আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Sunday, February 11, 2024
শৈক্ষিক পৰিসংখ্যা বিজ্ঞান আৰু ইয়াৰ প্ৰয়োজনীয়তা।Academic statistics science and its requirements.
Saturday, January 27, 2024
শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ বা পৰিয়ালৰ ভূমিকা।Role of home or family in shaping a child's personality.
শিশুৰ ব্যক্তিত্ব গঠনত ঘৰ বা পৰিয়ালৰ ভূমিকা। Role of home or family in shaping a child's personality.
শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, আধ্যাত্মিক আদি দিশৰ বিকাশ সাধনত পিতৃ মাতৃ আৰু পৰিয়ালৰ প্ৰতিজন সদস্য সজাগ আৰু সচেতন হোৱা অতিকৈ প্ৰয়োজন। বহু ক্ষেত্ৰত দেখা যায় যে পিতৃ মাতৃৰ অজ্ঞতাৰ কাৰণে বিভিন্ন দিশত শিশুৰ অনেক চাহিদা অপূৰণীয় হৈ ৰয়।
Monday, January 8, 2024
অভিৰোচন কি? শিক্ষণ প্ৰক্ৰিয়াত অভিৰোচনৰ ভূমিকা: চমু আলোকপাত। What is the motivation ? The role of motivation in the learning process: a brief overview.
অভিৰোচন কি? শিক্ষণ প্ৰক্ৰিয়াত অভিৰোচনৰ ভূমিকা: চমু আলোকপাত।What is the motivation? The role of motivation in the learning process: A brief overview.
অভিৰোচন মানেই অভিপ্ৰায়ৰ সৈতে সম্পৰ্ক থকা এক অৱস্থা । উদ্দেশ্যৰ সৈতে যেতিয়া মনৰ ইচ্ছা, আকাংক্ষা, আৱেগিক অনুভূতি লগ লাগি এক মানসিক অৱস্থাৰ সৃষ্টি হয় তাকে অভিপ্ৰায় বোলা হয়। এই অভিপ্ৰায়ৰে প্ৰতিশব্দ হৈছে অভিৰোচন। অৰ্থাৎ কোনো উদ্দেশ্যপ্ৰণোদিত হ'লে মনৰ মাজত যি সক্ৰিয় আৰু গভীৰ অৱস্থাৰ সৃষ্টি হয় সাধাৰণ অৰ্থত তাকেই অভিৰোচন বোলা হয়।
Saturday, December 30, 2023
আকৌ এটা বছৰে মেলানি মাগিলে...থোৰতে মোৰ মনৰ কথা। Again goodbye a year from us....a short note from my mind.
আকৌ এটা বছৰে মেলানি মাগিলে...থোৰতে মোৰ মনৰ কথা। Again goodbye a year from us.... a short note from my mind.
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
চাওঁতে চাওঁতে আকৌ এটা বছৰে আমাৰ পৰা মেলানি মাগিলে। হেৰাই যাব ক্ষণিকতে আকৌ এটা বছৰে। থৈ যাব অযুত পোৱা নোপোৱাৰ ঝংকাৰ। এৰি যাব দুখ-সুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, সীমাহীন সমস্যাৰে জৰ্জৰিত সময়ৰ প্ৰতিচ্ছবি। এয়া যে সময়। সময় নিৰৱধি। নিৰৱধি সময়ৰ বগী ঘোঁৰাক প্ৰত্যাহ্বান জনোৱাৰ শকতি আমাৰ হাতত নাই। আমি সময়ৰ দাস। সময়ে আমাক নচুৱাই, সময়ে আমাক হহুৱাই, সময়ে আমাক কন্দুৱাই। কেতিয়াবা সময়ে দি যায় দুওঁঠত আশাৰ বতৰা। এনেকৈয়ে অতিক্ৰম কৰি গৈ থাকে আমাৰ জীৱনৰ পালতৰা নাও। সময়ৰ সৰলৰৈখিক গতিৰে... ভৱিষ্যতৰ দিশেৰে। অবিৰাম! অহনিৰ্শ আদিৰ পৰা অন্তলৈ ,অন্তৰ পৰা অনন্তলৈ!
সময় গতিশীল। সেয়ে ই পৰিৱৰ্তনশীল। সময়ে ৰূপ সলাই যিদৰে সাপে মোঁট সলাই। সময়ৰ নেজত ধৰি প্ৰতিটো বছৰে মোঁট সলাই যি আমাৰ বাবে হৈ ৰয় আদৰণীয়।
অসমৰ চুকে কোণে হোৱা ঘটনা পৰিঘটনা সমূহৰ সম্পৰ্কে চকু ফুৰালে গম পোৱা যায় অসমৰ সমাজে গাইগুটীয়া ভাৱে আশা কৰা বা সমূহীয়াকৈ কৰা আশা সমূহো পূৰ্ণ হোৱা নাই। আলি পদূলি নিৰ্মাণ, দলং নিৰ্মাণ, বিভিন্ন হিতাধিকাৰীয়ে পাম পাম বুলি আশা পালি থকা আঁচনিৰ ধন নোপোৱা আদি বহু সমস্যা এতিয়াও সমস্যা হৈয়ে আছে। চৰকাৰে এইবাৰ অমৃত কলহ, অমৃত বৃক্ষৰ দৰে কাৰ্যসূচী ল'লে। ইয়াৰ পৰা ৰাইজৰ কি লাভ হ'ল ৰাইজে দেখিছে। দুদিনৰ আগতে পলিথিনত দৰৱযুক্ত মাটি দি জীয়াই তোলা গছৰ পুলিৰ অৱস্থা সকলো ঠাইতে নিশ্চয় একে হৈ থকা নাই। কৰবাত যদি অমৃত বৃক্ষৰ এজোপাও জী থকা নাই, তেন্তে আন ক'ৰবাত সুন্দৰকৈ দুই এজোপা জী আছে। মই চাকৰি কৰা বিদ্যালয়খনতো পঞ্চায়তৰ জৰিয়তে প্ৰায় এশৰ ওপৰত গছ পুলি ৰোপন কৰা হৈছিল কিন্তু কেৱল তিনি জোপাহে জী উঠিলে,বাকীবোৰ সিফলিয়া হ'ল। হ'লেও এয়া সুন্দৰ প্ৰচেষ্টা আছিল বুলি ক'ব লাগিব।এনেধৰণৰ প্ৰচেষ্টা আগলৈকে অব্যাহত থাকিব লাগিব। তেতিয়াহে ইয়াৰ সুফল পোৱা যাব। পৰিৱেশ সন্তুলিত অৱস্থাত ৰাখিবলৈ এনে কাৰ্যৰ অতীৱ প্ৰয়োজন। কিন্তু অমৃত কলহৰ সম্পৰ্কে কবলৈ নাযাও কাৰণ এয়া দলৰ সৈতে সম্পৰ্কিত বিষয়।
নিজাকৈ এখন ঘৰ বনোৱাৰ আশা, এখন গাড়ী কিনাৰ সপোন... আদিৰ ক্ষেত্ৰত বহুতোৰে হয়তো আশা পূৰ্ণ নহ'ল। তথাপিও আমি জীয়াই থাকিব লাগিব। নতুন সময়ত নতুন চিন্তাধাৰাৰে, নতুন পৰিকল্পনাৰে আমাৰ সপোনবোৰৰ বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰিব লাগিব। কাৰণ পোৱা নোপোৱা, আশা নিৰাশাৰ সমষ্টিয়ে মানৱ জীৱন।
২০২৩ বৰ্ষটি মোৰ বাবে নিৰাশাৰ বছৰ। এই বছৰটোৰ শেষৰ ফালে মই Gpay কৰি হেৰুৱালো ২৩৩৩৪/ টকা। Gpay ত টকা ট্ৰেন্সফাৰ কৰা বৰ সুৰক্ষিত নহয়। উচিত প্ৰমাণ পত্ৰ সহায়ত অভিযোগ দাখিল কৰিও টকা ঘূৰাই পাবলৈ সক্ষম নহ'লো। এয়া মোৰ বাবে দুখজনক আৰু নিৰাশাজনক মূহূৰ্ত ।
'ভাগ্যৰ লিখন নহয় খণ্ডণ' । সেয়ে হয়তো বছৰটোত বহু লোকে বিভিন্ন দূৰ্ঘটনাত অকালতে প্ৰাণ ত্যাগ কৰিলে। উজনি অসমৰ জিৰ'পইণ্টৰ মিলন বজাৰৰ সমীপতো কেইবাজনো লোকে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায়। তেনেকৈ সমগ্ৰ অসমত বিগত বৰ্ষৰ প্ৰথম পাঁচ মাহৰ ভিতৰত মুঠ প্ৰাণ হেৰুৱায়ছিল ১৪১৫ জন ব্যক্তিয়ে যাৰ শতকৰা হাৰ আছিল ১৪.৪৬ । কিন্তু ইয়াৰ বিপৰীতে বিগত ২০২২ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১২৩৩ জন । তেন্তে চলিত বছৰটোত মুঠ ঘটনাৰ সংখ্যা কিমান হ'ব সেয়া সহজে অনুমেয়। ২০২৩ বৰ্ষত মুঠ পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ৪০% ৰ ওপৰত হ'ব অনুমান কৰা হৈছে। এইসকল লোকৰ মৃতকৰ আত্মাই বৈকুণ্ঠত শান্তি লভক তাৰে একান্ত কামনা।
২০২৩ বৰ্ষটো শিক্ষাখণ্ডতো এক উল্লেখযোগ্য দিন বুলি ক'ব পাৰি। এই বৰ্ষৰ পৰাই চৰকাৰে শিক্ষাত নতুন নীতিৰ প্ৰয়োগ কৰিলে। অদূৰ ভবিষ্যতে নতুন শিক্ষা নীতিৰ জৰিয়তে অসমৰ শিক্ষা কিমান দূৰ আগবাঢ়ি যাব সক্ষম হ'ব সেয়া সময়ে ক'ব। গুণোৎসৱৰ ফলাফলৰ দুটা বছৰে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ল শিৱসাগৰ জিলাই। এয়া উল্লেখনীয় সফলতা। এই ধাৰা অক্ষুণ্ণ ৰাখক তাৰে কামনা। এনেদৰে সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত কিছু হ'লেও পৰিৱৰ্তন হোৱা পৰিলক্ষিত হ'ল। ধনাত্মক মানসিকতাৰে আমি এনেকৈয়ে ভাবিব পাৰো যে সফলতা পৰিশ্ৰমৰ ফল। উপৰোক্ত সফলতাৰ আঁৰত নিশ্চয় পৰিশ্ৰমৰ প্ৰভাৱ আছে।
খন্তেক ক্ষণৰ পাছতে বছৰে ৰূপ সলাব। সকলোবোৰ পুৰণা অথচ সকলোবোৰ নতুন হিচাপে বিবেচিত হ'ব। পুৰণিক এৰি নতুনক আদৰাটো আমাৰ সকলোৰে কাম্য। গতিকে নতুনক আদৰিবলৈ সমগ্ৰ বিশ্বতে সকলো ব্যক্তিয়ে ব্যস্ত। নতুন বছৰে প্ৰতিজন ব্যক্তিলৈ কঢ়িয়াই আনক সুখবৰ তথা হাঁহি , আনন্দ আৰু সমৃদ্ধিৰ বতৰা। ব্লগৰ তৰফৰ পৰা তাৰেই আন্তৰিক কামনা আৰু সকলো পঢ়ুৱৈ সমাজলৈ ইংৰাজী নতুন বছৰৰ হিয়া ভৰা ওলগ জনালোঁ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Sunday, December 24, 2023
আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহৰ চমু বিশ্লেষণ। A brief analysis of the factors that act against the backdrop of modern Assamese poetry.
আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহৰ চমু বিশ্লেষণ। A brief analysis of the factors that act against the backdrop of modern Assamese poetry.
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহ ১৯৪০ চনৰ পৰা প্ৰভাৱ পৰিছে বুলি ঠাৱৰ কৰা হয়। অৰ্থাৎ ১৯৪০ চনৰ পিছৰে পৰা অসমীয়া কবিতাই নতুন ৰূপ ল'বলৈ ধৰে। ইয়াৰ মূলতে হ'ল কিছুমান কাৰকৰ প্ৰভাৱ। কাৰক সমূহৰ সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ'ল -
ক) দ্বিতীয় বিশ্বযুদ্ধ : দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টি কৰা অৱস্থাই মানুহৰ প্ৰতি মানুহৰ বিশ্বাসহীনতা আৰু সংশয়ৰ সৃষ্টি কৰাত তৎকালীন সময়ত অৰিহণা যোগাইছিল। এনে জটিল সময়ৰ অৱস্থাই বিভিন্ন কবি সকলক ৰোমান্টিক ভাৱধাৰা ত্যাগ কৰাত প্ৰভাৱ পেলাইছিল। অসমৰ অসমীয়া কবিসকলক ৰোমাণ্টিক স্বপ্নৰ জগতৰ পৰা আঁতৰাই আনি কঠিন বাস্তৱৰ সৈতে মুখামুখি হ'বলৈ শিক্ষা দিলে। যাৰ বাবে এই সময়ৰ কবি সকলৰ কবিতাত প্ৰতিবাদ আৰু বিদ্ৰোহৰ ভাৱ পৰিস্ফুট হৈছিল।
খ) স্বাধীনতা আন্দোলন : ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈকে চলি থকা ভাৰতৰ স্বাধীনতা আন্দোলনে অসমীয়া কবি সকলৰ মনত বাস্তৱ ভিত্তিক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আকৰ্ষিত কৰালে। বৃটিছৰ পৰা আহৰণ কৰা ভোগবাদী মানসিকতাৰ বাবে গণতন্ত্ৰ বিৰোধী পুঁজিবাদ গঢ় লৈ উঠিল। যাৰ ফলত গণতান্ত্ৰিক মূল্যবোধৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিলে। এই সমস্যাই আধুনিক অসমীয়া কবিতাত বাৰুকৈয়ে আঘাত হানিলে। যাৰ বাবে অসমীয়া কবিতাৰ ভাৱত পৰিৱৰ্তন ঘটিল।
গ) সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰা:
সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰাই সমগ্ৰ ভাৰত বাসীৰ ওপৰত পৰা প্ৰভাৱে একাংশ শিক্ষিত মধ্যবিত্তৰ মন মগজুত নতুন চিন্তাধাৰাৰ বাট মুকলি কৰিলে। কিছু সংখ্যক কবিও এই চিন্তাৰে অনুপ্ৰাণিত হ'ল। এয়াৰ লগে লগে কবিসকল অতি সচেতন হৈ পৰিল।
গ) আধুনিক শিক্ষা : আধুনিক শিক্ষা প্ৰসাৰ ঘটাৰ লগে লগে অসমীয়া ন-শিক্ষিত শ্ৰেণীটোৰ পশ্চিমীয়া সাহিত্যৰ সৈতে পৰিচয় আৰু সংযোগ ঘটিল। যাৰ ফলত পাশ্চাত্য সাহিত্যৰ পোহৰ পৰি অসমীয়া সাহিত্যৰ নতুন দিগন্ত উজ্বলি উঠিল।
ঘ) ফ্ৰয়েডীৰ মনস্তত্ত্বৰ প্ৰভাৱ : অসমীয়া কাব্য জগতত ফ্ৰয়েডীয় মনস্তত্ত্বৰ প্ৰভাৱ মন কৰিবলগীয়া। ফ্ৰয়েডী মনস্তত্ত্বৰ মতে জাতি, ধৰ্ম, বৰ্ণৰ সংকীৰ্ণ বান্ধোনৰ পৰা মুক্ত হোৱা এক মনোবৈজ্ঞানিক অবস্থা। য'ত কোনো বৈষম্য নাই। এনে প্ৰভাৱ বিস্তাৰ হোৱাৰ বাবে অসমীয়া আধুনিক কবি সকলে পাৰিবাৰিক সম্পৰ্ক বা প্ৰেমৰ ওপৰত নতুন চিন্তাধাৰাৰে আগবাঢ়ি ৰোমাণ্টিক কবিতা ৰচনা কৰিবলৈ উৎসাহিত হৈছিল।
ঙ) বিজ্ঞানৰ প্ৰভাৱ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আৱিষ্কাৰ আৰু আৱিষ্কৃত জটিল সূত্ৰবোৰে কবিৰ মনত ৰেখাপাত কৰিলে। যাৰ ফলত কবিৰ কবিতা হৈ পৰিল দুৰ্বোধ্য আৰু অবিশ্বাস্য ভাৱে বাঢ়িল চিত্ৰকল্পৰ প্ৰয়োগ।
চ) অন্যান্য ৰাজনৈতিক প্ৰভাৱ : তৎকালীন সময়ত পৰা বিভিন্ন ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলত কবি সকলৰ মানসিক চিন্তা ধাৰাৰ আমূল পৰিবৰ্তন হ'বলৈ ধৰিলে। ইয়াৰ প্ৰভাৱ আধুনিক কবিতাত স্পষ্টকৈ বিদ্যমান হৈ আছে। উদাহৰণ স্বৰূপে হিন্দু-মুছলমানৰ মাজত ৰাজনীতিক সকলৰ জৰিয়তে স্বাধীনতা আন্দোলনৰ সময়ত জনবিৰোধী স্বাৰ্থ পূৰণৰ উদ্দেশ্যেৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হৈছিল। আকৌ ১৯৪৩ চনত বঙ্গদেশত কৃত্ৰিম দুৰ্ভিক্ষ সৃষ্টি কৰা হৈছিল যাৰ ফলত অসমৰ সৰল জীৱনধাৰাত কঠিন আঘাত লাগিছিল।
আধুনিক কবিতাসমূহে নতুন গতি পথ লোৱা লগে লগে ৰোমাণ্টিক কবিতাৰ যুগ অন্ত পৰিল বুলি ক'ব পাৰি। মনত দকৈ সাজ বহুওৱা কাৰক সমূহৰ গভীৰ প্ৰভাৱ অসমৰ প্ৰতিজন কবিৰ কবিতাত পৰিস্ফুট হৈছিল। যাৰ ফলত অসমৰ কবি সমাজৰ সচেতন আৰু দায়বদ্ধ মনোভাৱৰ সৃষ্টি হৈছিল। কবিতা বিলাকত পূৰ্বৰ ৰোমাণ্টিক ভাৱ আঁতৰাই বাস্তৱ ভিত্তিক ভাৱৰ বুৰবুৰণি তুলিছিল। কবিতাত কৃষকৰ দুখ-যন্ত্ৰণা ছবিখন স্পষ্ট হৈ পৰিল। যুক্তি,বিবেক আৰু বৌদ্ধিক দিশ একেলগ কৰি সমাজৰ উন্নতিৰ হকে কিদৰে খটুৱাব পাৰি সেই সম্পৰ্কে আধুনিক কবি সকল সচেতন হৈ পৰিল আৰু প্ৰচেষ্টা অব্যাহত ৰাখিলে। ইয়াৰ পিছতে অসমীয়া আধুনিক কবিতাই অসমত সবল ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আধুনিকতাৰ প্ৰথম উকমুকনি ঘটিছিল দেৱকান্ত বৰুৱাৰ কবিতাত। উল্লেখ্য যে 'আমি দুৱাৰ মুকলি কৰোঁ' শীৰ্ষক কবিতাটোৰ জৰিয়তে তেওঁ অসমীয়া আধুনিক কবিতাৰ বাট মুকলি কৰিছিল। পৰৱৰ্তী সময়ত অমূল্য বৰুৱাই তেওঁৰ কবিতাৰ জৰিয়তে সাম্যবাদৰ ভাৱধাৰা কঢ়িয়াই আনি কবিতাত নতুনত্বৰ প্ৰৱেশ ঘটালে। ঘাইকৈ 'কুকুৰ', 'আন্ধাৰৰ হাহাকাৰ' আদিৰ দৰে কবিতাৰ জৰিয়তে অমূল্য বৰুৱাই সাম্যবাদী ভাৱধাৰাৰ সূচনা কৰিছিল। ভবানন্দ দত্ত, হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, ৰাম গগৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,অজিত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন, মহিম বৰা, হোমেন বৰগোহাঞি আদি অন্যতম কবি সকলে আধুনিক কবিতাৰ সৃষ্টি কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। উল্লেখ্য যে হেম বৰুৱাক আধুনিক অসমীয়া কবি গোষ্ঠীৰ পথপ্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়। এই সময়ছোৱাৰ কবি সকলে কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ বহুল প্ৰয়োগ কৰা পৰিলক্ষিত হয়।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
শিক্ষক: হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
Wednesday, December 13, 2023
সানমিহলি | শান্তিৰ পমখেদি | ঘূৰণীয়া চকৰি...
শান্তিৰ পমখেদি
ভিক্ষাৰী জনীৰ শোঁকত ..
তাই অহা নাই বহু দিন হ'ল
মোৰ পদূলিৰ দুবৰি গছকি তাই আহিছিল
লাখুটিৰ ভৰত থৰক-বৰক খোজেৰে
শৰীৰত এখনি উৱলি যোৱা মাৰ্কিন চাদৰ আৰু
বিদীৰ্ণ ব্লাঊজ ঘামত চিপচিপিয়া দেহা
কান্ধত এটা জধলা পুৰণি মোনা।
তাই আহিছিল মোৰ চোতালৰ এচুকত বহিছিল
আৰু সৰু সৰু নিস্তেজ মাতেৰে চিঞঁৰিছিল-
' ভীক্ষা দিব ধৰম হ'ব' শব্দ বোৰে পকা বেৰত
ঠেকা খাই উভতি আহিছিল নতুবা ভিতৰত
চলি থকা টিভিৰ মাতত তাই মাতটো যতি পৰিছিল ।
পৰিবাৰে দুৱাৰ মেলি চাইছিল বাহিৰলৈ আৰু
একাপ চাউলেৰে বিদায় দিছিল। তাই মুখেৰে গুণগুণাই কৈছিল - 'ধৰম হ'ব মাই' ।
তাই নহা বহু দিন হ'ল এই পথেৰে
এমুঠি অন্ন ,এখন বস্ত্ৰৰ অভাৱত তাই
হেৰুৱায় পেলাইছিল দেহৰ সৌন্দৰ্যতা , দেহৰ
কমনীয়তা । আচলতে তাইৰ মনত বিলাসীতাৰ
ভাৱ কেতিয়াবাতেই বিলীন হৈছিল সময়ৰ বুকুত ।
অথচ এদিন তাইৰ দেহাতও পূৰ্ণিমাৰ জোনাকে
বোৱাইছিল কুসুমবুলীয়া জোনাকৰ ঢল
মনত গজি উঠিছিল তাজমহল প্ৰেমৰ গজালি
জীৱন যুঁজৰ একলব্য সাঁথৰ দ্ৰোণাচাৰ্যৰ শিক্ষা।
পুত্ৰ জী জোৱাই সকলো বিদূৰ
বৃদ্ধাশ্ৰম তাইৰ বাবে বহু দূৰ
তাই অকলশৰীয়া জীৱন যুঁজৰ সাক্ষী
নিজতেই বিলীন দিন অথবা ৰাতি
এনেকৈ কিদৰেনো জীয়াই থাকিব !
মৃত্যু তাইৰ বাবে মিষ্ট আৰ্শীবাদ
হ'লেও তাইৰ মৃত্যু জিনি জীয়াই থকাৰ হাবিয়াস
জীপাল ধৰণী চুই চোৱাৰ আশা।
জীয়াই থাকিবনে তাই সূৰ্যক সাক্ষী কৰি (?)
এই মৰতত স্বাৰ্থপৰ মানুহৰ ছাঁয়াত
তাই এগৰাকী অসহায়া মানুহ !!
****************************************
প্ৰত্যাশা : এক নতুন প্ৰভাত !
নাই, আমি কেতিয়াও ভবা নাই
কালে কালে মৃত্যুদূত হৈ আহক ক'ৰণা!
সকলো মানুহেই উজাগৰী ৰজনী খেপিয়াই খেপিয়াই
সাবতি লঁওক শোঁকৰ হুমুনিয়াহ ! আমি কেতিয়াও ভবা নাই শেষ হঁওক বিশ্বৰ চৌদিশৰ আলোকময় জয়যাত্ৰা !
হে সময় ! অস্হিৰ নহ'বা আমাৰ কাম্যতাৰ বিৰুদ্ধে
আকৌ জগাই তোলা পৃথিৱীৰ কন্দৰে কন্দৰে
মানুহৰ সিৰাই উপসিৰাই হাঁহি আনন্দ শান্তিৰ
বাতাবৰণ , আকৌ সুযোগ দিয়া ন'কৈ কিশলয়েৰে
আবৃত হঁওক ধৰণীৰ প্ৰতিটো কোণ
লঠঙা শিৰীষৰ ডালে ডালে মেলক জাঁক জাঁক সেউজীয়াৰ মেলা , প্ৰভাতী পখীৰ গীতৰ সুৰৰ তালে তালে নাচক প্ৰতিটো মোলান পুৱা
এনেকৈ আৰু কিমান দিন চকুলো মোহাৰিম
আমি কেতিয়াও ভবা নাছিলোঁ
চকুবোৰ 'আৱদ্ধ' হঁওক ,সময়বোৰ আৱদ্ধ হঁওক
ভাৱনাবোৰ আৱদ্ধ হঁওক ঠিক সংখ্যাবোৰৰ দৰে !
হে সময় ! মানুহবোৰ সংখ্যা নহয় নতুবা সংখ্যাবোৰ মানুহ , মানুহ মানুহৰ বাবে এক জাগতিক শক্তি
যি শক্তি আজি ৰুদ্ধ
যি শক্তি আজি আৱদ্ধ
তোমাৰ শীতল কোলাত তোমাৰেই বিনাশতাত
শেষ হৈছে শত সহস্ৰ ৰৌদ্ৰুজল পুৱা
হে সময় ! আকৌ এবাৰ আৰম্ভ কৰা সময়সূচী
বিপদ বিঘ্নিত কৰি পোখা মেলিব দিয়া
নতু
ন সময়ৰ নতুন সম্ভাৱনা ।।
💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜
Friday, December 8, 2023
পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য: চমু আলোকপাত। Old Assamese poetry and its features: a brief overview.
পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য: চমু আলোকপাত। Old Assamese poetry and its features: a brief overview.
পুৰণি অসমীয়া কবিতা বুলিলে প্ৰাক শংকৰী যুগৰ পৰা শংকৰী যুগলৈ বিয়পা কবিতা সমূহৰ সম্পৰ্কে বুজা যায়। বিশেষকৈ হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী ,মাধৱ কন্দলী, শংকৰদেৱ আৰু মাধৱদেৱ আদি কবি সকল আছিল এই যুগৰ কবি। গতিকে ক'ব পাৰি 'প্ৰাক বৈষ্ণৱ যুগৰ পৰা উত্তৰ বৈষ্ণৱ যুগলৈকে অথবা বৃটিছৰ আগমনৰ আগলৈকে হোৱা যিখিনি কবিতাৰ বিষয়বস্তু মহাকাব্য,পুৰাণ আদিৰ পৰা সংগ্ৰহ কৰা আৰু ছন্দ অলংকাৰ ভাষা আদি সুকীয়া কাব্যিক বৈশিষ্ট্যৰে মহিমামণ্ডিত হৈছিল সেইখিনি কবিতাকে পুৰণি কবিতা বোলা হয়।'
Featured post
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...