👉 পৰিৱেশৰ সম্পৰ্কে অধ্যয়ন কৰা শিক্ষাই হৈছে চমুকৈ পৰিৱেশ শিক্ষা । পৰিৱেশ অধ্যয়ন মানুহৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। পৰিৱেশ মানুহে সৃষ্টি কৰে। এই মানুহৰ দ্বাৰা সৃষ্ট পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ্থে আমি পৰিৱেশৰ সম্পৰ্কে অধ্যয়ন কৰা প্ৰয়োজন আছে। মানুহৰ হিতৰ বাবে পৰিৱেশ তন্ত্ৰ কেনে হোৱা দৰকাৰ, মানুহে কি কৰিলে পৰিৱেশ প্ৰদূষিত নহ'ব.. আদি আমি অধ্যয়ন কৰি আগবাঢ়িলেহে পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব। বৰ্তমান সময়ত প্ৰাকৃতিক ভাৱে সৃষ্ট পৰিৱেশ মানুহে বিভিন্ন কাৰণত ধ্বংস কৰিছে। পূৰ্বতে গছ-গছনিৰে ভৰা, চৰাই চিৰিকতিৰ শব্দেৰে ভৰা বিলৰ নিজম পৰিৱেশ আজি হেৰাই গ'ল বুলি ক'লেও অত্যুক্তি কৰা নহয়। শব্দ প্ৰদূষণ , বায়ু প্ৰদূষণ, জল প্ৰদূষণ আদিৰ দৰে এশ এটা সমস্যাই আমাৰ চৌদিশ বেৰি ধৰিলে। এইবোৰ মানুহৰে সৃষ্টি এয়া সকলোৰে বিদিত। গতিকে এনেধৰণৰ কু-পৰিৱেশ তন্ত্ৰৰ সৃষ্টি নহ'বৰ বাবে আমি সজাগ আৰু সচেতন হোৱাৰ ঘাই উপায় হৈছে পৰিৱেশ শিক্ষা গ্ৰহণ।
প্ৰকৃতিয়ে মানুহক ভালদৰে জীৱন-যাপন কৰিবলৈ অজস্ৰ সম্পদ প্ৰদান কৰিছে । সেই সম্পদ সমূহ মানুহে কু-ব্যৱহাৰ বা অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়ছে। মানুহে মনত ৰখা উচিত যে প্ৰাকৃতিক সম্পদবোৰ অফুৰন্ত নহয়। ই সীমিত। মানুহৰ আকাশলঙ্ঘী কামনা আৰু ভোগবাদী আদৰ্শই সম্প্ৰতি বিজ্ঞান প্ৰযুক্তিৰ সহায়েৰে এই প্ৰাকৃতিক সম্পদবোৰ অহনিৰ্শে ক্ষতি আৰু বিনাশ সাধন কৰি থকা হৈছে। প্ৰাকৃতিক সম্পদবোৰৰ সীমাবদ্ধতা আৰু মানুহৰ মন মগজু প্ৰকৃতিৰ সপক্ষে জগাই তোলাৰ নিমিত্তে পৰিৱেশ তন্ত্ৰৰ অধ্যয়ন আজি জৰুৰী হৈ পৰিছে।
🙏 পৰিৱেশ অধ্যয়নত কি আলোচনা কৰা হয় ?
পৰিৱেশ অধ্যয়নত কি আলোচনা কৰা হয় ?
👉পৰিৱেশ অধ্যয়নত বিশেষকৈ - ১/কৃষিকাৰ্যৰ বিকাশ ২/ উদ্যোগিক বিকাশ ৩/ বনসম্পদ ধ্বংস ,৪/ অত্যধিক যান-বাহনৰ ব্যৱহাৰ ৫/জনসংখ্যা বৃদ্ধি ,৬/নগৰীয়া কৰণ ,৭/খণিৰ কৰ্ম ৮/মথাউৰি, বান্ধ আদি নিৰ্মাণ ৯/ পৰিবহণ ব্যৱস্থা ১০/ অগ্নি সংযোগ ১১/ তেজস্ক্ৰিয়তা ১২/ প্ৰদূষণ
১৩/ জলসম্পদ আদি বিষয় বিলাকৰ ওপৰত পৰিৱেশ অধ্যয়নত শিকোৱা হয়। এনে কাৰ্য অত্যধিক আৰু বিজ্ঞান সন্মত ভাৱে সমাপন কৰাৰ ফলত কিছু ক্ষেত্ৰত পৰিৱেশৰ ওপৰত পোনপতীয়াকৈ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে গৰুৰ সলনি ট্ৰেক্টৰৰ জৰিয়তে কৰা খেতিৰ বাবে মাটিৰ গুণাগুণ নষ্ট হ'ব পাৰে। ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত খেতি মাটিৰ নিজস্ব গুণ হেৰুৱায় পেলায়। উদ্যোগত ব্যৱহৃত পেলনীয়া আৱৰ্জনা নদীৰ দাঁতিত পেলোৱাৰ ফলত নদীলৈ বিস্তাৰ ঘটে আৰু নদীৰ পানী কলুষিত হোৱাত অৰিহণা যোগায়। তদুপৰি ইয়াৰ পৰা নিৰ্গত বিভিন্ন গেছ - ছালফাৰ, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন আদিয়ে পৰিৱেশ দূষিত হোৱাত সহায় কৰে। বনসম্পদ ধ্বংসৰ ফলত জলবায়ুৰ তাৰতম্য সৃষ্টি হয় । বৰষুণৰ পৰিমাণ কমি যাব আৰু আবতৰত শিলাবৃষ্টি আদিৰ দৰে বতৰৰ সৃষ্টি হ'ব। যিবোৰ আজিৰ পৃথিৱীত আমি নিতৌ প্ৰত্যক্ষ কৰিছোঁ।
গতিকে এনেধৰণৰ বিষয় সমূহ অধ্যয়ন কৰাৰ ফলত ইয়াৰ কু-প্ৰভাৱ আৰু সু-প্ৰভাৱৰ সম্পৰ্কে বুজিব পৰা যায়। সেয়ে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
🙏 ঐতিহাসিক পটভূমিত পৰিৱেশ শিক্ষা !
ঐতিহাসিক পটভূমিত পৰিৱেশ শিক্ষা !
👉প্ৰায় ঊনৈশ শতিকাৰ পৰাই পৰিৱেশ সংৰক্ষণৰ সম্পৰ্কে বিজ্ঞ সমাজৰ মাজত আলোচিত হৈছে। বিশ্বৰ বিজ্ঞানী আৰু পৰিৱেশ সচেতন ব্যক্তিসকলে সক্ৰিয়তাৰে সময়ে সময়ে গুণাগথা আৰু কাৰ্যকৰী কৰণৰ বাবে একত্ৰিত হৈ আহিছে। ভাৱ বিনিময় অব্যাহত ৰাখিছিল পৰিৱেশ তন্ত্ৰৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ সুৰক্ষিত কৰি ৰাখিবলৈ । তদুপৰি দেশে দেশে পৰিৱেশ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰাও পৰিলক্ষিত হৈছিল। ১৯৭০ চনত আমেৰিকা , জাপান , অষ্ট্ৰেলিয়া, কানাডা আৰু ইউৰোপৰ অন্যান্য দেশবোৰ একত্ৰিত হৈ পৰিৱেশ সংৰক্ষণৰ ওপৰত আলোকপাত কৰিছিল আৰু বিভিন্ন পৰামৰ্শ, কাৰ্যপন্থা হাতত লৈছিল বুলি জনা যায়। ১৯৭২ চনত চুইডেনৰ ষ্টকহ'মত আন্তঃৰাষ্ট্ৰীয় ভিত্তিত পৰিৱেশ সুৰক্ষাৰ ওপৰত এখন সন্মিলনো অনুষ্ঠিত হৈছিল য'ত পৰিৱেশ শিক্ষা সম্পৰ্কে বিভিন্ন পৰামৰ্শ গ্ৰহণ কৰা হৈছিল। ১৯৭৫ চনত বেলগ্ৰডত পুনৰ আন্তঃৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত হৈছিল। ইউনেস্ক' আৰু ইউনাইটেড নেচনচ এনভাইৰণমেণ্টেল প্ৰ'গ্ৰামৰ জৰিয়তে পৰিৱেশ শিক্ষা সংক্ৰান্তীয় প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল । এই সন্মিলনত পৰিৱেশ শিক্ষাক কেনেকৈ সাৰ্বজনীন শিক্ষাৰ আওতালৈ আনিব পাৰি সেই সম্পৰ্কে বিশদ আলোচনা কৰা হৈছিল আৰু বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। বিশেষকৈ পৰিৱেশ আৰু পৰিৱেশৰ সম্ভাব্য প্ৰত্যাহ্বান সম্পৰ্কে মানুহৰ মনত সজাগতা সৃষ্টি কৰা আৰু বোধশক্তিৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰাই আছিল মূল লক্ষ্য। ইয়াৰোপৰি পৰিৱেশ সম্পৰ্কে মানুহৰ উদ্বিগ্নতা বৃদ্ধি কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মনোভঙ্গী গঢ়ি তোলা, পৰিৱেশ সংক্ৰান্ত সমস্যা আৰু প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ তদন্ত আৰু গৱেষণাৰ প্ৰতি ধাউতি সৃষ্টি কৰা, পৰিৱেশৰ জটিলতাৰ স্বৰূপ উপলব্ধি কৰিবৰ বাবে উপযুক্ত মানসিকতা গঢ়ি তোলা আদি কামবোৰ কৰিবলৈ এই সন্মিলনে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছিল।
🙏 সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰয়োজনীয়তা !
সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰয়োজনীয়তা ?
👉আমাৰ চৌপাশৰ অঞ্চলসমূহৰ অৱস্থা নিৰীক্ষণ কৰিলে দেখা যায় যে আমাৰ মানুহবিলাকৰ মাজত পৰিৱেশৰ সম্পৰ্কে সজাগতা নথকাৰ বাবে নিতৌ কুৎসিত পৰিৱেশৰ সৃষ্টি হ'ব ধৰিছে। এতিয়া যিকোনো এলেকাত থকা যিকোনো এখন বজাৰলৈ গ'লে আমি কেৱল দেখিবলৈ পাওঁ লেতেৰা জাবৰ-জোঁথৰ, গো-মোত, হাই-উৰুমি আদিৰে ভৰা এক কৰ্দয্য ৰূপ। কেৱল বজাৰ বুলিয়ে নহয়,আন ঠাইবিলাকতো তথৈবচ অৱস্থা পৰিলক্ষিত হয়। এয়া হ'বলৈ পোৱা মূল কাৰণ হৈছে পৰিৱেশৰ সম্পৰ্কে আমাৰ অজ্ঞতা । চাফচিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত অনীহা আৰু অসচেতন মনোভাৱ। ভৱিষ্যতৰ সম্ভাৱনাবোৰ আৰু সপোনবোৰ বাস্তৱায়িত কৰাত যে পৰিৱেশে প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে সেই ক্ষেত্ৰত আমি সজাগ আৰু চিন্তিত নহয়। ইতিহাসৰ পৰা জনা যায় যে বহু আগৰেপৰাই পৰিৱেশ সংৰক্ষিত কৰিবলৈ প্ৰয়াস কৰি অহা হৈছে। কিন্তু আজি পৰ্যন্ত এই সমস্যা সমাধান কৰিবলৈ আমি অপাৰগ হৈছোঁ। আচলতে ইয়াৰ বাবে দায়ী আমি মানৱ সমাজ , নহয় নে ? চহৰলৈ গ'লে দেখা যায় গাড়ীৰ ভিতৰৰ পৰা এচামে মৰ্টন, চকলেটৰ পেকেট, চিপছৰ পেকেট খিৰিকীৰে বাহিৰলৈ দলিয়াই দিছে, এচামে কাকো কেৰেপ নকৰি নিলাজীৰ সদৃশ মানুহৰ জুমৰ কাষতে প্ৰস্ৰাৱ কৰিছে, আন এচামে য'তে ত'তে জাবৰ জোঁথৰ পেলাই দুৰ্গন্ধ বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে। এনেবোৰ কাৰ্য সাধাৰণতে কিছু সংখ্যকৰ ক্ষেত্ৰত অজ্ঞানতা আৰু আন কিছুমানৰ ক্ষেত্ৰত জানিও ভাওজুৰি কৰা কাৰ্য বুলি ক'ব পাৰি। আমি সজাগ হ'লে আমাৰ বাবেই ভাল। নতুন প্ৰজন্মই ভালটো দেখিলে সিহঁতেও ভালটো কৰিবলৈ শিকিব। কাৰণ আগৰ হাল যি ফালেদি যায়, পিছৰ হালেও সেই ফালেদিয়ে যায়। সেয়ে পৰিৱেশ শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিলে সেয়া পৰিৱেশ শুদ্ধিকৰণৰ এক সুন্দৰ নিদৰ্শন হিচাপে পৰিগণিত। আগন্তুক দিনবোৰতো আমি এই ধাৰাৰ অক্ষুণ্ণ ৰাখিব পাৰিলে সমাজলৈ নিশ্চয় পৰিৱেশ পৰিৱৰ্তনৰ বোৱতী সোঁত বৈ থাকিব।
🙏 পৰিৱেশ সমতুলকৰণত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকা কেনে হোৱা উচিত ?
পৰিৱেশ সমতুলকৰণত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ ভূমিকা কেনে হোৱা উচিত ?
👉বিদ্যালয়ত পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখি , শব্দ প্ৰদূষণ ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰি, বৃক্ষৰোপণ কাৰ্যসূচীৰে পৰিৱেশ সমতুল কৰি ৰখাত অৰিহণা আগবঢ়াব পাৰে শিক্ষক সমাজে। নতুন নতুন পদক্ষেপ গ্ৰহণেৰে ছাত্ৰ ছাত্ৰীৰ মাজত সু পৰিৱেশ কিয় প্ৰয়োজন বুজাবলৈ প্ৰয়াস কৰিব লাগে। পৰিৱেশৰ সৈতে সংশ্লিষ্ট বিভিন্ন সমস্যাৰ গুৰুত্ব সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক আভাস দি সজাগ কৰি তুলিবলৈ যত্ন কৰিব লাগে। বিদ্যালয়ৰ লগতে নিজ ঘৰতো একেধৰণৰ পৰিৱেশ অটুট যাতে ৰাখে তাৰ প্ৰতি শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ লগতে ক্ষেত্ৰ পৰিভ্ৰমণ কৰি প্ৰমাণ সংগ্ৰহ কৰিব লাগে। তেতিয়াহে তেওঁলোকে স্কুলৰ কাম কেৱল স্কুলতে নহয়, ইয়াৰ পৰিসৰ ব্যাপক আৰু সকলোতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰয়োজন আছে বুলি বুজিব সক্ষম হ'ব। পৰিৱেশৰ সৈতে জড়িত বিভিন্ন সংস্থা , গোট আদি বিদ্যালয়ত আমন্ত্ৰণ কৰি আনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কৰ্মশালা অনুষ্ঠিত কৰা উচিত। তেতিয়াহে পৰিৱেশৰ সমস্যা সমূ্হৰ সম্পৰ্কে তেওঁলোকে জ্ঞাত হ'ব আৰু কাৰ্যত আগবাঢ়িবলৈ উৎসাহিত হ'ব।
🙏 উপসংহাৰ :
👉'মানুহে পাতে ঈশ্বৰে ভাঙে' নহৈ বৰ্তমান সময়ত 'ঈশ্বৰে পাতে মানুহে ভাঙে'ৰ সৃষ্টি হৈছে। ঈশ্বৰৰ ইচ্ছাত সৃষ্টি হোৱা সুন্দৰ প্ৰাকৃতিক পৰিবেশ আমি আমাৰ ইচ্ছানুসৰি ভাঙিছো। গছ- গছনি ৰুইছো আকৌ আমিয়ে কাটি তহিলং কৰিছোঁ। বানপানী, ভূমিকম্প, খৰাং বতৰ আদি সৃষ্টিত মানুহৰ হাত বেছি। গতিকে এনেধৰণৰ অনিষ্ট সাধন কৰা প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ আমি সকলোৱে সজাগ সচেতন হোৱাৰ বাদে গন্ত্যন্তৰ নাই।
My you tube channel link
https://youtube.com/channel/UCkmn_sJYCyPatwxNEse24xA
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
🙏প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক- দুদুল সোণোৱাল ।
👃👃👃👃👃👃👃👃👃👃👃👃👃👃👃