Tuesday, August 18, 2020

প্ৰত্যাশা : এক নৱতম প্ৰভাত !

  প্ৰত্যাশা : এক নৱতম সম্ভাৱনা 

নাই, আমি কেতিয়াও ভবা নাই 
কালে কালে মৃত্যুদূত হৈ আহক ক'ৰণা! 
সকলো মানুহেই উজাগৰী ৰজনী খেপিয়াই খেপিয়াই 
সাবতি লঁওক শোঁকৰ হুমুনিয়াহ ! আমি কেতিয়াও ভবা নাই শেষ হঁওক বিশ্বৰ চৌদিশৰ আলোকময় জয়যাত্ৰা ! 

হে সময় ! অস্হিৰ নহ'বা আমাৰ কাম্যতাৰ বিৰুদ্ধে 
আকৌ জগাই তোলা পৃথিৱীৰ কন্দৰে কন্দৰে
মানুহৰ সিৰাই উপসিৰাই হাঁহি আনন্দ শান্তিৰ
বাতাবৰণ , আকৌ সুযোগ দিয়া ন'কৈ কিশলয়েৰে
আবৃত হঁওক ধৰণীৰ প্ৰতিটো কোণ 
লঠঙা শিৰীষৰ ডালে ডালে মেলক জাঁক জাঁক সেউজীয়াৰ মেলা , প্ৰভাতী পখীৰ গীতৰ সুৰৰ তালে তালে নাচক প্ৰতিটো মোলান পুৱা

এনেকৈ আৰু কিমান দিন চকুলো মোহাৰিম
আমি কেতিয়াও ভবা নাছিলোঁ 
চকুবোৰ 'আৱদ্ধ' হঁওক ,সময়বোৰ আৱদ্ধ হঁওক
ভাৱনাবোৰ আৱদ্ধ হঁওক ঠিক সংখ্যাবোৰৰ দৰে !

হে সময় ! মানুহবোৰ সংখ্যা নহয় নতুবা সংখ্যাবোৰ মানুহ , মানুহ মানুহৰ বাবে এক জাগতিক শক্তি 
যি শক্তি আজি ৰুদ্ধ 
যি শক্তি আজি আৱদ্ধ 
তোমাৰ শীতল কোলাত তোমাৰেই বিনাশতাত
শেষ হৈছে শত সহস্ৰ ৰৌদ্ৰুজল পুৱা 

হে সময় ! আকৌ এবাৰ আৰম্ভ কৰা সময়সূচী
বিপদ বিঘ্নিত কৰি পোখা মেলিব দিয়া
নতুন সময়ৰ নতুন সম্ভাৱনা ।।


------++++----------------------------+++++---------

Sunday, August 16, 2020

মানুহৰ নেতা হোৱাৰ মানসিকতা | Tendency for Leadership.


'নেতা' মানে কি ? 

কোনো এটা দলৰ ইপ্সিত লক্ষ্য আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ যিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰি আগুৱাই নিব পাৰে সেই জনকেই প্ৰকৃততে নেতা আখ্যা দিব পৰা যায়। নেতা জন কিছুমান সৎ গুণৰ অধিকাৰী হোৱা দৰকাৰ। এই গুণ জন্মগত বা শিক্ষাৰ মাধ্যমেৰে প্ৰাপ্ত হ'ব পাৰে। যি গুণৰ প্ৰভাৱত সহজে মানুহৰ প্ৰিয়ভাজন হ'ব পাৰে। আনহাতে শিক্ষাৰ ক্ষেত্ৰতো কিছু আগবঢ়া হ'লে ভাল। নেতা এজনৰ সামগ্ৰিক ব্যক্তিত্ব আৰু তেওঁ অৱস্হান কৰা সামাজিক পৰিস্থিতিৰ মাজৰ যি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতি সেয়ে হ'ল নেতৃত্ব । নেতা এজনৰ নিজস্ব ধ্যান-ধাৰণাৰে জনমত গঠন কৰি কৌশলেৰে দ'লক আগুৱাই নিব পাৰে। জন্তুৰ ক্ষেত্ৰতো নেতা হোৱাৰ প্ৰৱনতা পৰিলক্ষিত হয়। অৱশ্যে মানুহ বা জন্তুৰ ক্ষেত্ৰত নিৰাপত্তাজনিত কাৰণতেই এজন নেতাৰ প্ৰয়োজন হয়।

নেতৃত্বৰ প্ৰকাৰ :

নেতৃত্ব বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে । তাৰ ভিতৰত কেইটামান ইয়াত আলোচনা কৰা হৈছে। সেইবোৰ হ'ল-- গণতান্ত্ৰিক নেতৃত্ব , প্ৰাধিকাৰাত্মক নেতৃত্ব , কেৰেস্মেটিক নেতৃত্ব । তলত সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা হ'ল-- 

গণতান্ত্ৰিক নেতৃত্ব : 

গণতান্ত্ৰিক নেতৃত্বত নেতাজনে সদায় জনগণৰ সপক্ষে কাম কৰে। মানুহৰ ইপ্সিত লক্ষ্য আহৰণত তেওঁ পৰোক্ষভাৱে সহায় কৰে। নেতাজন পৰামৰ্শ বা প্ৰৰোচনা, মধ্যস্হতাকৰণ আৰু সহনশীলতাৰ গুণৰ দ্বাৰা পৰিচালিত হয়। গণতান্ত্ৰিক নেতৃত্বত নেতাজনে আত্মপ্ৰচাৰ আৰু আত্মপ্ৰশংসাৰ পৰা সদায় আঁতৰত থকা দেখা যায়।  তেওঁ সমাজত প্ৰচলিত কু-সংস্কাৰ ,কু-অভ্যাস , অনিয়ম,অনীতি  , শোষণৰ কালচক্ৰ অত্যাচাৰ-অনাচাৰ আদি আঁতৰোৱাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰে। বহু সময়ত মানুহে সেয়েহে এনেধৰণৰ নেতাক জনসাধাৰণৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰিব খোজে। ইয়াৰ উদাহৰণ ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে জিলিকি আছে। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ , হজৰত মহম্মদ, মহাত্মা গান্ধী, যীশুখ্ৰীষ্ট , ছক্ৰেটিছ , এৰিষ্ট'টল, লেনিনৰ, মাওচে ডুং  আদি মহান ব্যক্তিসকল মহান নেতা হিচাপে খ্যাতি অৰ্জন কৰি সমাজত এতিয়াও জিলিকি আছে। আমি চালে দেখা পাওঁ যে যুগে যুগে এনেধৰণৰ গণতান্ত্ৰিক নেতা আমৰ মাজত জন্ম লৈ আহিছে। জীৱিত কালৰ সমাজ ব্যৱস্থাত তেনেধৰণৰ দুজনমান নেতা হ'ল- বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, ছোনীয়া গান্ধী, অখিল গগৈ , হোমেন বৰগোহাঞি , হীৰেন গোঁহাই , আং ছ্যান চ্যুকি আদি। 

প্ৰাধিকাৰাত্মক নেতৃত্ব :

যি নেতৃত্ব সাধাৰণতে প্ৰভূত্বনীল, কৰ্তৃত্বশীল, বহিৰ্মুখী ব্যক্তিত্বৰ , আক্ৰমণ প্ৰৱণ আৰু কলহ প্ৰিয় হয় তেনে নেতৃত্বক প্ৰাধিকাৰাত্মক নেতৃত্ব বোলে। এনে নেতাই মানুহৰ দুখ বেদনা অনুভৱ কৰিব নিবিচাৰে। নিজৰ বাদে আন মানুহক দূৰ্বল আৰু মূৰ্খ বুলি হেয় জ্ঞান কৰিব বিচাৰে। পদমৰ্যাদাৰ সম্পৰ্কে সততে সজাগ থাকে, যিকোনো উপায়ে নিজ কাৰ্য সিদ্ধি কৰাৰ মানসিকতা এনে নেতাৰ গাত পৰিস্ফুট হয়। পৰামৰ্শ, উপদেশ আদিৰে জনসাধাৰণক সৈমান কৰিব নোৱাৰিলে, জোৰ জুলুম কৰি হ'লেও সৈমান কৰিব বিচাৰে। এনেধৰণৰ নেতৃত্ব সাধাৰণতে সেনাধ্যক্ষৰ দৰে পৰ্যায়ত বেছিকৈ থাকে। নেপোলিয়ন বোনাপাৰ্ট , হিটলাৰ , ষ্টেলিনৰ দৰে নেতৃত্বক এই ভাগত সন্নিৱিষ্ট কৰিব পৰা যায়।

সহজাত প্ৰবৃত্তিৰ নেতৃত্ব বা কেৰিস্মেটিক নেতৃত্ব :

যি নেতৃত্বই নিজৰ সহজাত প্ৰবৃত্তিৰ জৰিয়তে মানুহক মোহান্ধ কৰিবলৈ সক্ষম হয় সেই নেতৃত্বক কেৰিস্মেটিক নেতৃত্ব বোলা হয়। নেতৃত্বৰ বাকপটু স্বভাৱৰ দ্বাৰা সাৱলীলভাৱে বিষয়বস্তুৰওপৰত ব্যাখ্যা আগবঢ়ায় জনসাধাৰণক আকৰ্ষণ কৰে। ধৰ্মীয় গুৰুসকলৰ ক্ষেত্ৰত এনে গুণৰ প্ৰয়োভৰ বেছি দেখা যায়।  ভাৰতৰ বাবা ৰামদেৱ এনে নেতৃত্বৰ নিদৰ্শন। তদুপৰি মহাত্মা গান্ধী, ৰাজীৱ গান্ধী আদি লোকসকলক এনে শাৰীত ৰাখিব পাৰি।

পৰিশেষত : 

বিশেষকৈ উচ্চ জাত বা ধনীক শ্ৰেণীৰ লোকসকলেহে নেতৃত্ব সহজে গ্ৰহণ কৰিব পাৰে। কোনো ক্ষেত্ৰত নেতৃত্ব লোৱা লগে লগে টকা -প'ইচাৰ কথাটো আহি পৰে। সেয়ে বহুদিশত আগবঢ়া হ'লেও দৰিদ্ৰ শ্ৰেণীৰ পৰা অহা লোকে সহজে নেতা হ'বলৈ আগ্ৰহ প্ৰকাশ নকৰে। তথাপি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ সাধাৰণ পৰিয়ালৰ পৰা যোৱা ব্যক্তিয়েও নেতৃত্ব বহন কৰিছে। হজৰত মহম্মদ, আব্ৰাহম লিংকন আদি লোকসকলক এনে শাৰীত ৰাখিব পাৰে। বহু দাৰ্শনিক তথা চিন্তাবিদৰ মতে শিক্ষা প্ৰদানৰ জৰিয়তেও নেতা সৃষ্টি কৰিব পৰা যায়। 
    বৰ্তমান সময়ত সমাজত নেতৃত্ব গুণৰ অধিকাৰী লোকৰ বহু মূল্য আছে আৰু বহু প্ৰয়োজন হৈ পৰিছে। আমাৰ সংস্কৃতি ,জাতি,মাটি, ভেটিৰ পৰিকাঠামো অক্ষত অৱস্থাত অক্ষুণ্ণ ৰাখিবলৈ হ'লে নি:স্বাৰ্থ নেতা সমাজৰ বাবে কাম্য । 

 লেখনিটো পঢ়ি চোৱাৰ বাবে ধন্যবাদ জনালোঁ ।

   
---------------++++++++++++++-------------------




Friday, August 14, 2020

প্ৰাথমিক চিকিৎসা | First Aid .

প্ৰাথমিক চিকিৎসা কি ? 

কোনো এক ৰোগাক্ৰান্ত বা আঘাতপ্ৰাপ্ত ব্যক্তিক তাৎক্ষণিকভাৱে প্ৰদান কৰা চিকিৎসা ই হ'ল প্ৰাথমিক চিকিৎসা। কোনো শাৰীৰিক আঘাত, স্বাস্হ্যজনিত অৱনতি অথবা মাৰাত্মক ৰোগৰ সাময়িক উপশমৰ বাবে যি আনুষঙ্গিক ৰূপে কাম কৰে সেয়ে হ'ল প্ৰাথমিক চিকিৎসা। 
      প্ৰাথমিক চিকিৎসাৰ জ্ঞান থাকিলে কোনো বিপদত পৰা লোকক অশিক্ষিত সকলেও অনায়াসে সুন্দৰকৈ সাহায্য আগবঢ়াব সক্ষম হয়। কোনো ভয় ভীত নোহোৱাকৈ আঘাতপ্ৰাপ্ত ব্যক্তিক সুৰক্ষা প্ৰদান কৰি জীৱন দান দিব পাৰে। প্ৰাথমিক চিকিৎসাৰ জ্ঞান বিজ্ঞান সন্মত ই কাল্পনিক নহয় । সম্পূৰ্ণ চিকিৎসা বিজ্ঞানৰ নীতি নিয়ম মানি চলি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। প্ৰাথমিক চিকিৎসা প্ৰদান কৰা ব্যক্তিজনে আহত ব্যক্তিৰ আঘাত চিনাক্ত কৰিব জানিব লাগে আৰু চিকিৎসকৰ আগমনৰ মূহুৰ্তলৈকে চিকিৎসা প্ৰদান কৰিব লাগে। 
     
প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি থাকিব লাগে :
    বিশেষকৈ শিক্ষানুষ্ঠান, মটৰগাড়ী, বাইক আদিত মধ্যমীয়া আকাৰৰ প্ৰাথমিক চিকিৎসাৰ বাকচ ৰখা হয়। ইয়াৰ আকাৰ এনেধৰণৰ হ'ব পাৰে "ধূলি ৰোধক বাকচৰ জোখ (১৬ ×৮×৪) ইঞ্চি হ'ব লাগে । কিন্তু প্ৰয়োজনীয় সকলো সৰঞ্জাম ৰাখিব লাগে।

বাকচত কি কি সৰঞ্জাম থকা দৰকাৰ:


১/ তিনিকোণীয়া বেণ্ডেজ ১০ টা মান 
২/নূৰা বেণ্ডেজ ( বাকচৰ সুবিধা অনুসৰি)
৩/বিজানুমুক্ত কপাহ প্ৰায় ১৫ গ্ৰাম 
৪/ প্ৰাথমিক চিকিৎসাৰ ড্ৰেচিং
৫/ প্লাষ্টাৰৰ নুৰা এটা
৬/ দেটল 
৭/ সৰু কেচি এখন
৮/ চেভটি পিন
৯/ মলম 
১০/ গজ কাপোৰ 
১১/ হেণ্ডিপ্লাচ বা বেণ্ড এইড
     ওপৰত উল্লেখিত সামগ্ৰী সমূহ কোনো ডাক্তৰ নতুবা ফাৰ্মাছিষ্টৰ সহায়ত বাকচৰ সুবিধা অনুসৰি ক্ৰয় কৰি সাঁজু কৰি ৰাখিব লাগে। আকৌ ঔষধসমূহৰ ম্যাদ উকলি গ'লে পুনৰাই ক্ৰয় কৰি সলাব লাগে। মুঠৰ ওপৰত প্ৰাথমিক চিকিৎসা জ্ঞান মানুহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় বিষয়। ই আমাৰ জীৱনৰ লগত সম্পৰ্কিত। সেয়ে প্ৰতিজন ব্যক্তিয়ে এই জ্ঞান আয়ত্ত কৰা প্ৰয়োজন আছে।

বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা : 

    সৰু সৰু ল'ৰা ছোৱালীয়ে পৰিৱেষ্টিত শিক্ষানুষ্ঠানত প্ৰাথমিক চিকিৎসাৰ বহু প্ৰয়োজন আছে। খেল ধেমালি খেলোতে নতুবা অন্য কাৰণত অসাৱধানবশত: শিশুসকল আঘাতপ্ৰাপ্ত হ'ব পাৰে। সচৰাচৰ বিদ্যালয়ৰ প্ৰাঙ্গনত এনে আঘাত জনিত ঘটনা সংঘটিত হৈয়ে থাকে। কোনো এজন যদি ভৰিত দুখ পায় আকৌ কোনোজন মূৰত । প্ৰাথমিক চিকিৎসাৰ বাকচত ঔষধ পাতি নথকা বাবে বা প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় জ্ঞান নথকা হেতুকে এনে সময়ত ছাত্ৰ-ছাত্ৰী সকলক কাষৰীয়া চিকিৎসালয়লৈ খৰখেদাকৈ লৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হয়। আকৌ কিছুমান লোকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ নিয়ম জানিলেও সময়ত প্ৰয়োগ কৰিবলৈ ইতস্হত:বোধ কৰে। এনে মনোভাৱ পোষণ কৰাটো উচিত নহয়। জনা কাৰ্য বাস্তৱত প্ৰয়োগ কৰাটো সকলোৰে কাম্য। কাৰণ অলপ হীনদেৰি হ'লে আঘাতপ্ৰাপ্ত ব্যক্তিৰ অসুবিধা হ'বও পাৰে। তেনে ক্ষেত্ৰত হাত সাবতি বহি থকা উচিত নহয়। বিশেষকৈ জুইয়ে পোৰা, সাপে খোঁটা, দাৰে কটা, হুলে খোচা , মূৰ ঘূৰোৱা আদি কাৰক সমূহ ঘটিলে প্ৰাথমিক চিকিৎসা কৰাৰ প্ৰয়োজন আহি পৰে। 

দাৰে কটা :  

দাৰে কাটিলে কটা ঠাইডোখৰ প্ৰথমে পৰিষ্কাৰ পানীৰে চাফা কৰি ল'ব লাগে। তাৰপাছত কটা অংশত হাতৰ আঙুলিৰে হেঁচা মাৰি ৰাখিব লাগে যাতে আৰু তেজ ক্ষয় নহয়। পাৰিলে দেটল, কেৰচিন তেল বা জাপানী লতাৰ পাত  বা গেন্ধেলা বনৰ পাত পিহি ৰস উলিয়ায় ক্ষতস্হানত দিলে তেজ ওলোৱা সহজে বন্ধ হয় । তাৰপাছত বেণ্ডজেৰে ক্ষতস্হানত বান্ধি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে।

মূৰ ঘূৰোৱা : 

সাধাৰণতে এনেয়ে মূৰ নূঘূৰাই । দুটা কাৰণত মূৰ ঘূৰাব পাৰে - এনিমীয়া বা কমজুৰি হ'লে আৰু প্ৰেচাৰ হ'লে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বেছি মূৰ ঘূৰোৱা পৰিলক্ষিত হয়। সেয়ে কোনো শিশুৰ মূৰঘূৰালে তাৎক্ষণিকভাৱে আক্ৰান্ত শিশুজনক ডাংকোলা কৰি আনি ঠাণ্ডা ঠাইত চকীত বহুৱাই দিব লাগে। ঠাণ্ডা পানীৰে মূৰটো তিয়াই দিব লাগে আৰু বিচনীৰে বা দিব লাগে। পাৰ্যমানে নিৰৱতা অৱলম্বন কৰা দৰকাৰ। অলপ সুস্হ হোৱাৰ পাছত আক্ৰান্ত জনক কথাবোৰ সুধিব লাগে। 

জুইৰে পোৰা :

 জুইয়ে পুৰিলে বা ব্যক্তি এজনৰ গাত জুই লাগিলে উদ্ধাৰকাৰীয়ে এখন কম্বল,কোট বা ডাঠ কাপোৰ লৈ আহতজনক গাত মেৰিয়াই ধৰি মাটিত শুৱাই দিলে জুই নুমাই যায়। পৰিষ্কাৰ পানীৰেও জুই নুমুৱাই আহতজনক ৰক্ষা কৰিব পাৰে। জুই জ্বলি থকা অৱস্থাত কেতিয়াও দৌৰিব নক'ব কাৰণ দৌৰেলে জুইৰ প্ৰকোপ বতাহ লাগি বেছি হয়। পাৰিলে জুই নুমূৱাৰ পিছত লাহেকৈ বাৰ্ণল জাতীয় মলম পোৰা অংশত সানি দিব লাগে। 
    
 লেখনিটো পঢ়াৰ শেষত কেনে পালে জনাব।
ধন্যবাদেৰে ।

Wednesday, August 5, 2020

গণমাধ্যমৰ ব্যৱহাৰ

গণমাধ্যম কি ?

