🙏🙏🙏ছক্ৰেটিছ , নৈতিক শিক্ষা আৰু কৰ্মনিষ্ঠা।# নৈতিক আচৰণ কি #কৰ্তব্য পালন # কৰ্মনিষ্ঠা।🙏Socrates, moral education and dedication. #What is Ethical Conduct #Dutykeeping #Dedication.
এই উক্তিৰ পমখেদি গ'লে বৰ্তমানৰ প্ৰেক্ষাপটত পৰিলক্ষিত হয় ইয়াৰ এখন ওলোটা প্ৰতিচ্ছবি। আজিকালি নৈতিক আচৰণৰ বাৰুকৈয়ে অভাৱ হোৱা দেখা যায়। ইয়াৰ প্ৰমাণ হৈছে সাম্প্ৰতিক সময়ত সমাজত ঘটি থকা কিছুমান অনৈতিক কাৰ্য। ক'ৰবাত নৈতিক আচৰণ দেখুৱাই ঠগিছে, আন ক'ৰবাত নৈতিক আচৰণ দেখুৱাই প্ৰৱঞ্চনা কৰিছে, আন কিছুমানে মিছা প্ৰলোভন দেখুৱাইছে ... আদি ঘটনাৱলী আজিৰ সমাজ নিতৌ ঘটিবলৈ ধৰিছে।
নৈতিক আচৰণ কি ?
নৈতিক আচৰণ হ'ল মানুহৰ চেতন মনৰ এক বাস্তৱিক ক্ৰিয়া। মানুহ এজনে অন্য এজন মানুহক কৰা সৎ আচৰণ বা নিয়মিত আচৰণেই হৈছে নৈতিক আচৰণ বা আদৰ্শ আচৰণ। নৈতিক আচৰণৰ কিছুমান গুণ আছে। ছক্ৰেটিছে এই গুণসমূহক এনেধৰণে বিভক্ত কৰিছে : ১/ দূৰদৃষ্টি আৰু জ্ঞান, ২/ সাহস, স্থিৰতা আৰু ধৈৰ্য। , ৩/মিতাচাৰ, সুবিবেচনা আৰু আত্মসংযম , আৰু ৪/ বিচাৰবোধ আৰু ন্যায়পৰায়ণতা।
নৈতিক গুণৰ অধিকাৰী হ'বলৈ হ'লে তেওঁ সাহসী হবই লাগিব। সাহসী মানুহে নৈতিকতা বজাই ৰাখিব পাৰে। যি মানুহ কথাত দুৰ্বল, মন দুৰ্বল সেই মানুহে কেতিয়াও নৈতিকতা ধৰি ৰাখিব নোৱাৰে। মানুহে নিজৰ বিবেকেৰে পৰিচালিত হ'ব লাগিব , মনেৰে নহয়। মনেৰে নিৰ্বাচিত কৰা কামবোৰ ইচ্ছাৰ অধীনস্থ হয়। অৰ্থাৎ মানুহৰ মনত যি ইচ্ছা উদয় হয়, সেই ইচ্ছাকে মনেৰে পূৰ্ণ কৰিব বিচাৰে। কিন্তু বিবেক হৈছে বিচাৰ বিশ্লেষণৰ দ্বাৰা পৰিচালিত মানুহৰ এটা বিশেষ গুণ। বিচাৰ বিশ্লেষণেৰে কৰা কামটোৰ শুদ্ধতা থাকে। ইয়াত ঠগা, প্ৰৱঞ্চনা কৰা আদি মনোভাৱবোৰক বিবেকে বাধা প্ৰদান কৰে।
মানুহ হ'ব লাগে দূৰদৃষ্টি সম্পন্ন। যি মানুহৰ দূৰদৃষ্টিৰ মানসিকতা আছে, সেই মানুহেই জ্ঞানী ব্যক্তি হিচাপে বিবেচিত। জ্ঞানী লোকেহে ভৱিষ্যতৰ সম্পৰ্কে আগতীয়াকৈ অনুমান কৰিব সক্ষম হয়।
ধৈৰ্য হ'ল নৈতিকতাৰ আন এটা মহৎ গুণ । ধৈৰ্যৰ অবিহনে মানুহৰ একো কামেই সিদ্ধি নহয়।যি মানুহৰ ধৈৰ্য আছে সেই মানুহে নতুন সৃষ্টি কৰিব পাৰে।আশাৰ সীমনাত সহজে উপনীত হ'ব সক্ষম হয়। অধৈৰ্য মানুহৰ জীৱনলৈ সফলতা আহিব নোৱাৰে। আনকি এনে লোকে নৈতিক গুণবোৰো আহৰণ কৰিবলৈ অসমৰ্থ হয়। সেয়ে ধৈৰ্য নৈতিকতাৰ এক মহৎ গুণ হিচাপে পৰিগণিত।
"সজ কাম কৰাৰ সপোন দেখি সময় নকটাই ওৰে দিন সজ কাম কৰিবা।সজ কামৰ যোগেদি জীৱন, মৃত্যু আৰু সেই বিশাল চিৰন্তন - এক পৰম সুৱদি গীতলৈ ৰূপান্তৰিত হয়।" -- চাৰ্লচ কিংশলে।
সাম্প্ৰতিক সময়ত বিদ্যালয়ৰ শিক্ষাত নৈতিক আচৰণৰ শিক্ষা চলেনে ? বিদ্যালয়ৰ শিক্ষাত বিদ্যালয়ৰ শিক্ষা আৰু নৈতিকতাৰ মাজত সম্পৰ্ক আছে নে ? বিদ্যালয়ৰ শিক্ষাত কেৱল বৌদ্ধিক অনুশীলনৰ ওপৰতহে অধিক গুৰুত্ব দিয়া দেখা যায়। বৌদ্ধিক অনুশীলন সাধাৰণতে নৈতিক আচৰণত নপৰে বুলি ধৰা হয়। কেৱল ধৰ্মৰ মতসমূহ ছাত্ৰ-ছাত্ৰীৰ মূৰত সমুৱাই থলে তাৰ দ্বাৰা এজন ব্যক্তিৰ মনত থকা অসৎ প্ৰবৃত্তিসমূহ আঁতৰাব পৰা নাযায়। চেমুৱেল স্মাইলছে কৈছে - " বুদ্ধি হ'ল এটা আহিলা মাত্ৰ। ইয়াক কামত খটুৱায় ইয়াৰ অন্তৰালত থকা শক্তি কিছুমানে । এই শক্তিবোৰৰ ভিতৰত আছে - আৱেগ অনুভূতি, আত্মসংযম, আত্মানুশাসন, কল্পনা, উদ্যম আৰু চাৰিত্ৰিক ক্ষমতা, কাৰ্যশক্তি দান কৰা ক্ষমতাসমূহ । আকৌ এই গুণসমূহৰ সৰহ ভাগে শিশুৱে ঘৰৰ পৰাহে আয়ত্ত্ব কৰে। বিদ্যালয়ৰ পৰা সিমান বেছি নাপায়। " সেয়ে প্ৰকৃত নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত ঘৰখনৰ সমান অৱদান আন কাৰোৱে নাই। নতুন পুৰুষৰ ভৱিষ্যত ঘৰখনৰ পৰাহে পোখা মেলে।
সেয়ে ঘৰখনৰ পিতৃ মাতৃৰ বহু দায়িত্ব আৰু কৰ্তব্য থাকে। পিতৃ মাতৃৰ সুচিন্তা আৰু সুজ্ঞানে সন্তানক সৎপথত পৰিচালিত হোৱাত সহায় কৰে। কৰ্তব্য জ্ঞান কি বুজি উঠিব সক্ষম হয়।
সফলতাৰ ৰহস্য কি? সমাজৰ পৰা সন্মান লাভ কেনেকৈ পাব পাৰি? What is the secret to success ? How to get respect from the society, Do you know ? Read to know...
অসমীয়া ভাষা আৰু সাহিত্যৰ উৎপত্তি ও বিকাশ,এক চমু আভাস। The origin and development of Assamese language and literature, a brief glimpse.
🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀🥀
🙏প্ৰত্যেক জাতিৰেই নিজস্ব ভাষা থকাৰ দৰে আমাৰ অসমীয়া জাতিটোৰো নিজা ভাষা হিচাপে অসমীয়া ভাষা আছে।অসমীয়া ভাষাটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমাৰ সাহিত্য গঢ়ি উঠিছে। যদি ভাষাক এজোপা বৃক্ষৰ লগত তুলনা কৰোঁ তেন্তে সাহিত্যক সেই বৃক্ষৰ সুবাস বিয়পোৱা পুষ্প বুলি ক'ব পাৰোঁ।অসমীয়া সাহিত্য অসমীয়া জাতিৰ আশা-আকাংক্ষা,আনন্দ-বেদনা আৰু ভাৱ-কল্পনা প্ৰকাশৰ থল।সেয়েহে অসমীয়া সাহিত্যত অসমীয়া জীৱনৰ অভিব্যক্তি,চিন্তা-ভাৱনা,আশা-আকাংশা,ধৰ্ম-সমাজ,আচাৰ-নীতি,জীৱনবীক্ষা প্ৰতিফলিত হোৱা দেখা গৈছে।ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাৰ অন্যতম এটা অসমীয়া ভাষা।অসমীয়া জাতিৰ শিক্ষা-দীক্ষা,কলা-সংস্কৃতি আৰু সমাজৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে জানিবলৈ হ'লে অসমীয়া সাহিত্য অধ্যয়ন কৰিবলগীয়া হয়।
বহু যুগৰ অনুকূল আৰু প্ৰতিকূল অৱস্থাৰ মাজেদি সৰকি আহি অসমীয়া ভাষা আৰু সাহিত্যই বৰ্তমানৰ অৱস্থা লাভ কৰিছে।অসমীয়া সাহিত্য জনাৰ আগতে আমি অসমীয়া ভাষাৰ জন্ম-বৃত্তান্ত জানিব লাগিব।যিহেতু প্ৰথমতে ভাষা সৃষ্টি হয়,তাৰ পিছতহে সেই ভাষাৰ সাহিত্য সৃষ্টি হয়।ভাষা নোহোৱাকৈ সাহিত্যৰ সৃষ্টি হ'ব নোৱাৰে;কিন্তু সাহিত্য নোহোৱাকৈ ভাষা থাকিব পাৰে।
সম্ভৱত: ১০০০ খ্ৰীষ্টাব্দৰ ওচৰা-উচৰি সময়ত আন নব্য ভাৰতীয় আৰ্য ভাষাৰ লগে লগে অসমীয়া ভাষাৰো উৎপত্তি ঘটে।অসমীয়া ভাষা মূলত: আৰ্যভাষা পৰা আহিছে।অসমীয়া ভাষা আৰ্যভাষা সম্ভূত হ'লেও এই ভাষা কেৱল উত্তৰ ভাৰতৰ পৰাৰ অহা আৰ্যভাষা-ভাষীসকলৰ স্বকীয় সৃষ্টি বুলি ক'লে যুক্তিসংগত নহ'ব।অসমীয়া ভাষাৰ পৰিপুষ্টি সাধনত অসমত অতীজৰে পৰা বসবাস কৰা অনাৰ্যগোষ্ঠীৰ লোকসকলৰ ভাষাৰ প্ৰভাৱ নপৰাকৈ থকা নাই।
নদীৰ নাম,ঠাইৰ নাম,ধ্বন্যাত্মক শব্দ,অনুসৰ্গ,দুই-এটা প্ৰত্যয় আৰু কিছু ঘৰুৱা শব্দ অনাৰ্য ভাষাৰ পৰা লোৱা।অসমীয়া উচ্চাৰণ আৰু ধ্বনি বিকাশতো অনাৰ্য ভাষাৰ যথেষ্ট প্ৰভাৱ আছে।অসমীয়া ভাষা সংস্কৃত ভাষাৰপৰা উদ্ভৱ হৈছে বুলি কোৱা কথাটো সৰ্বাংশে শুদ্ধ নহয়।ভাষা বিচাৰৰ দৃষ্টিভংগীৰে চালে সংস্কৃত ভাষা বৈদিক ভাষাৰ সমগোত্ৰীয় কথিত ভাষা বিশেষৰ পৰিমাৰ্জিত আৰু সাহিত্যিক ৰূপহে।বৈদিক যুগৰ কথিত ভাষাবিশেষ বিভিন্ন আৰ্য অধ্যুষিত স্থানত তেতিয়া প্ৰচলিত আছিল।উত্তৰ পশ্চিম অঞ্চলৰ এনে কথিত আৰ্য ভাষাকেই ভেটি কৰি সংস্কৃত ভাষাৰ সৃষ্টি হৈছিল।সেই সময়ত সংস্কৃতৰ বাহিৰেও আৰ্য-সংস্কাৰযুক্ত জনসাধাৰণৰ মাজত দৈনন্দিন জীৱন যাত্ৰা নিৰ্বাহৰ ক্ষেত্ৰত অসংস্কৃত কথিত আৰ্য ভাষা প্ৰচলিত আছিল।বৈদিক যুগৰ প্ৰচলিত কথিত আৰ্য-ভাষাই ক্ৰমে পৰিৱৰ্তন লাভ কৰি আৰু সবল হৈ প্ৰাকৃত ভাষা ৰূপে অভিহিত হয়।আভিজাত্য-গৰ্বিত সংস্কৃত পণ্ডিতসকলে অৱজ্ঞাৰ দৃষ্টিৰে এই ভাষাসমূহক প্ৰাকৃত অৰ্থাৎ জনসাধাৰণৰ ভাষা বা অসংস্কৃত মূলভাষা বুলি আখ্যা দিছিল।জনসাধাৰণৰ মুখে মুখে এই প্ৰাকৃত ভাষাই আৰু সৰলতৰ হৈ অপভ্ৰংশত পৰিণত হয়।এই প্ৰাকৃত ভাষা ৰূপান্তৰৰ মাজেদি অসমীয়া ভাষা সৃষ্টি হ'ল।
প্ৰত্ন-অসমীয়াৰ প্ৰথম সাহিত্যিক নিদৰ্শন সহজযানী বৌদ্ধ সিদ্ধসকলৰ চৰ্যাগীতসমূহত পোৱা যায়।চৰ্যাসমূহত পশ্চিমা বা শৌৰসেনী অপভ্ৰংশৰ লক্ষণ দেখা যায়।চৰ্যাগীত সমূহ ৰচনাৰ তাৰিখ সম্পৰ্কে মতভেদ থাকিলেও সিবোৰ নৱম আৰু দ্বাদশ শতিকাৰ ভিতৰতে ৰচনা কৰা।বৌদ্ধ দোহাবিলাকৰ অনেক ধ্বনিতাত্ত্বিক আৰু ৰূপতাত্ত্বিক বিশেষত্ব অবিৰতভাৱে তেতিয়াৰ পৰা আধুনিক অসমীয়ালৈকে নামি আহিছে।বড়ু চণ্ডীদাসৰ 'শ্ৰীকৃষ্ণ-কীৰ্তন'-ৰো অনেক ভাষাতাত্ত্বিক বিশেষত্বই অসমীয়া ভাষাৰ পূৰ্বৰূপলৈ আঙুলিয়ায়।
চতুৰ্দশ শতিকাৰ কাব্যত আমি অসমীয়া ভাষা সম্পূৰ্ণ পূৰ্ণাঙ্গ সাহিত্যিক ভাষা ৰূপে পাওঁ।ইয়াৰ আগতে অসমীয়া ভাষাৰ পৰিষ্কাৰ ৰূপৰ নিদৰ্শন পোৱা নাযায়।ডক্টৰ বাণীকান্ত কাকতীয়ে অসমীয়া ভাষাৰ বুৰঞ্জীক প্ৰাচীন অসমীয়া ,মধ্য অসমীয়া আৰু আধুনিক অসমীয়া এই তিনি ভাগত ভাগ কৰিছে আৰু প্ৰাচীন অসমীয়াক প্ৰাগবৈষ্ণৱ আৰু বৈষ্ণৱত ভাগ কৰিছে।প্ৰাগবৈষ্ণৱ কবিসকলৰ ভাষাৰ দুই-এটি ৰূপতাত্ত্বিক বিশেষত্ব শঙ্কৰদেৱৰ যুগত লুপ্ত হয়।হেম সৰস্বতীৰ কবিতাত 'নফৰ'(আৰবী নফৰ্) শব্দটো ব্যৱহাৰে অসমীয়া ভাষাৰ শব্দ সম্ভাৰৰ বিশেষ এটি উপাদানৰ আৰম্ভণি সূচনা কৰে।শঙ্কৰদেৱৰ যুগত আৰবী-ফাৰ্চী মূলীয় শব্দৰ ব্যৱহাৰ আৰু মুকলি হয়।যেনে-চাহেব(আৰবী),চাকৰ,চকৰী(ফাৰ্চী),হাৰাম,হাৰামখোৰ(আ+ফা) আদি।সেই সময়তে ব্ৰজাৱলী ভাষা নামৰ এটি কৃত্ৰিম ভাষা সৃষ্টি হয়।সেই সময়তে গদ্য-পদ্য উভয়তে ভাষা ৰূপে ব্ৰজাৱলীক ব্যৱহাৰ কৰা দেখা গৈছিল।
সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ অভিনৱ ৰূপ ধাৰণ হয় সপ্তদশ শতিকাৰ আৰম্ভণিৰ পৰা।আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাৰ ফলত অসমীয়া সাহিত্যৰ ইতিহাসত এক পৰিৱৰ্তন আহিল।আহোমসকলৰ ঐতিহাসিক অভিৰুচিৰ প্ৰভাৱত ৰাজধানীৰ উচ্চ মহলত কথ্য ভাষাত সপ্তদশ শতিকাৰ দ্বিধীয়াৰ্ধত পুৰণি অসমীয়া বুৰঞ্জী,বাঁহগড়ীয়া বুৰঞ্জীকে আদি কৰি দুই এখন বুৰঞ্জী লিখা আৰম্ভ হয় আৰু বৈষ্ণৱ সত্ৰসমূহত সত্ৰীয়া শৈলীৰ কথ্য ভাষাত কথা-গুৰু চৰিতসমূহ ৰচিত হ'বলৈ ধৰে।এই দুটি নতুন প্ৰথাৰ দ্বাৰা ভাষাৰ কথ্য আৰু সাহিত্যিক ৰূপৰ ব্যৱধান আঁতৰ হয়।তদোপৰি আৰবী-ফাৰ্চীৰ ভাষাৰ শব্দ অসমীয়া ভাষালৈ একেলেথাৰিয়ে আহিবলৈ ধৰে।যেনে-হাৰামজাদী,জাগা,হুজুৰ,খিয়াল,ৰুটি,পাল্কি,হাচিল আদি।অানহাতে আৰবী-ফাৰ্চী মূলীয় শব্দৰ প্ৰয়োগ ঘটিছিল আজান ফকিৰ চাহাবে অসমত সৃষ্টি কৰা জিকিৰ বোৰত।হয়টো তেতিয়াৰ পৰাই দুনিয়াই,আচমান,বজাৰ(হাট),মোকাম(চিন) আদি শব্দবোৰে ঘৰুৱা শব্দত পৰিণত হ'ল।
আহোম যুগতে তাই ভাষাৰ বহু শব্দ অসমীয়া ভাষাত সোমায়।যেনে-বুৰঞ্জী,কাৰেং,ৰংঘৰ,বানকাঁহী,বানবাটি,চক্লং,নিচা,নামচাং,নামৰূপ,নামডাং,নামডাওফি আদি।এইটো কথা নুই কৰিব নোৱাৰি যে খাছী আৰু বড়োসকলৰ পৰাও কিছু শব্দ অসমীয়া ভাষাত সোমাই পৰা নাই।অসমত বিস্তৃতভাৱে সিঁচৰতি হৈ থকা ভৌগোলিক নামবোৰক পণ্ডিতসকলে বড়ো প্ৰভাৱ দেখা পায়।তদুপৰি অসমীয়া ধাতু,যৌগিক শব্দ আৰু প্ৰত্যয় কিছুমান বড়োৰ পৰা আহিছে বুলি ড° বাণীকান্ত কাকতিয়ে কৈছে।এনেদৰেই বিভিন্ন ভাষা,বিভিন্ন জাতিৰ পৰা অহা শব্দ গোট খাই অসমীয়া ভাষা পুষ্ট হৈছিল।