নেলছন মেণ্ডেলা আৰু নৈতিকতা। Nelson Mandela and his ethics.
📌নেলছন মেণ্ডেলাৰ সংক্ষিপ্ত পৰিচয়:
দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত নেলছন মেণ্ডেলা ১৯১৮ চনৰ ১৮ জুলাইত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল হেনৰি গিডলা যাক এজন ৰাজনীতিজ্ঞ হিচাপে জনা যায়। তেওঁ ট্ৰানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। নেলছন মেণ্ডেলাৰ পুত্ৰ আছিল ছয়জন।
নেলছন মেণ্ডেলাই প্ৰাথমিক শিক্ষা মিছনেৰী বিদ্যালয় এখনৰ পৰা লাভ কৰিছিল। ওৱাল্টাৰ চিচুলুক নামৰ এজন বন্ধুৰ সহায়ত নেলছনে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উইট ওৱাটাৰ ষ্টেণ্ড বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰি সুখ্যাতিৰে আইনৰ ডিগ্ৰী ল'বলৈ সক্ষম হৈছিল।
আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছন মেণ্ডেলাই যোগদান কৰিছিল। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰিছিল নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক নামৰ বন্ধুজনক।
প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে, জনসাধাৰণক কৰা শোষণৰ বিৰুদ্ধে আফ্ৰিকাত তেওঁ আৰম্ভ কৰিলে আন্দোলন । এই আন্দোলনক আফ্ৰিকাৰ জনসাধাৰণে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সেয়ে হাট-বজাৰ , বিদ্যালয়, মহাবিদ্যালয়,হোটেল আদি বন্ধ কৰি ৰাইজ এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত মেণ্ডেলা, চিচুলু আৰু টেম্বোক সেনা বাহিনীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিলে। তেওঁলোকক কাৰাগাৰত ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হৈছিল আৰু এই আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণৰ পূৰ্ণ সমৰ্থন লাভ কৰিছিল। দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আত্মত্যাগ কৰা এই জন মহান নেতাক সেয়ে সকলো শ্ৰেণীৰ মানুহে এতিয়াও সন্মান কৰে। আনকি দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰাৰ বাবেই নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।
নেলছন মেণ্ডেলাই শান্তিৰ বাবে ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। উল্লেখ্য যে মেণ্ডেলাই তেওঁৰ জীৱনত মুঠ ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইজন মহান নেতাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৯৫ বছৰ বয়সত ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত (Johannesburg, Gauteng, South Africa)।
ভাষণৰ ভাষা সহজ-সৰল হোৱা উচিত ! How to give a speech ?
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
১/ ভাষণ কেনেকৈ দিয়া হয় ?
ভাষণ কেনেকৈ দিয়া হয় বুলিলে চিধাই ক'ব পাৰি যে বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়েই ভাষণ এটা দিয়া হয়। ভাষণ এটা সাব্যস্ত কৰিবলৈ যাওঁতে আপুনি মনত ৰাখিব লগীয়া মূল কথা হ'ল বিষয়বস্তু চিনাক্তকৰণ আৰু ইয়াৰ সম্পৰ্কে কিছু পূৰ্বজ্ঞান আহৰণ।
বিষয়বস্তুটোৰ সম্পৰ্কে কবলৈ যাওঁতে ইয়াক কিছুমান অৰ্হতাত বিভক্ত কৰি ল'লে সুবিধা হয়। প্ৰতিটো অৰ্হতাৰ ওপৰত ভিত্তি কৰিয়েই ভাষণ দীঘলীয়া কৰি নিব পাৰি। উদাহৰণ স্বৰূপে যদি আপুনি 'পৰিৱেশ'ৰ ওপৰত ভাষণ এটা দিবলৈ বিচাৰিছে তেন্তে প্ৰথমে আপোনাক প্ৰয়োজন হ'ব পৰিৱেশ কাক বোলে জনাটো। তাৰপাছত ক্ৰমে পৰিৱেশৰ ভাগ, ইয়াৰ পৰা লাভাম্বিত হ'ব পৰা দিশসমূহ, ইয়াৰ অসুবিধা সমূহ, পৰিৱেশৰ উন্নতকৰণত ল'ব লগা যতন.. আদি দিশবোৰ। অৰ্হতাৰ ওপৰত আপোনাৰ জ্ঞান কিমান আছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ ভাষণৰ ফলাফল।
ভাষণৰ ভাগসমূহ -
১/ ক) সভাৰ সভাপতি মহোদয়ক সম্বোধন
খ) উপস্থিত বিশিষ্ট অতিথি সকলক সম্বোধন
গ) উপৱিষ্ট ৰাইজক সম্বোধন
২/ সভাত উপস্থিত সকলো লোককে সম্ভাষণ জনাই আৰম্ভণি ঘটাব লাগে।
ৰাধাকৃষ্ণণে লিখা কেইখনমান গ্ৰন্থ হৈছে -১/ The philosophy of Rabindranath Tagore, ২) Indian Philosophy , ৩/ The Hindu View of Life , ৪/ An Idealist View of Life , ৫/ Eastern Religions and Western Thought আদি।
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ লগতে বিশ্বৰ এগৰাকী মহান শিক্ষাবিদ, দাৰ্শনিক তথা সন্মানীয় শিক্ষাগুৰু আছিল। ভাৰতৰত্ন ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাতো সাৰ্থক কাৰ্য বুলি গণ্য কৰিব পাৰি।
সেয়ে আজিৰ দিনটো শিক্ষাগুৰু সকলৰ কাৰণে এটা বিশেষ দিন হিচাপে বিবেচিত। শিক্ষক সমাজৰ
২০১৬ চনত বিশ্বব্যাপী পাম তেলৰ উৎপাদন আছিল আনুমানিক ৬২.৬ মিলিয়ন টন , ইয়াৰ বিপৰীতে ২০১৫ চনত কেৱল ৫৯.৯ মিলিয়ন টন উৎপাদন হৈছিল বুলি জনা যায়। যাৰ পৰিমাণ ২০১৫ চনতকৈ ২.৭ মিলিয়ন টন বেছি। আকৌ ২০১৬ চনত উৎপাদিত তেলৰ মূল্য আছিল আনুমানিক ৩৯.৩ বিলিয়ন ডলাৰ। ইয়াৰ পৰা বুজিব পাৰি যে সাম্প্ৰতিক সময়ত পাম তেলৰ চাহিদা কিমান বৃদ্ধি হ'ব ধৰিছে।
বহু দেশে পাম খেতি কৰিবলৈ এৰিছে বুলি কোৱা কথাষাৰ এশ শতাংশ অৰ্থাৎ সম্পূৰ্ণ সত্য নহয়। কাৰণ বৰ্তমানৰ সময়ত বিভিন্ন দেশে কৰি থকা পাম খেতিৰ সম্পৰ্কে অধ্যয়ন কৰিলে এই কথা গম পোৱা যায়। নতুনকৈ বহু দেশে পাম খেতি কৰিবলৈ সাজু হোৱা কথাহে গম পোৱা যায়। শ্ৰীলংকাই পাম তেলৰ খেতি আংশিক ভাৱে বন্ধ কৰিব বাধ্য হ'ল কাৰণ দেশখনৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। জনসাধাৰণৰ মতে পাম তেল খেতিয়ে শ্ৰীলংকাৰ জলবায়ু প্ৰদূষিত কৰিছে আৰু সাগৰৰ পানী ব্যাপক হাৰত শুকাই যোৱাৰ আশংকা আছে।
কিন্তু এমিৰিটাছ অধ্যাপক আছোকা নুগাৱেলাই (চিইএ বিশেষজ্ঞ পেনেলৰ পৰামৰ্শদাতা) বিশেষজ্ঞ মংগাবেক কৈছিল যে "যদি আপুনি তেলৰ পাম খেতি-বাগান পৰিদৰ্শন কৰে, তেন্তে আপুনি জীৱনেৰে পৰিপূৰ্ণ স্বাস্থ্যকৰভাৱে প্ৰবাহিত সোঁতবোৰহে দেখিবলৈ পাব ।"
আকৌ প্ৰতিবাদকাৰীসকলৰ যুক্তি খণ্ডন কৰি নুগাৱেলাই কৈছিল , "শ্ৰীলংকাৰ প্ৰথম তেল পাম খেতি নাকিয়াডেনিয়া ইষ্টেটত ৫০ বছৰৰো অধিক সময় ধৰি চলি আছে, অথচ অঞ্চলটোত পানীৰ সমস্যাৰ কোনো লক্ষণ নাই । 2018 চনৰ এক অধ্যয়নত নাকিয়াডেনিয়াৰ এটা সোঁতত মিঠা পানীৰ মাছৰ এটা নতুন প্ৰজাতিৰ বৰ্ণনা এতিয়াও পোৱা গৈছে ; নুগাৱেলাই কৈছিল যে এইটোৱে প্ৰমাণ কৰে যে তৰ্ক কৰি পানী শুকাই যোৱা বুলি কোৱা কথাবোৰ ভিত্তিহীন। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন হৈছে পানীৰ উপলব্ধতা প্ৰভাৱিত কৰা এক অধিক সম্ভাৱনাপূৰ্ণ কাৰক, বৰষুণৰ প্ৰকাৰ অধিক অনিয়মীয়া হৈ পৰিছে। তেওঁ এইটোও কৈছিল যে মাটি খহনীয়াৰ বিষয়টো এটা ব্যৱস্থাপনা সমস্যা যাৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।"
অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে পাম তেলৰ খেতিৰ বাবে পানী শুকাই যোৱা কথাটো সম্পূৰ্ণ ভাৱে সত্য নহয়। ৫০ বছৰো অধিক কৰা খেতিৰ পাছতো যদি পানী শোষণৰ কোনো প্ৰমাণিক তথ্য নাথাকে তেন্তে আমি কি ভাবিম ?
কিন্তু আমি নিশ্চিত ভাৱে ক'ব পাৰোঁ যে পাম তেলৰ খেতিৰ ফলত পেলনীয়া তেলৰ সামগ্ৰী আৰু পাম গছৰ শুকান পাতবোৰ চাফা কৰাৰ নামত যদি জ্বলাই দিয়া হয় তেন্তে ইয়াৰ পৰা নিৰ্গত হ'ব বহু পৰিমাণৰ কাৰ্বন মন-অক্সাইড গেছ যাৰ ফলত জলবায়ু প্ৰদূষিত হোৱাৰ ৯৯% সম্ভাৱনা আছে।
ইন্দোনেছিয়াত আজি ২৫ - ৩০ বছৰ পৰ্য্যন্ত পাম তেলৰ খেতি কৰি আহিছে। তাকো সম্পূৰ্ণ পাহাৰৰ ওপৰত। য'ত পানীৰ পৰিমাণ কম। অথচ সেই পাহাৰতে সুন্দৰ সৰু বৰ, চৰকাৰী নতুবা ব্যক্তিগত পাম তেলৰ বাগান আজিও অক্ষুণ্ণ আছে। ইয়াৰ কাৰণ কি ? নিশ্চয় অত্যধিক পৰিমাণে পানী শুকাই যোৱা বুলি কৰা আশংকা মিছা প্ৰচাৰ। অৱশ্যে খেতিৰ অঞ্চল পাহাৰীয়া অঞ্চল হোৱা বাবে তাৰ পৰা পেলনীয়া বা বৰ্জিত সামগ্ৰী সমভূমি অঞ্চলৈ বৈ যোৱাত অধিক হাৰত প্ৰদূষণ হ'ব ধৰিছে। ইন্দোনেছিয়াৰ এটা ৱেবছাইটত পোৱা মতে পাম গছৰ তেলৰ পৰা লাভ হয় যিমান, পৰিৱেশ বিনষ্ট কৰে সিমান। ইণ্ডোনেছিয়াত পাম তেলৰ খেতিৰ বহনক্ষম আৰু স্থায়িত্বৰ বাবে ইণ্ডোনেছিয়া বহনক্ষম পাম তেল প্ৰণালী (আই.এছ.পি.ও.) প্ৰৱৰ্তন কৰা হৈছিল। সকলো উৎপাদকৰ বাবে প্ৰযোজ্য হোৱা পৰিৱেশ, শ্ৰমিক আৰু স্থানীয় জনসংখ্যাৰ সন্মান সম্পৰ্কীয় নিয়মবোৰৰ মানদণ্ড আৰু সন্মান নিশ্চিত কৰাৰ বাবে ই এক বাধ্যতামূলক প্ৰমাণপত্ৰৰ আঁচনি হিচাপে বিবেচিত। অৰ্থাৎ পাম তেলৰ খেতি কৰিবলৈ হ'লে বহনক্ষম ক্ষমতা অক্ষুণ্ণ ৰাখিব পৰা ব্যৱস্থাও খেতি কৰা কম্পেনীয়ে কৰিব লাগিব।
শ্ৰীলংকাৰ এজন বিশেষজ্ঞৰ মতে 'পানী শুকাই যোৱাৰ সম্ভাৱনা আছে' বুলিহে ক'ব খোজে বিজ্ঞানী সকলে। পাম তেলৰ খেতিৰ সম্পৰ্কে অসমৰ বিজ্ঞ সমাজ আজিও নিমাত কিয় ?
সময়েহে ক'ব কৰ পানী কলৈ যায়। মুঠৰ ওপৰত বিষয়টো বৰ স্পৰ্শকাতৰ যেন অনুভৱ হ'লেও পাম তেলৰ খেতি যে নিশ্চিত সেয়া নকলেও হয়।
এচামে বুজি উঠিলে যে অসমৰ মানুহবোৰ আবেগিক। সময় চেৰেক অতিক্ৰম কৰা মাত্ৰকে মূল ঘটনাৰ সম্পৰ্কে পাহৰি যায়। হঠাৎ দপদপাই জ্বলি উঠা জুই, নিমিষতে নিৰ্বাপিত হয়। সেই সুবিধা গ্ৰহণ কৰিছে পুঁজিপতি শ্ৰেণীয়ে । আনহাতে প্ৰয়োজনীয়তা পূৰাবলৈ বিকল্প চিন্তা কৰাত বাদে গত্যন্তৰ নাই।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
Source : Wikipedia, Article Name -
1. Oil palm production in Indonesia 2. Oil palm plantation Indonesia
By Harryboyels of Indonesia.
Source: Wikipedia, Article Name -
3. Mire , By Baylorfk of Indonesia.
Source : Aajtak Bangla, Article Name -
4. Palm Oil Disadvantages
Source : Bangla Wikipedia , Article Name - 5. পাম তেল উদ্ভিজ্জ্য তেল
By Kanik Bot of Bangladesh.
Source: MONGABAY, Article Name -
6. Sri Lanka to ban palm oil. imports ,raze plantations over. environmental concerns.
মুখ্য মন্ত্ৰীৰ বক্তৃব্যৰ জৰিয়তে জনা গৈছে অসমৰ বিভিন্ন ঠাইত পাম খেতি কৰিব পুঁজিপতিয়ে। অৰ্থাৎ পাম খেতিৰ বাবে টকা বিনিয়োগ কৰিব। সৌসিদিনা শদিয়াৰ ব্ৰহ্মপুত্ৰৰ ড° ভূপেন হাজৰিকা হেতুৰ সমীপত অনুষ্ঠিত এখন বিৰাট জনসভাত সেই সংক্ৰান্ততে আহি বাবা ৰামদেৱে পাম গছ ৰোপণৰ শুভাৰম্ভ কৰে। এয়া নিশ্চয় আমাৰ বাবে তথা খাটি খোৱা লোকসকলৰ বাবে ভাল খবৰ। অতদিনে হাবি জংঘলেৰে পৰিপূৰ্ণ ঠাইডোখৰ চেলেতীয়া লোক সকলক অসম গণ পৰিষদে ১৯৯৪ চনতে আনি বহুৱালেহি। অথচ সেই খিনি মাটি চাফা কৰি অধিগ্ৰহণ কৰিবলৈ আমাৰ অসমীয়া তথা জনজাতিৰ লোকসকল টোপনিত মগ্ন আছিল। যি কি নহওঁক চৰকাৰৰ তৎপৰতাত শদিয়া সংযোগী দলং হ'ল আৰু তাৰ সমান্তৰালকৈ সেই উপকণ্ঠ অঞ্চলৰ হাবিৰে পৰিপূৰ্ণ ঠাইখন পৰিষ্কাৰ হ'ব ধৰিলে। ইয়াৰে কিছুমান মাটি স্থানীয় বঙালী, নেপালী, চেলেটীয়া, আহোম, কছাৰী লোকসকলৰ কিছুমানে চাফা কৰি অধিগ্ৰহণ কৰিলে। দলংৰ তলত প্ৰায় ১০০ বিঘামান মাটিত চৰকাৰে ভূপেন হাজৰিকাৰ স্মৃতিত মিউজিয়াম অথবা ভূপেন হাজৰিকাৰ অৱদান জীয়াই ৰখাৰ মানসেৰে সংগ্ৰাহলয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল তৎকালীন সময়ৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে। গতিকে সেই সিদ্ধান্ত কাৰ্যকৰী কৰিব লাগে কিন্তু তাৰ ঠাইত গুৰুত্ব পালে পাম খেতিয়ে।
পাম খেতি আৰু ইয়াৰ ফলাফল:
পাম গছৰ খেতি হ'ল খেজুৰ অৰ্থাৎ পাম গছৰ তৈলজাত সামগ্ৰী উৎপাদনৰ খেতি। খেজুৰ এবিধ তৈলজাত উদ্ভিদ। অৱশ্যে কেইবাটাও জাত আছে।বিভিন্ন তৈল জাতীয় দ্ৰব্য উৎপাদনৰ বাবে এই খেতি ভাৰতৰ বিশেষকৈ সাগৰীয় দাঁতি-কাষৰীয়া অঞ্চলত কৰা দেখা যায়। পাম গছে তেল উৎপাদন দিয়াৰ লগতে ঠাইখণ্ডৰ শোভাৱৰ্দ্ধনতো অৰিহণা যোগায়। অৱশ্যে এই খেতিৰ কিছুমান অপকাৰী দিশো নথকা নহয়।
উল্লেখ্য যে এজোপা পৈনত তৈল উদ্ভিদ খেজুৰে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূগৰ্ভস্থ পানী শোষণ কৰে। তদুপৰি জনা মতে আন উদ্ভিদৰ দৰে ই কাৰ্বন ডাই অক্সাইড গেছ শোষণ নকৰি এৰিহে দিয়ে। অৰ্থাৎ পৰিৱেশত কাৰ্বন ডাই অক্সাইড গেছ বৃদ্ধি কৰাত সহায় কৰে। বিভিন্ন দেশৰ পৰিৱেশবিদ সকলে এনে মন্তব্য আগবঢ়ায়ছে বুলি চচিয়েল মিডিয়াতো ব্যাপকভাৱে প্ৰচাৰ অব্যাহত আছে। কিমান দূৰ সত্য আমি নজনাকৈয়ে মানি লম নে ? বহু জনৰ মতে অসমখন হ'বগৈ মৰুভূমি ! কিন্তু কেনেকৈ হ'ব ? প্ৰশ্নবোৰৰ আমি যথাযথ উত্তৰ বিচৰাও উচিত। যিবোৰ দেশত পাম খেতি কৰা হয় সেইবিলাক দেশ মৰুভূমিলৈ পৰিণত হৈছে নে? কথাবোৰ আমি ভালদৰে ভবা নাই নেকি ? পাম খেতিক লৈ এনে কিছুমান মনেসজা কাহিনী সৃষ্টি কৰা হৈছে যাতে পাম খেতি বন্ধ কৰিব পৰা যায়। বন্ধ হ'লে বা কৰিলে মোৰ ব্যক্তিগত ভাৱে একো লাভ বা লোকচান নহয়। সামগ্ৰিক ভাৱে চিন্তা কৰিলে নিশ্চয় লাভ লোকচানৰ সম্পৰ্কে অনুধাৱন কৰিব পৰা যাব। অৰ্থাৎ অসম কেনেকৈ লাভৱান হব আৰু এই খেতিৰ জৰিয়তে কিভাৱে উপকৃত হ'ব ?
পাম গছ বা খেজুৰ গছ। ইয়াৰ ইংৰাজী নাম Date Palm 🌴. উল্লেখ্য যে পাম গছ মানুহৰ বাবে বহু উপকাৰী উদ্ভিদ হিচাপে বিবেচিত। খেজুৰ গছৰ গুটিক খেজুৰ নামেৰে জনা যায়। খেজুৰ গছ প্ৰায় ২৫ মিটাৰ পৰ্যন্ত উখ হোৱা পৰিলক্ষিত হয়। গছৰ আগত থকা পাতৰ গুৰিত নাৰিকলৰ সদৃশ খেজুৰ ফল ধৰে ।
খেজুৰ এবিধ অতি জনপ্ৰিয় আৰু উপকাৰী ফল। ইয়াৰ কিছু ঔষধি সম্পন্ন গুণো আছে। আমাৰ শৰীৰৰ বাবে এই ফল অতি লাগতিয়াল। তদুপৰি বিভিন্ন তৈলজাত সামগ্ৰী ইয়াৰ পৰা উৎপাদন কৰা হয়। ইৰাক, ইজিপ্তত দীৰ্ঘদিন ধৰি খেজুৰ খেতি কৰি আহিছে। শতকৰা ৬০ ভাগ খেতি আৰৱ দেশ সমূহত কৰা দেখা যায়। তদুপৰি ভাৰতৰ গৰম দেশ সমূহত এই খেতি কৰি আহিছে। বিশেষকৈ সাগৰীয় উপকণ্ঠ অঞ্চলসমূহ খেজুৰ খেতিৰ বাবে উপযোগী। উল্লেখ্য যে মৰুভূমিতো পাম খেতি ভাল হয়। মালয়েছিয়া , ইন্দোনেছিয়া আদি দেশে এই খেতি কৰে।
উপকাৰী দিশ:
তৈল খেজুৰৰ জৰিয়তে ফাৰ্ষ্টফুড তৈয়াৰী কৰা হয়। ই বহুতো ৰাসায়নিক উপাদানেৰে গঠিত এবিধ উদ্ভিদ। পাম গছৰ পৰা উৎপাদিত তেল এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তদুপৰি ভিটামিন A নিহিত থকাৰ বাবে ই দৃষ্টি শক্তি বৃদ্ধিকাৰক। হাড় শক্তিশালী কৰাত সহায় কৰে। আমাৰ চুলি, ত্বক আৰু নখৰ অৱস্থা উন্নতি ঘটায়। আনকি ইয়াক বিভিন্ন ঔষধ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। মহিলাৰ ডিম্বাশয়, জৰায়ু বা স্তনৰ ৰোগৰ উপশমৰ ক্ষেত্ৰত ই ফলদায়ক ঔষধ।
+ কাৰ্বণ ডাই অক্সাইড গেছ বা গ্ৰীণহাউচ গেছ নিৰ্গমন কৰে।
+ সহজে মাটিৰ অৱক্ষয় ঘটায়।
+ বন বা অৰণ্য ধ্বংসৰ ক্ষেত্ৰতো প্ৰভাৱ বিস্তাৰ কৰে
+ বন্যপ্ৰাণীৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে।
+ তৈল পাম গছে মাটিৰ উৰ্বৰতা শক্তি খুব কম সময়তে হ্ৰাস কৰে। কাৰণ এই উদ্ভিদক বহু পৰিমাণে পুষ্টিৰ প্ৰয়োজন হয়। গতিকে মাটিৰ গুণাগুণত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।
+ জৈৱ বৈচিত্ৰ্যৰ ওপৰত আঘাত হানাৰ সম্ভাৱনা প্ৰকট হয়।
অৰ্থাৎ ব্যক্তি এজনে ড্ৰাগছ সেৱন কৰা মাত্ৰকে মগজুত উত্তেজনা বৃদ্ধি পায়। এই উত্তেজনা বৃদ্ধিৰ পিছত পুনৰ ড্ৰাগছ সেৱন কৰিবলৈ মন যায়। ফলত ইয়াৰ ধাৰাবাহিকতা বৃদ্ধি পায়।
কিছুদিন ড্ৰাগছ সেৱন কৰা পিছত লাহে লাহে মগজুৰ বিকল হৈ আহে। মগজুৱে সঠিক মতে কাম নকৰা হ'ব ধৰে। কথাবোৰ পাহৰি যায়। নতুন কথা চিন্তা কৰিবলৈ অসক্ষম হৈ পৰে।
আকৌ মাহ বছৰ চেৰেক অতিক্ৰম কৰা পিছত মানসিক ভাৰসাম্য হেৰুৱাই পেলায়। মগজুৱে একেবাৰে কাম নকৰা অৱস্থাৰ সৃষ্টি হয়। এই পৰ্যায়ত সঠিক মতে ডাক্তৰৰ পৰামৰ্শ নললে মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
তদুপৰি বেজিৰে ড্ৰাগ্ছ লোৱাৰ বাবে এইড্ৰ লগতে বিভিন্ন ৰোগৰ বীজাণু দেহত সংক্রমণ ঘটে। বিশেষকৈ দুৰ্বলতা, পেটৰ বিষ, ক্ষয় ৰোগ, হেপাটাইটিছ, শৰীৰৰ কঁপনি, অস্বাভাৱিক ৰক্তচাপ, যকৃতৰ বিভিন্ন ৰোগ, দৃষ্টিহীনতা, নিদ্রাহীনতা, আভোক আদি বিভিন্ন ৰোগৰ কাৰকে দেহত ঠাই লয়। আনকি কেন্সাৰ ৰোগৰ কাৰকেও কেতিয়াবা ড্ৰাগ্ছ সেৱনকাৰীৰ দেহত দেখা দিব পাৰে। গতিকে ড্ৰাগছ এবিধ অতি মাৰাত্মক নিচাজাতীয় দ্ৰব্য।
২/ ইয়াৰ ভয়াৱহতা কেনেধৰণৰ?
সাম্প্ৰতিক সময়ত নিচাজাতীয় ড্ৰাগছ অতি ভয়াৱহ সামাজিক ব্যাধি ৰূপে পৰিগণিত হৈছে। সমগ্ৰ বিশ্বজুৰি ড্ৰাগছৰ ভয়াৱহতাই চানি ধৰিছে। এছিয়া মহাদেশৰ পাকিস্তান , চীন,ভাৰত আদি বিভিন্ন দেশবোৰৰ নাগৰিক সকল ড্ৰাগছৰ আসক্তিত নিমজ্জিত হ'ব ধৰিছে। বিশেষকৈ দেশৰ যুৱচাম ড্ৰাগছৰ কৱলত সহজে পৰা পৰিলক্ষিত হয়। এই বৰবিহ ড্ৰাগছ ভাৰতৰ বিভিন্ন ঠাইত ইতিমধ্যে বিয়পি পৰিছে। ভাৰতবৰ্ষলৈ অবৈধভাৱে পাকিস্তান, বার্মা, থাইলেণ্ড, আফগানিস্তান, হংকং আৰু বহুতো লেটিন আমেৰিকান দেশৰ পৰা চোৰাং সৰবৰাহ ঘটে বুলি জনা যায়। অসমতো এই সৰবাহে প্ৰৱলভাৱে আঘাত কৰিব ধৰিছে। অসমৰ চুকে কোণে এতিয়া ড্ৰাগছৰ ভয়াৱহতাই ছানি ধৰিছে। গাওঁ চহৰ সকলোতে ড্ৰাগছৰ কেৱল ড্ৰাগছৰ বাবেই বহু ঘটনা ঘটিব লাগিছে। বাতৰি কাকত, দূৰদৰ্শন, বিভিন্ন সামাজিক মাধ্যমত অহৰহ কেৱল ড্ৰাগছৰ ভয়াৱহতাৰ বাতৰিয়ে পোৱা যায়। কোনোবাই খাইছে আন কোনোবাই ব্যৱসায়ত নামিছে। লাখ টকা, কোটি টকাৰ ড্ৰাগছ পুলিচে জব্দ কৰি জ্বলাই দিছে। ড্ৰাগছ ব্যৱসায়ীক পুলিছে থানাত নিক্ষেপ কৰিছে। অথচ ড্ৰাগছ ব্যৱসায়ী সকলে অত্যধিক টকাৰ লোভত ৰমৰমীয়া ব্যৱসায় চলায়ে আছে। যাৰ ফলত সৃষ্টি হৈছে সমাজত অশান্তি । ড্ৰাগছ সেৱনৰ ফলত অকালতে হেৰুৱাব লগীয়া হৈছে বহু সম্ভাৱনাময় জীৱন পৰ্যন্ত । সৌসিদিনা নগাঁওত ঘটি যোৱা জোনমণি ৰাভাৰ হত্যাকাণ্ডও ড্ৰাগছৰে সম্পৰ্কিত এটা অপেন ছিক্ৰেট হত্যাকাণ্ড ।
দেখা যায় যে ড্ৰাগ্ছ ব্যৱসায়ীৰ প্ৰৰোচনাত পৰি সাধাৰণতে অধিক টকা থকা পিতৃ-মাতৃৰ সন্তানসকলেই প্ৰথমে ড্রাগ্ছ সেৱন আৰু ড্ৰাগছ ব্যৱসায়ৰ ক্ষেত্ৰত আগভাগ লৈছে, লগতে কিছুমান নিৰপৰাধী তথা দৰিদ্ৰ যুৱচামক লোভ দেখুৱাই ড্ৰাগ্ছ সেৱন আৰু বিক্ৰীৰ বাবে বাধ্য কৰাইছে। ড্ৰাগছ সেৱনৰ ফলাফল অতি ভয়ানক। এবাৰ সেৱন কৰা লোকে পুনৰ সহজে এৰা সম্ভৱ নহয়। এবাৰ ড্ৰাগছ সেৱন কৰা ব্যক্তিৰ লাহে লাহে আসক্তি বাঢ়ি যায় আৰু নোখোৱাকৈ থাকিব নোৱাৰা হয়। ব্যক্তিজনৰ হাতত টকা নাথাকিলে ঘৰৰ পিতৃ-মাতৃ, ভাই-ককাই, বাই-ভনী কাকো নিচিনা হয়। দাবী হুমকি দি টকা নিবলৈ কুণ্ঠাবোধ নকৰে। ফলত ঘৰখনত অশান্তিৰ সৃষ্টি হয়। আৰু এই অশান্তি ক্ৰমান্বয়ে বিয়পি পৰে সমাজৰ মাজলৈ।