গণমাধ্যম বুলি ক'লে জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংযোগ স্হাপন কৰি বিভিন্ন বা-বাতৰি , বিভিন্ন ঘটনা ৰাইজক অৱগতকৰণ কৰাৰ এক মাধ্যমৰ কথাকে সূচায়। বিভিন্ন মানুহৰ মাজত একেলগে একেসময়তে মত বিনিময়, চিন্তা ভাৱনাৰ বিনিময়ৰ সুযোগ আৰু পাৰস্পৰিক সুসম্পৰ্ক স্হাপন কৰিব পাৰি এই গণমাধ্যমৰ জৰিয়তে।  দৃশ্য শ্ৰাব্য উপকৰণৰ যোগেদি ৰাইজৰ লগত সংযোগ ঘটাই তথ্য আহৰণ কৰাৰ বাবেও এটা আকৰ্ষণীয় উপায় হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনত গণমাধ্যমৰ অৰিহণা পৰ্যাপ্ত পৰিমাণে পৰিলক্ষিত হয়। ইয়াক বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হিছাপে গণ্য কৰা হয়। গণমাধ্যম সমূহে শিক্ষণ শিকন প্ৰক্ৰিয়া সহজ সৰল কৰাৰ লগতে অধিক জ্ঞানাৰ্জন, অভিজ্ঞতা প্ৰাপ্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষণ শিকন প্ৰক্ৰিয়াত গণমাধ্যমৰ অৰিহণা অপৰিসীম আৰু ব্যাপক বুলি বিবেচিত হৈছে।
      গণমাধ্যম সমূহ হ'ল কিতাপ পত্ৰ, আলোচনী, বিজ্ঞাপন, বাতৰি কাকত, প্ৰাচীৰ পত্ৰিকা,ৰেডিঅ' , বোলছবি, দূৰদৰ্শন, ভিডিঅ' , কম্পিউটাৰ, ইণ্টাৰনেট, ইত্যাদি। এই মাধ্যম সমূহৰ জৰিয়তে শৈক্ষিক,সহশৈক্ষিক আদি দিশত প্ৰকাশিত আৰু সম্প্ৰচাৰিত অনুষ্ঠান সমূহে ৰাইজক বিভিন্ন দিশত সহায় সহযোগ তথা সজাগ সচেতনতা বৃদ্ধি কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলক অতি স্পষ্টভাবে শিক্ষা জ্ঞান অৰ্জন কৰাত পূৰ্ণ সহযোগ প্ৰদান কৰিছে।

গণমাধ্যমৰ উদ্দেশ্য কি ?

 
   সকলো বিষয়ৰে যিদৰে উদ্দেশ্য থাকে ঠিক একেদৰে গণমাধ্যমৰো উদ্দেশ্য আছে। থোৰতে ইয়াৰ উদ্দেশ্য সমূহ এনেধৰণৰ হ'ব পাৰে।--
১/ জ্ঞান বিজ্ঞান,কলা সংস্কৃতি, সাহিত্য সভ্যতাৰ দিশত তথ্য যোগান ধৰি জ্ঞানৰ বিস্ফোৰণ ঘটোৱা।
২/ পৃথিৱীৰ বিভিন্ন কোণত সংঘটিত হোৱা ঘটনা আৰু পৰিঘটনা সমুহৰ সম্পৰ্কে ৰাইজক আৰু শিশুসকলক অৱগতকৰণ কৰা।
৩/ পৃথিৱীৰ বিভিন্ন কোণত থকা বিভিন্নজন বিজ্ঞানীৰ মহৎ সৃষ্টিৰাজিৰ সম্পৰ্কে, বিভিন্ন পণ্ডিত, দাৰ্শনিক, সাহিত্যিক, গায়ক, বাদক সমালোচক আদি লোকসকলৰ খ্যাতি,যশস্যাৰ সম্পৰ্কে , ৰাজনীতি, সমাজনীতি, অৰ্থনৈতিক আদিৰ সমস্যা সমূহ ৰাইজক সংবাদ হিচাপে যোগান ধৰাৰ ব্যৱস্থা কৰা।
৪/ গণমাধ্যম সমূহৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা।

শিক্ষাত গণমাধ্যমৰ প্ৰয়োজনীয়তা

      সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত গণমাধ্যমৰ প্ৰয়োজন অপৰিসীম। শিক্ষা ব্যৱস্থাক অধিক গতিশীলতা আৰু সক্ৰিয়তা প্ৰদানৰ ক্ষেত্ৰত গণমাধ্যম এক উত্তম উপায়। শিক্ষাৰ্থীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাবৰ বাবে, শিক্ষনীয় বিষয়বস্তুৰ প্ৰতি ধাউতি বঢ়াই তোলিবৰ বাবে গণমাধ্যম এক উল্লেখযোগ্য বৈকল্পিক ব্যৱস্থা। সেয়েহে গণমাধ্যম প্ৰসাৰতাৰ প্ৰয়োজন আছে।

কিছু ব্যাখ্যা


১/ অনাতাঁৰ, দূৰদৰ্শন , শ্ৰব্য কেছেট , আৰু দৃশ্য শ্ৰাব্য চিডি আদিৰ যোগেদি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি অতি কম সময়ৰ ভিতৰতে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰাব পাৰি।
২/ সমাজ আৰু বিদ্যালয়ৰ ব্যৱস্থাত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে গণমাধ্যম সমূহৰ জৰিয়তে জনগণৰ মাজত সজাগ সচেতনতা বৃদ্ধি কৰাব পৰা গৈছে। লগতে ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰণত ‌ই সহায় কৰিছে। দেশৰ চৌকোণে শান্তি শৃংখলা অটুট ৰখাৰ, সম্প্ৰীতি আৰু একতাৰ মনোভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত গণমাধ্যমৰ অৱদান অনস্বীকাৰ্য্য।
৩/ গণমাধ্যমৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ মাজত বিজ্ঞানৰ সুফল আৰু জ্ঞান বিতৰণ কৰাত ই সহায় কৰিছে। বিজ্ঞান মনস্কতাৰ সৃষ্টিত গণমাধ্যমৰ অৰিহণা অসীম ।
৪/ সমাজৰ জনগণক সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশত জ্ঞান অৰ্জন কৰাত সহায় কৰিছে। 

বিদ্যালয়ত গণমাধ্যমৰ ব্যৱহাৰ 


     ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যি শিক্ষা বৰ্তমান প্ৰৱৰ্তন হৈ আছে সেই শিক্ষাত গণমাধ্যমৰ প্ৰয়োগক অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰাত:সভাৰ পৰা আৰম্ভ কৰি শ্ৰেণীকক্ষৰ পাঠদান কাৰ্যসূচী আৰু বিভাগীয় কাম-কাজৰ বাবে গণমাধ্যমৰ প্ৰয়োগ অপৰিহাৰ্য্য হৈ পৰিছে। সাধাৰণতে বিদ্যালয়ত অন্তৰ্ভূক্ত হৈ থকা গণমাধ্যম সমূহ এনেধৰণৰ ---
ৰেডিঅ', বাতৰি কাকত, কম্পিউটাৰ, দূৰদৰ্শন,শিশু আলোচনী আৰু বিভিন্ন বিষয়ক গ্ৰন্থ আদি।

ৰেডিঅ'(Radio) 

    বিদ্যালয়ত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ছাত্ৰ-ছাত্ৰী সকলক অনাতাঁৰৰ জৰিয়তে শিক্ষা দিব পাৰি। শিক্ষামূলক কাৰ্যসূচী বা অনুষ্ঠান সমূহ শ্ৰৱণ কৰোৱাব পাৰে। 

বাতৰি কাকত (Newspaper)

    বিভিন্ন বাতৰি কাকত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰী সকলক ভিন্ন বিষয়ত শিক্ষা অৰ্জনত সহায় কৰে। বাতৰি কাকত পঠন, বাতৰি কাকতত প্ৰকাশিত ভিন্ন প্ৰতিযোগিতা আৰু ছবি সমূহ ছাত্ৰ-ছাত্ৰীক প্ৰদৰ্শন আদি কৰোৱায় উৎসাহ প্ৰদান কৰিব পাৰে। কবিতা, গল্প,সাধু, কুইজ,মহৎলোকৰ বাণী,সাঁথৰ সম্পৰ্কে  জ্ঞান অৰ্জন কৰাত বাতৰি কাকত অন্যতম পথ।

শিশু আলোচনী ( child magazine) 

আজৰি সময়কণ সৎব্যৱহাৰৰ নিমিত্তে আলোচনী পঠনৰ অভ্যাস গঢ়ি তুলিব পাৰে। বিশেষকৈ ৰিক্ৰেচনৰ সময়ত শিশু আলোচনী পঢ়িব দিব পাৰে আৰু শব্দৰ শৃংখল, চুডকু আদি খেলসমূহ ছাত্ৰ-ছাত্ৰীক আলোচনী পঠনৰ জৰিয়তে শিকাব পাৰে।
 

সমাজত গণমাধ্যম

এখন সমাজ শৃংখলাবদ্ধ ভাৱে নিয়াৰিকৈ চলিবলৈ হ'লে সমাজৰ মানুহবিলাক জ্ঞানী হ'ব লাগিব। সচেতন আৰু সজাগ হ'ব লাগিব। বিভিন্ন গণমাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত সমাজক আগুৱাই নিব পাৰি। বাতৰি কাকত, দূৰদৰ্শন আদিৰ মাধ্যমেৰে সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশত অজ্ঞতাৰ আন্ধাৰ নাশি সমাজৰ মানুহবিলাকক সজাগ সচেতন আৰু জ্ঞানৱান কৰি তোলিব পৰা যায়। জনমত গঠনৰ ক্ষেত্ৰত গণমাধ্যম এক উত্তম আহিলা।
      সাম্প্ৰতিক কালৰ সমাজ ব্যৱস্থাত গণমাধ্যম এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ অবিহনে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশত আগুৱাই যোৱাৰ সম্ভৱ নহয়। বিদ্যালয়ৰ ব্যৱস্থাত শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও বিভিন্ন বিষয়ত জ্ঞানাৰ্জন কৰাৰ ক্ষেত্ৰত গণমাধ্যমৰ সহায় অনস্বীকাৰ্য্য। গণমাধ্যমৰ বহুল ব্যৱহাৰে সমাজৰ তথা নৱ প্ৰজন্মক নতুন পথ দেখুৱালে সমাজৰ চৌপাশ শান্তি আৰু আনন্দদায়ক বাতাবৰণে জিলিকাই তুলিব।

         ধন্যবাদেৰে ।
---------------++++++++++++-------------------







Saturday, August 1, 2020

ঐতিহাসিক পটভূমি 'ছৈখোৱা ঘাট ' | A heritage site

ঐতিহাসিক পটভূমি ' ছৈখোৱা ঘাট'

      
         অসমৰ চুকে কোণে বহু ঐতিহ্য মণ্ডিত ঠাই আছে য'ত বিভিন্ন সময়ৰ পৌৰাণিক কৃৰ্তিচিহ্নৰ বিদ্যমান। তেনে এখন ঠাই হ'ল 'শদিয়া' । শদিয়াৰ দক্ষিণ পাৰে অৱস্থিত ধলা বা ছৈখোৱা ঘাটতো ঐতিহ্যৰ চিন বহন কৰিছে একমাত্ৰ শ্ৰী শ্ৰী কেঁচাই খাইটি গোঁসানী মাঁ মন্দিৰে। আজি এই মন্দিৰৰ সম্পৰ্কে থোৰতে জনাব বিচাৰিছোঁ। মন্দিৰটো সম্পৰ্কে এটা পৌৰাণিক কাহিনী সংযুক্ত হৈ আছে বুলি বয়োজেষ্ঠ ব্যক্তি সকলে ক'ব খোজে। 

ছৈখোৱাৰ অৱস্থিতি

বৰ্তমানৰ ধলাৰ উত্তৰ দিশে বজাৰৰ পৰা প্ৰায় ৩ কি.মি. আতঁৰত এই ছৈখোৱাঘাট অৱস্থিত।পূৰ্বে এই ছৈখোৱা ঘাট আছিল এখন সৰু চহৰ। য'ত সকলো ধৰণৰ বেপাৰ-বাণিজ্য, হাট-বজাৰ আদি আছিল। কিন্তু ১৯৫০ চনৰ বৰভুঁইকপৰ কবলত পৰি সেই লহপহকৈ বেপাৰ বাণিজ্যৰ জৰিয়তে, বৃটিছ সকলৰ পৰশত ঠন ধৰি উঠা পুৰণি ছৈখোৱা ঘাট বৰলুইতৰ‌ বালিৰে পুতি পেলালে। সেই ছৈখোৱা ঘাট বৰ্তমান মথাউৰিৰ দক্ষিণ পাৰে 'ধলা' নামাকৰণ কৰি বহোৱা হ'ল। বিভিন্ন জাতি জনগোষ্ঠীৰে, বিভিন্ন ধৰ্মাৱলম্বীৰে ঠাইখণ্ড পৰিপূৰ্ণ। অৱশ্যে পূৰ্বৰ যি ৰেহৰূপ এতিয়া তাৰ তিলমানো নাই । বয়োজেষ্টসকলৰ মুখেৰে শুনা বিৱৰণ অনুসৰি ছৈখোৱা ঘাট সেই সময়ৰত এটা বিস্তৰ বানিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল।

