Idea of Ideal Teacher and Ideal Education. আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ অৱধাৰণা।
🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅
শিক্ষা প্ৰক্ৰিয়াত শিক্ষক আৰু শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত থকা দুটা বিষয়বস্তু। এটাৰ অবিহনে আনটোৰ গঠন অসম্পূৰ্ণ বুলিব পাৰি। তলত আদৰ্শ শিক্ষক আৰু আদৰ্শ শিক্ষাৰ সংক্ষিপ্ত আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে লেখাটো সুবক্তা দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দ্বাৰা ৱেইমেন কলেজত অনুষ্ঠিত এখন সভাত আগবঢ়োৱা ভাষণত উদ্বুদ্ধ হৈ লিখিবলৈ প্ৰয়াস কৰিলোঁ। অৱশ্যে ইয়াত তেখেতৰ মনৰ কথা সংযুক্ত কৰা হোৱা নাই। ইয়াত লিখাবোৰ মোৰ নিজা অভিমত বুলি ধৰিব পাৰে। সুধী সমাজে ভুল ত্ৰুটি আঙুলিয়াই দিলে আনন্দিত হ'ম।
শিক্ষা প্ৰক্ৰিয়াত এজন শিক্ষকৰ দায়িত্ব বহুত। এজন শিক্ষকে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লগীয়া হয়। শিক্ষকজন যিয়েই নহওঁক অৰ্থাৎ শিক্ষক এজন চৰকাৰী বা অৰ্ধ চৰকাৰী বা বেচৰকাৰী যিয়েই নহওঁক তাৰ কৰ্তব্য বা দায়িত্ব একেই। প্ৰকৃততে এজন শিক্ষকৰ কোনো স্তৰ নাই। কোনো ভাগ নাই বা থকা অনুচিত। মুঠতে শিক্ষকজনৰ গাত বহু গুণৰ উপস্থিতি একান্তই প্ৰয়োজনীয়। বিশেষকৈ এজন শিক্ষকৰ চৰিত্ৰত প্ৰস্ফুটিত হোৱা গুণসমূহ হ'ব পাৰে -
১/ শিক্ষণ দক্ষতাৰ গুণ ,
২/ কথন দক্ষতাৰ গুণ,
৩/ চাৰিত্ৰিক গুণ - ক) হাঁহি বা হাস্যৰসিক, খ) ভদ্ৰতা , গ) অমায়িক, ঘ) ধৈৰ্য, ঙ) মৰমিয়াল, চ) শিষ্টাচাৰ , ছ) ক্ৰোধহীন স্বভাৱ, জ) আত্মীয় মনোভাৱ, ঝ) সততা আদি গুণ সমূহ ।
৪/ সত্যবাদিতা
৫/ শিক্ষাৰ পৰিমাণ
৬/ সক্ৰিয়তা
৭/সদা প্ৰস্তুত ... আদি।
শিক্ষকৰ এনে গুণসমূহ সাধাৰণতে আন্ত:কৰণেৰে প্ৰস্ফুটিত হোৱা উচিত। অৰ্থাৎ এজন শিক্ষকৰ এনে গুৰুত্বপূৰ্ণ গুণসমূহ আত্মাৰ পৰা নিগৰিত হয়। আত্মাৰ জৰিয়তে নিগৰিত গুণ সত্য, বিশুদ্ধ আৰু নিষ্পাপ। এজন আদৰ্শ শিক্ষকৰ এনে গুণসমূহৰ বাবে ছাত্ৰ-ছাত্ৰীৰ আত্মাৰ সৈতে সংপৃক্ত হৈ তেওঁলোকক উচিত তথা প্ৰমূল্যৰ জ্ঞান প্ৰদান কৰিবলৈ সক্ষম। যিজন শিক্ষক এনে মহৎ গুণৰ অধিকাৰী, সেই জন শিক্ষকেই প্ৰকৃতাৰ্থত এজন আদৰ্শ শিক্ষক।
এজন শিক্ষক আদৰ্শৱান হ'ব তেতিয়াহে, যেতিয়া শিক্ষকজনৰ প্ৰতিটো গুণ আন সহস্ৰজনৰ অনুকৰণৰ যোগ্য বুলি বিবেচিত হ'ব। কিন্তু সঁচা অৰ্থত এজন শিক্ষক সম্পূৰ্ণৰূপে আদৰ্শ হ'ব নোৱাৰে বা হোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। সম্পূৰ্ণৰূপে আদৰ্শ হোৱাৰ অৰ্থ হ'ল - শিক্ষকজনৰ দৈহিক, মানসিক, শৈক্ষিক আৰু আধ্যাত্মিক জ্ঞান আৰু গুণৰ সম্পূৰ্ণতা। শিক্ষকজন শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যাবলৈ আৰু জানিব লগীয়া অধিক নাই। পাৰ্থিৱ বা অপাৰ্থিৱ জগতৰ তেওঁ বহু কথাৰ পণ্ডিত বা সম্পূৰ্ণ বিজ্ঞ। সেয়ে তেনে এজন শিক্ষককহে বিভিন্ন শিক্ষাবিদ সকলৰ মতে আদৰ্শ শিক্ষক বুলিব পাৰি।
ই যি কি নহওঁক, শিক্ষাৰ ব্যাপক ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকৰ প্ৰয়োজনীয়তা অসীম। সম্পূৰ্ণৰূপে আদৰ্শ শিক্ষক হ'ব নোৱাৰিলেও আমি প্ৰত্যেকেই একোজন আদৰ্শ শিক্ষকৰ ওচৰ চাপিবলৈ প্ৰয়াস কৰিব লাগে।
আদৰ্শ শিক্ষক এজনৰ জ্ঞানৰ পৰিসৰ ব্যাপক। অৰ্থাৎ তেওঁৰ বিষয়বস্তুৰ ওপৰিও আন আন বিষয়তো সমানে অগাধ জ্ঞান থাকে বুলি ভবা হয়। আনহাতে শিকাবলগীয়া বিষয়বস্তুৰ জ্ঞান স্পষ্ট আৰু সদাপ্ৰস্তুত। সেয়ে তেওঁলোকে প্ৰতিটো বিষয়বস্তু ছাত্ৰ-ছাত্ৰীক পুংখানুপুংখ ভাৱে বুজাবলৈ সক্ষম। আদৰ্শ শিক্ষক একোজন জ্ঞানপিপাসু স্বভাৱৰ। নিজে বিভিন্ন কিতাপৰ জ্ঞান নিয়মীয়া অধ্যয়নৰ জৰিয়তে আয়ত্ত কৰি ছাত্ৰ-ছাত্ৰীক সাৰগৰ্ভ প্ৰদান কৰি শিক্ষাৰ মানদণ্ড উন্নয়নত প্ৰত্যক্ষ অৰিহণা আগবঢ়ায়। সেয়ে একোজন আদৰ্শ শিক্ষক একোটা বিশেষ বিষয়ত পাকৈত আৰু পণ্ডিত হিচাপে বিবেচিত হয়। আদৰ্শ শিক্ষকৰ অভিব্যক্তিৰ সুৰ সাধাৰণতে বৰ কঠোৰ। কিন্তু বিৰক্তিকৰ অথবা বিৰক্তিজনক নহয় বৰঞ্চ ইয়াৰ সুৰ অতি মনোৰম। আদৰ্শ শিক্ষক এজন হাস্যৰসিক গুৰুগম্ভীৰ। বিভিন্ন খুহুতীয়া কথাৰ অৱতাৰণা কৰি ছাত্ৰ-ছাত্ৰীক বিষয়বস্তুৰ জ্ঞান প্ৰদানত সিদ্ধহস্ত। সেয়ে এনে শিক্ষকৰ পাঠদান কাৰ্যসূচী ফলপ্ৰসূ হয়। দৰাচলতে আদৰ্শ শিক্ষক- সততা,সংযম আৰু ন্যায়পৰায়ণতা আদিৰ দৰে মহৎ গুণৰ অধিকাৰী হোৱাৰ বাবে ইহঁত সকলোৰে প্ৰিয়পাত্ৰ হয়। আনহাতে আদৰ্শ শিক্ষক গৰাকীয়ে সকলো পৰিস্থিতিৰ সৈতে অভিযোজন কৰিব সক্ষম। বিশেষকৈ তেওঁলোক পৰিৱৰ্তনৰ প্ৰতি সদায় সংবেদনশীল।
তাৰোপৰি এজন আদৰ্শ শিক্ষক আত্মবিশ্বাসী আৰু সেয়ে তেওঁ সকলোৰে বাবে আত্মবিশ্বাসৰ এক আৰ্হি হিচাপে বিবেচিত। বিদ্যালয়ৰ পৰিৱেশৰ প্ৰতি তেওঁ সদাজাগ্ৰত। শৈক্ষিক বাতাবৰণ সুস্থ আৰু ইতিবাচক অৱস্থাত ৰাখিবলৈ তেওঁ সদায় যৎপৰোনাস্তি প্ৰয়াস কৰে।
আদৰ্শ শিক্ষাৰ ধাৰণা:
শিক্ষাৰ আভিধানিক অৰ্থ হৈছে - কোনো বিষয় বা কৰ্ম ক্ষেত্ৰত বিশেষ জ্ঞান, দক্ষতা আৰু কৌশল আয়ত্ব কৰা। অতি প্ৰাচীন কালৰে পৰা শিক্ষা প্ৰক্ৰিয়াই মানৱ সমাজক উন্নতিৰ আগুৱাই নিয়াত সহায় কৰিছে আৰু পদে পদে মানুহক প্ৰভাৱান্বিত কৰি আহিছে। শিক্ষাৰ প্ৰভাৱত মানুহে পূৰ্বৰ অনুন্নত অৱস্থা অতিক্ৰম কৰি বৰ্তমানৰ গতিশীল সমাজৰ লগত বাস কৰিবলৈ সক্ষম হৈছে। গতিকে শিক্ষাই সমাজৰ পৰিৱৰ্তন আনে। মানুহৰ মানসিক ধাৰণাৰ পৰিৱৰ্তন ঘটাই। সেয়ে শিক্ষা মানুহৰ বাবে অতি প্ৰয়োজনীয় বিষয় ।
কিছুমান শিক্ষাবিদৰ উদ্ধৃতিৰে ক'বলৈ গ'লে - 'শিক্ষা হ'ল অতীতৰ সংস্কৃতিৰ বাহক, বৰ্তমান সভ্যতাৰ পোষক আৰু ভৱিষ্যত প্ৰগতিৰ জনক।'( Education is the vehicle of culture of the past, sustainer of the civilization of the present and the fountain of the progress of the future.) শিক্ষাই দেশৰ নাগৰিকসকলৰ সমাজৰ পুৰণি ঐতিহ্যৰ গৰাকী কৰাৰ উপৰিও বৰ্তমান সভ্যতা-সংস্কৃতি বৰ্তি থকাত সহায় কৰে আৰু ভৱিষ্যত প্ৰগতি বা অগ্ৰগতিৰ বাবে মূল প্ৰেৰণাৰ যোগান ধৰে।
আনহাতে আন কিছুমান শিক্ষাবিদৰ মতে, "জীৱনৰ সৰ্বতোমুখী বিকাশেই হ'ল শিক্ষা। " ( Education is the fullest development of life.) আচলতে প্ৰকৃত শিক্ষাই মানুহৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশৰ লগতে আন দিশবিলাকো পৰিপূৰ্ণতাৰে বিকশিত কৰি তোলাত সহায় কৰে। সেয়ে ইয়াক সৰ্বতোমুখী বিকাশ বুলি গণ্য কৰা হৈছে।
ওপৰোক্ত আলোচনাৰ পৰা বুজিব পাৰি যে যি শিক্ষাই মানুহৰ মানসিক দিশৰ পৰিৱৰ্তন কৰে, জীৱিকা অৰ্জনৰ দক্ষতা আৰু কৌশলৰ জ্ঞান প্ৰদান কৰে, চৰিত্ৰ গঠনত সহায় কৰে, অজ্ঞানতা দূৰ কৰাত সহায় কৰে, পৰিপূৰ্ণ জীৱন যাপনত সহায় কৰে প্ৰকৃততে সেই শিক্ষাই হৈছে আদৰ্শ শিক্ষা।
স্বামী বিবেকানন্দই কৈছিল - " মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ'ল শিক্ষা।" ( Education is the manifestation of perfection already in man.) এই মন্তব্যৰ পৰা বুজিব পৰা যায় যে মানুহৰ প্ৰয়োজনীয় সমস্ত দিশৰ যি শিক্ষাৰ দ্বাৰা পূৰ্ণতাৰে বিকাশ ঘটাব পাৰে, প্ৰকৃততে সেই শিক্ষাই হৈছে ভাল শিক্ষা যাক আমি আদৰ্শ শিক্ষা বুলি অভিহিত কৰিব পাৰোঁ।
আদৰ্শ শিক্ষাৰ সম্পৰ্কে মহামানৱ মহাত্মা গান্ধীয়েও কৈ গৈছে যে মানুহৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক আদি সকলো দিশতে হোৱা পৰিৱৰ্তন আৰু বিকাশেই হ'ল আদৰ্শ শিক্ষা ।
আলোচনাৰ পৰা ক'ব পাৰি যে শিক্ষাই মানুহৰ মনত পৰিৱৰ্তনৰ বতাহ বলায়। এই পৰিৱৰ্তন দৈহিক, মানসিক আৰু আধ্যাত্মিক হ'ব পাৰে। শিক্ষাৰ প্ৰভাৱত মানুহ সামাজিক ভাৱেও বিকশিত হয়। ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীন উন্নতি আৰু বিকাশ ঘটাত শিক্ষাই সহায় কৰে। গতিকে যি শিক্ষাৰ সহায়ত মানুহৰ জীৱন শৈলীৰ বিকাশ আৰু বৰ্ধন হয় , যি শিক্ষাই মানুহক মানুহ মানুহ কৰি তোলাত মূখ্য ভূমিকা পালন কৰে সেই শিক্ষাই হৈছে আদৰ্শ শিক্ষা।
আদৰ্শ শিক্ষা আদৰ্শ শিক্ষকৰ দ্বাৰাহে সম্ভৱ। শিক্ষা যিদৰে এক জীৱন ব্যাপী প্ৰক্ৰিয়া, ঠিক একেদৰে শিক্ষাদানো জীৱনব্যাপী চলা প্ৰক্ৰিয়া। সেয়ে শিক্ষা আৰু আদৰ্শ শিক্ষক এটা মূদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব পাৰি।
শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ হ'লে শিক্ষা প্ৰক্ৰিয়াও সলনি হ'ব লাগিব। শিক্ষা প্ৰদানত জড়িত থকা শিক্ষাগুৰু সকলৰো শিক্ষাদানৰ পদ্ধতিত পৰিৱৰ্তন আনিব লাগিব। তেতিয়াহে আদৰ্শ শিক্ষা ছাত্ৰ-ছাত্ৰী বা শিক্ষাৰ্থীৰ বাবে গ্ৰহণীয় আৰু আদৰ্শনীয় হৈ ৰব।
🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
No comments:
Post a Comment
dudulsonowal32@gmail.com