Wednesday, February 24, 2021

আকৌ বহাগ আহিবনে ?

আকৌ বহাগ আহিবনে?



ইয়াত আকৌ বসন্ত আহিব নে ?
জীৱনৰ লঠঙা ডালত পাখি মেলি নকৈ
গজি উঠিবনে আশাৰ কিশলয় !
মানুহৰ মন প্ৰেমত উদ্বেলিত কৰি..!

ফাগুনৰ পৰা তোলৈ কিমান দূৰ বাট 
অ'  মোৰ বুকুৰ বহাগ ?
সৰাপাতবোৰ গচকি সপোনক লৈ যাম
এডেও দুডেও কৰি মোৰ উৰুখা পঁজালৈ ।
তই নিবিনাবি ফাগুন তোৰ মৃদু মলয়াৰ
পানচৈত উঠিয়ে কপৌফুলৰ মালা গাঁঠিম
আলফুলে গুজিবলে' চেনাইৰ পাজিসেঁৰীয়া খোপাত 

অ' মোৰ উতলা বসন্ত
ফাগুনৰ পৰা তোলৈ কিমান দূৰ বাট ?

পছোৱাই কাণে কাণে ফু মাৰি কয়
আইৰ শোঁকৰ সৰাপাত পচিলেই হেনো
তই আহিবি বৰদৈচিলা হৈ
নদাই ভদাইৰ খামিডাঠ বুকুখনত প্ৰেমৰ
নূপুৰ পিন্ধায়... । অ' মোৰ উতলা বহাগ 
ফাগুনৰ পৰা তোলৈ কিমান দূৰ বাট ? 

আকৌ আহিবা বহাগ 
ফাগুনৰ বোকোচাত উঠি 
সৰাপাতৰ গুমগুমনি তোলি
কৃষ্ণচূড়াৰ ডাল পাতত পেখম ধৰি
মানুহৰ প্ৰাণে প্ৰাণে ফুলাই তুলিবলে' 
প্ৰেমৰ কুসুম বিশ্বাসৰ কুসুম
চৌদিশ সুবাসিত কৰি...।


+++++++++++++++++++++++++++++++






আবেলিৰ ৰং

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ..

    ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ.. Wishing you a very happy for RONGALI BIHU..        চাওঁতে চাওঁতে সময়ে মেলানি মাগি ব'হ...

Popular posts