Thursday, December 22, 2022

শিক্ষা গ্ৰহণৰ বাবে মোবাইল ফোন একান্তই প্ৰয়োজনীয় হয়নে ? Is Mobile Phone absolutely necessary for learning?

শিক্ষা গ্ৰহণৰ বাবে মোবাইল একান্তই প্ৰয়োজনীয় হয়নে ? Is mobile absolutely necessary for learning ? মোবাইল ফোন আধুনিক সমাজৰ এক অতি গুৰুত্বপূৰ্ণ আহিলা।

শিক্ষা গ্ৰহণৰ বাবে মোবাইল একান্তই প্ৰয়োজনীয় হয়নে ? মোবাইল ফোনৰ জনপ্ৰিয়তা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কে এই লেখা আগবঢ়োৱা হৈছে।
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

আৰম্ভণি
সাম্প্ৰতিক যুগটোক কম্পিউটাৰ যুগ বুলি আখ্যা দিয়া হৈছে। আন কোনো কোনো বিজ্ঞলোকে আকৌ ক'ব খোজে- আজিৰ যুগ হৈছে যন্ত্ৰৰ যুগ। পদে পদে মোবাইল বা বিভিন্ন যন্ত্ৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক'ব পাৰি যে কথাটো একেবাৰে মিছা নহয়। মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত্ততেই মোবাইল ফোনৰ দৰকাৰ হৈছে । আধুনিক সমাজ কম্পিউটাৰ, মোবাইল.. আদি ইলেকট্ৰনিক সামগ্ৰীৰ অবিহনে যেন অচল হৈ পৰিছে। কি বুঢ়া,কি ডেকা সকলোকেই স্মাৰ্ট ফোন নহ'লেই নহয়। অফিচ-কাছাৰী, স্কুল-কলেজ, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী ... সকলোকেই মোবাইল ফোন প্ৰয়োজন। মোবাইল ফোন আৱিষ্কাৰৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিবৰ্তন আহিল। কিতাপৰ জ্ঞানৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলে ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন বিষয়ক জ্ঞান অতি সহজতে লাভ কৰিবলৈ সক্ষম হ'ল। এই গোটেইবোৰ আলোচনা কৰিলে শিক্ষাৰ বাবে মোবাইল ফোন কিমান প্ৰয়োজন সেই সম্পৰ্কে বিশদভাৱে জানিব পৰা যাব। লেখাটোত শিক্ষা গ্ৰহণৰ বাবে মোবাইল ফোন একান্তই প্ৰয়োজনীয় হয়নে নহয় বুজিব পৰা যাব। তলত আলোচনা আগবঢ়োৱা হৈছে।

মোবাইলৰ সম্পৰ্কে বিৱৰণ
     সাম্প্ৰতিক সময়ত মোবাইলৰ সম্পৰ্কে নজনা লোক প্ৰায় নাই বুলিলেও অত্যুক্তি কৰা নহয়। ব্যৱহাৰ, প্ৰয়োজনীয়তা আৰু জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানী বিলাকেও নিতৌ কাৰখানাত উৎপাদনৰ বৃদ্ধি ঘটায়ে আছে। বিভিন্ন কোম্পানীৰ মোবাইল বজাৰত আহিয়ে আছে। মোবাইলৰ ভিতৰত বিশেষকৈ ন'কিয়া, চেমচাং, আচুচ, অপো', ৰেডমি, মট'ৰলা, আইফোন,.... আদি মানুহৰ মুখে মুখে একেবাৰে চিনাকি নাম। কিছুমান দামী আৰু কিছুমান কম দামী মোবাইল ফোনবোৰ মোবাইলৰ দোকানত থৈ দিয়া দেখিলে এনেয়ে লও লও যেন লাগে। অশিক্ষিত লোক সকলেও মোবাইল অনায়াসে চলাব পাৰে। 

মোবাইল ফোনৰ উপকাৰী দিশ
     মোবাইল ফোন মানুহৰ বন্ধু হোৱাৰ উপৰিও পৰামৰ্শদাতা আৰু পথপ্ৰদৰ্শক বুলি অভিহিত কৰিব পাৰি। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক মোবাইল ফোনে অধ্যয়নত আচৰিত ধৰণে সহায় কৰিছে। ছাত্ৰ-ছাত্ৰী সকলে টকা খৰচ কৰি বিভিন্ন বিষয়ক কিতাপৰ নোটছ, মডেল অৰ্থাৎ সহায়িকা আজিৰ সময়ত নিকিনিলেও হ'ল। মোবাইলতে সকলো বিষয়ক জ্ঞান লাভ কৰিবলৈ সক্ষম। বিভিন্নজনে বা বিভিন্ন অনুষ্ঠানে এপৰ জৰিয়তে শিক্ষাৰ্থী সকলক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত শিক্ষা প্ৰদানো কৰে। সমাজ বিজ্ঞান, বিজ্ঞান, গণিত, অসমীয়া, হিন্দী... আদি বিষয়সমূহৰ প্ৰশ্নোত্তৰ অনলাইনৰ জৰিয়তে শিক্ষাৰ্থী সকলে লাভ কৰিবলৈ সক্ষম হৈছে কেৱল মোবাইল ফোন উপলব্ধ হোৱাৰ বাবে। তেনেধৰণৰ শিক্ষাৰ এপ হৈছে - Byju's . 

মোবাইল ফোনৰ অপকাৰী দিশ
যিমান উপকাৰী দিশ আছে মোবাইল ফোনৰ সিমান অপকাৰী দিশো আছে। মোবাইল ফোনৰ অতিপাত ব্যৱহাৰৰ ফলত শাৰীৰিক আৰু মানসিক দিশৰ বহু পৰিবৰ্তন ঘটে। চকুৰ দৃষ্টিশক্তি কমি যোৱা, গাৰবিষ হোৱা, এলেহুৱা মনোভাৱৰ সৃষ্টি, মূৰৰ বিষ, টোপনি কমি যোৱা, একানপতীয়া স্বভাৱৰ সৃষ্টি হোৱা.. আদি উপসৰ্গ সমূহে দেখা দিয়ে। আনকি শাৰীৰিক ভাৱে দুৰ্বল কৰি তুলে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে । গতিকে অপকাৰী দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি মানুহে মোবাইলৰ ব্যৱহাৰ এটা নিৰ্দিষ্ট সময়ৰ বাবেহে কৰা উচিত। যিকোনো ক্ষেত্ৰতেই দুটা দিশ থাকে - এটা ভাল আৰু আনটো বেয়া। একেদৰে মোবাইলতো দুটা দিশ থাকে - ভাল আৰু বেয়া। ছাত্ৰ-ছাত্ৰী সকল বেয়াৰ প্ৰতি বেছি আকৰ্ষিত হ'ব পাৰে। 

শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মোবাইলৰ প্ৰয়োজনীয়তা:

শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মোবাইলৰ প্ৰয়োজনীয়তা আছে। পাঠত সন্নিৱিষ্ট সকলো বিষয় পাঠটোত পোৱা নাযায়। পাঠত সাধাৰণতে খুব কম ব্যাখ্যা আগবঢ়োৱা হয়। বহলকৈ পাবলৈ হ'লে ইণ্টাৰনেট খুলিবই লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ'ব মোবাইল। বৰ্তমান শিক্ষা ব্যৱস্থাত কিতাপৰ প্ৰতিটো পাঠত বিষয়বস্তু অনুসৰি কিছুমান ৱেবছাইট সংলগ্ন কৰা থাকে। সেইবোৰ খুলি চালে বিষয়বস্তুৰ ওপৰত অধিক জ্ঞান লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকল সক্ষম হ'ব। কিছুমান ছাত্ৰ-ছাত্ৰীৰ বাবে নোটছ, মডেল বা সহায়িকা কিনাটো অসুবিধা বা সম্ভৱ নহয়গৈ। তেনেবোৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মোবাইল ফোন অত্যন্ত গুৰুত্বপূৰ্ণ। মোবাইল ফোনৰ সহায়ত তেওঁলোকে কম সময়তে পাঠ্যক্ৰমৰ বিভিন্ন প্ৰশ্নোত্তৰ সংগ্ৰহ কৰিব পাৰে। এনেও দেখা যায় যে আজিৰ সময়ত প্ৰতি ঘৰতে এটা হ'লেও স্মাৰ্টফোন থাকে। গতিকে দাম দি কিতাপ কিনাতকৈ মোবাইল ফোনৰ ডাটা ২০০ টকাতে ৩০ দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ভালদৰে পঢ়িলে ছাত্ৰ এজনে চাৰি পাঁচটা বিষয়ৰ প্ৰশ্নোত্তৰ মোবাইলৰ পৰা সংগ্ৰহ কৰি বহীত লিপিবদ্ধ কৰি ল'ব পাৰে। কিতাপৰ মূল্য মোবাইলৰ ডাটাৰ সৈতে তুলনা কৰিলে এই কথা স্পষ্ট হয়। এখন কেমেষ্ট্ৰি কিতাপৰ সহায়িকাৰ দাম ১০০০ ৰ পৰা ১৫০০ ৰ ভিতৰত হয়। ইমান টকা খৰচ নকৰাকৈ মোবাইল ফোনৰ জৰিয়তে তেনে বিষয়বস্তুৰ জ্ঞান আহৰণ কৰিব পৰা যায়। 
   কিন্তু মোবাইলৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰোঁতে ছাত্ৰ এজনৰ মানসিক দিশৰ পৰিৱৰ্তন সঠিক হ'ব লাগিব। অৰ্থাৎ ছাত্ৰজনে ভালৰ প্ৰতি বেছি গুৰুত্ব দিব লাগিব। অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে।


পৰামৰ্শ আৰু সামৰণি 
মোবাইল ফোন আধুনিক সমাজৰ ষ্টেটাচৰ প্ৰতীক স্বৰূপ। আভিজাত্যৰ প্ৰতীক স্বৰূপ মোবাইল ফোন নহ'লে যেন মানুহৰ দিনতেই আন্ধাৰ। প্ৰতিটো মুহূৰ্ত্ততেই মোবাইলৰ ব্যৱহাৰ অতি লক্ষণীয়। মোবাইল ফোনৰ অবিহনে যেন এই সমাজ অচল। বেংকৰ লেনদেন, বিভিন্ন সামগ্ৰী ক্ৰয়, বিদ্যুৎৰ বিল পৰিশোধ, গেছৰ বিল পৰিশোধ, মোবাইলৰ বিল পৰিশোধ, ভাৰতীয়াৰ ঘৰ ভাৰাৰ বিল পৰিশোধ, ... আদি বিভিন্ন লেনদেন সম্পন্ন কৰা হয় মোবাইলৰ জৰিয়তে। এনে প্ৰয়োজনীয় আহিলা মানুহে কিয় ব্যৱহাৰ নকৰিব বা কেনেকৈ ব্যৱহাৰৰ পৰা বিৰত থাকিব পাৰে ? সকলোৱে সেয়ে ইয়াৰ ব্যৱহাৰ অতি সাৱধানে কৰিব লাগে। ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত পিতৃ মাতৃৰ সাৱধানতা অতি প্ৰয়োজন । নহ'লে কমবয়সীয়া ছাত্ৰ-ছাত্ৰী সকল বেয়া দিশৰ প্ৰতি যে আকৰ্ষিত হ'ব পাৰে সেয়া নিশ্চিত। পিতৃ মাতৃয়ে সন্তানক মোবাইল দিলে parental control চিষ্টেমৰ ব্যৱস্থা কৰিহে দিয়া উচিত।






প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।


🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts