Saturday, January 29, 2022

Art Education , Class Viii , কলা শিক্ষা, অষ্টম শ্ৰেণীৰ বাবে।

Art Education for Class Viii. কলা শিক্ষা । অষ্টম শ্ৰেণীৰ বাবে। ১/ ক'লাজ কাক বোলে ? ২/ অৰিগেমি কাক বোলে ? ৩/ নাও প্ৰস্তুতৰ দিহা।


১/  ক'লাজ কাক বোলে ? 
:: বিভিন্ন ৰংবিৰঙৰ কাগজ ফালি টুকুৰা টুকুৰ কৰি আৰ্টপেপাৰত আঠা লগাই কোনো বস্তুৰ হুবহু আকৃতি প্ৰস্তুত কৰা ক'লা শৈলীক ক'লাজ বোলা হয়। অৰ্থাৎ বাতৰি কাকত, বিভিন্ন ৰংবিৰঙৰ কিতাপৰ পাত, ফটো আদি হাতেৰে ফালি টুকুৰা টুকুৰ কৰি লোৱা হয় আৰু পিছত আৰ্টছ পেপাৰত কোনো আকৃতিৰ হুবহু দৃশ্য আঠা লগাই প্ৰস্তুত কৰা হয়। 
  প্ৰয়োজনীয় সামগ্ৰী : ১/ পেলনীয়া বাতৰি কাকত
২/পেলনীয়া ৰংবিৰঙৰ কাগজ ।
৩/ আৰ্ট পেপাৰ এখন।
৪/ আঠা এটেমা, ফেবিকল হ'লে ভাল হয়।
৫/ কাঠ পেঞ্চিল ।

প্ৰস্তুত কৰা নিয়ম :
প্ৰথমতে আৰ্ট পেপাৰ খনত কি বনাবা নিৰ্দিষ্ট কৰি লোৱা। নিৰ্দিষ্ট কৰা বস্তুটোৰ হুবহু নক্সা আৰ্ট পেপাৰত  কাঠপেঞ্চিলেৰে আঁকি লোৱা। ৰংবিৰঙৰ কাগজবোৰ ফালি টুকুৰা টুকুৰ কৰি লোৱা। ইয়াৰ পিছত সৰু সৰু টুকুৰাবোৰ নক্সাটোত ৰং  অনুসৰি মিলাই মিলাই আঠা দি লগাই যোৱা। দেখিবা এটা হুবহু আকৃতিৰ সৃষ্টি হৈছে। ইয়ে হ'ল ক'লাজ ।

২/ অৰিগেমি কাক বোলে ?
 :: কাগজ ভাঁজ কৰি কোনো বস্তু হুবহু ভাৱে বনোৱা কাৰ্যক অৰিগেমি বোলা হয়। অৰিগেমিক হস্তশিল্পৰ কলা বুলি ক'ব পাৰি। কাগজেৰে ভাঁজ কৰি নাও বনাব পাৰি। ৰথ বনাব পাৰি। বিভিন্ন ফুল বনাব পাৰি। বিভিন্ন জীৱ-জন্তু বনাব পাৰি। লেফাফা বনাব পাৰি। 
  অৰিগামিৰ বাবে ব্যৱহৃত সামগ্ৰী : ১/ দিস্তা কাগজ। সুবিধা অনুসৰি কাগজ ল'ব লাগে।

১/ নাও প্ৰস্তুতৰ বাবে সামগ্ৰী : সুবিধা অনুসৰি দিস্তা কাগজ।
প্ৰস্তুত প্ৰণালী : 
  ক/আয়তাকাৰ এখন কাগজ লোৱা। 
  খ/ কাগজখন সমানে দুভাগ কৰা।
  গ/  পুনৰ কাগজ খন ভাঁজ কৰা ।
  ঘ/ তিনি ভাঁজ কৰাৰ পিছত আগ দুটা বহলাই দিলে নাও আকাৰ ল'ব।
 
    
ক্ৰমশঃ 

1 comment:

dudulsonowal32@gmail.com

Featured post

শৈক্ষিক প্ৰতিষ্ঠান আৰু গৃহত শক্তি সঞ্চয়ৰ অভ্যাস। Habits of Energy Saving in Educational Institutions and Homes.

শৈক্ষিক প্ৰতিষ্ঠান আৰু গৃহত শক্তি সঞ্চয়ৰ অভ্যাস। পাতনি: বৰ্তমানৰ বিজ্ঞান-প্ৰযুক্তিৰ যুগত বিদ্যুৎ শক্তি আমাৰ জীৱন-যাত্ৰাৰ অতি প্ৰ...

Popular posts