আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Sunday, May 1, 2022
আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ সম্পৰ্কে চমু আলোচনা।
Wednesday, April 27, 2022
ড° ভূপেন হাজৰিকা দলংৰ সম্পৰ্কে যৎকিঞ্চিত।
ড° ভূপেন হাজৰিকা দলংৰ সম্পৰ্কে যৎকিঞ্চিত।
(১) ভাৰতৰ মহাসেতু ধলা–শদিয়া দলঙত আছে মুঠ ১৮২টা খুঁটা। দৈৰ্ঘ্যৰ ফালৰ পৰাই নহয়। খুঁটাৰ দিশৰ পৰাও ই এক অভিলেখ।
(২) ভূমিকম্প প্ৰতিৰোধী হ’ব ধলা–শদিয়া দলং। সমগ্ৰ উত্তৰ–পূব ভূমিকম্পপ্ৰৱণ এলেকা হোৱা বাবে ১৮২টা খুঁটাতে অত্যাধুনিক ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থা সংযুক্ত কৰা হৈছে।
(৩) ধলা–শদিয়া দলঙৰ দৈৰ্ঘ্য ৯.১৫ কিলোমিটাৰ। দলংখনৰ দুয়োপাৰৰ সংযোগী পথৰ দৈৰ্ঘ্য ২৮.৫ কিলোমিটাৰ। যিকোনো দলঙৰ সংযোগী পথৰ দৈৰ্ঘ্যৰ ক্ষেত্ৰত ই এক অভিলেখ। দলংখন আৰু সংযোগী পথকে ধৰি ধলাৰ পৰা শদিয়ালৈ মুঠ দূৰত্ব হ’ব ৩৭.৬৫ কিঃমিঃ।
(৪) দেশৰ দীৰ্ঘতম এই দলংখন নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছে ২,০৫৬ কোটি টকা। সংযোগী পথৰ নিৰ্মাণ ব্যয় বাদ দি কেৱল দলংখনৰ নিৰ্মাণত ব্যয় ৯৫০ কোটি টকা। শুনি আচৰিত হ’ব অসমৰ বাবে নিৰ্ধাৰিত পুঁজিৰে নিৰ্মাণ হোৱা নাই ধলা–শদিয়া দলং। পথ পৰিবহণ মন্ত্ৰণালয়ৰ উত্তৰ–পূব ত্বৰান্বিত পথ উন্নয়ন আঁচনিৰ অধীনত অৰুণাচল পেকেজৰ পৰাহে নিৰ্মাণ হৈছে দলংখন।
(৫) ধলা–শদিয়া দলঙে অৰুণাচললৈ দূৰত্ব ১৬৫ কিলোমিটাৰলৈ হ্ৰাস কৰিব। এই দলং নিৰ্মাণ হোৱাৰ পূৰ্বে ৬ ঘণ্টা সময় লগা অৰুণাচল এঘণ্টাতে পোৱা যাব।
(৬) ভাৰত–চীন সীমান্তত নিয়োজিত সেনাৰ বাবে ৰচদ–পাতি, খাদ্য–সামগ্ৰী, পৰিবহণ এই দলঙে সুচল কৰিব।
(৭) অৰুণাচলত নিৰ্মাণ হৈ থকা জলবিদ্যুৎ প্ৰকল্পসমূহৰ বাবে যাত্ৰাপথৰ দূৰত্ব কমিব।
(৮) ধলা–শদিয়া দলং ৩ লেনযুক্ত। ব্ৰহ্মপুত্ৰৰ এটা অংশ লোহিতৰ ওপৰত নিৰ্মাণ হৈছে দলংখন।
(৯) অটল বিহাৰী বাজপেয়ী, ড০ মনমোহন সিং আৰু নৰেন্দ্ৰ মোদীক ধৰি মুঠ তিনিজন প্ৰধানমন্ত্ৰী দলংখন নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত জড়িত।
(১০) দলঙৰ শদিয়া অংশৰ পৰা চীন সীমান্তলৈ আকাশীপথৰ দূৰত্ব মাত্ৰ ১৬০ কিলোমিটাৰ।
(১১) সেতুখনে ৬০ হাজাৰ কিলোগ্ৰাম ওজনৰ যান–বাহনৰ ভৰ বহন কৰিব পাৰে। সেয়ে দলংখনেৰে যুদ্ধ টেংক অনায়াসে পাৰ হ’ব পাৰিব।
(১২) ১৮৮৬ চনৰ ১৬ জুলাইত ব্ৰিটিছে ডিব্ৰু–শদিয়া ৰে’লপথ স্থাপন কৰাৰ পিছত। ধলা–শদিয়া দলং নিৰ্মাণেৰে প্ৰথমবাৰৰ বাবে শদিয়াত প্ৰত্যক্ষ যোগাযোগৰ ব্যৱস্থা স্থাপন হ’ল।
(১৩) ১৯৫০ চনৰ ভূমিকম্পত ডিব্ৰু–শদিয়া ৰে’লপথ ধ্বংস হোৱাৰ পিছত দলংখনে প্ৰথমবাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰক সংযোগ কৰিছে।
(১৪) এই দলং নিৰ্মাণৰ ফলত প্ৰতিদিনে ১০ লাখ টকাৰ পেট্ৰ’ল–ডিজেল ৰাহি হ’ব।
(১৫) এই দলঙেৰে অৰুণাচলৰ মেকা আৰু ৰয়িঙৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ মাত্ৰ এঘণ্টাত পোৱাটো সম্ভৱ হ’ব।
(১৬) ১৯৫০ চনৰ ভূমিকম্পৰ পিছত ধলা–শদিয়াৰ মাজত কেৱল দিনৰ ভাগতহে ফেৰীৰে অহা–যোৱা কৰিব পৰা হৈছিল, সেয়াও বাৰিষাৰ বানৰ সময়ত সম্ভৱ নাছিল। এতিয়া ২৪ ঘণ্টা ধলা–শদিয়াৰ মাজত যোগাযোগ সম্ভৱ হ’ল।
লেখাটো ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে।
Sunday, April 24, 2022
কেইটামান জানিবলগীয়া কথা । A few things to know.
কেইটামান জানিবলগীয়া কথা। A few things to know. আধুনিক চছমাৰ আৱিষ্কাৰ : গণিতত চিনৰ ব্যৱহাৰ : লিঅ'নাৰ্ডো ডা-ভিন্সিৰ 'মনালিছা' : বেৰোমিটাৰ বা চাপমান যন্ৰ : বিজুলী বাতি আৱিষ্কাৰ।
Wednesday, April 20, 2022
What is 'Lesson plan '? Let's know how to make an effective lesson plan.
ইংৰাজী বিষয়ত পাঠ পৰিকল্পনা প্ৰস্তুত কৰোঁতে সাধাৰণ উদ্দেশ্য আৰু বিশেষ উদ্দেশ্য সমূহ উল্লেখ কৰা প্ৰয়োজন। ইয়াৰ পিছত পাঠৰ পৰিৱৰ্তে পাঠৰ এটা অংশ পাঠদানৰ বাবে ল'ব লাগে। পাঠ্যাংশৰ পৰা মূল অৰ্হতা সমূহ (Competency) উলিয়ায় ল'ব লাগে। ইয়াৰ পিছত পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰি।
Monday, April 18, 2022
পাঠ পৰিকল্পনাৰ চমু আভাস। Consept of Lesson plan.
পাঠ পৰিকল্পনাৰ চমু আভাস । পাঠদান কাৰ্যসূচীৰ ফলপ্ৰসূ ব্যৱস্থা হৈছে পাঠ পৰিকল্পনা যাক ইংৰাজীত Lesson plan বুলি কোৱা হয়। পাঠদান কৰিবলগীয়া অংশ পৰিকল্পনা কৰি আগবাঢ়িলে পাঠদান ফলপ্ৰসূ আৰু সফল হোৱা দেখা যায়। সেয়েহে প্ৰতি জন শিক্ষকে শিষ্যক পাঠদান দিব যোৱাৰ পূৰ্বে পৰিকল্পনা কৰি মন মগজু সক্ৰিয় কৰি ল'ব লাগে। তেতিয়া কোনো খোকোজা নোহোৱাকৈ পাঠদান দিব পাৰি।
Thursday, April 14, 2022
'গোলাপী জামুৰ লগ্ন' কবি নীলমণি ফুকনৰ সম্পৰ্কে যৎকিঞ্চিত।
নীলমণি ফুকন অসমীয়া ভাষা সাহিত্যৰ এজন যশস্বী কবি, কলা-সমালোচক, অধ্যাপক আৰু সাহিত্যিক । তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ প্ৰয়োগেৰে কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰিলে। তেখেতৰ উল্লেখযোগ্য কবিতা পুথি হৈছে 'সূৰ্য হেনো নামি আহে এই নদীয়েদি', 'কবিতা', আৰু 'গোলাপী জামুৰ লগ্ন'। ইয়াৰোপৰি বহু কবিতা আৰু প্ৰৱন্ধ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাত অৰিহণা যোগাইছে। এইজন সুকবিৰ জন্ম হৈছিল ১৯৩৩ চনৰ ১০ চেপ্তেম্বৰ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁওত । উল্লেখযোগ্য যে তেখেতে জীৱন কালত লাভ কৰিছে বহু বঁটা বাহন । 'কবিতা' শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্য অকাডেমিৰ ফেল' ২০০২ চনত প্ৰদান কৰা হয়। কবি নীলমণি ফুুুুকনক ২০১৯ চনৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় 'ডি লীট' উপাধি প্ৰদান কৰে। নতুন দিল্লী স্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।। এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক হিচাপে পৰিগণিত হৈছে। ইয়াৰ আগতে জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ড° মামণি ৰয়ছম গোস্বামীয়ে ।
Sunday, April 10, 2022
বাঁহ আৰু বেতৰ কাম । Bamboo and Cane's Work.
বিদ্যালয়ত বেত আৰু বাঁহৰ কাম । Work of Bamboo and Cane in School. ডলা,খৰাহী, মূঢ়া কিদৰে বনোৱা হয়। কেইটামান কিটিপ।
Featured post
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...