ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তি (India-EU FTA): ভাৰতীয় বজাৰ আৰু ব্যৱসায়ীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ
বিশ্ব অৰ্থনীতিৰ ইতিহাসত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি ভাৰত আৰু ২৭খন দেশৰ শক্তিশালী মঞ্চ ইউৰোপীয় ইউনিয়নৰ (EU) মাজত বহু প্ৰত্যাশিত মুক্ত বাণিজ্য চুক্তি (Free Trade Agreement বা FTA) অহা ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’বলৈ গৈ আছে। ২০২৬ চনৰ জানুৱাৰী মাহত দুয়োপক্ষৰ মাজত দীৰ্ঘদিনীয়া আলোচনাৰ সফল সমাপ্তি ঘটাৰ পাছত এতিয়া এই ঐতিহাসিক চুক্তিখনে চূড়ান্ত ৰূপ পাইছে। বিশ্বৰ প্ৰায় ২০০ কোটি লোকৰ বজাৰ আৰু গোলকীয় জিডিপিৰ (GDP) এক-চতুৰ্থাংশ সামৰি লোৱা এই চুক্তিখনক বিশ্ব বাণিজ্য বিশেষজ্ঞসকলে ‘সকলো চুক্তিৰ মাতৃ’ (Mother of all trade deals) বুলি অভিহিত কৰিছে। এই চুক্তি কাৰ্যকৰী হ’লে ভাৰতীয় বজাৰ, ৰপ্তানিকাৰক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ইউৰোপৰ বিশাল বজাৰখনত প্ৰৱেশ কৰাৰ পথ অতি সহজ হৈ পৰিব।
চুক্তিখনৰ মূল দিশসমূহ কি কি ?
ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত ইতিমধ্যে বছৰি প্ৰায় ১৮০ বিলিয়ন ইউৰোতকৈ অধিক মূল্যৰ সামগ্ৰী আৰু সেৱাৰ বাণিজ্য হয়। নতুন মুক্ত বাণিজ্য চুক্তিৰ অধীনত ইউৰোপীয় ইউনিয়নে ভাৰতৰ পৰা আমদানি কৰা প্ৰায় ৯৯ শতাংশ সামগ্ৰীৰ ওপৰত শুল্ক (Tariff) হ্ৰাস বা সম্পূৰ্ণৰূপে বাতিল কৰিব। ইয়াৰ ফলত ভাৰতৰ প্ৰায় ৩৩ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ ৰপ্তানি সামগ্ৰীয়ে শূন্য শুল্কত (Zero Duty) ইউৰোপীয় বজাৰত প্ৰৱেশৰ সুযোগ পাব। আনহাতে, ভাৰতেও পৰ্যায়ক্ৰমে ইউৰোপীয় সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰিব যদিও দেশৰ কৃষক আৰু থলুৱা উদ্যোগৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দুগ্ধজাত সামগ্ৰী, চাউল, ঘেঁহু, কুকুৰাৰ মাংস আদি স্পৰ্শকাতৰ কৃষি খণ্ডক এই চুক্তিৰ পৰা আঁতৰাই ৰাখিছে।
ভাৰতীয় বজাৰ আৰু ব্যৱসায়ীসকলে কেনেকৈ লাভৱান হ’ব?
ক) বস্ত্ৰ আৰু চৰ্ম উদ্যোগৰ বৃহৎ সম্প্ৰসাৰণ :
বৰ্তমান ইউৰোপীয় বজাৰত ভাৰতীয় কাপোৰ, বস্ত্ৰ, জোতা আৰু চৰ্মজাত সামগ্ৰীৰ ওপৰত ১২ৰ পৰা ১৭ শতাংশ পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰা হয়। এই চুক্তি কাৰ্যকৰী হ’লে এই শুল্ক শূন্যলৈ নামি আহিব। ইয়াৰ ফলত ভাৰতীয় বস্ত্ৰ ব্যৱসায়ীসকলে বাংলাদেশ বা ভিয়েটনামৰ দৰে দেশৰ সৈতে সমানে প্ৰতিযোগিতা কৰিব পাৰিব, যিয়ে ৰপ্তানি কেইবাগুণ বৃদ্ধি কৰিব।
খ) ৰাসায়নিক, ঔষধ আৰু অভিযান্ত্ৰিক খণ্ডত সুবিধা বৃদ্ধিৰ সম্ভাৱনা:
ভাৰতৰ ৰাসায়নিক সামগ্ৰী (Chemicals), জেনেৰিক ঔষধ (Pharmaceuticals) আৰু অভিযান্ত্ৰিক যন্ত্ৰপাতিৰ (Engineering Goods) বাবে ইউৰোপ এক অত্যন্ত লাভজনক বজাৰ। চুক্তিৰ অধীনত ভাৰতৰ ৯৭.৫ শতাংশ ৰাসায়নিক সামগ্ৰীয়ে শূন্য শুল্কত ইউৰোপত প্ৰৱেশ কৰিব পাৰিব, যিয়ে ভাৰতীয় কোম্পানীসমূহৰ লাভৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিব।
গ) ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) তথা হস্তশিল্পৰ বিকাশ:
এই চুক্তিয়ে কেৱল বৃহৎ উদ্যোগপতিসকলকেই নহয়, বৰঞ্চ দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী (MSME), শিপিনী, হস্তশিল্পী আৰু মহিলা উদ্যোগীসকলকো পোনপটীয়াকৈ লাভৱান কৰিব বুলি ভবা হৈছে। ৰত্ন আৰু আ-অলংকাৰ, বাঁহ-বেতৰ আচবাব, সামুদ্ৰিক খাদ্য আৰু হস্ততাঁত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পোৱাৰ ফলত গ্ৰাম্য অৰ্থনীতি সবল হ’ব। বিশেষকৈ অসমৰ চাহ, ৰেচম (মুগা-এৰী) আৰু হস্তশিল্পৰ বাবেও ইউৰোপীয় বজাৰত নতুন সুযোগ সৃষ্টি হ’ব।
ঘ) সেৱা খণ্ড আৰু দক্ষ পেছাদাৰীসকলৰ বাবে নতুন সুযোগ সৃষ্টি:
সামগ্ৰীৰ লগতে তথ্য-প্ৰযুক্তি (IT), বিত্তীয় সেৱা আৰু ডিজিটেল বাণিজ্যৰ ক্ষেত্ৰতো এই চুক্তিয়ে নতুন দুৱাৰ মুকলি কৰিব। চুক্তিখনৰ জৰিয়তে ভাৰতীয় দক্ষ পেছাদাৰী, অভিযন্তা আৰু সেৱা প্ৰদানকাৰীসকলৰ বাবে ইউৰোপৰ ২৭খন দেশত কাম কৰা আৰু ভিছা প্ৰক্ৰিয়া অধিক সহজ হৈ পৰিব।
ঙ) গ্ৰাহকৰ বাবে সস্তা হ’ব উন্নতমানৰ সামগ্ৰী :
ভাৰতে ইউৰোপীয় যন্ত্ৰপাতি, চিকিৎসা সঁজুলি, বিলাসী গাড়ী আৰু কিছুমান সংশোধিত খাদ্যৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ ফলত ভাৰতীয় গ্ৰাহকসকলে কম দামত বিশ্বমানৰ উন্নত প্ৰযুক্তি আৰু সামগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ব। লগতে ইউৰোপীয় কোম্পানীসমূহে ভাৰতত অধিক বিনিয়োগ কৰিবলৈ উৎসাহিত হ’ব, যাৰ ফলত দেশত লাখ লাখ নতুন কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা বাঢ়িব।
মূল প্ৰত্যাহ্বানসমূহ কি হ'ব পাৰে!
অৱশ্যে এই চুক্তিৰ পৰা সম্পূৰ্ণ সুবিধা আদায় কৰিবলৈ ভাৰতীয় ব্যৱসায়ীসকলে কিছুমান প্ৰত্যাহ্বানৰো সন্মুখীন হ’ব লাগিব । সেইবোৰ হৈছে-
ক) কঠোৰ মানদণ্ড : ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু পৰিৱেশৰ মানদণ্ড অত্যন্ত কঠোৰ। ভাৰতীয় ৰপ্তানিকাৰকসকলে নিজৰ সামগ্ৰীৰ গুণগত মান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিব লাগিব। তেতিয়াহে ভাৰতীয় সামগ্ৰীয়ে ইউৰোপৰ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।
খ) পৰিৱেশ কৰ (CBAM) : তীখা (Steel) আৰু এলুমিনিয়ামৰ দৰে উদ্যোগসমূহে ইউৰোপৰ কাৰ্বন কৰৰ নিয়ম মানি চলিব লাগিব, যাৰ বাবে সেউজ প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিব।
গ) ঘৰুৱা প্ৰতিযোগিতা : ইউৰোপীয় সামগ্ৰী ভাৰতীয় বজাৰত সুলভ হ’লে দেশৰ থলুৱা উদ্যোগসমূহে গুণগত মান আৰু মূল্যৰ ক্ষেত্ৰত তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’ব। যিহেতু ভাৰতৰ বহু থলুৱা উদ্যোগৰ উৎপাদিত সামগ্ৰীৰ ওপৰত সময়ে সময়ে গুণগত মানৰ বিপক্ষে প্ৰতিবাদ আদি হোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত ভাৰতৰ উদ্যোগসমূহে ঠগবাজ বন্ধ কৰি গুণগত মান ওপৰত আপোচ কৰিব নালাগিব।
উপসংহাৰ
আগন্তুক ডিচেম্বৰ মাহৰ ১৬ তাৰিখ, ২০২৬ ত ব্ৰাছেলছত স্বাক্ষৰিত হ’বলগীয়া ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তিয়ে গোলকীয় বাণিজ্যত ভাৰতৰ স্থান অধিক সুদৃঢ় কৰিব। আমেৰিকা বা চীনৰ ওপৰত বাণিজ্যিক নিৰ্ভৰশীলতা হ্ৰাস কৰি ইউৰোপৰ দৰে স্থিৰ আৰু বৃহৎ বজাৰ এখনৰ সৈতে যুক্ত হোৱাটো ভাৰতীয় অৰ্থনীতিৰ বাবে এক মাষ্টাৰষ্ট্ৰ’ক হিচাপে বিবেচিত হৈছে। সঠিক পৰিকল্পনা আৰু গুণগত মান বজাই ৰাখিব পাৰিলে অনাগত দিনত এই চুক্তিয়ে ভাৰতীয় ব্যৱসায়ীসকলক বিশ্ব বজাৰত এক নতুন উচ্চতালৈ লৈ যাবলৈ সক্ষম হ'ব। অৱশ্যে সময়েহে ক'ব ইয়াৰ পৰা হ'ব পৰা লাভালাভ আৰু চুক্তিৰ কাৰ্যকাৰিতাৰ সম্পৰ্কে।
Good
উত্তরমুছুন