🙏🙏🙏ছক্ৰেটিছ , নৈতিক শিক্ষা আৰু কৰ্মনিষ্ঠা।# নৈতিক আচৰণ কি #কৰ্তব্য পালন # কৰ্মনিষ্ঠা।🙏Socrates, moral education and dedication. #What is Ethical Conduct #Dutykeeping #Dedication.
🙏ছক্ৰেটিছে কৈছিল, "নৈতিক আচৰণেহে ইহকালত মানুহক সুখ দিব পাৰে।" এই উক্তি আছিল ছক্ৰেটিছৰ দৃঢ় বিশ্বাসৰ উক্তি।
এই উক্তিৰ পমখেদি গ'লে বৰ্তমানৰ প্ৰেক্ষাপটত পৰিলক্ষিত হয় ইয়াৰ এখন ওলোটা প্ৰতিচ্ছবি। আজিকালি নৈতিক আচৰণৰ বাৰুকৈয়ে অভাৱ হোৱা দেখা যায়। ইয়াৰ প্ৰমাণ হৈছে সাম্প্ৰতিক সময়ত সমাজত ঘটি থকা কিছুমান অনৈতিক কাৰ্য। ক'ৰবাত নৈতিক আচৰণ দেখুৱাই ঠগিছে, আন ক'ৰবাত নৈতিক আচৰণ দেখুৱাই প্ৰৱঞ্চনা কৰিছে, আন কিছুমানে মিছা প্ৰলোভন দেখুৱাইছে ... আদি ঘটনাৱলী আজিৰ সমাজ নিতৌ ঘটিবলৈ ধৰিছে।
নৈতিক আচৰণ কি ?
নৈতিক আচৰণ হ'ল মানুহৰ চেতন মনৰ এক বাস্তৱিক ক্ৰিয়া। মানুহ এজনে অন্য এজন মানুহক কৰা সৎ আচৰণ বা নিয়মিত আচৰণেই হৈছে নৈতিক আচৰণ বা আদৰ্শ আচৰণ। নৈতিক আচৰণৰ কিছুমান গুণ আছে। ছক্ৰেটিছে এই গুণসমূহক এনেধৰণে বিভক্ত কৰিছে : ১/ দূৰদৃষ্টি আৰু জ্ঞান, ২/ সাহস, স্থিৰতা আৰু ধৈৰ্য। , ৩/মিতাচাৰ, সুবিবেচনা আৰু আত্মসংযম , আৰু ৪/ বিচাৰবোধ আৰু ন্যায়পৰায়ণতা।
নৈতিক গুণৰ অধিকাৰী হ'বলৈ হ'লে তেওঁ সাহসী হবই লাগিব। সাহসী মানুহে নৈতিকতা বজাই ৰাখিব পাৰে। যি মানুহ কথাত দুৰ্বল, মন দুৰ্বল সেই মানুহে কেতিয়াও নৈতিকতা ধৰি ৰাখিব নোৱাৰে। মানুহে নিজৰ বিবেকেৰে পৰিচালিত হ'ব লাগিব , মনেৰে নহয়। মনেৰে নিৰ্বাচিত কৰা কামবোৰ ইচ্ছাৰ অধীনস্থ হয়। অৰ্থাৎ মানুহৰ মনত যি ইচ্ছা উদয় হয়, সেই ইচ্ছাকে মনেৰে পূৰ্ণ কৰিব বিচাৰে। কিন্তু বিবেক হৈছে বিচাৰ বিশ্লেষণৰ দ্বাৰা পৰিচালিত মানুহৰ এটা বিশেষ গুণ। বিচাৰ বিশ্লেষণেৰে কৰা কামটোৰ শুদ্ধতা থাকে। ইয়াত ঠগা, প্ৰৱঞ্চনা কৰা আদি মনোভাৱবোৰক বিবেকে বাধা প্ৰদান কৰে।
মানুহ হ'ব লাগে দূৰদৃষ্টি সম্পন্ন। যি মানুহৰ দূৰদৃষ্টিৰ মানসিকতা আছে, সেই মানুহেই জ্ঞানী ব্যক্তি হিচাপে বিবেচিত। জ্ঞানী লোকেহে ভৱিষ্যতৰ সম্পৰ্কে আগতীয়াকৈ অনুমান কৰিব সক্ষম হয়।
ধৈৰ্য হ'ল নৈতিকতাৰ আন এটা মহৎ গুণ । ধৈৰ্যৰ অবিহনে মানুহৰ একো কামেই সিদ্ধি নহয়।যি মানুহৰ ধৈৰ্য আছে সেই মানুহে নতুন সৃষ্টি কৰিব পাৰে।আশাৰ সীমনাত সহজে উপনীত হ'ব সক্ষম হয়। অধৈৰ্য মানুহৰ জীৱনলৈ সফলতা আহিব নোৱাৰে। আনকি এনে লোকে নৈতিক গুণবোৰো আহৰণ কৰিবলৈ অসমৰ্থ হয়। সেয়ে ধৈৰ্য নৈতিকতাৰ এক মহৎ গুণ হিচাপে পৰিগণিত।
মিতাচাৰ অৰ্থাৎ আচৰণ হ'ব লাগে নিয়মিত বা বিধিসন্মত। পেংলাই, উপলুঙা, উপহাস আদিৰ দৰে মনোভাৱ পোষণ কৰি ভাল আচৰণ দেখুৱালেও সেই আচৰণ নিৰৰ্থক হৈ পৰে। ই সৎকামত নাহে। নিয়মীয়া আচৰণে মানুহক আকৰ্ষিত কৰে। সুবিবেচনা আৰু আত্মসংযম হৈছে ইয়াৰ বন্ধু।আচৰণ কেৱল শুদ্ধ আৰু ভাল হ'লেই নহ'ব । ইয়াত সুবিবেচনা আৰু আত্মসংযম থকাৰো দৰকাৰ।
কৰ্মনিষ্ঠা এক মহৎ গুণ বা নৈতিক গুণ হয়নে ?
"সজ কাম কৰাৰ সপোন দেখি সময় নকটাই ওৰে দিন সজ কাম কৰিবা।সজ কামৰ যোগেদি জীৱন, মৃত্যু আৰু সেই বিশাল চিৰন্তন - এক পৰম সুৱদি গীতলৈ ৰূপান্তৰিত হয়।" -- চাৰ্লচ কিংশলে।
যিজন লোক নিজৰ কৰ্তব্যৰ সম্পৰ্কে সজাগ আৰু সচেতন সেইজন মানুহৰ দৃঢ় বিশ্বাস সমূহ এদিন নিশ্চয় কাৰ্যত পৰিণত হ'বই। এয়া ধ্ৰুৱসত্য। নৈতিক কৰ্মই অকল মানুহৰ অভ্যাস সমূহকে গঢ় নিদিয়ে,ই মানুহৰ চৰিত্ৰকো গঢ় দিয়াত সহায় কৰে।
কৰ্তব্যৰ পথ কিমান সহজ ?
কৰ্তব্যৰ পথ ইমান সহজ নহয়। কৰ্তব্য পালনৰ সময়ত বহুতো বাধা বিঘিনি, অসুবিধা, বিপদ আপদ আদিৰ সন্মুখীন হ'ব লগা হয়। কাম এটা শুদ্ধ নে অশুদ্ধ তাৰ বিচাৰ বিশ্লেষণ কৰিবলৈ শক্তি থাকিব পাৰে কিন্তু কামটোৰ উদ্দেশ্যেত আগবাঢ়িবলৈ সৰহ সময়ত উচিত মনোবল নাথাকে। যাৰ বাবে কামটোত সফল নহয়।
আকৌ কোৱা হয় যে দুৰ্বল বা ভয়াতুৰ মানুহক হাবিৰ বাঘে নাখায়, মনৰ বাঘেহে খায়। সততে দুৰ্বল মনৰ মানুহৰ কামটোৰ সম্পৰ্কে আকাশ পাতাল চিন্তা কৰিহে ভাল পায় কিন্তু কাৰ্যত পৰিণত কৰিবলৈ অসমৰ্থ হয়। 'ভবা আৰু কৰা' দুয়োটাৰ মনোভাৱ এক হ'লেহে যিকোনো কামত সফলতা লাভ কৰিব পৰা যায়।
কৰ্তব্য পালন :
জীৱনত কৰ্তব্য পালন সুচাৰুৰূপে কৰাটো মানুহৰ এক নৈতিকতা গুণ। যিকোনো প্ৰতিকূল ধাৰণাৰ উৰ্ধলৈ গৈ আমি আমাৰ কৰ্তব্য পালন কৰিব লাগে। ভাল লগা বেয়া লগা আদিবোৰ গৌণ, এইবোৰ মনলৈ অনা অনুচিত। কাৰণ প্ৰতিটো কামেই আমাৰ কৰ্তব্য হ'ব পাৰে। এটা কথা সত্য যে নিজৰ বিবেকে যিটো কৰিবলৈ দিয়ে বা কৰিবলৈ সিদ্ধান্ত আগবঢ়ায় প্ৰকৃততে সেইটো কামকে কৰা উচিত।
সাধাৰণতে কৰ্তব্যৰ পহিলা পাঠ আৰম্ভ হয় আমাৰ ঘৰখনৰ চাৰিবেৰৰ মাজত। কেঁচুৱাৰ পৰা ডেকা হোৱালৈকে ঘৰখনত চলি থকা নৈতিক কাৰ্য, কথা-বাৰ্তা,সৎ আচৰণ, অসৎ আচৰণ আদিৰ পৰা শিশুৱে জ্ঞান আহৰণ কৰে। কেতিয়াবা সেয়ে কিছুমান শিশুৰ আচৰণ বেয়া আৰু কিছুমানৰ ভাল হয়। ইয়াৰ মূলতে হ'ল শিশুৱে ঘৰখনত পিতৃ মাতৃয়ে কৰা আচৰণ সমূহ দেখি দেখি শিকে। যদি পিতৃ মাতৃৰ আচৰণ সৎ আৰু নৈতিক হয় তেন্তে শিশুটিৰ আচৰণো সৎ আৰু নৈতিক হ'ব। আনহাতে পিতৃ মাতৃৰ আচৰণ অসৎ আৰু অনৈতিক হ'লে শিশুৰ আচৰণো অসৎ আৰু অনৈতিক হোৱা পৰিলক্ষিত হয়। সেয়ে পিতৃ-মাতৃয়ে ঘৰখনত শুদ্ধ,সৎ আৰু নৈতিক আচৰণ সন্তানৰ আগত প্ৰদৰ্শন কৰা উচিত।
সাম্প্ৰতিক সময়ত বিদ্যালয়ৰ শিক্ষাত নৈতিক আচৰণৰ শিক্ষা চলেনে ? বিদ্যালয়ৰ শিক্ষাত বিদ্যালয়ৰ শিক্ষা আৰু নৈতিকতাৰ মাজত সম্পৰ্ক আছে নে ? বিদ্যালয়ৰ শিক্ষাত কেৱল বৌদ্ধিক অনুশীলনৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়। বৌদ্ধিক অনুশীলন সাধাৰণতে নৈতিক আচৰণত নপৰে বুলি ধৰা হয়। কেৱল ধৰ্মৰ মতসমূহ ছাত্ৰ-ছাত্ৰীৰ মূৰত সমুৱাই থলে তাৰ দ্বাৰা এজন ব্যক্তিৰ মনত থকা অসৎ প্ৰবৃত্তিসমূহ আঁতৰাব পৰা নাযায়। চেমুৱেল স্মাইলছে কৈছে - " বুদ্ধি হ'ল এটা আহিলা মাত্ৰ। ইয়াক কামত খটুৱায় ইয়াৰ অন্তৰালত থকা শক্তি কিছুমানে । এই শক্তিবোৰৰ ভিতৰত আছে - আৱেগ অনুভূতি, আত্মসংযম, আত্মানুশাসন, কল্পনা, উদ্যম আৰু চাৰিত্ৰিক ক্ষমতা, কাৰ্যশক্তি দান কৰা ক্ষমতাসমূহ । আকৌ এই গুণসমূহৰ সৰহ ভাগে শিশুৱে ঘৰৰ পৰাহে আয়ত্ত্ব কৰে। বিদ্যালয়ৰ পৰা সিমান বেছি নাপায়। " সেয়ে প্ৰকৃত নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত ঘৰখনৰ সমান অৱদান আন কাৰোৱে নাই। নতুন পুৰুষৰ ভৱিষ্যত ঘৰখনৰ পৰাহে পোখা মেলে।
সেয়ে ঘৰখনৰ পিতৃ মাতৃৰ বহু দায়িত্ব আৰু কৰ্তব্য থাকে। পিতৃ মাতৃৰ সুচিন্তা আৰু সুজ্ঞানে সন্তানক সৎপথত পৰিচালিত হোৱাত সহায় কৰে। কৰ্তব্য জ্ঞান কি বুজি উঠিব সক্ষম হয়।
আমি যি কাম কৰোঁ সেয়া সজ হ'ব লাগে। জীৱনত সজ কাম অব্যাহত ৰখা উচিত। কেৱল সৎ ইচ্ছা হ'লেই নহ'ব, কৰ্মও সৎ হ'ব লাগিব।
কোৱা হয় সজ কৰ্মই হেনো প্ৰকৃত শিক্ষক। এলেহুৱা মনোভাৱে ব্যক্তিৰ দেহ মন আৰু বিবেকৰ সম্পূৰ্ণ অপকৰ্ম ঘটায়। অধিক বাৰ্তালাপত ব্যস্ত থাকিলে নিৰ্দিষ্ট বিষয় একোটাৰ পূৰ্ব জ্ঞানৰ সম্পৰ্কে পাহৰি যোৱাৰ সম্ভাৱনা থাকে। কাৰণ আড্ডাৰ সময়ত আন কথা মনলৈ আহি থাকে, সেয়ে কৰ্তব্যৰ সময়ত যেতিয়া-তেতিয়া আড্ডাত মিলিত হোৱা অনুচিত কাম।
মানুহে জীৱনটো সঠিকভাৱে পৰিচালনা কৰিবলৈ কৰ্মৰ বিনে গত্যন্তৰ নাই। সঠিকভাৱে কৰ্ম কৰি মানুহে নিজৰ কামত নৈতিক দায়িত্ব খটুৱাব লাগে, ইয়ে আমাৰ ভৱিষ্যতৰ বাবে সষ্টম কৰি তুলিব।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল। সহ শিক্ষক। হাঁহখাটী হাই স্কুল।
🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐠🐳🐳🐳🐳🐳🐳🐳🐳🐳🐳🐳🐟🐟🐟🐟🐟
উন্নত মানবিশিষ্ট লেখা, সকলো উপকৃত হ'ব বুলি আশা ৰাখিলোঁ।
ReplyDeleteআপোনাৰ মন্তব্যত উৎসাহিত হলো আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
Delete