 মাঁ কেঁচাইখাইটি গোঁসানী 

শ্ৰী শ্ৰী কেঁচাইখাইটি আই থান হ'ল এটা ঐতিহ্যপূৰ্ণ শাক্ত পন্হীৰ মন্দিৰ। এই মন্দিৰ ধলাৰ পৰা প্ৰায় ৩ কি.মি. দূৰৈৰ পুৰনি ছৈখোৱাত অৱস্থিত। পূবে মিঠাআম গাঁৱ , পশ্চিমে ৰেগবি গাঁৱ, উত্তৰে ব্ৰহ্মপুত্ৰ নৈ আৰু দক্ষিণে ধলা বজাৰ হ'ল এই থানখনৰ চাৰিসীমা। অসমৰ চৌদিশৰ পৰা আহি এই থানত পূজা অৰ্চনাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে। আইৰ সন্তোষ্টিৰ বাবে বছেৰেকত চাৰিভাগ পূজা আগবঢ়োৱাটো এক পৰম্পৰাগত নীতি হিচাপে চলি আহিছে। ইয়াৰে কাতি মাহত 'কাতি পূজা', আঘোণ মাহত 'বাবুপূজা' , বহাগ মাহত 'বহাগী পূজা' আৰু মাঘ মাহত 'মাঘীপূজা' অনুষ্ঠিত কৰা হয় বুলি জনা যায়।কাতি পূজা,বহাগীপূজা ,মাহৰ কোনো এটা বুধবাৰে পালন কৰা হয় কিন্তু বাবুপূজা মাহৰ কোনো এটা দেওবাৰে পালন কৰা হয় বুলি পৰিচালনা সমিতিৰ মন্তব্যৰ পৰা জনা যায়।
 

পৌৰাণিক কাহিনী

কেতিয়া আৰু কোন সময়ৰ পৰা এই পূজা ভাগ গোঁসানীলৈ আগবঢ়োৱা হয় বা কেনেকৈ এই মন্দিৰ স্হাপিত হয় ,কিয় ইয়াৰ নাম কেঁচাই খাইটি হ'ল তাৰ সঠিক তথ্য পাবলৈ দুৰূহ যদিও কালিকা পুৰাণত বৰ্ণিত এক উপাখ্যানৰ মতে আই গোঁসানীৰ এটা অনুপম কাহিনী পোৱা যায়। কাহিনীটো আছিল এনেধৰণৰ--- এবাৰ যশ কন্যা পাৰ্বতীৰ পিতৃৰ ঘৰত এখন বৃহৎ যজ্ঞ অনুষ্ঠিত হৈছিল। উক্ত যজ্ঞত পিতৃৰ নিমন্ত্ৰণ নোপোৱাকৈয়ে পাৰ্বতীয়ে উপস্হিত হৈছিলগৈ। নিমন্ত্ৰিত অতিথি সকলে পতি কিয় নাহিল বুলি সুধাত পিতৃ গৃহত যজ্ঞ অনুষ্ঠিত কৰাৰ খবৰ দিয়া নাছিল বুলি কোৱাত উপস্হিত অতিথি সকলে পাৰ্বতীক নানা তিৰস্কাৰ কৰি ক'লে যে পিতৃগৃহ হ'লেও যজ্ঞস্থলীত বিনা নিমন্ত্ৰণত অহাটো উচিত নহয় আৰু ই অবাঞ্চিত। এই কথাত পাৰ্বতী অতি লজ্জিত হৈছিল আৰু যজ্ঞস্থলীতে লাজত ম্ৰিয়মান হৈ দেহত্যাগ কৰে। কথাটো স্বামী মহাদেৱৰ কাণত পৰা মাত্ৰকে চৰম ক্ৰোধিত হৈ মহাদেৱ যজ্ঞস্থলী পালেহি আৰু ভাৰ্যাৰ শৱদেহ কান্ধত তুলি লৈ ত্ৰিভূৱন ভ্ৰমি ফুৰিবলৈ ধৰিলে। এই ধৰণে ঘুৰি ফুৰোতে ভাৰ্যাৰ শৱদেহ কান্ধতে গেলি-পচি অংগসমূহ বিভিন্ন স্হানত পৰিবলৈ ধৰিলে। য'তে অংগসমূহ পৰিছিল তাতেই হেনো আই গোঁসানীৰ মন্দিৰ স্হাপিত হ'ল। ছৈখোৱাতো হেনো শৱদেহৰ অংগ পৰি গৈছিল আৰু ফলশ্ৰুতিত স্হাপন হ'ল আজিৰ মাঁ কেঁচাই খাইটি গোঁসানীৰ মন্দিৰ। ভক্তপ্ৰাণ ৰাইজৰ মনত এয়া বিশ্বাসৰ জুমুঠি । 

     কিছু ইতিহাস

   ইতিহাসৰ পাত লুটিয়াই চালে আমি দেখিবলৈ পাওঁ যে আই গোঁসানী পূজাৰ প্ৰথম উৎপত্তি স্হান হ'ল শদিয়া। এই গোঁসানী পূজাৰ লগত অসমৰ প্ৰাচীন জনগোষ্ঠী দেউৰী আৰু চুতীয়া জাতি সাঙোৰ খাই আছে বুলি জনা যায়। আহোম সকল অসমলৈ অহাৰ পূৰ্বেই শদিয়াত দেউৰীসকলৰ আদি বাসস্হান আছিল। দেউৰীসকলে নিজস্ব ধ্যান-ধাৰণাৰে গোঁসানী পূজা কৰিছিল। যি বৰ্তমানেও এই পূজা অব্যাহত আছে। গোঁসানী পূজাত হাঁহ, পাৰ , কুকুৰা, পাঠা, আৰু ম'হ বলি দিয়াৰ নিয়ম আছিল। আহোম সকল অসমলৈ অহাৰ পিছত ১৭৮০ চনলৈকে দেউৰীসকলে আনকি নৰবলি পৰ্যন্ত দিছিল বুলি জনা যায়। (নৰবলি দিয়াৰ সঠিক তথ্য অৱশ্যে মোৰ হাতত  নাই ,সদাশয় ব্যক্তিয়ে জানিলে মোলৈ তথ্য প্ৰেৰণ কৰে যেন। ) আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত এই প্ৰথা বিলুপ্ত ঘটোৱা হৈছিল। উপৰোক্ত কথাখিনি এই বাবেই উল্লেখ কৰা হ'ল যে প্ৰকৃততে ছৈখোৱা ঘাটত কেঁচাই খাইটি গোঁসানীৰ শাল প্ৰতিষ্ঠাৰ মূলতেই হ'ল দেউৰীসকলৰ অৱদান। দেউৰীসকলৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে উপযুক্ত খেতিপথাৰৰ বাবে মাটিৰ সন্ধানত শদিয়াৰ চাৰি ঠাইত দেউৰী সকলে খোপনি পুতিছিল আৰু তেতিয়াই হেনো শদিয়াৰ চাৰি ঠাইত তেওঁলোকে মন্দিৰ সাঁজি পূজা অৰ্চনা কৰিছিল। সেই কাৰণতেই শদিয়াত সৃষ্টি হৈছিল চাৰিশাল গোঁসানীৰ মন্দিৰ।সেয়া হ'ল-- ১/ গিৰা গিৰচি শাল ,২/ বলিয়া বাবা শাল, ৩/ কেঁচাই খাইটি শাল আৰু ৪/ পাতৰ শাল বা থান । শদিয়াৰ চুতীয়া ৰাজ্য পতন হোৱাত এই পুৰোহিত শ্ৰেণীৰ দেউৰীসকলো ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণ পাৰলৈ উঠি আহিল আৰু পুৰণি ছৈখোৱা ঘাট অভিমুখী ৰাস্তাৰ দাঁতিত শ্ৰী শ্ৰী কেঁচাই খাইটি গোঁসানীৰ মন্দিৰ স্হাপন কৰিছিল বুলি অনুমান কৰিব পাৰি। গতিকে ছৈখোৱা ঘাট তেতিয়াৰ পৰাই ঐতিহাসিক পটভূমি হিচাপে পৰিগণিত হৈছে বুলি ঠাৱৰ কৰিব পাৰি।

 সামৰণি

যি কি নহওঁক, সাম্প্ৰতিক সময়ত এই গোঁসানী শালতেই সমগ্ৰ অসমৰ উজনিৰ নামনিৰ ৰাইজৰ লগতে, চুবুৰীয়া ৰাজ্যৰ লোকো ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে গোঁসানী আইৰ অপাৰ মহিমাৰ বাবে মংগল কামনাৰ্থে প্ৰণিপাত জনাই আহিছে। এতিয়াও পূজা অৰ্চনাৰ পুৰোহিত হিচাপে দেউৰী সকলে সমাপন কৰে।
      সাম্প্ৰতিক সময়ত এই গোঁসানী কেৱল আধ্যাত্মিক ক্ষেত্ৰই হৈ থকা নাই । ই এক সংস্কৃতিৰ বাহক, মিলনভূমি তথা একতাৰ থলী হিচাপে পৰিগণিত হৈছে।
     অসমলৈ আহিলে ড° ভূপেন হাজৰিকাৰ সেঁতু দৰ্শন কৰাৰ লগতে এই মন্দিৰ দৰ্শন কৰিবলৈ কেতিয়াও নাপাহৰিব।
                ধন্যবাদেৰে---
-------++++++++-----+++++++----------


Wednesday, July 29, 2020

জানোঁ আহক

এজন শিক্ষকৰ গুণাৱলী 

শিক্ষাদান হ'ল এক অবিৰত ভাবে হোৱা বিকাশৰ প্ৰক্ৰিয়া। শিক্ষাদান প্ৰক্ৰিয়াত মূল ভূমিকা পালন কৰা ব্যক্তিজনে হ'ল শিক্ষক যি বহু কষ্ট স্বীকাৰ কৰি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক ভৱিষ্যত জীৱনৰ নৱতম দিশ উন্মোচন কৰিবলৈ সক্ষম। কমাৰে লো পিটি প্ৰয়োজনীয় আহিলা সুন্দৰকৈ গঢ়াৰ দৰে শিক্ষকেও বহু নৱ প্ৰজন্মক শিক্ষাদান কৰি লক্ষ্যস্হানৰ মাৰ্গ সঠিকভাৱে দেখুৱাই। এনে এটা গুৰুত্বপূৰ্ণ বিষয়বাব বা বৃত্তি গ্ৰহণ কৰা শিক্ষকৰ বহু জ্ঞান থকাটো অতি প্ৰয়োজনীয়। বহু দাৰ্শনিক, ভাষাবিদ তথা পণ্ডিতে শিক্ষকৰ সম্পৰ্কে বহু সুন্দৰ আৰু গ্ৰহণযোগ্য আৰু তত্ত্বগধূৰ মন্তব্য আগবঢ়াযছে। ফ্লৱেল , ৱাৰ্ম আদি চিন্তাবিদ সকলে শিক্ষকক শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা এজন মহান লোক বুলি কৈছে। ফ্লৱেলে শিক্ষকক এজন মালীৰ লগত ৰিজনি কৰি কৈছে যে মালীয়ে যিদৰে গছ গজাৰ পৰা আৰম্ভ কৰি ফুলৰ বিকাশত অৰিহণা যোগায়, ঠিক একেদৰে এজন শিক্ষকেও শিক্ষাত শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। যি কি নহওঁক আমি অনুধাৱন কৰা উচিত শিক্ষকতা এক সৃজনীশীল শিল্পকলা। গতিকে এজন শিক্ষকে গভীৰ আত্ম নিয়োগেৰে শিক্ষাদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি শিশুৰ সৰ্বদিশ বিকাশৰ লগতে সমাজৰ বিকাশ হোৱাৰ পৰিকল্পনাৰে ভূমিকা পালন কৰা উচিত। 
    

গুণাৱলী 

 ১/ বিষয় বস্তুৰ ওপৰত গভীৰ জ্ঞান থকা বাঞ্চনীয়।
২/ পাঠদানৰ দক্ষতা তথা কৌশলৰ জ্ঞান থাকিব লাগে।
৩/ শিক্ষাদানৰ পদ্ধতিৰ সম্পৰ্কে পৰ্যাপ্ত জ্ঞান থকা দৰকাৰ।
৪/ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে সহযোগিতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিব লাগে।
৫/ নিৰপেক্ষ দৃষ্টিভংগীৰ হ'ব লাগে।
৬/ শিশুৰ মানসিক দক্ষতাৰ পৰীক্ষা তথা মূল্যায়ন কৰিব জানিব লাগে।
৭/ চৰিত্ৰ আৰু ব্যক্তিত্বৰ সম্পৰ্কে সদায় সজাগ হ'ব লাগে।
৮/ সজ আচৰণ প্ৰদৰ্শন কৰা
৯/ শিক্ষাৰ সঁজুলি ব্যৱহাৰৰ জ্ঞান থাকিব লাগে।
১০/ সময়ানুৱৰ্তিতাৰ জ্ঞান 
    তদুপৰি সুকণ্ঠ , ক্ষিপ্ৰতা, পৰিষ্কাৰ পৰিচ্ছন্ন,ধৈৰ্য্য, হাস্যৰস, আশাবাদী, চাতুৰ্য্যতা, বাগ্মিতা, নেতৃত্বদান আদি মহান গুণৰাশি থাকিব লাগে। উল্লেখিত ,এনে গুণৰ অধিকাৰী হোৱাৰ বাবে শিক্ষক আমাৰ বাবে এজন মহান স্ৰষ্টা শিল্পী।

                    পঢ়ি চোৱাৰ বাবে

      আপোনালৈ অশেষ ধন্যবাদ জনালো ।।



,-----------------++++++++++++++---------------------
                 


Tuesday, July 28, 2020

সুখী জীৱনৰ উপায় -২

সুখী জীৱনৰ সহজ উপায়

       সুখ প্ৰত্যেকৰে সুকীয়া হ'ব পাৰে অৰ্থাৎ পৃথক পৃথক হ'ব পাৰে যদিও প্ৰাপ্তৰ উপায় নিশ্চয় সদৃশ।

আপোনাৰ বাবে সুখ কি ? কেতিয়াবা ভাবি চাইছে নে ? আপোনাৰ বাবে সুখ হ'ব পাৰে এইটো যিয়ে আপোনাৰ জীৱনত শান্তিৰ নিজৰা বোৱাই দিব সক্ষম। অথবা যিয়ে আপোনাৰ সপোনৰ গভীৰতাক অবাধ স্বাধীনতা প্ৰদানেৰে সাকাৰ ৰূপ দিয়াত সহায় কৰিছে। 

      সঁচা অৰ্থত আপোনাৰ সুখৰ সংস্কৰণ হ'ল শ্ৰদ্ধা ভক্তিৰ মনোভাৱ। এনে মনোভাৱে সুখী জীৱন নিৰ্বাহ কৰাত সহায় কৰে। সাধাৰণতে বহু সন্তোষিত জীৱন কিছু জটিল প্ৰক্ৰিয়া মাজেৰে অতিবাহিত কৰাৰ পিছত প্ৰাপ্ত হয়। জীৱনত সৰু সৰু অথচ কিছুমান গুৰুত্বপূৰ্ণ অভ্যাসে আপোনাৰ জীৱনৰ প্ৰতিটো পল অনুপল সুখী কৰি তোলিব পাৰে। আহকচোন আমি অনুসৰণ কৰো কিছু বিষয় যিয়ে আপোনাক আনন্দ, প্ৰশান্তি আৰু আৰ্শীবাদ প্ৰদান কৰি জীৱন সুখময় কৰি তোলাত সহায় কৰিব পাৰে।

১/ অনুশীলন কৰক: 

      আপোনাৰ সুস্বাস্হ্যৰ বাবে অনুশীলন এটা গুৰুত্বপূৰ্ণ বিষয়। নিয়মিত যোগাভ্যাসে আপোনাৰ মনত অনুভূত মানসিক চাপ, উদ্বগ্নিতা , বিষন্নতা,হীনমন্যতা আদি নেতিবাচক মনোভাব দূৰ কৰে। 
 

২/ পৰ্য্যাপ্ত পৰিমানে শোঁৱক :

      আধুনিক পৃথিৱীৰ আধুনিক সমাজত যেন টোপনি বা শয়ন এটা গুৰুত্বপূৰ্ণ বিষয় নহয়। যন্ত্ৰবত মানুহবোৰে কেৱল কাম কৰা আৰু কৰা মনোভাৱহে পুহি ৰাখিছে। আধুনিক সমাজত খাওন শোঁৱনৰ ক্ষেত্ৰত সীমাবদ্ধ। ব্যস্ততাপূৰ্ণ জীৱন অতিক্ৰমৰ বাবে প্ৰতিজন মানুহক আজি সময়ে গ্ৰাস কৰি পেলাইছে। কিন্তু ভাল দৰে নোশোঁলে ভাল মগজু কামনা কৰিব পাৰি নে ? আপুনিও ভাবকচোন। সুস্বাস্হ্যৰ বাবে পৰ্যাপ্ত শয়ন আপোনাৰ বাবে মহৌষধ। গভীৰ টোপনিয়ে মগজুৰ বিভিন্ন অংগৰ গতি সঠিক কৰি ৰাখে। এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতি দিনত গড়ে ৭ ৰ পৰা ৮ ঘণ্টা শোঁৱ লাগে। চাব আকৌ অত্যধিক শয়নেও মানুহৰ ক্ষতি সাধন কৰে। 

৩/ সুষম আহাৰ খাওঁক

   আপুনি নিশ্চয় জানে যে শাৰীৰিক ভাৱে সবল আৰু সুস্হ হৈ থাকিবলৈ আহাৰৰ ক্ষেত্ৰত বিজ্ঞানেও গুৰুত্বপূৰ্ণ দিহা দি আহিছে। সুষম আহাৰ গ্ৰহণে আপোনাৰ শৰীৰ প্ৰয়োজনীয় উপাদান প্ৰাপ্ত কৰে। ভিটামিন, চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, খনিজ লৱণ আদি উপাদানযুক্ত খাদ্য খাব লাগে। গাখীৰ,কণী, মাছ, মাংস নিয়মিত পৰিমাণে আৰু দাইল, সেউজীয়া শাক-পাচলি, ফলমূল আদি খাব পাৰে।

৪/ গভীৰভাৱে উশাহ-নিশাহ লওঁক

      সুস্বাস্হ্য থাকিলেহে সুখী জীৱন পাব পাৰি।
গভীৰ ভাৱে উশাহ-নিশাহ লোৱাৰ যোগাভ্যাস কৰক। ইয়ে আপোনাৰ মনৰ জঠৰতা, ব্যস্ততাৰ একঘেয়ামীৰ চাপ নাইকিয়া কৰে। কিছু সময় দুচকু জপাই জীৱনৰ সুন্দৰ ঠাই বা সময়খিনিৰ সম্পৰ্কে স্মৰণ কৰক আৰু জোৰেৰে দীঘলীয়াকৈ নাকৰ এটা বিন্ধাৰে উশাহ লৈ আনটোৰে লাহে লাহে নিশাহত বায়ুখিনি এৰি দিয়ক। মনলৈ প্ৰশান্তিৰ ভাৱ আহিছে নে বাৰু ? 

৫/ অসুখী মুহূৰ্ত্তবোৰক মূল্যায়ন কৰক

      ইতিবাচক চিন্তাই মনক শান্তি দিয়ে। কিন্তু বেয়া ঘটনা বা কাৰ্যবোৰে মনত সদায় দুখ দিয়ে আৰু ই জীৱনৰ অংশৰ দৰে পৰিগণিত হয়। বেয়া কাৰ্যবোৰ বা ফলবোৰ জীৱনৰ এটা অংশ বুলি সহজভাৱে স্বীকৃতি দিয়ক। মনত প্ৰশান্তি পাব। যদি আপুনি বেয়া খবৰবোৰ, সংঘটিত ভুল বোৰ অনবৰতে সাবতি থাকে তেন্তে এয়া আপোনাৰ বাবে মাৰাত্মক কথা হ'ব পাৰে। সেয়ে অসুখী মুহূৰ্ত্তবোৰক মান্যতা প্ৰদান কৰক,ই এটা জীৱনৰ অংশ হিচাপে। এনে মনোভাৱে আপোনাৰ সময়বোৰ সুখেৰে পৰিপূৰ্ণ কৰি তোলিব ।

       সদৌ শেষত কঁও আপোনাৰ কাৰ্যই আপোনাক জীৱন সুখী কৰি তোলাত সহায় কৰিব। সুকৰ্মৰ পৰা সুফল আৰু কুকৰ্মৰ পৰা কুফল পোৱা যায়। গতিকে সুচিন্তা,সুকৰ্ম কৰক আৰু জীৱন সুখময় কৰি তোলক।
     ---------+++++++++-------+++++++-------

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts