Monday, June 5, 2023

বিশ্ব পৰিৱেশ দিৱস আৰু আমি। World Environment Day and us. 

🚀বিশ্ব পৰিৱেশ দিৱস আৰু আমি। World Environment Day and us. 


   🖊️ ২০২৩ বৰ্ষৰ বিশ্ব 'পৰিৱেশ দিৱস'ৰ মূল বিষয়বস্তু হৈছে ' Only one earth' অৰ্থাৎ কেৱল এখনেই পৃথিৱী । এই বিষয়বস্তুক লৈ এইবাৰ সমগ্ৰ পৃথিৱীৰ মানুহে পৰিৱেশ দিৱস উদযাপন কৰিব। বিগত ১৯৭৪ চনৰ পৰা সমগ্ৰ পৃথিৱীতে এই দিৱস উদযাপন কৰি অহা হৈছে কেৱল পৰিৱেশ সংৰক্ষণ কৰাৰ বাবে মানুহক মানুহে সজাগ আৰু সচেতন কৰিবলৈ। পৰিৱেশ সংৰক্ষণ নকৰিলে পৃথিৱী নামৰ গ্ৰহটো মানুহৰ বাবে অদূৰ ভবিষ্যতে বাসোপযোগী হৈ নাথাকিব। কাৰণ বিভিন্ন কাৰণত হোৱা পৰিৱেশ বিনষ্টকৰণে প্ৰকৃতিক বাৰুকৈয়ে আঘাত হানিছে। বতৰৰ তাৰতম্য অৱস্থা , উৎকট গৰম আৰু বৰষুণৰ পৰিমাণ হ্ৰাস, ঠাণ্ডা দিনতো অতিপাত গৰম আদি কাৰক সমূহে পৰিৱেশৰ পৰিৱৰ্তনৰ কথাকে সূচায়। 

    জল প্ৰদূষণ, শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ, শক্তি প্ৰদূষণ আদি মানুহে লাভালাভৰ বাবে কৰা বিভিন্ন কামৰ ফলত হ'বলৈ ধৰিছে। মানুহে নিজৰ প্ৰয়োজন পূৰাবলৈ বনৰ গছ গছনি কাতি তহিলং কৰিব ধৰিছে। বিভিন্ন খেতি খোলা কৰিবলৈ সৰু-বৰ বন কাটি চাফা কৰাত পৰিৱেশত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। পাহাৰত ঝুম খেতি কৰাৰ ফলত প্ৰতি বছৰত গছ গছনি কটা হৈছে। লগতে কটা গছ গছনি জ্বলাই দিয়াৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। মানুহে আচবাব আৰু ঘৰ সাজিবলৈ বিভিন্ন ঠাইত গছ গছনি কাতি ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে। কাৰণ মানুহক স্বাছন্দ্য, আৰু লাহ-বিলাহৰ জীৱনৰ প্ৰয়োজন। ধনীক শ্ৰেণীৰ বাবে যিদৰে কাঠ বিভিন্ন কামৰ বাবে প্ৰয়োজন হৈছে একেদৰে দৰিদ্ৰ শ্ৰেণীৰ বাবে খেতি কৰিবলৈ আৰু জুই জ্বলাবলৈ খৰিৰ প্ৰয়োজন পূৰাবলৈ গছ গছনি কাটিব লগা হৈছে। বৰ্তমান সময়ত মানুহৰ এই কামবোৰে প্ৰকৃতিক বেয়া ধৰণে জুৰুলা কৰি তুলিছে। প্ৰকৃতি প্ৰদূষণৰ ফলত মানুহৰ পৃথিৱীত বাস কৰিবলৈ অসুবিধা হৈ পৰিছে। প্ৰকৃতিক আঘাত হানিব পৰা এনে কাৰ্য অতি সোনকালে বন্ধ হোৱা বৰ প্ৰয়োজন। নহ'লে পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোত মানুহৰ বাবে বাস কৰা কঠিন হৈ পৰিব। লগতে বায়ু প্ৰদূষণৰ ফলত বিভিন্ন জীৱ-জন্তুও বিলুপ্ত হ'ব। 
    বৰ্তমান সময়ত মানুহে প্ৰকৃতিক বচাবলৈ আহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে। বিশ্বৰ সকলো দেশতে পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ বুজি লৈ ইয়াৰ প্ৰতিৰোধ ব্যৱস্থা কৰিবলৈ আগবাঢ়ি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, অষ্ট্ৰেলিয়া, জাপান চীন আদি দেশ বিলাকে পৰিৱেশ সন্তুলন অৱস্থাত ৰাখিবৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছে। প্লাষ্টিকৰ ব্যৱহাৰ ৰোধকৰণত নিষেধাজ্ঞা জাৰি কৰিছে। ভাৰত চৰকাৰেও এইক্ষেত্ৰত পিছ পৰি থকা নাই। বৃক্ষৰোপণ কাৰ্যসূচীকে ধৰি কেতবোৰ আন কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কলকাৰখানাৰ পৰা নিৰ্গত ধোঁৱা হ্ৰাস কৰিবলৈ আন বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ কোৱা হৈছে। গাড়ী মটৰৰ পৰা নিৰ্গত ধোঁৱা হ্ৰাস কৰিবলৈ চিএনজি CNG পেট্ৰলৰ ব্যৱস্থা কৰা হৈছে। 
    আমি সকলোৱে কেৱল পৰিৱেশ দিৱসৰ ওপৰত নিৰ্ভৰ কৰি বা সংগতি ৰাখি বৃক্ষৰোপণ অৰ্থাৎ গছ পুলি ৰোপণ কাৰ্যসূচী ল'লে পৰিৱেশ বিনষ্ট কৰণৰ সমস্যাটো সমাধান কোনোকালে যে হৈ নুঠিব সেয়া সহজে অনুমেয়। বৃক্ষৰোপণ আমাৰ জীৱনৰ অৰ্থাৎ পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ এটা অভ্যাস হিচাপে গঢ়ি তোলিব লাগিব। ব্যক্তিগত বাৰীৰ উপৰিও অৰণ্যৰ মাজত নিজাকৈ প্ৰতিদিনে এটা গছপুলি ৰোপণ কৰাৰ সংকল্প আমি সকলোৱে ল'ব লাগিব। পথ, বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ মুৰব্বীৰ ওপৰত আশাপালি নাথাকি নিজেই এজোপা প্ৰয়োজনীয় গছ পুলি ৰোৱা উচিত। এই অভ্যাসে প্ৰকৃতি প্ৰদূষণ মুক্ত কৰাত যথেষ্ট পৰিমাণে সকাহ দিব বুলি ক'ব পাৰি।
    
       প্ৰতিজন অভিভাৱকে নিজৰ সন্তানক সৰুৰে পৰাই বৃক্ষৰোপণ কিয় কৰা উচিত (?) ,কিয় প্লাষ্টিক বা অন্যান্য দাহ্য বস্তুবোৰ জ্বলোৱা অনুচিত (?) তাক সময় থাকোঁতেই শিকোৱা প্ৰয়োজন আছে। বায়ুমণ্ডল সুস্থিৰ আৰু প্ৰদূষণ মুক্ত কৰিবলৈ শিকোৱা উচিত। নৱ প্ৰজন্মক প্ৰকৃতিক ভাল পাবলৈ উৎসাহিত কৰিব লাগিব। 
       বিগত কেইটামান বছৰৰ অতিক্ৰমৰ পিছত আজিৰ সময়ত বতৰৰ যে কিমান পাৰ্থক্য হৈছে আমি দেখি অবাক মানিছো। আশী নব্বৈ দশকত ইমান গৰম নাছিল। প্ৰায় বহাগ মাহৰ পিছৰ পৰা বৰষুণ হ'বলৈ ধৰে অৰ্থাৎ মৌচুমী নামি আহে আৰু এই মৌচুমী ভাদৰ শেষলৈ থকা দেখা যায়। অৱশ্যে মাজে মাজে দুই এদিন ৰ'দ নিদিয়াও নহয়। কাৰণ ভগৱানেও জানে অতি লাগতিয়াল ধান, চাউললৈ ৰূপান্তৰিত ঘটাবলৈ কিছু ৰ'দৰ প্ৰয়োজন হয়। সেয়ে সেই সময়ত কৃষকেও সময়ত খেতি কৰিবলৈ সক্ষম হৈছিল। আৰু আবতৰত বৰষুণ নোহোৱাৰ বাবে হয়তো মানুহে ৰবি শস্য আৰু খাৰিফ শস্য সময়ত সুকলমে চপাবলৈ সক্ষম হৈছিল। কিন্তু আজিৰ সময়ত তেনে এটা অনুকুল পৰিৱেশ যে নাই তাক বুজাই কোৱাৰ প্ৰয়োজন নাই। ইয়াৰ মূলতে হ'ল মানুহৰ কিছুমান অমানৱীয় কাৰ্য । উদ্ভিদৰ ধ্বংস কাৰ্যই পৃথিৱীৰ বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ পৰিমাণ বৃদ্ধি ঘটাইছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ, নাইট্ৰজেন, ধূলিকণা আদিৰ পৰিমাণ বৃদ্ধি ঘটাৰ ফলত বায়ুমণ্ডলত বায়ু দূষিত হৈ পৰিছে আৰু ইয়ে বতৰৰ অৱস্থাত প্ৰভাৱ পেলায়ছে। উল্লেখ্য যে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি ঘটাৰ ফলত বায়ুমণ্ডল গধুৰ হৈ পৰিছে। যাৰফলত সময়ত বৰষুণ নোহোৱা কাৰকে দেখা দিছে। এই সমস্যা আমি এতিয়া স্বচক্ষুৱে দেখিবলৈ পাইছোঁ। ইয়াৰ ফলত পৰিৱেশ অতিপাত গৰমে চানি ধৰিছে। আকৌ আজিকালি মানুহে বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কংক্ৰিটৰ ঘৰ সাজিবলৈ ধৰিলে। খেৰৰ পৰিৱৰ্তে চালত লগালে ধাতুৰে নিৰ্মিত টিনপাত। যিবোৰৰ ফলত অতি উত্তাপৰ সৃষ্টি হয়। গতিকে এইবিলাকে পোনপটীয়াকৈ বায়ুৰ উত্তাপ বৃদ্ধিত অৰিহণা যোগাইছে। ইফালে গৰমৰ পৰিমাণ যিমানে বৃদ্ধি পাবলৈ ধৰিছে, সিমানে মেৰু অঞ্চলৰ বৰফ গৰমত গলিবলৈ ধৰিছে। যিয়ে প্ৰাণী কুলৰ লগতহে মানুহৰ পৃথিৱীত ভয়াৱহতাৰ সৃষ্টি কৰিছে।
       গতিকে এই ভগৱান প্ৰদত্ত পৃথিৱীখন মানুহেই সজাইছে আৰু এদিন মানুহেই ধ্বংস কৰি নিঃশেষ কৰি তোলিব এয়া ধ্ৰুৱসত্য। সেয়ে এই বছৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু only one earth এইটো গুৰুত্বপূৰ্ণ বিষয় হিছাপে পৰিগণিত হৈছে। আহক আমি সকলোৱে এই পৃথিৱীক বচাও অধিক হাৰত বৃক্ষৰোপণ কৰি আমি জীয়াই থাকিবৰ বাবে। জীৱ-জন্তু জীয়াই থাকিবৰ বাবে। কাৰণ আমাৰ কেৱল এখনেই পৃথিৱী।

-------------------------------------------------------------------
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুগ্ৰহ কৰি তলৰ Comment বাকচটো অকে কৰি এটা মন্তব্য আগবঢ়াই কৃতাৰ্থ কৰিব।

লেখক: দুদুল সোণোৱাল।
শিক্ষক, হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

Saturday, May 27, 2023

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য সমূহ। Old Assamese poetry and its features.

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। Old Assamese poetry and its features.


💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

   🖊️ পুৰণি অসমীয়া কবিতা বুলিলে অসমীয়া সাহিত্যত চৰ্যাপদৰ সময়ৰ পৰা শংকৰদেৱৰ আগলৈকে বিয়পা সময়খিনিত ৰচনা কৰা কবিতা সমূহৰ সম্পৰ্কে বুজা যায়। উল্লেখযোগ্য যে এই সময়খিনিকে প্ৰাকশংকৰী বা প্ৰাকবৈষ্ণৱ যুগ বুলিও কোৱা হয়। এই সময়ছোৱাত পাঁচজন কবি ক্ৰমে - হেম সৰস্বতী, হৰিহৰ বিপ্ৰ,কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলি আৰু মাধৱ কন্দলিয়ে কাব্য ৰচনা কৰিছিল। এই সময়ৰ শ্ৰেষ্ঠ কবিজন আছিল মাধৱ কন্দলি। মাধৱ কন্দলিয়ে বাল্মিকী ৰামায়ণ খন অসমীয়ালৈ অনুবাদ কৰি 'সপ্তকাণ্ড ৰামায়ণ' ৰচনা কৰিছিল। 

        'কবিতা' সাহিত্যৰ এক অতি প্ৰাচীনতম শাখা। প্ৰাচীন সাহিত্যত 'কবিতা' শব্দটো বেছি প্ৰচলিত নাছিল। ইয়াৰ পৰিৱৰ্তে কবিতাবোৰক 'পদবন্ধ' আৰু 'কাব্য' এই দুটা শব্দৰ দ্বাৰা বুজোৱা হৈছিল। প্ৰাকবৈষ্ণৱ যুগৰ কবি মাধৱ কন্দলিৰ ৰামায়ণত স্পষ্টকৈ 'পদবন্ধ'শব্দটোৰ উল্লেখ পোৱা যায়। পদবন্ধ হৈছে নিৰ্দিষ্ট কিছুমান ছন্দৰ বান্ধোন থকা কবিতা বা কাব্য। পুৰণি দিনবিলাকত কবি সকলে ৰজা মহাৰজা সকলৰ নিৰ্দেশত উৎসাহিত হৈ কবিতা ৰচনা কৰিছিল বুলি জনা যায়। 
       প্ৰাকবৈষ্ণৱ যুগৰ পৰা উত্তৰ বৈষ্ণৱ যুগলৈকে অথবা বৃটিছ আগমনৰ আগলৈকে হোৱা যিখিনি কবিতাৰ বিষয়বস্তু মহাকাব্য মহাভাৰত আৰু ৰামায়ণ, পুৰাণ, ভাগৱত, উপাখ্যান আদিৰ পৰা বিষয়বস্তু সংগ্ৰহ কৰা আৰু ছন্দ, অলংকাৰ,ভাষা,ৰস আদি সুকীয়া কাব্যিক বৈশিষ্ট্যৰে মহিমামণ্ডিত হৈছিল সেইখিনি কবিতাকে পুৰণি অসমীয়া কবিতা বুলি আখ্যা দিয়া হৈছে।

👉 পুৰণি অসমীয়া কবিতাৰ বৈশিষ্ট্যসমূহ:

    পুৰণি অসমীয়া কবিতা সমূহৰ কিছুমান বিশেষ লক্ষণ বা বৈশিষ্ট্য পৰিস্ফুট হয়। এই সময়ৰ কবিতাবোৰৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে - ১/ ৰাজপৃষ্ঠপোষকতা ২/ অনুবাদৰ ওপৰত গুৰুত্ব ৩/ ছন্দ  ৪/ অলংকাৰ  ৫/ ৰস   ৬/ভাষাৰ প্ৰয়োগ।

🖊️ সংক্ষিপ্ত বিৱৰণ:

১/ৰাজপৃষ্টপোষকতা:

       পুৰণি অসমীয়া কবিতাবোৰ কবিসকলে ৰজাৰ অনুপ্ৰেৰণাত ৰচনা কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত ৰজা মহাৰজা সকলৰ নিৰ্দেশত কবি সকলে কবিতা ৰচনা কৰাৰ প্ৰমাণ বিভিন্ন সময়ত ৰচিত কবিসকলৰ ৰচনাৰাজিৰ পৰা পোৱা যায়। প্ৰাকশংকৰী যুগৰ কবি মাধৱ কন্দলিয়ে বৰাহী ৰজা মহামাণিক্যৰ অনুৰোধক্ৰমে তথা ৰজাৰ উৎসাহত কবিতা ৰচনা কৰিছিল। একেদৰে কবিৰত্ন সৰস্বতীয়ে 'জয়দ্ৰথ বধ' কৰিবলৈ ৰজা দুৰ্লভনাৰায়ণৰ নিৰ্দেশ লাভ কৰাৰ বিপৰীতে ৰুদ্ৰ কন্দলিয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিবলৈ ৰজা তাম্ৰধ্বজ সিংহৰ নিৰ্দেশ লাভ কৰিছিল। আনকি মহাপুৰুষ শংকৰদেৱেও কোচ ৰজা নৰনাৰায়ণ আৰু ভাতৃ চিলাৰায়ৰ ৰাজপৃষ্টপোষকতা লাভ কৰিছিল।

২/ অনুবাদৰ ওপৰত গুৰুত্ব: 

     পুৰণি অসমীয়া কবিতাবোৰ অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত হৈছিল। ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণ আদিৰ পৰা কাব্যৰ বিষয়বস্তু আহৰণ কৰিছিল। উল্লেখ্য যে প্ৰাকবৈষ্ণৱ যুগৰ কবিৰ কবিতাত এই প্ৰভাৱ বেছি পৰা পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে মাধৱ কন্দলিয়ে বাল্মিকী ৰামায়ণক 'সপ্তকাণ্ড ৰামায়ণ' হিচাপে অসমীয়ালৈ অনুবাদ কৰিছিল। মহাপুৰুষ মাধৱদেৱে বাল্মিকী ৰামায়ণৰ পৰা 'উত্তৰাকাণ্ড ৰামায়ণ' অনুবাদ কৰিছিল। 

৩/ ছন্দ: 

    পুৰণি অসমীয়া কবিতাৰ আন এটা বৈশিষ্ট্য হৈছে কবিতাত ছন্দৰ ব্যৱহাৰ। পুৰণি অসমীয়া কবিতাবোৰত প্ৰধানকৈ পদ, দুলড়ী, ছবি, ঝুমুৰি আদি ছন্দৰ প্ৰয়োগ কৰা দেখা যায়।

৪/ অলংকাৰ:

      পুৰণি কবিতা সমূহত শব্দালংকাৰ আৰু অৰ্থালংকাৰ ব্যৱহাৰ কৰা হৈছিল। কাব্যক স্পষ্ট, প্ৰভাৱশালী আৰু ৰমণীয় কৰি তুলিবলৈ কবিতাত অলংকাৰৰ প্ৰয়োজন হয়। পুৰণি কবিতা সমূহত প্ৰধানকৈ উপমা,অনুপ্ৰাস, নিৰ্দেশনা, সমাসোক্তি আদি বিভিন্ন অলংকাৰৰ প্ৰয়োগ কৰা হৈছিল।

৫/ ৰস:

      কবিতাত ৰস সৃষ্টি পুৰণি অসমীয়া কবিতা সমূহৰ আন এটা বিশেষ বৈশিষ্ট্য। পুৰণি কবি সকলে ৰসকেই কবিতাৰ আত্মা হিচাপে বিবেচনা কৰিছিল। কাৰণ কবিতাত ৰস সৃষ্টিৰ জৰিয়তে কবিতাবোৰক জনসমাজৰ মাজলৈ সহজে লৈ যাব পাৰি। কাব্যৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিব পাৰি। পুৰণি অসমীয়া কবিতাবোৰত বিশেষকৈ শৃংগাৰ,বীৰ, হাস্য, কৰুণ, শান্ত, ৰৌদ্ৰ, বীভৎস আদি ৰসৰ প্ৰয়োগ ঘটিছে।

৬/ ভাষা:

     ভাষা হৈছে পুৰণি অসমীয়া কবিতাৰ অন্যতম বৈশিষ্ট্য। পুৰণি কবিতা সমূহত অসমীয়া ভাষাৰ প্ৰাচীন ৰূপ সংৰক্ষিত হোৱা বুলি ক'ব পাৰি। বিশেষকৈ মাধৱ কন্দলিৰ কবিতা 'ৰামায়ণ'ত বিভক্তি , কাল, বহুবচনাত্মক প্ৰত্যয়, তৎসম, তদ্ভৱ, অৰ্দ্ধ তৎসম, দেশী-বিদেশী শব্দৰ প্ৰয়োগ ঘটিছে। মহাপুৰুষ শংকৰদেৱৰ বৰগীত সমূহত ব্ৰজাৱলী ভাষাৰ শব্দ আৰু প্ৰাচীন ৰূপ উভয়ে সংৰক্ষিত হৈছে।
        
       গতিকে উপৰোক্ত আলোচনাৰ পৰা ক'ব পাৰি যে পুৰণি অসমীয়া কবিতাবোৰ নিজ নিজ বিশেষ বৈশিষ্ট্যৰে মহিমামণ্ডিত। কবিৰ শ্ৰম আৰু একান্ত সাধনাৰ ফচল হৈছে পুৰণি অসমীয়া কবিতা। যিবোৰ কবিতাই বৰ্তমান সময়তো সাহিত্যৰ ভঁৰাল চহকী কৰি ৰখাত মূল্যৱান অৰিহণা যোগায় আহিছে।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
       লেখক: দুদুল সোণোৱাল। আৰৈমূৰীয়া গাওঁ।
Teacher of Hahkhati High school.




❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️







Friday, May 19, 2023

HACKATHON in school wise.

HACKATHON in school wise. বিদ্যালয়ত হেকাথন। সমস্যা সমাধান আৰু নতুন ধাৰণা বিকশিত কৰাৰ বাবে হেকাথনে কাৰিকৰী পৃষ্ঠভূমি থকা লোকসকলক একত্ৰিত কৰে। হেকাথনে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ তথ্য প্ৰযুক্তিদক্ষতা উন্নত কৰাত, লোকসকলক লগ কৰাত আৰু তেওঁলোকৰ ক্ষেত্ৰত আনৰ সৈতে কাম কৰাত সহায় কৰিব পাৰে।


Hackathon হৈছে বিদ্যালয়ত উদ্ভৱ হোৱা যিকোনো সমস্যাৰ সমাধানাৰ্থে কৰা অধ্যয়ন। ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ সমস্যা এটা নিৰ্বাচন কৰি তাৎক্ষণিকভাৱে অধ্যয়ন কৰি সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব লাগে। সমস্যাটোৰ প্ৰকৃতি অধ্যয়ন কৰি আৰু ইয়াৰ সমাধানৰ পথ মুকলি কৰাটোৱে হ'ল ইয়াৰ ঘাই উদ্দেশ্য। হেকাথনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল মানসিকতাৰ বিকাশ ঘটে। লগতে সিদ্ধান্ত গ্ৰহণত বিশেষ কৌশল খটুৱাবলৈ সক্ষম হয়। 
    বিদ্যালয়ৰ গণ্ডীৰত ছাত্ৰ-ছাত্ৰী সকলক হেকাথনৰ অধ্যয়নে নতুন জ্ঞান অৰ্জন কৰাত সহায় কৰে আৰু পঢ়াত উৎসাহ যোগোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ছাত্ৰ ছাত্ৰীৰ মাজত হেকাথনৰ অধ্যয়ন সেয়েহে প্ৰয়োগ কৰা প্ৰয়োজন।
    তলত আমাৰ বিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে অধ্যয়ন কৰা হেকাথনৰ সমস্যাটোৰ সম্পৰ্কে ইয়াত আৰ্হি হিচাপে ডাঙি ধৰা হ'ল।
       
অধ্যয়ন কৰা ছাত্ৰীৰ নাম: শ্ৰী মতী ডেইজী আৰনধৰা। সপ্তম শ্ৰেণী ।

1.নিৰ্বাচিত সমস্যা:
 বিদ্যালয়ত অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ।

২. সাৰাংশ:
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনাময় ব্যৱস্থাৰ ক্ষেত্ৰত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ দূৰৱস্থাৰ অৱস্থাই ছাত্ৰ ছাত্ৰীসকলক অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত কোনো ধৰণৰ উপযুক্ত পানীৰ ব্যৱস্থা এতিয়াও নাই। যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ শ্ৰেণী কোঠাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষাগুৰু সকলে পাব লগা হয়। তদুপৰি শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত দুৱাৰ খিৰিকী ভাল অৱস্থাত নাই। এইবোৰৰ পুনৰ মেৰামতিৰ প্ৰয়োজন আছে। আৰু পানীৰ টেপ লগোৱাৰ ব্যৱস্থা কৰা প্ৰয়োজন আছে। 
    উপৰোক্ত সমস্যা সমূ্হ সমাধান কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী সকল লাভান্বিত হ'ব।

৩/ সূচীপত্ৰ
-------------------------------------------
বিষয়বস্তু। | পৃষ্ঠা 
                        -------------------------------------------
   ১/ পাতনি |
   ২/ ধাৰণা |
   ৩/ পৰিকল্পনা। |
⬇️
------------------------------------------

৪/ পাতনি:
'আমাৰ বিদ্যালয়ত অনাময় ব্যৱস্থা আৰু শৈক্ষিক পৰিৱেশত ইয়াৰ প্ৰভাৱ' শীৰ্ষক সমস্যাটো সমাধানাৰ্থে অধ্যয়ন কৰিবলৈ বিষয়বস্তু হিচাপে বাছনি কৰিলোঁ। আমাৰ বিদ্যালয়ত প্ৰত্যক্ষ হৈছে যে বিদ্যালয়ত বৰ্তমান উপযুক্ত শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নাই। ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথককৈ প্ৰস্ৰাৱাগাৰ আছে যদিও এইবোৰ উপযুক্ত বুলি গণ্য কৰিব নোৱাৰি। কাৰণ বৰ্তমান থকা এই প্ৰস্ৰাৱাগাৰ বিলাকত পানী ঢলাৰ কোনো উপযুক্ত ব্যৱস্থা নাই।যাৰ বাবে প্ৰস্ৰাৱাগাৰৰ প্ৰস্ৰাৱৰ গোন্ধ বিদ্যালয়ৰ সকলোতে বিয়পি পৰে। যাৰ ফলত শৈক্ষিক পৰিৱেশতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে এই সমস্যাটো সহজে কেনেকৈ সমাধান কৰিব পৰা যাব সেই সম্পৰ্কে জানিবলৈ এই সমস্যাটো অধ্যয়ন কৰিবলৈ লোৱা হৈছে। 
    ধাৰণা কৰা হৈছে যে সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিব পাৰিলে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল প্ৰত্যক্ষ ভাৱে লাভাৱান্বিত হ'ব। তদুপৰি শৈক্ষিক পৰিৱেশতো কোনো প্ৰভাৱ নপৰিব। 
    সৰু সৰু ল'ৰা-ছোৱালী বিলাকে দূপৰীয়া আহাৰ গ্ৰহণৰ পিছত বা আগত শৌচ খোলোচা কৰিবলৈ শৌচাগাৰ বিচাৰি কাষৰ মানুহৰ ঘৰত দৌৰা পৰিলক্ষিত হয়। কাৰণ বিদ্যালয়ত উপযুক্ত তথা ব্যৱহাৰৰ উপযোগী পায়খানাৰ অভাৱ। এই অভাৱ দূৰ কৰিবলৈ পূৰণা পায়খানা সমূহ পুন:নিৰ্মাণ কৰা প্ৰয়োজন। পায়খানাৰ দূৱাৰ, খিৰিকী আৰু পানীৰ ব্যৱস্থা কৰিলে এনে উল্লেখিত সমস্যাৰ পৰা হাত সাৰিব পৰা যাব। 
    এই সমস্যাটো সমাধান কৰিবলৈ এটা হ্ৰস্বম্যাদী আঁচনি বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব লাগিব। প্ৰায় ১৫-২০ দিনৰ ভিতৰত সমস্যাটো সমাধান কৰিবলৈ পৰা যাব। ইয়াৰ বাবে মুঠ আনুমানিক খৰছৰ পৰিমাণ হ'ব প্ৰায় ২০,০০০/- টকা। এই টকা ছাত্ৰ ছাত্ৰী সকলৰ পৰা আধা সংগ্ৰহ কৰি আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষই আধা খৰছৰ ব্যৱস্থা কৰি সমাধান কৰিব পৰা যাব। নতুবা অভিভাৱক অভিভাৱিকা সকলৰ এই ক্ষেত্ৰত সহায় বিচাৰিব পৰা যাব। কাৰণ বহুতো বিদ্যালয়ত তেনেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি বিদ্যালয়ৰ কিছুমান কাম সমাধা কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ নথকা নহয়। 
    গতিকে সমস্যাটোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পটো কৰিবলৈ সেয়ে চমু প্ৰয়াস কৰিছোঁ।

৫/ ধাৰণা:
   ক) সমস্যাটো সমাধান হ'লে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলো উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে।
   খ) শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰৰ দুৱাৰ খিৰিকী ভঙা। লগতে পানীৰ সু-ব্যৱস্থা নাই। এইবোৰৰ সমাধানৰ ব্যৱস্থা কৰিলে ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা পৰিব বুলি আশা কৰা হৈছে।
    
৬/পৰিকল্পনা :
ক) আমাৰ বিদ্যালয়ৰ শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰ নিৰীক্ষণ কৰি যাৱতীৱ ব্যৱস্থা প্ৰস্তুত কৰিম।
খ) খোৱা পানীৰ সু-ব্যৱস্থা সম্পৰ্কে অধ্যয়ন কৰি সমস্যাটোৰ সমাধানৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম।

৭/ তথ্য সংগ্ৰহ আৰু বিশ্লেষণ:
সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সমস্যা চিনাক্তকৰণৰ কাৰণসমূহ:
----------------------------
ক) সমস্যাটো বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত।
খ) সৰু সৰু ল'ৰা-ছোৱালী বিলাকে শৌচ-প্ৰস্ৰাৱৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধা দূৰীকৰণাৰ্থে ।
গ) সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই দিশত কি অসুবিধা হৈছে তাক জনাৰ মানসেৰে।
ঘ) অনাময় দুব্যৱস্থাই শৈক্ষিক পৰিৱেশত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে তাক জনাৰ কাৰণে। 

সম্ভাব্য সমাধান সূত্ৰ:
------------------
ক) অনাময় ব্যৱস্থাৰ উন্নত কৰিবলৈ শৌচাগাৰ নিৰ্মাণ কৰা ।
খ) পৃথককৈ প্ৰস্ৰাৱাগাৰ নিৰ্মাণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা।
গ) প্ৰস্ৰাৱাগাৰৰ টেংকি মাটিৰ তলত আহল-বহলকৈ নিৰ্মাণ কৰা।
ঘ) নলীনাদৰ ব্যৱস্থা উন্নত মানদণ্ডৰ কৰা আৰু শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰত টেপ লগোৱাৰ ব্যৱস্থা কৰা।

সমাধান লাভ কৰাৰ ফলত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব পৰা লক্ষিত গোটসমূহ :
ক) ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল লাভান্বিত হ'ব।
খ) শৈক্ষিক পৰিৱেশ উন্নত হোৱাত প্ৰত্যক্ষভাৱে লাভান্বিত হ'ব।

সমাধান লাভ কৰা ফলত পৰোক্ষভাৱে লাভান্বিত
হ'ব পৰা লক্ষিত গোটসমূহ:
ক) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত আন অনুষ্ঠান বা প্ৰতিষ্ঠানৰ লাভ হ'ব পাৰে।
খ) বিদ্যালয়ৰ সৈতে সম্পৰ্কিত অভিভাৱক অভিভাৱিকা আৰু স্থানীয় ৰাইজ পৰোক্ষভাৱে লাভান্বিত হ'ব।

সমাধানৰ বাবে প্ৰয়োজনীয় সময় সীমা: এই সমস্যাটো সমাধান কৰিবলৈ অতি কমেও পাঁচ ছয়মাহৰ প্ৰয়োজন হ'ব যদিও ইয়াৰ প্ৰাথমিক সমস্যা সমূহ ১৫-২০ দিনৰ ভিতৰতে সমাধান কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

৮/ তুলনামুলক অধ্যয়ন :
      বিদ্যালয়ত যিমান শৌচাগাৰ-প্রস্রাৱগাৰ আছে, সেইবোৰৰ পৰিৱেশ লেতেৰা হ'লে তাত শৌচ-প্রস্রাৱ কৰাটো প্রায় অসম্ভৱ হৈ পৰে। শৌচ-প্রস্রাৱৰ পৰাই নানা ধৰণৰ ৰোগ হয় বুলি জনাৰ পাছতো ছাত্ৰ ছাত্ৰীসকল এইবোৰ চাফ-চিকুণকৈ ৰখাৰ বাবে যত্নপৰ নহ'লে বিদ্যালয়খন কেতিয়াও সুস্থ হৈ নুঠে। যিহেতু যুৱ শক্তিয়েই দেশৰ শক্তি, তেওঁলোকেই সৃষ্টিশীল, নির্মাণকাৰী আৰু ভৱিষ্যতৰ নেতা৷ তেওঁলোকে ভৱিষ্যতক সলনি কৰি পেলাব পাৰে যদিহে তেওঁলোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সবল হয় আৰু যদিহে তেওঁলোকৰ থাকে সিদ্ধান্ত লোৱাৰ ক্ষমতা৷ যিহেতু স্বাস্থ্যৰ লগত চাফ-চিকুণতাৰ কথা সাঙোৰ খাই থাকে, সেয়ে স্বচছতা অৱিহনে সু-স্বাস্থ্য আশা কৰিব নোৱাৰি৷ সেয়েহে আমি আটায়ে বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ অভ্যাস গঢ়ি তোলিব লাগে। 
     আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰায় ভাগ নিম্ন দৰিদ্ৰ সীমাৰেখাৰ অধীনৰ । তেওঁলোকৰ কিছুমানে যতে ততে শৌচ প্ৰস্ৰাৱ কৰাৰ মানসিকতা আছে। এই মানসিকতা আঁতৰোৱাৰ ব্যৱস্থা বিদ্যালয়ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ উপকাৰিতা সম্বন্ধে বুজাব লাগিব। সেয়ে ছাত্ৰ ছাত্ৰী সকলক অনাময়ৰ এটা ভাল পৰিৱেশ বিদ্যালয়ৰ কতৃপক্ষই দিব লাগিব। ইয়াৰ বাবে বেয়া হৈ থকা শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ উন্নত কৰি বনোৱাৰ ব্যৱস্থা কৰিব লাগে।
     আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ উত্তৰ দিশত এটা শৌচ-প্ৰস্ৰাৱাগাৰ আছে। কিন্তু ই উন্নত মানদণ্ডৰ নহয়। শ্ৰেণীৰ পাঠদানৰ সময়ত ইয়াৰ পৰা দুৰ্গন্ধ আহি শ্ৰেণীৰ পৰিৱেশ বিনষ্ট কৰি তোলে। ইয়াৰ মূল কাৰণ হৈছে প্ৰস্ৰাৱাগাৰত পানী নঢলা। প্ৰস্ৰাৱাগাৰত পানীৰ ব্যৱস্থা নাই। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰত আৰু শৌচাগাৰত পানী টেপৰ সু-ব্যৱস্থা কৰা অত্যন্ত প্ৰয়োজন। এই কাম প্ৰায় সপ্তাহ দিনৰ ভিতৰত সমাপ্ত কৰিব পৰা যাব। টইলেটটো পুনৰ মেৰামতি কৰি পানীৰ ব্যৱস্থা কৰিবলৈ অত্যধিক ২০০০০ টকামান প্ৰয়োজন হোৱাৰ সম্ভাৱনা আছে। 
     একেদৰে দক্ষিণ দিশত থকা ছোৱালীৰ প্ৰস্ৰাৱাগাৰো উপযুক্ত নহয়। দশম আৰু নৱম শ্ৰেণীৰ বাবে থকা শৌচাগাৰ আৰু প্ৰস্ৰাৱাগাৰো বৰ উন্নত মানদণ্ডৰ নহয় আৰু পানীৰ সু-ব্যৱস্থা নাই। গতিকে এই সমস্যাটো জৰুৰী বুলি গণ্য কৰি সমাধানৰ দিহা কৰিব লাগে। বিদ্যালয় কৰ্তৃপক্ষই সমস্যাটো সমাধানাৰ্থে উৰ্দ্ধতন কৰ্তৃপক্ষক জনাব লাগিব। নতুবা অতি কম খৰছত,প্ৰায় ২০০০০/= টকাত সমস্যাটো সমাধান কৰি তুলিব পাৰে।
 
৯/ ফটো : ( ইয়াত অধ্যয়ন কৰা সমস্যাটোৰ সৈতে সামঞ্জস্য থকা ফটো সম্বলিত কৰিব লাগিব।)

১০/ মন্তব্য 
   পৰিষ্কাৰ-পৰিচছন্নতা সু-স্বাস্থ্যৰ মূলমন্ত্র৷ ই বহু ৰোগক নিলগত ৰাখিব পাৰে৷ সেয়ে পৰিষ্কাৰ পৰিৱেশ সভ্য সমাজ গঢ়াৰ প্রথম চর্ত৷ সম্প্রতি চাফ-চিকুণতা এখন বিদ্যালয়ৰ বা এখন ৰাজ্য বা এখন দেশৰ বিষয় হৈ থকা নাই৷ বর্তমান ই এটা আন্তঃৰাষ্ট্রীয় বিষয়৷ ৰাষ্ট্রসংঘই ১৯৮০ৰ পৰা ১৯৯০ চনলৈকে এই দশকটো ‘ইণ্টাৰনেশ্যনেল ডিকেড ফৰ ড্রিংকিং ৱাটাৰ এণ্ড ছেনিটেশ্যন ১৯৮০-৯০’ ঘোষণা কৰে৷ ২০১৪ চনৰ দুই অক্টোবৰৰ পৰা মহাত্মা গান্ধীৰ জন্মদিনটোত ভাৰত চৰকাৰে আৰম্ভ কৰিলে স্বচছ ভাৰত অভিযান৷ কেন্দ্রীয় চৰকাৰে শুভাৰম্ভ কৰা ‘স্বচছ ভাৰত অভিযান’ নিঃসন্দেহে এক অত্যন্ত প্রাসংগিক আৰু গুৰুত্বপূর্ণ আঁচনি৷ মুকলি ঠাইত মলত্যাগ কৰাৰ বদ অভ্যাস বন্ধ কৰা, শৌচালয়ৰ ব্যৱহাৰ আৰু নির্মাণ কার্য নিৰীক্ষণ, শৌচালয় ব্যৱহাৰ সম্পর্কে সজাগতা সৃষ্টি, অনাময় আঁচনিৰ সফলতাৰ বাবে গ্রামাঞ্চলত কর্মৰত গোটৰ দ্বাৰা সেৱা প্রদান আদি হৈছে স্বচছ ভাৰত অভিযানৰ লক্ষ্য। এই আচঁনিৰ সৈতে সংগতি ৰাখি আমাৰ বিদ্যালয়তো অনাময় ব্যৱস্থাৰ উন্নত মানদণ্ডৰ কৰি তোলা উচিত হ'ব। আমাৰ বিদ্যালয়ৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাল শৌচাগাৰ অভাৱৰ বাবে প্ৰস্ৰাৱাগাৰতে মধ্যাহ্ন ভোজনৰ পিছত মল ত্যাগ কৰি দিয়ে।যাৰ বাবে পৰিৱেশটো দূষিত হৈ পৰে। এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰস্ৰাৱাগাৰ আৰু শৌচাগাৰৰ উন্নয়নৰ বাদে গত্যন্তৰ নাই। এই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হ'লে আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল লাভান্বিত হোৱাৰ লগতে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ভাল হ'ব।
  
++------++++++------------------++++++---------++




লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 
লেখক: দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹



Wednesday, May 3, 2023

শৈক্ষিক পৰিৱেশ কি ? বিদ্যাৰ্থীৰ লগত ইয়াৰ সম্পৰ্ক কেনে হোৱা উচিত ? What is the academic environment? What should it relate to students ?

শৈক্ষিক পৰিৱেশ কি ? বিদ্যাৰ্থীৰ লগত ইয়াৰ সম্পৰ্ক কেনে হোৱা উচিত ? What is the academic environment? What should it relate to students ?

১/শৈক্ষিক পৰিৱেশ মানে কি:
শৈক্ষিক পৰিৱেশ বুলিলে শিক্ষাৰ গণ্ডীৰৰ সৈতে সম্পৰ্কিত পৰিৱেশৰ কথাকে সূচায়। কোনো শিক্ষালয় বা শিক্ষাৰে সম্পৰ্কিত অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীৰ আচাৰ-আচৰণ, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সমাজৰ অংশগ্ৰহণ, ছাত্ৰ-ছাত্ৰীৰ আচাৰ আচৰণ, শিক্ষাদান কাৰ্যসূচী অৰ্থাৎ পাঠদান আদি সকলোবোৰ মিলি যি অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ অৰ্থত তাকে শৈক্ষিক পৰিৱেশ বোলা হয়। সুস্থ শৈক্ষিক বাতাবৰণ সুশিক্ষাৰ অন্যতম কাৰক। কোনো এখন ঠাইৰ পৰিৱেশ যদি কোলাহল পূৰ্ণ আৰু বিশৃঙ্খলিত হয় তেন্তে সেই পৰিৱেশ মানৱ সমাজৰ বাবে উপযুক্ত হ'ব নোৱাৰে। একেদৰে এখন শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই কথাষাৰ ইয়াৰ দুগুণে প্ৰযোজ্য হ'ব। কাৰণ শিক্ষালয় মানেই শিক্ষা আহৰণৰ মুখ্য উৎস হিচাপে বিবেচিত। নকলেও হয় ই সৰু সৰু ল'ৰা-ছোৱালীৰ সৈতে গভীৰ সম্পৰ্ক থকা এটা অনুষ্ঠান। সেয়েহে তেনে কোলাহল পূৰ্ণ আৰু বিশৃঙ্খলিত পৰিৱেশ কেতিয়াও কাম্য হ'ব নোৱাৰে। শিক্ষালয় হোৱা উচিত নিৰৱ নিস্তব্ধ আৰু নিৰিবিলি পৰিৱেশেৰে পৰিৱেষ্টিত। 

    অতীতৰ তেনে নিৰিবিলি নিজান পৰিৱেশেৰে পৰিৱেষ্টিত অৱস্থাত শিক্ষা প্ৰদান কৰা টোল বিলাকৰ কথা, আশ্ৰম বিলাকৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে। নিৰিবিলি আৰু নিজান পৰিৱেশত শিক্ষা গ্ৰহণ কৰা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে কোনে নাজানে। দৌৰ্ণাচায্যৰ শিক্ষাৰ পৰিৱেশ কেনে আছিল (?) বুলিলে স্বাভাৱিকতে তেনে নিৰিবিলি পৰিৱেশৰ কথাই আমাৰ মনলৈ আহে। নিজান পৰিৱেশ শিক্ষা গ্ৰহণৰ মহৌষধ। নিৰৱ নিস্তব্ধ হ'লে ছাত্ৰ ছাত্ৰীৰ মনত পঢ়োৱাবোৰ সহজে মনত ৰয় । পৰিৱেশ নিজান হ'লে ছাত্ৰ-ছাত্ৰীয়ে ভাবিবলৈ অৱকাশ পাই । তেতিয়া শিক্ষাদান কাৰ্যসূচী ফলপ্ৰসূ আৰু সফলকাম হয়। 

    বিদ্যাৰ্থীৰ সৈতে যে শৈক্ষিক পৰিৱেশ ওতঃপ্ৰোত ভাবে জড়িত তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই। যি পৰিৱেশত থাকি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে, সেই পৰিৱেশৰ সৈতে সামঞ্জস্য থকা শিক্ষাই ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰে। অৰ্থাৎ যদি শৈক্ষিক পৰিৱেশ অতি নিম্ন মানৰ হয়, তেন্তে সেই বিদ্যালয়ৰ শিক্ষাও যে নিম্ন মানৰ হ'ব পাৰে তাক অনুমান কৰিব পাৰি। সেয়েহে শিক্ষানুষ্ঠান এখনৰ পৰিৱেশ সুস্থ আৰু সবল আৰু শক্তিশালী কৰিবলৈ অত্যন্ত চেষ্টা কৰা উচিত। তেতিয়াহে শিক্ষানুষ্ঠান এখনৰ শিক্ষা উন্নত হোৱাৰ পথ প্ৰশস্ত হ'ব। 
    
২/ সমাজ আৰু শিক্ষকৰ ভূমিকা:
   শৈক্ষিক পৰিৱেশ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈছে প্ৰধান শিক্ষক আৰু শিক্ষক- শিক্ষয়ত্ৰী সকল। শিক্ষক-শিক্ষয়ত্ৰী সকলে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি পৰিৱেশ ৰচনাত মুখ্য ভূমিকা পালন কৰিব পাৰে। প্ৰতিটো পিৰিয়দৰ অন্তৰ শূণ্যলৈ পৰিৱৰ্তন কৰিলে শিক্ষাৰ পৰিৱেশ নিশ্চয় সুস্থ সবল হ'ব। অৰ্থাৎ এটা শ্ৰেণীৰ পাঠদান সমাপ্ত হোৱাৰ অন্তত ক্ষণিক বিৰাম নিদি পুনৰ পাঠদান চলাই নিলেহে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা হৈ-হাল্লা, চিঞঁৰ বাখৰ আদি সৃষ্টি নহ'ব। অৰ্থাৎ অবিৰত আৰু অবিৰাম শিক্ষাই হৈছে শৈক্ষিক পৰিৱেশ গঢ়াত উত্তম উপায়।
   সমাজৰ সহযোগ আৰু সমাজক শিক্ষানুষ্ঠানৰ সৈতে জড়িতকৰণ এক এৰাব নোৱাৰা কাম। যি কোনো উপায়েৰে সমাজক শিক্ষানুষ্ঠানৰ সৈতে জড়িত কৰাবলৈ প্ৰচেষ্টা কৰিব লাগে। যি বিদ্যালয়ত সমাজৰ অংশগ্ৰহণ কম, সেই বিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত কিছু কু-প্ৰভাৱ পৰা পৰিলক্ষিত হয়। বৰ্তমান সময়ত সমাজৰ অধিকাংশ লোকে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকৃষ্ট হৈছে। ইয়াৰ প্ৰধান কাৰণ বিদ্যালয়ৰ 'শৈক্ষিক পৰিৱেশ' আৰু আন চৰকাৰী আনুষঙ্গিক নীতি নিয়ম। ব্যক্তিগত বিদ্যালয়ত পঢ়াৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ ধাউতি বঢ়াৰ কাৰণ হৈছে ব্যক্তিগত বিদ্যালয়ত নীতি নিয়মৰ ক্ষেত্ৰত থকা স্বাধীনতা আৰু কঠোৰ অনুশাসনৰ প্ৰয়োভৰতা। কঠোৰ অনুশাসনে ছাত্ৰ ছাত্ৰীক শিক্ষা গ্ৰহণত বাধ্য কৰায়। ইয়াৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত অনুশাসন শূণ্য অৱস্থাই শিক্ষাৰ মানদণ্ডত আঘাত হনা পৰিলক্ষিত হয়। যাৰবাবে প্ৰশিক্ষিত শিক্ষক শিক্ষয়িত্ৰী থকাৰ পাছতো চৰকাৰী বিদ্যালয়ত শিক্ষাৰ মানদণ্ড উন্নত নহয় বুলি বহুতে ক'ব খোজে। অৱশ্যে আন কাৰণ নথকাও নহয়। আন কাৰণ হিচাপে ক'ব পাৰি মেধাৱী আৰু ধনীক শ্ৰেণীৰ ঘৰৰ ল'ৰা ছোৱালী পৰিৱৰ্তে দাল দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী আগমণ বা নামভৰ্তিকৰণ। এতিয়া যেন চৰকাৰী বিদ্যালয়বোৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নহয়, কেৱল দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবেহে , কেতিয়াবা এনে অনুভৱ মনলৈ আহে। বিদ্যালয়ৰ পৰিকাঠামো আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰিব নোৱাৰিলে এদিন হয়তো ছাত্ৰ ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ্যালয়ৰ দুৱাৰত তলা ওলমা সম্ভাৱনাই অধিক। যিটো নামনি অসমত ইতিমধ্যে প্ৰতিফলিত হৈছে। 
   
৩/ বিদ্যাৰ্থীৰ কৰ্তব্য:
STUDENT শব্দৰ প্ৰতিটো আখৰে বহন কৰে এটা নিৰ্দিষ্ট অৰ্থ। প্ৰতিটো আখৰৰ অৰ্থ ফঁহিয়াই চালে এনেধৰণৰ হ'ব পাৰে- S- Study(অধ্যয়ন প্ৰিয়), T- Truthful (সত্যবাদী), U- Unity(একতাৰ মনোভাৱ), D- Discipline(নিয়মানুৱৰ্তীতা/শৃংখলাবদ্ধতা), E- Educative mind (শিক্ষাপ্ৰদ মানসিকতা), N- Neat and clean (পৰিষ্কাৰ-পৰিচ্ছন্ন), T- Trust (বিশ্বাসভাজন) । অৰ্থাৎ প্ৰতিজন ছাত্ৰৰ উল্লেখিত গুণসমূহ থকাটো নিতান্তই প্ৰয়োজন। এজন ছাত্ৰ অধ্যয়ন প্ৰিয়, সত্যবাদী,একতা, নিয়মানুৱৰ্তী , শিক্ষাপ্ৰদ মানসিকতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু শিক্ষকৰ বিশ্বাসভাজন হোৱা প্ৰয়োজন। তেতিয়াহে শিক্ষকৰ প্ৰিয় শিক্ষাৰ্থী হ'ব পৰা যায়। 
    বিদ্যাৰ্থীৰ মূল কৰ্তব্য হৈছে শিক্ষা আহৰণ কৰা। শিক্ষকক তথা গুৰুক শ্ৰদ্ধা জনায় গুৰুৰ পৰা লাগতিয়াল শিক্ষা গ্ৰহণ কৰিবলৈ ছাত্ৰ ছাত্ৰী সদায় ইচ্ছুক হ'ব লাগিব। সদায় অধ্যয়নপুষ্ট মন এটা কঢ়িয়াই ফুৰিবলৈ প্ৰয়াস কৰিব লাগিব। সংস্কৃতত কৈছে - 'ছাত্ৰানাং অধ্যনং তপ:' । অৰ্থাৎ ছাত্ৰৰ অধ্যয়ন হ'ব লাগে মুনিৰ তপস্যা সদৃশ। তপস্যাৰ বলত যিদৰে মুনিয়ে সমস্ত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়, তেনেদৰে ছাত্ৰ ছাত্ৰীয়েও একান্ত ধ্যানত নিমগ্ন হৈ অধ্যয়ন কৰিলেহে নিজ কিতাপৰ জ্ঞানৰ উপৰিও বহি:জগতৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব।
    আজিৰ শিক্ষা জগতত যেন তেনে শিক্ষাৰ্থীৰ বাৰুকৈয়ে অভাৱ ঘটিব ধৰিছে। ধৈৰ্য, মনোযোগ, ধ্যান আদি আজিৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰায় ভাল নোপোৱাৰ দৰে বুলি ক'লেও অত্যুক্তি কৰা নহয়। আকৌ অসমীয়া সমাজত প্ৰবচন আছে যে 'পঢ়ে পঢ়ায় ৰুয়ে পান, ই তিনিও নিচিন্তে আন।' যিজনে পঢ়ে সি আনলৈ মনোযোগ দিলে পঢ়াত ব্যাঘাত জন্মে। একেদৰে আনক পঢ়ুৱাজনে আনফালে মন দিলে পঢ়োৱাত ব্যাঘাত জন্মে। সেইদৰে পান লগাওতা জনে অনবৰতে পানৰ আপদাল বা যত্ন ল'লেহে পানে উৎপাদন সঠিকমতে দিব। গতিকে ছাত্ৰ ছাত্ৰীৰ কৰ্তব্যও তেনেধৰণৰ হোৱা উচিত। তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব।
    
৪/ পৰিৱেশ বিনষ্ট হোৱাৰ কাৰণ :
পৰিৱেশ বিনষ্ট হোৱাৰ মূল কাৰণ সমূহ এনেধৰণৰ হ'ব পাৰে - 
   # শিক্ষাদান প্ৰক্ৰিয়া অবিৰত নহয়।
   # শিক্ষকৰ পাঠদানৰ প্ৰতি অনীহা।
   # ছাত্ৰ ছাত্ৰীয়ে শিক্ষানুষ্ঠানৰ নীতি নিয়ম মানি নচলাৰ বাবে পৰিৱেশ বিনষ্ট হয়।
   # ছাত্ৰ ছাত্ৰীয়ে কৰা চিঞৰ-বাখৰ আৰু কোলাহল পূৰ্ণ পৰিৱেশৰ বাবে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মে।
   # বিদ্যালয়ৰ নীতি নিয়ম শিথিল হোৱাৰ বাবে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত প্ৰভাৱ পৰে।
   # শিক্ষক শিক্ষয়িত্ৰীৰ গড় উপস্থিতিৰ পৰিমাণ সেৰেঙা হ'লে শৈক্ষিক পৰিৱেশত ব্যাঘাত জন্মে।
   # সুনিৰ্দিষ্ট নীতি নিয়মৰ অভাৱে বিদ্যালয়ত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাত অৰিহণা যোগায় ।
   # অভিভাৱকে সন্তানৰ প্ৰতি মনোযোগ নিদিলে ইয়াৰ প্ৰভাৱ বিদ্যালয়ত প্ৰত্যক্ষভাৱে পৰে।
    
৫/ উপসংহাৰ
   এখন শিক্ষানুষ্ঠানত উদ্ভৱ হোৱা সমস্যাসমূহ পুংখানুপুংখ ভাৱে অধ্যয়ন কৰি হ্ৰস্বম্যাদী আৰু দীৰ্ঘ ম্যাদী এই দুটা ভাগত বিভক্ত কৰি সমাধানৰ পথ মুকলি কৰিলে নিশ্চয় উপৰোক্ত সমস্যা সমূ্হৰ পৰা উপশম পোৱা যাব। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
              আৰৈমূৰীয়া গাওঁ।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹



 

Thursday, April 27, 2023

চন্দ্ৰ কুমাৰ আগৰৱালাৰ চমু পৰিচয় আৰু মাধুৰী কবিতাৰ কাব্যিক সৌন্দৰ্যৰ এটি আভাস।

চন্দ্ৰ কুমাৰ আগৰৱালাৰ চমু পৰিচয় আৰু মাধুৰী কবিতাৰ কাব্যিক সৌন্দৰ্যৰ এটি আভাস।🙏

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷

🖊️চন্দ্ৰ কুমাৰ আগৰৱালা হৈছে ৰোমাণ্টিক যুগৰ কবিসকলৰ ভিতৰত অন্যতম জনপ্ৰিয় তথা বাটকটীয়া কবি। ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত চন্দ্ৰ কুমাৰ আগৰৱালাৰ জন্ম হৈছিল। কবি গৰাকীৰ পিতৃ হৰিবিলাস আগৰৱালা । তেওঁ প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰথম প্ৰকাশক হিচাপে পৰিচিত। চন্দ্ৰ কুমাৰ আগৰৱালাই কলিকতাত বি-এ মহলালৈকে শিক্ষা গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ অসমত ছপাখানা আৰু চাহ ব্যৱসায়ত নামি পৰিছিল।

     ৰোমাণ্টিক যুগৰ বিকাশৰ আৰম্ভ ঘটাইছিল 'জোনাকী' কাকতৰ জৰিয়তে। উল্লেখযোগ্য যে ১৮৮৮ চনত জন্ম হোৱা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰ আছিল 'জোনাকী কাকত' । এই কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। কাকতখনৰ প্ৰকাশনত কবি আগৰৱালাই আৰ্থিক সাহায্য আগবঢ়ায়ছিল । চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'বনকুৱৰী' নামৰ কবিতাটো এই কাকতখনতে প্ৰকাশ পাইছিল আৰু এই কবিতাটোৱে অসমীয়া ৰোমাণ্টিক যুগৰ সূচনা কৰিছিল বুলি জনা যায়। 
     চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতা সমূহ বিশেষকৈ জোনাকী আৰু বাঁহী আলোচনীত প্ৰকাশ পাইছিল। ১৯১৩ চনত তেখেতৰ প্ৰথম কবিতা পুথি 'প্ৰতিমা' প্ৰকাশ পাইছিল। ইয়াৰ পিছত ১৯২৩ চনত চন্দ্ৰ কুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথি বীন-ব'ৰাগী
প্ৰকাশ পাইছিল।
      চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতাৰ সংখ্যা তেনেই নগণ্য। হ'লেও তেখেতৰ কবিতা সমূহ ভাৱ গধুৰ আৰু আনক প্ৰভাৱিত কৰিব পৰাকৈ অত্যন্ত শক্তিশালী। সেয়েহে সাহিত্যত তেওঁৰ ৰচনাই আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছে। আগৰৱালাৰ ৰোমাণ্টিক কবিতা সমূহক তিনিটা ভাগত বিভক্ত কৰিব পাৰি, সেয়া হৈছে- ক) প্ৰকৃতি প্ৰীতি, খ) মানৱ প্ৰীতি আৰু গ) অতি প্ৰাকৃতিক সৌন্দৰ্য্যৰ চিত্ৰণ ।
অৰ্থাৎ চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতাত মানৱ প্ৰীতি, সুন্দৰৰ সন্ধান, বৈদান্তিক দৃষ্টি , দুৰ্নীতি আৰু বৈষম্য মুক্ত মনোভাৱ আদি প্ৰকাশ ঘটিছে। প্ৰেমৰ পৃথিৱী গঢ়াৰ আশাই তেওঁৰ কবিতাক উচ্চতাত উপনীত হোৱাত সহায় কৰিছে।
   
    মাধুৰী:
    ‌'মাধুৰী' হ'ল চন্দ্ৰ কুমাৰ আগৰৱালাই ৰচনা কৰা এটা ৰোমাণ্টিক কবিতা। অসমীয়া সাহিত্যত ৰোমাণ্টিক ভাৱাদৰ্শ নমাই অনা চন্দ্ৰ কুমাৰ আগৰৱালাৰ মাধুৰী কবিতাৰ মাজত বিশ্বৰ সৌন্দৰ্য প্ৰকাশ পাইছে। কবিৰ মতে অৰ্দ্ধ প্ৰস্ফুটিত বস্তুৰ মাজতহে প্ৰকৃত সৌন্দৰ্য প্ৰকাশ পায়, যি সৌন্দৰ্যই মানুহক অতি সহজে আকৰ্ষণ কৰিব পাৰে। প্ৰেম আৰু সৌন্দৰ্য প্ৰকাশ ৰোমাণ্টিক কবিতাৰ প্ৰধান বৈশিষ্ট্য। মাধুৰী কবিতাৰ জৰিয়তে কবি গৰাকীয়ে জাগতিক সৌন্দৰ্যৰ বৰ্ণনা সুন্দৰ ভাৱে দাঙি ধৰিছে। আনকি কবিয়ে কবিতাটোত কিছুমান শব্দৰ সহায়ত এধাৰি মুকুতাৰ মালা সদৃশ গাঁথিবলৈ সক্ষম হৈছে। 
    অৰ্দ্ধ বিকশিত অৱস্থাৰ মাজত যি সৌন্দৰ্য প্ৰকাশ পায়, সি পূৰ্ণ বিকশিত অৱস্থাৰ সৌন্দৰ্যতকৈ অধিক আকৰ্ষণীয় হয়।কবিৰ মতে অৰ্দ্ধ বিকশিত সৌন্দৰ্যৰ অনুপম প্ৰকাশ ঘটাইছে এনেদৰে -
    ফুটো নে নুফুটোকৈ
    কুমলীয়া কলিটি,
    ওঁঠত লাজেৰে বৈ
    মিচিকিয়া হাঁহিটি ।
    পূৰ্ণ প্ৰকাশিত সৌন্দৰ্যই মানুহক আকৰ্ষিত কৰিব নোৱাৰে, অৰ্দ্ধ প্ৰস্ফুটিত অৱস্থাত সৌন্দৰ্যই মানুহক অতি সোনকালে আকৰ্ষণ কৰিব পাৰে।তাৰ সুন্দৰতা খিনি অতি উপভোগ্য। কবি আগৰৱালাই আধাফুলা ফুলকলি, লাজকুৰীয়া হাঁহিটোত, আধামেলা প্ৰাণ,আধা আৱৰণে ঢাকি ৰখা গাভৰুৰ বুকুত, সোনকালে অলপ বান্ধি ৰখা খোপাত, কওঁ নকওঁকৈ মাত ফুটা শিশুৰ মাত আদিত কবিয়ে অসীম সৌন্দৰ্যৰ আভা দেখা পাইছে। অস্পষ্ট ৰূপত দূৰৰ পৰা ভাহি মাতত, প্ৰিয়জনৰ ঠেঁহ-পেচৰ মাজত, হঁহা আৰু কন্দাৰ চলচলীয়া চকু যুৰিত অধিক সৌন্দৰ্য আছে বুলি কবিয়ে কৈছে। ঠিক একেদৰে ধেমালিৰ সময়ত উঠা খং, ন-কৈ ওলোৱা মন মোহনীয়া ঠগতি, যাওঁনে নেযাওঁকৈ দিয়া ভৰিৰ খোজ, নৈৰ ওভতনি সোঁত, পানীৰ মিঠৈৰ সদৃশ সাঁথৰ, চাঁও-নেচাওঁকৈ চোৱা চাৱনি আদি অতি সুন্দৰ বুলি কবিয়ে ক'ব খোজে। 
   ইয়াৰ মাজত বিকশিত হৈ আছে অপৰূপ সৌন্দৰ্য্য ৰাশি। এনে মনোমোহা ৰূপৰ সমাবেশেৰে সজাই তুলিছে কবিয়ে তেওঁৰ মানস কণ্যা মাধুৰীক। অৰ্দ্ধ বিকশিত সৌন্দৰ্যৰ মাধুৰী হ'ল কবিৰ কাল্পনিক সৃষ্টি। কাল্পনিক হ'লেও বাস্তৱত মাধুৰীৰ চৰিত্ৰৰ পূৰ্ণ প্ৰকাশিত হৈছে। 
    উপৰোক্ত ব্যাখ্যাৰ পৰা অনুমান কৰিব পাৰি যে চন্দ্ৰ কুমাৰ আগৰৱালাৰ কবিতা কিমান উচ্চ স্তৰৰ। কবিতাৰ ভাৱ ভাষা আৰু দূৰদৰ্শী মনোভাৱ প্ৰকাশ ঘটাৰ বাবে তেখেতৰ কম সংখ্যক কবিতাই মানুহৰ হৃদয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক :  দুদুল সোণোৱাল। শিক্ষক।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹



     

Tuesday, April 18, 2023

ঝুমুৰা বুলিলে কি বুজা? মাধৱদেৱৰ নাটকৰ লক্ষণসমূহ কি কি ?What do you mean by jhumura? What are the characteristics of Madhavadeva's play ?

🙏 ঝুমুৰা বুলিলে কি বুজা? মাধৱদেৱৰ নাটকৰ লক্ষণসমূহ কি কি ?What do you mean by Jhumura? What are the characteristics of Madhavadeva's play ?

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

         মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা নাটসমূহক ঝুমুৰা বুলি কোৱা হয়। ঝুমুৰাক পূৰ্ণ পৰ্যায়ৰ নাটকৰ শাৰীত ধৰা নহয়। সাধাৰণতে ঝুমুৰা সমূহত কোনো এটা বিশেষ পৰিস্থিতি বা মূহুৰ্ততে অংকণ কৰিবলৈ নাট্যকাৰে প্ৰয়াস কৰে। সেয়েহে এনে শ্ৰেণীৰ নাটক সমূহক ঝুমুৰা বা আংশিক নাটক বুলি কোৱা হয়। 


       ঝুমুৰাবোৰত কিছুমান লক্ষণ ফুটি উঠা পৰিলক্ষিত হয়। বিশেষকৈ ঝুমুৰাবোৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। মাধৱদেৱে এনে ঝুমুৰা আঠখন ৰচনা কৰিছিল বুলি জনা যায়। ঝুমুৰাবোৰত এটা লঘু আৰু চমু পৰিস্থিতি থাকে, ঝুমুৰাৰ নায়ক হৈছে শিশু কৃষ্ণ। উল্লেখযোগ্য যে মাধৱদেৱৰ 'ভোজন বেহাৰ' ঝুমুৰাটো উল্লেখিত আটাইবোৰ লক্ষণ ফুটি উঠিছে। ইয়াত শ্ৰীকৃষ্ণসহ বালকবৃন্দই যমুনাৰ বালিত ভোজন কৰি থাকোতে তেওঁলোকৰ গৰু-গাই সকলো হেৰাইছিল। শ্ৰীকৃষ্ণই বিচাৰি নাপালে। ব্ৰহ্মাই শ্ৰীকৃষ্ণক পৰীক্ষা কৰিবৰ কাৰণে সকলো লুকুৱাই ৰাখিছে। পিছত শ্ৰীকৃষ্ণই ধ্যানৰ জৰিয়তে কোনে ক'ত গৰু-গাই লুকুৱাই ৰাখিছে তাক গম পাই। এই পৰিস্থিতিকে ভোজন বেহাৰ'ত অংকণ কৰা হৈছে। 
        দ্বিতীয়তে দেখা যায় যে ঝুমুৰাৰ নায়ক চৰিত্ৰ হৈছে শ্ৰীকৃষ্ণৰ বালক চৰিত্ৰ। ভোজন বেহাৰ'ত বালক শ্ৰীকৃষ্ণকহে বিচাৰি পোৱা যায়।
        তৃতীয় কথা হ'ল ঝুমুৰাবোৰত চৰিত্ৰৰ সংখ্যা তেনেই নগণ্য। ভোজন বেহাৰ'তো দেখা যায় ইয়াৰ চৰিত্ৰৰ সংখ্যা কম। ইয়াত কেৱল শ্ৰীকৃষ্ণ আৰু বালকসকলক দেখা যায়। 
        চতুৰ্থতে, ঝুমুৰাৰ চৰিত্ৰবোৰ সক্ৰিয় আৰু জীৱন্ত। ইয়াত সূত্ৰধাৰৰ প্ৰাধান্য কম থাকে। ভোজন বেহাৰ ঝুমুৰাটো এই লক্ষণ পৰিস্ফুট হৈছে।
        পঞ্চমতে, ঝুমুৰাবোৰত প্ৰস্তাৱনা, মুক্তিমংগল, ভটিমা আদি দেখিবলৈ পোৱা নাযায় । ভোজন বেহাৰ'তো এই লক্ষণসমূহ নাই। 
        ষষ্ঠতে, ঝুমুৰাৰ কথিত ভাষা হৈছে অসমীয়া ভাষা। ভোজন বেহাৰ'তো এই ৰূপ পৰিলক্ষিত হয়।
        মাধৱদেৱৰ যিমান নাটক আছে আটাইবোৰতে উপৰোক্ত লক্ষণসমূহ পৰিস্ফুট হৈছে। সেয়েহে মাধৱদেৱৰ নাটকসমূহ ঝুমুৰা শাৰীত ধৰা হয়। যিহেতু মহাপুৰুষ জনাৰ নাটকসমূহত কেৱল আংশিক পৰিস্থিতি ফুটি উঠিছে। কিন্তু মন কৰিবলগীয়া কথা হ'ল যে মহাপুৰুষ জনাই তেওঁৰ নাটসমূহত কতো ঝুমুৰা বুলি উল্লেখ কৰি যোৱা নাই। বৰঞ্চ তেওঁ এইবিলাকক যাত্ৰা নাট বুলিহে ইঙ্গিত দিছে। মাধৱদেৱৰ সন্দেহমুক্ত মুঠ নাটকৰ সংখ্যা পাঁচ খন । সেইকেইখন হৈছে - অৰ্জুন ভঞ্জন,চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আৰু ভোজন বেহাৰ। আনহাতে আৰু তিনিখন নাটক বা ঝুমুৰা মাধৱদেৱৰ দ্বাৰা ৰচিত বুলি ধৰা হয় যদিও নাটৰ বিষয়বস্তু সন্দেহ মুক্ত নাটককেইখনৰ সৈতে মিল নাই বাবে এই কেইখন নাটকক সন্দেহযুক্ত নাটক হিচাপে বিবেচনা কৰা হয়। সেইকেইখন হৈছে - গোবৰ্ধন যাত্ৰা, নৃসিংহ যাত্ৰা আৰু ৰাম যাত্ৰা।
        মহাপুৰুষ মাধৱদেৱে অসাধাৰণ বুদ্ধিসম্পন্ন মানৱ শিশু হিচাপে কৃষ্ণক অংকণ কৰাৰ লগতে কৃষ্ণৰ অতিমানৱীয় অৰ্থাৎ ঐশ্বৰিক চৰিত্ৰৰ কথা নাটককেইখনৰ জৰিয়তে দৰ্শকক সোঁৱৰাই দিছে।


লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
আৰৈমূৰীয়া গাওঁ।



🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒


ৰহস্যবাদ কি ? ৰহস্যবাদৰ বিভিন্ন লক্ষণসমূহ কি কি ? What is mysticism? What are the various characteristics of mysticism ?

ৰহস্যবাদ কি? ৰহস্যবাদৰ বিভিন্ন লক্ষণসমূহ কি কি ? নলিনীবালা দেৱীৰ কবিতা সমূহত ৰহস্যবাদী ভাৱ প্ৰকট হৈছে নে ? : সংক্ষিপ্ত আলোচনা। What is mysticism? What are the various characteristics of mysticism ? 
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

   কোনো এজন কবিয়ে যি অখণ্ড তথা সুক্ষ্ম দৃষ্টিৰে বিশ্ব সৃষ্টিৰ পৰম সত্যক উপলব্ধি কৰি তেওঁৰ লগত মিলনৰ পৰম আনন্দ লাভ কৰিব পাৰে, সাহিত্যত সেই দৈৱিক অনুভূতি সাধনক চমুকৈ ৰহস্যবাদ বোলা হয়। ৰহস্যবাদক চিন্তা আৰু অনুভূতিৰ এক বিশেষ স্তৰ বুলি কোৱা হয়। যিহেতু এই ৰহস্যবাদৰ জৰিয়তে পৰমেশ্বৰ বা ঈশ্বৰক উপলব্ধি কৰি পৰম গুণবোৰ বিকাশৰ দ্বাৰা নিজে ভগৱানৰ সৈতে বিলীন হ'বলৈ পৰা যায়। সাধাৰণতে জীৱনৰ যিকোনো কঠিন মূহুৰ্তক উপলব্ধি কৰিবলৈ যি কাৰ্যকৰী পথ পোৱা যায় সেয়া হৈছে ৰহস্যবাদৰ পথ। ৰহস্যবাদৰ সহায়ত পৰমজনৰ সৈতে, পৰমাত্মাৰ সৈতে সহজে মিলন হ'ব পাৰি। জাগতিক জীৱনৰ সকলো সীমা অতিক্ৰমি মুক্ত চিন্তা-চিত্তৰে বিশ্বৰূপ দৰ্শন কৰাটোৱেই ৰহস্যবাদী ধ্যান ধাৰণাৰে সংপৃক্ত কবিসকলৰ মুখ্য কামনা।


ৰহস্যবাদৰ বিভিন্ন বৈশিষ্ট্য/লক্ষণসমূহ কি কি ?
১/ সীমাৰ ভিতৰত থাকি অসীমৰ সন্ধান কৰা ৰহস্যবাদৰ মুখ্য বিষয়।
২/ পৃথিৱীৰ অনু পৰমাণুৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো দ্ৰব্যতেই সৰ্বশক্তিমান পৰমশক্তিৰ অৱস্থিতি উপলব্ধি কৰে।
৩/ সংসাৰৰ সুখ ভোগৰ প্ৰতি সদায় নিৰ্লিপ্ত মনোভাৱ পোষণ কৰে। অন্তৰৰ শোক,বেদনা, অনুভূতি আদি সকলো ভগৱানৰ চৰণত অৰ্পণ কৰি ভগৱানৰ লগত বিলীন হ'বলৈ মনস্থ কৰে।
৪/ বস্তু জগত, প্ৰাণী জগত আৰু প্ৰকৃতি জগতৰ পাৰ্থিৱ সকলো বস্তুৰ জৰিয়তে পৰম সত্তাক উপলব্ধি কৰিব বিচাৰে।
৫/ ৰহস্যবাদী সকলে মৃত্যুৰ সীমা অতিক্ৰমি ভগৱানৰ অন্বেষণ কৰে।
৬/ ৰহস্যবাদী সকলে পৃথিৱীত দুখ, আন্ধাৰ থাকিলেও, ইয়াৰ মাধ্যমেৰে পৰম সত্তাক উপলব্ধি কৰিব পাৰে বুলি ভাৱে।

নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী মনোভাৱ:

নলিনীবালা দেৱী হ'ল এগৰাকী ৰহস্যবাদী কবি। তেখেতৰ কবিতা বিলাকত ৰহস্যবাদৰ মনোভাৱ পৰিস্ফুট হোৱা পৰিলক্ষিত হয়। যিহেতু নলিনীবালা দেৱীৰ প্ৰতিটো কবিতা ৰচিত হৈছে তেওঁৰ জীৱনৰ কাৰুণ্য অৱস্থাক লৈ। অকালতে পুত্ৰ আৰু স্বামীক হেৰুৱায় তেওঁ লাভ কৰা কাৰুণ্য সাৰ্বজনীন কাৰুণ্য লৈ ৰূপান্তৰিত ঘটিছে। কবিতা বিলাকত ভাৰতীয় দৰ্শনৰ জন্মান্তৰবাদ,কৰ্মফল, অনন্ত স্পৃহা আদি প্ৰকাশ পাইছে। তদুপৰি নৈসৰ্গিক শোভাৰ মাজত তেওঁ পৰম সত্তাৰ সন্ধান পাইছে। সেয়েহে ক'ব পাৰি নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী মনোভাৱ দৃশ্যমান। সন্ধিয়াৰ সুৰ, পৰশমনি কবিতা পুথিত ৰহস্যবাদী মনোভাৱ সুস্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।

নলিনীবালা দেৱীৰ 'পৰমতৃষ্ণা' শিৰোনামৰ কবিতাত ৰহস্যবাদ প্ৰকাশ পাইছে। তেওঁ ভাৰতীয় দৰ্শনত গভীৰভাৱে বিশ্বাস ৰাখি কৰ্মফল আৰু জন্মান্তৰবাদ কথা পৰমতৃষ্ণাৰ জৰিয়তে প্ৰকাশ কৰিছে। কৰ্মফল অনুসৰি জীৱই পৃথিৱীক উভতনি যাত্ৰাৰ পথত বিভিন্ন ৰূপত পায়। শান্তিৰে কেতিয়াবা জিৰণি লয়, পৰ্বতৰ জুৰিৰ শব্দটো বিননিৰ সুৰ শুনিবলৈ পায়। কবিয়ে পৰমতৃষ্ণাত কৈছে - 
   কতবাৰ জনমিলোঁ তোমাৰ কোলাত
           গইছিলোঁ আকউ উভতি,
   অপূৰণ কৰমৰ ভাৰ বান্ধি লই
          ঘূৰি ঘূৰি আহিছোঁ উভতি।

ৰহস্যবাদী সকলে সংসাৰৰ দুখ যাতনাৰ ভোগ কৰি ভাগ্যবাদী হৈ পৰে। ভাগ্যৰ বলতে মৃত্যুৱে পাৰ্থিৱ দেহৰ অৱসান ঘটাই মৃত্যুক দুখৰ ঘটনা বুলি গণ্য কৰে। মৃত্যুৰ জৰিয়তে জীৱৰ আত্মাক পৰমাত্মাৰ সৈতে মিলি যোৱাত সহায় কৰে। যিহেতু আত্মাৰ বিনাশ নাই। ভাৰতীয় দৰ্শনৰ মতে ই নিত্য আৰু চিৰ মুক্ত। পৰমাত্মাৰ সৈতে মানুহৰ আত্মাৰ মিলনৰ বাবে যি হাবিয়াস যুগে যুগে চলি আহিছে,সেই হাবিয়াস বা ইচ্ছা মৃত্যুৱেহে পূৰণ কৰিব পাৰে। কিদৰে হাবিয়াসৰ বাবে ৰহস্যবাদী সকলে মৃত্যুৰ দুৱাৰডলি অতিক্ৰমি আগুৱাই যায় ভগৱানক অন্বেষণ কৰিব পাৰে তাৰ উজ্বল ভাৱ কবিতাৰ এই পংক্তিটোত প্ৰকাশ পাইছে -
      কোনে বাৰু দিলে তেনে মানুহৰ আতমাত
                 বিশ্বগ্ৰাসী হেঁপাহৰ ক্ষুধা,
     যদি তেওঁ পোৱা নাই আতমাৰ চিৰশান্তি
                 পৰশমনিৰ প্ৰেম- সুধা?
     কোনেনো সদায় মাতে আকুল উতলা মাতে
                কোন দূৰ সুদূৰৰ পৰা, 
     যদি তেওঁ থোৱা নাই বিয়াকুল জীৱনৰ
                শান্তিময় সুখৰ নিজৰা ?

পৰমতৃষ্ণা কবিতাটোত নলিনীবালা দেৱীৰ ৰহস্যবাদী মনোভাৱৰ প্ৰকৃত ৰূপ প্ৰকাশ পাইছে। যদিও মানুহৰ সুখ আশা সৌন্দৰ্য তৃষ্ণা সদৃশ, ই কিন্তু এই পৃথিৱীত ক্ষন্তেকীয়া। কবিতাটোত কবিয়ে কৈছে -

         মানুহৰ দুচকুৰ অসীম সৌন্দৰ্য তৃষ্ণা
                   সুখ-আশা, হেঁপাহ বুকুৰ;
        নহয় ই মৰতৰ ক্ষন্তেকীয়া জীৱনৰ
                  সুখ-আশা পৰম পদৰ
                  ৰূপ-তৃষ্ণা চিৰসুন্দৰৰ।

   ভাৰতীয় দৰ্শনৰ জন্মান্তৰবাদ আৰু কৰ্মফলৰ ওপৰত একান্ত ভাৱে মানি লৈ কবিয়ে বিশ্বাস কৰিছিল যে আত্মা অমৰ আৰু অবিনাশী। এই সংসাৰখন এটা নাটঘৰ আৰু প্ৰতিজন মানুহেই এই সংসাৰৰ একোজন পাকৈত ভাৱৰীয়া মাথোন। জীৱনৰ সফলতা বিফলতা , হাঁহি-কান্দোন, সমস্যা-সংঘাত আদি বুকুত অসীম ধৈৰ্যৰে সাবতি মানুহে নিজ নিজ ভূমিকা পালন কৰিবলগীয়া হয়।
নলিনীবালা দেৱীও ইয়াৰ মাজতে ভগৱানক অন্বেষণ কৰিছে। এইদৰে নলিনীবালা দেৱীৰ কবিতাত ৰহস্যবাদী মনোভাৱৰ প্ৰকট হৈ উঠিছে। 



লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
  লেখক : দুদুল সোণোৱাল।






🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄🌄

     





Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts