Tuesday, February 16, 2021

12,24,30 ৰ ল.সা.গু । LCM of 12,24,30

ল.সাগু.কি আৰু কেনেকৈ?

   
     ল.সা.গু ৰ অৰ্থ হ'ল লঘিষ্ট সাধাৰণ গুণিতক। দুটা বা ততোধিক সংখ্যাৰে পূৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোৱে হ'ল প্ৰদত্ত সংখ্যৰ ল.সা.গু. । ইংৰাজীত L আখৰে Lower, C আখৰে Common , M আখৰে Multiple বুজায় অৰ্থাৎ Lower Common Multiple ।   লসাগু নিৰ্ণয় কৰোঁতে সংখ্যা কেইটা ভালদৰে পৰ্যবেক্ষণ i ল'ব লাগে। কেৱল যুগ্ম সংখ্যা, কেৱল অযুগ্ম সংখ্যা, কেৱল মৌলিক সংখ্যা, কেৱল পৰস্পৰ মৌলিক সংখ্যা ক্ষেত্ৰত ভিন্ন নিয়ম প্ৰয়োগ কৰি লসাগু নিৰ্ণয় কৰা হয়। কিন্তু গোটেই বিলাকৰ ক্ষেত্ৰতে গুণিতক আৰু উৎপাদকৰ বিশ্লেষণৰ দৰকাৰ হয়।

১/ কেৱল যুগ্ম সংখ্যাৰ লসাগু নিৰ্ণয়:

     সংখ্যা কেইটা যুগ্ম সংখ্যা হ'লে উৎপাদক বিশ্লেষণ কৰি ল'ব লাগে। উৎপাদকৰ সাধাৰণ নিয়ম আৰু মৌলিক উৎপাদক বিশ্লেষণৰ নিয়ম ইয়াৰ বাবে প্ৰয়োগ কৰা হয়। 
    সাধাৰণ নিয়ম অনুসৰি প্ৰথমে সৎখ্যাকেইটাৰ গুণিতক নিৰ্ণয় কৰা হয় আৰু ইয়াৰ পাছত আটাইতকৈ সৰু সাধাৰণ গুণিতকটো বিচাৰি উলিয়াব লাগে। সেইটোকে লসাগু হিচাপে গণ্য কৰা হয়।যেনে - ২ আৰু ৪ ৰ লসাগু নিৰ্ণয় কৰিলে হ'ব এনেধৰণৰ-- 
    ২ ৰ গুণিতক = ২,৪,৬,৮,১০,১২,১৪,১৬,১৮....
    ৪ ৰ গুণিতক=  ৪,৮,১২,১৬,২০,২৪,২৮...
   ইহঁতৰ সাধাৰণ গুণিতক = ৪,৮, ১২,১৬,....
   গতিকে লসাগু হ'ব= ৪
মনত ৰাখিব লাগে যে লসাগু সদায় প্ৰদত্ত সংখ্যকেইটাতকৈ ডাঙৰ নতুবা যিকোনো এটাৰ সমান হ'ব পাৰে। ইয়াত ২ আৰু ৪ৰ লসাগু ৪ ও হয় কাৰণ ৪ হ'ল ২ ৰ গুণিতক।
  উৎপাদক বিশ্লেষণ প্ৰক্ৰিয়াৰে লসাগু নিৰ্ণয় কৰোঁতে প্ৰথমে সংখ্যা কেইটাক মৌলিক উৎপাদকত বিশ্লেষণ কৰি ল'ব লাগে। তাৰপাছত সাধাৰণ উৎপাদকবোৰ আৰু সাধাৰণ উৎপাদক নোহোৱা উৎপাদকবোৰ একেলগে পূৰণ কৰিব লাগে , এই পূৰণফলটোৱে হ'ল সংখ্যা কেইটাৰ লাসাগু । যেনে - ২ আৰু ৪ লসাগু নিৰ্ণয়
    ২ = ১×২
    ৪ = ২×২
এতেকে, লসাগু হ'ব= ২× ২ 
                             = ৪
( ইয়াত ২ সাধাৰণ উৎপাদক আৰু আনটো ২ সাধাৰণ উৎপাদক নোহোৱা উৎপাদক।)
    তদুপৰি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত যদি দুটাৰ এটা সংখ্যা ডাঙৰ আৰু আনটো সৰু হয় তেন্তে ডাঙৰ সংখ্যাটোক লসাগু হিচাপে গণ্য কৰা হয়।

২/অযুগ্ম সংখ্যাৰ লসাগু নিৰ্ণয়:

     সংখ্যা কেইটা অযুগ্ম হ'লে সংখ্যা কেইটাৰ পুৰনফলকেই লসাগু হিচাপে গণ্য কৰা হয়। তদুপৰি যদি সংখ্যা কেইটাৰ এটাক আনটোৰে বিভাজ্য হয় বা ডাঙৰ সংখ্যাটো সৰুটোৰ গুণিতক হয় তেনে ক্ষেত্ৰত ডাঙৰ সংখ্যাক লসাগু হিচাপে ধৰা হয়। যেনে- ৫ আৰু ৯ ৰ লসাগু হ'ব ৫×৯=৪৫ , কাৰণ সংখ্যা কেইটা অযুগ্ম।

৩/মৌলিক সংখ্যাৰ লসাগু নিৰ্ণয়

    যদি সংখ্যা কেইটা মৌলিক সংখ্যা হয় তেন্তে সিহঁতৰ পূৰণফলেই লসাগু হয়। যেনে -- ২ আৰু ৭ ৰ লসাগু হ'ব ২×৭ = ১৪ ,কাৰণ সংখ্যা কেইটা মৌলিক সংখ্যা। 

৪/ পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু নিৰ্ণয়

    যদি সংখ্যা কেইটা পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে সিহঁতৰ পূৰণফলেই লসাগু হ'ব। যেনে-- ১৫ আৰু ৪ ৰ লসাগু হ'ব সিহঁতৰ পূৰণফল । কাৰণ ১৫ আৰু ৪ হ'ল পৰস্পৰ মৌলিক সংখ্যা। গতিকে ১৫ আৰু ৪ ৰ লসাগু হ'ব ১৫×৪= ৬০ । 
     যদি সংখ্যা কেইটা ডাঙৰ সংখ্যা হয় তেন্তে সিহঁতৰ মৌলিক উৎপাদকবোৰ নিৰ্ণয় কৰি ল'ব লাগে। অৰ্থাৎ মৌলিক উৎপাদকৰ জৰিয়তে লসাগু নিৰ্ণয় কৰিব লাগে।যেনে -- ১৮ আৰু ২৭ ৰ লসাগু নিৰ্ণয়> ১৮ = ২×৩×৩
                      ২৭ = ৩×৩×৩
   এতেকে ১৮ আৰু ২৭ ৰ লসাগু = ৩×৩×৩×২
                                                 = ৫৪
( ইয়াত ৩ দুটা সাধাৰণ উৎপাদক আৰু ২ আৰু ৩ সাধাৰণ উৎপাদক নোহোৱা উৎপাদক।)
 
    আশাকৰোঁ বিশ্লেষণৰ পৰা আপোনালোকে বুজিব পাৰিছে। 
  
   এতিয়া চাঁও শিৰোনামাত উল্লেখ কৰা সংখ্যা কেইটাৰ ল.সা.গু. কিদৰে উলিয়াম ...? 
   

১২, ২৪আৰু ৩০  ৰ লসাগু নিৰ্ণয় ::

সমাধান : ‌ 
  ১২ = ২×২×৩
  ২৪ = ২×২×২×৩
  ৩০ = ২×৩×৫
এতেকে লসাগু হ'ব= ২×২×২×৩×৫
                    ‌‌        = ১২০









     


       +++++++++++++++++++++++++++++++++

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..

    ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ.. Wishing you a very happy for RONGALI BIHU..        চাওঁতে চাওঁতে সময়ে মেলানি মাগি ব'হ...

Popular posts