Tuesday, July 23, 2024

নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকা আৰু 'নৰকাসুৰ' নাটৰ মূল আৰু মৌলিকতা। Playwright Atulchandra Hazarika and the originality of the play 'Narakasura.

নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকা আৰু 'নৰকাসুৰ' নাটৰ মূল আৰু মৌলিকতা। Playwright Atulchandra Hazarika and the originality of the play 'Narakasura.

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
  

   অতুলচন্দ্ৰ হাজৰিকা অসমৰ এজন প্ৰসিদ্ধ নাট্যকাৰ। অসমীয়া নাট্য সাহিত্যৰ ভঁৰাললৈ তেওঁৰ অৱদান উল্লেখনীয়। তেওঁ একাধাৰে কাল্পনিক, ঐতিহাসিক আৰু পৌৰাণিক নাটক ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ উল্লেখিত তিনিটা বিষয়ত মুঠ ত্ৰিশখন মান নাটক ৰচনা কৰিছিল। উল্লেখ্য যে তেওঁৰ নাটক সমূহত মোলোড্ৰামাৰ লক্ষণ বিৰাজমান সেইবোৰ প্ৰায়ে যাত্ৰাধৰ্মী হোৱা পৰিলক্ষিত হয়। তেওঁৰ নাটকত সাংসাৰিক জীৱনৰ তুচ্ছতাৰ পৰিৱৰ্তে বহিঃসংঘাতৰ প্ৰাধান্য অধিক দেখা যায়। সেয়ে হয়তো নাটকবোৰত ভাবাৱেশৰ প্ৰাধান্য অধিক। তদুপৰি চৰিত্ৰৰ ভাবোচ্ছাসপূৰ্ণ আস্ফালন, বহুভাষণ আৰু উপাদান বিন্যাসৰ গতানুগতিকতা তেওঁৰ নাটকত বিদ্যমান। অৱশ্যে তেওঁৰ নাটকত চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ, স্থিৰ গম্ভীৰ অন্তৰ্দৃষ্টিৰ পৰিচয় আৰু জগত আৰু জীৱনৰ দুৰ্জেয় ৰহস্য উদ্ঘাটন আদিৰ ক্ষেত্ৰত বেছি প্ৰভাৱ পৰা নাই। সেয়ে হয়তো বহু ক্ষেত্ৰত তেওঁৰ নাটক বিলাক উচ্চ পৰ্যায়ৰ সাহিত্যলৈ ৰূপান্তৰিত হোৱাত বাধাৰ সৃষ্টি হৈছে। অৱশ্যে চৰিত্ৰৰ ক্ষেত্ৰত কিছু ত্ৰুটি থাকিলেও পৰিস্থিতি আৰু ঘটনাৰ চমৎকাৰিত্বই আৰু চৰিত্ৰৰ সংলাপৰ নাটকীয় গুণে নাটক সমূহক আৱেদনশীল আৰু গ্ৰহণযোগ্য কৰি তোলিবলৈ সক্ষম হৈছে। 

     হাজৰিকা দেৱৰ নাটকত বিশেষকৈ বঙালী নাট্যকাৰ - ক্ষীৰোদ প্ৰসাদ, দ্বিজেন লাল আৰু গিৰিশ ঘোষৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। তেওঁৰ নাটকত গীতেও ঠাই পাইছিল। বিশেষকৈ স্বদেশপ্ৰেমমূলক, ভক্তিমূলক,শোকব্যঞ্জক আৰু বহু ক্ষেত্ৰত প্ৰেমৰ ভাৱ প্ৰকাশ কৰিবলৈ তেওঁ নাটকত গীতৰ ওপৰত প্ৰাধান্য দিছিল। 
   অতুলচন্দ্ৰ হাজৰিকা দেৱে ৰচনা কৰা নাটসমূহ হৈছে - ১/ অনুবাদমূলক: 'বনিজ কেঁশৱাৰ' আৰু 'অশ্ৰুতীৰ্থ'। (মূল:Marcent Venice King Lear - Shakespeare) শকুন্তলা (মূল মহাকবি কালিদাসৰ অভিজ্ঞান শকুন্তলা ৰ ভাঙনি) । 
 ২/ পৌৰাণিক নাটক: বেউলা, নন্দ দুলাল, কুৰুক্ষেত্ৰ, নৰকাসুৰ, নিৰ্যাতিতা, ৰুক্মিণী হৰণ, চম্পাৱতী, শকুন্তলা আৰু সাৱিত্ৰী, পাণ্ডৱৰ অগ্নি পৰীক্ষা, শ্ৰীৰাম চন্দ্ৰ, সতী আদি। 
৩/ ঐতিহাসিক নাটক: কনৌজ কুঁৱৰী, ছত্ৰপতি শিৱাজী, টিকেন্দ্ৰজিত, পানীপথ, বীৰঙ্গনা , আহুতি, দময়ন্তী আনন্দমঠ আদি।
৪/কাল্পনিক নাটক: মৰ্জিয়ানা, মানস প্ৰতিমা, ৰংমহল আদি।
    অসমীয়া সাহিত্যৰ নাট্য জগতলৈ অতুল চন্দ্ৰ হাজৰিকাৰ অতুলনীয় অৱদানৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি তেওঁৰ দান সঁচাই অমূল্য আছিল। অতুলচন্দ্ৰ হাজৰিকা চিৰদিন অসমীয়া নাট্য সাহিত্যৰ জগতত অম্লান হৈ থাকিব। নৱ প্ৰজন্মক তেওঁৰ নাটক সমূহ সংগ্ৰহ কৰি পঢ়িবলৈ এই আপাহতে আন্তৰিক অনুৰোধ জনালোঁ।

নৰকাসুৰ নাটকৰ - মূল আৰু মৌলিকতা: 

নৰকাসুৰ হাজৰিকা দেৱে ৰচনা কৰা এখনি পৌৰাণিক নাটক। উল্লেখ্য যে পৌৰাণিক নাটক সমূহৰ মূল বিষয়বস্তু হৈছে ৰামায়ণ, মহাভাৰত, পূৰাণ আদিৰ পৰা সংগ্ৰহ কৰা পুৰনি কাহিনীৰে সমৃদ্ধ নাটক। নৰকাসুৰ নাটকখনো কালিকা পুৰাণৰ পৰা কাহিনী ভাগ লৈ নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকাই ৰচনা কৰিছিল। অৱশ্যে তেওঁৰ নিজস্ব দুই এটা কথাবস্তু এই ৰচনাত সংযোগ কৰা দেখা গৈছে। 
       নাটকখনৰ মূল কাহিনী হ'ল - "বিদেহৰ ৰাজ্যৰ ৰজা জনকৰ গৃহত নৰকাসুৰে তেওঁ বাল্যকাল অতিবাহিত কৰে। নৰকৰ মাতৃ কত্যায়িনী বা বসুন্ধৰা। বসুন্ধৰাৰ উপদেশ মতেই নৰকাসুৰে প্ৰাগজ্যোতিষপুৰ উদ্ধাৰ কৰা, তেওঁ দেৱদ্বিজ বিদ্বে আৰু ভাগৱতীক বিয়া কৰাবৰ বাবে আয়োজন, নৰকাসুৰ বধ কৰাৰ উদ্দেশ্যে সত্যভামাৰ সংগত শ্ৰীকৃষ্ণৰ প্ৰাগজ্যোতিষলৈ আগমন, নৰকৰ লগত যুদ্ধ আৰু নৰকৰ মৃত্যু আদি।" এই সকলোবোৰ ঘটনা নাট্যকাৰে কালিকাপুৰাণৰ পৰা লৈছে। তদুপৰি তেওঁ নাটক খনত কিছুমান কাল্পনিক চৰিত্ৰও সংযোজন কৰিছে। গতিকে স্বকল্পিত আৰু পৌৰাণিক সমল সংযোজন কৰি ৰচনা কৰা নাটকখন এহাতে মনোগ্ৰাহী হৈছে, আনহাতে জটিল আৰু শিথিল দুয়োটা গুণে সাবতি ধৰিছে বুলিব পাৰি।
   যদিওবা নৰকাসুৰ নাটকখনৰ মূল বিষয়বস্তু কালিকা পুৰাণৰ পৰা সংগৃহীত হৈছে, তথাপি ইয়াত জনশ্ৰুতি, কিম্বদন্তি, পুৰাণ, মহাভাৰতৰ অপূৰ্ব সংমিশ্ৰণো ঘটিছে যাৰ ফলত কাহিনী ভাগে এটা নতুন ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। অতুলচন্দ্ৰ হাজৰিকাৰ হাতৰ পৰশত নাটকখনিয়ে পৌৰাণিক হ'লেও মৌলিকতা অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিছে। নাটকখনত নাট্যকাৰে কাহিনী ভাগ এক অভিনৱ ৰূপত উপস্থাপন কৰিবলৈ চৰিত্ৰ সৃষ্টি কৰি মৌলিকতাৰ ৰহণ সানিছে। বিশেষকৈ বসুমতী, মায়া, ইন্দুমতী, বিশ্বকৰ্মা, নৰকাসুৰ আদি চৰিত্ৰ সমূহ সৃষ্টি কৰি নাট্যকাৰে নাটকখনি সুন্দৰ ৰূপত উপস্থাপন কৰিছে। চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ আৰু গভীৰ অন্তৰ্দৃষ্টিৰ অভাৱে নাটকখনিৰ কলাত্মক দিশটোত আঘাত হানিছে যেন অনুভৱ হয়। আকৌ নাটকখনিত নাট্যকাৰৰ স্বকল্পিত আৰু পৌৰাণিক ঘটনা সকলোবোৰ সামৰি লোৱাত নাটকীয় বিষয়বস্তুয়ে জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। নাটকখনত হাজৰিকা দেৱে সৃষ্টি কৰা চৰিত্ৰ ইন্দুমতী, মায়া, বিশ্বকৰ্মা সত্যকি প্ৰদ্যুম্ন বলৰাম আদি চৰিত্ৰই নাটকৰ কথাবস্তু বিকাশত কোনো বিশেষ ভূমিকা গ্ৰহণ কৰিব পৰা নাই। অৱশ্যে ইন্দুমতী আৰু বিশ্বকৰ্মাৰ চৰিত্ৰ স্বকীয় ভাৱে অতি সুন্দৰ ভাৱে উপস্থাপন কৰিছে। 
নাট্যকাৰে নৰকাসুৰ নাটকখন আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু মাতৃ নিন্দাৰ ভাৱক কেন্দ্ৰ কৰিয়েই ৰচনা কৰিছে। নাট্যকাৰে দেখুৱাইছে যে যেতিয়াই নৰকৰ প্ৰতিশোধ প্ৰৱণতা বৃদ্ধি পাইছে, তেতিয়াই নৰকৰ পতন ঘটিছে। 
      নৰকাসুৰ নাটকত নাট্যকাৰ অতুলচন্দ্ৰ হাজৰিকাই নৰকৰ জীৱনৰ অন্তৰালত দৈৱৰ পৰিহাৰ আছে বুলি দেখুওৱাইছে। নাট্যকাৰে কৈছে যে বিষ্ণুৱে বশিষ্ঠৰ শাপ অনুসৰি নৰকৰ পিতৃ হ'লেও তেওঁৱেই নৰ ৰূপত জন্ম গ্ৰহণ কৰি নৰকৰ মৃত্যুৰ কাৰণ হ'ব। আকৌ নৰকাসুৰৰ মৃত্যুৰ বাবে মাতৃ বসুন্ধৰাৰ আদেশ অপৰিহাৰ্য্য বুলি উল্লেখ কৰে। কিন্তু কোনো মাতৃয়ে নিজৰ পুত্ৰক মৃত্যুদণ্ডৰ আদেশ দিব নোৱাৰে। গতিকে নৰক অমৰ হৈ পৰিল বুলি সকলোৱে ভাবিছিল। কিন্তু বিধিৰ বিধান নহয় খণ্ডন কবৰ দৰে বসুন্ধৰাৰ অংশ সত্যভামাৰ আদেশত বিষ্ণুৰ অংশী নৰৰূপী শ্ৰীকৃষ্ণই নৰকক বধ কৰিবলৈ আগবাঢ়ি আহিল। তেতিয়াহে বসুন্ধৰাই দৈৱৰ প্ৰতাৰণাৰ কথা বুজি পালে। এনেদৰে পৌৰাণিক নাটক নৰকাসুৰত পৌৰাণিকৰ লগতে নাট্যকাৰৰ নিজা সৃষ্টিৰে নাটকখনিত মৌলিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

---------------------------------------------


লেখাটো পঢ়ি চোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লেখক: দুদুল সোণোৱাল।
🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺


   



Thursday, June 13, 2024

প্লাষ্টিক আমি কিয় বৰ্জন কৰা উচিত ? প্লাষ্টিক বৰ্জন কৰক আৰু পৰিৱেশক প্ৰদূষণৰ পৰা ৰক্ষা কৰক। Why should we avoid plastic? Avoid plastic and protect the environment from pollution.

প্লাষ্টিক আমি কিয় বৰ্জন কৰা উচিত ? প্লাষ্টিক বৰ্জন কৰক আৰু পৰিৱেশ প্ৰদূষণৰ পৰা ৰক্ষা কৰক। Why should we avoid plastic? Avoid plastic and protect the environment from pollution.

১/ প্লাষ্টিক কি ?

প্লাষ্টিক হৈছে এবিধ দাহ্য পদাৰ্থ। প্লাষ্টিক সংশ্লেষিত বা অৰ্ধ-সংশ্লেষিত নমনীয় বহুযোগী পদাৰ্থ। সাঁচত ঢালি প্লাষ্টিকক বিভিন্ন আকাৰলৈ নিব পাৰি। প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰযুক্ত জৈৱিক বহুযোগী যৌগ। কিন্তু, প্ৰায়েই লগত আন মৌলও যোগ দিয়া হয়। ইয়াৰ 'নমনীয়তা' গুণৰ বাবে বহুযোগী যৌগৰ এই পদাৰ্থসমূহক প্লাষ্টিক বোলা হয়।

২/ প্লাষ্টিক কিয় বৰ্জন কৰা উচিত ?
     প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ পৰিৱেশটো ভয়াৱহভাৱে বিনষ্ট কৰাত অৰিহণা যোগায়। মানুহে নানান কাৰণত ব্যৱহাৰ কৰা প্লাষ্টিকজাত সামগ্ৰী সমূহ সহজে নপচে। যেনে- পলিথিন, বিভিন্ন বিস্কুটৰ পেকেট, বিভিন্ন সামগ্ৰীৰ বটল আদি পচিবলৈ বা মিলি যাবলৈ অতি কমেও ১২০ ৰ পৰা ১৪০ বছৰ পৰ্য্যন্ত লাগে। যাৰ ফলত এনে প্লাষ্টিকৰ দ্ৰব্য সমূহে আমাৰ বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। তদুপৰি পেলনীয়া পলিথিনে মাটিৰ উৰ্বৰতা শক্তি নষ্ট কৰাৰ লগতে এই মাটি ব্যৱহাৰৰ অনুপযোগী কৰি তোলে। সাম্প্ৰতিক সময়ত আমি নদ-নদী,জলাশয় অথবা সাগৰ, মহাসাগৰ সমূহতো প্লাষ্টিকৰ সামগ্ৰী পেলায় দিয়াৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ সম্পৰ্কে বাতৰি কাকত বা দূৰদৰ্শন আদিৰ যোগে খবৰ পাই থাকোহক। গতিকে এনে পৰিস্থিতিত আমি প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰৰ পৰা দূৰত থকাটো অতি গুৰুত্বপূৰ্ণ কথা। 
৩/ প্লাষ্টিক ব্যৱহাৰৰ উপকাৰী দিশ:
    প্লাষ্টিক হৈছে অতি পাতল ওজনযুক্ত পদাৰ্থ। সেয়ে মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অতি ভাল পায়। প্লাষ্টিক প্ৰায় যিকোনো বস্তুৰ বাবে অৰ্থাৎ তৰল বা গোটা বস্তু কঢ়িয়াই নিয়া বা ভৰাবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি ইয়াৰ ওজন তেনেই সামান্য হোৱাৰ হেতুকে বজাৰ সমাৰৰ লগতে আন দৰকাৰী কামতো সহজে ব্যৱহাৰ কৰে। প্লাষ্টিক আজিকালি পৃথিৱীৰ সকলোতে উপলব্ধ পদাৰ্থ। মানুহে ইয়াক কেৱল তেওঁলোকৰ আৰামৰ বাবে অন্তহীনভাৱে ব্যৱহাৰ কৰি আহিছে। অৱশ্যে, কোনেও অনুভৱ নকৰে যে ই আমাৰ 'পৃথিৱী' নামৰ গ্ৰহটোৰ কেনেদৰে ক্ষতি সাধন কৰিছে। 
    প্লাষ্টিক ব্যৱহাৰ জনপ্ৰিয় হোৱাৰ মূল কাৰণ হৈছে- প্লাষ্টিক নিৰ্মাণৰ কম খৰচ, উৎপাদনৰ সহজতা, বহুমুখীতা আৰু পানীত সহজে নষ্ট নোহোৱা গুণৰ বাবে প্লাষ্টিক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বৰ্তমানৰ যুগত আমি লিখিবলৈ ব্যৱহাৰ কৰা কাগজকে ধৰি মহাকাশযান নিৰ্মাণলৈ প্লাষ্টিকৰ ব্যৱহাৰ কৰা হৈছে। পৰম্পৰাগত কাঠ, শিল, জন্তৰ হাড় বা শিঙ, ছামৰা, কাগজ, ধাতু, কাঁচ আৰু চিনামাটিৰ স্থানত এতিয়া সৰহসংখ্যক প্লাষ্টিকহে ব্যৱহাৰ কৰা হয় । উন্নত দেশসমূহত এক তৃত্বীয়াংশ প্লাষ্টিক বস্তু বন্ধাৰ কামত আৰু এক তৃত্বীয়াংশ গৃহ নিৰ্মাণৰ পানীৰ নলী, খিৰিকীৰ ছাদ আদিত ব্যৱহৃত হয়। গাড়ী নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰায় ২০% প্লাষ্টিক ব্যৱহৃত হয়। ঘৰৰ আচ-বাব, খেলনা আদিতো প্লাষ্টিক প্ৰভুত ভাৱে ব্যৱহাৰ কৰা হয়। ভাৰতত বস্তু বন্ধাৰ বাবেই ৪২% প্লাষ্টিক ব্যৱহৃত হয় বুলি জনা যায়। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত সংৰোপিত কৃত্ৰিম ভাল্ভ আদিতো প্লাষ্টিক ব্যৱহাৰ কৰা হয়। গতিকে প্লাষ্টিকৰ অবিহনে যেন আজিৰ পৃথিৱী অচল। 
৪/ প্লাষ্টিক ব্যৱহাৰৰ অপকাৰী দিশ:
     প্লাষ্টিক পচনশীল সামগ্ৰী হ'লেও আমি ইয়াক ভূমি বা পানীত প্লাষ্টিক দ্ৰৱীভূত কৰিব নোৱাৰো। যাৰ বাবে প্লাষ্টিকে পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে। সেয়ে প্লাষ্টিক বৰ্তমান সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান হৈ পৰিছে বুলি ভবাৰ থল আছে, যিয়ে পৰিৱেশ তন্ত্ৰ, মানৱ স্বাস্থ্য আদিত প্ৰভাৱ পেলাইছে। প্লাষ্টিকৰ স্থায়িত্ব আৰু অৱক্ষয়ৰ প্ৰতিৰোধ ক্ষমতাই পৰিৱেশৰ বাবে এক ভাবুকি সৃষ্টি কৰিছে। উল্লেখ্য যে প্লাষ্টিকত এক গুৰুত্বপূৰ্ণ বিষাক্ত প্ৰদূষক থাকে। যিবোৰে বায়ু, মাটি আৰু পানী দূষিত হোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়, ইয়াৰ ফলত পৰিৱেশ বিনষ্ট হোৱাৰ উপৰিও জীৱকূলৰ সুৰক্ষাত যথেষ্ট ক্ষতি সাধন কৰিছে।
৫/ প্ৰদূষণ প্ৰতিৰোধৰ ব্যৱস্থা: 
   ওপৰত উল্লেখ কৰা হৈছে যে প্লাষ্টিক প্ৰদূষণ সাম্প্ৰতিক সময়ৰ অন্যতম উল্লেখযোগ্য প্ৰত্যাহ্বান স্বৰূপ হিচাপে বিবেচিত হোৱা পৰিলক্ষিত হৈছে। যিয়ে পৰিৱেশ পৰিস্থিতি তন্ত্ৰ, মানৱ স্বাস্থ্য আৰু 'পৃথিৱী' নামৰ গ্ৰহটোৰ সামগ্ৰিক মংগলৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। এই বিষয়টোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি আমি স্বীকাৰ কৰি বহনক্ষম সমাধান বিচাৰিবলৈ সামূহিকভাৱে কাম কৰাৰ সময় সমাগত। প্ৰদূষণ প্ৰতিৰোধৰ দুটামান উপায় উল্লেখ কৰা হ'ল - 
ক) প্লাষ্টিকজাত সামগ্ৰী ব্যৱহাৰৰ হ্ৰাসকৰণ কৰা আৰু পুনৰ ব্যৱহাৰৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰা।
খ) আমি জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে দায়িত্বশীলভাৱে প্লাষ্টিক পুনঃব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
গ) সমাজৰ সকলো শ্ৰেণীৰ লোককে এইবিষয়ত শিক্ষা প্ৰদান কৰা আৰু সজাগতা সৃষ্টিৰ নিমিত্তে সভা আয়োজন কৰা আৰু কাৰ্যপন্থা হাতত লোৱা।
ঘ) চৰকাৰে প্লাষ্টিক জাত সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত সকলো লোকেই সাৱধানতা অৱলম্বন কৰিবৰ বাবে নীতি আৰু আইন প্ৰণয়ন কৰিব লাগিব।
ঙ)বহনক্ষমতাৰ বাবে উদ্ভাৱন আৰু ডিজাইন : বিশেষকৈ উদ্যোগসমূহে পৰিৱেশ সঠিক ভাৱে ৰাখিবলৈ তথা বন্ধুত্বপূৰ্ণ ভাৱে সমস্যা সমাধান কৰি বিকশিত কৰাত মনোনিৱেশ কৰিব লাগে। তদুপৰি জৈৱ-বিঘ্নিত সামগ্ৰীৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিব লাগে। উদ্ভিদ ভিত্তিক প্লাষ্টিক আৰু পচন সাৰ সামগ্ৰীৰ দৰে উদ্ভাৱনে প্লাষ্টিকৰ আৱৰ্জনা বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰিব পাৰে।
৬/ পৰামৰ্শ আৰু সামৰণি:
    শিশুসকলক প্লাষ্টিক ব্যৱহাৰ নকৰিবলৈ তেওঁলোকক শৈশৱৰ পৰা শিকোৱা উচিত। একেদৰে, প্ৰাপ্তবয়স্কসকলেও এই বিষয়ত অধিক সজাগ হৈ প্লাষ্টিক জাতীয় সামগ্ৰী পলিথিন আৰু আন সামগ্ৰী সমূহ ব্যৱহাৰ কম কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আনকো ইয়াৰ অপকাৰিতাৰ সম্পৰ্কে কৈ সচেতন কৰিবলৈ প্ৰয়াস কৰিব লাগে। তদুপৰি চৰকাৰেও প্লাষ্টিক প্ৰদূষণে সমাজক তথা পৰিৱেশ তন্ত্ৰৰ বিনষ্ট কৰাৰ আগতে ইয়াৰ ব্যৱহাৰৰ নিষেধাজ্ঞা কঠোৰ ভাৱে জাৰি কৰি ইয়াৰ ইয়াৰ পুনৰ: ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা প্ৰয়োজন। 
+++++++++++++++++++++++++++++++++







Friday, June 7, 2024

বিজ্ঞান বিষয়ক শ্ল'গান কেনেকৈ লিখা হয় ?How are science slogans written ?

  বিজ্ঞান বিষয়ক শ্ল'গান কেনেকৈ লিখা হয় ?How are science slogans written ?



     বিজ্ঞান হৈছে এক আধাৰশিলা যাক প্ৰতিটো শিশুৱে আয়ত্ত কৰাটো বাঞ্ছনীয়। বিজ্ঞানে আমাক কেনেকৈ ভাবিব লাগে আৰু সৃষ্টিশীলভাৱে সমস্যাবোৰৰ কাষ কেনেকৈ চাপিব লাগে তাক পুংখানুপুংখ ভাৱে শিকায়। অতি দুখৰ বিষয় যে বহুলোকে বিজ্ঞান শিকিবলৈ আগ্ৰহী নহয় কাৰণ বহু লোকে বিজ্ঞান বিষয়ক আমনিদায়ক আৰু কঠিন বুলি ভাবে। যদি আপুনি আপোনাৰ শিক্ষাৰ্থীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি প্ৰেম গঢ়ি তোলাত সহায় কৰিবলৈ ইচ্ছা অনুভৱ কৰে তেন্তে বিজ্ঞানৰ বাবে এটা শ্লোগান লিখি ব্যৱহাৰ কৰিবলৈ নিজেও চেষ্টা কৰক আৰু শিক্ষাৰ্থীকো উৎসাহিত কৰক। প্ৰবন্ধটোত মই আপোনালোকক শ্লোগান কেনেকৈ লিখিব লাগে আৰু শিক্ষাৰ্থীক কিয় শিকোৱা উচিত সেই সম্পৰ্কে কেৱল ধাৰণা এটাহে আগবঢ়াবলৈ বিচাৰিছোঁ। শৈক্ষিক খণ্ডত শ্লোগান লিখনে কি প্ৰভাৱ পেলায়, শিকণত কেনেকৈ উদগনি যোগাই সেই সম্পৰ্কে বৰ্ণনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। শ্ৰদ্ধাৰ পাঠকসকলক মই, ধাৰণা আহৰণ কৰিবলৈ কিছুমান ধেমেলীয়া বিজ্ঞানৰ উদ্ধৃতি আৰু শ্লোগান প্ৰদান কৰিছো। আপোনালোকে পঢ়ি ভালদৰে চাই ল'ব কোনবোৰ এৰিব পাৰি আৰু কোনবোৰ ল'ব পাৰি।

শ্লোগান কি? What is 'Slogan'?

   শ্লোগান হৈছে এটা সংক্ষিপ্ত উদ্ধৃতি বা বাক্যাংশ যি এটা স্মৰণীয় বাৰ্তা প্ৰদান কৰে। বাৰ্তাটো ব্ৰেণ্ড, ব্যক্তিগত, সামগ্ৰী, সেৱা বা উদ্যোগৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। তদুপৰি উদ্ধৃতিটো ছন্দোবদ্ধ বা ছন্দ মিল নথকা হ'ব পাৰে । কিন্তু ই অৰ্থপূৰ্ণ হ'ব লাগিব।

 এটা বিজ্ঞান বিষয়ক শ্লোগানে শিক্ষাৰ্থীসকলক বিজ্ঞান অধ্যয়ন কৰিবলৈ উৎসাহিত কৰাৰ প্ৰচেষ্টাক প্ৰচাৰ কৰে। বিজ্ঞানৰ শ্লোগানবোৰে এটা স্মৰণীয় উদ্ধৃতিত বিজ্ঞানৰ গুৰুত্বতাৰ সম্পৰ্কে আমাক সোঁৱৰাই দিয়ে। আনহাতে শ্লোগানৰ ব্যৱহাৰ কেৱল শৈক্ষিক খণ্ডতে সীমাবদ্ধ নহয়। ইয়াক আমাৰ সমাজৰ বিভিন্ন ক্ষেত্ৰতো ব্যাপকভাৱে প্ৰয়োগ কৰা হয়।

শ্লোগানে সঁচাকৈয়ে শিক্ষাৰ্থীক শিকিবলৈ উৎসাহিত কৰে নে ?
   হয়, শ্লোগানে নিৰ্দিষ্ট আচৰণৰ সম্পৰ্কে প্ৰচাৰ কৰি শিক্ষাৰ্থীক শিকাত উদগনি দিয়ে। এটা শ্লোগানে শিক্ষাৰ্থীসকললৈ মূল্যৱান তথ্য বহন কৰে, আৰু শ্লোগানে শিক্ষাৰ্থীক শিকাত পথপ্ৰদৰ্শক হিচাপেও কাম কৰে। বিজ্ঞানৰ শ্লোগানে সাধাৰণতে বিজ্ঞান অধ্যয়নৰ আনন্দ আৰু লাভালাভৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াই । শ্লোগানবোৰে বিশেষভাৱে শিক্ষাক মনোগ্ৰাহী আৰু আকৰ্ষণীয় কৰি তোলাত সহায় কৰে। কিয়নো বিশেষ শব্দ আৰু ছন্দ প্ৰয়োগ কৰাৰ বাবে পঢ়িবলৈ ভাল আৰু শুনিবলৈ শুৱলা হয়। ইয়াৰ ফলত মগজুয়ে সহজে বিষয়বস্তুৰ ওপৰত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হয়। বিভিন্ন শব্দৰ জ্ঞান আৰু সেইবোৰৰ অৰ্থৰ সৈতে পৰিচিত হ'বলৈ শিক্ষাৰ্থীয়ে সহজ সুবিধা পায়। গতিকে শ্লোগান হ'ল শিক্ষাৰ্থীক জ্ঞান অৰ্জনত প্ৰভূত পৰিমাণে প্ৰভাৱ পেলাব পৰা এক ফলপ্ৰসূ উপায় বা মাধ্যম। বিজ্ঞান বিষয়ক কেইটামান শ্ল'গানৰ আৰ্হি তলত উল্লেখ কৰিলোঁ।-
 
১/ বিজ্ঞানে জীৱন গঢ়াত সহায় কৰে।
২/ এজন বিজ্ঞানীৰ দৰে চিন্তা কৰক।
৩/ মানুহে অধিক সমস্যা সৃষ্টি কৰে, বিজ্ঞানে সমাধান কৰে।
৪/ বিজ্ঞানে উন্নয়নৰ জোৱাৰ আনে, আমাক আগবঢ়ায় নিয়ে।
৫/ যদি আপুনি সহায় কৰিব বিচাৰে পৃথিৱীক, বিজ্ঞানৰ সৈতে সম্পৰ্ক আৰম্ভ কৰক।
৬/ বিজ্ঞানে জ্ঞানক কামত লগায়।
৭/ ৰসায়ন বিজ্ঞান অধ্যয়ন কৰক আৰু কেঁচা সামগ্ৰীৰ পৰা কেনেদৰে সামগ্ৰী তৈয়াৰ কৰিব লাগে শিকক।
৮/ ভুলবোৰ হ'ল নতুন কিবা এটা চেষ্টা কৰাৰ পথৰ অংশ।
৯/ মানুহে আচৰিত হ'বলৈ ভাল পায়, আৰু সেয়াই হৈছে বিজ্ঞানৰ মূল।

১০/ বিজ্ঞান হৈছে যুক্তিসঙ্গত চিন্তাৰ প্ৰক্ৰিয়া।
১১/ বিজ্ঞান যাদুৰ সদৃশ, কিন্তু ই বাস্তৱ।
১২/ বিজ্ঞান সাৰ্বজনীন।

১৩/ যদি মানুহে বিজ্ঞান পাহৰি যায়, আমি পুনৰ গুহাবোৰত বাস কৰিম।
১৪/ বিজ্ঞান সত্য অন্বেষণৰ উত্তম পথ।
১৫/ অসম্ভৱক বিজ্ঞানে সহজ কৰি তোলে।
১৬/ বিজ্ঞান হৈছে সৰ্বশ্ৰেষ্ঠ সাধাৰণ জ্ঞান।
১৭/ বিজ্ঞানৰ প্ৰগতি হৈছে মানৱতাৰ বাবে প্ৰগতি।

উপসংহাৰ:
   শ্লোগান বিভিন্ন বিষয়ত লিপিবদ্ধ কৰিব পৰা যায়। যিটো বিষয়ত শ্লোগান লিখা হৈছে সেই বিষয়ৰ সম্পৰ্কে শ্লোগানবোৰে জ্ঞান প্ৰদান কৰে। বিশেষকৈ বিদ্যালয় পৰ্যায়ত এটা নিৰ্দিষ্ট বিষয় বা প্ৰচাৰত শিক্ষাৰ্থীৰ আগ্ৰহ গঢ়ি তুলিবলৈ শ্ল'গানৰ ব্যৱহাৰ কৰে। তদুপৰি বিষয়বস্তুৰ জ্ঞান আয়ত্ব কৰাত ই প্ৰত্যক্ষ ভাৱে সহায় কৰে। অতি কম কথাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক ডাঙৰ বা বহল গুৰুত্বপূৰ্ণ বিষয়ৰ সম্পৰ্কে দিয়াটোৱেই শ্লোগানৰ ঘাই লক্ষ্য। প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষা প্ৰদানত ইয়াক ব্যৱহাৰ কৰা উচিত।
     অভিজ্ঞতাৰ জৰিয়তে বুজিব পাৰি যে কম বয়সীয়া শিক্ষাৰ্থীসকলে ধেমেলীয়া বা পাতল হৃদয়ৰ শ্ল'গান উপভোগ কৰি ভাল পায় । আনহাতে বৃদ্ধ শিক্ষাৰ্থী সকলে জানিব বিচাৰে যে বিজ্ঞানে তেওঁলোকৰ ভৱিষ্যতক কেনেদৰে লাভান্বিত কৰিব পাৰে । কেনেকৈ ভৱিষ্যতৰ ভেটি সুদৃঢ় কৰাত সহায় কৰে সেই সম্পৰ্কে জানিব বিচাৰে বাবে বয়সস্থ শিক্ষাৰ্থীৰ শ্লোগানবোৰ তত্ত্ব গধূৰ হোৱা পৰিলক্ষিত হয়। এইটো কথা স্পষ্ট যে অনুপ্ৰেৰণামূলক শ্লোগানে সকলো বয়সৰ শিক্ষাৰ্থীক সহায় কৰে আৰু তেওঁলোকৰ জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম । শ্লোগানবোৰ সৰল ভাষা যুক্ত আৰু অৰ্থপূৰ্ণ হ'ব লাগে তেতিয়াহে ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধি পায়।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
+++++++++++++++++++++++++++++++++









Sunday, June 2, 2024

ধাৰণা কি? ই কেনেকৈ সৃষ্টি হয়? ধাৰণাৰ শিক্ষাগত উপযোগিতা। What's the idea? How is it created? The educational utility of ideas. 

ধাৰণা কি ? ই কেনেকৈ সৃষ্টি হয় ? ধাৰণাৰ শিক্ষাগত উপযোগিতা । What's the idea? How is it created? The educational utility of ideas. 


🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴



ধাৰণা কি?

ধাৰণা মানে হ'ল তুলনা কৰা বা সম্পৰ্ক বাহিৰকৰণ আৰু সাধাৰণীকৰণ বা সৰলীকৰণৰ ফলাফলৰ সমষ্টি মাথোন। অভিজ্ঞতা যিমানেই বেছি হ'ব ধাৰণাও সিমানেই পৰিপুষ্ট হ'ব। এজাক কুকুৰ দেখাৰ পাছত আমি সাধাৰনতে কুকুৰৰ সাধাৰণ গুণ, বৈশিষ্ট্য আদিৰ সম্পৰ্কে ধাৰণা কৰি লওঁ। ই হ'ল কুকুৰ সম্পৰ্কীয় ধাৰণা । মানুহে কেৱল কোনোবা এটা বস্তু বা অভিজ্ঞতা সম্পৰ্কে মনৰ মাজত প্ৰতিচ্ছবি অংকিত কৰি নহয়, লগতে এইবিলাকে নিৰ্দেশ কৰা কোনবিধৰনো বস্তু সেই সম্পৰ্কে ধাৰণা কৰে। ইয়াকে সংক্ষেপে ধাৰণা বুলি ক'ব পাৰি।

    প্ৰত্যক্ষণ হ'ল সাধাৰণ ধাৰণাৰ মূল ভেঁটি। বহুতো প্ৰত্যক্ষণ লৈ তুলনা কৰি এই বিলাকৰ সাধাৰণ গুণ সমূহ দৃঢ়ভাৱে ব্যাখ্যা কৰা হয় আৰু গুণসমূহ পৃথক কৰি বাহিৰ কৰি অনা হয় আৰু ই কোনো বিশেষ বস্তুক নুবুজায়, তেনে এক সাধাৰণ ধাৰণা গঠন কৰা হয়। ধাৰণা কোনো বস্তুনিষ্ঠ সম্পৰ্কীয় বা গুণাৱলী সম্পৰ্কীয় হ'ব পাৰে। শব্দই ধাৰণা ঘটনাত এক প্ৰধান ভূমিকা পালন কৰে। ধাৰণাই সংগঠনৰ মাজেদি মানসিক পৰিশ্ৰম মিতব্যয়ী কৰে। ধাৰণা বা সাধাৰণ বোধ লক্ষ্য লৈহে গঠিত হয়।
      
ধাৰণা কেনেকৈ গঠন কৰা হয় ?

পৰ্যবেক্ষণৰ ফলত আগতে পোৱা বস্তুটোৰ লগত নতুনকৈ পোৱা বস্তুটোৰ সাদৃশ্য আৰু বৈসাদৃশ্য বেলেগ বেলেগকৈ ওলাই পৰে। সদৃশ গুণবোৰ একেলগে আৰু বিসদৃশ গুণবোৰ বেলেগ বেলেগকৈ সজাই লোৱাৰ পাছত সেই বিশেষ গুণবিশিষ্ট বিষয় বা বস্তুটোক আগতে যি বুলি কোৱা হৈছিল তেতিয়া সেইটোৱেই বুলি ধাৰণা হয় আৰু আগতে পোৱা বস্তুটোৰ লগত থকা অমিল গুণখিনি একেলগ কৰি সেই গুণখিনিৰ বাবে নতুন বস্তুটোক কি বুলি কোৱা হ'ব তাৰ বাবে এটা নাম ঠিক কৰি একেধৰণৰ গুণবিশিষ্ট বিষয় বা বস্তুটোক ভৱিষ্যতেও একেই নামেৰে চিহ্নিত কৰা হয়। বিষয় বা বস্তুটোৰ নামাকৰণ কৰা এই প্ৰক্ৰিয়াটোক সৎপ্ৰত্যয়ন বোলা হয়। মনত গঢ় লৈ উঠা নামটোক ধাৰণাৰ গঠন বুলি কোৱা হয়। এই ক্ষেত্ৰত পূৰ্ব অভিজ্ঞতাৰ প্ৰয়োজন। কোনো এটা বিষয় বা বস্তু আমাৰ সান্নিধ্যলৈ অহাৰ লগে লগে সেই বিষয়টো বা বস্তুটো আগতে সান্নিধ্যলৈ অহা একে ধৰণৰ বিষয় বা বস্তুৰ লগত মিলি আছেনে নাই তাক মনোযোগেৰে পৰ্যবেক্ষণ কৰা হয়।
     প্ৰাপ্তবয়স্ক আৰু অভিজ্ঞসকলৰ বাবে ধাৰণা গঠনত ব্যৱহৃত মানসিক কাৰ্যৰ দ্ৰুততা ইমান বেছি যে ইমানবোৰ কাম তৎমুহূৰ্ততে সংঘটিত হয় বুলি অনুমানেই কৰিব নোৱাৰি। যেনে- এটা শিশুৱে নেমুটেঙা প্ৰথমবাৰৰ বাবে দেখিছে আৰু নিজ হাতেৰে তাক বাকলি গুচাই ভিতৰৰ কোঁহবোৰ উলিয়ায় ৰস খাইছে আৰু এই কামখিনি এজনে দিয়া নিৰ্দেশ মতেই কৰা হৈছে। সি খোৱা বস্তুটোৰ নাম নেমুটেঙা বুলি তাক নেমুটো খাবলৈ দিয়া মানুহজনৰ পৰাই বুজি পাইছে।
    ইয়াৰ পিছত দ্বিতীয় দিনা আগতকৈ সৰু নেমুটেঙা এটা তাৰ হাতত দিলে সি তৎমুহূৰ্ততে সেইটো নেমু বুলি চিনি পাব। কাৰণ আগদিনা খোৱা নেমুটোৰ গোন্ধ,ৰং, ৰস, স্বাদ,মসৃণতা আদিৰ লগত এইটোৰ গোন্ধ, ৰং,স্বাদ আদি একে হয়, সেয়ে সি সেইটো নেমু বুলি বুজি পাবলৈ কোনো কষ্ট নহয়। 
    আকৌ যদি তৃতীয় দিনা শিশুটোক কমলা আৰু এটা মৌচুমী টেঙা ল'ৰাটোৰ আগত দাঙি ধৰি সেই দুটাকো নেমুটেঙা বুলিয়ে কোৱা হয় বুলি কোৱা হয়, তেন্তে শিশুটোৱে তাক নেমুটেঙা বুলি ক'বলৈ দ্বিধাবোধ কৰিব। কাৰণ প্ৰথম দৃষ্টিত সি কিবা অমিল দেখিছে। তাৰপিছত সি এটা এটা এটাকৈ দুয়োটা টেঙাৰ বাকলি গুচাই লক্ষ্য কৰিব যে সি আগতে খোৱা নেমুটোৰ লগত ইয়াৰ এটাৰো গোন্ধ নিমিলে, কোঁহবোৰৰ ৰং নিমিলে, ৰসৰ স্বাদ নিমিলে। তাৰ মানসপটত থকা নেমুটোৰ লগত তাৰ হাতত থকা দুটা টেঙাৰ বাহ্যিক আকাৰটোৰ বাহিৰে একো মিল নাই। তেন্তে সেই দুটা কি বস্তু বা কি টেঙা এইলৈ তাৰ মনত চিন্তাৰ উদ্ৰেক ঘটিব। তাক উক্ত টেঙা দুটা দিয়া মানুহজনে যেতিয়া ক'ব যে ইয়াৰ এটাৰ নাম কমলা আৰু আনটোৰ নাম মৌচুমী টেঙা, তেতিয়া সি নাম দুটা মনত ৰাখিবলৈ যত্ন কৰিব আৰু ভৱিষ্যতে কমলা আৰু মৌচুমী টেঙা দেখিলে এইটো কমলা আৰু সেইটো মৌচুমী টেঙা বুলি সতকাই ক'ব পাৰিব। অৰ্থাৎ ল'ৰাটোৰ মনত কমলা, নেমু আৰু মৌচুমীৰ বিভিন্নতাৰ সম্পৰ্কে বুজি উঠাৰ লগে লগে এই বস্তু সমুহৰ ওপৰত ধাৰণা গঢ় লৈ উঠে। 
    ধাৰণাৰ শিক্ষাগত উপযোগিতা আছে। ধাৰণাৰ জড়িয়তে সৰু ল'ৰা ছোৱালীৰ যিকোনো বিষয়ৰ জ্ঞান সুদৃঢ় কৰিব পাৰি। 


🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺 
 

Saturday, May 11, 2024

শিক্ষা সমাজতত্ত্ব কি ? ইয়াৰ অৰ্থ আৰু প্ৰকৃতিৰ সম্পৰ্কে আলোচনা। What is Education Sociology? A Discussion of it's Meaning and Nature.

শিক্ষা সমাজতত্ত্ব‌‌‌ কি ? ইয়াৰ অৰ্থ আৰু প্ৰকৃতিৰ সম্পৰ্কে আলোচনা। What is Education sociology ? A Discussion of it's meaning and nature.



 শিক্ষা সমাজতত্ত্বৰ অৰ্থ :
মানুহ হৈছে সামাজিক প্ৰাণী বা সমাজ প্ৰিয় প্ৰাণী। সমাজৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। অৰ্থাৎ সমাজবিহীন জীৱন নিৰৰ্থক। সমাজৰ প্ৰতিজন ব্যক্তিয়ে জন্মৰ পৰা মৃত্যু পৰ্যন্ত সমাজৰ সৈতে প্ৰগাঢ় সম্পৰ্ক বৰ্তাই ৰাখে। সমাজৰ অবিহনে ব্যক্তিৰ জীৱন অসম্ভৱ। ঠিক সেইদৰে ব্যক্তিৰ অবিহনেও সমাজ সৃষ্টি হ'ব নোৱাৰে। সমাজৰ লগত ব্যক্তিৰ ওতঃপ্ৰোত সম্বন্ধ আছে। সমাজৰ সৈতে ব্যক্তিৰ যিদৰে সম্পৰ্ক প্ৰগাঢ়, একেদৰে শিক্ষা আৰু সমাজৰো সম্পৰ্ক নিবিড়। অৰ্থাৎ শিক্ষা, সমাজ আৰু ব্যক্তি এই তিনিটাই হৈছে সমাজতত্ত্বৰ ঘাই উপাদান। 
     সমাজ হৈছে বিভিন্ন ব্যক্তিৰ সংঘবদ্ধ আৰু সন্মিলিত অৱস্থা । ইয়াত নীতি নিয়ম, পৰম্পৰা , আচাৰ আচৰণ আদিৰ বিশেষভাৱে প্ৰয়োজন। গতিকে আমি ক'ব পাৰোঁ যে সমাজ হৈছে এনে এক অৱস্থা যি নিৰ্দিষ্ট পৰম্পৰা আৰু ৰীতি-নীতিৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ই সংঘবদ্ধ আৰু সন্মিলিত জীৱনৰ এক অৱস্থা।
     বিখ্যাত ইংৰাজ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলে কৈছে - শিক্ষাই মানুহৰ মাজত মানৱীয় গুণাবলীৰ বিকাশ সাধন কৰাৰ লগতে শিশুসকলক দুই ধৰণৰ শিক্ষা প্ৰদান কৰে - ব্যৱহাৰিক শিক্ষা আৰু আলংকাৰিক শিক্ষা। 
ব্যৱহাৰিক শিক্ষা : 
ব্যৱহাৰিক শিক্ষা হৈছে জীৱনক সুচাৰুৰূপে পৰিচালনা কৰাৰ শিক্ষা। অৰ্থাৎ যি শিক্ষাই দৈনন্দিন জীৱনক সুশৃংখলিত ভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত ভৌগোলিক, সামাজিক আৰু ব্যক্তিগত দিশত প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰে সেয়ে হ'ল সংক্ষেপে ব্যৱহাৰিক শিক্ষা। 
অলংকাৰিক শিক্ষা : 
আনহাতে আলংকাৰিক শিক্ষা বুলিলে সাহিত্য আলোচনা, সংগীত চৰ্চা, ধৰ্ম আলোচনা, দৰ্শন অধ্যয়ন আদিৰ দৰে উৎসৰ পৰা লাভ কৰা শিক্ষাকেই বুজা যায় । উল্লেখযোগ্য যে অলংকাৰিক শিক্ষাও অতি গুৰুত্বপূৰ্ণ শিক্ষা। প্ৰত্যেক ব্যক্তয়ে এই শিক্ষাৰ জৰিয়তে মূল্যবোধৰ জ্ঞান লাভ কৰে। তদুপৰি ব্যক্তিৰ বা শিক্ষাৰ্থীৰ মানসিক বিকাশ আৰু বৌদ্ধিক বিকাশ সাধনত এই শিক্ষাই সহায় কৰে। 

     শিক্ষা আনুষ্ঠানিকেই হওক বা অনানুষ্ঠানিকেই হওক নতুবা ব্যৱহাৰিকেই হওক বা অলংকাৰিকেই হওক, সকলো শিক্ষাৰে লক্ষ্য হ'ল মানুহক উপযুক্ত মানুহ হিচাপে গঢ়ি তোলা। অৰ্থাৎ  আমি ক'ব পাৰোঁ যে সামাজিক জীৱনৰ কাৰণে উপযুক্তভাৱে ব্যক্তিৰ জীৱন গঢ়ি তোলাটোৱেই হ'ল সমাজত্ত্বৰ প্ৰধান কাম।


শিক্ষাৰ প্ৰকৃতি:
শিক্ষা হ'ল সমাজতত্ত্বৰ এক অংশবিশেষ। শিক্ষা সমাজতত্ত্ব হ'ল এনে এক বিজ্ঞান য'ত বৈজ্ঞানিক পদ্ধতিৰে বিদ্যালয় আৰু অন্যান্য শৈক্ষিক অনুষ্ঠানৰ প্ৰণালী আৰু পদ্ধতি সম্পৰ্কে আলোচনা কৰে। সমাজৰ পৰা আহৰিত জ্ঞানে শিক্ষাৰ্থীক ভৱিষ্যত জীৱন উপযুক্ত কৰি গঢ় দিয়াত সহায় কৰে। অৰ্থাৎ সমাজতত্ত্বই ব্যক্তিৰ জীৱন গঢ়ি তোলাৰ সম্পৰ্কে আলোচনা কৰে।
    শিক্ষা সমাজতত্ত্বই সামাজিক দৃষ্টিভংগীৰে শিক্ষাক আলোচনা কৰে। ইয়াৰ মতে শিক্ষা হ'ল সামাজিক ক্ৰিয়া আৰু আন্ত:ক্ৰিয়াৰ সমষ্টি। শিশুৰ সামাজিকীকৰণ আৰু সামাজিক আন্ত:ক্ৰিয়াৰ সম্পৰ্কে অধ্যয়নেই সমাজতত্ত্বৰ ঘাই বিষয়বস্তু। শিক্ষা সমাজতত্ত্বই শিক্ষাৰ জৰিয়তে ব্যক্তিৰ আচৰণ প্ৰক্ৰিয়া ৰূপান্তৰ সাধন কৰি সামাজিক জীৱন প্ৰক্ৰিয়াৰ ৰূপান্তৰ দ্ৰুতগামী কৰাৰ লগতে সাংস্কৃতিক জীৱনৰ হস্তান্তৰ আৰু পৰিৱৰ্তন সাধন কৰে। সংস্কৃতিৰ অপ্ৰয়োজনীয় উপাদান সমূহ আঁতৰাই নৱতম চিন্তাধাৰা উন্মেষ ঘটাই আৰু ইয়ে শিক্ষাৰ্থীৰ মানসিক বিকাশ দ্ৰুত গতিত বৃদ্ধি কৰে।
    শিক্ষাতত্ত্বক সমাজ পৰিচালনাৰ আহিলা হিচাপে গণ্য কৰা হয়। শিক্ষা সমাজতত্বই সমাজক সঠিক পথত আগুৱাই নিয়াত সহায় কৰে।শিক্ষা সমাজতত্বই ছাত্ৰ-ছাত্ৰী সকলকো উপযুক্ত শিক্ষা প্ৰদান কৰি সামাজিক অস্থিৰতা দূৰ কৰে আৰু সামাজিক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
    শিক্ষা সমাজতত্ত্বই সমাজৰ পৰা অপসংস্কৃতি নিৰ্মূলকৰণতো সহায় কৰে। বিভিন্ন অপসংস্কৃতি- বৰ্ণভেদ প্ৰথা, জাতিভেদ আদি নিৰ্মূলকৰণত সহায় কৰে। ছাত্ৰ-ছাত্ৰী সকলক সকলো কথা বহল পৰিসৰত আৰু বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চালি-জাৰি চাবলৈ অনুপ্ৰেৰণা প্ৰদান কৰে।



      ব্যক্তিত্বৰ সম্পৰ্কে জানিবলৈ চাওক ভিডিঅ'টো।

--------------------------------------------------------------------

Monday, May 6, 2024

সাম্প্ৰতিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব কিমান ? What is the importance of vocational education in current education ?

সাম্প্ৰতিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব কিমান?What is the importance of vocational education in current education?

🌹🖊️🌹🌹🖊️🌹🌹🖊️🌹🌹🖊️🌹🌹🖊️🌹


     শিক্ষাই কেৱল মানসিক উৎকৰ্ষ সাধন কৰিলেই নহ'ব, প্ৰতিজন ছাত্ৰ ছাত্ৰীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈও শিকাব লাগিব। বৰ্তমানৰ শিক্ষা গ্ৰহণ কৰা বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হয় যে আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পাছত তেওঁলোকৰ সৰহ সংখ্যক অৰ্থনৈতিক ভাৱে নিষ্কৰ্মা হৈ থাকিব লগা হৈছে। ইয়াৰ কাৰণ কি ? তেওঁলোকৰ মতে নিশ্চয় শিক্ষাই তেওঁলোকক প্ৰবঞ্চনা কৰিলে। এটা কথা সত্য যে আৰ্থিক ভাৱে স্বাৱলম্বী হ'ব নোৱাৰিলে শিক্ষাই দান কৰা অন্যান্য সুক্ষ্ম গুণৰো বিকাশ হ'ব বুলি আশা কৰিব নোৱাৰি। সেয়ে বৃত্তিমুখী শিক্ষাই শিক্ষাৰ্থীৰ এনে সমস্যা সমাধান কৰাত সহায় কৰে। অৰ্থাৎ শিক্ষা আৰু উৎপাদনশীলতাৰ মাজত যোগসূত্ৰ বজাই ৰাখিব পাৰিলেহে ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত জীৱনৰ বিকাশৰ সম্ভৱ হৈ উঠিব। গতিকে আমি ক'ব পাৰোঁ যে শিক্ষাই এজন ছাত্ৰৰ বা ব্যক্তিৰ মানসিক প্ৰয়োজন পূৰণ কৰাৰ উপৰিও তেওঁক অৰ্থনৈতিক ভাৱে স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব লাগিব।

      শিক্ষাৰ বৃত্তিমূলক ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ জীৱনত আত্মনিৰ্ভৰশীল হোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। আত্মনিৰ্ভৰশীলতাই শিক্ষাৰ্থীক সন্তুষ্টি, মানসিক আৰু নৈতিক শক্তি, আত্মবিশ্বাস বৃদ্ধি হোৱাত সহায় কৰে। যাৰ ফলত ব্যক্তিয়ে ব্যক্তিগত আৰু সামাজিক জীৱনত সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হয়। 

     আমাৰ শিক্ষানুষ্ঠান বিলাকত কম বুদ্ধি সম্পন্ন ছাত্ৰ ছাত্ৰী আৰু অত্যধিক মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী অৰ্থাৎ এই দুই ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। কম বুদ্ধিৰ বাবে বা মগজুৰ শক্তি কম হোৱা হেতুকে তেওঁলোকে শৈক্ষিক বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ হয়। কিন্তু বৃত্তিমূলক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক আগৰণুৱা। গতিকে বৃত্তিমূলক শিক্ষাৰ জৰিয়তে দুয়োপক্ষই জীৱনৰ বাবে শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে বৃত্তিমূলক শিক্ষা ব্যৱস্থাই শ্ৰেণীকক্ষৰ আবদ্ধ তথাকথিত শিক্ষাৰ ধাৰণাটো মষিমূৰ কৰিব।
       সাম্প্ৰতিক শিক্ষাত নৱম শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়লৈ বৃত্তিমুখী শিক্ষাৰ অৱতাৰণা কৰা হৈছে। ই ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত জীৱনত যোগাত্মক প্ৰভাৱ পেলাব বুলি ভবা হৈছে। যদিও কিমান দূৰ সফল হয় সেয়া সময়েহে ক'ব ! ১৯৬৪ চনৰ কোঠাৰী আয়োগ আৰু ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিটো বৃত্তিমূলক শিক্ষাৰ সপক্ষে পৰামৰ্শ আগবঢ়াইছিল। বৰ্তমান ২০২১ চনৰ নতুন শিক্ষা নীতিটো এই বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে আৰু এই নীতিৰ পৰামৰ্শ অনুসৰি নৱম আৰু দশম শ্ৰেণীত বৃত্তিমুখী শিক্ষাৰ বাবে শিক্ষক নিযুক্তি দিয়া হৈছে। 'Vocatinal education' আৰু সাংস্কৃতিক দিশত নিযুক্তি প্ৰাপ্ত শিক্ষক সকলে এই দিশত কিমান দূৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, সেয়া সময়েহে ক'ব। 
  
      বিদ্যালয়ত সমন্বিত (Integrated) শিক্ষাই শিক্ষাৰ্থীক সহায় কৰিব বুলি আশা কৰা হৈছে। বৃত্তিমুখী শিক্ষাৰ Counseling কৰি শিক্ষাৰ্থীক ভৱিষ্যত জীৱনৰ বাবে শিক্ষাৰ পথ প্ৰশস্ত কৰিলে শিক্ষাৰ্থী লাভৱান হ'ব। শিক্ষাৰ সাংস্কৃতিক বিষয় শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ বিষয়। সমাজৰ এজন ব্যক্তিয়ে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, সদাচাৰ, আইন, দস্তুৰ আৰু অন্যান্য সামৰ্থৰ জটিল সামগ্ৰিক গোটটোৱেই হ'ল সংস্কৃতি । সংস্কৃতিয়ে এখন সমাজৰ শিক্ষা-দীক্ষা ,আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, বিশ্বাস-ধাৰণা , সাহিত্য-দৰ্শন আদি দিশবোৰ সামৰি লয়। অৰ্থাৎ সংস্কৃতিৰ গুৰুত্ব বিদ্যালয়ত অসীম। ছাত্ৰ-ছাত্ৰীক সাংস্কৃতিক ঐতিহ্যৰ সৈতে চিনাকি কৰি দিয়াটো শিক্ষাৰ এক প্ৰধান কাম। শিক্ষাৰ জৰিয়তে এখন সমাজৰ গ্ৰহণযোগ্য সাংস্কৃতিক উপাদান সমূহ পৰৱৰ্তী প্ৰজন্মৰ পুৰুষলৈ কঢ়িয়াই নিব পাৰিলেহে সেই শিক্ষাৰ সফল ৰূপ প্ৰতিফলিত হ'ব। অৰ্থাৎ শিক্ষাই সংস্কৃতিৰ ৰূপান্তৰ, সংৰক্ষণ আৰু উত্তৰণ ঘটাব লাগিব। 
      গতিকে বৃত্তিমূলক শিক্ষা ব্যৱস্থা বিদ্যালয়ত প্ৰয়োজন আছে। ইয়াৰ সুপ্ৰয়োগৰ জৰিয়তে শিক্ষাৰ্থীৰ মানসিক, শাৰীৰিক আৰু মনস্তাত্বিক দিশৰ বিকাশ সাধন কৰিব পৰা যাব।
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।

-------------------------------------------------------------------

Wednesday, April 3, 2024

২০২৪ চনত কোনে কোনে 'ভাৰতৰত্ন' বঁটা লাভ কৰিলে ? Who won the 'Bharat Ratna' award in 2024 ?

২০২৪ চনত কোনে কোনে 'ভাৰতৰত্ন' বঁটা লাভ কৰিলে ? Who won the 'Bharat Ratna' award in 2024 ?

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
 লালকৃষ্ণ আদৱানি আৰু স্বামীনাথন।

   মৰণোত্তৰভাৱে ভাৰতৰ চাৰিজন ব্যক্তিক ২০২৪ চনৰ বাবে 'ভাৰতৰত্ন' বঁটা প্ৰদান কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে - লাল কৃষ্ণ আদৱানি, কাৰপুৰী ঠাকুৰ, পি ভি নৰসিংহ ৰাৱ , চৰন সিং, এম এছ স্বামীনাথন। উল্লেখযোগ্য যে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বাৰ্ষিক ভাৱে কেৱল তিনিজনকহে প্ৰদান কৰা হয় যদিও চলিত বছৰটোত পাঁচজনক সৰ্বোচ্চ অসামৰিক সন্মানৰ বাবে মনোনীত কৰা হয়। ইয়াৰ কাৰণ হৈছে বিগত ২০২২ বৰ্ষটোত এই বঁটা প্ৰদান কৰা হোৱা নাছিল।


১/ লাল কৃষ্ণ আদৱানি (Lal Krishna Adwani) : 
     লাল কৃষ্ণ আদৱানি জন্ম গ্ৰহণ কৰিছিল ৮ নৱেম্বৰ ১৯২৭ চনত কৰাচীৰ এটা হিন্দু ব্যৱসায়ী পৰিয়ালত। তেওঁৰ পিতৃ বাবা কৃষ্ণচান্দ ডি আদৱানি আৰু মাতৃৰ নাম আছিল মা জ্ঞানী দেৱী । তেওঁ বোম্বাই বিশ্ববিদ্যালযৰ গভাৰ্ণমেণ্ট ল কলেজৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। 
    আদৱানি আছিল এজন ভাৰতীয় ৰাজনীতিক। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত তেওঁ ২০০২ ৰ পৰা ২০০৪ চনলৈ ভাৰতৰ সপ্তম উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আদৱানি ভাৰতীয় জনতা পাৰ্টীৰ এজন অন্যতম সহপ্ৰতিষ্ঠাপক তথা প্ৰবীণ নেতা হিচাপে খ্যাত। বহু বিষয়বাবত অধিষ্ঠিত হৈ নিজৰ ৰাজনীতি দলৰ লগতে দেশৰ বাবে অহোপুৰুষাৰ্থ ত্যাগ আৰু অৱদান আগবঢ়োৱা এজন ব্যক্তি । তেওঁৰ ত্যাগৰ মূল্য ভাৰত চৰকাৰে 'ভাৰতৰত্ন' জৰিয়তে প্ৰদান কৰিলে। উল্লেখযোগ্য যে জীৱিত কালত ভাৰত ৰত্ন লাভ কৰা বৰ্ষটোৰ তেৱেঁই একমাত্ৰ ব্যক্তি।

২/ কৰ্পূৰী ঠাকুৰ (Karpoori Thakur) :
   ১৯২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ সমষ্টিপুৰ জিলাৰ পীতৌনঝিয়াত (বৰ্তমান কৰ্পূৰী গ্ৰাম) কৰ্পূৰী ঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ গকুল ঠাকুৰ আৰু মাতৃ ৰামদুলাৰী দেৱী। তেওঁলোক নাই (নাপিত) সম্প্ৰদায়ৰ আছিল।তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক জনপ্ৰিয়ভাবে জন নায়ক বুলি জনা যায়। ভাৰত চৰকাৰে ২০২৪ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান প্ৰদানৰ বাবে মনোনীত কৰে। 
ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিছিল । আনকি তেওঁ ২৬ মাহ পৰ্যন্ত কাৰাবাস বৰণ কৰিবলগীয়া হৈছিল।
    ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ঠাকুৰে নিজৰ গাঁৱৰ স্কুলত শিক্ষক হিচাপে যোগদান কৰিছিল। ১৯৫২ চনত তাজপুৰ সমষ্টিৰ পৰা চচিয়েলিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বিহাৰ বিধান সভাৰ সদস্য হৈছিল। ১৯৬০ চনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সাধাৰণ ধৰ্মঘটৰ সময়ত পি এণ্ড টিৰ কৰ্মচাৰীসকলক নেতৃত্ব বহন কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছিল। ১৯৭০ চনত তেওঁ টেলকোৰ শ্ৰমিকসকলৰ স্বাৰ্থৰক্ষাৰ কাৰ্য্যক প্ৰচাৰৰ বাবে ২৮ দিন ধৰি আমৰণ অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।১৯৭০ চনত বিহাৰৰ প্ৰথমজন অনাকংগ্ৰেছী চচিয়েলিষ্ট পাৰ্টিৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে ঠাকুৰে বিহাৰৰ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিহাৰত মদ্যপানৰ সম্পূৰ্ণ নিষেধাজ্ঞাও বলবৎ কৰিছিল । বিহাৰত ঠাকুৰৰ কালতে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সম্ভৱ হৈছিল। চৰকাৰী চাকৰিত ২৬% পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ কৰা হৈছিল। তেওঁ ১৯৮৮ চনৰ ১৭ ফেব্ৰুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে। এই জন মহান নেতাক ভাৰত চৰকাৰে 'ভাৰতৰত্ন' মৰোনোত্তৰ ভাৱে প্ৰদান কৰে। 

 3/ পি ভি নৰসিংহ ৰাৱ (P V Narshimha Rao) : 
    পি ভি নৰসিংহ ৰাৱৰ সম্পূৰ্ণ নাম পামুলাপাৰ্তি ভেংকট নৰসিংহ ৰাও ( Pamulaparti Venkata Narasimha Rao) । পি ভি নৰসিংহ ৰাৱৰ জন্ম হৈছিল ১৯২১ চনৰ ২৮ জুন তাৰিখে বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশ ৰাজ্যত। তেওঁ এজন আইনজীৱী আৰু ৰাজনীতিবিদ আছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে ৰাও চৰকাৰে ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সংস্কাৰৰ বাবে পদক্ষেপ লৈছিল বুলি জনা যায়। তেওঁৰ দিনতে ভাৰতৰ "লাইচেন্স ৰাজ"ৰো অৱসান ঘটাইছিল। কোনো কোনো লোকে তেওঁক 'ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক' বুলিও অভিহিত কৰিব বিচাৰে। এই জন মহান নেতাৰ মৃত্যু হৈছিল ২০০৪ চনৰ ২৩ ডিচেম্বৰ তাৰিখে। তেওঁৰ কৰ্মৰাজিৰ সন্মানাৰ্থে ভাৰত চৰকাৰে 'ভাৰতৰত্ন' প্ৰদান কৰি যাউতিযুগীয়া কৰি ৰাখিলে।

 4/ চৰন সিং (Charan Singh): 
      চৰণ সিংৰ সম্পূৰ্ণ নাম চৌধুৰী চৰণ সিং। তেওঁৰ জন্ম হৈছিল ১৯০২ চনৰ ২৩ ডিচেম্বৰ তাৰিখে। তেওঁ আছিল এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী। চৰণ সিং ডাঙৰীয়াই ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈ ভাৰতৰ পঞ্চম প্ৰধান মন্ত্ৰী হিচাপে আৰু ১৯৭০চনত উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহাত্মা গান্ধীৰ অনুগামী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি অহিংস আন্দোলনত সহযোগ কৰাৰ বাবে তেওঁ কাৰাবাস পৰ্যন্ত খাটিবলগীয়া হৈছিল। উল্লেখযোগ্য যে ১৯৩০ চনত লোণ আইন উলংঘা কৰাৰ বাবে ব্ৰিটিছে তেওঁক ১২ বছৰৰ কাৰাদণ্ড বিহিছিল। ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ বাবে ১৯৪০ চনৰ নৱেম্বৰ মাহত তেওঁ পুনৰ এবছৰৰ কাৰাদণ্ড ভুগিবলগীয়া হৈছিল । ১৯৪২ চনৰ আগষ্ট মাহত তেওঁক পুনৰ ব্ৰিটিছে ডি আই আৰৰ অধীনত কাৰাগাৰত বন্দী কৰিছিল আৰু ১৯৪৩ চনৰ নৱেম্বৰ মাহত মুকলি কৰি দিছিল। তেওঁৰ জন্মদিন অৰ্থাৎ ২৩ ডিচেম্বৰ তাৰিখে ভাৰতত কৃষক দিৱস হিচাপে পালন কৰা হয়। ২০২৪ বৰ্ষটোত অৰ্থাৎ চলিত বছৰটোত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। 

5/ এম এছ স্বামীনাথন ( Mankombu Sambasivan Swaminathan): 
    স্বামীনাথনৰ জন্ম হৈছিল বৰ্তমানৰ তাঞ্জাভুৰ জিলা, তামিল নাডুত ১৯২৫ চনৰ ৭ আগষ্টত। তেওঁ এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী , উদ্ভিদ জিন বিজ্ঞানী আৰু প্ৰশাসক আছিল। মানৱতাবাদী গুণৰ বাবে তেওঁ এগৰাকী মহান ব্যক্তি ৰূপে সমাজত প্ৰতিষ্ঠিত। এম এছ স্বামীনাথন সেউজ বিপ্লৱৰো এজন প্ৰখ্যাত নেতা হিচাপে খ্যাত। বিশেষকৈ উচ্চ উৎপাদনক্ষম ঘেঁহু আৰু ধানৰ প্ৰজাতিৰ প্ৰচলনৰ ক্ষেত্ৰত তেওঁৰ অৱদান অসীম। এই ক্ষেত্ৰত অধিক বিকাশৰ বাবে নেতৃত্ব আৰু ভূমিকা আগবঢ়োৱাৰ বাবে তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ মূল স্থপতি বুলি আখ্যা দিয়া হয়। স্বামীনাথনে নৰ্মান বৰলাগৰ সৈতে কৰা সহযোগিতামূলক বৈজ্ঞানিক প্ৰচেষ্টাই কৃষক আৰু অন্যান্য বিজ্ঞানীসকলৰ জৰিয়তে এক গণ আন্দোলনৰ সূচনা কৰিছিল আৰু ই ৰাজহুৱা নীতিৰ দ্বাৰা সমৰ্থিত হৈছিল। এই গণ আন্দোলনেই ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল বুলি জনা যায়।
     ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা তেওঁক ‘অৰ্থনৈতিক পৰিৱেশ বিজ্ঞানৰ পিতৃ’ বুলি অভিহিত কৰা হৈছিল।১৯৮৭ চনত তেওঁ প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। যিটো নোবেল বঁটা সমপৰ্যায়ৰ বা কৃষিৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়। এইজনা মহান নেতাৰ মৃত্যু হৈছিল ২০২৩ চনৰ ২৮ ছেপ্তেম্বৰত।
    তেওঁ কেৰেলা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি ডিগ্ৰী, 
মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি ডিগ্ৰী, 
ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা বংশগতি বিজ্ঞান অৰ্থাৎ প্ৰজনন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ৱেজনিংগেন বিশ্ববিদ্যালয়ৰ পৰা জিনীয় বিজ্ঞানত ইউনেস্কো ফেল' লাভ কৰিছিল। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰিছিল। দেশৰ বাবে তেওঁৰ বৃহৎ অৱদানৰ ফলস্বৰূপে তেওঁক ২০২৪ চনত ভাৰত চৰকাৰে মৰণোত্তৰ ভাৱে'ভাৰতৰত্ন' প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰে। 
    'ভাৰতৰত্ন' হৈছে দেশৰ বাবে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আৰু জাতিৰ সেৱাৰ বাবে আগবঢ়োৱা ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। ই হৈছে শ্ৰেষ্ঠতাৰ প্ৰতীক। দেশৰ বা আন দেশৰ উল্লেখযোগ্য ব্যক্তিক এই সন্মান প্ৰদানেৰে সন্মান প্ৰদৰ্শন কৰা হয় । এনে সন্মানৰ দ্বাৰা চিহ্নিত ইয়াৰ উত্তৰাধিকাৰে ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক তন্ত্ৰক অনুপ্ৰাণিত আৰু সমৃদ্ধিশালী কৰি আহিছে। বিশেষকৈ সুধী সমাজৰ লগতে বিভিন্ন বিষয়ত ডিগ্ৰীধাৰী লোক সকলক বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। গতিকে নি:সন্দেহে ক'ব পাৰি ভাৰতৰত্ন আমাৰ দেশৰ এক অমূল্য বঁটা।



🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷









Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts