Thursday, February 18, 2021

অনুভৱ



           অনুভৱ


তোমাতেই সপি দিলোঁ মোৰ আন্তৰিকতা
মোৰ সমস্ত বেদনা বিধৌত সত্তা ...

তুমি তোমাতেই বিলীন হৈ থকাৰ পৰত
তোমাৰ অনুৰাগ,দেহজ উত্তাপ মোৰ
বুকুৰ সেউজ উপত্যকাৰ
সিৰা উপসিৰাৰে বৈ থাকে
অহৰহ তেজৰ কণিকা হৈ ...

ঠিক সাতবজাৰ প্ৰাকক্ষণত অপেক্ষাকৃত হঁও
মোবাইলৰ ঢাকণিৰ চিকচিকিয়া কাঁচেৰে
উদ্ভাসিত বাখৰুৱা বৰ্ণৰ এচ,এম,এচ 
যিয়ে বোৱাই আনে হৃদপিণ্ডৰ মাজেৰে
প্ৰেমৰ আকাশী গংগা মোৰ চৌপাশ
শীতল কৰি

এইদৰে চলি থাকিব দিয়া
দূৰভাষ প্ৰেমৰ আখৰা
বনদৰৱৰ দৰে হৈ উঠক
উভয়ৰে আত্মজ জীৱনৰ মালিতা।।।

No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।

অসমৰ বানপানী সমস্যা : কাৰণ, প্ৰভাৱ আৰু সমাধানৰ সম্ভাৱনা।              অসমৰ বানপানীৰ দৃশ্য ( সংগৃহীত)         অসম এখন বানপানী-প্ৰ...

Popular posts