আৰৈমুৰীয়া গাওঁৰ নামঘৰৰ সম্পৰ্কে কিছু কথা। Some things about namghar in Araimuria village.
অসমৰ পূৱ প্ৰান্তত আৰৈমূৰীয়া গাওঁ অৱস্থিত । শদিয়া সমষ্টিৰ অন্তৰ্গত আঢ়ৈমূৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত বিভিন্ন শস্যৰে পৰিপূৰ্ণ এখনি নদন-বদন ভোগালী গাওঁ হ'ল-আৰৈমূৰীয়া। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফালৰি কাটি যোৱা হাঁহখাটি ডিৰাকমুখ উপ-পথৰ কাষতে লাগি থকা আৰৈমূৰীয়া গাওঁখনৰ জনবসতি ঘনত্ব অতি বেছি । প্ৰায় ১২০০ ৰ পৰা ১৫০০ শ পৰ্যন্ত হ'ব গাওঁখনৰ জনসংখ্যা। আনুমানিক গাওঁখনৰ নব্বৈ শতাংশ মানুহ কৃষিকৰ্মৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অৱশ্যে আজিৰ সময়ত গাওঁখনত চাকৰিজীৱি লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ইয়ে গাওঁখনৰ শিক্ষাৰ দিশটোও নিশ্চয় প্ৰতিফলিত কৰিছে। শিক্ষিতৰ হাৰ বৃদ্ধিৰ লগে লগে চাকৰি জীৱি লোকৰ সংখ্যাও বঢ়াৰ সম্ভাৱনা থাকে। এক হিচাপ অনুসৰি আৰৈমূৰীয়া গাওঁৰ মুঠ শিক্ষিতৰ পৰিসংখ্যা প্ৰায় ৭০% । ই যি কি নহওঁক মোৰ লেখাটোৰ উদ্দেশ্য হৈছে আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ অতীত আৰু বৰ্তমানৰ ৰেহৰূপৰ সম্পৰ্কে অৱলোকন। গতিকে নামঘৰৰ বিষয়েহে আলোচনাটোত সন্নিবিষ্ট কৰিবলৈ প্ৰয়াস কৰা হ'ব।
আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ সম্পৰ্কে লিখাৰ আগতে থোৰতে 'নামঘৰৰ' সম্পৰ্কে আভাস দিয়াটো উচিত হ'ব বুলি ভাবিছোঁ। নামঘৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান । বিশেষকৈ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ধৰ্মীয় অনুষ্ঠান দুটা আছে - নামঘৰ আৰু সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ মূল কেন্দ্ৰস্থল আছিল ' নামঘৰ'। নামঘৰক কেন্দ্ৰ কৰিয়েই গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিণাম ধৰ্ম'ই অসমীয়া সমাজত প্ৰসাৰতা লাভ কৰি বৰ্তি থাকিবলৈ সক্ষম হৈছে। গুৰুজনাই প্ৰথমে নগাঁৱৰ বৰদোৱা (বট'দ্ৰৱা ) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ ইমূৰৰপৰা সিমূৰলৈ তেখেতৰ আদৰ্শৰে মহীয়ান হৈ নামঘৰ প্ৰতিষ্ঠা কৰি বৈষ্ণৱ ধৰ্মৰ চৰ্চা অব্যাহত আছে। সাধাৰণতে নামঘৰৰ চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে। সেইকেইটা হৈছে ক্ৰমে - নামঘৰ বা কীৰ্তন ঘৰ, মণিকূট, ছোঁ-ঘৰ আৰু বাটচ'ৰা ।
নামঘৰ বা কীৰ্তন ঘৰ : নামঘৰৰ মূল গৃহটো য'ত প্ৰধানকৈ নাম কীৰ্তন কৰা হয়, সেই গৃহই হৈছে নামঘৰ। ভগৱান বিষ্ণুৰ বা শ্ৰীকৃষ্ণৰ বা হৰি নাৰায়ণৰ উপাসনাৰ অৰ্থে নাম কীৰ্তন কৰা হয় বাবে ইয়াক হৰিমন্দিৰ হিচাপেও জনা যায়। এই নামঘৰ সদায় পূৱা-পশ্চিমাকৈ সজা নিয়ম। ইয়াত সাধাৰণতে তিনি, পাঁচ বা সাত আদি অযুগ্ম আৰু অসমান কোঠা বা খোটালি ৰখা হয়। খোটালি বিলাকৰ মাজত কোনো বেৰ নাথাকে। নামঘৰৰ সাতটা খোটালিক সপ্ত বৈকুণ্ঠৰ লগত তুলনা কৰা হয়। অৰ্থাৎ ক'ব পাৰি যে নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰী। নামঘৰত হৰি উপাসনাৰ উপৰিও নানা ধৰণৰ মেল মোকৰ্দমৰ নিষ্পত্তিকৰণ কৰাৰ সুগম স্থান হিচাপে বিবেচিত। আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ মূল গৃহটোও এই আৰ্হিৰে নিৰ্মিত। অৱশ্যে আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ মূল গৃহত পাঁচটাহে খোটালি আছে।
মণিকূট : মণিকূট নামঘৰৰ মূল গৃহৰ পূৱ দিশত সজা হয়। কীৰ্তন ঘৰৰ পূৱৰ কোঠালিৰ পৰা ইয়াত সোমাব পৰা যায়। মণিকূট শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰাৰ স্বান হিচাপে ব্যৱহাৰ কৰা হয় । মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ শব্দই ঘৰ বুজায়। সেই অনুসৰি শংকৰ-মাধৱ বিৰচিত নামঘোষা, কীৰ্তন পুথি, গুণমালা, নামঘোষা আদি গ্ৰন্থ বিলাকক মণি হিচাপে গণ্য কৰি থাপণাত ৰখা হয়। আৰৈমূৰীয়া গাওঁৰ নামঘৰত মণিকূট নাই কিন্তু থাপনা আছে। এই থাপনা চন্দ্ৰ তাপৰ সহায়ত ঘেৰি ৰখা হয়। আৰৈমূৰীয়া গাওঁৰ নামঘৰত অতীজৰে পৰাই মণিকূটৰ ব্যৱস্থা নাই। ইয়াৰ কাৰণ সোধাত বয়োজ্যেষ্ঠ ব্যক্তি তথা পুৰোহিত শ্ৰী খুহুলা সোণোৱাল মহাই কয় যে মণিকূটৰ ব্যৱস্থা সাধাৰণতে সত্ৰতহে থাকে। কাৰণ মণিকূট থাকিলে তাত পালি-পহৰীয়াও প্ৰয়োজন হয়। আকৌ মণিকূটত পুঁথি প্ৰণয়ন কৰাৰ ব্যৱস্থা থাকে যিটো আমাৰ নামঘৰত নাই। সেয়ে ইয়াত মণিকূটৰ ব্যৱস্থাও ৰখা হোৱা নাই।
ছোঁ-ঘৰ : নামঘৰৰ পশ্চিমে ছোঁঘৰ থাকে। ছোঁঘৰত মুখা ৰখা হয়। সাধাৰণতে ভাওনাত ব্যৱহৃত বিভিন্ন সামগ্ৰী ইয়াত সংৰক্ষিত কৰি ৰখা হয়। আমাৰ গাঁৱৰ নামঘৰত ছোঁ-ঘৰৰ ব্যৱস্থা নাই যদিও ছোঁ-ঘৰৰ সদৃশ গোদামঘৰহে এটা আছে। এই গোদামঘৰত ৰাইজে ব্যৱহাৰ কৰা শৰাই, কাঁহি-বাটি,চৰু,গামলা, বৰতাল, পাতি তাল আদি সমস্ত প্ৰয়োজনীয় সামগ্ৰী মজুত ৰখা হয়। ইয়াৰ কাৰণ সোধাত বয়োজ্যেষ্ঠ ব্যক্তি তথা পুৰোহিত শ্ৰী খুহুলা সোণোৱাল মহাই কয় যে আৰৈমূৰীয়া গাওঁৰ ৰাইজ যদিও আউনীআটী সত্ৰৰ শৰনীয়া ভকত , তথাপিও ভাওনা নকৰে। সেই প্ৰথাৰ সৈতে আৰৈমূৰীয়া গাওঁৰ মানুহৰ নীতি নিয়ম তাহানিৰে পৰাই নিমিলে। সেয়ে ছোঁঘৰ আৰৈমূৰীয়া গাওঁৰ নামঘৰত নাই।
বাটচ'ৰা : নামঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে ৰাষ্টাৰ দাঁতিতে প্ৰৱেশ পথত এটি সৰু ঘৰ সজোৱা হয় এই ঘৰকে বাটচ'ৰা বোলে। আৰৈমূৰীয়া গাওঁৰ নামঘৰতো বাটচ'ৰা আছে। গেটৰ পৰা কীৰ্তন ঘৰলৈ দীঘল পথছোৱা টিনপাত লগোৱা। বাটচ'ৰাটো গেটৰ লগতে সংলগ্ন।
যি কি নহওঁক, গুৰুজনাৰ এই অৱদানে আৰৈমূৰীয়া গাওঁতো প্ৰভাৱ বিস্তাৰ কৰিলে। সেই কাৰণতেই আজি আৰৈমূৰীয়া গাওঁতো নামঘৰ স্থাপন কৰি হৰিণাম ধ্বণিৰে মুখৰিত কৰি নামঘৰৰ জয়গাণ অক্ষুণ্ণ ৰাখিবলৈ সমাজৰ লোকসকলে, ভকতবৃন্দই একান্ত সাধনাৰে প্ৰয়াস কৰিছে।
বিগত প্ৰায় দুশ পঞ্চাছ বছৰৰ আগতে আৰৈমূৰীয়া বাসী ৰাইজেও ধৰ্ম চৰ্চা আৰু হৰি উপাসনাৰ নিমিত্তে আৰৈমূৰীয়াত কোনো এটা শুভদিনত নামঘৰ সাজি উলিয়াইছিল। সেই নামঘৰে আজি ইতিহাসত দেৰশ বছৰ অতিক্ৰম কৰি এক গৌৰৱোজ্জল স্বাক্ষৰ বহন কৰিলে। উল্লেখযোগ্য যে এই সময়ছোৱাত নামঘৰৰ ভিতৰে বাহিৰে বহু পৰিবৰ্তনৰ সমীৰণে স্পৰ্শ কৰি গ'ল। সেই অতীত খুচুৰি আমাৰ গাঁৱৰ নামঘৰৰ সম্পৰ্কে কিছু কথা লিপিৱদ্ধ কৰি ৰাখিবলৈ আন্তৰিক প্ৰয়াস কৰিলোঁ।
আজিৰ নামঘৰৰ যি সুন্দৰ অৱস্থা পূৰ্বে নিশ্চয় সেয়া নাছিল। প্ৰায় দুশ পঞ্চাছ বছৰৰ আগতে আৰৈমূৰীয়া গাওঁৰ নামঘৰ সাধাৰণ কাঠৰ খুটাৰে নিৰ্মিত আছিল বুলি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মুখেৰে জনা যায়। এক অলিখিত তথ্য অনুসৰি প্ৰায় ১৭৬৫ খ্ৰীষ্টাব্দ (জনশ্ৰুতি মতে) মানত প্ৰথম গাওঁৰ নামঘৰটো সজা হৈছিল বুলি অনুমান কৰা হয় গাঁৱৰ নামনি দিশৰ পথাৰৰ মাজত । গতিকে আৰৈমূৰীয়া গাওঁখন নিশ্চয় ইয়াতকৈ দুই তিনি বছৰ আগৰে পৰাই স্থাপিত হ'ব লাগিব।। ১৭৬৫ চনৰ পৰা প্ৰায় ১৯৩২ চনলৈ তাতেই নামঘৰৰ সকলো কাম-কাজ চলোৱা হৈছিল। পৰৱৰ্তী সময়ত ১৯৩২চনৰ আশে-পাশে গাওঁৰ মুখিয়াল লোকসকলৰ তৎপৰতাত গাঁৱৰ মাজলৈ বৰ্তমানৰ স্হানত নামঘৰটো স্হানান্তৰ কৰি অনা হৈছিল। বয়োজেষ্ঠ্য ব্যক্তিসকলৰ মুখেৰে জনা অনুসৰি তৎকালীন সময়ত নামঘৰৰ মূল গৃহৰ খুঁটাবোৰ পকীকৰণ কৰি চালত টিনপাত লগোৱাৰ কাম ১৯৭১ চনতহে কাৰ্যকৰী হৈছিল । ইয়াৰ আগতে নামঘৰৰ মূল গৃহৰ অৰ্থাৎ উপাসনা গৃহৰ খুঁটাবোৰ পকা নাছিল ।ডাঙৰ ডাঙৰ কাঠৰ খুঁটাৰে নিৰ্মিত আছিল। নামঘৰৰ নিৰ্মাণ কাৰ্য ১৯৭১ ৰ পৰা আৰম্ভ হৈছিল আৰু বছৰৰ ভিতৰতে শেষ কৰা হৈছিল । ইয়াৰ পিছত ৰং দিয়াৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথমে নামঘৰৰ খুটাবোৰত ৰঙা ৰং দিয়া হৈছিল কিন্তু ইয়াৰ পিছতে বোলে গাওঁত নানানটা বিঘিনি ঘটিব ধৰিলে। অপায় অমংগল হ'ব ধৰিলে। সেয়ে ৰাইজে এজন জ্ঞানীৰ ওচৰত মঙ্গল চোওৱাত নামঘৰৰ ৰঙা ৰং সলনি কৰি বগা ৰং দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি কয়। তাৰ পাছৰ পৰা নামঘৰৰ সকলোতে বগা ৰঙৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে এয়া কিমান দূৰ সত্য সেয়া ময়ো ক'ব নোৱাৰোঁ, এয়া সৰুতে মোৰ পিতাইৰ মুখেৰে শুনা কথা যি আজিও মোৰ জলজল পটপটকৈ মনত আছে।
উল্লেখ্য যে নামনি পথাৰৰ পৰা নামঘৰটো স্হানান্তৰ কৰাৰ বাবে ১৯৩২ চনতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰিয়েই আজিৰ ঠাইত নামঘৰটো কাঠেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল । পৰৱৰ্তী সময়ত নতুনকৈ তথা পকীকৰণ কৰাৰ বাবে স্বৰ্গীয় হৰনাথ সোণোৱালৰ সভাপতিত্বত ( উৎস: মৃদুল সোণোৱালৰ লেখা - আৰৈমূৰীয়া গাওঁৰ বিষয়ে যৎকিঞ্চিত ) এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল আৰু ১৯৭১ - ১৯৭২ চনৰ বৰ্ষত নিৰ্মাণ কাৰ্য সমাপ্ত ঘটাইছিল। ৰাইজৰ দান বৰঙণিৰে এই নিৰ্মাণ কৰা হৈছিল ।
উল্লেখ্য যে তেতিয়াৰ নামঘৰৰ চৌহদ এতিয়াৰ নামনি গেটৰ মুখলৈ নাছিল। 'কেঁচা খোলা'ৰ পাকঘৰৰ পৰা নৱ নিৰ্মিত গেটলৈ যোৱা ২০০৯ চনৰ পাছতহে সম্প্ৰসাৰণ ঘটোৱা হৈছিল। পূৰ্বতে আগৰ চৌহদৰ বাহিৰত এটা পকা পুখুৰীও আছিল । নামঘৰৰ সবাহ হ'লে আমি দৌৰ মাৰি ইয়াৰ আশে-পাশে খেলিছিলো । তেতিয়া আমি দহ- বাৰ বছৰীয়া বয়সৰ ল'ৰা আছিলোঁ। আমি ডিঙি মেলি পুখুৰীৰ তললৈ চাইছিলো। পুখুৰীত পানীৰ সলনি লেতেৰা জাবৰ-জোঁথৰ পেলোৱা হৈছিল। পৌৰাণিক সূত্ৰৰ পৰা জনা যায় যে ইয়াৰ আগতে এই পকা পুখুৰীৰ পানী সমস্ত আৰৈমূৰীয়া বাসী ৰাইজে খাইছিল। যেতিয়া মানুহৰ ঘৰে ঘৰে টিউৱেল হ'ল তেতিয়াৰ পৰাই এই কুৱাৰ পৰা পানী খোৱা মানুহে বন্ধ কৰিলে । প্ৰায় ১৯৯২ চনৰ পৰা গাঁৱৰ যুৱকসকলে পুৰণা চৌহদৰ বাহিৰত থকা মাটিত ভলীবল খেলিছিল। ই যি কি নহওঁক, বৰ্তমান সময়ত এই মাটি ৰাইজে তাঁৰৰ বেৰাৰে ঘেৰি দি নামঘৰৰ চৌহদ বিস্তাৰ কৰাৰ বাবে নামঘৰৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগালে।
পূৰ্বতে নামঘৰৰ চৌহদৰ বেৰা বাঁহৰ আছিল। বছৰে বছৰে ৰাইজে শ্ৰমদানেৰে ভেটিব লগা হৈছিল। বিগত ২০০৯ বৰ্ষত শ্ৰীমতী তিলেশ্বৰী সোণোৱালে আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ পুঁজিৰে এই বাঁহৰ বেৰা তাঁৰৰ বেৰালৈ পৰিৱৰ্তন ঘটোৱাত সহায় কৰিছিল ।
গেটৰ সবিশেষ : নামঘৰৰ দক্ষিণ দিশে থকা পুৰণি গেটখন খোদিত কৰা তথ্য অনুসৰি ১৯৭০ চনত বনোৱা বুলি জনা যায়। ইয়াৰ আগতে এই গেটখন কেঁচা আছিল। ২০০৯ চনত গাঁৱৰে এগৰাকী সৰবৰহী মহিলা তথা ছৈখোৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰীমতী তিলেশ্বৰী সোণোৱালৰ তৎপৰতাত চৰকাৰী আঁচনিৰ অনুদানেৰে নামনি দিশত থকা গেটখন বনোৱা হৈছিল । কিন্তু এই গেটখন বৰ ডাঙৰ নাছিল সেয়ে পুনৰ পুলিন দুৱৰাৰ দ্বাৰা আগবঢ়োৱা অনুদানৰ টকাৰে নতুনকৈ এখন পকা আৰু বাটচ'ৰাযুক্ত গেট ২০১৬ চনৰ পৰা সম্পূৰ্ণ ভাৱে আৰু ডাঙৰকৈ বনোৱা হয় । গেটখনৰ দুয়োফালে দুটা সিংহৰ মূৰ্তি খোদিত কৰা আছে । সিংহৰ মূৰ্তি দুটা হৰিণামৰ প্ৰতীক । গেটৰ খুটা দুটাৰ দুয়োফালে গায়নীয়াৰ ছবি খোদিত কৰা আৰু ওপৰতো গায়নীয়াৰ ছবি খোদিত কৰা হৈছে। অৱশ্যে আজিৰ দিনলৈ এই বাটচ'ৰাযুক্ত গেটখনৰ নিৰ্মাণ অসম্পূৰ্ণ হৈ আছে।
গাঁৱৰ প্ৰায় ৯০% লোক আউনিআটী সত্ৰৰ সেৱক। অৰ্থাৎ বৈষ্ণৱ ধৰ্মৰ সমৰ্থক। কিন্তু আৰৈমূৰীয়া গাঁৱৰ সকলো লোক বৈষ্ণৱ পন্থীৰ নহয়, কেইবাঘৰো পূৰ্বৰ নীতি নিয়ম মতে বৈষ্ণৱ ধৰ্মৰ সলনি কেঁচা কামহে কৰে। এইসকল লোকক বেহাৰী পন্থী বোলা হয়। তদুপৰি আহোম সম্প্ৰদায়ৰ দহ ঘৰ মান আছে। তেওঁলোকেও আউনীআটী সত্ৰত শৰণ লয়, কিন্তু ভজন লয় চেঁচা গোঁসাইৰ ওচৰত। গাঁৱৰ একতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকেও আউনীআটীৰ কৰ কাতল মুক্ত হস্তে প্ৰদান কৰে। সেই কাৰণতেই আৰৈমূৰীয়া গাওঁৰ নামঘৰত দুটা পাকঘৰৰ ব্যৱস্থা আছে। এটা বৈষ্ণৱ পন্থীৰ ভক্তসকলৰ বাবে যাক ভকতখোলাৰ পাকঘৰ বুলি কোৱা হয় আৰু আনটো কেঁচা কাম কৰা বেহাৰী পন্হীসকলৰ বাবে যাক কেঁচা খোলাৰ পাকঘৰ বুলি কোৱা হয়। এই পাকঘৰ দুটা ১৯৮০ চনৰ পিছত বনোৱা বুলি জনা যায়। উল্লেখ্য যে ২০২১ -২০২২ বৰ্ষত পঞ্চায়তৰ যোগেদি লাভ কৰা উন্নয়ন পুঁজিৰ জৰিয়তে মুল নামঘৰৰ বাৰাণ্ডাখন বিস্তাৰ কৰা হয়।
নামঘৰৰ পৰিচালনাৰ্থে এখন 'নামঘৰ পৰিচালনা উপসমিতি গঠণ কৰা হয়। এই সমিতি গাঁৱৰ 'উন্নয়ন সমিতি'ৰ সাধাৰণ সভাই গঠণ কৰি দিয়ে। সমিতিখনত মুখ্য বাৰিক, দুজন সহকাৰী বাৰিক, এজন মুখ্য বৰা, দুজন সহকাৰী বৰা আৰু তামূলী তিনিজন নিৰ্বাচিত কৰা হয়।
উল্লেখযোগ্য যে নামঘৰৰ যাৱতীয় কাম-কাজৰ ভাৰ ন্যস্ত আছিল বাৰিকৰ ওপৰত । গাঁৱৰ ভকতবৃন্দ আৰু ৰাইজৰ সিদ্ধান্ত অনুসৰি গাঁওখনকে ধৰি নামঘৰৰ সমস্ত দায়িত্ব চম্ভালিবলৈ এজন ব্যক্তি নিৰ্বাচিত কৰা হয় দৰাচলতে তাকেই বাৰিক বুলি আখ্যা দিয়া হয়। সাধাৰণতে বাৰিকৰ অগাধ ক্ষমতা থাকে। তাৰোপৰি গাওঁবুঢ়া, পুৰোহিত, বায়ন আদি বিষয়বাব থকা বয়োজ্যেষ্ঠ ব্যক্তি সকলক পৰিচালনা সমিতিত অন্তৰ্ভুক্ত কৰা হৈছিল। বাৰিক ডাঙৰীয়াই বিভিন্ন সময়ত কৰিব লগা সবাহ, ৰাইজৰ সকাম-নিকামৰ মূল দায়িত্ব পালন কৰিছিল। বিশেষকৈ আৰ্থিক দিশটো তেখেতে চোৱা-চিতা কৰিছিল আৰু বৰ্তমানেও উক্ত নিয়ম আমাৰ সমাজত প্ৰচলিত হৈ আছে। আৰৈমূৰীয়া গাওঁৰ প্ৰথম বাৰিক কিমান চনত হৈছিল জনা নাযায়। কিন্তু এক সূত্ৰ অনুসৰি যিসময়ত প্ৰথম মেধি নিযুক্ত কৰা হৈছিল সেই সময়ৰ পৰাই বাৰিকৰো নিযুক্ত কৰা হৈছিল বুলি দাবী কৰে। সেইমতে ১৯৩৫ চনত প্ৰথম স্বীকৃতি প্ৰাপ্ত মেধি আছিল স্বৰ্গীয় বাপাৰাম সোণোৱাল আৰু সমসাময়িক সময়ত বাৰিক আছিল স্বৰ্গীয় কানুৰাম সোণোৱাল ( পুৰোহিত মেঘনাথ সোণোৱালৰ পিতৃৰ পিতৃ ) । গতিকে এই তথ্য অনুসৰি প্ৰথম বাৰিক স্বৰ্গীয় কানুৰাম সোণোৱাল। আনহাতে প্ৰথম বায়ন আছিল স্বৰ্গীয় অদল সোণোৱাল ( বয়োজ্যেষ্ঠা মহিলা দময়ন্তী সোণোৱালৰ পেহাক আছিল) । বাৰিকে নামঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল। ধৰ্মীয় দিশ চোৱা-চিতা কৰিছিল পুৰোহিত ডাঙৰীয়াই। বায়ন ডাঙৰীয়াই গায়ন-বায়ন পৰিচালনা কৰিছিল। লগতে প্ৰতি বছৰে বায়নে নতুন প্ৰজন্মক গায়ন-বায়নৰ প্ৰশিক্ষণ দিছিল। গাঁৱৰ গাঁওবুঢ়া ডাঙৰীয়াই গাঁৱৰ যিকোনো বিবাদ মীমাংসা কৰিছিল । বিশেষকৈ গাওঁবুঢ়া চৰকাৰী হোৱাৰ বাবে আইনৰ লগত সম্পৰ্কিত এটা বিষয়বাব বুলি গণ্য কৰা হয় আৰু সেয়ে চৰকাৰী কিছুমান কাম তেখেতে সমাপন কৰে। সমাজৰ এই নীতি-নিয়ম সমূহ বৰ্তমান সময়তো অতি নিয়াৰিকৈ আমাৰ সমাজত চলাই থকা হৈছে। এখন সমাজ বৰ্তী থাকে সমাজৰ নীতি-নিয়ম আৰু সকলোৰে সহযোগিতাৰ ওপৰত ভৰসা কৰি। সেই গুণ আমাৰ আৰৈমূৰীয়া গাওঁৰ ৰাইজৰ মাজত পৰিলক্ষিত হয়।
সমাজৰ হিতাৰ্থে প্ৰথমৰ পৰা বৰ্তমানলৈ গাওঁবুঢ়া, পুৰোহিত, বায়ন, আৰু বাৰিকৰ থূলমূল তালিকা সন্নিবিষ্ট কৰা হৈছে ।-
গাঁৱবুঢ়া সবিশেষ :
প্ৰথম - স্বৰ্গীয় মুহিধৰ সোণোৱাল। ( ডাফলাৰী)
দ্বিতীয়- স্বৰ্গীয় ৰাজেশ্বৰ সোণোৱাল। "
তৃতীয় - স্বৰ্গীয় দুৰ্যোধন সোণোৱাল। "
চতুৰ্থ - স্বৰ্গীয় মহৎ সোণোৱাল। "
( ঘৰুৱা নাম 'কলিয়া', 2022 চনলৈ )
পঞ্চম - এতিয়ালৈকে গাওঁবুঢ়াৰ পদ খালী হৈ আছে।
মেধিৰ তালিকা
প্ৰথম - স্বৰ্গীয় থানাপুৰ সোণোৱাল। ( লাৰাঙী, কেৱল শান্তিৰ মেধি আছিল।)
দ্বিতীয় - স্বৰ্গীয় বাপাৰাম সোণোৱাল। (১৯৩৫ চনৰ পৰা ১৯৭৯ চনলৈ)।
তৃতীয় - স্বৰ্গীয় কাশীনাথ চেলেং।
চতুৰ্থ - স্বৰ্গীয় হগেশ্বৰ সোণোৱাল। (ভক্তিয়াৰী)
পঞ্চম - স্বৰ্গীয় গোবিন্দ সোণোৱাল।
ষষ্ঠ - স্বৰ্গীয় মণিৰাম গগৈ।
সপ্তম - খুহুলা সোণোৱাল,
স্বৰ্গীয় দোলাল সোণোৱাল (মুখ্য) ।
অষ্টম - মেঘনাথ সোণোৱাল। (বৰ্তমান মুখ্য মেধি)
মকাম সোণোৱাল। (বৰ্তমান)
খুহুলা সোণোৱাল। (বৰ্তমান)
বায়নৰ তালিকা :
প্ৰথম বায়ন - স্বৰ্গীয় অদল সোণোৱাল। (বয়োজ্যেষ্ঠা
মহিলা দময়ন্তী সোণোৱালৰ পেহাক) ।
দ্বিতীয় বায়ন - স্বৰ্গীয় লম্ভেশ্বৰ সোণোৱাল।
তৃতীয় বায়ন - স্বৰ্গীয় সুমেশ্বৰ সোণোৱাল।
স্বৰ্গীয় ধনেশ্বৰ সোণোৱাল। (সহযোগী)
চতুৰ্থ বায়ন - স্বৰ্গীয় ধনেশ্বৰ সোণোৱাল।
স্বৰ্গীয় সুনীল শইকীয়া। (সহযোগী)
পঞ্চম বায়ন - পুনেন সোণোৱাল।
ইলাৱন্ত সোণোৱাল।
পৰীক্ষিত সোণোৱাল।
বাৰিকৰ তালিকা :
প্ৰথম - স্বৰ্গীয় কানুৰাম সোণোৱাল।
দ্বিতীয় - স্বৰ্গীয় লম্বোদৰ সোণোৱাল।
তৃতীয় - পুনেন সোণোৱাল।
চতুৰ্থ - স্বৰ্গীয় গোপীনাথ সোণোৱাল।
পঞ্চম - উমাকৰ সোণোৱাল।
ষষ্ঠ - মনোজ সোণোৱাল।
সপ্তম- পুনেন সোণোৱাল
অষ্টম - ভূপেন সোণোৱাল। ( বৰ্তমান , ২০২২)
যদিও গাঁৱৰ জনসংখ্যা যথেষ্ট পৰিমাণে বেছি তথাপিও একেটা নামঘৰতে হৰিকীৰ্তন কৰি সমিলমিলেৰে ধৰ্ম চৰ্চা কৰিব পৰাটো অতি গৌৰৱৰ বিষয়। কোনো হাইকাজিয়া, কোনো মনোমালিন্য নোহোৱাকৈ সেই তাহানিৰ পৰাই নামঘৰৰ কাম কাজ চলি আহিছে। আমি দেখি বুজিছো সঁচাই নামঘৰ ঐক্যৰ প্ৰতীক। ২৩০ ঘৰ মানুহে একেটা নামঘৰতে হৰিক উপাসনা কৰি ধনাত্মক মনৰ গৰাকী ৰূপে আৰৈমূৰীয়া গাঁৱৰ ৰাইজে পৰিচয় দিব পাৰিছো বুলি আমি ন'দি ক'ব পাৰোঁহক । বিগত দুশ পঞ্চাছ বছৰ ঐতিহ্যৰ পৰম্পৰাৰে , ঐক্যৰ এনাজৰীৰে আৰৈমূৰীয়া গাঁৱৰ ৰাইজক নিকপকপীয়াকৈ বান্ধি ৰখা মূল সোপান হ'ল - নামঘৰ। আমি আশা ৰাখিছোঁ আগন্তুক দিনবোৰতো একেদৰে আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ সকলো দিশত অপৰিবৰ্তিত হৈ ৰ'ব। অতীতৰ পৰাই জেষ্ঠ্য জনে আমাক মূল্যবোধ আৰু আধ্যাত্মিক জ্ঞানেৰে মহীয়ান হ'বলৈ অনুপ্ৰাণিত কৰি আহিছে। অতীতৰ উল্লেখিত ব্যক্তি সকল যদিও নিৰক্ষৰ আছিল তথাপিও তেখেতসকলৰ বদান্যতা,মহাত্মীয়তা , সিদ্ধান্ত গ্ৰহণৰ তৎপৰতাৰ ক্ষেত্ৰত এক উল্লেখনীয় সক্ষমতা আছিল। তেখেতসকলৰ চিন্তা আছিল সুদূৰপ্ৰসাৰী। নীতি নিয়মৰ ক্ষেত্ৰত আছিল কঠোৰ। আমি পাই অহা স্বৰ্গীয় ধনেশ্বৰ বায়ন ইয়াৰ জ্বলন্ত উদাহৰণ। বহু বছৰ তেখেতৰ তত্বাৱধানত আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ আওতাত বসবাস কৰা ৰাইজক গায়ন-বায়নৰ প্ৰশিক্ষণ দি গাযনীয়া সৃষ্টি কৰাত মহৎ অৱদান আগবঢ়াই গৈছে। যি উত্তৰ পুৰুষৰ বাবে স্মৰণীয় হৈ থাকিব। আনহাতে পুৰোহিত স্বৰ্গীয় বাপাৰাম সোণোৱাল নীতি-নিয়মৰ অতি কঠোৰ আছিল বুলি জনা যায়। গাঁৱৰ যিকোনো ক্ষেত্ৰত খেলিমেলি হোৱাটো, বিধি বিধান অমাণ্য কৰাটো সহজ ভাৱে তেখেতে লোৱা নাছিল বুলি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মুখেৰে জনা যায়।
চাকৰিয়াল সকলৰ বাদে সকলো লোকেই নামঘৰৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সময়ৰ অসুবিধাৰ বাবে চাকৰিয়াল সকল নামঘৰৰ বিভিন্ন সবাহ, পূজা পাৰ্বন আদিত উপস্থিত থাকিবলৈ কিছু অসুবিধা । নতুন প্ৰজন্মই সমাজক একতাৰ ডোলেৰে বান্ধি ৰখা নামঘৰৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। নামঘৰৰ নীতি-নিয়ম , পৰম্পৰা ধৰি ৰাখিব লাগিব। যি জাতিৰ নামঘৰ নাই সেই জাতি সুন্দৰভাৱে একত্ৰিত হোৱাত বেমেজালিৰ সৃষ্টি হয়। নামঘৰ কেৱল ধৰ্ম চৰ্চাৰ স্থলীয়েই নহয় , সমাজৰ হিতাৰ্থে ইয়াত বহু কামেই কৰা হয়। নামঘৰ আধ্যাত্মিক দিশৰ প্ৰতীক। সেয়ে ভক্তসকলে নামঘৰত ধৰ্মৰ সম্পৰ্কে বেছিকৈ আলোচনা কৰিব লাগে। গীতা , ভাগৱত, কীৰ্তন, নামঘোষা , পালনাম, হৰি নাম সম্পৰ্কে ৰাইজৰ মাজত আলোচনা আগবঢ়োৱাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন হৈ পৰিছে। হৰিচৰ্চা আৰু হৰিভক্তিৰ মনোভাৱে সমাজত উদ্ভৱ হোৱা ভেদাভেদ আৰু বৈষম্য মনোভাৱ আতঁৰোৱাত সহায় কৰিব l
+++++++++++++++++++++++++++++++++
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক: দুদুল সোণোৱাল ।
No comments:
Post a Comment
dudulsonowal32@gmail.com