অসমীয়া ভাষা আৰু সাহিত্যৰ উৎপত্তি ও বিকাশ,এক চমু আভাস। The origin and development of Assamese language and literature, a brief glimpse.
🙏প্ৰত্যেক জাতিৰেই নিজস্ব ভাষা থকাৰ দৰে আমাৰ অসমীয়া জাতিটোৰো নিজা ভাষা হিচাপে অসমীয়া ভাষা আছে।অসমীয়া ভাষাটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ সাহিত্য গঢ়ি উঠিছে। যদি ভাষাক এজোপা বৃক্ষৰ লগত তুলনা কৰোঁ তেন্তে সাহিত্যক সেই বৃক্ষৰ সুবাস বিয়পোৱা পুষ্প বুলি ক'ব পাৰোঁ।অসমীয়া সাহিত্য অসমীয়া জাতিৰ আশা-আকাংক্ষা,আনন্দ-বেদনা আৰু ভাৱ-কল্পনা প্ৰকাশৰ থল।সেয়েহে অসমীয়া সাহিত্যত অসমীয়া জীৱনৰ অভিব্যক্তি,চিন্তা-ভাৱনা,আশা-আকাংশা,ধৰ্ম-সমাজ,আচাৰ-নীতি,জীৱনবীক্ষা প্ৰতিফলিত হোৱা দেখা গৈছে।ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাৰ অন্যতম এটা অসমীয়া ভাষা।অসমীয়া জাতিৰ শিক্ষা-দীক্ষা,কলা-সংস্কৃতি আৰু সমাজৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে জানিবলৈ হ'লে অসমীয়া সাহিত্য অধ্যয়ন কৰিবলগীয়া হয়।
বহু যুগৰ অনুকূল আৰু প্ৰতিকূল অৱস্থাৰ মাজেদি সৰকি আহি অসমীয়া ভাষা আৰু সাহিত্যই বৰ্তমানৰ অৱস্থা লাভ কৰিছে।অসমীয়া সাহিত্য জনাৰ আগতে আমি অসমীয়া ভাষাৰ জন্ম-বৃত্তান্ত জানিব লাগিব।যিহেতু প্ৰথমতে ভাষা সৃষ্টি হয়,তাৰ পিছতহে সেই ভাষাৰ সাহিত্য সৃষ্টি হয়।ভাষা নোহোৱাকৈ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে;কিন্তু সাহিত্য নোহোৱাকৈ ভাষা থাকিব পাৰে।
সম্ভৱত: ১০০০ খ্ৰীষ্টাব্দৰ ওচৰা-উচৰি সময়ত আন নব্য ভাৰতীয় আৰ্য ভাষাৰ লগে লগে অসমীয়া ভাষাৰো উৎপত্তি ঘটে।অসমীয়া ভাষা মূলত: আৰ্যভাষা পৰা আহিছে।অসমীয়া ভাষা আৰ্যভাষা সম্ভূত হ'লেও এই ভাষা কেৱল উত্তৰ ভাৰতৰ পৰাৰ অহা আৰ্যভাষা-ভাষীসকলৰ স্বকীয় সৃষ্টি বুলি ক'লে যুক্তিসংগত নহ'ব।অসমীয়া ভাষাৰ পৰিপুষ্টি সাধনত অসমত অতীজৰে পৰা বসবাস কৰা অনাৰ্যগোষ্ঠীৰ লোকসকলৰ ভাষাৰ প্ৰভাৱ নপৰাকৈ থকা নাই।
নদীৰ নাম,ঠাইৰ নাম,ধ্বন্যাত্মক শব্দ,অনুসৰ্গ,দুই-এটা প্ৰত্যয় আৰু কিছু ঘৰুৱা শব্দ অনাৰ্য ভাষাৰ পৰা লোৱা।অসমীয়া উচ্চাৰণ আৰু ধ্বনি বিকাশতো অনাৰ্য ভাষাৰ যথেষ্ট প্ৰভাৱ আছে।অসমীয়া ভাষা সংস্কৃত ভাষাৰপৰা উদ্ভৱ হৈছে বুলি কোৱা কথাটো সৰ্বাংশে শুদ্ধ নহয়।ভাষা বিচাৰৰ দৃষ্টিভংগীৰে চালে সংস্কৃত ভাষা বৈদিক ভাষাৰ সমগোত্ৰীয় কথিত ভাষা বিশেষৰ পৰিমাৰ্জিত আৰু সাহিত্যিক ৰূপহে।বৈদিক যুগৰ কথিত ভাষাবিশেষ বিভিন্ন আৰ্য অধ্যুষিত স্থানত তেতিয়া প্ৰচলিত আছিল।উত্তৰ পশ্চিম অঞ্চলৰ এনে কথিত আৰ্য ভাষাকেই ভেটি কৰি সংস্কৃত ভাষাৰ সৃষ্টি হৈছিল।সেই সময়ত সংস্কৃতৰ বাহিৰেও আৰ্য-সংস্কাৰযুক্ত জনসাধাৰণৰ মাজত দৈনন্দিন জীৱন যাত্ৰা নিৰ্বাহৰ ক্ষেত্ৰত অসংস্কৃত কথিত আৰ্য ভাষা প্ৰচলিত আছিল।বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য-ভাষাই ক্ৰমে পৰিৱৰ্তন লাভ কৰি আৰু সবল হৈ প্ৰাকৃত ভাষা ৰূপে অভিহিত হয়।আভিজাত্য-গৰ্বিত সংস্কৃত পণ্ডিতসকলে অৱজ্ঞাৰ দৃষ্টিৰে এই ভাষাসমূহক প্ৰাকৃত অৰ্থাৎ জনসাধাৰণৰ ভাষা বা অসংস্কৃত মূলভাষা বুলি আখ্যা দিছিল।জনসাধাৰণৰ মুখে মুখে এই প্ৰাকৃত ভাষাই আৰু সৰলতৰ হৈ অপভ্ৰংশত পৰিণত হয়।এই প্ৰাকৃত ভাষা ৰূপান্তৰৰ মাজেদি অসমীয়া ভাষা সৃষ্টি হ'ল।
প্ৰত্ন-অসমীয়াৰ প্ৰথম সাহিত্যিক নিদৰ্শন সহজযানী বৌদ্ধ সিদ্ধসকলৰ চৰ্যাগীতসমূহত পোৱা যায়।চৰ্যাসমূহত পশ্চিমা বা শৌৰসেনী অপভ্ৰংশৰ লক্ষণ দেখা যায়।চৰ্যাগীত সমূহ ৰচনাৰ তাৰিখ সম্পৰ্কে মতভেদ থাকিলেও সিবোৰ নৱম আৰু দ্বাদশ শতিকাৰ ভিতৰতে ৰচনা কৰা।বৌদ্ধ দোহাবিলাকৰ অনেক ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশেষত্ব অবিৰতভাৱে তেতিয়াৰ পৰা আধুনিক অসমীয়ালৈকে নামি আহিছে।বড়ু চণ্ডীদাসৰ 'শ্ৰীকৃষ্ণ-কীৰ্তন'-ৰো অনেক ভাষাতাত্ত্বিক বিশেষত্বই অসমীয়া ভাষাৰ পূৰ্বৰূপলৈ আঙুলিয়ায়।
চতুৰ্দশ শতিকাৰ কাব্যত আমি অসমীয়া ভাষা সম্পূৰ্ণ পূৰ্ণাঙ্গ সাহিত্যিক ভাষা ৰূপে পাওঁ।ইয়াৰ আগতে অসমীয়া ভাষাৰ পৰিষ্কাৰ ৰূপৰ নিদৰ্শন পোৱা নাযায়।ডক্টৰ বাণীকান্ত কাকতীয়ে অসমীয়া ভাষাৰ বুৰঞ্জীক প্ৰাচীন অসমীয়া ,মধ্য অসমীয়া আৰু আধুনিক অসমীয়া এই তিনি ভাগত ভাগ কৰিছে আৰু প্ৰাচীন অসমীয়াক প্ৰাগবৈষ্ণৱ আৰু বৈষ্ণৱত ভাগ কৰিছে।প্ৰাগবৈষ্ণৱ কবিসকলৰ ভাষাৰ দুই-এটি ৰূপতাত্ত্বিক বিশেষত্ব শঙ্কৰদেৱৰ যুগত লুপ্ত হয়।হেম সৰস্বতীৰ কবিতাত 'নফৰ'(আৰবী নফৰ্) শব্দটো ব্যৱহাৰে অসমীয়া ভাষাৰ শব্দ সম্ভাৰৰ বিশেষ এটি উপাদানৰ আৰম্ভণি সূচনা কৰে।শঙ্কৰদেৱৰ যুগত আৰবী-ফাৰ্চী মূলীয় শব্দৰ ব্যৱহাৰ আৰু মুকলি হয়।যেনে-চাহেব(আৰবী),চাকৰ,চকৰী(ফাৰ্চী),হাৰাম,হাৰামখোৰ(আ+ফা) আদি।সেই সময়তে ব্ৰজাৱলী ভাষা নামৰ এটি কৃত্ৰিম ভাষা সৃষ্টি হয়।সেই সময়তে গদ্য-পদ্য উভয়তে ভাষা ৰূপে ব্ৰজাৱলীক ব্যৱহাৰ কৰা দেখা গৈছিল।
সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ অভিনৱ ৰূপ ধাৰণ হয় সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা।আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাৰ ফলত অসমীয়া সাহিত্যৰ ইতিহাসত এক পৰিৱৰ্তন আহিল।আহোমসকলৰ ঐতিহাসিক অভিৰুচিৰ প্ৰভাৱত ৰাজধানীৰ উচ্চ মহলত কথ্য ভাষাত সপ্তদশ শতিকাৰ দ্বিধীয়াৰ্ধত পুৰণি অসমীয়া বুৰঞ্জী,বাঁহগড়ীয়া বুৰঞ্জীকে আদি কৰি দুই এখন বুৰঞ্জী লিখা আৰম্ভ হয় আৰু বৈষ্ণৱ সত্ৰসমূহত সত্ৰীয়া শৈলীৰ কথ্য ভাষাত কথা-গুৰু চৰিতসমূহ ৰচিত হ'বলৈ ধৰে।এই দুটি নতুন প্ৰথাৰ দ্বাৰা ভাষাৰ কথ্য আৰু সাহিত্যিক ৰূপৰ ব্যৱধান আঁতৰ হয়।তদোপৰি আৰবী-ফাৰ্চীৰ ভাষাৰ শব্দ অসমীয়া ভাষালৈ একেলেথাৰিয়ে আহিবলৈ ধৰে।যেনে-হাৰামজাদী,জাগা,হুজুৰ,খিয়াল,ৰুটি,পাল্কি,হাচিল আদি।অানহাতে আৰবী-ফাৰ্চী মূলীয় শব্দৰ প্ৰয়োগ ঘটিছিল আজান ফকিৰ চাহাবে অসমত সৃষ্টি কৰা জিকিৰ বোৰত।হয়টো তেতিয়াৰ পৰাই দুনিয়াই,আচমান,বজাৰ(হাট),মোকাম(চিন) আদি শব্দবোৰে ঘৰুৱা শব্দত পৰিণত হ'ল।
আহোম যুগতে তাই ভাষাৰ বহু শব্দ অসমীয়া ভাষাত সোমায়।যেনে-বুৰঞ্জী,কাৰেং,ৰংঘৰ,বানকাঁহী,বানবাটি,চক্লং,নিচা,নামচাং,নামৰূপ,নামডাং,নামডাওফি আদি।এইটো কথা নুই কৰিব নোৱাৰি যে খাছী আৰু বড়োসকলৰ পৰাও কিছু শব্দ অসমীয়া ভাষাত সোমাই পৰা নাই।অসমত বিস্তৃতভাৱে সিঁচৰতি হৈ থকা ভৌগোলিক নামবোৰক পণ্ডিতসকলে বড়ো প্ৰভাৱ দেখা পায়।তদুপৰি অসমীয়া ধাতু,যৌগিক শব্দ আৰু প্ৰত্যয় কিছুমান বড়োৰ পৰা আহিছে বুলি ড° বাণীকান্ত কাকতিয়ে কৈছে।এনেদৰেই বিভিন্ন ভাষা,বিভিন্ন জাতিৰ পৰা অহা শব্দ গোট খাই অসমীয়া ভাষা পুষ্ট হৈছিল।
অসমীয়া ভাষাৰ আধুনিক পৰ্ব আৰম্ভ হয় ১৮১৩ চনত।তেতিয়া কলিকতাৰ ওচৰৰ শ্ৰীৰামপুৰৰ ইংৰাজ খ্ৰীষ্ট্ৰিয়ান পাদুৰীসকলে অসমীয়াত বাইবেল পুথি ছপা কৰি উলিয়াইছিল।শিৱসাগৰত ছপাশাল পাতি ১৮৪৬ চনৰ পৰা 'অৰুণোদই' কাকত উলিয়াই আধুনিক স্তৰটো সুপ্ৰতিষ্ঠিত কৰায় আমেৰিকাৰ বেপ্টিষ্ট মিছনৰ পাদুৰীসকলে।১৮৪৮ চনত নেথান ব্ৰাউনে অসমীয়া ব্যাকৰণ আৰু ১৮৬৭ চনত মাইলছ্ ব্ৰনছনে অসমীয়া অভিধান প্ৰকাশ কৰি উলিওৱাৰ অন্তত অসমীয়াক আৰু শক্তিশালী কৰায়।পাদুৰীসকলৰ প্ৰভাৱত এচাম অসমীয়া লেখক ওলাই অসমীয়া ভাষাক আধুনিকভাৱে আগবঢ়াত সহায় কৰে।শেষত হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ আৰু অভিধানে অসমীয়াৰ ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক গঢ়ৰ মানদণ্ড নিৰূপন কৰি দিয়ে।ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰা বিশেষকৈ শব্দমালাৰ ফালৰ পৰা অসমীয়া ভাষা দ্ৰুতভাৱে প্ৰসাৰিত হ'বলৈ ধৰে।এই সময়তে ইংৰাজীৰ বাহিৰে আন আন ভাষাৰ লগতো অসমীয়াৰ সংঘৰ্ষ আৰু সম্পৰ্ক প্ৰবলভাৱে হ'বলৈ ধৰে।সেই সময়ৰে পৰাই অসমীয়া ভাষাত ইংৰাজী ,হিন্দী আৰু ফাৰ্চী-আৰবী মূলীয় শব্দৰ প্ৰয়োগ বাঢ়ি উঠে।যেনে:-ইংৰাজীৰ পৰা জজ,ট্ৰেজাৰী,ছাৰ্ভে,আফিল,গবৰ্ণমেণ্ট,কোট,পটলুং,পাউডাৰ,ফটোগ্ৰাফ আদি;ফাৰ্চীৰ পৰা পিয়াদা,চুপাৰিছ,পৰৱানা,চিয়াঁহী,পোছাক,পাইজামা,চামুচ,পোলাও,খিচমিচ,পিঁয়াজ আদি;আৰবীৰ পৰা হাকিম,উকীল,আমোলা,কয়দী,আদালত,এজাহাৰ,কিতাপ আদি;হিন্দীৰ পৰা চকিদাৰ,খচৰা,নথি ,খাতা আদি।এইবোৰ শব্দই বৰ্তমান যুগৰ অসমীয়াত সহাৱস্থান কৰি আছে।এনেকৈয়ে অসমীয়া ভাষাই বিৱৰ্তনৰ মাজেদি আগবাঢ়ি আহি বৰ্তমানৰ অৱস্থা পালে।
Copied post
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখাটো WhatsApp ৰ গ্ৰুপৰ পৰা সংগৃহীত। প্ৰকাশক: দুদুল সোণোৱাল।
🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️
No comments:
Post a Comment
dudulsonowal32@gmail.com