Thursday, November 10, 2022

পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা। The role of aquatic plants in purifying water.

🌴পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা ।The role of aquatic plants in purifying water.

🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱🌱

১/আৰম্ভণি 

২/জলজ উদ্ভিদ কি আৰু ইয়াৰ প্ৰকাৰ

৩/পানী বিশুদ্ধ কৰণত কিদৰে সহায় কৰে

৪/ বিভিন্ন জলজ প্ৰাণীৰ খাদ্য হিচাপে জলজ উদ্ভিদ

৫/ পৰিস্থিতিতন্ত্ৰৰ সমতুলকৰণত জলজ উদ্ভিদ  

৬/মানুহৰ জীৱন শৈলীত জলজ উদ্ভিদৰ প্ৰভাৱ

৭/পৰামৰ্শ আৰু সামৰণি 


১/আৰম্ভণি :
   পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিয় গুৰুত্বপূৰ্ণ তাক ভালদৰে জানিবৰ বাবে ইয়াৰ বিষয়ে অধ্যয়ন কৰিবই লাগিব। আপোনালোকে নিশ্চয় দেখিছে পানীত বহু প্ৰজাতিৰ উদ্ভিদ থাকে। সৰু ডাঙৰ উদ্ভিদৰ জৰিয়তে পানীৰ নিৰ্দিষ্ট অংশ আৱৰি একোটাহঁত পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি কৰে। এনে পৰিস্থিতি তন্ত্ৰত জলজ উদ্ভিদে মূখ্য ভূমিকা পালন কৰে। জলজ উদ্ভিদে পানীত বাস কৰা জীৱৰ উপৰিও স্থলজ প্ৰাণীৰো উপকাৰ সাধন কৰে। 
   
২/জলজ উদ্ভিদ কি আৰু ইয়াৰ প্ৰকাৰ :

     জলজ উদ্ভিদ হৈছে পানীত আপোনা-আপুনি গজা কিছুমান সৰু-ডাঙৰ উদ্ভিদ। জনা যায় যে কিছুমান উদ্ভিদক বহু পানীৰ প্ৰয়োজন হয় এই পানীৰ প্ৰয়োজন পূৰাবলৈ সেই বিলাক উদ্ভিদ পানীৰ যুৱলি বা খাল,বিল, গভীৰ হ্ৰদ আদিত জন্ম লৈ নিজৰ পূৰ্ণতা বৃদ্ধি ঘটায়। উদ্ভিদৰ ভাগ অনুসৰি জলজ উদ্ভিদকো চাৰিটা ভাগত ভাগ কৰিব পাৰি। লতা,গুল্ম,বৃক্ষ আৰু ঘাঁহ জাতীয় উদ্ভিদ পানীত সচৰাচৰ পোৱা যায়।

    লতা জাতীয় উদ্ভিদ : ইহঁত পানীৰ ওপৰত ওপঙি থাকে আৰু লতা বগাই যায়।এই শ্ৰেণীৰ উদ্ভিদৰ ভিতৰত কলমৌ, দাতোন লতা, এৰালি, দ'ল, বেত গছ, .... আদি।
     কলমৌ : কলমৌৰ পাতৰ আকাৰ বহল সাজিয়া। কোমল আৰু সেউজীয়া ৰঙৰ হয়। ইয়াৰ কাণ্ড কোমল আৰু ফোঁপোলা। মাজত নলা থাকে। ই সহজে পানীত ওপঙি থাকিব পাৰে কাৰণ ইয়াৰ মাজনা নলা সদৃশ, বাকলি পাতল অৰ্থাৎ ফোঁপোলা। সেয়ে ইয়াৰ ওজন কম আৰু সহজে পানীত ওপঙি থাকে। পানীত ওপৰত পৰা ধূলি বালি ইয়াৰ পাতে ধৰি ৰাখে আৰু লতা ডালত পানীত থকা বোকা আৰু বালি ধৰি ৰাখিব পাৰে। এইদৰে কলমৌয়ে পানীত ওপঙি থাকি পানী বিশুদ্ধ কৰণত সহায় কৰে।
    দাতোন লতা: পানীৰ যুৱঁলিত বা পানীৰ মাজত থাকে। কিন্তু ই পানীৰ ওপৰত বগোৱা পৰিৱৰ্তে পানীত থকা যিকোনো জোপোহাৰ আশ্ৰয় লয়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মানুহে দাঁত ঘঁহা আহিলা হিচাপে ব্যৱহাৰ কৰে। সেয়ে দাতোন লতা বুলিও কয় কিন্তু প্ৰকৃত নাম কি মইয়ো নাজানো। বিজ্ঞজনে সন্নিৱিষ্ট কৰিবলৈ সুবিধা দিব বুলি আশা ৰাখিলোঁ। ইয়াৰ শিপা পানীৰ তলৰ মাটিত থাকে।শিপাই পানীৰ তলিখন টান হোৱাত সহায় কৰে। সেয়ে এনে লতা থকা পানী সহজে ঘোলা নহয়। 
    এৰালি: ই এবিধ ঘাঁহ জাতীয় লতা। পানীৰ ওপৰত বগাই থাকে। বিশেষকৈ গৰু মহৰ ই উত্তম খাদ্য। ইও বায়ুমণ্ডলত থকা ধূলি বালি পানীত নপৰাকৈ ধৰি ৰাখে।
    দ'ল: ইও এবিধ পানীত বগাই ফুৰা লতা জাতীয় উদ্ভিদ। পাতবোৰ দীঘলীয়া।বৰণ সেউজীয়া। বিশেষকৈ গৰু আৰু মহৰ খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। দলে বায়ুমণ্ডলৰ ধূলি বালি পানীত নপৰাকৈ ধৰি ৰাখে। ইয়াৰ পানীত থকা বোকা আৰু বালি ধৰি ৰাখে। 
    গুল্মজাতীয় উদ্ভিদ: গুল্মজাতীয় উদ্ভিদসমূহ পানীৰ তলত আৰু কিছুমান পানীৰ ওপৰত থাকে। পানীৰ ওপৰত থকা উদ্ভিদ হৈছে - মেটেকা,সৰু পুনি, ডাঙৰ পুনি ,.... আদি। 
    মেটেকা: মেটেকাৰ শিপাবোৰ পানীৰ তলত ওপঙি থাকে। থোপা শিপা থাকে। মেটেকা মানুহে বহু কামত ব্যৱহাৰ কৰে। সাৰ হিচাপে আৰু খাদ্য হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। মেটেকাৰ কাণ্ড ফোঁপোলা আৰু ই পানী ধৰি ৰাখিব পাৰে। মেটেকাই বোকা বিভিন্ন পোক পতংগ আৰু মাছ ধৰি ৰখাত সহায় কৰে। ইয়াক মাছৰ ঘৰ বুলিও ক'ব পৰা যায়। মেটেকাৰ শিপাই পানীত ওপঙি থকা ঘোলা মাটি আৰু পলস ধৰি ৰাখে যাৰ পানী বিশুদ্ধ হৈ থাকে। মেটেকাবোৰ উপৰলৈ উঠাই দিলে সেয়ে লেতেৰা বোকা পানী,পলসযুক্ত পানী সিচঁৰিত হৈ যায় যাৰ বাবে পানী ভাগ ঘোলা হ'ব ধৰে। ইয়াৰ পৰা গম পোৱা যায় মেটেকাই পানী বিশুদ্ধ কৰণত সহায় কৰে।
    পুনি: সৰু সৰু পাত থকা এবিধ উদ্ভিদ যি কেৱল পানীতহে থাকে পানীত থকা পোক পতংগ আৰু মাছৰ ই উত্তম খাদ্য। 
    বৃক্ষজাতীয় উদ্ভিদ: যি বিলাক উদ্ভিদৰ গা-গছ আৰু ডাল পাত থাকে সেইবিলাক উদ্ভিদক বৃক্ষজাতীয় উদ্ভিদ বোলে। পানীত থকা বৃক্ষজাতীয় উদ্ভিদৰ ভিতৰত - ভেৰ গছ, পানী মধুৰি, নল, খাগৰি, ইকৰা, তৰা গছ, ... আদি। 
    ভেৰ গছ: ভেৰ গছৰ গা-গছ বৰ টান আৰু আকাৰত ডাঙৰ। ডাল ঠাল ঠেঙুলি থাকে। পাতবোৰ সেউজীয়া আৰু দীঘল সাজিয়া। পানীত গজিলেও ইয়াৰ পাত ছাগলী আৰু গৰুৰ উত্তম খাদ্য। এই গছৰ শিপা বহু দূৰলৈকে যায় বাবে পানীৰ তলৰ মাটিবোৰ টান হোৱাত সহায় কৰে। মাটিবোৰ টান আৰু সহজে এৰাই নগ'লে পানী সহজে ঘোলা নহয়। গতিকে বৃক্ষই পানী বিশুদ্ধ কৰণত শিপাৰ জৰিয়তে সহায় কৰে।
    পানী মধুৰি: সৰু সৰু ডাল আৰু পাত থকা এবিধ সৰু আকাৰৰ গছ। দ বা বাম সকলো পানীতে এই গছ থাকে। ইও শিপাৰ জৰিয়তে পানী ঘোলা হোৱাৰ পৰা ৰক্ষা কৰে। পানীত মিহলি হৈ থকা ধূলি বালি ইয়াৰ গা-গছ আৰু ডাল পাতে ধৰি ৰাখে।  
    গুল্মজাতীয় উদ্ভিদ : গুল্মজাতীয় উদ্ভিদ পানীত তেনেকৈ নাথাকে বুলিব পাৰি। পাটিদৈ গছ, ইকৰা,নল, খাগৰি আদিক গুল্মজাতীয় উদ্ভিদ হিচাপে ধৰিব পাৰি। 
    ইকৰা: ইয়াৰ পাত দীঘল সাজিয়া। গা-গছ ৰঙচুৱা বৰণৰ। থোপা শিপা থাকে। পানীৰ বহু দূৰলৈকে শিপাই মাটি খামোছ মাৰি ধৰে। যাৰ বাবে ইকৰা থকা পানী খিনি চাফা আৰু শীতল হৈ থাকে। ইয়াৰ শিপাই মাটি খামোছ মাৰি ধৰি ৰাখে বাবে সহজে মাটিৰ পৰা বোকা উঠি পানী ঘোলা নকৰে।
    পাটিদৈ: পাটিদৈৰ শিপা থাকে পানীৰ তলত আৰু গা-গছৰ অংশ ওপৰত ওলাই থাকে। ইয়াৰ পাত তিনি কোণীয়া হয়। কৌপাতৰ নিচিনা কোমল। গা-গছৰ ছাল বিভিন্ন আকৃতিৰ ঢাৰি পাতি বনাবলৈ ব্যৱহাৰ কৰে। যাক চিতল পাটি বুলিও কোৱা হয়। ইয়াৰ শিপাই বহুদূৰলৈ পানী তলৰ মাটিবোৰ ধৰি ৰাখে আৰু সেয়ে মাটিৰ উপৰি অংশ টান হৈ থাকে। টান হৈ থকা বাবে সহজে মাটি এৰি নাযায় আৰু মাটিবোৰ বোকা নহয়। সেয়ে এনে গছৰ তলত থকা পানী চাফা আৰু পৰিষ্কাৰ হৈ থাকে। 
    নল-খাগৰি: নল খাগৰি সকলোৱে নিশ্চয় দেখিছে। নলবোৰ বাঁহৰ সদৃশ পাব থাকে।পাত সৰু দীঘল সাজিয়া।বৰণ সেউজীয়া। পাবে পাবে ডাল ওলাই আৰু জোপোহা হৈ পৰে। ইয়াৰ শিপাও পানীৰ তলত থাকে আৰু গা-গছ পানীৰ এক দুই মিটাৰ পৰ্যন্ত ওখ হয়। শিপাই পানীত থকা মাটি টানকৈ খামোছ মাৰি ধৰে বাবে এই উদ্ভিদ থকা পানীভাগ চাফা হৈ থাকে। তদুপৰি গা-গছ আৰু পাতে পানীত ওপঙি থকা ঘোলা মাটি আৰু পলস সহজে ধৰি ৰাখে যাৰ বাবে পানী বিশুদ্ধ হৈ থাকে।
    ইয়াৰোপৰি শেলাই জাতীয় উদ্ভিদ, শিঙৰী উদ্ভিদ আদিও পানীত থাকি পানী বিশুদ্ধ কৰণত সহায় কৰে। এনেধৰণৰ উদ্ভিদ বিলাকে পানীত ওপঙি থকা ঘোলা মাটি,বালি, জাবৰ আদি ধৰি ৰাখে। সেয়ে এনে উদ্ভিদ থকা পানীভাগ চাফা হৈ থাকে। 
 
 ৩/পানী বিশুদ্ধ কৰণত কিদৰে সহায় কৰে:
  ওপৰত উল্লেখিত উদ্ভিদ সমূহৰ গঠন আৰু প্ৰকৃতিৰ পৰা বুজিব পাৰি যে জলজ উদ্ভিদ সমূহে পানী বিশুদ্ধ কৰণত সহায় কৰে। ঘাইকৈ ইয়াৰ শিপা আৰু পানীৰ সীমনালৈ থকা গা-গছ আৰু ডাল পাতে পানী বিশুদ্ধ কৰণত সহায় কৰে। শিপাই পানী তলৰ মাটিবোৰ খামোছ মাৰি ধৰি টান কৰি ৰাখে যাৰ বাবে ইয়াৰ তলৰ মাটিবোৰ বোকাময় নহয়। ফলত ইয়াৰ পৰা বোকা, বালি উঠি পানীভাগ লেতেৰা কৰিব নোৱাৰে। তদুপৰি বায়ুমণ্ডলত থকা ধূলি বালি গা-গছৰ উপৰি অংশ ডাল পাতে ধৰি ৰাখে। সেয়ে তলৰ পানী স্ফটিক অৱস্থাত থাকে। তাৰোপৰি গছৰ পাতবোৰেও পানী বিশুদ্ধ কৰণত সহায় কৰে। পানীত মিহলি হৈ থকা বিভিন্ন লেতেৰা পদাৰ্থবোৰ পানীত পৰা পাতবোৰৰ গাত লাগি থাকে। আনকি সহজে এনেধৰণৰ পদাৰ্থ এৰাই নাযায় যাৰ বাবে পানী বিশুদ্ধ হৈ থাকে। আনহাতে পাতবোৰে পানী তলৰ মাটিবোৰ ওপৰলৈ উপঙি অহাত বাধা দি পুতিজল সৃষ্টি হোৱাত বাধা দি ৰাখে। সেয়ে পানী সহজে ঘোলা নহয়। পুণি শিঙৰী উদ্ভিদ থকা পানীভাগ সোনকালে লেতেৰা নহয়। পুণিয়ে পুখুৰী বা হ্ৰদ বা জলাশয় বা খাল বিল আদিত সহজে বংশৰ বৃদ্ধি ঘটাব পাৰে। পুখুৰী বা হ্ৰদ বা জলাশয় বা খাল বিলৰ সমস্ত পানী ভাগ ই আগুৰি থাকে। যাৰ বাবে ইয়াৰ তলৰ পানীভাগ বিশুদ্ধ অৱস্থাত থাকে।
     পানীত থকা উদ্ভিদৰ পৰা পানীত থকা জীৱই বিশুদ্ধ অস্কিজেন লাভ কৰিব পাৰে। 

 ৪/ বিভিন্ন জলজ প্ৰাণীৰ খাদ্য হিচাপে জলজ উদ্ভিদ :
    পানীত থকা সৰহ ভাগ উদ্ভিদেই জলজ প্ৰাণীৰ লগতে স্থলজ প্ৰাণীৰো খাদ্য। পুণি মাছৰ খাদ্য। সৰু বা ডাঙৰ আটাইবোৰ মাছেই পুণি খায়। শিঙৰী কাইটৰ গুটিৰ ভিতৰৰ কোমল অংশ মাছৰ খাদ্য। উদ্ভিদ বিলাকৰ গা-গছৰ ছালত লাগি থকা পোক পতংগ মাছৰ খাদ্য হিচাপে মাছে পায়। ঠিক সেইদৰে মেটেকাও মাছৰ খাদ্য। মেটেকাৰ শিপাৰ কোমল অংশ মাছে আহাৰ হিচাপে খায়। লগতে মেটেকাক বিভিন্ন সৰু সৰু পোক পতংগও বাহ লয়। এই সৰু প্ৰাণীবোৰ মাছৰ খাদ্য হিচাপে মাছে পায়। একেদৰে কলমৌৰ পৰাও মাছে আহাৰ পায়। কলমৌৰ শিপা কোমল আৰু লেহুকা। সেয়ে শিপাবোৰ মাছে আহাৰ হিচাপে খায়।

৫/ পৰিস্থিতিতন্ত্ৰৰ সমতুলকৰণত জলজ উদ্ভিদ :
    পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰত জলজ উদ্ভিদৰ ভূমিকা আছে। জলজ উদ্ভিদ বিলাকেও অক্সিজেনৰ সৃষ্টিত সহায় কৰে। লগতে পৰিস্থিতি তন্ত্ৰত থকা আৱহহাৱা জলজ উদ্ভিদ সমূহে বিশুদ্ধ কৰি ৰখাত সহায় কৰে।

৬/মানুহৰ জীৱন শৈলীত জলজ উদ্ভিদৰ প্ৰভাৱ :
    জলজ উদ্ভিদৰ পৰা মানুহে পৰোক্ষ আৰু প্ৰত্যক্ষ ভাৱে সহায় পায়। বহু জলজ উদ্ভিদ মানুহে বিভিন্ন খাদ্য হিচাপেও ব্যৱহাৰ কৰে। বিশেষকৈ কলমৌৰ পোখা, মেটেকাৰ ফুল, বেতৰ গাজ, চেংমৰা গছৰ পোখা আদি মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। শিঙৰীৰ ফল মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰে। ভেৰ গছ, পানী মধুৰিৰ পৰা কাঠ আৰু খৰি মানুহে পাবলৈ সক্ষম হয়। ইকৰা, নল, খাগৰি আদি ঘৰৰ বেৰ আৰু জেওৰা দিবলৈ মানুহে ব্যৱহাৰ কৰে। 
     মেটেকাৰ পৰা মানুহে বিভিন্ন আহিলা তৈয়াৰ কৰিব পাৰে যেনে- যোগাসন কৰা কঠ, নামঘৰত ভকত বহা কঠ, ডাইনিং মেট, পুৰুষ-মহিলাৰ বিভিন্ন ধৰণৰ বেগ, বটল বেগ, বাস্কেট, ফাইল কভাৰ, জপা, পেন হ’ল্ডাৰ, টুপি ট্ৰে, ফুলদানি, ড্রয়িংৰূমত সজোৱা সামগ্রীকে ধৰি বিভিন্ন ধৰণৰ সা-সামগ্রী তৈয়াৰ কৰিব পৰা যায় । এনেকৈয়ে মানুহৰ জীৱনত প্ৰত্যক্ষ ভাৱে জলজ উদ্ভিদ সমূহে প্ৰভাৱ বিস্তাৰ কৰিছে।

৭/পৰামৰ্শ আৰু সামৰণি
   পানী বিশুদ্ধ কৰণত জলজ উদ্ভিদ বিলাকে সহায় কৰিলেও এইবোৰ উদ্ভিদে বহুক্ষেত্ৰত মানুহক অপকাৰ নকৰাও নহয়। মেটেকা এনে এবিধ উদ্ভিদ যি অতি সহজে আৰু সোনকালে নিজৰ বংশ বৃদ্ধি ঘটাব পাৰে। বোৱতী নদী, সুঁতি আদিৰ পানী সঠিক মতে ওলাই যোৱাত মেটেকাই বাধা দিয়ে। মেটেকাই নদী বা সোঁতিৰ মাজেৰে অহা বিভিন্ন পচা কাঠ,ডাল পাত, বিভিন্ন পেলনীয়া সামগ্ৰী বাধা দি ৰখাই থোৱাৰ ফলত নদীৰ পানী ওফন্দি বানপানীৰ সৃষ্টি কৰাত অৰিহণা যোগায়। খেতি পথাৰত মেটেকা পৰিলে মেটেকাই খেতি পথাৰ নষ্ট কৰে। তদুপৰি মেটেকাত অত্যধিক পৰিমাণে থকা ৰাসায়নিক দ্ৰব্য পটাচ, নাইট্ৰজেন আদিও মানুহৰ বাবে ক্ষতিকাৰক হিচাপে বিবেচিত। একেদৰে দ'ল বা এৰালিয়ে পানী চলাচল কৰাত বাধা দিয়ে। দ পথাৰবোৰত এৰালি, দ'ল আদি অপতৃণ বিলাকে পথাৰ নষ্ট কৰি খেতিয়কক আহুকালত পেলায়। 
       ই যি কি নহওঁক, পৰিস্থিতি তন্ত্ৰত থকা প্ৰতিটো উপাদানে পৰিৱেশ সৃষ্টিত অৱদান আগবঢ়াই। প্ৰতিটো উপাদান সমান হলেহে পৰিৱেশ সমতুল অৱস্থাত থাকিব। সেয়ে আমি সকলো উপাদানৰ প্ৰতি গুৰুত্ব আৰোপ কৰি সংৰক্ষণ কৰিব চেষ্টা কৰা উচিত। 

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾

Sunday, November 6, 2022

থলুৱা শস্যৰ সম্ভাব্য চাহিদা অনুসৰি বজাৰ দখল: এক তুলনামূলক অধ্যয়ন। A comparable field study on demand of local crops in the market.

    থলুৱা শস্যৰ সম্ভাব্য চাহিদা অনুসৰি বজাৰ দখল: এক তুলনামূলক অধ্যয়ন ।

A comparable field study on demand of local crops in the market.



     বজাৰত থলুৱা শস্যৰ চাহিদা আছে নে নাই , সম্ভাব্য চাহিদা কিমান (?) আদি কথাবোৰ স্পষ্টকৈ নজনাকৈয়ে আমাৰ কৃষক বন্ধুসকলে ঐতিহাসিক দিনৰে পৰাই বজাৰত বিক্ৰী কৰি আহিছে 'থলুৱা জাতৰ শস্য'। কিন্তু কৃষকসকলে উৎপাদিত থলুৱা সামগ্ৰীৰ উচিত মূল্য পাইছে বুলি আজিলৈকে কৰ্ণগোচৰ হোৱা নাই। ইয়াৰ কাৰণ কি ? থলুৱা জাতৰ শস্যৰ চাহিদা কিমান? চাহিদা অনুসৰি বজাৰ অধিকাৰ কৰিব সক্ষম নে ? ইত্যাদি প্ৰশ্নৰ উত্তৰ পাবলৈ কিছু অধ্যয়নৰ প্ৰয়োজন।
       থলুৱা শস্য বুলিলে ধান,মাহ, সৰিয়হ, ঘেঁহু, ৰঙালাউ জাতিলাও, বেঙেনা, গোমধান, তিঁয়হ অমিতা কচু বিলাহী আলু, কল, ... আদি শস্যবোৰৰ কথাকেই বুজা যায়। পৰিলক্ষিত হয় যে থলুৱা বীজৰ দ্বাৰা উৎপাদিত থলুৱা শস্যৰ বজাৰ চাহিদা বৰ্তমান সময়ত বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ কাৰণ হৈছে- থলুৱা জাতৰ শস্য সমূহ কোনো অনিষ্ট কাৰী সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা নহয়। গৰুৰ গোবৰ আৰু বালিঅহীয়া সাৰুৱা মাটিত থলুৱা জাতৰ শস্য সহজে উৎপাদিত হয়। সেয়ে এনে শস্যৰ খাদ্য অধিক সুস্বাদু হোৱাৰ লগতে পুষ্টিকাৰক হয়। থলুৱা জাতৰ শস্যৰ চাহিদা সেয়ে বজাৰত বৃদ্ধি পাবলৈ ধৰিছে। বৈজ্ঞানিক পদ্ধতিৰে থলুৱা শস্য খেতি কৰি বজাৰ সহজে চাহিদা অনুসৰি অধিগ্ৰহণ কৰিব পৰা যায়। আনহাতে বৰ্তমান সময়ত বজাৰত প্ৰাপ্ত বৰ্ণসংকৰ জাতৰ শস্যৰ প্ৰতি মানুহে আকৃষ্ট হ'লেও, শস্যৰ গুণাগুণ আৰু অধিক সাৰ প্ৰয়োগেৰে উৎপাদন কৰা বাবে এনে খাদ্য শস্য কিনিবলৈ কিছু ইতস্ত:বোধ কৰা দেখা যায়। 
       তদুপৰি থলুৱা জাতৰ শস্যৰ বহন ক্ষমতা অধিক হোৱাৰ বাবে এনে জাতৰ শস্যৰ খেতি কৰি বজাৰ দখল কৰি কৃষকসকল স্বাৱলম্বীহ'ব পাৰে।
       থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত কিমান (?), বা চাহিদা আছে নে নাই, উৎপাদিত সামগ্ৰীসমূহ বৰ্ণসংকৰ জাতৰ শস্যৰ সমান উচ্চ হাৰত দাম পাবলৈ সক্ষম নে , সক্ষম নহয়... ইত্যাদি কথাবোৰ বিভিন্ন কৃষক বন্ধুসকলৰ পৰা জানিবলৈ প্ৰয়াস কৰা হৈছিল। বিভিন্ন প্ৰশ্ন কৰি থলুৱা শস্যৰ বজাৰ চাহিদা আৰু সম্ভাব্য চাহিদাৰ সম্পৰ্কে কিছু বুজিবলৈ সক্ষম হৈছিলো। 

       আৰৈমূৰীয়া গাওঁ এখন অতি পুৰণি ভোগালী গাওঁ হিচাপে খ্যাতি আছে। গাওঁখনৰ খেতিয়ক সকল বৰ্তমান সময়ত পূৰ্বৰ তুলনাত বহু পৰিমাণে উন্নত হৈছে। চাকৰি বাকৰিও বহুঘৰৰ মানুহে কৰা হ'ল। সেয়ে পৌৰাণিক নিয়মেৰে কৰা খেতিৰ দিহা প্ৰায় মানুহে এৰিছে বুলি ক'ব পাৰি। গম পোৱা মতে পূৰ্বৰ কৃষক সকলে যি খেতি খোলা কৰিছিল তাৰবাবে বীজ নিজে সংৰক্ষণ কৰিছিল। গোমধান,তিঁয়হ, অমিতা, মাটিমাহ, ধান, সৰিয়হ,ঘেঁহু, বিলাহী আলু, কচু ... আদিৰ ক্ষেত্ৰত কৃষকে বজাৰৰ পৰা কিনি অনা নাছিল। 

    পৰম্পৰাগত প্ৰথাৰে বীজবোৰ ৰাখিছিল। কোনো ঔষধৰ ব্যৱহাৰ কৰা নাছিল। ফলত এনে বীজৰ সহায়ত কৰা শস্যৰ গুণাগুণ নষ্ট হোৱা নাছিল। আনহাতে খেতিৰ সময়ত কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগৰ পৰা বিৰত আছিল। বৰ্তমান সময়তো এনে প্ৰক্ৰিয়াৰে গাওঁৰ চহা কৃষক বন্ধুসকলে শস্যৰ উৎপাদন অব্যাহত ৰাখিছে। এনে সতেজ আৰু খাটীভাৱে উৎপাদিত থলুৱা জাতৰ শস্যৰ খাদ্য খোৱাৰ বাবে হয়তো গাওঁৰ মানুহবোৰ শকত-আবত আৰু নিপোটল। তেওঁলোকৰ মতে থলুৱা জাতৰ শস্যৰ চাহিদা আছে। কিন্তু বহিৰাগত বনিয়া সকলে বা বেপাৰী বিলাকে দাম দিবলৈ নিবিচাৰে। কম দামত গাৱঁৰ ৰাইজৰ পৰা বেপাৰী বিলাকে সামগ্ৰী উঠাই লয় আৰু নিজে এইবোৰ দামত বিক্ৰী কৰে । বৰ্ণসংকৰ জাতৰ শস্যৰ দৰে উচ্চ হাৰত দাম পাবলৈ হ'লে ৰাইজে যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব। বৈজ্ঞানিক পদ্ধতিৰে থলুৱা জাতৰ শস্যৰ খেতি খোলা কৰিব লাগিব। কিন্তু ৰাসায়নিক দ্ৰব্য ভূলতেও ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ পৰা বুজিব পাৰি যে থলুৱা শস্যৰে বজাৰ দখল কৰাত বৰ অসুবিধা নাই। 
       দীঘল মেছাকী গাওঁ, ন-মেছাকী গাওঁ, আজোখা গাওঁ আৰু বোকাপথাৰ গাওঁৰ সমূহ ৰাইজৰ প্ৰায়ভাগৰ মুখেৰে জানিব পৰা মতে পূৰ্বতে তেওঁলোকে ঘৰতেই নিজে বিভিন্ন বীজ সংৰক্ষণ কৰিছিল আৰু সেইবোৰৰ জৰিয়তে খেতি কৰিছিল। উৎপাদিত সামগ্ৰীসমূহ পুৰণি ছৈখোৱা বজাৰত বিক্ৰীৰ বাবে কৃষকসকলে নিছিল। ১৯৫০ চনৰ পৰৱৰ্তী সময়ত মথাউৰিৰ দক্ষিণ পাৰলৈ অনা ছৈখোৱা বজাৰত বিক্ৰীৰ বাবে নিছিল আৰু বৰ্তমানেও উক্ত বজাৰতে বস্তুৰ বেচাকিনা অব্যাহত আছে। তেওঁলোকৰ মতে থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত আছে যদিও উচিত মূল্য পোৱা নাযায়। দূৰৰ ঠাইসমূহৰ পৰা অহা বেপাৰী বিলাকে কিছু ভালদাম দিলেও স্থানীয় বেপাৰী বিলাকে একেবাৰে দাম দিবলৈ নিবিচাৰে। আনকি কিছুলোকে থলুৱা সামগ্ৰী ঘৰলৈ পুনৰ ঘূৰাই নিব লগা পৰিস্থিতিও সৃষ্টি হোৱা পৰিলক্ষিত হয়। 
     
  ইয়াৰ বিপৰীতে কিন্তু বৰ্ণসংকৰ জাতৰ শস্য গ্ৰাহকে বেপাৰীৰ পৰা বেছি দাম দি হ'লেও ক্ৰয় কৰি নিয়ে। আৰু গ্ৰাহক সকলে থলুৱা শস্য বিলাক কিনিব ইচ্ছা নকৰাৰ মূল কাৰণ হ'ল থলুৱা শস্যবোৰ পোকে নষ্ট কৰাৰ পৰিমাণ বেছি। এইক্ষেত্ৰত গ্ৰাহকসকলৰ খাদ্য শস্যৰ ওপৰত থকা গুণাগুণৰ অজ্ঞানতাৰেও প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে বুলি ক'ব পাৰি। সেয়ে থলুৱা জাতৰ শস্যৰ চাহিদা বজাৰত কম হোৱা পৰিলক্ষিত হয়। কৃষকসকলে সেয়ে অধিক গোবৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি শস্য উৎপাদন কৰিব লাগিব। শস্যৰ বীজ মাটিত লগোৱা পাছত উঠোৱা লৈকে শস্যৰ প্ৰতিপালন সঠিক মতে কৰিব লাগিব। পথাৰখন বা বাৰীখন পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ প্ৰয়াস কৰিব লাগে যাতে কোনো পোক পতংগই বাহ ল'ব নোৱাৰে। জনা যায় যে অধিক সাৰ প্ৰয়োগ কৰিলেহে শস্যৰ চেহেৰা নিপোটল হয়। আৰু লগতে গ্ৰাহক সকলক থলুৱা জাতৰ শস্যৰ গুণাগুণ আৰু খাদ্যৰ উপকাৰী দিশসমূহৰ বিষয়ে অৱগত কৰি সজাগ কৰিব পাৰিব লাগিব। তেতিয়াহে থলুৱা জাতৰ খাদ্য শস্যই বজাৰ ধৰি ৰখাত সক্ষম হ'ব।
       
  যিহেতু বেছিভাগ কৃষকৰ মতে থলুৱা শস্যৰ চাহিদা বেছি আছে যদিও এনে জাতৰ উৎপাদিত সামগ্ৰী নিচেই কম হোৱাৰ বাবে বজাৰত ইয়াৰ স্থায়ীত্ব হ্ৰস্বম্যাদী হয়। সেয়ে যদি কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে অধিক উৎপাদনৰ ব্যৱস্থা কৰিব পাৰে তেন্তে বজাৰত এনে থলুৱা শস্য বৃদ্ধি ঘটাব পাৰিব। থলুৱা শস্যৰ বৃদ্ধি ঘটাব পাৰিলে ইয়াৰ চাহিদাও সেই অনুপাতে বৃদ্ধি ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে থলুৱা জাতৰ শস্যৰ চাহিদাৰ সম্পৰ্কে আমি প্ৰথমতে বজাৰৰ পৰিৱেশ অধ্যয়ন কৰি লোৱা অতি প্ৰয়োজন। আনহাতে অধিক হাৰত যাতে বেপাৰী বিলাকে বাহিৰৰ পৰা বৰ্ণসংকৰ জাতৰ শস্য বজাৰলৈ আমদানি নকৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মুঠতে প্ৰতিযোগিতা মূলক মনোভাৱ পোষণ কৰি কৃষকসকল আগবাঢ়িবলৈ চেষ্টা কৰিলেহে থলুৱা শস্যই বজাৰ অধিগ্ৰহণ কৰিবলৈ সক্ষম হ'ব।
  
       ওপৰোক্ত লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি কৃষকসকলৰ মাজত সজাগতা সভা অনুস্থিত কৰা উচিত। কিদৰে আগবাঢ়িলে থলুৱা জাতৰ শস্যৰ উৎপাদন বৃদ্ধি ঘটাব পাৰি আৰু চাহিদা বৃদ্ধি ঘটাব পাৰি সেই সম্পৰ্কে কৃষকসকলক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা প্ৰয়োজন আছে। এনেধৰণৰ প্ৰক্ৰিয়াৰে আগবাঢ়িলে কৃষক সকল লাভৱান হব পাৰিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।

Tuesday, November 1, 2022

অসমীয়া সংস্কৃতিৰ স্বৰূপ : সংস্কৃতি কেনেকৈ জীয়াই থাকিব ? Nature of Assamese Culture: How Culture Will Survive ?


অসমীয়া সংস্কৃতিৰ স্বৰূপ: সংস্কৃতি কেনেকৈ জীয়াই থাকিব মানুহ যদি সক্ৰিয় নহয় ? Nature of Assamese Culture: How Culture Will Survive ?
     সংস্কৃতি কেনেকৈ জীয়াই থাকিব‌ বুলি ক'লে সহজে উত্তৰ দিবলৈ ক'ব পাৰি- 'আমাৰ ইচ্ছাই সংস্কৃতিক জীয়াই ৰাখিব।' অৰ্থাৎ মানুহৰ ইচ্ছাৰ বিপৰীতে সংস্কৃতিৰ অপমৃত্যু নিশ্চিত। সমাজ এখন জীয়াই থাকে সংস্কৃতিৰ ছত্ৰছায়াত। যি সমাজৰ সংস্কৃতিৰ ৰূপ ফোঁপোলা আৰু নিশকতীয়া সেই সমাজৰ স্থায়ীত্ব হ্ৰস্বম্যাদী হয়। সেয়েহে আমি নিজৰ কৃষ্টি-সংস্কৃতিক জীয়াই ৰাখিবলৈ, আয়ুস বঢ়াবলৈ চেষ্টা অটুট ৰখা উচিত। আদিম কালৰে পৰা মানুহে স্ব-কৃষ্টি আৰু সংস্কৃতিক বিভিন্ন উপায়েৰে ধৰি ৰাখিছে। বিভিন্ন উৎসৱ, বিভিন্ন নাটক আদিৰ মাধ্যমেৰে সংস্কৃতিক এচাম সংস্কৃতিৱান মানুহে পুনৰুৰ্জীৱিত কৰিছে। সত্তৰ নব্বৈ দশকৰ সময়ছোৱাত এনে কাৰ্যৰ বলিষ্ঠ ভাৱে সমাজত প্ৰতিফলিত হোৱা পৰিলক্ষিত হৈছিল। তৎকালীন সময়ত গঞাঁ ৰাইজে নিজে নাটকৰ কাহিনী লিখিছিল আৰু সাধাৰণ বাঁহ-কাঠেৰে নিৰ্মিত মঞ্চৰ মাধ্যমেৰে মঞ্চস্থ কৰি সমাজৰ লোকক আনন্দ দান দিয়াৰ লগতে সংস্কৃতিৰ সংৰক্ষণ কৰিছিল। তেনেকৈ বিভিন্ন উৎসৱাদিৰ ক্ষেত্ৰতো তন্দ্ৰুপ কাৰ্যৰে সংস্কৃতিক জীয়াই ৰাখিবলৈ কৰিছিল কুচ-কাৱাজ। আজিৰ সময়ত মানুহৰ মনৰ পৰা তাহানিৰ সেই মানুহৰ সৃজনীমূলক মনোভাৱবোৰ হেৰাই গৈছে নেকি? প্ৰশ্নটোৱে আমাক বাৰু জোকাৰি নাযায় নে ?

     বিজ্ঞ সমাজৰ মতে সংস্কৃতি হেনো পৰিবৰ্তনশীল। সেয়ে ইয়াৰ ৰূপ সময়ে সময়ে সলনি হৈ থাকে। পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ সংস্কৃতিৰ ৰেহৰূপো পৰিৱৰ্তন ঘটে। আমাৰ চৌপাশত সংস্কৃতিৰ ওপৰত ঘটা পৰিৱৰ্তনে নিশ্চয় তাকেই দোহাৰে। 

       আজিৰ পৰা পঞ্চাছ ষাঠি বছৰৰ আগতে যি কৃষ্টি - সংস্কৃতি আছিল সেয়া আজিৰ দিনত তাৰ কেৱল জকাটোহে অৱশিষ্ট ৰৈছেগৈ বুলিলেও অত্যুক্তি কৰা নহ'ব নিশ্চয়। তাৰ বহু উদাহৰণ আমাৰ মাজত বিদ্যমান। শ্ৰীমন্ত শংকৰদেৱৰ চেষ্টাত গাওঁৱে ভূঞেঁ সংস্কৃতিৰ সংৰক্ষণে নৱজাগৰণৰ সৃষ্টি কৰিছিল। নাটক, ভাওনা আৰু নামঘৰক ভেটি হিচাপে লৈ আমাৰ কৃষ্টি আৰু সংস্কৃতিক ন-ৰূপত প্ৰতিষ্ঠা কৰা হৈছিল। সমাজৰ মানুহবিলাকে নিজে নাটক, ভাওনা... আদিৰ কাহিনী সৃষ্টি কৰিছিল আৰু ইয়াক মঞ্চৰ মাধ্যমেৰে মঞ্চস্থ কৰি সমাজৰ সকলো লোককে আনন্দ দান দিয়াৰ লগতে সংস্কৃতি সংৰক্ষণত সহায় কৰিছিল। বিশেষকৈ আহোম, সোণোৱাল কছাৰী জনগোষ্ঠী লোকসকলৰ মাজত সংস্কৃতিৰ প্ৰতি ৰাপ আৰু দায়বদ্ধতা বেছি আছিল বুলি জয়া উৎসৱ, ভাওনা , নাটক, বিভিন্ন প্ৰতিযোগিতা... আদি প্ৰতি বছৰে অনুষ্ঠিত কৰাটোৱে প্ৰতিপন্ন কৰিছিল। ১৯৮৮ চনৰ আশে পাশে বৃহৎ হাঁহখাটী অঞ্চলত অনুষ্ঠিত হোৱা কেইবাখনো জয়া উৎসৱ চোৱাৰ সুবিধা লাভ কৰিছিলো । তেতিয়া আমাৰ বয়স তেনেই কম। আঠ কি ন বছৰীয়া বয়সৰ আছিলোঁ। কিন্তু কথাবিলাক প্ৰায় মনত আছে। বৰ সুন্দৰ ভাৱে অভিনয় কৰিছিল ভাৱৰীয়াসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈ। ভাওনা বা নাটকৰ ক্ষেত্ৰতো একেই কথা। অৱশ্যে ভাৱৰীয়া সকলে কিছু দিন আখৰা কৰি লয়। আগ্ৰহী তথা কিছু বিজ্ঞজনে আখৰাৰ সময়ত দৃষ্টি দি তদাৰক কৰে। এনেকৈয়ে সেই সময়ত সংস্কৃতিৰ মালাধাৰি সুন্দৰকৈ গাঁথি ৰাখিছিল। 
       জয়া উৎসৱ আয়োজন কৰিলে হেনো বৰষুণ হয়। কথাটো কিমান দূৰ সত্য নাজানো কিন্তু বাস্তৱত জয়া উৎসৱত সদায় বৰষুণ ধুমুহা বতাহ হোৱাই দেখি আহিছোঁ। অৱশ্যে জয়া উৎসৱ হোৱা সময়তোও বৰষুণ আগমনৰ দিনৰে সময়। জয়া উৎসৱ চ'ত মাহত অনুষ্ঠিত কৰা হয়। সেয়ে বৰষুণ হয় যেন অনুভৱ হয়। মনত পৰিছে হাঁহখাটি মৃদংপৰাত অনুষ্ঠিত হোৱা এখন জয়া উৎসৱৰ কথা। ১৯৮৮ চন মানৰ কথা (স্পষ্টকৈ চনটো মনত নাই) । সুন্দৰ ভাৱে বাঁহৰ খুটা দি মঞ্চ সাজি জয়া উৎসৱ আয়োজন কৰিছিল। আমিও সেই উৎসৱ চাবলৈ ঢাপলি মেলিছিলো । মই অৱশ্যে বাৰ তেৰ বছৰ বয়সীয়া আছিলো । তেতিয়া পথবোৰ একেবাৰে বেয়া। কেঁচা পথ। অৱশ্যে বতৰ পুৱা ভাগত বৰ ফৰকাল আছিল। আবেলি সময়ত বতৰে তৎক্ষণাৎ ৰূপ সলালে । লাহে লাহে বতাহ আহিবও ধৰিলে। আমি তেতিয়া মঞ্চৰ ৰভাৰ তলত বহি আছিলোঁ। বতাহ বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাত উপাই নাপাই আমি সকলোৱে ওচৰৰ মানুহৰ ঘৰত আশ্ৰয় ললোগৈ । আন মানুহ বিলাকো জেনিতেনি ফৰিংছিটিকা দিলে। শেষত বতাহৰ প্ৰকোপ বঢ়াৰ লগতে শিলাবৃষ্টিও হ'ব ধৰিলে। প্ৰৱল ধুমুহা বতাহে মঞ্চ উৰুৱাই লৈ গ'ল। ৰভাৰ তম্বু খতম। প্ৰায় দুই ঘণ্টামানৰ মূৰত বতাহ বৰষুণৰ শাম কাটিল। কিন্তু জয়া উৎসৱ সিদিনাখন প্ৰাকৃতিক দুৰ্যোগে সিমানতে বন্ধ কৰি থৈ গ'ল। এয়া মোৰ প্ৰথম অভিজ্ঞতা আছিল। ইয়াৰ পিছত যিমান বাৰ জয়া উৎসৱ চাইছো প্ৰতিবাৰতে বতাহ বৰষুণ হোৱা দেখি আহিছোঁ। 
ইতিহাসৰ পাতত মানুহৰ কৃষ্টি প্ৰদৰ্শনৰ হাবিয়াস :
আজিৰ পৰা পঞ্চাছ বছৰৰ আগতে মানুহ বিলাকৰ স্ব-কৃষ্টি প্ৰদৰ্শনৰ ক্ষেত্ৰত হাবিয়াস অন্ত্যন্ত বেছি আছিল নেকি বাৰু ? নিজৰ কৃষ্টিক ধৰি ৰখাৰ প্ৰৱনতা বৰ্তমান সময়ত কিমান ? আগৰ দৰে মানুহে এতিয়া নিজে নাটক লিখিলেও সেয়া প্ৰফেচনেল হ'ল। আৰু কোনো মঞ্চত প্ৰদৰ্শন কৰিবলৈ নিলিখে লিখে কেৱল কেনেকৈ লিখাৰ জৰিয়তে আয় কৰিব পাৰি আৰু এজন নাট্যকাৰ হিচাপে বিবেচিত হ'ব পাৰি সেই লক্ষ্য আগত ৰাখি। ব্যক্তিগত আৰু ব্যৱসায়িক ভিত্তিত থিয়েটাৰ বা নাটকৰ দ'ল সমূহৰ জৰিয়তেহে আজিকালি সংস্কৃতি জীৱিত অৱস্থাত আছে। কোনো গাওঁতে আজিকালি আগৰ দৰে নিজে নাটক নাপাতে। অৱশ্যে কোনো কোনো গাওঁৰ ৰাইজে একত্ৰিত হৈ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়। সেয়াও আঙুলিৰ মূৰত গণিব পৰা বিধৰ। 
     পূৰ্বতে গাওঁৰ ৰাইজে যি নাটক অনুষ্ঠিত কৰিছিল তাৰ পৰা ৰাইজৰ বহু লোক লাভাম্বিত হৈছিল। গাৱঁৰ নতুন প্ৰজন্মই সুপ্ত প্ৰতিভা বিকাশ ঘটাবলৈ এখন উপযুক্ত মঞ্চ লাভ কৰিছিল। এই মঞ্চক সাৰথি কৰি নতুন প্ৰজন্মৰ নাট্যাভিনয়ৰ কৌশল আয়ত্ব হৈছিল, নাটক লেখাৰুৰ জন্ম হৈছিল আৰু নতুন অভিজ্ঞতা শিশু সকলৰ প্ৰাপ্ত হৈছিল। এই অভিজ্ঞতাই তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছিল।

বৰ্তমান মানুহৰ মানসিক দিশৰ পৰিৱৰ্তন ঘটিল। জীৱন নিৰ্বাহৰ ব্যস্ততাৰ ধামখুমীয়াত পৰি আগৰ দিনত নিজ প্ৰচেষ্টাৰে চলোৱা সংস্কৃতিৰ যুঁজখন আজি কিছু ম্লান পৰিল। বৰ্তমান সংস্কৃতি জীয়াই ৰাখিছে কেৱল থিয়েটাৰ, বোলছবি, মঠ মন্দিৰ, আৰু কিছু দায়িত্বশীল এচাম লোকৰ সক্ৰিয় তৎপৰতাত। আনকি সৃজনীমূলক মানসিক দিশৰ ক্ষেত্ৰতো পৰিৱৰ্তনৰ বা লাগিল।

উপসংহাৰ 
সময়ৰ পৰিবৰ্তনৰ লগে লগে সংস্কৃতিৰো পৰিবৰ্তন ঘটে। নতুন ধাৰণাৰে সংস্কাৰ ঘটি সৃষ্টি হয় নতুন সংস্কৃতিৰ। সলনি হয় পুৰণিকলীয়া ৰীতি-নীতি , মানুহৰ মানসিক উদাৰতা, বিকাশৰ ধাৰা উদ্ভাৱনৰ তৎপৰতা .. আদি। এনেকৈয়ে হয়তো আমাৰ সংস্কৃতিয়ে নিতৌ ৰূপ সলাই আছে। সময়ৰ তাগিদাত। বিৱৰ্তনৰ পথেৰে হ'লেও আমি আমাৰ সংস্কৃতিক ধৰি ৰাখিব লাগিব অনাগত দিনলৈ। তেতিয়া এটা জাতি হিচাপে মেৰুদণ্ডপ পোনাই থিয় হৈ থাকিব পৰা যাব। 
     নতুন প্ৰজন্মই আমাৰ সংস্কৃতিৰ পথাৰখন জীপাল কৰি ৰাখিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিব লাগিব। নাটক, গীত-মাত, নৃত্য , সাহিত্য আদিৰ মাধ্যমেৰে সংস্কৃতিক জীয়াই ৰাখিবলৈ মনত প্ৰৱল হেঁপাহৰ জন্ম দিব লাগিব নতুন প্ৰজন্মই। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖


Thursday, October 27, 2022

পলিটেকনিক শিক্ষা আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা। Polytechnic education and its popularity today.

Polytechnic শিক্ষা আৰু বৰ্তমান ইয়াৰ জনপ্ৰিয়তা। Polytechnic education and its popularity today.
১/পাতনি: পলিটেকনিক কি ?
২/পৰীক্ষা পতাৰ ব্যৱস্থা সমূহ কেনেধৰণৰ:
৩/ পলিটেকনিকত নামভৰ্তিৰ বাবে অৰ্হতা সমূহ আৰু অধ্যয়নৰ ভাগবোৰ :
৪/ পলিটেকনিক শিক্ষানুষ্ঠান ক'ত আছে ?
৫/ চাকৰিৰ সুবিধা কিমান ?
৬/ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা কিমান ?
৭/ উপসংহাৰ ।

পাতনি: পলিটেকনিক কি ?

       পলিটেকনিক হৈছে এক শিক্ষানুষ্ঠান য'ত অনেক শিল্প শাস্ত্ৰত শিক্ষা প্ৰদান কৰা হয়। শিক্ষাৰ্থী সকলক কাৰিকৰী দিশত আগুৱাই নিবৰ কাৰণে পলিটেকনিক বিদ্যালয় স্থাপন কৰা হৈছে। বিশেষকৈ ইঞ্জিনিয়াৰিং, মেকানিকেল আদিৰ দৰে জীৱন প্ৰস্তুত কৰা শিক্ষা এনে পলিটেকনিক বিদ্যালয়ত শিকোৱা হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত বিভিন্ন কৌশলগত শিক্ষাৰ সহায়ত শিকাৰুৰ জীৱন স্থায়ীভাৱে গঢ় দিবলৈ পলিটেকনিকৰ শিক্ষাই সহায় কৰে। ইয়াক 'লাইফ' পঢ়া বুলিও কোৱা হয়। শিক্ষাৰ পৰিসৰ ব্যাপক। ব্যাপক শিক্ষাৰ অন্তৰ্ভুক্ত এক কৌশলগত শিক্ষাৰ ভেটি হৈছে পলিটেকনিক শিক্ষা।

       ভাৰতৰ বিভিন্ন ৰাজ্যত পলিটেকনিক শিক্ষাৰ ব্যৱস্থা আছে। অসমতো পলিটেকনিক শিক্ষাৰ ব্যৱস্থা পূৰ্বৰ তুলনাত বৰ্তমান বহু উন্নত পৰ্যায়ত উপনীত হৈছে। উল্লেখযোগ্য যে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ অথবা অভিভাৱক সকলৰ পলিটেকনিক শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে মুঠেও জ্ঞান নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে এনে শিক্ষানুষ্ঠানত শিক্ষা আহৰণ কৰি জীৱন গঢ়াৰ সুযোগ নাপায়। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলে পলিটেকনিক শিক্ষাৰ সম্পৰ্কে একেবাৰে অজ্ঞ। যাৰ বাবে ভৱিষ্যত গঢ় দিবলৈ কোনো সুন্দৰ সুবিধাজনক স্ক'প নাপাই কলিতে মৰহি যাই এচাম আগ্ৰহী আৰু মেধাসম্পন্ন শিক্ষাৰ্থীৰ জীৱন। সেয়ে গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে এনে দিশত নিজকে আগুৱাই নিবৰ বাবে কাৰিকৰী শিক্ষা আহৰণৰ পথসমূহৰ সম্পৰ্কে বিশদ ভাৱে জানিব লাগিব। কি দিশেৰে আগবাঢ়িলে পলিটেকনিক অথবা আন কাৰিকৰী মূলক বা বৃত্তিমুখী শিক্ষা লাভ কৰিব তাক ভালদৰে জানিলেহে জীৱন গঢ় দিবলৈ সক্ষম হ'ব। এই লেখাত পলিটেকনিক শিক্ষাৰ ব্যৱস্থাৰ সম্পৰ্কে আলোকপাত কৰা হৈছে। 

২/পৰীক্ষা পতাৰ ব্যৱস্থা সমূহ :
   
     অসমত পলিটেকনিক শিক্ষাত নামভৰ্তি কৰাৰ বাবে প্ৰথমে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ'লেহে অসমৰ যিকোনো পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়। 
     অসম পলিটেকনিক হৈছে ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত কৰা এক পৰীক্ষা, যাক PAT পৰীক্ষা বুলি কোৱা হয়। PAT মানে হৈছে Polytechnic Admission Test. PAT উত্তীৰ্ণৰ জৰিয়তে শিক্ষাৰ্থী সকলে নতুন বৰ্ষৰ বাবে অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন বিষয়ত ডিপ্লমা পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। অসম পলিটেকনিকৰ PAT পৰীক্ষা অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত। প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলে প্ৰত্যক্ষভাৱে বিভিন্ন পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়। এই পৰীক্ষা MCQ (multiple choice questions) বা বস্তুনিষ্ঠ প্ৰশ্নৰ ওপৰত ভিত্তি কৰি লোৱা হয়। ইয়াৰ ৱেবছাইটৰ ঠিকনাটি হ’ল - www.dteassam.in । এই প্রৱেশ পৰীক্ষাত গণিত আৰু বিজ্ঞান বিষয়ৰ মুঠ ১০০ নম্বৰৰ প্ৰশ্ন আহে ।
     প্ৰতি বছৰৰ মে' মাহৰ পৰা জুন মাহৰ ভিতৰত পলিটেকনিকৰ PAT পৰীক্ষাৰ বাবে শিক্ষাৰ্থী সকলৰ পৰা আবেদন পত্ৰ গ্ৰহণ কৰে। আবেদনৰ সংশোধন আৰু মাছুল পৰিশোধৰ বাবে অন্তিম তাৰিখ শিক্ষা সঞ্চালকালয়ে অনলাইন প'ৰ্টেলত সন্নিৱিষ্ট কৰে। 
    প্ৰাৰ্থীসকলে বিজ্ঞাপন অনুসৰি নিৰ্দিষ্ট সময়ত অনলাইন যোগেদি PAT ৰ বাবে আবেদন দাখিল কৰিব লাগে। অনুসূচিত জাতি , জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ বাবে আবেদনৰ মাচুল বেলেগ বেলেগ। পৰীক্ষা অনুষ্ঠিত কৰা হয় বছৰৰ জুলাই মাহত। পৰীক্ষা অনুষ্ঠিত হোৱা তাৰিখ, বাৰ, মাহ আদি বিভাগীয় website ত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে সন্নিৱিষ্ট কৰা থাকে। তদুপৰি পৰীক্ষাৰ এডমিট কাৰ্ড খনতো সকলোবোৰ উল্লেখ কৰা থাকে। পৰীক্ষাৰ ঠিক দুই সপ্তাহৰ আগতে website ত প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড উপলব্ধ হয় । ইয়াক সময় মতে ডাউনলড কৰি ল'ব লাগে।
    পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তলত উল্লেখ কৰা ধৰণে পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সুযোগ পায়।

৩/ পলিটেকনিকত নামভৰ্তিৰ বাবে অৰ্হতা সমূহ আৰু অধ্যয়নৰ ভাগবোৰ:
    প্ৰৱেশ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত পলিটেকনিক শিক্ষানুষ্ঠান এখনত নামভৰ্তি কৰিব পাৰে। ইয়াৰ বাবে নিম্নতম অৰ্হতা হৈছে মেট্ৰিক উত্তীৰ্ণ বা দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী বা স্নাতক ডিগ্ৰী ধাৰী সকলেও নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে। পলিটেকনিক প্ৰৱেশ পৰীক্ষাৰ উত্তীৰ্ণ ফলাফলৰ কাউন্সিলিংৰ মতে আবেদনকাৰী প্ৰাৰ্থী সকলে বিভিন্ন পলিটেকনিক স্কুলত নামভৰ্তি কৰিব পাৰে। দেখা যায় যে শতকৰা প্ৰায় ০.০০৩ শতাংশ দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিক শিক্ষানুষ্ঠানত নামভৰ্তি কৰে। উল্লেখ্য যে বহু ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিকৰ সম্পৰ্কে জ্ঞাত নহয়। আনহাতে কিছুমানৰ মনত পলিটেকনিকৰ সম্পৰ্কে ভাল মনোভাৱ নাই যাৰ বাবে পলিটেকনিকত নামভৰ্তিৰ বাবে বহু ছাত্ৰ-ছাত্ৰী বঞ্চিত হৈ আছে। 
    পলিটেকনিকত তিনি বছৰীয়া পাঠ্যক্ৰম প্ৰদান কৰা হয়। বৰ্তমান ষাণ্মাসিক বা Semester পদ্ধতিত এই শিক্ষা প্ৰদান কৰে। বছৰেকত দুটা Semester আৰু তিনি বছৰত মুঠ Semester ছটা হয় । 
    বৰ্তমান বিশ্বৰ সকলোতে কাৰিকৰী শিক্ষাৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিয়েই শিক্ষানুষ্ঠান সমূহেও শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে বিভিন্ন ভাগবোৰ সন্নিৱিষ্ট কৰিছে। অসম পলিটেকনিক শিক্ষানুষ্ঠানতো ভিন্ন বিষয়ৰ ভাগবোৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ভাগবোৰৰ লগত সামঞ্জস্য ৰাখি সন্নিৱিষ্ট কৰা হৈছে। অসমৰ পলিটেকনিক শিক্ষানুষ্ঠান সমূহত পঢ়াৰ সুবিধা থকা বিভিন্ন ভাগবোৰ তলত উল্লেখ কৰা হ'ল। -
    i) Architect Assistant (আৰ্কিটেক এছিটেণ্ট)
    ii) Civil engineering (চিভিল ইঞ্জিনীয়াৰিং)
    iii) Mechanical engineering (মেকানিকেল ইঞ্জিনিয়াৰিং)
    iv) Chemical engineering (কেমিকেল ইঞ্জিনিয়াৰিং)
    v) Electrical engineering (ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং)
    vi) Electronics and Telecommunications (ইলেকট্ৰনিকছ এণ্ড টেলিকমিনিউকেশ্বনছ)
    vii) Computer engineering (কম্পিউটাৰ ইঞ্জিনিয়াৰিং)
    viii) Instrumentation (ইনষ্ট্ৰুমেনটেছন)
    ix) Textile Technology (টেক্সটাইল টেকনলজি)
   x) Garment Technology(গাৰমেণ্ট টেকনলজি)
    xi) Automobiles engineering (অটমোবাইলছ ইঞ্জিনিয়াৰিং)
    
৪/ পলিটেকনিক শিক্ষানুষ্ঠান ক'ত আছে :
      অসম চৰকাৰৰ অধীনত অসমত পূৰ্বে কেৱল ১০ খন পলিটেকনিক শিক্ষানুষ্ঠান আছিল।২০১৭-২০১৮ বৰ্ষত আৰু ১১খন শিক্ষানুষ্ঠান নতুনকৈ স্থাপন কৰা হয়। বৰ্তমান অসমত থকা মুঠ পলিটেকনিক শিক্ষানুষ্ঠান হৈছে ২১ খন। 
       অসমত থকা পলিটেকনিক কেইখন হ’ল : ১।অসম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, গুৱাহাটী ২।গাৰ্লছ পলিটেকনিক, গুৱাহাটী ৩।বঙাইগাঁও পলিটেকনিক, ৪।শিলচৰ পলিটেকনিক, ৫। নগাঁও পলিটেকনিক ,৬। প্রিন্স অব্ ৱেলছ ইনষ্টিটিউট অব্ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি , যোৰহাট ৭। ডিব্রুগড় পলিটেকনিক ৮। গাৰ্লছ পলিটেকনিক, গোলাঘাট ৯।অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী ১০। ডিফু পলিটেকনিক, ডিফু ।

      ২০১৭-১৮ শিক্ষাবৰ্ষৰ পৰা নতুনকৈ আৰম্ভ কৰা পলিটেকনিক শিক্ষানুষ্ঠান কেইখন হ'ল -১১। বাক্সা পলিটেকনিক, ১২।বৰপেটা পলিটেকনিক, ১৩। ধেমাজি পলিটেকনিক, ১৪। কৰিমগঞ্জ পলিটেকনিক, ১৫। লখিমপুৰ পলিটেকনিক, ১৬। গোলাঘাট পলিটেকনিক, ১৭। গোৱালপাৰা পলিটেকনিক,১৮। নলবাৰী পলিটেকনিক, ১৯। কামৰূপ পলিটেকনিক, ২০। শিৱসাগৰ পলিটেকনিক, ২১। শোণিতপুৰ পলিটেকনিক ।

৫/ চাকৰিৰ সুবিধা কিমান  
   শিক্ষাৰ ভাগবোৰৰ ওপৰত নিৰ্ভৰ্শীল ইয়াৰ চাকৰিৰ সুবিধা। পৰিলক্ষিত হয় যে কাৰিকৰী শিক্ষাৰ জ্ঞান থাকিলে মৰণ নাই। তিনিবছৰীয়া পাঠ্যক্ৰম সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত চৰকাৰে দিয়া বিজ্ঞাপন অনুসৰি চাকৰিৰ বাবে আবেদন কৰিব লাগিব। এইটো সত্য যে প্ৰায়ভাগ শিক্ষাৰ্থীৰে চৰকাৰী চাকৰি প্ৰথম পছন্দ। যি বিভাগত পাঠ্যক্ৰম শেষ কৰিব প্ৰাৰ্থীয়ে সেই বিভাগৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আৰু যদি চৰকাৰী চাকৰিৰ বাবে ৰৈ থকা ইচ্ছা নাই যিকোনো কম্পেনীত সহজে চাকৰি ল'ব পাৰে। অইল ইণ্ডিয়া লিমিটেড, ইণ্ডিয়ান অইলচ , অ .এন. জি.চি. , পেট্ৰকেমিকেলছ নামৰূপ, গেছ ক্ৰেকাৰ, হিন্দুস্তান ইউনিলিভাৰ লিমিটেড.. আদিৰ দৰে আগশাৰীৰ উদ্যোগ সমূহত নিযুক্তিৰ বিজ্ঞাপন অনুসৰি আবেদন কৰিব পাৰে। বিভিন্ন চৰকাৰী অথবা বেচৰকাৰী বাগান সমূহতো মকৰলৰ বাবে সুবিধা আছে। তদুপৰি ঠিকা ভিত্তিতো সৰু সৰু উদ্যোগ সমূহত নিযুক্তিৰ সম্ভাৱনা আছে। যেনে আৰ্কিটেক এছিটেণ্টৰ ক্ষেত্ৰত চৰকাৰী চাকৰি নাপালেও ঘৰতে বহিও বহু টকা ইনকাম কৰিব পাৰি। গৃহসজ্জাৰ বাবে নক্সা প্ৰস্তুত, বিভিন্ন দলং সজাৰ বাবে নক্সা প্ৰস্তুত, লোণ লোৱা লোকসকলৰ বাবে গৃহ নক্সা প্ৰস্তুত.. আদিৰ দৰে কাম কৰি সহজে আয় কৰিব পাৰি।

৬/ বৰ্তমান সময়ত ইয়াৰ জনপ্ৰিয়তা :
    বৃত্তিমুখী শিক্ষা বা কাৰিকৰী শিক্ষা বৰ্তমান সময়ত অতি জনপ্ৰিয় হৈ পৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ পিছত বি এ, এম এ কৰিবলৈ ইচ্ছুক নহয়। এনে ডিগ্ৰী গ্ৰহণ কৰি অবাবত সময় নষ্ট কৰাৰ পক্ষপাতী নহয়। তেনে ছাত্ৰ-ছাত্ৰীয়ে সদ্যহতে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ আগবাঢ়ে। কাৰিকৰী শিক্ষা গ্ৰহণ কৰা মানে জীৱন গঢ়াৰ সুযোগ এশ শতাংশ প্ৰাপ্ত। অৰ্থাৎ এনেধৰণেও ক'ব পাৰি যে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিলে চাকৰি নিশ্চিত হয়। বেছি চিন্তাত পৰিবলগীয়া নহয়। যিহেতু কাৰিকৰী শিক্ষাত যিকোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিত্তি কৰি এনেদৰে জ্ঞান প্ৰদান কৰা হয় যাতে শিক্ষাৰ্থী গৰাকীয়ে সেই বিভাগত অনায়াসে চাকৰি পাবলৈ সক্ষম হয়। বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশত কাৰিকৰী শিক্ষা, উদ্ভাৱনীমূলক শিক্ষা, সৃজনীমূলক শিক্ষা... আদিৰ দৰে শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। আমাৰ চুবুৰীয়া দেশ চীন এনে ক্ষেত্ৰত বহুদূৰ আগবাঢ়িলৈ সক্ষম হৈছে। জাপান, ৰাছিয়া, আমেৰিকা... আদি কাৰিকৰী দিশত অতি আগবঢ়া দেশ হিচাপে বিবেচিত। আমাৰ দেশ ভাৰত যদিও বৃহৎ আকাৰৰ তথাপিও কাৰিকৰী দিশত মনপুত: ভাৱে এতিয়াও আগবাঢ়িব পৰা নাই। ইয়াৰ অৱশ্যে কাৰণো নথকা নহয়। ভাৰতত বাস কৰা সৰহ সংখ্যক লোক দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ। যাৰ বাবে সৰহ সংখ্যক লোকৰ সন্তানে এনে শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়িব অপাৰগ। অসমৰ অৱস্থাও তথৈবচ। তথাপি বৰ্তমান সময়ত চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থী সকলক বৃত্তিমুখী শিক্ষা গ্ৰহণত বিভিন্ন আঁচনি গ্ৰহণ কৰি আগুৱাই নিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়ে সমাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বুলি ক'ব পাৰি।
     
৭/ উপসংহাৰ :
     ছাত্ৰ-ছাত্ৰী সকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান বা আই.টি.আই.ৰ বিভিন্ন ট্রেডত ২। পলিটেকনিকৰ বিভিন্ন বিভাগত ৩। উচ্চতৰ মাধ্যমিকৰ বিভিন্ন শাখাত (কলা/বাণিজ্য/বিজ্ঞান) আদিত পঢ়িব পাৰে।
     যিসকল ছাত্ৰ-ছাত্ৰীয়ে জীৱনত সোনকালে উপাৰ্জন কৰিবলৈ সুযোগ বিচাৰে তেওঁলোকে ১ আৰু ২ নং অৰ্থাৎ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ বিভিন্ন বিভাগত অধ্যয়ন কৰাৰ বাদে গত্যন্তৰ নাই। জীৱনৰ দিশ সলনি কৰিবলৈ আমি শিক্ষা গ্ৰহণৰ পথো নিশ্চয় পৰিবৰ্তন কৰিব লাগিব। তেতিয়াহে জীৱনত কিবা এটা লাভ কৰিবলৈ সক্ষম হ'ব পৰা যাব। এয়া সময়ৰ দাবী । সময়ৰ লগত খোজ মিলাই আগবাঢ়িবলৈ সময়ৰ অৱস্থাই আগবঢ়োৱা দিশ আমি গ্ৰহণ কৰা উচিত।
     আমাৰ ছাত্ৰ-ছাত্ৰী সকলে বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে নৱম দশম শ্ৰেণীৰ পৰাই নিজকে সাজু কৰি তোলিব লাগিব। যিহেতু 
বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰি পৰীক্ষা লোৱা হয় । সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রী সকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন । সেয়ে ছাত্ৰ-ছাত্ৰী সকলে নিজৰ পাঠ্যক্ৰমৰ জ্ঞানৰ উপৰিও বিভিন্ন বাতৰি কাকত, আলোচনী, দূৰদৰ্শনৰ বাতৰি আৰু ইণ্টাৰনেটত বিভিন্ন বিষয়ত কেৰিয়াৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ প্ৰয়াস কৰিব লাগিব। বিশেষকৈ সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্ৰবাহৰ সাধাৰণ জ্ঞান ( Current affairs)। দুয়োটাই অতি গুৰুত্বপূৰ্ণ। ইয়াত পৰম্পৰাগত জ্ঞান মানে বিদ্যালয়ৰ গণ্ডীৰত শিকা পাঠ্যক্ৰমৰ জ্ঞানৰ কথা কোৱা হৈছে আৰু সাম্প্ৰতিক ঘটনা প্ৰবাহ হৈছে সমাজত ঘটি থকা বিভিন্ন বিষয়ক জ্ঞান। যি জ্ঞান বিভিন্ন গণমাধ্যমৰ জৰিয়তে আহৰণ কৰিব পৰা যায়।





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো । লেখক - দুদুল সোণোৱাল।

🌻🌻🌻🌻🌻🌻🌻🌻🌹🌹🌹🌹🌹🌹🌹🌹
 
     
    




Saturday, October 22, 2022

আপুনি জানেনে ? জানিব লগীয়া কথা । Do you know about the ones mentioned below ?



আপুনি জানিবলগীয়া কথা। আপুনি জানেনে তলত উল্লেখ কৰা বোৰৰ বিষয়ে ? পঢ়ক জানিবলৈ। হাঁহি উঠা গেছ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? পানীত থকা গেছ 'হাইড্ৰজেন'কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল? ক্ল'ৰফৰ্ম কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? পাতাল ৰে'ল ক'ত আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? অসমত কেতিয়া ৰে'লে উকি মাৰিছিল? মাচুপিপিকচু কি ? বেবিলনৰ শূণ্যোদ্যান ক'ত আছে?



১. হাঁহি উঠা গেছ কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ?

ইংৰাজ ৰসায়নবিদ হামফ্ৰে ডেভিয়ে ১৭৯৯ খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল "হাঁহি উঠা গেছ"। যাক নাইট্ৰাছ অক্সাইড নামেৰে জনা যায়। এই গেছ বিধৰ বৈশিষ্ট্য হৈছে - ই মিঠা গোন্ধ যুক্ত আৰু সোৱাদ থকা বৰণহীন তৰল পদাৰ্থ । গেছ বিধ নাকত লাগিলে হাঁহিৰ উদ্ৰেক হয়। ইয়াক চেতনানাশক ঔষধ হিচাপেও ডাক্টৰ সকলে ব্যৱহাৰ কৰে। বিশেষকৈ ৰোগীক অপাৰেশ্যন কৰোঁতে এই ঔষধ ব্যৱহাৰ কৰা হয়।

২. পানীত থকা গেছ 'হাইড্ৰজেন' কেতিয়া আৰু কোনে আৱিষ্কাৰ কৰিছিল ?
  ১৭৬৬ খ্ৰীষ্টাব্দত ইংৰাজ ৰসায়নবিদ হেনৰি কেভেণ্ডিছে পানীত থকা হাইড্ৰজেন গেছ আৱিষ্কাৰ কৰিছিল। এই গেছ জ্বলনশীল। অক্সিজেনৰ লগত লগ লাগি এই গেছে পানী প্ৰস্তুত কৰে (H2o)। সেয়ে ইয়াৰ নাম ৰখা হয় হাইড্ৰজেন। হাইড্ৰজেন মানে হৈছে পানী।

৩. ক্ল'ৰফৰ্ম কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল ? 

স্কটলেণ্ডৰ এডিনবৰাৰ চিকিৎসক ড° জেমছ ইয়ং ছিম্পছনে ১৮৪৭ চনত আৱিষ্কাৰ কৰি উলিয়াইছিল যুগান্তকাৰী চেতনা নাশক ক্ল'ৰফৰ্ম। ক্ল'ৰফৰ্মৰ সহায়ত ডাক্তৰ সকলে ৰোগীক অজ্ঞান কৰি অস্ত্ৰোপ্ৰচাৰ কৰে। ছেকেণ্ডৰ ভিতৰত নাকত লাগিলে উশাহৰ জৰিয়তে দেহৰ ভিতৰত বায়ুৰ সৈতে ই প্ৰৱেশ কৰিব পাৰে আৰু অচেতন কৰি পেলাই।

৪. পাতাল ৰে'ল ক'ত আৰু কেতিয়া আৱিষ্কাৰ হৈছিল ?

পাতাল ৰে'ল হ'ল মাটিৰ তলেদি চলোৱা একপ্ৰকাৰৰ ৰে'ল। লণ্ডনত পোন প্ৰথমে ১৮৬৩ চনৰ জানুৱাৰী মাহত বিশ্বৰ প্ৰথমখন পাতাল ৰে'ল চলিছিল বুলি জনা যায়। বিশেষকৈ ৰাস্তাৰ যানজঁত কমাবৰ বাবে এই ৰে'লৰ ব্যৱহাৰ কৰা হৈছিল। এনে ৰে'লৰ প্ৰথমটো পথ নিৰ্মাণ কৰা হৈছিল লণ্ডনৰ পেডিংটনৰ পৰা ফেৰিংডন ষ্ট্ৰীটলৈকে। মাজত ষ্টেচন আছিল পাঁচটা।

৫/ অসমত কেতিয়া ৰে'লে উকি মাৰিছিল?

১৮৮২ চনত পোনপ্ৰথমবাৰৰ বাবে অসমত ৰে'লে উকি মাৰিছিল। ইয়াৰ পিছতেই অসমৰ পৰিবহণ ব্যৱস্থাত নতুন অধ্যায়ৰ সূচনা হ'ল। পোন প্ৰথম অসমত ৰে'ল চলিছিল - শদিয়া আৰু ডিব্ৰুগড়ৰ মাজত।

৬. টাইটানিক কেতিয়া আৰু কিয় ডুবিল ?

টাইটানিক ১৯১২ চনৰ এপ্ৰিল মাহত আটলান্টিক মহাসাগৰত ডুব গৈছিল। এই ৰাজকীয় জাহাজ খনৰ নিৰ্মাতা আছিল আয়াৰলেণ্ডৰ 'হেৰল্ড এণ্ড উলফ কোম্পানী'ৰ নিৰ্মাণ সংস্থা 'হোৱাইট ষ্টাৰলাইন' । 
জাহাজ খনৰ বিশেষত্ব :

# ১৯০৭ চনৰ পৰা ১৯১২ চনৰ ভিতৰত জাহাজ খনৰ নিৰ্মাণ কাৰ্য সমাপ্ত ঘটিছিল। 

# জাহাজ খনৰ দৈৰ্ঘ্য আছিল ২৭৫ মিটাৰ, প্ৰস্থ আছিল ৩৫ মিটাৰ ওজন আছিল ৬০ হেজাৰ টন। যিটো কিলোগ্ৰাম হিচাপত হ'ব ৬,০০০,০০০ কিলোগ্ৰাম (ছয় কোটি কিলোগ্ৰাম, আনহাতে ১ টন = ১০০০ কিলোগ্ৰাম) ।

# নিৰ্মাণৰ বাবদ মুঠ ব্যয় হৈছিল ৭৫ লাখ ডলাৰ। (১ আমেৰিকান ডলাৰ= ৮২.৫৪ টকা ) সেয়েহে মুঠ নিৰ্মাণ ব্যয় হৈছিল ভাৰতীয় হিচাপত ৬১,৯০,৬১,২৫০.০০টকা । আখৰেৰে হ'ব এষষ্ঠি কোটি নব্বৈ লাখ এষষ্ঠি হাজাৰ দুশ পঞ্চাছ। 

# জাহাজ খনৰ গতিবেগ আছিল ঘণ্টাত ২২ নট বা ৪০. ৭৪৪ কিলোমিটাৰ।

# যাত্ৰীৰ বহন ক্ষমতা আছিল মুঠ ৩২০০ জন ।

# টাইটানিকৰ ভিতৰত ব্যৱস্থা আছিল - হোটেল, বাৰ, ছেলুন, নাচ ঘৰ, ছুইমিং পুল, উদ্যান, নাট্যশালা, খেলপথাৰ, চিকিৎসালয় , পুথিভঁৰাল, প্ৰাৰ্থনা ঘৰ, শোৱনি কোঠা আদি।

# টাইটানিকৰ সম্পূৰ্ণ নাম আছিল - Royal Male Steamer Titanic বা চুটিকৈ RMS Titanic. 

# বৃহৎ হিমশিলাত (Iceberg) খুন্দা খাই আটলান্টিক মহাসাগৰত সম্পূৰ্ণৰূপে টাইটানিক ডুব গৈছিল।

৭. বেবিলেনৰ শূন্যোদ্যান ক'ত আছে আৰু কেতিয়া নিৰ্মাণ কৰা হৈছিল ?

বেবিলন হ'ল এখন উদ্যান। এখন খলপা খলপি দেৱালৰ ওপৰত এই উদ্যান নিৰ্মাণ কৰিছিল বাবে ই আজিও পৃথিৱীৰ আচৰিত বস্তু হিচাপে বিবেচিত। বেবিলন ইৰাকৰ বেবিলন প্ৰদেশত অৱস্থিত। প্ৰায় ৬৫৫ খ্ৰীষ্টাব্দত বেবিলন সাম্ৰাজ্যৰ সম্ৰাট নেবুচাদনেজাৰে তেওঁৰ পত্নী আমাইতেচৰ মনোৰঞ্জনৰ বাবে বাগিচাখন নিৰ্মাণ কৰিছিল বুলি জনা যায়। বাগিচাৰ উচ্চতা আছিল ৩৫৫ ফুট আৰু প্ৰস্থ আছিল ৮৫ ফুট। 
৮. ৰোমান ক'ল'ছিয়াম ক'ত আছে আৰু বিশেষত্ব কি ?

ৰোমান ক'ল'ছিয়াম ইটালীত আছে। ই পৃথিৱীৰ সপ্ত আশ্বৰ্যৰ ভিতৰত এটা। ফ্লেৰিয়ান এম্পিথিয়েটাৰ হিচাপে বিখ্যাত ৰোমৰ ক'ল'ছিয়াম ৰোম নগৰীৰ ঠিক মাজতে অৱস্থিত। ৰোমৰ যোদ্ধা সকলে এই থিয়েটাৰত বহি মল্লযুদ্ধ প্ৰদৰ্শন কৰিছিল। ইয়াত প্ৰায় পঞ্চাছ হাজাৰ লোকে একেলগে বহি মল্লযুদ্ধ প্ৰদৰ্শন কৰিবলৈ সক্ষম। ৭০ ৰ পৰা ৭২ খ্ৰীষ্টাব্দৰ ভিতৰত এই ৰোমান ক'ল'ছিয়াম নিৰ্মাণ কৰি উলিয়াইছিল বুলি জনা যায়। পিছে এই ক'ল'ছিয়াম ৮০ খ্ৰীষ্টাব্দতহে সম্ৰাট টিটাছৰ দিনত শুভ উদ্বোধন ঘটোৱা হৈছিল।

৯. মাচ্চু পিচ্চু ক'ত আছে আৰু কিয় বিখ্যাত ?

মাচ্চু পিচ্চু হৈছে পৃথিৱীৰ সপ্ত আশ্বৰ্যৰ ভিতৰত আন এটা। সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৭৮৭৫ ফুট উচ্চতাত অতি দূৰ্গম পাৰ্বত্য অঞ্চলত এই মাচ্চু পিচ্চু স্থাপন কৰা হৈছিল। কলম্বিয়ান চহৰ মাচ্চু পিচ্চু পেৰুৰ কাছকোৰ পৰা প্ৰায় সত্তৰ কিলোমিটাৰ নিলগৰ উৰুবাম্ব উপত্যকাত অৱস্থিত এখন অতি প্ৰাচীন চহৰ। প্ৰাচীন সভ্যতা আৰু সংস্কৃতিৰে ভৰপূৰ এই চহৰৰ এখন পৰ্বতৰ শিখৰত এই মাচু পিকচু অৱস্থিত। মাচু পিকচু পালিচ কৰা পাথৰৰ দ্বাৰা নিৰ্মিত শিলাখণ্ড। বাস্তুকলাৰ এক অনুপম নিদৰ্শন হিচাপে মাচু পিকচু বিখ্যাত। 
১০. মহাকাশলৈ প্ৰথম মানুহৰ পৰ্দাপণ কেতিয়া আৰু কোনে কৰিছিল ?

১৯৬১ চনত ৰাছিয়াৰ মহাকাশচাৰী ইউৰি গাগাৰিনে ( সম্পূৰ্ণ নাম হৈছে ইউৰি আলেক্সিভিছ গাগাৰিনে) পোন প্ৰথমবাৰৰ বাবে মহাকাশলৈ ঢাপলি মেলিছিল। তেওঁ যোৱা মহাকাশ যানখনৰ নাম আছিল 'ভস্তক'। তেওঁ মহাকাশত ১ ঘণ্টা ৪০ মিনিট ধৰি থাকি পৃথিৱীৰ প্ৰথমজন মহাকাশচাৰীৰ সন্মান অৰ্জন কৰিছিল। উল্লেখযোগ্য যে ভস্তক যানৰ সহায়ত তেওঁ পৃথিৱীক সম্পূৰ্ণ এবাৰ প্ৰদক্ষিণ কৰিবলৈ সক্ষম হৈছিল।





এনেধৰণৰ প্ৰৱন্ধ পঢ়িবলৈ মূল ব্লগত যাবলৈ 'Home' শব্দটিত দবাই দিব। নতুবা view web page ত অকে কৰিব।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।




👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒👩‍🚒



Tuesday, October 18, 2022

কাতি বিহু আধুনিক হ'ল। Kati Bihu has become modern.

🌾 কাতি বিহু আধুনিক হ'ল। কঙালী গুচি ৰঙালী হ'ল  🌾

   কাতি বিহু আধুনিক হ'ল। পুৰণি কালত চলি অহা কিছুমান নীতি নিয়ম আজিকালি নাইকিয়া হ'ল। অৰ্থাৎ গুৰুত্ব নিদিয়া হ'ল। চোতালত আকাশ বন্তি প্ৰজ্বলন কৰিবলৈ চোতাল নাই। ঘৰটো বৈদ্যুতিক বাতিয়ে ৰমক জমক কৰি থোৱা হ'ল।

   
🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾🌾
   কাতি বিহু আধুনিক হ'ল। পুৰণি কালত চলি অহা কিছুমান নিয়ম আজিকালি নাইকিয়া হ'ল। অৰ্থাৎ গুৰুত্ব নিদিয়া হ'ল। এতিয়া এনেধৰণৰ মন্তব্য আগবঢ়ালে কিছুমান চকু-চৰহাই ক'ব 'অমুকে' বৰ দেখুৱাই। যেন সিহে সকলোবোৰ জানে। 
    নব্বৈ দশকৰ সময়ছোৱাত নিশ্চয় আমাৰ বুঢ়ামেথা সকলে কিছু অকৃত্ৰিমতাৰে কাতি বিহু উৎসৱৰ আয়োজন কৰিছিল। চোতালত শাৰী শাৰী আকাশ বন্তি জ্বলাই জকমকাই তুলিছিল। নঙলামুখত কলপুলি দুটা দি এচতি ফলা বাঁহ লগাই দিছিল আটোমটোকাৰিকৈ । তাতেই ঘণ ঘণকৈ জ্বলাইছিল মিঠাতেলৰ চাকি। তুলসীৰ তলত আয়ে পূজা কৰিছিল। আমি নিচেই সৰু কণমইনা সকলেও আইৰ লগত পূজা কৰিছিলো । ভগৱান চিনি নাপালেও 'ৰামচন্দ্ৰ'ৰ নাম মনতে আওৰাইছিলো। মুঠতে ভিতৰে বাহিৰে মিঠাতেলৰ বন্তিৰে পোহৰাই তুলিছিল। গাওঁৰ প্ৰতি ঘৰৰ নঙলামুখত একেদৰে আলোকিত হৈছিল মাটি চাকিৰ প্ৰদীপ। পৰিৱেশ কেনে সৰগ সদৃশ হৈছিল নেদেখিলে অনুভৱ কৰা সঁচাই কঠিন।
    ' তূলসীৰ তলে তলে মৃগ পহু চৰে 
     তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।'
     
     সঁচাই ৰামচন্দ্ৰই তুলসী তলত চৰি থকা মৃগ পহু দেখিছিল নে ? শৰধনু সঁচাই মাৰিছিল নে ? সেয়া নৱ প্ৰজন্মৰ বাবে সঁচাকৈয়ে সাঁথৰ। তুলসীৰ তলত উপৰোক্ত পংক্তিটো গাইছিলো । কিন্তু বুজা নাছিলো তাৰ আচল গুঢ়াৰ্থ । এতিয়াও একেবাৰে খুদুৱনি নথকা নহয়। যি কি নহওঁক আমি ক'ব পাৰোঁ এয়া কেৱল কল্পনাহে। অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ দিনত অটব্য অৰণ্যৰে চৌদিশ আৱৰি আছিল। ঘৰৰ তুলসী গছৰ তললৈ মৃগ পহু যে নাহিব তাৰ কি মানে আছে। গতিকে সেই সময়ৰ লগত খাপ খোৱাকৈ ভগৱান ৰামচন্দ্ৰৰ গুণানুকীৰ্তন কৰাৰ নিমিত্তে এইফাঁকি প্ৰবাদ বচন। এই বচন ফাঁকিয়ে সৰুতে আমাক ভগৱানৰ প্ৰতি সহৃদয় হ'বলৈ শিকাইছিল। ভাবিবলৈ শিকাইছিল। আনন্দ দান দিছিল। যি অনুসন্ধিসু মনত স্থায়ী হৈ শিপাইছিল।
     এতিয়া যুগৰ বহু পৰিবৰ্তন হৈছে। সেই ৰামো নাই সেই অযোধ্যাও নাই। সেয়ে হয়তো কাতি বিহুৰ নিয়ম নীতিও কিছু হৰণ ভগন নোহোৱাকৈ থকা নাই। আগতে কাতি বিহুত পথাৰত চাকি দিয়া হয় । কাৰণ এয়া অসমীয়াৰ এক এৰাব নোৱাৰা পৰম্পৰা । এতিয়া চাকি দিয়া হয় কেৱল আনক দেখুৱাই বা দেখুওৱাৰ মনেৰে ( অৱশ্যে সকলোৱে একে নহয় দিয়ক) । তাহানি চোতালত বাঁহৰ খুটা দি কলপুলি দিছিল সম্পূৰ্ণ মূঢ়াৰে সৈতে খান্দি আনি। বিহুৰ পিছ দিনা সেই কলপুলি বাৰীৰ এচুকত লগাব লাগে হেনো। প্ৰবাদ আছে তেনে কলৰ পুলি সোনকালে ঠন ধৰি উঠে। আজিকালি এইবিলাক অন্ধবিশ্বাস বুলি গণ্য কৰা হ'ল। কলপুলি লগাই কেৱল নাম মাত্ৰ । ইয়াৰ পৰা নতুন সৃষ্টি নহয়। আনহাতে আজিকালি চোতাল হ'ল কংক্ৰিটৰে তৈয়াৰী । নগৰৰ মানুহৰ ঘৰত মাটি নাই। কলগছ গাওঁৰ পৰা আমদানি কৰিব লগা হয় বহুতৰে। গতিকে আকাশ বন্তিৰ ৰূপ অন্যধৰণৰ হয়। বজাৰত পোৱা ঢিমিমক ঢামাককৈ জ্বলা বৈদ্যুতিক বাতিয়ে চানি ধৰে নগৰৰ লোকৰ ঘৰৰ বেৰ, গেট আৰু পদূলিৰ ফুলগছ। কেৱল নগৰেই নহয় গাঁৱৰ ঘৰবোৰতো একেই দশা। আনহাতে আজিকালি পদূলি বোলা পথটোও লাহে লাহে হেৰুৱাইছো। এনেদৰে আমি আৰু বহু কিবাকিবি পৰম্পৰা হেৰুৱাই আছোঁ। 
     কাতি বিহু ৰবগৈ কেৱল গাঁৱত। তাৰো সেই কৃষক সকলৰ মাজতহে জীয়াই থকাৰ সম্ভাৱনা বেছি আছে। কাতি বিহু কঙালী কিন্তু আজিৰ সময়ত কাতি বিহু কঙালী নহয় বুলি ক'ব পাৰি। মানুহৰ আগতকৈ অৱস্থা উন্নত হৈছে। অৱশ্যে পথাৰৰ খেতি খোলা কৰা মানুহৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। সেয়ে আজিকালি কাতি বিহুতো ৰং ৰহইছ বেছি। আনকি গায়কেও বিহু গীতেৰে চেনেলবোৰত গৰম কৰি থাকে। গতিকে কঙালীৰ অনুভৱ নহয়। ই সঁচাই বিলুপ্তিৰ পথত।
     পথাৰত চাকি দিয়া হয় বুলি সকলোৱে জানে।কিয় দিয়া হয় তাকো সকলোৱে জানে বুলিলেও অত্যুক্তি কৰা নহয় । কিন্তু সৰহ ভাগেই পথাৰত খেতিয়ে নকৰে, চাকি জ্বলাব ক'ত? গতিকে এই নিয়মো লাহে লাহে সাধাৰণলৈ পৰিণত হোৱাৰ সম্ভাৱনা নথকা নহয়।
     সদৌ শেষত কও -আমি অসমীয়া হাড়ে হিমজুৱে। কাতি বিহুক জীয়াই ৰখাটো আমাৰ মূল কৰ্তব্য। এই দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব। অসমীয়াৰ মান আকাশ বন্তিৰ পোহেৰে উজ্বলাই তোলিব লাগিব।
     

🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻


   প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক: দুদুল সোণোৱাল।

জীৱনৰ কিছু হিৰণ্ময়ী অনুভৱ ব্লগৰ তৰফৰ পৰা আপোনাক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
___________&&&&&________&&&&&___________

   

Monday, October 10, 2022

সংখ্যাৰ সৈতে ধেমালি :



সংখ্যাৰ সৈতে ধেমালি ।
সংখ্যাৰ সৈতে ধেমালি : বিভিন্ন সংখ্যাৰ বিভাজ্যতাৰ কিটিপ শিকক। 2,4,8 ৰ বিভাজ্যতাৰ কিটিপ।

বিভাজ্যতা পৰীক্ষা ( Tests of Divisibility).

ক)  2,  4  আৰু 8 ৰে কোনবোৰ সংখ্যাক বিভাজ্য যায় , জানানে ? 
2 ৰ বিভাজ্যতা:
2 ৰে বিভাজ্য যোৱা সংখ্যা বিলাকৰ একক স্থানত 0, 2, 4, 6, 8 থাকে। অৰ্থাৎ 12, 24, 36, 48, 50, .. আদিৰ দৰে সংখ্যা বিলাকক 2 ৰে বিভাজ্য যায়।
   আনহাতে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আমি সংখ্যাটোক গোটত ভাগ কৰি সোঁফালৰ অংকটো অকলশৰীয়া কৰি ল'ব লাগে আৰু বাওঁহাতত ৰৈ যোৱা সংখ্যাটোক তাৰ লগত যোগ কৰিব লাগে। যদি সোঁফালৰ অংকটো 2 ৰে বিভাজ্য যায় আৰু বাওঁহাতত থকা গোটটোৰ একক স্থানৰ অংক 0 নতুবা 2 ৰ গুণিতক হয় তেন্তে গোটেই সংখ্যাটোকে 2 ৰে বিভাজ্য যাব। যেনে -
826= 820 + 6
       = 10 × 82 + 6
       = 2×5×82+2×3
 ইয়াত 2 ৰে 826 ৰ দুয়োটা গোটকেই ভাগ যায়। অৰ্থাৎ 820 আৰু 6 দুয়োটাই 2 ৰ গুণিতক, সেয়ে গোটেই সংখ্যাটোকে 2 ৰে বিভাজ্য যাব।

4 ৰ বিভাজ্যতা:
4 ৰে বিভাজ্য যোৱা সংখ্যা বিলাক সেইবিলাক যিবিলাক সংখ্যাৰ প্ৰথম একক আৰু দহক স্থানৰ অংকৰে গঠিত সংখ্যক 4 ৰে বিভাজ্য যায় , তেন্তে সেইবিলাক সংখ্যাক 4 ৰে বিভাজ্য যাব। অৰ্থাৎ 5124 ৰ একক আৰু দহক স্থানৰ অংকৰে গঠিত সংখ্যা হৈছে 24 ,যাক 4 ৰে বিভাজ্য যায় --
( 24 ÷ 4= 6) । সেয়ে গোটেই সংখ্যাটোকে 4 ৰে বিভাজ্য যাব (5124 ÷ 4=1281) । একেদৰে 5136, 5248, 5364,... আদি । 
    আনহাতে আমি আন ধৰণে বিশ্লেষণ কৰিও বিভাজ্যতা পৰীক্ষা কৰিব পাৰোঁ। যেনে -
824 = 800 + 24
        =  8 × 100 + 24
        = 2×4×100+4×6
ইয়াত, 800 আৰু 24 দুয়োটাই  4 ৰ গুণিতক হয়, সেয়ে 824 সংখ্যাটোক 4 ৰে বিভাজ্য যাব।


8 ৰ বিভাজ্যতা:
যিবিলাক সংখ্যাক 2 আৰু 4 ৰে বিভাজ্য যায় সেইবিলাক সংখ্যাক 8 ৰেও বিভাজ্য যায়। অৱশ্যে 2 আৰু 4 ৰে বিভাজ্য যোৱা আন কিছুমান সংখ্যাক 8 ৰে বিভাজ্য নাযাবও পাৰে। উদাহৰণ স্বৰূপে 12 সংখ্যাটোক 2 আৰু 4 ৰে বিভাজ্য যায় কিন্তু 8 ৰে বিভাজ্য নাযায়। সেয়ে আন এটা নিয়মেৰে 8 ৰ বিভাজ্যতা পৰীক্ষা কৰিব পাৰি।
     আনহাতে ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত সংখ্যাটোৰ প্ৰথম তিনিটা অংকৰে গঠিত অৰ্থাৎ একক,দহক আৰু শতক স্থানৰ অংকৰে গঠিত হোৱা সংখ্যাটো উলিয়ায় দি বাকী অংকৰে গঠিত সংখ্যাক যোগ কৰিব লাগে। যদি গোট দুটা 8ৰ গুণিতক হয় তেন্তে গোটেই সংখ্যাটোকে 8 ৰে বিভাজ্য যাব। যেনে -
12328 =12000+328
            = 120×100+ 8×41
            =8 ×15×100 + 8×41
ইয়াত, 12000 আৰু 328 গোট দুটা 8 ৰ গুণিতক হয়, সেয়ে 12328 সংখ্যাটোক 8 ৰে বিভাজ্য যাব।

খ)  3 আৰু 9 ৰে কোনবিলাক সংখ্যাক বিভাজ্য যায় বাৰু ?

3 ৰ বিভাজ্যতা পৰীক্ষা : 
3 য়ে সেইবোৰ সংখ্যাক বিভাজ্য যায়, যিবিলাক সংখ্যাৰ অংককেইটাৰ সমষ্টিক 3ৰে বিভাজ্য যায়। অৰ্থাৎ 345 ক 3ৰে বিভাজ্য যায়,কাৰণ 345ৰ অংককেইটাৰ সমষ্টি  3+4+5 =12 ক 3ৰে বিভাজ্য যায় ,12÷3=4 ।

আনহাতে 3 ৰ গুণিতকবিলাক আৰু সংখ্যাটোৰ এটা উৎপাদক যদি 9 থাকে তেন্তে গোটেই সংখ্যাটোকে 9 ৰে বিভাজ্য যাব। যেনে - 18 সংখ্যাটো 9 ৰে বিভাজ্য যাব কাৰণ 18 সংখ্যাটোত এটা উৎপাদক 9 আছে, সেয়ে গোটেই সংখ্যাটোকে 9 ৰে বিভাজ্য যাব। অৰ্থাৎ 18= 9×2 । ইয়াত 9 উৎপাদক আছে সেয়ে গোটেই সংখ্যাটোকে বা 18 ক 9 ৰে বিভাজ্য যাব, 18÷9= 2 ।
    প্ৰকৃত গাণিতিক নিয়মমতে আন ধৰণে দেখুওৱাব পাৰি। 



Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts