Thursday, February 11, 2021

কেঁচুসাৰ আৰু ইয়াৰ প্ৰস্তুতকৰণ preparing vermi-compost

কেঁচুসাৰ ::

 কেঁচুসাৰ জৈৱিক সাৰৰ ভিতৰত অন্যতম সাৰ হিচাপে চিহ্নিত। বহু যুগৰ পৰাই কেঁচুসাৰৰ সম্পৰ্কে অধ্যয়ন কৰা হৈছে আৰু ইয়াৰ প্ৰস্তুতকৰণৰ মানদণ্ড উন্নীতকৰণ কৰাৰ প্ৰয়াস কৰা হৈছে। প্ৰাচীন কালৰে পৰাই কৃষকৰ বন্ধু হিচাপে গন্য কৰা হয় কেঁচুসাৰক । মাটিৰ উৰ্বৰতা গুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেঁচুসাৰৰ ভূমিকা অতুলনীয়। বিশেষকৈ কেঁচুৱে মাটিৰ উপৰি অংশত থকা জৈৱিক পদাৰ্থ সমূহ পচন ঘটাই মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাত সহায় কৰে। আনহাতে মাটিৰ তলত ঘনাই চলাচল কৰাৰ পথ তৈয়াৰ কৰি কেঁচুৱে প্ৰাকৃতিকভাৱে মাটি চহোৱাৰ কাম সমাপ্ত কৰে। যাৰ ফলত মাটিৰ তলত বহু বিন্ধাৰ সৃষ্টি হয় আৰু ইয়াৰ জৰিয়তে পানীৰ চলাচলৰ সুবিধা হয়। ইয়াৰ পৰা মাটি ফৰফৰীয়া বা কোমল হোৱাত সহায়ক হয়।
*

 কেঁচুসাৰ প্ৰস্তুতকৰণৰ দিহা : 

    কেঁচুসাৰ প্ৰস্তুতকৰণৰ বাবে কিছু নীতি নিয়ম মানি চলিব লগা হয়। 
   ১/ কেঁচুসাৰ প্ৰস্তুতকৰণৰ বাবে এটা পকী চৌবাচ্চা তৈয়াৰ কৰিব লাগে ।চৌবাচ্চাৰ আকাৰ নিজৰ সুবিধা অনুসৰি কৰিব পাৰে।‌ অৰ্থাৎ বহল আৰু দ গাত হ'লে বেচি পৰিমাণে সাৰ প্ৰস্তুত কৰিব পৰা যায়। কেঁচা গাঁতৰ জৰিয়তেও অৱশ্যে প্ৰস্তুত কৰিব পাৰি।
২/ চৌবাচ্চাৰ তলিত প্ৰথমে কিছু বালি বা মাটি মিহি কৰি পাতলকৈ ছটিয়াই দিব লাগে আৰু পঁচা গোবৰ ১-২ ইঞ্চি ডাঠকৈ ঢাকি দিব লাগে।
৩/ সাৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা জৈৱিক পদাৰ্থ যেনে- শাক-পাচলি কাটোতে ওলোৱা পেলনীয়া অংশ, গছৰ পাত, মেটেকা, বিভিন্ন বন বা অপতৃণ ,জীৱৰ মল-মূত্ৰ আদি গোটাই ল'ব লাগে আৰু সেইবোৰ দাৰে সৰু সৰুকৈ কাটি ল'ব লাগে।
৪/ কটাৰ পাছত অতি কমেও পদাৰ্থবোৰ সাতৰ পৰা দহ দিন পৰ্যন্ত দমাই থব লাগে যাতে পদাৰ্থ সমূহ কিছু মৰহি যায়। 
৫/ এতিয়া কাটি ৰখা সামগ্ৰী সমূহ অলপ পানী ছটিয়াই চৌবাচ্চাত ভৰাব লাগে। চৌবাচ্চাত প্ৰায় ১.৫ফুট ডাঠকৈ পদাৰ্থ সমূহ দিব লাগে আৰু ইয়াৰ ওপৰত পুনৰ পঁচা গোবৰ দুই ইঞ্চিমান জোখত জাপি দিব লাগে। এনেদৰে প্ৰতি তৰপৰ মূৰে মূৰে গোবৰ দিব লাগে আৰু পানী ছটিয়াব লাগে।
৬/এতিয়া ৰঙা কেঁচু ১ ৰ পৰা ১.৫ কিলোগ্ৰাম জোখত পদাৰ্থ খিনিৰ ওপৰত মেলি দিব লাগে।
৭/ গাঁতটো সম্পূৰ্ণ হোৱাৰ পাছত বস্তা বা খেৰেৰে ভালকৈ ঢাকি দিব লাগে। 
৮/ পদাৰ্থখিনিত যাতে পৰুৱা বা গোবৰুৱা আদি পোক পতঙ্গ সোমাই নষ্ট কৰিব নোৱাৰে তাৰ বাবে সাৱধানতা অৱলম্বন কৰা দৰকাৰ।
৯/ ৰ'দ বৰষুণৰ পৰা বচাবলৈ টিনপাতৰ বা খেৰৰ চালি এখন দিব লাগে।
১০/মাজে মাজে চৌবাচ্চাটো নিৰীক্ষণ কৰাৰ পিছত কিছু পানী ছটিয়াই থাকিব লাগে।
১১/ প্ৰায় ৫০-৭০ দিনৰ ভিতৰত কেঁচুসাৰলৈ পদাৰ্থ সমূহ পৰিণত হয়।
১২/ প্ৰস্তুত হোৱা সাৰ চৌবাচ্চাৰ পৰা উলিয়াই আনি পাতল ৰ'দ পৰা ঠাইত ৰাখি শুকুৱাই দিব লাগে। অৱশ্যে পোনপতীয়াকৈ ৰ'দত শুকুৱাব নালাগে।

কেঁচুসাৰৰ গুণাগুণ আৰু ব্যৱহাৰ:

     কেঁচুসাৰ বিভিন্ন গুণ সমৃদ্ধ সাৰ। উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা উপাদানসমুহ কেঁচুসাৰত উপলব্ধ হয়। বিশেষকৈ ছালফাৰ, মেগনেছিয়াম, কেলছিয়াম, পটাছ, ফছফৰাছ , নাইট্ৰজেন, আইৰণ, কপাৰ, জিংক, মেংগানিজ আদি উপাদান সমুহ কেঁচুসাৰত থাকে বুলি জনা যায়। তদুপৰি হৰমন এনজাইম আৰু জিবাৰলিন, ভিটামিন আদিও কেঁচু সাৰত উপলব্ধ। সেয়ে কেঁচুসাৰক উত্তম সাৰ হিচাপে চিহ্নিত কৰা হয়। মাটিৰ উৰ্বৰতা গুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেঁচুসাৰৰ ভূমিকা অতুলনীয়। আনহাতে এই সাৰে প্ৰদূষণ ৰোধ কৰাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

*
   *   ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত







তথ্যসংগ্ৰহ : ১/বিজ্ঞানৰ পাঠ্যপুথি
                   ২/ইণ্টাৰনেট 

++++++++++++++++++++++++++++++




Wednesday, February 3, 2021

খেতিৰ দিহা:: শস্য আৰু অনিষ্টকাৰী পোক পতঙ্গ।

 খেতিৰ দিহা::   

    প্ৰাণীৰ দেহত বিভিন্ন ৰোগ থকাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থাও আছে । ঠিক একেদৰে বিভিন্ন শস্যতো বিভিন্ন ৰোগ আছে। তদুপৰি বিভিন্ন প্ৰজাতিৰ পোক পতঙ্গয়েও শস্য অনিষ্ট কৰে। ইয়াৰো প্ৰতিবিধানৰ উপায় আছে। তলত বিভিন্ন প্ৰকাৰৰ শস্যৰ ৰোগ, আক্ৰমণকাৰী পোক পতঙ্গ আৰু ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হ'ল।


 বিভিন্ন শস্য, পোকপতঙ্গ আৰু প্ৰতিকাৰ ::

 
   ১/ধান = ধানৰ অনিষ্ট কাৰী পোক পতঙ্গ হ'ল- মজাখোৱা, চৰহা, গান্ধীপোক , কাকতীফৰিং ,শস্যকৃমি আদি। বিভিন্ন জৈৱিক আৰু ৰাসায়নিক ঔষধৰ সহায়ত এই পোক পতঙ্গৰ পৰা হাত সাৰিব পাৰি।
ৰাসায়নিক ঔষধ - মালাথিয়ন, চুমিথিয়ন,ডাইমিক্ৰণ আদি।
    ২/সৰিয়হ: সৰিয়হত আক্ৰমণ কৰা পোকৰ ভিতৰত - মোৱাপোক, চফ্লাই আদিয়েই প্ৰধান। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি এই পতঙ্গৰ পৰা ৰক্ষা পাব পাৰি।
ৰাসায়নিক ঔষধ হ'ল -- মালাথিয়ণ, ৰগৰ, ডাৰ্চবান আদি।
   ৩/মাহজাতীয় শষ্য: এনে শস্যবোৰত আমনি কৰা অনিষ্ট কাৰী পোক পতঙ্গৰ ভিতৰত ছেঁই বিন্ধা, ভূঁৰ পোক আদি।
 ৰাসায়নিক ঔষধ:: মালাথিয়ন, নূভান আদি।

  ৪/ আলু : আলুৰ ঘাই শত্ৰু হ'ল ৰঙা পৰুৱা। মাটিৰ তলত আলু হোৱা লগে লগে এই পোকবিধে খাই মাটিৰ তলতে আলু নষ্ট কৰি পেলায়। সেমেকা মাটি হ'লে কেঁচু আৰু কুমটিয়েও বাহ লৈ আলু নষ্ট কৰে। ইয়াৰোপৰি নিগনি আৰু উকোটোনা ( এবিধ নিগনিৰ দৰে প্ৰাণী, ই মাটিৰ তলত থাকে।আলু খাই নষ্ট কৰে।) আদিয়েও আলু খাই নষ্ট কৰে।

ৰাসায়নিক ঔষধ ::  ৰাসায়নিক ঔষধ হ'ল ফোৰেট। ফোৰেট মাটি চহাওতে মাটি লগত মিহলি হোৱাকৈ ছটিয়াই দিব লাগে। তেতিয়া ৰঙাপৰুৱা আতঁৰে।

   ৪/ ঘেঁহু, শাক-পাচলি,নেমুটেঙা ::
  ইহঁতক আক্ৰমণ কৰা পোক হ'ল - শস্যকৃমি।
শস্যকৃমি গা-গছ বা গছৰ পাতৰ মাজত সোমাই যায় আৰু পাছত আক্ৰমণ কৰে।
  ৰাসায়নিক ঔষধ--ক্লৰপিক্ৰিন আৰু ফুৰাদন আদি।
    ইয়াৰোপৰি শস্যত বিভিন্ন ধৰণৰ ৰোগ হোৱা দেখা যায়। বতৰৰ তাৰতম্য আৰু মাটিৰ গুণাগুণৰ ফলস্বৰূপে এনে বিভিন্ন ৰোগ হ'ব পাৰে।
   ১/ধান -- ধানত হোৱা বোগবিধৰ নাম হ'ল- ব্লাষ্ট।
প্ৰতিকাৰ  
    ২/ কুঁহিয়াৰ : কুঁহিয়াৰত হোৱা ৰোগ বিধৰ নাম হ'ল ৰেডৰট ৰোগ। এই ৰোগৰ ফলত কুঁহিয়াৰ জোপা লেৰেলি শুকাই যায়। পাতত বগা চামনি পৰে।
 প্ৰতিৰোধৰ উপায়: ডাইইথেন এম-৪৫ নামৰ ঔষধবিধ পানীত মিলাই গোটেই গা-গছত স্প্ৰে কৰি তিয়াই দিব লাগে।
৩/ আলু :: বিশেষকৈ আলুত দেখা দিয়া ৰোগবিধ হ'ল-- ব্লাইট। এই ৰোগৰ ফলত আলু গেলি যায় আৰু বাঢ়িব নোৱাৰে।
প্ৰতিকাৰ ::
 এই আলু শস্যতো কুঁহিয়াৰৰ ঔষধ বিধকেই ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ডাইইথেন এম 45 আদি। 









সৰিয়হৰ গছ






+++++++++++++----+++++++++++++++

Friday, January 29, 2021

ফুল আৰু মানুহ Flower and people.

ফুল :

ফুল বুলিলে মনলৈ অহা ছবি খন হ'ল ৰঙা, বগা, নীলা, হালধীয়া বৰণৰ লতা,গুল্ম, তৃণ আৰু বৃক্ষ জাতীয় উদ্ভিদৰ নানা তৰহৰ পুষ্পৰ সমাহাৰ। ফুলৰ আন এটা নাম পুষ্প। ফুল কোনে ভাল নাপায় ? পৃথিৱীত চোকে কোণে এনে মানু্হ নাই যিয়ে ফুল ভাল নাপায়। সকলো মানুহৰে ফুলৰ প্ৰতি দুৰ্বলতা আছে। ফুলৰ সৌন্দৰ্যতাই আমাক মোহিত কৰে।
    বিভিন্ন তৰহৰ ফুল বিলাক কবি সাহিত্যিকৰ একো একোটা লেখাৰ বিষয়বস্তু হিচাপে পৰিগণিত হৈ আহিছে। ফুলে কেৱল কবিকেই নহয় বৰঞ্চ প্ৰায় সকলো মানুহকেই কল্পনা আৰু ভাৱনাক উজ্জীৱিত কৰি ৰঙীন হ'বলৈ শিকায়।কবি হ'বলৈ শিকায়। কবিতা গল্প উপন্যাস লিখিবলৈ যেন অনুপ্ৰেৰণা যোগায়। গতিকে ফুল আৰু মানুহৰ মাজত এক ওতঃপ্ৰোত সম্বন্ধ আছে। শীতকালৰ কাঁচিয়লি ৰ'দত নিয়ৰৰ টোপালত জিকমিকাই থকা ধকধকীয়া শুভ্ৰ শেৱালী ফুলৰ আমোলমোল সুবাসত কোন বাৰু মতলীয়া নহয়। সঁচাই ফুলে আমাৰ সৈতে কথা পাতে। সুখ-দুখ, বিৰহ-মিলন , হাঁহি-কান্দোন জীৱনৰ প্ৰতিটো এনে বেদনাগধূৰ আৰু সুখময় মূহুৰ্তৰ লগৰী তথা জীৱন্ত সাক্ষী হ'ল ফুল। 

   ফুলৰ ব্যৱহাৰ:

ফুলৰ পৰা বিভিন্ন ধৰণৰ মনোমোহা মালা, পুষ্পালংকাৰ প্ৰস্তুত কৰি বিভিন্ন উৎসৱ পাৰ্বন, সাজসজ্জাত ব্যৱহাৰ কৰা হয়। আনকি পুষ্পসজ্জা বহুতো দেশৰ এটা এটা এৰাব নোৱাৰা সংস্কৃতি হিচাপে চিহ্নিত। বিভিন্ন সকাম নিকাম আদিতো ফুলৰ ব্যৱহাৰ মন কৰিবলগীয়া। অসমীয়া সমাজত ফুলৰ স্হান বহু ওপৰত। বিয়া,সবাহ আদিত ফুল নহ'লে নহয় । তাৰোপৰি ফুলক ব্যৱসায়িক ভিত্তিতো ব্যৱহাৰ কৰা হয়। 
  * ফুল প্ৰসাধন সামগ্ৰী হিচাপে মানুহৰ ৰূপচৰ্চাত প্ৰয়োগ কৰা হয়। যেনে বেলি ফূলৰ পৰা খোৱা তেল আৰু চুলিত লগাব পৰা তেল প্ৰস্তুত কৰা হয়।
  * ফুল মানুহৰ বাবে ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয়। 
  * সৌন্দৰ্য বৰ্ধণৰ বাবে ফুল মানুহৰ অপৰিহাৰ্য্য অংগ হিচাপে বিবেচিত।
  * ফুল মানুহৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰা হয়। খাদ্য হিচাপে ফুলে মানুহৰ দেহত পৰিপুষ্টি যোগাবলৈ সক্ষম। শেৱালী ফুল , তগৰ ফুল আদিৰ খাদ্য বৰ স্বাদযুক্ত । 
   * এৰোমা থেৰাপীৰ বাবে ফুল উত্তম সামগ্ৰী।

 বিভিন্ন ফুলৰ নাম:

 কেইবিধমান ফুল হ'ল-- নাৰ্জী, জবা, ৰজনীগন্ধা, বকুল, কৰবী, তগৰ, পাৰিজাত, নাহৰ, ডালিয়া গোলাপ,সূৰ্যমুখী বা বেলিফুল, চম্পা, কেতেকী, কপৌফুল, শালিকাফুল, শেৱালী ফুল, ইন্দ্ৰমালতী, খৰিকাঁজাই, আদি বিভিন্ন প্ৰজাতিৰ ফুল। তাৰোপৰি আজিকালি আমাৰ দেশৰ প্ৰান্তে প্ৰান্তে ফুলনি শুৱনি কৰা নানা তৰহৰ বিদেশী ফুল আছেই। 


            বিয়াৰ পেন্দেলত ফুলৰ সমাহাৰ


















*****************************************

Thursday, January 28, 2021

ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান আৰু ইয়াৰ জনপ্ৰিয়তা । The highest civilian honour of India and it's popularity.

দেশৰ সৰ্বোচ্চ সন্মান কি ?

ভাৰতৰ সৰ্বোচ্চ তথা প্ৰথম অসামৰিক সম্মান হৈছে "ভাৰত ৰত্ন" । সাহিত্য, কলা, বিজ্ঞান, সমাজ সেৱা তথা দেশৰ বাবে অহোপুৰুষাৰ্থ শ্ৰম কৰি মূল্যৱান অৱদান আগবঢ়াই দেশৰ সন্মান অৰ্জনত পৰোক্ষভাৱে সহায় কৰা মহান ব্যক্তিসকলক এই সন্মানেৰে সন্মানিত কৰা হয়।১৯৫৪ চনৰ ২ 
জানুৱাৰীত প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই বঁটা প্ৰৱৰ্তন কৰিছিল। বৰ্তমানলৈকে ৪৮ জন মহান ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে। ভাৰতৰ লগতে আন দেশৰ সন্মানীয় ব্যক্তিকো এই বঁটা প্ৰদান কৰা হয়। প্ৰথম অৱস্থাত এই বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰাৰ নিয়ম নাছিল কিন্তু পৰৱৰ্তীকালত এই নিয়ম সালসলনি ঘটাই ১৯৫৫ চনৰ জানুৱাৰী মাহৰ পৰা মৰণোত্তৰভাৱেও এই বঁটা আগবঢ়োৱাৰ নিয়ম নিৰ্ধাৰণ কৰা হয়।
    'ভাৰত ৰত্ন ' ত আঁহত পাতৰ ওপৰত সূৰ্যৰ চিত্ৰৰ লগত " ভাৰত ৰত্ন" দেৱনাগৰী লিপিত লিখা থাকে।
   এই সন্মান বা বঁটা প্ৰথমে লাভ কৰা ব্যক্তিসকল হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণণ, চক্ৰৱৰ্তী ৰাজা গোপালচাৰী , আৰু চি ভি ৰমণ ।

দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান :

  পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। 

পদ্মবিভূষণ কি আৰু কিয় ?

     পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰতি বছৰৰ মূৰে মূৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। এই সন্মান দেশৰ হকে কৰা সুকৰ্ম তথা অৱদানৰ স্বীকৃতিৰ চিন স্বৰূপে ব্যক্তি জনক ভাৰত চৰকাৰে প্ৰদান কৰে। পদ্মবিভূষণ বঁটাত এটা 
পদক আৰু এখন মানপত্ৰ থাকে যিটো ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰাপকক প্ৰদান কৰে। পদ্ম সন্মানৰ ভিতৰত পদ্মবিভূষণ হৈছে শীৰ্ষস্থানৰ সন্মান। চৰকাৰী সেৱাসহ যিকোনো বিষয়ত দেশৰ আৰু জাতিৰ প্ৰতি বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় ব্যক্তিসকলক এই সন্মানেৰে বিভূষিত কৰা হয়।১০৫৪ চনত প্ৰথম এই বঁটা প্ৰদান কৰা হয়।
    এই বঁটাত প্ৰদান কৰা পদকৰ আকৃতি গোলাকাৰ সোণেৰে নিৰ্মিত। পদকৰ ব্যাস ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত পদ্মবিভূষণ কথাষাৰ লিপিবদ্ধ কৰা থাকে আৰু ইয়াৰ তলতে এটা পুষ্পবৃত্ত চিত্ৰিত কৰা থাকে।১৯৫৫ চনত ইয়াৰ আকাৰ কিছু পৰিৱৰ্তন কৰি ১-৩/১৬ ইঞ্চি কৰা হয়।

পদ্মভূষণ বঁটা কি ? 

   পদ্ম সন্মানৰ ভিতৰত এই বঁটা তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান। পদ্মভূষণ সন্মানো ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হয়। জাতি তথা দেশৰ হকে বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় ব্যক্তিসকলক এই সন্মানেৰে বিভূষিত কৰা হয়।
   
     বঁটাত এটা ট্ৰফী বা পদক আৰু এখন মানপত্ৰ থাকে। ট্ৰফীটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুমফুলৰ প্ৰতীক খোদিত কৰা হয়। ওলোটা পিঠিত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক খোদিত কৰা থাকে।
      এই বঁটা ৰাষ্ট্ৰীয় ভিত্তিত প্ৰদান কৰা হয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয় আৰু সেই বছৰে প্ৰথম এই বঁটা প্ৰদান কৰা হৈছিল। পদ্মভূষণ বঁটা প্ৰদান কৰ্তাও 'ভাৰত চৰকাৰ' । বৰ্তমানলৈকে ভাৰত চৰকাৰে ১১২০ জন ব্যক্তিক এই বঁটা প্ৰদান কৰিছে। এই বছৰ অৰ্থাৎ ২০২১ বৰ্ষত মৰণোত্তৰভাৱে তিনিবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰা তৰুণ গগৈ ডাঙৰীয়াকো প্ৰদান কৰি চৰকাৰৰ স্বচ্ছতাৰ সম্পৰ্কে পৰিস্ফুট হৈছে যেন অনুভৱ হয়।

পদ্মশ্ৰী বঁটা কি ?


    ভাৰত চৰকাৰে প্ৰদান কৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান হৈছে পদ্মশ্ৰী বঁটা। এই বঁটা সাধাৰণতে কেৱল ভাৰতৰ নাগৰিকহে প্ৰদান কৰা হয়। পদ্মভূষণ সন্মানৰ দৰে এই বঁটাও ১৯৫৪ চনৰ পৰাই প্ৰদান কৰি অহা হৈছে। 
     শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা সন্মানীয় ব্যক্তিসকলক ভাৰত চৰকাৰে এই বঁটা প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰে। এই বঁটা লাভ কৰাৰ বাবে প্ৰাপক এজন ভাৰতীয় নাগৰিক হোৱাটো বাধ্যতামূলক।
    এই বঁটাটোও পদ্মবিভূষণ আৰু পদ্মভূষণ বঁটাৰ দৰে একে। বঁটাত এটা ট্ৰফী বা পদক আৰু এখন মানপত্ৰ থাকে। ট্ৰফীটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুমফুলৰ প্ৰতীক খোদিত কৰা হয়। পদকৰ আনটো ফালে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ চিহ্ন খোদিত কৰা থাকে।

জনপ্ৰিয়তা আৰু স্হায়ীত্বতা : 

  সাম্প্ৰতিক সময়ত পদ্ম বঁটাৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু সেয়ে ইয়াৰ স্হায়ীত্বও বাঢ়িছে। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো, ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা , ১৯৮০ চনৰ ২৬ জানুৱাৰী পৰ্যন্ত বন্ধ হৈ আছিল। এই সময়ত বাচনিৰ বাবে কোনো উপযুক্ত ব্যক্তি নাছিল বা চৰকাৰৰ আন অসুবিধাৰ বাবে বঁটা প্ৰদান কৰাত অসমৰ্থ হৈছিল। এই বঁটাৰ জনপ্ৰিয়তা বা স্হায়িত্ব অক্ষুণ্ণ ৰাখিবলৈ হ'লে বঁটা নিৰপেক্ষ বাছনিৰ জৰিয়তে প্ৰকৃততে দেশৰ হকে বহুমূলীয়া অৱদান আগবঢ়োৱা লোকসকলক প্ৰদান কৰিব লাগিব। বাছনি প্ৰক্ৰিয়াত যদি ৰাজনীতিৰ গোন্ধ থাকে তেন্তে বঁটাৰ জনপ্ৰিয়তা দিনক দিনে হ্ৰাস হোৱাটোয়ে স্বাভাৱিক।



http://anuragblogadress.blogspot.com/2021/01/blog-post_26.html 
Please open this link to see the other topics.









----------------++++++-------------+++++----------


Tuesday, January 26, 2021

ভাৰতবৰ্ষৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

ক্ৰমশঃ ৰ দ্বিতীয় অংশ

বিভিন্ন জনসমাজে অনুসৰণ কৰা শিক্ষাৰ লক্ষ্য সম্পৰ্কে কেইটামান প্ৰচলিত মত দাঙি ধৰা হ'ল-- ১/ব্যক্তি কেন্দ্ৰিক লক্ষ্য, ২/ সমাজতান্ত্ৰিক লক্ষ্য, ৩/ চৰিত্ৰ গঠণৰ লক্ষ্য, ৪/ জ্ঞান মূলক লক্ষ্য, ৫/ মুক্তিবাদী বনাম বৃত্তি মূলক লক্ষ্য, ৬/সম্পুৰ্ণ জীৱন যাপনৰ লক্ষ্য , ৭/ সূনাগৰিক গঢ়ি তোলাৰ লক্ষ্য আদি।
     ইয়াৰোপৰি শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন আনি ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ শিক্ষা পৰিকল্পনা যুগুত কৰিবৰ বাবে শিক্ষাৰ কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে। এই ক্ষেত্ৰত ১৯৫২চনৰ মাধ্যমিক শিক্ষা আয়োগে স্বাধীন ভাৰতৰ কাৰণে অনুমোদন কৰা কেইটামান লক্ষ্য হ'ল এনেধৰণৰ-- ১/ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ,২/ গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ, ৩/ উৎপাদন মূলক আৰু কাৰিকৰী দক্ষতা বৃদ্ধি, ৪/ সামাজিক ৰাজনৈতিক শিল্পমূলক আৰু কৃষ্টিমূলক ক্ষেত্ৰত নেতৃত্বদানৰ শিক্ষাদান, ৫/ সুচৰিত্ৰ গঠন,৬/ জ্ঞান মূলক, সামাজিক আৰু নৈতিক গুণৰ বিকাশ সাধন, ৭/ শৃংখলা বোধ,সহযোগিতা, সামাজিক সচেতনতা আৰু সহনশীলতা আদি গুণৰ বিকাশ কৰা আদিয়েই প্ৰধান।
      ১৯৬৪ চনত গঠিত হোৱা কোঠাৰী আয়োগেও দেশৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু অন্যান্য দিশৰ পৰিস্থিতি পৰ্যালোচনা কৰি এই শিক্ষা ব্যৱস্থাত আন কিছুমান লক্ষ্য সংযোজন কৰিছে। সেইবোৰ হ'ল-- ১/ শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশ , বৃত্তি মূলক দক্ষতা প্ৰদান, ২/ সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতি স্হাপন কৰা ,৩/ শিক্ষা পদ্ধতি, পাঠ্যক্ৰম, পৰীক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তন অনা, ৪/ নাগৰিকত্বৰ শিক্ষাদান , নেতৃত্বৰ গুণৰ বিকাশ, চৰিত্ৰ গঠণ আদি ।

     ১৯৮৬ চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও বহু লক্ষ্

আগত বান্ধি দিছে। সেইবোৰ এনেধৰণৰ-- দেশৰ ভৱিষ্যতৰ নাগৰিক সকলক উপযুক্ত শিক্ষা প্ৰদান কৰা, চলিত শিক্ষাৰ পুনগঠন কৰি জ্ঞানৰ বিস্ফোৰণ ঘটাই শিক্ষাৰ এক জীৱনজোৰা প্ৰক্ৰিয়া গঢ়ি তোলা ,  বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰে যি বৈপ্লবিক পৰিৱৰ্তন আনিছে সেই পৰিৱৰ্তনৰ সৈতে খাপ খোৱাকৈ দেশৰ শিক্ষা ব্যৱস্থাক নতুন আৰু শক্তিশালী ৰূপ দান কৰা ইত্যাদি এই শিক্ষা নীতিৰ মুখ্য লক্ষ্য আৰু উদ্দেশ্য আছিল।

    ইয়াৰোপৰি প্ৰাথমিক শিক্ষাত শিশুৰ পুষ্টি,স্বাস্হ্য আৰু সামাজিক, মানসিক, দৈহিক, নৈতিক আৰু আৱেগিক দিশত বিকাশ সাধনৰ প্ৰয়াস কৰা, শৈশৱৰ যত্ন আৰু শিক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া, শিক্ষাক শিশুকেন্দ্ৰিক আৰু শিশুৰ ব্যক্তিত্ব বিকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা।
    প্ৰাথমিক শিক্ষাক সাৰ্বজনীনকৰণ , প্ৰাথমিক স্তৰৰ সকলো শিশুৰে ভৰ্তিকৰণ আৰু ১৪ বছৰলৈ ধৰি ৰখাটোৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। ইয়াৰ লগতে স্কুলৰ সা-সম্পত্তি যেনে- শ্ৰেণীকোঠা , কেম্প, চাৰ্ট, কলাফলক, খেলনা , শিক্ষাৰ সঁজুলি সকলো প্ৰাথমিক বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰা, অপাৰেশ্যন ব্লেকবৰ্ডৰ কাৰ্যসূচী পৰ্যায়ক্ৰমে ৰূপায়িত কৰা আদি আদি লক্ষ্য আৰু উদ্দেশ্যসমূহ এই নীতিৰ অন্তৰ্ভুক্ত আছিল। 
   উমৈহতীয়া গাঁঠনি হিচাপে এই আয়োগে আৰু কিছুমান লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ঘাইকৈ বৃত্তি মূলক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান, বিশ্বব্যাপী বিজ্ঞান আৰু কাৰিকৰী ক্ষেত্ৰত হোৱা অগ্ৰগতি, সুকুমাৰ কলাৰ দ্বাৰা শিক্ষাৰ প্ৰয়োজনীয় সংস্কাৰ সাধন কৰা, নিৰক্ষৰতা দূৰ কৰা, প্ৰাপ্তবয়স্কৰ শিক্ষাৰ সম্প্ৰসাৰণ ঘটোৱা, ভাৰতৰ সকলো ৰাজ্যতে ১০+২+৩ শিক্ষাৰ প্ৰৱৰ্তন কৰা আদি। 
   কোঠাৰী আয়োগৰ উদ্দেশ্য :
    ১৯৬৪-৬৬ চনত গঠিত আয়োগৰ উদ্দেশ্য বিজ্ঞান শিক্ষাক সংস্কৃতিৰ এক মূল উপাদান হিচাপে লৈ কৰ্ম অভিজ্ঞতাক সাধাৰণ শিক্ষাৰ এক অপৰিহাৰ্য্য অংগ ৰূপে ৰাখি মাধ্যমিক শিক্ষাক বৃত্তিমুখী কৰি শিক্ষাক দেশৰ উৎপাদন শক্তিৰ লগত জড়িত কৰাই নতুনত্বৰ সংযোজন কৰা।
   জনসাধাৰণক সমান ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সুবিধা প্ৰদান কৰি দেশত ৰাজহুৱা ব্যৱস্থা কৰি নাগৰিকত্ব আৰু আন্তৰ্জাতিক মূল্যবোধ বৃদ্ধি কৰাৰ মানসেৰে এই আয়োগে বহু ভাল লক্ষ্য আগত ৰাখিছিল। দ্ৰুত গতিত অগ্ৰসৰ হোৱা পৃথিৱীৰ অন্যান্য সমাজ আৰু সভ্যতাৰ লগত আমাৰ দেশেও যাতে সমানে আগুৱাই যাব সক্ষম হয় তাৰবাবেই শিক্ষাৰ মানদণ্ড উন্নীতকৰণ আৰু আধুনিকীকৰণৰ ব্যৱস্থা এই নীতিত সন্নিবিষ্ট কৰা পৰিলক্ষিত হয়। এই আয়োগে অপাৰেশ্যন ব্লেকবৰ্ড আঁচনি গ্ৰহণ কৰিছিল। 
   Operation Black Board (OBB)ৰ উদ্দেশ্য আছিল উপযুক্ত শৈক্ষিক পৰিৱেশৰ সৃষ্টি কৰি ছাত্ৰ ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰীক নতুন পৰিৱেশৰ জৰিয়তে বিদ্যালয়ৰ প্ৰতি আকৃষ্ট কৰোৱা। বিভিন্ন সা-সামগ্ৰীৰ অভাৱ দূৰ কৰা। 
     এইদৰে ভাৰতৰ শিক্ষা ব্যৱস্থাক আমুল পৰিবৰ্তন কৰিবৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে। ইয়াৰোপৰি শিশুৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ শিশু অধিকাৰ আইনৰ প্ৰৱৰ্তন হ'ল ইয়াৰ অন্যতম উদাহৰণ।
   শিশু অধিকাৰ আইন ২০০২ :
    ভাৰতৰ সংবিধানৰ ৮৬ তম গৃহীত সংশোধনী আইন ২০০২ ত জাৰি কৰা হৈছিল। এই আইনৰ জৰিয়তে ১৪ বছৰ বয়সলৈ বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা শিশুৰ এক মৌলিক অধিকাৰ হিচাপে চিহ্নিত কৰা হৈছে। উল্লেখযোগ্য যে উক্ত আইনখনকে পুনৰাই সংশোধনৰ জৰিয়তে "শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ২০০৭ " গৃহীত কৰা হয়। যিখন আইন বৰ্তমান ভাৰতৰ সমগ্ৰ ৰাজ্যতে ২০১০ চনৰ ১ম এপ্ৰিলৰ পৰা প্ৰযোজ্য হৈছিল।

ক্ৰমশঃ






















__________&&&&&&&&_________

Friday, January 22, 2021

ভাৰতবৰ্ষৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

আৰম্ভণি::

শিক্ষা প্ৰক্ৰিয়াই প্ৰাচীন কালৰে পৰাই পৰোক্ষভাৱে হওঁক বা প্ৰত্যক্ষভাৱে মানৱ সমাজক দোপতদোপে উন্নতিৰ শিখৰত আগুৱাই নিয়াত সহায় কৰিছে আৰু পদে পদে প্ৰভাম্বিত কৰিবলৈ সক্ষম হৈছে। পূৰ্বতে কেৱল প্ৰাথমিক আৰু অত্যাৱশ্যকীয় কামৰ দক্ষতা আয়ত্ত্বকৰণতে শিক্ষা আৱদ্ধ আছিল। কিন্তু কালক্ৰমত ইয়াৰ পৰিসৰ বৃদ্ধি হৈ বৰ্তমান ব্যাপক ৰূপ পৰিগ্ৰহ কৰিছে। বৰ্তমান কলা, বিজ্ঞান, উদ্যোগ, বিভিন্ন শিল্প আদি ভিন ভিন ক্ষেত্ৰৰ অভাৱনীয় পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এখন উন্নত তথা সভ্য সমাজ গঠনত শিক্ষাৰ ভুমিকা আৰু পৰিসৰ অধিক গুৰুত্বপূৰ্ণ, জটিল আৰু ব্যাপক হৈ পৰিছে। গতিকে এনে সময়ত আমি শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্পৰ্কে বিশদভাৱে জনাৰ সময় আহি পৰিছে। 
   গতিশীল সমাজৰ দ্ৰুত পৰিৱৰ্তনৰ লগত সামঞ্জস্য ৰাখি আৰু স্হান,কাল, পাত্ৰৰ লগত সংগতি ৰক্ষা কৰি বিভিন্ন দেশৰ বিভিন্ন জন ব্যক্তিয়ে শিক্ষা সম্পৰ্কে ভিন ভিন সংজ্ঞা আৰু তথ্য দাঙি ধৰা দেখা গৈছে। ফলস্বৰূপে সৰ্বশেষ বা সৰ্বগ্ৰহণযোগ্য আৰু সৰ্বসন্মত সংজ্ঞা নিৰ্দ্ধাৰণ কৰাত কিছু কঠিনতাৰ সন্মূখীন হোৱা যেন অনুভৱ হয়। শিক্ষা মানে কি তাক বুজিবৰ বাবে ইয়াত দুজন মান বিশিষ্ট দাৰ্শনিক তথা শিক্ষাবিদৰ সংজ্ঞা আগবঢ়োৱা হ'ল। 
 মণীষী প্লেটোৰ মতে-- "শিক্ষা হ'ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্য্যৰ বিকাশ আৰু সম্ভাব্য পূৰ্ণতা আনি দিয়ে।"
দাৰ্শনিক এৰিষ্ট'টলে কৈছিল--" শিক্ষাই সুস্হ দেহত সুস্হ মনৰ সৃষ্টি কৰে।"
পাৰ্চিনানে কৈছিল যে "ব্যক্তিৰ ব্যক্তিত্বক পৰিপূৰ্ণ ভাৱে বিকশিত কৰা প্ৰক্ৰিয়াই হ'ল শিক্ষা।"
    দাৰ্শনিক সকলৰ সংজ্ঞাসমূহ আলোচনা কৰিলে পৰিলক্ষিত হয় যে সামগ্ৰিক ভাৱে এটা নিৰ্দিষ্ট সিদ্ধান্তত তেওঁলোকে উপনীত হ'ব পৰা নাই যদিও আটাইৰে মত অধ্যয়নৰ জৰিয়তে বুজা যায় যে শিক্ষা হ'ল এনে এক প্ৰক্ৰিয়া য'ত জন্মগত প্ৰতিভা আৰু শক্তি বিকাশ আৰু মানৱতাই সামৰি ৰখা প্ৰেম ,দয়া, ধৰ্ম, অহিংসা, ভাতৃত্বভাৱ আদি  গুণৰ পৰিপূৰ্ণ বিকাশৰ মাধ্যম হিচাপে পৰিগণিত।

 শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য:

      শিক্ষাৰ পৰিসৰ আৰু ব্যাপকতাৰ প্ৰতি দৃষ্টি ৰাখি ইয়াৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য নিৰ্দ্ধাৰণ কৰি লোৱা হৈছে। শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ণয় কৰাত বৰ্তমান সময়ত শিক্ষাবিদ সকলে মনস্তাত্বিক আৰু দাৰ্শনিক দৃষ্টিভংগী গ্ৰহণ কৰে। মনস্তাত্বিক দিশৰ পৰা শিক্ষাৰ লক্ষ্য হ'ল- শিক্ষাৰ্থীসকলৰ জীৱন সৰ্বতো প্ৰকাৰে বিকাশ সাধনৰ প্ৰয়াস কৰা। দৰ্শন আৰু সমাজতত্ত্বৰ দৃষ্টিকোণৰ পৰা শিক্ষাৰ লক্ষ্য -- সমাজ জীৱন সংৰক্ষণ আৰু সমাজগতিশীল কৰণ, দৰ্শনৰ মতে মানৱ আত্মাৰ পূৰ্ণাংগ ৰূপে বিকাশ ঘটোৱা।

ক্ৰমশঃ






.......+++++++..........++++++..........+++++.......

Tuesday, January 19, 2021

বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা আৰু ইয়াৰ গুৰুত্ব a development plan of a school and it's importance.

বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা::

A development plan of a school.


 কোনো এটা কাম কৰিব যোৱাৰ আগতে কামটো কেতিয়া কৰিব, কাৰ দ্বাৰা কৰিব, কামটো সমাপন কৰাত কিমান পৰিমাণৰ ধন ব্যয় হ'ব, সময় কিমান প্ৰয়োজন হ'ব আৰু কামটোৰ ফলাফল কি হ'ব আদি বিষয়বোৰ জুকিয়াই ঠিক কৰি লোৱা হয়। এইদৰে কোনো এটা কাম কৰাৰ পূৰ্বে কৰা প্ৰস্তুতি বা আঁচনিয়েই হ'ল পৰিকল্পনা আৰু এখন বিদ্যালয়ৰ উন্নয়নৰ বাবে কৰা যি আঁচনি সিয়েই হ'ল বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা ।

বিদ্যালয় উন্নয়ন পৰিকল্পনাৰ গুৰুত্ব ::

Importance of a development plan.


বিদ্যালয় এখন সুন্দৰ আৰু সুস্হভাৱে উন্নয়ন হ'বৰ বাবে উন্নয়ন পৰিকল্পনাৰ গুৰুত্ব আৰু ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। বিদ্যালয় সৰ্বাংগীন উন্নতি সাধনত পৰিকল্পনাই সহায় কৰে। সমাজৰ লগত বিদ্যালয়খনৰ যুগসূত্ৰ স্হাপন  কৰাৰ ক্ষেত্ৰত ইয়াৰ অৱদান অনস্বীকাৰ্য্য। বিদ্যালয়ৰ বিভিন্ন অভাৱ আৰু অভিযোগ সমূহ নিৰাময়ৰ ক্ষেত্ৰত সুবিধা হয়। তদুপৰি বিদ্যালয়ৰ সামগ্ৰিক কাম-কাজৰ মূল্যায়ন কৰাত আৰু ছাত্ৰ ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী সকলৰ মাজত সমন্বয় স্হাপন, সদভাৱ জাগৰণ আৰু কৰ্ম সংস্কৃতিৰ মনোভাৱ জগাই তোলিব পৰা যায়। সেয়ে বিদ্যালয় এখনৰ উন্নয়ন পৰিকল্পনাক বিদ্যালয়খনৰ মূল সোপান বুলি ক'ব পাৰি।

 কাৰ্যপন্থা গ্ৰহণ ::


বিদ্যালয় এখন সুন্দৰকৈ সজাই তোলাৰ বাবে চৌহদবেৰণৰ অৱস্থা, বিদ্যালয় গৃহৰ পুনৰ মেৰামতিৰ উপায়, গেট নিৰ্মাণৰ ব্যৱস্থা, তোৰণ নিৰ্মাণৰ ব্যৱস্থা, ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে পৃথককৈ চাইকেল আৰু গাড়ী,বাইক ৰখোৱা গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবৰ বাবে এখন কাৰ্য পৰিকল্পনা যুগুত কৰা অতিকৈ দৰকাৰ। 
 

প্ৰায়োগিক স্তৰ ::

কামবিলাক কেনেকৈ আৰু কোনে কৰিব, কামৰ বিৱৰণ আৰু কাম আৰম্ভ কৰাৰ দিন-বাৰ তাৰিখ নিৰ্দিষ্ট কৰিবৰ বাবে অভিভাৱকৰ সভা অনুষ্ঠিত কৰিব লাগে। এই সভাত গাঁৱৰ মুখিয়াল ব্যক্তি, বিভিন্ন সমাজ সেৱক, পঞ্চায়তৰ সচিব আৰু সভাপতি আদি ব্যক্তি সকলক নিমন্ত্ৰণ কৰি আলোচনা কৰিব লাগে। আলোচনাত যাতে পৰিকল্পনা মতে কাৰ্য সিদ্ধি হয় সেইটো বিশেষ নজৰ দিব লাগে। প্ৰতিজন অভিভাৱকক বিদ্যালয়ৰ উন্নয়ন ক্ষেত্ৰত কিদৰে কামত লগাব পৰা যাব সেই সম্পৰ্কে আগতীয়াকৈ পেনেল প্ৰস্তুত কৰি উলিয়াব লাগিব। তদুপৰি গাঁৱ পঞ্চায়তৰ সচিব আৰু সভাপতিৰ পৰা সুবিধা আদায়ৰ বাবে যুগুত পৰিকল্পনাৰ সম্পৰ্কে বিশদভাৱে অৱগত কৰাব লাগিব।

মন্তব্য ::

বিদ্যালয় সৰ্বাংগীন বিকাশ সম্ভৱপৰ হ'ব তেতিয়াহে যেতিয়া বিদ্যালয়ৰ সৈতে সম্পৰ্কিত প্ৰতিজন ব্যক্তিয়ে বিদ্যালয়ৰ সমস্যাৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ ইচ্ছুক হ'ব আৰু 'নিজৰ' মনোভাৱ অক্ষুণ্ণ ৰাখি বিদ্যালয়ৰ প্ৰতিটো কামতে শাৰীৰিক, মানসিক, আৰু আৰ্থিক ভাৱে সহযোগিতা আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰিব। 









-------++++++++++------+++++++++++-------

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts