Monday, June 20, 2022

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। kolaguru Bishnu Prasad Rabba is a legend of Assam.


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । Kolaguru Bishnu Prasad Rabba is a legend of Assam.


        

    কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰে।

    ১৯০৯ জানুৱাৰী মাহৰ ৩১ তাৰিখে সেই সময়ৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপালচন্দ্ৰ ৰাভা মাকৰ নাম গেথীবাই ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী এজন বড়ো জনগোষ্ঠীয় লোক যদিও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হয়। পাছলৈ গোপাল চন্দ্ৰ মুছাহাৰীয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।
    বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৬ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়। ১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰপৰা প্ৰথম বিভাগত আই.এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থবিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে যদিও বিভিন্ন কাৰণত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম নহ'ল। ১৯২৯ চনত ৰিপন কলেজৰ তেখেত ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। আৰু ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰে। পুলিচৰ হাৰাশাস্তিৰপৰা হাত সাৰিবলৈ তেওঁ কলিকতা পৰিত্যাগ কৰে আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ কলা শাখাত নাম ভৰ্তি কৰে। আন্দোলনত অংশ লোৱাৰ বাবে পুলিচৰ তেখেতে নানান হাৰাশাস্তি ভোগ কৰি থাকিবলগীয়া হৈছিল। পিছত কোচবিহাৰ ত্যাগ কৰি পূৰ্ববংগৰ কাৰমাইকেল কলেজত নামভৰ্তি কৰে। ১৯৩১ চনত ব্ৰিটিছ বিৰোধী কূটঘাতমূলক কামত জড়িত হোৱাৰ অভিযোগত জাৰীকৰা গ্ৰেপ্তাৰী পৰোৱানাৰপৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সিমানতে সামৰি পুনৰ কলিকতালৈ উভতি যায়। তেখেতে মাধৱ বেজবৰুৱা সম্পাদিত "বাঁহী " নামৰ আলোচনীৰ "চিত্ৰলেখা" শিতান সম্পাদনা কৰে। ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু "শোণিত কুঁৱৰী" নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়। ১৯৩৫ চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ছমাহ নৌহওঁতেই প্ৰিয়লতাৰ মৃত্যু। পত্নী প্ৰিয়লতাৰ স্মৃতিত "পৰজনমৰ শুভলগনত"’ শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে। ১৯৪৩ চনত ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত হয়। ১৯৪৫ চনত ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত লাগি বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হয়। ১৯৫২ চনত আত্মগোপনৰ সময়তে প্ৰেমত পৰি নলবাৰীৰ কনকলতা মেধিক বিয়া কৰে। কনকলতাৰ সৈতে গোৱালপাৰাৰ ঘিলাগুৰিত পুলিচৰ হাতত গ্ৰেপ্তাৰ হয়। ১৯৫৪ চনত জেলৰপৰা মুক্তি লাভ কৰে। ১৯৫৫ চনত পাটীৰ গৰিষ্ঠসংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আন সকলৰ সৈতে "ভাৰতীয় কমিউনিষ্ট পাৰ্টী"ত যোগদান কৰে। ১৯৫৭ চনত ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰপৰা "ভাৰতীয় কমিউনিষ্ট পাৰ্টি"ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'বলগীয়া হয়। ১৯৬২ চনত দুটি কণমানি পুত্ৰ সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাই চিৰবিদায় লয়। চীন-ভাৰত যুদ্ধত চীনৰ পক্ষ লোৱাৰ অভিযোগত কমিউনিষ্ট পাৰ্টীৰ আন বহু সদস্যৰ সৈতে ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ উৰিষ্যাৰ বৰহমপুৰ জেলত কাৰাবাস খাটিবলগীয়া হয়। ১৯৬৩ চনত জেলৰপৰা মুক্তি লাভ কৰে। ৰাভাদেৱে পুনৰ মোহিনীবালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৬৭ চনত তেজপুৰ বিধানসভা সমষ্টিৰপৰা দলৰ অনুমতি সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়। ১৯৬৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। ১৯৬৯ চনত ৰোগশয্যাৰপৰাই জীৱনৰ অন্তিম সৃষ্টি ‘এয়ে মোৰ শেষ গান’শীৰ্ষক বিখ্যাত গীতটি ৰচনা। জুন মাহৰ ২০ তাৰিখে তেজপুৰৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে।
            বিষ্ণু ৰাভাৰ উল্লেখযোগ্য প্ৰকাশিত পুথিসমূহ উপন্যাস, নাটক, প্ৰৱন্ধ আৰু গল্প আদি ভাগত শ্ৰেণীবিভাজন কৰিব পৰা যায়-
উপন্যাস-

 ১/ সোণপাহি
 ২/ মিচিং কনেং আৰু
 ৩/জীৱন লালসা

নাটক-

১/গেঙনি ৰেঙনি

প্ৰবন্ধ-

১/অসমীয়া কৃষ্টিৰ চমু আভাস
২/অতীত অসম
৩/মুক্তি দেউল
৪/ ন পৃথিৱীৰ নতুন যুগ
৫/ বড়ো জাতিৰ ইতিহাস
৬/ ৰাভা জাতিৰ ইতিবৃত্ত
৭/ বোঁৱতী পুতি
৮/ অসমীয়া কৃষ্টি
৯/ জনজাতীয় সংস্কৃতিত শিৱ
১০/ আলিয়াই-লিগাং
১১/ দিমাছা কছাৰীৰ বুৰঞ্জী
১২/ বান কেবাং

গল্পসমূহ-

১/ মামীৰ হাৰ
২/ কুৰি বছৰ জেইল
৩/ জাল কেছ
৪/ হিয়াৰ পুং
৫/ ফুংকা

    ইয়াৰ উপৰিও তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক "ৰাভা সংগীত" নামেৰে বিভূষিত কৰা হৈছে।প্ৰতি বছৰে জুন মহৰ ২০ তাৰিখ দিনটো "ৰাভা দিৱসৰ" হিচাপে উৎযাপন কৰা হয়। সিদিনা অসমৰ বিভিন্ন ঠাইত "ৰাভা দিৱস" উৎযাপন কৰি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

Copied. প্ৰশান্ত শইকীয়া।


Friday, June 17, 2022

ভাৰত চৰকাৰৰ অগ্নিপথ আঁচনিৰ সম্পৰ্কে কিছু আলোকপাত। Some highlights about the Government of India's Agneepath scheme.

ভাৰতৰ তিনি সেনাত ভৰ্তি হ'ব পৰা অগ্নিপথ আঁচনি কি! এই আঁচনিৰ অধীনত কোনে কোনে তিনি সেনাত যোগদান কৰিব পাৰিব আৰু তেওঁলোকৰ দৰমহা কিমান হ'ব!

শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ তিনি সেনাৰ মুৰব্বীয়ে ভাৰতৰ তিনি সেনাত যোগদান কৰিব ইচ্ছা থকা যুৱক সকলৰ বাবে এটা নতুন আঁচনি ঘোষণা কৰে যাৰ নাম 'অগ্নিপথ আঁচনি'। এনে আঁচনি ভাৰতত এইয়ায়ে প্ৰথম। আজিকালি যুদ্ধ-বিগ্ৰহ কেতিয়া আৰু কিয় হৈ যায় আগতীয়াকৈ কোৱা কঠিন। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-পেলেষ্টাইন যুদ্ধ, আফগানিস্তান-তালিবান আদি ইয়াৰ উদাহৰণ। বহু দেশত প্ৰত্যেক ঘৰৰ এজন হ'লেও সেনাত যোগদান কৰা বাধ্যতামূলক। কিছু দেশত প্ৰায় নাগৰিককে সেনাৰ প্ৰশিক্ষণ দিয়ে যাতে দেশৰ বিপদৰ সময়ত সক্ৰিয় সেনা কমি আহিলে এই প্ৰশিক্ষিত সকলক ব্যৱহাৰ কৰিব পাৰি। 'অগ্নিপথ আঁচনি'ৰ যোগেদি যোগদান কৰা তিনিও সেনাৰ সৈনিক সকলক 'অগ্নিবীৰ' বুলি কোৱা হ'ব। এই আঁচনিৰ যোগেদি যি সকলে তিনিও সেনাত যোগদান কৰিব তেওঁলোকৰ চাকৰিৰ বয়স হ'ব চাৰি বছৰ। তাৰে ছমাহ প্ৰশিক্ষণ আৰু চাৰে তিনি বছৰ সক্ৰিয় সৈনিকৰ চাকৰি। তাৰ পাছত এই সৈনিক সকলৰ মাজৰ পৰা প্ৰায় ২৫% সৈনিকৰ চাকৰি নিয়মীয়া কৰি দিয়া হ'ব আৰু বাকী ৭৫% সৈনিকক এটা 'সেৱা নিধি' আঁচনিৰ এটা মোটা ধন দি অৱসৰ দিয়া হ'ব।

কোন কোন এই 'অগ্নিবীৰ' হ'ব পাৰিব!

- 'অগ্নিবীৰ' হ'বলৈ পদপ্ৰাৰ্থীৰ বয়স ১৭.৫ বছৰ পৰা ২১ বছৰ হ'ব লাগিব।

- নূন্যতম মেট্ৰিক উত্তীৰ্ণৰ পৰা যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব। হয়তো উচ্চ মাধ্যমিকৰ উত্তীৰ্ণও লব পাৰে। সেই কথা বিজ্ঞাপন ওলালে স্পষ্ট হ'ব।

- সেনাত ভৰ্তি হ'বলৈ যিখিনি শাৰীৰিক, মানসিক আৰু স্বাস্থ্যৰ প্ৰয়োজন সেইখিনি প্ৰাৰ্থীজনৰ থাকিব লাগিব। যেনে উচ্চতা, ওজন, শৰীৰৰ সকলো অংগ সুস্থ আৰু ভাল, দৌৰ বা যি শাৰীৰিক পৰীক্ষা লব উত্তীৰ্ণ হ'ব লাগিব।

'অগ্নিবীৰ' সকলৰ দৰমহা কিমান আৰু অৱসৰৰ পাছত কি লাভ হ'ব!

- 'অগ্নিবীৰ' সকলৰ প্ৰথম বছৰৰ দৰমহা প্ৰতিমাহে ৩০,০০০ টকা হ'ব। তাৰে ২১,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৫২,০০০ টকা।

- দ্বিতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৩,০০০ টকা হ'ব। তাৰে ২৩,১০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯৯০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৭৭,২০০ টকা।

- তৃতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৬,৫০০ টকা হ'ব। তাৰে ২৫,৫৮০ প্ৰতিমাহে তেওঁ পাব আৰু ১০৯৫০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩০৬,৯৬০ টকা।

- চতুৰ্থ বছৰৰ দৰমহা প্ৰতিমাহে ৪০,০০০ টকা হ'ব। তাৰে ২৮,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ১২,০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩৩৬,৩০০ টকা।

৪ বছৰৰ সৰ্বমুঠ এজন 'অগ্নিবীৰ' সৈনিকে ১১ লাখ ৭২ হাজাৰ ১৬০ টকা নগদ লাভ কৰিব।

এতিয়া চিন্তা এটা হৈছে সকলোৰে যে এই যে প্ৰতিমাহে 'সেৱা নিধি' আঁচনিৰ নামত ৩০% দৰমহা কাটি দিছে সেইটো কি চৰকাৰৰ পুঁজিলৈ যাব নেকি! চিন্তা নকৰিব। নাযায়। সেই টকা ৪ বছৰৰ মূৰত 'অগ্নিবীৰ' জনেই পাব তাকো দুগুণ আৰু সুত সহ। ৪ বছৰত 'সেৱা নিধি' আঁচনিৰ নামত মুঠ ৫০২,২০০ টকা কাটিব কিন্তু ৪ বছৰৰ পাছত অৱসৰ লোৱাৰ পাছত 'অগ্নিবীৰ' সৈনিকজনে প্ৰায় আকৌ ১১ লাখ ৭১ হাজাৰ টকা একেলগে লাভ কৰিব।

মই ইতিমধ্যে কৈছোঁ যে 'অগ্নিপথ আঁচনি'ৰ সকলো 'অগ্নিবীৰ'ক ৪ বছৰৰ পাছত অৱসৰ দিয়া নহয়। ২৫ শতাংশ অগ্নিবীৰ'ৰ চাকৰি নিয়মীয়া হৈ যাব। তেওঁলোকে পাছত সেনাৰ সকলো সুবিধা লাভ কৰিব। বছৰত 'অগ্নিপথ আঁচনি'ৰ অধীনত এই নিযুক্তি দুবাৰ হ'ব প্ৰতি ছমাহৰ মূৰে মূৰে। প্ৰতিবাৰত প্ৰায় ৫০,০০০ 'অগ্নিবীৰ'ক নিৰ্বাচিত কৰা হ'ব। এইবাৰ যিহেতু প্ৰথম সেইবাবে ৪৬,০০০ নিযুক্তি হ'ব। ইয়াৰ ৩০০০ নৌসেনা, ৩০০০ বায়ুসেনা আৰু বাকী ৪০,০০০ সেনালৈ যাব।

- প্ৰতিজন 'অগ্নিবীৰে' বছৰত এমাহ ছুটী পাব। চাকৰি কালত সেনাৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা, কেণ্টিন সুবিধা আদি সকলো পাব।

'অগ্নিবীৰ' হোৱাৰ পাছত ক্ষতি হোৱাৰ সম্ভাৱনা-

- মোৰ দৃষ্টিত বৰ্তমান যি নিবনুৱা সমস্যা বাঢ়িছে আৰু মানুহ আৰ্থিক সংকটত ভুগিছে 'অগ্নিবীৰ' হ'লে ক্ষতিতকৈ লাভ বেছি হ'ব। ক্ষতি এটায়ে হ'ব যিহেতু 'অগ্নিবীৰ'ৰ ভৰ্তি ১৭.৫ বছৰৰ পৰা ২১ বছৰৰ ভিতৰৰ ল'ৰাৰ হ'ব সেইমতে অগ্নিবীৰ' হ'বলৈ আহিলে নিয়মীয়া পঢ়াত অলপ ব্যাঘাত জন্মিব। কিন্তু আজিকালি মুক্ত বিশ্ব বিদ্যালয়ত চাকৰি কৰিও পঢ়িব পাৰি, যদিও তেনেকৈ নপঢ়ে ২১ বছৰত ভৰ্তি হ'লে ল'ৰা এজন ২৫ বছৰত অৱসৰ হ'ব তাৰ পাছত আকৌ পঢ়া আগুৱাই নিব পাৰে। অৱসৰৰ পাছত আৰ্থিক অৱস্থাও অলপ সুচল হ'ব আৰু হাতত অৱসৰৰ পাছত পোৱা মোটা ধনখিনিও থাকিব। এনেও সেনাত ভৰ্তি খুব কম বয়সতে হয়।

'অগ্নিবীৰ' হোৱাৰ পাছত লাভ-

ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ু সেনাক তিনিওক একেলগে ভাৰতীয় সশস্ত্ৰ সেনা (Indian Armed Forces) বুলি বা Military Forces বুলিও কোৱা হয়। এনে এটা সন্মানজনক Uniform Service কৰা পাছত তেওঁৰ সেই অভিজ্ঞতাৰ বাবে সকলো ঠাইতে অগ্ৰাধিকাৰ পাই। আনকি বিমানৰ Emergency Exit ৰ XL চিটটোও সেনাৰ মানুহ যাত্ৰা কৰিলে তেওঁক বিনামূলীয়াকৈ দিয়ে কাৰণ কিবা বিমানখনৰ বিপদ হ'লে Emergency Exit দৰ্জা খন এজন সাধাৰণ মানুহতকৈ এজন সেনাৰ মানুহে ভালকৈ আৰু পেচাগত ভাবে খুলিব বুলি বিশ্বাস কৰে। কাৰণ তেওঁৰ সেই চাকৰিৰ অভিজ্ঞতা। সেনাৰ মানুহ মানে সকলো জানে, যি দিয়ে তাকে কৰিব পাৰে। 'নোৱাৰো' শব্দটো সেনাত নাইয়ে বুলিব পাৰি। সেইবাবে অৱসৰৰ পাছতো দ্বিতীয় চাকৰিৰ বাবে গ'লে সেনাৰ মানুহজনক বেছি অগ্ৰাধিকাৰ দিয়া হয়। তাৰোপৰি Discipline, Manners আদিৰ বাবেও সাক্ষাৎকাৰত পইণ্ট পাই। 'অগ্নিবীৰ' সকলক চাকৰিৰ পাছত এখন অভিজ্ঞতা প্ৰমাণ পত্ৰও চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। যি খন পৰৱৰ্তী সময়ত বিভিন্ন চাকৰিৰ বাবে সুবিধা হ'ব। দ্বিতীয়তে মাত্ৰ ৪ বছৰ চাকৰি কৰি ৪ বছৰৰ পাছত ১১ লাখ ৭০ হাজাৰ টকা একেলগে নিয়াৰ পাছত ইমান মূল ধনেৰে চাকৰি নকৰোঁ বুলি ভাবিলেও নিজে এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে। ২৫ বছৰৰ একোৱে নহয়। তাৰ পাছত যদি পঢ়িব ইচ্ছা কৰে আকৌ পঢ়ি নিজৰ মন পছন্দৰ চাকৰি বিচাৰিব পাৰে যিটো সময়ত আৰ্থিক দুৰৱস্থাত ভুগি আছিল এতিয়া আৰ্থিক ভাৱে সবল হৈ জীৱনটো আগবঢ়াই নিব পাৰিব।

এই আঁচনিৰ ফলত ভাৰতৰ এইটোৱেই লাভ হ'ব যে বহু সেনা প্ৰশিক্ষিত ভাৰতত থাকিব। কাইলৈ ভগৱানে নকৰক কিবা যুদ্ধ আদি হ'লে ভাৰতৰ Backup force থাকিব।

আৰু একেবাৰে শেষত। এজন 'অগ্নিবীৰ' নামত ৪৮ লাখ টকাৰ Life Insurance কৰা হ'ব লগতে এই চাৰি বছৰত ভগৱানে নকৰক কোনোবা 'অগ্নিবীৰ' দেশৰ বাবে শ্বহীদ হয় তেওঁৰ পৰিয়ালে ৪৪ লাখ টকা লাভ কৰিব।

এই চাকৰিৰ বিজ্ঞাপন খুব সোনকালে ওলাব বুলি গম পোৱা গৈছে। মই যদি আগতীয়াকৈ গম পাওঁ জনাম বাৰু।

দেশৰ বাবে মৰিম বুলি কোনো সেনাত ভৰ্তি নহয়, দেশ ৰক্ষা কৰিম বুলিহে ভৰ্তি হয়। সেনাৰ প্ৰতি আগ্ৰহী যুৱক সকলৰ বাবে সেনাৰ পোছাক পিন্ধা ই এটা ভাল সুযোগ।


অতিথি শিতানত , লেখক :
- লক্ষ্য জ্যোতি নাথ

Thursday, June 16, 2022

শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী- চমু আলোকপাত। Academic environment and student - a brief discussion .

🙏 শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী: এক চমু আলোকপাত। Academic environment and Students : a short discussion. শৈক্ষিক পৰিৱেশ মানে কি : সমাজ আৰু অভিভাৱকৰ কৰণীয়: শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ : উপশমৰ উপায় : উপসংহাৰ।

👉 শৈক্ষিক পৰিৱেশ মানে কি আৰু কিয় ?  What is meant by academic environment and why ? 


পৰিৱেশ মানে হৈছে আমাৰ চৌপাশৰ এক অৱস্থা। প্ৰকৃতিৰ বায়ু পানী, মাটি আৰু চৌপাশৰ নদ-নদী, খাল-বিল,পাহাৰ-পৰ্বত,গছ-গছনি, ঘৰ-বাৰী ৰাস্তা-পদূলি.. আদিৰে আৱৰা অৱস্থাই হৈছে পৰিৱেশ। আনহাতে শিক্ষাৰ ক্ষেত্ৰত অনুষ্ঠান এটাত শিক্ষাৰ সৈতে সম্পৰ্ক থকা পৰিবেশেই হৈছে শৈক্ষিক পৰিৱেশ। শিক্ষাৰ বাবে প্ৰয়োজনীয় শান্তি, নিৰৱতা, নিস্তব্ধতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, ছাত্ৰ ছাত্ৰীয়ে সুচাৰুৰূপে কৰ্তব্য পালন কৰা, শিক্ষকৰ দায়িত্বশীল কৰ্তব্য পালন ,শিক্ষাৰ মানদণ্ড, পাঠ আদান-প্ৰদান প্ৰক্ৰিয়া, ,.... আদিৰ অৱস্থাই হৈছে শৈক্ষিক পৰিৱেশ। শৈক্ষিক পৰিৱেশ বুলি কোৱা মাত্ৰকে বিদ্যালয়ৰ কথা আহি যায়। এখন বিদ্যালয়ৰ গণ্ডীৰত সৃষ্টি হোৱা পৰিৱেশ হ'ল শৈক্ষিক পৰিৱেশৰ উদাহৰণ। শৈক্ষিক পৰিৱেশ শিক্ষা গ্ৰহণৰ অনুকুল হোৱা বাঞ্ছনীয়। শৈক্ষিক পৰিৱেশ সৃষ্টিত শিক্ষক, ছাত্ৰ ছাত্ৰী , অভিভাৱক আৰু সমাজৰ ভূমিকা আছে।


👉 সমাজ আৰু অভিভাৱকৰ কৰণীয় :

শৈক্ষিক পৰিৱেশ উন্নতিৰ ক্ষেত্ৰত সমাজৰ কৰণীয় আছে। ইয়াত সমাজ বুলি কওঁতে বিদ্যালয়ৰ সৈতে সম্পৰ্ক থকা বিদ্যালয়ৰ আশে-পাশে বসবাস কৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাসস্থানৰ কথাকে সাঙুৰি লোৱা হৈছে। ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক অভিভাৱিকা আৰু সমাজৰ মানৱ সম্পদৰ ভূমিকা ভাল হ'লে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সবল হয়। সুস্থ হয়। এজন শিক্ষক বা শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰী গৰাকীক ৬ ঘণ্টা মানহে সান্নিধ্যত পায়।এই সময়ছোৱাত আটাইতবোৰ শিকোৱা সম্ভৱ নহয়। বিদ্যায়তনিক শিক্ষাৰ পৰা বাহিৰা জ্ঞান প্ৰদানলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন। পাঠৰ জ্ঞান প্ৰদানৰ বাহিৰে অন্য দৃষ্টিৰ জ্ঞান প্ৰদান কেতিয়াবা কিছু ক্ষেত্ৰত বাদ পৰি যায়। কিন্তু পিতৃ-মাতৃয়ে বাকী গোটেইখিনি সময়ত সন্তানক কাষত পায়। সেয়ে খোৱাৰ পৰা শোৱালৈ সন্তানৰ সুদায়িত্ব লোৱাটো একান্তই প্ৰয়োজন। পিতৃ-মাতৃৰ এনে প্ৰচেষ্টাই শৈক্ষিক পৰিৱেশত পৰোক্ষভাৱে প্ৰভাৱ পেলায়। শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় বহী,কলম, জ্যামিতিৰ বাকচ, আৰু আনুসংগিক সামগ্ৰীৰ সম্পৰ্কে পিতৃ মাতৃ সদায় সজাগ হোৱা প্ৰয়োজন। দেখা যায় চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ এনে সজুঁলি প্ৰায় ভাগৰে নাথাকে যাৰ বাবে শিক্ষা প্ৰদানত শিক্ষকৰ অসুবিধাৰ সৃষ্টি হয়। আনহাতে ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা পৰিৱেশ যদি সুস্থ নহয় তেন্তে সেই ছাত্ৰ ছাত্ৰীয়ে সুস্থ পৰিৱেশৰ সম্পৰ্কে সজাগ নহয়। ঘৰত যি ল'ৰা ছোৱালীয়ে মাক-দেউতাকৰ কথা নামানে সেই ল'ৰা ছোৱালীয়ে বিদ্যালয়তো শিক্ষকক অনুকৰণ কৰিব নুখুজে। শিক্ষকৰ অবাধ্য হয় । সেয়ে পিতৃ-মাতৃয়ে জ্যেষ্ঠ জনক সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু কণিষ্ঠ জনক মৰম কৰিবলৈ ঘৰতে জ্ঞান দিয়া প্ৰয়োজন। ঘৰতে শিকি আহিলে বা তেনে এটা পৰিৱেশ পাই আহিলে ,বিদ্যালয়তো তেনে পৰিৱেশ গঢ় দিয়াত তেওঁ বাধ্য হ'ব। 

👉 শিক্ষাৰ্থীৰ কৰ্তব্য:

শিক্ষাৰ্থীৰ কৰ্তব্য হ'ল গুৰুৰ পৰা শিক্ষা গ্ৰহণ কৰা। গুৰুৱে শিকোৱা প্ৰতিটো বিষয়বস্তু খৰচি মাৰি বুজি লোৱাটো ছাত্ৰ বা ছাত্ৰী এজনৰ মূল কৰ্তব্য। ছাত্ৰ-ছাত্ৰীৰ কামেই হৈছে অধ্যয়ন কৰা। শিক্ষা গুৰুৰৰ বশ্যতা স্বীকাৰ কৰা। শিক্ষা গুৰুৰ উপদেশ আৰু পৰামৰ্শ মানি চলা। সংস্কৃতত এষাৰ কথা আছে- 'ছাত্ৰানং অধ্যনং তপ: ।' অৰ্থাৎ ছাত্ৰৰ মূল কৰ্তব্যই হৈছে অধ্যয়ন কৰা। আৰু এই অধ্যয়ন হোৱা উচিত মুনিৰ তপস্যা সদৃশ। মুনিয়ে যিদৰে মোক্ষ প্ৰাপ্তিৰ বাবে একান্ত ধ্যানত বা তপস্যাত নিমগ্ন হয়, ঠিক একেদৰে ছাত্ৰ এজনেও নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে একান্ত মনোযোগেৰে অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে। তদুপৰি অসমীয়া সমাজত প্ৰবাদ আছে, "পঢ়ায় পঢ়ে,ৰোৱে পান,ই তিনিও নিনিও নিচিন্তে আন।" অৰ্থাৎ যিজনে পঢ়ে সি পঢ়াৰ সলনি আন কথা চিন্তা কৰা অনুচিত। দ্বিতীয়তে যিজনে আনক পঢ়ায়, সি বিষয়বস্তুৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে আৰু নিয়াৰিকৈ পঢ়াব লাগে। পঢ়োৱা জনে কেতিয়াও পঢ়োৱাৰ সময়ত আন কথা চিন্তা কৰা উচিত নহয়। তৃতীয়তে, যি জনে পান লগায় সেই জনে পানৰ লগতে অনবৰতে ভালদৰে লাগি থাকিব লগীয়া হয়। নহ'লে পানে কেতিয়াও ভাল উৎপাদন নিদিব। পানগছ ভাল হ'বলৈ হ'লে ইয়াৰ যত্ন বা maintenance কৰা অতিকৈ প্ৰয়োজন। এই প্ৰবাদৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ, একান্ত ধ্যান, একাগ্ৰতা, শৃংখলাবদ্ধতা জ্ঞান, নিয়মানুৱৰ্তীতাৰ জ্ঞান অধ্যৱসায় ... আদি আহৰণৰ কথা কোৱা হৈছে।

👉 পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ :
শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ আছে। শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলৰ মাজত সমন্বয়হীনতাই শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত অৰিহণা যোগায়। ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱকৰ মাজত সদায় পৰস্পৰ সহযোগিতা, মতামতৰ ঐক্যহীনতা , সমাজৰ মানৱ সম্পদৰ ব্যৱহাৰ, সমাজৰ সৈতে গভীৰ সম্পৰ্ক অটুট ৰখা, আদি কামবোৰ সুচাৰুৰূপে পালন কৰিব লাগে। ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ নীতি নিয়ম মানি নচলিলে, নিৰৱতা ভংগ কৰি কোলাহলৰ সৃষ্টি কৰিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হয়। শিক্ষক শিক্ষয়িত্ৰী সকলে নিয়মিতভাৱে পাঠদান কাৰ্যত নিয়োজিত নহ'লে , অবাবত কমন ৰূমত আড্ডা মাৰি থাকিলে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত প্ৰভাৱ পৰে। 

👉 উপশমৰ উপায় :

উপশমৰ উপায় শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ হাতত। 
১/ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ নীতি নিয়ম মানি চলিবলৈ বাধ্য কৰাব লাগিব। 
২/ নিয়মীয়াকৈ পাঠদান কাৰ্যত শিক্ষকসকলে অংশগ্ৰহণ কৰিব লাগিব।
৩/শিক্ষক ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক বৰ্তাই ৰখা।
৪/ ছাত্ৰ ছাত্ৰীসকলক নীতি শিক্ষাৰে দীক্ষিত কৰোৱা।
৫/ বিদ্যালয়ত নিৰৱতা, নিস্তব্ধতা, শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তীতা, পৰিষ্কাৰ পৰিচ্ছন্নতা অক্ষুণ্ণ ৰাখিবলৈ ছাত্ৰ ছাত্ৰীসকলক অনুশাসনৰ জৰিয়তে বাধ্য কৰোৱা।
৬/ বিদ্যালয়ৰ চৌহদৰ দাঁতি-কাষৰীয়া অঞ্চলত উচ্চ শব্দযুক্ত যন্ত্ৰ বজোৱাত বাধা আৰোপ কৰা। যেনে মাইক।
৭/ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখা।
৮/ জাবৰ জোঁঠৰ জ্বলোৱাৰ পৰা বিৰত থকা।
৯/ চৌহদৰ ভিতৰত পলিথিন ব্যৱহাৰ ৰোধ কৰা।
১০/ শিক্ষক শিক্ষয়িত্ৰীবৃন্দই মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ হ্ৰাস কৰা ।

👉 উপসংহাৰ : 

ঘাইকৈ শৈক্ষিক পৰিৱেশৰ লগত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী প্ৰত্যক্ষ ভাৱে জড়িত। বিদ্যালয়ৰ প্ৰধান শিক্ষক সেয়ে এই ক্ষেত্ৰত সজাগ হৈ নিজা উদ্যোগত বিদ্যালয়ৰ নীতি নিয়ম প্ৰস্তুত কৰা প্ৰয়োজন। নীতি নিয়ম শিক্ষক আৰু প্ৰধান শিক্ষকে কঠোৰভাৱে পালন কৰিব লাগে। যদি শিক্ষক সকল নিয়মীয়া হয়, কঠোৰ হয়, শৃংখলাবদ্ধ হয়, তেন্তে ছাত্ৰ ছাত্ৰীসকলেও নিয়ম মানি চলিবলৈ বাধ্য হ'ব।


🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄🍄
🙏প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।


👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👦‍👦👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👧‍👧👨‍👨‍👦‍👦

Thursday, June 9, 2022

চৰকাৰী বিদ্যালয় বনাম ব্যক্তিগত বিদ্যালয় - এক চমু অৱলোকন। Government Schools versus Private Schools 🏫 a short Overview.

ফলাফল : চৰকাৰী বিদ্যালয় বনাম ব্যক্তিগত বিদ্যালয় ।

🏋️🏋️🏋️🏋️🏋️⛹️⛹️⛹️⛹️🚴🚴🚴🚴🤾🤾
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উলালে। ইয়াৰ পিছত টিভি, বাতৰি কাকতত কেৱল আলোচনা, পৰ্যালোচনা । বিষয় -- চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় নিম্ন হৈছে ? কাৰ দোষ - শিক্ষকৰ নে ছাত্ৰ ছাত্ৰীৰ ? নে অভিভাৱকৰ ? 
প্ৰতিটো আলোচনাৰ পৰা অনুভৱ হয় যে ক'ৰবাত নিশ্চয় কিবা ঘটিছে। যাৰ বাবে চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থাৰ সৃষ্টি হৈছে ? এইবাৰৰ শিক্ষান্ত পৰীক্ষাত আহিছিল পূৰ্বৰ বৰ্ষৰ অৰ্থাৎ কৰণা কালৰ প্ৰশ্ন। কৰণা কালছোৱাত ব্যক্তিগত বিদ্যালয়ত অনলাইন প্ৰক্ৰিয়াৰে সুন্দৰকৈ ক্লাছ চলাই নিয়া পৰিলক্ষিত হৈছিল। কিন্তু অসমীয়া মাধ্যমৰ বিদ্যালয়ত অনলাইন প্ৰক্ৰিয়াৰ শিক্ষা সন্তোষজনক নাছিল। ইয়াৰ কাৰণ নথকাও নহয়। চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকল প্ৰায় দৰিদ্ৰ পৰিয়ালৰ সন্তান। এটা মোবাইল ফোন কিনিবলৈ সামৰ্থ্যৰ অভাৱ। যাৰ বাবে অনলাইন প্ৰক্ৰিয়াৰ শিক্ষা গ্ৰহণত ছাত্ৰ ছাত্ৰী সংক্ৰিয় হ'ব নোৱাৰিলে। শিক্ষান্ত পৰীক্ষাত তাৰ কু-প্ৰভাৱ পৰিল এয়া নিশ্চিত। এয়াই কেৱল কাৰণ হ'ব নোৱাৰে আৰু খুচুৰিলে বহু কাৰণ ওলাব বুলি ক'ব পাৰি। 

সদ্যহতে মনত উদয় হোৱা প্ৰশ্নবোৰ হ'ল - চৰকাৰী বিদ্যালয়ৰ ফলাফল কিয় ইমান নিম্নলৈ গতি কৰিছে ? চৰকাৰী বিদ্যালয়ত শিক্ষা প্ৰদান সন্তোষজনক নহয় নেকি ? ছাত্ৰ-ছাত্ৰী সকল শিক্ষাৰ ক্ষেত্ৰত কিয় ইমান পিছপৰা বিধৰ? 


এইবাৰৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিৰীক্ষণ কৰিলে পৰিলক্ষিত হয় যে প্ৰথম দহটা স্থানত চৰকাৰী বিদ্যালয় তথা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য। 
অসমীয়া মাধ্যমৰ বিদ্যালয়ত ফলাফল হতাশাজনক হোৱাৰ একমাত্ৰ প্ৰথম কাৰণ হৈছে দৰিদ্ৰ পৰিয়ালৰ সন্তান অৰ্থাৎ অসমীয়া মাধ্যমৰ বিদ্যালয়ত কেৱল আৰ্থিকভাৱে জুৰুলা লোকসকলৰ সন্তানেহে অধ্যয়ন কৰে, যিটো অপ্ৰিয় হ'লেও এশ শতাংশ সত্য । দ্বিতীয়তে চৰকাৰী বিদ্যালয়ত শৈক্ষিক পৰিৱেশ থাকিলেও ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱৰ অভাৱ। তৃতীয়তে, চৰকাৰৰ অপ্ৰয়োজনীয় নীতি নিয়মৰ মাজত অসমীয়া মাধ্যমৰ বিদ্যালয় আৱদ্ধ। চতুৰ্থতে, শিক্ষক সকলৰ নি:স্বাৰ্থ আৰু আন্তৰিক ত্যাগৰ মনোভাৱৰ অভাৱ। পঞ্চমতে, বাৰটা মাহত তেৰটা শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী, চৰকাৰী কাৰ্যসূচী আৰু জুনেল সভা যাৰফলত পাঠদানত প্ৰত্যক্ষ ব্যাঘাতৰ প্ৰভাৱ। ষষ্ঠতে, শিক্ষকে প্ৰশ্নোত্তৰ নিজা প্ৰচেষ্টাৰে উচ্চ মানদণ্ডৰে লিখি দিয়া আৰু মনত ৰখাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন। সপ্তমতে, অনুশাসনৰ ক্ষেত্ৰত চৰকাৰৰ অনাৱশ্যক হস্তক্ষেপ । অষ্টমতে, অসমীয়া বিদ্যালয়ৰ অভিভাৱক অসচেতন আৰু সন্তানৰ সৈতে সহযোগ কৰাত অনীহা ভাৱ ।নৱমতে, অসমীয়া বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা শৈক্ষিক পৰিৱেশ তেনেই দুৰ্বল। দশমতে, চৰকাৰী বিদ্যালয় ৰাজনৈতিক মেৰপেচত আৱদ্ধ। একাদশতে, মোবাইল ফোনৰ কু-প্ৰভাৱ, এইক্ষেত্ৰত অভিভাৱক সন্তানৰ প্ৰতি সচেতন আৰু দায়িত্বশীল নহয়। দ্বাদশতে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল শাৰীৰিক, মানসিক আৰু বৌদ্ধিক ক্ষমতা অতি পিচপৰা। ত্ৰয়োদশতে, অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী টিউচনৰ পৰা প্ৰায় মুক্ত। টিউচনৰ ক্ষেত্ৰত চৰকাৰী অপ্ৰয়োজনীয় নিৰ্দেশনা । চতুৰ্দশতে, চৰকাৰী বিদ্যালয়ত মূল্যায়নৰ ক্ষেত্ৰত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ ক্ষেত্ৰত শিথিলতা আৰু কঠোৰ নহয়। পঞ্চদশতে, চৰকাৰী বিদ্যালয়ত শিক্ষকৰ হোম ভিজিটৰ ব্যৱস্থা নাই।

   এই ব্যক্তিগত বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্তোষজনক হোৱাৰ কাৰণসমূহ : প্ৰথমতে, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ধনীক শ্ৰেণীৰ সন্তান। দ্বিতীয়তে, ব্যক্তিগত বিদ্যালয়ৰ অভিভাৱকসকল সন্তানৰ প্ৰতি সচেতন আৰু দায়িত্বশীল। পঞ্চমতে , ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজন অনুসৰি সময়মতে সন্তানক যিকোনো সামগ্ৰী বা টকা পইচা যোগান ধৰাত সক্ষম। ষষ্ঠতে, বিদ্যালয়ৰ শিক্ষা প্ৰদানত স্বতন্ত্ৰতা। সপ্তমতে, অনুশাসনৰ দিশত কোনো হস্তক্ষেপ নাই। অষ্টমতে, স্বত্বাধিকাৰী বা মালিকৰ কাঢ়া নিৰ্দেশ শিক্ষকে মানি চলিবলৈ বাধ্য। নৱমতে, ৰাজনৈতিক নীতি নিয়মৰ পৰা মুক্ত। দশমতে, শিক্ষকসকল ছাত্ৰ ছাত্ৰীসকলক সুচাৰুৰূপে পাঠদান কৰাৰ বাদে আন চৰকাৰী দায়িত্বৰ পৰা মুক্ত। একাদশতে, মোবাইল ফোন বা ITC ৰ ব্যক্তিগত বিদ্যালয়ত অত্যধিক ব্যৱহাৰ কৰা হয় কিন্তু ভাল বেয়াৰ ক্ষেত্ৰত অভিভাৱক সতৰ্ক আৰু কঠোৰ অনুশাসনৰ ব্যৱস্থা। দ্বাদশতে, ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা মূলক মনোভাৱ বিদ্যমান। ত্ৰয়োদশতে , ব্যক্তিগত বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক ক্ষমতা উচ্চ পৰ্যায়ৰ। চতুৰ্দশতে, অত্যধিক টিউচনৰ ওপৰত ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল নিৰ্ভৰশীল।

উল্লেখিত আলোচনাৰ পৰা দেখা গৈছে যে ফলাফল সন্তোষজনক নোহোৱাৰ কাৰণে কেৱল শিক্ষক সমাজ জগৰীয়া নহয়। ইয়াৰ লগত আছে আন আন আনুসংগিক কাৰকসমূহ। চৰকাৰী বিদ্যালয়ৰ শিক্ষকে একেটা সময়তে বহু কাম কৰিবলগীয়া হয়। লোকপিয়লৰ কাম, এন আৰ চি উন্নীতকৰণৰ কামত নিয়োগ, নিৰ্বাচনৰ কামত নিয়োগ, গুণোৎসৱৰ বাবে পাঠদানত ব্যাহত, অৰুনোদয় আঁচনি মতে ঘৰে ঘৰে যাব লাগে শিক্ষক , মুঠতে ক'ত লগোৱা নাই শিক্ষকক । কেনেকৈ ভাল হ'ব শিক্ষাৰ মানদণ্ড। আনহাতে শিক্ষকৰ অভাৱৰ দিশটো আছেই।‌ কৰবাত যদি চাৰিজন শিক্ষক আছে,আন কৰবাত আছে কেৱল তিনিজন অৰ্থাৎ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ অনুপাত সমতুল্য নহয়। যাৰ বাবে শিক্ষাত ইয়াৰ কু-প্ৰভাৱ পৰিছে।
   চৰকাৰী বিদ্যালয়ৰ শিক্ষকক কেৱল শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ পাঠদান কাৰ্যত নিয়োজিত কৰাওক। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিশেষ শিক্ষাৰ ব্যৱস্থা বিদ্যালয় কতৃপক্ষই কৰক স্বতন্ত্ৰভাৱে। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে 'হোম ভিজিট'ৰ ব্যৱস্থা কৰক। অভাৱ অভিযোগ লিপিবদ্ধ কৰি সমাধানৰ পথ হিচাপে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ঘৰত গৈ বিশেষ ভাৱে পঢ়োৱাৰ ব্যৱস্থা কৰক। কিন্তু মনত ৰাখিব বিদ্যালয়ত পাঠদান কৰিও গৃহ পাঠদান দিয়াৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে প্ৰধান শিক্ষক কঠোৰ হোৱাটো বাঞ্ছনীয় হৈ পৰিব। কিন্তু চাব লাগিব যাতে এইক্ষেত্ৰত সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। নহ'লে কৰ্মচাৰী বিলাকৰ মাজত সংঘাত আৰু মনোমালিন্য হোৱাৰ সম্ভাৱনা প্ৰকট হ'ব।
      সকলো বিভাগৰ কৰ্মচাৰীয়ে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাওক যাতে ফলাফল সন্তোষজনক হয় । IAS, IPS, ACS, মন্ত্ৰী বিধায়কৰ সন্তানসকলকো চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাওক। তেতিয়া চাব চৰকাৰী বিদ্যালয়ৰ ফলাফল কিমান উন্নত হ'ব ? 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। 
     লেখক -- দুদুল সোণোৱাল।


🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇



Tuesday, June 7, 2022

কামনাৰ অৰ্থ কি? কিয় সমাজত হত্যা লুণ্ঠন ধৰ্ষণ বৃদ্ধি ঘটিছে ? What does lust mean? Why is there an increase in murder, looting, rape in the society ?

কামনাৰ অৰ্থ কি? কিয় সমাজত হত্যা লুণ্ঠন ধৰ্ষণ আদিৰ দৰে জঘণ্য ঘটনাবোৰ সঘনাই ঘটিবলৈ ধৰিছে ? আহকছোন মনত দ্বিধা ভাৱ নাৰাখি মুকলিকৈ আলোচনা কৰোঁ। What does lust mean? Why is there an increase in murder, looting, rape in the society? Let's talk openly without hesitation in mind.

     প্ৰকৃততে কামনা শব্দটোক বিভিন্ন সময়ত বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। শব্দটোৱে দুইধৰণৰ অৰ্থ প্ৰকাশ কৰে - ভাল আৰু বেয়া। অভিধানিক অৰ্থ হৈছে - আশা কৰা বা প্ৰাৰ্থনা কৰা বা আকাংক্ষা কৰা বা ইচ্ছা প্ৰকাশ কৰা বা আসক্তি জগা ।
     ইচ্ছা বা আশা মানুহৰ জীৱনৰ লগৰী। মানুহৰ মনত কোনো বস্তু পোৱাৰ যি হাবিয়াস সেয়ে হৈছে ইচ্ছা। আনহাতে আশাও একধৰণৰ ইচ্ছা মাথোন য'ত কিবা এটা পোৱাৰ বাবে হাবিয়াস থাকে। এই ইচ্ছা আৰু আশাৰ আন এটা ৰূপ হ'ল কামনা। যেনে - মানুহজন সোনকালে আৰোগ্য হোৱাৰ কামনা কৰিলো, তেওঁক দীৰ্ঘ জীৱি হোৱাৰ কামনা কৰিলো , তেওঁৰ ভ্ৰমণ কাল সুখকৰ হওক তাকেই কামনা কৰিলো ,... আদিৰ দৰে বাক্যবিলাকত কামনা প্ৰকাশ কৰি কোৱা হৈছে। এইক্ষেত্ৰত দেখা গৈছে যে শব্দটোৱে এটা ভাল অৰ্থ প্ৰকাশ কৰিছে। প্ৰতিটো বাক্যৰ জৰিয়তে ইচ্ছা আৰু প্ৰাৰ্থনা মনোভাৱৰ প্ৰকাশ ঘটাইছে।
     কিন্তু শব্দটোৰ এটা বেয়া অৰ্থও আছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। বিভিন্ন বেয়া মনোভাৱ প্ৰকাশ কৰিবলৈও এই শব্দটো ব্যৱহাৰ কৰা হয়। কামনা শব্দটো নিকৃষ্ট কামৰ ক্ষেত্ৰটো ব্যৱহাৰ কৰা হয়। । মানুহৰ দৈহিক ক্ষুধা নিবাৰণৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা দেখা যায়। যেনে- ৰমলা এজন দুৰ্বৃত্তৰ কামনাৰ বলি হ'ব লগা হ'ল। য'ত বাসনা জাগে অৰ্থাৎ স্ত্ৰী পুৰুষৰ মাজত পৰস্পৰ দৈহিক সম্পৰ্ক বা সহবাস কৰিবলৈ ইচ্ছা জাগে তাতেই কামনাৰ উৎপত্তি হয়। 
     হেমকোষৰ মতে ইয়াৰ অৰ্থ হৈছে - বাঞ্ছা, ইচ্ছা, প্ৰাৰ্থনা। কামনা শব্দটো বিশেষ্য পদ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ সংস্কৃত ৰূপ - কাম বা বাঞ্ছা কৰা। 
     কামনা শব্দটোৰ উৎপত্তি হৈছে কাম শব্দৰ পৰা। 'কাম' শব্দৰ অৰ্থ হৈছে তিৰোতা আৰু মতাৰ পৰস্পৰৰ সহবাসৰ ইচ্ছা। সংস্কৃতত কম বা বাঞ্ছা কৰাক বুজায়। কামৰ পৰা কামনা শব্দটোৰ উৎপত্তি। কাম + না = কামনা অৰ্থাৎ ইচ্ছাৰ অৰ্থত কাম শব্দটোৰ সৈতে 'আ' প্ৰত্যয় যোগ হৈ কামনা সৃষ্টি হৈছে। 
     

নিচাই মানুহক বিপথে পৰিচালিত কৰে।

নিচাজাতীয় দ্ৰব্য সেৱন কৰিলে কাম মনোভাৱৰ সৃষ্টি হয়। লগতে হিতাহিত জ্ঞান শূণ্য হৈ বিভিন্ন নকৰিবলগীয়া কাম ব্যক্তি এজনে কৰিব পাৰে। তেনে ধৰণৰ নিচাত মাতাল ব্যক্তিৰ জৰিয়তে সমাজত বা ঘৰ এখনত বিভিন্ন খামখেয়ালিৰ সৃষ্টি হোৱা সকলোৱে দেখিবলৈ পাইছে নিশ্চয়। সেয়ে নিচাজাতীয় দ্ৰব্যক সমাজৰ ব্যাধি ৰূপে গণ্য কৰিব পাৰি। এই কথা জানিও কিন্তু সমাজৰ লোকসকলে এনে দ্ৰব্যৰ ব্যৱহাৰৰ পৰা নিজকে আঁতৰাই ৰাখিব অপাৰগ হয়। ইয়াৰ ফলস্বৰূপে সমাজত বিভিন্ন অমানুষিক, অমানৱীয় ঘটনাৰ সংঘটিত হোৱা আমি সকলোৱে দেখা পাইছোঁ। ককাইকে ভাতৃক হত্যা কৰা, পুতেকে মাক বাপেকক হত্যা কৰা বা অত্যাচাৰ কৰা আদিবোৰ আজিৰ সমাজত নিতৌ ঘটিব লাগিছে কেৱল নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত। ভূতৰ ওপৰত দানহ পৰাদি বৰ্তমান সময়ত ভয়ংকৰ ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও দিনক দিনে বাঢ়িব ধৰিছে আৰু সমান্তৰালকৈ ড্ৰাগছৰ কুব্যৱসায় বৃদ্ধিৰ ফলত সমাজত এক ভ‌য়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। 
    উল্লেখনীয় যে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা ফলতেই মানুহৰ মনত সৃষ্টি হয় সহবাসৰ। মানুহৰ মনত বিপৰীত লিংগৰ প্ৰতি দূৰ্বল মনোভাৱৰ জন্ম হয়। যাৰফলত সমাজত ধৰ্ষণৰ দৰে ঘটনা ঘটিবলৈ ধৰে। এনে ঘটনা ৰোধ কৰিবলৈ হ'লে সমাজত সজাগতা আনিব পাৰিব লাগিব। দহ বিশ কিলোমিটাৰ নিলগে নিলগে থকা নিচাজাতীয় সামগ্ৰীৰ বিপনী বন্ধ কৰিব লাগিব। গ্ৰাম্য সমাজত চুলাই মদৰ প্ৰচলন বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে মানুহে এনে দ্ৰব্যৰ আসক্তিৰ পৰা মুক্ত হ'ব পাৰিব। 

ভাগৱত গীতা মতে আসক্তিৰ পৰা পৰিত্ৰাণ।

ভাগৱত গীতাই হওক বা আন ধৰ্ম গ্ৰন্থই হওক এইবিলাকৰ মতে নিচাজাতীয় দ্ৰব্য সমাজৰ অন্তৰায় স্বৰূপ। কোনো ধৰ্ম পুথিতেই ইয়াক সমৰ্থন কৰা নাই বৰঞ্চ বাৰণ কৰাৰহে উপদেশ দিছে। কাম,ক্ৰোধ,লোভ মোহ এইবিলাক পৰিত্যাগ কৰি সন্তুলন অৱস্থাত নিজকে ৰাখিব লাগে। অৱশ্যে সৃষ্টিৰ বাবে ব্ৰক্ষ্মচৰ্য জীৱন নলৈ আশ্ৰমী জীৱনৰ বাবে পৰামৰ্শ দিছে। নিজ দৈহিক ৰিপুক সংযম আৰু দমন কৰিলে সমাজত কোনো ব্যভিচাৰৰ সৃষ্টি নহয়।

 “কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশ।
ই সবে বেঢ়িয়া কৰে মহন্তক দ্বেষ॥
এই হেতু গড় বান্ধি যুঝিবে বুলিলা।
তান আজ্ঞা লই সবে বিবাহ কৰিলা ॥”

কামনা যেতিয়া দৈহিক চৰিতাৰ্থ নিবাৰণৰ্থে উদ্ভৱ হয় তেতিয়াই ইয়াৰ অৰ্থ বেয়ালৈ ধাবিত হয়। কামনা লোভ আৰু মোহলৈ পৰিণত হোৱাত কিহে উদ্গনি যোগাইছে ? বৰ্তমান সময়ত এই বিষয়টো অতি চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ বাবে মোবাইল ফোন আৰু নিচাজাতীয় দ্ৰব্যক পোনতে জগৰীয়া কৰিব পাৰি। আজিকালি মোবাইলত ভাল আৰু বেয়া সকলো পোৱা যায়। ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৰে হাতে হাতে স্মাৰ্টফোন। ইণ্টাৰনেটত সহজলভ্য পৰ্ণ ভিডিঅ'ৰ কুৎসিৎ হাৱাই আজিৰ নৱ প্ৰজন্মক মানসিক ভাৱে কোঙা কৰি পেলোৱাত প্ৰত্যক্ষ অৰিহণা আগবঢ়াইছে। যাৰফলত নিত্য নতুন ঘটনা ঘটিবলৈ ধৰিছে। আনকি ভাতৃ-ভগ্নী, পিতৃ-মাতৃ আদি নিচিনাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে। 
    এনে পৰিস্থিতি আৰু পৰিৱেশৰ পৰা আঁতৰাই ৰাখিবলৈ আমি সকলোৱে প্ৰচেষ্টা কৰিব লাগিব। সমাজত লুকঢাক নকৰাকৈ আলোচনা কৰি নতুন প্ৰজন্মৰ লগতে সকলোৰে মাজত সচেতনতা আৰু সজাগতা অনাৰ প্ৰয়াস কৰিব লাগিব।


Please read the topic and leave a fruitful comment in the comments box under the topic. - Author: Dudul Sonowal.

 🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇







     

Wednesday, June 1, 2022

কুইজ বীথিকা | Gallery of Quiz.

কুইজ বীথিকা । Gallery of Quiz.কুইজৰ উৎপত্তি নিশ্চিতভাৱে জনা নাযায়। এটা জনপ্ৰিয় কাহিনীয়ে ইয়াক অষ্টাদশ শতিকাৰ থিয়েটাৰ মেনেজাৰৰ দ্বাৰা নিৰ্মিত বাজিৰ সৈতে সম্পৰ্কিত কৰে, কিন্তু সময়ৰ লগে লগে ইয়াৰ অৰ্থ আৰু ব্যৱহাৰ সলনি হৈছে। মূলতঃ, কুইজে এজন উদ্ভট ব্যক্তি বা বস্তু বৰ্ণনা কৰিছিল। পিছলৈ ইয়াৰ অৰ্থ আছিল "ঠাট্টা কৰা" বা "উপহাস কৰা"। উনবিংশ শতিকাত ই শ্ৰেণীকোঠাৰ ভিতৰত আৰু বাহিৰত পৰীক্ষা বা প্ৰশ্নৰ বিষয়ে উল্লেখ কৰি প্ৰন্ন সোধা কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি জনা যায়। কুইজৰ সৈতে সম্পৰ্ক থকা কাহিনীটো এনেধৰণৰ - কুইজ—এই শব্দটো এটা কৌতুকৰ জৰিয়তে উদ্ভৱ হৈছিল বুলি কোৱা হয়। ডাবলিন প্লে-হাউচৰ মেনেজাৰ ডালিয়ে বাজি ধৰিছিল যে তেওঁ চব্বিশ ঘণ্টাৰ ভিতৰত চহৰখনত সাধাৰণ আলোচনা হ'বলৈ এনেকুৱা এটা শব্দ সৃষ্টি কৰিব পাৰে যাৰ কোনো অৰ্থ নাই। ইয়াৰ পিছত তেওঁ কোঠাৰ বেৰত কিউ, ইউ, আই, জেড, (q u i z) বুলি চক পেঞ্চিলেৰে লিখি দিছিল, বাজিটোত তেওঁ জিকিছিল কাৰণ সেই শব্দটোক লৈ সকলোৱে সমালোচনাত ব্যস্ত হৈছিল। সেয়েহে, এজন অদ্ভূত ব্যক্তি বা জোকাৰক বুজাবলৈ এইটো শব্দ আহিছিল বুলি কোৱা হয় কিন্তু পশ্চিমীয়া সমাজত ইয়াক কেৱল কথোপকথন, বা অশ্লীল ভাষাত ব্যৱহাৰ কৰা হয়। কুইজ হৈছে এক প্ৰকাৰৰ মনৰ খেল য'ত খেলুৱৈসকলে এক নিৰ্দিষ্ট বা বিভিন্ন বিষয়ৰ বিষয়ে প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰে। জ্ঞান, সামৰ্থ্য বা দক্ষতাৰ বিকাশ জোখাৰ বাবে শিক্ষা আৰু একে ক্ষেত্ৰত কুইজবোৰ চমু মূল্যায়ন হিচাপে ব্যৱহাৰ কৰিব পাৰি। আনকি সেইবোৰ মনোৰঞ্জনৰ উদ্দেশ্যৰ বাবে টেলিভিছনত প্ৰদৰ্শন কৰিবও পাৰি ।


সানমিহলি : 

১/ অসমৰ এজন ব্যক্তিক 'অৰণ্য মানৱ' আখ্যাৰে জনা যায়। ব্যক্তিজনৰ অনবৰতে অৰণ্যৰ সৈতে মধুৰ সম্পৰ্ক আছে। ব্যক্তিজনৰ নাম কি? 
উত্তৰ: যাদৱ পায়েং।

২/ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত গাইছিল 'এৰাবাটৰ সুৰ' নামৰ বোলছবিত। এই ছবিখনতে এগৰাকী অসমৰ বিখ্যাত গায়কৰ পত্নীয়ে নৃত্য অভিনয় কৰিছিল। মানুহ গৰাকীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়ম্বদা পেটেল।

৩/ প্ৰিয়ম্বদা পেটেল কোন গৰাকী গায়কৰ পত্নী আছিল ?

উত্তৰ : ড° ভূপেন হাজৰিকাৰ।

৪/ দক্ষিণ ভাৰতত 'মোৰচাং' বা 'মোৰচাঙ্ক' নামৰ বাদ্যবিধ অন্ধ্ৰ প্ৰদেশৰ চেঞ্চু জনজাতিৰ মাজত 'টোণ্ডাৰামা' নামেৰে জনাজাত। অসমীয়া সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাবে জড়িত এই বাদ্যক জেমি সকলে ' ইণ্টু' , তাই বৌদ্ধ সকলে 'কাংকং' বুলি কয়।বাদ্য বিধৰ নাম কি? 

উত্তৰ : গগণা।

৫/ এবিধ অতি সৰু আকাৰৰ চৰাই। প্ৰজাতিটোৰ বৈজ্ঞানিক নাম 'এজিথিনাটিফিয়া'। চৰাইবিধ বিশেষকৈ এচিয়া মহাদেশৰ বিষুৱীয় অঞ্চলত সৰ্বাধিক পৰিমাণে পোৱা যায়। বিহু বতৰত চৰাইবিধ অসমলৈ আহে, চৰাইবিধৰ চিনাকি নামটো কি?

উত্তৰ : বিহুৱতী চৰাই।

৬/ শিক্ষক দিৱস উদযাপন কৰা দিনটোত ভাৰতৰ যিজন ব্যক্তিৰ জন্ম দিন আছিল, সেইজন ব্যক্তি হৈছে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ । তেখেত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। প্ৰশ্ন হৈছে 'সৰ্বেপল্লী ৰাধাকৃষ্ণণ ' এটা কি ?

উত্তৰ: মানুহৰ নাম।

৭/ এজাক বৰষুণ পোৱাৰ লগে লগে শাৰী শাৰীকৈ ৰোৱা নাহৰৰ গছবোৰত কোমল কুঁহিপাতবোৰৰ ৰঙচুৱা বৰণ ধৰে। এই সময়ছোৱা প্ৰকৃততে কোন ঋতুত আহে ? 

উত্তৰ: বসন্ত ঋতুত।

৮/ খুবলিলৈ ধান বঢ়াই দিয়া দীঘল মাৰিডালৰ নামেই বাঢ়নী মাৰি বা বাঢ়নী ডাইকী ।বাঢ়নী ডাইকী ডালৰ আগ ভাগত এসোপা ফটাকানি বন্ধা থাকে। সেই ফটাকানিৰ বান্ধটোৰ নাম কি ?

উত্তৰ : বাঢ়নী সোপা বা বানতি ।

৯/ জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয় গৰাকী হৈছে মামনি ৰয়ছম গোস্বামী । তৃতীয় গৰাকী  জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিকৰ নাম কি ?

উত্তৰ : নীলমণি ফুকন (কণিষ্ঠ) ।

১০/ সকলো জন্তুৰে মুখৰ ওপৰত বা মূৰৰ ওপৰত শিং থাকে,কিন্তু এনে এবিধ জন্তু আছে যাৰ নাকৰ ওপৰতহে শিং থাকে, জন্তু বিধৰ নাম কি ?

উত্তৰ : গড়।
১১/ অসমীয়া শিপিনীৰ তাঁতশালত দুটাকৈ টোলোঠা থাকে। যদি সন্মূখৰফালে থকাটোৰ নাম সূতাৰ টোলোঠা হয় , তেন্তে শিপিনীৰ গাৰফালে লাগি থকা টোলোঠাটোৰ নাম কি বাৰু ?

উত্তৰ : শিপিনী টোলোঠা।

বিজ্ঞানৰ কুইজ :

১/ পৰুৱাৰ শুংত থকা এচিডবিধৰ নাম কি ?
উত্তৰ : ফৰমিক এচিড।

২/ ভিটামিন A অভাৱত দৃষ্টি শক্তি কমি যোৱা, B ৰ অভাৱত বেৰিবেৰি ৰোগ, C ৰ অভাৱত স্কাৰ্ভি ৰোগ হয়, তেন্তে লোৰ অভাৱত কি ৰোগ হ'ব পাৰে ?
উত্তৰ : ৰক্তহীনতা বা animia.

৩/ অস্বচ্ছ বস্তু এটা পোহৰত দাঙি ধৰিলে এনে এটা বস্তু বিপৰীত দিশত সৃষ্টি হয়, যাক চুব নোৱাৰি কিন্তু বস্তুটোৰ দৰে হুবহু একে হয়। বস্তুটোৰ নাম কি ? 
উত্তৰ : ছাঁটো।

৪/ সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াত এবিধ গেছৰ নিৰ্গত হয়,যি গেছ মানৱ জাতিৰ প্ৰাণ হিচাপে বিবেচিত। সেই গেছবিধৰ নাম কি?

উত্তৰ : অক্সিজেন।

৫/ এটুকুৰা পাউৰুটী পানীৰে সিক্ত কৰি সেমেকা ঠাইত ৰাখিলে পাউৰুটী টুকুৰাটোৰ ওপৰত কপাহৰ সূতাৰ দৰে কিছুমান আঁহ বা জীৱৰ জন্ম হয়। এই জীৱ সমূহক কি বোলা হয় ?

উত্তৰ : ভেঁকুৰ ( Fungi) ।

৬/ সচৰাচৰ জুই নুমুৱাবলৈ পানী ব্যৱহাৰ কৰা হয়। কিন্তু বৈদ্যুতিক আহিলাপাতি, পেট্ৰল বা আন তেল জাতীয় সামগ্ৰী জুই লাগিলে জুই নুমুৱাবলৈ পানীৰ সলনি এবিধ গেছ ব্যৱহাৰ কৰা হয়, এই গেছবিধৰ নাম কি?

উত্তৰ : কাৰ্বন-ডাই-অক্সাইড।

৭/ ঘৰুৱা আৰু উদ্যোগিক ক্ষেত্ৰত তাপ শক্তিৰ হিচাপে ঘাইকৈ কাঠ, এঙাৰ, পেট্ৰল,কেৰাচিন আদি ব্যৱহাৰ কৰা হয়। প্ৰশ্ন হৈছে এই সামগ্ৰীসমূহক প্ৰকৃততে কি নামেৰে জনাজায় ?

উত্তৰ : ইন্ধন ( Fuels)। 

৮/ সোণ আৰু ৰূপ জুইত গলাব পাৰি। জুইৰ তাপক তিনিটা মণ্ডলত বিভক্ত কৰা হৈছে -বহি:মণ্ডল, মধ্যমণ্ডল,আন্ত:মণ্ডল। সোণাৰী সকলেও জুইৰ তাপত সোণ গলাই বিভিন্ন সামগ্ৰী বনায়, প্ৰশ্ন হ'ল সোণাৰীয়ে সোণ গলনত জুই শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ?

উত্তৰ : বহি:মণ্ডল।

৯/ ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড উৎপন্ন কৰে। এই এচিড মিশ্ৰিত বৰষুণক কি নামেৰে জনা যায় ?

উত্তৰ : এচিড বৰষুণ । 

১০/  জীৱিত বিভিন্ন প্ৰাণীৰ দেহ বিভিন্ন কোষেৰে গঠিত। ইয়াৰে কিছুমান প্ৰাণীয়ে কণী দিয়ে,আন কিছুমানে পোৱালি জগায় । কুকুৰাই কণী দিয়ে,প্ৰশ্ন হৈছে কুকুৰাৰ কণী এটা কোষ নে কোষৰ সমষ্টি ?

উত্তৰ : এটা কোষ।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো। 
💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖

Friday, May 27, 2022

হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্পৰ্কে যৎকিঞ্চিত। There is a lot of discussion about the Hahkhati High (Secondary ) School.

হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্পৰ্কে যৎকিঞ্চিত। 

     সাম্প্ৰতিক সময়ত বৃহত্তৰ হাঁহখাটী অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়। ১৯৭৮ চনৰ এক শুভক্ষণত বিদ্যালয়খন শ্ৰী যুত টিকাৰাম ছেত্ৰী ডাঙৰীয়াই প্ৰতিস্থাপন কৰিছিল। তেতিয়াৰ পৰা বৰ্তমানলৈ বহু উত্থান-পতনৰ সাক্ষী হৈ, বহু হিৰণ্ময় অতীত অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হৈছেহি। হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপৰেখা লিখিবলৈ যাওঁতে উচ্চ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ বিদ্যালয়ৰ সম্পৰ্কে কিছু ব্যাখ্যা আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আছে। কাৰণ 2017 চনতহে হাঁহখাটী উচ্চ বিদ্যালয়খন ( Hahkhati high school) 'হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়' (Hahkhati high secondary school ) হিচাপে নামাকৰণ হৈছিল। হাঁহখাটী উচ্চ বিদ্যালয়খন চৰকাৰৰ নিৰ্দেশ মৰ্মে যোৱা ২০১৭ চনত 'হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়'ৰ লগত একত্ৰিত হৈছিল। গতিকে হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় আৰু উচ্চ বিদ্যালয়ৰ সম্পৰ্কে পৃথককৈ আলোচনাৰ প্ৰয়োজন আছে। 

  
      অৱস্থান: 
      তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া সমষ্টিৰ অন্তৰ্গত হাঁহখাটী গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত নেপালী গাওঁত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়খন অৱস্থিত। শিক্ষাখণ্ড হৈছে কাকপথাৰ । পূৱে হাঁহখাটী নেপালী গাওঁ, , পশ্চিমে ৰাইজৰ ধাননি পথাৰ আৰু উষাপুৰ গাওঁ, উত্তৰে হাঁহখাটী ডিৰাকমুখ পথ আৰু উপ স্বাস্থ্য কেন্দ্ৰ, দক্ষিণ দিশত আছে নেপালী গাওঁৰ একাংশ আৰু বালিগাঁও। 
   
      হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় : 
      
     ঐতিহ্য পূৰ্ণ হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ত অধ্যয়ন কৰিয়েই সহস্ৰাধিক লোকে 'জীৱনৰ সৌঁধ' গঢ়িবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এক সুন্দৰ ইতিহাস আছে। 
     
   উল্লেখযোগ্য যে বিদ্যালয়খনত অঞ্চলটোৰ কেইবাখনো গাওঁৰ পৰা ল'ৰা ছোৱালী আহি শিক্ষা গ্ৰহণ কৰে। বিশেষকৈ অঞ্চলটোত নেপালী সম্প্ৰদায়ৰ মানুহৰ সংখ্যা বেছি। তদুপৰি মৰাণ,মটক, আহোম, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠী, উৰিয়া, মাৰোৱাৰী আদি সম্প্ৰদায়ৰ লোকেও বাস কৰে। গতিকে বিদ্যালয়খনত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ল'ৰা ছোৱালী বিলাকে একতাৰে শিক্ষা গ্ৰহণ কৰাটো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে চিহ্নিত। সাৰদা মধ্য ইংৰাজী বিদ্যালয় খন ১৯৬৩ চনতে স্থাপিত হৈছিল বুলি বিদ্যালয়ৰ সংৰক্ষিত তথ্যৰ জৰিয়তে জনা যায়। পৰৱৰ্তী ১৯৭৮ চনত বিদ্যালয়খন প্ৰাদেশিকীকৰণেৰে চৰকাৰৰ স্বীকৃতি লাভ কৰিছিল। তেতিয়াৰ পৰাই এক যুগজয়ী কাৰ্য সম্পাদন কৰি গৈছে যিটো হাঁহখাটী অঞ্চলবাসীৰ বাবে অতি গৌৰৱৰ বিষয়। 
     
     প্ৰাক ৰূপৰেখা: আজিৰ পৰা প্ৰায় ৬০ বছৰ পূৰ্বে স্থানীয় সমাজকৰ্মী ব্যক্তি ৰূপে পৰিচিত স্বৰ্গীয় চন্দ্ৰ চেত্ৰী আৰু সহযোগী সকলৰ যৌথ প্ৰচেষ্টাত কোনো এক মহেন্দ্ৰক্ষণত হাঁহখাটী নেপালী গাওঁৰ বৰ্তমানৰ স্থানত হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় খন ১৯৬৩ চনত স্থাপন কৰা হৈছিল। সময়ৰ চাকনৈয়াত তেতিয়াৰ পৰাই বিদ্যালয়খনে বহু ঘাত-প্ৰতিঘাত, শুভ অশুভ মূহুৰ্ত অতিক্ৰম কৰি আহিছে যিবোৰ অনাগত দিনত নৱপ্ৰজন্মৰ বাবে কেৱল সাধুকথাৰ সদৃশ হ'ব। 
     সমাজসেৱক স্বৰ্গীয় চন্দ্ৰ বাহাদুৰ ছেত্ৰী ডাঙৰীয়াৰ নিজা প্ৰয়াসত বিদ্যালয়ৰ গৃহ প্ৰথমে বাঁহ-খেৰেৰে সাধাৰণভাৱে নিৰ্মাণ কৰি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। সহযোগী আছিল নৰেন শইকীয়া আৰু স্বৰ্গীয় হৰিপ্ৰসাদ ৰাই। গতিকে হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল চন্দ্ৰ বাহাদুৰ ছেত্ৰী ডাঙৰীয়া। তেখেতে সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে তৎকালীন সময়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই নগণ্য আছিল। কেৱল বিশ (২০) গৰাকী ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণেৰে বিদ্যালয় খন শুভাৰম্ভ কৰা হৈছিল বুলি বিদ্যালয়ৰ তথ্যৰ পৰা জানিব পৰা যায়। প্ৰথমাৱস্থাত চতুৰ্থ শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ শিক্ষা দান হৈছিল। চতুৰ্থ শ্ৰেণীত ৮ জন , পঞ্চম শ্ৰেণীত ১১ জন আৰু ষষ্ঠ শ্ৰেণীত কেৱল ১ জন ছাত্ৰ-ছাত্ৰীৰে বিদ্যালয় খন আৰম্ভ হৈছিল।
     পৰৱৰ্তী সময়ত প্ৰতিস্থাপক প্ৰধান শিক্ষক চন্দ্ৰ বাহাদুৰ ছেত্ৰী ডাঙৰীয়া এবছৰ পদত থাকি কোনো কাৰণত বিদ্যালয় ত্যাগ কৰিছিল। তাৰ কিছুদিন পিছত নৰেন শইকীয়া দেৱেও বিদ্যালয় ত্যাগ কৰাত থিৰ বাহাদুৰ ছেত্ৰী আৰু দিল বাহাদুৰ ছেত্ৰীয়ে বিদ্যালয়ত নতুনকৈ যোগদান কৰিছিল। দিল বাহাদুৰ ছেত্ৰী ডাঙৰীয়াক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। এওঁলোকেও কেৱল এবছৰ চাকৰি কৰি বিদ্যালয় ত্যাগ কৰিছিল।পুনৰ খালী পদৰ বিপৰীতে ১৯৬৬ চনত স্বৰ্গীয় মদন ঠাকুলী, শ্ৰী টিকাৰাম আচাৰ্য আৰু শ্ৰী ডিম্বেশ্বৰ শইকীয়া ডাঙৰীয়াক নিযুক্তি দিয়া হয়। সৌভাগ্য ক্ৰমে স্বৰ্গীয় মদন ঠাকুলী ডাঙৰীয়াই প্ৰধান শিক্ষক হিচাপে অধিষ্ঠিত হয় আৰু তেখেতৰ দিনতেই ১৯৭৮ চনত বিদ্যালয়খনে চৰকাৰী স্বীকৃতি লাভ কৰি প্ৰাদেশিকীকৰণৰ ৰূপ পাইছিল। ৰাইজৰ সহযোগ আৰু স্বৰ্গীয় মদন ঠাকুলী ডাঙৰীয়াৰ একান্ত প্ৰচেষ্টাত বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ তেতিয়াৰ পৰাই যথেষ্ট উন্নতি ঘটিছিল। বিদ্যালয়ৰ আন আনুসংগিক দিশতো পূৰ্বৰ তুলনাত অধিক উন্নত হৈছিল বুলি জনা যায়। ১৯৬৩ চনৰ পৰা ১৯৭৭ চনলৈ ছাত্ৰ ছাত্ৰীৰ গড় সংখ্যা আছিল প্ৰায় ২৮ জন। অৰ্থাৎ পূৰ্বৰ তুলনাত ১৯৬৬ চনৰ পৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। অৱশ্যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপ ভাৱে বৃদ্ধি পালেও সেই সময়ত ছাত্ৰ ছাত্ৰীৰ সংৰক্ষণৰ ব্যৱস্থা বা শতকৰা আৰক্ষণৰ ব্যৱস্থাৰ ক্ষেত্ৰত কিছু শিথিল আছিল বুলি অনুমান কৰিব পাৰি। কাৰণ সেই সময়ত ল'ৰা ছোৱালীয়ে (প্ৰায়) উচচ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নকৰাকৈয়ে বিদ্যালয় ত্যাগ কৰিছিল। ইয়াৰ বাবে গাওঁৰ বোকাময় পথ, দৰিদ্ৰতা আৰু অভিভাৱকৰ অসচেতন মনোভাৱক জগৰীয়া কৰিব পৰা যায়। 
     জনা যায় যে বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ হোৱাৰ পিছৰ পৰাই হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সংখ্যা লক্ষণীয় ভাৱে বৃদ্ধি পাইছিল। শিক্ষাদান, শৈক্ষিক পৰিৱেশ আৰু আভ্যন্তৰীণ কাম-কাজৰ উন্নতি হৈছিল। 
     ১৯৭২ চনত সুদূৰ কাকপথাৰ টঙনাৰ পৰা আহি কৃষ্ণ বাহাদুৰ লিম্বু ডাঙৰীয়াই এই বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল। বৰ্তমান তেখেত অৱসৰ প্ৰাপ্ত শিক্ষক। আৰৈমূৰীয়া গাওঁৰ নিবাসী লক্ষীনন্দন সোণোৱাল দেৱেও এই বিদ্যালয়ত শিক্ষকতা কৰি ইতিহাস শুৱনি কৰি গৈছে। 
     ১৯৮০ চনৰ পৰৱৰ্তী সময়ত মদন ঠাকুলী ভাঙৰীয়া প্ৰধান শিক্ষক হৈ থকা কালছোৱাত কেইবাজনো ন-কৈ শিক্ষকে নিযুক্তি লাভ কৰিছিল। ইয়াৰ ভিতৰত স্বৰ্গীয় নন্দলাল উপাধ্যায়, গোপীলাল চেত্ৰী, পখিলী চুতীয়া, সুশীল মাউত, মনজিত কুমাৰ ঠাকুৰ, ভৱানী শঙ্কৰ শৰ্মা, আৰু বীৰেন সোণোৱাল । ইয়াৰে বীৰেন সোণোৱাল নিযুক্তি প্ৰাপ্ত পদৰ কিছু খেলিমেলি থকাৰ বাবে বিদ্যালয় ৩ বছৰৰ পাছত ত্যাগ কৰিবলগীয়া হৈছিল। পৰৱৰ্তী সময়ৰ ১৯৯৯ চনত বিপুল গগৈ আৰু খগেন শইকীয়াই নিযুক্তি পত্ৰ লাভ কৰি যোগদান কৰিছিল। ২০০১ চনত অপাৰেশ্যন ব্লেক বৰ্ডৰ অধীনত পুনৰ দুদুল সোণোৱাল আৰু বেদ বাহাদুৰ লিম্বুৱে নিযুক্তি লাভ কৰিছিল। ইয়াৰে বেদ বাহাদুৰ লিম্বুৱে চাকৰি খেলিমেলিৰ বাবে ৮/৯ বছৰ কৰ্ম কৰি এই বিদ্যালয় ত্যাগ কৰিছিল। ২০০২ চনত প্ৰধান শিক্ষক মদন ঠাকুলী ডাঙৰীয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। তেতিয়া প্ৰধান শিক্ষকৰ খালী হোৱা চকীখন পূৰাইছিল সহ শিক্ষক নন্দলাল উপাধ্যায় ডাঙৰীয়াই। কিন্তু কোনো অজ্ঞাত কাৰণত নন্দলাল উপাধ্যায়ে দুৰ্ভাগ্য জনকভাৱে আত্মহত্যা কৰাত পুনৰ চকীখন খালী হৈ পৰে। সেই খালী হৈ পৰা চকীখন কৃষ্ণ বাহাদুৰ লিম্বু ডাঙৰীয়াই দখল কৰিছিল আৰু দুবছৰ কাল অতিবাহিত কৰি তেখেতে কিছু অজ্ঞাত কাৰণত প্ৰধান শিক্ষকৰ বিষয়বাব ত্যাগ কৰিছিল। ২০০৫ চনত গোপীলাল চেত্ৰী ডাঙৰীয়াই প্ৰধান শিক্ষকৰ গুৰুদায়িত্ব মূৰ পাতি লৈছিল আৰু তেখেতে ২০১৭ চনলৈ এই পদত অধিষ্ঠিত হৈ আছিল। ইয়াৰ মাজতে ২০০৩ -০৪ চনত গোবিন্দ বাহাদুৰ ছেত্ৰীয়ে সৰ্বশিক্ষাৰ অধীনত দুই বছৰৰ বাবে নিযুক্তি লাভ কৰিছিল আৰু দুবছৰ সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ পুনৰ বিদ্যালয় ত্যাগ কৰিছিল।
     ২০১৭ চনত কাষতে লাগি থকা হাঁহখাটী উচ্চ ইংৰাজী বিদ্যালয়ৰ সৈতে সাৰদা মধ্য ইংৰাজী বিদ্যালয় একত্ৰীকৰণ হোৱাত হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ৰ নাম সলনি হৈ হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় হিচাপে নামাঙ্কিত হয়। 
     ২০১০ চনত ৰাজেন্দ্ৰ নাথ সোণোৱাল খালী পদৰ বিপৰীতে নিয়মীয়া শিক্ষকৰূপে নিযুক্তি লাভ কৰিছিল আৰু বৰ্তমান তেওঁ কৰ্মৰত অৱস্থাত।
     অসম চৰকাৰৰ দ্বাৰা নিযুক্তি দিয়া টেট শিক্ষক চাৰিজন ২০১২ চনত যোগদান কৰিছিল। তেওঁলোক আছিল ক্ৰমে কাকুমনি চাংমাই, কবিতা শৰ্মা, কৰবী লাহন আৰু গণেশ প্ৰসাদ। অৱশ্যে তেওঁলোক দূৰদূৰণিৰ আন জিলাৰ পৰা অহা বাবে চৰকাৰে আগবঢ়োৱা ট্ৰেন্সফাৰৰ সুযোগ গ্ৰহণ কৰি এই বিদ্যালয় ত্যাগ কৰি নিজ জিলাৰ অন্তৰ্ভুক্ত বিদ্যালয়ত যোগদান কৰেগৈ। এই সময়ছোৱাতে ৰূপেশ্বৰী কোঁৱৰ নামৰ আন এগৰাকী শিক্ষয়িত্ৰী এই বিদ্যালয়লৈ ট্ৰেন্সফাৰ হৈ আহে। বৰ্তমান তেওঁ অৱসৰ প্ৰাপ্ত শিক্ষক।
     ছাত্ৰ-ছাত্ৰী হাৰ যিদৰে বাঢ়িছে সেই অনুপাতে শিক্ষকৰ হাৰ এতিয়াও বহু কম বুলিব পাৰি। বিদ্যালয় প্ৰাদেশিকীকৰণ হোৱাৰ পৰৱৰ্তী ১৯৭৮ চনৰ পৰা ২০১৭ চনলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল । এই সময়ছোৱাত গড়ে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৩৫০ জনৰ পৰা ৪০০ জনৰ ভিতৰত। অঞ্চলটোৰ থুলতাৰ প্ৰতি লক্ষ্য কৰিলে পৰিলক্ষিত হয় যে বৰ্তমান সময়ত বিদ্যালয়খনৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি ঘটিছে। 

হাঁহখাটী উচ্চ বিদ্যালয়ৰ ৰূপৰেখা :  

   হাঁহখাটী উচ্চ বিদ্যালয় আৰম্ভ কৰা হৈছিল ১৯৭৮ চনত। বিদ্যালয়খন টিকাৰাম ছেত্ৰী ডাঙৰীয়াই প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়। প্ৰতিষ্ঠা কালৰ পৰা ১৯৮২ চনলৈ প্ৰায় চাৰি বছৰ কাল বিদ্যালয় গৃহ বাঁহেৰে নিৰ্মিত কেঁচা আছিল। এই সময়ছোৱাত চৰকাৰৰ পৰা প্ৰাপ্ত এটা বিশেষ অনুদানৰ পুঁজিৰ জৰিয়তে ১৯৮২-৮৩ বৰ্ষত বিদ্যালয়খনৰ গৃহ পকীকৰণ কৰা হৈছিল। পৰৱৰ্তী ১৯৮৭ চনত বিশ্ববিদ্যালয়খন নীতি নিয়ম অনুযায়ী চৰকাৰী হিচাপে স্বীকৃতি প্ৰাপ্ত হৈছিল আৰু ১৯৯১ চনত বিদ্যালয়খন সম্পূৰ্ণ ৰূপে প্ৰাদেশিকীকৰণ হৈছিল। প্ৰথমাৱস্থাত মুঠ ৯-জন শিক্ষকে শিক্ষকতা কৰিছিল। প্ৰতিষ্ঠা কালৰ পৰা গুণকান্ত কলিতা, কুমুদ চন্দ্ৰ চুতীয়া, ধুন্দিৰাজ উপাধ্যায় আৰু চন্দ্ৰ চেত্ৰী ডাঙৰীয়াই বিদ্যালয়ত যোগদান কৰি টিকাৰাম ছেত্ৰী ডাঙৰীয়াৰ সহকৰ্মী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।‌ আনহাতে ১৯৯১ চনৰ সময়ছোৱাত অনন্তলাল শৰ্মা আৰু খিতা নাথ ডাঙৰীয়াই বিদ্যালয়খনত শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰে অনন্তলাল শৰ্মাৰ পদটো ১৯৯৫ চনত নিয়মীয়াকৰণ হৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত ২০০১ চনত সন্তোছ প্ৰধান, ২০১১ চনত মনোজ আচাৰ্য আৰু ২০১০ চনত গোবিন্দ বাহাদুৰ ছেত্ৰী ডাঙৰীয়াই কণ্টেকচুৱেল ভিত্তিত এই বিদ্যালয়ত নিযুক্তি লাভ কৰিছিল। তদুপৰি হিন্দী শিক্ষকৰ অভাৱ দূৰীকৰণাৰ্থে হাটীঘূলী উচ্চ বিদ্যালয়ৰ পৰা মন বাহাদুৰ ছেত্ৰী ডাঙৰীয়াই আহি ২০১৮ চনৰ পৰা এই বিদ্যালয়ত এবছৰ কাল শিক্ষা দান কৰি বিদ্যালয়ৰ ইতিহাসৰ পাতত নাম লিখি গৈছে। উচ্চ বৰ্গৰ সহায়ক হিচাপে প্ৰতিষ্ঠা কালৰ পৰাই কাৰ্যনিৰ্বাহ কৰিছিল দুৰ্গা বাহাদুৰ ছেত্ৰী ডাঙৰীয়াই আৰু চতুৰ্থ বৰ্গৰ পদত অধিষ্ঠিত হৈ আছিল লক্ষী প্ৰসাদ ৰাই ডাঙৰীয়াই।
   উল্লেখ্য যে বৰ্ণনাৰ পৰা ক'ব পাৰি যে প্ৰথমাৱস্থাত শিক্ষকৰ পৰিয়ালত মুঠ ন- জন শিক্ষকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদ্যালয়ৰ সামগ্ৰিক দায়িত্ব সুন্দৰ ভাৱে পৰিচালনা কৰিছিল প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰী ডাঙৰীয়াই। সেই ১৯৭৮ চনৰ পৰা বহু ত্যাগ স্বীকাৰ কৰিছিল তেখেতে। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে অতিক্ৰম কৰি বিদ্যালয়খনে প্ৰাদেশিকীকৰণৰ নিৰ্দেশ লাভ কৰিছিল। প্ৰধান শিক্ষকৰ একান্ত প্ৰচেষ্টা আৰু কৰ্তব্যপৰায়ণ মনোভাৱৰ বাবেই বিদ্যালয়খন আজিৰ অৱস্থালৈ উন্নীতকৰণ হ'বলৈ সক্ষম হৈছিল। প্ৰতিষ্ঠা কালৰে পৰা প্ৰধান শিক্ষকৰ চকী শুৱনি কৰি, বিদ্যালয়ত অনন্য মাত্ৰাত শৈক্ষিক পৰিৱেশ সৃষ্টি কৰি, বহু ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি ২০১৫ চনত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক টিকাৰাম ছেত্ৰী ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰে। সুদীৰ্ঘ কাল প্ৰধান শিক্ষক হিচাপে অধিষ্ঠিত হৈ বিদ্যালয়ৰ লগতে সমাজৰ বিভিন্ন কামত, বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি তেখেতে সমাজৰ বাবে, বিদ্যালয়ৰ বাবে পৰ্যাপ্ত অৱদান আগবঢ়াই গ'ল। ইয়াৰ পিছত প্ৰধান শিক্ষকৰ দায়িত্ব বহন কৰিছিল গুণকান্ত কলিতা ডাঙৰীয়াই। অৱশ্যে তেখেতৰ শাৰীৰিক অসুস্থতাৰ হেতু কেৱল এবছৰ কাল অৰ্থাৎ ২০১৬ বৰ্ষটো কাৰ্যনিৰ্বাহ কৰি পদত্যাগ কৰিছিল। পৰৱৰ্তী ২০১৭ চনত প্ৰধান শিক্ষক হিচাপে চন্দ্ৰ চেত্ৰী ডাঙৰীয়াই অধিষ্ঠিত হৈছিল আৰু ২০২১ চনৰ ৩১ ডিচেম্বৰলৈ সুচাৰুৰূপে কৰ্তব্য কৰি অৱসৰ গ্ৰহণ কৰে। থূলমূলকৈ এয়াই হৈছে হাঁহখাটী উচ্চ বিদ্যালয়ৰ প্ৰাককালীন ইতিহাস।  
 
      বৰ্তমান সময়ত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় : 
      ২০১৭ চনত চৰকাৰৰ নিৰ্দেশ মৰ্মে উচ্চ বিদ্যালয়ৰ পৰিৱৰ্তে নতুন শিক্ষা নীতিৰ আধাৰত 'হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়' হিচাপে নামাঙ্কিত হৈছিল। কাষতে লাগি থকা হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয়ক এই বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ'ল। এতিয়া দুয়োখন বিদ্যালয় একহৈ এখন বিদ্যালয়লৈ পৰিণত হ'ল। যোৱা ২০২১ ডিচেম্বৰত প্ৰধান শিক্ষক চন্দ্ৰ চেত্ৰী ডাঙৰীয়াই অৱসৰ গ্ৰহণ কৰাৰ লগে লগে পুনৰ প্ৰধান শিক্ষকৰ পদ খালী হৈ পৰে। খালী হৈ থকা পদত জ্যেষ্ঠতাৰ ভিত্তিত উচ্চ প্ৰাথমিক পৰ্যায়ৰ পৰা উন্নীত হোৱা শিক্ষক মনজিত কুমাৰ ঠাকুৰ ডাঙৰীয়াই অধিষ্ঠিত হয়। এইখিনিতে বিগত ২০২১ বৰ্ষত নতুনকৈ এজন বিজ্ঞান শিক্ষক হিচাপে পদুম বাহাদুৰ ছেত্ৰীয়ে নিযুক্তি লাভ কৰিলে।
      বৰ্তমান সময়ত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালত আছে মুঠ শিক্ষক ১২ জন আৰু আন কৰ্মচাৰী দুজন মিলাই সৰ্বমুঠ ১৪ জন কৰ্মচাৰী । 
      ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাতে শিক্ষকৰ সংখ্যা বহু কম হৈছে। যাৰ বাবে বিদ্যালয়খনৰ শৈক্ষিক দিশত ইয়াৰ কু-প্ৰভাৱ পৰাৰ সম্ভাৱনা উদয় হৈছে। 
      বৰ্তমান সময়ত হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয় বৃহত্তৰ হাঁহখাটী অঞ্চলৰ ৰাইজৰ আশা ভৰসাৰ থল। গতিকে এনে মহৎ আৰু ৰাইজৰ তথা সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ অতিশয় মৰমৰ, অতিশয় শ্ৰদ্ধাৰ এই অনুষ্ঠানটিক সৰ্বাংগসুন্দৰ ৰূপত তুলি ধৰিবলৈ হ'লে সকলোৰে অকৃত্ৰিম আৰু স্বাৰ্থহীন ত্যাগ আৰু অৱদানৰ প্ৰয়োজন আছে। কেৱল বিদ্যালয়ৰ গৃহ সুন্দৰকৈ গঢ়ি তুলিলেই নহ'ব, ইয়াৰ আভ্যন্তৰীন শৈক্ষিক পৰিৱেশ আৰু আনুসংগিক কাম-কাজৰ ক্ষেত্ৰতো চকুত লগা বিধৰ হ'ব লাগিব। শিক্ষা হ'ব লাগিব অবিৰত, সামগ্ৰিক আৰু সাৰ্বজনীন। টিউচন মুক্ত শিক্ষা প্ৰদান কৰি শিক্ষক শিক্ষয়িত্ৰী সকলে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিলে বিদ্যালয়খন অঞ্চলটোৰ ভিতৰতে জাকতজিলিকা হোৱাৰ সম্ভাৱনা অৱশ্যাম্ভাৱী ।
      দক্ষতা, চাতুৰ্যতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে প্ৰধান শিক্ষকজনে বিদ্যালয়খন উন্নতিৰ শিখৰত উঠাই নিবলৈ প্ৰয়াস কৰিব লাগিব। বাৰ্ষিক ভাৱে বিদ্যালয়ৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিলে, পৰিকল্পনা অনুসৰি শিক্ষাদান কৰিলে, বিদ্যালয়ৰ যাৱতীয় কাম-কাজ নি:স্বাৰ্থ ভাৱে সমাপন কৰিলে, শিক্ষক শিক্ষয়িত্ৰীয়ে নিজ কৰ্তব্য সঠিকভাৱে সাব্যস্ত কৰিলে নিশ্চিত ভাৱে এই বিদ্যালযখনৰ অধিক উন্নতি হ'ব।
       
   


প্ৰৱন্ধটোত ৰৈ যোৱা তথ্য সমূহ পুনৰ সন্নিবিষ্ট কৰা হ'ব। বিদ্যালয়খনৰ সৈতে সম্পৰ্কিত ব্যক্তি সকলৰ পৰা সু পৰামৰ্শ কামনা কৰিলোঁ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল। 


     



Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts