Wednesday, December 13, 2023

সানমিহলি | শান্তিৰ পমখেদি | ঘূৰণীয়া চকৰি...

শান্তিৰ পমখেদি

শান্তি ক'ত !
ভোটৰ বাকচত
নে প্ৰজাৰ মনৰ মাজত ?
নে মৰিশালিৰ নিৰৱ নিস্তৱদ্ধতাত ?
চিঞঁৰি গগণ ফলা দূৰভাষৰ সীৰলুৰে
বৈ থকা শান্তিৰ নিজৰাত 
কোলাহল 
তীৰ্থস্থানৰ দুৱাৰৰ ভাজে ভাজে
কোলাহল
শান্তি !
ৰাজদৰবাৰৰ মজিয়াত নিৰৱে চকুলো টোকে
নাঙঠ সময়ৰ মিছিল
অহনিৰ্শে
কান্দে বৌদ্ধৰ বুদ্ধিদ্ৰুম
শান্তি ক'ত !
শান্তি এতিয়া শুই আছে
নিজানে নিতালে 
আততায়ীৰ ভেশেৰে মনৰ নিভৃতকোণত ।

দিনাঙ্ক : ২৪/১০/২০২১
 -- দুদুল সোণোৱাল।

আঘোণৰ দুখ 

এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই
যি দিনত কৃষকে আজুৰি আনিছিল শিকিয়া ভৰাই
মেটমেটীয়া সুৱাগমণি পথাৰৰ বকিয়াইদি ;
ভঁৰাল ভৰে মুঠি মুঠি সোণগুটি
পিতাইৰ সপোন উপচাই ।

এতিয়া পথাৰে কান্দে 
কৃষক ভাইৰ উশাহত হুমনিয়াহ সৰে !

পানীৰ অভাৱত ছন পৰে পথাৰৰ বাকৰি
হাতীৰ উপদ্ৰৱত উছন হয়
পিতাইৰ সোণসেৰীয়া সপোনৰ টঙী

ৰজনী ভেদি মানুহৰ গগণ ফলা চিঞঁৰ
এজাক বৰষুণত এককাল দ 
পানীবোৰ কেতিয়াবা ঢল ঢল কৈ আহে
আৰু ঢাঁহি-মোহি নিয়ে কপালৰ কেঁচা ঘাম 
বালিময় হয় পথাৰৰ চোতাল ।

এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই 
পূৰঠ থোকৰ ভৰত কৃষকক বিলাই দিছিল
নিজস্বতা লখিমী ভৰি পখালি
ভঁৰালৰ ভিতৰখন ভৰিছিল
দিনবোৰ গাভৰু হৈছিল কৃষকৰ ।

এতিয়া পথাৰে কান্দে
নিস্তেজ নিষ্প্ৰভ অৱয়ব
নিজস্বতা হেৰুৱাৰ সহস্ৰ বেদনা ।
দিনবোৰ এনেকৈয়ে যাত্ৰা কৰিব ....
কৃষকৰ কলিজা ভেদি ..।


+++++++++++++++++++++++

মুকুতি পাৰৰ গান

বন্দীত্বৰ তেজে ধোৱা অন্ধকাৰ ক্ষণত আঁহা
আমি মুকুতিৰ অমোঘ মন্ত্ৰ পাঠ কৰো
সোণাৰীৰ শাণত বেহাই আনো
হিৰন্ময়ী জোনাকৰ অলংকাৰ।

ইয়াত চলিছে অভিমন্যু বধৰ ঘৃণিত আখৰা
চৌদিশে অন্যায়ৰ হাতোৰাৰ তৰোৱাল
নি:শ্চিহ্ন কৰিব সিঁহতে পাণ্ডৱৰ সত্যবাদিতা,
ন্যায়ৰ সৱল পিঞ্জৰা।

আঁহা, আমি মুকুতিৰ অমোঘ মন্ত্ৰ পাঠ কৰো
জগাই তোলো নিদ্ৰাৰ পৰা এজন এজনকৈ
ন্যায়ৰ জখলাত আৰোহণ কৰিব'লে 
হয় ! সত্যৰ বাটেৰে অগ্ৰসৰ হ'লে পাম
অসুৰ বধিবৰ এক অপৰিসীম শকতি।

তুমি, মই আৰু আই আমি ৰচিবৰ হ'ল
এটা মুকুতি পাৰৰ অমল গান
আঁহা , আমি বন্দীত্বৰ তেজাল ক্ষণত
বেহাই আনো সোণাৰীৰ শাণত
হিৰণ্ময়ী জোনাকৰ অলংকাৰ।।

বি.দ্ৰ. : কবিতাটো সপ্তম দ্বিবাৰ্ষিক অধিৱেশন, তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সন্থাৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত। 
+++++++++++++++++++++


সংযম

💖💖💖💖💖

সীমা থাকে
সকলোৰে।
মৰম চেনেহ
গালি-গালাজ
কিম্বা ধেমালিৰ ;
বিৰাগে
দি যাব
গধূৰ সময়ৰ
বাৰ্তা ।

তুমি
সংযম হ'লে
আগন্তুক
দিনবোৰত
কুসুম ফুলিব ।
ভটিয়নী
জীৱনত
জোনাকে
হাঁহিব
মনৰ
বাকৰি
উজলাই ।

💖💖💖💖💖💖💖💖💖💖

ভিক্ষাৰী জনীৰ শোঁকত ..


তাই অহা নাই বহু দিন হ'ল

মোৰ পদূলিৰ দুবৰি গছকি তাই আহিছিল

লাখুটিৰ ভৰত থৰক-বৰক খোজেৰে 

শৰীৰত এখনি উৱলি যোৱা মাৰ্কিন চাদৰ আৰু

বিদীৰ্ণ ব্লাঊজ ঘামত চিপচিপিয়া দেহা 

কান্ধত এটা জধলা পুৰণি মোনা। 


তাই আহিছিল মোৰ চোতালৰ এচুকত বহিছিল

আৰু সৰু সৰু নিস্তেজ মাতেৰে চিঞঁৰিছিল-

' ভীক্ষা দিব ধৰম হ'ব' শব্দ বোৰে পকা বেৰত

ঠেকা খাই উভতি আহিছিল নতুবা ভিতৰত

চলি থকা টিভিৰ মাতত তাই মাতটো যতি পৰিছিল ।

পৰিবাৰে দুৱাৰ মেলি চাইছিল বাহিৰলৈ আৰু

একাপ চাউলেৰে বিদায় দিছিল। তাই মুখেৰে গুণগুণাই কৈছিল - 'ধৰম হ'ব মাই' ।


তাই নহা বহু দিন হ'ল এই পথেৰে 

এমুঠি অন্ন ,এখন বস্ত্ৰৰ অভাৱত তাই

হেৰুৱায় পেলাইছিল দেহৰ সৌন্দৰ্যতা , দেহৰ

কমনীয়তা । আচলতে তাইৰ মনত বিলাসীতাৰ 

ভাৱ কেতিয়াবাতেই বিলীন হৈছিল সময়ৰ বুকুত ।

অথচ এদিন তাইৰ দেহাতও পূৰ্ণিমাৰ জোনাকে

বোৱাইছিল কুসুমবুলীয়া জোনাকৰ ঢল

মনত গজি উঠিছিল তাজমহল প্ৰেমৰ গজালি

জীৱন যুঁজৰ একলব্য সাঁথৰ দ্ৰোণাচাৰ্যৰ শিক্ষা।


পুত্ৰ জী জোৱাই সকলো বিদূৰ 

বৃদ্ধাশ্ৰম তাইৰ বাবে বহু দূৰ

তাই অকলশৰীয়া জীৱন যুঁজৰ সাক্ষী 

নিজতেই বিলীন দিন অথবা ৰাতি

এনেকৈ কিদৰেনো জীয়াই থাকিব !

মৃত্যু তাইৰ বাবে মিষ্ট আৰ্শীবাদ

হ'লেও তাইৰ মৃত্যু জিনি জীয়াই থকাৰ হাবিয়াস

জীপাল ধৰণী চুই চোৱাৰ আশা।


জীয়াই থাকিবনে তাই সূৰ্যক সাক্ষী কৰি (?)

এই মৰতত স্বাৰ্থপৰ মানুহৰ ছাঁয়াত

তাই এগৰাকী অসহায়া মানুহ !!


****************************************

  প্ৰত্যাশা : এক নতুন প্ৰভাত ! 


নাই, আমি কেতিয়াও ভবা নাই 

কালে কালে মৃত্যুদূত হৈ আহক ক'ৰণা! 

সকলো মানুহেই উজাগৰী ৰজনী খেপিয়াই খেপিয়াই 

সাবতি লঁওক শোঁকৰ হুমুনিয়াহ ! আমি কেতিয়াও ভবা নাই শেষ হঁওক বিশ্বৰ চৌদিশৰ আলোকময় জয়যাত্ৰা ! 


হে সময় ! অস্হিৰ নহ'বা আমাৰ কাম্যতাৰ বিৰুদ্ধে 

আকৌ জগাই তোলা পৃথিৱীৰ কন্দৰে কন্দৰে

মানুহৰ সিৰাই উপসিৰাই হাঁহি আনন্দ শান্তিৰ

বাতাবৰণ , আকৌ সুযোগ দিয়া ন'কৈ কিশলয়েৰে

আবৃত হঁওক ধৰণীৰ প্ৰতিটো কোণ 

লঠঙা শিৰীষৰ ডালে ডালে মেলক জাঁক জাঁক সেউজীয়াৰ মেলা , প্ৰভাতী পখীৰ গীতৰ সুৰৰ তালে তালে নাচক প্ৰতিটো মোলান পুৱা


এনেকৈ আৰু কিমান দিন চকুলো মোহাৰিম

আমি কেতিয়াও ভবা নাছিলোঁ 

চকুবোৰ 'আৱদ্ধ' হঁওক ,সময়বোৰ আৱদ্ধ হঁওক

ভাৱনাবোৰ আৱদ্ধ হঁওক ঠিক সংখ্যাবোৰৰ দৰে !


হে সময় ! মানুহবোৰ সংখ্যা নহয় নতুবা সংখ্যাবোৰ মানুহ , মানুহ মানুহৰ বাবে এক জাগতিক শক্তি 

যি শক্তি আজি ৰুদ্ধ 

যি শক্তি আজি আৱদ্ধ 

তোমাৰ শীতল কোলাত তোমাৰেই বিনাশতাত

শেষ হৈছে শত সহস্ৰ ৰৌদ্ৰুজল পুৱা 


হে সময় ! আকৌ এবাৰ আৰম্ভ কৰা সময়সূচী

বিপদ বিঘ্নিত কৰি পোখা মেলিব দিয়া

নতু

ন সময়ৰ নতুন সম্ভাৱনা ।।


💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜























Friday, December 8, 2023

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য: চমু আলোকপাত। Old Assamese poetry and its features: a brief overview.

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য: চমু আলোকপাত। Old Assamese poetry and its features: a brief overview.

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
কবিতা হৈছে সাহিত্যৰ এক অবিচ্ছেদ্য অংগ। প্ৰাচীন কালৰ সাহিত্যত 'কবিতা' শব্দটো অতি পৰিচিত নাছিল। ইয়াৰ সলনি পদবন্ধ আৰু কাব্য বুলিহে নামাকৰণ কৰা হৈছিল। পদবন্ধ হ'ল নিৰ্দিষ্ট ছন্দোবদ্ধ কবিতা। ছন্দৰ ব্যৱহাৰ অসমীয়া কবিতাৰ প্ৰধান বৈশিষ্ট্য আছিল। তদুপৰি পুৰণি কবিতা সমূহত পদ, দুলড়ী, ছবি,লেচাৰি, ঝুমুৰি,ঝুনা আদি ছন্দসজ্জা আছিল। সেয়ে পুৰণি কবিতাৰ সৌন্দৰ্য আৰু পঢ়াৰ মজাই বেলেগ আছিল। যিবিলাক সততে আধুনিক কবিতাত কম দেখা যায়। 

    পুৰণি অসমীয়া কবিতা বুলিলে প্ৰাক শংকৰী যুগৰ পৰা শংকৰী যুগলৈ বিয়পা কবিতা সমূহৰ সম্পৰ্কে বুজা যায়। বিশেষকৈ হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী ,মাধৱ কন্দলী, শংকৰদেৱ আৰু মাধৱদেৱ আদি কবি সকল আছিল এই যুগৰ কবি। গতিকে ক'ব পাৰি 'প্ৰাক বৈষ্ণৱ যুগৰ পৰা উত্তৰ বৈষ্ণৱ যুগলৈকে অথবা বৃটিছৰ আগমনৰ আগলৈকে হোৱা যিখিনি কবিতাৰ বিষয়বস্তু মহাকাব্য,পুৰাণ আদিৰ পৰা সংগ্ৰহ কৰা আৰু ছন্দ অলংকাৰ ভাষা আদি সুকীয়া কাব্যিক বৈশিষ্ট্যৰে মহিমামণ্ডিত হৈছিল সেইখিনি কবিতাকে পুৰণি কবিতা বোলা হয়।'


পুৰণি অসমীয়া কবিতাসমূহৰ কিছুমান বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। অসমীয়া কবিতাবোৰৰ কেইটামান বৈশিষ্ট্য এনেধৰণৰ-- ১) ৰাজপৃষ্ঠপোষকতা,২) অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত, ৩) ছন্দোবদ্ধ,৪) অলংকাৰ যুক্ত, ৫) ৰস সমৃদ্ধ, ৬) ভাষাৰ প্ৰয়োভৰ। এইবিলাক বৈশিষ্ট্যৰ বিশদভাৱে বিৱৰণ আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ।

১) ৰাজপৃষ্ঠপোষকতা : পুৰণি অসমীয়া কবিতাসমূহৰ কবিসকলে ৰজাৰ অনুপ্ৰেৰণাত কবিতা ৰচনা কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত ৰজা মহাৰজা সকলৰ নিৰ্দেশত কবি সকলে কবিতা ৰচনা কৰিছিল বুলি তেওঁলোকে ৰচনা কৰা কবিতা সমূহৰ পৰাই গম পোৱা যায়। প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ নিৰ্দেশ মৰ্মে তথা ৰজাৰ উৎসাহত কবিতা ৰচনা কৰিছিল। একেদৰে কবিৰত্ন সৰস্বতীয়ে 'জয়দ্ৰথ বধ' ৰচনা কৰিছিল দুৰ্লভ নাৰায়ণৰ নিৰ্দেশত আৰু ৰুদ্ৰ কন্দলীয়ে 'সাত্যিকি প্ৰৱেশ' ৰচনা কৰিছিল তাম্ৰধ্বজ সিংহ ৰজাৰ নিৰ্দেশ আৰু উৎসাহত। একেদৰে শ্ৰীমন্ত শঙ্কৰদেৱে কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ ৰাজপৃষ্ঠপোষকতাত কবিতা ৰচনা কৰিবলৈ উৎসাহিত হৈছিল বুলি ইতিহাসে কয়।

২) অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত : পুৰণি অসমীয়া কবিতাসমূহ অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত হৈছিল। ৰামায়ণ মহাভাৰত পুৰাণ ভাগৱত আদিৰপৰা কবিতাৰ বিষয়বস্তু সংগ্ৰহ কৰিছিল। প্ৰাক বৈষ্ণৱ যুগৰ সময়ছোৱাত ইয়াৰ প্ৰভাৱ বেছি আছিল বুলি জনা যায়। উদাহৰণ স্বৰূপে মাধৱ কন্দলীয়ে 'বাল্মীকিৰ ৰামায়ণ'ৰ সপ্তকাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। একেদৰে শ্ৰীমন্ত শঙ্কৰদেৱেও বাল্মীকি ৰামায়ণৰ উত্তৰাকাণ্ড অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে।

৩) ছন্দোবদ্ধ : পুৰণি অসমীয়া কবিতাসমূহৰ ঘাই চকুত পৰা বৈশিষ্ট্য হৈছে - ছন্দৰ ব্যৱহাৰ। পুৰণি অসমীয়া কবিতাসমূহত প্ৰধানকৈ পদ, দুলড়ী, ছবি, লেচাৰি ঝুমুৰি, ঝুনা আদি ছন্দৰ প্ৰয়োগ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এনে ছন্দ ব্যৱহাৰৰ ফলত পুৰণি কবিতা সমূহত সৌন্দৰ্য আৰু পঢ়াৰ সুচলতাৰ সৃষ্টি হৈছিল। অৰ্থাৎ পঢ়িবলৈ অত্যন্ত ভাল হৈ পৰিছিল। 

৪) অলংকাৰ যুক্ত : পুৰণি কবিতা সমূহত শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ প্ৰয়োগ অতি উল্লেখনীয়। কবিতাৰ ভাৱ আৰু গ্ৰহণযোগ্য কৰি তুলিবলৈ কবিতাত অলংকাৰৰ অতি প্ৰয়োজন আছে। শব্দালংকাৰ আৰু অৰ্থালংকাৰে কাব্যক স্পষ্ট আৰু প্ৰভাৱশালী কৰাৰ লগতে ৰমণীয় কৰি তোলাত সহায় কৰে। পুৰণি অসমীয়া কবিতাসমূহৰ ক্ষেত্ৰত প্ৰধানকৈ উপমা,অনুপ্ৰাস, নিৰ্দেশনা,সমাসোক্তি আদি বিভিন্ন অলংকাৰৰ সমাৱেশ ঘটিছে। মাধৱ কন্দলীৰ বাল্মীকিৰ ৰামায়ণত ইয়াৰ প্ৰভাৱ সুস্পষ্ট ৰূপত পৰিলক্ষিত হয়।

৫) ৰস সমৃদ্ধ : উল্লেখ্য যে পুৰণি অসমীয়া কবিতা সমূহৰ আন এটা ঘাই বৈশিষ্ট্য হৈছে ৰস সমৃদ্ধ বা ৰস সৃষ্টি। অৱশ্যে কবিতাৰ নামমাত্ৰে ৰসৰ সমাৱেশৰ প্ৰয়োজন। ৰসৰ সমাৱেশৰ ফলত কবিতাৰ কাব্যিক সৌন্দৰ্য বৃদ্ধি ঘটে। আৰু কাব্যিক সৌন্দৰ্য বৃদ্ধি হলেহে কবিতা পঠণীয় আৰু জনপ্ৰিয় হৈ উঠে। গতিকে ৰস কবিতাৰ এটা গুৰুত্বপূৰ্ণ অংগ। পুৰণি অসমীয়া কবিতাসমূহৰ ক্ষেত্ৰত কবিসকলে ৰসকেই কবিতাৰ আত্মা হিচাপে গণ্য কৰিছিল। পুৰণি অসমীয়া কবিতাসমূহত প্ৰধানকৈ শৃংগাৰ ৰস, বীৰ ৰস, হাস্য ৰস, কৰুণ ৰস, শান্ত ৰস, ৰৌদ্ৰ ৰস, বীভৎস ৰস আদি ৰসৰ সমাৱেশ ঘটিছে। 


৬) ভাষাৰ প্ৰয়োভৰ : পুৰণি অসমীয়া কবিতাসমূহত পৰিলক্ষিত হোৱা আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে - ভাষাৰ প্ৰয়োভৰ। দেখা যায় যে পুৰণি অসমীয়া কবিতাসমূহত অসমীয়া ভাষাৰ পৌৰাণিক ৰূপৰ প্ৰতিফলিত হৈছে। আনহাতে অসমীয়া ভাষাৰ প্ৰাচীন ৰূপক কাব্যৰ মাধ্যমেৰে সংৰক্ষিত কৰা বুলিও ক'ব পাৰি। বিশেষকৈ মাধৱ কন্দলীৰ কবিতা 'ৰামায়ণ'ত বিভক্তি , কাল, বহুবচনাত্মক প্ৰত্যয়, তৎসম, তৎদ্ভৱ, অৰ্দ্ধ তৎসম,দেশী বিদেশী শব্দৰ প্ৰয়োগ আদিৰ সমাৱেশ ঘটিছে। একেদৰে শ্ৰীমন্ত শংকৰদেৱৰ আৰু শ্ৰীমন্ত মাধৱদেৱৰ ৰচনা বৰগীত সমূহতো ব্ৰজাৱলী ভাষা আৰু প্ৰাচীন অসমীয়া ৰূপ উভয়ে সংৰক্ষিত হৈছে। 

গতিকে ক'ব পাৰি পুৰণি অসমীয়া কবিতাসমূহ নিজ নিজ বৈশিষ্ট্যৰে মহিমামণ্ডিত আছিল। অসমৰ এজন উল্লেখযোগ্য কবি তথা সাহিত্যক হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাৰাজীলৈ চকু ফুৰালে স্পষ্টকৈ কবিতা সমূহৰ বৈশিষ্ট্যৰ বিষয়ে বুজিব পৰা যায়। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা হ'ল অসমৰ বৈষ্ণৱ সাহিত্যৰ এখন অনুপম তথা মূল্যৱান গ্ৰন্থ হিচাপে বিবেচিত। কীৰ্তন ঘোষা এনে এখন গ্ৰন্থ য'ত ভক্তিৰ প্ৰকাৰ, ভক্তৰ লক্ষণ, ভগৱানৰ মহিমা আৰু কৰুণা, বেদান্ত দৰ্শন, আদি বিভিন্ন তত্ত্ব ব্যাখ্যা হৈছে। আনকি এই কবিতাবোৰত বিভিন্ন ৰসৰো সমাৱেশ ঘটিছে। বিশেষকৈ ছন্দ, অলংকাৰ, ৰস আদি প্ৰয়োগৰ ফলত শংকৰদেৱৰ দ্বাৰা ৰচিত কবিতাবোৰ অতি মনোগ্ৰাহী হৈ উঠিছে।

            -------------------------------------------

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।



💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜


Wednesday, November 22, 2023

শিশুৰ চৰিত্ৰ গঠনত প্ৰবৃত্তিৰ প্ৰভাৱ - চমু আলোকপাত। Effect of instincts on child character formation - brief overview.

শিশুৰ চৰিত্ৰ গঠনত প্ৰবৃত্তিৰ প্ৰভাৱ - চমু আলোকপাত। Effect of instincts on child character formation - brief overview.

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

প্ৰবৃত্তিৰ ইংৰাজী প্ৰতিশব্দ হৈছে instinct । এই শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি। লেটিন ভাষাৰ instinctus শব্দৰ পৰা আহিছে বুলি জনা যায়। instinctus শব্দই উচতাই দিয়া বা উৎসাহ দিয়া কাৰ্যক বুজায়। যিহেতু জন্মগত প্ৰবৃত্তিয়ে মানুহক বিভিন্ন কাম কৰিবৰ বাবে উদ্গনি বা উৎসাহ যোগাই। গতিকে প্ৰবৃত্তি হ'ল জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্ম প্ৰৱনতা। উদাহৰণস্বৰূপে আমি দেখি আহিছোঁ যে শিশুৱে কান্দে আৰু খেলে, মানুহে হাঁহে আৰু কান্দে, মাকে সন্তানক মৰম কৰে, চৰায়ে বাহ সাজে, কুকুৰে ভুকে, মেকুৰীয়ে নিগনি ধৰে... ইত্যাদি কাৰ্যবোৰ প্ৰতিটো জীৱৰ দেহ-মনত নিহিত থকা একোটা স্ব-কাৰ্য বা সহজাত কাৰ্য। এইবোৰকে জীৱৰ প্ৰবৃত্তি বোলা হয়।

    শিক্ষাবিদ সকলে প্ৰবৃত্তি সম্পৰ্কে বিভিন্ন মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। পশ্চিমীয়া শিক্ষাবিদ মেকডুগেলৰ মতে,"সহজাত প্ৰবৃত্তি হ'ল উত্তৰাধিকাৰীক ই কোনো বিশেষ শ্ৰেণীভূক্ত বস্তু প্ৰত্যক্ষ কৰিবলৈ বা তাত মনোযোগ দিবলৈ, সেই বস্তুটো প্ৰত্যক্ষ কৰাৰ পিছত কোনো বিশেষ প্ৰবৃত্তিৰ আৱেগ অনুভৱ কৰিবলৈ আৰু সেই বস্তু সম্পৰ্কে বিশেষ পদ্ধতিৰে কাম কৰাৰ প্ৰেৰণা অনুভৱ কৰিবলৈ বাধ্য কৰে।" গতিকে কোৱা হয় প্ৰবৃত্তি হ'ল জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্ম প্ৰৱনতা। 
    এগৰাকী মাতৃয়ে সন্তানক স্বাভাবিকতে অপত্য স্নেহৰ বান্ধোনেৰে সদায় বান্ধি ৰাখে। শিশুৱে স্বাভাৱিক প্ৰৱনতাৰ বাবে খেলি ভাল পায়। কিন্তু এই কাম শিক্ষাৰ ফল নহয়। ইয়াক অভিজ্ঞতাৰ জৰিয়তেও আহৰণ কৰিব পাৰি নে ? নিশ্চয় নোৱাৰি। প্ৰকৃততে এইবোৰ হৈছে জন্মগত ভাৱে লাভ কৰা মানুহৰ দেহত নিহিত থকা কিছুমান বিশেষ উপাদান। যাক মানুহৰ জন্মগত প্ৰেৰণা বা সহজাত প্ৰবৃত্তি বুলি আখ্যা দিব পৰা যায়।
      শিশুৰ সহজাত প্ৰবৃত্তিৰ উন্নীতকৰণৰ সহায়ত শিশুক পাপ, অবিচাৰ,অন্যায়, দুৰ্ণীতি আদি নকৰিবলৈ উৎসাহ যোগাব পাৰে। কাৰণ কেতিয়াবা এনে সহজাত প্ৰবৃত্তিয়ে শিশুক বিপথে পৰিচালিত কৰাও পৰিলক্ষিত হয়। গতিকে প্ৰবৃত্তিক অবাঞ্চিত বেয়া কাৰ্যৰ পৰা আঁতৰাই আনিবলৈ কৰা পৰিচালনাকে প্ৰবৃত্তিৰ বিশুদ্ধিকৰণ বা উন্নীতকৰণ বোলা হয়। মানুহক প্ৰবৃত্তি প্ৰকাশৰ কাৰণে কোনো লোকে বাধা দিব নোৱাৰে।সেয়ে সিহঁতক এটা উন্নত দিশত প্ৰবৃত্তি প্ৰকাশৰ সুবিধা দিব পাৰিলেহে ব্যক্তিৰ বা শিশুৰ চৰিত্ৰৰ উন্নতি সাধনত সম্ভৱ হৈ উঠিব।
    শিক্ষানুষ্ঠানৰ গণ্ডীৰত শিশুৰ প্ৰবৃত্তিৰ উন্নীতকৰণ: শিশুৰ প্ৰবৃত্তিৰ সৈতে শিক্ষানুষ্ঠান সমূহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। গতিকে এইক্ষেত্ৰত শিক্ষানুষ্ঠানৰ যথেষ্ট কৰণীয় আছে। প্ৰত্যেকজন শিশুৰে জন্মগত কিছুমান প্ৰবৃত্তি আছে। এই প্ৰবৃত্তিবোৰৰ ভিতৰত ভাল আৰু বেয়া দুয়োবিধেই থাকিব পাৰে। ভাল প্ৰবৃত্তিয়ে ল'ৰাজনক ভাল দিশলৈ নিয়ে আৰু বেয়া প্ৰবৃত্তিয়ে ল'ৰাজনক বেয়া দিশলৈ নিয়ে। সেয়ে শিশুৰ প্ৰবৃত্তিৰ সংশোধন বা উন্নীতকৰণৰ প্ৰয়োজন আছে। শি
শিক্ষানুষ্ঠানত প্ৰবৃত্তিৰ সংশোধন আৰু উন্নীতকৰণত শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰশাসকসকলে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। লগতে অভিভাৱক সকলেও প্ৰবৃত্তিৰ উন্নীতকৰণত ঘৰত বিশেষ ভূমিকা ল'ব পাৰে। শিক্ষানুষ্ঠানত প্ৰবৃত্তিৰ উন্নয়নৰ অৰ্থে লবলগীয়া কেইটামান সম্ভাব্য ব্যৱস্থাৰ সংক্ষেপে আলোচনা কৰা হ'ল।-

(ক) যৌথ প্ৰবৃত্তিৰ প্ৰতি আকৃষ্ট কৰোৱা: 
যৌথ প্ৰবৃত্তিৰ সহায়ত অপৈনত অসামাজিক শিশুৱে এটা সময়ত সামাজিক দক্ষতা লাভ কৰে। দলীয় আনুগত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰে। সেয়ে শিশুক নানা সামাজিক কাৰ্যসূচী যেনে - গাওঁৰক্ষী বাহিনী, নগৰৰক্ষী বাহিনী , স্বেচ্ছাসেৱী বাহিনী, স্কাউট এণ্ড গাইড আদিৰ দৰে অনুষ্ঠানৰ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে।
(খ) যুঁজ প্ৰবৃত্তিৰ সৈতে পৰিচয় কৰোৱা: 
যুঁজ প্ৰবৃত্তিৰ তাড়নাত শিশুৱে অন্য শিশুৰ লগত হাই কাজিয়া আৰু মাৰপিত আদিত লিপ্ত হয়। এই প্ৰবৃত্তিক সৎপথেৰে পৰিচালিত কৰিবলৈ শিক্ষানুষ্ঠানত মুষ্টিযুদ্ধ (wrestling), পাঞ্জা খেল, কুংফু (kung-fu), ক্যেৰাটে (Karate ) আদিৰ দৰে খেলাৰ সংযোজন কৰিব লাগে। ইয়ে ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা তথা সুপ্ত শক্তিক কামত লগোৱাৰ অৱকাশ দিব।
(গ)পুথিভঁৰাল, সংগ্ৰহালয়,কৰ্মশালা আদিৰ সু-ব্যৱস্থা: 
প্ৰতিখন বিদ্যালয়তে শিক্ষাৰ্থীৰ কৌতূহল প্ৰবৃত্তিৰ উন্নতি ঘটাবলৈ পুথিভঁৰাল সংগ্ৰহালয় কৰ্মশালা,যাদুঘৰ আদিৰ সু-ব্যৱস্থা কৰিব লাগে।
(ঘ) কলাসন্মত কামৰ সৈতে জড়িত কৰোৱা: 
বিভিন্ন কলাসন্মত কাম-কাজৰ জৰিয়তে শিশুৰ সৃষ্টিশীলতাৰ প্ৰবৃত্তি বা সংগঠন মানসিকতাৰ উন্নতি সাধন কৰিব পাৰি। ইয়াৰ বাবে কোনো বস্তু সজা বা গঢ় দিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধিও ঘটাব পাৰি। সেই বাবে কাগজ, কাপোৰ, কাঠৰ টুকুৰা, বালিমাটি আদিৰ জৰিয়তে নানা বস্তু সজা কামবোৰ কৰিবলৈ বিদ্যালয়ত সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
(ঙ) পুৰণি সামগ্ৰী সংগ্ৰহ আৰু সংৰক্ষণ:
পুৰণি সামগ্ৰী সংগ্ৰহ কৰি সংৰক্ষণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিব লাগে। অভিভাৱক সকলেও এই ক্ষেত্ৰত সন্তানক প্ৰেৰণা যোগাব পাৰে। পুৰণি ডাক টিকট, মুদ্ৰা, বিভিন্ন চিত্ৰ, বিভিন্ন পুথি বা গ্ৰন্থ আদি সংগ্ৰহ কৰি সংৰক্ষণ কৰিবলৈ উৎসাহ যোগাব লাগে আৰু সিহঁতক প্ৰয়োজনীয় সা-সুবিধা যোগান ধৰিব লাগে। তেতিয়া তেওঁলোকৰ সংগ্ৰহ কৰাৰ প্ৰবৃত্তিক এক গঠনমূলক পথেৰে পৰিচালিত কৰিব পৰা যাব।
(চ) যৌন প্ৰবৃত্তিৰ নিয়ন্ত্ৰণ:
যৌন প্ৰবৃত্তি হৈছে কৈশোৰ কালৰ এক ভয়ংকৰ শক্তিশালী প্ৰবৃত্তি । এই প্ৰবৃত্তিক সৎপথেৰে পৰিচালিত কৰিব নোৱাৰিলে সমাজত যে অবাঞ্চিত ঘটনা ঘটিব সেয়া সকলোৰে বিদিত। সেয়ে এই প্ৰবৃত্তিক সুস্থ আৰু, সৎপথেৰে পৰিচালিত হ'বলৈ যৌনমূলক শিক্ষাৰ প্ৰৱৰ্তন বা ব্যৱস্থা কৰা অতিশয় প্ৰয়োজন।
(ছ) আত্ম প্ৰতিষ্ঠাৰ প্ৰবৃত্তিৰ বিকাশ সাধন: 
এই প্ৰবৃত্তি নিয়ন্ত্ৰণৰ জৰিয়তে শিশুৰ বিকাশমুখী চৰিত্ৰক বাঞ্চিত ৰূপ দিব পাৰি। বিদ্যালয়ৰ আওতাত সকলো ছাত্ৰ ছাত্ৰীৰ মাজত অ-বিদ্যায়তনিক কাৰ্যসূচী যেনে - খেলা-ধূলা, গান-বাজনা, সাহিত্য প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আদিৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিজৰ শক্তি আৰু যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সুযোগ-সুবিধা প্ৰদান কৰিব লাগে। তেতিয়া ইয়াৰ জৰিয়তে সামাজিক স্বীকৃতি লাভ কৰি তেওঁলোকে আত্ম সন্তুষ্টি লাভ কৰিব আৰু এনেকৈয়ে আত্ম প্ৰতিষ্ঠাৰ প্ৰবৃত্তিৰ বিকাশ সাধন হ'ব।
(জ) যৌন প্ৰবৃত্তিৰ শক্তিশালীকৰণ:
শিশুৰ যৌন প্ৰবৃত্তিৰ শক্তিশালী কৰিবলৈ খেলা-ধূলাত উৎসাহিত কৰিব লাগে। ইয়াৰ বাবে সংহতি শিবিৰ, কৰ্মশালা, সমাজ সেৱা আঁচনি, স্কাউট এণ্ড গাইড, স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্বৰ শিক্ষা আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব লাগিব। তেতিয়াহে যৌন প্ৰবৃত্তিৰ সৎপ্ৰয়োগ হ'ব।

প্ৰবৃত্তি প্ৰতিজন ব্যক্তিৰ জন্মগত এক দৈহিক উপাদান। প্ৰতিজন ব্যক্তিয়ে প্ৰবৃত্তি অনুসৰি কাম কৰি ভাল পাই। কিন্তু কেতিয়াবা এই প্ৰবৃত্তিৰ উদ্দেশ্য অসৎ হোৱাও পৰিলক্ষিত হয়, তেতিয়া ব্যক্তিজনৰ বাবে সেই প্ৰবৃত্তিয়ে ঘোৰ অমানিশি কঢ়িয়াই আনে। তেনেধৰণৰ ঘটনা সমাজত বহু সংঘটিত হৈছে, যাক প্ৰবৃত্তিৰ কু-ফল বুলি অভিহিত কৰিব পাৰি। গতিকে মানুহৰ মাজত নিহিত থকা এনে ভয়ংকৰ প্ৰবৃত্তিসমূহ সময় থাকোঁতেই চিনাক্ত কৰাৰ ব্যৱস্থা কৰিব পাৰিলে শিশুজনৰ বাবে অতি মঙ্গল। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷


Friday, November 10, 2023

মোৰ মনৰ কথা। It's in my mind.

মোৰ মনৰ কথা। It's in my mind. মোৰ মনৰ কথা। IT'S IN MY MIND.


   ব্লগত প্ৰৱন্ধ-পাতি লিখাৰ বাবে বহুতে এটা কথাই সুধে -"সময় ক'ত পাই প্ৰৱন্ধ লিখিবলৈ। কেনেকৈ লিখে আৰু কৰ পৰা তথ্যপাতি পায়?" উত্তৰত মই ক'ব খোজোঁ যে প্ৰৱন্ধ লিখাটো যিমান টান বুলি ভবা হয় প্ৰকৃততে সি সিমান টান নহয়। প্ৰৱন্ধ এটা যুগুতাবলৈ লাগে মাথোঁ ধৈৰ্য আৰু একাগ্ৰতা। বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি অধ্যয়ন কৰিব লাগে। অধ্যয়নৰ বাবে উপযোগী হোৱাকৈ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি বিষয়বস্তুক উপ ভাগত বিভক্ত কৰি ল'লে সুবিধা হয়। যি কি নহওঁক, ইয়াৰ সম্পৰ্কে বাৰু কিছু পৰৱৰ্তী অংশত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হ'ব।

    আধুনিক যুগত মোবাইল ফোন, দূৰদৰ্শন, বাতৰি কাকত, বিভিন্ন আলোচনী আদি আমাৰ সমাজত সুলভ পৰিমাণে পোৱা যায়। এই মাধ্যম বিলাকৰ জৰিয়তে আমি আমাৰ প্ৰয়োজনীয় তথ্যপাতি এটা প্ৰৱন্ধৰ বাবে সহজে সংগ্ৰহ কৰিব পাৰোঁ। অধ্যয়নপুষ্ট মন থাকিলে সকলোতে তথ্য পাব পাৰি। প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াই এদিনতে নিশ্চয় এজন সাহিত্যিক হ'ব পৰা নাছিল। 'এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি,ভৰি গ'ল বহল সাগৰ.. ' বোলাৰ দৰে হোমেন বৰগোহাঞি দেৱেও এখোপ এখোপ কৰি আগবাঢ়ি নিজক সাহিত্যিক হিচাপে গঢ় দিবলৈ সক্ষম হৈছিল নিশ্চয়। তেখেতে কিমান অধ্যয়ন কৰে, কিদৰে লিখাৰ তপস্যাত নিমগ্ন হয় সেই সম্পৰ্কে প্ৰজ্ঞাৰ সাধনা আৰু উচ্চাকাংক্ষা নামৰ গ্ৰন্থৰ জৰিয়তে বহু কথা বুজিব পাৰি।

      হিতেশ ডেকাই আমাক দি গৈছে জীৱন সংসাৰৰ সুন্দৰ বাৰ্তা। তেওঁৰ দ্বাৰা ৰচিত এয়েতো জীৱন, আজিৰ মানুহ, আচল মানুহ, ভাৰাঘৰ, গাৱৰ মানুহ আদি সমাজৰ বাবে একোখন অতি মূল্যৱান গ্ৰন্থ। তেখেতে এই গ্ৰন্থবোৰ ৰচনা কৰিবলৈ এদিনতে পৰা নাছিল নিশ্চয়। মাহ বছৰ জুৰি সংসাৰৰ সম্পৰ্কে কৰিবলগীয়া হৈছিল অধ্যয়ন। অভিজ্ঞতা আৰু জ্ঞানৰ সংমিশ্ৰণৰ ফলত জন্ম হয় একোটা নতুন চিন্তাধাৰা ।  নতুন চিন্তাধাৰাই সৃষ্টি কৰে একোটা প্ৰৱন্ধ বা এটা গল্প বা এখন উপন্যাস। ঠিক একেদৰে হিতেশ ডেকাৰ ক্ষেত্ৰতো সদৃশ ঘটনাই ঘটিছিল নিশ্চয় আৰু জন্ম হৈছিল মূল্যৱান গ্ৰন্থৰ।

  কেইদিনমানৰ আগতে এজন বন্ধুৱে কৈছিল, "তুমি প্ৰৱন্ধ লিখাৰ একমাত্ৰ কাৰণ হ'ল মনত অহা হতাশা ভাৱ নেকি ?" প্ৰত্যুত্তৰত কলো, এয়া শুদ্ধ নহয়। কাৰণ প্ৰৱন্ধ এটা এনে বিষয় যত থাকিব লাগে - চিন্তা, বুদ্ধি, বিবেচনা আৰু সমালোচনা। ইহঁতৰ সংমিশ্ৰিত ৰুপেই হ'ল প্ৰৱন্ধ। গতিকে ইয়াত হতাশা আৰু নিৰাশা আদিৰ দৰে নেতিবাচক মনোভাবৰ স্থান নাই। তথ্যপাতি হ'ব লাগে সত্য আৰু বাস্তৱ ভিত্তিক। সত্যৰ ওপৰত প্ৰতিষ্ঠিত লেখা এটাই প্ৰবন্ধৰ আকাৰ পৰিগ্ৰহ কৰিব পাৰে। 

     ড° ভূপেন হাজৰিকাৰ বিষয়ে নকলেও তেখেতৰ বিষয়ে মানুহে যৎকিঞ্চিত হ'লেও জ্ঞাত। তেখেত আমাৰ পাথেয়। তেখেত আমাৰ অগ্ৰদূত। বহু অধ্যৱসায় , ধৈৰ্য, একাগ্ৰতা আৰু চৰম ইচ্ছাৰ জৰিয়তে তেওঁ আমাক দি গৈছে মানুহ হোৱাৰ পথ নিৰ্দেশনা। গীতৰে, সুৰেৰে মানুহক মানুহ হোৱাৰ পাঠ দি গৈছে। যি পাঠৰ মাজত তেওঁক আমাৰ কাষতে পাওঁ। মানুহে মানুহৰ বাবে চিন্তা কৰাৰ অৱকাশ বিচাৰিবলৈ শিকাই গৈছে তেৱেঁই। ভূপেন হাজৰিকা কেৱল এটা নাম নহয়, তেওঁ হৈছে এটা অনুষ্ঠান সদৃশ। অগাধ শ্ৰদ্ধা আৰু অনুৰাগৰ বাবেই শ্ৰোতাৰ মাজত তথা সমাজৰ মাজত আজিও জীয়াই আছে তেখেতৰ কীৰ্তি। নিশ্চয় তেখেতেও এদিনতে নামজ্বলা গায়ক হিচাপে পৰিগণিত হোৱা নাছিল। ইয়াৰ বাবে নিজকে তেওঁ বহু ত্যাগ কৰিবলগীয়া হৈছিল। সময়ক মূল্য দিব লগা হৈছিল। নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ থকাটো বৰ সহজ কথা নহয়। কিন্তু চেষ্টাৰ অসাধ্য একো নাই। সৎচেষ্টা আৰু সদিচ্ছাৰ বলত মানুহে অসাধ্যক সাধন কৰিব পাৰি। কেৱল এইবোৰ আমাৰ বাবে একোটা জীয়া নিদৰ্শন।

   ড° এপিজে আব্দুল কালামৰ নাম নজনা মানুহৰ সংখ্যা তেনেই তাকৰ। তেওঁ এজন সাধক। মানুহক নতুন স্বপ্ন দেখুওৱাব পৰা এজন ব্যক্তি। স্বপ্নদ্ৰষ্টা। মহান বিজ্ঞানীজনে কৈছিল," সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাত তুমি শুদ্ধ গল্পটোহে পাবা । ব্যৰ্থতাৰ গল্প পঢ়া, তাৰ পৰা সফল হোৱাৰ কিছু উপায় পাবা।" পণ্ডিত বিজ্ঞানী গৰাকীৰ মন্তব্য অতি সাৰুৱা আৰু উপযোগী আছিল।সঁচাই কোনো এটা কামত সফলতা লাভ কৰিবলৈ হলে আমি সফলতাৰ কাৰণৰ পৰিৱৰ্তে বিফলতাৰ কাৰণসমূহ পৰ্যালোচনা কৰা অতি প্ৰয়োজন। অৰ্থাৎ বিফলতাই হৈছে সফলতাৰ মাপকাঠি। আকৌ আন এটা মন্তব্যত কৈছে - "মানুহে তাৰ ভৱিষ্যতটোক পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।" একেবাৰে সত্য কথা যে মানুহে কেতিয়াও নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে। কিন্তু অভ্যাস পৰিৱৰ্তন কৰি নিজৰ জীৱনৰ ভৱিষ্যত সলাব পৰা যায়। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে তেওঁৰ ভৱিষ্যত কি হ'ব বা ইয়াক কেনেকৈ সলাব পৰা যায়, তেনেকৈ চিন্তা কৰি হাত সাবতি বহি থাকিলে কোনো কালে ভৱিষ্যত গঢ় দিব নোৱাৰে। তাতকৈ কষ্ট কৰি নিজৰ জীৱনৰ পথ সলনি কৰিবলৈ চেষ্টা কৰা উচিত। পৰিশ্ৰম হ'ল মানুহৰ উদগতিৰ মূল। গতিকে পৰিশ্ৰমে মানুহক উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি যোগায়। ঠিক সেইদৰে ব্যক্তি এজনে পৰিশ্ৰম কৰি আগবাঢ়িলে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হয়।

    আকৌ আমাৰ সপোন পূৰ্ণ হওঁক অথবা নহওঁক কোনো কথা নাই। আমি সপোন দেখা উচিত। কিন্তু সপোন কেৱল শুই শুই দেখা অনুচিত। সপোন সেইটোহে হ'ব লাগে যিয়ে তোমাক শুবলৈ আহৰি নিদিয়ে। গতিকে ড° এ পি জে আব্দুল কালামৰ দৰে কও যে প্ৰৱন্ধ এটা যুগুতাবলৈ বৰ কঠিন নহয়। আমাক লাগে কেৱল এটা আশুসুধীয়া প্ৰচেষ্টাৰ মন, যিয়ে আমাক ঈস্পিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক :  দুদুল সোণোৱাল।



🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹


    



     

    


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Monday, November 6, 2023

উদ্ভৱকালৰ অসমীয়া নাটকৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

উদ্ভৱকালৰ অসমীয়া নাটকৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

🖊️উদ্ভৱকালৰ অসমীয়া নাটক বুলিলে অতি প্ৰাচীন কালৰে পৰা অসমত চলি অহা নাট্যধৰ্মী অনুষ্ঠান সমূহৰ সম্পৰ্কে বুজা যায়। এনে নাট্যধৰ্মী অনুষ্ঠান সমূহক লোকনাট্য হিচাপে গণ্য কৰা হয় আৰু ই পঞ্চদশ শতিকাৰ আগৰে পৰা চলি আহিছিল। নৃত্য-গীত প্ৰধান লোকনাট্য অনুষ্ঠানৰ ভিতৰত ঘাইকৈ পুতলা নাচ, ভাওনা, ঢুলীয়াৰ ভাও,খুলীয়াৰ ভাও, ওজাপালি, কুশান গান, ভাৰীগান আদিয়েই প্ৰধান।


🖊️বিস্তৃত বৰ্ণনা: 
    পুতলা নাচ: পুতলা নাচ বা ভাওনা একাদশ শতিকাৰ পৰাই অসমত প্ৰচলন আছিল বুলি 'কালিকা পুৰাণ'ৰ পৰা জনা যায়। উল্লেখ্য যে পুতলা নাচৰ একোটা দলত চাৰিৰ পৰা পাঁচজনকৈ মানুহ থাকে। ইয়াৰে এজনক ওজা বা সূত্ৰধাৰ বোলে। এজন বায়ন আৰু বাকীকেইজনক পালি বোলা হয়। পুতলা নাচ ৰামায়ণৰ কাহিনীৰ আধাৰত মঞ্চস্থ কৰা হয়। 
   ঢুলীয়াৰ ভাও: ঢুলীয়াৰ ভাও লোকনাট্যৰ এটা গুৰুত্বপূৰ্ণ অংগ।ঢুলীয়াৰ দলত চাৰি-পাঁচজনৰ পৰা কুৰিজনলৈকে মানুহ থাকে। সাধাৰণতে বিয়া বাৰু বা ৰাজহুৱা অনুষ্ঠানত ঢুলীয়া সকলে নৃত্য, ক্ৰিয়া কৌশল আদি প্ৰদৰ্শন কৰে।
     ওজাপালি : ওজাপালি হ'ল আন এবিধ জনপ্ৰিয় লোকনাট্য অনুষ্ঠান । বিশেষকৈ ওজাপালি দুবিধ - মহাকাব্য আশ্ৰয়ী আৰু মহাকাব্যৰ অনাশ্ৰয়ী। ওজাপালিত চাৰিৰ পৰা পাঁচজনৰ ভিতৰত মানুহ থাকে । তেওঁলোক হ'ল - ওজা, দাইনা-পালি, আৰু পালি। নৃত্য, গীত-মাত, নাটকীয় ভংগী আৰু হাস্যৰসাত্মক অভিনয় ওজাপালিৰ বৈশিষ্ট্য। ওজাক বিভিন্ন সময়ত অৰ্থাৎ গীত, পদ আদি গাওতে, পদৰ ভাঙনি কৰোতে দাইনাপালিয়ে সহায় কৰে। দাইনাপালিজন সাধাৰণতে ৰসিক আৰু বাকপটু হয়। তেখেতে বিভিন্ন সময়ত হাস্যমধুৰ কথাৰ অৱতাৰণা কৰি দৰ্শক-শ্ৰোতাক আনন্দৰ খোৰাক যোগায়। বাকীসকলক পালি বুলি কোৱা হয়। পালি আৰু দাইনাপালিয়ে বাদ্যযন্ত্ৰ হিচাপে খুঁটিতাল ব্যৱহাৰ কৰে।ওজাজনে কোনো আখ্যানৰ দিহা লগাই দিয়াৰ পিছত পালিসকলে সেই দিহা সুন্দৰভাৱে দোহাৰে। ভিন্ন ৰাগ, তালৰ গীত-পদ গাই থাকোতে ওজাজনে হাতেৰে অংগী-ভংগী কৰি নৃত্য প্ৰদৰ্শন কৰে। কিন্তু বহুতে ক'ব খোজে যে পৰিবেশনৰ ফালৰ পৰা ওজাপালিক লোকনাট্য ধৰ্মী অনুষ্ঠান হিচাপে ধৰিব নোৱাৰি যদিও, ইয়াক বাদ দি লোকনাট্যৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা সম্ভৱ নহয়।
   কুশান গান : কুশান গান নৃত্য, সংলাপ আৰু অভিনয়েৰে পুষ্ট। কুশান গানৰ দলত এজন মূল নায়ক , এজন প্ৰধান সহকাৰী, কেইজনমান নৰ্তকীবেশী ল'ৰা, কেইজনমান বাদক আৰু কেইজনমান সহযোগী গায়ক বা পালি থাকে।
    ভাৰীগান : ভাৰীগান আন এটা লোকনাট্য ধৰ্মী অনুষ্ঠান। ভাৰীগানৰ এটা দলত মূল গায়ক এজন, পালি বা দোহৰীয়া আৰু ভাৱৰীয়া থাকে। মূল গায়কে অংগী-ভংগী আৰু নৃত্যসহ গীত-পদ পৰিৱেশন কৰে আৰু পালি সকলে দোহাৰে।
  খুলীয়া ভাউৰীয়া : আন এটা লোকনাট্য ধৰ্মী অনুষ্ঠান হ'ল -খুলীয়া ভাউৰীয়া । ইয়াতো এজন ওজা থাকে। ওজাই হ'ল একাধাৰে মঞ্চনিৰ্দেশক, পৰিচালক আৰু অন্যতম গায়ক হিচাপে কাম কৰে। চাৰি পাঁচজন পালিয়ে তেওঁক সহায় কৰে। খোল সংগত কৰি ভাও দেখুৱায় বাবে তেওঁক খুলীয়া ভাউৰীয়া বোলা হয়।

ক্ৰমশঃ



লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল । 





    

Friday, November 3, 2023

প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা আৰু সম্ভাব্য সমাধানৰ উপায়।Problems and possible solutions that an early teacher may face in the classroom.

প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা আৰু সম্ভাব্য সমাধানৰ উপায়।Problems and possible solutions that an early teacher may face in the classroom. 

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

🖊️প্ৰাৰম্ভিক শিক্ষক এজনে শিক্ষাৰ পৰ্যায় অনুসৰি শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা সমূহ ভিন ভিন হ'ব পাৰে। উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় পৰ্যায়ত ন-শিক্ষক এজনে প্ৰাৰম্ভিক অৱস্থাত যিবোৰ সমস্যাৰ সন্মুখীন হ'ব , সেইবোৰ প্ৰাথমিক পৰ্যায়ৰ ন-শিক্ষকে সন্মূখীন হোৱা সমস্যাৰ সৈতে একে নহ'বও পাৰে। অৱশ্যে ইয়াৰ দুই এটা সমস্যা সদৃশ হোৱাও পৰিলক্ষিত হয়। বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত ন-শিক্ষকে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা কেইটামান সমস্যা এনেধৰণৰ হ'ব পাৰে - (ক)অভিযোজনৰ সমস্যা,(খ) শ্ৰেণীকোঠাত অৱস্থা - টেবুল,চকী,ডেস্ক বেঞ্চ সজ্জন, (গ) TLM ব্যৱহাৰৰ সমস্যা, (ঘ) পূৰ্ব প্ৰস্তুতিৰ সমস্যা, (ঙ) ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে অজ্ঞাত সমস্যা, (চ) ভয় বা শংকা বা দ্বিধাবোধ, (ছ) ছাত্ৰ ছাত্ৰীৰ অমনোযোগিতাৰ সৈতে মোকাবিলা, (জ) ব্লেকবৰ্ডৰ সুচল ব্যৱহাৰ আদি।


(ক)অভিযোজনৰ সমস্যা : 

অপৰিচিত পৰিৱেশ আৰু অপৰিচিত ছাত্ৰ ছাত্ৰীৰ সৈতে মিলিবলৈ প্ৰতিজন নতুন শিক্ষকৰ বাবে সাময়িক ভাৱে অসুবিধাৰ সৃষ্টি হয়। কি কৰিম, কেনেকৈ কৰিম, কেনেকৈ আগবাঢ়িম আদি বাৰেকুৰি প্ৰশ্নই মনত দ্বিধাবোধৰ লকৰে। যদি কিতাপ খনৰ বা পঢ়াব লগা বিষয়বোৰৰ সম্পৰ্কে পূৰ্বে জ্ঞাত নহয়, তেন্তে তেনে মনোভাৱ জাগি উঠাটো স্বাভাৱিক।

(খ) শ্ৰেণীকোঠাৰ সুব্যৱস্থা - 

টেবুল,চকী, ডেস্ক বেঞ্চ সজ্জন: শ্ৰেণীকোঠাত প্ৰৱেশ কৰা পিছত গম পোৱা যায় শ্ৰেণীকোঠাত কেনে পৰিৱেশ বিৰাজ কৰি আছে।অসজ্জিত অৱস্থাত চকী, মেজ, ডেস্ক, বেঞ্চ থাকিলে এইবোৰৰ সজ্জিতকৰণ সমস্যাই দেখা দিয়ে। তদুপৰি শ্ৰেণীটোত বহাৰ অসুবিধা অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ অনুপাতে ডেস্ক বেঞ্চ সীমিত হ'লে আসনৰ অভাৱ হয় যাৰবাবে কিছু ছাত্ৰ ছাত্ৰী থিয় হৈ থাকিব লগা হয়। গতিকে সেইবোৰ ঠিক-ঠাক কেনেকৈ কৰা হ'ব বা সমস্যাটো কেনেকৈ সমাধান কৰা হ'ব সেই সম্পৰ্কে দোধোৰ- মোধোৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।

(গ) পূৰ্ব প্ৰস্তুতিৰ সমস্যা:

 পাঠদানৰ সম্পৰ্কত প্ৰাৰম্ভিক অৱস্থাত শিক্ষকজনৰ পূৰ্ব প্ৰস্তুতিৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। পাঠদানৰ বাবে লোৱা বিষয়বস্তুৰ পাঠ্যপুথিৰ অভাৱেও সমস্যাত পেলাব পাৰে। পাঠদানৰ বাবে পাঠ্যপুথিখনত থকা পঢ়াবলগীয়া পাঠটো আগতীয়াকৈ পঢ়ি নাহিলে পাঠৰ বিষয়বস্তু প্ৰদান কৰাত বা বুজোৱাত অসুবিধাৰ সন্মূখীন হোৱাৰ উপৰিও সংগতিহীন মন্তব্য দি পোৱাৰ সম্ভাৱনা বা শংকাৰ উদ্ভৱ হ'ব পাৰে। গতিকে পূৰ্ব প্ৰস্তুতি প্ৰাৰম্ভিক শিক্ষক এজনৰ বাবে অন্যতম সমস্যা হিচাপে বিবেচনা কৰিব পাৰি। পাঠদান কাৰ্যসূচী সফল আৰু ফলপ্ৰসূ হ'বলৈ হ'লে পূৰ্ব প্ৰস্তুতিৰ একান্তই প্ৰয়োজন।

(ঘ) ব্লেকবৰ্ডৰ সুচল ব্যৱহাৰ: 

শিক্ষকজনে ব্লেকবৰ্ডৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। ব্লেকবৰ্ডৰ অৱস্থান আৰু ইয়াৰ ব্যৱহাৰ যোগ্যতা সুচল হয় নে নহয় তাক আগতীয়াকৈ শিক্ষকজনে নাজানিলে শিক্ষাদান প্ৰক্ৰিয়াত অসুবিধাই দেখা দিয়ে। তদুপৰি ব্লেকবৰ্ড প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ বাবে কিছু আচহুৱা যেন অনুভৱ হ'ব। যদি শ্ৰেণীকোঠাত ব্লেকবৰ্ডৰ সলনি হোৱাইটবৰ্ড (Whiteboard) থাকে তেন্তে পূৰ্বে ব্যৱহাৰ নকৰা শিক্ষক এজনৰ বাবে কিছু জঠৰতা আহি পৰিব।

(ঙ) ছাত্ৰ-ছাত্ৰীৰ অমনোযোগিতাৰ সৈতে মোকাবিলা:

 কিছুমান শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠদানৰ সময়ত অমনোযোগিতা প্ৰদৰ্শন কৰে। প্ৰাৰম্ভিক শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীৰ তেনে অমনোযোগিতাৰ বদ অভ্যাসৰ বাবে পাঠদানত অসুবিধাৰ সন্মূখীন হ'ব। কাৰণ নতুন শিক্ষকজনৰ বাবে পৰিৱেশ নতুন। ছাত্ৰ-ছাত্ৰী সকল অপৰিচিত আৰু সেয়ে তেওঁলোকৰ কোনকেইজন ছাত্ৰ-ছাত্ৰী বেছি অমনোযোগি তাক বাছি উলিয়াবলৈ কিছু অসুবিধাৰ সন্মূখীন হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ বৃদ্ধিৰ বাবে শিক্ষকজনে উচিত পদক্ষেপ গ্ৰহণ কৰি পাঠদান কৰোঁতে সময় অবাবত নষ্ট হ'ব।

(চ) ভয় বা শংকা বা দ্বিধাবোধ : 

নতুন শিক্ষকজনৰ বাবে শ্ৰেণীকোঠাৰ সকলোবোৰ নতুন। অৰ্থাৎ ছাত্ৰ ছাত্ৰী, শ্ৰেণীকোঠাৰ পৰিৱেশ বা পৰিস্থিতিতন্ত্ৰৰ সৈতে অচিনাকি হোৱাৰ বাবে প্ৰথমে মনত কিঞ্চিত ভয় বা শংকা বা দ্বিধাবোধৰ অনুভৱ হ'ব। অৱশ্যে ইয়াৰ স্থায়িত্ব নাই।

(ছ) ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সৈতে অপৰিচিত:

 প্ৰাৰম্ভিক এজন শিক্ষকে শ্ৰেণীকোঠাত উপৱিষ্ট সকলো ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সৈতে অপৰিচিত বা অজ্ঞাত। গতিকে পাঠদান কাৰ্যসূচীত কেনে পদ্ধতি অৱলম্বন কৰিলে ভাল হ'ব সেই ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হ'ব। পাঠদান কাৰ্যসূচী ফলৱৰ্তী হ'বলৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে অৱগত হোৱা বাঞ্ছনীয় বা তেওঁলোকৰ সম্পৰ্কে জ্ঞান আহৰণ কৰা প্ৰয়োজন। ইয়াৰ বিনে শিক্ষাদান প্ৰক্ৰিয়া ফলৱৰ্তী আৰু ফলপ্ৰসু বা কাৰ্যকৰী নহয়। শ্ৰেণীকোঠাত থকা সকলো শিক্ষাৰ্থী সম মেধাসম্পন্ন নহয়। মেধাৰ পাৰ্থক্য নুবুজিলে বা নাজানিলে শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক ফলপ্ৰসুভাৱে পাঠদান প্ৰদান কৰিবলৈ অপাৰগ হ'ব।

(জ) শিক্ষণ শিকন সঁজুলি (Teaching Learning Material) ব্যৱহাৰৰ সমস্যা: 

বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি শিক্ষণ শিকন সঁজুলি বা TLM ব্যৱহাৰ কৰা হয়। বিষয়বস্তুৰ লগত কি TLM ব্যৱহাৰ বা প্ৰয়োগ কৰিব লাগিব সেই সম্পৰ্কে বিশদ জ্ঞান নাথাকিলে শিক্ষকজন অসুবিধাৰ সন্মূখীন হ'ব। 

প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সততে সন্মুখীন হোৱা সমস্যা সমূ্হৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়সমূহ হৈছে: 
i) অভিযোজনৰ বাবে শিক্ষকজনে পূৰ্ব ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত উদ্ভৱ হোৱা সমস্যাসমূহ আৰু আগতীয়াকৈ বিদ্যালয়খনৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰি নিজকে প্ৰস্তুত কৰি তোলিব লাগিব।
ii) পাঠ্যক্ৰম, পাঠদান প্ৰক্ৰিয়াৰ সম্পৰ্কে জ্ঞাত বা জ্ঞান থাকিব লাগিব।
iii শিক্ষাৰ্থীসকলৰ সম্পৰ্কে বুজিবলৈ প্ৰথম দিনটোত সকলোৰে পৰিচয় লৈ সহজ হ'বলৈ প্ৰয়াস কৰিব লাগিব।
iv) পাঠ্যক্ৰম আৰু পাঠ্যসূচীত থকা নিৰ্দিষ্ট পাঠৰ বিষয়বস্তু সম্পৰ্কে পূৰ্ব প্ৰস্তুতি । 
v) ব্লেকবৰ্ডৰ ব্যৱহাৰ আৰু হোৱাইটবৰ্ডৰ ব্যৱহাৰৰ জ্ঞান আহৰণ কৰিব লাগিব যাতে বিষয়বস্তুৰ লগত সংগতি ৰাখি ব'ৰ্ডৰ ব্যৱহাৰ কৰিব পাৰি। 
vi) ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধিৰ বাবে সাধু বা গল্পৰ সহায়েৰে পাঠৰ উপস্থাপন।
vii) বুদ্ধিমাপণ পৰীক্ষা বা মনোবৈজ্ঞানিক অভীক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মেধা পৰ্যায় বাছনি কৰি পাঠদান কাৰ্যসূচীত প্ৰয়োজনীয় পদ্ধতি অৱলম্বন।
viii) অভীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে উমান লোৱা। কোনো ছাত্ৰৰ জ্ঞান, অভিজ্ঞতা, বুদ্ধি, কৌশল, প্ৰৱনতা আদি পৰিমাপণ কৰিলেহে সঠিক পাঠ আদান-প্ৰদান কৰিব পৰা যায়।

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

আপুনি পঢ়ি কেনে পালে জনাব। যদি লেখাটো ভাল হৈছে তেন্তে ব্লগৰ comment বাকচত মন্তব্য এটা আগবঢ়াব। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹











Thursday, October 19, 2023

সৃষ্টিশীলতা মানে কি ? বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতাৰ বিকাশৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত ? What does creativity mean ? What measures should be taken to develop the creativity of students in schools ?

সৃষ্টিশীলতা মানে কি ? বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতাৰ বিকাশৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত ? What does creativity mean ? What measures should be taken to develop the creativity of students in schools ?

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴



🖊️ সৃষ্টিশীলতা অথবা সৃজনীশীল মনোভাৱ: 

    সৃজনীশীলতা বা সৃজনশীল মনোভাৱ কি বুলিলে বৰ সহজে উত্তৰ দিয়া সম্ভৱ নহয়। পোনপতীয়াকৈ কবলৈ গ'লে সৃজনীশীলতা মানে নতুন সৃষ্টি কৰা বা নতুনত্বৰ জন্ম দিয়াৰ অৱস্থা। অৰ্থাৎ যি চিন্তনৰ ফলস্বৰূপে গতানুগতিকতাৰ পৰিবৰ্তে নতুন তথা মৌলিক কথাৰ উৎপত্তি হয় সেই চিন্তনেই হ'ল সৃজনীশীলতা।

   বিভিন্ন সময়ত পৃথিৱীৰ অনেক প্ৰতিভাৱান ব্যক্তিয়ে বিভিন্ন বিষয়ত যেনে সাহিত্য, দৰ্শন, বিজ্ঞান, সংগীত, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত কিছুমান কাম কৰি গৈছে যিবিলাকৰ স্থান সৃজনীশীলতাৰ মাপকাঠিৰে চালিজাৰি চালে সদায় উচ্চ শিখৰত ৰব। অৱশ্যে সাধাৰণ স্তৰৰ এজন লোকৰ কাৰ্যত উচ্চ পৰ্যায়ৰ সৃজনীশীলতা প্ৰায় পৰিলক্ষিত নহয়। তেওঁলোকৰ চিন্তা ভাৱনাত কেৱল গতানুগতিক ভাৱধাৰাক কিছু উন্নত ঘটাবলৈহে সক্ষম হয়। এজন কবিৰ বা চিত্ৰকৰ বা সংগীতজ্ঞৰ বা শিপিনীৰ কাৰ্যত প্ৰায় উচ্চ পৰ্যায়ৰ সৃজনীশীলতা দেখিবলৈ পোৱা নাযায়। কিছুমান ব্যক্তিৰ জীৱনী অধ্যয়ন কৰিলে আমি বুজিব পাৰোঁ যে তেওঁলোকৰ চিন্তাধাৰা অতি উন্নত আছিল। তেওঁলোকৰ চিন্তাধাৰা আছিল অত্যন্ত গভীৰ। উদাহৰণ স্বৰূপে আইনষ্টাইন, আৰ্যভট্ট, পাইথাগোৰাছ... আদিৰ দৰে বিজ্ঞানীসকলে বা ব্যক্তিসকলৰ চিন্তাধাৰা সাধাৰণ ব্যক্তিতকৈ বহু ব্যতিক্ৰম। সিহঁতৰ যি চিন্তাধাৰা তাৰ জৰিয়তে নতুনত্বৰ সৃষ্টি হৈছে। বিশ্বৰ সকলো মানুহৰে উপকাৰত অহা সূত্ৰ, তত্ত্বৰ সৃষ্টি কৰি সমাজক আগবঢ়াই নিয়াত অৰিহণা আগবঢ়াই গৈছে। সেয়ে তেওঁলোকৰ চিন্তাধাৰা সাধাৰণ ব্যক্তিতকৈ পৃথক।
    শিক্ষাৰ্থীৰ মনত সৃজনীশীলতাৰ মনোভাৱ জগাই তুলিবলৈ শিক্ষকে শিক্ষাৰ্থীক উৎসাহ আৰু উদ্দীপনা যোগাব পাৰিব লাগিব। শিকাৰুৰ মনত সৃজনীশীলতাৰ মনোভাৱ জগাই তুলিবলৈ বিদ্যালয়ৰ পৰ্যায়ত বিভিন্ন কাৰ্যপন্থা হাতত ল'ব পাৰে। তলত উল্লেখ কৰা হ'ল -
ক) প্ৰথম কথা বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত, উপকাৰী পৰিস্থিতি আৰু উৎসাহপূৰ্ণ হ'ব লাগে।
খ) যুৱ শিক্ষাৰ্থীসকলক তেওঁলোকে নিজকে নিজৰ বিভিন্ন সৃষ্টিশীল কৰ্মৰ মাজেদি উদ্ভাষিত কৰিবলৈ সাহস আৰু প্ৰেৰণা যোগাব লাগিব। তেওঁলোকৰ কৰ্মক সঠিকভাৱে মূল্যায়ন কৰিব লাগে।
গ) শিক্ষাৰ্থীৰ ৰাপৰ প্ৰতি শিক্ষকসকল সজাগ হোৱা প্ৰয়োজন। বিশেষকৈ কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ দৃষ্টি মতে অনুপযুক্তভাৱে কোনো বিষয়ত মনোভাৱ প্ৰকাশ কৰিলেও ভাল লগা নাই বুলি উপৰুৱা মন্তব্য কৰা অনুচিত। এনে কৰিলে ছাত্ৰ ছাত্ৰী জনৰ শিকাৰ হেঁপাহ হেৰাই যায়।
ঘ) শিশুৱে এই কথা অনুভৱ কৰে যে তেওঁলোকৰ শিক্ষকে কোনবোৰ ভালপায় আৰু কোনবোৰ বেয়া পায়। সেয়ে তেওঁলোকে শিক্ষকৰ ভাৱৰ সৈতে সংগতি থকা কামহে কৰিব লয়। সেয়ে শিক্ষকে ভালকামৰ মাধ্যমেৰে তেওঁলোকৰ শিকাৰ হেঁপাহ আৰু আকৰ্ষণ বৃদ্ধি কৰিব পাৰে।
ঙ) শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনৰ বিভিন্নতা আৰু মৌলিক চিন্তাৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত আৰু উৎসাহিত কৰা উচিত।
চ) যুৱ শিক্ষাৰ্থীসকলক বস্তুনিষ্ঠভাৱে শিকিবলৈ অৱকাশ দিব লাগে। তেওঁলোকে বিষয়বস্তুৰ ওপৰত সঠিক ৰূপ নিদিলেও শিক্ষকে তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত কটুবাক্য এৰা উচিত নহয়। তেনেক্ষেত্ৰত শিক্ষকে বিষয়বস্তুৰ কিছু সালসলনি ঘটাই তেওঁলোকৰ শিকাৰ আগ্ৰহ বঢ়াব লাগে।
গ) শিক্ষাৰ্থীসকলক শিক্ষকে সকলো বিষয়তে এটা বিশেষ বিষয়ক কেন্দ্ৰ কৰি বেলেগ বেলেগকৈ ভাবিবলৈ অৱকাশ দিব লাগে।
ঘ) শিক্ষাৰ্থীসকলক নতুন উদ্ভাৱন আৰু নতুন সৃষ্টিৰ বাবে পথ নিৰ্দেশনা দিব লাগে যাতে তেওঁলোকে নতুন সৃষ্টি কৰিব সক্ষম হয়।
ঙ) কিদৰে নতুন সৃষ্টি কৰিব পাৰে বা কোনো এটা বিষয়বস্তুৰ কেনেকৈ উন্নত মানদণ্ডলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ মাৰ্গ দৰ্শন কৰিলে শিক্ষাৰ্থীয়ে বুজিব আৰু সৃষ্টিশীল মনোভাৱ জন্ম হ'ব।
চ) ছাত্ৰ ছাত্ৰী সকলক প্ৰতিটো বিষয়ত নতুনত্ব সৃষ্টিত উৎসাহিত পূৰ্ণ মন্তব্য আগবঢ়াব লাগে। ভুল আৰু চেষ্টাৰ পদ্ধতিৰ জৰিয়তে উদ্ভাৱন কৰিবলৈ শিকালে তেওঁলোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।
ছ) শিক্ষকসকলেও ইয়াৰ বাবে নিজকে সৃষ্টিশীলতাৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। আচৰ্যজনক, কৌতূহল আদিৰ জৰিয়তে আনন্দময় পৰিৱেশৰ জন্ম দি শিক্ষাৰ্থীৰ মনত সৃজনীশীলতাৰ মনোভাৱৰ বীজ ৰোপন কৰিব লাগিব। তেতিয়াহে শিকাৰ জৰিয়তে বিভিন্ন বিষয়ত নতুনত্বৰ সৃষ্টি কৰিব সক্ষম হ'ব।

      সৃষ্টিশীলতা যদিও এক বিশাল বা ব্যাপক শব্দ তথাপিও আমি চেষ্টাৰ বলত , একান্ত সাধনাৰ বলত ইয়াৰ আশে-পাশে সহজে অৱস্থান কৰিব পাৰোঁ। অধ্যৱসায়, মনোযোগ, ধ্যান, অধ্যয়নপুষ্ট মন থাকিলে সকলোৱে নতুন সৃষ্টি কৰিব পাৰে। বিশ্বত থকা শ শ বিজ্ঞানী বা উদ্ভাৱক সকলে এদিনতে নতুন নতুন বিষয়ত নতুনত্বৰ সন্ধান নিশ্চয় দিব পৰা নাই। ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজন হৈছে বহু কঠোৰ সাধনা আৰু অধ্যয়ন। অধ্যয়নৰ অন্ততহে কোনো বিষয়ত নতুনত্বৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। টমাছ আলভা এডিচনে জীৱনত বহু সৃষ্টি কৰিলে। এই নতুনত্ব সৃষ্টি এদিনতে হৈ উঠিছিল নে ? নিশ্চয় ইয়াৰ আঁৰত আছে বহু ব্যথা, নেৰানেপেৰা প্ৰচেষ্টা আৰু কঠোৰ সাধনা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি অধ্যয়ন কৰিব লাগিব তেহে নতুন সৃষ্টিত অৰিহণা যোগাব পাৰিব।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
   

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts