অসমীয়াৰ অতি আদৰৰ, চেনেহৰ গামোচা বা বিহুৱান : এক সংক্ষিপ্ত অৱলোকন।
গ্ৰাম্য সমাজত ব্যৱহাৰ কৰা গামোচা দুই ধৰণৰ আছে। গ্ৰাম্য সমাজত ব্যৱহাৰ কৰা গামোচা হৈছে এফালে ফুল থকা আৰু আনটো মূৰত ৰঙা পাৰি দিয়া যাক আচু দিয়া বুলি কয় । দ্বিতীয় খন গামোচা হৈছে উঁকা গামোচা। ইয়াৰ দুয়োটা মূৰ ফুলহীন। কেৱল আচু থাকে। অতীজৰে পৰা গামোচা এই নিয়মেৰে গ্ৰাম্য সমাজত প্ৰচলিত হৈ আহিছে আৰু এতিয়াও শিপিনীয়ে সেই দৰে তাঁতশালত গামোচা বয় উলিয়ায়।
কিন্তু বৰ্তমান সময়ত গামোচাক অসমীয়া সমাজত ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক কেইবাটাও ভাগত ভাগ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত -পানী-গামোচা, তামোল-গামোচা, উঁকা গামোচা, গোঁসাই থাপনা গামোচা ,বিহুৱান, আনাকাটা গামোচা, দৰা বৰণ গামোচা আদিয়েই প্ৰধান।
পানী গামোচা বা তিয়নী গামোচা একে। গা মোহাৰিবলৈ বা তিয়নী সলাবলৈ পানী গামোচা ব্যৱহাৰ কৰা হয়। উঁকা গামোচাও সাধাৰণতে পিন্ধিবলৈ ব্যৱহাৰ কৰা হয় যদিও ইয়াক ভাল কামতো লগোৱা হয়। থাপনাত পাৰা, হুঁচৰিৰ শৰাইত দিয়া, দহা সবাহত হাত মোহৰা আদি কামত গ্ৰাম্য সমাজত ব্যৱহাৰ কৰা হয়। গোঁসাই থাপনা গামোচা হৈছে থাপনাত ব্যৱহাৰ গামোচাখনক ইয়াত থাপনা গামোচা বোলা হৈছে যদিও গ্ৰাম্য সমাজত এনে কোনো ভাগ আছে বুলি জনা নাযায়। ফুল থকা বা উঁকা গামোচাখনকে সকলোতে স-সন্মানে ব্যৱহাৰ কৰা দেখা যায়। কিন্তু বিহুত ব্যৱহাৰ কৰা গামোচাখনক বিহুৱান বোলা হয়। আনহাতে ডাঙৰ ফুল থকা গামোচা খনক ভমকাফুলীয়া গামোচা বুলিও কোৱা হয়।
চহৰত প্ৰব্ৰজিত অসমীয়া লোকসলৰ অতি আধুনিকতা মনৰ বাবে গামোচাৰ কিছু নীতি নিয়ম পৰিৱৰ্তন হৈছে ( নিশ্চয় সকলোৱে নহয়)। আধুনিক সমাজৰ সৈতে চহৰৰ এচামে মিলিবৰ বাবে আৰু ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ মানসেৰে গামোচাত নতুনত্ব আনিলে। বহি ৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ লগত ফেৰ মাৰিব যাঁওতে নিজৰ গামোচাৰ ৰেহৰূপো সলনি হ'ব ধৰিছে।
অসমীয়াৰ যি গামোচা সেইখনৰ মহিমা সুকীয়া। ই অসমীয়াৰ স্বকীয়তাৰ পৰিচায়ক হোৱাৰ লগতে অসমীয়া মানুহৰ অতি আদৰৰ আৰু স্বাভিমান। সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হ'লেও কৃষ্টি সংস্কৃতিৰ প্ৰতীকসমূহৰ নিজস্ব অৱয়ব পৰিৱৰ্তন হোৱা অনুচিত।
বৰ্তমান সময়ত পুঁজিবাদৰ গ্ৰাসত পৰি কেৱল গামোচাই নহয়,আন আন সংস্কৃতিৰ ক্ষেত্ৰতো তথৈবচ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজিকালি গাঁৱৰ শিপিনীয়ে গামোচা কিদৰে বয় বুলিও চিন্তা কৰিবলগীয়াত পৰিছে। আচলতে পুঁজিবাদে আমাৰ সংস্কৃতিক ক্ৰমান্বয়ে চেপি খুন্দি শেষ কৰিবলৈ বিচাৰিছে। আৰু আমি বিষয়বোৰ গুৰুত্ব সহকাৰে নলৈ আবেগৰ বশৱৰ্তী হৈ কেৱল নিজৰ বিলাকৰ মাজতে উখনা উখনি লাগি আছোঁ। অৰ্থাৎ এতিয়াও আমাৰ নিজস্ব সংস্কৃতিৰ ওপৰত নিজেই সন্দিহান। নহলেনো আমাৰ গামোচাখনকে লৈ আমি ইমান চিঞৰ বাখৰ কৰিব লগা হয় নে!
অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল বুলি ইতিহাসৰ পৰা জনা যায়। ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া/বৰাহী, দেউৰী, মৰাণ, ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এই গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে। প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থান সমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক বিশ্বাস মতে দেৱীয়ে বগা বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। সেইবাবেই দেৱীক সন্তুষ্ট ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা সাজপাৰো বগা ৰঙৰ হে আছিল। আজিও দেউৰী জনগোষ্ঠীৰ সমাজত এই নিয়ম কঠোৰ ভাবে পালন কৰা হয়। চাৰিশাল গোসানীৰ জিলা শদিয়াৰ লগত গামোচাৰ এক বিশেষ সম্পৰ্ক আছে। এই সম্পৰ্কৰ কথা বিহুগীতত শুনিবলৈ পোৱা যায়। গামোচাৰ বিষয়ে বিহু নামত এনেদৰে উল্লেখ পোৱা যায়।
"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এআগে বাছিলোঁ সেউতী মালতী
এআগে বাছিলোঁ ফুল।
এআগে বাছিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "
ইতিহাসবিদ ড॰ লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। কিন্তু চুকাফাই অসমলৈ গোমোচা লৈ অহা ইতিহাস পঢ়িবলৈ পোৱা নাযায়। মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন হোৱাৰ কথা জনা যায়। আজিও নামঘৰৰ থাপনাত গামোচা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এডোৱাৰ্ড গেইটৰ 'A History Assam' গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিল। ইয়াৰ দ্বাৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত কামৰূপ ৰাজ্যৰ দিনৰে পৰা গামোচাৰ প্ৰচলন হৈছিল।
গামোচা অসমীয়া মানুহৰ উপৰিও বিহাৰী, উৰিয়া, বঙালী মানুহেও ব্যৱহাৰ কৰে। অৱশ্যে অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক কেৱল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক 'গাম্চা', 'মুক্চা' বা 'দুহেইটা' আদি নামেৰে জনা যায় । ই যি কি নহওঁক, বৰ্তমান সময়ত গামোচাও যে সংকটতত পৰিছে সেয়া ধ্ৰুৱসত্য। আজিকালি বিহু সমিতি বিলাকেও মঞ্চত উপবিষ্ট সন্মানীয় জনক আমদানি কৃত তথা দুটা মূৰত ফুল থকা গামোচাহে ব্যৱহাৰ কৰে যাৰ ফলত গামোচাৰ সম্পৰ্কে আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইয়াৰে এচামে গামোচা সম্পৰ্কে পুৰণি গ্ৰাম্য সমাজত প্ৰচলিত গামোচাকেই প্ৰকৃত গামোচা বুলি সমৰ্থন কৰে কিন্তু আন এচামে ইয়াৰ বিপৰীতে ক'ব বিচাৰে। মুঠতে যিয়েই নহওঁক আমি আমাৰ গামোচাৰ প্ৰতি সদ্ভাৱ , সন্মান প্ৰদৰ্শন কৰা প্ৰয়োজন, বাকীখিনি বয়োজ্যেষ্ঠ জনলৈ এৰিলোঁ।
থোৰতে লিখা প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল।
Bor hundor lekha
ReplyDeleteGood job.
ReplyDelete