Monday, May 23, 2022

বিজ্ঞানৰ মনোৰম কথা। সূৰ্যৰ উদয় সদায় একে দিশত হয়নে ? The pleasant talk of science. Is the sun always rising in the same direction ? জানো আহক।

বিজ্ঞানৰ মনোৰম কথা।

 বিজ্ঞানৰ মনোৰম কথা। সূৰ্যৰ উদয় সদায় একে দিশত হয়নে ? The pleasant talk of science. Is the sun always rising in the same direction ? 


    সূৰ্য সদায় ঠিক একেটা দিশতে উদয় নহয়। আমি যদিও জন্মলগ্নৰে পৰা দেখি অহা সূৰ্যটোক একেটা দিশতে উদয় হোৱা দেখোঁ । তথাপি ই প্ৰকৃত শুদ্ধ নহয় । বিজ্ঞানৰ মতে সেই কথা নিখুঁতভাবে শুদ্ধ নহয়। বহু বিজ্ঞানীৰ বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত গম পোৱা যায় যে সূৰ্য প্ৰকৃততে বিভিন্ন দিশত উদয় হয়। বিশেষকৈ ২১ মাৰ্চ আৰু ২৩ ছেপ্টেম্বৰত, বছৰৰ এই দুটা দিনতহে সূৰ্য যথাৰ্থতে পূব দিশত উদয় হয়।আন সকলোবোৰ দিনত সূৰ্য উত্তৰ পূব নতুবা দক্ষিণ পূৱত উদয় হয়।


    ইয়াক বহলাই ক'লে এনেধৰণৰ হ'ব- গ্ৰীষ্ম সংক্ৰান্তিৰ (২১ জুনৰ আশে পাশে) পৰা সূৰ্যোদয়ৰ স্থান ক্ৰমে দক্ষিণৰ ফালে স্থানান্তৰ হয়। তেতিয়া সেই সময়ক দক্ষিণায়ন অৰ্থাৎ দক্ষিণলৈ গতি কৰা বুলি কোৱা হয়। সূৰ্যৰ দক্ষিণায়ন শীত সংক্ৰান্তিলৈ অৰ্থাৎ ২২ ডিচেম্বৰলৈ অব্যাহত থাকে।
     ইয়াৰ পৰৱৰ্তী সময়ত সূৰ্যোদয়ৰ স্থান পুনৰ সলনি হয় আৰু ক্ৰমাৎ উত্তৰমুখী হয়। তেতিয়া সূৰ্যৰ উত্তৰায়ন অৰ্থাৎ উত্তৰ দিশত গতি কৰা বুলি কোৱা হয়।
    
( সূৰ্যটো পৃথিৱীৰ পৰা প্ৰায় ১৫০,০০০,০০০ কিল'মিটাৰ (১৫০ নিযুত কি.মি.) দূৰত অৱস্থিত।)


    পৃথিৱীখন নে সূৰ্য সৌৰজগতৰ কেন্দ্ৰ ?
     
    অতীজতে পৃথিৱীকহে বিশ্বব্ৰহ্মাণ্ড বুলি গণ্য কৰা হৈছিল। পৃথিৱীৰ চৌদিশে সূৰ্য, চন্দ্ৰ,তৰা আৰু গ্ৰহবোৰ অনবৰতে পৰিভ্ৰমণ কৰি থাকে বুলি ভবা হৈছিল। প্ৰায় পাঁচশ বছৰৰ পূৰ্বে পোলেণ্ডৰ এজন পুৰোহিত তথা জ্যোতিৰ্বিদ নিক'লাছ ক'পাৰনিকাছে ( জন্ম ১৪৭৩, মৃত্যু ১৫৪৩ ) এই ধাৰণাক নস্যাৎ কৰি প্ৰথম সূৰ্য সৌৰজগতৰ কেন্দ্ৰত অৱস্থিত বুলি কৈছিল। তেখেতে কৈছিল যে সূৰ্য সৌৰজগতৰ কেন্দ্ৰত থাকে আৰু আন গ্ৰহবোৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে। এয়া আছিল সেই সময়ৰ এক আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰণা। তেওঁৰ তথ্যৰাজি মৃত্যুৰ পিছতহে ১৫৪৩ চনত প্ৰকাশিত হৈছিল বুলি জনা যায়। 
     ইয়াৰ পৰৱৰ্তী সময়ত আন এজন বিখ্যাত বিজ্ঞানী গেলিলিও গেলিলিয়ে ১৬০৯ চনত এটা অত্যন্ত শক্তিশালী দূৰবীক্ষণ যন্ত্ৰ সাজি উলিয়াইছিল। এই দূৰবীক্ষণ যন্ত্ৰৰ সহায়ত বিভিন্ন গ্ৰহ আৰু উপগ্ৰহবোৰ নিৰীক্ষণ কৰি দেখিবলৈ পাইছিল যিয়ে সূৰ্যক প্ৰদক্ষিণ কৰি আছে। গেলিলিওই বিভিন্ন যুক্তিৰ আধাৰত প্ৰতিপন্ন কৰিছিল যে সকলো গ্ৰহই পৃথিৱীৰ সলনি সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ইয়াৰ পাছৰ পৰাই মানুহৰ আগৰ ধাৰণাৰ পৰিবৰ্তন ঘটিছিল আৰু নতুন ধাৰণাক আকোঁৱালি লৈছিল।

     
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
লেখক : দুদুল সোণোৱাল ।
  


🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻   

Thursday, May 19, 2022

আবৃত্তি -- ব্যক্তিত্ব বিকাশৰ এক বলিষ্ঠ মাধ্যম। Recitation – a strong medium of personality development.

    আবৃত্তি -- ব্যক্তিত্ব বিকাশৰ এক বলিষ্ঠ মাধ্যম। Recitation – a strong medium of personality development. অসম্পূৰ্ণ উচ্চাৰণ বা ট্ৰেইল ড্ৰপিং: কণ্ঠস্বৰ নিয়ন্ত্ৰণ: মুখস্থ কৰা : অৰ্থ বুজা : শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ :কবিতা নিৰ্বাচন আদি আবৃত্তি কৰোঁতে জানিবলগীয়া মূল বিষয়বস্তু।

 🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
  

  সংগীত, নাটক আদিৰ দৰে কবিতাও সুকুমাৰ কলাৰ অন্তৰ্ভুক্ত। সুকুমাৰ কলাৰ চৰ্চাই কেৱল নান্দনিক তৃপ্তি দিয়ে এনে নহয়। ই শিশুৰ সৃষ্টিশীল শক্তিৰো বিকাশ ঘটায়। শিশু মন আবেগ সৰ্বস্ব। এটা কবিতাৰ আবৃত্তিৰ জৰিয়তে শিশুৰ অনুভৱৰ জগতখনৰ বহু কথাই জানিব পাৰি। স্কুল , টিউচন,গৃহকৰ্ম আদি দৈনন্দিন ব্যস্ততাৰ মাজতো যদি আবৃত্তি ভালপোৱা শিশুক এটা কবিতা আবৃত্তি কৰিবলৈ প্ৰস্তুত কৰিব পাৰে তেন্তে নিশ্চয় লক্ষ্য কৰিব যে সি বহু পৰিমাণে উৎফুল্লিত হৈ পৰিছে।তাৰ ক্লান্ত অনুভূতি আঁতৰি গৈছে।
      আবৃত্তি কলাৰ প্ৰতি আগ্ৰহ থাকিলে বা এই কলা চৰ্চা কৰিলে ভাষাৰ শুদ্ধ প্ৰয়োগ, উৎকৰ্ষ সাধন, উপস্থাপন, কণ্ঠৰ কৌশল আয়ত্বকৰণ, দৃঢ় ব্যক্তিত্ব সম্পন্ন ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰা সম্ভৱ। যিকোনো এটা কবিতা বিভিন্ন ভংগীত, উচ্চ স্বৰ আৰু নিম্ন স্বৰত উপস্থাপনেই আবৃত্তি কৰা নুবুজায়। আবৃত্তিৰ এটা নিজস্ব শৈলী আছে। নিজস্ব এটা আধাৰ আছে। তাল,লয় আছে। শুদ্ধ আৰু উপযুক্ত উচ্চাৰণৰ জৰিয়তে, প্ৰতিটো শব্দৰ শুদ্ধ অনুভৱেৰে কৰা উপস্থাপনত কবিৰ চিন্তাই প্ৰাণ পাই উঠে।
      আবৃত্তি কৰোঁতে বিশেষভাৱে মন কৰিবলগীয়া কেইটামান বিষয় --
      অসম্পূৰ্ণ উচ্চাৰণ বা ট্ৰেইল ড্ৰপিং:
      বাক্য এটা যিদৰে আৰম্ভ কৰা হয় শেষলৈ কিন্তু সেই একে উদ্যমেৰে শেষ নহয়। ফলস্বৰূপে শেষলৈ উচ্চাৰণত স্পষ্টাতা নাথাকে। এনেধৰণৰ অসুবিধাক ট্ৰেইল ড্ৰপিং বোলা হয়। এই ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি এনে অসুবিধা দূৰ কৰিব পাৰি। শিশুৰ ক্ষেত্ৰত আৰম্ভণিৰ পৰাই সচেতন কৰি দিলে এনে অসুবিধা সহজে আঁতৰি যাব।
      কণ্ঠস্বৰ নিয়ন্ত্ৰণ: 
      কণ্ঠস্বৰত নিয়ন্ত্ৰণ ৰখাটো আবৃত্তিৰ বাবে অতি প্ৰয়োজনীয়। অনুভাষ যন্ত্ৰ ব্যৱহাৰ নকৰাকৈয়ে যাতে শব্দ স্পষ্টকৈ শুনা পোৱা যায়, শব্দ উঠা-নমা কৰা কাৰ্য সহজে কৰিব পৰা যায় সেই কথা আবৃত্তি কৰা জনে বা শিকাওঁতাজনে মনদিয়া উচিত। কণ্ঠৰ বিভিন্ন ব্যায়ামৰ জৰিয়তে কণ্ঠস্বৰ নিয়ন্ত্ৰণ কৰা কাৰ্যটো কৰিব পৰা যায়। আবৃত্তি মানে অপ্ৰয়োজনীয় চিঞৰ বাখৰ নহয় বা খৰকৈ উচ্চাৰণ কৰাও নহয়। ধীৰে-সুস্হিৰে সকলোৱে বুজাকৈ শব্দ নিক্ষেপ কৰিব পাৰিলে শ্ৰোতাই উপভোগ কৰিব পাৰিব। আবৃত্তিকাৰজন সফল হ'বলৈ হ'লে তেওঁ কৰা আবৃত্তিটো শ্ৰোতাৰ উপভোগ্য হোৱাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।
      মুখস্থ কৰা : 
      আবৃত্তি কৰিবলৈ হ'লে কবিতাটো মুখস্থ হোৱা দৰকাৰ। কবিতা এটা চাই চাই পাঠ কৰা প্ৰক্ৰিয়াটোক আবৃত্তিৰ বাবে ভুল পদ্ধতি বুলি বিবেচনা কৰা হয়। মুখস্থ নাথাকিলে কবিতাটোৰ অন্তৰ্নিহিত অৰ্থ শুদ্ধ ৰূপত প্ৰকাশ নহয়। অৰ্থাৎ কবিতাটোৰ ভাৱটো আবৃত্তি শুনাৰ লগে লগে শ্ৰোতাৰ মনত প্ৰকাশ পাব লাগে। শ্ৰোতাৰ মানসপটত তাৰ ছবিখন অংকিত হ'ব লাগে। অন্যথা আবৃত্তিকাৰ জন উজুতি খোৱাৰ সম্ভাৱনা থাকে।
      অৰ্থ বুজা : 
      আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ অৰ্থ বোধগম্য নহ'লে আবৃত্তি কৰাটো অৰ্থহীন বুলি ভাবিব পাৰি। ন-শিকাৰুক আবৃত্তি কৰিবলৈ উৎসাহিত কৰিলে কবিতাটোৰ অৰ্থ ভালদৰে বুজাই দিব লাগে। অৰ্থ বুজি আবৃত্তি কৰিলে শিকাৰুৰ আবৃত্তিৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব, অন্যথা অনীহা ভাৱৰ সৃষ্টি হ'ব।
      শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ :
      আবৃত্তিৰ স'তে শ্বাস প্ৰশ্বাসৰ সম্পৰ্ক নিবিড়। আবৃত্তি কৰোঁতে উশাহ ধৰি ৰাখিব পৰাটো বা উশাহ নিয়ন্ত্ৰণ কৰিব পৰাটো আবৃত্তিকাৰৰ কৃতিত্ব। শিশুৰ বাবে এই প্ৰক্ৰিয়াটো সহজ নহয় যদিও ধাৰাবাহিক অনুশীলনে এই জটিল কামটো পিছলৈ সহজ কৰি তুলিব পাৰে। শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন ব্যায়াম আছে। সেই ব্যায়াম সমূহ শুদ্ধভাৱে শিকি বুজি অভ্যাস কৰিলে কণ্ঠস্বৰ নিয়ন্ত্ৰণো হ'ব লগতে কণ্ঠস্বৰ শুৱলা, শ্ৰুতি মধুৰ হ'ব।
      কবিতা নিৰ্বাচন : 
      আবৃত্তি কৰিবৰ বাবে কবিতা নিৰ্বাচন কৰাটো আবৃত্তিকাৰৰ প্ৰথম আৰু প্ৰধান কাম বুলি বিবেচনা কৰা হয়। সকলো কবিতা আবৃত্তিৰ বাবে উপযুক্ত নহয়। আবৃত্তিৰ বাবে উপযুক্ত কবিতা এটা পঢ়ি ভাল লগা হোৱাৰ লগতে কবিতাটোত শ্ৰোতাৰ অন্তৰত খুন্দিয়াব পৰা এটা বাৰ্তা থকাটোও প্ৰয়োজনীয়। শব্দৰ গাঁঠনি, আবৃত্তি কৰোঁতে আবৃত্তিকাৰে সুৰ সলাব পৰাৰ অৰ্থাৎ voice modulation ৰ সুযোগ যাতে পায় সেইটো লক্ষ্য ৰাখিব লাগিব। অভিনয়ৰ ক্ষেত্ৰত অভিনেতাজনে যিদৰে সংলাপৰ অৰ্থ অনুযায়ী , সংলাপৰ ভাৱ ভাষা হৃদয়ঙ্গম কৰি সংলাপ নিক্ষেপ কৰে ঠিক একেদৰে আবৃত্তি কৰোঁতেও কবিতাৰ প্ৰতিটো শব্দ , প্ৰতিটো খণ্ড বাক্য বা প্ৰতিটো শাৰীৰ অৰ্থ হৃদয়ঙ্গম কৰি প্ৰক্ষেপ কৰিলে আবৃত্তিকাৰে কৰিও ভাল পাব, শ্ৰোতাই শুনিও ভাল পাব আৰু কবিজনৰ কবিতাটো লেখাৰ উদ্দেশ্যও সফল হ'ব।
          ইতিমধ্যে উল্লেখ কৰিছোঁ যে কেৱল সাধাৰণভাৱে বা উচ্চস্বৰ নিম্নস্বৰত কবিতা এটা পাঠ কৰিলেই আবৃত্তি কৰা নুবুজায় । কবিতাটোৰ ভাৱাৰ্থ অনুযায়ী , উপযুক্ত অংগী-ভংগীৰে, কবিৰ অনুভৱক শুদ্ধৰূপত শ্ৰোতাৰ জৰিয়তে সমাজলৈ আগবঢ়াই নিব পৰাটোৱেই আবৃত্তিকাৰৰ সফলতা বুলি অনুভৱ কৰোঁ। সেয়ে কবিতাটো নিৰ্বাচন কৰোঁতে এইটো লক্ষ্য কৰা দৰকাৰ যে কবিতাটোৱে সমাজ সংস্কাৰৰ এটা বাৰ্তা বহন কৰে। অন্যথা আবৃত্তি কেৱল মনোৰঞ্জনৰ বাবেহে- এনে এটা ধাৰণাই স্বীকৃতি লাভ কৰিব। শিশু সকলৰ অৱশ্যে ইমান গভীৰতালৈ যাবলৈ সময় লাগিব। সেয়ে তেওঁলোকৰ অভিভাৱক, পিতৃ মাতৃ আৰু শিক্ষক সকলে এই ক্ষেত্ৰত উদ্যোগ লোৱা প্ৰয়োজন। যিহেতু আবৃত্তিও এক কলা। গতিকে ইয়াৰ সাধনাৰ নিশ্চয় প্ৰয়োজন আছে। নিৰ্বাচিত কবিতা এটা নিয়মীয়াকৈ পাঠ পাঠ কৰাৰ অভ্যাস কৰালে, বিশিষ্ট আবৃত্তিকাৰৰ কবিতা শুনিবলৈ উৎসাহিত কৰিলে কবিতাৰ প্ৰতি শিশুৰ আগ্ৰহ বৃদ্ধি হ'ব। প্ৰথম অৱস্থাত জড়তা কিছু থাকিব যদিও ক্ৰমান্বয়ে জড়তা নোহোৱা হ'ব। তেওঁলোকক উৎসাহিত কৰিবলৈ প্ৰশংসা কৰিব লাগিব। তেওঁলোকৰ সাহস বৃদ্ধি হ'ব। তেওঁলোকে কৰা ভুলবোৰত অতীষ্ঠ নহৈ শুধৰণি কৰিলে ভৱিষ্যতে নিশ্চয় এজন ভাল আবৃত্তিকাৰ গঢ়িব পৰা যাব।


-----------------------------------------

অতিথি লেখক : মনজিৎ কুমাৰ ঠাকুৰ। 
                                প্ৰধান শিক্ষক ( I/C)
                        হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।  
          : দুদুল সোণোৱাল ।

 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹     


Sunday, May 15, 2022

গামোচাৰ সম্পৰ্কে কিছু চিন্তা। Some things about gamocha.

অসমীয়াৰ অতি আদৰৰ, চেনেহৰ গামোচা বা বিহুৱান : এক সংক্ষিপ্ত অৱলোকন। 


গ্ৰাম্য সমাজত ব্যৱহাৰ কৰা গামোচা দুই ধৰণৰ আছে। গ্ৰাম্য সমাজত ব্যৱহাৰ কৰা গামোচা হৈছে এফালে ফুল থকা আৰু আনটো মূৰত ৰঙা পাৰি দিয়া যাক আচু দিয়া বুলি কয় । দ্বিতীয় খন গামোচা হৈছে উঁকা গামোচা। ইয়াৰ দুয়োটা মূৰ ফুলহীন। কেৱল আচু থাকে। অতীজৰে পৰা গামোচা এই নিয়মেৰে গ্ৰাম্য সমাজত প্ৰচলিত হৈ আহিছে আৰু এতিয়াও শিপিনীয়ে সেই দৰে তাঁতশালত গামোচা বয় উলিয়ায়। 


কিন্তু বৰ্তমান সময়ত গামোচাক অসমীয়া সমাজত ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক কেইবাটাও ভাগত ভাগ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ ভিতৰত -পানী-গামোচা, তামোল-গামোচা, উঁকা গামোচা, গোঁসাই থাপনা গামোচা ,বিহুৱান, আনাকাটা গামোচা, দৰা বৰণ গামোচা আদিয়েই প্ৰধান।
  পানী গামোচা বা তিয়নী গামোচা একে। গা মোহাৰিবলৈ বা তিয়নী সলাবলৈ পানী গামোচা ব্যৱহাৰ কৰা হয়। উঁকা গামোচাও সাধাৰণতে পিন্ধিবলৈ ব্যৱহাৰ কৰা হয় যদিও ইয়াক ভাল কামতো লগোৱা হয়। থাপনাত পাৰা, হুঁচৰিৰ শৰাইত দিয়া, দহা সবাহত হাত মোহৰা আদি কামত গ্ৰাম্য সমাজত ব্যৱহাৰ কৰা হয়। গোঁসাই থাপনা গামোচা হৈছে থাপনাত ব্যৱহাৰ গামোচাখনক ইয়াত থাপনা গামোচা বোলা হৈছে যদিও গ্ৰাম্য সমাজত এনে কোনো ভাগ আছে বুলি জনা নাযায়। ফুল থকা বা উঁকা গামোচাখনকে সকলোতে স-সন্মানে ব্যৱহাৰ কৰা দেখা যায়। কিন্তু বিহুত ব্যৱহাৰ কৰা গামোচাখনক বিহুৱান বোলা হয়। আনহাতে ডাঙৰ ফুল থকা গামোচা খনক ভমকাফুলীয়া গামোচা বুলিও কোৱা হয়।

     চহৰত প্ৰব্ৰজিত অসমীয়া লোকসলৰ অতি আধুনিকতা মনৰ বাবে গামোচাৰ কিছু নীতি নিয়ম পৰিৱৰ্তন হৈছে ( নিশ্চয় সকলোৱে নহয়)। আধুনিক সমাজৰ সৈতে চহৰৰ এচামে মিলিবৰ বাবে আৰু ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ মানসেৰে গামোচাত নতুনত্ব আনিলে। বহি ৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ লগত ফেৰ মাৰিব যাঁওতে নিজৰ গামোচাৰ ৰেহৰূপো  সলনি হ'ব ধৰিছে। 
    অসমীয়াৰ যি গামোচা সেইখনৰ মহিমা সুকীয়া। ই অসমীয়াৰ স্বকীয়তাৰ পৰিচায়ক হোৱাৰ লগতে অসমীয়া মানুহৰ অতি আদৰৰ আৰু স্বাভিমান। সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হ'লেও কৃষ্টি সংস্কৃতিৰ প্ৰতীকসমূহৰ নিজস্ব অৱয়ব পৰিৱৰ্তন হোৱা অনুচিত।
    বৰ্তমান সময়ত পুঁজিবাদৰ গ্ৰাসত পৰি কেৱল গামোচাই নহয়,আন আন সংস্কৃতিৰ ক্ষেত্ৰতো তথৈবচ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজিকালি গাঁৱৰ শিপিনীয়ে গামোচা কিদৰে বয় বুলিও চিন্তা কৰিবলগীয়াত পৰিছে। আচলতে পুঁজিবাদে আমাৰ সংস্কৃতিক ক্ৰমান্বয়ে চেপি খুন্দি শেষ কৰিবলৈ বিচাৰিছে। আৰু আমি বিষয়বোৰ গুৰুত্ব সহকাৰে নলৈ আবেগৰ বশৱৰ্তী হৈ কেৱল নিজৰ বিলাকৰ মাজতে উখনা উখনি লাগি আছোঁ। অৰ্থাৎ এতিয়াও আমাৰ নিজস্ব সংস্কৃতিৰ ওপৰত নিজেই সন্দিহান। নহলেনো আমাৰ গামোচাখনকে লৈ আমি ইমান চিঞৰ বাখৰ কৰিব লগা হয় নে! 

      অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল বুলি ইতিহাসৰ পৰা জনা যায়। ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া/বৰাহী, দেউৰী, মৰাণ, ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এই গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে। প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থান সমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক বিশ্বাস মতে দেৱীয়ে বগা বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। সেইবাবেই দেৱীক সন্তুষ্ট ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা সাজপাৰো বগা ৰঙৰ হে আছিল। আজিও দেউৰী জনগোষ্ঠীৰ সমাজত এই নিয়ম কঠোৰ ভাবে পালন কৰা হয়। চাৰিশাল গোসানীৰ জিলা শদিয়াৰ লগত গামোচাৰ এক বিশেষ সম্পৰ্ক আছে। এই সম্পৰ্কৰ কথা বিহুগীতত শুনিবলৈ পোৱা যায়। গামোচাৰ বিষয়ে বিহু নামত এনেদৰে উল্লেখ পোৱা যায়।
"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এআগে বাছিলোঁ সেউতী মালতী
এআগে বাছিলোঁ ফুল।
এআগে বাছিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "

ইতিহাসবিদ ড॰ লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। কিন্তু চুকাফাই অসমলৈ গোমোচা লৈ অহা ইতিহাস পঢ়িবলৈ পোৱা নাযায়। মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন হোৱাৰ কথা জনা যায়। আজিও নামঘৰৰ থাপনাত গামোচা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এডোৱাৰ্ড গেইটৰ 'A History Assam' গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিল। ইয়াৰ দ্বাৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত কামৰূপ ৰাজ্যৰ দিনৰে পৰা গামোচাৰ প্ৰচলন হৈছিল।
    গামোচা অসমীয়া মানুহৰ উপৰিও বিহাৰী, উৰিয়া, বঙালী মানুহেও ব্যৱহাৰ কৰে। অৱশ্যে অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক কেৱল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ কৰা দেখা যায়। নামনি অসমত গামোচাক 'গাম্‌চা', 'মুক্‌চা' বা 'দুহেইটা' আদি নামেৰে জনা যায় । ই যি কি নহওঁক, বৰ্তমান সময়ত গামোচাও যে সংকটতত পৰিছে সেয়া ধ্ৰুৱসত্য। আজিকালি বিহু সমিতি বিলাকেও মঞ্চত উপবিষ্ট সন্মানীয় জনক আমদানি কৃত তথা দুটা মূৰত ফুল থকা গামোচাহে  ব্যৱহাৰ কৰে যাৰ ফলত গামোচাৰ সম্পৰ্কে আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইয়াৰে এচামে গামোচা সম্পৰ্কে পুৰণি গ্ৰাম্য সমাজত প্ৰচলিত গামোচাকেই প্ৰকৃত গামোচা বুলি সমৰ্থন কৰে কিন্তু আন এচামে ইয়াৰ বিপৰীতে ক'ব বিচাৰে। মুঠতে যিয়েই নহওঁক আমি আমাৰ গামোচাৰ প্ৰতি সদ্ভাৱ , সন্মান প্ৰদৰ্শন কৰা প্ৰয়োজন, বাকীখিনি বয়োজ্যেষ্ঠ জনলৈ এৰিলোঁ।  


থোৰতে লিখা প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল।

Saturday, May 14, 2022

প্ৰযুক্তিৰ ভঁৰাল গুগল অনুবাদত অন্তৰ্ভুক্ত হ'ল অসমীয়া ভাষা।Technology repository Google translation includes Assamese language.

  এক যুগান্তকাৰী মুহূৰ্তত, প্ৰযুক্তিৰ ভঁৰাল গুগলে অৱশেষত ১১ মে'ত গুগলঅনুবাদত অসমীয়া ভাষা যোগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। এই ঘোষণাই অসম বাসীক কেৱল আনন্দ দিয়াই নহয় বৰঞ্চ বহুদিনীয়া আশা পূৰণ হোৱাৰ বাবে গুগলক আন্তৰিক ধন্যবাদো জ্ঞাপন কৰিব।

অসমৰ উপৰিও মিজোৰামৰ মিজো আৰু মণিপুৰৰ মেইটেইলনকে ধৰি আন সাতটা ভাৰতীয় ভাষাও গুগল অনুবাদত যোগ দিয়া হৈছে বুলি জনা গৈছে।

উল্লেখ্য যে গুগলৰ বিষয়াসকলৰ মতে, প্ৰযুক্তিৰ ভঁৰাল গুগলৰ কৰ্মকৰ্তা সকলে তেওঁলোকৰ শেহতীয়া আপডেটত গুগল ট্ৰান্সলেটত 24 টা নতুন ভাষা যোগ দিছিল আৰু তেওঁলোকে কৈছিল যে সংস্কৃত হৈছে আটাইতকৈ বেছি অনুৰোধ কৰা ভাষা।
       বিষয়াসকলে আৰু কৈছিল যে গুগল অনুবাদে উত্তৰ-পূব ভাৰতৰ পৰা প্ৰথম ভাষা হিচাপে যোগ কৰিছে।

24 টা নতুন ভাষাৰ ভিতৰত, নতুনকৈ যোগ কৰা আঠটা ভাষা হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডোগৰী, কোঙ্কণী, মৈথিলী, মিজো আৰু মেইটেইলন (মণিপুৰী)।এই শেহতীয়া সংযোজনৰ ফলস্বৰূপে, গুগলে এতিয়া মুঠ 19 টা ভাৰতীয় ভাষাক সমৰ্থন কৰিলে।এই ঘোষণাটো মে মাহৰ নিশা আৰম্ভ হোৱা বাৰ্ষিক গুগল সন্মিলনত কৰা হৈছিল ।

শীঘ্ৰে যোগ কৰিব লগা আঠটা নতুন ভাৰতীয় ভাষাৰ ভিতৰত আছে:

1. উত্তৰ-পূব ভাৰতৰ প্ৰায় 25 নিযুত লোকে ব্যৱহাৰ কৰা অসমীয়া।
2. . ভোজপুৰী যাক উত্তৰ ভাৰত, নেপাল আৰু ফিজিত প্ৰায় 50 নিযুত লোকে ব্যৱহাৰ কৰে ।
3. উত্তৰ ভাৰতত প্ৰায় 3 নিযুত লোকে ব্যৱহাৰ কৰা ডোগ্ৰী ।
4. কোঙ্কণী যাক মধ্য ভাৰতত প্ৰায় 2 নিযুত লোকে ব্যৱহাৰ কৰে ।
5.. মৈথিলী যাক উত্তৰ ভাৰতত প্ৰায় 34 নিযুত লোকে ব্যৱহাৰ কৰে ।
6. মেইটেইলন (মণিপুৰী) যাক উত্তৰ-পূব ভাৰতৰ প্ৰায় 2 নিযুত লোকে ব্যৱহাৰ কৰে।
7. মিজো যাক উত্তৰ-পূব ভাৰতত প্ৰায় 830,000 লোকে ব্যৱহাৰ কৰে ।
8. সংস্কৃত যাক ভাৰতত প্ৰায় 20,000 লোকে ব্যৱহাৰ কৰে ।

গুগল অনুবাদ কিদৰে ব্যৱহাৰ কৰে জানে নে ?
    গুগল ট্ৰান্সলেট ৱেব ব্ৰাউজাৰৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰি বা এজন ব্যৱহাৰকাৰীয়ে গুগল প্লে ষ্টোৰ বা এপল এপ ষ্টোৰৰ পৰা এপ্পটো ইনষ্টল কৰিব পাৰে। পাঠ অনুবাদ ব্যৱহাৰ কৰোঁতে, ব্যৱহাৰকাৰীয়ে তেওঁ টাইপ কৰি থকা ভাষা আৰু তেওঁলোকে অনুবাদ বিচৰা আকাংক্ষিত ভাষা বাছনি কৰি ল'ব লাগে।
    লগতে এটা কেমেৰা বিকল্প আছে যাৰ সহায়ত ভাষা এটা আন বিভিন্ন ভাষালৈ অনুবাদ কৰিব পাৰি। পাঠ স্কেন কৰিও বা গেলেৰীৰ পৰা ছবি লোৱাৰ জৰিয়তেও বিভিন্ন ভাষালৈ অনুবাদ কৰিব পাৰে।
এইবোৰৰ উপৰিও, এটা মাইক্ৰ'ফোনৰ বিকল্প আছে যি অনুবাদ এটা দিবলৈ বাস্তৱ-সময়ত শুনিব পাৰে। অন্তিম উপায়টো হ'ল কথা বোৰ লিপিবদ্ধ কৰা আৰু নিৰন্তৰ অনুবাদ কৰা।যদিও এপ্পটোৱে কাম কৰিবলৈ ম'বাইল ডাটা বা ৱাই-ফাই ব্যৱহাৰ কৰে, ভাষা অনুবাদ ফাইল এটা ডাউনলোড কৰি ইয়াক অফলাইন ব্যৱহাৰ কৰাৰ বিকল্পও আছে।
ইফালে, এই পদক্ষেপৰ ফলত নিশ্চিতভাৱে বিভিন্ন ভাষা কোৱা লোকসকলে সন্মুখীন হোৱা ভাষাৰ বাধা ভাঙিব আৰু যোগাযোগত সহায় কৰিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
              দুদুল সোণোৱালে। 

Tuesday, May 10, 2022

বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত শিক্ষক আৰু অভিভাৱকৰ কৰণীয়।

বিদ্যালয়ৰ সামগ্ৰিক উন্নয়নত শিক্ষক আৰু            
             অভিভাৱকৰ কৰণীয়।

         এখন বিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন বুলিলে শৈক্ষিক দিশৰ লগতে আন দিশ সমূহৰ সম্পৰ্কে বুজা যায়। মধ্যাহ্ন ভোজন, পৰিচালনা সমিতিৰ সক্ৰিয় কৰণ, চৌহদ চাফাই অভিযান, চৌহদৰ সৌন্দৰ্য বৰ্ধন, বিভিন্ন অনুষ্ঠানত শিক্ষকৰ লগতে অভিভাৱকৰ ক্ষণিক অংশগ্ৰহণৰ প্ৰয়োজন আছে। 

শৈক্ষিক দিশত উন্নতি ঘটিবৰ বাবে নিজৰ ল'ৰা ছোৱালীক অভিভাৱকে যত্ন আৰু তত্বাৱধান লোৱা দৰকাৰ। অভিভাৱকৰ সক্ৰিয় ভূমিকাই বিদ্যালয়ৰ উন্নতিত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সেয়ে অভিভাৱকে বিদ্যালয়ৰ আনুসংগিক কামৰ খবৰ ৰাখিবলৈ বিদ্যালয়ৰ লগত অনবৰতে সম্পৰ্ক অটুট ৰাখিব লাগে। 

         শিক্ষকৰ কৰণীয় হৈছে শিক্ষাদান কৰা। এই শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়া হোৱা উচিত সামগ্ৰিক আৰু অবিৰত। নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিলে বিদ্যালয়ত অৰাজকতা আৰু বেমেজালিৰ পৰিৱেশ সৃষ্টি নহয়। বিশেষকৈ পৰিলক্ষিত হয় যে শ্ৰেণীৰ পাঠদানৰ সময়ত এটা শ্ৰেণীত পাঠদান হৈ থাকিলে আনটো শ্ৰেণীত শিক্ষকৰ অনুপস্থিতিয়ে পৰিৱেশ বিনষ্ট কৰি তোলে। এনে নহ'বলৈ আমি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে গুৰুত্ব দি নিজৰ কৰ্তব্য পালন কৰিব লাগিব। সময়ৰ প্ৰতি সদায় সচেতন হ'ব লাগিব। অবাবত সময় নষ্ট কৰাৰ ফলত ছাত্ৰ ছাত্ৰীৰ বহুতো ক্ষতি হ'ব পাৰে। এনে ক্ষতি যাতে নহয় তাৰবাবে শিক্ষকসকল সদা জাগ্ৰত হোৱা দৰকাৰ। 
         ------------------------++++----------------------
গণিতৰ জানিবলগীয়া কথা :
π
বৃত্তৰ আকৃতি যিমানেই ডাঙৰ বা সৰু নহওক কিয়, বৃত্তৰ পৰিধি আৰু ব্যাসৰ অনুপাতটো সদায় সমান। এই কথাটো আজিৰ পৰা কেইবা হাজাৰ বছৰ পূৰ্বেই মানুহে ধাৰণা কৰিছিল। এইটো শুদ্ধ বুলি প্ৰথম প্ৰমাণ আৰ্কিমিডিছে (খ্ৰীঃপূঃ ২৮৭ – খ্ৰীঃপূঃ ২১২) দিয়া বুলি পোৱা যায়। অৰ্থাৎ যিকোনো এটা বৃত্তৰ বাবেই,।

> আৰু <
এই চিহ্ন দুটা (greater than আৰু less than) প্ৰথম ব্যৱহাৰ কৰিছিল টমাছ হেৰিয়টে (Thomas Harriot, ১৫৬০ – ১৬২১)। তেওঁৰ এখন কিতাপ ১৬৩১ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। তাতেই তেওঁ এই চিহ্ন দুটা ব্যৱহাৰ কৰিছিল।

≥ আৰু ≤
এই চিহ্ন দুটা প্ৰথম ব্যৱহাৰ কৰিছিল পীয়েৰ বুগৰে (Pierre Bouguer, ১৬৯৮ – ১৭৫৮) ১৭৩৪ চনত।

×, ., * আৰু নিকটতা
পূৰণৰ বাবে × চিনটো প্ৰথম ব্যৱহাৰ কৰে উইলিয়াম অটৰেডে (William Oughtred, ১৫৭৪ – ১৬৬০) ১৬৩১ চনত।

পূৰণৰ বাবে . চিনটো প্ৰথম ব্যৱহাৰ কৰে টমাছ হেৰিয়ট (Thomas Harriot, ১৫৬০ – ১৬২১) নামৰ আন এজন ইংৰাজে। তেওঁৰ লেখাটো মৰণোত্তৰভাৱে প্ৰকাশ হৈছিল ১৬৩১ চনত।

দুটা সংখ্যা পূৰণ কৰা বুজাবলৈ মাজত * চিহ্নটো প্ৰথম ব্যৱহাৰ কৰে জোহান ৰনে (Johann Rahn, ১৬২২ – ১৬৭৬) ১৬৫৯ চনত।

দুটা সংখ্যা পূৰণ কৰা বুজাবলৈ আমি কেতিয়াবা সংখ্যা দুটাৰ মাজত একো চিহ্ন ব্যৱহাৰ নকৰাকৈ দুয়োটা সংখ্যা কাষে কাষে লিখি থওঁ। যেনে: a আৰু bৰ পূৰণফল বুজাবলৈ ab বুলি লিখি থওঁ। ৫ আৰু pৰ পূৰণফল বুজাবলৈ প্ৰায়ে লিখোঁ: ৫p। এনেদৰে এটা চিহ্নৰ কাষত আন এটা চিহ্ন লিখা কামটোক কোৱা হয় juxtaposition, নিকটতা। এই juxtaposition বোলা ধৰণটোৰ সম্পৰ্কেও বহু অধ্যয়ন কৰিবলগীয়া কথা আছে। আমি এটা বাক্য লিখিবলৈ শব্দবোৰ কেনেকৈ গঠন কৰোঁ? Juxtapositionৰ দ্বাৰা। এটা আখৰৰ কাষত আন এটা আখৰ লগ লগাই….। যি কি নহওক, সংখ্যা পূৰণ কৰা বুজাবলৈ juxtaposition প্ৰথম ব্যৱহাৰ হৈছিল ভাৰতবৰ্ষত। অষ্টম-নৱম-দশম শতিকামানত সেয়া প্ৰথম ব্যৱহাৰ হৈছিল বুলি অনুমান কৰা হয়। আধুনিক ৰূপত সেয়া প্ৰথম এৰ কৰে মাইকেল ষ্টিফেল (Michael Stifel, ১৪৮৬/১৪৮৭ – ১৫৬৭) নামৰ ব্যক্তিজনে ১৫৪৪ চনত।

Thursday, May 5, 2022

আৰৈমুৰীয়া গাওঁৰ নামঘৰৰ সম্পৰ্কে কিছু কথা । Some things about namghar in Araimuria village. 


আৰৈমুৰীয়া গাওঁৰ নামঘৰৰ সম্পৰ্কে কিছু কথা। Some things about namghar in Araimuria village. 

      অসমৰ পূৱ প্ৰান্তত আৰৈমূৰীয়া গাওঁ অৱস্থিত । শদিয়া সমষ্টিৰ অন্তৰ্গত আঢ়ৈমূৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত বিভিন্ন শস্যৰে পৰিপূৰ্ণ এখনি নদন-বদন ভোগালী গাওঁ হ'ল-আৰৈমূৰীয়া। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফালৰি কাটি যোৱা হাঁহখাটি ডিৰাকমুখ উপ-পথৰ কাষতে লাগি থকা আৰৈমূৰীয়া গাওঁখনৰ জনবসতি ঘনত্ব অতি বেছি । প্ৰায় ১২০০ ৰ পৰা ১৫০০ শ পৰ্যন্ত হ'ব গাওঁখনৰ জনসংখ্যা। আনুমানিক গাওঁখনৰ নব্বৈ শতাংশ মানুহ কৃষিকৰ্মৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অৱশ্যে আজিৰ সময়ত গাওঁখনত চাকৰিজীৱি লোকৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। ইয়ে গাওঁখনৰ শিক্ষাৰ দিশটোও নিশ্চয় প্ৰতিফলিত কৰিছে। শিক্ষিতৰ হাৰ বৃদ্ধিৰ লগে লগে চাকৰি জীৱি লোকৰ সংখ্যাও বঢ়াৰ সম্ভাৱনা থাকে। এক হিচাপ অনুসৰি আৰৈমূৰীয়া গাওঁৰ মুঠ শিক্ষিতৰ পৰিসংখ্যা প্ৰায় ৭০% । ই যি কি নহওঁক মোৰ লেখাটোৰ উদ্দেশ্য হৈছে আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ অতীত আৰু বৰ্তমানৰ ৰেহৰূপৰ সম্পৰ্কে অৱলোকন। গতিকে নামঘৰৰ বিষয়েহে আলোচনাটোত সন্নিবিষ্ট কৰিবলৈ প্ৰয়াস কৰা হ'ব। 
 
     আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ সম্পৰ্কে লিখাৰ আগতে থোৰতে 'নামঘৰৰ' সম্পৰ্কে আভাস দিয়াটো উচিত হ'ব বুলি ভাবিছোঁ। নামঘৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান । বিশেষকৈ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ধৰ্মীয় অনুষ্ঠান দুটা আছে - নামঘৰ আৰু সত্ৰ। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ মূল কেন্দ্ৰস্থল আছিল ' নামঘৰ'। নামঘৰক কেন্দ্ৰ কৰিয়েই গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিণাম ধৰ্ম'ই অসমীয়া সমাজত প্ৰসাৰতা লাভ কৰি বৰ্তি থাকিবলৈ সক্ষম হৈছে। গুৰুজনাই প্ৰথমে নগাঁৱৰ বৰদোৱা (বট'দ্ৰৱা ) ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ ইমূৰৰপৰা সিমূৰলৈ তেখেতৰ আদৰ্শৰে মহীয়ান হৈ নামঘৰ প্ৰতিষ্ঠা কৰি বৈষ্ণৱ ধৰ্মৰ চৰ্চা অব্যাহত আছে। সাধাৰণতে নামঘৰৰ চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে। সেইকেইটা হৈছে ক্ৰমে - নামঘৰ বা কীৰ্তন ঘৰ, মণিকূট, ছোঁ-ঘৰ আৰু বাটচ'ৰা । 
     নামঘৰ বা কীৰ্তন ঘৰ : নামঘৰৰ মূল গৃহটো য'ত প্ৰধানকৈ নাম কীৰ্তন কৰা হয়, সেই গৃহই হৈছে নামঘৰ। ভগৱান বিষ্ণুৰ বা শ্ৰীকৃষ্ণৰ বা হৰি নাৰায়ণৰ উপাসনাৰ অৰ্থে নাম কীৰ্তন কৰা হয় বাবে ইয়াক হৰিমন্দিৰ হিচাপেও জনা যায়। এই নামঘৰ সদায় পূৱা-পশ্চিমাকৈ সজা নিয়ম। ইয়াত সাধাৰণতে তিনি, পাঁচ বা সাত আদি অযুগ্ম আৰু অসমান কোঠা বা খোটালি ৰখা হয়। খোটালি বিলাকৰ মাজত কোনো বেৰ নাথাকে। নামঘৰৰ সাতটা খোটালিক সপ্ত বৈকুণ্ঠৰ লগত তুলনা কৰা হয়। অৰ্থাৎ ক'ব পাৰি যে নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰী। নামঘৰত হৰি উপাসনাৰ উপৰিও নানা ধৰণৰ মেল মোকৰ্দমৰ নিষ্পত্তিকৰণ কৰাৰ সুগম স্থান হিচাপে বিবেচিত। আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ মূল গৃহটোও এই আৰ্হিৰে নিৰ্মিত। অৱশ্যে আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ মূল গৃহত পাঁচটাহে খোটালি আছে। 
     মণিকূট : মণিকূট নামঘৰৰ মূল গৃহৰ পূৱ দিশত সজা হয়। কীৰ্তন ঘৰৰ পূৱৰ কোঠালিৰ পৰা ইয়াত সোমাব পৰা যায়। মণিকূট শাস্ত্ৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰাৰ স্বান হিচাপে ব্যৱহাৰ কৰা হয় । মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ শব্দই ঘৰ বুজায়। সেই অনুসৰি শংকৰ-মাধৱ বিৰচিত নামঘোষা, কীৰ্তন পুথি, গুণমালা, নামঘোষা আদি গ্ৰন্থ বিলাকক মণি হিচাপে গণ্য কৰি থাপণাত ৰখা হয়। আৰৈমূৰীয়া গাওঁৰ নামঘৰত মণিকূট নাই কিন্তু থাপনা আছে। এই থাপনা চন্দ্ৰ তাপৰ সহায়ত ঘেৰি ৰখা হয়। আৰৈমূৰীয়া গাওঁৰ নামঘৰত অতীজৰে পৰাই মণিকূটৰ ব্যৱস্থা নাই। ইয়াৰ কাৰণ সোধাত বয়োজ্যেষ্ঠ ব্যক্তি তথা পুৰোহিত শ্ৰী খুহুলা সোণোৱাল মহাই কয় যে মণিকূটৰ ব্যৱস্থা সাধাৰণতে সত্ৰতহে থাকে। কাৰণ মণিকূট থাকিলে তাত পালি-পহৰীয়াও প্ৰয়োজন হয়। আকৌ মণিকূটত পুঁথি প্ৰণয়ন কৰাৰ ব্যৱস্থা থাকে যিটো আমাৰ নামঘৰত নাই। সেয়ে ইয়াত মণিকূটৰ ব্যৱস্থাও ৰখা হোৱা নাই।
     ছোঁ-ঘৰ : নামঘৰৰ পশ্চিমে ছোঁঘৰ থাকে। ছোঁঘৰত মুখা ৰখা হয়। সাধাৰণতে ভাওনাত ব্যৱহৃত বিভিন্ন সামগ্ৰী ইয়াত সংৰক্ষিত কৰি ৰখা হয়। আমাৰ গাঁৱৰ নামঘৰত ছোঁ-ঘৰৰ ব্যৱস্থা নাই যদিও ছোঁ-ঘৰৰ সদৃশ গোদামঘৰহে এটা আছে। এই গোদামঘৰত ৰাইজে ব্যৱহাৰ কৰা শৰাই, কাঁহি-বাটি,চৰু,গামলা, বৰতাল, পাতি তাল আদি সমস্ত প্ৰয়োজনীয় সামগ্ৰী মজুত ৰখা হয়। ইয়াৰ কাৰণ সোধাত বয়োজ্যেষ্ঠ ব্যক্তি তথা পুৰোহিত শ্ৰী খুহুলা সোণোৱাল মহাই কয় যে আৰৈমূৰীয়া গাওঁৰ ৰাইজ যদিও আউনীআটী সত্ৰৰ শৰনীয়া ভকত , তথাপিও ভাওনা নকৰে। সেই প্ৰথাৰ সৈতে আৰৈমূৰীয়া গাওঁৰ মানুহৰ নীতি নিয়ম তাহানিৰে পৰাই নিমিলে। সেয়ে ছোঁঘৰ আৰৈমূৰীয়া গাওঁৰ নামঘৰত নাই।
     বাটচ'ৰা : নামঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে ৰাষ্টাৰ দাঁতিতে প্ৰৱেশ পথত এটি সৰু ঘৰ সজোৱা হয় এই ঘৰকে বাটচ'ৰা বোলে। আৰৈমূৰীয়া গাওঁৰ নামঘৰতো বাটচ'ৰা আছে। গেটৰ পৰা কীৰ্তন ঘৰলৈ দীঘল পথছোৱা টিনপাত লগোৱা। বাটচ'ৰাটো গেটৰ লগতে সংলগ্ন। 
     যি কি নহওঁক, গুৰুজনাৰ এই অৱদানে আৰৈমূৰীয়া গাওঁতো প্ৰভাৱ বিস্তাৰ কৰিলে। সেই কাৰণতেই আজি আৰৈমূৰীয়া গাওঁতো নামঘৰ স্থাপন কৰি হৰিণাম ধ্বণিৰে মুখৰিত কৰি নামঘৰৰ জয়গাণ অক্ষুণ্ণ ৰাখিবলৈ সমাজৰ লোকসকলে, ভকতবৃন্দই একান্ত সাধনাৰে প্ৰয়াস কৰিছে। 
     বিগত প্ৰায় দুশ পঞ্চাছ বছৰৰ আগতে আৰৈমূৰীয়া বাসী ৰাইজেও ধৰ্ম চৰ্চা আৰু হৰি উপাসনাৰ নিমিত্তে আৰৈমূৰীয়াত কোনো এটা শুভদিনত নামঘৰ সাজি উলিয়াইছিল। সেই নামঘৰে আজি ইতিহাসত দেৰশ বছৰ অতিক্ৰম কৰি এক গৌৰৱোজ্জল স্বাক্ষৰ বহন কৰিলে। উল্লেখযোগ্য যে এই সময়ছোৱাত নামঘৰৰ ভিতৰে বাহিৰে বহু পৰিবৰ্তনৰ সমীৰণে স্পৰ্শ কৰি গ'ল। সেই অতীত খুচুৰি আমাৰ গাঁৱৰ নামঘৰৰ সম্পৰ্কে কিছু কথা লিপিৱদ্ধ কৰি ৰাখিবলৈ আন্তৰিক প্ৰয়াস কৰিলোঁ।
     আজিৰ নামঘৰৰ যি সুন্দৰ অৱস্থা পূৰ্বে নিশ্চয় সেয়া নাছিল। প্ৰায় দুশ পঞ্চাছ বছৰৰ আগতে আৰৈমূৰীয়া গাওঁৰ নামঘৰ সাধাৰণ কাঠৰ খুটাৰে নিৰ্মিত আছিল বুলি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মুখেৰে জনা যায়। এক অলিখিত তথ্য অনুসৰি প্ৰায় ১৭৬৫ খ্ৰীষ্টাব্দ (জনশ্ৰুতি মতে) মানত প্ৰথম গাওঁৰ নামঘৰটো সজা হৈছিল বুলি অনুমান কৰা হয় গাঁৱৰ নামনি দিশৰ পথাৰৰ মাজত । গতিকে আৰৈমূৰীয়া গাওঁখন নিশ্চয় ইয়াতকৈ দুই তিনি বছৰ আগৰে পৰাই স্থাপিত হ'ব লাগিব।। ১৭৬৫ চনৰ পৰা প্ৰায় ১৯৩২ চনলৈ তাতেই নামঘৰৰ সকলো কাম-কাজ চলোৱা হৈছিল। পৰৱৰ্তী সময়ত ১৯৩২চনৰ আশে-পাশে গাওঁৰ মুখিয়াল লোকসকলৰ তৎপৰতাত গাঁৱৰ মাজলৈ বৰ্তমানৰ স্হানত নামঘৰটো স্হানান্তৰ কৰি অনা হৈছিল। বয়োজেষ্ঠ্য ব্যক্তিসকলৰ মুখেৰে জনা অনুসৰি তৎকালীন সময়ত নামঘৰৰ মূল গৃহৰ খুঁটাবোৰ পকীকৰণ কৰি চালত টিনপাত লগোৱাৰ কাম ১৯৭১ চনতহে কাৰ্যকৰী হৈছিল । ইয়াৰ আগতে নামঘৰৰ মূল গৃহৰ অৰ্থাৎ উপাসনা গৃহৰ খুঁটাবোৰ পকা নাছিল ।ডাঙৰ ডাঙৰ কাঠৰ খুঁটাৰে নিৰ্মিত আছিল। নামঘৰৰ নিৰ্মাণ কাৰ্য ১৯৭১ ৰ পৰা আৰম্ভ হৈছিল আৰু বছৰৰ ভিতৰতে শেষ কৰা হৈছিল । ইয়াৰ পিছত ৰং দিয়াৰ ব্যৱস্থা কৰা হৈছিল। প্ৰথমে নামঘৰৰ খুটাবোৰত ৰঙা ৰং দিয়া হৈছিল কিন্তু ইয়াৰ পিছতে বোলে গাওঁত নানানটা বিঘিনি ঘটিব ধৰিলে। অপায় অমংগল হ'ব ধৰিলে। সেয়ে ৰাইজে এজন জ্ঞানীৰ ওচৰত মঙ্গল চোওৱাত নামঘৰৰ ৰঙা ৰং সলনি কৰি বগা ৰং দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি কয়। তাৰ পাছৰ পৰা নামঘৰৰ সকলোতে বগা ৰঙৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে এয়া কিমান দূৰ সত্য সেয়া ময়ো ক'ব নোৱাৰোঁ, এয়া সৰুতে মোৰ পিতাইৰ মুখেৰে শুনা কথা যি আজিও মোৰ জলজল পটপটকৈ মনত আছে। 
    উল্লেখ্য যে নামনি পথাৰৰ পৰা নামঘৰটো স্হানান্তৰ কৰাৰ বাবে ১৯৩২ চনতেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰিয়েই আজিৰ ঠাইত নামঘৰটো কাঠেৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল । পৰৱৰ্তী সময়ত নতুনকৈ তথা পকীকৰণ কৰাৰ বাবে স্বৰ্গীয় হৰনাথ সোণোৱালৰ সভাপতিত্বত ( উৎস: মৃদুল সোণোৱালৰ লেখা - আৰৈমূৰীয়া গাওঁৰ বিষয়ে যৎকিঞ্চিত ) এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল আৰু ১৯৭১ - ১৯৭২ চনৰ বৰ্ষত নিৰ্মাণ কাৰ্য সমাপ্ত ঘটাইছিল। ৰাইজৰ দান বৰঙণিৰে এই নিৰ্মাণ কৰা হৈছিল । 
    উল্লেখ্য যে তেতিয়াৰ নামঘৰৰ চৌহদ এতিয়াৰ নামনি গেটৰ মুখলৈ নাছিল। 'কেঁচা খোলা'ৰ পাকঘৰৰ পৰা নৱ নিৰ্মিত গেটলৈ যোৱা ২০০৯ চনৰ পাছতহে সম্প্ৰসাৰণ ঘটোৱা হৈছিল। পূৰ্বতে আগৰ চৌহদৰ বাহিৰত এটা পকা পুখুৰীও আছিল । নামঘৰৰ সবাহ হ'লে আমি দৌৰ মাৰি ইয়াৰ আশে-পাশে খেলিছিলো । তেতিয়া আমি দহ- বাৰ বছৰীয়া বয়সৰ ল'ৰা আছিলোঁ। আমি ডিঙি মেলি পুখুৰীৰ তললৈ চাইছিলো। পুখুৰীত পানীৰ সলনি লেতেৰা জাবৰ-জোঁথৰ পেলোৱা হৈছিল। পৌৰাণিক সূত্ৰৰ পৰা জনা যায় যে ইয়াৰ আগতে এই পকা পুখুৰীৰ পানী সমস্ত আৰৈমূৰীয়া বাসী ৰাইজে খাইছিল। যেতিয়া মানুহৰ ঘৰে ঘৰে টিউৱেল হ'ল তেতিয়াৰ পৰাই এই কুৱাৰ পৰা পানী খোৱা মানুহে বন্ধ কৰিলে । প্ৰায় ১৯৯২ চনৰ পৰা গাঁৱৰ যুৱকসকলে পুৰণা চৌহদৰ বাহিৰত থকা মাটিত ভলীবল খেলিছিল। ই যি কি নহওঁক, বৰ্তমান সময়ত এই মাটি ৰাইজে তাঁৰৰ বেৰাৰে ঘেৰি দি নামঘৰৰ চৌহদ বিস্তাৰ কৰাৰ বাবে নামঘৰৰ সৌন্দৰ্য বৃদ্ধিত অৰিহণা যোগালে। 
     পূৰ্বতে নামঘৰৰ চৌহদৰ বেৰা বাঁহৰ আছিল। বছৰে বছৰে ৰাইজে শ্ৰমদানেৰে ভেটিব লগা হৈছিল। বিগত ২০০৯ বৰ্ষত শ্ৰীমতী তিলেশ্বৰী সোণোৱালে আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ পুঁজিৰে এই বাঁহৰ বেৰা তাঁৰৰ বেৰালৈ পৰিৱৰ্তন ঘটোৱাত সহায় কৰিছিল । 
     গেটৰ সবিশেষ : নামঘৰৰ দক্ষিণ দিশে থকা পুৰণি গেটখন খোদিত কৰা তথ্য অনুসৰি ১৯৭০ চনত বনোৱা বুলি জনা যায়। ইয়াৰ আগতে এই গেটখন কেঁচা আছিল। ২০০৯ চনত গাঁৱৰে এগৰাকী সৰবৰহী মহিলা তথা ছৈখোৱা আঞ্চলিক পঞ্চায়তৰ সদস্যা শ্ৰীমতী তিলেশ্বৰী সোণোৱালৰ তৎপৰতাত চৰকাৰী আঁচনিৰ অনুদানেৰে নামনি দিশত থকা গেটখন বনোৱা হৈছিল । কিন্তু এই গেটখন বৰ ডাঙৰ নাছিল সেয়ে পুনৰ পুলিন দুৱৰাৰ দ্বাৰা আগবঢ়োৱা অনুদানৰ টকাৰে নতুনকৈ এখন পকা আৰু বাটচ'ৰাযুক্ত গেট ২০১৬ চনৰ পৰা সম্পূৰ্ণ ভাৱে আৰু ডাঙৰকৈ বনোৱা হয় । গেটখনৰ দুয়োফালে দুটা সিংহৰ মূৰ্তি খোদিত কৰা আছে । সিংহৰ মূৰ্তি দুটা হৰিণামৰ প্ৰতীক । গেটৰ খুটা দুটাৰ দুয়োফালে গায়নীয়াৰ ছবি খোদিত কৰা আৰু ওপৰতো গায়নীয়াৰ ছবি খোদিত কৰা হৈছে। অৱশ্যে আজিৰ দিনলৈ এই বাটচ'ৰাযুক্ত গেটখনৰ নিৰ্মাণ অসম্পূৰ্ণ হৈ আছে।
     গাঁৱৰ প্ৰায় ৯০% লোক আউনিআটী সত্ৰৰ সেৱক। অৰ্থাৎ বৈষ্ণৱ ধৰ্মৰ সমৰ্থক। কিন্তু আৰৈমূৰীয়া গাঁৱৰ সকলো লোক বৈষ্ণৱ পন্থীৰ নহয়, কেইবাঘৰো পূৰ্বৰ নীতি নিয়ম মতে বৈষ্ণৱ ধৰ্মৰ সলনি কেঁচা কামহে কৰে। এইসকল লোকক বেহাৰী পন্থী বোলা হয়। তদুপৰি আহোম সম্প্ৰদায়ৰ দহ ঘৰ মান আছে। তেওঁলোকেও আউনীআটী সত্ৰত শৰণ লয়, কিন্তু ভজন লয় চেঁচা গোঁসাইৰ ওচৰত। গাঁৱৰ একতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকেও আউনীআটীৰ কৰ কাতল মুক্ত হস্তে প্ৰদান কৰে। সেই কাৰণতেই আৰৈমূৰীয়া গাওঁৰ নামঘৰত দুটা পাকঘৰৰ ব্যৱস্থা আছে। এটা বৈষ্ণৱ পন্থীৰ ভক্তসকলৰ বাবে যাক ভকতখোলাৰ পাকঘৰ বুলি কোৱা হয় আৰু আনটো কেঁচা কাম কৰা বেহাৰী পন্হীসকলৰ বাবে যাক কেঁচা খোলাৰ পাকঘৰ বুলি কোৱা হয়। এই পাকঘৰ দুটা ১৯৮০ চনৰ পিছত বনোৱা বুলি জনা যায়। উল্লেখ্য যে ২০২১ -২০২২ বৰ্ষত পঞ্চায়তৰ যোগেদি লাভ কৰা উন্নয়ন পুঁজিৰ জৰিয়তে মুল নামঘৰৰ বাৰাণ্ডাখন বিস্তাৰ কৰা হয়।
      নামঘৰৰ পৰিচালনাৰ্থে এখন 'নামঘৰ পৰিচালনা উপসমিতি গঠণ কৰা হয়। এই সমিতি গাঁৱৰ 'উন্নয়ন সমিতি'ৰ সাধাৰণ সভাই গঠণ কৰি দিয়ে। সমিতিখনত মুখ্য বাৰিক, দুজন সহকাৰী বাৰিক, এজন মুখ্য বৰা, দুজন সহকাৰী বৰা আৰু তামূলী তিনিজন নিৰ্বাচিত কৰা হয়।

      উল্লেখযোগ্য যে নামঘৰৰ যাৱতীয় কাম-কাজৰ ভাৰ ন্যস্ত আছিল বাৰিকৰ ওপৰত । গাঁৱৰ ভকতবৃন্দ আৰু ৰাইজৰ সিদ্ধান্ত অনুসৰি গাঁওখনকে ধৰি নামঘৰৰ সমস্ত দায়িত্ব চম্ভালিবলৈ এজন ব্যক্তি নিৰ্বাচিত কৰা হয় দৰাচলতে তাকেই বাৰিক বুলি আখ্যা দিয়া হয়। সাধাৰণতে বাৰিকৰ অগাধ ক্ষমতা থাকে। তাৰোপৰি গাওঁবুঢ়া, পুৰোহিত, বায়ন আদি বিষয়বাব থকা বয়োজ্যেষ্ঠ ব্যক্তি সকলক পৰিচালনা সমিতিত অন্তৰ্ভুক্ত কৰা হৈছিল। বাৰিক ডাঙৰীয়াই বিভিন্ন সময়ত কৰিব লগা সবাহ, ৰাইজৰ সকাম-নিকামৰ মূল দায়িত্ব পালন কৰিছিল। বিশেষকৈ আৰ্থিক দিশটো তেখেতে চোৱা-চিতা কৰিছিল আৰু বৰ্তমানেও উক্ত নিয়ম আমাৰ সমাজত প্ৰচলিত হৈ আছে। আৰৈমূৰীয়া গাওঁৰ প্ৰথম বাৰিক কিমান চনত হৈছিল জনা নাযায়। কিন্তু এক সূত্ৰ অনুসৰি যিসময়ত প্ৰথম মেধি নিযুক্ত কৰা হৈছিল সেই সময়ৰ পৰাই বাৰিকৰো নিযুক্ত কৰা হৈছিল বুলি দাবী কৰে। সেইমতে ১৯৩৫ চনত প্ৰথম স্বীকৃতি প্ৰাপ্ত মেধি আছিল স্বৰ্গীয় বাপাৰাম সোণোৱাল আৰু সমসাময়িক সময়ত বাৰিক আছিল স্বৰ্গীয় কানুৰাম সোণোৱাল ( পুৰোহিত মেঘনাথ সোণোৱালৰ পিতৃৰ পিতৃ ) । গতিকে এই তথ্য অনুসৰি প্ৰথম বাৰিক স্বৰ্গীয় কানুৰাম সোণোৱাল। আনহাতে প্ৰথম বায়ন আছিল স্বৰ্গীয় অদল সোণোৱাল ( বয়োজ্যেষ্ঠা মহিলা দময়ন্তী সোণোৱালৰ পেহাক আছিল) । বাৰিকে নামঘৰৰ সমস্ত দায়িত্ব মূৰ পাতি লৈছিল। ধৰ্মীয় দিশ চোৱা-চিতা কৰিছিল পুৰোহিত ডাঙৰীয়াই। বায়ন ডাঙৰীয়াই গায়ন-বায়ন পৰিচালনা কৰিছিল। লগতে প্ৰতি বছৰে বায়নে নতুন প্ৰজন্মক গায়ন-বায়নৰ প্ৰশিক্ষণ দিছিল। গাঁৱৰ গাঁওবুঢ়া ডাঙৰীয়াই গাঁৱৰ যিকোনো বিবাদ মীমাংসা কৰিছিল । বিশেষকৈ গাওঁবুঢ়া চৰকাৰী হোৱাৰ বাবে আইনৰ লগত সম্পৰ্কিত এটা বিষয়বাব বুলি গণ্য কৰা হয় আৰু সেয়ে চৰকাৰী কিছুমান কাম তেখেতে সমাপন কৰে। সমাজৰ এই নীতি-নিয়ম সমূহ বৰ্তমান সময়তো অতি নিয়াৰিকৈ আমাৰ সমাজত চলাই থকা হৈছে। এখন সমাজ বৰ্তী থাকে সমাজৰ নীতি-নিয়ম আৰু সকলোৰে সহযোগিতাৰ ওপৰত ভৰসা কৰি। সেই গুণ আমাৰ আৰৈমূৰীয়া গাওঁৰ ৰাইজৰ মাজত পৰিলক্ষিত হয়।

সমাজৰ হিতাৰ্থে প্ৰথমৰ পৰা বৰ্তমানলৈ গাওঁবুঢ়া, পুৰোহিত, বায়ন, আৰু বাৰিকৰ থূলমূল তালিকা সন্নিবিষ্ট কৰা হৈছে ।-

গাঁৱবুঢ়া সবিশেষ :
প্ৰথম - স্বৰ্গীয় মুহিধৰ সোণোৱাল। ( ডাফলাৰী)
দ্বিতীয়- স্বৰ্গীয় ৰাজেশ্বৰ সোণোৱাল। "
তৃতীয় - স্বৰ্গীয় দুৰ্যোধন সোণোৱাল। "
চতুৰ্থ - স্বৰ্গীয় মহৎ সোণোৱাল। "
              ( ঘৰুৱা নাম 'কলিয়া', 2022 চনলৈ )
পঞ্চম - এতিয়ালৈকে গাওঁবুঢ়াৰ পদ খালী হৈ আছে।

মেধিৰ তালিকা 
প্ৰথম - স্বৰ্গীয় থানাপুৰ সোণোৱাল। ( লাৰাঙী, ‌ কেৱল শান্তিৰ মেধি আছিল।)

দ্বিতীয় - স্বৰ্গীয় বাপাৰাম সোণোৱাল। (১৯৩৫ চনৰ পৰা ১৯৭৯ চনলৈ)।
তৃতীয় - স্বৰ্গীয় কাশীনাথ চেলেং।
চতুৰ্থ - স্বৰ্গীয় হগেশ্বৰ সোণোৱাল। (ভক্তিয়াৰী)
পঞ্চম - স্বৰ্গীয় গোবিন্দ সোণোৱাল। 
ষষ্ঠ - স্বৰ্গীয় মণিৰাম গগৈ।
সপ্তম - খুহুলা সোণোৱাল, 
          স্বৰ্গীয় দোলাল সোণোৱাল (মুখ্য) ।
অষ্টম - মেঘনাথ সোণোৱাল। (বৰ্তমান মুখ্য মেধি)
           মকাম সোণোৱাল। (বৰ্তমান)
           খুহুলা সোণোৱাল। (বৰ্তমান)

বায়নৰ তালিকা :
প্ৰথম বায়ন - স্বৰ্গীয় অদল সোণোৱাল। (বয়োজ্যেষ্ঠা       
                    মহিলা দময়ন্তী সোণোৱালৰ পেহাক) ।

দ্বিতীয় বায়ন - স্বৰ্গীয় লম্ভেশ্বৰ সোণোৱাল।
তৃতীয় বায়ন - স্বৰ্গীয় সুমেশ্বৰ সোণোৱাল।
                     স্বৰ্গীয় ধনেশ্বৰ সোণোৱাল। (সহযোগী)
চতুৰ্থ বায়ন - স্বৰ্গীয় ধনেশ্বৰ সোণোৱাল।
                      স্বৰ্গীয় সুনীল শইকীয়া। (সহযোগী)
পঞ্চম বায়ন - পুনেন সোণোৱাল। 
                       ইলাৱন্ত সোণোৱাল।
                      পৰীক্ষিত সোণোৱাল। 

বাৰিকৰ তালিকা :
প্ৰথম - স্বৰ্গীয় কানুৰাম সোণোৱাল।
দ্বিতীয় - স্বৰ্গীয় লম্বোদৰ সোণোৱাল।
তৃতীয় - পুনেন সোণোৱাল।
চতুৰ্থ - স্বৰ্গীয় গোপীনাথ সোণোৱাল।
পঞ্চম - উমাকৰ সোণোৱাল।
ষষ্ঠ - মনোজ সোণোৱাল।
সপ্তম- পুনেন সোণোৱাল
অষ্টম - ভূপেন সোণোৱাল। ( বৰ্তমান , ২০২২)

       যদিও গাঁৱৰ জনসংখ্যা যথেষ্ট পৰিমাণে বেছি তথাপিও একেটা নামঘৰতে হৰিকীৰ্তন কৰি সমিলমিলেৰে ধৰ্ম চৰ্চা কৰিব পৰাটো অতি গৌৰৱৰ বিষয়। কোনো হাইকাজিয়া, কোনো মনোমালিন্য নোহোৱাকৈ সেই তাহানিৰ পৰাই নামঘৰৰ কাম কাজ চলি আহিছে। আমি দেখি বুজিছো সঁচাই নামঘৰ ঐক্যৰ প্ৰতীক। ২৩০ ঘৰ মানুহে একেটা নামঘৰতে হৰিক উপাসনা কৰি ধনাত্মক মনৰ গৰাকী ৰূপে আৰৈমূৰীয়া গাঁৱৰ ৰাইজে পৰিচয় দিব পাৰিছো বুলি আমি ন'দি ক'ব পাৰোঁহক । বিগত দুশ পঞ্চাছ বছৰ ঐতিহ্যৰ পৰম্পৰাৰে , ঐক্যৰ এনাজৰীৰে আৰৈমূৰীয়া গাঁৱৰ ৰাইজক নিকপকপীয়াকৈ বান্ধি ৰখা মূল সোপান হ'ল - নামঘৰ। আমি আশা ৰাখিছোঁ আগন্তুক দিনবোৰতো একেদৰে আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ সকলো দিশত অপৰিবৰ্তিত হৈ ৰ'ব। অতীতৰ পৰাই জেষ্ঠ্য জনে আমাক মূল্যবোধ আৰু আধ্যাত্মিক জ্ঞানেৰে মহীয়ান হ'বলৈ অনুপ্ৰাণিত কৰি আহিছে। অতীতৰ উল্লেখিত ব্যক্তি সকল যদিও নিৰক্ষৰ আছিল তথাপিও তেখেতসকলৰ বদান্যতা,মহাত্মীয়তা , সিদ্ধান্ত গ্ৰহণৰ তৎপৰতাৰ ক্ষেত্ৰত এক উল্লেখনীয় সক্ষমতা আছিল। তেখেতসকলৰ চিন্তা আছিল সুদূৰপ্ৰসাৰী। নীতি নিয়মৰ ক্ষেত্ৰত আছিল কঠোৰ। আমি পাই অহা স্বৰ্গীয় ধনেশ্বৰ বায়ন ইয়াৰ জ্বলন্ত উদাহৰণ। বহু বছৰ তেখেতৰ তত্বাৱধানত আৰৈমূৰীয়া গাওঁৰ নামঘৰৰ আওতাত বসবাস কৰা ৰাইজক গায়ন-বায়নৰ প্ৰশিক্ষণ দি গাযনীয়া সৃষ্টি কৰাত মহৎ অৱদান আগবঢ়াই গৈছে। যি উত্তৰ পুৰুষৰ বাবে স্মৰণীয় হৈ থাকিব। আনহাতে পুৰোহিত স্বৰ্গীয় বাপাৰাম সোণোৱাল নীতি-নিয়মৰ অতি কঠোৰ আছিল বুলি জনা যায়। গাঁৱৰ যিকোনো ক্ষেত্ৰত খেলিমেলি হোৱাটো, বিধি বিধান অমাণ্য কৰাটো সহজ ভাৱে তেখেতে লোৱা নাছিল বুলি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মুখেৰে জনা যায়।

    চাকৰিয়াল সকলৰ বাদে সকলো লোকেই নামঘৰৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সময়ৰ অসুবিধাৰ বাবে চাকৰিয়াল সকল নামঘৰৰ বিভিন্ন সবাহ, পূজা পাৰ্বন আদিত উপস্থিত থাকিবলৈ কিছু অসুবিধা । নতুন প্ৰজন্মই সমাজক একতাৰ ডোলেৰে বান্ধি ৰখা নামঘৰৰ প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। নামঘৰৰ নীতি-নিয়ম , পৰম্পৰা ধৰি ৰাখিব লাগিব। যি জাতিৰ নামঘৰ নাই সেই জাতি সুন্দৰভাৱে একত্ৰিত হোৱাত বেমেজালিৰ সৃষ্টি হয়। নামঘৰ কেৱল ধৰ্ম চৰ্চাৰ স্থলীয়েই নহয় , সমাজৰ হিতাৰ্থে ইয়াত বহু কামেই কৰা হয়। নামঘৰ আধ্যাত্মিক দিশৰ প্ৰতীক। সেয়ে ভক্তসকলে নামঘৰত ধৰ্মৰ সম্পৰ্কে বেছিকৈ আলোচনা কৰিব লাগে। গীতা , ভাগৱত, কীৰ্তন, নামঘোষা , পালনাম, হৰি নাম সম্পৰ্কে ৰাইজৰ মাজত আলোচনা আগবঢ়োৱাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন হৈ পৰিছে। হৰিচৰ্চা আৰু হৰিভক্তিৰ মনোভাৱে সমাজত উদ্ভৱ হোৱা ভেদাভেদ আৰু বৈষম্য মনোভাৱ আতঁৰোৱাত সহায় কৰিব l


+++++++++++++++++++++++++++++++++

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
লেখক: দুদুল সোণোৱাল ।


Sunday, May 1, 2022

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ সম্পৰ্কে চমু আলোচনা।

আন্তৰ্জাতিক শ্ৰমিক দিৱস : সংক্ষিপ্ত অৱলোকন।
উৎপত্তি, ইতিহাস, তাৎপৰ্যৰ সম্পৰ্কে ব্যাখ্যা।


শ্ৰমৰ অৰ্থ হৈছে অতি কঠোৰ পৰিশ্ৰম, সাধাৰণতে শাৰীৰিক কাম। 

আন্তৰ্জাতিক শ্ৰমিক দিৱস প্ৰতি বছৰে ১ মে'ত পালন কৰা হয়। ইয়াক মে দিৱস, শ্ৰমিক দিৱস বা কৰ্মীৰ দিৱস বুলিও কোৱা হয়।

ভাৰতত, শ্ৰমিক দিৱস প্ৰথমবাৰৰ বাবে 1923 চনত উদযাপন কৰা হৈছিল বুলি ইতিহাসৰ পৰা জনা যায়। শ্ৰমিক দিৱস বিভিন্ন দিনত বহুতো দেশত উদযাপন কৰা হয়।
এইটো প্ৰতি বছৰে শ্ৰমিক গোটৰ কঠোৰ পৰিশ্ৰম উদযাপন কৰিবলৈ অনুষ্ঠিত কৰা এটা গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত।

প্ৰতি বছৰে ১ মে'ত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়। ইয়াক মে দিৱস, শ্ৰমিক দিৱস বা শ্ৰমিক দিৱস বুলিও কোৱা হয়। ভাৰতত, শ্ৰমিক দিৱস প্ৰথমবাৰৰ বাবে 1923 চনত শ্ৰমিক কিষাণ পাৰ্টিৰ দ্বাৰা উদযাপন কৰা হৈছিল, যিয়ে চেন্নাইত (তেতিয়াৰ মাদ্ৰাজ) মে দিৱস উদযাপনৰ আয়োজন কৰিছিল।

শ্ৰমিক গোটৰ কঠোৰ পৰিশ্ৰম আৰু সাফল্য উদযাপন কৰিবলৈ প্ৰতি বছৰে শ্ৰমিক দিৱস অনুষ্ঠিত কৰা হয়। এইটো এটা দিন যি সম্পূৰ্ণৰূপে শ্ৰমিক শ্ৰেণীৰ প্ৰতি সমৰ্পিত। ইয়াক বিভিন্ন দিনত বহুতো দেশত উদযাপন কৰা হয়। কিন্তু, সৰ্বাধিক দেশত, ইয়াক 1 মে'ত পালন কৰা হয়। শ্ৰমৰ অৰ্থ হৈছে অতি কঠোৰ পৰিশ্ৰম, সাধাৰণতে শাৰীৰিক কাম ।

উৎপত্তি:

শ্ৰমিক দিৱস উনবিংশ শতিকাত ঔদ্যোগিকৰণবৃদ্ধিৰ সৈতে আৰম্ভ হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগপতিসকলে শ্ৰমিক শ্ৰেণীক শোষণ কৰিছিল। শ্ৰমিক শ্ৰেণীয়ে সকলো কঠোৰ পৰিশ্ৰম কৰিছিল আৰু কম দৰমহা পাইছিল। শ্ৰমিকসকলক যিকোনো অৱস্থাতে দিনে ১০ ৰ পৰা ১৫ ঘণ্টা কাম কৰিবলৈ বাধ্য কৰা হৈছিল। ৰাসায়নিক কাৰখানা, খনি আৰু অন্যান্য একে ধৰণৰ ঠাইত কাম কৰা শ্ৰমিকসকল আটাইতকৈ বেছি শোষিত হৈছিল।

যেতিয়া শ্ৰমিকসকলে ইয়াক ল'ব নোৱাৰিলে, অৱশেষত তেওঁলোকে একেলগে থিয় হৈ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিলে। সেয়েহে, তেওঁলোকে এটা ট্ৰেড ইউনিয়ন গঠন কৰিছিল আৰু শ্ৰমিকসকলে ধৰ্মঘট কৰিছিল। তেওঁলোকে সমদল আৰু প্ৰতিবাদও কৰিছিল। বহুতো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু আজীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডৰ কাৰাদণ্ড বিহা হৈছিল। ঘটনাটোৱে শ্ৰমিক আন্দোলনক এক বৃহৎ গতি প্ৰদান কৰিছিল বুলি ধাৰণা কৰা হয়।

চৰকাৰে তেওঁলোকৰ অনুৰোধ শুনিব লগা হৈছিল আৰু কামৰ সময় ৮ ঘণ্টালৈ হ্ৰাস কৰিছিল। সেয়েহে, এই শ্ৰেণীৰ প্ৰচেষ্টা উদযাপন কৰাৰ এই বিশেষ দিনটোও নিৰ্ধাৰণ কৰা হৈছিল। 

ইতিহাস:
চিকাগোত 1886 চনৰ হেমাৰ্কেট সম্পৰ্ক পালন কৰিবলৈ, 1 মে'ক আন্তৰ্জাতিক শ্ৰমিক দিৱস বুলি বাছনি কৰা হৈছিল। (১৮৮৬ চনৰ ৪ মে তাৰিখে চিকাগোৰ হেমাৰ্কেট স্কোৱেৰত এক শ্ৰমিক প্ৰদৰ্শনত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ পিছত হেমাৰ্কেট ৰ সম্পৰ্ক আছিল।)

ভাৰতত, 1 মে, 1923 তাৰিখে চেন্নাইত শ্ৰমিক দিৱস আৰম্ভ কৰা হৈছিল। হিন্দুস্তানৰ লেবাৰ কিষাণ পাৰ্টিৰ নেতাজনে এইটো আৰম্ভ কৰিছিল। দলটোৰ নেতা মালায়াপুৰম চিংগাৰাভেলু বা কমৰেড চিঙ্গাৰাভেলাৰে এই অনুষ্ঠানউদযাপনৰ বাবে দুখন সভাৰ আয়োজন কৰিছিল।

এখন সভা ট্ৰিপ্লিকেন বীচত অনুষ্ঠিত হৈছিল আৰু আনখন মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ বিপৰীতে সাগৰৰ পাৰত অনুষ্ঠিত হৈছিল।
বৈঠকত, চিঙ্গাৰাভেলাৰে এক প্ৰস্তাৱ অনুমোদিত কৰে যিয়ে ইংগিত দিয়ে যে চৰকাৰে ভাৰতত শ্ৰমিক দিৱসত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰিব লাগে। ভাৰতত প্ৰথমবাৰৰ বাবে ৰঙা পতাকা উত্তোলন কৰা হৈছিল।

তাৎপৰ্য:
শ্ৰমিক দিৱস হৈছে এনে এটা দিন যিয়ে শ্ৰমিকসকলক একত্ৰিত কৰে আৰু যেতিয়া তেওঁলোকে একতাৰে কাম কৰে তেতিয়া তেওঁলোকক তেওঁলোকৰ শক্তিৰ কথা মনত পেলাই দিয়ে।
ইয়াৰ ওপৰত শ্ৰমিকসকলে গোটেই বছৰটোত কৰা কামৰ বাবে সন্মান অনুভৱ কৰিব পাৰে।
শ্ৰমিক দিৱসত, শ্ৰমিক আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা আৰু অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই দিনটো গুৰুত্বপূৰ্ণ কিয়নো ই শ্ৰমিকসকলক তেওঁলোকৰ কামৰ পৰা কিছু প্ৰয়োজনীয় বিশ্ৰাম ল'বলৈ আৰু তেওঁলোকৰ চিন্তা সংগ্ৰহ কৰিবলৈ, তেওঁলোকৰ প্ৰিয়জনৰ সৈতে সময় কটাবলৈ, বা কেৱল তেওঁলোকৰ শক্তি পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম কৰে।
এই দিনটোয়ে মানুহক কামত সোমাবলৈ আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে।

বন্ধৰ দিন:
ভাৰতত, শ্ৰমিক দিৱসত সকলো ৰাজহুৱা আৰু চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ থাকে।
চুইডেন, ফ্ৰান্স, পোলেণ্ড, ফিনলেণ্ড, নৰৱে, স্পেইন, জাৰ্মানী, ইটালী আদিকে ধৰি বেছিভাগ ইউৰোপীয় ৰাষ্ট্ৰত ই দেশব্যাপী বন্ধৰ দিন।
পানামা, কিউবা, মেক্সিকো, গায়ানা, পেৰু, উৰুগুৱে, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু চিলিয়েও দিনটো উদযাপন কৰে।

কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ (আমেৰিকা যুক্তৰাজ্য) আৰু অষ্ট্ৰেলিয়াত বছৰৰ বিভিন্ন সময়ত মে দিৱস পালন কৰা হয়

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts