Sunday, October 8, 2023

নোবে'ল বঁটা প্ৰাপক নাৰ্গেছ মহম্মদীৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত। A brief look at Nobel Laureate Narges Mohammadi।

নোবে'ল বঁটা প্ৰাপক নাৰ্গেছ মহম্মদীৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।A brief look at Nobel Laureate Narges Mohammadi.

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
    🚀 নাৰ্গেছ মহম্মদী হ'ল ইৰাণৰ মহিলা অধিকাৰৰ বাবে অক্লান্ত ভাৱে যুঁজ দিয়া এগৰাকী সাহসী ইৰাণী মহিলা। তাই জন্ম হৈছিল ১৯৭২ চনৰ ২১ এপ্ৰিলত ইৰাণৰ জাঞ্জন চহৰত। কৰভেজ, কাৰাজ আৰু ওছনাভিয়েহত বাস কৰি মাক-দেউতাকৰ ছত্ৰছায়াত তাই ডাঙৰ দীঘল হৈছিল।
    🖊️জন্ম : ২১ এপ্ৰিল ১৯৭২ চন। 
    জন্মস্থান: জাঞ্জন , ইৰাণ ।
    বিবাহ    : টাঘী ৰহমানী,১৯৯৯ চন।
    সন্তান    : দুটা যমজ সন্তান ।
    গ্ৰন্থ        : White Torture: Inside Iran's for        
                        women, One world 
                         publication,2022.
   বঁটা         : শান্তিৰ নোবেল বঁটা।
   পিতৃ-মাতৃ : অজ্ৰা, বাজাৰগান।

                   নাৰ্গেছ মহম্মদী, ইৰাণ ।

      নাৰ্গেছ মহম্মদী এগৰাকী সাহসী আৰু শিক্ষিত মহিলা। তাই পদাৰ্থ বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত কাজভিন ইণ্টাৰনেচনেল বিশ্ববিদ্যালয়ত পঢ়ি এগৰাকী পেছাদাৰী অভিযন্তা হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়ৰ কৰ্মজীৱনত তাই বাতৰি কাকতত মহিলাৰ অধিকাৰ সমৰ্থনৰ সাপেক্ষে প্ৰৱন্ধ লিখিছিল। যাৰ বাবে মহম্মদীক ৰাজনৈতিক ছাত্ৰ গোট তাশাক্কোল দানেশজুই ৰোশনগাৰানৰ এখন সভাত উপস্থিত থকা অৱস্থাত ইৰাণৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। 

     তদুপৰি মহম্মদীয়ে এটা পৰ্বত আৰোহণ গোটৰ সৈতেও জড়িত আছিল। কিন্তু পৰৱৰ্তীকালত তাইৰ ৰাজনৈতিক কাৰ্যকলাপৰ বাবে আৰোহণত যোগদানৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষিত হৈছিল। 
     মহম্মদীয়ে কেইবাখনো বাতৰি কাকতৰ সাংবাদিক হিচাপেও কাম কৰিছিল আৰু কৰি আছে। তদুপৰি সংস্কাৰ, ৰণনীতি আৰু কৌশল শীৰ্ষক ৰাজনৈতিক বিষয়ৰ সৈতে জড়িত প্ৰৱন্ধৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছিল।
     প্ৰায় ২০১২ চনৰ পৰা মহম্মদীয়ে মানৱ অধিকাৰৰ কামৰ সৈতে জড়িত আছিল। এতিয়াও তাই এই বিষয়ৰ সৈতে জড়িত হৈ আছে। বিগত ২০০৩ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী শিৰিন এবাদীৰ নেতৃত্বত গঢ় লৈ উঠা বেচৰকাৰী সংগঠন "ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটচ চেণ্টাৰ"ৰ তাই এগৰাকী উপ মূৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।'ফ্ৰণ্ট লাইন ডিফেণ্ডাৰ অধিকাৰ' সংগঠনৰ মতে - মহম্মদীয়ে তেহৰাণৰ এভিন কাৰাগাৰত একাধিক বাৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছে। মুঠ ১২ বছৰ কাল কাৰাবাস খাটিব লগা হ'ল।মহিলাক ন্যায্যতা প্ৰদান, স্বাধীনতা, সমঅধিকাৰ, সমতা, বৈষম্য দূৰীকৰণ,মানৱ অধিকাৰ ৰক্ষা কৰা আদি বিষয়ত চৰকাৰৰ বিৰুদ্ধে তাই সবল প্ৰতিবাদ কৰাৰ বাবে তেহৰাণ চৰকাৰে তাইক বৰ্তমানেও কাৰাগাৰত বন্দী কৰি ৰাখিছে। এন সময়তে নোবেল সমিতিয়ে ২০২৩ চনৰ অক্টোবৰ মাহৰ যোৱা ৬ তাৰিখে মহম্মদীক শান্তিৰ নোবেল বঁটা প্ৰদানেৰে তাইৰ মানৱ দৰদী আন্দোলনক স্বীকৃতি প্ৰদান কৰিলে বুলি ক'ব পাৰি। 
    উল্লেখযোগ্য যে মহম্মদী এগৰাকী ইৰাণী ভদ্ৰ মহিলা। মহিলাৰ অধিকাৰৰ বাবে অক্লান্ত অভিযানৰ স্বীকৃতি স্বৰূপে আৰু মৃত্যুদণ্ডৰ বিৰুদ্ধে মাত মতা এগৰাকী শান্তিকামী মহিলা হিচাপে নাৰ্গেছক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

  কিন্তু ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে মহম্মদীক বঁটা প্ৰদানৰ সিদ্ধান্তক গৰিহণা দিছে। বৈদেশিক মন্ত্ৰালয়ৰ মতে ইয়াৰ কাৰণ হৈছে,তাই এগৰাকী কাৰাগাৰত কাৰাদণ্ড খটা মহিলা। গতিকে তেনে এগৰাকী মহিলাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা সমীচিন হোৱা নাই। আন কিছুমান লোকেও একে মন্তব্য কৰা দেখা গৈছে। অৱশ্যে তাই হৈ মাতমতা লোকৰ সংখ্যা অধিক হোৱা বাবে কথাটো তল পৰিছে বুলি ক'ব পাৰি।

সংসাৰ: 
     ১৯৯৯ চনত তেওঁ সংস্কাৰপন্থী সাংবাদিক তাঘী ৰহমানীক বিয়া কৰায় । কিন্তু তাঘী ৰহমানীকো একে কাৰণতে ইৰাণী সৈন্যৰ দ্বাৰা প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে ৰহমানীয়ে ১৪ বছৰকাৰাবাস খটাৰ পিছত ২০১২ চনত ফ্ৰান্সলৈ গুচি যায়, আনহাতে মহম্মদীয়ে মানৱ অধিকাৰৰ কাম অব্যাহত ৰাখে । মহম্মদী আৰু ৰহমানীৰ দুটা যমজ সন্তান আছে। 

বঁটা বাহন:
     মহম্মদীয়ে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তলত উল্লেখ কৰা হৈছে।-
(i) ২০০৯ চনত 'আলেকজেণ্ডাৰ লেঙ্গাৰ' (Alexander Langer) বঁটা লাভ। শান্তি ৰক্ষা কামত মনোনিবেশ কৰাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে এই বঁটাত থাকে ১০,০০০ ইউৰো ,যিটো ভাৰতীয় হিচাপত ৮,৮১,১৯৬.৬৮ টকাৰ সমপৰিমাণৰ। 

(ii) ২০১১ চনত 'PER Anger Prize' লাভ। এই বঁটা হ'ল চুইডিছ চৰকাৰী আন্তঃৰাষ্ট্ৰীয় বঁটা (SGIA)। মানৱ অধিকাৰৰ বিষয়ত এই বঁটা প্ৰদান কৰা হয়।

(iii) ২০১৬ চনত 'ৱেইমাৰ হিউমেন ৰাইটচ বঁটা ' (Weimar Human Rights Award)লাভ। 

(iv) ২০১৮ চনত 'এনড্ৰেই চখৰ্ভ বঁটা' ( Andrei sakharov Prize) লাভ। আমেৰিকাৰ শাৰীৰিক ছ'ছাইটিৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।

(v) ২০২২ চনত বিবিচি ৰ দ্বাৰা ১০০ গৰাকীৰ ভিতৰত উৎসাহিত আৰু প্ৰভাৱশালী মহিলা হিচাপে স্বীকৃতি প্ৰদান।

(vi) ২০২৩ চনত 'অল'ফ পাল্মে বঁটা' ( Olof Palme Prize) লাভ। এই বঁটা চুইডিছ অ'ল পাল্মে ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰদান কৰা হয়।

(vii) ২০২৩ চনত PEN/Barbey লেখাৰ স্বাধীনতা বঁটা লাভ (Freedom to Write Award)। আমেৰিকাৰ দ্বাৰা প্ৰদান কৰা হয়।

(viii) ২০২৩ চনত ইউনেস্কো/ গিলেইমো ক্যেনো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম প্ৰাইজ লাভ।

(ix) ২০২৩ চনৰ ৬ অক্টোবৰত শান্তিৰ নোবেল বঁটা লাভ। উল্লেখ্য যে মহিলাৰ স্বাধীনতা অধিকাৰৰ সম্পৰ্কত মাত মতাৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

মহম্মদীৰ ৰচনা: 
    মহম্মদীয়ে কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে মহিলা সকলৰ ওপৰত ভিত্তি কৰি এখন গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থখনৰ নাম - White Torture: Inside Iran's for women, One world publication,2022.

সামৰণি: 🙏
     ইৰাণী কৰ্তৃপক্ষৰ দ্বাৰা অজস্ৰ গ্ৰেপ্তাৰ হোৱা স্বত্বেও তাই নিজৰ সক্ৰিয়তা অব্যাহত ৰাখিছিল । যোৱা বছৰ মাহচা আমিনী নামৰ এগৰাকী মহিলা মৃত্যুৰ ফলত দেশজুৰি হোৱা প্ৰতিবাদৰ বাবেই মহম্মদীৰ সম্পৰ্কে দেশৰ সকলো লোকে জানিছিল বুলি জনা যায়। তাৰ পৰৱৰ্তী সময়ত তাইৰ সম্পৰ্কে বিশদভাৱে বাতৰি কাকত আৰু বিভিন্ন চেনেলত আলোচনা হৈছিল যাৰবাবে তাইৰ অৱদানৰ সম্পৰ্কে সকলোৱে জানিবলৈ সক্ষম হৈছিল। তাইৰ ত্যাগ আৰু সাহস এনেয়ে নগ'ল। নোবে'ল সমিতিয়ে তাইৰ মহিলা স্বাধীনতা অধিকাৰৰ ওপৰত কৰা শান্তিৰ যুঁজৰ বাৰ্তা নোবে'ল বঁটা প্ৰদানেৰে প্ৰত্যুত্তৰ দিলে। 
    মহম্মদীৰ পৰিয়ালে ইয়াক "স্বাধীনতাৰ বাবে ইৰাণৰ যুঁজৰ বাবে এক ঐতিহাসিক আৰু গভীৰ মুহূৰ্ত" বুলি অভিহিত কৰিছিল, আনহাতে বিশ্বজুৰি ৰাজনীতিবিদসকলে মহম্মদীয়ে দেখুওৱা সাহসৰ বাবে প্ৰশংসা কৰিছিল।
    ২০০৩ চনত এই বঁটা লাভ কৰা ইৰাণৰ নবেল শান্তি বঁটা বিজয়ী শিৰিন এবাদীয়ে কয় যে তেওঁ আশা কৰে যে এই বছৰৰ পুৰস্কাৰে ইৰানী মহিলাসকলৰ বাবে গণতন্ত্ৰ আৰু সমতা আনিব।
   "এই পুৰস্কাৰৰ বাবে মই নাৰ্গেছ মহম্মদী আৰু সকলো ইৰানী মহিলাক অভিনন্দন জনাইছো... এই পুৰষ্কাৰে ইছলামিক গণৰাজ্যত মহিলাৰ অধিকাৰ উলংঘনৰ ওপৰত আলোকপাত কৰিব... যিটোৱে দুৰ্ভাগ্যবশতঃ প্ৰমাণ কৰিছে যে ইয়াক সংস্কাৰ কৰিব নোৱাৰি," এবাদীয়ে ৰয়টাৰ সংবাদ সংস্থাক এনেদৰে কৈছিল। যি কি নহওঁক, মহম্মদীয়ে বঁটা লাভ কৰাৰ বাবে বহুতে ভাল ধৰণে কৈছে আৰু বহুতে বেয়াকৈও মন্তব্য আগবঢ়ায়ছে। ই যি কি নহওঁক মহম্মদীয়ে যি কাৰণত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ'ল সিয়ে মহিলা সবলীকৰণত উৎসাহ যোগাব বুলি আশা কৰিব পাৰি। 

                    -----------------------------

🚀প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
             হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
             
সহায়ক গ্ৰন্থ : 
  ইন্টাৰনেট , ৱেবছাইট পলিটিকচ,ইৰাণ।



🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹




    

Sunday, October 1, 2023

পাঁচটা জনগোষ্ঠীৰ উৎসৱৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ।

পাঁচটা জনগোষ্ঠীৰ উৎসৱৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ।


অসমত পালন কৰা ভিন ভিন জনগোষ্ঠীৰ পাঁচবিধ উৎসৱৰ তালিকা কৰি প্ৰতিটো উৎসৱৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ, সাজ-পোছাক,গীত-মাত,নীতি-নিয়ম আদি অধ্যয়ন কৰি তলত প্ৰকল্পৰ প্ৰতিবেদন যুগুত কৰা হ'ল। 

জনগোষ্ঠীৰ নাম                      উৎসৱ 

-------------------------------------------------------------------

১/ মিচিং                             আলি-আয়ে-লিগাং

২/ দেউৰী                           ইবাঁকু বিচু উৎসৱ

৩/ বড়ো                             খেৰাই উৎসৱ

৪/ কাৰ্বি                              চমাংকান উৎসৱ

৫/ সোণোৱাল কছাৰী         বাইথ' পূজা বা উৎসৱ

-------------------------------------------------------------------

১/ মিচিং জনগোষ্ঠীৰ আলি আ:য়ে লৃগাং উৎসৱ :

    আলি আঃয়ে লৃগাং (Ali-Ai-ligang) অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম: 

    মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং, এগ, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। উল্লেখ্য যে তেওঁলোকৰ জাতীয় সাজ-পোছাকবোৰে তেওঁলোকৰ স্বকীয়তা বহন কৰে।

২/ দেউৰীসকলৰ ইবাঁকু বিচু উৎসৱ:

    ইবাঁকু বিচু অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ। ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম: 

       এই উৎসৱ ব’হাগৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। তেওঁলোকৰ পূজা-অৰ্চনা কৰাৰস্থল দেওঘৰত সেইদিনা বিশেষ পূজা কৰা হয়। সেই দিনটোক বিচুৰ (বিহুৰ) উৰুকা হিচাবে পালন কৰা হয়। দেওঘৰত সেই দিনা তেওঁলোকৰ উপাস্য দেৱতা কুন্দিমামা, পিচাদেমা, পিচাচি দেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ-দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাবে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা-গাভৰু (দেউৰী ভাষাত মিৰা-মিৰাচি) সকলে নৃত্য-গীত কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহমালহৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক বিচু উৰুৱাবা (দেউৰী ভাষা) বোলে। 

     দেউৰী সমাজত বিবাহিত মহিলাই বুকুৰ পৰা ভৰিৰ গুৰুহাত পৰাকৈ মেথনি মাৰি দীঘল মুগা অথবা কপাহী মেখেলা পিন্ধে। কঁকালত তেওঁলোকে মুগা ৰিহা ( জকাচ্ছিবা) অথবা বাইগা মেৰাই লয়। গাত তেওঁলোকে চোলা পিন্ধে। দেউৰী মহিলা সকলে মূৰত মৰা গামোচা খনক টকয়া (গাতিকী)বোলে। বৰগঞা সমাজত মহিলা সকলে সাধাৰতে উৎসৱ পাৰ্বন আদিত বগা মেখেলা আৰু চোলা পিন্ধি গাত এখন বগা চাদৰ মেৰাই লয়। 

৩/ বড়োসকলৰ খেৰাই উৎসৱ:

   খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্‌যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে।

      খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল ’খাৰ’ + ’আই’, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু "আই" মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য।

সাজ-পোছাক / গীত-মাত/ নীতি-নিয়ম  :

     বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰৰ নাম। 

৪/  কাৰ্বিসকলৰ চমাংকান উৎসৱ:

    চমাংকান (Chomangkan) কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বি সকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়। কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়। সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়। চমাংকান এটা খৰচী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে। সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম:

       কাৰ্বি সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁলোকে মৃতদেহটো তেওঁৰ আত্মীয়সকল আহি নোপোৱালৈকে ৰাখি থয়। আত্মীয়সকল অহাৰ পিছত আনুষ্ঠানিকতা ৰক্ষা কৰি শৱ সৎকাৰ কৰা হয় আৰু হাড়বোৰ পুতি থোৱা হয়। তাৰ পিছত চমাংকান পতা বাধ্যতামূলক। এই অনুষ্ঠান পতাৰ নিৰ্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো "শুভ অনুষ্ঠান দেহাল বা ৰংকেৰ পূজাভাগ আৰু লখিমীপূজা হাচাকিকান পাতি উঠাৰ পাছতহে সাধাৰণতে 'চ'মাংকান' পতা হয়।

এই অনুষ্ঠান পতাৰ নিৰ্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো "শুভ অনুষ্ঠান দেহাল বা ৰংকেৰ পূজাভাগ আৰু লখিমীপূজা হাচাকিকান পাতি উঠাৰ পাছতহে সাধাৰণতে 'চমাংকান' পতা হয়। ছেং (ঢোল),হিজাপ (বিচনী), ছেংব্ৰোণ্ (সৰু ঢোল), ঢাল-তৰোৱাল, টাৰ (ঢাৰি),কুছাটা (জালি),চাটৰ (চুৰিয়া),  থাইৰাংপাক্ (ধনুকাঁড়),খালোন (বেতৰ পাচি), পৌহৌ (পাগুৰি), ছই (চোলা) আদি বস্তুবোৰ উৎসৱ পালনৰ বাবে সাজু কৰা হয়। চমাংকান তিনিধৰণৰ যেনে সাধাৰণ পৰ্যায়-কণফ্লাফ্লাং, মধ্যম পৰ্যায়- লাংটুক, উচ্চ পৰ্যায়- হাৰণে উৎসৱৰ আচাৰানুষ্ঠান চাৰিটা মুখ্য অংশত বিভক্ত।সেইকেইটা হৈছে চেদি, কাৰ্কলি,ৰংফু-ৰংলি-কাঙথিন আৰু লংহে ৰংকেৰ।        

      চমাংকান উৎসৱত চমাংকান ওছেপি গীত পৰিৱেশন কৰা হয়। এই উৎসৱত সকলোৱে ঢোলৰ ছেওত নৃত্য কৰে। চমাংকান উৎসৱৰ শেষত ‘বান্‌জাৰ’ কেকু’ অনুষ্ঠানৰ মাধ্যমেৰে মৃত ব্যক্তিজনৰ পাৰ্থিৱ সংস্কাৰ কৰা হয়  পুনৰ দাহ কৰি তাৰ কাষত ‘বান্‌জাৰ’ (যমপুৰীৰ অলংকৃত গৃহস্বৰূপ) সজাই।

৫/ সোণোৱাল কছাৰীসকলৰ বাইথ' পূজা বা উৎসৱ:

   সোণোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা খ্ৰীং খ্ৰীং বাইথ’ পৰম্পৰা অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি আগদিনা ৰ্অথাৎ দেওবাৰে‘দেও নমোৱা’ কাৰ্য্যসূচীৰে আৰম্ভ কৰি চাৰিদিনীয়াকৈ পালন কৰা হয়। আধ্যাত্মিকতাভিত্তিক এই লোক-পৰম্পৰা সৃষ্টিতত্ত্বৰ সৈতে সংগতিসম্পন্ন।জনগোষ্ঠীটোৰ মূল উপাস্যদেৱতা হ'ল 'খ্ৰীং খ্ৰীং বাইথ'। ইয়াত 'খ্ৰীং' শব্দই পৃথিৱীৰ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ - এই চাৰিশ্ৰেণী জীৱ অৰ্থাৎ খ - উৰণ + ৰ - বুৰণ + ঈ - গজন + ঙ - ভ্ৰমণক প্ৰতিনিধিত্ব কৰে আৰু এই চাৰিশ্ৰেণী জীৱৰ ত্ৰাণকৰ্তা 'বাইথ' দেৱতাৰ উদ্দেশ্যে সমস্ত জীৱকুলৰ কল্যাণাৰ্থে সম্পাদন কৰা উপাসনা পদ্ধতিটোক 'বাইথ' পূজা' বোলা হয়। ই আধ্যাত্মিক উৎসৱ।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম:

    এই উৎসৱ শিৱ সম্বন্ধিত তন্ত্ৰস্বভাৱসম্পন্ন আধ্যাত্মিক আচাৰ-আচৰণেৰে সমৃদ্ধ। ইয়াত তেওঁলোকে তেওঁলোকৰ প্ৰাচীন স্তুতিগীত হায়দাং-গীত আৰু হাইদাং-নৃত্য পৰিৱেশনেৰে পূজা-অৰ্চনা কৰাৰ লগতে মাটিৰ উৰ্বৰতা কামনাৰে বৰদৈচিলাক আমন্ত্ৰণ জনাই স্বতঃস্ফূৰ্ট উন্মাদনা আৰু উল্লাস-আনন্দৰে বিহু মাৰি ব'হাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সম্পাদন কৰে। এই পূজা/উৎসৱ মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, প্ৰৱচন, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্ত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উৎসৱ। কেতবোৰ নিদিষ্ট মুদ্ৰাৰে সৃষ্টিতত্ত্বৰ সাংগীতিক প্ৰকাশ আৰু ময়ূৰ পাখিৰ লয়লাস ভংগীমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা হাইদাং গীত, হাইদাং নৃত্য, বিহু আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ট ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত শিৱ আৰু পাৰ্বতীক কিৰাত আৰু কিৰাতীৰূপে প্ৰকৃতাৰ্থত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয । 

   সোণোৱাল কছাৰী সমাজত মহিলাসকলে বুকুৰ পৰা ভৰিৰ গোৰোহাত পৰাকৈ দীঘল মেখেলা পৰিধান কৰে।

 সেই মেখেলাৰে তেওঁলোকে বুকুত মেথনি মাৰে। কঁকালত তেওঁলোকে এবিধ পৰম্পৰাগত কপাহী বস্ত্ৰ ‘এখেতীয়া (একাঠীয়া) মেৰাই লয়। গাত তেওঁলোকে ৰিহা পিন্ধে। এই সাজেৰে বাইথ' উৎসৱত অংশগ্ৰহণ কৰা দেখা যায়।  পুৰুষে কঁকালত চুৰিয়া, গাত চোলা পৰিধান কৰে, মূৰত চেলেং চাদৰ সহায়ত পাগিয়া মাৰে আৰু চেলেং চাদৰ গাত মেৰিয়াই লয়।  পৰম্পৰাগত গামোচাখন প্ৰত্যেকজন ব্যক্তিয়ে ডিঙিত মেৰিয়াই লয়।


------------------++++++------+++++++-----------------







Thursday, September 28, 2023

কৈশোৰ কালৰ সমস্যা আৰু অভিভাৱক-শিক্ষসকলৰ কৰ্তব্য কেনে হোৱা উচিত !

কৈশোৰ কালৰ সমস্যা আৰু অভিভাৱক-শিক্ষসকলৰ কৰ্তব্য কেনে হোৱা উচিত ! 

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
   
🪴 বিভিন্ন মনোবিজ্ঞানী সকলৰ মতে ১২-১৩ বছৰৰ পৰা ১৭-১৮ বছৰৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বোলা হয়। এই সময়ছোৱাত ল'ৰা-ছোৱালীবিলাক মানসিক, আৱেগিক, সামাজিক আৰু শাৰীৰিক ভাৱে পৰিপক্ক হৈ উঠে। ল'ৰা-ছোৱালীবিলাকৰ শাৰীৰিক অংগসমূহৰো আমূল পৰিবৰ্তন ঘটে। সেয়ে ষ্টেনলি হল নামৰ এজন মনোবিজ্ঞানীয়ে কৈশোৰ কালক মানুহৰ জীৱনৰ ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছে। কৈশোৰ অৱস্থাত ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে। সমস্যাবোৰ এনেধৰণৰ হ'ব পাৰে -
  ক) কৈশোৰ কালছোৱাত ল'ৰা-ছোৱালীৰ মস্তিষ্কৰ বিকাশ প্ৰায় সম্পূৰ্ণ হয়। সেয়ে ল'ৰা-ছোৱালীৰ দ্ৰুত গতিৰে তেওঁলোকৰ মানসিক দিশৰ পৰিবৰ্তন ঘটি উন্নতি হ'ব ধৰে। গতিকে এই সময়ত সু-পৰিকল্পিত ভাৱে ল'ৰা-ছোৱালীক মানসিক দিশত আগবঢ়াই নিব নোৱাৰিলে ক্ৰমবৰ্ধমান চিন্তা শক্তি, যুক্তি ক্ষমতা আৰু স্বাধীন চিন্তাৰ সোঁতে তেওঁলোকক অবাটে উটাই নিয়াৰ আশংকা নুই কৰিব নোৱাৰি।
 খ) বিশেষকৈ বয়:সন্ধি কালত ল'ৰা ছোৱালীৰ যৌনতাৰ পূৰ্ণতা প্ৰাপ্ত হয়। শৰীৰৰ আকস্মিক পৰিৱৰ্তন সমূহে এই সময়ত ল'ৰা ছোৱালীৰ মনত যৌন কৌতূহল তীব্ৰভাৱে বৃদ্ধি কৰায়। আনকি বহুসময়ত তেওঁলোকে যৌন সম্পৰ্কীয় নানান প্ৰয়োজনীয় কথা বিকৃত সত্যৰূপে গ্ৰহণ কৰিবলৈ মনস্থ কৰে। যাৰবাবে তেওঁলোকৰ ভৱিষ্যতৰ যৌন জীৱন সমস্যাবহুল হৈ পৰাৰ আশংকা আছে।
  গ) কেতিয়াবা কৈশোৰ অৱস্থাত বয়স্ক লোকসকলৰ পৰা উপযুক্ত স্বীকৃতি নোপোৱাৰ বাবেও তেওঁলোকক বিদ্ৰোহী হৈ উঠা পৰিলক্ষিত হয়। আনকি বহুসময়ত তেওঁলোকে তেওঁলোকৰ প্ৰতি সমাজে অন্যায় ভাৱে নিপীড়ন কৰিছে বুলিও ভাবিবলৈ লয়। সেয়ে হয়তো এইসময়ত কিছুমান ল'ৰা ছোৱালীৱে সমাজৰ ৰীতি- নীতি, আচাৰ-ব্যৱহাৰৰ প্ৰতি বিৰোপ মন্তব্যৰে উলংঘা কৰা পৰিলক্ষিত হয়। 
   ঘ) কৈশোৰ কালছোৱাত যিকোনো ল'ৰা-ছোৱালীয়ে দিবাস্বপ্ন আৰু অলীক কল্পনাৰ আশ্ৰয় লোৱা দেখা যায়। এই সময়ছোৱাত ল'ৰা-ছোৱালীবিলাকে বিভিন্ন সপোন দেখবলৈ ধৰে। কিছুমান ল'ৰা-ছোৱালীয়ে পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰাৰ সপোন দেখে, আন কিছুমানে খেলা-ধূলাত ভাল সন্মান লাভ কৰাৰ সপোন দেখে, বহুতে ডাঙৰ মানুহ হোৱাৰ সপোন দেখে। কিন্তু কিছুমানে কেৱল দিবাস্বপ্নহে দেখে, লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা নকৰে। আনহাতে যদি দিবাস্বপ্ন অত্যধিক হয় তেন্তে ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। 
ঙ) এই সময়ছোৱাত উদ্ভৱ হোৱা গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে সমাযোজনৰ সমস্যা। ল'ৰা-ছোৱালীবিলাকৰ দ্ৰুত দৈহিক, মানসিক, আৱেগিক আৰু যৌনমূলক বিকাশৰ কাৰণে তেওঁলোকে উপযুক্ত ভাৱে পৰিৱেশৰ সৈতে খাপ খাব অসমৰ্থ হয়। সংগতি বিধানৰ অভাৱৰ কাৰণে এই সময়ছোৱা পীড়নমূলক আৰু কষ্টদায়ক হৈ পৰা দেখা যায়।
চ) কৈশোৰ কালত ল'ৰা-ছোৱালীৰ দ্ৰুত গতিত শৰীৰৰ বৃদ্ধি ঘটে। ইয়াৰ লগে লগে বিভিন্ন দৈহিক অংগৰ পৰিৱৰ্তন ঘটে। সেয়ে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ শৰীৰটোক কিবা আচহুৱা যেন অনুভৱ কৰিবলৈও লোৱা পৰিলক্ষিত হয়। ল'ৰা-ছোৱালীবিলাকৰ খোজ-কাটল, চাল-চলন আদিত পৰিৱৰ্তন আহে আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ উপক্ৰম হয়। 
   তাৰোপৰি ল'ৰা-ছোৱালীবিলাকৰ দেহৰ আকস্মিক পৰিৱৰ্তন, যৌৱনাৰম্ভ, মানসিক শক্তিৰ পূৰ্ণতা লাভ আদি বাহ্যিক আৰু আন্ত:ৰিক প্ৰতিক্ৰিয়াৰ ফলত কিশোৰৰ মনত এক প্ৰৱল আৱেগিক আলোড়নৰ সৃষ্টি কৰে। কিশোৰ সকলে নিজৰ বহুমুখী পৰিপূৰ্ণতা উপলব্ধি কৰি আনন্দ উপভোগ কৰাৰ লগতে সমাজৰ উদাসীনতা আৰু অৱহেলা দেখি বিস্মিত হোৱা দেখা যায়। সমাজৰ উদাসীনতাই বহুক্ষেত্ৰত কিশোৰসকলক অন্তৰ্মুখী বা আত্মকেন্দ্ৰিক কৰি তোলে। এনেধৰণৰ সমস্যাবিলাকৰ কেনেকৈ কিশোৰ কিশোৰীক আঁতৰাই ৰাখিব পৰা যায় তাৰ চিন্তা চৰ্চা শিক্ষক আৰু অভিভাৱক সকলে কৰাটো অতিকৈ বাঞ্চনীয়। 

অভিভাৱক-শিক্ষসকলৰ কৰ্তব্য কেনে হোৱা উচিত ! 

    যৌৱন প্ৰাপ্ত কৈশোৰসকলৰ স্বাভাৱিক বিকাশ যাতে কোনো প্ৰকাৰে বাধাগ্ৰস্থ নহয় তাৰ বাবে অভিভাৱক আৰু শিক্ষকৰ সহযোগিতাৰ একান্ত প্ৰয়োজন। কিশোৰ সকলৰ সৰ্বতোমুখী বিকাশ সম্ভৱ কৰি তুলিবলৈ হ'লে পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকসকলৰ কিছুমান বিশেষ কৰণীয় আছে। তেওঁলোকে বিশেষ কিছুমান বিষয়ৰ প্ৰতি দৃষ্টি দিয়া অতীৱ প্ৰয়োজন । -

* বিদ্যালয়ত প্ৰচুৰ পৰিমাণে সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা ৰখা দৰকাৰ। প্ৰত্যেকেই যাতে খেলা-ধূলা, সাহিত্য, সংগীত আদি বিভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ সম্পূৰ্ণ দিশ অবাধে বিকশিত হয় তাৰ প্ৰতি চকু দিব লাগে।
* বয়:সন্ধি কালত কিশোৰ কিশোৰীক ভাল কিতাপ পঢ়াৰ সুযোগ দিয়া, জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ আলোচনা কৰা, প্ৰগতিশীল চিন্তাধাৰাৰ লগত পৰিচয় কৰোৱা, উদাৰ দৃষ্টিভংগী সৃষ্টি কৰা, নানান দিশত সজ অভ্যাস গঢ়ি তোলা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ উচিত যাতে তেওঁলোকে এক উপযুক্ত জীৱন দৰ্শন গঢ়ি তোলিব পাৰে। এই ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল সচেতন হ'ব লাগে।
* কৈশোৰ কালত মনত উদয় হোৱা যৌন সম্বন্ধীয় কৌতূহল শেষ কৰিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে যাতে বিজ্ঞানসন্মত জ্ঞান লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে শিক্ষাৰ প্ৰতি স্তৰৰ পাঠ্যক্ৰমত যৌন শিক্ষাৰ ব্যৱস্থা ৰাখিব লাগে।
* কৈশোৰ কালৰ ল'ৰা-ছোৱালীবিলাকৰ স্বাধীনভাৱে কাম-কাজ কৰাৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিবৰ বাবে সৰু-সুৰা কামৰ দায়িত্ব তেওঁলোকৰ ওপৰত সম্পূৰ্ণ এৰি দিব লাগে যাতে তেওঁলোকে আত্ম প্ৰতিষ্ঠাৰ আকাংক্ষা পূৰণ কৰাৰ সুবিধা লাভ কৰে।
* যদি প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰয়োজন আৰু শক্তি অনুযায়ী শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হয়, তেন্তে নিশ্চয় তেওঁলোকৰ ভৱিষ্যতৰ ব্যক্তিগত জীৱন সাৰ্থক হ'ব।
* শিক্ষাৰ বিশেষকৈ মাধ্যমিক স্তৰৰ পৰা বিভিন্ন প্ৰকৃতিৰ ল'ৰা-ছোৱালীৰ কামত অহাকৈ বহুমুখী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে।
     কৈশোৰ কালত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰি ল'ৰা ছোৱালীক সমাজৰ এজন সুস্থ ব্যক্তি হিচাপে গঢ়ি তোলাৰ নিমিত্তে শিক্ষক, অভিভাৱক আৰু সমাজৰ প্ৰতিজন মানুহৰে কৰ্তব্য আছে। সেয়ে এইক্ষেত্ৰত সকলোৱে সচেতন আৰু সজাগ হোৱা উচিত। কিশোৰ কিশোৰসকলক সাহিত্য, সংগীত, নৃত্য,নাটক আদি চৰ্চাৰ যোগেদি তেওঁলোকৰ জীৱনৰ আৱেগিক মনোভাৱ উপযুক্ত প্ৰকাশ আৰু বিকাশ সাধন কৰিব পৰা যায়। তাৰোপৰি খেল-ধেমালি, সামাজিক ক্ৰিয়া, আঁচনি আদিৰ জৰিয়তে ফলপ্ৰসূ ভাৱে আৱেগৰ শিক্ষা প্ৰদান কৰিব পৰা যায়। 
    
    পূৰ্বতে আমাৰ সমাজত বিশেষকৈ কিশোৰসকলক নাটক, গীত মাত আদিৰ জৰিয়তে সমাজে আগবঢ়ায় নিয়াৰ যৎপৰোনাস্তি প্ৰয়াস কৰা পৰিলক্ষিত হৈছিল। আশী নব্বৈৰ দশকত এই ধাৰা গ্ৰাম্য সমাজত অটুট আছিল। কিন্তু বৰ্তমান সময়ত যিমানেই মানুহ শিক্ষিত হৈছে সিমানেই এনে অনুষ্ঠান সমূহ লুপ্ত পাবলৈ ধৰিছে। অৱশ্যে ইয়াৰ কাৰণো আছে বহুত। আজিকালি মানুহে টকাৰ বাবেহে নাটক কৰে। সামাজিক শিক্ষা বা কিশোৰ কিশোৰসকলক তেওঁলোকৰ আৱেগিক শিক্ষা উন্নত ঘটাবলৈ নহয় যেন অনুভৱ হয়। 
    বিদ্যালয়ৰ পৰ্যায়ত কৈশোৰ সকলক নাটক গীত মাত শিকোৱাৰ এখন উপযুক্ত মঞ্চ দিব পাৰিলে কিশোৰ সকলৰ আৱেগিক সমস্যা সমূহ সমাধান কৰিব পৰা যাব।



+++++++++++++++++++++++++++++++++++

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। 


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Saturday, September 16, 2023

নেলছন মেণ্ডেলা আৰু নৈতিকতা। Nelson Mandela and his ethics.

নেলছন মেণ্ডেলা আৰু নৈতিকতা। Nelson Mandela and his ethics.


📌নেলছন মেণ্ডেলাৰ সংক্ষিপ্ত পৰিচয়: 
      দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত নেলছন মেণ্ডেলা ১৯১৮ চনৰ ১৮ জুলাইত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল হেনৰি গিডলা যাক এজন ৰাজনীতিজ্ঞ হিচাপে জনা যায়। তেওঁ ট্ৰানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। নেলছন মেণ্ডেলাৰ পুত্ৰ আছিল ছয়জন।
    নেলছন মেণ্ডেলাই প্ৰাথমিক শিক্ষা মিছনেৰী বিদ্যালয় এখনৰ পৰা লাভ কৰিছিল। ওৱাল্টাৰ চিচুলুক নামৰ এজন বন্ধুৰ সহায়ত নেলছনে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উইট ওৱাটাৰ ষ্টেণ্ড বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰি সুখ্যাতিৰে আইনৰ ডিগ্ৰী ল'বলৈ সক্ষম হৈছিল।
    আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছন মেণ্ডেলাই যোগদান কৰিছিল। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰিছিল নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক নামৰ বন্ধুজনক।
    প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে, জনসাধাৰণক কৰা শোষণৰ বিৰুদ্ধে আফ্ৰিকাত তেওঁ আৰম্ভ কৰিলে আন্দোলন । এই আন্দোলনক আফ্ৰিকাৰ জনসাধাৰণে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সেয়ে হাট-বজাৰ , বিদ্যালয়, মহাবিদ্যালয়,হোটেল আদি বন্ধ কৰি ৰাইজ এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত মেণ্ডেলা, চিচুলু আৰু টেম্বোক সেনা বাহিনীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিলে। তেওঁলোকক কাৰাগাৰত ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হৈছিল আৰু এই আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণৰ পূৰ্ণ সমৰ্থন লাভ কৰিছিল। দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আত্মত্যাগ কৰা এই জন মহান নেতাক সেয়ে সকলো শ্ৰেণীৰ মানুহে এতিয়াও সন্মান কৰে। আনকি দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰাৰ বাবেই নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে। 
        ১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়ছিল। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। উল্লেখ্য যে ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈ কাৰ্য্যনিবাহ কৰা এজন মহান নেতা। 

    নেলছন মেণ্ডেলাই শান্তিৰ বাবে ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। উল্লেখ্য যে মেণ্ডেলাই তেওঁৰ জীৱনত মুঠ ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইজন মহান নেতাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৯৫ বছৰ বয়সত ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত (Johannesburg, Gauteng, South Africa)।


📌বিশেষ সংযোজন: সংগ্ৰহ, 'সফল জনহিতৈষী পুথিভঁৰাল' ৱালৰ পৰা।
      "ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলছন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে কাৰণ ২৭ বছৰীয়া বন্দীত্বৰ সময়ছোৱাত মেণ্ডেলাৰ বহু দিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মী সকলে আৰু পলম নকৰিলে আৰু কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিলে। 

এনে সময়তে মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টোৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মী সকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল-ভোক লাগিছে যেতিয়া খালেই হ’ল, কাৰাগাৰৰ অত বছৰে ইমান নিম্ন মানদণ্ডৰ খাদ্য খাব পাৰিছিলো যেতিয়া সহজে নমৰো।
কথা মতেই কাম – চহৰখনৰ এখন সৰু ৰেষ্টোৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহকৰ্মী সহিতে খাবলৈ বহিল। 

এনেতে তেঁও দেখিলে যে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টোৰেণ্টৰ ৱেটাৰ জনক মাতি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষতে পাৰি দিবলৈ কলে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ কবলৈ কলে। চকীখন দিয়াৰ পাছত ৱেটাৰ জনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ কাষতে বহিল।

সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ লোকজনে একো খাব পৰা নাই। তেঁওৰ হাত কপিবলৈ ধৰিছে, চামুচেৰে কিবা লবলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায় । এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে কলে আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজহাতে তেঁওক খুৱাই দিলে আৰু ৱেটাৰ জনক কলে যে বৃদ্ধ ব্যক্তি গৰাকীৰ বিল তেঁও পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ব্যক্তিজনে ভালদৰে লৰচৰ কৰিবলৈও সক্ষম নাছিল ব্যক্তিজন। বৃদ্ধ গৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজহাতে তেঁওক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধ গৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক’লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে – ইমান অসুস্থ শৰীৰেৰে তেওঁ ঘৰলৈ যাব পাৰিবনে?

তেতিয়া নেলছন মেণ্ডেলাই কলে-বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো চেলত বন্দী হৈ আছিলো তেঁও আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমান বাৰ পানী পানী বুলি চিঞৰিছিলো, সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্বাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈ ক্ষমতাশালী ব্যক্তি হোৱা স্বত্বেও মই তেঁওক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছো আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেঁও এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হ’লেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত।

 ঘৃণাক ভালপোৱালৈ সলনি কৰিব পাৰি। তেঁও মোৰ মুখত প্ৰস্বাৱ কৰিছিল আৰু মই তেঁওৰ মুখত খাদ্য তুলি দিছো। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি, ঠিক একেদৰে তেঁওৰো ৰাষ্ট্ৰপতি, গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য। মনত ৰাখিবা প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে।

এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবেই বিশ্বৰ চুকে-কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা।"

বিদ্ৰ: নেলছন মেণ্ডেলাৰ নীতিশিক্ষামূলক কাহিনীটো বিশেষ সংযোজন ঘটোৱা হৈছে। মূল লেখকৰ লেখাৰ কোনো হৰণ-ভগণ কৰা নাই।




💐 প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক। হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒



Saturday, September 2, 2023

ভাষণ কেনেকৈ দিব লাগে ? How to give a speech?

ভাষণৰ ভাষা সহজ-সৰল হোৱা উচিত ! How to give a speech ?

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
   



১/ ভাষণ কেনেকৈ দিয়া হয় ?
   ভাষণ কেনেকৈ দিয়া হয় বুলিলে চিধাই ক'ব পাৰি যে বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়েই ভাষণ এটা দিয়া হয়। ভাষণ এটা সাব্যস্ত কৰিবলৈ যাওঁতে আপুনি মনত ৰাখিব লগীয়া মূল কথা হ'ল বিষয়বস্তু চিনাক্তকৰণ আৰু ইয়াৰ সম্পৰ্কে কিছু পূৰ্বজ্ঞান আহৰণ।
     বিষয়বস্তুটোৰ সম্পৰ্কে কবলৈ যাওঁতে ইয়াক কিছুমান অৰ্হতাত বিভক্ত কৰি ল'লে সুবিধা হয়। প্ৰতিটো অৰ্হতাৰ ওপৰত ভিত্তি কৰিয়েই ভাষণ দীঘলীয়া কৰি নিব পাৰি। উদাহৰণ স্বৰূপে যদি আপুনি 'পৰিৱেশ'ৰ ওপৰত ভাষণ এটা দিবলৈ বিচাৰিছে তেন্তে প্ৰথমে আপোনাক প্ৰয়োজন হ'ব পৰিৱেশ কাক বোলে জনাটো। তাৰপাছত ক্ৰমে পৰিৱেশৰ ভাগ, ইয়াৰ পৰা লাভাম্বিত হ'ব পৰা দিশসমূহ, ইয়াৰ অসুবিধা সমূহ, পৰিৱেশৰ উন্নতকৰণত ল'ব লগা যতন.. আদি দিশবোৰ। অৰ্হতাৰ ওপৰত আপোনাৰ জ্ঞান কিমান আছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ ভাষণৰ ফলাফল। 
 ভাষণৰ ভাগসমূহ -
 ১/ ক) সভাৰ সভাপতি মহোদয়ক সম্বোধন
     খ) উপস্থিত বিশিষ্ট অতিথি সকলক সম্বোধন
     গ) উপৱিষ্ট ৰাইজক সম্বোধন
২/ সভাত উপস্থিত সকলো লোককে সম্ভাষণ জনাই আৰম্ভণি ঘটাব লাগে।
৩/ তৃতীয়তে বিষয়বস্তু অনুসৰি অৰ্হতাবোৰৰ ভিত্তিত বৰ্ণনা আগবঢ়াব লাগে।
৪/ সামৰণিত পুনৰ সমূহ ৰাইজ আৰু উপস্থিত সভাসদক সম্ভাষণ আৰু ধন্যবাদ জ্ঞাপন কৰি বক্তৃতা সামৰিব লাগে।
      যিবিলাক লোকে সভা সমিতিত ভাষণ সলসলীয়াকৈ দিয়ে তেওঁলোকে এদিনতে এনে গুণ আয়ত্ব কৰা নাই। প্ৰকৃততে ভাল ভাষণ দিবলৈ সাধনাৰ প্ৰয়োজন। কছৰৎৰ প্ৰয়োজন। অধ্যয়নৰ প্ৰয়োজন। মধুৰ শব্দৰ ভঁৰাল আপোনাৰ মন-মগজুত তিল তিলকৈ গঢ়ি তোলিব লাগিব। প্ৰতিটো বিষয়ত খোকোজা নলগাকৈ ক'বৰ বাবে অধ্যয়ন নিতান্তই প্ৰয়োজনীয় বিষয়। 

      বিষয়বস্তুৰ ওপৰত সঠিক জ্ঞান নাথাকিলে আপুনি কোনো কালে এটা সুন্দৰ আৰু সাৱলীল ভাষণ আগবঢ়াব নোৱাৰে। সেয়ে ভাষণ দিবলৈ একেবাৰে নিম্ন শ্ৰেণীৰ পৰাই প্ৰতিজনে শিকা উচিত। শুদ্ধ উচ্চাৰণ আৰু উচ্চস্বৰ প্ৰয়োগ সফল ভাষণৰ অন্যতম দিশ। তদুপৰি সৎ সাহস হ'ল ভাষণৰ চালিকা শক্তি। সাহসৰ অবিহনে মনত থকা কথাবোৰো ভালদৰে উপস্থাপন কৰিব পৰা নাযায়। তাৰোপৰি অনৰ্গল কথাখিনি কৈ গ'লেও ই ভাষণৰ মাধুৰ্য্যতা হেৰুৱাই। শব্দ বিলাক উচ্চাৰণ কৰোঁতে সুৰ, লয় আদিৰ প্ৰতিও ভাষণ দিওঁতাজনে মন দিবলগীয়া হয়। শুনিবলৈ শুৱলা নহ'লে আপোনাৰ ভাষণ কোনোবাই শুনিব নে ? সেয়ে এটা ভাল ভাষণৰ ইও এটা গুণ।

      
২/বিষয়বস্তুৰ জ্ঞান আহৰণ!
     মধুৰ শব্দৰ প্ৰয়োগেৰে ভাষণ আগবঢ়াবলৈ বিষয়বস্তুৰ ওপৰত পৰ্যাপ্ত পৰিমাণে জ্ঞানৰ আৱশ্যক। এই জ্ঞান বৃদ্ধিৰ নিমিত্তে অধ্যয়নৰ গত্যন্তৰ নাই। বিশেষকৈ ছাত্ৰাৱস্থাতে এই দিশত নিজক আগুৱাই নিবলৈ চেষ্টা কৰা উচিত। বিদ্যালয়ৰ শিক্ষাৰ পাথ্যপুঁথিতে সাধাৰণতে প্ৰায়ভাগ প্ৰাসঙ্গিক কথা তথা সমল পোৱা যায়। কেৱল সমলবোৰ মনত ৰাখিব লাগে। স্মৃতিৰ ভঁৰালত সঞ্চিত কৰি ৰাখিবলৈ প্ৰয়াস কৰিব লাগে।      অভিজ্ঞতাৰ জ্ঞানে ভাষণ দিয়াত সহায় কৰে। বয়স বঢ়াৰ লগে লগে মানুহৰ জ্ঞান অভিজ্ঞতাৰ ভিত্তিত বাঢ়ে। কিছুমানৰ ক্ষেত্ৰত এই জ্ঞান কম,আন কিছুমানৰ ক্ষেত্ৰত সৰহ হয়। শিক্ষক, নেতা, বিভিন্ন বিষয়ববীয়া, চাকৰিয়াল লোক আদিৰ ক্ষেত্ৰতো একেই কথাবোৰ প্ৰযোজ্য। দেখা যায় নিৰক্ষৰ বা অৰ্ধ নিৰক্ষৰ লোকেও অভিজ্ঞতাৰ বলত সুন্দৰ ভাষণ আগবঢ়াব পাৰে। তেনেধৰণৰ মানুহ আমাৰ সমাজত বহু আছে যিবিলাকে আনকি গাওঁ বা সমাজ একোখন সুন্দৰকৈ চলাবলৈ পৰ্যন্ত সক্ষম। 
    বিভিন্ন বিষয়ক গ্ৰন্থ অধ্যয়ন , বিভিন্ন বাতৰি কাকত অধ্যয়ন, বিভিন্ন বিষয়ক আলোচনী অধ্যয়ন, লোককৃষ্টি, লোক সংস্কৃতিৰ সম্পৰ্কে অধ্যয়ন, মহৎ লোকসকলৰ ভাষণসমূহ অধ্যয়ন আদিৰ জৰিয়তে জ্ঞানৰ ভঁৰাল চহকী কৰিব পাৰি। মগজুত জ্ঞানৰ ভঁৰাল চহকী হ'লেহে ভাষণত বিষয়বস্তুৰ বিপৰীতে সলসলীয়াকৈ ক'ব পৰা যায়। সেই গুণ আয়ত্ব কৰিবলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, মনোযোগ আৰু মনত থাকিব লাগিব হেঁপাহ।

৩/ কবলগীয়া কথাবোৰ সজাই ল'ব লাগে!
      কোনো এখন সভাত আপুনি বক্তৃতা দিয়াৰ আগতে মনতে কবলগীয়া কথাবোৰ জুকিয়াই লৈ সজাই লওক। বিষয়বস্তু অনুসৰি অৰ্হতাবোৰ বা মূল কথাবোৰ কাগজত লিখি লওক। ভাষণৰ সময়ত সেইবোৰ চাই চাই বহলাই ব্যাখ্যা আগবঢ়াই গৈ থাকক। দেখিব আপোনাৰ ভাষণে এটা সুন্দৰ গতি লৈছে। কিন্তু মনত ৰাখিব আপোনাৰ মাতটোও যাতে সুৰীয়া হয় আৰু শব্দৰ উচ্চাৰণো শুদ্ধ হয়। আপোনাৰ দৈহিক ভংগিমাও দিবলৈ নাপাহৰিব। আপোনাৰ কোৱা কথাবোৰৰ লহৰে লহৰে আপোনাৰ দৈহিক ভংগিমাৰ পৰিৱৰ্তন কৰক। তেতিয়াহে আপোনাৰ কথাখিনি শুনি দৰ্শকে আমোদ পাব আৰু আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। বক্তাৰ প্ৰতি আকৃষ্ট হ'লেহে বক্তৃতা সফলকাম হয়।

৪/ টোকা বহীত মূল কথাবোৰ টুকি ল'ব লাগে!
           যি মানুহে ভাষণ দিয়ে তেওঁ সদায় এখন নোট বহী লোৱাৰ দৰকাৰ। কেতিয়াবা আনলোকৰ বক্তৃতা শুনিও কিছুমান কথা লিখি ল'ব পাৰি। পাছত তেনে সমূহে বক্তৃতা দিয়াত সহায় কৰে।

৫/ সামৰণি 

     সামৰণিত ক'ব বিছাৰো যে এজন ব্যক্তিৰ  বাবে এটা শুৱলা ভাষণ আগবঢ়োৱাটো যিদৰে ইমান সহজ নহয় সেইদৰে সিমান কঠিনো নহয়। অনুশীলনেই সফল ভাষণৰ মূল আধাৰ। বাক্যৰ গাঠঁনি শুদ্ধকৈ লিখিব আৰু পঢ়িব পাৰিলে ভাষণো শুদ্ধকৈ আগবঢ়াব পৰা যাব । আমি এনে সৰু সুৰা কথাবোৰত গুৰুত্ব নিদিওঁ বাবে ভাষণ ভালদৰে আগবঢ়াব নোৱাৰোঁ । 
    
     ভাল ভাষণৰ বাবে বিভিন্ন বিশিষ্ট নেতাসকলৰ ভাষণৰ গ্ৰন্থ সমুহ অধ্যয়ন কৰা উচিত। তেনে এজন বিখ্যাত নেতা আছিল 'আব্ৰাহাম লিংকন'।
আব্ৰাহাম লিংকনৰ বক্তৃতা সমূহৰ এখন গ্ৰন্থ হৈছে “আব্ৰাহাম লিঙ্কনৰ বক্তৃতা”। এই গ্ৰন্থখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষোড়শ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ দ্বাৰা প্ৰদান কৰা বিখ্যাত গেটীচবাৰ্গ ভাষণৰ দৰে বহুকেইটা উল্লেখযোগ্য ভাষণ, ঘোষণাপত্ৰ, তথা চিঠিৰ সংকলন। আমেৰিকা যুক্তৰাষ্ট্ৰ তথ্য সেৱাৰ পৃষ্ঠপোষকতাত এইসমূহক অসমীয়াৰ লগতে আন বিভিন্ন ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হৈছে। খুব সহজ সৰল ভাষাৰে আগবঢ়োৱা ভাষণবোৰ এবাৰ পঢ়িলে এৰিব মন নাযায়। গতিকে এনে গ্ৰন্থৰ পৰা আমি ভাষণৰ সম্পৰ্কে বহু কথাই অনায়াসে শিকিব পাৰোঁ। মই আশা ৰাখিছোঁ বিশেষকৈ আমাৰ ছাত্ৰ সমাজে এনে গ্ৰন্থ অধ্যয়ন কৰি এই দিশত আগবাঢ়ি যাব পাৰিব। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল। হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।




🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒



Thursday, August 24, 2023

বিদ্যালয়ত কেনেকৈ ভাষণ দিয়া হয় ? জানো আহক। How are speeches delivered in schools? Let's know.

বিদ্যালয়ত কেনেকৈ ভাষণ দিয়া হয় ? বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ বাবে লেখাটো আগবঢ়োৱা হ'ল। How are speeches delivered in schools? Let's know.

🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

   
     পৰম শ্ৰদ্ধাৰ ,আজিৰ সম্বৰ্দ্ধনা সভাৰ সভাপতি মহোদয়, প্ৰমুখ্যে শ্ৰদ্ধাৰ শিক্ষাগুৰুবৃন্দ, শ্ৰদ্ধাৰ বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল আৰু ভাইটি-ভণ্টিসকল।
       জয়জয়তে আজি 'শিক্ষক দিৱস'ৰ শুভ মূহুৰ্তত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক মোৰ আন্তৰিক শ্ৰদ্ধা তথা শুভেচ্ছা নিবেদন কৰিছোঁ।
   আজি 'শিক্ষক দিৱস'ৰ লগত সংগতি ৰাখি উদযাপন কৰা সম্বৰ্দ্ধনা সভাত মোৰ মনৰ কথাবোৰ ক'বলৈ সুবিধা দিয়াৰ বাবে মই আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
   আপোনালোক সকলোৱে নিশ্চয় জানে ৫ চেপ্তেম্বৰ দিনটোত কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৮৮৮ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৫ চেপ্তেম্বৰ'৬২ তাৰিখে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল । ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী একাধাৰে - শিক্ষক, দাৰ্শনিক, ৰাজনীতিবিদ, লেখক, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি । শিক্ষক ৰাধাকৃষ্ণণৰ অৱদানৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 
    উল্লেখ্য যে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে তেখেতৰ জন্ম দিনটো উদযাপন কৰিবৰ বাবে শিক্ষাগুৰুজনৰ অনুমতি বিচাৰিছিল। তেওঁলোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ৰাধাকৃষ্ণণে জন্ম দিনটো উদযাপন কৰিবলৈ তেওঁলোকক অনুমতি দিছিল। কিন্তু সমগ্ৰ ভাৰতৰে শিক্ষক সমাজক এই দিনটোতে শ্ৰদ্ধা, ভক্তি আৰু বন্দনা কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছিল। সেয়েহে ৰাধাকৃষ্ণণৰ পৰামৰ্শক শ্ৰদ্ধা জনায় ১৯৬২ চনৰ ৫ চেপ্তেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে তেওঁলোকে উলহ-মালহেৰে উদযাপন কৰে। সেই তেতিয়াৰ পৰাই আজিলৈকে তেওঁৰ জন্ম দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। 
     ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে সংক্ষেপে বৰ্ণনা আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ চেপ্তেম্বৰ তাৰিখে অন্ধ্ৰপ্ৰদেশৰ তিৰুতান্নি গাঁৱত, এটা ব্ৰাহ্মণ পৰিয়ালত । পিতৃ আছিল বীৰা চাৰ্মিয়া আৰু মাতৃ সীতাম্মা । তেওঁৰ পত্নীৰ নাম আছিল শিৱা কামু।  
     ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে স্নাতকোত্তৰ পঢ়ি শেষ কৰিয়েই ১৯০৯ চনত মাদ্ৰাছ প্ৰেচিডেন্সী কলেজত মালায়ালম ভাষাৰ এটা অস্থায়ী পদত শিক্ষকতাৰে তেওঁৰ শিক্ষক জীৱন আৰম্ভ কৰিছিল। তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে মহীশূৰ বিশ্ববিদ্যালয়ত দৰ্শন বিভাগৰ সন্মানীয় প্ৰবক্তা হিচাপে যোগদান কৰিছিল। ১৯২১ চনত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক কলকাতা বিশ্ববিদ্যালয়ৰ ৰজা পঞ্চম জৰ্জ আসনৰ অধ্যাপক হিচাপে নিযুক্তি প্ৰদান কৰা হয়। ১৯৩১ চনত ডঃ ৰাধাকৃষ্ণণক অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰা হয়। তেওঁ ১৯৩৬চনলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেওঁক ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়লৈ প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হ’ল। তাৰপাছত পণ্ডিত মদন মোহন মালব্যৰ আমন্ত্ৰণত ডঃ ৰাধাকৃষ্ণণে ১৯৩৯ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পদ গ্ৰহণ কৰে। আৰু তেওঁ ১৯৪৮ চনলৈকে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত থাকে। 
     তদুপৰি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৪৬ ৰ পৰা ১৯৫২ চনলৈ ইউনেস্ক’ত ভাৰতৰ প্ৰধান প্ৰতিনিধি হিচাপে আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ডঃ ৰাধাকৃষ্ণণে ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ সংবিধান সভালৈও নিৰ্বাচিত হৈছিল। ১৯৪৯ চনত গঠন হোৱা ভাৰতৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ তেওঁ সভাপতি আছিল আৰু অতি দক্ষতাৰে আৰু সফলতাৰে তেওঁ এই শিক্ষা আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। 
        ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ ১৯৫২ আৰু ১৯৬২ চনত ভাৰতৰ উপৰাষ্ট্ৰপতি পদত দুবাৰকৈ নিৰ্বাচিত হৈছিল । তাৰপাছতেই ডঃ ৰাধাকৃষ্ণণে ১৯৬২ চনত ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত ডঃ ৰাধাকৃষ্ণণে তেওঁৰ ৰাজনৈতিক জীৱনৰ অন্ত পেলায়। তাৰপাছত তেওঁ নিজৰ মাদ্ৰাজৰ পুৰণি ঘৰখনলৈ ঘূৰি যায় আৰু জীৱনৰ অন্তিম দিনকেইটা তাতে থাকিবলৈ লয় । ১৯৭৫ চনৰ ২২ জুনৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ইহলীলা সম্বৰণ কৰি স্বৰ্গগামী হয়। 
     ৰাধাকৃষ্ণণে লিখা কেইখনমান গ্ৰন্থ হৈছে -১/ The philosophy of Rabindranath Tagore, ২) Indian Philosophy , ৩/ The Hindu View of Life , ৪/ An Idealist View of Life , ৫/ Eastern Religions and Western Thought আদি। 
     ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ভাৰতৰ লগতে বিশ্বৰ এগৰাকী মহান শিক্ষাবিদ, দাৰ্শনিক তথা সন্মানীয় শিক্ষাগুৰু আছিল। ভাৰতৰত্ন ৰাধাকৃষ্ণণৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাতো সাৰ্থক কাৰ্য বুলি গণ্য কৰিব পাৰি।
     সেয়ে আজিৰ দিনটো শিক্ষাগুৰু সকলৰ কাৰণে এটা বিশেষ দিন হিচাপে বিবেচিত। শিক্ষক সমাজৰ
অপৰিসীম অৱদানক আজিৰ দিনটোতে মূল্যায়ন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাগুৰু সকলক শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰে। শিক্ষাগুৰুৰ প্ৰতি তেওঁলোকৰ আনুগত্যতা বিনম্ৰতাৰে প্ৰকাশ কৰে।
     এই আপাহতে আমিও..... আমাৰ বিদ্যালয়ৰ প্ৰতিজন শিক্ষাগুৰুৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰিছো আৰু গভীৰ শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ । যিদৰে বহু কষ্ট স্বীকাৰ কৰি, নিজক সমৰ্পণ কৰি বিগত দিনবোৰত শিক্ষাগুৰু সকলে আমাক জ্ঞানৰ মাৰ্গ দেখুওৱালে, জ্ঞানৰ আলোকেৰে জীৱন আলোকিত কৰাত নিজক ত্যাগ কৰিলে, একেদৰে আগন্তুক দিনবিলাকতো তেওঁলোকে যাতে সেই শক্তি লাভ কৰে, দীৰ্ঘায়ু হৈ কৰ্মত নিজকে নিয়োজিত কৰাব পাৰে, আমি তাৰে একান্ত কামনা কৰিলোঁ। যিসকল শিক্ষাগুৰুৱে বহু ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আমাৰ মাজৰ পৰা চিৰকাললৈ সংসাৰৰ মায়া-মোহ ত্যাগ কৰি আঁতৰি গ'ল আৰু যিসকল অৱসৰ গ্ৰহন কৰি ঘৰত নিজা কৰ্মত ব্ৰতী হৈ আছে তেখেতসকলকো এই ছেগতে আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা নিবেদন কৰিছোঁ।
     এইখিনিতে আমি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিগৰাকী শিক্ষাগুৰুক গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে আন্তৰিক সম্বৰ্দ্ধনা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ শিক্ষাগুৰুসকল ধন্য হ'ব আৰু তেখেতসকলে প্ৰতিজন ছাত্ৰ-ছাত্ৰীক গভীৰতম মানসেৰে আৰ্শীবাদ জনাব। 
     আজিৰ 'শিক্ষক দিৱস'ৰ তাৎপৰ্য অক্ষুণ্ণ ৰাখিবলৈ আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়াস কৰা উচিত। কেৱল 'শিক্ষক দিৱস'ৰ দিনটোতে শিক্ষাগুৰু সকলক সন্মান জনাই ক্ষান্ত থাকিলে নহ'ব, ইয়াৰ পৰৱৰ্তী প্ৰতিটো সময়তে আমি তেখেতসকলক সন্মান জনাব লাগিব। তেখেতসকলৰ গুণগান গাব পাৰিব লাগিব। শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগেৰে শুনিব লাগিব। শিক্ষাগুৰুৰ পৰামৰ্শ বোৰ শিৰোধাৰ্য বুলি গণ্য কৰিব লাগিব। কেৱল বিদ্যালয়ৰ চৌহদৰ আৱেষ্টনীত তেখেতসকলক সন্মান জনালেই নহ'ব, এই ধাৰা আমি আমাৰ জীৱনৰ প্ৰতিটো সময়তে অক্ষুণ্ণ ৰাখিব পাৰিলেহে শিক্ষাগুৰু সকলক প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব। তেতিয়াহে 'শিক্ষক দিৱস' আয়োজন কৰাৰ সাৰ্থকতা থাকিব। 
     আৰু বেছি বঢ়াই নাথাকো। পুনৰাই মোৰ আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা প্ৰতিজন শিক্ষাগুৰুলৈ নিবেদন কৰিছোঁ । তেখেতসকলৰ শ্ৰী চৰণত ভক্তিৰ পুষ্পমাল্য আগবঢ়াই মোৰ চমু বক্তব্য সামৰণি মাৰিলো। 
     জয়তু 'শিক্ষক দিৱস ' জয় !
     জয়তু শিক্ষাগুৰুবৃন্দ জয় !
     জয় আই অসম !


🎈🎈🎈🎈🪴🎈🎈🎈🎈🎈🎈🪴🎈🎈🎈🎈🎈
 
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
    
     

Saturday, August 12, 2023

পাম তেল শৰীৰৰ বাবে উপযোগী হয় নে ? Is Palm oil suitable for the body ?

📌 পাম তেল শৰীৰৰ বাবে উপযোগী হয় নে ? Is palm oil suitable for the body ?

            ইন্দোনেছিয়াৰ পাম গছৰ বাগান 
                জনবসতি সেৰেঙা অঞ্চল।
     

     🌿 পাম তেল শৰীৰৰ বাবে উপকাৰতকৈ অপকাৰ বেছি + পাম তেলৰ ব্যৱহাৰৰ ফলশ্ৰুতি অত্যধিক মেদবহুলতা + শিশুৰ শৰীৰত মেদৰ পৰিমাণ বৃদ্ধি ঘটায় + গৰ্ভাৱস্থা সময়ত ইয়াৰ ব্যৱহাৰ বিপদজনক + শৰীৰত হৃদৰোগৰ সমস্যা আৰু ষ্ট্ৰোকৰ সমস্যা সৃষ্টিত অৰিহণা 🌿

১/ পাম তেল কি আৰু কেনেকৈ উৎপাদন কৰা হয় ?
    পাম গছ বা তৈল খেজুৰৰ পৰা উৎপাদিত তেলেই হৈছে পাম তেল। অৰ্থাৎ তৈল পাম বা তৈল খেজুৰ খেজুৰী গছৰ সমজাতীয় আৰু ই পাইমাই গোত্ৰৰ অন্তৰ্ভুক্ত প্ৰজাতি। খেজুৰ গছৰ দুবিধ শ্ৰেণীৰ প্ৰধানকৈ এলেইছ গুইনীনচিছ (Elaeis guineensis ) আৰু ই.অলেইফেৰা (E.oleifera) শ্ৰেণীৰ প্ৰজাতিৰ খেতি কৰা পৰিলক্ষিত হয়। আকৌ টেনেৰা নামৰ হাইব্ৰিড পাম প্ৰজাতিক অধিক উৎপাদনক্ষম বুলি কোৱা হৈছে। পৃথিৱীৰ প্ৰায়বোৰ ঠাইতে ইয়াৰ খেতি কৰা হয়। 
    এখন দেশৰ অৰ্থনৈতিক দিশ টনকিয়াল কৰাৰ ক্ষেত্ৰত পাম তেলৰ খেতি অতি আশাব্যঞ্জক। এজোপা পাম গছৰ পৰা প্ৰায় ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় পাব পাৰি। ইয়াৰ অৰ্থ হৈছে ৭০ বছৰলৈ পাম গছ জোপাই উৎপাদন দি থাকিব সক্ষম বা জীয়াই থাকে। বিশেষকৈ এচিয়া মহাদেশৰ ব্ৰাজিল , দক্ষিণ-পূব এচিয়াৰ দেশসমূহত, আফ্ৰিকা , ইন্দোনেছিয়া, মালয়েছিয়া আৰু ইউৰোপ মহাদেশৰ দেশ সমূহে এই খেতি নিয়মীয়াকৈ কৰি আহিছে। সেয়ে এইসমূহ দেশৰ পৰা বিভিন্ন দেশে পাম তেল আমদানি কৰি সুগন্ধি দ্ৰব্যৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ভাৰতেও প্ৰায় ৫০% পাম তেল ইন্দোনেছিয়া আৰু মালয়েছিয়াৰ পৰা আমদানি কৰে। 
    দেশখনত তেল আৰু সুগন্ধিজাত দ্ৰব্যৰ চাহিদা বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে , তেলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে হয়তো ভাৰতৰ প্ৰায়ভাগ ৰাজ্যই তৈল পামৰ খেতি কৰিবলৈ সাজু হৈছে। পূৰ্বৰ প্ৰৱন্ধটোত http://anuragblogadress.blogspot.com/2023/08/is-aggression-of-capitalist-blessing-or.html এই সম্পৰ্কে কিছু আলোচনা আগবঢ়োৱা হৈছিল। 
    অসমেও এই সোঁতত আগবাঢ়ি ৰাজ্যৰ অৰ্থনৈতিক দিশ টনকিয়ালৰ লক্ষ্য আগত ৰাখি তৈল পামৰ খেতি কৰিবলৈ মন মেলিছে। অসমৰ প্ৰতিখন জিলাতে পাম তেলৰ খেতি কৰিবলৈ ইতিমধ্যে আঁচনি প্ৰস্তুত কৰিছে। বিশেষকৈ ছন পৰা মাটি, খাল বিলৰ মাটি, গড়াবাদী মাটি, নৈৰ দাঁতিৰ আবাদী অঞ্চল আদিবোৰত পাম খেতি কৰিবলৈ মাটি অধিগ্ৰহণ কৰিছে অসম চৰকাৰে। কিন্তু পাম তেলৰ সম্পৰ্কে থকা অপকাৰী দিশৰ বাবে আমাৰ সমাজৰে একাংশই ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। অৱশ্যে ইয়াৰ সৈতে ৰাজনৈতিক কাৰণো নথকা নহয়। তদুপৰি চৰকাৰৰ কিছুমান হঠকাৰী আঁচনিয়ে অসমৰ জনগণৰ মনত বিপদৰ আশংকা ইতিমধ্যে কঢ়িয়াই আনিছে। উদাহৰণস্বৰূপে বৃহৎ নদী বান্ধৰ কথাকে ক'ব পৰা যায়। সোৱণশিৰি নদী বান্ধ, নেপকোৰ নদী বান্ধ, নেপালৰ কুৰিশ্চু নদীৰ নদী বান্ধ আদিয়ে ৰাইজক যিদৰে জ্বলাকলা খুৱাইছে,ঠিক একেদৰে তৈল পামৰ খেতিয়েও যে এদিন আমাক জ্বলাকলা খুৱাব সেয়া নিশ্চিত বুলি ভাবি ৰাইজ প্ৰতিবাদমুখৰ হৈ উঠিছে। বিপদৰ, আশংকাৰ গোন্ধ পাইছে ৰাইজে। এই আশংকা চৰকাৰে দূৰ কৰিব অপাৰগ হ'লে গণ আন্দোলনৰ সন্মূখীন হোৱাৰ সম্ভাৱনাই অধিক। উল্লেখিত কাৰণতে হয়তো এনে আঁচনিবোৰৰ ওপৰত জনসাধাৰণৰ বিশ্বাসযোগ্যতা হেৰাব ধৰিছে। 
    ই যি কি নহওঁক, অসমৰ কৃষি বিজ্ঞানী সকলৰ মতেও তৈল পামৰ খেতি অতি লাভজনক আৰু ভৱিষ্যতৰ আশংকাহীন খেতি। তেওঁলোকৰ মতে পাম তেলৰ খেতিত পাম গছৰ পুলি ৯.০ মিটাৰ ব্যৱধানত ৰোৱা হয় বাবে আন খেতিৰ বাবেও সুবিধা থাকে। যেনে - আদা, হালধি, নেমু, জাহাজী কল, বিলাহী, বেঙেনা, জলকীয়া, বিভিন্ন ফুলৰ খেতি আদি কৰিব পৰা যায়। গতিকে এই দৃষ্টিকোণেৰে চালে পাম তেলৰ খেতি উপযোগী আৰু সম্ভাৱনাময়। কিন্তু অপকাৰী দিশবোৰলৈ দৃষ্টি দিলে এই খেতি কৰা সমীচিন নহ'ব। অসমৰ নিচিনা সেমেকা জলবায়ুৰ অঞ্চলত সকলোতকৈ বেছি ধান খেতিয়ে উত্তম খেতি হিচাপে বিবেচিত। অপকাৰী দিশ সমূহ বিশেষকৈ শৰীৰৰ বাবে অপকাৰী দিশ কি কি আছে তলত আলোচনা কৰা হৈছে।
  উল্লেখ্য যে কাৰখানাত খাৰুৱা অপৰিশোধিত পাম তেলক ব্লিচিং, ডিঅ'ড্ৰাইজিং আৰু নিউট্ৰেলাইজিং কৰি ৰিফাইন পাম তেল তৈয়াৰ কৰা হয়। 
    
২/ পাম তেলৰ পৰা কি কি প্ৰস্তুত কৰা হয় ?
    মানুহৰ দৈনন্দিন জীৱনত বহুতো তৈলজাত সামগ্ৰীৰ প্ৰয়োজন হয়। তাৰ ভিতৰত বিভিন্ন সুগন্ধিজাত দ্ৰব্য ক্ৰীম, তেল, ছেম্পু, পূৰ্ব প্ৰস্তুতিত ভোজ্য সামগ্ৰী বা পেকেট খাদ্য বা শিশুৰবাবে পেকেট খাদ্য আদিয়ে প্ৰধান। উল্লেখিত সামগ্ৰী সমূহ পাম তেলৰ পৰা উৎপাদন কৰা হয়। তদুপৰি চকলেট, আইচক্ৰীম,টুথপেষ্ট আদিও পাম তেলৰ উৎপাদিত দ্ৰব্য। উল্লেখ্য যে বজাৰত উপলব্ধ বিভিন্ন পেকেটৰ খাদ্যত পাম তেল ব্যৱহাৰ কৰা হয়। মহিলা সকলৰ প্ৰিয় L'Oreal ৰ লিপিষ্টিক আৰু বিভিন্ন ক্ৰীমতো পাম তেলৰ উপাদান পাল্মিটিক এচিড (Palmitic Acid) ব্যৱহাৰ কৰা হয়। প্ৰাপ্ত তথ্য অনুসৰি চীন, ভাৰত, ইন্দোনেচিয়া, মালয়েছিয়া আৰু ইউৰোপৰ দেশসমূহেই পাম তেলৰ মুখ্য উপভোক্তা। 
   
৩/ কোন শ্ৰেণীৰ মানুহৰ বাবে ইয়াৰ প্ৰয়োজন ?
    সুগন্ধি দ্ৰব্য, টুথপেষ্ট,তেল আদি সকলো শ্ৰেণীৰ মানুহকে কম বেছি পৰিমানে প্ৰয়োজন হয়। সাম্প্ৰতিক সময়ত বিশ্বৰ দেশ সমূহত যিদৰে জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তাৰ সমানুপাতে সুগন্ধি দ্ৰব্যৰো প্ৰয়োজন হৈ পৰিছে। বিভিন্ন ফুলৰ পৰা উৎপাদিত তেলে মানুহৰ এই প্ৰয়োজনীয়তা পূৰাবলৈ সক্ষম হোৱা নাই। তাৰ ওপৰত ভিত্তি কৰিয়েই আজি দেশ বিলাকে এই দিশত নতুনত্ব আনি অধিক লাভৱান হোৱাৰ মানসেৰে লগতে জনগণৰ আকাংক্ষিত চাহিদা পূৰণ কৰিবলৈ পাম তেলৰ খেতি কৰিবলৈ লৈছে। ভুল আমাৰে। কাৰণ আমি সুগন্ধি দ্ৰব্য, টুথপেষ্ট, শিশুৰ চকলেট, পেকেট খাদ্য আদিবোৰৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছো যে চৰকাৰে এই চাহিদা পূৰাবলৈ অন্য চিন্তা কৰিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিছে।
৪/ পাম তেলৰ উপকাৰিতা আছেনে ?
    তৈল খেজুৰৰ জৰিয়তে ফাৰ্ষ্টফুড তৈয়াৰী কৰা হয়। ই বহুতো ৰাসায়নিক উপাদানেৰে গঠিত এবিধ উদ্ভিদ। পাম গছৰ পৰা উৎপাদিত তেল এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ। তদুপৰি পাম তেলত ভিটামিন A আৰু ভিটামিন E নিহিত থাকে । ভিটামিন A নিহিত থকাৰ বাবে ই দৃষ্টি শক্তি বৃদ্ধিকাৰক। হাড় শক্তিশালী কৰাত সহায় কৰে। আমাৰ চুলি, ত্বক আৰু নখৰ অৱস্থা উন্নতি ঘটায়। আনকি ইয়াক বিভিন্ন ঔষধ হিচাপেও ব্যৱহাৰ কৰা পৰিলক্ষিত হয়। মহিলাৰ ডিম্বাশয়, জৰায়ু বা স্তনৰ ৰোগৰ উপশমৰ ক্ষেত্ৰত ই ফলদায়ক ঔষধ। 
      আন গছতকৈ ১০ গুণ বেছি পৰিমাণে অক্সিজেন গেছ জীৱ জগতক প্ৰদান কৰাত পাম গছে সহায় কৰে। এজোপা পাম গছৰ পৰা অতি কমেও ৬০ ৰ পৰা ৭০ বছৰ পৰ্য্যন্ত আয় কৰিব পৰা যায়। অৱশ্যে প্ৰদূষণ মুক্ত পৰিৱেশ সৃষ্টি, অৰ্থনৈতিক মুক্তি, বেকাৰ জীৱন অৱসান আদিৰ ক্ষেত্ৰতো ই অৰিহণা আগবঢ়ায়।
     তদুপৰি পামতেল এবিধ কলেষ্টৰেল মুক্ত ভোজ্য দ্ৰব্য, সেয়ে ইয়াৰ ব্যৱহাৰৰ ফলত দেহত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস পায়। তাৰোপৰি পামতেলে উপকাৰী এইছ ডি এল কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি ঘটোৱাত সহায় কৰে। হৃদৰোগৰ প্ৰৱণতা হ্ৰাসতো ইয়াৰ অৰিহণা আছে। 
     
৫/ পাম তেলৰ অপকাৰী গুণ কি কি ?
   পাম তেলত নিহিত থকা বিভিন্ন উপাদান সমূহ নিৰীক্ষণ কৰি অধ্যয়ন কৰিলে বুজিব পাৰি যে পাম তেল মানুহৰ বাবে কিমান অপকাৰী। ইয়াৰ আগৰ প্ৰৱন্ধটোত পাম তেলৰ অপকাৰী দিশ কিছুমান উল্লেখ কৰিছিলোঁ। এতিয়া ইয়াৰ উপাদান সমূহৰ আৰু মানুহৰ শৰীৰত হ'ব পৰা পাৰ্শ্বক্ৰিয়া সম্পৰ্কে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰিম।
   পাম তেল বিভিন্ন উপাদানেৰে গঠিত এবিধ প্ৰাকৃতিক ভাৱে আহৰিত তেল। পাম তেলত নিহিত থকা বিশেষ উপাদান সমূহ হৈছে - প্ৰায় ৫০ শতাংশ সংপৃক্ত চৰ্বি থাকে য'ত ৪৪ শতাংশ পাল্মিটিক এচিড, ৫ শতাংশ ষ্টেৰিক এচিড আৰু ক্ষুদ্ৰ পৰিমাণৰ মাইৰিষ্টিক এচিড থাকে। আনহাতে ৪০ শতাংশ একক অসংপৃক্ত চৰ্বি (Monounsaturated fat) অলিক এচিড থাকে আৰু ১০ শতাংশ বহু অসংপৃক্ত চৰ্বি (Polyunsaturated fat) লিন'নিক এচিড থাকে। উল্লেখ্য যে চিকিৎসক সকলৰ মতে অতিৰিক্ত সংপৃক্ত চৰ্বিয়ে আমাৰ শৰীৰত হৃদৰোগৰ সমস্যা আৰু ষ্ট্ৰোকৰ সমস্যা সৃষ্টিত অৰিহণা যোগায়। মেদবহুলতাও পাম তেল ব্যৱহাৰৰ অন্যতম কাৰণ।
    পাম তেলৰ বহু পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হয়। বিজ্ঞানীসকলৰ ভাষ্য অনুসৰি 'ৰঙা পাম তেল'ত বিটা কেৰটিন নামৰ ৰাসায়নিক উপাদান বেছিকৈ থাকে। বিটা-কেৰোটিন (β- Carotene / C40H56) অৰ্থাৎ β-কেৰোটিন মুখ্যতঃ শৰীৰৰ চৰ্বি কলাত সঞ্চিত থাকে। অত্যাধিক β-কেৰোটিন ব্যৱহাৰৰ আটাইতকৈ সচৰাচৰ পাৰ্শ্বক্ৰিয়া হৈছে কেৰোটেনোডাৰ্মিয়া বা কেৰোটেনেমিয়া বা জণ্ডিছ , এক শাৰীৰিকভাৱে ক্ষতিহীন স্থিতি যি এপিডাৰ্মিছৰ আটাইতকৈ বাহিৰৰ স্তৰত কেৰোটিনইড জমা হোৱাৰ ফলত উদ্ভৱ হোৱা এক সুস্পষ্ট কমলা ছালৰ ৰং হিচাপে উপস্থাপন কৰে। অৰ্থাৎ বি কেৰোটিনৰ মাত্ৰা অধিক হ'লে শৰীৰত হালধীয়া বৰণ ধৰে যাক জণ্ডিছ বুলি কোৱা হয়। পাম তেলত এই উপাদান বেছি পৰিমাণে জমা থকাৰ বাবে পাম তেল এমাহৰ পৰা দুমাহ খোৱাৰ পাছত শৰীৰত অত্যধিক চৰ্বিয়ে বাহ সাজে যাৰ ফলত পাম তেলে মানৱ শৰীৰত ভীষণ ক্ষতি সাধন কৰাত অৰিহণা যোগায়। দেহত চৰ্বিৰ পৰিমাণ বাঢ়ে, ফলত কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়। সেয়ে কোনো ৰোগীৰ দেহত চৰ্বিৰ মাত্ৰা হ্ৰাস পালে চিকিৎসকে বি কেৰোটিন খাবলৈ পৰামৰ্শ আগবঢ়ায়। 
    শিশু সকলৰ ক্ষেত্ৰতো এই প্ৰভাৱ দেখা যায়। মৰ্টন, চকলেট, জেমছ আদি পাম তেলৰ সহায়ত প্ৰস্তুত কৰা হয়। এইবোৰ শিশুৰ প্ৰিয় খাদ্য হিচাপে চিহ্নিত। শিশুৱে দিনত অতি কমেও দুটা চকলেট, জেমছ আৰু পেকেট খাদ্য খায়। ফলস্বৰূপে তেওঁলোকৰ শৰীৰত ক্ৰমান্বয়ে মেদৰ পৰিমাণ আমাৰ অলক্ষিতে বৃদ্ধি পাবলৈ ধৰে। সেয়ে আজিকালি শিশু অৱস্থাতেই ল'ৰা ছোৱালীবিলাকৰ শৰীৰত অত্যধিক মেদবহুলতাই দেখা দিয়ে। অৱশ্যে কেৱল পাম তেলৰ বাবে শিশুৰ মেদবহুলতা নহয়। আন বিভিন্ন প্ৰতিক্ৰিয়াৰ কাৰণো নিশ্চয় আছে। 
    গৰ্ভাৱস্থা সময়ত পাম তেলৰ ব্যৱহাৰ অতি বিপদজনক বুলি চিকিৎসকসকলে ক'ব খোজে। কাৰণ পাম তেলে অতিৰিক্ত মেদৰ সৃষ্টি কৰে। গৰ্ভাৱস্থা সময়ত উদৰত অতিৰিক্ত মেদ জমা হ'লে সন্তান জন্মত অসুবিধাই দেখা দিয়ে। তদুপৰি প্ৰসূতি গৰাকীৰ এনিমিয়া হোৱাৰ সম্ভাৱনাও থাকে। অৱশ্যে গৰ্ভাৱস্থাৰ শেষৰ দুমাহৰ সময়ছোৱাত পাম তেল ব্যৱহাৰ কৰিব পাৰে বুলি চিকিৎসকে পৰামৰ্শ আগবঢ়ায়। 
   
৬/ সামৰণি 
২০১৬ চনত বিশ্বব্যাপী পাম তেলৰ উৎপাদন আছিল আনুমানিক ৬২.৬ মিলিয়ন টন , ইয়াৰ বিপৰীতে ২০১৫ চনত কেৱল ৫৯.৯ মিলিয়ন টন উৎপাদন হৈছিল বুলি জনা যায়। যাৰ পৰিমাণ ২০১৫ চনতকৈ ২.৭ মিলিয়ন টন বেছি। আকৌ ২০১৬ চনত উৎপাদিত তেলৰ মূল্য আছিল আনুমানিক ৩৯.৩ বিলিয়ন ডলাৰ। ইয়াৰ পৰা বুজিব পাৰি যে সাম্প্ৰতিক সময়ত পাম তেলৰ চাহিদা কিমান বৃদ্ধি হ'ব ধৰিছে।  
    বহু দেশে পাম খেতি কৰিবলৈ এৰিছে বুলি কোৱা কথাষাৰ এশ শতাংশ অৰ্থাৎ সম্পূৰ্ণ সত্য নহয়। কাৰণ বৰ্তমানৰ সময়ত বিভিন্ন দেশে কৰি থকা পাম খেতিৰ সম্পৰ্কে অধ্যয়ন কৰিলে এই কথা গম পোৱা যায়। নতুনকৈ বহু দেশে পাম খেতি কৰিবলৈ সাজু হোৱা কথাহে গম পোৱা যায়। শ্ৰীলংকাই পাম তেলৰ খেতি আংশিক ভাৱে বন্ধ কৰিব বাধ্য হ'ল কাৰণ দেশখনৰ জনসাধাৰণে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। জনসাধাৰণৰ মতে পাম তেল খেতিয়ে শ্ৰীলংকাৰ জলবায়ু প্ৰদূষিত কৰিছে আৰু সাগৰৰ পানী ব্যাপক হাৰত শুকাই যোৱাৰ আশংকা আছে।
    কিন্তু এমিৰিটাছ অধ্যাপক আছোকা নুগাৱেলাই (চিইএ বিশেষজ্ঞ পেনেলৰ পৰামৰ্শদাতা) বিশেষজ্ঞ মংগাবেক কৈছিল যে "যদি আপুনি তেলৰ পাম খেতি-বাগান পৰিদৰ্শন কৰে, তেন্তে আপুনি জীৱনেৰে পৰিপূৰ্ণ স্বাস্থ্যকৰভাৱে প্ৰবাহিত সোঁতবোৰহে দেখিবলৈ পাব ।" 
    আকৌ প্ৰতিবাদকাৰীসকলৰ যুক্তি খণ্ডন কৰি নুগাৱেলাই কৈছিল , "শ্ৰীলংকাৰ প্ৰথম তেল পাম খেতি নাকিয়াডেনিয়া ইষ্টেটত ৫০ বছৰৰো অধিক সময় ধৰি চলি আছে, অথচ অঞ্চলটোত পানীৰ সমস্যাৰ কোনো লক্ষণ নাই । 2018 চনৰ এক অধ্যয়নত নাকিয়াডেনিয়াৰ এটা সোঁতত মিঠা পানীৰ মাছৰ এটা নতুন প্ৰজাতিৰ বৰ্ণনা এতিয়াও পোৱা গৈছে ; নুগাৱেলাই কৈছিল যে এইটোৱে প্ৰমাণ কৰে যে তৰ্ক কৰি পানী শুকাই যোৱা বুলি কোৱা কথাবোৰ ভিত্তিহীন। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন হৈছে পানীৰ উপলব্ধতা প্ৰভাৱিত কৰা এক অধিক সম্ভাৱনাপূৰ্ণ কাৰক, বৰষুণৰ প্ৰকাৰ অধিক অনিয়মীয়া হৈ পৰিছে। তেওঁ এইটোও কৈছিল যে মাটি খহনীয়াৰ বিষয়টো এটা ব্যৱস্থাপনা সমস্যা যাৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।"
    অৰ্থাৎ ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে পাম তেলৰ খেতিৰ বাবে পানী শুকাই যোৱা কথাটো সম্পূৰ্ণ ভাৱে সত্য নহয়। ৫০ বছৰো অধিক কৰা খেতিৰ পাছতো যদি পানী শোষণৰ কোনো প্ৰমাণিক তথ্য নাথাকে তেন্তে আমি কি ভাবিম ? 
    কিন্তু আমি নিশ্চিত ভাৱে ক'ব পাৰোঁ যে পাম তেলৰ খেতিৰ ফলত পেলনীয়া তেলৰ সামগ্ৰী আৰু পাম গছৰ শুকান পাতবোৰ চাফা কৰাৰ নামত যদি জ্বলাই দিয়া হয় তেন্তে ইয়াৰ পৰা নিৰ্গত হ'ব বহু পৰিমাণৰ কাৰ্বন মন-অক্সাইড গেছ যাৰ ফলত জলবায়ু প্ৰদূষিত হোৱাৰ ৯৯% সম্ভাৱনা আছে।
    ইন্দোনেছিয়াত আজি ২৫ - ৩০ বছৰ পৰ্য্যন্ত পাম তেলৰ খেতি কৰি আহিছে। তাকো সম্পূৰ্ণ পাহাৰৰ ওপৰত। য'ত পানীৰ পৰিমাণ কম। অথচ সেই পাহাৰতে সুন্দৰ সৰু বৰ, চৰকাৰী নতুবা ব্যক্তিগত পাম তেলৰ বাগান আজিও অক্ষুণ্ণ আছে। ইয়াৰ কাৰণ কি ? নিশ্চয় অত্যধিক পৰিমাণে পানী শুকাই যোৱা বুলি কৰা আশংকা মিছা প্ৰচাৰ। অৱশ্যে খেতিৰ অঞ্চল পাহাৰীয়া অঞ্চল হোৱা বাবে তাৰ পৰা পেলনীয়া বা বৰ্জিত সামগ্ৰী সমভূমি অঞ্চলৈ বৈ যোৱাত অধিক হাৰত প্ৰদূষণ হ'ব ধৰিছে। ইন্দোনেছিয়াৰ এটা ৱেবছাইটত পোৱা মতে পাম গছৰ তেলৰ পৰা লাভ হয় যিমান, পৰিৱেশ বিনষ্ট কৰে সিমান। ইণ্ডোনেছিয়াত পাম তেলৰ খেতিৰ বহনক্ষম আৰু স্থায়িত্বৰ বাবে ইণ্ডোনেছিয়া বহনক্ষম পাম তেল প্ৰণালী (আই.এছ.পি.ও.) প্ৰৱৰ্তন কৰা হৈছিল। সকলো উৎপাদকৰ বাবে প্ৰযোজ্য হোৱা পৰিৱেশ, শ্ৰমিক আৰু স্থানীয় জনসংখ্যাৰ সন্মান সম্পৰ্কীয় নিয়মবোৰৰ মানদণ্ড আৰু সন্মান নিশ্চিত কৰাৰ বাবে ই এক বাধ্যতামূলক প্ৰমাণপত্ৰৰ আঁচনি হিচাপে বিবেচিত। অৰ্থাৎ পাম তেলৰ খেতি কৰিবলৈ হ'লে বহনক্ষম ক্ষমতা অক্ষুণ্ণ ৰাখিব পৰা ব্যৱস্থাও খেতি কৰা কম্পেনীয়ে কৰিব লাগিব।
    শ্ৰীলংকাৰ এজন বিশেষজ্ঞৰ মতে 'পানী শুকাই যোৱাৰ সম্ভাৱনা আছে' বুলিহে ক'ব খোজে বিজ্ঞানী সকলে। পাম তেলৰ খেতিৰ সম্পৰ্কে অসমৰ বিজ্ঞ সমাজ আজিও নিমাত কিয় ? 
    সময়েহে ক'ব কৰ পানী কলৈ যায়। মুঠৰ ওপৰত বিষয়টো বৰ স্পৰ্শকাতৰ যেন অনুভৱ হ'লেও পাম তেলৰ খেতি যে নিশ্চিত সেয়া নকলেও হয়।
       এচামে বুজি উঠিলে যে অসমৰ মানুহবোৰ আবেগিক। সময় চেৰেক অতিক্ৰম কৰা মাত্ৰকে মূল ঘটনাৰ সম্পৰ্কে পাহৰি যায়। হঠাৎ দপদপাই জ্বলি উঠা জুই, নিমিষতে নিৰ্বাপিত হয়। সেই সুবিধা গ্ৰহণ কৰিছে পুঁজিপতি শ্ৰেণীয়ে । আনহাতে প্ৰয়োজনীয়তা পূৰাবলৈ বিকল্প চিন্তা কৰাত বাদে গত্যন্তৰ নাই।
🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Source : Wikipedia, Article Name -
             1. Oil palm production in Indonesia               2. Oil palm plantation Indonesia
             By Harryboyels of Indonesia.
Source: Wikipedia, Article Name -
              3. Mire , By Baylorfk of Indonesia.
Source : Aajtak Bangla, Article Name -
              4. Palm Oil Disadvantages
Source : Bangla Wikipedia , Article Name -                5. পাম তেল উদ্ভিজ্জ্য তেল 
                 By Kanik Bot of Bangladesh.
Source: MONGABAY, Article Name -
              6. Sri Lanka to ban palm oil.                           imports ,raze plantations over.                       environmental concerns.
                   By Malaka Rodrigo, 2021.
💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐
   


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴




Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts