Sunday, May 31, 2020

স্মৃতিৰ জলঙাৰে...a chink of memories...( প্ৰথম ছোৱা )

     বন্ধুসকল টোপনি এৰা। এইদৰে আমি টোপনিত থাকোঁতেই অসমৰ চৌদিশে বিদেশীয়ে ভৰিল।আপোন ঘৰখনৰ পাকঘৰৰ মজিয়াত বিদেশীৰ প্ৰৱেশেৰে দপদপনি তুলিছে। জাগা বন্ধুসকল জাগা ,ঘূৰাই আনক মনোবল,। সচেতনতা । গৰজি উঠক সিংহৰ দৰে। নহ'লে আজি নিজৰ ঘৰতেই আমি আলহী হ'ম।সভাকক্ষ ৰজনজনাই যোৱাকৈ এইদৰে কৈছিল জিলাৰ সহ সম্পাদক প্ৰবীণ সোণোৱালে।
     আমি সকলোৱে লজ্জিত হৈছিলো। অৱশ্যে কেৱল আমাৰ আঞ্চলিকৰ ছাত্ৰ-ছাত্ৰীয়ে যে টোপনি গৈছিল তেনে নহয় , প্ৰায়ভাগেই টোপনিৰ জালত পৰিছিল। 
      উল্লেখযোগ্য যে প্ৰতিনিধি সভাৰ কাৰ্য্যসূচী নিশাহে আৰম্ভ কৰা হয় যাতে সকলো দিশতে কোনো অসুবিধাৰ সৃষ্টি নহয়। সেয়ে প্ৰায় ভাগৰে টোপনি অহাটো স্বাভাৱিক। 
       তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হৈছিল মাৰ্ঘেৰিটাত। মেছাকী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা নবুল সোণোৱাল চাৰৰ একান্ত অনুৰোধ মৰ্মে অমল সোণোৱাল আৰু মই যাবৰ বাবে মান্তি হৈছিলো। এয়া হ'ল ১৯৯২ চনৰ কথা। নিৰ্দিষ্ট তাৰিখত আমি যাবলৈ সাজু হৈছিলো।ধলা ছৈখোৱা আঞ্চলিকৰ অন্তৰ্ভুক্ত হাঁহখাটী হাইস্কুল , হাতীঘূলি হাইস্কুল , ছৈখোৱা হাইস্কুল , ছৈখোৱা হিন্দী হাইস্কুল আৰু মেছাকী হাইস্কুলৰ মুঠ  দহ জন আৰু আঞ্চলিকৰ সভাপতি সম্পাদক লগতে উপদেষ্টা তথা তিনিচুকীয়া জিলাৰ উপ-সভাপতি শ্ৰী নবুল সোণোৱাল দেউৰ সৈতে একেলগে একেখন গাড়ীৰে অধিৱেশন থলীলৈ ৰাওনা হৈছিলো।
         আবেলি ঠিক তিনিমান বজাত মাৰ্ঘেৰিটাত উপস্হিত হৈছিলোগৈ। নতুন ঠাই নতুন পৰিৱেশ । জিলাৰ ভিতৰৰ ঠাই হ'লেও আমাৰ বাবে সম্পূৰ্ণ নতুন ঠাই। পোন্ধৰ বছৰ বয়সতে আনে বিশ্ব ভ্ৰমিব যায় কিন্তু আমাৰ দৰে দাল দৰিদ্ৰ ঘৰৰ ল'ৰা কেইটাই নিজৰ জিলাৰ ভিতৰৰ ঠাই কনকে দেখা পোৱা নাই। কি যে ফুটা কপাল ! মনত পৰিলে এতিয়াও দুনয়নেৰে চকুলো নিগৰি যায়।
         তৎকালীন সময়ত ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/ সম্পাদক আছিল ক্ৰমে সুৰজিত বুঢ়াগোহাঁই আৰু প্ৰদীপ পাল । সভাপতি সম্পাদকে প্ৰতিনিধি পঞ্জীয়ন ,বেজ, খাদ্যৰ কুপন আদি সংগ্ৰহ কৰিছিল আৰু সকলোকে বেজ পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল। সভাপতি সম্পাদকৰ নিৰ্দেশ শিৰোধাৰ্য কৰি সকলোৱে বেজ পৰিধান কৰি প্ৰতিনিধিৰ সভাকক্ষত আটায়ে প্ৰৱেশ কৰিছিলোঁ। প্ৰতিটো আঞ্চলিকৰ বাবে পৃথককৈ আসন সংৰক্ষণ কৰা হৈছিল। আমি ছৈখোৱা আঞ্চলিকৰ বাবে সংৰক্ষিত আসনত সকলোৱে উপবিষ্ট হলো । কিছু মূৰটো ওপৰ কৰি সভাকক্ষৰ চৌপাশৰ পৰিৱেশ অধ্যয়ন কৰি পুনৰ বহিলো। সভাকক্ষ একেবাৰে কাঁহপৰি জীন যোৱাৰ দৰে অৱস্থা । নিৰৱ নিস্তব্ধ । দেখিলোঁ আমাতকৈ বহু ডাঙৰ আৰু বেছি বয়সৰ প্ৰতিনিধিৰে সভাকক্ষ পূৰ্ণ হৈ আছে। 
            শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ গোলাপ বৰা আৰু সংগীসকল মুঠ সাতজনে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ লগত চা- চিনাকি হৈ সমস্ত খবৰ ললো। তেওঁলোকৰ আটায়ে কলেজৰ ছাত্ৰ-ছাত্ৰী । লগতে আনবিলাক ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো সদৃশ খবৰে পালো। অৰ্থাৎ সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকুলেট । আমি কিছু ভয় আৰু সংকোচেৰে বহি থাকিবলৈ বাধ্য হৈছিলো কাৰণ আমি আলোচ্য বিষয়বস্তুৰ সম্পৰ্কে অভিজ্ঞ নাছিলো।
          নিৰ্দিষ্ট সময়ত সভাকক্ষৰ সন্মুখৰ আসনত অধিৱেশনৰ উদ্যোগী তথা জিলাৰ সভাপতি সম্পাদকে ধৰি সমূহ বিষয়ববীয়া নিজ আসনত উপবিষ্ট হ'ল। সভা আৰম্ভ হ'ল। সভাপতিৰ আসন গ্ৰহণ, সভাৰ উদ্দেশ্য ব্যাখ্যা , চিনাকি পৰ্ব আদি কাৰ্যসূচী আগবঢ়ায় নিছিল। সেই অধিৱেশনৰ সভাপতি আছিল ৰঞ্জন বড়ো আৰু সম্পাদক আছিল প্ৰবীন সোণোৱাল । অসমৰ সকলোৱে নিশ্চয় জানে এই প্ৰবীন সোণোৱালকেই ভাৰতীয় আৰ্মিৰ 'বিহাৰ ৰেজিমেন্টে ' ১৯৯৫ চনত হোৱা  'অপাৰেশ্যন ৰাইনো'ৰ সময়ত আলফাৰ সন্দেহত ডুমডুমাৰ ৰংদৈ হাবিত গুলিয়াই মাৰিছিল। সভাৰ কাৰ্যসূচী ক্ৰমশঃ আগুৱাই লৈ গৈছিল। আলোচনা হৈছিল বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ,বিতৰ্ক হৈছিল বহু সামাজিক ব্যৱহাৰ ওপৰত। আমি যেন কেৱল নিৰৱ শ্ৰোতাহে তেনে অনুভৱ এটাই বাহ সাজিব আৰম্ভ কৰিছিল মোৰ মন অৰণ্যৰ প্ৰতিজোপা গছত। কিন্তু মনত অনুভূত হৈছিল  'দেশ প্ৰেম'  ভাৱৰ অমল মনোভাৱ। 
       ক্ৰমশঃ 
   
        

Saturday, May 30, 2020

আমি অসহায়


 আমি অসহায় 

এতিয়া 'হাতৰ মুঠিত' জীৱনৰ 
প্ৰতিটো আনন্দিত নতুবা সুখৰ ক্ষণ ।
চেনিটাইজাৰ নতুবা দেটল চাবোনৰ
ফেনৰ সক্ৰিয়তাত উশাহ সলায় 
প্ৰতিজন মানুহৰ হাওঁফাওঁ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গাভৰু ক্ষণতো
থমকি ৰয় সুখৰ সমীৰন স্তব্ধ হয় 
হৰ্ষ আনন্দ শান্তিৰ এচমকা পোহৰ
.. পৰিৱৰ্তে চৌদিশে বিস্তাৰিত হয় 
মৃত্যুৰ কিৰিলি -- ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ !

কৰ্পূৰৰ দৰে উৰি গৈছে মানৱ জাতিৰ --
দম্ভ অহংকাৰ গৌৰৱ হিংসা কপটতা ;
এতিয়া জীৱনৰ প্ৰতিটো ক্ষণ আৱদ্ধ
চাৰিবেৰৰ ভিতৰৰ মায়াময়তাত
নিজকে নিৰাপদে ৰখাৰ আধুনিক আখৰা

এতিয়া 'হাতৰ মুঠিত' জীৱনৰ প্ৰতিটো প'ল ।
মুখেৰে প্ৰৱেশিব ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ
মৃত্যুৰ কিৰিলি হৈ 
বন্ধ দূৱাৰত শলখাডাল নিকপকপীয়াকৈ লগাই দিয়া
আৰি দিয়া জলকীয়া আৰু নেমুৰ মালাধাৰি
জানোচা শেষ হয় যুগৰ মহামাৰীৰ মৃত্যু দূত

শাশ্বত: এতিয়া এজাক ৰ'দৰ প্ৰয়োজন
পুৰি নিকা কৰাকৈ - ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ;
হে ঈশ্বৰ ! দে অগ্নি বৰষি পুৰি ছাই হঁওক 
'ক'ৰণা ভাইৰাছ' মানৱ জাতিৰ দূৰ্ঘোৰ শত্ৰু ।।


++++++++++++++++++++++++++++++++++


Thursday, May 28, 2020

ৰঙেৰ দুখ

     সি আজি সেই ঘাঁহ ডৰা খাবই । কোমল কোমল কুমলীয়া ঘাঁহ কোনেনো নিবিচাৰে। কথাটো কাকো ক'ব নোৱাৰি। কথাতে কয় বোলে - বেৰৰো কাণ আছে । গতিকে সাৱধান হৈ কথা কোৱাটো ভাল। ক্ৰমান্বয়ে বুঢ়া হৈ আহিছোঁ বাবে হয়তো আজিকালি মালিকেও বৰ পাত্তা নিদিয়ে । মোৰ লগৰ আনবিলাকক দানা, ঘাঁহ পানী বেচিকৈ গোটাই দিয়া যেন অনুভৱ হয়। অৱশ্যে মোকো একেবাৰে নিদিয়া নহয় , হ'লেও পূৰ্বতকৈ কিছু দিয়া যেন লাগে। সেয়ে বগে, কজলাকো কথাটো নোকোৱাই ভাল হ'ব বুলি ৰঙাই একান্ত মনে ঘাঁহ পাগুলি চিন্তা কৰিব ধৰিলে।
        ...... সিদিনাখন মোৰ মালিক আৰু ওচৰৰে বলোকাইৰ মাজত আলোচনা চলি থকা নিজ কাণে শুনিছোঁ । তাৰ বোলে গেজিং বাৰীত বৰ ডাঙৰ এখন ঘাঁহনি বাৰী আছে।তাঁহাতৰ গৰুকেইটাক বোলে সদায় তাৰে অলপ অলপকৈ কাটি দিয়ে। সেয়ে হেনো বলধ কেইটা নোদোকা চেহেৰাৰ ।গাইজনীয়েও গাখীৰ বেছিকৈ দিয়ে। দমৰা কেইটাও শকত-আৱত হৈছে। এই কথা শুনি আমাৰ মালিকে কি কথা ক'লে, জানানে ?  কথা শুনিয়েই মোৰ চকুলো সৰিল । ক'লে- " বোলে,কি আৰু ভাল ঘাঁহ গোটাই দিবি , এইকেইটাৰেচোন মই ভালদৰে খেতি কৰিবলৈ নোৱাৰো। ট্ৰেকটৰ নলগালে কামেই নিসিজে ।যি খাই জংঘলতে খাব, বেছি আপদাল ল'বলৈ মোৰ সময় নাই। উৱাঁও, এইটোৱে কথা নেকি ? অতদিনে বুঢ়াক কোনে খেতিত সহায় কৰিছিল। এই ৰঙে,নহয়নে ? ঘৰৰ বাৰী, পথাৰৰ খেতি, বাম খেতি, জাৰ- জহ কি, সকলো সময়তে ৰঙা,বগা , কজলাৰ আহৰি নোহোৱা কাম। মালিকে এঘাৰ বজাতহে আমাক হালৰ পৰা খোলে। তেনেহলে পেট ভৰাই খাবলৈ আমাৰ সময় থাকিল ক'ত ! ৰঙাই ভাবিলে... এই মানুহমখাক বিশ্বাস কৰিব বৰ টান। ইহঁত স্বাৰ্থপৰ । নিজক লৈ ব্যস্ত ইহঁত । অ' সিদিনা মালিকৰ সৈতে বলোকাই আলোচনা কৰি থকা শুনিছিলো । পশুমন্ৰীয়ে হেনো পশু খাদ্যৰ সিংহভাগ ধন খালে। অকল পশু ধনেই নে ? কি নাখাব ইহঁতে ! শিশুৰ ধন , শিক্ষাৰ ধন , স্বাস্হ্যৰ ধন , পানী যোগানৰ আঁচনিৰ ধন, কৃষিৰ ধন, দুখীয়া নিচলাক দিব লগা ধন আদি সকলো খাব। আৰু খাইছেয়ো হিচাপ নোহোৱা কৈ । আগৰজনাতকৈ পিছে এতিয়াৰ ওপৰৰজনা ভাল বুলি শুনিছোঁ। হ'লেও এই মানুহৰ বিৰুদ্ধে মোৰ গৰজি উঠিব মন যায়। 
        ৰঙে সামান্য মূৰ তুলি চাৰিওফালে চালে সকলোৱে একান্ত মনে ঘাঁহ খোৱাত ব্যস্ত। এই ছেগতে ইহঁতৰ পৰা ফালৰি কটা ভাল হ'ব বুলি উপলব্ধি কৰি সি মনে মনে এখোজ দুখোজ কৰি সেই ঠাই পৰিত্যাগ কৰিলে। বলোকাইৰ বাৰীখন আৰু বেছি দূৰ নাই। সি লগৰ বোৰৰ পৰা এতিয়া ভালেমান দূৰত, সেয়ে বেগাই যোৱাই ভাল বুলি জানি শিং জোকাৰি বেগাই যাব ধৰিলে।
     সেয়া বলোকাইৰ চিঞৰ নহয়নে ? ঘোৰ ঘোৰ ঘোৰ ... এহ এয়াচোন বলোকাইৰ বাৰী ৰখীয়াটো। মোক দেখিয়ে সি চিঞৰ বাখৰখন লগাইছে। অলপ আঁতৰ হৈ ৰৈ দিয়াই ভাল হ'ব। এতিয়া সুযোগ নাপালেও ৰাতি লৈ পোৱা যাব। সি মূৰ ডাঙি বাৰীখনৰ চৌপাশ ভালদৰে চাই ল'লে। 
      কেঁচা কেঁচা ঘাঁহ বোৰে তালৈকে যেন মোক খা মোক খা কৰি ৰৈ আছে। পৰা হ'লে এতিয়া জাপ মাৰি সোমালোহেঁতেন আৰু মাৰোক মাৰোক কৈ খালোহেঁতেন । কথাখিনি ভাবিয়ে তাৰ ভাল লাগি গ'ল। 
       অ' কথা এটা মনত পৰিছে, সিদিনাখন এজন মুছলমান লোক আমাৰ ঘৰলৈ আহিছিল। কিয়বা আহিছিল ? মই অলপ দূৰত থকাৰ বাবে কথাবাৰ্তা শুনা নাপালোঁ। বগে পিছে সিঁহতৰ ওচৰতে আছিল।কি ক'লে তাকে কথাতো সুধিব লাগিব। এই মুছলিম লোক এনেয়ে অহা ভকত নহয়।মোকেই কিনিব অহা নাই ত' ? কি ঠিক হ'বওতো পাৰে।
       এই মানুহ বিলাকৰ কাম কেৱল কিনা বেচা । বুঢ়া হলো বুলিয়েনো কিয় বেচিব লাগে হয়নে। আচলতে প্ৰাণীৰ প্ৰতি ইহঁতৰ মুঠেই মৰমেই নাই। দেখা নাই নে 'মহ' ক কিদৰে মাৰি কাটি খায়। আমি কিদৰে বাছি আছো একমাত্ৰ ভগৱানেহে জানে। অৱশ্যে হিন্দু সকলে আমাক পূজা পাৰ্বনো কৰে । হ'লেও কিছুমান মানুহ বেয়া যেন অনুভৱ হয়। এহ থাওক এইবোৰ । ভাবি থাকি কি লাভ । আজিকালি দিনত- জোৰ যাৰ মুলুক তাৰ ' । গতিকে বুঢ়া গৰুক কোবাই কোবাই চাল চিঙিবই ।
         ৰঙে দূৰ্বল জেওৰাখনত অলপ সুৰুঙাৰে হাতত সাৰে ভৰিত সাৰে পাৰ হৈ ভিতৰলৈ সোমাই গ'ল। এতিয়া তাক কোনে পাই । কুমলীয়া ঘাঁহ পাই ৰঙে খৰকৈ খাব ধৰিলে ।আপোন মনে খাঁওতে সি আনফালে চাবলৈ পাহৰি গ'ল। ইমান সোৱাদ ঘাঁহ। সি খায় খায় তাতেই চিৰদিনৰ বাবে শুই পৰিল । তাৰ অজানিতে বলোকাই ৰাতিপুৱা দি যোৱা বনমৰা দৰৱলগা ঘাঁহ খায় সি ইহলীলা সম্বৰণ কৰিলে।
        --------------সমাপ্ত -----------
লিখনি টো পঢ়ি কেনে পালে কমেণ্ট বাকচত মন্তব্য এটা আগবঢ়ায় যাব।

Wednesday, May 27, 2020

শোক-গাঁথা (2য় অংশ)

    ক্ৰমশঃ>         ঝৰনা ক্ৰমান্বয়ে ডাঙৰ হৈ আহিল। থুনুক- থানাক খোজেৰে সকলোৰে মন মোহিব ধৰিলে। এনে আনন্দিত মূহুৰ্ততে সকলোৱে পাহৰি পেলাইছিল পূৰ্বৰ কথাবোৰ। গতানুগতিকতাৰে আগুৱাই গ'ল সময়।সময়ে কাকো ৰৈ নাথাকে।সময় নিৰৱধি। ই খৰস্ৰোতা নৈৰ সদৃশ।
    বিধিয়ে এৰিলেও মানুহক কেতিয়াবা বিধাতাই নেৰে ।তাইৰ ক্ষেত্ৰতো যেন কথাবোৰ মিলি গ'ল।দাদাৰ লগত ব্যৱসায়িক কামৰ সংক্ৰান্তত জগত আহিল । ধেমাজিৰ কোনো এখন গাঁৱৰ পৰা অহা জগত এদিন থাকি গ'ল আমাৰ ঘৰত । সেয়াই যেন আৰম্ভণি। মাজে সময়ে আমাৰ ঘৰলৈ আহি থকা হ'ল। দিনত ব্যৱসায়ৰ কামত ওলাই যায় আৰু আশ্ৰয় লয় আমাৰ ভগা পঁজাত। আমি মানুহ । গতিকে মানুহ হিচাপে অতিথিৰ সেৱা শুশ্ৰূষা আমাৰ কাম্য। সেয়ে আমিও তাৰ বিপৰীতে অৱস্থান কৰিব নোৱাৰো। তদুপৰি অসমীয়া সদায় অতিথিপৰায়ণ বুলিও কথা এটা আছে দিয়কচোন।সেই সুযোগতে সি ঘৰখনৰ সকলোৰে লগত আত্মিক সম্পৰ্ক গঢ়ি তুলিছিল ।সম্পৰ্ক গঢ়ি তুলিছিল মোৰ সৈতেও।ঘিউ যিমানেই টান নহঁওক,তাপ পালে গলিবই ।একেই হ'ল তাইৰ ক্ষেত্ৰতো। তাৰ ছলাহী কথাৰ মেৰপেচ বুজিব নোৱাৰি আকৌ এবাৰলৈ শেষ হ'ল মোৰ জীৱন । মা-দেউতা আৰু সম্বন্ধীয় সকলোৱে মিলি জগতৰ স'তে তাইৰ সম্পৰ্কটো স্বামী- স্ত্ৰী'ৰ সম্পৰ্ক লৈ উন্নীত কৰা হয়। আৰু এইদৰে চলি থাকিল গতানুগতিকতাৰে দিনবোৰ। 
        স্বামী হিচাপে স্বীকৃতি পোৱাৰ পিছত জগতে ঘৰৰ খা- খৰচত আগভাগ ল'লে। শহুৰ শাহুয়েকক খৰচ পাতি দিয়ে। বেছ কিছুদিন সুখে সন্তোষে দিনবোৰ সুকলমে অতিক্ৰম হ'ব ধৰিলে। 
         নাৰী যদি নিজে নিজৰ শত্ৰু, পুৰুষ বাৰু কাৰ শত্ৰু ? পুৰুষৰ শত্ৰুৱেবা কি? তাইৰ মতে পুৰুষ জাতিটোয়ে ঠগ , প্ৰৱঞ্চক , বিষধৰ সৰ্পৰ দৰে । এবাৰ দংশন কৰি সি দূৰলৈ পলায়। ধেইৎ ,এজন পুৰুষৰ বাবে গোটেই পুৰুষ জাতিক। জানো দুষিব পাৰি । কিন্তু কিয় নোৱাৰি - পুৰুষ সদায় পুৰুষেই । এটা সময়ত ভাল এজন পুৰুষ , পৰিবৰ্তিত সময়ত যে সদৃশ ঠগ তঞ্চক হ'ব পাৰে সেয়া বহু নিদৰ্শনেৰে পতিয়ন নিয়াব পাৰি। ৰজা দশৰথৰ পুত্ৰ জানো সন্দেহবাদী ,প্ৰতাৰক নাছিল ? কিয় অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছিল সীতাৰ ? এয়া পত্নীৰ ওপৰত একপ্ৰকাৰৰ নিৰ্যাতন নহয়নো কি? বাস্তৱৰ স্বৰ্গপুৰীৰ পুৰুষৰ কথা নকলোৱেইবা ! যি কৰা হ'ল,তাক নোহোৱা কৰিব নোৱাৰি । আমি একেলগে জীৱন নৈৰ পাৰ হম ,হাতে হাত ধৰি আগুৱাই যাম বুলি বহু ৰঙীন সপোন দেখুৱাই এদিন জগতো হেৰাই গৈছিল তাইৰ জীৱনৰ পৰা। এদিন বজাৰলৈ যোৱা জগত আৰু সংসাৰলৈ ঘূৰি নাহিল। তাইৰ মৰম স্নেহক আওকাণ কৰি , অৱহেলা কৰি অহা বাটেৰে ঘূৰি গ'ল, সি আজিও নিৰুদ্দেশ। 
         দুটা পেন্দুকনা কোলাত লৈ চকুলোৰ লোতকেৰে আগবঢ়ায় নিয়াৰ বাদে গত্যন্তৰ নাই ।
ঈশ্বৰে নিলিখিলে সোণৰ চামুচেৰে ভাত খোৱাৰ সুযোগ। এয়া মোৰ বাবে সুদূৰপৰাহত । তাইৰ দুচকুৰে দুধাৰি তপত চকুলো নিগৰি আহিল অজানিতে। তাই ভাবিলে কল্পনা যিমান মধুৰ, বাস্তৱত সিমান গধূৰ। জেঠীজনীয়ে টিক টিক কৰি তাইৰ ভাৱনাকেই যেন সমৰ্থন কৰিছে। 
        সমাপ্ত
   
          

Tuesday, May 26, 2020

শোক-গাঁথা

                                                                                    বহু দিন হ'ল তাই বতাহৰ স'তে কথা নপতা। ৰিমঝিম বৰষুণৰ গুণগুণ শব্দৰ আমেজ নোলোৱা। সন্মুখৰ খিৰিকীখন খুলি দিলে তাই ।ফিৰফিৰিয়া এজাক মৃদু চেঁচা বতাহ ভিতৰলৈ সোমাই আহিল। কোঠালৈ সোমাই অহা মৃদু বতাহজাকৰ সৈতে তাই বহুদিন লুকাভাকু খেলা নাই। মনলৈ অহা নাই সেই অনুভৱ বোৰ যিবোৰ অনুভৱে এদিন জীৱন সম্পৰ্কে ভবাই তুলিছিল। ৰঙীন সপোন বোৰে মন ফুলনিত পাহি মেলিছিল। জীৱন সম্পৰ্কে একো নুবুজাকৈয়ে তাই জীৱনৰ মাধুৰ্য পান কৰিছিল।অনাকাংশিত ভাৱে লহপহকৈ বাঢ়ি অহা জীৱন নামৰ বৃক্ষজোপা পূৰ্ণতা প্ৰাপ্ত হৈছিল সময়ত । আৰু ঠিক তেনে এটা আবেগিক সময়ৰ বোকোচাত উঠি হেৰাই গৈছিল তাই যৌৱনৰ সেই বলীয়া বতাহজাকৰ সৈতে। যিজাক বতাহে তাইক উৰুৱাই নি পেলায় থৈ এৰি গুচি গ'ল জীৱনৰ অথাইসাগৰত ।
       এতিয়া স্মৃতিৰ মনিকোঠাত প্ৰৱেশ কৰিলে জীৱনৰ সম্পৰ্কে ভাবিবলৈ মন নাযায়।‌ ৰমলাৰ আজি আকৌ ভাবি চাবৰ মন গ'ল জীৱনৰ এৰি অহা দিনবোৰৰ কথা। হেৰাই যোৱা জেতুকাবুলীয়া আনন্দৰে ভৰপুৰ যৌৱনটোৰ কথা। হঠাতে সোমাই অহা মৃদু চেঁচা বতাহ জাকে তাইৰ গাল মুখ স্পৰ্শ কৰি গ'ল। গা'টো জিকাৰ খায় উঠিল তাই। মনটো তাইৰ সেই ঘটনাবোৰলৈ ঢাপলি মেলিলে। 
       পুষ্পিতা হোৱাৰ পাছৰ পৰাই তাইক যেন কিহবাই খেদি ফুৰিছিল।হয় । যৌৱন নামৰ সেই তেজস্বী অশ্বই খেদি ফুৰিছিল তাইক । অনবৰতে মেৰিয়াই ধৰিছিল তাইক লতিকাই গা-গছক মেৰিয়াই ধৰাৰ দৰে।
        সুযোগ মানুহৰ জীৱনলৈ আহে। হয়তো ঈশ্বৰে সুযোগ প্ৰতিজন লোককে পৰীক্ষামূলক ভাৱে প্ৰদান কৰে। অন্ততঃ ৰমলাই সেইদৰে ভাবিব বাধ্য হয় । কাৰণ তাইৰ জীৱনলৈ অনাকাংশিত ভাৱেই আহিছিল সুযোগ । যিটো সুযোগে জীৱনটো সুন্দৰ কৰাৰ পৰিৱৰ্তে এটা দুৰ্বিসহ জীৱন প্ৰদান কৰিছিল।
        সেইদিনা আছিল জন্মাষ্টমী। মা-দেউতাহঁত গৈছিল নামঘৰলৈ। ভাইটি কেইটাও সোনকালে ঘূৰি অহাৰ আশ্বাস দি জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ ভাও ল'বলৈ ওলাই গৈছিল বন্ধুসকলৰ সৈতে। তেনে এটা অকলশৰীয়া মুহূৰ্ততে আহিছিল ঋষভদা । অৱশ্যে তেখেতে মাজে সময়ে  প্ৰায় আহিছিল। পিছে সুযোগ হৈ অহা নাছিল। সেইদিনা সুযোগ পায় ঋষভদাৰ নিচেই কাষলৈ গৈছিলো মই । আদিম তাড়নাৰ উল্লাসত হেৰাই গৈছিলো। উপভোগ কৰিছিলোঁ জীৱনটো ।অথচ মনত অকনো কুণ্ঠাবোধ বা ভয়ৰ উদ্ৰেক হোৱা নাছিল। পাপ পুণ্যৰ কথা মনলৈ অহা নাছিল ।মদপী মানুহক মদৰ নিচাই কাবু কৰা দৰে তাইকো আৱদ্ধ কৰি পেলাইছিল দৈহিক তাড়নাৰ নিচাই। এইদৰে হেৰুৱায় পেলায়ছিল তাই জীৱনৰ সৌৰভ। জীৱনৰ মাদকতা উপভোগ কৰিবলৈ যাওঁতে হেৰুৱায় পেলায়ছিল সকলো। 
      এইদৰে দিন,মাহ অতিবাহিত হ'ব ধৰিলে। যিমানেই দিন বাঢ়ি গ'ল সিমানেই তাইৰ মনত অস্হিৰতাও বাঢ়ি গ'ল।সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি।ঢাকি ৰখা সম্ভৱো নহয় । যিদৰে সূৰ্যক ঢাকি ৰাখিব নোৱাৰি। কথাতেই কয়- যেনে কুকৰ্ম, তেনে ফল । তাইৰো যেন একে দশাই হ'ল। 
       দুই তিনি মাহৰ পাছত হঠাৎ তাইৰ বমি হ'ব ধৰিলে। নামি আহিছিল তাইৰ জীৱনলৈ কাল অমানিশা । ক্ষণিকতে বাৰ্তাটো ৰাষ্ট্ৰ হৈ পৰিল । শোক দুখত ম্ৰিয়মান হৈ পৰিল মা-দেউতা । সিহঁতৰ আশাত চেঁচা পানী ঢালিলো মই । ধূলিস্যাৎ হ'ল সকলো। 
        মা-দেউতাক সকলো কথা খুলি কলো নিলাজৰ দৰে । তেখেতসকলে ৰাইজমেল পাতিলে। মেলত দোষী সাব্যস্ত হ'ল ঋষভদা আৰু তাইক বিয়া কৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ । কিন্তু ঋষভদা আছিল আমাৰ সম্পৰ্কীয় সেয়ে গ্ৰাম্য সমাজৰ নীতি নিয়ম অনুসৰি তাইক বিয়া কৰাব নোৱাৰে। গতিকে বিয়া বন্ধ হ'ল। ছোৱালীক  'খালাচ' কৰিবলৈ পৰামৰ্শ দিয়ে আৰু ঋষভদাৰ মাক-দেউতাকে ২০ হাজাৰ টকা গুজি দিলে মা- বাবাৰ হাতত। সন্তুষ্ট হৈ মা- বাবাৰ মাত বন্ধ হ'ল । কিন্তু মই জন্ম দিয়ালো এদিন ঝৰনা'ক এজনী অবৈধ কন্যা ৰূপত। অথচ তাইৰ বাপেক জীৱিত। কি সমাজ ! কি নিয়ম এই বোৰ এই বান্ধোনে মানুহক সুখী কৰিব পাৰে নে ? 
     কোনো কোনো লোকে কয় নাৰীয়ে হেনো নাৰীৰ শত্ৰু । আনহাতে বহু পুৰুষৰ মতে নাৰী হেনো নিজে নিজৰ শত্ৰু। ক্ষন্তেকীয়া সুখানুভৱত হেৰুৱায় পেলায় জীৱন । হয়নে বাৰু সঁচাকৈ ? 
       
ক্ৰমশঃ >

Sunday, May 24, 2020

সময়ৰ ৰং (তৃতীয় ছোৱা)

ক্ৰমশঃ (তৃতীয় ছোৱা)
     চিন্ময়ক এৰি সি চিটি বাছত  জপিয়াই উঠি পৰিল লক্ষ্যস্হানৰ উদ্দেশ্যেৰে।পি এজন ভদ্ৰলোকৰ কাষৰ আসনত বহি পৰিল।খিৰীকিৰে সি বাহিৰৰ ফালে ভুমুকি মাৰি চালে। নাই চকুৰ দৃষ্টি দূৰলৈ নিক্ষেপ কৰিবলৈকে নোৱাৰি।যেনিয়ে চোৱা যায়, দেখা যায় কেৱল বিজ্ঞাপনৰ বৰ্ডিংবোৰত কোনোবা অখ্যাত শিল্পীৰ নিমজ হাতৰ পৰশত উজ্বলি উঠা ছবি বোৰৰ ফালে সি একেথিৰে দৃষ্টি পেলায় যাব ধৰিলে। হঠাৎ এখন বৰ্ডিংত তাৰ চকু ৰৈ গ'ল।এজন ডেকাই সাগৰৰ পাৰত এক বিশেষ ভংগীমাত থিয় হৈ এটা চাৰ্মচ জ্বলাইছে।। চাৰ্মচৰ ধোঁৱাৰ মায়াত দৌৰি গৈ এজনী আধা কটা চাৰ্ট পৰিহীত সুন্দৰী যুৱতীয়ে আনন্দত মতলীয়া হৈ সাৱতি ধৰিছে ডেকাক। তাইৰ পাজিসেৰীয়া আঙুলিকেইটাৰে মূৰটোত আলফুলে বুলাই দিছে। কি যে অদ্ভূত বিজ্ঞাপন। বিজ্ঞাপন হেনো এটা বহুল প্ৰচাৰিত আৰু জনপ্ৰিয় শব্দ আৰু ই হেনো বজাৰৰ হিয়াৰ আমঠু । এইয়া বেয়া কথা নহয়। কিন্তু বেয়া লাগে যেতিয়া বিজ্ঞাপন বোৰ বজাৰৰ কলিজা নহৈ কলিজাৰ বজাৰ হৈ পৰে। আধুনিক সভ্যতাত বিজ্ঞাপনেই যেন সৰ্বস্ব ! বায়ু , পানী, মাটি জুই সকলোতে বিজ্ঞাপন বোৰ উটি ভাঁহি উৰি পুৰি মৰে। আধুনিক মানুহৰ উশাহত কলিজালৈ সোমাই বিজ্ঞাপনৰ ভাষা, নিশ্বাসতো ওলাই বিজ্ঞাপনৰ গৰম ধোঁৱা ।এক আজৱ পৃথিৱী।সি যি কি নহওঁক বিজ্ঞাপনটো কিন্তু ভাল লাগিছে। আৰু এটা বিজ্ঞাপন লৈ চকু গ'ল তাৰ। 'গিল'ৰ বিজ্ঞাপন।অভিজাত্যৰ স্বাৱাভিমানেৰে গ্ৰাস কৰা দৃশ্যৰে এক বিশেষ ভংগীমাত থিয় দি জুবিনৰ নিজৰ বৰ্তমানক প্ৰচাৰ কৰা যেন অনুভৱ হয় বিজ্ঞাপনটো দেখি। আকাশ দ্বীপৰ জুবিনৰ ওপৰত ভীষণ ঈৰ্ষা লাগি গ'ল। ইচৰাম, আমাৰ বাৰু কিয় নহ'ল এনে জীৱন। কিয় বাৰু গঢ়িব নোৱাৰিলোঁ নিজক !
             শতবাৰ শতবিভাগত ইণ্টাৰভিউত বহিলো। কিন্তু চাকৰি কতো নহ'ল। মন্ত্ৰী, এম.এল.এ. আদি ডাঙৰ ডাঙৰ নেতাৰে সুসম্পৰ্ক নেথাকিলে আজিকালি চাকৰি ফুটুকাৰ ফেনৰ দৰে। জনজাতিৰ বাবে বিশেষভাৱে সংৰক্ষিত পদবোৰতো নিযুক্তি পায় অন্য উচ্চ খাপৰ জাতিয়ে।কথাৰ সৈতে কাম যেন আকাশ-পাতাল প্ৰভেদ।যদি অসমখনেই জনজাতিৰ ৰাজ্য হিচাপে ঘোষিত হয় তেনেহলে সুজা জনজাতিসকলৰ কি অৱস্থা হ'ব বাৰু ? 
            কোঁচ ৰাজবংশী সকলে বিছাৰিছে জনজাতিকৰণ, আহোম, মৰাণ ,মটক, আদিবাসী য়ে বিচাৰিছে অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত হ'বলৈ। এয়া সম্ভৱ নে বাৰু ? সত্তৰ লাখৰো অধিক জনসংখ্যাৰ এটা উন্নত জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাভূক্ত কৰি পিছপৰা অনুন্নত জনজাতিৰ লোকসকলে পাই অহা নিম্নতম সুবিধা খিনিৰ পৰাও বঞ্চিত নহ'ব নে ? কোচ ৰাজবংশী সকল ভাৰতীয় সংবিধানৰ নীতি নিৰ্দেশনা অনুসৰি পশ্চিম বংগত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত হৈ আছে। (Rules and order under the constitution; part-II  আৰু Constitution, Schedule Caste, order 1950 CO 19 , part-XIII , West Bengal ) এই ধাৰামতে কোঁচসকল পশ্চিম বংগত অনুসূচিত জাতিৰ তালিকাত চৌবিশ নম্বৰ আৰু ৰাজবংশী সকল আঠত্ৰিশ নম্বৰ তালিকাত অন্তৰ্ভূক্ত হৈ আছে। কিন্তু আচৰিত এটা জনগোষ্ঠীক এখন ৰাজ্যত অনুসূচিত জাতি আৰু আন এখন ৰাজ্যত অনুসূচিত জনজাতিৰ হিচাপে কি ভিত্তিত অনুসূচিৰ তালিকাভূক্ত কৰিব বিচৰা হৈছে বাৰু ? 
           পুথিভঁৰাল ....... পুথিভঁৰাল ...... পুথিভঁৰাল ,নামা আচি। ইয়াৰ পৰা বাছ আগলৈ নাযায়।হেণ্ডিমেনৰ কৰ্কশ মাতত একান্তভাৱে চিন্তাৰ সমুদ্ৰত উটি-ভাঁহি ফুৰা তাৰ মন পানচৈখন যেন সমুদ্ৰৰ তীৰত জোৰেৰে খুন্দা খায় ঘপকৰে ৰৈ গ'ল।কৰ পৰা যে কি খন ভাবি আছে সি ।
            গাড়ীৰ পৰা নামিয়েই সি নিজ লক্ষ্যৰ অভিমুখে অগ্ৰসৰ হ'ল। এজাক ছোৱালী জুমপাতি কলেজ অভিমুখে ৰাওনা হৈছে। এতিয়া স্কুল কলেজৰ সময়।সেয়ে বাটত মানুহৰ কিছু ভিৰ বাঢ়িছে। হঠাৎ এজনী সুন্দৰী ছোৱালীৰ পিনে চাই সি ৰৈ গ'ল। ই কি আচৰিত ৰূপ ! ছোৱালী জনীৰ দুগালৰ কোঁহে কোঁহে, দুচকুৰ নীলা শব্দৰ ভাঁজে ভাঁজে,কম্পিত ওঁঠৰ মিঠা হাঁহিয়েদি যেন নিগৰি নিগৰি বৈ আহিছে প্ৰেম ,এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ।ঈশ্বৰে বাৰু নাৰীক কিয় ইমান নিখুঁতভাবে স্ৰজন কৰে ! সঁচাই ভগৱানৰ সৃষ্টিত অপাৰ মহিমা। নাৰী তুমি অনন্যা ! 
          এৰা এনে সুগঢ়ী মুখৰ ষোড়শী গাভৰু বাৰু জীৱনত কোনেনো কামনা নকৰে। কোনে বাৰু এখন 'জেন'ৰ আগছিটত বহুৱাই দূৰ দূৰণিলৈ ফুৰিবলৈ যাবৰ বাবে হাবিয়াস নকৰে। এৰা কথাবোৰ কল্পনা কৰিওচোন কিবা এটা মজা লাগে।
           'আমাক স্বায়ত্ব শাসন দিবই লাগিব' ,  'সোণোৱাল কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ' ,' আমাক শান্তি লাগে'  ,......| চিন্তাৰ চাকনৈয়াত মেৰপেচ খোৱা আকাশ দ্বীপৰ মনৰ ভাৱনা উচ্চ স্বৰত দিয়া শ্লোগান কেইটাৰ আঘাতত বাস্তৱলৈ ঘূৰি আহিল। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দ্বাৰা উলিওৱা এক বিৰাট সমদল এয়া।হাতে হাতে ফ্লেগ, বেনাৰ লৈ নিজৰ প্ৰাপ্য আদায় কৰাৰ বাবে এক শোভাযাত্ৰা । সঁচাকৈয়ে আমাক স্বায়ত্ব শাসন বৰ জৰুৰী।এক বিকল্প পথ।যি পথে প্ৰদান কৰিব পাৰে আমাৰ প্ৰাপ্য । যি পথে মষিমূৰ কৰিব পাৰে জনজাতিৰ বিৰুদ্ধে ৰচনা কৰা কুটিল ষড়যন্ত্ৰ , নিৰ্মম অন্যায় অবিচাৰ। যি পথে জনগোষ্ঠীটোৰ নৱ প্ৰজন্মক কোঙা হোৱাৰ পৰা বাধা প্ৰদান কৰিব পাৰে।এক ঐকমত্য গঠনমূলক মনোভাৱেৰে একত্ব হৈ অটুট ৰাখিব পাৰে শান্তিৰ বাতাবৰণ।
             এজাক ফিৰফিৰিয়া বতাহত উৰি আহিছে কৰবাৰ পৰা খৰিকাজাঁইৰ আমোলমোল সুবাস। সি দূৰ দিগন্তলৈ দৃষ্টি নিক্ষেপ কৰিলে।প্ৰত্যুষৰ কুঁৱলি ফালি উলাই অহা ৰ'দজাকৰ মাজে মাজে এজাক আহাৰমুখী শৰালি কোনো এক অচিন ঠাইলৈ আহাৰ বিচাৰি উৰা মাৰিছে সীমাহীন আশাৰে।            
                   সমাপ্ত
( গল্পটো ২০০৬ চনত সদৌ অসম তিনিচুকীয়া জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ স্মৃতি গ্ৰন্থত প্ৰকাশিত হৈছিল। দুই এটা কথা সলনি কৰি আপোনালোকলৈ আগবঢ়ালোঁ। পঢ়ি চাই গঠনমূলক পৰামৰ্শৰে comment এটা আগবঢ়ালে সুখী হম )

Saturday, May 23, 2020

সময়ৰ ৰং ( ২ য় ছোৱা)

ক্ৰমশঃ   
        এম,এ.পঢ়ি শেষ কৰাৰ পাছত সি বাৰু কোন কোন বিভাগত ইন্টাৰভিউ দিছিল।স্মৃতিৰ জোলোঙাত হাত ভৰাই সি একান্ত মনে খুচুৰিবলৈ ধৰিলে। ৰেলৱে, বেংক,চি আৰ পি এফ, ফায়াৰ ব্ৰিগেড, বেটেলিয়ান,শিক্ষক,চেলছ এক্সজিকিউটিভ আৰু যে কত কিমান বিভাগত পি সাক্ষাৎকাৰত বহিছিল তাৰ কোনো লেখ জোখ নাই। চাকৰি কিন্তু আজিও কতো নহ'ল। কিন্তু কিয় ? হয়তো একমাত্ৰ টকাৰ বাবে। মোটা অংকৰ উপঢৌকণ দিব নোৱাৰিলে চাকৰি হ'বইবা কিদৰে। নিজৰ ওপৰতে তাৰ ধিক্কাৰ উপজি যায়,পুতৌ লাগি যায়। জীৱনৰ আধাবেলা ইতিমধ্যে সময়ৰ বেগী ঘোঁৰাত উঠি দ্ৰুতগতিত অতিক্ৰমি গৈছে।
           : ঐ ছাহেনশ্বাহ ? এক ধাতৱ কণ্ঠত উচপখাই পিছলৈ ঘূৰি চালে চিন্ময়ে।
            :অ' নিগনি, তুমি.... ইয়াত ! পিছে কি সকামতনো আহিলি ঐ বেঙা। গুৱাহাটী খন যে তাই ৰঙামুৱাই বিচাৰি উলিয়াব পাৰিলিয়ে বুলিছংক দেই। আকাশ দ্বীপৰ ফালে চাই চিন্ময়ে ভেঙুচালি কৰি ক'লে।
            : লাজ দিছা। তোষামোদ কৰিছা। মোক দেখি তোমাৰ হয়তো গুৱাহাটীৰ চিৰিয়াখানাৰ জন্তু দেখাৰ দৰে লাগিল, নহয় জানো ? এৰা লাগিবৰে কথা।তোতকৈ যে মই আন্ধাৰৰ ল'ৰা। আধুনিকতাৰ প্ৰলেপ পৰা মানুহৰ নিচিনা ক'ত হ'ব পাৰিমহে। তোমালোকে হলা গাঁৱৰ পৰা চহৰমুখী হোৱা তথাকথিত ভদ্ৰ সমাজৰ মুধাফটা ব্যক্তিৰ তনয়।টাউনীয়া ঢংত ভাষা শিকি গাঁৱৰ ভাষাৰ মূল শব্দবোৰ কবলৈ লাজ পোৱা, কাৰণ অভিজাত্যৰ চাপ থকা সমাজে তোমালোকক আনকালচাৰ্ড বুলি ভাবি হাঁহিব ।ভয় কৰা জানোচা তোমালোকক গৰু গাড়ী যুগৰ মানুহ ,ধূপৰ গোন্ধ নোপোৱা , নাথৰ ভেকুলী (!) ইত্যাদি বিশেষণেৰে বিভূষিত কৰে বুলি। এইটো সত্য যে নতুনক বাদ দি পুৰণি খিনি সাবটি আমি থাকিব নোৱাৰোঁ। সেইবুলি আমাৰ ভাষাটোৰ মৰ্যদা তথা স্বকীয়তা বহন কৰা শব্দ কিছুমানক অৱমাননা কৰা বা উপলুঙা কৰা উচিত নহয়। 
         : কাঠ মাৰিছা দেখোন। বেয়া পালা নেকি ? মই ধেমালিহে কৰিছোঁ । বৰ গপত গঙ্গাটোপ হ'ব নালাগে দিয়া। তোমাৰ, তোমাৰ ঘৰৰ খবৰ কোৱা ? সকলো ফালে ভাল নে বাৰু ? চাকৰি এটা যোগাৰ কৰিব পাৰিলানে ?
           : ভাল কথা সুধিছা । চাকৰিৰ নামত দুনিয়া ঘুৰিলো, চাকৰি কিন্তু নহ'ল। তুমি জানাই দেখোন বিজ্ঞাপনত উল্লেখ কৰা চাকৰি মকৰলৰ নিয়মবোৰ এক ভেকোভাওঁনাহে মাথোঁ। জনজাতিৰ অন্তৰ্ভুক্তলোক হোৱা বাবে সংৰক্ষিত পদত এপ্লাই কৰো। হ'লে কি হ'ব জনজাতিৰ সুবিধাবোৰ যে সময়ত ফুটুকাৰ ফেনত পৰিণত হয় সেয়া জানো মিছা ! 
            : যোৱা বছৰৰ কথা। ৰেলৱেৰ এটা বৃহৎ বিজ্ঞাপন দেখি আবেদন কৰিছিলোঁ।খালী পদকেইটা আছিল অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত পদ।সময়ত আমন্ৰনী পত্ৰ আহিল। সাক্ষাৎকাৰত বহিলো।কি ভাগ্য পৰীক্ষাত পাছো কৰিলো।আনকি মৌখিকতো পাছ কৰিলো ।। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় সময়ত নিযুক্তি পত্ৰহে নাহিল।কেৱল উৎকোচ দি বিষয়াক সন্তুষ্ট কৰিব নোৱাৰাৰ দোষত মোৰ নাম কৰ্তন কৰা হ'ল নিযুক্তি তালিকাৰ পৰা। উ:হ কি দুখৰ কথা শেষত গম পালো সংৰক্ষিত পদত মকৰল কৰা হ'ল এজন অনা অসমীয়া তথা অস্হানীয় ব্যক্তিক ‌। তাৰ পাছৰ পৰা বিজ্ঞাপন চাব এৰিলো।মনে কয় চাকৰি বিচৰাটো আজিকালি পৰ্বতত কাছ কণী বিচৰাৰ সদৃশ। বাদ দিয়া এইবোৰ তোমাৰ খবৰ কোৱাচোন ? 
           : সম্প্ৰতি মোৰ ভাল । এতিয়া গুৱাহাটীতে মোৰ ডিউটি। বহু দিনৰ মূৰত লগ পালো । বলা বাৰ'লৈকে যাঁও। কথাও পাতিম,খামো। 
          চিন্ময়ৰ ঘৰ গুৱাহাটীৰ হেঙেৰাবাৰীত। পিতৃ অবনি চলিহা আয়কৰ বিভাগৰ বিয়াগোম বিষয়া।পি পিতৃ-মাতৃৰ একমাত্ৰ আদৰুৱা পুত্ৰ। অতিশয় মৰমৰ প্ৰকোপত সি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাই আগবাঢ়িব নোৱাৰিলে। তিনিবাৰ প্ৰচেষ্টা চলায় বি,এ, ৰ দেওনা পাৰ হ'ব নোৱাৰি সি আনুষ্ঠানিক শিক্ষাৰ যৱনিকা পেলালে।পিছত গম পালো পিতৃৰ ধনবলৰ সহায়ত আদৰুৱা পুতেকক নিজৰ অফিচতে চি গ্ৰেডৰ পদত মকৰল কৰালে। দৰমহা কম হ'লেও বিশেষ কথা নাই।বাপেকৰ শিক্ষাৰে দীক্ষিত হৈ দুহাতে আজুৰি পাৰ্যমানে কলা ধন বেকা পথেৰে চপাবলৈ ধৰিছে।যেন পথাৰৰ ধানহে চপাইছে । চিন্ময় মোৰ কলেজৰ দিনৰে বন্ধু। ঠিক নলে-গলে লগা নহ'লেও এৰাই চলিব পৰা নোৱাৰি । ধন সম্পত্তিৰ ক্ষেত্ৰত অতিমাত্ৰা লোভ আছে যদিও বন্ধু-বান্ধৱৰ ক্ষেত্ৰত বেয়া নহয়।
            : সঁচাই কোৱাচোন গুৱাহাটী লৈ কিয় আহিলা ? 
            : কিয় , তোমালোকৰ ঘৰত গৈ এসাজি খামগৈ বুলি ভয় কৰিছা নেকি? জীৱনত চাকৰিটো ভাগ্যত নুফুলিলেই । গতিকে অনাই-বনাই ঘূৰি নুফুৰি কৰিমেই বা কি ! আচলতে জানা, অহা তিনি ফেব্ৰুৱাৰীত তিনিচুকীয়া জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ দ্বী-বাৰ্ষিক অধিৱেশন। অধিৱেশনৰ লগত সংগতি ৰাখি এখন 'স্মৃতিগ্ৰন্থ' প্ৰকাশৰ যো-জা কৰা হৈছে। তাৰ বাবে এটা শুভেচ্ছা বাণী বিচাৰি আহিলো সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বৰমূৰীয়াৰ ওচৰত। লগতে অন্য কামো নথকা নহয়। গতিকে বুজিলা নহয় এয়াই মোৰ গুৱাহাটী আগমনৰ বঁতৰা।
          : আৰু এপেগ লোৱা ।
          : নহ'ব ভাই, এই এপেগ বন্ধুৰ অনুৰোধ প্ৰত্যাখান কৰিব নোৱাৰিহে ল'লো। আৰু জোৰ নকৰিবা। বলা উঠো।
           : বেয়া নোপোৱা যদি বাইকত উঠা। ক'ত যাব লগা আছে মই লৈ যাম।
           : সহায়ৰ হাত আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ। এতিয়া অৱশ্যে সহায়ৰ প্ৰয়োজনবোধ কৰা নাই।সময়ত বাৰু প্ৰয়োজন হ'লে নিশ্চয় জনাম। এতিয়া বিদায়হে বন্ধু। শুভেচ্ছাৰে ।
            ক্ৰমশঃ
            

Friday, May 22, 2020

গল্প : সময়ৰ ৰং

          শীতৰ দিনৰ গুৱাহাটী ,ধূসৰিত আকাশত ওলমি আছে উদাসীন সুৰুয, নতুন দিন এটাই অলসভাৱে মেলি দিছে কম্পিত দুহাত । বিশাল বুকুত কুৱঁলীৰ শিল্পৰ অৱশেষ লৈ সন্মুখত এয়া মায়াময় গুৱাহাটী। চেঁচা বতাহত উপভোগ্য হৈ পৰিছে মৃদু ৰ'দ জাক।আকাশ দ্বীপৰো প্ৰত্যুষৰ এই মৃদু ৰ'দ জাক লবৰ মন গ'ল। ৰ'দজাকে মেন তাক দিয়াব জীৱন নিৰাপত্তাৰ এক সুৰীয়া গান।
        জীৱিতাৱস্হাত যিকোনো এজনলোকে জীৱন নিৰাপত্তাৰ বাবে কিবা এটা গত লগাব অশেষ যত্ন কৰিও যদি একো সুবিধা কৰিলব নোৱাৰে মনত তেতিয়া কেনে ভাৱৰ উদয় হয় বাৰু ? সেয়া হয়তো একমাত্ৰ ভুক্তভোগী ব্যক্তিয়েহে উপলব্ধি কৰিব পাৰিব। তেতিয়া মানুহৰ আশা আকাংক্ষা হয়তো ফুটা কলহৰ পানী এটোপ এটোপ সৰি পৰি শেষ হোৱাৰ দৰে জীৱনৰ প্ৰতিটো প'ল নি:শেষ হৈ যোৱাৰ উপক্ৰম হয়।
        আকাশদ্বীপৰ মনত পৰিল জীৱনৰ প্ৰতিটো বিপদেৰে মুখামুখি হ'বলৈ কৰা আপ্ৰাণ প্ৰচেষ্টাৰ কথা। জীৱনৰ কণ্টকময় পথ অতিক্ৰমি সেন্দুৰীয়া আলিয়েদি খোজ কাঢ়িবলৈ কৰা যত্নৰ মূহুৰ্ত্ত। অথবা জীৱনৰ অৰ্ধপ্ৰজ্বলিত বন্তি গছি পূৰ্ণতাৰে প্ৰজ্বলন কৰিবলৈ কৰা প্ৰয়াসৰ কথা। ক'ত,কোনখন কাগজত চাকৰি নিযুক্তিৰ বিজ্ঞাপন দিছে । ক'ত সাক্ষাৎকাৰ পাতিছে।পি সকলোতে উপস্হিত। কাৰণ তাক যে এটা চাকৰি লাগে । যিটো তাৰ বাবে কেৱলমাত্ৰ প্ৰয়োজনীয়ই নহয় সঁচা অৰ্থত অত্যাৱশ্যকীয়। এইদৰে সি এটা সাধাৰণ চাকৰি বিচাৰি কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি সি চলাথ কৰি দিছিল, যিটো আছিল তাৰ বাবে এটা নিত্য নৈমিত্তিক কাৰ্যৰ দৰে। মাক-দেউতাকৰ আশা সদায় পুত্ৰ-জীৰ ওপৰত। নিজ পুত্ৰৰ ওপৰত সদায় পিতৃ-মাতৃৰ অগাধ বিশ্বাস থাকে।সি এদিন মানুহ হ'ব। নিজে প্ৰয়োজনীয় আহাৰ বিচাৰি খাব জানিব। আকাশদ্বীপো সেয়ে হয়তো সকলোৰে ভোক নিবাৰণ কৰিব পৰা এগৰাহ ভাতৰ সদৃশ।নহয়়়নো কি ! কাৰণ সিয়েই যে নিবাৰণ সোণোৱালৰ দৈনতাই থকা-সৰকা কৰা ঘৰখন উদ্ধাৰিবলৈ একমাত্ৰ আশা। একমাত্ৰ ভৰসা ।

ক্ৰমশঃ
   

Thursday, May 21, 2020

জীৱনৰ তিতা কেঁহা অভিজ্ঞতা

ক্ৰমশঃ   
         ছাত্ৰ জীৱনৰ মুক্ত সময়কন উপভোগ কৰাৰ মানসিকতা বাৰু কাৰ নাই। মইয়ো তাৰ ব্যতিক্ৰম নোহোৱাটোৱে স্বাভাৱিক। ছাত্ৰ সন্থাৰ মজিয়াৰ মাজেৰে সমাজ সেৱাৰ মানসেৰে আগবাঢ়ি গৈছিলো । 
          তৎকালীন সময়ৰ বন্ধু সকলৰ ভিতৰত মই অমল , মনোৰঞ্জন আৰু ফনীধৰ 1991 চনত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত প্ৰথম পৰ্দাপন কৰিছিলোঁ। ছাত্ৰ সন্থাৰ মজিয়াত যে বহু গুৰুত্বপূৰ্ণ আলোচনাও হয়, বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হয় তেতিয়াহে মই ভালদৰে বুজি উঠিছিলো যেতিয়া ইয়াৰ সৈতে প্ৰগাঢ় সম্পৰ্ক গঢ়ি উঠিছিল। 
            আমি প্ৰথম সন্হাত যোগদান কৰিছিলোঁ 1991চনত হাতীঘূলী অধিৱেশনত । উক্ত অধিৱেশনৰ বিদায়ী সভাপতি সুৰজিত বুঢ়াগোহাঁই দেউ , প্ৰদীপ পাল দেউ আৰু উপদেষ্টা হিচাপে আছিল শ্ৰদ্ধাৰ নবুল কুমাৰ ডাঙৰীয়া। তেখেতসকলৰ উদাত্ত কণ্ঠৰ বক্তৃতাই আজিও সেই সময়লৈ মনত পেলাই থাকে । 
             1985 চনৰ পৰা কেইখোজ মান পাৰ্থক্য মাথো। ১৯৯০ চনৰ পিছতো সেই বিদেশীৰ জুই সম্পূৰ্ণ ভাৱে নিৰ্বাপিত হোৱা নাছিল। তেতিয়াও উমি উমি জ্বলি আছিল । 
              সেই মূহুৰ্তত অনুষ্ঠিত হোৱা অধিৱেশনে তাকেই কয় । অসম চুক্তি কাৰ্যকৰী কৰনাৰ্থে আন্দোলন , আই এম ডি টি আইন বাতিল কৰণ আদি স্পৰ্শকাতৰ বিষয়বস্তুৰ ওপৰত গভীৰ ভাৱে আলোচিত হৈছিল ৰাতি প্ৰতিনিধি সভাত । আমি চাৰিওজনে কিন্তু টোপনিত মূৰটো ওপৰ তল কৰিব লগাত পৰছিলো। টোপনি নাযামেই বা কেনেকৈ যিহেন বোকাময় বাট অতিক্ৰমি অধিৱেশন থলীত উপস্হিত হৈছিলোগৈ । আজিও কথাবোৰ মনত পৰিলে মূৰটো আচন্দ্ৰাই কৰে। আৰৈমূৰীয়াৰ পৰা হাতীঘূলী লৈ সেই সময়ত যাতায়াতৰ ব্যৱস্থা তেনেই শোচনীয় আছিল। দ দ গাত বোকা পানীৰে পৰিপূৰ্ণ ৰাস্তাৰে কেৱল ফৰ হুইলাৰ গাড়ীয়েহে ফেৰ মাৰিব পাৰিছিল। আমি নবুল চাৰসহ পাছোজন ধলাৰ কাশ্মীৰৰ ধান কঢ়িওৱা লৰি খনত গৈছিলো ধলালৈ । আকৌ সেই  সময়ত পি, ডব্লিউ  ডি ৰাস্তাৰে যোৱাটোও অসম্ভৱ আছিল। কাৰণ পথত আছিল একাঠু দ গাত য'ত বোকাৰে পূৰ্ণ আছিল। সেয়েহে আমি মথাউৰি দি যাব লগাত পৰছিলো। গৰু গাড়ীৰ বেগেৰে আমাক দুই ঘণ্টামানৰ মূৰত ধলাত নমাৰ সুবিধা কৰি দিছিল। ধলাৰ পৰা পুনৰ জিপ গাড়ীৰে হাতীঘূলীত উপস্হিত হৈছিলোগৈ। এনে পঙ্কিলময় অসহনীয় পথ অতিক্ৰম কৰাৰ বাবে হয়তো ভাগৰে বেৰি ধৰিছিল আৰু টোপনিয়েও হেঁচা মাৰি ধৰিছিল।
           " অসমীয়াই টোপনি মৰাৰ ফলশ্ৰুতিতেই অসম বিদেশীৰ চৰনীয়া পথাৰত পৰিনত হৈছে । জাগা বন্ধুসকল এতিয়া টোপনি মৰাৰ সময় নহয়। বিদেশী আহি পাকঘৰত সোমাল । " - উদাত্ত কণ্ঠে কোৱা কথাখিনিত সাৰ পাই গৈছিলো । 
            কথাষাৰে মোক বাৰুকৈয়ে ৰেখাপাত কৰিছিল। সততে শুনা যায় অসমীয়া এলেহুৱা , নিৰ্ষ্কমা আদি অসমীয়াক লৈ দিয়া গুৱাল গালি । আনহাতে অসমীয়াই সন্হা কৰি ভালপায় , আচলতে অসমীয়াই বাধ্যত পৰি আন্দোলন হৰতাল কৰিব লগাত পৰিছে। অসমত তেল আছে, কয়লাৰ ভাণ্ডাৰ আছে কিন্তু এইবোৰ অসমীয়াৰ নহয়, দিল্লীৰ ৰাজভঁৰাল টনকিয়াল কৰাৰহে দ্ৰব্য। অসমত পয্যাপ্ত পৰিমাণে ওখ সমতল ভূমি আছে য'ত কেৱল চাহবাগিচাৰে ভৰি আছে। বৃটিছ চৰকাৰে স্থাপন কৰা নিয়মেৰে দিল্লীয়ে এতিয়াও এইবোৰ সম্পদ লুটিপুটি নিয়ে আছে । অসম চৰকাৰে নগন্য পৰিমাণে ৰয়েলট্ৰী পায় আৰু সে‌য়াতে সন্তুষ্ট থাকিবলৈ আমি বাধ্য। এই ওখ মাটিখিনি যদি অসমীয়াই ভোগ কৰিব পালেহেঁতেন নিশ্চয় আজি অসমৰ কৃষক কৃষিক্ষেত্ৰত ইমান পিছ পৰি নৰ'ল হেঁতেন। আৰু এলেহুৱা বিশেষণৰ পৰা মুক্ত হ'ল হেঁতেন ।
          স্পীকাৰত ভাঁহি অহা গানৰ মাতত মই বাস্তৱলৈ ঘূৰি আহিলো । ডিঙি মেলি চাই দেখো সেয়া ইলো , অমল , জিতা আৰু সিঁহতৰ সংগীসকলে গায় আছে- "পুৱাৰ সূৰুয হৈ সঁজাও 
                                 মোৰ শ্যামলী আই অসমী,
                                 জোনৰ জোনাক হৈ সঁজাও
                                  মোৰ মৰমী আই অসমী ...।
            
          _______________+_______________

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts