স্মৃতিৰ কুঁৱলি ফালি জুমি চাওঁ ভৱিষ্যতৰ সপোনৰ অৱয়ব ...!!! Let's look at the appearance of the dreams of the future.
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹পাতনি
আকৌ এটা বৰ্ষই মেলানি মাগিলে। এৰি যাব আশা নিৰাশা, ব্যৰ্থতা হতাশা,দু: চিন্তা... আদি এশ এবুৰি সমাধান নোহোৱা জ্বলন্ত সমস্যা। স্মৃতিৰ কুঁৱলি ফালি জুমি চাওঁ যেতিয়া দেখা পাওঁ জীৱনটো এবছৰ কাল কেৱল ব্যৰ্থতাৰে ভৰা। আকৌ আন কাৰোবাৰ সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ ফুলি ৰল সময়ৰ ফুল। কেতিয়াবা আমি সকলোৱে ভৱিষ্যতৰ সপোনৰ অৱয়ব কেনে হ'ব ভাবিবলৈ হেৰুৱায় পেলাও সুস্থ মানসিকতা...!!! জীৱন যে এনেকুৱাই অতীতক এৰি ভৱিষ্যতৰ কথা ভাবিবই লাগিব। জীৱন বাগিচাৰ ভগা জেওৰাবোৰ পুনৰ মেৰামতি কৰিব লাগিব। জপনাখন দি নিকপকপীয়া কৰি আগুৱাই নিব লাগিব নতুন সময়ক। কাৰণ এয়াইতো মানৱী জীৱন।
পুৰণিক ত্যাগ কৰা আৰু নতুনক আদৰাই আমাৰ কৰ্তব্য। সেই কৰ্তব্যৰ মনোভাৱ আগত ৰাখি পুৰণি বছৰক এৰিবলৈ দেহে-মনে সাজু হৈছোঁ। নতুনক আদৰাৰ প্ৰস্তুতি চলাইছো অবিৰাম।
২০২২ ৰ আধাৰুৱা সপোন আৰু পোৱা-নোপোৱাৰ হিচাপ :
বৰ্ষ এটাৰ সকলোবোৰ সময় সকলো মানুহৰে একেদৰে অতিবাহিত নহয়। কাৰোবাৰ ভাল হ'লে আন কাৰোবাৰ বেয়া হ'বই। ভাল আৰু বেয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। জীৱন মানেই সুখ-দুখৰ সমষ্টি। 2022 বৰ্ষত আমি নিশ্চয় বহু হেৰুৱালো আৰু বহু পালোঁ। লাভ লোকচান সকলোতে থাকে। হেৰুওৱাবোৰক লৈ মূৰ নষ্ট নকৰি পুনৰ কিদৰে পাব পাৰি তাৰহে চিন্তা কৰা উচিত। আকৌ পোৱাবোৰৰ বাবেও অতি গৌৰৱৰ প্ৰয়োজন নাই। পেটে-ভাতে খাই লৈ থকাটোৱেই জীৱন। অৱশ্যে কিছুমান মানুহ অধিক উচ্চাকাংক্ষী আৰু কিছুমানৰ আকাংক্ষাৰ পৰিমাণ কম। উচ্চাকাংক্ষী মানুহৰ যিদৰে সকলো সপোন পূৰ্ণ নহ'ল, একেদৰে আনবিলাকৰো নিশ্চয় নহ'ল। তথাপি চেষ্টা অটুট ৰাখিব লাগিব। ভৱিষ্যতৰ দিনবিলাকত আধাৰুৱা সপোনৰ পূৰ্ণ অবয়ৱ দিয়াৰ পৰিকল্পনা কৰিব লাগিব।
কেতিয়াবা মানুহে বিচৰা ধৰণে নাপায়। কেতিয়াবা প্ৰয়োজনতকৈ বেছিকৈ পোৱা যায়। এয়াই হয়তো কপালৰ লিখন। বহু মানুহ আছে যি পোৱা- নোপোৱাৰ হিচাপ কৰি ভাল পায়। নোপোৱাবোৰক লৈও চিন্তিত হৈ থাকে। অসন্তুষ্ট হৈ থাকে। আনহাতে আন কিছুমান মানুহ আছে যি পোৱা-নোপোৱাৰ হিচাপ কৰিবলৈও আহৰি নাই। নোপোৱাবোৰৰ বাবে পুনৰ চিন্তাত মচগুল নহয়। যি পাইছে তেওঁলোকে তাতেই সন্তুষ্ট হৈ ৰয়। আচলতে আমি কৰ্ম এটা কৰিলে তুৰন্তে ফলাফল বিচৰা অনুচিত। ভুকুতে নিশ্চয় কল নপকে।
আশা নিৰাশাক বুকুত সাবতি আমি আকৌ এটা বৰ্ষ অতিক্ৰম কৰিলোঁ। এটা বৰ্ষ অতিক্ৰম কৰা মানে আমাৰ জীৱনৰ এটা বৰ্ষ শেষ হোৱা। মৃত্যুৰ দিশে এখোজ আগুৱাই যোৱা। সেয়ে হয়তো বহু লোকে অতীতৰ পিনে ঘূৰি চাই এবাৰ হ'লেও ভুমুকিয়াই জীৱনৰ খলা-বমা। জীৱনটো আকৌ আৰম্ভ কৰাৰ যো-জা কৰাটোৱেই হ'ল মানুহৰ নিয়ম। আমিও তাকেই কৰোঁ আহক।
ভৱিষ্যত: ২০২৩ হওঁক আৰ্শীবাদ আৰু সমৃদ্ধিময় -
২০২৩ বৰ্ষ আপোনাৰ বাবে হওঁক আৰ্শীবাদ। বৰ্ষটোৰ প্ৰতিটো সময়ে আপোনালৈ কঢ়িয়াই আনক হাঁহি, আনন্দ আৰু শান্তিৰ বতৰা। সজীৱ হওঁক জীৱনটো নতুনকৈ সজোৱাৰ নতুন মানসিকতা।
আধাৰুৱা সপোনবোৰ পূৰ্ণ কৰিবলৈ আমি আগুৱাব লাগিব সম্পূৰ্ণ নতুন পৰিকল্পনাৰে । নতুন চিন্তা-চৰ্চাৰে। নতুন চিন্তাধাৰাৰ সোঁতত নিশ্চয় শুনিব পোৱা যাব নতুন আস্থাৰ বাতৰি। আকাংক্ষিত ফলাফল বাস্তৱায়িত হ'বলৈ লাগিব ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়। পূৰ্বৰ অসম্পূৰ্ণ কামবোৰৰ পূৰ্ণাংগ ৰূপ দিবলৈ আমি নতুন বছৰত উঠিপৰি লাগিব লাগে। ধনাত্মক চিন্তা, ধনাত্মক কৰ্ম আৰু মনোভাৱেৰে আমি আগুৱাবলৈ প্ৰয়াস কৰিব লাগিব। তেহে ভৱিষ্যত জীৱন সুন্দৰ আৰু সমৃদ্ধিময় হ'ব। জীৱন মানেই প্ৰত্যাহ্বান। অনাগত দিনবোৰত এই প্ৰত্যাহ্বানক নেওচি আগুৱাই গলেহে জীৱনত সফলতা লাভ কৰাটো সম্ভৱ হ'ব। দৃঢ়তাৰ মনোভাৱ পোষণ কৰি আগুৱাব লাগিব। কথা হ'ল এনে অমোঘ শক্তি আমাক কোনেনো দিব ? আচলতে আমি নিজেই নিজৰ শক্তি হ'ব লাগিব, অমোঘ শক্তি ! যি শক্তি নিহিত আছে প্ৰতিজন মানুহৰ মনত। মানুহৰ সিৰা উপসিৰাত। আমি প্ৰত্যেকেই ইয়াৰ বাবে হ'ব লাগিব একোজন নিকা মনৰ মানুহ । কৰ্তব্য আৰু দায়িত্বক আগস্থান দিবলৈ চেষ্টা কৰিব লাগিব।আহক নতুন বৰ্ষটোত আমি সকলোৱে প্ৰতিজ্ঞা কৰো জীৱন সজোৱাৰ । সফলতম জীৱন গঢ় দিয়াৰ।
সামৰণি
নতুন চিন্তাধাৰাৰ বোৱতী সোঁতত সকলোৱে উটি যাওঁ আহক। জীৱনক সজাই তোলো সুন্দৰ বহু সুন্দৰকৈ নতুন চিন্তাধাৰাৰে।
নতুন বছটিত আপোনাৰ সুচিন্তা আৰু সুকৰ্মৰ সুস্পষ্ট ভাৱে প্ৰতিফলিত হওঁক। জীৱন যুঁজৰ একোজন বিজয়ী সৈনিক হওঁক তাৰে আন্তৰিক কামনা।
নৱবৰ্ষৰ আন্তৰিক শুভকামনা
HAPPY NEW YEAR 2023 !
💥💥💥💥💥💥💥💥💥
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।
🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
No comments:
Post a Comment
dudulsonowal32@gmail.com