অভিভাৱকৰ কৰণীয়।
এখন বিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন বুলিলে শৈক্ষিক দিশৰ লগতে আন দিশ সমূহৰ সম্পৰ্কে বুজা যায়। মধ্যাহ্ন ভোজন, পৰিচালনা সমিতিৰ সক্ৰিয় কৰণ, চৌহদ চাফাই অভিযান, চৌহদৰ সৌন্দৰ্য বৰ্ধন, বিভিন্ন অনুষ্ঠানত শিক্ষকৰ লগতে অভিভাৱকৰ ক্ষণিক অংশগ্ৰহণৰ প্ৰয়োজন আছে।
শৈক্ষিক দিশত উন্নতি ঘটিবৰ বাবে নিজৰ ল'ৰা ছোৱালীক অভিভাৱকে যত্ন আৰু তত্বাৱধান লোৱা দৰকাৰ। অভিভাৱকৰ সক্ৰিয় ভূমিকাই বিদ্যালয়ৰ উন্নতিত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সেয়ে অভিভাৱকে বিদ্যালয়ৰ আনুসংগিক কামৰ খবৰ ৰাখিবলৈ বিদ্যালয়ৰ লগত অনবৰতে সম্পৰ্ক অটুট ৰাখিব লাগে।
শিক্ষকৰ কৰণীয় হৈছে শিক্ষাদান কৰা। এই শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়া হোৱা উচিত সামগ্ৰিক আৰু অবিৰত। নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিলে বিদ্যালয়ত অৰাজকতা আৰু বেমেজালিৰ পৰিৱেশ সৃষ্টি নহয়। বিশেষকৈ পৰিলক্ষিত হয় যে শ্ৰেণীৰ পাঠদানৰ সময়ত এটা শ্ৰেণীত পাঠদান হৈ থাকিলে আনটো শ্ৰেণীত শিক্ষকৰ অনুপস্থিতিয়ে পৰিৱেশ বিনষ্ট কৰি তোলে। এনে নহ'বলৈ আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে গুৰুত্ব দি নিজৰ কৰ্তব্য পালন কৰিব লাগিব। সময়ৰ প্ৰতি সদায় সচেতন হ'ব লাগিব। অবাবত সময় নষ্ট কৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বহুতো ক্ষতি হ'ব পাৰে। এনে ক্ষতি যাতে নহয় তাৰবাবে শিক্ষকসকল সদা জাগ্ৰত হোৱা দৰকাৰ।
------------------------++++----------------------
গণিতৰ জানিবলগীয়া কথা :
π
বৃত্তৰ আকৃতি যিমানেই ডাঙৰ বা সৰু নহওক কিয়, বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতটো সদায় সমান। এই কথাটো আজিৰ পৰা কেইবা হাজাৰ বছৰ পূৰ্বেই মানুহে ধাৰণা কৰিছিল। এইটো শুদ্ধ বুলি প্ৰথম প্ৰমাণ আৰ্কিমিডিছে (খ্ৰীঃপূঃ ২৮৭ – খ্ৰীঃপূঃ ২১২) দিয়া বুলি পোৱা যায়। অৰ্থাৎ যিকোনো এটা বৃত্তৰ বাবেই,।
> আৰু <
এই চিহ্ন দুটা (greater than আৰু less than) প্ৰথম ব্যৱহাৰ কৰিছিল টমাছ হেৰিয়টে (Thomas Harriot, ১৫৬০ – ১৬২১)। তেওঁৰ এখন কিতাপ ১৬৩১ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। তাতেই তেওঁ এই চিহ্ন দুটা ব্যৱহাৰ কৰিছিল।
≥ আৰু ≤
এই চিহ্ন দুটা প্ৰথম ব্যৱহাৰ কৰিছিল পীয়েৰ বুগৰে (Pierre Bouguer, ১৬৯৮ – ১৭৫৮) ১৭৩৪ চনত।
×, ., * আৰু নিকটতা
পূৰণৰ বাবে × চিনটো প্ৰথম ব্যৱহাৰ কৰে উইলিয়াম অটৰেডে (William Oughtred, ১৫৭৪ – ১৬৬০) ১৬৩১ চনত।
পূৰণৰ বাবে . চিনটো প্ৰথম ব্যৱহাৰ কৰে টমাছ হেৰিয়ট (Thomas Harriot, ১৫৬০ – ১৬২১) নামৰ আন এজন ইংৰাজে। তেওঁৰ লেখাটো মৰণোত্তৰভাৱে প্ৰকাশ হৈছিল ১৬৩১ চনত।
দুটা সংখ্যা পূৰণ কৰা বুজাবলৈ মাজত * চিহ্নটো প্ৰথম ব্যৱহাৰ কৰে জোহান ৰনে (Johann Rahn, ১৬২২ – ১৬৭৬) ১৬৫৯ চনত।
দুটা সংখ্যা পূৰণ কৰা বুজাবলৈ আমি কেতিয়াবা সংখ্যা দুটাৰ মাজত একো চিহ্ন ব্যৱহাৰ নকৰাকৈ দুয়োটা সংখ্যা কাষে কাষে লিখি থওঁ। যেনে: a আৰু bৰ পূৰণফল বুজাবলৈ ab বুলি লিখি থওঁ। ৫ আৰু pৰ পূৰণফল বুজাবলৈ প্ৰায়ে লিখোঁ: ৫p। এনেদৰে এটা চিহ্নৰ কাষত আন এটা চিহ্ন লিখা কামটোক কোৱা হয় juxtaposition, নিকটতা। এই juxtaposition বোলা ধৰণটোৰ সম্পৰ্কেও বহু অধ্যয়ন কৰিবলগীয়া কথা আছে। আমি এটা বাক্য লিখিবলৈ শব্দবোৰ কেনেকৈ গঠন কৰোঁ? Juxtapositionৰ দ্বাৰা। এটা আখৰৰ কাষত আন এটা আখৰ লগ লগাই….। যি কি নহওক, সংখ্যা পূৰণ কৰা বুজাবলৈ juxtaposition প্ৰথম ব্যৱহাৰ হৈছিল ভাৰতবৰ্ষত। অষ্টম-নৱম-দশম শতিকামানত সেয়া প্ৰথম ব্যৱহাৰ হৈছিল বুলি অনুমান কৰা হয়। আধুনিক ৰূপত সেয়া প্ৰথম এৰ কৰে মাইকেল ষ্টিফেল (Michael Stifel, ১৪৮৬/১৪৮৭ – ১৫৬৭) নামৰ ব্যক্তিজনে ১৫৪৪ চনত।
No comments:
Post a Comment
dudulsonowal32@gmail.com