পৰাগত ভাৱে চলি আহিছে। এনেকৈ যদি পৰম্পৰাগত নিয়মৰ দোহাই দি গছ কাটি থকা হয় তেন্তে বন ধ্বংস নহয়, কি হ'ব ? 

Thursday, December 22, 2022

শিক্ষা গ্ৰহণৰ বাবে মোবাইল ফোন একান্তই প্ৰয়োজনীয় হয়নে ? Is Mobile Phone absolutely necessary for learning?

শিক্ষা গ্ৰহণৰ বাবে মোবাইল একান্তই প্ৰয়োজনীয় হয়নে ? Is mobile absolutely necessary for learning ? মোবাইল ফোন আধুনিক সমাজৰ এক অতি গুৰুত্বপূৰ্ণ আহিলা।

শিক্ষা গ্ৰহণৰ বাবে মোবাইল একান্তই প্ৰয়োজনীয় হয়নে ? মোবাইল ফোনৰ জনপ্ৰিয়তা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে এই লেখা আগবঢ়োৱা হৈছে।
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

আৰম্ভণি
সাম্প্ৰতিক যুগটোক কম্পিউটাৰ যুগ বুলি আখ্যা দিয়া হৈছে। আন কোনো কোনো বিজ্ঞলোকে আকৌ ক'ব খোজে- আজিৰ যুগ হৈছে যন্ত্ৰৰ যুগ। পদে পদে মোবাইল বা বিভিন্ন যন্ত্ৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক'ব পাৰি যে কথাটো একেবাৰে মিছা নহয়। মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত্ততেই মোবাইল ফোনৰ দৰকাৰ হৈছে । আধুনিক সমাজ কম্পিউটাৰ, মোবাইল.. আদি ইলেকট্ৰনিক সামগ্ৰীৰ অবিহনে যেন অচল হৈ পৰিছে। কি বুঢ়া,কি ডেকা সকলোকেই স্মাৰ্ট ফোন নহ'লেই নহয়। অফিচ-কাছাৰী, স্কুল-কলেজ, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী ... সকলোকেই মোবাইল ফোন প্ৰয়োজন। মোবাইল ফোন আৱিষ্কাৰৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিবৰ্তন আহিল। কিতাপৰ জ্ঞানৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলে ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন বিষয়ক জ্ঞান অতি সহজতে লাভ কৰিবলৈ সক্ষম হ'ল। এই গোটেইবোৰ আলোচনা কৰিলে শিক্ষাৰ বাবে মোবাইল ফোন কিমান প্ৰয়োজন সেই সম্পৰ্কে বিশদভাৱে জানিব পৰা যাব। লেখাটোত শিক্ষা গ্ৰহণৰ বাবে মোবাইল ফোন একান্তই প্ৰয়োজনীয় হয়নে নহয় বুজিব পৰা যাব। তলত আলোচনা আগবঢ়োৱা হৈছে।

মোবাইলৰ সম্পৰ্কে বিৱৰণ
     সাম্প্ৰতিক সময়ত মোবাইলৰ সম্পৰ্কে নজনা লোক প্ৰায় নাই বুলিলেও অত্যুক্তি কৰা নহয়। ব্যৱহাৰ, প্ৰয়োজনীয়তা আৰু জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানী বিলাকেও নিতৌ কাৰখানাত উৎপাদনৰ বৃদ্ধি ঘটায়ে আছে। বিভিন্ন কোম্পানীৰ মোবাইল বজাৰত আহিয়ে আছে। মোবাইলৰ ভিতৰত বিশেষকৈ ন'কিয়া, চেমচাং, আচুচ, অপো', ৰেডমি, মট'ৰলা, আইফোন,.... আদি মানুহৰ মুখে মুখে একেবাৰে চিনাকি নাম। কিছুমান দামী আৰু কিছুমান কম দামী মোবাইল ফোনবোৰ মোবাইলৰ দোকানত থৈ দিয়া দেখিলে এনেয়ে লও লও যেন লাগে। অশিক্ষিত লোক সকলেও মোবাইল অনায়াসে চলাব পাৰে। 

মোবাইল ফোনৰ উপকাৰী দিশ
     মোবাইল ফোন মানুহৰ বন্ধু হোৱাৰ উপৰিও পৰামৰ্শদাতা আৰু পথপ্ৰদৰ্শক বুলি অভিহিত কৰিব পাৰি। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক মোবাইল ফোনে অধ্যয়নত আচৰিত ধৰণে সহায় কৰিছে। ছাত্ৰ-ছাত্ৰী সকলে টকা খৰচ কৰি বিভিন্ন বিষয়ক কিতাপৰ নোটছ, মডেল অৰ্থাৎ সহায়িকা আজিৰ সময়ত নিকিনিলেও হ'ল। মোবাইলতে সকলো বিষয়ক জ্ঞান লাভ কৰিবলৈ সক্ষম। বিভিন্নজনে বা বিভিন্ন অনুষ্ঠানে এপৰ জৰিয়তে শিক্ষাৰ্থী সকলক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত শিক্ষা প্ৰদানো কৰে। সমাজ বিজ্ঞান, বিজ্ঞান, গণিত, অসমীয়া, হিন্দী... আদি বিষয়সমূহৰ প্ৰশ্নোত্তৰ অনলাইনৰ জৰিয়তে শিক্ষাৰ্থী সকলে লাভ কৰিবলৈ সক্ষম হৈছে কেৱল মোবাইল ফোন উপলব্ধ হোৱাৰ বাবে। তেনেধৰণৰ শিক্ষাৰ এপ হৈছে - Byju's . 

মোবাইল ফোনৰ অপকাৰী দিশ
যিমান উপকাৰী দিশ আছে মোবাইল ফোনৰ সিমান অপকাৰী দিশো আছে। মোবাইল ফোনৰ অতিপাত ব্যৱহাৰৰ ফলত শাৰীৰিক আৰু মানসিক দিশৰ বহু পৰিবৰ্তন ঘটে। চকুৰ দৃষ্টিশক্তি কমি যোৱা, গাৰবিষ হোৱা, এলেহুৱা মনোভাৱৰ সৃষ্টি, মূৰৰ বিষ, টোপনি কমি যোৱা, একানপতীয়া স্বভাৱৰ সৃষ্টি হোৱা.. আদি উপসৰ্গ সমূহে দেখা দিয়ে। আনকি শাৰীৰিক ভাৱে দুৰ্বল কৰি তুলে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে । গতিকে অপকাৰী দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি মানুহে মোবাইলৰ ব্যৱহাৰ এটা নিৰ্দিষ্ট সময়ৰ বাবেহে কৰা উচিত। যিকোনো ক্ষেত্ৰতেই দুটা দিশ থাকে - এটা ভাল আৰু আনটো বেয়া। একেদৰে মোবাইলতো দুটা দিশ থাকে - ভাল আৰু বেয়া। ছাত্ৰ-ছাত্ৰী সকল বেয়াৰ প্ৰতি বেছি আকৰ্ষিত হ'ব পাৰে। 

শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মোবাইলৰ প্ৰয়োজনীয়তা:

শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মোবাইলৰ প্ৰয়োজনীয়তা আছে। পাঠত সন্নিৱিষ্ট সকলো বিষয় পাঠটোত পোৱা নাযায়। পাঠত সাধাৰণতে খুব কম ব্যাখ্যা আগবঢ়োৱা হয়। বহলকৈ পাবলৈ হ'লে ইণ্টাৰনেট খুলিবই লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ'ব মোবাইল। বৰ্তমান শিক্ষা ব্যৱস্থাত কিতাপৰ প্ৰতিটো পাঠত বিষয়বস্তু অনুসৰি কিছুমান ৱেবছাইট সংলগ্ন কৰা থাকে। সেইবোৰ খুলি চালে বিষয়বস্তুৰ ওপৰত অধিক জ্ঞান লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকল সক্ষম হ'ব। কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাবে নোটছ, মডেল বা সহায়িকা কিনাটো অসুবিধা বা সম্ভৱ নহয়গৈ। তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মোবাইল ফোন অত্যন্ত গুৰুত্বপূৰ্ণ। মোবাইল ফোনৰ সহায়ত তেওঁলোকে কম সময়তে পাঠ্যক্ৰমৰ বিভিন্ন প্ৰশ্নোত্তৰ সংগ্ৰহ কৰিব পাৰে। এনেও দেখা যায় যে আজিৰ সময়ত প্ৰতি ঘৰতে এটা হ'লেও স্মাৰ্টফোন থাকে। গতিকে দাম দি কিতাপ কিনাতকৈ মোবাইল ফোনৰ ডাটা ২০০ টকাতে ৩০ দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ভালদৰে পঢ়িলে ছাত্ৰ এজনে চাৰি পাঁচটা বিষয়ৰ প্ৰশ্নোত্তৰ মোবাইলৰ পৰা সংগ্ৰহ কৰি বহীত লিপিবদ্ধ কৰি ল'ব পাৰে। কিতাপৰ মূল্য মোবাইলৰ ডাটাৰ সৈতে তুলনা কৰিলে এই কথা স্পষ্ট হয়। এখন কেমেষ্ট্ৰি কিতাপৰ সহায়িকাৰ দাম ১০০০ ৰ পৰা ১৫০০ ৰ ভিতৰত হয়। ইমান টকা খৰচ নকৰাকৈ মোবাইল ফোনৰ জৰিয়তে তেনে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰিব পৰা যায়। 
   কিন্তু মোবাইলৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰোঁতে ছাত্ৰ এজনৰ মানসিক দিশৰ পৰিৱৰ্তন সঠিক হ'ব লাগিব। অৰ্থাৎ ছাত্ৰজনে ভালৰ প্ৰতি বেছি গুৰুত্ব দিব লাগিব। অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে।


পৰামৰ্শ আৰু সামৰণি 
মোবাইল ফোন আধুনিক সমাজৰ ষ্টেটাচৰ প্ৰতীক স্বৰূপ। আভিজাত্যৰ প্ৰতীক স্বৰূপ মোবাইল ফোন নহ'লে যেন মানুহৰ দিনতেই আন্ধাৰ। প্ৰতিটো মুহূৰ্ত্ততেই মোবাইলৰ ব্যৱহাৰ অতি লক্ষণীয়। মোবাইল ফোনৰ অবিহনে যেন এই সমাজ অচল। বেংকৰ লেনদেন, বিভিন্ন সামগ্ৰী ক্ৰয়, বিদ্যুৎৰ বিল পৰিশোধ, গেছৰ বিল পৰিশোধ, মোবাইলৰ বিল পৰিশোধ, ভাৰতীয়াৰ ঘৰ ভাৰাৰ বিল পৰিশোধ, ... আদি বিভিন্ন লেনদেন সম্পন্ন কৰা হয় মোবাইলৰ জৰিয়তে। এনে প্ৰয়োজনীয় আহিলা মানুহে কিয় ব্যৱহাৰ নকৰিব বা কেনেকৈ ব্যৱহাৰৰ পৰা বিৰত থাকিব পাৰে ? সকলোৱে সেয়ে ইয়াৰ ব্যৱহাৰ অতি সাৱধানে কৰিব লাগে। ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত পিতৃ মাতৃৰ সাৱধানতা অতি প্ৰয়োজন । নহ'লে কমবয়সীয়া ছাত্ৰ-ছাত্ৰী সকল বেয়া দিশৰ প্ৰতি যে আকৰ্ষিত হ'ব পাৰে সেয়া নিশ্চিত। পিতৃ মাতৃয়ে সন্তানক মোবাইল দিলে parental control চিষ্টেমৰ ব্যৱস্থা কৰিহে দিয়া উচিত।






প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।


🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

Tuesday, December 20, 2022

সফলতাৰ ৰহস্য কি? সমাজৰ পৰা সন্মান লাভ কেনেকৈ পাব পাৰি? What is the secret to success ? How to get respect from the society, Do you know ? Read to know...

সফলতাৰ ৰহস্য কি? সমাজৰ পৰা সন্মান লাভ কেনেকৈ পাব পাৰি? What is the secret to success ? How to get respect from the society, Do you know ? Read to know...


🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


জীৱনত সফলতা লাভ কৰাটো
যিদৰে বৰ সহজ নহয়, সেইদৰে বৰ
টানো নহয়। জীৱনত সফলতা লাভ কৰিবলৈ
প্ৰতিজন ব্যক্তিকেই লাগে
 
 ২ 
ইচ্ছা আৰু একাগ্ৰতা । জনপ্ৰিয় হ'বলৈ আমি আনৰ প্ৰতি হৃদয়ৱান আৰু শ্ৰদ্ধাভাজন হ'ব লাগে। আনৰ ভাৱনাৰ প্ৰতি সন্মান জনাবলৈ শিকিব লাগে। 
আনৰ সংকট কালত সহায় আৰু এষাৰি উৎসাহসূচক মাত দিব লাগে। তেতিয়া সংকটত পৰা ব্যক্তিজনে তেওঁক মনত ৰাখিব। এনেদৰে মানুহ এজন বহু ব্যক্তিৰ সান্নিধ্যলৈ আহে আৰু 
জনপ্ৰিয় হৈ পৰে ।

প্ৰতিজন মানুহেই জনপ্ৰিয় হ'বলৈ প্ৰয়াস
কৰে। যিজনে জনপ্ৰিয় হ'বলৈ
অসমৰ্থ হয় সেইজন মানুহেই জীৱনত বিফল
হয়। বিফলতাই মানুহক মানুহৰ 
জীৱনটো বোজা বুলি ভাবিবলৈ বাধ্য কৰায়।

জনপ্ৰিয় হ'বলৈ আমি আনৰ প্ৰতি হৃদয়ৱান
আৰু শ্ৰদ্ধাভাজন হ'ব লাগে। আনৰ ভাৱনাৰ প্ৰতি সন্মান জনাবলৈ শিকিব লাগে। আনৰ সংকট কালত সহায় আৰু এষাৰি উৎসাহসূচক মাত দিব লাগে। তেতিয়া সংকটত পৰা ব্যক্তিজনে তেওঁক মনত ৰাখিব। এনেদৰে মানুহ এজন বহু ব্যক্তিৰ সান্নিধ্যলৈ আহে আৰু জনপ্ৰিয় হৈ পৰে ।

আনৰ বিপদকালত কেতিয়াও পৰিহাস
নকৰিব। পৰাপক্ষত বিপদত 
পৰাজনক অকুণ্ঠচিত্তে সহায় কৰক।ঞ
তেতিয়া চাব আপোনাৰ প্ৰতি মানুহজনৰ
মনোভাৱ সলনি হৈছে।

জনপ্ৰিয় হ'বৰ বাবে আনৰ লগত
কথোপকথনৰ সময়ত কেৱল
নিজৰ সম্পৰ্কে কৈ নাথাকিব। আনক উৎসাহ
আৰু প্ৰশংসা কৰি কথা কোৱা প্ৰয়োজন।
নিজৰ দোষবোৰ খোলাখুলিকৈ স্বীকাৰ কৰিব
প্ৰয়াস কৰিব লাগে। 
কাৰো প্ৰতি বেয়া ভাৱ দেখুওৱা অনুচিত।

সত্যবাদী মানুহক সকলোৱে
ভাল পায়। কেতিয়াও আন এজনৰ
আগত মিছা ক'ব নালাগে। ঠগ প্ৰৱঞ্চক
 লোকক সকলোৱে এৰি চলে। অহংকাৰী 
মনোভাৱ পৰিত্যাগ কৰক। উচ্চাত্মিকতা
মনোভাৱ লগৰ জনৰ ওচৰত কেতিয়াও 
প্ৰদৰ্শন নকৰিব।

আনৰ মন্তব্য আৰু যুক্তি মন দি
শুনিবলৈ প্ৰয়াস কৰক। আৰু সম্ভৱ
 অনুসৰি আপুনি তেখেতৰ মন্তব্যৰ বিপৰীতে
পৰামৰ্শ বা উৎসাহজনক উত্তৰ এটা
খুব কম শব্দত দিয়ক। আপোনাৰ প্ৰতি
তেখেত সঁচাকৈয়ে সন্তুষ্ট হ'ব।

আপোনাৰ যিমান বেয়া অভ্যাস আছে
এখন তালিকা বনাওঁক আৰু
সেইবোৰ জীৱনৰ পৰা আঁতৰাবলৈ যৎপৰোনাস্তি
প্ৰচেষ্টা অব্যাহত ৰাখক। মনত
ৰাখিব আপোনাৰ বেয়াবোৰ আনে বেছিকৈ
 খুচুৰে। কথাতেই কয় -"হালি পৰা গছত
সকলোৱে বাগি কুঠাৰ মাৰে।"

১০
যিকোনো মানুহৰ লগত ধৈৰ্যৰে 
মিলিব চেষ্টা কৰক।
একতাৰ মনোভাৱ পোষণ কৰক। কোনো
কাৰণতে আনজনৰ লগত তৰ্কত
লিপ্ত নহ'ব। তৰ্ক বিতৰ্কই মানুহৰ মাজত
বিভেদৰ সৃষ্টি কৰে। মনত ভেদভাৱ
কেতিয়াও নানিব। এইবোৰ হৈছে সফলতাৰ
মূল হেঙাৰ।

১১
'মানুহটো প্ৰতি মনটো, তামোলটো প্ৰতি
কণটো' - মানুহ মাত্ৰেই মনৰ
ভাৱনা বেলেগ বেলেগ হয় যিদৰে প্ৰতিটো
তামোলৰ কণটো বেলেগ বেলেগ হয়।
সেয়েহে মানুহৰ কথাৰ মাজৰ পাৰ্থক্য বুজি
ইয়াৰ মাজত সমন্বয় আনিব
চেষ্টা কৰা উচিত।

১২
জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ
অকুণ্ঠচিত্তে ত্যাগ কৰক।
ত্যাগে মানুহক মহান কৰে আৰু জনপ্ৰিয়তাৰ
শিখৰত আৰোহণ কৰাত সহায় কৰে।
স্বাৰ্থপৰ মনোভাৱ ত্যাগ কৰক।
স্বাৰ্থৰ হকে কৰা মানুহ জনপ্ৰিয় হ'ব নোৱাৰে।

১৩
'আপোন ভালেই জগত ভাল।'
গতিকে নিজে ভাল হ'লেহে আনৰ
ভালটো দেখা যায়। নিজে যিমান পাৰি
ভাল হ'বলৈ শিকক। আনৰ প্ৰতি সহানুভূতিশীল
হওঁক। হীনভাৱ পৰিত্যাগ কৰক।
দেখিব আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হৈ 
গৈ আছে। আপুনি সন্মান বুটলিবলৈ 
সক্ষম হৈছে।




       সফলতাৰ চানেকি- মহাকাশচাৰী কল্পনা চাওলা।


       সফলতাৰ আন দুটি নাম সৰ্বানন্দ সোণোৱাল আৰু
                              শচীন টেণ্ডুলকাৰ

লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক- দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Sunday, December 11, 2022

অসমীয়া ভাষা আৰু সাহিত্যৰ উৎপত্তি ও বিকাশ,এক চমু আভাস। The origin and development of Assamese language and literature, a brief glimpse.


অসমীয়া ভাষা আৰু সাহিত্যৰ উৎপত্তি ও বিকাশ,এক চমু আভাস। The origin and development of Assamese language and literature, a brief glimpse.

🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀

      🙏প্ৰত্যেক জাতিৰেই নিজস্ব ভাষা থকাৰ দৰে আমাৰ অসমীয়া জাতিটোৰো নিজা ভাষা হিচাপে অসমীয়া ভাষা আছে।অসমীয়া ভাষাটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ সাহিত্য গঢ়ি উঠিছে। যদি ভাষাক এজোপা বৃক্ষৰ লগত তুলনা কৰোঁ তেন্তে সাহিত্যক সেই বৃক্ষৰ সুবাস বিয়পোৱা পুষ্প বুলি ক'ব পাৰোঁ।অসমীয়া সাহিত্য অসমীয়া জাতিৰ আশা-আকাংক্ষা,আনন্দ-বেদনা আৰু ভাৱ-কল্পনা প্ৰকাশৰ থল।সেয়েহে অসমীয়া সাহিত্যত অসমীয়া জীৱনৰ অভিব্যক্তি,চিন্তা-ভাৱনা,আশা-আকাংশা,ধৰ্ম-সমাজ,আচাৰ-নীতি,জীৱনবীক্ষা প্ৰতিফলিত হোৱা দেখা গৈছে।ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাৰ অন্যতম এটা অসমীয়া ভাষা।অসমীয়া জাতিৰ শিক্ষা-দীক্ষা,কলা-সংস্কৃতি আৰু সমাজৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে জানিবলৈ হ'লে অসমীয়া সাহিত্য অধ্যয়ন কৰিবলগীয়া হয়।


     বহু যুগৰ অনুকূল আৰু প্ৰতিকূল অৱস্থাৰ মাজেদি সৰকি আহি অসমীয়া ভাষা আৰু সাহিত্যই বৰ্তমানৰ অৱস্থা লাভ কৰিছে।অসমীয়া সাহিত্য জনাৰ আগতে আমি অসমীয়া ভাষাৰ জন্ম-বৃত্তান্ত জানিব লাগিব।যিহেতু প্ৰথমতে ভাষা সৃষ্টি হয়,তাৰ পিছতহে সেই ভাষাৰ সাহিত্য সৃষ্টি হয়।ভাষা নোহোৱাকৈ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে;কিন্তু সাহিত্য নোহোৱাকৈ ভাষা থাকিব পাৰে।

      সম্ভৱত: ১০০০ খ্ৰীষ্টাব্দৰ ওচৰা-উচৰি সময়ত আন নব্য ভাৰতীয় আৰ্য ভাষাৰ লগে লগে অসমীয়া ভাষাৰো উৎপত্তি ঘটে।অসমীয়া ভাষা মূলত: আৰ্যভাষা পৰা আহিছে।অসমীয়া ভাষা আৰ্যভাষা সম্ভূত হ'লেও এই ভাষা কেৱল উত্তৰ ভাৰতৰ পৰাৰ অহা আৰ্যভাষা-ভাষীসকলৰ স্বকীয় সৃষ্টি বুলি ক'লে যুক্তিসংগত নহ'ব।অসমীয়া ভাষাৰ পৰিপুষ্টি সাধনত অসমত অতীজৰে পৰা বসবাস কৰা অনাৰ্যগোষ্ঠীৰ লোকসকলৰ ভাষাৰ প্ৰভাৱ নপৰাকৈ থকা নাই।
নদীৰ নাম,ঠাইৰ নাম,ধ্বন্যাত্মক শব্দ,অনুসৰ্গ,দুই-এটা প্ৰত্যয় আৰু কিছু ঘৰুৱা শব্দ অনাৰ্য ভাষাৰ পৰা লোৱা।অসমীয়া উচ্চাৰণ আৰু ধ্বনি বিকাশতো অনাৰ্য ভাষাৰ যথেষ্ট প্ৰভাৱ আছে।অসমীয়া ভাষা সংস্কৃত ভাষাৰপৰা উদ্ভৱ হৈছে বুলি কোৱা কথাটো সৰ্বাংশে শুদ্ধ নহয়।ভাষা বিচাৰৰ দৃষ্টিভংগীৰে চালে সংস্কৃত ভাষা বৈদিক ভাষাৰ সমগোত্ৰীয় কথিত ভাষা বিশেষৰ পৰিমাৰ্জিত আৰু সাহিত্যিক ৰূপহে।বৈদিক যুগৰ কথিত ভাষাবিশেষ বিভিন্ন আৰ্য অধ্যুষিত স্থানত তেতিয়া প্ৰচলিত আছিল।উত্তৰ পশ্চিম অঞ্চলৰ এনে কথিত আৰ্য ভাষাকেই ভেটি কৰি সংস্কৃত ভাষাৰ সৃষ্টি হৈছিল।সেই সময়ত সংস্কৃতৰ বাহিৰেও আৰ্য-সংস্কাৰযুক্ত জনসাধাৰণৰ মাজত দৈনন্দিন জীৱন যাত্ৰা নিৰ্বাহৰ ক্ষেত্ৰত অসংস্কৃত কথিত আৰ্য ভাষা প্ৰচলিত আছিল।বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য-ভাষাই ক্ৰমে পৰিৱৰ্তন লাভ কৰি আৰু সবল হৈ প্ৰাকৃত ভাষা ৰূপে অভিহিত হয়।আভিজাত্য-গৰ্বিত সংস্কৃত পণ্ডিতসকলে অৱজ্ঞাৰ দৃষ্টিৰে এই ভাষাসমূহক প্ৰাকৃত অৰ্থাৎ জনসাধাৰণৰ ভাষা বা অসংস্কৃত মূলভাষা বুলি আখ্যা দিছিল।জনসাধাৰণৰ মুখে মুখে এই প্ৰাকৃত ভাষাই আৰু সৰলতৰ হৈ অপভ্ৰংশত পৰিণত হয়।এই প্ৰাকৃত ভাষা ৰূপান্তৰৰ মাজেদি অসমীয়া ভাষা সৃষ্টি হ'ল।

    প্ৰত্ন-অসমীয়াৰ প্ৰথম সাহিত্যিক নিদৰ্শন সহজযানী বৌদ্ধ সিদ্ধসকলৰ চৰ্যাগীতসমূহত পোৱা যায়।চৰ্যাসমূহত পশ্চিমা বা শৌৰসেনী অপভ্ৰংশৰ লক্ষণ দেখা যায়।চৰ্যাগীত সমূহ ৰচনাৰ তাৰিখ সম্পৰ্কে মতভেদ থাকিলেও সিবোৰ নৱম আৰু দ্বাদশ শতিকাৰ ভিতৰতে ৰচনা কৰা।বৌদ্ধ দোহাবিলাকৰ অনেক ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশেষত্ব অবিৰতভাৱে তেতিয়াৰ পৰা আধুনিক অসমীয়ালৈকে নামি আহিছে।বড়ু চণ্ডীদাসৰ 'শ্ৰীকৃষ্ণ-কীৰ্তন'-ৰো অনেক ভাষাতাত্ত্বিক বিশেষত্বই অসমীয়া ভাষাৰ পূৰ্বৰূপলৈ আঙুলিয়ায়।

      চতুৰ্দশ শতিকাৰ কাব্যত আমি অসমীয়া ভাষা সম্পূৰ্ণ পূৰ্ণাঙ্গ সাহিত্যিক ভাষা ৰূপে পাওঁ।ইয়াৰ আগতে অসমীয়া ভাষাৰ পৰিষ্কাৰ ৰূপৰ নিদৰ্শন পোৱা নাযায়।ডক্টৰ বাণীকান্ত কাকতীয়ে অসমীয়া ভাষাৰ বুৰঞ্জীক প্ৰাচীন অসমীয়া ,মধ্য অসমীয়া আৰু আধুনিক অসমীয়া এই তিনি ভাগত ভাগ কৰিছে আৰু প্ৰাচীন অসমীয়াক প্ৰাগবৈষ্ণৱ আৰু বৈষ্ণৱত ভাগ কৰিছে।প্ৰাগবৈষ্ণৱ কবিসকলৰ ভাষাৰ দুই-এটি ৰূপতাত্ত্বিক বিশেষত্ব শঙ্কৰদেৱৰ যুগত লুপ্ত হয়।হেম সৰস্বতীৰ কবিতাত 'নফৰ'(আৰবী নফৰ্) শব্দটো ব্যৱহাৰে অসমীয়া ভাষাৰ শব্দ সম্ভাৰৰ বিশেষ এটি উপাদানৰ আৰম্ভণি সূচনা কৰে।শঙ্কৰদেৱৰ যুগত আৰবী-ফাৰ্চী মূলীয় শব্দৰ ব্যৱহাৰ আৰু মুকলি হয়।যেনে-চাহেব(আৰবী),চাকৰ,চকৰী(ফাৰ্চী),হাৰাম,হাৰামখোৰ(আ+ফা) আদি।সেই সময়তে ব্ৰজাৱলী ভাষা নামৰ এটি কৃত্ৰিম ভাষা সৃষ্টি হয়।সেই সময়তে গদ্য-পদ্য উভয়তে ভাষা ৰূপে ব্ৰজাৱলীক ব্যৱহাৰ কৰা দেখা গৈছিল।

     সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ অভিনৱ ৰূপ ধাৰণ হয় সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা।আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাৰ ফলত অসমীয়া সাহিত্যৰ ইতিহাসত এক পৰিৱৰ্তন আহিল।আহোমসকলৰ ঐতিহাসিক অভিৰুচিৰ প্ৰভাৱত ৰাজধানীৰ উচ্চ মহলত কথ্য ভাষাত সপ্তদশ শতিকাৰ দ্বিধীয়াৰ্ধত পুৰণি অসমীয়া বুৰঞ্জী,বাঁহগড়ীয়া বুৰঞ্জীকে আদি কৰি দুই এখন বুৰঞ্জী লিখা আৰম্ভ হয় আৰু বৈষ্ণৱ সত্ৰসমূহত সত্ৰীয়া শৈলীৰ কথ্য ভাষাত কথা-গুৰু চৰিতসমূহ ৰচিত হ'বলৈ ধৰে।এই দুটি নতুন প্ৰথাৰ দ্বাৰা ভাষাৰ কথ্য আৰু সাহিত্যিক ৰূপৰ ব্যৱধান আঁতৰ হয়।তদোপৰি আৰবী-ফাৰ্চীৰ ভাষাৰ শব্দ অসমীয়া ভাষালৈ একেলেথাৰিয়ে আহিবলৈ ধৰে।যেনে-হাৰামজাদী,জাগা,হুজুৰ,খিয়াল,ৰুটি,পাল্কি,হাচিল আদি।অানহাতে আৰবী-ফাৰ্চী মূলীয় শব্দৰ প্ৰয়োগ ঘটিছিল আজান ফকিৰ চাহাবে অসমত সৃষ্টি কৰা জিকিৰ বোৰত।হয়টো তেতিয়াৰ পৰাই দুনিয়াই,আচমান,বজাৰ(হাট),মোকাম(চিন) আদি শব্দবোৰে ঘৰুৱা শব্দত পৰিণত হ'ল।

    আহোম যুগতে তাই ভাষাৰ বহু শব্দ অসমীয়া ভাষাত সোমায়।যেনে-বুৰঞ্জী,কাৰেং,ৰংঘৰ,বানকাঁহী,বানবাটি,চক্লং,নিচা,নামচাং,নামৰূপ,নামডাং,নামডাওফি আদি।এইটো কথা নুই কৰিব নোৱাৰি যে খাছী আৰু বড়োসকলৰ পৰাও কিছু শব্দ অসমীয়া ভাষাত সোমাই পৰা নাই।অসমত বিস্তৃতভাৱে সিঁচৰতি হৈ থকা ভৌগোলিক নামবোৰক পণ্ডিতসকলে বড়ো প্ৰভাৱ দেখা পায়।তদুপৰি অসমীয়া ধাতু,যৌগিক শব্দ আৰু প্ৰত্যয় কিছুমান বড়োৰ পৰা আহিছে বুলি ড° বাণীকান্ত কাকতিয়ে কৈছে।এনেদৰেই বিভিন্ন ভাষা,বিভিন্ন জাতিৰ পৰা অহা শব্দ গোট খাই অসমীয়া ভাষা পুষ্ট হৈছিল।

     অসমীয়া ভাষাৰ আধুনিক পৰ্ব আৰম্ভ হয় ১৮১৩ চনত।তেতিয়া কলিকতাৰ ওচৰৰ শ্ৰীৰামপুৰৰ ইংৰাজ খ্ৰীষ্ট্ৰিয়ান পাদুৰীসকলে অসমীয়াত বাইবেল পুথি ছপা কৰি উলিয়াইছিল।শিৱসাগৰত ছপাশাল পাতি ১৮৪৬ চনৰ পৰা 'অৰুণোদই' কাকত উলিয়াই আধুনিক স্তৰটো সুপ্ৰতিষ্ঠিত কৰায় আমেৰিকাৰ বেপ্টিষ্ট মিছনৰ পাদুৰীসকলে।১৮৪৮ চনত নেথান ব্ৰাউনে অসমীয়া ব্যাকৰণ আৰু ১৮৬৭ চনত মাইলছ্ ব্ৰনছনে অসমীয়া অভিধান প্ৰকাশ কৰি উলিওৱাৰ অন্তত অসমীয়াক আৰু শক্তিশালী কৰায়।পাদুৰীসকলৰ প্ৰভাৱত এচাম অসমীয়া লেখক ওলাই অসমীয়া ভাষাক আধুনিকভাৱে আগবঢ়াত সহায় কৰে।শেষত হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ আৰু অভিধানে অসমীয়াৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক গঢ়ৰ মানদণ্ড নিৰূপন কৰি দিয়ে।ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বিশেষকৈ শব্দমালাৰ ফালৰ পৰা অসমীয়া ভাষা দ্ৰুতভাৱে প্ৰসাৰিত হ'বলৈ ধৰে।এই সময়তে ইংৰাজীৰ বাহিৰে আন আন ভাষাৰ লগতো অসমীয়াৰ সংঘৰ্ষ আৰু সম্পৰ্ক প্ৰবলভাৱে হ'বলৈ ধৰে।সেই সময়ৰে পৰাই অসমীয়া ভাষাত ইংৰাজী ,হিন্দী আৰু ফাৰ্চী-আৰবী মূলীয় শব্দৰ প্ৰয়োগ বাঢ়ি উঠে।যেনে:-ইংৰাজীৰ পৰা জজ,ট্ৰেজাৰী,ছাৰ্ভে,আফিল,গবৰ্ণমেণ্ট,কোট,পটলুং,পাউডাৰ,ফটোগ্ৰাফ আদি;ফাৰ্চীৰ পৰা পিয়াদা,চুপাৰিছ,পৰৱানা,চিয়াঁহী,পোছাক,পাইজামা,চামুচ,পোলাও,খিচমিচ,পিঁয়াজ আদি;আৰবীৰ পৰা         হাকিম,উকীল,আমোলা,কয়দী,আদালত,এজাহাৰ,কিতাপ আদি;হিন্দীৰ পৰা চকিদাৰ,খচৰা,নথি ,খাতা আদি।এইবোৰ শব্দই বৰ্তমান যুগৰ অসমীয়াত সহাৱস্থান কৰি আছে।এনেকৈয়ে অসমীয়া ভাষাই বিৱৰ্তনৰ মাজেদি আগবাঢ়ি আহি বৰ্তমানৰ অৱস্থা পালে।

Copied post 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখাটো WhatsApp ৰ গ্ৰুপৰ পৰা সংগৃহীত। প্ৰকাশক: দুদুল সোণোৱাল।




🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️


Monday, December 5, 2022

What is the importance of an ideal teacher? brief description about ideal teacher and Ideal Education. আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ অৱধাৰণা।

Idea of Ideal Teacher and Ideal Education. আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ অৱধাৰণা।

🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅
  

 শিক্ষা প্ৰক্ৰিয়াত শিক্ষক আৰু শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত থকা দুটা বিষয়বস্তু। এটাৰ অবিহনে আনটোৰ গঠন অসম্পূৰ্ণ বুলিব পাৰি। তলত আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ সংক্ষিপ্ত আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে লেখাটো সুবক্তা দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ৱেইমেন কলেজত অনুষ্ঠিত এখন সভাত আগবঢ়োৱা ভাষণত উদ্বুদ্ধ হৈ লিখিবলৈ প্ৰয়াস কৰিলোঁ। অৱশ্যে ইয়াত তেখেতৰ মনৰ কথা সংযুক্ত কৰা হোৱা নাই। ইয়াত লিখাবোৰ মোৰ নিজা অভিমত বুলি ধৰিব পাৰে। সুধী সমাজে ভুল ত্ৰুটি আঙুলিয়াই দিলে আনন্দিত হ'ম।
   শিক্ষা প্ৰক্ৰিয়াত এজন শিক্ষকৰ দায়িত্ব বহুত। এজন শিক্ষকে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লগীয়া হয়। শিক্ষকজন যিয়েই নহওঁক অৰ্থাৎ শিক্ষক এজন চৰকাৰী বা অৰ্ধ চৰকাৰী বা বেচৰকাৰী যিয়েই নহওঁক তাৰ কৰ্তব্য বা দায়িত্ব একেই। প্ৰকৃততে এজন শিক্ষকৰ কোনো স্তৰ নাই। কোনো ভাগ নাই বা থকা অনুচিত। মুঠতে শিক্ষকজনৰ গাত বহু গুণৰ উপস্থিতি একান্তই প্ৰয়োজনীয়। বিশেষকৈ এজন শিক্ষকৰ চৰিত্ৰত প্ৰস্ফুটিত হোৱা গুণসমূহ হ'ব পাৰে - 
   ১/ শিক্ষণ দক্ষতাৰ গুণ , 
   ২/ কথন দক্ষতাৰ গুণ, 
   ৩/ চাৰিত্ৰিক গুণ - ক) হাঁহি বা হাস্যৰসিক, খ) ভদ্ৰতা , গ) অমায়িক, ঘ) ধৈৰ্য, ঙ) মৰমিয়াল, চ) শিষ্টাচাৰ , ছ) ক্ৰোধহীন স্বভাৱ, জ) আত্মীয় মনোভাৱ, ঝ) সততা আদি গুণ সমূহ ।
   ৪/ সত্যবাদিতা
   ৫/ শিক্ষাৰ পৰিমাণ 
   ৬/ সক্ৰিয়তা
   ৭/সদা প্ৰস্তুত ... আদি।
   শিক্ষকৰ এনে গুণসমূহ সাধাৰণতে আন্ত:কৰণেৰে প্ৰস্ফুটিত হোৱা উচিত। অৰ্থাৎ এজন শিক্ষকৰ এনে গুৰুত্বপূৰ্ণ গুণসমূহ আত্মাৰ পৰা নিগৰিত হয়। আত্মাৰ জৰিয়তে নিগৰিত গুণ সত্য, বিশুদ্ধ আৰু নিষ্পাপ। এজন আদৰ্শ শিক্ষকৰ এনে গুণসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীৰ আত্মাৰ সৈতে সংপৃক্ত হৈ তেওঁলোকক উচিত তথা প্ৰমূল্যৰ জ্ঞান প্ৰদান কৰিবলৈ সক্ষম। যিজন শিক্ষক এনে মহৎ গুণৰ অধিকাৰী, সেই জন শিক্ষকেই প্ৰকৃতাৰ্থত এজন আদৰ্শ শিক্ষক।
   এজন শিক্ষক আদৰ্শৱান হ'ব তেতিয়াহে, যেতিয়া শিক্ষকজনৰ প্ৰতিটো গুণ আন সহস্ৰজনৰ অনুকৰণৰ যোগ্য বুলি বিবেচিত হ'ব। কিন্তু সঁচা অৰ্থত এজন শিক্ষক সম্পূৰ্ণৰূপে আদৰ্শ হ'ব নোৱাৰে বা হোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। সম্পূৰ্ণৰূপে আদৰ্শ হোৱাৰ অৰ্থ হ'ল - শিক্ষকজনৰ দৈহিক, মানসিক, শৈক্ষিক আৰু আধ্যাত্মিক জ্ঞান আৰু গুণৰ সম্পূৰ্ণতা। শিক্ষকজন শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আৰু জানিব লগীয়া অধিক নাই। পাৰ্থিৱ বা অপাৰ্থিৱ জগতৰ তেওঁ বহু কথাৰ পণ্ডিত বা সম্পূৰ্ণ বিজ্ঞ। সেয়ে তেনে এজন শিক্ষককহে বিভিন্ন শিক্ষাবিদ সকলৰ মতে আদৰ্শ শিক্ষক বুলিব পাৰি। 
   ই যি কি নহওঁক, শিক্ষাৰ ব্যাপক ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকৰ প্ৰয়োজনীয়তা অসীম। সম্পূৰ্ণৰূপে আদৰ্শ শিক্ষক হ'ব নোৱাৰিলেও আমি প্ৰত্যেকেই একোজন আদৰ্শ শিক্ষকৰ ওচৰ চাপিবলৈ প্ৰয়াস কৰিব লাগে।
   আদৰ্শ শিক্ষক এজনৰ জ্ঞানৰ পৰিসৰ ব্যাপক। অৰ্থাৎ তেওঁৰ বিষয়বস্তুৰ ওপৰিও আন আন বিষয়তো সমানে অগাধ জ্ঞান থাকে বুলি ভবা হয়। আনহাতে শিকাবলগীয়া বিষয়বস্তুৰ জ্ঞান স্পষ্ট আৰু সদাপ্ৰস্তুত। সেয়ে তেওঁলোকে প্ৰতিটো বিষয়বস্তু ছাত্ৰ-ছাত্ৰীক পুংখানুপুংখ ভাৱে বুজাবলৈ সক্ষম। আদৰ্শ শিক্ষক একোজন জ্ঞানপিপাসু স্বভাৱৰ। নিজে বিভিন্ন কিতাপৰ জ্ঞান নিয়মীয়া অধ্যয়নৰ জৰিয়তে আয়ত্ত কৰি ছাত্ৰ-ছাত্ৰীক সাৰগৰ্ভ প্ৰদান কৰি শিক্ষাৰ মানদণ্ড উন্নয়নত প্ৰত্যক্ষ অৰিহণা আগবঢ়ায়। সেয়ে একোজন আদৰ্শ শিক্ষক একোটা বিশেষ বিষয়ত পাকৈত আৰু পণ্ডিত হিচাপে বিবেচিত হয়। আদৰ্শ শিক্ষকৰ অভিব্যক্তিৰ সুৰ সাধাৰণতে বৰ কঠোৰ। কিন্তু বিৰক্তিকৰ অথবা বিৰক্তিজনক নহয় বৰঞ্চ ইয়াৰ সুৰ অতি মনোৰম। আদৰ্শ শিক্ষক এজন হাস্যৰসিক গুৰুগম্ভীৰ। বিভিন্ন খুহুতীয়া কথাৰ অৱতাৰণা কৰি ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ জ্ঞান প্ৰদানত সিদ্ধহস্ত। সেয়ে এনে শিক্ষকৰ পাঠদান কাৰ্যসূচী ফলপ্ৰসূ হয়। দৰাচলতে আদৰ্শ শিক্ষক- সততা,সংযম আৰু ন্যায়পৰায়ণতা আদিৰ দৰে মহৎ গুণৰ অধিকাৰী হোৱাৰ বাবে ইহঁত সকলোৰে প্ৰিয়পাত্ৰ হয়। আনহাতে আদৰ্শ শিক্ষক গৰাকীয়ে সকলো পৰিস্থিতিৰ সৈতে অভিযোজন কৰিব সক্ষম। বিশেষকৈ তেওঁলোক পৰিৱৰ্তনৰ প্ৰতি সদায় সংবেদনশীল।
   তাৰোপৰি এজন আদৰ্শ শিক্ষক আত্মবিশ্বাসী আৰু সেয়ে তেওঁ সকলোৰে বাবে আত্মবিশ্বাসৰ এক আৰ্হি হিচাপে বিবেচিত। বিদ্যালয়ৰ পৰিৱেশৰ প্ৰতি তেওঁ সদাজাগ্ৰত। শৈক্ষিক বাতাবৰণ সুস্থ আৰু ইতিবাচক অৱস্থাত ৰাখিবলৈ তেওঁ সদায় যৎপৰোনাস্তি প্ৰয়াস কৰে।

আদৰ্শ শিক্ষাৰ ধাৰণা:
    শিক্ষাৰ আভিধানিক অৰ্থ হৈছে - কোনো বিষয় বা কৰ্ম ক্ষেত্ৰত বিশেষ জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ব কৰা। অতি প্ৰাচীন কালৰে পৰা শিক্ষা প্ৰক্ৰিয়াই মানৱ সমাজক উন্নতিৰ আগুৱাই নিয়াত সহায় কৰিছে আৰু পদে পদে মানুহক প্ৰভাৱান্বিত কৰি আহিছে। শিক্ষাৰ প্ৰভাৱত মানুহে পূৰ্বৰ অনুন্নত অৱস্থা অতিক্ৰম কৰি বৰ্তমানৰ গতিশীল সমাজৰ লগত বাস কৰিবলৈ সক্ষম হৈছে। গতিকে শিক্ষাই সমাজৰ পৰিৱৰ্তন আনে। মানুহৰ মানসিক ধাৰণাৰ পৰিৱৰ্তন ঘটাই। সেয়ে শিক্ষা মানুহৰ বাবে অতি প্ৰয়োজনীয় বিষয় ।
    কিছুমান শিক্ষাবিদৰ উদ্ধৃতিৰে ক'বলৈ গ'লে - 'শিক্ষা হ'ল অতীতৰ সংস্কৃতিৰ বাহক, বৰ্তমান সভ্যতাৰ পোষক আৰু ভৱিষ্যত প্ৰগতিৰ জনক।'( Education is the vehicle of culture of the past, sustainer of the civilization of the present and the fountain of the progress of the future.) শিক্ষাই দেশৰ নাগৰিকসকলৰ সমাজৰ পুৰণি ঐতিহ্যৰ গৰাকী কৰাৰ উপৰিও বৰ্তমান সভ্যতা-সংস্কৃতি বৰ্তি থকাত সহায় কৰে আৰু ভৱিষ্যত প্ৰগতি বা অগ্ৰগতিৰ বাবে মূল প্ৰেৰণাৰ যোগান ধৰে।
    আনহাতে আন কিছুমান শিক্ষাবিদৰ মতে, "জীৱনৰ সৰ্বতোমুখী বিকাশেই হ'ল শিক্ষা। "  ( Education is the fullest development of life.) আচলতে প্ৰকৃত শিক্ষাই মানুহৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশৰ লগতে আন দিশবিলাকো পৰিপূৰ্ণতাৰে বিকশিত কৰি তোলাত সহায় কৰে। সেয়ে ইয়াক সৰ্বতোমুখী বিকাশ বুলি গণ্য কৰা হৈছে। 
    ওপৰোক্ত আলোচনাৰ পৰা বুজিব পাৰি যে যি শিক্ষাই মানুহৰ মানসিক দিশৰ পৰিৱৰ্তন কৰে, জীৱিকা অৰ্জনৰ দক্ষতা আৰু কৌশলৰ জ্ঞান প্ৰদান কৰে, চৰিত্ৰ গঠনত সহায় কৰে, অজ্ঞানতা দূৰ কৰাত সহায় কৰে, পৰিপূৰ্ণ জীৱন যাপনত সহায় কৰে প্ৰকৃততে সেই শিক্ষাই হৈছে আদৰ্শ শিক্ষা। 
    স্বামী বিবেকানন্দই কৈছিল - " মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা।" ( Education is the manifestation of perfection already in man.) এই মন্তব্যৰ পৰা বুজিব পৰা যায় যে মানুহৰ প্ৰয়োজনীয় সমস্ত দিশৰ যি শিক্ষাৰ দ্বাৰা পূৰ্ণতাৰে বিকাশ ঘটাব পাৰে, প্ৰকৃততে সেই শিক্ষাই হৈছে ভাল শিক্ষা যাক আমি আদৰ্শ শিক্ষা বুলি অভিহিত কৰিব পাৰোঁ।
    আদৰ্শ শিক্ষাৰ সম্পৰ্কে মহামানৱ মহাত্মা গান্ধীয়েও কৈ গৈছে যে মানুহৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক আদি সকলো দিশতে হোৱা পৰিৱৰ্তন আৰু বিকাশেই হ'ল আদৰ্শ শিক্ষা ।
    আলোচনাৰ পৰা ক'ব পাৰি যে শিক্ষাই মানুহৰ মনত পৰিৱৰ্তনৰ বতাহ বলায়। এই পৰিৱৰ্তন দৈহিক, মানসিক আৰু আধ্যাত্মিক হ'ব পাৰে। শিক্ষাৰ প্ৰভাৱত মানুহ সামাজিক ভাৱেও বিকশিত হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন উন্নতি আৰু বিকাশ ঘটাত শিক্ষাই সহায় কৰে। গতিকে যি শিক্ষাৰ সহায়ত মানুহৰ জীৱন শৈলীৰ বিকাশ আৰু বৰ্ধন হয় , যি শিক্ষাই মানুহক মানুহ মানুহ কৰি তোলাত মূখ্য ভূমিকা পালন কৰে সেই শিক্ষাই হৈছে আদৰ্শ শিক্ষা।
    আদৰ্শ শিক্ষা আদৰ্শ শিক্ষকৰ দ্বাৰাহে সম্ভৱ। শিক্ষা যিদৰে এক জীৱন ব্যাপী প্ৰক্ৰিয়া, ঠিক একেদৰে শিক্ষাদানো জীৱনব্যাপী চলা প্ৰক্ৰিয়া। সেয়ে শিক্ষা আৰু আদৰ্শ শিক্ষক এটা মূদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি। 
    শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ হ'লে শিক্ষা প্ৰক্ৰিয়াও সলনি হ'ব লাগিব। শিক্ষা প্ৰদানত জড়িত থকা শিক্ষাগুৰু সকলৰো শিক্ষাদানৰ পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব। তেতিয়াহে আদৰ্শ শিক্ষা ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থীৰ বাবে গ্ৰহণীয় আৰু আদৰ্শনীয় হৈ ৰব।


🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️
     
   প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক :  দুদুল সোণোৱাল।






🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
   
   

   
   

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts