আপোনাক জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগলৈ আন্তৰিক স্বাগতম জনাইছো। জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগটো জীৱনত প্ৰাপ্ত অভিজ্ঞতাৰে সজাব প্ৰয়াস কৰা হৈছে। প্ৰতিটো লেখা স্বকীয় চিন্তাধাৰাৰ ফচল। কোনো লেখকে লেখা কাহিনীৰ লগত মিলি গ'লে লেখক দায়ী নহয় আৰু এই ব্লগত সদাশয় পাঠকৰ উৎসাহপূৰ্ণ মন্তব্য কামনা কৰাৰ লগতে বিভিন্ন লেখা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদেৰে -
Monday, May 6, 2024
সাম্প্ৰতিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব কিমান ? What is the importance of vocational education in current education ?
Wednesday, April 3, 2024
২০২৪ চনত কোনে কোনে 'ভাৰতৰত্ন' বঁটা লাভ কৰিলে ? Who won the 'Bharat Ratna' award in 2024 ?
২০২৪ চনত কোনে কোনে 'ভাৰতৰত্ন' বঁটা লাভ কৰিলে ? Who won the 'Bharat Ratna' award in 2024 ?
মৰণোত্তৰভাৱে ভাৰতৰ চাৰিজন ব্যক্তিক ২০২৪ চনৰ বাবে 'ভাৰতৰত্ন' বঁটা প্ৰদান কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে - লাল কৃষ্ণ আদৱানি, কাৰপুৰী ঠাকুৰ, পি ভি নৰসিংহ ৰাৱ , চৰন সিং, এম এছ স্বামীনাথন। উল্লেখযোগ্য যে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বাৰ্ষিক ভাৱে কেৱল তিনিজনকহে প্ৰদান কৰা হয় যদিও চলিত বছৰটোত পাঁচজনক সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে মনোনীত কৰা হয়। ইয়াৰ কাৰণ হৈছে বিগত ২০২২ বৰ্ষটোত এই বঁটা প্ৰদান কৰা হোৱা নাছিল।
Saturday, March 23, 2024
ঘামচি আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব ? What is sweating and the way to get rid of it? Read and know.
ঘামচি আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি? পঢ়ক আৰু জানক। What is sweating and the way to get rid of it? Read and know.
Sunday, March 10, 2024
মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ ?জানো আহক। 4 Indian astronauts to be sent to space, who will go to space in 'Gaganyaan'? Let's know.
মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ৪ ভাৰতীয় মহাকাশচাৰীক, ‘গগনযান’ত কোন কোন যাব মহাকাশলৈ? নাম প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। 4 Indian astronauts to be sent to space, who will go to space in 'Gaganyaan'? Let's know.
মহাকাশ অভিযানত ভাৰতৰ আৰু এখোজ৷ ভাৰতে গগনযান অভিযানৰ বাবে চাৰিজন মহাকাশচাৰীক বাছনি কৰা হৈছে। তেওঁলোকৰ পৰিচয়ো প্ৰকাশ কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লা।মঙলবাৰে তিৰুৱন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰা হয়। ভাৰতীয় মহাকাশ সংস্থাই এক বিবৃতিত কয়, “গ্ৰুপ কেপ্টেইন প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অঙ্গদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ শুভংশু শুক্লাক দীঘলীয়া সময়ৰ প্ৰশিক্ষণৰ পিছত গগনযান অভিযানৰ বাবে নিৰ্বাচিত কৰা হৈছে
Tuesday, March 5, 2024
অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system.
অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু আৰু প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা। Children with extraordinary talent and the necessary education system.
🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭🥭
🚀 অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বুলিলে অতি মেধাৱী শিশুৰ সম্পৰ্কে বুজা যায়। শিশুৰ বুদ্ধ্যাংকৰ ওপৰত ভিত্তি কৰি প্ৰতিভাসম্পন্ন শিশুৰ চিনাক্ত কৰিব পাৰি।মনোবিদ সকলৰ মতে যিবিলাক শিশুৰ বুদ্ধ্যাংকৰ পৰিমাণ ১৩০ তকৈ ওপৰৰ হয়, সেইবিলাক শিশুক অসাধাৰণ প্ৰতিভাসম্পন্ন শিশু বোলা হয়।
উল্লেখ্য যে এনে শিশুৰ প্ৰতিভা সৰ্বসাধাৰণ শিশুৰ প্ৰতিভাতকৈ বহু গুণে বেছি বা এওঁলোক বেছি প্ৰতিভাৰ অধিকাৰী হয়। ইহঁতৰ বৌদ্ধিক ক্ষমতা অধিক আৰু অসাধাৰণ গুণসম্পন্ন হয়। প্ৰতিভাসম্পন্ন শিশু সাধাৰণতে কম কথকী আৰু ভাবুক স্বভাৱৰ হয়। অৰ্থাৎ এনে শিশুৰ কিছুমান বিশেষ লক্ষণ বা বৈশিষ্ট্য পৰিলক্ষিত হয়। সংক্ষিপ্ত ৰূপত বৈশিষ্ট্যৰ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ।---
১/পৰিৱেশৰ প্ৰতি সচেতন মনোভাৱ:
২/অনুসন্ধিৎসু মনোভাৱ :
৩/ভুল শুদ্ধৰ সম্পৰ্কে সচেতন:
৪/নিজা বুদ্ধি সম্পন্ন:
৫/ বিমূৰ্ত চিন্তা শক্তি নিহিত:
৬/ সৃষ্টিমূলক কামৰ প্ৰতি ধাউতি:
৭/ নেতৃত্বৰ মনোভাৱ:
৮/শাৰীৰিক শক্তিহীনতা:
প্ৰতিভাসম্পন্ন শিশুসকলৰ বাবে শিক্ষা কেনে হোৱা উচিত ?
অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বাবে ল'ব লগা শিক্ষা ব্যৱস্থা এনেধৰণৰ হ'ব পাৰে :-
১/ প্ৰতিভাৰ দিশ নিৰ্ণয় কৰাৰ ব্যৱস্থা: অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুৰ বিশেষ প্ৰতিভাৰ দিশবোৰ প্ৰথমে বিভিন্ন মানসিক অভীক্ষাৰ দ্বাৰা চিনাক্ত কৰি ল'ব লাগে। যিবোৰ দিশত এনে শিশু অসাধাৰণ বুলি প্ৰমাণিত হয় সেই দিশৰ বিকাশ আৰু সংৰক্ষণৰ প্ৰয়োজনীয় অনুশীলনৰ সুবিধা দিব লাগে। এই ক্ষেত্ৰত বিদ্যালয়ত নিৰ্দেশনা নিদান প্ৰতিষ্ঠা কৰি ব্যৱস্থা ল'ব পাৰি।
২/ বিদ্যালয়ত অতিৰিক্ত পাঠৰ ব্যৱস্থা কৰা: যিহেতু সাধাৰণ পাঠ্যক্ৰম অসাধাৰণ শিশুৰ বাবে সহজ সেয়ে এনে তীক্ষ্ণ সম্পন্ন শিশুৰ বাবে সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও অতিৰিক্ত আৰু উন্নত পাঠ্যক্ৰমৰ সংযোজন ঘটাব লাগে।
৩/ বিত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা: কিছুমান প্ৰতিভাসম্পন্ন শিশুৰ ঘৰুৱা অৱস্থা সুচল নোহোৱাৰ বাবে কিতাপ পত্ৰ আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰিবলৈ অসমৰ্থ হয় যাৰ বাবে তেওঁলোকৰ প্ৰতিভা কলিতে মৰহি যাবলৈ ধৰে। গতিকে এনে দুৰ্দশাগ্ৰস্ত শিশু সকলক প্ৰেৰণা যোগাবলৈ বৃত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। বিশেষকৈ এই কাম চৰকাৰৰ নিম্ন শাসনযন্ত্ৰ পঞ্চায়তৰ দ্বাৰা কৰিব পাৰি।
৪/ শিক্ষা পদ্ধতি আৰু শিক্ষাদানৰ কৌশল উন্নত কৰিবলৈ চেষ্টা কৰা : অসাধাৰণ প্ৰতিভাসম্পন্ন শিশুক গতানুগতিক শিক্ষা পদ্ধতিৰে সন্তুষ্ট কৰিব নোৱাৰে। সাধাৰণ মেধা সকলৰ বাবে প্ৰয়োগ কৰা কৌশলতকৈ প্ৰতিভাসম্পন্ন শিশুসকলক অধিক উন্নত কৌশলৰ প্ৰয়োজন হয়।
৫/ স্বীকৃতিসূচক ব্যৱহাৰ: সাধাৰণ শিশুসকলতকৈ অলপ বেলেগ ধৰণে শিক্ষক আৰু অভিভাৱকৰ পৰা এনে শিশুৱে ব্যৱহাৰ কৰাটো বিচাৰে। স্নেহ, সহানুভূতি আৰু প্ৰতিভাৰ স্বীকৃতি সূচক ব্যৱহাৰে এওঁলোকক শিকাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে।
৬/ অহংকাৰী নহ'বৰ বাবে পৰামৰ্শ আৰু উপদেশ প্ৰদান: এইটো সঁচা কথা যে শিশুৱে অভিভাৱক আৰু শিক্ষকৰ পৰা অধিক মৰম পালে,আদৰ সাদৰ পালে অহংকাৰী হৈ উঠাৰ সম্ভাৱনা থাকে। সেয়ে শিশুক অহংকাৰী নহ'বৰ বাবে বিশেষ দৃষ্টি ৰাখিব লাগে, উপদেশ বা নিৰ্দেশনা দিব লাগে।
৭/ গ্ৰীষ্মকালীন আৰু শীতকালীন শৈক্ষিক শিবিৰ অনুষ্ঠিতকৰণ কৰা : মধ্য ,উচ্চ আৰু উচ্চতৰ বিদ্যালয়ৰ শিশুৱে নিজৰ প্ৰতিভাৰ পৰিচয় দিব পৰাকৈ প্ৰশিক্ষণ শিবিৰ, আলোচনা চক্ৰ, কৰ্মশালা আদি অনুষ্ঠিত কৰিব লাগে।
দৰাচলতে দেখা যায় যে তীক্ষ্ণ বুদ্ধি সম্পন্ন বা প্ৰতিভাসম্পন্ন শিশুৰ সংখ্যা তেনেই নগণ্য । গতিকে এই কম সংখ্যক শিশুৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কৃপণালী কৰা অনুচিত। দেশৰ গুৰুত্বপূৰ্ণ আৰু অতি মূল্যৱান মানৱ সম্পদ হিচাপে বিবেচনা কৰি এই প্ৰতিভাসম্পন্ন শিশুসকলক সুন্দৰ গতিত আগুৱাই যোৱাত আমি যৎপৰোনাস্তি সহায় কৰা উচিত।
ধন্যবাদেৰে ----
লেখক : দুদুল সোণোৱাল।
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
Tuesday, February 27, 2024
ব্যক্তিত্ব বা Personality ??
ব্যক্তিত্ব বা Personality??
পৃথিৱীৰ প্ৰতিজন মানুহৰে বা ব্যক্তিৰে কিছুমান বিশেষ লক্ষণ থাকে। সেই লক্ষণ বিলাকৰ জৰিয়তে নিজৰ ৰূপটো আনৰ আগত সুন্দৰ ভাৱে বা কুৎসিত ভাৱে প্ৰদৰ্শন কৰে। মানুহৰ আগত প্ৰদৰ্শন কৰা বা প্ৰকাশ কৰা এই ৰূপটোকে মানুহৰ ব্যক্তিত্ব বুলিব পাৰি। আমি আন ধৰণেও ক'ব পাৰোঁ যে কোনো মানুহৰ শৰীৰৰ গঠন, আগ্ৰহ মনোভাৱ, কোনো দিশত থকা প্ৰৱনতা, বৌদ্ধিক সামৰ্থ্যতা, কথা কোৱাৰ ভঙ্গিমা, শৰীৰ চলনৰ লয়, আবেগ , বোধ আদি একগোট হোৱা ধাৰণাটোৱেই হ'ল ব্যক্তিত্ব। ব্যক্তিজন আচৰণগত আৰু মানসিক দিশত কিমান ভাল তাক মানুহৰ ব্যক্তিত্বই প্ৰতিফলিত কৰে।
Saturday, February 24, 2024
স্মৃতি কাক বোলে ? ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?
স্মৃতি কাক বোলে আৰু ইয়াৰ উপাদান সমুহ কি কি ?What is the memory? What are its components ?
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আহৰণ কৰা অভিজ্ঞতা সমূহক আমাৰ মানসপটত ছাপ হিচাপে ৰাখি প্ৰয়োজন সাপেক্ষে সেইবোৰ পুনৰুদ্ধাৰ কৰি চিনাক্তকৰণ কৰা মানসিক প্ৰক্ৰিয়াকে স্মৃতি বোলা হয়। অৰ্থাৎ সচেতন মনত পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱা কাৰ্যকে স্মৃতি বা স্মৰণ ক্ৰিয়া বোলা হয়। সেয়ে স্মৰণ প্ৰক্ৰিয়াক অতীত অভিজ্ঞতাৰ বৰ্তমান জ্ঞান বুলিও কোৱা হয়।
প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ পৰা ভিন ভিন অভিজ্ঞতা অৰ্জন কৰে। এনে অভিজ্ঞতাবোৰ প্ৰতিটো ক্ষণতে আমাৰ মানসপটত মুদ্ৰিত হৈ পুনৰ অপসাৰিত হৈ গৈ থাকে আৰু মানুহৰ মনে অচেতন স্তৰত এই অভিজ্ঞতাবোৰৰ ছবি সংৰক্ষণ কৰে। গতিকে কেতিয়াবা পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন সাপেক্ষে পুনৰুদ্ৰেক হয়। গতিকে কোৱা হয় যে অতীত অভিজ্ঞতাক অবিকল ভাৱে পুনৰুদ্ৰেক কৰাৰ যি মানসিক শক্তি সেয়াই হৈছে স্মৃতিশক্তি।
ষ্টাউট, মেকডুগেল,বাইবান আদি নামৰ মনোবিদ সকলে স্মৃতিৰ সম্পৰ্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। বাইবান নামৰ মনোবিদজনে কৈছে-"আমাৰ অভিজ্ঞতা সংগ্ৰহ কৰাৰ যি ক্ষমতা আছে সেই অভিজ্ঞতা লাভ কৰাৰ কিছু পৰৰ পিছত তাক সচেতন স্তৰলৈ আনিব পৰা যি ক্ষমতা থাকে তাকেই স্মৃতি আখ্যা দিয়া হয়।" গতিকে ক'ব পাৰি যে আমি পূৰ্বে শিকা কথা মনত পেলোৱাৰ মাজতে স্মৃতি নিহিত হৈ থাকে।
স্মৃতিৰ কিছুমান উপাদান আছে। উপাদান সমুহ হ'ল - শিক্ষণ, সংৰক্ষণ, পুন:স্মৰণ, প্ৰত্যভিজ্ঞা আদিয়েই প্ৰধান। সংক্ষিপ্ত ৰূপত বৰ্ণনা আগবঢ়োৱা হ'ল। -
শিক্ষণ বা শিকণ : কোনো অভিজ্ঞতা লাভ নকৰাকৈ বা কোনো এটা বিষয়ৰ সম্পৰ্কে নিশিকাকৈ আমি কোনো অভিজ্ঞতা পাব নোৱাৰো ,অভিজ্ঞতা অবিহনে শিকা সম্ভৱ নহয়। সেয়ে আমি প্ৰথমে কোনো বিষয়বস্তুৰ সম্পৰ্কে শিকি মনৰ মাজত তাক মুদ্ৰিত কৰি ৰাখিব লাগিব। তেতিয়াহে পিছত সেই অভিজ্ঞতাবোৰ স্মৰণ কৰিব পাৰি। অৰ্থাৎ পৰৱৰ্তী স্মৰণ কাৰ্যৰ সাফল্য নিৰ্ভৰ কৰে এই শিক্ষা কাৰ্য বা শিকা কাৰ্য বা পঞ্জীয়ন কাৰ্যৰ ওপৰত। কোনো এটা কাম যদি অতীতত ভালদৰে মনোযোগেৰে শিকা হয় তেন্তে সেই কাম ভৱিষ্যতে স্মৰণ কৰাত আমাৰ বিশেষ অসুবিধা নহয়। গতিকে স্মৃতি ক্ষিপ্ৰ হ'বলৈ হ'লে জ্ঞান অৰ্জনৰ কাম দৃঢ় হ'ব লাগিব।
সংৰক্ষণ : অতীততে লাভ কৰা অভিজ্ঞতাৰ জ্ঞানবোৰ বা স্মৃতিবোৰ আমাৰ স্নায়ু তন্ত্ৰত সংৰক্ষিত হৈ থাকে। একেদৰে আমাৰ দৈনন্দিন জীৱনত অৰ্জন কৰা শিক্ষাক মনৰ মাজত আমি সযতনে সংৰক্ষণ কৰি ৰাখো। বৰ্তমানত লাভ কৰা অভিজ্ঞতাবোৰ মনত সাঁচি নাৰাখিলে আমি তাক স্পষ্টকৈ মনত পেলাব নোৱাৰিম। সেয়ে অভিজ্ঞতাক বা শিকাবোৰ সম্পূৰ্ণ বুজি লৈ মনত ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগে। গতিকে সংৰক্ষণ সঠিক নহ'লে কোনোৱে মেধা শক্তি অৰ্জন কৰিব নোৱাৰে। সেয়ে এইটো এটা গুৰুত্বপূৰ্ণ উপাদান।
পুন:স্মৰণ: কোনো এটা বিষয়ত আমাৰ দৈনন্দিন জীৱনৰ কোনো সময়ত শিকা কথাবোৰ মস্তিষ্কই সংৰক্ষণ কৰাৰ পিছত তাক পুনৰ স্মৰণ কৰা কাৰ্যটোক পুন:স্মৰণ বা পুনৰুদ্ৰেক কৰা বোলা হয়। পুন:স্মৰণ আমাৰ জীৱনৰ স্মৃতিৰ গুৰুত্বপূৰ্ণ বিষয়। পুন:স্মৰণ কৰিবলৈ আমি কথাবোৰ খৰচিমাৰি শিকিব লাগে।
প্ৰত্যভিজ্ঞা : কেৱল অতীত অভিজ্ঞতাৰ পুন:স্মৰণ হ'লেই স্মৰণ কাৰ্যৰ সম্পাদন হৈছে বুলি ক'ব নোৱাৰি যদিহে অভিজ্ঞতাৰ প্ৰতিৰূপ বিলাকক আমি পূৰ্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব নোৱাৰোঁ। অৰ্থাৎ এটা অংক পূৰ্বে যিধৰণে শিকা হৈছিল, যদি তাক পুনৰাই অবিকল ৰূপত স্মৰণ কৰিব পৰা যায়, তেন্তে সেই স্মৰণেই হ'ব প্ৰত্যভিজ্ঞা। গতিকে শিকাবোৰ সঠিক হ'লে প্ৰত্যভিজ্ঞা সঠিক হয়।
গতিকে ওপৰত আলোচনা কৰা প্ৰতিটো উৎপাদনৰ ৰূপ স্মৰণত সংমিশ্ৰণ ঘটিলেহে তাক সঠিককৈ স্মৃতি বুলিব পাৰি। প্ৰতিটো উপাদানৰ ৰূপ সঠিককৈ আনিবলৈ হ'লে শিকাৰ ক্ষেত্ৰত অধিক মনোযোগ,ধ্যান আদি গুণৰ সমাহাৰ ঘটিব লাগিব।
স্মৃতিশক্তি বৰ্দ্ধনৰ বাবে আমি বিভিন্ন কাৰ্য বা গুণৰ অধিকাৰী হ'ব লগীয়া হয়। বিশেষকৈ বিদ্যালয়ৰ পৰ্যায়ত স্মৃতিশক্তি বৰ্দ্ধনৰ উপাদান সমুহ বেছি প্ৰয়োজন আছে। আগৰ দিনত শিক্ষকে দীঘল কবিতা মুখস্থ কৰিবলৈ দিছিল। কিন্তু বৰ্তমানৰ শিক্ষাত মুখস্থ বিদ্যা সম্পূৰ্ণ পৰিত্যাগ কৰা হ'ল। অৱশ্যে এই কথা একেবাৰে সঁচা নহয়। মনত ৰখা বা মুখস্থ কৰা প্ৰায় সমপৰ্যায়ৰ বুলি ক'লেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। মনত নথলে জানো কিবা এটা কথা সংৰক্ষণ কৰিব পাৰি ? যিকোনো বিষয়ত কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ হ'লে - গভীৰ মনোযোগ, পুন: পুন: অনুশীলন, অৰ্থপূৰ্ণ শিক্ষণ, ব্যৱহৃত শিক্ষণ, প্ৰৱল আগ্ৰহ, সক্ৰিয় প্ৰচেষ্টা, ইন্দ্ৰিয়ৰ সঠিক ব্যৱহাৰ, খণ্ড আৰু অখণ্ড পদ্ধতি, জিৰণি, পৰিৱেশৰ অৱস্থা , শাৰীৰিক আৰু মানসিক অৱস্থা, ছন্দৰ প্ৰয়োগ, ইচ্ছাশক্তি, অভিপ্ৰায় আদি উপাদান সমূহ বা গুণসমূহ আমি আয়ত্ব কৰিব প্ৰয়াস কৰিব লাগে।
কোনো বিষয়ত যিমানেই মনোযোগ দি শিকা হয় সিমানেই শিকা কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰৈ যায়। অৰ্থাৎ গভীৰ মনোযোগেৰে শিকা কথাবোৰ সদায় স্থায়ী হয়। আজিৰ সময়ত গভীৰ মনোযোগৰ একেবাৰে অভাৱ দেখা যায় যাৰ বাবে আজিৰ ল'ৰা ছোৱালীৰ শিক্ষা ক্ষণস্থায়ী ৰূপত পৰ্যবসিত হৈছে ( অৱশ্যে সকলোবোৰ নহয়) । শিকিবলগীয়া কথাবোৰ বাৰে বাৰে পুনৰাবৃত্তি আৰু চৰ্চা কৰিব প্ৰয়াস কৰিব লাগে, তেনে কৰিলে শিকা কথাবোৰ স্থায়ী হয়। কোনো বিষয়ত অধ্যয়ণ কৰিলে যুক্তিযুক্ত ভাৱে অৰ্থ ফঁহিয়াই শিকিব যত্ন কৰিব লাগে, তেতিয়া মানসপটত কথাবোৰ দীৰ্ঘস্থায়ী হয়। এইটো কথা সত্য যে ইচ্ছা নাথাকিলে কোনো কামে সুচাৰুৰূপে কৰিব নোৱাৰি। শিকাৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। মনৰ ইচ্ছাৰ বিৰুদ্ধে কোনো কাম কৰিলে বা শিকাত আগ্ৰহ নাথাকিলে সেই শিক্ষা কোনোকালে সাৰ্থক নহয়। আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক বিলাকে এই কথাটো ভবা উচিত। স্মৃতি শক্তি সজীৱ কৰিবলৈ পাঠ্যপুথিৰ নিস্ক্ৰিয় শিক্ষাৰ সৈতে কিছু ক্ষেত্ৰত সক্ৰিয় শিক্ষাৰ ব্যৱস্থাও সন্নিৱিষ্ট কৰা উচিত।
কথাবোৰ সুস্পষ্ট ৰূপত মনত ৰাখিবলৈ খণ্ড আৰু অখণ্ড পদ্ধতি এটা ভাল পদ্ধতি। শিকিবলগীয়া কথাবোৰ মনত ৰাখিবৰ বাবে সদায় খণ্ড খণ্ডকৈ বা ভাগ ভাগকৈ আৰু অখণ্ডকৈ বা সম্পূৰ্ণকৈ শিকিব চেষ্টা কৰিব লাগে। তেতিয়া সহজে কথাবোৰ মনত ৰৈ যায়। শিক্ষা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। গতিকে পৰিৱেশটো শিক্ষাৰ্থীৰ বাবে সদায় শিক্ষাৰ অনুকুল হোৱা প্ৰয়োজন। হাই উৰুমি,কোলাহল পূৰ্ণ পৰিৱেশত শিকাবোৰ স্থায়ী নহয়। উপৰোক্ত নিয়মবোৰ মানি চলি পঢ়িলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে শিকাত উপকৃত হ'ব।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
Featured post
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.
সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...
Popular posts
-
খেল-ধেমালি : খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰ...
-
গণিতৰ ব্যৱহাৰ প্ৰাচীন কালত মানুহে হাঁহিব বা কান্দিব জনা মুহূৰ্ত্তৰ পৰাই বা কিছু বুজিবৰ সক্ষম হোৱা দিনৰে পৰা গণিতৰ ব্যৱহাৰ আমা...
-
পঢ়ক আৰু পঢ়ুৱাওক: পাঠ্য সূচী : * নৈতিক শিক্ষা কি ? : * কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?: * মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! : * সামৰণি :...
-
বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা:: A development plan of a school. কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপ...
-
১. বৃত্তিমূলক শিক্ষা কি ? ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ? ৩. কিয় প্ৰয়োজন/ বিৱৰণ ? ৪. বৃত্তিমূলক শিক্ষাই ...