Thursday, August 10, 2023

পুঁজিপতিৰ আগ্ৰাসন আৰ্শীবাদ নে অভিশাপ ! Is the aggression of the capitalist a blessing or a curse ?

পুঁজিপতিৰ আগ্ৰাসন আৰ্শীবাদ নে অভিশাপ ! Is the aggression of the capitalist a blessing or a curse ?


   📌 ব্যাপক পুঁজিপতিৰ আগ্ৰাসনে এটা সময়ত ভাৰতক চানি ধৰিছিল আৰু ভাৰত পৰাধীনতাৰ শিকলিৰে বান্ধ খাই পৰিছিল। এয়া ইতিহাসৰ পাতত এতিয়াও বৰ বৰ হৰফেৰে লিপিবদ্ধ হৈ আছে। তৎকালীন সময়ৰ অৱস্থাৰ সৈতে আজিৰ অৱস্থা তুলনা কৰি চালে পুঁজিপতিৰ আগ্ৰাসনে অতি ভয়াৱহ ইংগিত বহন কৰা যেন লাগে। 
   ই যি কি নহওঁক, এখন ঠাইৰ উন্নতিত তথা অৰ্থনৈতিক উন্নয়নত পুঁজিপতি সকলৰ অৱদান অনস্বীকাৰ্য্য। পুঁজিপতি নহ'লে উদ্যোগ নহ'ব। উদ্যোগৰ অবিহনে ঠাই এখনৰ উন্নতি ত‌্বৰাণ্বিত নহ'ব। অৰ্থাৎ ঠাই এখনৰ উন্নতিত পুঁজিপতিৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। 
   মুখ্য মন্ত্ৰীৰ বক্তৃব্যৰ জৰিয়তে জনা গৈছে অসমৰ বিভিন্ন ঠাইত পাম খেতি কৰিব পুঁজিপতিয়ে। অৰ্থাৎ পাম খেতিৰ বাবে টকা বিনিয়োগ কৰিব। সৌসিদিনা শদিয়াৰ ব্ৰহ্মপুত্ৰৰ ড° ভূপেন হাজৰিকা হেতুৰ সমীপত অনুষ্ঠিত এখন বিৰাট জনসভাত সেই সংক্ৰান্ততে আহি বাবা ৰামদেৱে পাম গছ ৰোপণৰ শুভাৰম্ভ কৰে। এয়া নিশ্চয় আমাৰ বাবে তথা খাটি খোৱা লোকসকলৰ বাবে ভাল খবৰ। অতদিনে হাবি জংঘলেৰে পৰিপূৰ্ণ ঠাইডোখৰ চেলেতীয়া লোক সকলক অসম গণ পৰিষদে ১৯৯৪ চনতে আনি বহুৱালেহি। অথচ সেই খিনি মাটি চাফা কৰি অধিগ্ৰহণ কৰিবলৈ আমাৰ অসমীয়া তথা জনজাতিৰ লোকসকল টোপনিত মগ্ন আছিল। যি কি নহওঁক চৰকাৰৰ তৎপৰতাত শদিয়া সংযোগী দলং হ'ল আৰু তাৰ সমান্তৰালকৈ সেই উপকণ্ঠ অঞ্চলৰ হাবিৰে পৰিপূৰ্ণ ঠাইখন পৰিষ্কাৰ হ'ব ধৰিলে। ইয়াৰে কিছুমান মাটি স্থানীয় বঙালী, নেপালী, চেলেটীয়া, আহোম, কছাৰী লোকসকলৰ কিছুমানে চাফা কৰি অধিগ্ৰহণ কৰিলে। দলংৰ তলত প্ৰায় ১০০ বিঘামান মাটিত চৰকাৰে ভূপেন হাজৰিকাৰ স্মৃতিত মিউজিয়াম অথবা ভূপেন হাজৰিকাৰ অৱদান জীয়াই ৰখাৰ মানসেৰে সংগ্ৰাহলয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তৎকালীন সময়ৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে। গতিকে সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব লাগে কিন্তু তাৰ ঠাইত গুৰুত্ব পালে পাম খেতিয়ে। 
   পাম খেতি আৰু ইয়াৰ ফলাফল:
   পাম গছৰ খেতি হ'ল খেজুৰ অৰ্থাৎ পাম গছৰ তৈলজাত সামগ্ৰী উৎপাদনৰ খেতি। খেজুৰ এবিধ তৈলজাত উদ্ভিদ। অৱশ্যে কেইবাটাও জাত আছে।বিভিন্ন তৈল জাতীয় দ্ৰব্য উৎপাদনৰ বাবে এই খেতি ভাৰতৰ বিশেষকৈ সাগৰীয় দাঁতি-কাষৰীয়া অঞ্চলত কৰা দেখা যায়। পাম গছে তেল উৎপাদন দিয়াৰ লগতে ঠাইখণ্ডৰ শোভাৱৰ্দ্ধনতো অৰিহণা যোগায়। অৱশ্যে এই খেতিৰ কিছুমান অপকাৰী দিশো নথকা নহয়। 
   উল্লেখ্য যে এজোপা পৈনত তৈল উদ্ভিদ খেজুৰে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰে। তদুপৰি জনা মতে আন উদ্ভিদৰ দৰে ই কাৰ্বন ডাই অক্সাইড গেছ শোষণ নকৰি এৰিহে দিয়ে। অৰ্থাৎ পৰিৱেশত কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি কৰাত সহায় কৰে। বিভিন্ন দেশৰ পৰিৱেশবিদ সকলে এনে মন্তব্য আগবঢ়ায়ছে বুলি চচিয়েল মিডিয়াতো ব্যাপকভাৱে প্ৰচাৰ অব্যাহত আছে। কিমান দূৰ সত্য আমি নজনাকৈয়ে মানি লম নে ? বহু জনৰ মতে অসমখন হ'বগৈ মৰুভূমি ! কিন্তু কেনেকৈ হ'ব ? প্ৰশ্নবোৰৰ আমি যথাযথ উত্তৰ বিচৰাও উচিত। যিবোৰ দেশত পাম খেতি কৰা হয় সেইবিলাক দেশ মৰুভূমিলৈ পৰিণত হৈছে নে? কথাবোৰ আমি ভালদৰে ভবা নাই নেকি ? পাম খেতিক লৈ এনে কিছুমান মনেসজা কাহিনী সৃষ্টি কৰা হৈছে যাতে পাম খেতি বন্ধ কৰিব পৰা যায়। বন্ধ হ'লে বা কৰিলে মোৰ ব্যক্তিগত ভাৱে একো লাভ বা লোকচান নহয়। সামগ্ৰিক ভাৱে চিন্তা কৰিলে নিশ্চয় লাভ লোকচানৰ সম্পৰ্কে অনুধাৱন কৰিব পৰা যাব। অৰ্থাৎ অসম কেনেকৈ লাভৱান হব আৰু এই খেতিৰ জৰিয়তে কিভাৱে উপকৃত হ'ব ? 

   পাম গছ বা খেজুৰ গছ। ইয়াৰ ইংৰাজী নাম Date Palm 🌴. উল্লেখ্য যে পাম গছ মানুহৰ বাবে বহু উপকাৰী উদ্ভিদ হিচাপে বিবেচিত। খেজুৰ গছৰ গুটিক খেজুৰ নামেৰে জনা যায়। খেজুৰ গছ প্ৰায় ২৫ মিটাৰ পৰ্যন্ত উখ হোৱা পৰিলক্ষিত হয়। গছৰ আগত থকা পাতৰ গুৰিত নাৰিকলৰ সদৃশ খেজুৰ ফল ধৰে । 

   খেজুৰ এবিধ অতি জনপ্ৰিয় আৰু উপকাৰী ফল। ইয়াৰ কিছু ঔষধি সম্পন্ন গুণো আছে। আমাৰ শৰীৰৰ বাবে এই ফল অতি লাগতিয়াল। তদুপৰি বিভিন্ন তৈলজাত সামগ্ৰী ইয়াৰ পৰা উৎপাদন কৰা হয়। ইৰাক, ইজিপ্তত দীৰ্ঘদিন ধৰি খেজুৰ খেতি কৰি আহিছে। শতকৰা ৬০ ভাগ খেতি আৰৱ দেশ সমূহত কৰা দেখা যায়। তদুপৰি ভাৰতৰ গৰম দেশ সমূহত এই খেতি কৰি আহিছে। বিশেষকৈ সাগৰীয় উপকণ্ঠ অঞ্চলসমূহ খেজুৰ খেতিৰ বাবে উপযোগী। উল্লেখ্য যে মৰুভূমিতো পাম খেতি ভাল হয়। মালয়েছিয়া , ইন্দোনেছিয়া আদি দেশে এই খেতি কৰে।
  
 উপকাৰী দিশ: 
  তৈল খেজুৰৰ জৰিয়তে ফাৰ্ষ্টফুড তৈয়াৰী কৰা হয়। ই বহুতো ৰাসায়নিক উপাদানেৰে গঠিত এবিধ উদ্ভিদ। পাম গছৰ পৰা উৎপাদিত তেল এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তদুপৰি ভিটামিন A নিহিত থকাৰ বাবে ই দৃষ্টি শক্তি বৃদ্ধিকাৰক। হাড় শক্তিশালী কৰাত সহায় কৰে। আমাৰ চুলি, ত্বক আৰু নখৰ অৱস্থা উন্নতি ঘটায়। আনকি ইয়াক বিভিন্ন ঔষধ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। মহিলাৰ ডিম্বাশয়, জৰায়ু বা স্তনৰ ৰোগৰ উপশমৰ ক্ষেত্ৰত ই ফলদায়ক ঔষধ। 
      আন গছতকৈ ১০ গুণ বেছি পৰিমাণে অক্সিজেন গেছ জীৱ জগতক প্ৰদান কৰাত পাম গছে সহায় কৰে। এজোপা পাম গছৰ পৰা অতি কমেও ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় কৰিব পৰা যায়। অৱশ্যে প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি, অৰ্থনৈতিক মুক্তি, বেকাৰ জীৱন অৱসান আদিৰ ক্ষেত্ৰতো ই অৰিহণা আগবঢ়ায়।
     তদুপৰি পামতেল এবিধ কলেষ্টৰেল মুক্ত ভোজ্য দ্ৰব্য, সেয়ে ইয়াৰ ব্যৱহাৰৰ ফলত দেহত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস পায়। তাৰোপৰি পামতেলে উপকাৰী এইছ ডি এল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি ঘটোৱাত সহায় কৰে। হৃদৰোগৰ প্ৰৱণতা হ্ৰাসতো ইয়াৰ অৰিহণা আছে। 
     শিশু সকলৰ বিভিন্ন খাদ্য দ্ৰব্য প্ৰস্তুত কৰণত তৈল পামৰ গুটি ব্যৱহাৰ কৰা হয়। মৰ্টন, চকলেট আদিও তৈয়াৰ কৰা হয়।
     অপকাৰী দিশ: এইটো সত্য কথা যে প্ৰতিটো সামগ্ৰীৰে যিমতে উপকাৰী দিশ থাকে, সেইমতে অপকাৰী দিশো থাকে। তৈল পামৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ইয়াৰো অপকাৰী দিশ আছে। 
     
 📌+ এজোপা পৈনত তৈল খেজুৰে দৈনিক প্ৰায় তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰে।
 + কাৰ্বণ ডাই অক্সাইড গেছ বা গ্ৰীণহাউচ গেছ নিৰ্গমন কৰে।
 + সহজে মাটিৰ অৱক্ষয় ঘটায়।
 + বন বা অৰণ্য ধ্বংসৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে
 + বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে।
 + তৈল পাম গছে মাটিৰ উৰ্বৰতা শক্তি খুব কম সময়তে হ্ৰাস কৰে। কাৰণ এই উদ্ভিদক বহু পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয়। গতিকে মাটিৰ গুণাগুণত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।
 + জৈৱ বৈচিত্ৰ্যৰ ওপৰত আঘাত হানাৰ সম্ভাৱনা প্ৰকট হয়।
 + পাম গছৰ পৰা নিৰ্গত পাম তেলে পানী প্ৰদূষণত অৰিহণা যোগায়।

  উল্লেখ্য যে সমগ্ৰ বিশ্বত ২০০৬ বৰ্ষৰ হিচাপ মতে পাম তেল বাগানৰ ক্ৰমবৰ্ধমান মাটিৰ হিচাপ প্ৰায় ১১০,০০,০০০ হেক্টৰ ( ৪২০০০ বৰ্গমাইল) । বৰ্তমান সময়ত এই মাটিৰ পৰিমাণ দুগুণ বৃদ্ধি হ'ব ধৰিছে। উপসাগৰীয় দেশ সমূহত এই খেতিৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে। কাৰণ বিশ্বৰ প্ৰতিখন দেশতেই পৰ্য্যাপ্ত পৰিমাণৰ সুগন্ধি দ্ৰব্য আৰু তেলৰ প্ৰয়োজন হয়। সুগন্ধি তেলৰ চাহিদা বৃদ্ধিৰ লগে লগে উৎপাদন কৰা কেঁচামালৰ চাহিদাৰো বৃদ্ধি পাবলৈ ধৰে। সেয়ে হয়তো বৰ্তমান সময়ত তৈল পামৰ খেতিৰ জনপ্ৰিয়তা বৃদ্ধি পাব ধৰিছে। 
  বহু লোকে এতিয়াও পাম খেতিক সমৰ্থন নকৰে। অসমৰ ক্ষেত্ৰতো একেই দশা। কাৰণ ইয়াৰ যিদৰে উপকাৰী দিশ আছে, একেদৰে অপকাৰী দিশো কম নহয়। পৰিৱেশবিদ বা প্ৰকৃতি প্ৰেমী সকলে ক'ব খোজে যে পাম গছ এবিধ মাৰাত্মক পুষ্টি শোষণকাৰী উদ্ভিদ। কিন্তু কেৱল পাম গছৰ ক্ষেত্ৰত কিয় বিৰোধিতা কৰা হৈছে। আমাৰ অৰণ্যত আন এনে কিছুমান গছ আছে যিয়ে পাম গছৰ সদৃশ পানী শোষণ কৰে। আকৌ প্ৰতিজোপা গছেই কম বেছি পৰিমাণে পানী শোষণ কৰে। তদুপৰি প্ৰতিজোপা আন গছৰো উপকাৰী আৰু অপকাৰী উভয় গুণেই আছে।
    পাম গছৰ খেতি কৰক কিন্তু তাৰ মাজে মাজে কদম গছ ৰোপণ কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে হ'ব পৰা আশংকা সমাধানত সহায়ক হয়। এশাৰী কদম আৰু আনশাৰী পাম গছ আকৌ এশাৰী কদম আৰু আনশাৰী পাম গছ অৰ্থাৎ এশাৰী এৰি এশাৰী পাম গছ ৰোপণৰ বা খেতিৰ ব্যৱস্থা কৰক। তেতিয়া পৰিৱেশো বিনষ্ট নহ'ব আৰু অৰ্থনৈতিক দিশৰ ক্ষেত্ৰতো স্থবিৰতা নাহিব। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
গাওঁ : আৰৈমূৰীয়া।

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

Saturday, August 5, 2023

বিদ্যালয়ৰ অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ। The sanitation of the school and its impact on the educational environment.

1.নিৰ্বাচিত সমস্যা:

আমাৰ বিদ্যালয়ৰ অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ। The sanitation of the school and its impact on the educational environment.

২. সাৰাংশ:
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ দূৰৱস্থাৰ অৱস্থাই ছাত্ৰ ছাত্ৰীসকলক অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত কোনো ধৰণৰ উপযুক্ত পানীৰ ব্যৱস্থা এতিয়াও নাই। যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰু সকলে পাব লগা হয়। তদুপৰি শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত দুৱাৰ খিৰিকী ভাল অৱস্থাত নাই। এইবোৰৰ পুনৰ মেৰামতিৰ প্ৰয়োজন আছে। আৰু পানীৰ টেপ লগোৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন আছে। 
    উপৰোক্ত সমস্যা সমূ্হ সমাধান কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী সকল লাভান্বিত হ'ব।


৩/ সূচীপত্ৰ
-------------------------------------------
বিষয়বস্তু। | পৃষ্ঠা 
                        -------------------------------------------
   ১/ পাতনি |
   ২/ ধাৰণা |
   ৩/ পৰিকল্পনা। |
⬇️
------------------------------------------


৪/ পাতনি:
'আমাৰ বিদ্যালয়ত অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ' শীৰ্ষক সমস্যাটো সমাধানাৰ্থে অধ্যয়ন কৰিবলৈ বিষয়বস্তু হিচাপে বাছনি কৰিলোঁ। আমাৰ বিদ্যালয়ত প্ৰত্যক্ষ হৈছে যে বিদ্যালয়ত বৰ্তমান উপযুক্ত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নাই। ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথককৈ প্ৰস্ৰাৱাগাৰ আছে যদিও এইবোৰ উপযুক্ত বুলি গণ্য কৰিব নোৱাৰি। কাৰণ বৰ্তমান থকা এই প্ৰস্ৰাৱাগাৰ বিলাকত পানী ঢলাৰ কোনো উপযুক্ত ব্যৱস্থা নাই।যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ বিদ্যালয়ৰ সকলোতে বিয়পি পৰে। যাৰ ফলত শৈক্ষিক পৰিৱেশতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে এই সমস্যাটো সহজে কেনেকৈ সমাধান কৰিব পৰা যাব সেই সম্পৰ্কে জানিবলৈ এই সমস্যাটো অধ্যয়ন কৰিবলৈ লোৱা হৈছে। 
    ধাৰণা কৰা হৈছে যে সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল প্ৰত্যক্ষ ভাৱে লাভাৱান্বিত হ'ব। তদুপৰি শৈক্ষিক পৰিৱেশতো কোনো প্ৰভাৱ নপৰিব। 

    সৰু সৰু ল'ৰা-ছোৱালী বিলাকে দূপৰীয়া আহাৰ গ্ৰহণৰ পিছত বা আগত শৌচ খোলোচা কৰিবলৈ শৌচাগাৰ বিচাৰি কাষৰ মানুহৰ ঘৰত দৌৰা পৰিলক্ষিত হয়। কাৰণ বিদ্যালয়ত উপযুক্ত তথা ব্যৱহাৰৰ উপযোগী পায়খানাৰ অভাৱ। এই অভাৱ দূৰ কৰিবলৈ পূৰণা পায়খানা সমূহ পুন:নিৰ্মাণ কৰা প্ৰয়োজন। পায়খানাৰ দূৱাৰ, খিৰিকী আৰু পানীৰ ব্যৱস্থা কৰিলে এনে উল্লেখিত সমস্যাৰ পৰা হাত সাৰিব পৰা যাব। 

    এই সমস্যাটো সমাধান কৰিবলৈ এটা হ্ৰস্বম্যাদী আঁচনি বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। প্ৰায় ১৫-২০ দিনৰ ভিতৰত সমস্যাটো সমাধান কৰিবলৈ পৰা যাব। ইয়াৰ বাবে মুঠ আনুমানিক খৰছৰ পৰিমাণ হ'ব প্ৰায় ২০,০০০/- টকা। এই টকা ছাত্ৰ ছাত্ৰী সকলৰ পৰা আধা সংগ্ৰহ কৰি আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই আধা খৰছৰ ব্যৱস্থা কৰি সমাধান কৰিব পৰা যাব। নতুবা অভিভাৱক অভিভাৱিকা সকলৰ এই ক্ষেত্ৰত সহায় বিচাৰিব পৰা যাব। কাৰণ বহুতো বিদ্যালয়ত তেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি বিদ্যালয়ৰ কিছুমান কাম সমাধা কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ নথকা নহয়। 
    গতিকে সমস্যাটোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটো কৰিবলৈ সেয়ে চমু প্ৰয়াস কৰিছোঁ।

৫/ ধাৰণা:
   ক) সমস্যাটো সমাধান হ'লে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলো উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে।
   খ) শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ দুৱাৰ খিৰিকী ভঙা। লগতে পানীৰ সু-ব্যৱস্থা নাই। এইবোৰৰ সমাধানৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব বুলি আশা কৰা হৈছে।
    

৬/পৰিকল্পনা :
ক) আমাৰ বিদ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰীক্ষণ কৰি যাৱতীৱ ব্যৱস্থা প্ৰস্তুত কৰিম।
খ) খোৱা পানীৰ সু-ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম।


৭/ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ:
সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
----------------------------

ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সম্ভাব্য সমাধান সূত্ৰ:
------------------
ক) অনাময় ব্যৱস্থাৰ উন্নত কৰিবলৈ শৌচাগাৰ নিৰ্মাণ কৰা ।
খ) পৃথককৈ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা।
গ) প্ৰস্ৰাৱাগাৰৰ টেংকি মাটিৰ তলত আহল-বহলকৈ নিৰ্মাণ কৰা।
ঘ) নলীনাদৰ ব্যৱস্থা উন্নত মানদণ্ডৰ কৰা আৰু শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত টেপ লগোৱাৰ ব্যৱস্থা কৰা।

সমাধান লাভ কৰাৰ ফলত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পৰা লক্ষিত গোটসমূহ :
ক) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল লাভান্বিত হ'ব।
খ) শৈক্ষিক পৰিৱেশ উন্নত হোৱাত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব।

সমাধান লাভ কৰা ফলত পৰোক্ষভাৱে লাভান্বিত
হ'ব পৰা লক্ষিত গোটসমূহ:
ক) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ লাভ হ'ব পাৰে।
খ) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত অভিভাৱক অভিভাৱিকা আৰু স্থানীয় ৰাইজ পৰোক্ষভাৱে লাভান্বিত হ'ব।

সমাধানৰ বাবে প্ৰয়োজনীয় সময় সীমা: এই সমস্যাটো সমাধান কৰিবলৈ অতি কমেও পাঁচ ছয়মাহৰ প্ৰয়োজন হ'ব যদিও ইয়াৰ প্ৰাথমিক সমস্যা সমূহ ১৫-২০ দিনৰ ভিতৰতে সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

৮/ তুলনামুলক অধ্যয়ন :
      বিদ্যালয়ত যিমান শৌচাগাৰ-প্রস্রাৱগাৰ আছে, সেইবোৰৰ পৰিৱেশ লেতেৰা হ'লে তাত শৌচ-প্রস্রাৱ কৰাটো প্রায় অসম্ভৱ হৈ পৰে। শৌচ-প্রস্রাৱৰ পৰাই নানা ধৰণৰ ৰোগ হয় বুলি জনাৰ পাছতো ছাত্ৰ ছাত্ৰীসকল এইবোৰ চাফ-চিকুণকৈ ৰখাৰ বাবে যত্নপৰ নহ'লে বিদ্যালয়খন কেতিয়াও সুস্থ হৈ নুঠে। যিহেতু যুৱ শক্তিয়েই দেশৰ শক্তি, তেওঁলোকেই সৃষ্টিশীল, নির্মাণকাৰী আৰু ভৱিষ্যতৰ নেতা৷ তেওঁলোকে ভৱিষ্যতক সলনি কৰি পেলাব পাৰে যদিহে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ -সবল হয় আৰু যদিহে তেওঁলোকৰ থাকে সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ যিহেতু স্বাস্থ্যৰ লগত চাফ-চিকুণতাৰ কথা সাঙোৰ খাই থাকে, সেয়ে স্বচছতা অৱিহনে সু-স্বাস্থ্য আশা কৰিব নোৱাৰি৷ সেয়েহে আমি আটায়ে বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ অভ্যাস গঢ়ি তোলিব লাগে। 
     আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰায় ভাগ নিম্ন দৰিদ্ৰ সীমাৰেখাৰ অধীনৰ । তেওঁলোকৰ কিছুমানে যতে ততে শৌচ প্ৰস্ৰাৱ কৰাৰ মানসিকতা আছে। এই মানসিকতা আঁতৰোৱাৰ ব্যৱস্থা বিদ্যালয়ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ উপকাৰিতা সম্বন্ধে বুজাব লাগিব। সেয়ে ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ এটা ভাল পৰিৱেশ বিদ্যালয়ৰ কতৃপক্ষই দিব লাগিব। ইয়াৰ বাবে বেয়া হৈ থকা শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ উন্নত কৰি বনোৱাৰ ব্যৱস্থা কৰিব লাগে।
     আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ উত্তৰ দিশত এটা শৌচ-প্ৰস্ৰাৱাগাৰ আছে। কিন্তু ই উন্নত মানদণ্ডৰ নহয়। শ্ৰেণীৰ পাঠদানৰ সময়ত ইয়াৰ পৰা দুৰ্গন্ধ আহি শ্ৰেণীৰ পৰিৱেশ বিনষ্ট কৰি তোলে। ইয়াৰ মূল কাৰণ হৈছে প্ৰস্ৰাৱাগাৰত পানী নঢলা। প্ৰস্ৰাৱাগাৰত পানীৰ ব্যৱস্থা নাই। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰত আৰু শৌচাগাৰত পানী টেপৰ সু-ব্যৱস্থা কৰা অত্যন্ত প্ৰয়োজন। এই কাম প্ৰায় সপ্তাহ দিনৰ ভিতৰত সমাপ্ত কৰিব পৰা যাব। টইলেটটো পুনৰ মেৰামতি কৰি পানীৰ ব্যৱস্থা কৰিবলৈ অত্যধিক ২০০০০ টকামান প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে। 
     একেদৰে দক্ষিণ দিশত থকা ছোৱালীৰ প্ৰস্ৰাৱাগাৰো উপযুক্ত নহয়। দশম আৰু নৱম শ্ৰেণীৰ বাবে থকা শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰো বৰ উন্নত মানদণ্ডৰ নহয় আৰু পানীৰ সু-ব্যৱস্থা নাই। গতিকে এই সমস্যাটো জৰুৰী বুলি গণ্য কৰি সমাধানৰ দিহা কৰিব লাগে। বিদ্যালয় কৰ্তৃপক্ষই সমস্যাটো সমাধানাৰ্থে উৰ্দ্ধতন কৰ্তৃপক্ষক জনাব লাগিব। নতুবা অতি কম খৰছত,প্ৰায় ২০০০০/= টকাত সমস্যাটো সমাধান কৰি তুলিব পাৰে।
 
 
 
৯/ ফটো : 


১০/ মন্তব্য 
   পৰিষ্কাৰ-পৰিচছন্নতা সু-স্বাস্থ্যৰ মূলমন্ত্র৷ ই বহু ৰোগক নিলগত ৰাখিব পাৰে৷ সেয়ে পৰিষ্কাৰ পৰিৱেশ সভ্য সমাজ গঢ়াৰ প্রথম চর্ত৷ সম্প্রতি চাফ-চিকুণতা এখন বিদ্যালয়ৰ বা এখন ৰাজ্য বা এখন দেশৰ বিষয় হৈ থকা নাই৷ বর্তমান ই এটা আন্তঃৰাষ্ট্রীয় বিষয়৷ ৰাষ্ট্রসংঘই ১৯৮০ৰ পৰা ১৯৯০ চনলৈকে এই দশকটো ‘ইণ্টাৰনেশ্যনেল ডিকেড ফৰ ড্রিংকিং ৱাটাৰ এণ্ড ছেনিটেশ্যন ১৯৮০-৯০’ ঘোষণা কৰে৷ ২০১৪ চনৰ দুই অক্টোবৰৰ পৰা মহাত্মা গান্ধীৰ জন্মদিনটোত ভাৰত চৰকাৰে আৰম্ভ কৰিলে স্বচছ ভাৰত অভিযান৷ কেন্দ্রীয় চৰকাৰে শুভাৰম্ভ কৰা ‘স্বচছ ভাৰত অভিযান’ নিঃসন্দেহে এক অত্যন্ত প্রাসংগিক আৰু গুৰুত্বপূর্ণ আঁচনি৷ মুকলি ঠাইত মলত্যাগ কৰাৰ বদ অভ্যাস বন্ধ কৰা, শৌচালয়ৰ ব্যৱহাৰ আৰু নির্মাণ কার্য নিৰীক্ষণ, শৌচালয় ব্যৱহাৰ সম্পর্কে সজাগতা সৃষ্টি, অনাময় আঁচনিৰ সফলতাৰ বাবে গ্রামাঞ্চলত কর্মৰত গোটৰ দ্বাৰা সেৱা প্রদান আদি হৈছে স্বচছ ভাৰত অভিযানৰ লক্ষ্য। এই আচঁনিৰ সৈতে সংগতি ৰাখি আমাৰ বিদ্যালয়তো অনাময় ব্যৱস্থাৰ উন্নত মানদণ্ডৰ কৰি তোলা উচিত হ'ব। আমাৰ বিদ্যালয়ৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাল শৌচাগাৰ অভাৱৰ বাবে প্ৰস্ৰাৱাগাৰতে মধ্যাহ্ন ভোজনৰ পিছত মল ত্যাগ কৰি দিয়ে।যাৰ বাবে পৰিৱেশটো দূষিত হৈ পৰে। এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ উন্নয়নৰ বাদে গত্যন্তৰ নাই। এই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'লে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল লাভান্বিত হোৱাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ভাল হ'ব।
   
লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক :  দুদুল সোণোৱাল।


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴





🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




Friday, August 4, 2023

ড্ৰাগছ, ইয়াৰ ভয়াৱহতা আৰু প্ৰতিকাৰ। Drugs, its horrors and remedies.

ড্ৰাগছ, ইয়াৰ ভয়াৱহতা আৰু প্ৰতিকাৰ। Drugs, it's horrors and Remedies.


সূচীপত্ৰত:
১/ ড্ৰাগছ কি?
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
৩/প্ৰতিকাৰৰ ব্যৱস্থা আৰু সজাগতা বৃদ্ধি ?
৪/উপসংহাৰ

১/ ড্ৰাগছ কি ?
   
      ড্ৰাগছ হ'ল এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য। যি দ্ৰব্য সেৱন কৰিলে বা কোনো ব্যক্তিৰ শৰীৰত প্ৰৱেশ ঘটিলে শৰীৰত বিভিন্ন পৰিৱৰ্তন আহি পৰে। এইখিনিতে মনতৰাখিব লগীয়া কথা যে, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো ঔষধকে ড্ৰাগছ বুলিয়ে কোৱা হয়। কিন্তু এইবোৰ নিচাজাতীয় দ্ৰব্য নহয়। ঔষধ হিচাপে ব্যৱহৃত ড্ৰাগছ হ'ল উপকাৰী বা ব্যক্তিৰ হিতৰ নিমিত্তে ব্যৱহাৰ কৰা কিছুমান ঔষধ। কিন্তু দ্ৰব্যবিধ যেতিয়া মাৰাত্মক নিচাজাতীয় হয় তেতিয়া তাক ড্ৰাগছ বুলি অভিহিত কৰা হয়। সাম্প্ৰতিক সময়ত ড্ৰাগছ এবিধ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। যি ব্যক্তিয়ে এবাৰ ড্ৰাগছ সেৱন কৰে,সি সহজে এৰা অসম্ভৱ হৈ পৰে।
     ড্ৰাগছ হ'ল এবিধ নিচাজাতীয় দ্ৰব্য। বিশেষকৈ সুৰা, ধপাঁত, ক'কেইন, ভাং, হিৰ'ইন,কেফেইন,কানি, আফিং আদি মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ উদাহৰণ। এইবিলাকক নাৰ্কটিক ড্ৰাগছ বুলিও কোৱা হয়। নাৰ্কটিক শব্দৰ অৰ্থ হৈছে চেতনাহীন অৱস্থা । ই গ্ৰীক শব্দ নাৰ্কেৰ পৰা উৎপত্তি। 
     ড্ৰাগছ সেৱনে ব্যক্তি এজক তিনি ধৰণে প্ৰভাৱান্বিত কৰে। ক) উত্তেজক হিচাপে মগজুৰ ক্ৰিয়া ত্বৰান্বিত কৰি তোলে। খ) বিষাদগ্ৰস্ততা বৃদ্ধিত অৰিহণা যোগায়। গ) মগজুক ভ্ৰমাত্মক দিশলৈ ঠেলি পঠায়। 
     অৰ্থাৎ ব্যক্তি এজনে ড্ৰাগছ সেৱন কৰা মাত্ৰকে মগজুত উত্তেজনা বৃদ্ধি পায়। এই উত্তেজনা বৃদ্ধিৰ পিছত পুনৰ ড্ৰাগছ সেৱন কৰিবলৈ মন যায়। ফলত ইয়াৰ ধাৰাবাহিকতা বৃদ্ধি পায়। 
     কিছুদিন ড্ৰাগছ সেৱন কৰা পিছত লাহে লাহে মগজুৰ বিকল হৈ আহে। মগজুৱে সঠিক মতে কাম নকৰা হ'ব ধৰে। কথাবোৰ পাহৰি যায়। নতুন কথা চিন্তা কৰিবলৈ অসক্ষম হৈ পৰে। 
     আকৌ মাহ বছৰ চেৰেক অতিক্ৰম কৰা পিছত মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। মগজুৱে একেবাৰে কাম নকৰা অৱস্থাৰ সৃষ্টি হয়। এই পৰ্যায়ত সঠিক মতে ডাক্তৰৰ পৰামৰ্শ নললে মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
   তদুপৰি বেজিৰে ড্ৰাগ্‌ছ লোৱাৰ বাবে এইড্ৰ লগতে বিভিন্ন ৰোগৰ বীজাণু দেহত সংক্রমণ ঘটে। বিশেষকৈ দুৰ্বলতা,  পেটৰ বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহত ঠাই লয়। আনকি কেন্সাৰ ৰোগৰ কাৰকেও কেতিয়াবা ড্ৰাগ্‌ছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে। গতিকে ড্ৰাগছ এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য।
     
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
    সাম্প্ৰতিক সময়ত নিচাজাতীয়  ড্ৰাগছ অতি ভয়াৱহ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। সমগ্ৰ বিশ্বজুৰি ড্ৰাগছৰ ভয়াৱহতাই চানি ধৰিছে। এছিয়া মহাদেশৰ পাকিস্তান , চীন,ভাৰত আদি বিভিন্ন দেশবোৰৰ নাগৰিক সকল ড্ৰাগছৰ আসক্তিত নিমজ্জিত হ'ব ধৰিছে। বিশেষকৈ দেশৰ যুৱচাম ড্ৰাগছৰ কৱলত সহজে পৰা পৰিলক্ষিত হয়। এই বৰবিহ ড্ৰাগছ ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে বিয়পি পৰিছে। ভাৰতবৰ্ষলৈ অবৈধভাৱে পাকিস্তান, বার্মা, থাইলেণ্ড, আফগানিস্তান, হংকং আৰু বহুতো লেটিন আমেৰিকান দেশৰ পৰা চোৰাং সৰবৰাহ ঘটে বুলি জনা যায়। অসমতো এই সৰবাহে প্ৰৱলভাৱে আঘাত কৰিব ধৰিছে। অসমৰ চুকে কোণে এতিয়া ড্ৰাগছৰ ভয়াৱহতাই ছানি ধৰিছে। গাওঁ চহৰ সকলোতে ড্ৰাগছৰ কেৱল ড্ৰাগছৰ বাবেই বহু ঘটনা ঘটিব লাগিছে। বাতৰি কাকত, দূৰদৰ্শন, বিভিন্ন সামাজিক মাধ্যমত অহৰহ কেৱল ড্ৰাগছৰ ভয়াৱহতাৰ বাতৰিয়ে পোৱা যায়। কোনোবাই খাইছে আন কোনোবাই ব্যৱসায়ত নামিছে। লাখ টকা, কোটি টকাৰ ড্ৰাগছ পুলিচে জব্দ কৰি জ্বলাই দিছে। ড্ৰাগছ ব্যৱসায়ীক পুলিছে থানাত নিক্ষেপ কৰিছে। অথচ ড্ৰাগছ ব্যৱসায়ী সকলে অত্যধিক টকাৰ লোভত ৰমৰমীয়া ব্যৱসায় চলায়ে আছে। যাৰ ফলত সৃষ্টি হৈছে সমাজত অশান্তি । ড্ৰাগছ সেৱনৰ ফলত অকালতে হেৰুৱাব লগীয়া হৈছে বহু সম্ভাৱনাময়  জীৱন পৰ্যন্ত । সৌসিদিনা নগাঁওত ঘটি যোৱা জোনমণি ৰাভাৰ হত্যাকাণ্ডও ড্ৰাগছৰে সম্পৰ্কিত এটা অপেন ছিক্ৰেট হত্যাকাণ্ড । 
    দেখা যায় যে ড্ৰাগ্‌ছ ব্যৱসায়ীৰ প্ৰৰোচনাত পৰি সাধাৰণতে অধিক টকা থকা পিতৃ-মাতৃৰ সন্তানসকলেই প্ৰথমে ড্রাগ্‌ছ সেৱন আৰু ড্ৰাগছ ব্যৱসায়ৰ ক্ষেত্ৰত আগভাগ লৈছে, লগতে কিছুমান নিৰপৰাধী তথা দৰিদ্ৰ যুৱচামক লোভ দেখুৱাই ড্ৰাগ্‌ছ সেৱন আৰু বিক্ৰীৰ বাবে বাধ্য কৰাইছে। ড্ৰাগছ সেৱনৰ ফলাফল অতি ভয়ানক। এবাৰ সেৱন কৰা লোকে পুনৰ সহজে এৰা সম্ভৱ নহয়। এবাৰ ড্ৰাগছ সেৱন কৰা ব্যক্তিৰ লাহে লাহে আসক্তি বাঢ়ি যায় আৰু নোখোৱাকৈ থাকিব নোৱাৰা হয়। ব্যক্তিজনৰ হাতত টকা নাথাকিলে ঘৰৰ পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী কাকো নিচিনা হয়। দাবী হুমকি দি টকা নিবলৈ কুণ্ঠাবোধ নকৰে। ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হয়। আৰু এই অশান্তি ক্ৰমান্বয়ে বিয়পি পৰে সমাজৰ মাজলৈ। 
    অত্যধিক ড্ৰাগছ সেৱনৰ ফলত ব্যক্তিৰ মগজুৰ বিকল আৰু স্বাস্থ্যৰ অৱনতি ঘটিব ধৰে। যাৰ ফলত ব্যক্তিজনৰ কম বয়সতে মৃত্যু অনিবাৰ্য হৈ উঠে। সেয়েহে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা অনুচিত আৰু আনকো এনে দুষ্কাৰ্যৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া উচিত। 
    ড্ৰাগছ গ্ৰহণকাৰীয়ে সাধাৰণতে বেজিৰ ছিৰিঞ্জৰ দ্বাৰা দেহৰ ৰক্ত সিৰাত, ধূম্ৰপান নাইবা গিলি খোৱা আদি বিভিন্ন পদ্ধতিৰে গ্ৰহণ কৰে। আমাৰ দেশত ড্ৰাগ্‌ছৰ আদান-প্রদান হয় সাধাৰণতে পৰিত্যক্ত ঘৰ, নিৰ্জন ঠাই, হোটেল, পার্ক আদিত। ড্রাগ্ছ যিহেতু ব্যয়বহুল নিচাযুক্ত দ্রব্য, এই দ্ৰব্য দুখীয়া শ্ৰেণীৰ বাবে সহজসাধ্য নহয়। সেয়ে ধনীক শ্ৰেণীটোৱে ইয়াৰ পয়োভৰ বৃদ্ধি কৰিছে বুলি ন দি ক'ব পাৰি। আমাৰ যুৱচামে অৰ্থাৎ নৱপ্ৰজন্ম ইয়াৰ কবলত অতি সোনকালে পৰে। অতি সহজ আৰু কম পৰিশ্ৰমত টকা পোৱাৰ মানসিকতা থকাৰ বাবে নিশ্চয় এনে বেয়া ব্যৱসায়ৰ প্ৰতি আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হয় বুলি ক'ব পাৰি।


৩/প্ৰতিকাৰৰ ব্যৱস্থা আৰু সজাগতা বৃদ্ধি ?
    সাম্প্ৰতিক সময়ত ড্ৰাগছ আসক্তি সমাজৰ এক ভয়াৱহ ব্যাধি। ড্ৰাগছ আসক্তিৰ ফলত কেৱল ব্যক্তিগত জীৱনে ধ্বংস হোৱা নাই। ইয়াৰ লগতে দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক, আধ্যাত্মিক, সামাজিক আদি সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইয়াৰ পৰিকাঠামোত বাৰুকৈয়ে আঘাত হানিছে। গতিকে এই ব্যাধিক নিৰ্মূল কৰিবলৈ আমি সকলোৱে উঠিপৰি লগাৰ সময় সমাগত। আজিৰ যুৱশক্তি কালিলৈ দেশৰ ধৰণী। গতিকে যুৱশক্তিৰ ওপৰতে ইয়াৰ প্ৰতিৰোধৰ প্ৰাথমিক উপায় বিদ্যমান। ছাত্ৰ সমাজ আৰু যুৱ সমাজৰ সৎকর্মই, সৎচিন্তাই দেশৰ এই ধ্বংসকাৰী ব্যাধি নাশ কৰাত সহায় কৰিব। তেওঁলোকে সৎ চিন্তাত নিজকে প্রবৃত্ত কৰাব লাগিব । দ্বিতীয়তে, পিতৃ-মাতৃ, সমাজৰ অগ্ৰণী লোক, শিক্ষক তথা চৰকাৰখনৰ গুৰুদায়িত্ব আছে । নিজ সন্তানৰ প্ৰতি পিতৃ-মাতৃ সচেষ্ট হ'ব লাগিব। সন্তানে ক'ত কি কৰে, ক'ত কি খায়, কলৈ যায় আদিৰ ক্ষেত্ৰত সদায় লক্ষ্য ৰাখিব লাগে। ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব লাগে । যাতে তেওঁলোকে কেতিয়াও এনে ব্যাধিৰ সংস্পৰ্শলৈ নাহে। সমাজৰ অগ্ৰণী লোকসকলে সজাগতা সভা অনুষ্ঠিত কৰি, বাটৰ নাট প্ৰদৰ্শন কৰি ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে ৰাইজক বাৰ্তা প্ৰেৰণ কৰিব লাগিব। সাংবাদিক, বুদ্ধিজীৱী,লেখক সাহিত্যিক সকলে ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে অবিৰত গতিত সতৰ্কিত লেখা লিখি সজাগতা সৃষ্টি কৰিব পাৰে। একেদৰে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ চৌপাশৰ ছাত্ৰ-ছাত্ৰী সকলক সজাগ আৰু সচেতন কৰি তুলিবলৈ শিক্ষক সকলে বিভিন্ন পন্থা অৱলম্বন কৰিব লাগিব। বিদ্যালয়ৰ পৰ্যায়ত প্ৰাণ:সভাত ইয়াৰ কু-ফলৰ সম্পৰ্কে কোৱাৰ বাবে এটা শিতান সন্নিৱিষ্ট কৰা প্ৰয়োজন। একেদৰে মহাবিদ্যালয়ৰ পৰ্যায়ত ছাত্ৰ একতা সভা আৰু শিক্ষকৰ সহযোগত মাহেকীয়া বা পষেকীয়া ভিত্তিত সজাগতা সভা অনুষ্ঠিত কৰা উচিত। বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ পৰ্যায়ত আৰু বিভিন্ন সামাজিক মাধ্যমত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰয়াস কৰা উচিত।
    প্ৰতিজন সচেতন নাগৰিকে যদি কুফল বা ভয়াৱহতাৰ সম্পৰ্কে জ্ঞাত হয়, ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ পণ লয়,তেন্তে সমাজৰ এই ব্যাধি নিজে নিজে আঁতৰিব সেয়া নিশ্চিত।
    
৪/ উপসংহাৰ 
      পুলিচে ইতিমধ্যে ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমতো ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে ড্ৰাগছ ব্যৱসায়ী ধৰা খাইছে। বহু কুখ্যাত ড্ৰাগছ মাফিয়াৰ কোটি টকাৰ ড্ৰাগছ ধৰি নষ্ট কৰা হৈছে। অথচ নিৰ্মূল হোৱা নাই ড্ৰাগছ মাফিয়াৰ কু-চক্ৰ। কমক চাৰি ইয়াৰ প্ৰকোপ ন ন ঠাইত বৃদ্ধিহে পাইছে। 
      চহৰৰ পৰা গ্ৰাম্য অঞ্চললৈ ড্ৰাগছৰ বেহা বিয়পি পৰিছে। সম্ভাৱনাময় যুৱক সকল তথা দৰিদ্ৰ শ্ৰেণীৰ লোক সকল ইয়াৰ কৱলত পৰি ধ্বংস হৈছে। প্ৰায় প্ৰতিদিনেই Public app ত কাকপথাৰৰ বিভিন্ন অঞ্চলত, তিনিচুকীয়াৰ বিভিন্ন অঞ্চলত পুলিচে ড্ৰাগছ ব্যৱসায়ী আতক কৰা সম্পৰ্কে বাতৰি পাই থাকোঁ । অসমৰ বিশেষকৈ নগাঁও, গুৱাহাটী আদিয়েই হৈছে প্ৰধান ড্ৰাগছৰ ঘাটি। গতিকে এনে ঠাইত পুলিচে অধিক কটকটীয়া পহৰাৰ ব্যৱস্থা কৰা উচিত। ৰেলৱে পুলিচ সকলেও তৎপৰতা প্ৰদৰ্শন কৰিছে যদিও আজিলৈ ড্ৰাগছৰ বেহা নিৰ্মূল হোৱা নাই। এয়া সমাজৰ বাবে নিশ্চয় নেতিবাচক খবৰ। ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি আমি সকলোৱে সৎ চিন্তা চৰ্চাৰে ড্ৰাগছ নিৰ্মূল অভিযানত অংশগ্ৰহণ কৰা উচিত।


🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক :  দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹








 

Monday, July 24, 2023

অসমৰ বানপানী আৰু কিছু ইতিবাচক চিন্তা। Assam Floods and some positive thoughts.

অসমৰ বানপানী আৰু কিছু ইতিবাচক চিন্তা। Flood of Assam and some thoughts about it.

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

                 বানপানীৰ মৰ্মান্তিক দৃশ্য !
 
🚀 অসম বানপানী প্ৰৱণ এলেকা। যাক আমি সকলোৱে জানো। জন্মলগ্নৰে পৰা আমি দেখি আহিছোঁ যে ক'ৰবাত মথাউৰি ভগাৰ ফলত বানপানী হৈছে, ক'ৰবাত নদী বান্ধে এৰা পানীৰ ফলত বানপানী, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশৰফলত বানপানী হৈছে, অতিপাত বৰষুণৰ ফলত বানপানী হৈছে আদি। অৰ্থাৎ অসমৰ জ্বলন্ত সমস্যা হ'ল বানপানী। বাৰিষাকাল অৰ্থাৎ আহাৰ মাহৰ পৰাই অসমত বানপানী হোৱা দেখা যায়।

     বানপানী হোৱাৰ মূলতঃ কাৰণ - ১) নদ-নদীৰ গভীৰতা হ্ৰাস,২) প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণ, ৩/ নদীৰ দাঁতি কাষৰ বনধ্বংস, ৪) ব্ৰহ্মপুত্ৰ নদীৰ উপচি পৰা পানী বা ব্ৰক্ষ্মপুত্ৰ নদীৰ ধাৰণক্ষমতাৰ হ্ৰাস।


     নদীৰ বিস্তৃত প্ৰণালীৰ বাবে, অসম বান পানী আৰু খহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি সংবেদনশীল, যি ৰাজ্যখনৰ সামগ্ৰিক প্ৰগতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। অসমত বানপানীৰ প্ৰাথমিক কাৰণ হৈছে ৰাজ্যখনত প্ৰতি বছৰে হোৱা প্ৰচুৰ মৌচুমী বৰষুণ। ওপৰত উল্লেখ কৰা অনুসৰি আমি কাৰণ চালি জাৰি চাব বিচাৰিছো।
    ১) নদ-নদীৰ গভীৰতা হ্ৰাস: অসমৰ মানচিত্ৰত নদ-নদীৰ পৰিমাণ বহু বেছি। ব্ৰহ্মপুত্ৰৰ লগত উত্তৰৰ পৰা ৫৭খন আৰু দক্ষিণৰ পৰা ৩৩খন সৰু-বৰ উপনৈ যোগ হৈ মুঠ ৯০খন নদী অসমত আছে। বাৰিষাকালত হোৱা প্ৰৱল বৰষুণৰ ফলত এই নদ-নদী পানীৰে উপচি পৰে আৰু পানীবোৰ যেনি-তেনি সিঁচৰিত হৈ বিস্তৃত অঞ্চল বোৰাই পেলায়। যাক আমি বানপানী হোৱা বুলি কও। ইয়াৰ মূলতে হ'ল নদীৰ গভীৰতা হ্ৰাস। বিভিন্ন কাৰণত নদী সমুহৰ গভীৰতা হ্ৰাস পাবলৈ ধৰিছে। মানুহৰ কু-কৰ্মই নদীৰ গভীৰতা হ্ৰাসৰ ক্ষেত্ৰত মুখ্য অৰিহণা যোগাইছে। বিভিন্ন কলকাৰখানাৰ পৰা নিৰ্গত তৈল জাতীয় পদাৰ্থ, সহজে নপচা প্লাষ্টিক, ঘৰ সাজোতে ব্যৱহাৰ্য পেলনীয়া সামগ্ৰী, নদীৰ পাৰত থকা গছ-গছনি কটাৰ ফলত সৃষ্টি হোৱা পাৰ্শ্ব ক্ৰিয়াই নদীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়ছে। কিন্তু কেনেকৈ ? পেলনীয়া পদাৰ্থ সমূহ নদীত পেলোৱা লগে লগে এইবোৰ নদীৰ তলিত জমা হৈছে। জমা হোৱা পদাৰ্থবোৰত পলস পৰি এটা এটা টিলাত পৰিণত হৈছে যাৰ বাবে পানীয়ে ইয়াৰ মাজেৰে পাৰ হ'ব নোৱাৰি আন ফালে গতি লৈছে। এনেদৰে পানী তলৰ মাটিৰ লগত অপচনশীল পদাৰ্থ লগলাগি পানীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়। আমি সকলোৱে স্ব-চক্ষুৰে দেখি আহিছোঁ যে নদীত প্লাষ্টিকৰ জোতা,চেণ্ডেল, বেগ, পলিথিন আদি ওপঙি যায়। এইবোৰ কোনো গছৰ মুঢ়া বা নদীত গজা সৰু গছত লাগি ধৰি পানীক বাধাৰ সৃষ্টি কৰে। এনেকৈ বাঢ়ি গৈ ডাঙৰ বাধালৈ পৰিণত হয়। এই বাধাত সাৰপানী জগাই পলসে বা বালীয়ে। পানীত উটি অহা বালি বা পলস এনে জেং বিলাকত লাগি বালি চাপৰিৰ সৃষ্টি হোৱাত অৱদান আগবঢ়াই। সেয়ে পানীত কোনো পৰিস্থিতিতে অপচনশীল পদাৰ্থ পেলোৱা অনুচিত। দৰাচলতে নদীৰ গভীৰতা হ্ৰাস পোৱা আন কাৰণ হৈছে গৰাখহনীয়া ৰোধৰ বাবে কৰা অপচেষ্টা। গঢ়াখহনীয়া ৰোধৰ নিমিত্তে বহু আগৰ পৰাই চৰকাৰে পাৰ্কিউপাইন পদ্ধতি অৱলম্বন কৰি আহিছে। এই পদ্ধতিত পকা খোটা তিনিটাকৈ একেলগ কৰি খহনীয়া ৰোধৰ বাবে দিয়া হয়। অৰ্থাৎ পানীৰ সোঁত সলাবলৈ এই ব্যৱস্থা কৰা হয় যদিও পদ্ধতিটো যে সুচল নহয় তাক ইতিমধ্যে প্ৰমাণ পোৱা গৈছে। এনেধৰণে ব্যৱহাৰ কৰা খুটাবোৰেও পানীৰ মাজত পলস আৰু বালিক অৱৰোধ কৰি বালি চাপৰিৰ সৃষ্টিত অৰিহণা যোগাইছে। এনেবোৰ কাৰণতে নদীৰ গভীৰতা নিতৌ হ্ৰাস পাবলৈ ধৰিছে।

২) প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণ : ৰাজ্যত প্ৰৱল ভাৱে হোৱা মৌচুমী বৰষুণৰ ফলত খাল-বিল, নদ-নদী আদি পানীৰে উপচি পৰে। প্ৰায় জেঠ মাহ সোমোৱাৰ লগে লগে মৌচুমী বায়ু অসমত প্ৰৱেশ ঘটে আৰু নেৰানেপেৰা বৰষুণ হ'ব ধৰে। প্ৰচুৰ বৰষুণ দিয়াৰ ফলত পথাৰ, খাল-বিল, নদ-নদী আদি পানীৰে পৰিপূৰ্ণ হয় বিস্তৃত অঞ্চল বোৰাই পেলায়। গ্ৰামাঞ্চলত থকা নলা-নৰ্দমা, পুখুৰী আদিও তথৈবচ অৱস্থাৰ সৃষ্টি হয়। একেসময়তে ব্ৰক্ষ্মপুত্ৰৰ বুকুত উফন্দি উঠা পানীয়ে অন্য ৰূপ লয় আৰু দাঁতি-কাষৰীয়া অঞ্চল পানীৰে বোৱাই পেলায়। একেৰাহে হোৱা বৰষুণে এই পানীক আন আন ঠাইলৈ বোৱাই নিয়াত সহায় কৰে। সেয়ে মৌচুমী বৰষুণেও অসমৰ বানপানীত সহায় কৰা বুলি কোৱা হয়। অৰ্থাৎ এয়াই হৈছে প্ৰাকৃতিক দুৰ্যোগ।
    
৩/ নদীৰ দাঁতি কাষৰ বনধ্বংস : গছ-গছনিৰ শিপাই মাটি খামোচ মাৰি ধৰি ৰখাত সহায় কৰে। বিশেষকৈ নদ-নদীৰ দাঁতিত বিভিন্ন গছ-গছনি থকা উচিত। উদ্ভিদৰ অবিহনে নদীৰ পাৰ কোমল হৈ পৰে আৰু পানী বঢ়া মাত্ৰকে নদীৰ পাৰ খহিবলৈ ধৰে। আকৌ পানী কমি যোৱাৰ লগে লগেও পাৰৰ মাটি খহি নদীত পৰে। ইয়ে নদীৰ গভীৰতা হ্ৰাসত প্ৰভাৱ পেলায়। কিন্তু যদি বিভিন্ন গছ-গছনি আৰু উদ্ভিদে পাৰটো পৰিপূৰ্ণ হৈ থাকে, তেতিয়া পাৰৰ মাটি তাৰ শিপাই টানকৈ ধৰি ৰাখে যাৰ বাবে মাটিবোৰ সহজতে খহি নাযায়। এনে দৃশ্য যিকোনো নদীৰ পাৰত গ'লে নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰিব। তদুপৰি নদীৰ বাঢ়ি অহা পানীবোৰ সহজে বিস্তৃৰ্ণ এলেকাত প্ৰৱেশ নকৰিবলৈ গছ-গছনিৰ প্ৰয়োজন। নদীখনৰ উফন্দি উঠা পানী সহজে বা দ্ৰুত বেগত বৈ যোৱাত গছ-গছনিয়ে বাধা প্ৰদান কৰিব পাৰে। অৰ্থাৎ বানপানী নহ'বৰ বাবে গছ-গছনিয়ে প্ৰত্যক্ষভাৱে সহায় কৰে। সেয়ে নদীৰ পাৰৰ গছ-গছনি‌ কটা অনুচিত। সুবিধা অনুসৰি গছ-গছনি ৰোপন কৰাটো অতি প্ৰয়োজন।
   
৪) ব্ৰহ্মপুত্ৰ নদীৰ উপচি পৰা পানী বা ব্ৰক্ষ্মপুত্ৰ নদীৰ ধাৰণক্ষমতাৰ হ্ৰাস : 
     অসমৰ আয়ুসৰেখা সদৃশ ব্ৰহ্মপুত্ৰ নদ অসমৰ মাজেৰে অৰ্থাৎ শদিয়াৰ পৰা ধুবুৰীলৈ বৈ গৈছে। নদীখনৰ ধাৰণক্ষমতা পূৰ্বে যিমান আছিল, আজিৰ দিনত ইয়াৰ পৰিমাণ বহু পৰিমাণে যে হ্ৰাস পাইছে এয়া নকলেও সকলোৱে জানে। পূৰ্বতে অসমৰ জনসংখ্যাৰ পৰিমাণ কম আছিল আৰু সেয়ে বিস্তৃৰ্ণ এলেকাত মানুহৰ ঘৰ-বাৰী নাছিল। সৰহসংখ্যক ঠাই বা মাটি হাবিৰে পৰিপূৰ্ণ আছিল আৰু খাল-বিলৰ সংখ্যাও বেছি আছিল। অতিপাত বৰষুণৰ ফলত হোৱা পানী খাল-বিল সমূহে ধৰি ৰাখিবলৈ সক্ষম হৈছিল। যাৰ বাবে বানপানীৰ পৰিমাণো কম আছিল। কিন্তু বৰ্তমান সময়ত তেনে খালী ঠাই সমূহ, ডাঙৰ ডাঙৰ খাল-বিলসমূহ মাটিৰে পুতি অট্টালিকা নতুবা আবাসগৃহ সজা হ'ল। আকৌ কৰবাত মানুহৰ প্ৰয়োজনাৰ্থে পাৰ্ক ,খেলৰ বাবে ষ্টেডিয়াম আদি দ খাৱৈ পুতি বনাবলৈ ধৰিলে। অসমৰ সকলো ঠাইতে আগৰ খালী ঠাই এতিয়া নাই। চুকে কোনে অনিয়ন্ত্ৰিত ভাৱে নিয়মবৰ্হিভূতভাৱে ঘৰ সাজি সমভূমিত পৰিণত কৰিলে। বৰ্ধিত জনসংখ্যাই ইয়াৰ ঘাই কাল। ফলস্বৰূপে নদীৰ পানী নতুবা অলপ বৰষুণতে আমাৰ চৌপাশ পানীৰে ভৰি পৰা হ'ল। সেয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশৰ মাত্ৰকে আগৰে পৰা জমা হৈ থকা পানীৰ সৈতে মিলি বৃহৎ বানপানীৰ আকাৰ পৰিগ্ৰহ কৰে। 
     আনহাতে ব্ৰক্ষ্মপুত্ৰ মাজভাগত বালি আৰু পলসৰ আঘাতত ডাঙৰ ডাঙৰ বালি চাপৰি নিতৌ গঢ় ল'ব ধৰিছে। ইয়াৰ ফলত নদীয়ে সুঁতি সলাবলৈ ধৰিছে। ফলস্বৰূপে ব্ৰহ্মপুত্ৰ নদীৰ আকাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত আপুনি অনায়াসে ঘৰ সাজি বাস কৰিব পাৰে। আনকি বহু লোকে মহৰ খুটি আৰু গৰুৰ খুটি পাতি এনে আবাদী চৰ অঞ্চলত বাস কৰি আহিছে। গতিকে ব্ৰহ্মপুত্ৰই যে ধাৰণ ক্ষমতা হেৰুৱাইছে সেই কথা ইয়াৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি। উদাহৰণস্বৰূপে শদিয়াৰ পাৰঘাটৰ পৰা ছৈখোৱা পাৰঘাটৰ দূৰত্ব পৰিমাপণ কৰিলে ইয়াৰ উত্তৰ পাব পাৰিম। নব্বৈ দশকৰ আগতে ইয়াৰ দৈৰ্ঘ্য প্ৰায় তিনি কিলোমিটাৰ মান ( বয়োজ্যেষ্ঠজনৰ মুখেৰে শুনা কথা) আছিল, কিন্তু সাম্প্ৰতিক ইয়াৰ দৈৰ্ঘ্য ইয়াৰ তিনি গুণ হ'ব। ইতিহাসৰ মতে ইয়াৰ গভীৰতাও বহু বেছি আছিল। বৰ ভূমিকম্পৰ আগতে বহু ঠেক আছিল বুলি জনা যায়। বৰ্তমান গৰাখহনীয়াৰ কৱলত পৰি ব্ৰহ্মপুত্ৰৰ আগৰ ৰূপ সলনি হ'ল। আকাৰ হ'ল বহল কিন্তু মাজৰ ঠাইখণ্ড পৰিণত হ'ল চাপৰিলৈ। অৱশ্যে শদিয়াৰ ব্ৰহ্মপুত্ৰৰ আকাৰ বহল হোৱাৰ আন এটা কাৰণ হৈছে ব্ৰহ্মপুত্ৰৰ কেইবাখনো উপনৈৰ ই সংগম স্থল । পাগলাদিয়া, দিহিং আদি উপনৈ সমূহ লগ লাগিছে। তথাপিও আমি একেআষাৰে ক'ব পাৰোঁ যে ব্ৰহ্মপুত্ৰৰ গভীৰতা বহু পৰিমাণে হ্ৰাস পাইছে। 
   
সামৰণি : 
    ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত বাৰিষা ঋতুত যথেষ্ট পৰিমাণৰ পানী থাকে। নদীখনৰ ইয়াৰ পাৰবোৰ উপচি পৰে, যাৰ ফলত ৰাজ্যখনত ব্যাপক বানপানী হয়। বনধ্বংসই মাটি খহনীয়াৰ সম্ভাৱনা বৃদ্ধি কৰে, আৰু বান্ধ আৰু জলাশয় সৃষ্টিত প্ৰভাৱ পেলায়, যি নদীৰ প্ৰবাহ সলনি কৰিব পাৰে। বানপানীয়ে মানৱ জীৱন আৰু পৰিৱেশ দুয়োটাকে প্ৰভাৱিত কৰে, যাৰ ফলত ৰাজ্যখনৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি কৰে। 
     অসমৰ জ্বলন্ত সমস্যাটো সমাধানাৰ্থে সৰ্বানন্দ সোণোৱালৰ চৰকাৰে ব্যৱস্থা গ্ৰহণৰ কথা আছিল। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে পথ নিৰ্মাণ আৰু ব্ৰহ্মপুত্ৰৰ খনন এই দুটা সিদ্ধান্ত সোণোৱাল চৰকাৰে যদি কাৰ্যকৰী কৰিল হেঁতেন তেন্তে আজিৰ দিনত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা অক্ষত অৱস্থাত থাকিল হেঁতেন। কিন্তু দুৰ্ভাগ্য , সেইটো কাৰ্যকৰী নহ'ল ফলত সমস্যাটো সমস্যাভাগে জীয়াই থাকিল। আৰু কোনো এখন চৰকাৰে যে এই সিদ্ধান্ত নলয় সেয়া ধ্ৰুৱসত্য। কাৰণ ই অতি ব্যয়বহুল কাম। কিন্তু মোৰ মতে ইয়াক দীৰ্ঘম্যাদী পৰিকল্পনাৰে সমাধান কৰিব পৰা যাব। 
  সমস্যাটো সমাধানাৰ্থে কেইটামান ল'ব পৰা দিশ:
     ক) ব্ৰহ্মপুত্ৰ খনন কৰা আৰু দুয়োপাৰে মথাউৰি নিৰ্মাণ কৰা।
     খ) মথাউৰিৰ পাৰ (পানীৰ দিশত) অতি কমেও ত্ৰিশ ফুট তললৈ বৈজ্ঞানিক পদ্ধতিৰে পকীকৰণৰ ব্যৱস্থা কৰা। 
     গ) অসমৰ মূল উপনৈ সমূহ খনন কৰা আৰু পাৰত বৃক্ষৰোপণ কাৰ্যসূচী অব্যাহত ৰখা।
     ঘ) বৃক্ষৰোপণৰ বাবে অসমৰ প্ৰতিখন গাঁওৰ মানুহে বিশেষ দিন এটা নিৰ্বাচন কৰি সেই অনুসৰি বৃক্ষৰোপণৰ কাৰ্যসূচী গুৰুত্ব সহকাৰে লোৱা উচিত।
     ঙ) গছ নিধন যজ্ঞ বন্ধ কৰাত ৰাইজে সচেতনতা অৱলম্বন কৰিব লাগে।
     চ) প্ৰতিজন লোককেই ঘৰ সাজোতে পানী উলাই যাবলৈ অতি কমেও তিনি মিটাৰ প্ৰস্থৰ নলা খন্দাটো বাধ্যতামূলক কৰিব লাগে। আকৌ মূল নলাৰ সৈতে সংযোগৰ ব্যৱস্থাও কৰোৱাব লাগে।

    অসমৰ বানপানী সমস্যা এক জটিল সমস্যা। ইয়াক ইমান সহজে সমাধান কৰাটো সম্ভৱ নহয়। অসমত আদি কালৰে পৰা বানপানী আছে আৰু থাকিব। কিন্তু ইয়াৰ পৰিমাণ নিশ্চয় হ্ৰাস কৰিব পৰা যাব। 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

   

 
     চন্দ্ৰযান -৩ ৰ অভিযান, চাওক।
  











Thursday, July 13, 2023

📌বৰ্তমানৰ প্ৰেক্ষাপটত ধৰ্মীয় অসহিষ্ণুত।📌 Religious Intolerance in the Present Situation.

📌 বৰ্তমানৰ প্ৰেক্ষাপটত ধৰ্মীয় অসহিষ্ণুতা : চমু অৱলোকন। Religious Intolerance in the Present Context: A Brief Overview.

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
    
           সামাজিক বৈষম্যৰ কৰুণ দৃশ্য...!!

  🚀 ধৰ্মীয় অসহিষ্ণুতা অতি প্ৰাচীন কালৰে পৰাই সমাজৰ বাবে অভিশাপ স্বৰূপ হৈ আহিছে। ডাঙৰ দুখটো হ'ল, আমি আমাৰ বৈজ্ঞানিক উন্নতিৰ বিষয়ে যি সময়ত গৌৰৱ কৰিছোঁ, সেইটো সময়তে ই এতিয়াও আমাৰ সমাজত অব্যাহত আছে। বহুসংখ্যক নিৰীহ মানুহে এতিয়াও এই ৰোগত ভুগি আছে কাৰণ তেওঁলোক এটা নিৰ্দিষ্ট ধৰ্ম বা জাতিৰ লোক। 

    প্ৰৱল ভাৱে বাঢ়ি অহা ধৰ্মীয় গোঁড়ামি আৰু সাম্প্ৰদায়িকতাৰ প্ৰকোপে মানুহক বনৰীয়া জন্তুতকৈও বেয়া প্ৰাণীলৈ পৰিণত কৰিছে।

সকলো ধৰ্মতে তৃণমূল স্তৰত কাম কৰা পুৰোহিতসকলৰ পৰা এই ৰোগ উদ্ভৱ হয় বুলি ভাবিবলৈ থল আছে। তেওঁলোকৰ ধৰ্ম্মত সন্নিবিষ্ট উচ্চ আদৰ্শক উপেক্ষা কৰি তেওঁলোকে তেওঁলোকৰ শাস্ত্ৰ আৰু পৰম্পৰাগত বিশ্বাসৰ ভুল ব্যাখ্যা কৰি তেওঁলোকৰ সহ-ধৰ্মবাদীসকলক ভুল পথ প্ৰদৰ্শন কৰে। ইয়াৰ উপৰিও, স্বাৰ্থপৰ ৰাজনীতিবিদসকলে তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ লোকসকলক আন ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে উচতাই দিয়ে যাতে তেওঁলোকৰ ভোট বেংক বিস্তৃত আৰু শক্তিশালী হয়।
    তেওঁলোকে কেতিয়াবা উদ্দেশ্যপূৰ্ণভাৱে সাম্প্ৰদায়িক সংঘাতৰ পৰিকল্পনাও কৰে। সাধাৰণ মানুহে এনে কথাবোৰৰ বিষয়ে অৱগত হোৱা উচিত। সঠিক ধৰণৰ শিক্ষাই এই দিশত যথেষ্ট সহায় কৰিব পাৰে। সকলো ধৰ্মই অত্যাৱশ্যকীয় আৰু অপ্ৰয়োজনীয় উপাদানেৰে গঠিত। বিড়ম্বনাটো হ'ল যে বিভিন্ন ধৰ্মৰ স্বঘোষিত ৰক্ষকসকলে অত্যাৱশ্যকীয় বস্তুবোৰ উপেক্ষা কৰে আৰু অপ্ৰয়োজনীয় বস্তুবোৰৰ ওপৰত যুঁজ দিয়ে আৰু ৰক্তপাতৰ সৃষ্টি কৰে। তেওঁলোকে কেতিয়াও ভাবিবলৈ বন্ধ নকৰে যে সকলো ধৰ্ম তেওঁলোকৰ মৌলিক নীতিত একে ।

     আমি ইতিহাস খুচুৰিলে দেখা পাওঁ যে দৰাচলতে সকলো মহান ভৱিষ্যতবক্তা আৰু সাধু মানৱতাৰ মহান প্ৰেমী আছিল। তেওঁলোকে তেওঁলোকৰ নিজৰ সম্প্ৰদায়ত যথেষ্ট অন্যায়, নিষ্ঠুৰতা আৰু অসদাচৰণ দেখিছিল আৰু ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। 
কিন্তু তাৰ পৰিণতি কি হৈছিল ? স্বাৰ্থপৰ মানসিকতাৰ নিহিত স্বাৰ্থই কোনো সংস্কাৰ বিচৰা নাছিল ; তেওঁলোকে তেওঁলোকৰ বিৰোধিতা কৰিছিল আৰু প্ৰায় সকলো ভৱিষ্যতবক্তা, সাধু আৰু সংস্কাৰকসকলে কোনো নহয় কোনো ধৰণে ভুগিব লগা হৈছিল।
    উদাহৰণস্বৰূপে, ভৱিষ্যতবক্তা মহম্মদে আৰৱ জনজাতিসকলৰ মাজত মূৰ্তিপূজা আৰু অন্যান্য অসদাচৰণৰ বিৰুদ্ধে মাত মাতিছিল যাৰ বাবে মক্কা এৰি মদিনালৈ পলাই যাব লগা হৈছিল।
    আনহাতে নিৰীহ সাধু যীচুক নিৰ্দয়ভাৱে ক্ৰছত বিদ্ধ কৰি হত্যা কৰা হৈছিল কিয়নো তেওঁৰ নিজৰ ইহুদী সম্প্ৰদায়ৰ পুৰোহিত শ্ৰেণীয়ে তেওঁৰ সংস্কাৰবাদী উৎসাহ পছন্দ কৰা নাছিল। তেওঁৰ একমাত্ৰ দোষ আছিল যে 'তেওঁ বিচৰা মানুহৰ সৎ জীৱন যাপন আৰু তেওঁলোকৰ ধৰ্মত অপ্ৰয়োজনীয় বিষয়বস্তুৰ প্ৰতি আকৃষ্ট নহ'বলৈ দিয়া পৰামৰ্শ।'
    বেকা পথেৰে হ'লেও সুযোগ লাভ কৰা পুৰোহিতসকলে ইয়াক তেওঁলোকৰ কৰ্তৃত্ব আৰু স্বাৰ্থৰ বাবে এক প্ৰত্যাহ্বান বুলি ভাবিছিল আৰু সেয়েহে অঞ্চলটোৰ ৰোমান শাসকক তেওঁক মৃত্যুদণ্ড দিবলৈ উদগনি দিছিল। যীচুক তেওঁলোকে 'ৰোমান সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উচতাই দিয়া ব্যক্তি হিচাপে উপস্থাপন কৰিছিল' । যাৰ বাবে তেওঁ ৰোমানসকলৰ দৃষ্টিত আটাইতকৈ ডাঙৰ অপৰাধী বিবেচিত হৈছিল।
    
   আমি সকলোৱে ক'ব পাৰোঁ যে আৰম্ভণিতে সকলো ধৰ্ম্ম শুদ্ধ আছিল, তেওঁলোকে মানুহৰ সামাজিক আৰু আধ্যাত্মিক জীৱন উন্নত কৰাৰ লক্ষ্য ৰাখিছিল। কিন্তু অপ্ৰয়োজনীয় ৰীতি-নীতিৰ দ্বাৰা আৰু ইয়াৰ দ্বাৰা ধৰ্মৰ মূল ধাৰণাবোৰক অতিক্ৰম কৰাৰ ফলত ধৰ্মৰ মূল বিষয়বস্তুৰ নষ্ট হৈছিল। সেয়েহে ভাৰতৰ মহান কবি সন্ত কবীৰেও তেওঁৰ শ্লোকত ইছলাম আৰু হিন্দু ধৰ্ম দুয়োটা ভাষাত ৰীতি-নীতি নমনাৰ বাবে গৰিহণা দিছিল।
    সাম্প্ৰতিক সময়তো এনে এটা বাতাবৰণ ধৰ্মৰ নামত সৃষ্টি হোৱা পৰিলক্ষিত হয়। তুমি হিন্দু আমি মুছলিম, আমি হিন্দু তুমি মুছলিম কোৱা মানসিকতাৰে এতিয়াৰ সমাজ চলিব ধৰিছে। ধৰ্মৰ নামত সমাজত বিভেদৰ জাল পেলোৱা হৈছে। যাৰ বাবে থানবান হৈছে একতা, সমন্বয়, মৰম-চেনেহৰ এনাজৰীৰে বান্ধ খাই থকা মজবুত ভেটি। ৰাজনৈতিক দল বিলাকে এই ভেটিত বেছিকৈ বিহমেটেকা ৰোপন কৰিব লাগিছে। অসহিষ্ণুতা, ঘৃণা, মাৰপিট আদিৰ জৰিয়তে সমাজত এক অৰাজক পৰিস্থিতি সৃষ্টি কৰি কিছুমানে ইয়াৰ সুযোগ গ্ৰহণ কৰিছে। ইফালে আন কিছুমান লোকে ইয়াৰ পৰিণাম ভোগ কৰিব লগা হৈছে। সৌসিদিনা পশ্চিম বংগত ৰাজনৈতিক ভাৱে হোৱা হিংসাত্মক ঘটনাৰ স্বৰূপো নিশ্চয়কৈ ধৰ্মৰ সৈতে সংপৃক্ত। তেনেধৰণৰ উদাহৰণ অসমৰ বা ভাৰতৰ মাটিত অজস্ৰ। ভাৰত যদিও ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ তথাপিও ধৰ্মৰ বৈষম্য এতিয়াও অন্ত পৰা নাই। 
    অতীজৰে পৰা ভাৰত নামৰ বিশাল ভূখণ্ডত জ্ঞানৰ সাধনা চলি আহিছে। ঋষি মুনি সকলৰ তপস্যাৰ বলত ঠাইখণ্ড হৈ পৰিছিল ধন্য। গৌতম বুদ্ধ, বিবেকানন্দ, অশোক, শংকৰদেৱ, মাধৱ দেৱ আদিৰ যুগ গুৰু তথা যুগধৰ্মীয় নেতা সকলৰ আৰ্ৱিভাৱে ভাৰতক মহান দেশলৈ পৰিণত কৰিছিল। ভাৰতক তপোবনত পৰিণত কৰি গৈছে এইসকল মহান যুগগুৰুৱে। তেতিয়া কোনো জাতিভেদ নাছিল। ভেদাভেদ, উচ্চ নীচ আদি বৈষম্যৰ মনোভাৱ নাছিল বুলিলেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। 'সকলো মানুহ এক' তেনে সমভাৱ পোষণেৰে সমাজ ব্যৱস্থা অতিবাহিত হৈছিল। শংকৰদেৱৰ যুগৰ ইতিহাসে তাকে সোঁৱৰাই দিয়ে।
    কিন্তু আধুনিক যুগে সময়ক স্পৰ্শ কৰাৰ মাত্ৰকে যেন মানুহৰ মনলৈও বৃহৎ পৰিৱৰ্তনে ছানি ধৰিলে। ধৰ্মীয় কাৰণত বা আন সাধাৰণ কাৰণত মানুহৰ মনত অসহিষ্ণুতা মনোভাৱে প্ৰাণ পাই উঠিল। যিয়ে সমাজৰ একতাৰ পৰিকাঠামো বিনষ্ট কৰিবলৈ ধৰিলে। অথচ এইখন দেশৰ সংবিধানেও ধৰ্মীয় নিৰপেক্ষক্ষতাক আগস্থান দি আহিছে। সেয়ে এনে এখন দেশত ধৰ্মীয় অসহিষ্ণুতাই গা-কৰি উঠা বিষয়টো সঁচাকৈয়ে অতি চিন্তনীয়।
  ধৰ্মীয় অসহিষ্ণুতাৰ ওপৰত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দ বৰা ডাঙৰীয়াই কৈছিল , 'বৰ্তমানৰ পৃথিৱীত যথেষ্ট ধৰ্ম বিৰোধ ঘটিছে। ধৰ্মীয় মৌলবাদী সকল বিশ্বৰ এটা প্ৰধান সমস্যা হৈ পৰিছে। ভাৰততো ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি পাইছে, ধৰ্মই মানুহক ভাগ ভাগ কৰিছে। গতিকে বৰ্তমান সময়ত শংকৰ দেৱে প্ৰচাৰ কৰা ধৰ্মৰ প্ৰয়োজন আহি পৰিছে। শংকৰী ধৰ্মই হে এনে সমস্যা দূৰ কৰিব পাৰে।' 
     অসমত গা-কৰি উঠা ধৰ্মীয় অসহিষ্ণুতাও এক স্পৰ্শকাতৰ বিষয় হিচাপে চিহ্নিত হৈছে। এনে সময়ত সঁচাই শংকৰদেৱৰ সমন্বয় আৰু সম্প্ৰীতিৰ ধৰ্ম অতি প্ৰয়োজন হৈ পৰিছে। শংকৰদেৱৰ ধৰ্মত সাম্প্ৰদায়িকতা নাই, জাতি ভেদ নাই, নাই উচ্চ নীচৰ ভেদাভেদ। এই ধৰ্মৰ লোক সকলে সকলোকে সম মৰ্যাদা দিয়ে আৰু সকলোৰে সমানে বৈষয়িক, আধ্যাত্মিক উন্নতি হোৱাটো বিচাৰে। সেয়ে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম আৰু ভাওনা আদি অনুষ্ঠানৰ প্ৰাসঙ্গিকতা আজি আহি পৰিছে।
      
     সামৰণিত মাথোঁ কও - ধৰ্মক সাৰ্বজনীন ভাতৃত্ববোধৰ আদৰ্শ হিচাপে প্ৰচাৰ কৰিবলৈ আমি সকলোৱে সাজু হোৱা উচিত আৰু মানুহৰ মনত সামাজিক ন্যায়ৰ আকাংক্ষা সৃষ্টি কৰাটো আমাৰ প্ৰধান কৰ্তব্য হিচাপে বিবেচিত হোৱা প্ৰয়োজন।



🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।
শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

ফটো: ইণ্টাৰনেটৰ পৰা সংগৃহীত।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Monday, July 10, 2023

'হৰমোহনৰ পৰা' । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ । Harmohonor pora' Shrimanta Shankardev.

📌 'হৰমোহনৰ পৰা' কাব্যাংশটিৰ মাজেৰে প্ৰকাশ পোৱা ভক্তিৰ আকুলতাৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

  📌 'হৰমোহন পৰা' কাব্যাংশটি শংকৰদেৱৰ 'কীৰ্তন ঘোষা'ৰ অন্তৰ্গত। শংকৰদেৱৰ 'হৰমোহন পৰা' কাব্যাংশটিৰ আধাৰ গ্ৰন্থ হ'ল ভাগৱত পুৰাণ। অসমৰ বৈষ্ণৱ ধৰ্মৰ 'চাৰি পুথি'ৰ অন্তৰ্গত কীৰ্তন ঘোষাত 'হৰমোহন পৰা' অংশটি অন্তৰ্ভুক্ত। কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে কাব্যাংশটিৰ জৰিয়তে এটি বিৱৰণ দাঙি ধৰিছে। ভক্ত কবিয়ে ভগৱানৰ মহিমাৰ বিষয়ে সুন্দৰকৈ বিশ্লেষণ কৰি দেখুৱাইছে। গতিকে এই কবিতাটোৰ বৰ্ণনা শংকৰদেৱৰ মৌলিক অৱদান। কবিতাটো বিশেষকৈ বিষ্ণু স্তুতিৰ যোগেদি বেদান্ত দৰ্শন,দাস্যভক্তি আদি দাৰ্শনিক ভাৱ প্ৰথমৰ পৰা শেষলৈ বিয়পি পৰিছে।

    মহাপুৰুষ শংকৰদেৱৰ মতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ভগৱান তথা ব্ৰহ্মাই সত্য। সত্যৰ অবিহনে জগত , সংসাৰ সকলো মিছা। ব্ৰহ্মই নিত্য, বাকী সকলো অনিত্য। তেওঁ সমস্ত প্ৰাণীতে বিৰাজমান। পৃথিৱীৰ সকলো বস্তুৰে তেওঁৱেই স্ৰজনা, তেওঁৱেই পালন কৰোঁতা আৰু অৱশেষত সকলো তেওঁতেই নিমজ্জিত হয়। বৰ্হি প্ৰকৃতিৰ প্ৰতিটো বস্তুৰে সৃষ্টি কাৰক হৈছে তেওঁ অৰ্থাৎ ভগৱান বা ব্ৰহ্ম। সত্ব,ৰজ আৰু ত্বম এই তিনি গুণৰ একমাত্ৰ তেওঁৱেই অধিকাৰী। সোণ আৰু কুণ্ডলৰ মাজত পাৰ্থক্য নোহোৱাৰ দৰে জগত আৰু পৰমাত্মাৰ মাজত কোনো প্ৰভেদ নাই। কবিতাটোত তেখেতে এনেদৰে উল্লেখ কৰিছে -
    
   "তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ, 
    সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।
    তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ,
    অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন।"

   কাঠৰ ভিতৰত যেনেকৈ জুই বিদ্যমান ঠিক তেনেকৈ প্ৰকৃতিৰ প্ৰতিটো বস্তুতে তেওঁ বিৰাজমান। প্ৰকৃত ভক্তই আচল ভক্তিৰে তেওঁৰ স্বৰূপ হৃদয়ত উপলব্ধি কৰিব পাৰে। প্ৰকৃত বৈষ্ণৱেহে কৰ্ম বন্ধনৰ পৰা মুক্তি হৈ হৃদয়ত তেওঁক উপলব্ধি কৰিব পাৰে। কবিয়ে মুক্তি সুখকো বাঞ্ছা নকৰি পৰমেশ্বৰৰ চৰণত একান্ত ভকতিহে কামনা কৰিছে। তেওঁ কবিতাটোত উল্লেখ কৰি কৈছে -
       "নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
       তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।"

মহাপুৰুষ জনাৰ মতে পৰমাত্মাই একমাত্ৰ গৰাকী। যি সকলে ভগৱানৰ স্বৰূপ উপলব্ধি কৰিব পাৰিছে, পৰমাত্মাৰ বিষয়ক জ্ঞান উপলব্ধি কৰিব পাৰিছে তেনে জ্ঞানী আৰু সাধুজনে মুক্তিৰ অভিলাষী নহয়। বৈষ্ণৱ ধৰ্মত মোক্ষ বা মুকুতিয়েই হ'ল ভক্তৰ চৰম লক্ষ্য। কিন্তু যিজন পৰম বৈষ্ণৱ আৰু যিজন উচ্চতম ভক্তিৰ সাধক তেওঁ মুক্তিৰ কথা চিন্তা নকৰে, কাৰণ ভগৱানৰ ভক্তিহে তেওঁলোকৰ চৰম প্ৰাপ্য, মুক্তি নহয়। মহাপুৰুষ মাধৱদেৱে'যত্ৰ জীৱ তত্ৰ শিৱ' এই বাণী সাৰোগত কৰি কবিতাটোত বৰ্ণনা আগবঢ়াইছে । বাক্যাংশত শিৱই ভগৱানৰ স্তুতি কৰি কৈছে যে তেওঁ স্বৰ্গীয় সুখ বাঞ্ছা নকৰে, মুকুতিও নিবিচাৰে, বিচাৰে মাথোঁ ভগৱানৰ প্ৰতি তেওঁৰ অচলা ভক্তি। তেওঁৰ মুখেৰে যেন সদায় ভগৱানৰ নাম লয়, তেওঁৰ কানে যেন সদায় ভগৱানৰ নামহে শুনিব পাৰে, তেওঁৰ হৃদয়ত ভগৱান যেন সদায় বিৰাজমান হৈ থাকে, তেওঁ যেন সদায় সাধু সজ্জনৰ সংগ লাভ কৰিব পাৰে, তেনেধৰণৰ আৰ্শীবাদহে ভগৱানৰ পৰা শিৱই কামনা কৰে।
    
      মহাপুৰুষ শংকৰদেৱক ভক্তি কবি বুলিও কোৱা হয়। তেওঁ বিশুদ্ধ চিত্তেৰে পৰমেশ্বৰৰ চৰণত একান্ত ভকতিৰে শ্ৰৱণ কীৰ্তন কৰাৰ ওপৰত মনোনিবেশ কৰিছে। একান্ত বৈষ্ণৱ ভাৱধাৰাই মোক্ষকো নেওচি ভকতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। 
    
      মহাপুৰুষীয়া ধৰ্মত মুক্তিৰ বাঞ্ছা নাই, সেয়েহে মুক্তিক শংকৰদেৱে 'মুক্তিতনিস্পৃহ --' বুলি কৈছে। শংকৰদেৱৰ মতে মুকুতিত বাঞ্ছা নকৰি একান্ত ভকতিৰে পৰমেশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰা । এই আত্ম সমৰ্পণৰ সুৰ 'হৰমোহনৰ পৰা' কাব্যাংশত সুন্দৰ ভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তদুপৰি মহাপুৰুষ মাধৱদেৱে একান্ত ভকতিৰ নিদৰ্শন হিচাপে দেৱ-দেৱীৰ পূজাত গুৰুত্ব নিদি কেৱল সাধু সজ্জনৰ সংগৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছে। 'হৰমোহনৰ পৰা' কাব্যাংশত কবি শংকৰদেৱে অতি কম কথাৰে বৈষ্ণৱ ভক্তি তত্ত্বৰ সম্পৰ্কে বৰ্ণনা আগবঢ়াবলৈ সক্ষম হৈছে।
    
সম্পূৰ্ণ কবিতাটো তলত উল্লেখ কৰিলোঁ:
               
           হৰমোহনৰ পৰা 
                                    - শংকৰদেৱ ।
           

নমো নমো মাধৱ বিধিৰ বিধি দাতা।
তুমি জগতৰ গতি মতি পিতা মাতা।।
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত বিতিৰেক।।
তুমি কাৰ্য কাৰণ সমস্তে চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন ভিন।।
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তোমাক নজানে একোজনে।।
সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব নপাই তোমাক বিচাৰে বাহিৰত।।
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।।
নবাঞ্চোহো সুখ ভোগ নমাগো মুকুতি।
তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি।।
মুখে লৌক নাম মোৰ কৰ্ণে তৱ কথা।
হৃদয়ত পাদ-পদ্ম থাকোক সৰ্ব্বথা।।
সজ্জনৰ সংগ নুগুচোক সৰ্ব্বক্ষণে।
এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে।।

-------------------+-----------------------
 📌 প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

Sunday, July 2, 2023

নলিনীবালা দেৱী আৰু তেখেতৰ কবিতাত অতীন্দ্ৰিয় ভাৱধাৰা। Nalinibala Devi and the transcendental thought in her poetry.

নলিনীবালা দেৱী আৰু তেখেতৰ কবিতাত অতীন্দ্ৰিয় ভাৱধাৰা। Nalinibala Devi and the transcendental thought in her poetry.



        🖊️নলিনীবালা দেৱী আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ কন্যা। তেখেতৰ জন্ম হৈছিল ১৮৯৮ চনত। নলিনীবালা দেৱী আছিল ঘৰুৱা শিক্ষাৰে শিক্ষিত এগৰাকী বিশিষ্ট লেখিকা । এই গৰাকী মহান লেখিকাৰ ব্যক্তিগত জীৱন অতি কাৰুণ্যৰে ভৰপূৰ। তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত ভিত্তি কৰি ১৯৫৭ চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। তদুপৰি তেখেতে সাহিত্যিক পেঞ্চনো লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৪ চনত অসম সাহিত্য সভাৰ যোৰহাটৰ অধিৱেশনত সভানেত্ৰী পদ অলংকৃত কৰিছিল।
        নলিনীবালা দেৱীয়ে বহু কবিতা পুথি আৰু জীৱনীমূলক গ্ৰন্থ ৰচনা কৰি অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। 

    নলিনীবালা দেৱীৰ সাহিত্য সমূহ হ'ল - সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, স্মৃতিতীৰ্থ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা , বিশ্বদীপা, চৰ্দাৰ পেটেল, কৰ্মবীৰ বৰদলৈৰ জীৱনী, আত্মজীৱনী এৰি অহা দিনবোৰ আদি উল্লেখযোগ্য।

        'সন্ধিয়া সুৰ' কবিতা পুথিখনত কবিৰ প্ৰকৃত ভাৰতীয় কবি প্ৰাণৰ স্বাক্ষৰ প্ৰতিফলিত হৈছে। তেখেতৰ কবিতাবোৰৰ বিশেষ লক্ষণ হৈছে - অতীন্দীয়বাদ। ১৯৬৮ চনত 'অলকানন্দা' কবিতা পুথিৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নলিনীবালা দেৱীৰ কাব্যত ৰবীন্দ্ৰ কাব্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। তদুপৰি ভাৰতীয় আধ্যাত্মিক দৰ্শন, জন্মান্তৰবাদ, কৰ্মফলবাদ, আদিৰ প্ৰভাৱ তেখেতৰ কবিতাত বিদ্যমান।


তেখেতৰ কবিতাত অতীন্দ্ৰিয় ভাৱধাৰা: 
        
       নলিনীবালা দেৱীৰ প্ৰায় প্ৰতিটো কবিতা অতীন্দ্ৰিয় ভাৱধাৰাৰে সংপৃক্ত। জীৱনৰ ঘাত-প্ৰতিঘাত, জীৱনৰ পৰম সত্য মানৱ সত্ত্বাৰ অপৰিহাৰ্য আৰু অবিচ্ছেদ্য অংগ। মানৱৰ তৃষ্ণাৰ সজীৱ চিত্ৰ কবিতাবোৰত প্ৰকাশ পাইছে। উদাহৰণস্বৰূপে তেখেতৰ 'পৰমতৃষ্ণা' কবিতাটো এটা আধ্যাত্মিক ভাৱ সম্পন্ন কবিতা য'ত প্ৰকাশ পাইছে ভাৰতীয় আধ্যাত্মিক দৰ্শন। জীৱনৰ পৰম সত্যৰ সম্পৰ্কে কবিয়ে ইয়াত সুন্দৰকৈ বৰ্ণনা আগবঢ়াবলৈ সক্ষম হৈছে।
        কবি গৰাকীৰ মতে মানুহে কেৱল পঞ্চ ইন্দ্ৰিয়ৰ তৃপ্তি লাভ কৰি সন্তুষ্ট থাকিব নোৱাৰে। ইয়াৰ বাহিৰেও মানুহে আৰু বহু কিবাকিবি বিচাৰে। সেয়ে কবি গৰাকীৰ পৰমজনৰ সৈতে মিলনৰ প্ৰচেষ্টা কৰিছে কবিতাৰ জৰিয়তে। যিহেতু আত্মাৰ সৈতে পৰমৰ মিলন ঘটাবলৈ মানুহে আদিম কালৰে পৰাই প্ৰচেষ্টা কৰি আহিছে। এই প্ৰচেষ্টাই বা কৰ্মই হ'ল মানুহৰ অন্তৰত সুপ্ত অৱস্থাত থকা তৃষ্ণা।
        কবি নলিনীবালা দেৱীৰ মতে পৃথিৱীখনেই এখন জীৱন্ত নাটঘৰ। এই নাটঘৰত ভাও দিবলৈ যেন মানুহ আহিয়ে আছে আৰু গৈয়ে আছে অবিৰাম। এই যাত্ৰা অবিৰত। পূৰ্বজন্মৰ কৰ্মফল অনুসৰি মানুহে হেনো এইজন্মত ফলাফল লাভ কৰে। অৰ্থাৎ পূৰ্বজন্মৰ কৰ্মফল ভাল হ'লে এই জন্মত জীৱই সময় সাপেক্ষে পক্ষীৰ মধুৰ কাকলি, চৰাই চিৰিকটিৰ সুৱদী গীত-মাত, নদীৰ কুলু কুলু ধ্বনি শুনিবলৈ পায়। 'পৰমতৃষ্ণা' কবিতাত কবি গৰাকীয়ে কৈছে, যি মানৱৰ মনত সৌন্দৰ্য আৰু আশাৰ আভা বিৰিঙাই তোলে, ইয়ে মানুহৰ মনক ক্ষন্তেকৰ বাবে হ'লেও মায়াই আৱৰি ৰাখে। ইয়াৰ মাজতে মানুহে নিজৰ অস্তিত্ব সম্পৰ্কে উপলব্ধি কৰি অতীত ৰোমন্হন কৰি অতিষ্ঠ হয়। জন্ম মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ ইচ্ছা কৰে। মানুহৰ মনত নানা প্ৰশ্নৰ উদয় হয়। এই পৃথিৱীলৈ মানুহ কিয় আহে ? কিয় মানুহৰ মায়া উপজে ? আদি বিভিন্ন প্ৰশ্নই মানুহক আমনি কৰে। মানুহৰ এই চিৰসুন্দৰ ব্যক্তিজনৰ সৈতে একীভূত হোৱাৰ প্ৰৱল তৃষ্ণা যিদিনা অন্ত পৰিব, সিদিনাই মানুহৰ মন পৰমাত্মাৰ লগত মিলি যাব। 
        প্ৰতিজন মানুহৰ যেতিয়া স্বাভাৱিক প্ৰবৃত্তি কামনা-বাসনা লয় পাব, তেতিয়াহে মানুহৰ এই সংসাৰৰ প্ৰতি মোহ ভংগ হ'ব। মানুহে পৰিদৃশ্যমান জগতৰ বৈচিত্ৰ্যতাৰ মাজত অহনিৰ্শে এটা সৃষ্টিৰ শক্তি, এটা দিশৰ শক্তি বিচাৰি চলাথ কৰিছে। যি শক্তিক সৃষ্টিৰ মূল শক্তি হিচাপে চিহ্নিত কৰিব পাৰি।
         কবিয়ে তেখেতৰ কবিতাত ভোগবাদী মানৱৰ মনৰ দাপোনৰ নানা ৰঙৰ ছবি উদ্ভাসিত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰাত সমৰ্থ হৈছে। কবিৰ 'নাটঘৰ' নামৰ কবিতাটোও অতীন্দ্ৰিয় ভাৱধাৰাৰে সংপৃক্ত। এই কবিতাটোতো অতি সুন্দৰ ভাৱে জীৱনৰ পোৱা নোপোৱা আৰু জীৱন মৰীচিকা সম্পৰ্কে বৰ্ণনা পোৱা যায়। কবিয়ে এই কবিতাত এনেদৰে কৈছে -         
            "জীৱন সপোন-স্মৃতি দিঠকৰ মৰীচিকা
                         ছঁয়াময়া ছবি সপোনৰ,
             জীৱনৰ অৱশেষ বিফলতা হা-হুতাহ
                         জোখ-মাখ আপোন-পৰৰ।
              কোন মহাশূণ্য ভেদি আহিছিলো অকলই
                        তাকে বহি ভাবোঁ মনে মনে,
               বিশাল বিশ্বত আহি পাতিছো কিহৰ খেল
                        কিনো পালে মানুহ জীৱনে।"

   সত্যেন্দ্ৰনাথ শৰ্মা দেৱে 'অসমীয়া সাহিত্যৰ ইতিবৃত্ত' গ্ৰন্থত নলিনীবালা দেৱীৰ কবিতাৰ সম্পৰ্কে কৈছে - "আধ্যাত্মিক বেদনাৰ কাৰুণ্যই নলিনীবালা দেৱীৰ কবিতাক নিয়ৰত সিক্ত ফুলৰ দৰে স্নিগ্ধ আৰু ৰমনীয় কৰি তোলিছে। ভাৰতীয় দৰ্শনৰ বেদান্তৰ জন্মান্তৰবাদ, কৰ্মফলবাদ, আৰু ভক্তিবাদে নলিনীবালা দেৱীৰ কবিতাক অধিক ভাৱপুষ্ট কৰিছে।" 
   এই গৰাকী মহান কবি ১৯৭৭ চনৰ ২৪ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰি স্বৰ্গগামী হয়। তেখেতৰ অমূল্য সৃষ্টিৰাজিয়ে মানুহৰ মাজত, সমাজত তেখেতক সদায়ে জীয়াই ৰাখিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
     লেখক - দুদুল সোণোৱাল।
     শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।





🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
   

     

                          
        

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts