আমাৰ গাওঁৰ ৰন্ধা বঢ়াত খৰিৰ পৰম্পৰাগত ব্যৱহাৰৰ অধ্যয়ন । The traditional use of straw in the cooking of our village .
১/আৰম্ভণি
গাওঁ সমূহত অৰণ্যৰ পৰা তথা প্ৰকৃতিৰ পৰা পোৱা খৰিৰ সহায়ত ৰন্ধা-বঢ়া কৰা হয়। আদি যুগৰ পৰা যেন এনে পদ্ধতি আমাৰ গ্ৰাম্য সমাজত চলি আহিছে। ৰন্ধা-বঢ়াৰ উপৰিও আন বিভিন্ন কামত জুই ব্যৱহাৰ পৰিলক্ষিত হয়। মানুহৰ বাবে খাদ্য বনোৱা উপৰিও, পোহনীয়া গাহৰি, গৰু আদিৰ বাবেও খৰিৰ জুইত খাদ্য সিজোৱা হয়। খৰিৰ জুইৰ উত্তাপ বেছি হোৱাৰ লগতে এইবোৰ বিনামূলীয়া। সেয়ে খৰিৰ ব্যৱহাৰ গ্ৰাম্য সমাজত অত্যন্ত বেছি। প্ৰতি ঘৰত গেছ থাকিলেও গ্ৰাম্য সমাজত খৰি ব্যৱহাৰ কৰে। ইয়াৰ কাৰণ অৱশ্যে আছে। অৰ্থাৎ গ্ৰাম্য সমাজত বাস কৰা লোকসকলে ভাত ৰান্ধিবলৈ পৰম্পৰাগত ভাৱে খৰি ব্যৱহাৰ কৰি আহিছে। গাওঁৰ ৰাইজৰ বহুতৰে এটা বদ্ধমূল ধাৰণা আছে যে খৰিৰ জুইত ৰন্ধা খাদ্য খাবলৈ সুস্বাদু হয়। ইয়াৰ উপৰিও খৰিত ৰন্ধা খাদ্য খালে হজমি শক্তি বৃদ্ধি পাবলৈ ধৰে। সেয়ে গ্ৰাম্য সমাজত পৰম্পৰাগত ভাৱে খৰি ব্যৱহাৰ কৰি ৰন্ধা-বঢ়া কৰা হয়। ইয়াৰোপৰি ঘৰতখনত থকা বুঢ়া বুঢ়ী শালে জুইৰ উত্তাপ লৈ বহি থাকিও ভাত ৰান্ধি ৰান্ধনীক পোনপতীয়াকৈ সহায় কৰিব পাৰে। সেয়ে ঘৰখনত জুইৰ প্ৰয়োভৰ বেছি।
২/পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰাৰ অৰ্থ
পৰম্পৰাগত ভাৱে ব্যৱহাৰ কৰা মানে বহুদিনৰ পৰা নিয়ম অনুসৰি ব্যৱহাৰ কৰি অহা কথাকেই বুজোৱা হৈছে। অতীজৰে পৰা অসমৰ গ্ৰামাঞ্চলত বাস কৰা লোকসকলে কাঠ খৰি ব্যৱহাৰ কৰি আহিছে। সকলোৰে নিশ্চয় বিদিত যে অতীতত গেছ পোৱা নগৈছিল। তদুপৰি মানুহবোৰ আৰ্থিকভাৱেও অতি পিছপৰা আছিল। গতিকে ৰন্ধন প্ৰণালীত কাঠ খৰি ব্যৱহাৰ কৰাৰ বাদে গত্যন্তৰ নাছিল। বিশেষকৈ আশী দশকৰ আগতে অসমৰ অৰণ্যৰ চেহেৰাও বহু ভাল আছিল। লাগ বুলিলেই খৰি পোৱা গৈছিল। চৌদিশে বিস্তাৰিত আছিল অৰণ্য। খৰিৰ বাবে গছ যিমান লাগে , সিমানেই পাবলৈ সক্ষম হৈছিল। মানুহৰ ঘৰত খৰিৰ ডাঙৰ ডাঙৰ দম কৰি ৰখা হৈছিল। গতিকে খৰিৰ কোনো অভাৱ অনুভৱ হোৱা নাছিল। সেয়ে খৰি ব্যৱহাৰৰ জৰিয়তে ৰান্ধনীয়ে ভাত, তৰকাৰী আদি সহজে সিজাব পাৰিছিল। ফলত এনেদৰে খৰিৰে ভাত ৰন্ধা বা যিকোনো ৰন্ধা-বঢ়াৰ এটা পৰম্পৰা সৃষ্টি হৈছিল। এই পৰম্পৰা আজিৰ সময়তো গ্ৰাম্য সমাজত ছেগা-চোৰোকাকৈ চলি আছে। কিন্তু আগৰ সেই কেৱল খৰি ব্যৱহাৰ কৰা পৰম্পৰা বিলুপ্ত হ'ব ধৰিছে।
যেতিয়াৰ পৰা দেশত গেছৰ ব্যৱহাৰ হবলৈ ধৰিলে হয়তো তেতিয়াৰ পৰাই সমাজত জুইৰ বাবে খৰি ব্যৱহাৰৰ পৰিমাণ হ্ৰাস হৈ আহিল। এনেকৈ হ্ৰাস হওঁতে হওঁতে এতিয়া গ্ৰাম্য সমাজতো ইয়াৰ চিনমোকাম ক্ৰমশঃ হেৰাব ধৰিছে। এই অৱস্থা অৱশ্যে উচ্চতম ন্যায়ালয়ৰ গছ-গছনি কটা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশৰ পিছতেই বেচিকৈ প্ৰভাৱ পৰিল।
৩/ খৰি আহৰণ আৰু ইয়াৰ ব্যৱহাৰ
অতীজৰ খৰি অনা দৃশ্য এতিয়াও মানসপটত ভাহি থাকে। গাওঁৰ মানুহবিলাকে পুৱাৰ সময়তে অৰণ্যত প্ৰৱেশ কৰে আৰু শুকান খৰি লুৰুকি ভাৰ বান্ধি কান্ধত তুলি কঢ়িয়াই আনে। এটা দলত অতি কমেও দহৰ পৰা বাৰজন খৰি লুৰিবলৈ যায়। খৰিৰ ভাৰ কান্ধত তুলি কঢ়িয়াই আনোতে সকলোকে একেলগে অহা দৃশ্যটো চাই খুব ভাল লাগে। অঞ্চলটোত বাস কৰা আহোম, কছাৰী, নেপালী, বঙালী আদি সকলোৱে খুৰি আনিবলৈ গৈছিল। ফলত একো একোটা অঞ্চলত গছ গছনিৰ পৰিমাণ সেৰেঙা হৈ পৰিছিল।
ই যি কি নহওঁক, জাৰ কালত মানুহে খৰি আনি ঘৰত গোটাই ৰাখিছিল আৰু এইবোৰ বাৰিষা কালৰ শেষলৈকে ব্যৱহাৰ কৰিব পাৰিছিল। অনুমান কৰিব পাৰিছে নিশ্চয় এই খৰিৰ দম অলপীয়া নহয় ? এনেকৈ সকলো মানুহে খৰি অনাৰ ফলত অৰণ্যৰ কি অৱস্থা হ'ব পাৰে আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে !
গোটাই থোৱা খৰিবোৰ বিশেষকৈ ৰান্ধনীয়ে ৰন্ধা-বঢ়া কামত ব্যৱহাৰ কৰিছিল। অৱশ্যে কিছুমান লোকে গৰুৰ বাবে দানা সিজোৱা কামতো ব্যৱহাৰ কৰা দেখা গৈছিল। আগৰ দিনত খৰি নহ'লে চৰুত ভাত পোৱা নগৈছিল।
৪/ খৰি ব্যৱহাৰৰ সুবিধা বা উপকাৰী দিশসমূহ
খৰি ব্যৱহাৰ কৰি সিজোৱা খাদ্যৰ সোৱাদ বেছি। অতি কম সময়তে কাঠখৰিৰ জুইত ভাত, তৰকাৰী আদি সিজাব পাৰিছিল। বিশেষকৈ জাৰৰ দিনত ৰান্ধনীৰ বাবে ৰন্ধা-বঢ়া কৰিবলৈ ভাল হৈছিল। কাৰণ জুইৰ উত্তাপ লৈ ৰান্ধনীয়ে ৰন্ধা-বঢ়াত সুবিধা পাইছিল। শাৰীৰিক ভাৱেও ৰান্ধনীৰ লাভ হৈছিল। জুইৰ তাপৰ ফলত মানুহৰ শৰীৰৰ সিৰা উপসিৰাৰ সঠিক সঞ্চালন হৈছিল, তেজ চলাচল নিয়মীয়া হৈছিল। এই ক্ষেত্ৰত ৰান্ধনী বেছি উপকৃত হৈছিল।
মাছ, মাংস খৰিকাত দি খোৱাৰ সুবিধা হৈছিল আৰু আন শাক-পাচলি বিলাক পাতত দি সিজাই খাবলৈ সুবিধা হৈছিল। যেনে কচু পাতত দিয়া, সৰু মাছ পাতত দিয়া, মুদলুং টেঙা পাতত দিয়া, টেঙেচি আৰু মচন্দৈ পাতত দিয়া আদি খাবলৈ সুবিধা হৈছিল। উল্লেখ্য যে এনে পাতত দিয়া খাদ্যবোৰ অতি সুস্বাদু আছিল। গ্ৰাম্য সমাজত এতিয়াও এনে পাতত প্ৰথা আছে। খৰিকাত দিয়া মাছ মাংসৰ সোৱাদেই বেলেগ। বৰ্তমান সময়ত অৱশ্যে বিভিন্ন সময়ত অনুষ্ঠিত হোৱা সমাৰোহ বিলাকত আৰু বনভোজৰ সময়তহে এনে খৰিকাত দিয়া মাছ মাংস খাবলৈ পোৱা যায়। বিভিন্ন মেলা বিলাকত বিক্ৰী কৰা এনে প্ৰকৰণ সমূহৰ দাম আচৰিত ধৰণে বৃদ্ধি পাবলৈ ধৰে। এইবোৰ সাধাৰণতে অসমৰ জনগোষ্ঠীসমূহৰ পৰম্পৰাগত খাদ্য সম্ভাৰ। এই খাদ্য সম্ভাৰ চলাবলৈ লাগিব খৰি। খৰিৰ অবিহনে এনে খাদ্য প্ৰচলিত হ'ব নোৱাৰে। গেছ ব্যৱহাৰ কৰি সিজোৱা এনে খাদ্য সোৱাদ নহয়।
৫/ খৰি ব্যৱহাৰৰ অসুবিধা বা অপকাৰী দিশসমূহ
খৰি ব্যৱহাৰৰ যিদৰে ভাল গুণ আছে, ঠিক একেদৰে ইয়াৰ বেয়া গুণো আছে। খৰি ব্যৱহাৰ কৰি সিজোৱা খাদ্যহে সোৱাদ, ইয়াৰ পৰা মানুহৰ দৈহিক আৰু মানসিক ভাৱে অনিষ্ট হয় অগাধ। খৰিৰ জুইৰ ধোৱাই দেহৰ মূল অংগ চকুৰ অনিষ্ট সাধন কৰে। চকুত ধোৱা সোমোৱাৰ ফলত চকুৰ দৃষ্টিশক্তি কমি যোৱা, চকুৰ ৰেটিনা বেয়া হোৱা , মুখমণ্ডল জুইয়ে ডকাৰ ফলত কলাবৰণ ধৰা আদি ৰোগে দেখা দিয়ে। তদুপৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰো সৃষ্টি হ'ব পাৰে।
অত্যধিক হাৰত পোৰা, পাতত দিয়া বস্তু খোৱা অনুচিত। পোৰা বস্তু সদায় খালে পেটৰ ৰোগ হয়।
৬/ পৰামৰ্শ আৰু সামৰণি
খৰিৰ ব্যৱহাৰ যিমান কমিব প্ৰকৃতিয়ে সিমান ৰক্ষা পাব । খৰি ব্যৱহাৰ কৰা ফলত অৰণ্যৰ গছ কাটিব লগা হয়। অৰণ্যত নতুনকৈ গজি ডাঙৰ হ'ব ধৰা গছ পুলিবোৰ মানুহে খৰিৰ বাবে আৰু আন কাৰণত কাটি অনা ফলত অৰণ্য ধ্বংসত ই প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাই। গ্ৰাম্য অঞ্চলত দহা,বিয়া, বিভিন্ন সকাম-নিকাম হ'লেও খৰি ব্যৱহাৰ কৰা হয়। এখন দহা চলাবলৈ এজোপা জীয়া পূৰঠ গছ কাটি অনা পৰিলক্ষিত হয়। এয়া পৰম্পৰাগত ভাৱে চলি আহিছে। এনেকৈ যদি পৰম্পৰাগত নিয়মৰ দোহাই দি গছ কাটি থকা হয় তেন্তে বন ধ্বংস নহয়, কি হ'ব ?
No comments:
Post a Comment
dudulsonowal32@gmail.com