Wednesday, February 24, 2021

আকৌ বহাগ আহিবনে ?

আকৌ বহাগ আহিবনে?



ইয়াত আকৌ বসন্ত আহিব নে ?
জীৱনৰ লঠঙা ডালত পাখি মেলি নকৈ
গজি উঠিবনে আশাৰ কিশলয় !
মানুহৰ মন প্ৰেমত উদ্বেলিত কৰি..!

ফাগুনৰ পৰা তোলৈ কিমান দূৰ বাট 
অ'  মোৰ বুকুৰ বহাগ ?
সৰাপাতবোৰ গচকি সপোনক লৈ যাম
এডেও দুডেও কৰি মোৰ উৰুখা পঁজালৈ ।
তই নিবিনাবি ফাগুন তোৰ মৃদু মলয়াৰ
পানচৈত উঠিয়ে কপৌফুলৰ মালা গাঁঠিম
আলফুলে গুজিবলে' চেনাইৰ পাজিসেঁৰীয়া খোপাত 

অ' মোৰ উতলা বসন্ত
ফাগুনৰ পৰা তোলৈ কিমান দূৰ বাট ?

পছোৱাই কাণে কাণে ফু মাৰি কয়
আইৰ শোঁকৰ সৰাপাত পচিলেই হেনো
তই আহিবি বৰদৈচিলা হৈ
নদাই ভদাইৰ খামিডাঠ বুকুখনত প্ৰেমৰ
নূপুৰ পিন্ধায়... । অ' মোৰ উতলা বহাগ 
ফাগুনৰ পৰা তোলৈ কিমান দূৰ বাট ? 

আকৌ আহিবা বহাগ 
ফাগুনৰ বোকোচাত উঠি 
সৰাপাতৰ গুমগুমনি তোলি
কৃষ্ণচূড়াৰ ডাল পাতত পেখম ধৰি
মানুহৰ প্ৰাণে প্ৰাণে ফুলাই তুলিবলে' 
প্ৰেমৰ কুসুম বিশ্বাসৰ কুসুম
চৌদিশ সুবাসিত কৰি...।


+++++++++++++++++++++++++++++++






আবেলিৰ ৰং

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts