Wednesday, August 10, 2022

ভাৰতৰ জাতীয় পতাকা: চমু অৱলোকন। A brief description about the national flag of India.

ভাৰতৰ জাতীয় পতাকা চমু অৱলোকন। A brief discussion about our national flag.


    ভাৰতৰ জাতীয় পতাকা ( National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা আৰু দেশৰ পৰিচয়ৰ প্ৰতীক। ১৯৪৭ চনৰ ২২ জুলাই ৰ কংগ্ৰেছৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত এই পতাকা খনে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল বুলি জনা যায়।

    আনুভূমিক ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ (গেৰুৱা, বগা আৰু সেউজীয়া) সোঁমাজত চৌব্বিশডাল দণ্ডসম্বলিত এটি গাঢ় নীলা ৰঙৰ চক্ৰ আছে। ভাৰতীয় সংবিধানৰ নিয়ম অনুসৰি কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰা হয়। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। এই কমিশ্যনে বিভিন্ন আঞ্চলিক গোষ্ঠীক উৎপাদনৰ অধিকাৰ দিব পাৰে। ২০০৯ চনৰ তথ্য অনুযায়ী, কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ জাতীয় পতাকাৰ একমাত্ৰ উৎপাদক।

পতাকাৰ ব্যৱহাৰবিধি :
   "ভাৰতীয় পতাকাবিধি" আৰু জাতীয় প্ৰতীকাদি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণা বিধি অনুযায়ী, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। ২০০২ চনত, এজন নাগৰিকৰ আপিলৰ ভিত্তিতে ভাৰতীয় উচ্চতম ন্যায়ালয়ে সাধাৰণ নাগৰিকসকলক জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিয়াৰ বাবে ভাৰত চৰকাৰক পতাকাবিধি সংস্কাৰৰ নিৰ্দেশ দিয়ে। সেই মতে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে পতাকাবিধি সংস্কাৰ কৰি কেইটামান সীমিত ক্ষেত্ৰত জাতীয় পতাকাৰ ব্যৱহাৰ অনুমোদিত কৰে। ২০০৫ চনত পতাকাবিধি পুনৰায় সংশোধন কৰি কেইটামান বিশেষ ধৰণৰ বস্ত্ৰ ব্যৱহাৰৰ অতিৰিক্ত ব্যবস্থা কৰা হয়। পতাকা উত্তোলনৰ প্ৰথা আৰু অন্যান্য জাতীয় আৰু অ-জাতীয় পতাকাবিলাকৰ লগত জাতীয় পতাকা ব্যৱহাৰৰ বিধিও পতাকাবিধিত উল্লেখ আছে।

পতাকাৰ কিছু ইতিহাস :
১৯০৭ চনত বাৰ্লিন সমিতিৰ ভিখাজী কামাৰ দ্বাৰা প্ৰথম এই পতাকা খন উত্তোলন কৰা হৈছিল। ইয়াৰোপৰি পতাকাৰ কেন্দ্ৰত যঁতৰ সম্বলিত কৰি এই পতাকাখন ১৯২১ চনত বেচৰকাৰীভাৱে গৃহীত কৰা হৈছিল। আনহাতে এই পতাকা খন ১৯৩১ চনত গৃহীত হৈছিল আৰু আজাদ হিন্দ ফৌজৰ যুদ্ধ পতাকা হিচাপেও ব্যৱহাৰ কৰা হৈছিল।

   ঊনবিংশ শতাব্দীত ভাৰত আছিল ব্ৰিটিছ শাসনৰ অধীনত। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দেশীয় ৰাজ্যৰ শাসকসকলে ভিন্ন ভিন্ন নক্সাৰ একাধিক পতাকা ব্যৱহাৰ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত প্ৰত্যক্ষভাৱে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ভাৰতৰ তদানীন্তন ব্ৰিটিছ শাসকবৰ্গই প্ৰথমে এখন ভাৰতীয় পতাকাৰ ধাৰণাটি উত্থাপন কৰে। পাশ্চাত্য হেৰাল্ডিক আদৰ্শত নিৰ্মিত ষ্টাৰ অফ ইণ্ডিয়া আছিল কানাডা আৰু অষ্ট্ৰেলিয়াসহ অন্যান্য ব্ৰিটিছ উপনিবেশৰ পতাকাসমূহৰ সমৰূপীয়। ব্লু আৰু ৰেড এনচাইন পতাকাদুখনৰ ঊৰ্ধ্বত-বাম কোয়াড্ৰ্যাণ্টত থাকিছিল ইউনিয়ন ফ্লেগ আৰু দক্ষিণাৰ্ধ্বৰ মাজভাগত ৰাজমুকুট-বেষ্টিত এটা ষ্টাৰ অফ ইণ্ডিয়া। ষ্টাৰটো যে "ভাৰতীয়ত্ব"-ৰ প্ৰকাশক, তাক বুজাবলৈ ৰাণী ভিক্টোৰিয়াই তেওঁৰ ভাৰতীয় প্ৰজাবৰ্গৰ প্ৰতিনিধিস্বৰূপ সাম্ৰাজ্যৰ সেৱাত "নাইট কম্যাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ইণ্ডিয়া" নামৰ এটা পদ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সকলো দেশীয় ৰাজ্য বিকৃত ৰেড এনচাইন উড্ডীয়নৰ অধিকাৰ সহ ইউৰোপীয় হেৰাল্ডিক মাপকাঠি-সম্মত প্ৰতীকসহ পতাকা লাভ কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড এনচাইনে ব্ৰিটিছৰ ওচৰত ভাৰতৰ প্ৰতিনিধিৰৰূপে সৰ্বাপেক্ষা অধিক গুৰুত্ব অৰ্জন কৰিছিল। লিগ অফ নেশ্যনচ আৰু ১৯৪৫-৪৭ চনৰ সময়ছোৱাত জাতিসংঘই এই পতাকাকেই ভাৰতৰ পতাকা হিচাপে ব্যৱহাৰ কৰিছিল বুলি জনা যায়।

     বিংশ শতাব্দীৰ প্ৰাৰম্ভণিতে ব্ৰিটিচ ঔপনিবেশিক শাসনৰ কবলৰ পৰা মুক্তিলাভৰ উদ্দেশ্যে ভাৰতৰ স্বাধীনতা আন্দোলনে তাৰ গুৰুত্ব অৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়া এখন জাতীয় পতাকাৰ প্ৰয়োজনীয়তা বিশেষভাৱে অনুভূত হৈছিল। সেয়ে ১৯০৪ চনত স্বামী বিবেকানন্দৰ আইৰিচ শিষ্যা ভগ্নী নিবেদিতাই ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ ৰূপদান কৰে। এই পতাকাখন ভগিনী নিবেদিতাৰ পতাকা নামেৰে অভিহিত হয়। ৰঙা চতুষ্কোণ আকাৰৰ এই পতাকাৰ কেন্দ্ৰত আছিল বজ্ৰ আৰু শ্বেতপদ্ম সম্বলিত এটি হালধীয়া ইনচেট। পতাকাত "বন্দে মাতৰম" কথাষাৰ বঙালীত লিখা আছিল। ৰঙা ৰং আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক, হালধীয়া বিজয়ৰ আৰু শ্বেতপদ্ম পবিত্ৰতাৰ প্ৰতীক।

    ১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগ ভংগ বিৰোধী এখন সভাত প্ৰথম ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলিত হয়। এই পতাকা উত্তোলন কৰে শচীন্দ্ৰপ্ৰসাদ বসুৱে। পতাকাখন কলকাতা পতাকা নামেৰে পৰিচিত হয়। এই পতাকাৰ উপৰ, মধ্য আৰু তলত যথাক্ৰমে কমলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ তিনিটি আনুভূমিক ভাগ আছিল। উপৰৰ ভাগটোত আঠপাহ অৰ্ধ-প্ৰস্ফুটিত পদুম আৰু তলৰ ভাগত সূৰ্য আৰু অৰ্ধচন্দ্ৰ অঙ্কিত আছিল। মাজত দেৱনাগৰী হৰফত লিখিত আছিল "বন্দে মাতৰম" কথাষাৰ।

    ১৯০৭ চনৰ ২২ জুলাইত জাৰ্মানীৰ ষ্টাটগাৰ্ট চহৰত ভিখাজী কামাই অন্য এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে। এই পতাকাৰ ওপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং। সেউজীয়া ৰং আছিল ইছলামৰ প্ৰতীক আৰু গেৰুৱা হিন্দু আৰু বৌদ্ধধৰ্মৰ প্ৰতীক। সেউজীয়া ভাগটোৰ ওপৰত ব্ৰিটিছ ভাৰতৰ আঠখন প্ৰদেশৰ প্ৰতীক হিচাপে আঠপাহ পদুমৰ শাৰী অঙ্কিত আছিল। মাজৰ ভাগত দেৱনাগৰী হৰফত "বন্দে মাতৰম" কথাষাৰ লিখা আছিল আৰু তলৰ ভাগত পতাকাদণ্ডৰ ফালে অৰ্ধচন্দ্ৰ আৰু উত্তোলনৰভাগটোৰ ফালে এটা সূৰ্য অঙ্কিত আছিল। ভিখাজী কামা, বীৰ সাভাৰকৰ আৰু শ্যামজি কৃষ্ণ বৰ্মাই একেলগে এই পতাকাৰ নক্সা অঙ্কন কৰিছিল।প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত বাৰ্লিন কমিটিত ভাৰতীয় বিপ্লৱীসকলে এই পতাকাখন গ্ৰহণ কৰে। সেই তেতিয়াৰ পৰাই ই বাৰ্লিন কমিটি পতাকা নামেৰে অভিহিত হয়। প্ৰথম বিশ্বযুদ্ধত মেছোপটেমিয়াত সক্ৰিয়ভাৱে এই পতাকা ব্যৱহৃত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গদৰ পাৰ্টিয়ে পতাকাখন কিছু সময়ৰ বাবে ভাৰতৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল।

     ১৯১৭ চনত বাল গংগাধৰ তিলক আৰু এনী বেছাণ্ট পৰিচালিত হোমৰুল আন্দোলনে এখন নতুন পতাকাৰ জন্ম দিয়ে। এই পতাকাত পাঁচটা ৰঙা আৰু চাৰিটা সেউজীয়া আনুভূমিক ভাগ আছিল। উপৰৰ বাওঁফালে আয়তাকাৰ ইউনিয়ন পতাকা আছিল আন্দোলনৰ আকাঙ্ক্ষিত ডোমিনিয়ন মৰ্যাদা লাভৰ প্ৰতীক। ওপৰৰ উত্তোলিতভাগত আছিল বগা অৰ্ধচন্দ্ৰ আৰু তৰা। হিন্দুসকলৰ পবিত্ৰ সপ্তৰ্ষি মণ্ডলৰ প্ৰতীকৰূপে সাতটা বগা তৰা পতাকাত অঁকা আছিল। এই পতাকাই অৱশ্যে সৰ্বসাধাৰণৰ জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়।

      এবছৰ আগে ১৯১৬ চনত অধুনা অন্ধ্ৰপ্ৰদেশৰ মছলিপত্তনম চহৰৰ নিকটস্থ ভাটলাপেনামাৰু গাঁৱৰ বাসিন্দা পিঙ্গলি ভেংকয়াই এখন সাধাৰণ জাতীয় পতাকাৰ ৰূপদানৰ চেষ্টা কৰে। তেওঁৰ এই প্ৰচেষ্টাত উমৰ চোবানি আৰু এচ বি বোমানজিৰ চকুত পৰে। এওঁলোকে একেলগে ভাৰতীয় জাতীয় পতাকা মিশ্বন হাতত লয়। ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত যঁতৰৰ ছবি সম্বলিত এখন পতাকা প্ৰস্তুত কৰে। কিন্তু গান্ধীজিয়ে ভাবিলে, এই পতাকাত ভাৰতৰ সকলো ধৰ্মসম্প্ৰদায়ৰ প্ৰতিফলন নঘটিল।

       ঢ়মহাত্মা গান্ধীৰ ইচ্ছানুসাৰে এখন নতুন পতাকাৰ নক্সা তৈয়াৰ কৰা হয়। এই ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ ওপৰত আছিল বগা, মাজত সেউজীয়া আৰু তলত নীলা; যিবিলাক যথাক্ৰমে সংখ্যালঘু ধৰ্মসম্প্ৰদায়, মুছলমান আৰু হিন্দুৰ প্ৰতীক। তিনিটি ভাগ জুৰি অঁকা আছিল যঁতৰৰ ছবি। আনুভূমিক ত্ৰিৰঙ্গ ভাগ সম্বলিত এই পতাকা আয়াৰলেণ্ডৰ জাতীয় পতাকাৰ সমৰূপ আছিল। উল্লেখযোগ্য যে, আয়ালেণ্ডৰ পতাকা আৰু এখন প্ৰধান ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী আন্দোলনৰ প্ৰতীক। জাতীয় কংগ্ৰেছৰ আহমেদাবাদ অধিবেশনত উত্তোলিত হয়। যদিও ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিনে এইখনক চৰকাৰী পতাকা হিচাপে গ্ৰহণ নকৰিলে। স্বাধীনতা আন্দোলনত ইয়াৰ ব্যাপক প্ৰয়োগো দেখা নগ’ল।

      পতাকাৰ এই সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ বিষয়টোৱে অনেকৰ মনত অসন্তোষৰ সৃষ্টি কৰে। ১৯২৪ চনত কলকাতাত সৰ্বভাৰতীয় সংস্কৃত কংগ্ৰেছে হিন্দুধৰ্মৰ প্ৰতীকৰূপে গেৰুৱা ৰং আৰু বিষ্ণুৰ গদাৰ চিত্ৰ পতাকাত সংযোজনৰ প্ৰস্তাৱ দিয়ে। এই বছৰেই "হিন্দু যোগী আৰু সন্ন্যাসী আৰু মুছলমান ফকীৰ আৰু দৰবেশসকলৰ মাজত প্ৰচলিত ত্যাগৰ প্ৰতীক" গেৰুৱা গিৰিমাটি ৰং পতাকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিখসকলে দাবী তোলে, হয় তেওঁলোকৰ প্ৰতিনিধিৰূপে হালধীয়া ৰং পতাকাত থাকিব লাগিব, নহয় পতাকাৰ পৰা ধৰ্মীয় প্ৰতীকতত্ত্ব বাদ দিব লাগিব।

      এই সকলো দাবীৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ লক্ষৰে ১৯৩১ চনৰ ২ এপ্ৰিলত কংগ্ৰেছ কৰ্মসমিতিয়ে সাতজনীয়া এখন পতাকা সমিতি গঠন কৰে। "পতাকাত ব্যৱহৃত তিনিটি ৰঙক লৈ আপত্তি আছে; কাৰণ এই ৰংসমূহ সাম্প্ৰদায়িক ভিত্তিত চিহ্নিত" – এই মৰ্মে এটি প্ৰস্তাৱ গৃহীত হয়। কিন্তু এই সকলো অপ্ৰতিষ্ঠিত  আলাপ-আলোচনাৰ ফল হয় অভাবনীয়। পতাকাত একমাত্ৰ ৰং হালধীয়াৰ সলনি কমলা ৰখা হয় আৰু ওপৰৰ দণ্ডৰ ফালে যঁতৰৰ চিত্ৰ অঁকা হয়। পতাকা সমিতিয়ে এই পতাকাৰ প্ৰস্তাৱ ৰাখিলেও, সমগ্ৰ প্ৰকল্পত সাম্প্ৰদায়িক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে বুলি মন কৰি, কংগ্ৰেছে এই পতাকা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

     আজাদ হিন্দৰ ডাকটিকটত আজাদ হিন্দ পতাকা
পাছত ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিঙ্গলি ভেংকয়া অঙ্কিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়।

একেই সময়ত আজাদ হিন্দ ফৌজে ব্যৱহৃত পতাকাত "Azad Hind" (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে।

      স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হয়। গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰবৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে। তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাপে গৃহীত হ’ব। পাছত এই প্ৰস্তাৱো গৃহীত হয় যে ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব। যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো গৃহীত হয় পতাকাত। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয়।

পতাকাৰ ৰংৰ অৰ্থ আৰু অশোক চক্ৰ:

   তলত বিভিন্ন বৰ্ণ মডেল অনুসৰি ভাৰতীয় পতাকাৰ সম্ভাব্য ৰং সমূহৰ বৰ্ণনা দিয়া হল। গেৰুৱা, বগা, সেউজীয়া আৰু নীলা – এই চাৰিটা ৰং পতাকাত ব্যৱহৃত হৈছে।

    স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে বিশেষভাবে গঠিত গণপৰিষদে এই সিদ্ধান্তত উপনীত হয় যে ভাৰতৰ জাতীয় পতাকাক সকলো দল আৰু সম্প্ৰদায়ৰ পক্ষে গ্ৰহণযোগ্য কৰাব লাগিব। এই কাৰণে, অশোক চক্ৰ সম্বলিত গেৰুৱা, বগা আৰু সেউজীয়া ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে, যি পৰৱৰ্তীকালত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছিল, তেওঁ গৃহীত পতাকাৰ প্ৰতীকতত্ত্বটোৰ ব্যাখ্যা কৰি নিম্নলিখিত ভাষাত তাৰ গুৰুত্ব বৰ্ণনা কৰে:

   "গেৰুৱা ৰঙ ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক। আমাৰ নেতৃবৃন্দই পাৰ্থিৱ লাভৰ প্ৰতি উদাসীন আৰু নিজৰ নিজৰ কাম কৰা প্ৰতি যত্নবান হব লাগিব। মধ্যস্থলত থকা বগা ৰং আমাৰ আত্মনিয়ন্ত্ৰণ আৰু স্বভাৱৰ পথপ্ৰদৰ্শক সত্যপথৰ পোহৰৰ প্ৰতীক। সেউজীয়া মাটি তথা সকলো প্ৰাণৰ প্ৰাণ উদ্ভিদ জগতৰ লগত আমাৰ সম্বন্ধৰ কথা ব্যক্ত কৰিছে। বগা অংশৰ সোঁমাজত অশোক চক্ৰ ধৰ্ম অনুশাসনৰ প্ৰতীক। সত্য আৰু ধৰ্ম এই পতাকাৰতলত কৰ্মৰত সকলোৰে নীতি নিয়ন্ত্ৰণ হব। ইয়াৰোপৰি, চক্ৰটো গতিৰ প্ৰতীক। স্থবিৰতাত মৃত্যু আহে। গতিৰ মাজেৰেই জীৱন। পৰিবৰ্তনক বাধাদান কৰাটো আৰু ভাৰতৰ বাবে উচিত নহব, ভাৰতক সম্মুখলৈ অগ্ৰসৰ হবই লাগিব। এই চক্ৰটো শান্তিপূৰ্ণ পৰিবৰ্তনৰ গতিশীলতাৰ প্ৰতীক।"

    ISI ৰ দ্বাৰা প্ৰমাণিত এখন ভাৰতৰ জাতীয় পতাকা ১৯৫০ চনত ভাৰতত সাধাৰণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক ব্যুৰো (বিএচআই) প্ৰথম বাৰ জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে। ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধিনিৰ্দেশত কিছু সংশোধনী অনা হয়। তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয়। আকাৰ, ডাই ৰং, ক্ৰোমাটিক মূল্য, উজ্জ্বলতা, ব্যৱহৃত সূতাৰ সংখ্যা আৰু উত্তোলনৰজ্জু সহ পতাকা উৎপাদনৰ সকলো আৱশ্যক বিষয়ৰ উল্লেখ এই বিধিনিৰ্দেশত পোৱা যায়। এই নিৰ্দেশনামা কঠোৰভাবে অনুসৃত হয়। পতাকা উৎপাদনত কোনো খুঁত ৰখা আইনত: অপৰাধ; আৰু তাৰ শাস্তি জেল, জৰিমনা অথবা দুয়োটাই হ’ব পাৰে।

    পতাকা উৎপাদনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যবহাৰ কৰা যায়। তুলা, ৰেচম আৰু উল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায়। পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যবহাৰ কৰা হয়; প্ৰথমটো হ’ল খাদী-বাণ্টিং, যিহেৰে পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী-ডাক এক অপ্ৰচলিত বয়নপদ্ধতি। এই পদ্ধতিত তিনিডাল সূতা একেলগে জালৰ আকাৰত বোৱা হয়। উল্লেখ্য, প্ৰচলিত বয়নপদ্ধতিত দুডাল সূতাক একেলগে বোৱা হয়। খাদী-ডাক অত্যন্ত দুৰ্লভ এক বয়নপদ্ধতি। ভাৰতত এক ডজনৰো কম বয়নশিল্পী এই ধৰণৰ বয়নত সক্ষম। নিৰ্দেশিকাত আৰু কোৱা হৈছে যে, প্ৰতি চেণ্টিমিটাৰত ১৫০ডাল সূতাৰ বেছি বা কম থাকিব নোৱাৰে, প্ৰতি চিলাইতে চাৰিডালকৈ সূতা থাকিব আৰু এক বৰ্গফুট পতাকাৰ ওজন ২৫ গ্ৰামৰ বেছি বা কম হব নোৱাৰিব।

    উত্তৰ কৰ্ণাটকৰ ধৰৱাদ আৰু বাগালকোট জিলাৰ নিকটস্থ গদগৰৰ দুটা তাঁত গোটৰ পৰা বয়নকৃত খাদী অনা হয়। বৰ্তমানে হুবলি-ভিত্তিক কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ ভাৰতৰ একমাত্ৰ লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা উৎপাদন আৰু সৰবৰাহ গোট। খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যন (কেভিআইচি) ভাৰতত পতাকা উৎপাদন গোট স্থাপনৰ বাবে অনুমতি প্ৰদানৰ ক্ষমতাপ্ৰাপ্ত। তথাপি বিধিনিৰ্দেশ অগ্ৰাহ্য কৰা হলে বিএচআই অনুমতিপ্ৰাপ্ত সংস্থাৰ অনুমতি বাতিল কৰা হ'ব পাৰে।

     পতাকাৰ বাবে কাপোৰ বোৱাৰ পাছত পতাকাৰ উপাদানসমূহ বিএচআই লেবৰেটৰীত পৰীক্ষাৰ বাবে পঠোৱা হয়। বিধিনিৰ্দেশ অনুযায়ী পৰীক্ষাৰ পাছত যদি উপাদানসমূহ উত্তীৰ্ণ হয়, তেতিয়াহ’লে সেইবিলাক ফেক্টৰীলৈ ঘূৰাই পঠোৱা হয়। তাৰপাছত নিৰ্ধাৰিত ৰঙত এইবিলাক ব্লিচ আৰু ডাই কৰা হয়। সোঁমাজৰ অশোক চক্ৰটো হয় স্ক্ৰিন প্ৰিণ্ট, অথবা ষ্টেনচিল বা যথাযথ বয়ন মাধ্যমত অংকিত কৰা হয়। অশোক চক্ৰ অত্যন্ত সযত্নে পতাকাত আঁকা হয়, যাতে পতাকাৰ দুই দিশৰ পৰাই তাক দেখা পোৱা যায়। বিএচআইয়ে তাৰপাছত ৰং পৰীক্ষা কৰে; আৰু তাৰপাছতেই পতাকা বিক্ৰী কৰা যায়।

    ভাৰতত প্ৰতি বছৰে চাৰি কোটি পতাকা বিক্ৰী হয়। মহাৰাষ্ট্ৰ চৰকাৰৰ সচিবালয় মন্ত্ৰালয় ভৱনৰ শীৰ্ষস্থ পতাকাখন দেশৰ বৃহত্তম পতাকা (আকাৰ ৬.৩ × ৪.২ মিটাৰ) হিচাপে বিবেচিত।

ভাৰতীয় পতাকাবিধি
     ২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱা হ’ব পাৰে। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয়ত এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল, পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যবহাৰবিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়। বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হ’লত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সম্মান অক্ষুণ্ণ ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।

       অন্যহাতে ভাৰতীয় সংঘ বনাম যশোবন্ত শৰ্মা বিচাৰত পৰিষ্কাৰকৈ জনাই দিয়া হয় যে, জাতীয় পতাকাবিধি বিধিবদ্ধ আইন নহলেও এই বিধিৰ বিধিনিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়; ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ ৫১ নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত।

    ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যবহাৰ সৰ্বদা "মৰ্যাদা, আনুগত্য আৰু সম্মান" ("dignity, loyalty and respect") সহকাৰে হোৱা উচিত। "প্ৰতীক আৰু নাম (অপব্যৱহাৰ ৰোধ) আইন, ১৯৫০" ("The Emblems and Names (Prevention of Improper Use) Act, 1950") অনুসৰি জাৰি কৰা "ভাৰতীয় পতাকা বিধি – ২০০২" ("Flag Code of India – 2002") পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্ত যাবতীয় নিৰ্দেশিকা বহন কৰে। চাৰকাৰী বিধিত কোৱা হৈছে যে, জাতীয় পতাকাই কেতিয়াও মাটি বা পানীক স্পৰ্শ নকৰে; ইয়াক টেবুলক্লথ হিচাবে বা কোনো প্লেটফৰ্মৰ সম্মুখত আচ্ছাদন হিচাবে ব্যবহাৰ কৰিব নোৱাৰিব; জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আবৰিব নোৱাৰিব ইত্যাদি। ২০০৫ চন পৰ্যন্ত জাতীয় পতাকা বস্ত্ৰ, ইউনিফৰ্ম বা সাজপোছাক হিচাবে ব্যবহাৰ কৰা নগৈছিল। ২০০৫ চনৰ ৫ জুলাইত চৰকাৰে পতাকাবিধি সংশোধন কৰি বস্ত্ৰ বা ইউনিফৰ্ম হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। যদিও নিম্নাবৰণ বা অন্তৰ্বাস হিচাবে জাতীয় পতাকা ব্যবহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকে। ইয়াৰোপৰি গাৰুৰ কভাৰ বা ডিঙিত মেৰুৱা ৰুমাল জাতীয় পতাকা বা অন্য কোনো প্ৰতীকচিহ্ন অঙ্কণ কৰা নিষিদ্ধ। ইচ্ছাকৃতভাবে ওভতা অৱস্থাত পতাকা উত্তোলন, কোনো পানীয়ত ডুবোৱা বা উত্তোলনৰ আগতে ফুলৰ পাপৰিৰ বাহিৰে অন্য কোনো বস্তু তাত বন্ধা বা পতাকাখনত কিবা কিবি লিখা সেয়াও নিষিদ্ধ।

    ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কোনো ব্যাৱসয়িক কাৰণত কৰিব নোৱাৰিব কোনো ব্যক্তি বা বস্তুক সন্মান (চালামী)জনাবৰ কাৰণে ৰাষ্ট্ৰীয় পতাকা নত কৰিব নোৱাৰিব। চৰকাৰী আদেশ অবিহনে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিব নোৱাৰিব। কোনো প্ৰকাৰৰ পোচাক, ইউনিফৰ্ম আদিৰ যিকোনো ভাগত বা ৰুমাল, নেপকিন, গাৰু গিলিপ আদিত ৰাষ্ট্ৰীয় পতাকা অংকিত বা ছপা কৰিব নোবাৰিব। ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত কোনো আখৰ লিখিব বা ছবি আঁকিব নোৱাৰিব। গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আদিৰ ফুলৰ পাহি ৰখাৰ বাহিৰে ৰাষ্ট্ৰীয় পতাকাখন কোনো বস্তু গ্ৰহণ কৰা,দিয়া বা লৈ যোৱা আৰু বন্ধাৰ কামত ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো অনুষ্ঠানত ৰক্তাৰ টেবুল ঢকাৰ কামত,মঞ্চ সজোৱাৰ কামত কোনো ভৱনত দুৱাৰ খিৰিকীৰ পৰ্দা হিচাপে বা কোনো বাহন,ৰে’ল ,উৰাজাহাজ,বৰটোপ আদিৰ যিকোনো অংশ ঢাকিবৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব। কোনো প্ৰতিমা,প্ৰতিমূৰ্তি বা স্মাৰক উন্মোচনৰ পূৰ্বে ঢাকি ৰখা কামত ৰাষ্ট্ৰীয় পতাকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ইচ্ছাকৃত ভাৱে ৰাষ্ট্ৰীয় পতাকা ওলোটাকৈ উত্তোলন কৰা বা ইয়াক মাটি বা পানীত পৰিবলৈ দিয়া কাৰ্য কৰিব নোৱাৰিব। ফটা-চিতা, সোঁতমোচ খোৱা বা লেতেৰা আৰু একেডাল দণ্ডতে বেলেগ পতাকাৰ সৈতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নোৱাৰিব। যিমান দূৰ সম্ভৱ ৰাষ্ট্ৰীয় পতাকাৰ জোখ বা আকাৰ পতাকা সংহিতা ২০০২ৰ প্ৰথম ভাগত উল্লেখ কৰা জোখৰ অনুৰূপ হোৱা উচিত আৰু যদি পতাকাখন দীঘলে প্ৰদৰ্শন কৰা হয় ,সেই ক্ষেত্ৰত গেৰুৱা ৰংটো পতাকাখনৰ সোঁফালে অৰ্থাৎ দৰ্শকৰ বাওঁফালে হ’ব লাগিব। বিভিন্ন মহত্ত্বপূৰ্ণৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু ক্ৰীড়া সমাৰোহত কাগজৰ পতাকা জনতা হাতত লৈ ব্যৱহাৰ কৰিব পাৰিব কিন্তু সেই সমাৰোহৰ অন্তত পতাকাবোৰ বিকৃত কৰা বা মাটিত পেলাই দিয়া অনুচিত। তেনে পতাকা বা ব্যৱহাৰৰ অনুপযোগী পতাকা নিৰলে জ্বলাই দিব লাগে বা মৰ্য্যদা সহকাৰে অন্য ধৰণে নষ্ট কৰি পেলাব লাগে।

জাতীয় পতাকাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শনী সংক্ৰান্তত একাধিক প্ৰথা অনুসৰণ হয়। মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ সময়ত পতাকা উত্তোলিত হয় আৰু সূৰ্যাস্তৰ সময়ত নমাই দিয়া হয়। বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰী ভৱনত ৰাতিও জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।

জাতীয় পতাকা কেতিয়াও ওভতা অৱস্থাত বৰ্ণনা কৰা, প্ৰদৰ্শিত কৰা, বা উত্তোলন কৰা অনুচিত। প্ৰথা অনুসৰি পতাকাখন ৯০ ডিগ্ৰীৰ বেছি আৱৰ্তিত কৰা নাযায়। যিকোনো ব্যক্তিয়ে পতাকাক ওপৰৰ পৰা তললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ কিতাপৰ পাত পঢ়াৰ দৰে"পঢ়িব" পাৰে আৰু আবৰ্তিত হোৱাৰ পাছতো যেন এই বৈশিষ্ট্যৰ ব্যতিক্ৰম নহয়। ফটা-ছিঙা বা অপৰিষ্কাৰ অৱস্থাত পতাকাৰ প্ৰদৰ্শনী অপমানজনক। পতাকাদণ্ড বা উত্তোলন ৰছীৰ ক্ষেত্ৰতো একই নিয়ম প্ৰযোজ্য; এইবিলাক যথাযথভাবে ব্যবহাৰ কৰিব লাগে।

    কোনো ষ্টেডিয়াম আদিৰ দেৱালত দুটি পৰস্পৰ অভিমুখী পতাকাদণ্ডত গেৰুৱা ভাগটো ওপৰত ৰাখি আনুভূমিকভাবে পতাকাদুখনক পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে। ক্ষুদ্ৰাকাৰ পতাকাদণ্ডত পতাকা প্ৰদৰ্শিত কৰিলে দণ্ডডালক দেৱালত কৌণিকভাবে স্থাপন কৰি তাক ৰুচিসম্মতভাৱে উলমায় দিব লাগে। পৰস্পৰ লগালগি দুডাল পতাকাদণ্ডৰ ওপৰত দুখন জাতীয় পতাকা একত্ৰে প্ৰদৰ্শিত হলে দণ্ডদুডালৰ অভিমুখ পৰস্পৰৰ ফালে ৰাখিব লাগে আৰু পতাকাদুখন পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে।

    জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকাই দেশ এখনক চিনাকি দিয়ে।ই দেশৰ অতি সন্মানীয় সজুঁলি হিচাপে বিবেচিত। সেয়েহে ৰাষ্ট্ৰীয় পতাকাক আমি সন্মান প্ৰদান কৰা উচিত।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো। দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Tuesday, August 2, 2022

নতুন শিক্ষা নীতি 2020 সম্পৰ্কে কিছু কথা।Brief discussion about new education policy 2022.

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ সম্পৰ্কে কিছু কথ । Brief discussion about new education policy 2022.
 
 🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️
    শিক্ষাই শক্তি। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে। শিক্ষা হৈছে জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে। আৰু প্ৰয়োজনসাপেক্ষে সময়ে সময়ে ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি” সলনি হৈ আছে। ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি”য়ে সদায় এটা নিৰ্দিষ্ট জাতীয় পৰিচয় বৰ্তাই ৰাখিছে। 

   ভাৰতবৰ্ষৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” ত যোৱা ২০২০ চনৰ ২৯ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। ভাৰতৰ এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে পূৰ্বৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি,১৯৮৬”ৰ স্থান ল’ব। এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চল উভয়তে প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈকে শিক্ষাক লগতে বহুমুখী শিক্ষাকো এক নতুন দৃষ্টিভংগীৰে বহল প্ৰেক্ষাপটত সামৰি ল’ব। এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”ৰ লক্ষ্য হৈছে ২০৪০ চনলৈ ভাৰতৰ বৰ্তমানৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি এক নতুন ৰূপ তথা গাঁথনি প্ৰদান কৰা। 


নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ পটভূমিঃ
   বৰ্তমানৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” পূৰ্বৱৰ্তী “ৰাষ্ট্ৰীয় শিক্ষা নীতি,১৯৮৬”ৰ স্থানত স্থলাভিষিক্ত হৈছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকাশ পোৱা ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী মেনিফেষ্টোত এই কথা উল্লেখ আছিল যে দেশত শিক্ষাৰ মানদণ্ড আৰু ব্যৱস্থা উন্নত কৰিবলৈ নতুন শিক্ষা নীতিৰ প্ৰচলন কৰা হ’ব। সেই উদ্দেশ্যক বাস্তৱায়িত কৰিবলৈ ২০১৫ চনৰ জানুৱাৰীত প্ৰাক্তন কেবিনেট সচিব টি এছ আৰ সুব্রমনিয়ামৰ অধীনত এখন কমিটিয়ে নতুন শিক্ষা নীতিৰ বাবে পৰামৰ্শদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।
   তাৰপাছত ২০১৭ চনত এই কমিটিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰে। এই কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি দিয়া হয়। আৰু এই কমিটিয়ে খচৰা দাখিল কৰে ২০১৯ চনত। এই নতুন শিক্ষা নীতিৰ খচৰাখন দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাখন সৰ্বমুঠ ৪৮৪ পৃষ্ঠাযুক্ত আছিল। অৱশেষত প্ৰায় ২ লাখতকৈ অধিক জনসাধাৰণৰ পৰামৰ্শ গ্ৰহণ কৰি সকলো চালি-জাৰি চাই ২০২০ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি মুকলি কৰা হয়। 

ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ নীতি-নিয়মসমূহঃ
   নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত বহুতো পৰিৱৰ্তন বলবৎ কৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ মতে ভাৰতে প্ৰত্যেক বছৰে নিজৰ দেশৰ মুঠ জি ডি পি(GDP)ৰ ৪ ৰ পৰা ৬ শতাংশ শিক্ষাক্ষেত্ৰত খৰছ কৰিব। আৰু ভাৰতৰ ৰাজ্যসমূহেও এই হিচাপতে ব্যয় কৰিব। 

নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”ত ঘটা পৰিৱৰ্তন আৰু ইয়াৰ উদ্দেশ্যঃ

■ ভাষাৰ ক্ষেত্ৰতঃ
   ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে মাতৃভাষা আৰু ৰাজ্যিক ভাষাসমূহক অধিক গুৰুত্ব প্ৰদান কৰিব। পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক নিজৰ ৰাজ্যৰ মাতৃভাষাতে পাঠদান কৰিব লাগিব। সংস্কৃত আৰু অন্যান্য বিদেশী ভাষাকো গুৰুত্ব প্ৰদান কৰা হ’ব। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে কোনো শিক্ষাৰ্থীৰ ওপৰত কোনো ভাষা বলপূৰ্বকভাৱে প্ৰয়োগ নকৰে। 

■ বিদ্যালয়ৰ শিক্ষাঃ
◆ ভাৰতৰ বিদ্যালয়সমূহৰ বৰ্তমানৰ গঠন “১০+২” ম’ডেলৰ সলনি “৫+৩+৩+৪” ম’ডেলত গঠন কৰা হ’ব। এই নতুন “৫+৩+৩+৪” ম’ডেল অনুসৰি এনেদৰে গঠন হ’ব-

    ১) নিৰ্মাণৰ স্তৰ- এই স্তৰটো বহুলভাৱে দুভাগত বিভক্ত কৰা হ’ব-প্ৰথমতে,তিনি বছৰৰ প্ৰাক-স্কুল বা অংগনবাদী আৰু দ্বিতীয়তে,প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক প্ৰাথমিক বিদ্যালয় বিদ্যালয়ত হ’ব। এই স্তৰে ৩ৰ পৰা ৮ বছৰীয়া শিশুক সামৰি ল’ব। ইয়াৰ জৰিয়তে মূলতঃ কাৰ্যকলাপৰ জৰিয়তে অধ্যয়নক গুৰুত্ব আৰোপ কৰা হ’ব। 
   ২) প্ৰাথমিক স্তৰ- এই স্তৰত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু এই স্তৰে ৮ ৰ পৰা ১১ বছৰৰ শিক্ষাৰ্থীক সামৰি ল’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ মতে এই স্তৰতে ক্ৰমান্বয়ে লাহে লাহে কোৱা,পঢ়া,লিখা,শাৰীৰিক শিক্ষা,ভাষা,কলা,বিজ্ঞান আৰু গণিত আদি বিষয় সন্নিৱিষ্ট কৰিব। 
   ৩) মধ্যম স্তৰ- এই স্তৰত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু লগতে ইয়াত ১১ ৰ পৰা ১৩ বছৰৰ শিক্ষাৰ্থী সকলক সামৰি ল’ব। এইটো স্তৰত সমাজ বিজ্ঞান,কলা,বিজ্ঞান,গণিত আৰু ইংৰাজী বিষয় বহল প্ৰেক্ষাপটত আলোচনা কৰা হ’ব। 

   ৪) মাধ্যমিক স্তৰ- এই স্তৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু ই ১৪ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলক সামৰি ল’ব। আৰু এই মাধ্যমিক স্তৰটো দুটা পৰ্য্যায়ৰ হ’ব। প্ৰথম পৰ্য্যায়ত- নৱম আৰু দশম শ্ৰেণীৰ আৰু দ্বিতীয় পৰ্য্যায়ত- একাদশ আৰু দ্বাদশ শ্ৰেণী। শিক্ষাৰ এই চাৰিবছৰতে শিক্ষাৰ্থীক বহুমুখী পাঠ্যক্ৰমৰ জ্ঞান দিয়া হ’ব আৰু লগতে গভীৰ আৰু জটিল চিন্তা-ধাৰাৰ প্ৰতি আকৃষ্ট কৰা হ’ব। শিক্ষাৰ এইটো স্তৰত বহু বিষয় গ্ৰহণৰ বিকল্প দিয়া হ’ব। 
◆ বিদ্যালয় পৰ্য্যায়ত শিক্ষাৰ্থীসকলে অষ্টম শ্ৰেণীলৈকে কেৱল মাত্ৰ তিনিটা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব আৰু সেইকেইটা হৈছে – তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীত। 


◆ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব যদিও তাক বেলেগ ধৰণে অনুষ্ঠিত কৰা হ’ব। পৰশ(PARAKH) নামৰ এখন মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ’ব। পৰীক্ষা পদ্ধতি সহজ কৰিবলৈ এবছৰত দুটাকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব অৰ্থাৎ চেমিষ্টাৰ পদ্ধতিত মূল্যায়ন কৰা হ’ব। এই পৰীক্ষাৰ দুটা ভাগ থাকিব – বিকল্পধৰ্মী আৰু বৰ্ণনাধৰ্মী। 

◆ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ মতে ছাত্ৰ-ছাত্ৰীৰ পৰা পাঠ্যক্ৰমৰ অযথা বোজা হ্ৰাস কৰা হ’ব। আৰু এই শিক্ষানীতিত এটা বিভাগৰ শিক্ষাৰ্থীয়ে আন এটা বিভাগৰ বিষয়ো অধ্যয়ন কৰিব পাৰিব আৰু ইচ্ছা অনুযায়ী যিকোনো ভাষা অধ্যয়নৰ সুবিধা লাভ কৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ত দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব। 

◆ এই শিক্ষা নীতিত ষষ্ঠ শ্ৰেণীৰ পৰাই কম্পিউটাৰৰ কডিং শিক্ষণৰ আৰম্ভণি কৰিব আৰু অভিজ্ঞতাসম্পন্ন শিক্ষণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব। 

◆ শিক্ষাৰ্থীৰ বাবে থকা মধ্যাহ্ন ভোজন আঁচনিৰ প্ৰসাৰ ঘটোৱা হ’ব আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ মতে প্ৰাতঃভোজনো আগবঢ়োৱা হ’ব। মুখ্যতঃ শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুত্ব প্ৰদান কৰা হ’ব। 

   এনেদৰেই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” য়ে ভাৰতৰ শিক্ষাক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিব আৰু ই হ’ব বিশ্ব নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ এক সবল খোজ। এই “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পৰিসৰ বহল কৰিব আৰু শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিব। “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব আৰু ই এক অতি সাহসী পদক্ষেপ।

 Copied post.
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। --দুদুল সোণোৱাল।

     .
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

Thursday, July 21, 2022

মানৱ শৰীৰৰ বাহ্যিক অংগ আৰু লবলগীয়া যতন। External organs of the human body and maintenance to be taken.

মানৱ শৰীৰৰ বাহ্যিক অংগ আৰু লবলগীয়া যতন।External organs of the human body and maintenance to be taken.


🙏মানুহৰ শৰীৰৰ অন্ত:ভাগৰ অংগবিলাক শৰীৰৰ বাবে যিমান গুৰুত্বপূৰ্ণ , ঠিক একেদৰে বাহ্যিক ভাগত থকা অংগবিলাকো সমানে গুৰুত্বপূৰ্ণ। বাহ্যিক ভাগৰ অংগবিলাক হৈছে - নাক, কাণ, চকু, হাত আৰু ভৰি। এই পাঁচটা বাহ্যিক ইন্দ্ৰিয় মানৱ শৰীৰৰ পঞ্চইন্দ্ৰিয়ৰ অন্তৰ্ভুক্ত। 

দেহে এই ইন্দ্ৰিয়ৰ জৰিয়তে সকলো বাহ্যিক ভাগৰ কাম সমাধান কৰে। ইয়াৰ যিকোনো এটা অংগ বিকল হ'লে মেচিন এটাৰ যন্ত্ৰপাতি বেয়া হোৱাৰ ফলত যি অৱস্থা সৃষ্টি হয় সেই একে অৱস্থাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে মানুহে দৈহিক ইন্দ্ৰিয়সমূহ সদায় তত্বাৱধান আৰু যতন লোৱা উচিত। বাহ্যিক অংগবিলাকৰ বিষয়ে তলত থূলমূলকৈ আলোচনা আগবঢ়োৱালৈ প্ৰয়াস কৰা হৈছে। 
নাক (Nose) : মানুহে যিকোনো বস্তুৰ বা সামগ্ৰীৰ গোন্ধ ল'বলৈ নাকৰ সহায় লয়। অৰ্থাৎ গোন্ধ বা ঘ্ৰাণ লবৰ কাৰণে যি অংগ শৰীৰে ব্যৱহাৰ কৰে সেয়াই হৈছে নাক বা Nose। নাকটোত সাধাৰণতে দুটা বিন্ধা থাকে যাক আমি সকলোৱে জানো। নাকৰ আগৰ অংশ উপাস্হিৰে আৰু গুৰিৰ অংশ অস্থি বা হাড়েৰে গঠিত। আগফালে থকা ছিদ্ৰ বা বিন্ধা দুটাক নাসাৰন্ধ্ৰ বোলা হয়। বিন্ধা দুটাক ভিতৰ ভাগত কিছুদূৰলৈ এখন উপাস্হিৰে পৃথক কৰি ৰাখে। তাৰপাছত বিন্ধা দুটা নাসাগহ্বৰত মিলিত হয়। নাসাগহ্বৰ এটা বহল অংশ। নাসাগহ্বৰৰ ওপৰফালে থকা আৱৰণীখনত বহুতো ঘ্ৰাণগ্ৰাহী কোষ থাকে। কোষবিলাকে নাকক গোন্ধ পোৱাত সহায় কৰে। নাসাগহ্বৰত থকা কোষবিলাকৰ আগ অংশত কিছুমান অতি ক্ষুদ্ৰ শুং থাকে।উশাহ লোৱাৰ সময়ত নাকৰ সৰু ছিদ্ৰৰে বায়ু নাকলৈ সোমাই আৰু গোন্ধ সৃষ্টি কৰা পদাৰ্থৰ কণিকা ঘ্ৰাণগ্ৰাহী কোষৰ সংস্পৰ্শলৈ আহে। কোষবোৰে ইয়াৰ পিছত দেহত থকা স্নায়ুৰ সহায়ত গোন্ধৰ চেতনা মগজুলৈ প্ৰেৰণ কৰে, তেতিয়াই আমি গোন্ধ পাবলৈ সক্ষম হও।
     মানুহৰ নাকৰ দুটা বিন্ধাৰ আৰম্ভণিতে চুটি চুটি নোম গজে। এই নোমবোৰে নাকত ধূলি বালি, বীজাণু আদি নাকত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি মানুহক ৰোগৰ পৰা ৰক্ষা কৰে। সেয়ে আমি সদায় বাহ্যিক অংগ নাকৰ ফলপ্ৰসূ যতন ল'ব লাগে।
     নাকৰ যতন : ১/ নিজৰ নাকটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। নাকৰ ভিতৰত খজুৱালে আঙুলি সোমোৱাওতে অতি সাৱধান হোৱা দৰকাৰ যাতে আঙুলিৰ নখে নাকৰ ভিতৰত থকা ছালখনত ঘা নলগায়। নাকৰ বেৰত ঘা লাগিলে বীজাণু সহজে সংক্ৰমণ হয়। কৰোণা ভাইৰাছৰ পৰা বাচিবৰ বাবে সেয়ে নাক-মুখত মুখা পিন্ধা হয়।
     ২/ পানী লগা জ্বৰ হ'লে শেঙুনেৰে নাকৰ বন্ধ কৰি দিয়ে। এনে সময়ত বেছি কষ্ট পোৱাকৈ জোৰেৰে নাকত হেঁচি শেঙুন উলিয়াবলৈ চেষ্টা কৰিব নালাগে। তেনে কৰিলে কেতিয়াবা অকস্মাত নাকত ঘা লাগি তেজ ওলাব পাৰে। তাৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীত অকণমান নিমখ মিহলাই নাকেৰে উজাব লাগে। তেতিয়া হাঁচি আহিব আৰু হাঁচিত শেঙুন বাহিৰ হ'ব।
     ৩/ শুকান বতৰত নাকৰ বিন্ধা ফাটে। যিহেতু ছালখন শুকাই কৰকৰীয়া হয়। এনে অৱস্থাত ভেচলিন, বৰোলিন বা মিঠাতেল লগাই কোমল কৰি ৰাখিব লাগে।
কাণ (Ear) : কাণ হৈছে মানুহৰ এক অতি গুৰুত্বপূৰ্ণ বাহ্যিক অংগ। এই অংগৰ অবিহনে মানুহে কোনো শব্দ শুনা নাপায়। যাৰফলত মানুহ এজনে আ এনজনৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিব অপাৰগ হৈ পৰে। সেয়ে কাণৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগে। কাণ দুখন সদায় পৰিষ্কাৰকৈ ৰখা উচিত। কাণৰ বহি:অংশক কৰ্ণপল্লৱ বোলা হয়। কৰ্ণপল্লৱৰ ভিতৰৰফালে কাণৰ আন অংশবোৰ থাকে। কাণৰ ভিতৰৰ আৰু বাহিৰৰ অংশক লৈ মুঠ তিনিটা অংশ থাকে। ভাগ কেইটা হৈছে - ক) বহি:কৰ্ণ, খ) মধ্য কৰ্ণ, আৰু গ) অন্ত:কৰ্ণ।
      ক) বহি:কৰ্ণ : কৰ্ণপল্লৱৰ পৰা কাণৰ ভিতৰলৈ থকা নলী বা কৰ্ণ কুহক আৰু কুহকৰ শেষত থকা কৰ্ণ পটহ নামে এখন পাতল ছালৰ পৰ্দা যাক বহি:কৰ্ণ বোলা হৈছে।
      খ) মধ্য কৰ্ণ : কৰ্ণপটহৰ ঠিক পিছতে তিনি টুকুৰা ক্ষুদ্ৰ ক্ষুদ্ৰ হাড়ৰ সৈতে এটা কোঠা থাকে যাক মধ্য কৰ্ণ বোলা হয়। 
      গ) অন্ত:কৰ্ণ : এই অংশটো শামুকৰ খোলাৰ দৰে পাক খোৱা এটা জটিল নলীৰে গঠিত।

      বহি:কৰ্ণৰ কাম হৈছে কৰ্ণপল্লৱৰ সহায়ত শব্দৰ তৰংগ গ্ৰহণ কৰি কৰ্ণকুহকৰ ভিতৰলৈ প্ৰেৰণ কৰা। এই শব্দৰ তৰংগই কৰ্ণপটহৰ অংশ কঁপাই তোলে। তেতিয়া মধ্যকৰ্ণই দি শব্দৰ তৰংগ অন্ত:কৰ্ণত পায়গৈ আৰু তাত থকা শব্দগ্ৰাহী কোষে শব্দৰ চেতনা মগজুলৈ প্ৰেৰণ কৰে তেতিয়াই আমি শব্দটো শুনা পাওঁ। সেয়ে কাণৰ বিন্ধা দুটা বন্ধ কৰি ৰাখিলে মানুহে শুনা নাপায়।
      কাণৰ যতন: ১/ পিন, জুইশলা কাঠি, বাঁহৰ কাঠি আদি ব্যৱহাৰ কৰি কাণ খজুৱা বা চাফা কৰা অনুচিত। চাফা কৰোঁতে কৰ্ণপটহত আঘাত লাগি কৰ্ণপটহ ফালি যোৱাৰ আশংকা থাকে। তেনে ঘটনা ঘটিলে মানুহৰ শ্ৰৱণ শক্তি লোপ পাব পাৰে। সেয়ে এনেক্ষেত্ৰত সাৱধান হোৱা উচিত।
      ২/ কোনো বেক্টেৰিয়া বা বীজাণুৱে আক্ৰমণ কৰিবলৈ যাতে নোৱাৰে তাৰ বাবে কোমল কাপোৰ বা কপাহেৰে কানৰ ভিতৰ আৰু বাহিৰৰ ভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।
      ৩/ বেক্টেৰিয়াজনিত কাৰণত কেতিয়াবা কাণৰ পৰা পুঁজ ওলোৱা দেখা যায়। এনে সময়ত অভিজ্ঞ লোকৰ বা ডাক্টৰৰ ল'ব লাগে আৰু চাফা কৰাব লাগে।
হাত (Hand) : নিজৰ হাতখনৰ সম্পৰ্কে আমি সকলোৱে নিশ্চয় জানো । হাতৰ অবিহনে কোনো কামেই কৰিব পৰা নাযায়। খোৱা-বোৱা কৰাৰ পৰা দৈনন্দিন বিভিন্ন ধৰণৰ কাম-কাজৰ সমাধানৰ ক্ষেত্ৰত হাতে আমাক সহায় কৰে। 
     হাতৰ আগ অংশত আঙুলি পাঁচোটাকৈ থাকে। মণিবন্ধ, কিলাকুটি আৰু বাউসি এই তিনিটা অংশত হাতখন লৰচৰ কৰিব পাৰি। লৰচৰ কৰিব পৰা অংশটো সন্ধিৰ সহায়ত হাড়বোৰ যোৰা লাগি থাকে। হাতৰ মণিবন্ধ পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ অংশ চেডল্‌ সন্ধি (Saddle joint) ৰ দ্বাৰা লগলাগি থাকে। সেয়ে আমি হাতৰ বিভিন্ন অংশ লৰচৰ কৰিব পাৰোঁ।
     হাতৰ যতন : ১/ চোকা কটাৰী,দা আদি লওতে আমি সাৱধান হোৱা উচিত যাতে আমাৰ হাতৰ কোনো অংশ ঘূণীয়া নহয়। 
     ২/ বিভিন্ন কাম কৰা পিছত চাবোন বা চেনিটাইজাৰ লগাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ হাত ধুব লাগে যাতে হাতত বীজাণু লাগি নাথাকে।
     ৩/ হাতৰ প্ৰতিটো অংশ গুৰুত্বপূৰ্ণ। সেয়ে আমি সদায় সচেতন হৈ যতন ল'ব লাগে।

ভৰি (Leg) : নজনা মানুহ নাই যে ভৰি মানুহৰ অতি লাগতিয়াল অংগ। ভৰি হ'ল মানুহৰ শৰীৰৰ চকা। ভৰিৰ অবিহনে মানুহৰ কি অৱস্থা হলহেতেন বাৰু ? নিশ্চয় ভৰি বা ঠেং নথকা হেতেন মানুহ জড় পদাৰ্থত পৰিণত হ'লহেঁতেন । যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা সুচাৰুৰূপে পালন কৰে আমাৰ ভৰিয়ে। ভৰিটোত তিনিটা অংশত সন্ধি থাকে। ভৰিৰ পতাৰ ওপৰত সন্ধি থাকে, আঁঠুত সন্ধি থাকে আৰু ককালত সন্ধি থাকে। ভৰিৰ আঁঠুত কব্জা সন্ধি, ককালত বল আৰু চকেট সন্ধি আৰু ভৰিৰ পতাৰ ওপৰত ধুৰাগ্ৰ সন্ধি আদি থাকে। 

ভৰিৰ যতন : ১/ ভৰি অক্ষত অৱস্থাত থাকিবৰ বাবে জোতা,চেণ্ডেল ,পাদুকা আদি পিন্ধিব লাগে। 
        ২/ দা, কোৰ , কুঠাৰ আদি চলাওতে সাৱধান হোৱা উচিত যাতে ভৰিত কোনো আঘাত সানিব নোৱাৰে। 
        ৩/ বিভিন্ন কাম কৰাৰ পিছত ভৰি চাবোন বা চেনিটাইজাৰ লগাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুব লাগে যাতে কোনো বেমাৰৰ বীজাণুৱে বাহ ল'ব নোৱাৰে।


[মনত ৰাখিব লগীয়া :
চাইন’ভিয়েল সন্ধিত দুডাল হাড়ৰ সংযোগ স্থলত চাইন’ভিয়েল ৰসেৰে পৰিপূৰ্ণ এটা গহ্বৰ থাকে। চাইনভিয়েল ৰসৰ উপস্থিতিৰ বাবে এই সন্ধিয়ে চলনত যথেষ্ট সহায় কৰে। এইবোৰ সন্ধিৰ জৰিয়তে অংগবোৰ বিভিন্ন আৰ্হিত লৰচৰ কৰিব পাৰে যেনে – বাহুৰ হিউমেৰাচ আৰু বক্ষবেষ্টনীৰ মাজৰ বল আৰু চকেট (Ball and socket) আৰ্হি, আঁঠুৰ জোৰাত থকা কব্জা আৰ্হিৰ সন্ধি (Hinge joint), প্ৰথম কশেৰুকা (এটলাচ) আৰু দ্বিতীয় কশেৰুকাৰ মাজৰ ধুৰাগ্ৰ সন্ধি (Pivot joint), মণিবন্ধবোৰৰ মাজত থকা পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ চেডল্‌ সন্ধি (Saddle joint) ইত্যাদি।]

উল্লেখিত মানৱদেহৰ বাহ্যিক অংগ বিলাকৰ সম্পৰ্কে আমি সজাগ ? অংগবোৰৰ যতনে দেহত ৰোগৰ বীজাণু প্ৰৱেশত বাধা আৰোপ কৰে। সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে আমি ইয়াৰ সম্পৰ্কে অধ্যয়ন কৰা প্ৰয়োজন। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল।


🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️

Tuesday, July 12, 2022

Lachit Barphukan: A brief overview.লাচিত বৰফুকন : এক সংক্ষিপ্ত অৱলোকন ।

লাচিত বৰফুকন : এক সংক্ষিপ্ত অৱলোকন। Lachit Borphukan: a brief overview. জন্ম-মৃত্যু , সেনাপতি ভাৰৰ দায়িত্ব পালন, শৰাইঘাটৰ যুদ্ধ, আলবৈৰ ৰণ আদি সন্নিবিষ্ট কৰা হৈছে। 

পাতনি: 

      বৰ অসমৰ আহোম সাম্ৰাজ্যৰ এটি উজ্বল নক্ষত্ৰ হ'ল লাচিত বৰফুকন। লাচিত আছিল অপৰিসীম সাহস, ধৈৰ্য, তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু পৰাক্ৰমী বীৰ। ফুকনলুং বীৰ লাচিতৰ অসীম বীৰত্বৰ ফলতেই আৰু তেখেতৰ তত্বাৱধানতেই ১৬৭১ খ্ৰীষ্টাব্দত অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য সামন্তক পৰাজিত কৰি অসমৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল। আনকি শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে শত্ৰুৰ লগত যুদ্ধ দি বীৰত্বৰে শত্ৰুক পৰাস্ত কৰিছিল। সেয়ে আজিও ইতিহাসৰ পাতত তেখেতৰ নাম বৰ বৰ হৰফেৰে সোণালী আখৰেৰে উজ্বলি আছে।

   মহান বীৰ সেনাপতি গৰাকীৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰ তাৰিখে শিৱসাগৰৰ চৰাইদেউত। পিতৃৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা । অৱশ্যে পিতৃৰ প্ৰথমাৱস্থাত নাম আছিল নেচাংগ। 


শিক্ষা: সামৰিক আৰু অসামৰিক ।


          মহাবীৰ লাচিত বৰফুকনৰ সম্পৰ্কে বিশেষ তথ্য পৰ্য্যাপ্ত পৰিমানে ইতিহাসৰ পাতত উপলব্ধ নহয়। লাচিত বৰফুকনে এটা ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সেইবাবে তেওঁ সামৰিক আৰু অসামৰিক উভয়বিধ শিক্ষাই বাধ্যতামূলক ভাৱে গ্ৰহণ কৰিবলগীয়া হৈছিল। তেখেত আছিল অতি কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা, ধৈৰ্যশীল আদি মহৎ গুণৰ অধিকাৰী ব্যক্তি। লাচিত বৰফুকন আছিল আহোমৰ লুখুৰাখন ফৈদৰ 'লান ফিমা বংশ'ৰ অন্তৰ্ভুক্ত লোক। ইতিহাসৰ পৰা জনা যায় যে এই বংশৰ বা ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ অহা লোক। পিতৃ মোমাই তামূলী বৰবৰুৱাৰ গুণেৰে মহীয়ান লাচিত বৰফুকন অতি সাহসী স্বভাৱৰ ব্যক্তি আছিল। তেওঁৰ সততা, কৰ্তব্যপৰায়ণতা ,নিয়মানুৱৰ্তীতা স্পষ্টবাদিতা আদিৰ দৰে মানৱীয় গুণসমূহৰ বাবেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ অতি প্ৰিয়ভাজন আছিল।
       লাচিত বৰফুকনে জীৱনৰ প্ৰাৰম্ভিক শিক্ষা ঘৰতেই লাভ কৰিছিল। বিশেষকৈ বৰবৰুৱাৰ চ'ৰাত দৈনন্দিন হোৱা ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি আলোচনাৰ পৰা তেখেতে পৰ্য্যাপ্ত পৰিমানে শিক্ষা আহৰণ কৰিবলৈ সক্ষম হৈছিল বুলি জনা যায়। লাচিত বৰফুকনৰ শিক্ষাৰ বাবে পিতৃৰ দ্বাৰা ঘৰুৱা শিক্ষক নিয়োগ কৰা হৈছিল। শিক্ষকৰ পৰা লাচিতে আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি , অৰ্থশাস্ত্ৰ আদি বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তদুপৰি দেশৰ বুৰঞ্জী আৰু শাসন কাৰ্যৰ সম্পৰ্কে যথেষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। এই শিক্ষাৰ লগতে অস্ত্ৰ-শস্ত্ৰ চালনা আৰু আন সামৰিক জ্ঞানো লাভ কৰিছিল। ঘোঁৰা চেকুৰাই যুদ্ধ কৰাৰ কৌশল, নাৱৰে যুদ্ধ কৰাৰ কৌশল, হেংদাং চালনাৰ কৌশল আদি সামৰিক দিশত শিকিবলগীয়া হৈছিল।

আহোম সাম্ৰাজ্যৰ বিষয়া ৰূপে কাৰ্য্যনিৰ্বাহ :


        লাচিত বৰফুকনে একেদিনাই আহোম ৰাজ্যৰ বৰফুকন বা ফুকনলুং হোৱা নাছিল। বহু কষ্ট, চেষ্টা আৰু অধ্যৱসায়ৰ বিনিময়ত তেখেতে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতি পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। 
       আহোম ৰাজ্যৰ ৰাজনীতিত লাচিতে প্ৰথম প্ৰৱেশ কৰিছিল ৰাজমন্ত্ৰী ডাঙৰীয়াৰ 'হাঁচতিধৰা তামূলী' পদৰ জৰিয়তে। ৰাজমন্ত্ৰী ডাঙৰীয়াৰ''হাঁচতিধৰা তামূলী' পদৰ পাছতেই তেওঁ নিযুক্তি পাইছিল ' ঘোঁৰা বৰুৱা' পদত। এই পদৰ কাম আছিল ঘোঁৰা ৰখীয়া বা তত্বাৱধান লোৱা। লাচিতে নিজৰ কাৰ্যকালত বহু সংখ্যক দুৰ্দান্ত ঘোঁৰাক বশ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল। লাচিতৰ অকুণ্ঠ প্ৰতিভা প্ৰতিফলিত হৈছিল এনে সাহসিক কাৰ্যৰ জৰিয়তে। সেয়ে আহোম স্বৰ্গদেউ সুপ্ৰসন্ন হৈ তেওঁক ' দুলীয়াবৰুৱা' পদলৈ পদোন্নতি দিছিল। এই পদতো স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সন্তোষ্ট হৈছিল আৰু সেয়ে 'শিমলুগুৰিয়া ফুকন' বিষয়বাব প্ৰদান কৰিছিল। কিছুদিন 'শিমলুগুৰিয়া ফুকন' পদত কাম কৰাৰ পিছত লাচিতক পুনৰ 'দোলাকাষৰীয়া বৰুৱা' ৰ পদবীত নিযুক্তি প্ৰদান কৰিছিল। 'দোলাকাষৰীয়া বৰুৱা'ৰ কাম আছিল স্বৰ্গদেৱে দোলাত যোৱাৰ সময়ত পালি পহৰীয়া অৰ্থাৎ চাওদাং সকলক নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰা। এই পদবীত থাকোঁতেই স্বৰ্গদেউৰ দৃষ্টি লাচিতৰ ওপৰত নিবদ্ধ হৈছিল। লাচিতৰ গুণবোৰৰ প্ৰতি আকৃষ্ট হৈ স্বৰ্গদেৱে তেওঁক ফুকনলুং বা সেনাপতি পতাৰ মনস্থ কৰিছিল। আৰু সেইমতে পৰৱৰ্তী সময়ত লাচিতক 'বৰফুকন' পদত নিযুক্তি দিয়া হৈছিল। কিন্তু সেনাপতি নিযুক্তি পোৱাৰ আগতে এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া হৈছিল পদবীৰ প্ৰাৰ্থী। সেয়ে লাচিতেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া হৈছিল তেওঁৰ অজ্ঞাতে । লাচিতক চাওফা অৰ্থাৎ স্বৰ্গদেউৰ ওচৰত মাতি পঠিওৱা হ'ল। লাচিতে স্বৰ্গদেউৰ সন্মুখত আঁঠু ল'ব খুজোতেই কৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ পাগুৰিটো থাপ মাৰি লৈ গৈছিল। এয়া অৱশ্যে স্বৰ্গদেউৱে পৰিকল্পিতভাৱে কৰোৱাইছিল। এই কাৰ্যত লাচিতৰ খং উঠিছিল আৰু খাপৰ পৰা হেংদাং উলিয়ায় লগুৱাজনক খেদি গৈছিল। চাওফাৰ হস্তক্ষেপতহে লগুৱাজন বাচিল। লাচিতে এনে নিৰ্ভীকতা আৰু আত্মমৰ্যদা পৰীক্ষাত উত্তীৰ্ণ হৈ সেনাপতি পদৰ ভাৰ চমজি লৈছিল। চাওফা চুপুংমুংই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰাইছিল।

সেনাপতি ভাৰ গ্ৰহণ কৰি লোৱা পদক্ষেপ :


      'সেনাপতি' ৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈয়েই লাচিতে প্ৰথমে সৈন্য সামন্ত সংগঠিতকৰণত মনোনিবেশ কৰিছিল। সৈন্য সামন্ত সকলক ৰণৰ বাবে সমৰকৌশল প্ৰশিক্ষণ দি শক্তিশালী কৰি তুলিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছিল। ইয়াৰ পিছতে ১৬৬৭ খ্ৰীষ্টাব্দত মোগলৰ অধীনলৈ যোৱা গুৱাহাটী উদ্ধাৰৰ বাবে তৎপৰ হয় লাচিতৰ নেতৃত্বত আহোম সৈন্য । আৰু ১৬৬৭ খ্ৰীষ্টাব্দত মোগলক আক্ৰমণ কৰি গুৱাহাটী নিজৰ দখললৈ আনে। ইয়াৰ পিছত ক্ৰমান্বয়ে গুৱাহাটীৰ সমীপৰ অনেক গুৰুত্বপূৰ্ণ স্থান লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ অধীনলৈ আনে। আনকি ১৬৬৭ খ্ৰীষ্টাব্দত ইটাখুলি আৰু গুৱাহাটীৰ দূৰ্গ অধিকাৰ কৰিছিল। মোগলৰ চৈয়দ চান্না আৰু ফিৰোজ খাক বন্দী কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ লাচিতৰ চতুৰ নেতৃত্বৰ সহায়ত।
       ১৬৬৯ খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিবলৈ সৈন্য সামন্তৰে সুসজ্জিত হৈ মোগলৰ সেনাপতি ৰামসিংহ অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছতেই লাচিত বৰফুকনে আহোম সৈন্যক অধিক শক্তিশালী কৰি তোলে আৰু শত্ৰু নিধনৰ বাবে ৰণকৌশল ৰচনা কৰিছিল। তেতিয়া গুৱাহাটী দুৰ্ভেদ্য দুৰ্গত পৰিণত হৈছিল। 

আলবৈ ৰণ, মোমাই কটা গড় আৰু শৰাইঘাটৰ যুদ্ধ :


       ১৬৬৭ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল আলবৈৰ ৰণ। কিন্তু এই যুদ্ধত অতি কৰুণভাৱে লাচিতৰ আহোম সৈন্যই হেৰুৱাব লগীয়া হৈছিল প্ৰায় দহ হাজাৰ সৈন্য। লাচিত বৰফুকন ভাঙি পৰিছিল। কিন্তু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ সাহসত পুনৰ দুগুণ সাহসেৰে যুদ্ধৰ প্ৰস্তুতিত জপিয়াই পৰিছিল। 

        কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিতে নিজ মোমায়েককো হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কথিত আছে যে ৰামসিংহই গুৱাহাটী আক্ৰমণ কৰিবলৈ লোৱা ক্ষণতে মোমায়েকক এটা গড় ৰাতিটোৰ ভিতৰতে বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু শ্ৰমিকসকলৰ ভাগৰুৱা অৱস্থা দেখি ৰাতি কাম বন্ধ কৰি শুবলৈ কৈছিল আৰু নিজেও টোপনিত লালকাল দিছিল। এই কাৰ্যৰে মোমায়েকে কৰ্তব্যত অৱহেলা কৰিছিল। দেশৰ সংকটজনক মূহুৰ্তত কৰা এনে কাৰ্যক দেশদ্ৰোহী হিচাপে গণ্য কৰা হৈছিল। আৰু লাচিতে সেয়ে মোমায়েকক ' দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি কৈ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। উল্লেখযোগ্য যে কিছুমান পণ্ডিতৰ মতে লাচিতে প্ৰকৃততে মোমায়েকক কটা নাছিল 'মোমেই'কহে শিৰচ্ছেদ কৰিছিল। মোমেই মানে হৈছে সেই সময়ত গড় নিৰ্মাণকাৰী অভিযন্তা। এই সংঘটিত ঘটনাত সন্ত্ৰস্ত হৈ একেৰাতিতে শ্ৰমিকসকলে গড় নিৰ্মাণ কৰি উলিয়াইছিল।
        ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন অসমৰ বুৰঞ্জীত আজিও মহাবীৰ সেনাপতি ৰূপে খ্যাত। লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ সৈন্যৰ সৈতে বহুবাৰ মোগল সেনাপতি ৰামসিংহৰ সৈন্য সামন্তৰ যুদ্ধ হৈছিল। কিন্তু এই যুদ্ধত মোগলে সফলতাৰ মুখ দেখাৰ সৌভাগ্য নহ'ল। সেয়ে শৰাইঘাটত পূৰ্ণাংগ যুদ্ধ কৰিবলৈ ৰামসিংহ সাজু হৈছিল। কিন্তু বিধিৰ বিপাক সেই সময়ত আহোমৰ সেনাপতি লাচিত বৰফুকন টান নৰিয়াত পৰিছিল। এই বাৰ্তাটো ৰামসিংহৰ কাণত গুপ্তচৰৰ জৰিয়তে পৰিছিলগৈ । সেই ছেগতে ৰামসিংহই আহোম সকলক আক্ৰমণ কৰিছিল। লাচিতৰ অবৰ্তমানত হোৱা যুদ্ধত আহোম সেনানী চেদেলি-ভেদেলি হ'ল। আনকি ৰণ ত্যাগ কৰিবলৈ আহোম সৈন্য সাজু হৈছিল। কিন্তু লাচিতে ইয়াকে দেখি কৈছিল, "মই ইয়াতে মৰিম। যুদ্ধ ত্যাগ কৰিবলৈ মই কাপুৰুষ নহওঁ । চিলা পৰ্বতৰ ওপৰত মাটি চাৰি কঠা কিনি থৈছোঁ তাতে মোক মৈদাম দিবি।" ইয়াৰ পিছত নৰিয়া গাৰে লাচিত বৰফুকনে নাৱৰ চালিত বহিছিল। সেনাপতিৰ এই দেশপ্ৰেমী আচৰণত আহোম সেনাই সাহস আৰু প্ৰেৰণা পাইছিল। হিলৈ,বৰটোপ মাৰি লাচিতৰ নাৱ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি গ'ল। সৈন্য সামন্তও আগবাঢ়ি গ'ল। সেই সময়তে অসমীয়া সেনাৰ মনোবল বৃদ্ধি কৰাবৰ বাবে লাচিতে চিঞৰি চিঞৰি পুনৰ কৈছিল, "অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোকে সুখেৰে ঘৰলৈ ঘূৰি যোৱা।" লাচিতৰ এই কথাত অসমীয়া সেনা উৎসাহিত হৈছিল আৰু দুগুণ সাহসেৰে যুদ্ধক্ষেত্ৰত নামি পৰিছিল। অসমীয়া সেনাৰ এই মৰণপন আক্ৰমণত মোগল সৈন্যই তিষ্ঠিব নোৱাৰি মোগলৰ সেনাপতি ৰামসিংহই পৰাজয় বৰণ কৰিছিল। লাচিত বৰফুকন আৰু আহোম সৈন্যৰ বল-বিক্ৰমৰ কথা স্বীকাৰ কৰি মোগল সেনাপতি ৰামসিংহই কৈছিল, "ধন্য ৰজা। ধন্য মন্ত্ৰী, ধন্য সেনাপতি। প্ৰতিজন অসমীয়া সৈন্য নাও চলোৱা, কাড় মৰা, হিলৈ মৰা, খাৱৈ খন্দা সকলো ক্ষেত্ৰতে পাকৈত। মই ৰামসিংহই যুদ্ধত থাকি কোনো ছিদ্ৰকে নাপালোঁ। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইতে দেখা নাই।"

 মৃত্যু তথা সামৰণি :


           শৰাইঘাটৰ যুদ্ধৰ পিছতে ১৬৭১ খ্ৰীষ্টাব্দত তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত লাচিত বৰফুকন মৃত্যুমুখত পৰে। ১৬৭২ খ্ৰীষ্টাব্দত যোৰহাটৰ সমীপৰ হোলোঙাপাৰ নামৰ ঠাইত লাচিত বৰফুকনৰ মৈদাম নিৰ্মাণ কৰা হৈছিল
      মহান যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনৰ অসীম পৰাক্ৰম আৰু অতুলনীয় স্বদেশপ্ৰেম ইতিহাসৰ পাতত সেয়ে আজিও উজ্বলি আছে আৰু নিশ্চয় অনাগত দিনলৈ উজ্বলি থাকিব। তেওঁৰ অৱদানে চিৰকাল লুইতপৰীয়াবাসীক সজ্ঞীৱিত কৰি ৰাখিব । এইজনা মহান বীৰ সেনাপতি লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধৰ পিছতে ১৬৭১ খ্ৰীষ্টাব্দত তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত লাচিত বৰফুকনে মৃত্যুক আকোঁৱালি লয়। ১৬৭২ খ্ৰীষ্টাব্দত যোৰহাটৰ সমীপৰ হোলোঙাপাৰ নামৰ ঠাইত লাচিত বৰফুকনৰ মৈদাম নিৰ্মাণ কৰা হৈছিল । লাচিত বৰফুকনৰ জন্ম দিনটোতে সমগ্ৰ অসমত লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিৰ চিনস্বৰূপে 'লাচিত দিৱস' হিচাপে উদযাপন কৰি অহা হৈছে। উল্লেখ্য যে লাচিত বৰফুকনৰ অকৃত্ৰিম দেশপ্ৰেম আজিও সৰ্বত্ৰে চৰ্চিত। সেয়ে লাচিতক বাদ দি আহোম ৰাজ্যৰ বৰ্ণনা অপূৰ্ণ বুলি ক'ব পাৰি। লাচিত বৰফুকন হ'ল সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ এক সোণালী প্ৰতীক। লাচিত বৰফুকনৰ সদৃশ কৰ্মনিষ্ঠা সেনাপতি আহোমৰ শাসনকালত বিৰল আছিল। সেয়েহে লাচিতৰ চৰিত্ৰ সাম্প্ৰতিক সময়তো অতি প্ৰাসঙ্গিক চৰিত্ৰ হিচাপে বিবেচিত হৈছে আৰু হৈ থাকিব। বৰ্তমান সমাজত এনে দুৰ্লভ চৰিত্ৰ দেশ আৰু জাতিৰ বাবে অতীব প্ৰয়োজন হৈ পৰিছে। নৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠ জনেও লাচিতৰ চাৰিত্ৰিক গুণসমূহ আয়ত্ব কৰি লাচিতৰ দৰে হ'বলৈ আন্তৰিক প্ৰয়াস কৰা উচিত কাৰণ এয়া সময়ৰ আহ্বান। 


লেখক : দুদুল সোণোৱাল ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।



সহায়ক গ্ৰন্থ :
১/ লাচিত বৰফুকন - ড° সূৰ্য কুমাৰ ভূঞা।
২/ অসম বুৰঞ্জী। -- পদ্মনাথ গোহাঞিবৰুৱা।

      
     
   
     

Thursday, July 7, 2022

'তেজীমলা' বেলাড বা মালিতা হয়নে ? Is Tejimala a belad or malita ?

কৃত্ৰিম 'বেলাড' হিচাপে চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'তেজীমলা' কবিতাটোৰ বিচাৰ । Can we consider that Chandra Kumar Agarwal's poem 'Tejimala' as an artificial 'ballad' ? 

      ৰোমান্টিক যুগৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দিনতেই পুৰণি বেলাডৰ আৰ্হিত এবিধ নতুন কাব্যৰূপৰ সৃষ্টি হ'ল। চমুকৈ নতুনকৈ লিপিবদ্ধ কৰা এই কবিতাবিধেই হৈছে বেলাড। ইয়াক সাহিত্যিক মালিতা বা গাঁথা বুলিও কোৱা হয়। বেলাড বা ইংৰাজীত Ballad হৈছে এক বিশেষ শ্ৰেণীৰ কবিতা । বেলাড মানে হৈছে কোনো ঘটনাৰ বৰ্ণনাত্মক লোকগীত অৰ্থাৎ মালিতা । যিদৰে লোকগীত পৌৰাণিক কাহিনী সমৃদ্ধ ঠিক একেদৰে বেলাডসমূহো কাহিনী মূলক। এই কবিতাৰ অন্যতম লক্ষণ হৈছে - অলৌকিতা আৰু পৌৰাণিক কাহিনী সমৃদ্ধ। ইয়াৰোপৰি এই ধৰণৰ কবিতাবোৰৰ প্ৰকাশ ভংগী সহজ-সৰল হয়। ৰূপশৈলীৰ কোনো এটি চৰণত চৰিত্ৰটো বাৰম্বাৰ আৱিৰ্ভাৱ ঘটে। এনে কবিতা বা গীতসমূহৰ ক্ষেত্ৰত সমগ্ৰ গীতটো এটি বিশিষ্ট ৰূপেৰে উজ্বলি উথে।

      'তেজীমলা' নামৰ অসমীয়া কবিতাটোও স্বনামধন্য কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত এটা উৎকৃষ্ট মালিতা। আন কিছুমান বেলাডৰ দৰে 'তেজীমলা' কবিতাটোতো লৌকিক কাহিনী বিদ্যমান। অৱশ্যে বেলাড বা মালিতাত থকাৰ দৰে ইয়াত কাহিনী এটাৰ বৰ্ণনা নাই। বিশেষকৈ কবিতাটোত অতি প্ৰাকৃত পৰিৱেশ এটাক কবিয়ে স্বাভাবিকভাবে দাঙি ধৰাৰ প্ৰয়াস কৰিছে।এক ৰহস্যময়তাৰ ভাৱ আৰু সৌন্দৰ্যৰ স্ফুৰণে ইয়াত ৰমন্যাসিকতাৰ বোল সানিছে। প্ৰকৃততে 'তেজীমলা'বেলাডৰ আৰ্হিত ৰচিত এটা কবিতাহে বুলি ক'ব পাৰি। 'তেজীমলা' হৈছে অসমীয়া সাধু কথাৰ সৃষ্টি কাৰক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা সাধুকথাৰ এটা দুখেৰে পৰিপূৰ্ণ চৰিত্ৰ। তেজীমলা মাহীমাকৰ অত্যাচাৰৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱাৰ লগতে ফুল হৈ ধৰাত পুনৰ জন্ম লৈছে। কিন্তু তথাপিও মানুহ নামৰ জ্ঞানী প্ৰাণীবিধৰ নিষ্ঠুৰতাৰ হাত সাৰিব পৰা নাই। আহকছোন মূল কবিতাটোত কি আছে সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ কবিতাটোত এভূমুকি মাৰো। --
      তেজীমলা: 
     
 তেজগোৰা বেলি         জিলিঙনি মেলি
              সাবটিব আহি ধৰা ;
 পুৱাৰ মলয়া               উঠি ছয়াঁ-ময়া
             বোলে উঠা তেজীমলা।

 মেঘ-মলা ৰঙা               পিন্ধি দিগঙ্গনা
             সিঁচিছে আশাৰ ধাৰি ;
 উত্ৰাৱল পানী                ৰঙা হাঁহি সানি
             খলকিছে চুই ভৰি।

ৰূপতে ৰূপ তুলি            পাৰিজাত ফুলি
              তেজীমলা জকমকায় ;
চৌপাশে বেৰি।                 মৰমে সাদৰে
              পানীৰ লতা বগায়।

মানুহ কুটুমে                      দলিয়াই পেলালে
              কাকনো কুটুম পালি ;
মৰম-বেথাৰে                    সাঁতুৰি ফুৰিছে
              এটাইকে নিজা কৰিলি ।

তোৰে পানীৰ চৰাই            সাঁতুৰি ফুৰিছে
               কতো বা উৰিছে বনাই ;
 মলয়া বায়ুৰে                    মিতিৰ পাতিলি
               ঘৰৰহে বাতৰি নাই।
 
দূপৰীয়া বেলি                   পানীয়ে উছালি
                সিঁচিছে মুকুতা-তৰা ;
 ফটিক পানীৰ                   মাজে মাজে ধীৰ
                চৰিছে পোৱাল-ডৰা ।
  
সোণ-ৰূপ মাছ                 আহিছে গইছে
                ঘৰ -পোহনীয়া তোৰে ;
 মনত পৰেনে                     পাৰযুৰি তোৰ
                মাতিলে হাতত পৰে। (?)

 ফুলনী শুৱনি                     পৰিয়েহে আছে
                চৰেনে হৰিণাজনী  ; (?)    
 কোনে ভুলাইছে                   মৰমৰ তোৰ 
               শাঁৱলী পোৱালিকণি । (?)
 
সখীৰ বাতৰি                      কোনে ক'ব পাৰে----
               তোৰ জীৱনৰ লগ ;
 মৰমৰ সখী                         আঁতৰালে কোনে
               আকৌ নে মেলিব সঙ্গ ? 
 
কুমাৰী ছোৱালী                  কুটুমে পেলালে
               দলিয়াই মৰমফেৰি ;
 মানুহে মানুহে।                  ইমানহে মৰম
               চকুলো পৰে সুঁৱৰি।

মানুহৰ চোতালত                মাধুৰী ফুটিলে
              মানুহে নিচিনি হায় ;
সাৰি তুলি ছিঙি                মোহাৰি পেলালে
              মানুহৰ মৰমো নাই ।

মৰমৰ পানী                       নোহোৱা ঠাইত
              কেনেকৈ বিশ্বাস থয়?
সেয়ে তেজীমলা                 দূৰতে শিপাই
               পাৰিজাত হৈ ৰয় ।
 
শকত বান্ধেৰে                   তলিৰে সইতে 
                বান্ধিলে নিছিগা কৰি ;
ধুমুহা-বতাহে                       খং-ৰাগে আৰু
               কিটোনো কৰিব পাৰি ?

সিদিনা সন্ধিয়া                     দৰে আজি কিয়
               তেনেকুৱা কৰে মন ?
বেজাৰ মাৰ গই                    বেলিটিয়ে তোক
                দিছিলেযে বিসৰ্জন ।

আজি পুৱাই বেলি                হাঁহি চকু মেলি 
                পঠালে বাতৰি কিবা ;
চিকুন নাওখনি                   আশাৰে উজালি
                 আহিছে উধাই বা ।

মানুহৰ নাও                         মানুহৰ ভাও
                 দেখিযে লাগিছে ভাল ;
মানুহৰ মিতিৰ                   বৰ মৰমৰ
                 পাতিছে কিহৰ জাল ?

গহীন মু'খনি                      মৰমেৰে সনা
                মোৰেইতো দেৱতা এওঁ ;
কেলেই লাগিছে                 মানুহৰ লগ----
                 আহিয়ে দেখোঁ ধৰেও।

"হাতো নেমেলিবি              ফুলো নিছিঙিবি
                 ক'ৰে নাৱৰীয়া তই ;
 মানুহে ফুলৰ                    কি জানে আদৰ
                 তেজীমলাহে মই ।" 

     চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটিক কৃত্ৰিম বেলাড হিচাপে আখ্যা দিয়া হৈছে এই কাৰণেই যে ইয়াৰ সমল সাধুকথাৰ পৰা আহৰণ কৰা হৈছে। আৰু কবিয়ে নিজস্ব শৈলীৰে তাক কাব্যিক ৰূপত গঢ় দিছে। কৃত্ৰিম বেলাডৰ লক্ষণসমূহ সম্পূৰ্ণ ৰূপে প্ৰতিফলিত নহ'লেও, বেলাডৰ বহুখিনি গুণ তেজীমলা কবিতাত বিদ্যমান হোৱা দেখা গৈছে। 
     
     তেজীমলা সাধুটোৰ মূল কথাখিনি আছিল এনেধৰণৰ --


  "এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি তাইক মাহীয়েকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হ’লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্রতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।

  আজি-কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখি বন্ধাই দিলে।

   তেজীমলাৰ বাপেক বেপাৰ-বানিজ্যৰে জড়িত মানুহ; বেহা-বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰৰ তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক’লে যে, “এইবাৰ মই ৬/৭ মাহলৈকে বিদেশলৈকে যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালোঁ। তাই আদৰুৱা ছোৱালী; তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি।”

   সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে; এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শূলটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে- “অকল ঠেকেচিয়েই নেৰোঁ, সেইদৰে এৰিলে, বাপেকে আহি সেইকথা কেনেবাকৈ বুজি পালে এখন হাই উৰুমিহে বাহ হ’ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো  ল’ৰা-ছোৱালী নহ’লেই, সতিনীৰ এইটোকোনো পোহ-পাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ’ব ? বাপেকে এইৰ লগত যিখিনি ধন-বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰ পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলশৰীয়া কৈ ৰাখিবলৈ চেষ্টা কৰিলে।

      ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰপৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি-চাৰিদিন সখীয়েকৰ ঘৰত থাকি তেজীমালী ৰঙ-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব।
     মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মুৰুক কৰি, তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ’বনে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাবনে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেষত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে, - “আইটি এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰপালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰপৰা সেই কাপোৰ পিন্ধি গ’লে খোজ কাঢ়ি যাওঁতে বাটত ধূলি-মাকটি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।

     সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কূটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও আই কন্দা  দেখি আচৰিত হৈ কথাবোৰ জানি  তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিল। মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত, তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কূটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে পোৰা আৰু কূটা কাপোৰ দেখি কৃত্ৰিম খঙত জলি পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমালক টানি আনি মাহীয়েকে  ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই, নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোহাঁতখন খুন্দি পেলালে। সোহাঁতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিয়ঁৰি কান্দিবলৈ ধৰিলে। তেতিয়া বাঢ়নী মাৰি ডালেৰে মাহীয়েকে তেজীমালৰ পিঠিত কোবাবলৈ ধৰি  তেজীমালক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে খুবলিত ধান বঢ়াই থাকোঁতেই মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো খুন্দিলে। বাওঁহাত খুন্দি তাৰপিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে মুৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মুৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।

     এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমালক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালক দেখিবলৈ নাপাই, মাহীয়েককক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, “তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।”

    এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই মোক লাও এটা দিয়ক।” তেজীমলাক মৰাৰ দিনৰে পৰা মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেইদেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, “মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।” মাগনীয়ে ক’লে, “কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে।” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰীত মানি ক’লে, “মই হ’লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নেগৈ।” বুঢ়ীৰ এই কথা শুনি লাওগছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাও-জোপাই বিনাই মাত লগালে -

“হাতো নেমেলিবি                লাৱো নিছিঙিবি,

                 ক’ৰে মগনীয়া তই,

পাট-কাপোৰৰ লগতে          মাহী আই খুন্দিলে

                 তেজীমলাহে মই।”

     লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে, “আই, লাও ছিঙিবলৈ হাত মেলোতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।” এইবুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল।

        লাওজোপা কাটি য’তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই, আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবনে?” সাউদনীয়ে “মই ক’ত জৰাটেঙা পাম?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে, “মই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নে গৈ।”
    সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰাকেইটা জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোঁতেই গছজোপাই বিনাই মাত লগালে --

“ভাইও বোলোঁ মই           ককাইও বোলো মই,

                 গাঁৱৰে গৰখীয়া , 

  হাতো নেমেলিবি             জৰাও নিছিঙিবি,

                 ঘৰলৈ উভটি যা।

পাট-কাপোৰৰ লগতে         মাহী আই খুন্দিলে,

                  মইহে তেজীমলা।”

    গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰাটেঙা নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ ছাঁট কৰে মনত পৰিল যে তাই লাওজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছ জোপা নদীত উটাই দিলে।

    জৰা গছজোপা নদীত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদূম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেকে নাৱেৰে উভটি আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদূম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাঁও বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদূমে বিনাই গালে -

“হাতো নেমেলিবি                 ফুলো নিছিঙিবি,

                   ক’ৰে নাৱৰীয়া তই।

পাট-কাপোৰৰ লগতে           মাহী আই খুন্দিলে,

                    তেজীমলাহে মই।”

       ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে -

“হাতো নেমেলিবা                ফুলো নিছিঙিবা

                চেনেহৰ পিতাদেউ ঐ, 

পাট-কাপোৰৰ লগতে          মাহী আই খুন্দিলে

                 তেজীমলাহে মই।”

     বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাবৰ কথা আগৰে পৰা জানি থৈছিল। সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় মোৰ তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাঁওহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোহাঁতত এটা লাড়ু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদূম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চোবাটি খালে। বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমুৱাই লৈ আহিল। সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গ’ল?” ঘৈণীয়েকে ক’লে, “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকটি ঘুকটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানীগামোচাখন পেলাই দি ক’লে, “যদি তই মোৰ তেজীমলাহে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হ’বি।” এই কথা শুনি তেতিয়াই তেজীমলা আগৰদৰে হ’ল আৰু সাউদে ঘৈণীয়েকক হত‍্যা কৰিলে ।"
   
     কাহিনী ভাগৰ আটাইবোৰ কথা খুব সুন্দৰকৈ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটোত সন্নিবিষ্ট হৈছে। সাধুটোৰ মূল লেখক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ তেজীমলা অতি জনপ্ৰিয় আৰু চৰ্চিত এটা সাধুৰ চৰিত্ৰ। সেই চৰিত্ৰৰ সকলো গুণ অক্ষুণ্ণ ৰাখি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটো প্ৰকাশিত হৈছে। ই পৌৰাণিক কাহিনী সমৃদ্ধ। সহজ-সৰল ভাৱ-ভাষা। এটি জনপ্ৰিয় চৰিত্ৰ কবিতাটোত প্ৰতিফলিত হৈছে। কবিতাটো কাহিনী সমৃদ্ধ আৰু অলৌকিকতাৰ বিদ্যমান। তেজীমলা মৰাৰ পাছত লাউ গছ হিচাপে জন্ম লৈছে, জৰা গছ হিচাপে জন্ম লৈছে, পদুম ফুল  হৈ ফুলি ৰৈছে এই অৱস্থাই এক অলৌকিক পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰিছে। তদুপৰি তেজীমলা শালিকা হৈ বাপেকৰ হাতত পৰা আৰু গামোচাখন পিন্ধাৰ লগে লগে মানুহলৈ ৰূপান্তৰ হোৱাটোৱে অলৌকিকতাক প্ৰতিফলিত কৰিছে।  সেয়ে এই কবিতাটোক মালিতা বা বেলাড হিচাপে আখ্যা দিব পাৰি। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
                    লেখক : দুদুল সোণোৱাল ।

(সাধুটোৰ মূল কথাখিনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু ভুলবোৰ শুধৰাই ইয়াত সন্নিৱিষ্ট কৰা হৈছে।)



🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇

Friday, July 1, 2022

গল্পৰ চলেৰে..... ' পৰিবৰ্তন' ।

গল্পৰ চলেৰে......

                     

           পৰিবৰ্তন       

   মদনে হয়তো কোনো দিনে ভবা নাছিল এনে এটা দিনৰ কথা। যিটো দিনত কেৱল পৰিৱৰ্তন হ'ব চৌদিশ অঞ্চলটোৰ পথবোৰ শিলৰ আলকতৰা দি পকা কৰা হ'ল।আকৌ ক'ৰবাত ক'ৰবাত চিমেণ্টেৰে তৈয়াৰী ইটাৰে নিৰ্মিত হ'ল পথ। আনকি সিহঁতৰ গাঁওখনৰ মাজেদি যোৱা পথটোও শিলেৰে নিৰ্মিত হ'ল। ঠাইখন সৰুমটীয়া নগৰলৈ পৰিণত হ'ল।কাষৰ ঘৰবোৰ ওখ ওখ অট্টালিকালৈ লাহে লাহে পৰিবৰ্তন হ'ব ধৰিছে। মুঠতে পৰিৱৰ্তন। চাৰিওফালে কেৱল পৰিৱৰ্তন। অথচ আজিৰ পৰা এশ বছৰৰ আগতে ঠাই ডোখৰ আছিল জয়াল। দিনতে ভয়লগা পৰিৱেশ। পথবোৰ আছিল একাঠু বোকা। একাঠু পানীৰে ভৰা। কিন্তু হ'লেও পথত বানপানী হোৱা মনত নপৰে। কাৰণো নথকা নহয়।সেই সময়ত ৰাইজে একেলগ হৈ পথৰ দুটা দাঁতিত দুটা দ নলা খান্দি প্ৰতি বছৰে পথত মাটি তুলিছিল। পানীবোৰ নলাৰে পথাৰৰ ফালে বেগত বাগৰি গৈছিল। এতিয়া চৰকাৰী আলিবাট হ'ল কিন্তু মেৰামতি নাই। নলা নৰ্দমা বন্ধ। এজাক বৰষুণতে পানী নহয় কি হ'ব। আকৌ ৰাইজেও ততকে ধৰিব নোৱাৰে নিজে কৰিব নে চৰকাৰে কৰিব ! খেলিমেলি হয় সকলো। সেয়ে অপৰিষ্কাৰ হৈয়ে ৰয় পথ। এলেকাটো সম্প্ৰতি নগৰলৈ পৰিৱৰ্তন হৈছে। ডাঙৰ ডাঙৰ অট্টালিকা হৈছে। সুন্দৰ পথ হৈছে। কিন্তু নলা নৰ্দমা সঠিক অৱস্থাত নাই। চৰকাৰী নলা আছে কিন্তু পানী নাযায়। মানুহে পেলায় দিয়া জাবৰ জোঁঠৰ, পলিথিনৰ প্ৰকোপত নলা বন্ধ । অলপীয়া বৰষুণতে এতিয়া চহৰ খনত ভীষণ বানপানী। এয়া মানুহৰ কুকৰ্মৰ ফল।

      গধূলি সময়ত দিননাথ, বগেন আৰু সি প্ৰায়ে খোজকাঢ়ি গাওঁৰ সিটো মূৰলৈ গৈছিল। এনেয়ে সদায় চক্কৰ এটা মাৰে সিহঁতে। আহোঁতে ৰাতি হয়।গগণ ফালি চিঞৰি চিঞৰি ৰাগ টানি আহে সিহঁতে। ভূতৰ ভয়। জয়াল ঠাই। জানোচা ভূতে পায় ! তেনেকৈয়ে পাৰ হৈছিল দিনবোৰ । সময়বোৰ। আজি বুঢ়া বয়সত মদনক কথাবোৰে জুমুৰি দি ধৰিছে। মনত পৰিছে কথাবোৰ। সমনীয়াৰ সৈতে কৰা ধেমালিবোৰ। কিমান আনন্দকৰ আছিল সেই সময়। কিমান সুন্দৰ আছিল সেই জীৱন। মদনৰ মনৰ তলিৰ পৰা কথাবোৰ ইটোৰ পাছত সিটো চিনেমাৰ ৰিলবিলাকত ওলোৱা নিচিনা উলাই আহিব ধৰিছে। 

       দিননাথে কৈছিল ,"সময় এদিন পৰিবৰ্তন হ'ব। পৰিবৰ্তন সময়ে হয়তো ঠাইডোখৰ সুন্দৰ কৰিব। নতুবা এলাগী , আপচু কৰি তুলিব । " এৰা তাৰ কথাই ফলিয়ালে। সি এনেয়ে কোৱা নাছিল কিন্তু। কিছু গণনা কৰিহে কথাটো কৈছিল হবলা। সি আৰু কৈছিল,"নগৰৰ সিটো মূৰত থকা মানুহবোৰ অলপ লেতেৰা স্বভাৱৰ।" আচলতে সিহঁতৰ সৰহসংখ্যকেই অনাঅসমীয়া। ঘৰ-বাৰী ঘণ ঘণ। ইটোৰ লগত সিটো লগা। নলা নৰ্দমা নাই। জাবৰ জোঁঠৰ, পলিথিন আদি য'তে ত'তে পেলায়। সি হেনো এইবোৰ দৃশ্য নিজ চকুৰে দেখিছে। গতিকে ভৱিষ্যতৰ নগৰখন বৰ সুন্দৰ নহ'ব ! - এয়া যুৱাৱস্হাৰ বন্ধু দিননাথৰ কথা। 

       এতিয়াৰ চুমনিচুক চহৰখন অলপীয়া বৰষুণতে বানপানী হয়। কৃত্ৰিম বানপানী। মানুহে চপাই লোৱা বানপানী। তাৰ ঘৰৰ পৰা তিনি চাৰি কিলোমিটাৰ মান দূৰ হ'ব নেকি বাৰু ? হয়। সিমানেই হ'ব চাগে। আমি কৈশোৰৰ কালছোৱাত কেতিয়াবা চাইকেলেৰে গৈছিলো। আকৌ কেতিয়াবা খোজকাঢ়িয়ে পোনাইছিলো। মুঠতে সেইসময়ত আমাৰ বাবে এই দূৰত্ব সাধাৰণ আছিল। আজিকালিহে ল'ৰা ছোৱালীয়ে চাইকেল বা মটৰচাইকেল নহ'লে লৰচৰ হবকে নুখোজে। কি যে হ'ব আজিৰ প্ৰজন্ম ! অজানিতে এটা হুমুনিয়াহ উলাই আহিল। জেঠীজনীয়ে ঠিক ঠিক কৰিছে। তাৰ ভাৱ চিন্তাবোৰক শলাগিছে হবপাই। সেই সময়তে দুৱাৰত আঘাত কৰা টক্ টক্ শব্দৰ ফলত তাৰ ভাৱনাত আউল লাগিল।

     : ককা, ফিকা চাহ। - নাতিনীজনীয়ে একাপ চাহ দি গ'ল। 

     : টেবুলতে থোৱা । - ককাকে ক'লে। গৰম চাহ। কুণ্ডলীপকাই উৰি আহিছে তাৰ শুকুলা ধোৱা। সি বিছনাৰ পৰা উঠি গৈ চাহকাপ খাব নে পুনৰ তাৰ গল্পৰ প্লটৰ মাজলৈ যাব সি কথাটো ঠাৱৰ কৰিব পৰা নাই। 

     বগেনে ক'লে , " আজি নাওৰ পাৰঘাটলৈ যাম। এনেয়ে সময় পাৰ কৰিম। লুইতৰ জলৰাশিৰ সৰলৰৈখিক গতি চাম। শিহুৰ পল জাম্প দিখোয়ে বা কিজানি ! " আমিবোৰে মূৰ দুপিয়াই সন্মতি প্ৰকাশ কৰিলোঁ। চুমনিচুক চহৰৰ পৰা পাৰঘাট বৰ দূৰ নহয়। দুই কিল'মিটাৰ মান হ'ব লাগে। আবেলি তিনিওৱে খোজকাঢ়ি পোনালো পাৰঘাটলৈ। পাৰঘাটত মানুহৰ ভিৰ। কিছুমান সিটো পাৰলৈ যাবলৈ নাওত উঠিছে। কিছুমানে অস্থায়ী হোটেলত ভাত খোৱাত লাগিছে। আন কিছুমানে এনেয়ে ঠাইখনত টহল দিছে। সিহঁতে অলপ আগবাঢ়ি গৈ ঘাটৰ নামনিৰ নিজান এডোখৰ ঠাইত বহি ল'লে। "কথা এটা শুনিছনে তহঁতি ?" - দিনই আমাৰ ফালে চাই ক'লে। "কি ?"- একেস্বৰতে আমি দুজনে মাতদিলো। " কিয় ? এই পাৰঘাটতো উঠি যাব নহয় ।" "কিন্তু পাৰঘাট বন্ধ হ'লে মানুহ কেনেকৈ পাৰাপাৰ হ'ব অ' ?" - বগেনৰ কথাৰ উত্তৰত আমি এইদৰে ক'লো । তেতিয়া বগেনৰ মুখেৰে গম পাইছিলো যে অহা বছৰলৈ ইয়াত এখন ডাঙৰ দলং হ'ব। শদিয়া আৰু ধলা সংযোগ হ'ব। বৰ ভাল কথা।বৰ ভাল কথা। আমি শলাগিছিলো। কিন্তু এচাম খাটি খোৱালোকৰ পেট নমৰিবনে ? এই যে পাৰঘাটত হোটেল দিয়া মানুহবোৰ, নাও চলাই, নাওত কাম কৰি পৰিয়াল পোহপাল দিয়া মানুহবোৰৰ কি দশা হ'ব ? সিহঁতে বাৰু জীৱনটো পৰিচালনা কৰিব পৰাকৈ এটা সংস্থাপন পাব নে ? চৰকাৰে সিহঁতৰ বাবে কিবা এটা কৰিব নে ? নে উপাৰ্জনৰ একমাত্ৰ পথ হেৰুৱায় সিহঁতে অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঢাপলি মেলিব ? "পৰিবৰ্তন বুজিছ, বন্ধু। সকলো পৰিবৰ্তন। আমি নামানিলেও উপায় নাই। আচলতে পৰিবৰ্তন হ'বলৈ হ'লে কিবা এটা হেৰুৱাব লগা হয়েই দেচোন।"- দিননাথৰ মন্তব্য। ঠিক আমি আলোচনা কৰাৰ পৰৱৰ্তী পোন্ধৰ বছৰৰ পাছত দলংখন উদ্ধোধন হ'ল। হাজাৰ হাজাৰ লোকে লোকাৰণ্য ঠাইত মোদীজীয়ে ভাষণ দি উদ্ধোধন কৰা হ'ল বুলি ঘোষণা কৰিলে। জাউৰিয়ে জাউৰিয়ে হাততালি বাজিল। চাওঁতে চাওঁতে কেতিয়ানো সময়ে ৰূপ সলালে ততকে ধৰিব নোৱাৰিলোঁ। চুমনিচুক চহৰখন বা পাৰঘাটৰ অৱস্থা পৰিৱৰ্তনৰ এক চেহেৰা। কিন্তু পৰিৱৰ্তন মানুহৰ অনুকুল হোৱাৰ প্ৰয়োজন আছে। ঠাই পৰিৱৰ্তন হ'লে মানুহৰ মনৰো পৰিৱৰ্তন হোৱা দৰকাৰ। মানুহৰ মনবোৰৰো সঠিকমতে পৰিৱৰ্তন হৈছে নে বাৰু ? অজস্ৰ প্ৰশ্নই তাৰ মনত আমনি কৰি থাকিল। ....

    

     এৰা অ' পৰিৱৰ্তনে কেতিয়াবা মানুহক সুবিধাও আনি দিয়ে । আৰু কেতিয়াবা অসুবিধাও আনি দিয়ে। আকৌ দুৱৰাত টুকৰ। নাতিনী হ'ব পাই। লাহেকৈ কম্বলখন গাৰ পৰা খহাই সি দুৱাৰৰ ফালে অনিচ্ছা সত্ত্বেও আগবাঢ়ি গ'ল...।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

(গল্পটোৰ কাহিনীৰ সৰহভাগেই কল্পনাৰ ৰহণ। কাৰোবাৰ কাহিনীৰ সৈতে মিলি গ'লে লেখক দায়ী নহয়। )
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।  
লেখক: দুদুল সোণোৱাল

    
    
 🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅
  
  

Saturday, June 25, 2022

মোবাইল ফোন মানুহৰ বাদ নে আশীৰ্বাদ ? জানো আহক। Mobile phone is a human exception or a blessing ? Let's know .

🙏  মোবাইল ফোন মানুহৰ বাদ নে আশীৰ্বাদ ? মোবাইল ফোন কি ? মোবাইল ফোনৰ উপকাৰী দিশ আৰু অপকাৰী দিশ : মোবাইল ফোনৰ জনপ্ৰিয়তা : পৰামৰ্শ আৰু সামৰণি। 

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

মোবাইল ফোন কি ?

      এখন হাতৰ পাঁচোটা আঙুলিৰে টিপা মাৰি কাণত স্পৰ্শ কৰাই আনৰ লগত কথা পাতিব পৰা সৰু যন্ত্ৰ বিধেই হৈছে 'মোবাইল ফোন' । এজন ব্যক্তিয়ে আন এজন দূৰৈত অৱস্থান কৰা ব্যক্তিৰ সৈতে ফুচফুচাই মনৰ কথা আলোচনা কৰিব পৰা, গোপন কথাবোৰ আলোচনা কৰিব পৰা এই যন্ত্ৰ বিধক 'ফুচফুচ যন্ত্ৰ' বুলিও কোৱা হয়।। মোবাইল ফোনৰ জৰিয়তে দূৰৈত অৱস্থিত দুজন লোকৰ মাজত সহজে যোগাযোগ অক্ষুণ্ণ ৰাখিব পৰা যায়। অসমীয়া ভাষাত এই মোবাইল ফোনক ভ্ৰাম্যভাষ যন্ত্ৰ বুলি কোৱা হয়। 

   ইতিহাসৰ পাতত পোৱা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়ছিল। পৰৱৰ্তীকালত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলিও কোৱা হয়। বৰ্তমান সময়ত মোবাইল ফোনৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংবৰ্ধন আৰু কাৰিকৰী মানৰ উন্নীতকৰণৰ কাম সময়ে সময়ে হৈ আহিছে। 2g, 3g , 4g আৰু শেহতীয়াকৈ 5g মোবাইলৰ বিকাশ সাধন কৰা হৈছে। 


মোবাইল ফোনৰ উপকাৰী দিশ :

    যিকোনো সামগ্ৰীৰে দুটা দিশৰ বৈশিষ্ট্য থাকে। এটা ভাল হ'লে আনটো দিশ বেয়া হয় এয়া সকলোৰে বিদিত। মোবাইলৰো ভাল আৰু বেয়া দুয়োটাই আছে। ইয়াৰ ভাল দিশকেই উপকাৰী দিশ হিচাপে গণ্য কৰা হৈছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা সময়লৈকে আমাক মোবাইল ফোনৰ প্ৰয়োজন হয়। মোবাইল আমাৰ হাতত থাকে। দেশ-বিদেশৰ বা-বাতৰি অনায়াসে অতি কম সময়ৰ ব্যৱধানত এই প্ৰযুক্তিৰ জড়িয়তে লাভ কৰিব পাৰি। সত্য যুগত ভগৱান সকলে তপ জপৰ জৰিয়তে বিভিন্ন ঠাইত বাস কৰা মানুহৰ বা সমস্ত জগতৰ সম্পৰ্কে জানিব পাৰিছিল ঠিক সেই ক্ষমতা আজি মানুহৰ হাতত বিদ্যমান। এয়া কাল্পনিক নে সত্য সেই কথা আমি নাজানিলেও গীতা, মহাভাৰত, ৰামায়ণ আদিৰ দৰে ধৰ্মগ্ৰন্থ সমূহেও ভগৱানৰ এই মহাত্ম্য গুণ বখানে। ই যি কি নহওঁক,, আধুনিক যুগৰ ভগৱান হ'ল নিৰ্জীৱ প্ৰযুক্তিৰ সৃষ্টি মোবাইল ফোন। মোবাইল ফোনৰ দ্বাৰা কি কৰিব নোৱাৰি ? বিভিন্ন অফিচ কাছাৰীৰ কাম, বিদ্যালয়ৰ সৈতে সম্পৰ্কিত কাম, বেংক বানিজ্যৰে সম্পৰ্কিত কাম, চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে বিজ্ঞাপনৰ লগতে হিতাধিকাৰীৰ আবেদন গ্ৰহণ, মনোৰঞ্জনৰ কাৰণে বোলছবি প্ৰদৰ্শন, নানা বা-বাতৰি পৰিৱেশন, চাকৰিৰ বিজ্ঞাপন আৰু অনলাইনত আবেদন গ্ৰহণ.. আদি মোবাইল ফোনৰ জৰিয়তে অনায়াসে কৰিব পাৰি। মোবাইল ফোন কম্পিউটাৰৰ আন এটা সংস্কৰণ মাথোঁ। 
    বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম মোবাইল ফোনৰ মাধ্যমেৰে গ্ৰহণ কৰিব পাৰি। তেনেধৰণৰ শিক্ষাৰ বাবে একোটা এপ থাকে।এপটো ডাউনলড কৰি তাৰ জৰিয়তে সহজে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰিব পাৰি। কেইটামান এপৰ নাম পঢ়ুৱৈৰ সুবিধাৰ্থে উল্লেখ কৰা হ'ল। ইচ্ছুক সকলে ব্যৱহাৰ কৰিব পাৰে । Educational.txt । BYJU'S-The Learning app, DIKSHA- platform for school education app, Lurningo- education app, EdApp mobile learning, Duolingo app, Khan academy app, Grammarly app, Cliffs Notes app, Star Chart App, SoloLearn app, EasyBib app, BrainScape app, Coursera app, PhotoMath app, Periodic table app, RealCalc Scientific Calculator app, Flashcards+ app, Google Classroom app, Socrative Students app , Quizizz play to learn app , Praadis Education Learning app আদি হ'ল তেনেধৰণৰ এপ । এই এপবোৰ ব্যৱহাৰকাৰীয়ে Play Store ৰ পৰা ডাউনলড কৰি ল'ব লাগে।। আকৌ বিভিন্ন কেৰিয়াৰৰ বাবে যেনে - IAS, IPS ACS, JEE, CEE আদিৰ বাবে আগতীয়াকৈ ক'ৰ্চিং ক্লাছ মোবাইলৰ জৰিয়তে কৰিব পৰা যায়। ইয়াৰ বাবে অৱশ্যে এপৰ গৰাকীয়ে কিছু ক্ষেত্ৰত কম পৰিমাণৰ মাননি লয়।
    আকৌ আজৰি সময় কটোৱাৰ নিমিত্তেও সুন্দৰ ব্যৱস্থা আছে। লুডু খেল, দবা খেল, তাচপাতৰ খেল আৰু মটৰ গাড়ীৰ খেল আদি অসংখ্য খেল সন্নিবিষ্ট কৰি ব্যৱহাৰ কাৰীৰ বাবে সুবিধা কৰি দিয়া হৈছে। মুঠতে মনোৰঞ্জনধৰ্মী সকলো ক্ৰিয়া কলাপ হাতৰ টিপতে পাব পাৰি। এনেবোৰ এপৰ জৰিয়তে নানান বিষয়ৰ শিক্ষা অতি সহজতে ঘৰত বহিয়েই পাব পাৰি একমাত্ৰ মোবাইল ফোনৰ মাধ্যমেৰে। 
  অৰ্ধসময়ৰ চাকৰি (পাৰ্ট টাইম জব), সম্পূৰ্ণ সময়ৰ চাকৰি (ফুল টাইম জব) অনলাইনত মোবাইলৰ জৰিয়তে কৰিব পাৰি। বানিজ্যৰ দিশটো মোবাইল ফোনে সহায় কৰে। চেয়াৰ ষ্টক মাৰ্কেটত ধন খটুৱাই মানে Invest কৰি মুনাফা অৰ্জন ঘৰৰ পৰাই লাভ কৰিব পাৰি। Phonepe app, Google pay app, Paytm money app আদিৰ জৰিয়তে ধনৰ আদান-প্ৰদানৰ, ধনৰ লেনাদেনাৰ কাম কৰিব পাৰি। আনহাতে আজিকালি বেংক প্ৰতিষ্ঠান সমূহে নিজাকৈ একোটা এপ গঠন কৰি দিছে গ্ৰাহকৰ সুবিধাৰ বাবে যাৰ জৰিয়তে বেংকৰ সকলো কাম ঘৰতে বহি সমাধা কৰিব পৰা যায়। গতিকে মোবাইল ফোনে আমাক বহু উপকাৰ সাধন কৰিছে যিবোৰ বৰ্ণনা কৰি শেষ কৰিবলৈ হ'লে এখন মহাভাৰতৰ সদৃশ হ'বগৈ।

মোবাইল ফোনৰ অপকাৰী দিশ : 
   
     অন্য সামগ্ৰীৰ যিদৰে বেয়া দিশ আছে, একেদৰে মোবাইলৰো বেয়া দিশ অৱশ্যে আছে। আপোনাসৱৰ নিশ্চয় সকলোৰে জ্ঞাত যে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে আমাৰ চকুৰ দৃষ্টিশক্তি কমাই আনে। ব্যৱহাৰকাৰীৰ শৰীৰ দুৰ্বল আৰু অৱশ কৰি পেলায়। মূৰৰ বিষ , গাৰ বিষ , মূৰ ঘূৰণি আদিৰ দৰে পাৰ্শ্বক্ৰিয়া দেহত দেখা দিয়াৰ সম্ভাৱনা থাকে। ই যি কি নহওঁক, আধুনিক যুগৰ সকলো সুচল থকা এইবিধ আহিলা কিন্তু কোনো লোকেই ব্যৱহাৰ কৰিবলৈ নেৰে। 
   মোবাইল ফোনত ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পৰ্ণ'গ্ৰাফী ভিডিঅ'উপলব্ধ। যি সমূহ ভিডিঅ' চাই আজিৰ সমাজত বিভিন্ন sex ৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ডেকাৰ পৰা বৃদ্ধলৈ মানুহৰ মানসিকতা এই চাইট সমূহে বেয়া দিশলৈ পৰিৱৰ্তন কৰাৰ নিদৰ্শন আছে। টিভি খুলিলেই তেনেধৰণৰ ঘৃণনীয় সংবাদ পোৱা যায়। ইয়াৰ মূলতে যে মোবাইলৰ কুপ্ৰভাৱ আছে এই বিষয়ে অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰি। এনে ভিডিঅ'ৰ প্ৰতি সহজে সকলোৱে আকৰ্ষিত হয় । কেইদিনমানৰ আগৰ পৰা দেখা গৈছে গুৱাহাটীৰ এটা সংবাদ চেনেলে (Time Guwahati) এনে ঘৃণনীয় সংবাদ সমূহ পৰিৱেশন কৰি আছে। এইবোৰ সকলো ধৰণৰ মানুহে গো-গ্ৰাসে গিলিছে। লাইক,কমেণ্ট,চেয়াৰ লাখৰ ঘৰত উঠিছে। অৰ্থাৎ ইয়াৰ পৰা ক'ব পাৰি যে আমাৰ মানুহবিলাক বেয়াৰ প্ৰতি আকৃষ্ট বেছি। 
   বিশ্বৰ অৰ্থনৈতিক বজাৰখনত চাইবাৰ অপৰাধৰ সদৃশ অপৰাধ সমূহ মোবাইল ফোনৰ মাধ্যমেৰে হয় বুলি এক সমীক্ষাত প্ৰকাশ কৰা হৈছে। বিশেষকৈ ফেচবুক, টুৱিটাৰ, ইনষ্ট্ৰাগ্ৰাম , ইউটিউব আদিৰ বহুল ব্যৱহাৰে মানুহক মানুহে অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিছে। ফেচবুকত ব্যৱহাৰকাৰীয়ে সংলগ্ন কৰা তথ্য সমূহ অপৰাধীয়ে হৰণলুকী কৰি বিভিন্ন কামত লগোৱাৰ লগতে বেংকৰ একাউণ্টৰ পৰা জমাধন উঠাই নিবলৈ সক্ষম হৈছে। সেয়ে আমি পৰাপক্ষত সামাজিক মাধ্যমসমূহত নিজৰ বায়ডাতা চেয়াৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত।
   আজিকালি সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়েও মোবাইল অনায়াসে চলাব জানে। কত টিপিলে খেল ওলাই, ক'ত টিপিলে ফটো ওলাই, ক'ত টিপিলে চিনেমা ওলাই সকলোবোৰ সিহঁতৰ আঙুলিৰ মূৰত। এনে হৈছে যে কিছুমান সৰু ল'ৰা-ছোৱালীক নিচুকাবলৈ পিতৃ মাতৃয়ে মোবাইল দিয়াৰ ফলত ই অভ্যাসত পৰিণত হৈছেগৈ। অনবৰতে মোবাইলত গেম, চিনেমা , ভিডিঅ' চোৱাৰ ফলত কিতাপৰ প্ৰতি ধাউতি হ্ৰাস পাইছে। মোবাইলটো নাপালে মাক বাপেকৰ লগত, ককায়েক ভায়েকৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হৈছে। মোবাইলৰ প্ৰতি থকা ৰাপে মানুহৰ মাজত থকা অকৃত্ৰিমতা নাশ কৰিছে। ল'ৰা ছোৱালীৰ মাজত থকা প্ৰকৃত মৰম স্নেহৰ লুপ্ত ঘটিবলৈ ধৰিছে। তদুপৰি মনত হিংসা, ভয়, একাকীত্ব, স্বাৰ্থপৰ মনোভাৱ, এলেহুৱা আদি নেতিবাচক মনোভাবৰ জন্ম দিয়াত মোবাইল ফোনে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। 

সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা :
   
    সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। ঘৰত লাগিলে খাবলৈ সংকট হওক, ঋণৰ বোজা যিমানেই বাঢ়ক হ'লেও ঘৰত যেনতেন এটা স্মাৰ্টফোন থাকিবই লাগিব । বৰ্তমান সময়ত সমাজত এনে মানসিকতাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যে 'স্মাৰ্টফোন' ষ্টেটাচৰ এক অঘোষিত সম্বল। ই যিয়েই নহওঁক, বৰ্তমান সময়ত মোবাইল ফোন মানুহৰ এক অপৰিহাৰ্য্য অংগ হিচাপে বিবেচিত হৈ পৰিছে। অতি সহজে কঢ়িয়াই লৈ ফুৰিব পাৰি, কম মূল্যতে ক্ৰয় কৰিব পাৰি, সহজে বহু দূৰ দূৰণিৰ চিনা-নিচিনা ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পৰাৰ লগতে মনৰ বা-বাতৰি ল'ব পাৰি এই স্মাৰ্ট ফোনৰ মাধ্যমেৰে। সেয়ে ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। 
    
উপসংহাৰ :

    স্মাৰ্ট ফোনৰ সম্পৰ্কে বোধকৰোঁ নজনা মানুহ এই মুলুকত নাই বুলিলেও অত্যুক্তি কৰা নহয়। হ'লেও ব্যৱহাৰকাৰীৰ সুচলতাৰ বাবে ওপৰত উল্লেখিত আলোচনা সমূহ আগবঢ়াবলৈ প্ৰচেষ্টা কৰা হৈছে। আমি স্মাৰ্ট ফোনৰ সম্পৰ্কে যিমান জানো,আকৌ সিমান নাজানোও। গতিকে ইয়াৰ সম্পৰ্কে যৎকিঞ্চিত অধ্যয়ন কৰাটো আমাৰ বাবে নিশ্চয় আদৰণীয় কামেই হ'ব বুলি ভাবোঁ। 
    স্মাৰ্ট ফোন বাদ নে আশীৰ্বাদ সেইটো স্মাৰ্ট ফোনৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰে। আপুনি যদি ভালখিনি গ্ৰহণ কৰে তেন্তে আপোনাৰ বাবে ই আৰ্শীবাদস্বৰূপ, যদি বেয়াবোৰ চাই আৰু গ্ৰহণ কৰি সময় অপব্যয় কৰে তেন্তে আপোনাৰ বাবে মোবাইল ফোন বাদ বা গলগ্ৰহলৈ পৰিণত হ'ব। বিশেষকৈ পিতৃ মাতৃয়ে সন্তানক মোবাইল ফোন এৰি দিলে কিছু নজৰ ৰাখিব লাগে।সেয়ে আহক মোবাইলৰ সম্পৰ্কে যৎকিঞ্চিত জানো আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰি নিজৰ লগতে সমাজৰ উন্নয়নত অৱদান আগবঢ়াও । 


অনুগ্ৰহ কৰি লেখাটো পঢ়ি চেয়াৰ কৰি মোক সহায়ৰ হাত আগবঢ়াব। পাৰিলে এটা কমেণ্ট তলৰ কমেণ্ট বাকচত এৰি যাব।‌ ধন্যবাদেৰে -
লেখক : দুদুল সোণোৱাল।


🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿
   


Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts