Friday, May 27, 2022

হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্পৰ্কে যৎকিঞ্চিত। There is a lot of discussion about the Hahkhati High (Secondary ) School.

হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্পৰ্কে যৎকিঞ্চিত। 

     সাম্প্ৰতিক সময়ত বৃহত্তৰ হাঁহখাটী অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়। ১৯৭৮ চনৰ এক শুভক্ষণত বিদ্যালয়খন শ্ৰী যুত টিকাৰাম ছেত্ৰী ডাঙৰীয়াই প্ৰতিস্থাপন কৰিছিল। তেতিয়াৰ পৰা বৰ্তমানলৈ বহু উত্থান-পতনৰ সাক্ষী হৈ, বহু হিৰণ্ময় অতীত অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হৈছেহি। হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপৰেখা লিখিবলৈ যাওঁতে উচ্চ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ বিদ্যালয়ৰ সম্পৰ্কে কিছু ব্যাখ্যা আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আছে। কাৰণ 2017 চনতহে হাঁহখাটী উচ্চ বিদ্যালয়খন ( Hahkhati high school) 'হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়' (Hahkhati high secondary school ) হিচাপে নামাকৰণ হৈছিল। হাঁহখাটী উচ্চ বিদ্যালয়খন চৰকাৰৰ নিৰ্দেশ মৰ্মে যোৱা ২০১৭ চনত 'হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়'ৰ লগত একত্ৰিত হৈছিল। গতিকে হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ বিদ্যালয়ৰ সম্পৰ্কে পৃথককৈ আলোচনাৰ প্ৰয়োজন আছে। 

  
      অৱস্থান: 
      তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া সমষ্টিৰ অন্তৰ্গত হাঁহখাটী গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত নেপালী গাওঁত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়খন অৱস্থিত। শিক্ষাখণ্ড হৈছে কাকপথাৰ । পূৱে হাঁহখাটী নেপালী গাওঁ, , পশ্চিমে ৰাইজৰ ধাননি পথাৰ আৰু উষাপুৰ গাওঁ, উত্তৰে হাঁহখাটী ডিৰাকমুখ পথ আৰু উপ স্বাস্থ্য কেন্দ্ৰ, দক্ষিণ দিশত আছে নেপালী গাওঁৰ একাংশ আৰু বালিগাঁও। 
   
      হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় : 
      
     ঐতিহ্য পূৰ্ণ হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়ন কৰিয়েই সহস্ৰাধিক লোকে 'জীৱনৰ সৌঁধ' গঢ়িবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এক সুন্দৰ ইতিহাস আছে। 
     
   উল্লেখযোগ্য যে বিদ্যালয়খনত অঞ্চলটোৰ কেইবাখনো গাওঁৰ পৰা ল'ৰা ছোৱালী আহি শিক্ষা গ্ৰহণ কৰে। বিশেষকৈ অঞ্চলটোত নেপালী সম্প্ৰদায়ৰ মানুহৰ সংখ্যা বেছি। তদুপৰি মৰাণ,মটক, আহোম, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠী, উৰিয়া, মাৰোৱাৰী আদি সম্প্ৰদায়ৰ লোকেও বাস কৰে। গতিকে বিদ্যালয়খনত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ল'ৰা ছোৱালী বিলাকে একতাৰে শিক্ষা গ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত। সাৰদা মধ্য ইংৰাজী বিদ্যালয় খন ১৯৬৩ চনতে স্থাপিত হৈছিল বুলি বিদ্যালয়ৰ সংৰক্ষিত তথ্যৰ জৰিয়তে জনা যায়। পৰৱৰ্তী ১৯৭৮ চনত বিদ্যালয়খন প্ৰাদেশিকীকৰণেৰে চৰকাৰৰ স্বীকৃতি লাভ কৰিছিল। তেতিয়াৰ পৰাই এক যুগজয়ী কাৰ্য সম্পাদন কৰি গৈছে যিটো হাঁহখাটী অঞ্চলবাসীৰ বাবে অতি গৌৰৱৰ বিষয়। 
     
     প্ৰাক ৰূপৰেখা: আজিৰ পৰা প্ৰায় ৬০ বছৰ পূৰ্বে স্থানীয় সমাজকৰ্মী ব্যক্তি ৰূপে পৰিচিত স্বৰ্গীয় চন্দ্ৰ চেত্ৰী আৰু সহযোগী সকলৰ যৌথ প্ৰচেষ্টাত কোনো এক মহেন্দ্ৰক্ষণত হাঁহখাটী নেপালী গাওঁৰ বৰ্তমানৰ স্থানত হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় খন ১৯৬৩ চনত স্থাপন কৰা হৈছিল। সময়ৰ চাকনৈয়াত তেতিয়াৰ পৰাই বিদ্যালয়খনে বহু ঘাত-প্ৰতিঘাত, শুভ অশুভ মূহুৰ্ত অতিক্ৰম কৰি আহিছে যিবোৰ অনাগত দিনত নৱপ্ৰজন্মৰ বাবে কেৱল সাধুকথাৰ সদৃশ হ'ব। 
     সমাজসেৱক স্বৰ্গীয় চন্দ্ৰ বাহাদুৰ ছেত্ৰী ডাঙৰীয়াৰ নিজা প্ৰয়াসত বিদ্যালয়ৰ গৃহ প্ৰথমে বাঁহ-খেৰেৰে সাধাৰণভাৱে নিৰ্মাণ কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। সহযোগী আছিল নৰেন শইকীয়া আৰু স্বৰ্গীয় হৰিপ্ৰসাদ ৰাই। গতিকে হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল চন্দ্ৰ বাহাদুৰ ছেত্ৰী ডাঙৰীয়া। তেখেতে সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে তৎকালীন সময়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য আছিল। কেৱল বিশ (২০) গৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণেৰে বিদ্যালয় খন শুভাৰম্ভ কৰা হৈছিল বুলি বিদ্যালয়ৰ তথ্যৰ পৰা জানিব পৰা যায়। প্ৰথমাৱস্থাত চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ শিক্ষা দান হৈছিল। চতুৰ্থ শ্ৰেণীত ৮ জন , পঞ্চম শ্ৰেণীত ১১ জন আৰু ষষ্ঠ শ্ৰেণীত কেৱল ১ জন ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয় খন আৰম্ভ হৈছিল।
     পৰৱৰ্তী সময়ত প্ৰতিস্থাপক প্ৰধান শিক্ষক চন্দ্ৰ বাহাদুৰ ছেত্ৰী ডাঙৰীয়া এবছৰ পদত থাকি কোনো কাৰণত বিদ্যালয় ত্যাগ কৰিছিল। তাৰ কিছুদিন পিছত নৰেন শইকীয়া দেৱেও বিদ্যালয় ত্যাগ কৰাত থিৰ বাহাদুৰ ছেত্ৰী আৰু দিল বাহাদুৰ ছেত্ৰীয়ে বিদ্যালয়ত নতুনকৈ যোগদান কৰিছিল। দিল বাহাদুৰ ছেত্ৰী ডাঙৰীয়াক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। এওঁলোকেও কেৱল এবছৰ চাকৰি কৰি বিদ্যালয় ত্যাগ কৰিছিল।পুনৰ খালী পদৰ বিপৰীতে ১৯৬৬ চনত স্বৰ্গীয় মদন ঠাকুলী, শ্ৰী টিকাৰাম আচাৰ্য আৰু শ্ৰী ডিম্বেশ্বৰ শইকীয়া ডাঙৰীয়াক নিযুক্তি দিয়া হয়। সৌভাগ্য ক্ৰমে স্বৰ্গীয় মদন ঠাকুলী ডাঙৰীয়াই প্ৰধান শিক্ষক হিচাপে অধিষ্ঠিত হয় আৰু তেখেতৰ দিনতেই ১৯৭৮ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰি প্ৰাদেশিকীকৰণৰ ৰূপ পাইছিল। ৰাইজৰ সহযোগ আৰু স্বৰ্গীয় মদন ঠাকুলী ডাঙৰীয়াৰ একান্ত প্ৰচেষ্টাত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ তেতিয়াৰ পৰাই যথেষ্ট উন্নতি ঘটিছিল। বিদ্যালয়ৰ আন আনুসংগিক দিশতো পূৰ্বৰ তুলনাত অধিক উন্নত হৈছিল বুলি জনা যায়। ১৯৬৩ চনৰ পৰা ১৯৭৭ চনলৈ ছাত্ৰ ছাত্ৰীৰ গড় সংখ্যা আছিল প্ৰায় ২৮ জন। অৰ্থাৎ পূৰ্বৰ তুলনাত ১৯৬৬ চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। অৱশ্যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপ ভাৱে বৃদ্ধি পালেও সেই সময়ত ছাত্ৰ ছাত্ৰীৰ সংৰক্ষণৰ ব্যৱস্থা বা শতকৰা আৰক্ষণৰ ব্যৱস্থাৰ ক্ষেত্ৰত কিছু শিথিল আছিল বুলি অনুমান কৰিব পাৰি। কাৰণ সেই সময়ত ল'ৰা ছোৱালীয়ে (প্ৰায়) উচচ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে বিদ্যালয় ত্যাগ কৰিছিল। ইয়াৰ বাবে গাওঁৰ বোকাময় পথ, দৰিদ্ৰতা আৰু অভিভাৱকৰ অসচেতন মনোভাৱক জগৰীয়া কৰিব পৰা যায়। 
     জনা যায় যে বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ হোৱাৰ পিছৰ পৰাই হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা লক্ষণীয় ভাৱে বৃদ্ধি পাইছিল। শিক্ষাদান, শৈক্ষিক পৰিৱেশ আৰু আভ্যন্তৰীণ কাম-কাজৰ উন্নতি হৈছিল। 
     ১৯৭২ চনত সুদূৰ কাকপথাৰ টঙনাৰ পৰা আহি কৃষ্ণ বাহাদুৰ লিম্বু ডাঙৰীয়াই এই বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল। বৰ্তমান তেখেত অৱসৰ প্ৰাপ্ত শিক্ষক। আৰৈমূৰীয়া গাওঁৰ নিবাসী লক্ষীনন্দন সোণোৱাল দেৱেও এই বিদ্যালয়ত শিক্ষকতা কৰি ইতিহাস শুৱনি কৰি গৈছে। 
     ১৯৮০ চনৰ পৰৱৰ্তী সময়ত মদন ঠাকুলী ভাঙৰীয়া প্ৰধান শিক্ষক হৈ থকা কালছোৱাত কেইবাজনো ন-কৈ শিক্ষকে নিযুক্তি লাভ কৰিছিল। ইয়াৰ ভিতৰত স্বৰ্গীয় নন্দলাল উপাধ্যায়, গোপীলাল চেত্ৰী, পখিলী চুতীয়া, সুশীল মাউত, মনজিত কুমাৰ ঠাকুৰ, ভৱানী শঙ্কৰ শৰ্মা, আৰু বীৰেন সোণোৱাল । ইয়াৰে বীৰেন সোণোৱাল নিযুক্তি প্ৰাপ্ত পদৰ কিছু খেলিমেলি থকাৰ বাবে বিদ্যালয় ৩ বছৰৰ পাছত ত্যাগ কৰিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ৰ ১৯৯৯ চনত বিপুল গগৈ আৰু খগেন শইকীয়াই নিযুক্তি পত্ৰ লাভ কৰি যোগদান কৰিছিল। ২০০১ চনত অপাৰেশ্যন ব্লেক বৰ্ডৰ অধীনত পুনৰ দুদুল সোণোৱাল আৰু বেদ বাহাদুৰ লিম্বুৱে নিযুক্তি লাভ কৰিছিল। ইয়াৰে বেদ বাহাদুৰ লিম্বুৱে চাকৰি খেলিমেলিৰ বাবে ৮/৯ বছৰ কৰ্ম কৰি এই বিদ্যালয় ত্যাগ কৰিছিল। ২০০২ চনত প্ৰধান শিক্ষক মদন ঠাকুলী ডাঙৰীয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। তেতিয়া প্ৰধান শিক্ষকৰ খালী হোৱা চকীখন পূৰাইছিল সহ শিক্ষক নন্দলাল উপাধ্যায় ডাঙৰীয়াই। কিন্তু কোনো অজ্ঞাত কাৰণত নন্দলাল উপাধ্যায়ে দুৰ্ভাগ্য জনকভাৱে আত্মহত্যা কৰাত পুনৰ চকীখন খালী হৈ পৰে। সেই খালী হৈ পৰা চকীখন কৃষ্ণ বাহাদুৰ লিম্বু ডাঙৰীয়াই দখল কৰিছিল আৰু দুবছৰ কাল অতিবাহিত কৰি তেখেতে কিছু অজ্ঞাত কাৰণত প্ৰধান শিক্ষকৰ বিষয়বাব ত্যাগ কৰিছিল। ২০০৫ চনত গোপীলাল চেত্ৰী ডাঙৰীয়াই প্ৰধান শিক্ষকৰ গুৰুদায়িত্ব মূৰ পাতি লৈছিল আৰু তেখেতে ২০১৭ চনলৈ এই পদত অধিষ্ঠিত হৈ আছিল। ইয়াৰ মাজতে ২০০৩ -০৪ চনত গোবিন্দ বাহাদুৰ ছেত্ৰীয়ে সৰ্বশিক্ষাৰ অধীনত দুই বছৰৰ বাবে নিযুক্তি লাভ কৰিছিল আৰু দুবছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ পুনৰ বিদ্যালয় ত্যাগ কৰিছিল।
     ২০১৭ চনত কাষতে লাগি থকা হাঁহখাটী উচ্চ ইংৰাজী বিদ্যালয়ৰ সৈতে সাৰদা মধ্য ইংৰাজী বিদ্যালয় একত্ৰীকৰণ হোৱাত হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ৰ নাম সলনি হৈ হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে নামাঙ্কিত হয়। 
     ২০১০ চনত ৰাজেন্দ্ৰ নাথ সোণোৱাল খালী পদৰ বিপৰীতে নিয়মীয়া শিক্ষকৰূপে নিযুক্তি লাভ কৰিছিল আৰু বৰ্তমান তেওঁ কৰ্মৰত অৱস্থাত।
     অসম চৰকাৰৰ দ্বাৰা নিযুক্তি দিয়া টেট শিক্ষক চাৰিজন ২০১২ চনত যোগদান কৰিছিল। তেওঁলোক আছিল ক্ৰমে কাকুমনি চাংমাই, কবিতা শৰ্মা, কৰবী লাহন আৰু গণেশ প্ৰসাদ। অৱশ্যে তেওঁলোক দূৰদূৰণিৰ আন জিলাৰ পৰা অহা বাবে চৰকাৰে আগবঢ়োৱা ট্ৰেন্সফাৰৰ সুযোগ গ্ৰহণ কৰি এই বিদ্যালয় ত্যাগ কৰি নিজ জিলাৰ অন্তৰ্ভুক্ত বিদ্যালয়ত যোগদান কৰেগৈ। এই সময়ছোৱাতে ৰূপেশ্বৰী কোঁৱৰ নামৰ আন এগৰাকী শিক্ষয়িত্ৰী এই বিদ্যালয়লৈ ট্ৰেন্সফাৰ হৈ আহে। বৰ্তমান তেওঁ অৱসৰ প্ৰাপ্ত শিক্ষক।
     ছাত্ৰ-ছাত্ৰী হাৰ যিদৰে বাঢ়িছে সেই অনুপাতে শিক্ষকৰ হাৰ এতিয়াও বহু কম বুলিব পাৰি। বিদ্যালয় প্ৰাদেশিকীকৰণ হোৱাৰ পৰৱৰ্তী ১৯৭৮ চনৰ পৰা ২০১৭ চনলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল । এই সময়ছোৱাত গড়ে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৩৫০ জনৰ পৰা ৪০০ জনৰ ভিতৰত। অঞ্চলটোৰ থুলতাৰ প্ৰতি লক্ষ্য কৰিলে পৰিলক্ষিত হয় যে বৰ্তমান সময়ত বিদ্যালয়খনৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি ঘটিছে। 

হাঁহখাটী উচ্চ বিদ্যালয়ৰ ৰূপৰেখা :  

   হাঁহখাটী উচ্চ বিদ্যালয় আৰম্ভ কৰা হৈছিল ১৯৭৮ চনত। বিদ্যালয়খন টিকাৰাম ছেত্ৰী ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। প্ৰতিষ্ঠা কালৰ পৰা ১৯৮২ চনলৈ প্ৰায় চাৰি বছৰ কাল বিদ্যালয় গৃহ বাঁহেৰে নিৰ্মিত কেঁচা আছিল। এই সময়ছোৱাত চৰকাৰৰ পৰা প্ৰাপ্ত এটা বিশেষ অনুদানৰ পুঁজিৰ জৰিয়তে ১৯৮২-৮৩ বৰ্ষত বিদ্যালয়খনৰ গৃহ পকীকৰণ কৰা হৈছিল। পৰৱৰ্তী ১৯৮৭ চনত বিশ্ববিদ্যালয়খন নীতি নিয়ম অনুযায়ী চৰকাৰী হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছিল আৰু ১৯৯১ চনত বিদ্যালয়খন সম্পূৰ্ণ ৰূপে প্ৰাদেশিকীকৰণ হৈছিল। প্ৰথমাৱস্থাত মুঠ ৯-জন শিক্ষকে শিক্ষকতা কৰিছিল। প্ৰতিষ্ঠা কালৰ পৰা গুণকান্ত কলিতা, কুমুদ চন্দ্ৰ চুতীয়া, ধুন্দিৰাজ উপাধ্যায় আৰু চন্দ্ৰ চেত্ৰী ডাঙৰীয়াই বিদ্যালয়ত যোগদান কৰি টিকাৰাম ছেত্ৰী ডাঙৰীয়াৰ সহকৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।‌ আনহাতে ১৯৯১ চনৰ সময়ছোৱাত অনন্তলাল শৰ্মা আৰু খিতা নাথ ডাঙৰীয়াই বিদ্যালয়খনত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰে অনন্তলাল শৰ্মাৰ পদটো ১৯৯৫ চনত নিয়মীয়াকৰণ হৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত ২০০১ চনত সন্তোছ প্ৰধান, ২০১১ চনত মনোজ আচাৰ্য আৰু ২০১০ চনত গোবিন্দ বাহাদুৰ ছেত্ৰী ডাঙৰীয়াই কণ্টেকচুৱেল ভিত্তিত এই বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল। তদুপৰি হিন্দী শিক্ষকৰ অভাৱ দূৰীকৰণাৰ্থে হাটীঘূলী উচ্চ বিদ্যালয়ৰ পৰা মন বাহাদুৰ ছেত্ৰী ডাঙৰীয়াই আহি ২০১৮ চনৰ পৰা এই বিদ্যালয়ত এবছৰ কাল শিক্ষা দান কৰি বিদ্যালয়ৰ ইতিহাসৰ পাতত নাম লিখি গৈছে। উচ্চ বৰ্গৰ সহায়ক হিচাপে প্ৰতিষ্ঠা কালৰ পৰাই কাৰ্যনিৰ্বাহ কৰিছিল দুৰ্গা বাহাদুৰ ছেত্ৰী ডাঙৰীয়াই আৰু চতুৰ্থ বৰ্গৰ পদত অধিষ্ঠিত হৈ আছিল লক্ষী প্ৰসাদ ৰাই ডাঙৰীয়াই।
   উল্লেখ্য যে বৰ্ণনাৰ পৰা ক'ব পাৰি যে প্ৰথমাৱস্থাত শিক্ষকৰ পৰিয়ালত মুঠ ন- জন শিক্ষকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদ্যালয়ৰ সামগ্ৰিক দায়িত্ব সুন্দৰ ভাৱে পৰিচালনা কৰিছিল প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰী ডাঙৰীয়াই। সেই ১৯৭৮ চনৰ পৰা বহু ত্যাগ স্বীকাৰ কৰিছিল তেখেতে। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰি বিদ্যালয়খনে প্ৰাদেশিকীকৰণৰ নিৰ্দেশ লাভ কৰিছিল। প্ৰধান শিক্ষকৰ একান্ত প্ৰচেষ্টা আৰু কৰ্তব্যপৰায়ণ মনোভাৱৰ বাবেই বিদ্যালয়খন আজিৰ অৱস্থালৈ উন্নীতকৰণ হ'বলৈ সক্ষম হৈছিল। প্ৰতিষ্ঠা কালৰে পৰা প্ৰধান শিক্ষকৰ চকী শুৱনি কৰি, বিদ্যালয়ত অনন্য মাত্ৰাত শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি, বহু ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি ২০১৫ চনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰী ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰে। সুদীৰ্ঘ কাল প্ৰধান শিক্ষক হিচাপে অধিষ্ঠিত হৈ বিদ্যালয়ৰ লগতে সমাজৰ বিভিন্ন কামত, বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি তেখেতে সমাজৰ বাবে, বিদ্যালয়ৰ বাবে পৰ্যাপ্ত অৱদান আগবঢ়াই গ'ল। ইয়াৰ পিছত প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰিছিল গুণকান্ত কলিতা ডাঙৰীয়াই। অৱশ্যে তেখেতৰ শাৰীৰিক অসুস্থতাৰ হেতু কেৱল এবছৰ কাল অৰ্থাৎ ২০১৬ বৰ্ষটো কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰিছিল। পৰৱৰ্তী ২০১৭ চনত প্ৰধান শিক্ষক হিচাপে চন্দ্ৰ চেত্ৰী ডাঙৰীয়াই অধিষ্ঠিত হৈছিল আৰু ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ সুচাৰুৰূপে কৰ্তব্য কৰি অৱসৰ গ্ৰহণ কৰে। থূলমূলকৈ এয়াই হৈছে হাঁহখাটী উচ্চ বিদ্যালয়ৰ প্ৰাককালীন ইতিহাস।  
 
      বৰ্তমান সময়ত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় : 
      ২০১৭ চনত চৰকাৰৰ নিৰ্দেশ মৰ্মে উচ্চ বিদ্যালয়ৰ পৰিৱৰ্তে নতুন শিক্ষা নীতিৰ আধাৰত 'হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়' হিচাপে নামাঙ্কিত হৈছিল। কাষতে লাগি থকা হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ক এই বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ'ল। এতিয়া দুয়োখন বিদ্যালয় একহৈ এখন বিদ্যালয়লৈ পৰিণত হ'ল। যোৱা ২০২১ ডিচেম্বৰত প্ৰধান শিক্ষক চন্দ্ৰ চেত্ৰী ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰাৰ লগে লগে পুনৰ প্ৰধান শিক্ষকৰ পদ খালী হৈ পৰে। খালী হৈ থকা পদত জ্যেষ্ঠতাৰ ভিত্তিত উচ্চ প্ৰাথমিক পৰ্যায়ৰ পৰা উন্নীত হোৱা শিক্ষক মনজিত কুমাৰ ঠাকুৰ ডাঙৰীয়াই অধিষ্ঠিত হয়। এইখিনিতে বিগত ২০২১ বৰ্ষত নতুনকৈ এজন বিজ্ঞান শিক্ষক হিচাপে পদুম বাহাদুৰ ছেত্ৰীয়ে নিযুক্তি লাভ কৰিলে।
      বৰ্তমান সময়ত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালত আছে মুঠ শিক্ষক ১২ জন আৰু আন কৰ্মচাৰী দুজন মিলাই সৰ্বমুঠ ১৪ জন কৰ্মচাৰী । 
      ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাতে শিক্ষকৰ সংখ্যা বহু কম হৈছে। যাৰ বাবে বিদ্যালয়খনৰ শৈক্ষিক দিশত ইয়াৰ কু-প্ৰভাৱ পৰাৰ সম্ভাৱনা উদয় হৈছে। 
      বৰ্তমান সময়ত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় বৃহত্তৰ হাঁহখাটী অঞ্চলৰ ৰাইজৰ আশা ভৰসাৰ থল। গতিকে এনে মহৎ আৰু ৰাইজৰ তথা সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ অতিশয় মৰমৰ, অতিশয় শ্ৰদ্ধাৰ এই অনুষ্ঠানটিক সৰ্বাংগসুন্দৰ ৰূপত তুলি ধৰিবলৈ হ'লে সকলোৰে অকৃত্ৰিম আৰু স্বাৰ্থহীন ত্যাগ আৰু অৱদানৰ প্ৰয়োজন আছে। কেৱল বিদ্যালয়ৰ গৃহ সুন্দৰকৈ গঢ়ি তুলিলেই নহ'ব, ইয়াৰ আভ্যন্তৰীন শৈক্ষিক পৰিৱেশ আৰু আনুসংগিক কাম-কাজৰ ক্ষেত্ৰতো চকুত লগা বিধৰ হ'ব লাগিব। শিক্ষা হ'ব লাগিব অবিৰত, সামগ্ৰিক আৰু সাৰ্বজনীন। টিউচন মুক্ত শিক্ষা প্ৰদান কৰি শিক্ষক শিক্ষয়িত্ৰী সকলে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিলে বিদ্যালয়খন অঞ্চলটোৰ ভিতৰতে জাকতজিলিকা হোৱাৰ সম্ভাৱনা অৱশ্যাম্ভাৱী ।
      দক্ষতা, চাতুৰ্যতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে প্ৰধান শিক্ষকজনে বিদ্যালয়খন উন্নতিৰ শিখৰত উঠাই নিবলৈ প্ৰয়াস কৰিব লাগিব। বাৰ্ষিক ভাৱে বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিলে, পৰিকল্পনা অনুসৰি শিক্ষাদান কৰিলে, বিদ্যালয়ৰ যাৱতীয় কাম-কাজ নি:স্বাৰ্থ ভাৱে সমাপন কৰিলে, শিক্ষক শিক্ষয়িত্ৰীয়ে নিজ কৰ্তব্য সঠিকভাৱে সাব্যস্ত কৰিলে নিশ্চিত ভাৱে এই বিদ্যালযখনৰ অধিক উন্নতি হ'ব।
       
   


প্ৰৱন্ধটোত ৰৈ যোৱা তথ্য সমূহ পুনৰ সন্নিবিষ্ট কৰা হ'ব। বিদ্যালয়খনৰ সৈতে সম্পৰ্কিত ব্যক্তি সকলৰ পৰা সু পৰামৰ্শ কামনা কৰিলোঁ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল। 


     



No comments:

Post a Comment

dudulsonowal32@gmail.com

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts