Saturday, December 30, 2023

আকৌ এটা বছৰে মেলানি মাগিলে...থোৰতে মোৰ মনৰ কথা। Again goodbye a year from us....a short note from my mind.

আকৌ এটা বছৰে মেলানি মাগিলে...থোৰতে মোৰ মনৰ কথা। Again goodbye a year from us.... a short note from my mind.

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹


    চাওঁতে চাওঁতে আকৌ এটা বছৰে আমাৰ পৰা মেলানি মাগিলে। হেৰাই যাব ক্ষণিকতে আকৌ এটা বছৰে। থৈ যাব অযুত পোৱা নোপোৱাৰ ঝংকাৰ। এৰি যাব দুখ-সুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, সীমাহীন সমস্যাৰে জৰ্জৰিত সময়ৰ প্ৰতিচ্ছবি। এয়া যে সময়। সময় নিৰৱধি। নিৰৱধি সময়ৰ বগী ঘোঁৰাক প্ৰত্যাহ্বান জনোৱাৰ শকতি আমাৰ হাতত নাই। আমি সময়ৰ দাস। সময়ে আমাক নচুৱাই, সময়ে আমাক হহুৱাই, সময়ে আমাক কন্দুৱাই। কেতিয়াবা সময়ে দি যায় দুওঁঠত আশাৰ বতৰা। এনেকৈয়ে অতিক্ৰম কৰি গৈ থাকে আমাৰ জীৱনৰ পালতৰা নাও। সময়ৰ সৰলৰৈখিক গতিৰে... ভৱিষ্যতৰ দিশেৰে। অবিৰাম! অহনিৰ্শ আদিৰ পৰা অন্তলৈ ,অন্তৰ পৰা অনন্তলৈ!

    সময় গতিশীল। সেয়ে ই পৰিৱৰ্তনশীল। সময়ে ৰূপ সলাই যিদৰে সাপে মোঁট সলাই। সময়ৰ নেজত ধৰি প্ৰতিটো বছৰে মোঁট সলাই যি আমাৰ বাবে হৈ ৰয় আদৰণীয়। 

    বিগত বছৰটো অতিবাহিত কৰিলোঁ নানা বাধা বিঘিনি, আশা নিৰাশাৰ মাজেৰে। আশাবোৰ পূৰ্ণ নহ'ল। ভগৱান বিষ্ণুৱে কৈছে,"বিধিৰ লিখন নহয় খণ্ডণ।"  আচলতে তেনে ধৰণৰ পৰিস্থিতিয়ে সৃষ্টি হৈছে মোৰ ক্ষেত্ৰত। সকলোৰে আশা ভিন্ন ভিন্ন। অৱশ্যে সকলোবোৰ আশা পূৰ্ণ হোৱা সম্ভৱো নহয়। কথাতে কয় - ভুকুতে কল নপকে। এৰা, তেনেকৈয়ে আমি সন্তুষ্টি লভা ব্যক্তি। 

   অসমৰ চুকে কোণে হোৱা ঘটনা পৰিঘটনা সমূহৰ সম্পৰ্কে চকু ফুৰালে গম পোৱা যায় অসমৰ সমাজে গাইগুটীয়া ভাৱে আশা কৰা বা সমূহীয়াকৈ কৰা আশা সমূহো পূৰ্ণ হোৱা নাই। আলি পদূলি নিৰ্মাণ, দলং নিৰ্মাণ, বিভিন্ন হিতাধিকাৰীয়ে পাম পাম বুলি আশা পালি থকা আঁচনিৰ ধন নোপোৱা আদি বহু সমস্যা এতিয়াও সমস্যা হৈয়ে আছে। চৰকাৰে এইবাৰ অমৃত কলহ, অমৃত বৃক্ষৰ দৰে কাৰ্যসূচী ল'লে। ইয়াৰ পৰা ৰাইজৰ কি লাভ হ'ল ৰাইজে দেখিছে। দুদিনৰ আগতে পলিথিনত দৰৱযুক্ত মাটি দি জীয়াই তোলা গছৰ পুলিৰ অৱস্থা সকলো ঠাইতে নিশ্চয় একে হৈ থকা নাই। কৰবাত যদি অমৃত বৃক্ষৰ এজোপাও জী থকা নাই, তেন্তে আন ক'ৰবাত সুন্দৰকৈ দুই এজোপা জী আছে। মই চাকৰি কৰা বিদ্যালয়খনতো পঞ্চায়তৰ জৰিয়তে প্ৰায় এশৰ ওপৰত গছ পুলি ৰোপন কৰা হৈছিল কিন্তু কেৱল তিনি জোপাহে জী উঠিলে,বাকীবোৰ সিফলিয়া হ'ল। হ'লেও এয়া সুন্দৰ প্ৰচেষ্টা আছিল বুলি ক'ব লাগিব।এনেধৰণৰ প্ৰচেষ্টা আগলৈকে অব্যাহত থাকিব লাগিব। তেতিয়াহে ইয়াৰ সুফল পোৱা যাব। পৰিৱেশ সন্তুলিত অৱস্থাত ৰাখিবলৈ এনে কাৰ্যৰ অতীৱ প্ৰয়োজন। কিন্তু অমৃত কলহৰ সম্পৰ্কে কবলৈ নাযাও কাৰণ এয়া দলৰ সৈতে সম্পৰ্কিত বিষয়।

      নিজাকৈ এখন ঘৰ বনোৱাৰ আশা, এখন গাড়ী কিনাৰ সপোন... আদিৰ ক্ষেত্ৰত বহুতোৰে হয়তো আশা পূৰ্ণ নহ'ল। তথাপিও আমি জীয়াই থাকিব লাগিব। নতুন সময়ত নতুন চিন্তাধাৰাৰে, নতুন পৰিকল্পনাৰে আমাৰ সপোনবোৰৰ বাস্তৱ ৰূপ দিবলৈ প্ৰয়াস কৰিব লাগিব। কাৰণ পোৱা নোপোৱা, আশা নিৰাশাৰ সমষ্টিয়ে মানৱ জীৱন।

    ২০২৩ বৰ্ষটি মোৰ বাবে নিৰাশাৰ বছৰ। এই বছৰটোৰ শেষৰ ফালে মই Gpay কৰি হেৰুৱালো ২৩৩৩৪/ টকা। Gpay ত টকা ট্ৰেন্সফাৰ কৰা বৰ সুৰক্ষিত নহয়। উচিত প্ৰমাণ পত্ৰ সহায়ত অভিযোগ দাখিল কৰিও টকা ঘূৰাই পাবলৈ সক্ষম নহ'লো। এয়া মোৰ বাবে দুখজনক আৰু নিৰাশাজনক মূহূৰ্ত ।

    'ভাগ্যৰ লিখন নহয় খণ্ডণ' । সেয়ে হয়তো বছৰটোত বহু লোকে বিভিন্ন দূৰ্ঘটনাত অকালতে প্ৰাণ ত্যাগ কৰিলে। উজনি অসমৰ জিৰ'পইণ্টৰ মিলন বজাৰৰ সমীপতো কেইবাজনো লোকে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱায়। তেনেকৈ সমগ্ৰ অসমত বিগত বৰ্ষৰ প্ৰথম পাঁচ মাহৰ ভিতৰত মুঠ প্ৰাণ হেৰুৱায়ছিল ১৪১৫ জন ব্যক্তিয়ে যাৰ শতকৰা হাৰ আছিল ১৪.৪৬ । কিন্তু ইয়াৰ বিপৰীতে বিগত ২০২২ বৰ্ষত ইয়াৰ পৰিমাণ আছিল ১২৩৩ জন । তেন্তে চলিত বছৰটোত মুঠ ঘটনাৰ সংখ্যা কিমান হ'ব সেয়া সহজে অনুমেয়। ২০২৩ বৰ্ষত মুঠ পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ৪০% ৰ ওপৰত হ'ব অনুমান কৰা হৈছে। এইসকল লোকৰ মৃতকৰ আত্মাই বৈকুণ্ঠত শান্তি লভক তাৰে একান্ত কামনা।

      ২০২৩ বৰ্ষটো শিক্ষাখণ্ডতো এক উল্লেখযোগ্য দিন বুলি ক'ব পাৰি। এই বৰ্ষৰ পৰাই চৰকাৰে শিক্ষাত নতুন নীতিৰ প্ৰয়োগ কৰিলে। অদূৰ ভবিষ্যতে নতুন শিক্ষা নীতিৰ জৰিয়তে অসমৰ শিক্ষা কিমান দূৰ আগবাঢ়ি যাব সক্ষম হ'ব সেয়া সময়ে ক'ব। গুণোৎসৱৰ ফলাফলৰ দুটা বছৰে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ল শিৱসাগৰ জিলাই। এয়া উল্লেখনীয় সফলতা। এই ধাৰা অক্ষুণ্ণ ৰাখক তাৰে কামনা। এনেদৰে সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত কিছু হ'লেও পৰিৱৰ্তন হোৱা পৰিলক্ষিত হ'ল। ধনাত্মক মানসিকতাৰে আমি এনেকৈয়ে ভাবিব পাৰো যে সফলতা পৰিশ্ৰমৰ ফল। উপৰোক্ত সফলতাৰ আঁৰত নিশ্চয় পৰিশ্ৰমৰ প্ৰভাৱ আছে।

      খন্তেক ক্ষণৰ পাছতে বছৰে ৰূপ সলাব। সকলোবোৰ পুৰণা অথচ সকলোবোৰ নতুন হিচাপে বিবেচিত হ'ব। পুৰণিক এৰি নতুনক আদৰাটো আমাৰ সকলোৰে কাম্য। গতিকে নতুনক আদৰিবলৈ সমগ্ৰ বিশ্বতে সকলো ব্যক্তিয়ে ব্যস্ত। নতুন বছৰে প্ৰতিজন ব্যক্তিলৈ কঢ়িয়াই আনক সুখবৰ তথা হাঁহি , আনন্দ আৰু সমৃদ্ধিৰ বতৰা। ব্লগৰ তৰফৰ পৰা তাৰেই আন্তৰিক কামনা আৰু সকলো পঢ়ুৱৈ সমাজলৈ ইংৰাজী নতুন বছৰৰ হিয়া ভৰা ওলগ জনালোঁ। 



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক : দুদুল সোণোৱাল।




❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️


   



    

  

     

   




Sunday, December 24, 2023

আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহৰ চমু বিশ্লেষণ। A brief analysis of the factors that act against the backdrop of modern Assamese poetry.

আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহৰ চমু বিশ্লেষণ। A brief analysis of the factors that act against the backdrop of modern Assamese poetry.

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴


আধুনিক অসমীয়া কবিতাৰ পটভূমিত ক্ৰিয়া কৰা কাৰক সমূহ ১৯৪০ চনৰ পৰা প্ৰভাৱ পৰিছে বুলি ঠাৱৰ কৰা হয়। অৰ্থাৎ ১৯৪০ চনৰ পিছৰে পৰা অসমীয়া কবিতাই নতুন ৰূপ ল'বলৈ ধৰে। ইয়াৰ মূলতে হ'ল কিছুমান কাৰকৰ প্ৰভাৱ। কাৰক সমূহৰ সংক্ষিপ্ত আলোচনা আগবঢ়োৱা হ'ল -


ক) দ্বিতীয় বিশ্বযুদ্ধ : দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টি কৰা অৱস্থাই মানুহৰ প্ৰতি মানুহৰ বিশ্বাসহীনতা আৰু সংশয়ৰ সৃষ্টি কৰাত তৎকালীন সময়ত অৰিহণা যোগাইছিল। এনে জটিল সময়ৰ অৱস্থাই বিভিন্ন কবি সকলক ৰোমান্টিক ভাৱধাৰা ত্যাগ কৰাত প্ৰভাৱ পেলাইছিল। অসমৰ অসমীয়া কবিসকলক ৰোমাণ্টিক স্বপ্নৰ জগতৰ পৰা আঁতৰাই আনি কঠিন বাস্তৱৰ সৈতে মুখামুখি হ'বলৈ শিক্ষা দিলে। যাৰ বাবে এই সময়ৰ কবি সকলৰ কবিতাত প্ৰতিবাদ আৰু বিদ্ৰোহৰ ভাৱ পৰিস্ফুট হৈছিল।

খ) স্বাধীনতা আন্দোলন : ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈকে চলি থকা ভাৰতৰ স্বাধীনতা আন্দোলনে অসমীয়া কবি সকলৰ মনত বাস্তৱ ভিত্তিক গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আকৰ্ষিত কৰালে। বৃটিছৰ পৰা আহৰণ কৰা ভোগবাদী মানসিকতাৰ বাবে গণতন্ত্ৰ বিৰোধী পুঁজিবাদ গঢ় লৈ উঠিল। যাৰ ফলত গণতান্ত্ৰিক মূল্যবোধৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিলে। এই সমস্যাই আধুনিক অসমীয়া কবিতাত বাৰুকৈয়ে আঘাত হানিলে। যাৰ বাবে অসমীয়া কবিতাৰ ভাৱত পৰিৱৰ্তন ঘটিল।

গ) সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰা: 

        সাম্যবাদী ৰাজনৈতিক আদৰ্শ আৰু মানৱতাবাদী চিন্তাধাৰাই সমগ্ৰ ভাৰত বাসীৰ ওপৰত পৰা প্ৰভাৱে একাংশ শিক্ষিত মধ্যবিত্তৰ মন মগজুত নতুন চিন্তাধাৰাৰ বাট মুকলি কৰিলে। কিছু সংখ্যক কবিও এই চিন্তাৰে অনুপ্ৰাণিত হ'ল। এয়াৰ লগে লগে কবিসকল অতি সচেতন হৈ পৰিল।

গ) আধুনিক শিক্ষা : আধুনিক শিক্ষা প্ৰসাৰ ঘটাৰ লগে লগে অসমীয়া ন-শিক্ষিত শ্ৰেণীটোৰ পশ্চিমীয়া সাহিত্যৰ সৈতে পৰিচয় আৰু সংযোগ ঘটিল। যাৰ ফলত পাশ্চাত্য সাহিত্যৰ পোহৰ পৰি অসমীয়া সাহিত্যৰ নতুন দিগন্ত উজ্বলি উঠিল।

ঘ) ফ্ৰয়েডীৰ মনস্তত্ত্বৰ প্ৰভাৱ : অসমীয়া কাব্য জগতত ফ্ৰয়েডীয় মনস্তত্ত্বৰ প্ৰভাৱ মন কৰিবলগীয়া। ফ্ৰয়েডী মনস্তত্ত্বৰ মতে জাতি, ধৰ্ম, বৰ্ণৰ সংকীৰ্ণ বান্ধোনৰ পৰা মুক্ত হোৱা এক মনোবৈজ্ঞানিক অবস্থা। য'ত কোনো বৈষম্য নাই। এনে প্ৰভাৱ বিস্তাৰ হোৱাৰ বাবে অসমীয়া আধুনিক কবি সকলে পাৰিবাৰিক সম্পৰ্ক বা প্ৰেমৰ ওপৰত নতুন চিন্তাধাৰাৰে আগবাঢ়ি ৰোমাণ্টিক কবিতা ৰচনা কৰিবলৈ উৎসাহিত হৈছিল।

ঙ) বিজ্ঞানৰ প্ৰভাৱ: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ন ন আৱিষ্কাৰ আৰু আৱিষ্কৃত জটিল সূত্ৰবোৰে কবিৰ মনত ৰেখাপাত কৰিলে। যাৰ ফলত কবিৰ কবিতা হৈ পৰিল দুৰ্বোধ্য আৰু অবিশ্বাস্য ভাৱে বাঢ়িল চিত্ৰকল্পৰ প্ৰয়োগ। 

চ) অন্যান্য ৰাজনৈতিক প্ৰভাৱ : তৎকালীন সময়ত পৰা বিভিন্ন ৰাজনৈতিক কাৰকৰ প্ৰভাৱৰ ফলত কবি সকলৰ মানসিক চিন্তা ধাৰাৰ আমূল পৰিবৰ্তন হ'বলৈ ধৰিলে। ইয়াৰ প্ৰভাৱ আধুনিক কবিতাত স্পষ্টকৈ বিদ্যমান হৈ আছে। উদাহৰণ স্বৰূপে হিন্দু-মুছলমানৰ মাজত ৰাজনীতিক সকলৰ জৰিয়তে স্বাধীনতা আন্দোলনৰ সময়ত জনবিৰোধী স্বাৰ্থ পূৰণৰ উদ্দেশ্যেৰে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হৈছিল। আকৌ ১৯৪৩ চনত বঙ্গদেশত কৃত্ৰিম দুৰ্ভিক্ষ সৃষ্টি কৰা হৈছিল যাৰ ফলত অসমৰ সৰল জীৱনধাৰাত কঠিন আঘাত লাগিছিল। 

আধুনিক কবিতাসমূহে নতুন গতি পথ লোৱা লগে লগে ৰোমাণ্টিক কবিতাৰ যুগ অন্ত পৰিল বুলি ক'ব পাৰি। মনত দকৈ সাজ বহুওৱা কাৰক সমূহৰ গভীৰ প্ৰভাৱ অসমৰ প্ৰতিজন কবিৰ কবিতাত পৰিস্ফুট হৈছিল। যাৰ ফলত অসমৰ কবি সমাজৰ সচেতন আৰু দায়বদ্ধ মনোভাৱৰ সৃষ্টি হৈছিল। কবিতা বিলাকত পূৰ্বৰ ৰোমাণ্টিক ভাৱ আঁতৰাই বাস্তৱ ভিত্তিক ভাৱৰ বুৰবুৰণি তুলিছিল। কবিতাত কৃষকৰ দুখ-যন্ত্ৰণা ছবিখন স্পষ্ট হৈ পৰিল। যুক্তি,বিবেক আৰু বৌদ্ধিক দিশ একেলগ কৰি সমাজৰ উন্নতিৰ হকে কিদৰে খটুৱাব পাৰি সেই সম্পৰ্কে আধুনিক কবি সকল সচেতন হৈ পৰিল আৰু প্ৰচেষ্টা অব্যাহত ৰাখিলে। ইয়াৰ পিছতে অসমীয়া আধুনিক কবিতাই অসমত সবল ভেটি গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আধুনিকতাৰ প্ৰথম উকমুকনি ঘটিছিল দেৱকান্ত বৰুৱাৰ কবিতাত। উল্লেখ্য যে 'আমি দুৱাৰ মুকলি কৰোঁ' শীৰ্ষক কবিতাটোৰ জৰিয়তে তেওঁ অসমীয়া আধুনিক কবিতাৰ বাট মুকলি কৰিছিল। পৰৱৰ্তী সময়ত অমূল্য বৰুৱাই তেওঁৰ কবিতাৰ জৰিয়তে সাম্যবাদৰ ভাৱধাৰা কঢ়িয়াই আনি কবিতাত নতুনত্বৰ প্ৰৱেশ ঘটালে। ঘাইকৈ 'কুকুৰ', 'আন্ধাৰৰ হাহাকাৰ' আদিৰ দৰে কবিতাৰ জৰিয়তে অমূল্য বৰুৱাই সাম্যবাদী ভাৱধাৰাৰ সূচনা কৰিছিল। ভবানন্দ দত্ত, হেম বৰুৱা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, ৰাম গগৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,অজিত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, নীলমণি ফুকন, মহিম বৰা, হোমেন বৰগোহাঞি আদি অন্যতম কবি সকলে আধুনিক কবিতাৰ সৃষ্টি কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে।  উল্লেখ্য যে হেম বৰুৱাক আধুনিক অসমীয়া কবি গোষ্ঠীৰ পথপ্ৰদৰ্শক হিচাপেও গণ্য কৰা হয়। এই সময়ছোৱাৰ কবি সকলে কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ বহুল প্ৰয়োগ কৰা পৰিলক্ষিত হয়।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক :  দুদুল সোণোৱাল।

শিক্ষক: হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।


💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐





Wednesday, December 13, 2023

সানমিহলি | শান্তিৰ পমখেদি | ঘূৰণীয়া চকৰি...

শান্তিৰ পমখেদি

শান্তি ক'ত !
ভোটৰ বাকচত
নে প্ৰজাৰ মনৰ মাজত ?
নে মৰিশালিৰ নিৰৱ নিস্তৱদ্ধতাত ?
চিঞঁৰি গগণ ফলা দূৰভাষৰ সীৰলুৰে
বৈ থকা শান্তিৰ নিজৰাত 
কোলাহল 
তীৰ্থস্থানৰ দুৱাৰৰ ভাজে ভাজে
কোলাহল
শান্তি !
ৰাজদৰবাৰৰ মজিয়াত নিৰৱে চকুলো টোকে
নাঙঠ সময়ৰ মিছিল
অহনিৰ্শে
কান্দে বৌদ্ধৰ বুদ্ধিদ্ৰুম
শান্তি ক'ত !
শান্তি এতিয়া শুই আছে
নিজানে নিতালে 
আততায়ীৰ ভেশেৰে মনৰ নিভৃতকোণত ।

দিনাঙ্ক : ২৪/১০/২০২১
 -- দুদুল সোণোৱাল।

আঘোণৰ দুখ 

এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই
যি দিনত কৃষকে আজুৰি আনিছিল শিকিয়া ভৰাই
মেটমেটীয়া সুৱাগমণি পথাৰৰ বকিয়াইদি ;
ভঁৰাল ভৰে মুঠি মুঠি সোণগুটি
পিতাইৰ সপোন উপচাই ।

এতিয়া পথাৰে কান্দে 
কৃষক ভাইৰ উশাহত হুমনিয়াহ সৰে !

পানীৰ অভাৱত ছন পৰে পথাৰৰ বাকৰি
হাতীৰ উপদ্ৰৱত উছন হয়
পিতাইৰ সোণসেৰীয়া সপোনৰ টঙী

ৰজনী ভেদি মানুহৰ গগণ ফলা চিঞঁৰ
এজাক বৰষুণত এককাল দ 
পানীবোৰ কেতিয়াবা ঢল ঢল কৈ আহে
আৰু ঢাঁহি-মোহি নিয়ে কপালৰ কেঁচা ঘাম 
বালিময় হয় পথাৰৰ চোতাল ।

এতিয়া সেই দিন নাই
যি দিনত আঘোণে হাঁহিছিল ৰিঙিয়াই 
পূৰঠ থোকৰ ভৰত কৃষকক বিলাই দিছিল
নিজস্বতা লখিমী ভৰি পখালি
ভঁৰালৰ ভিতৰখন ভৰিছিল
দিনবোৰ গাভৰু হৈছিল কৃষকৰ ।

এতিয়া পথাৰে কান্দে
নিস্তেজ নিষ্প্ৰভ অৱয়ব
নিজস্বতা হেৰুৱাৰ সহস্ৰ বেদনা ।
দিনবোৰ এনেকৈয়ে যাত্ৰা কৰিব ....
কৃষকৰ কলিজা ভেদি ..।


+++++++++++++++++++++++

মুকুতি পাৰৰ গান

বন্দীত্বৰ তেজে ধোৱা অন্ধকাৰ ক্ষণত আঁহা
আমি মুকুতিৰ অমোঘ মন্ত্ৰ পাঠ কৰো
সোণাৰীৰ শাণত বেহাই আনো
হিৰন্ময়ী জোনাকৰ অলংকাৰ।

ইয়াত চলিছে অভিমন্যু বধৰ ঘৃণিত আখৰা
চৌদিশে অন্যায়ৰ হাতোৰাৰ তৰোৱাল
নি:শ্চিহ্ন কৰিব সিঁহতে পাণ্ডৱৰ সত্যবাদিতা,
ন্যায়ৰ সৱল পিঞ্জৰা।

আঁহা, আমি মুকুতিৰ অমোঘ মন্ত্ৰ পাঠ কৰো
জগাই তোলো নিদ্ৰাৰ পৰা এজন এজনকৈ
ন্যায়ৰ জখলাত আৰোহণ কৰিব'লে 
হয় ! সত্যৰ বাটেৰে অগ্ৰসৰ হ'লে পাম
অসুৰ বধিবৰ এক অপৰিসীম শকতি।

তুমি, মই আৰু আই আমি ৰচিবৰ হ'ল
এটা মুকুতি পাৰৰ অমল গান
আঁহা , আমি বন্দীত্বৰ তেজাল ক্ষণত
বেহাই আনো সোণাৰীৰ শাণত
হিৰণ্ময়ী জোনাকৰ অলংকাৰ।।

বি.দ্ৰ. : কবিতাটো সপ্তম দ্বিবাৰ্ষিক অধিৱেশন, তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সন্থাৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত। 
+++++++++++++++++++++


সংযম

💖💖💖💖💖

সীমা থাকে
সকলোৰে।
মৰম চেনেহ
গালি-গালাজ
কিম্বা ধেমালিৰ ;
বিৰাগে
দি যাব
গধূৰ সময়ৰ
বাৰ্তা ।

তুমি
সংযম হ'লে
আগন্তুক
দিনবোৰত
কুসুম ফুলিব ।
ভটিয়নী
জীৱনত
জোনাকে
হাঁহিব
মনৰ
বাকৰি
উজলাই ।

💖💖💖💖💖💖💖💖💖💖

ভিক্ষাৰী জনীৰ শোঁকত ..


তাই অহা নাই বহু দিন হ'ল

মোৰ পদূলিৰ দুবৰি গছকি তাই আহিছিল

লাখুটিৰ ভৰত থৰক-বৰক খোজেৰে 

শৰীৰত এখনি উৱলি যোৱা মাৰ্কিন চাদৰ আৰু

বিদীৰ্ণ ব্লাঊজ ঘামত চিপচিপিয়া দেহা 

কান্ধত এটা জধলা পুৰণি মোনা। 


তাই আহিছিল মোৰ চোতালৰ এচুকত বহিছিল

আৰু সৰু সৰু নিস্তেজ মাতেৰে চিঞঁৰিছিল-

' ভীক্ষা দিব ধৰম হ'ব' শব্দ বোৰে পকা বেৰত

ঠেকা খাই উভতি আহিছিল নতুবা ভিতৰত

চলি থকা টিভিৰ মাতত তাই মাতটো যতি পৰিছিল ।

পৰিবাৰে দুৱাৰ মেলি চাইছিল বাহিৰলৈ আৰু

একাপ চাউলেৰে বিদায় দিছিল। তাই মুখেৰে গুণগুণাই কৈছিল - 'ধৰম হ'ব মাই' ।


তাই নহা বহু দিন হ'ল এই পথেৰে 

এমুঠি অন্ন ,এখন বস্ত্ৰৰ অভাৱত তাই

হেৰুৱায় পেলাইছিল দেহৰ সৌন্দৰ্যতা , দেহৰ

কমনীয়তা । আচলতে তাইৰ মনত বিলাসীতাৰ 

ভাৱ কেতিয়াবাতেই বিলীন হৈছিল সময়ৰ বুকুত ।

অথচ এদিন তাইৰ দেহাতও পূৰ্ণিমাৰ জোনাকে

বোৱাইছিল কুসুমবুলীয়া জোনাকৰ ঢল

মনত গজি উঠিছিল তাজমহল প্ৰেমৰ গজালি

জীৱন যুঁজৰ একলব্য সাঁথৰ দ্ৰোণাচাৰ্যৰ শিক্ষা।


পুত্ৰ জী জোৱাই সকলো বিদূৰ 

বৃদ্ধাশ্ৰম তাইৰ বাবে বহু দূৰ

তাই অকলশৰীয়া জীৱন যুঁজৰ সাক্ষী 

নিজতেই বিলীন দিন অথবা ৰাতি

এনেকৈ কিদৰেনো জীয়াই থাকিব !

মৃত্যু তাইৰ বাবে মিষ্ট আৰ্শীবাদ

হ'লেও তাইৰ মৃত্যু জিনি জীয়াই থকাৰ হাবিয়াস

জীপাল ধৰণী চুই চোৱাৰ আশা।


জীয়াই থাকিবনে তাই সূৰ্যক সাক্ষী কৰি (?)

এই মৰতত স্বাৰ্থপৰ মানুহৰ ছাঁয়াত

তাই এগৰাকী অসহায়া মানুহ !!


****************************************

  প্ৰত্যাশা : এক নতুন প্ৰভাত ! 


নাই, আমি কেতিয়াও ভবা নাই 

কালে কালে মৃত্যুদূত হৈ আহক ক'ৰণা! 

সকলো মানুহেই উজাগৰী ৰজনী খেপিয়াই খেপিয়াই 

সাবতি লঁওক শোঁকৰ হুমুনিয়াহ ! আমি কেতিয়াও ভবা নাই শেষ হঁওক বিশ্বৰ চৌদিশৰ আলোকময় জয়যাত্ৰা ! 


হে সময় ! অস্হিৰ নহ'বা আমাৰ কাম্যতাৰ বিৰুদ্ধে 

আকৌ জগাই তোলা পৃথিৱীৰ কন্দৰে কন্দৰে

মানুহৰ সিৰাই উপসিৰাই হাঁহি আনন্দ শান্তিৰ

বাতাবৰণ , আকৌ সুযোগ দিয়া ন'কৈ কিশলয়েৰে

আবৃত হঁওক ধৰণীৰ প্ৰতিটো কোণ 

লঠঙা শিৰীষৰ ডালে ডালে মেলক জাঁক জাঁক সেউজীয়াৰ মেলা , প্ৰভাতী পখীৰ গীতৰ সুৰৰ তালে তালে নাচক প্ৰতিটো মোলান পুৱা


এনেকৈ আৰু কিমান দিন চকুলো মোহাৰিম

আমি কেতিয়াও ভবা নাছিলোঁ 

চকুবোৰ 'আৱদ্ধ' হঁওক ,সময়বোৰ আৱদ্ধ হঁওক

ভাৱনাবোৰ আৱদ্ধ হঁওক ঠিক সংখ্যাবোৰৰ দৰে !


হে সময় ! মানুহবোৰ সংখ্যা নহয় নতুবা সংখ্যাবোৰ মানুহ , মানুহ মানুহৰ বাবে এক জাগতিক শক্তি 

যি শক্তি আজি ৰুদ্ধ 

যি শক্তি আজি আৱদ্ধ 

তোমাৰ শীতল কোলাত তোমাৰেই বিনাশতাত

শেষ হৈছে শত সহস্ৰ ৰৌদ্ৰুজল পুৱা 


হে সময় ! আকৌ এবাৰ আৰম্ভ কৰা সময়সূচী

বিপদ বিঘ্নিত কৰি পোখা মেলিব দিয়া

নতু

ন সময়ৰ নতুন সম্ভাৱনা ।।


💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜























Friday, December 8, 2023

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য: চমু আলোকপাত। Old Assamese poetry and its features: a brief overview.

পুৰণি অসমীয়া কবিতা আৰু ইয়াৰ বৈশিষ্ট্য: চমু আলোকপাত। Old Assamese poetry and its features: a brief overview.

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
কবিতা হৈছে সাহিত্যৰ এক অবিচ্ছেদ্য অংগ। প্ৰাচীন কালৰ সাহিত্যত 'কবিতা' শব্দটো অতি পৰিচিত নাছিল। ইয়াৰ সলনি পদবন্ধ আৰু কাব্য বুলিহে নামাকৰণ কৰা হৈছিল। পদবন্ধ হ'ল নিৰ্দিষ্ট ছন্দোবদ্ধ কবিতা। ছন্দৰ ব্যৱহাৰ অসমীয়া কবিতাৰ প্ৰধান বৈশিষ্ট্য আছিল। তদুপৰি পুৰণি কবিতা সমূহত পদ, দুলড়ী, ছবি,লেচাৰি, ঝুমুৰি,ঝুনা আদি ছন্দসজ্জা আছিল। সেয়ে পুৰণি কবিতাৰ সৌন্দৰ্য আৰু পঢ়াৰ মজাই বেলেগ আছিল। যিবিলাক সততে আধুনিক কবিতাত কম দেখা যায়। 

    পুৰণি অসমীয়া কবিতা বুলিলে প্ৰাক শংকৰী যুগৰ পৰা শংকৰী যুগলৈ বিয়পা কবিতা সমূহৰ সম্পৰ্কে বুজা যায়। বিশেষকৈ হেম সৰস্বতী, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী ,মাধৱ কন্দলী, শংকৰদেৱ আৰু মাধৱদেৱ আদি কবি সকল আছিল এই যুগৰ কবি। গতিকে ক'ব পাৰি 'প্ৰাক বৈষ্ণৱ যুগৰ পৰা উত্তৰ বৈষ্ণৱ যুগলৈকে অথবা বৃটিছৰ আগমনৰ আগলৈকে হোৱা যিখিনি কবিতাৰ বিষয়বস্তু মহাকাব্য,পুৰাণ আদিৰ পৰা সংগ্ৰহ কৰা আৰু ছন্দ অলংকাৰ ভাষা আদি সুকীয়া কাব্যিক বৈশিষ্ট্যৰে মহিমামণ্ডিত হৈছিল সেইখিনি কবিতাকে পুৰণি কবিতা বোলা হয়।'


পুৰণি অসমীয়া কবিতাসমূহৰ কিছুমান বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। অসমীয়া কবিতাবোৰৰ কেইটামান বৈশিষ্ট্য এনেধৰণৰ-- ১) ৰাজপৃষ্ঠপোষকতা,২) অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত, ৩) ছন্দোবদ্ধ,৪) অলংকাৰ যুক্ত, ৫) ৰস সমৃদ্ধ, ৬) ভাষাৰ প্ৰয়োভৰ। এইবিলাক বৈশিষ্ট্যৰ বিশদভাৱে বিৱৰণ আগবঢ়াবলৈ প্ৰয়াস কৰিলোঁ।

১) ৰাজপৃষ্ঠপোষকতা : পুৰণি অসমীয়া কবিতাসমূহৰ কবিসকলে ৰজাৰ অনুপ্ৰেৰণাত কবিতা ৰচনা কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত ৰজা মহাৰজা সকলৰ নিৰ্দেশত কবি সকলে কবিতা ৰচনা কৰিছিল বুলি তেওঁলোকে ৰচনা কৰা কবিতা সমূহৰ পৰাই গম পোৱা যায়। প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ নিৰ্দেশ মৰ্মে তথা ৰজাৰ উৎসাহত কবিতা ৰচনা কৰিছিল। একেদৰে কবিৰত্ন সৰস্বতীয়ে 'জয়দ্ৰথ বধ' ৰচনা কৰিছিল দুৰ্লভ নাৰায়ণৰ নিৰ্দেশত আৰু ৰুদ্ৰ কন্দলীয়ে 'সাত্যিকি প্ৰৱেশ' ৰচনা কৰিছিল তাম্ৰধ্বজ সিংহ ৰজাৰ নিৰ্দেশ আৰু উৎসাহত। একেদৰে শ্ৰীমন্ত শঙ্কৰদেৱে কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ ৰাজপৃষ্ঠপোষকতাত কবিতা ৰচনা কৰিবলৈ উৎসাহিত হৈছিল বুলি ইতিহাসে কয়।

২) অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত : পুৰণি অসমীয়া কবিতাসমূহ অনুবাদৰ ওপৰত ভিত্তি কৰি ৰচিত হৈছিল। ৰামায়ণ মহাভাৰত পুৰাণ ভাগৱত আদিৰপৰা কবিতাৰ বিষয়বস্তু সংগ্ৰহ কৰিছিল। প্ৰাক বৈষ্ণৱ যুগৰ সময়ছোৱাত ইয়াৰ প্ৰভাৱ বেছি আছিল বুলি জনা যায়। উদাহৰণ স্বৰূপে মাধৱ কন্দলীয়ে 'বাল্মীকিৰ ৰামায়ণ'ৰ সপ্তকাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। একেদৰে শ্ৰীমন্ত শঙ্কৰদেৱেও বাল্মীকি ৰামায়ণৰ উত্তৰাকাণ্ড অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে।

৩) ছন্দোবদ্ধ : পুৰণি অসমীয়া কবিতাসমূহৰ ঘাই চকুত পৰা বৈশিষ্ট্য হৈছে - ছন্দৰ ব্যৱহাৰ। পুৰণি অসমীয়া কবিতাসমূহত প্ৰধানকৈ পদ, দুলড়ী, ছবি, লেচাৰি ঝুমুৰি, ঝুনা আদি ছন্দৰ প্ৰয়োগ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এনে ছন্দ ব্যৱহাৰৰ ফলত পুৰণি কবিতা সমূহত সৌন্দৰ্য আৰু পঢ়াৰ সুচলতাৰ সৃষ্টি হৈছিল। অৰ্থাৎ পঢ়িবলৈ অত্যন্ত ভাল হৈ পৰিছিল। 

৪) অলংকাৰ যুক্ত : পুৰণি কবিতা সমূহত শব্দালংকাৰ আৰু অৰ্থালংকাৰৰ প্ৰয়োগ অতি উল্লেখনীয়। কবিতাৰ ভাৱ আৰু গ্ৰহণযোগ্য কৰি তুলিবলৈ কবিতাত অলংকাৰৰ অতি প্ৰয়োজন আছে। শব্দালংকাৰ আৰু অৰ্থালংকাৰে কাব্যক স্পষ্ট আৰু প্ৰভাৱশালী কৰাৰ লগতে ৰমণীয় কৰি তোলাত সহায় কৰে। পুৰণি অসমীয়া কবিতাসমূহৰ ক্ষেত্ৰত প্ৰধানকৈ উপমা,অনুপ্ৰাস, নিৰ্দেশনা,সমাসোক্তি আদি বিভিন্ন অলংকাৰৰ সমাৱেশ ঘটিছে। মাধৱ কন্দলীৰ বাল্মীকিৰ ৰামায়ণত ইয়াৰ প্ৰভাৱ সুস্পষ্ট ৰূপত পৰিলক্ষিত হয়।

৫) ৰস সমৃদ্ধ : উল্লেখ্য যে পুৰণি অসমীয়া কবিতা সমূহৰ আন এটা ঘাই বৈশিষ্ট্য হৈছে ৰস সমৃদ্ধ বা ৰস সৃষ্টি। অৱশ্যে কবিতাৰ নামমাত্ৰে ৰসৰ সমাৱেশৰ প্ৰয়োজন। ৰসৰ সমাৱেশৰ ফলত কবিতাৰ কাব্যিক সৌন্দৰ্য বৃদ্ধি ঘটে। আৰু কাব্যিক সৌন্দৰ্য বৃদ্ধি হলেহে কবিতা পঠণীয় আৰু জনপ্ৰিয় হৈ উঠে। গতিকে ৰস কবিতাৰ এটা গুৰুত্বপূৰ্ণ অংগ। পুৰণি অসমীয়া কবিতাসমূহৰ ক্ষেত্ৰত কবিসকলে ৰসকেই কবিতাৰ আত্মা হিচাপে গণ্য কৰিছিল। পুৰণি অসমীয়া কবিতাসমূহত প্ৰধানকৈ শৃংগাৰ ৰস, বীৰ ৰস, হাস্য ৰস, কৰুণ ৰস, শান্ত ৰস, ৰৌদ্ৰ ৰস, বীভৎস ৰস আদি ৰসৰ সমাৱেশ ঘটিছে। 


৬) ভাষাৰ প্ৰয়োভৰ : পুৰণি অসমীয়া কবিতাসমূহত পৰিলক্ষিত হোৱা আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে - ভাষাৰ প্ৰয়োভৰ। দেখা যায় যে পুৰণি অসমীয়া কবিতাসমূহত অসমীয়া ভাষাৰ পৌৰাণিক ৰূপৰ প্ৰতিফলিত হৈছে। আনহাতে অসমীয়া ভাষাৰ প্ৰাচীন ৰূপক কাব্যৰ মাধ্যমেৰে সংৰক্ষিত কৰা বুলিও ক'ব পাৰি। বিশেষকৈ মাধৱ কন্দলীৰ কবিতা 'ৰামায়ণ'ত বিভক্তি , কাল, বহুবচনাত্মক প্ৰত্যয়, তৎসম, তৎদ্ভৱ, অৰ্দ্ধ তৎসম,দেশী বিদেশী শব্দৰ প্ৰয়োগ আদিৰ সমাৱেশ ঘটিছে। একেদৰে শ্ৰীমন্ত শংকৰদেৱৰ আৰু শ্ৰীমন্ত মাধৱদেৱৰ ৰচনা বৰগীত সমূহতো ব্ৰজাৱলী ভাষা আৰু প্ৰাচীন অসমীয়া ৰূপ উভয়ে সংৰক্ষিত হৈছে। 

গতিকে ক'ব পাৰি পুৰণি অসমীয়া কবিতাসমূহ নিজ নিজ বৈশিষ্ট্যৰে মহিমামণ্ডিত আছিল। অসমৰ এজন উল্লেখযোগ্য কবি তথা সাহিত্যক হিচাপে শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাৰাজীলৈ চকু ফুৰালে স্পষ্টকৈ কবিতা সমূহৰ বৈশিষ্ট্যৰ বিষয়ে বুজিব পৰা যায়। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষা হ'ল অসমৰ বৈষ্ণৱ সাহিত্যৰ এখন অনুপম তথা মূল্যৱান গ্ৰন্থ হিচাপে বিবেচিত। কীৰ্তন ঘোষা এনে এখন গ্ৰন্থ য'ত ভক্তিৰ প্ৰকাৰ, ভক্তৰ লক্ষণ, ভগৱানৰ মহিমা আৰু কৰুণা, বেদান্ত দৰ্শন, আদি বিভিন্ন তত্ত্ব ব্যাখ্যা হৈছে। আনকি এই কবিতাবোৰত বিভিন্ন ৰসৰো সমাৱেশ ঘটিছে। বিশেষকৈ ছন্দ, অলংকাৰ, ৰস আদি প্ৰয়োগৰ ফলত শংকৰদেৱৰ দ্বাৰা ৰচিত কবিতাবোৰ অতি মনোগ্ৰাহী হৈ উঠিছে।

            -------------------------------------------

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।



💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜💜


Wednesday, November 22, 2023

শিশুৰ চৰিত্ৰ গঠনত প্ৰবৃত্তিৰ প্ৰভাৱ - চমু আলোকপাত। Effect of instincts on child character formation - brief overview.

শিশুৰ চৰিত্ৰ গঠনত প্ৰবৃত্তিৰ প্ৰভাৱ - চমু আলোকপাত। Effect of instincts on child character formation - brief overview.

💐💐💐💐💐💐💐💐💐💐💐💐💐💐💐

প্ৰবৃত্তিৰ ইংৰাজী প্ৰতিশব্দ হৈছে instinct । এই শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি। লেটিন ভাষাৰ instinctus শব্দৰ পৰা আহিছে বুলি জনা যায়। instinctus শব্দই উচতাই দিয়া বা উৎসাহ দিয়া কাৰ্যক বুজায়। যিহেতু জন্মগত প্ৰবৃত্তিয়ে মানুহক বিভিন্ন কাম কৰিবৰ বাবে উদ্গনি বা উৎসাহ যোগাই। গতিকে প্ৰবৃত্তি হ'ল জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্ম প্ৰৱনতা। উদাহৰণস্বৰূপে আমি দেখি আহিছোঁ যে শিশুৱে কান্দে আৰু খেলে, মানুহে হাঁহে আৰু কান্দে, মাকে সন্তানক মৰম কৰে, চৰায়ে বাহ সাজে, কুকুৰে ভুকে, মেকুৰীয়ে নিগনি ধৰে... ইত্যাদি কাৰ্যবোৰ প্ৰতিটো জীৱৰ দেহ-মনত নিহিত থকা একোটা স্ব-কাৰ্য বা সহজাত কাৰ্য। এইবোৰকে জীৱৰ প্ৰবৃত্তি বোলা হয়।

    শিক্ষাবিদ সকলে প্ৰবৃত্তি সম্পৰ্কে বিভিন্ন মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয়। পশ্চিমীয়া শিক্ষাবিদ মেকডুগেলৰ মতে,"সহজাত প্ৰবৃত্তি হ'ল উত্তৰাধিকাৰীক ই কোনো বিশেষ শ্ৰেণীভূক্ত বস্তু প্ৰত্যক্ষ কৰিবলৈ বা তাত মনোযোগ দিবলৈ, সেই বস্তুটো প্ৰত্যক্ষ কৰাৰ পিছত কোনো বিশেষ প্ৰবৃত্তিৰ আৱেগ অনুভৱ কৰিবলৈ আৰু সেই বস্তু সম্পৰ্কে বিশেষ পদ্ধতিৰে কাম কৰাৰ প্ৰেৰণা অনুভৱ কৰিবলৈ বাধ্য কৰে।" গতিকে কোৱা হয় প্ৰবৃত্তি হ'ল জীৱৰ স্বাভাৱিক অন্তৰ্নিহিত আৰু মৌলিক কৰ্ম প্ৰৱনতা। 
    এগৰাকী মাতৃয়ে সন্তানক স্বাভাবিকতে অপত্য স্নেহৰ বান্ধোনেৰে সদায় বান্ধি ৰাখে। শিশুৱে স্বাভাৱিক প্ৰৱনতাৰ বাবে খেলি ভাল পায়। কিন্তু এই কাম শিক্ষাৰ ফল নহয়। ইয়াক অভিজ্ঞতাৰ জৰিয়তেও আহৰণ কৰিব পাৰি নে ? নিশ্চয় নোৱাৰি। প্ৰকৃততে এইবোৰ হৈছে জন্মগত ভাৱে লাভ কৰা মানুহৰ দেহত নিহিত থকা কিছুমান বিশেষ উপাদান। যাক মানুহৰ জন্মগত প্ৰেৰণা বা সহজাত প্ৰবৃত্তি বুলি আখ্যা দিব পৰা যায়।
      শিশুৰ সহজাত প্ৰবৃত্তিৰ উন্নীতকৰণৰ সহায়ত শিশুক পাপ, অবিচাৰ,অন্যায়, দুৰ্ণীতি আদি নকৰিবলৈ উৎসাহ যোগাব পাৰে। কাৰণ কেতিয়াবা এনে সহজাত প্ৰবৃত্তিয়ে শিশুক বিপথে পৰিচালিত কৰাও পৰিলক্ষিত হয়। গতিকে প্ৰবৃত্তিক অবাঞ্চিত বেয়া কাৰ্যৰ পৰা আঁতৰাই আনিবলৈ কৰা পৰিচালনাকে প্ৰবৃত্তিৰ বিশুদ্ধিকৰণ বা উন্নীতকৰণ বোলা হয়। মানুহক প্ৰবৃত্তি প্ৰকাশৰ কাৰণে কোনো লোকে বাধা দিব নোৱাৰে।সেয়ে সিহঁতক এটা উন্নত দিশত প্ৰবৃত্তি প্ৰকাশৰ সুবিধা দিব পাৰিলেহে ব্যক্তিৰ বা শিশুৰ চৰিত্ৰৰ উন্নতি সাধনত সম্ভৱ হৈ উঠিব।
    শিক্ষানুষ্ঠানৰ গণ্ডীৰত শিশুৰ প্ৰবৃত্তিৰ উন্নীতকৰণ: শিশুৰ প্ৰবৃত্তিৰ সৈতে শিক্ষানুষ্ঠান সমূহৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। গতিকে এইক্ষেত্ৰত শিক্ষানুষ্ঠানৰ যথেষ্ট কৰণীয় আছে। প্ৰত্যেকজন শিশুৰে জন্মগত কিছুমান প্ৰবৃত্তি আছে। এই প্ৰবৃত্তিবোৰৰ ভিতৰত ভাল আৰু বেয়া দুয়োবিধেই থাকিব পাৰে। ভাল প্ৰবৃত্তিয়ে ল'ৰাজনক ভাল দিশলৈ নিয়ে আৰু বেয়া প্ৰবৃত্তিয়ে ল'ৰাজনক বেয়া দিশলৈ নিয়ে। সেয়ে শিশুৰ প্ৰবৃত্তিৰ সংশোধন বা উন্নীতকৰণৰ প্ৰয়োজন আছে। শি
শিক্ষানুষ্ঠানত প্ৰবৃত্তিৰ সংশোধন আৰু উন্নীতকৰণত শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰশাসকসকলে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। লগতে অভিভাৱক সকলেও প্ৰবৃত্তিৰ উন্নীতকৰণত ঘৰত বিশেষ ভূমিকা ল'ব পাৰে। শিক্ষানুষ্ঠানত প্ৰবৃত্তিৰ উন্নয়নৰ অৰ্থে লবলগীয়া কেইটামান সম্ভাব্য ব্যৱস্থাৰ সংক্ষেপে আলোচনা কৰা হ'ল।-

(ক) যৌথ প্ৰবৃত্তিৰ প্ৰতি আকৃষ্ট কৰোৱা: 
যৌথ প্ৰবৃত্তিৰ সহায়ত অপৈনত অসামাজিক শিশুৱে এটা সময়ত সামাজিক দক্ষতা লাভ কৰে। দলীয় আনুগত্যৰ প্ৰতি শ্ৰদ্ধাশীল হৈ পৰে। সেয়ে শিশুক নানা সামাজিক কাৰ্যসূচী যেনে - গাওঁৰক্ষী বাহিনী, নগৰৰক্ষী বাহিনী , স্বেচ্ছাসেৱী বাহিনী, স্কাউট এণ্ড গাইড আদিৰ দৰে অনুষ্ঠানৰ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে।
(খ) যুঁজ প্ৰবৃত্তিৰ সৈতে পৰিচয় কৰোৱা: 
যুঁজ প্ৰবৃত্তিৰ তাড়নাত শিশুৱে অন্য শিশুৰ লগত হাই কাজিয়া আৰু মাৰপিত আদিত লিপ্ত হয়। এই প্ৰবৃত্তিক সৎপথেৰে পৰিচালিত কৰিবলৈ শিক্ষানুষ্ঠানত মুষ্টিযুদ্ধ (wrestling), পাঞ্জা খেল, কুংফু (kung-fu), ক্যেৰাটে (Karate ) আদিৰ দৰে খেলাৰ সংযোজন কৰিব লাগে। ইয়ে ছাত্ৰ ছাত্ৰীৰ সুপ্ত প্ৰতিভা তথা সুপ্ত শক্তিক কামত লগোৱাৰ অৱকাশ দিব।
(গ)পুথিভঁৰাল, সংগ্ৰহালয়,কৰ্মশালা আদিৰ সু-ব্যৱস্থা: 
প্ৰতিখন বিদ্যালয়তে শিক্ষাৰ্থীৰ কৌতূহল প্ৰবৃত্তিৰ উন্নতি ঘটাবলৈ পুথিভঁৰাল সংগ্ৰহালয় কৰ্মশালা,যাদুঘৰ আদিৰ সু-ব্যৱস্থা কৰিব লাগে।
(ঘ) কলাসন্মত কামৰ সৈতে জড়িত কৰোৱা: 
বিভিন্ন কলাসন্মত কাম-কাজৰ জৰিয়তে শিশুৰ সৃষ্টিশীলতাৰ প্ৰবৃত্তি বা সংগঠন মানসিকতাৰ উন্নতি সাধন কৰিব পাৰি। ইয়াৰ বাবে কোনো বস্তু সজা বা গঢ় দিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধিও ঘটাব পাৰি। সেই বাবে কাগজ, কাপোৰ, কাঠৰ টুকুৰা, বালিমাটি আদিৰ জৰিয়তে নানা বস্তু সজা কামবোৰ কৰিবলৈ বিদ্যালয়ত সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
(ঙ) পুৰণি সামগ্ৰী সংগ্ৰহ আৰু সংৰক্ষণ:
পুৰণি সামগ্ৰী সংগ্ৰহ কৰি সংৰক্ষণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিব লাগে। অভিভাৱক সকলেও এই ক্ষেত্ৰত সন্তানক প্ৰেৰণা যোগাব পাৰে। পুৰণি ডাক টিকট, মুদ্ৰা, বিভিন্ন চিত্ৰ, বিভিন্ন পুথি বা গ্ৰন্থ আদি সংগ্ৰহ কৰি সংৰক্ষণ কৰিবলৈ উৎসাহ যোগাব লাগে আৰু সিহঁতক প্ৰয়োজনীয় সা-সুবিধা যোগান ধৰিব লাগে। তেতিয়া তেওঁলোকৰ সংগ্ৰহ কৰাৰ প্ৰবৃত্তিক এক গঠনমূলক পথেৰে পৰিচালিত কৰিব পৰা যাব।
(চ) যৌন প্ৰবৃত্তিৰ নিয়ন্ত্ৰণ:
যৌন প্ৰবৃত্তি হৈছে কৈশোৰ কালৰ এক ভয়ংকৰ শক্তিশালী প্ৰবৃত্তি । এই প্ৰবৃত্তিক সৎপথেৰে পৰিচালিত কৰিব নোৱাৰিলে সমাজত যে অবাঞ্চিত ঘটনা ঘটিব সেয়া সকলোৰে বিদিত। সেয়ে এই প্ৰবৃত্তিক সুস্থ আৰু, সৎপথেৰে পৰিচালিত হ'বলৈ যৌনমূলক শিক্ষাৰ প্ৰৱৰ্তন বা ব্যৱস্থা কৰা অতিশয় প্ৰয়োজন।
(ছ) আত্ম প্ৰতিষ্ঠাৰ প্ৰবৃত্তিৰ বিকাশ সাধন: 
এই প্ৰবৃত্তি নিয়ন্ত্ৰণৰ জৰিয়তে শিশুৰ বিকাশমুখী চৰিত্ৰক বাঞ্চিত ৰূপ দিব পাৰি। বিদ্যালয়ৰ আওতাত সকলো ছাত্ৰ ছাত্ৰীৰ মাজত অ-বিদ্যায়তনিক কাৰ্যসূচী যেনে - খেলা-ধূলা, গান-বাজনা, সাহিত্য প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা আদিৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিজৰ শক্তি আৰু যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সুযোগ-সুবিধা প্ৰদান কৰিব লাগে। তেতিয়া ইয়াৰ জৰিয়তে সামাজিক স্বীকৃতি লাভ কৰি তেওঁলোকে আত্ম সন্তুষ্টি লাভ কৰিব আৰু এনেকৈয়ে আত্ম প্ৰতিষ্ঠাৰ প্ৰবৃত্তিৰ বিকাশ সাধন হ'ব।
(জ) যৌন প্ৰবৃত্তিৰ শক্তিশালীকৰণ:
শিশুৰ যৌন প্ৰবৃত্তিৰ শক্তিশালী কৰিবলৈ খেলা-ধূলাত উৎসাহিত কৰিব লাগে। ইয়াৰ বাবে সংহতি শিবিৰ, কৰ্মশালা, সমাজ সেৱা আঁচনি, স্কাউট এণ্ড গাইড, স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্বৰ শিক্ষা আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগাব লাগিব। তেতিয়াহে যৌন প্ৰবৃত্তিৰ সৎপ্ৰয়োগ হ'ব।

প্ৰবৃত্তি প্ৰতিজন ব্যক্তিৰ জন্মগত এক দৈহিক উপাদান। প্ৰতিজন ব্যক্তিয়ে প্ৰবৃত্তি অনুসৰি কাম কৰি ভাল পাই। কিন্তু কেতিয়াবা এই প্ৰবৃত্তিৰ উদ্দেশ্য অসৎ হোৱাও পৰিলক্ষিত হয়, তেতিয়া ব্যক্তিজনৰ বাবে সেই প্ৰবৃত্তিয়ে ঘোৰ অমানিশি কঢ়িয়াই আনে। তেনেধৰণৰ ঘটনা সমাজত বহু সংঘটিত হৈছে, যাক প্ৰবৃত্তিৰ কু-ফল বুলি অভিহিত কৰিব পাৰি। গতিকে মানুহৰ মাজত নিহিত থকা এনে ভয়ংকৰ প্ৰবৃত্তিসমূহ সময় থাকোঁতেই চিনাক্ত কৰাৰ ব্যৱস্থা কৰিব পাৰিলে শিশুজনৰ বাবে অতি মঙ্গল। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷


Friday, November 10, 2023

মোৰ মনৰ কথা। It's in my mind.

মোৰ মনৰ কথা। It's in my mind. মোৰ মনৰ কথা। IT'S IN MY MIND.


   ব্লগত প্ৰৱন্ধ-পাতি লিখাৰ বাবে বহুতে এটা কথাই সুধে -"সময় ক'ত পাই প্ৰৱন্ধ লিখিবলৈ। কেনেকৈ লিখে আৰু কৰ পৰা তথ্যপাতি পায়?" উত্তৰত মই ক'ব খোজোঁ যে প্ৰৱন্ধ লিখাটো যিমান টান বুলি ভবা হয় প্ৰকৃততে সি সিমান টান নহয়। প্ৰৱন্ধ এটা যুগুতাবলৈ লাগে মাথোঁ ধৈৰ্য আৰু একাগ্ৰতা। বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি অধ্যয়ন কৰিব লাগে। অধ্যয়নৰ বাবে উপযোগী হোৱাকৈ বিষয়বস্তুৰ সৈতে সংগতি ৰাখি বিষয়বস্তুক উপ ভাগত বিভক্ত কৰি ল'লে সুবিধা হয়। যি কি নহওঁক, ইয়াৰ সম্পৰ্কে বাৰু কিছু পৰৱৰ্তী অংশত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হ'ব।

    আধুনিক যুগত মোবাইল ফোন, দূৰদৰ্শন, বাতৰি কাকত, বিভিন্ন আলোচনী আদি আমাৰ সমাজত সুলভ পৰিমাণে পোৱা যায়। এই মাধ্যম বিলাকৰ জৰিয়তে আমি আমাৰ প্ৰয়োজনীয় তথ্যপাতি এটা প্ৰৱন্ধৰ বাবে সহজে সংগ্ৰহ কৰিব পাৰোঁ। অধ্যয়নপুষ্ট মন থাকিলে সকলোতে তথ্য পাব পাৰি। প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াই এদিনতে নিশ্চয় এজন সাহিত্যিক হ'ব পৰা নাছিল। 'এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি,ভৰি গ'ল বহল সাগৰ.. ' বোলাৰ দৰে হোমেন বৰগোহাঞি দেৱেও এখোপ এখোপ কৰি আগবাঢ়ি নিজক সাহিত্যিক হিচাপে গঢ় দিবলৈ সক্ষম হৈছিল নিশ্চয়। তেখেতে কিমান অধ্যয়ন কৰে, কিদৰে লিখাৰ তপস্যাত নিমগ্ন হয় সেই সম্পৰ্কে প্ৰজ্ঞাৰ সাধনা আৰু উচ্চাকাংক্ষা নামৰ গ্ৰন্থৰ জৰিয়তে বহু কথা বুজিব পাৰি।

      হিতেশ ডেকাই আমাক দি গৈছে জীৱন সংসাৰৰ সুন্দৰ বাৰ্তা। তেওঁৰ দ্বাৰা ৰচিত এয়েতো জীৱন, আজিৰ মানুহ, আচল মানুহ, ভাৰাঘৰ, গাৱৰ মানুহ আদি সমাজৰ বাবে একোখন অতি মূল্যৱান গ্ৰন্থ। তেখেতে এই গ্ৰন্থবোৰ ৰচনা কৰিবলৈ এদিনতে পৰা নাছিল নিশ্চয়। মাহ বছৰ জুৰি সংসাৰৰ সম্পৰ্কে কৰিবলগীয়া হৈছিল অধ্যয়ন। অভিজ্ঞতা আৰু জ্ঞানৰ সংমিশ্ৰণৰ ফলত জন্ম হয় একোটা নতুন চিন্তাধাৰা ।  নতুন চিন্তাধাৰাই সৃষ্টি কৰে একোটা প্ৰৱন্ধ বা এটা গল্প বা এখন উপন্যাস। ঠিক একেদৰে হিতেশ ডেকাৰ ক্ষেত্ৰতো সদৃশ ঘটনাই ঘটিছিল নিশ্চয় আৰু জন্ম হৈছিল মূল্যৱান গ্ৰন্থৰ।

  কেইদিনমানৰ আগতে এজন বন্ধুৱে কৈছিল, "তুমি প্ৰৱন্ধ লিখাৰ একমাত্ৰ কাৰণ হ'ল মনত অহা হতাশা ভাৱ নেকি ?" প্ৰত্যুত্তৰত কলো, এয়া শুদ্ধ নহয়। কাৰণ প্ৰৱন্ধ এটা এনে বিষয় যত থাকিব লাগে - চিন্তা, বুদ্ধি, বিবেচনা আৰু সমালোচনা। ইহঁতৰ সংমিশ্ৰিত ৰুপেই হ'ল প্ৰৱন্ধ। গতিকে ইয়াত হতাশা আৰু নিৰাশা আদিৰ দৰে নেতিবাচক মনোভাবৰ স্থান নাই। তথ্যপাতি হ'ব লাগে সত্য আৰু বাস্তৱ ভিত্তিক। সত্যৰ ওপৰত প্ৰতিষ্ঠিত লেখা এটাই প্ৰবন্ধৰ আকাৰ পৰিগ্ৰহ কৰিব পাৰে। 

     ড° ভূপেন হাজৰিকাৰ বিষয়ে নকলেও তেখেতৰ বিষয়ে মানুহে যৎকিঞ্চিত হ'লেও জ্ঞাত। তেখেত আমাৰ পাথেয়। তেখেত আমাৰ অগ্ৰদূত। বহু অধ্যৱসায় , ধৈৰ্য, একাগ্ৰতা আৰু চৰম ইচ্ছাৰ জৰিয়তে তেওঁ আমাক দি গৈছে মানুহ হোৱাৰ পথ নিৰ্দেশনা। গীতৰে, সুৰেৰে মানুহক মানুহ হোৱাৰ পাঠ দি গৈছে। যি পাঠৰ মাজত তেওঁক আমাৰ কাষতে পাওঁ। মানুহে মানুহৰ বাবে চিন্তা কৰাৰ অৱকাশ বিচাৰিবলৈ শিকাই গৈছে তেৱেঁই। ভূপেন হাজৰিকা কেৱল এটা নাম নহয়, তেওঁ হৈছে এটা অনুষ্ঠান সদৃশ। অগাধ শ্ৰদ্ধা আৰু অনুৰাগৰ বাবেই শ্ৰোতাৰ মাজত তথা সমাজৰ মাজত আজিও জীয়াই আছে তেখেতৰ কীৰ্তি। নিশ্চয় তেখেতেও এদিনতে নামজ্বলা গায়ক হিচাপে পৰিগণিত হোৱা নাছিল। ইয়াৰ বাবে নিজকে তেওঁ বহু ত্যাগ কৰিবলগীয়া হৈছিল। সময়ক মূল্য দিব লগা হৈছিল। নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ থকাটো বৰ সহজ কথা নহয়। কিন্তু চেষ্টাৰ অসাধ্য একো নাই। সৎচেষ্টা আৰু সদিচ্ছাৰ বলত মানুহে অসাধ্যক সাধন কৰিব পাৰি। কেৱল এইবোৰ আমাৰ বাবে একোটা জীয়া নিদৰ্শন।

   ড° এপিজে আব্দুল কালামৰ নাম নজনা মানুহৰ সংখ্যা তেনেই তাকৰ। তেওঁ এজন সাধক। মানুহক নতুন স্বপ্ন দেখুওৱাব পৰা এজন ব্যক্তি। স্বপ্নদ্ৰষ্টা। মহান বিজ্ঞানীজনে কৈছিল," সফলতাৰ গল্প নপঢ়িবা, কাৰণ তাত তুমি শুদ্ধ গল্পটোহে পাবা । ব্যৰ্থতাৰ গল্প পঢ়া, তাৰ পৰা সফল হোৱাৰ কিছু উপায় পাবা।" পণ্ডিত বিজ্ঞানী গৰাকীৰ মন্তব্য অতি সাৰুৱা আৰু উপযোগী আছিল।সঁচাই কোনো এটা কামত সফলতা লাভ কৰিবলৈ হলে আমি সফলতাৰ কাৰণৰ পৰিৱৰ্তে বিফলতাৰ কাৰণসমূহ পৰ্যালোচনা কৰা অতি প্ৰয়োজন। অৰ্থাৎ বিফলতাই হৈছে সফলতাৰ মাপকাঠি। আকৌ আন এটা মন্তব্যত কৈছে - "মানুহে তাৰ ভৱিষ্যতটোক পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে।" একেবাৰে সত্য কথা যে মানুহে কেতিয়াও নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে। কিন্তু অভ্যাস পৰিৱৰ্তন কৰি নিজৰ জীৱনৰ ভৱিষ্যত সলাব পৰা যায়। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে তেওঁৰ ভৱিষ্যত কি হ'ব বা ইয়াক কেনেকৈ সলাব পৰা যায়, তেনেকৈ চিন্তা কৰি হাত সাবতি বহি থাকিলে কোনো কালে ভৱিষ্যত গঢ় দিব নোৱাৰে। তাতকৈ কষ্ট কৰি নিজৰ জীৱনৰ পথ সলনি কৰিবলৈ চেষ্টা কৰা উচিত। পৰিশ্ৰম হ'ল মানুহৰ উদগতিৰ মূল। গতিকে পৰিশ্ৰমে মানুহক উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি যোগায়। ঠিক সেইদৰে ব্যক্তি এজনে পৰিশ্ৰম কৰি আগবাঢ়িলে লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হয়।

    আকৌ আমাৰ সপোন পূৰ্ণ হওঁক অথবা নহওঁক কোনো কথা নাই। আমি সপোন দেখা উচিত। কিন্তু সপোন কেৱল শুই শুই দেখা অনুচিত। সপোন সেইটোহে হ'ব লাগে যিয়ে তোমাক শুবলৈ আহৰি নিদিয়ে। গতিকে ড° এ পি জে আব্দুল কালামৰ দৰে কও যে প্ৰৱন্ধ এটা যুগুতাবলৈ বৰ কঠিন নহয়। আমাক লাগে কেৱল এটা আশুসুধীয়া প্ৰচেষ্টাৰ মন, যিয়ে আমাক ঈস্পিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।



প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

লেখক :  দুদুল সোণোৱাল।



🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹


    



     

    


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Monday, November 6, 2023

উদ্ভৱকালৰ অসমীয়া নাটকৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

উদ্ভৱকালৰ অসমীয়া নাটকৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।

🖊️উদ্ভৱকালৰ অসমীয়া নাটক বুলিলে অতি প্ৰাচীন কালৰে পৰা অসমত চলি অহা নাট্যধৰ্মী অনুষ্ঠান সমূহৰ সম্পৰ্কে বুজা যায়। এনে নাট্যধৰ্মী অনুষ্ঠান সমূহক লোকনাট্য হিচাপে গণ্য কৰা হয় আৰু ই পঞ্চদশ শতিকাৰ আগৰে পৰা চলি আহিছিল। নৃত্য-গীত প্ৰধান লোকনাট্য অনুষ্ঠানৰ ভিতৰত ঘাইকৈ পুতলা নাচ, ভাওনা, ঢুলীয়াৰ ভাও,খুলীয়াৰ ভাও, ওজাপালি, কুশান গান, ভাৰীগান আদিয়েই প্ৰধান।


🖊️বিস্তৃত বৰ্ণনা: 
    পুতলা নাচ: পুতলা নাচ বা ভাওনা একাদশ শতিকাৰ পৰাই অসমত প্ৰচলন আছিল বুলি 'কালিকা পুৰাণ'ৰ পৰা জনা যায়। উল্লেখ্য যে পুতলা নাচৰ একোটা দলত চাৰিৰ পৰা পাঁচজনকৈ মানুহ থাকে। ইয়াৰে এজনক ওজা বা সূত্ৰধাৰ বোলে। এজন বায়ন আৰু বাকীকেইজনক পালি বোলা হয়। পুতলা নাচ ৰামায়ণৰ কাহিনীৰ আধাৰত মঞ্চস্থ কৰা হয়। 
   ঢুলীয়াৰ ভাও: ঢুলীয়াৰ ভাও লোকনাট্যৰ এটা গুৰুত্বপূৰ্ণ অংগ।ঢুলীয়াৰ দলত চাৰি-পাঁচজনৰ পৰা কুৰিজনলৈকে মানুহ থাকে। সাধাৰণতে বিয়া বাৰু বা ৰাজহুৱা অনুষ্ঠানত ঢুলীয়া সকলে নৃত্য, ক্ৰিয়া কৌশল আদি প্ৰদৰ্শন কৰে।
     ওজাপালি : ওজাপালি হ'ল আন এবিধ জনপ্ৰিয় লোকনাট্য অনুষ্ঠান । বিশেষকৈ ওজাপালি দুবিধ - মহাকাব্য আশ্ৰয়ী আৰু মহাকাব্যৰ অনাশ্ৰয়ী। ওজাপালিত চাৰিৰ পৰা পাঁচজনৰ ভিতৰত মানুহ থাকে । তেওঁলোক হ'ল - ওজা, দাইনা-পালি, আৰু পালি। নৃত্য, গীত-মাত, নাটকীয় ভংগী আৰু হাস্যৰসাত্মক অভিনয় ওজাপালিৰ বৈশিষ্ট্য। ওজাক বিভিন্ন সময়ত অৰ্থাৎ গীত, পদ আদি গাওতে, পদৰ ভাঙনি কৰোতে দাইনাপালিয়ে সহায় কৰে। দাইনাপালিজন সাধাৰণতে ৰসিক আৰু বাকপটু হয়। তেখেতে বিভিন্ন সময়ত হাস্যমধুৰ কথাৰ অৱতাৰণা কৰি দৰ্শক-শ্ৰোতাক আনন্দৰ খোৰাক যোগায়। বাকীসকলক পালি বুলি কোৱা হয়। পালি আৰু দাইনাপালিয়ে বাদ্যযন্ত্ৰ হিচাপে খুঁটিতাল ব্যৱহাৰ কৰে।ওজাজনে কোনো আখ্যানৰ দিহা লগাই দিয়াৰ পিছত পালিসকলে সেই দিহা সুন্দৰভাৱে দোহাৰে। ভিন্ন ৰাগ, তালৰ গীত-পদ গাই থাকোতে ওজাজনে হাতেৰে অংগী-ভংগী কৰি নৃত্য প্ৰদৰ্শন কৰে। কিন্তু বহুতে ক'ব খোজে যে পৰিবেশনৰ ফালৰ পৰা ওজাপালিক লোকনাট্য ধৰ্মী অনুষ্ঠান হিচাপে ধৰিব নোৱাৰি যদিও, ইয়াক বাদ দি লোকনাট্যৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা সম্ভৱ নহয়।
   কুশান গান : কুশান গান নৃত্য, সংলাপ আৰু অভিনয়েৰে পুষ্ট। কুশান গানৰ দলত এজন মূল নায়ক , এজন প্ৰধান সহকাৰী, কেইজনমান নৰ্তকীবেশী ল'ৰা, কেইজনমান বাদক আৰু কেইজনমান সহযোগী গায়ক বা পালি থাকে।
    ভাৰীগান : ভাৰীগান আন এটা লোকনাট্য ধৰ্মী অনুষ্ঠান। ভাৰীগানৰ এটা দলত মূল গায়ক এজন, পালি বা দোহৰীয়া আৰু ভাৱৰীয়া থাকে। মূল গায়কে অংগী-ভংগী আৰু নৃত্যসহ গীত-পদ পৰিৱেশন কৰে আৰু পালি সকলে দোহাৰে।
  খুলীয়া ভাউৰীয়া : আন এটা লোকনাট্য ধৰ্মী অনুষ্ঠান হ'ল -খুলীয়া ভাউৰীয়া । ইয়াতো এজন ওজা থাকে। ওজাই হ'ল একাধাৰে মঞ্চনিৰ্দেশক, পৰিচালক আৰু অন্যতম গায়ক হিচাপে কাম কৰে। চাৰি পাঁচজন পালিয়ে তেওঁক সহায় কৰে। খোল সংগত কৰি ভাও দেখুৱায় বাবে তেওঁক খুলীয়া ভাউৰীয়া বোলা হয়।

ক্ৰমশঃ



লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল । 





    

Friday, November 3, 2023

প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা আৰু সম্ভাব্য সমাধানৰ উপায়।Problems and possible solutions that an early teacher may face in the classroom.

প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা আৰু সম্ভাব্য সমাধানৰ উপায়।Problems and possible solutions that an early teacher may face in the classroom. 

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒

🖊️প্ৰাৰম্ভিক শিক্ষক এজনে শিক্ষাৰ পৰ্যায় অনুসৰি শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা সমস্যা সমূহ ভিন ভিন হ'ব পাৰে। উচ্চতৰ মাধ্যমিক, মহাবিদ্যালয় পৰ্যায়ত ন-শিক্ষক এজনে প্ৰাৰম্ভিক অৱস্থাত যিবোৰ সমস্যাৰ সন্মুখীন হ'ব , সেইবোৰ প্ৰাথমিক পৰ্যায়ৰ ন-শিক্ষকে সন্মূখীন হোৱা সমস্যাৰ সৈতে একে নহ'বও পাৰে। অৱশ্যে ইয়াৰ দুই এটা সমস্যা সদৃশ হোৱাও পৰিলক্ষিত হয়। বিশেষকৈ প্ৰাৰম্ভিক অৱস্থাত প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত ন-শিক্ষকে শ্ৰেণীকোঠাত সন্মূখীন হ'ব পৰা কেইটামান সমস্যা এনেধৰণৰ হ'ব পাৰে - (ক)অভিযোজনৰ সমস্যা,(খ) শ্ৰেণীকোঠাত অৱস্থা - টেবুল,চকী,ডেস্ক বেঞ্চ সজ্জন, (গ) TLM ব্যৱহাৰৰ সমস্যা, (ঘ) পূৰ্ব প্ৰস্তুতিৰ সমস্যা, (ঙ) ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে অজ্ঞাত সমস্যা, (চ) ভয় বা শংকা বা দ্বিধাবোধ, (ছ) ছাত্ৰ ছাত্ৰীৰ অমনোযোগিতাৰ সৈতে মোকাবিলা, (জ) ব্লেকবৰ্ডৰ সুচল ব্যৱহাৰ আদি।


(ক)অভিযোজনৰ সমস্যা : 

অপৰিচিত পৰিৱেশ আৰু অপৰিচিত ছাত্ৰ ছাত্ৰীৰ সৈতে মিলিবলৈ প্ৰতিজন নতুন শিক্ষকৰ বাবে সাময়িক ভাৱে অসুবিধাৰ সৃষ্টি হয়। কি কৰিম, কেনেকৈ কৰিম, কেনেকৈ আগবাঢ়িম আদি বাৰেকুৰি প্ৰশ্নই মনত দ্বিধাবোধৰ লকৰে। যদি কিতাপ খনৰ বা পঢ়াব লগা বিষয়বোৰৰ সম্পৰ্কে পূৰ্বে জ্ঞাত নহয়, তেন্তে তেনে মনোভাৱ জাগি উঠাটো স্বাভাৱিক।

(খ) শ্ৰেণীকোঠাৰ সুব্যৱস্থা - 

টেবুল,চকী, ডেস্ক বেঞ্চ সজ্জন: শ্ৰেণীকোঠাত প্ৰৱেশ কৰা পিছত গম পোৱা যায় শ্ৰেণীকোঠাত কেনে পৰিৱেশ বিৰাজ কৰি আছে।অসজ্জিত অৱস্থাত চকী, মেজ, ডেস্ক, বেঞ্চ থাকিলে এইবোৰৰ সজ্জিতকৰণ সমস্যাই দেখা দিয়ে। তদুপৰি শ্ৰেণীটোত বহাৰ অসুবিধা অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ অনুপাতে ডেস্ক বেঞ্চ সীমিত হ'লে আসনৰ অভাৱ হয় যাৰবাবে কিছু ছাত্ৰ ছাত্ৰী থিয় হৈ থাকিব লগা হয়। গতিকে সেইবোৰ ঠিক-ঠাক কেনেকৈ কৰা হ'ব বা সমস্যাটো কেনেকৈ সমাধান কৰা হ'ব সেই সম্পৰ্কে দোধোৰ- মোধোৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।

(গ) পূৰ্ব প্ৰস্তুতিৰ সমস্যা:

 পাঠদানৰ সম্পৰ্কত প্ৰাৰম্ভিক অৱস্থাত শিক্ষকজনৰ পূৰ্ব প্ৰস্তুতিৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। পাঠদানৰ বাবে লোৱা বিষয়বস্তুৰ পাঠ্যপুথিৰ অভাৱেও সমস্যাত পেলাব পাৰে। পাঠদানৰ বাবে পাঠ্যপুথিখনত থকা পঢ়াবলগীয়া পাঠটো আগতীয়াকৈ পঢ়ি নাহিলে পাঠৰ বিষয়বস্তু প্ৰদান কৰাত বা বুজোৱাত অসুবিধাৰ সন্মূখীন হোৱাৰ উপৰিও সংগতিহীন মন্তব্য দি পোৱাৰ সম্ভাৱনা বা শংকাৰ উদ্ভৱ হ'ব পাৰে। গতিকে পূৰ্ব প্ৰস্তুতি প্ৰাৰম্ভিক শিক্ষক এজনৰ বাবে অন্যতম সমস্যা হিচাপে বিবেচনা কৰিব পাৰি। পাঠদান কাৰ্যসূচী সফল আৰু ফলপ্ৰসূ হ'বলৈ হ'লে পূৰ্ব প্ৰস্তুতিৰ একান্তই প্ৰয়োজন।

(ঘ) ব্লেকবৰ্ডৰ সুচল ব্যৱহাৰ: 

শিক্ষকজনে ব্লেকবৰ্ডৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। ব্লেকবৰ্ডৰ অৱস্থান আৰু ইয়াৰ ব্যৱহাৰ যোগ্যতা সুচল হয় নে নহয় তাক আগতীয়াকৈ শিক্ষকজনে নাজানিলে শিক্ষাদান প্ৰক্ৰিয়াত অসুবিধাই দেখা দিয়ে। তদুপৰি ব্লেকবৰ্ড প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ বাবে কিছু আচহুৱা যেন অনুভৱ হ'ব। যদি শ্ৰেণীকোঠাত ব্লেকবৰ্ডৰ সলনি হোৱাইটবৰ্ড (Whiteboard) থাকে তেন্তে পূৰ্বে ব্যৱহাৰ নকৰা শিক্ষক এজনৰ বাবে কিছু জঠৰতা আহি পৰিব।

(ঙ) ছাত্ৰ-ছাত্ৰীৰ অমনোযোগিতাৰ সৈতে মোকাবিলা:

 কিছুমান শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠদানৰ সময়ত অমনোযোগিতা প্ৰদৰ্শন কৰে। প্ৰাৰম্ভিক শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীৰ তেনে অমনোযোগিতাৰ বদ অভ্যাসৰ বাবে পাঠদানত অসুবিধাৰ সন্মূখীন হ'ব। কাৰণ নতুন শিক্ষকজনৰ বাবে পৰিৱেশ নতুন। ছাত্ৰ-ছাত্ৰী সকল অপৰিচিত আৰু সেয়ে তেওঁলোকৰ কোনকেইজন ছাত্ৰ-ছাত্ৰী বেছি অমনোযোগি তাক বাছি উলিয়াবলৈ কিছু অসুবিধাৰ সন্মূখীন হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্ষণ বৃদ্ধিৰ বাবে শিক্ষকজনে উচিত পদক্ষেপ গ্ৰহণ কৰি পাঠদান কৰোঁতে সময় অবাবত নষ্ট হ'ব।

(চ) ভয় বা শংকা বা দ্বিধাবোধ : 

নতুন শিক্ষকজনৰ বাবে শ্ৰেণীকোঠাৰ সকলোবোৰ নতুন। অৰ্থাৎ ছাত্ৰ ছাত্ৰী, শ্ৰেণীকোঠাৰ পৰিৱেশ বা পৰিস্থিতিতন্ত্ৰৰ সৈতে অচিনাকি হোৱাৰ বাবে প্ৰথমে মনত কিঞ্চিত ভয় বা শংকা বা দ্বিধাবোধৰ অনুভৱ হ'ব। অৱশ্যে ইয়াৰ স্থায়িত্ব নাই।

(ছ) ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সৈতে অপৰিচিত:

 প্ৰাৰম্ভিক এজন শিক্ষকে শ্ৰেণীকোঠাত উপৱিষ্ট সকলো ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সৈতে অপৰিচিত বা অজ্ঞাত। গতিকে পাঠদান কাৰ্যসূচীত কেনে পদ্ধতি অৱলম্বন কৰিলে ভাল হ'ব সেই ক্ষেত্ৰত অসুবিধাৰ সন্মূখীন হ'ব। পাঠদান কাৰ্যসূচী ফলৱৰ্তী হ'বলৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে অৱগত হোৱা বাঞ্ছনীয় বা তেওঁলোকৰ সম্পৰ্কে জ্ঞান আহৰণ কৰা প্ৰয়োজন। ইয়াৰ বিনে শিক্ষাদান প্ৰক্ৰিয়া ফলৱৰ্তী আৰু ফলপ্ৰসু বা কাৰ্যকৰী নহয়। শ্ৰেণীকোঠাত থকা সকলো শিক্ষাৰ্থী সম মেধাসম্পন্ন নহয়। মেধাৰ পাৰ্থক্য নুবুজিলে বা নাজানিলে শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক ফলপ্ৰসুভাৱে পাঠদান প্ৰদান কৰিবলৈ অপাৰগ হ'ব।

(জ) শিক্ষণ শিকন সঁজুলি (Teaching Learning Material) ব্যৱহাৰৰ সমস্যা: 

বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি শিক্ষণ শিকন সঁজুলি বা TLM ব্যৱহাৰ কৰা হয়। বিষয়বস্তুৰ লগত কি TLM ব্যৱহাৰ বা প্ৰয়োগ কৰিব লাগিব সেই সম্পৰ্কে বিশদ জ্ঞান নাথাকিলে শিক্ষকজন অসুবিধাৰ সন্মূখীন হ'ব। 

প্ৰাৰম্ভিক শিক্ষক এজনে শ্ৰেণীকোঠাত সততে সন্মুখীন হোৱা সমস্যা সমূ্হৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়সমূহ হৈছে: 
i) অভিযোজনৰ বাবে শিক্ষকজনে পূৰ্ব ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত উদ্ভৱ হোৱা সমস্যাসমূহ আৰু আগতীয়াকৈ বিদ্যালয়খনৰ সম্পৰ্কে তথ্য সংগ্ৰহ কৰি নিজকে প্ৰস্তুত কৰি তোলিব লাগিব।
ii) পাঠ্যক্ৰম, পাঠদান প্ৰক্ৰিয়াৰ সম্পৰ্কে জ্ঞাত বা জ্ঞান থাকিব লাগিব।
iii শিক্ষাৰ্থীসকলৰ সম্পৰ্কে বুজিবলৈ প্ৰথম দিনটোত সকলোৰে পৰিচয় লৈ সহজ হ'বলৈ প্ৰয়াস কৰিব লাগিব।
iv) পাঠ্যক্ৰম আৰু পাঠ্যসূচীত থকা নিৰ্দিষ্ট পাঠৰ বিষয়বস্তু সম্পৰ্কে পূৰ্ব প্ৰস্তুতি । 
v) ব্লেকবৰ্ডৰ ব্যৱহাৰ আৰু হোৱাইটবৰ্ডৰ ব্যৱহাৰৰ জ্ঞান আহৰণ কৰিব লাগিব যাতে বিষয়বস্তুৰ লগত সংগতি ৰাখি ব'ৰ্ডৰ ব্যৱহাৰ কৰিব পাৰি। 
vi) ছাত্ৰ ছাত্ৰীৰ মনোযোগ বৃদ্ধিৰ বাবে সাধু বা গল্পৰ সহায়েৰে পাঠৰ উপস্থাপন।
vii) বুদ্ধিমাপণ পৰীক্ষা বা মনোবৈজ্ঞানিক অভীক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মেধা পৰ্যায় বাছনি কৰি পাঠদান কাৰ্যসূচীত প্ৰয়োজনীয় পদ্ধতি অৱলম্বন।
viii) অভীক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক দিশৰ সম্পৰ্কে উমান লোৱা। কোনো ছাত্ৰৰ জ্ঞান, অভিজ্ঞতা, বুদ্ধি, কৌশল, প্ৰৱনতা আদি পৰিমাপণ কৰিলেহে সঠিক পাঠ আদান-প্ৰদান কৰিব পৰা যায়।

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴

আপুনি পঢ়ি কেনে পালে জনাব। যদি লেখাটো ভাল হৈছে তেন্তে ব্লগৰ comment বাকচত মন্তব্য এটা আগবঢ়াব। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹











Thursday, October 19, 2023

সৃষ্টিশীলতা মানে কি ? বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতাৰ বিকাশৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত ? What does creativity mean ? What measures should be taken to develop the creativity of students in schools ?

সৃষ্টিশীলতা মানে কি ? বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতাৰ বিকাশৰ বাবে কি কি ব্যৱস্থা লোৱা উচিত ? What does creativity mean ? What measures should be taken to develop the creativity of students in schools ?

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴



🖊️ সৃষ্টিশীলতা অথবা সৃজনীশীল মনোভাৱ: 

    সৃজনীশীলতা বা সৃজনশীল মনোভাৱ কি বুলিলে বৰ সহজে উত্তৰ দিয়া সম্ভৱ নহয়। পোনপতীয়াকৈ কবলৈ গ'লে সৃজনীশীলতা মানে নতুন সৃষ্টি কৰা বা নতুনত্বৰ জন্ম দিয়াৰ অৱস্থা। অৰ্থাৎ যি চিন্তনৰ ফলস্বৰূপে গতানুগতিকতাৰ পৰিবৰ্তে নতুন তথা মৌলিক কথাৰ উৎপত্তি হয় সেই চিন্তনেই হ'ল সৃজনীশীলতা।

   বিভিন্ন সময়ত পৃথিৱীৰ অনেক প্ৰতিভাৱান ব্যক্তিয়ে বিভিন্ন বিষয়ত যেনে সাহিত্য, দৰ্শন, বিজ্ঞান, সংগীত, সুকুমাৰ কলা আদিৰ ক্ষেত্ৰত কিছুমান কাম কৰি গৈছে যিবিলাকৰ স্থান সৃজনীশীলতাৰ মাপকাঠিৰে চালিজাৰি চালে সদায় উচ্চ শিখৰত ৰব। অৱশ্যে সাধাৰণ স্তৰৰ এজন লোকৰ কাৰ্যত উচ্চ পৰ্যায়ৰ সৃজনীশীলতা প্ৰায় পৰিলক্ষিত নহয়। তেওঁলোকৰ চিন্তা ভাৱনাত কেৱল গতানুগতিক ভাৱধাৰাক কিছু উন্নত ঘটাবলৈহে সক্ষম হয়। এজন কবিৰ বা চিত্ৰকৰ বা সংগীতজ্ঞৰ বা শিপিনীৰ কাৰ্যত প্ৰায় উচ্চ পৰ্যায়ৰ সৃজনীশীলতা দেখিবলৈ পোৱা নাযায়। কিছুমান ব্যক্তিৰ জীৱনী অধ্যয়ন কৰিলে আমি বুজিব পাৰোঁ যে তেওঁলোকৰ চিন্তাধাৰা অতি উন্নত আছিল। তেওঁলোকৰ চিন্তাধাৰা আছিল অত্যন্ত গভীৰ। উদাহৰণ স্বৰূপে আইনষ্টাইন, আৰ্যভট্ট, পাইথাগোৰাছ... আদিৰ দৰে বিজ্ঞানীসকলে বা ব্যক্তিসকলৰ চিন্তাধাৰা সাধাৰণ ব্যক্তিতকৈ বহু ব্যতিক্ৰম। সিহঁতৰ যি চিন্তাধাৰা তাৰ জৰিয়তে নতুনত্বৰ সৃষ্টি হৈছে। বিশ্বৰ সকলো মানুহৰে উপকাৰত অহা সূত্ৰ, তত্ত্বৰ সৃষ্টি কৰি সমাজক আগবঢ়াই নিয়াত অৰিহণা আগবঢ়াই গৈছে। সেয়ে তেওঁলোকৰ চিন্তাধাৰা সাধাৰণ ব্যক্তিতকৈ পৃথক।
    শিক্ষাৰ্থীৰ মনত সৃজনীশীলতাৰ মনোভাৱ জগাই তুলিবলৈ শিক্ষকে শিক্ষাৰ্থীক উৎসাহ আৰু উদ্দীপনা যোগাব পাৰিব লাগিব। শিকাৰুৰ মনত সৃজনীশীলতাৰ মনোভাৱ জগাই তুলিবলৈ বিদ্যালয়ৰ পৰ্যায়ত বিভিন্ন কাৰ্যপন্থা হাতত ল'ব পাৰে। তলত উল্লেখ কৰা হ'ল -
ক) প্ৰথম কথা বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত, উপকাৰী পৰিস্থিতি আৰু উৎসাহপূৰ্ণ হ'ব লাগে।
খ) যুৱ শিক্ষাৰ্থীসকলক তেওঁলোকে নিজকে নিজৰ বিভিন্ন সৃষ্টিশীল কৰ্মৰ মাজেদি উদ্ভাষিত কৰিবলৈ সাহস আৰু প্ৰেৰণা যোগাব লাগিব। তেওঁলোকৰ কৰ্মক সঠিকভাৱে মূল্যায়ন কৰিব লাগে।
গ) শিক্ষাৰ্থীৰ ৰাপৰ প্ৰতি শিক্ষকসকল সজাগ হোৱা প্ৰয়োজন। বিশেষকৈ কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ দৃষ্টি মতে অনুপযুক্তভাৱে কোনো বিষয়ত মনোভাৱ প্ৰকাশ কৰিলেও ভাল লগা নাই বুলি উপৰুৱা মন্তব্য কৰা অনুচিত। এনে কৰিলে ছাত্ৰ ছাত্ৰী জনৰ শিকাৰ হেঁপাহ হেৰাই যায়।
ঘ) শিশুৱে এই কথা অনুভৱ কৰে যে তেওঁলোকৰ শিক্ষকে কোনবোৰ ভালপায় আৰু কোনবোৰ বেয়া পায়। সেয়ে তেওঁলোকে শিক্ষকৰ ভাৱৰ সৈতে সংগতি থকা কামহে কৰিব লয়। সেয়ে শিক্ষকে ভালকামৰ মাধ্যমেৰে তেওঁলোকৰ শিকাৰ হেঁপাহ আৰু আকৰ্ষণ বৃদ্ধি কৰিব পাৰে।
ঙ) শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনৰ বিভিন্নতা আৰু মৌলিক চিন্তাৰ ওপৰত বেছি গুৰুত্ব দিয়া উচিত আৰু উৎসাহিত কৰা উচিত।
চ) যুৱ শিক্ষাৰ্থীসকলক বস্তুনিষ্ঠভাৱে শিকিবলৈ অৱকাশ দিব লাগে। তেওঁলোকে বিষয়বস্তুৰ ওপৰত সঠিক ৰূপ নিদিলেও শিক্ষকে তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত কটুবাক্য এৰা উচিত নহয়। তেনেক্ষেত্ৰত শিক্ষকে বিষয়বস্তুৰ কিছু সালসলনি ঘটাই তেওঁলোকৰ শিকাৰ আগ্ৰহ বঢ়াব লাগে।
গ) শিক্ষাৰ্থীসকলক শিক্ষকে সকলো বিষয়তে এটা বিশেষ বিষয়ক কেন্দ্ৰ কৰি বেলেগ বেলেগকৈ ভাবিবলৈ অৱকাশ দিব লাগে।
ঘ) শিক্ষাৰ্থীসকলক নতুন উদ্ভাৱন আৰু নতুন সৃষ্টিৰ বাবে পথ নিৰ্দেশনা দিব লাগে যাতে তেওঁলোকে নতুন সৃষ্টি কৰিব সক্ষম হয়।
ঙ) কিদৰে নতুন সৃষ্টি কৰিব পাৰে বা কোনো এটা বিষয়বস্তুৰ কেনেকৈ উন্নত মানদণ্ডলৈ ৰূপান্তৰ কৰিব পাৰি তাৰ মাৰ্গ দৰ্শন কৰিলে শিক্ষাৰ্থীয়ে বুজিব আৰু সৃষ্টিশীল মনোভাৱ জন্ম হ'ব।
চ) ছাত্ৰ ছাত্ৰী সকলক প্ৰতিটো বিষয়ত নতুনত্ব সৃষ্টিত উৎসাহিত পূৰ্ণ মন্তব্য আগবঢ়াব লাগে। ভুল আৰু চেষ্টাৰ পদ্ধতিৰ জৰিয়তে উদ্ভাৱন কৰিবলৈ শিকালে তেওঁলোকে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।
ছ) শিক্ষকসকলেও ইয়াৰ বাবে নিজকে সৃষ্টিশীলতাৰ প্ৰতি আকৃষ্ট হ'ব লাগিব। আচৰ্যজনক, কৌতূহল আদিৰ জৰিয়তে আনন্দময় পৰিৱেশৰ জন্ম দি শিক্ষাৰ্থীৰ মনত সৃজনীশীলতাৰ মনোভাৱৰ বীজ ৰোপন কৰিব লাগিব। তেতিয়াহে শিকাৰ জৰিয়তে বিভিন্ন বিষয়ত নতুনত্বৰ সৃষ্টি কৰিব সক্ষম হ'ব।

      সৃষ্টিশীলতা যদিও এক বিশাল বা ব্যাপক শব্দ তথাপিও আমি চেষ্টাৰ বলত , একান্ত সাধনাৰ বলত ইয়াৰ আশে-পাশে সহজে অৱস্থান কৰিব পাৰোঁ। অধ্যৱসায়, মনোযোগ, ধ্যান, অধ্যয়নপুষ্ট মন থাকিলে সকলোৱে নতুন সৃষ্টি কৰিব পাৰে। বিশ্বত থকা শ শ বিজ্ঞানী বা উদ্ভাৱক সকলে এদিনতে নতুন নতুন বিষয়ত নতুনত্বৰ সন্ধান নিশ্চয় দিব পৰা নাই। ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজন হৈছে বহু কঠোৰ সাধনা আৰু অধ্যয়ন। অধ্যয়নৰ অন্ততহে কোনো বিষয়ত নতুনত্বৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। টমাছ আলভা এডিচনে জীৱনত বহু সৃষ্টি কৰিলে। এই নতুনত্ব সৃষ্টি এদিনতে হৈ উঠিছিল নে ? নিশ্চয় ইয়াৰ আঁৰত আছে বহু ব্যথা, নেৰানেপেৰা প্ৰচেষ্টা আৰু কঠোৰ সাধনা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি অধ্যয়ন কৰিব লাগিব তেহে নতুন সৃষ্টিত অৰিহণা যোগাব পাৰিব।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল।
হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒
   

Sunday, October 8, 2023

নোবে'ল বঁটা প্ৰাপক নাৰ্গেছ মহম্মদীৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত। A brief look at Nobel Laureate Narges Mohammadi।

নোবে'ল বঁটা প্ৰাপক নাৰ্গেছ মহম্মদীৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত।A brief look at Nobel Laureate Narges Mohammadi.

🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴🪴
    🚀 নাৰ্গেছ মহম্মদী হ'ল ইৰাণৰ মহিলা অধিকাৰৰ বাবে অক্লান্ত ভাৱে যুঁজ দিয়া এগৰাকী সাহসী ইৰাণী মহিলা। তাই জন্ম হৈছিল ১৯৭২ চনৰ ২১ এপ্ৰিলত ইৰাণৰ জাঞ্জন চহৰত। কৰভেজ, কাৰাজ আৰু ওছনাভিয়েহত বাস কৰি মাক-দেউতাকৰ ছত্ৰছায়াত তাই ডাঙৰ দীঘল হৈছিল।
    🖊️জন্ম : ২১ এপ্ৰিল ১৯৭২ চন। 
    জন্মস্থান: জাঞ্জন , ইৰাণ ।
    বিবাহ    : টাঘী ৰহমানী,১৯৯৯ চন।
    সন্তান    : দুটা যমজ সন্তান ।
    গ্ৰন্থ        : White Torture: Inside Iran's for        
                        women, One world 
                         publication,2022.
   বঁটা         : শান্তিৰ নোবেল বঁটা।
   পিতৃ-মাতৃ : অজ্ৰা, বাজাৰগান।

                   নাৰ্গেছ মহম্মদী, ইৰাণ ।

      নাৰ্গেছ মহম্মদী এগৰাকী সাহসী আৰু শিক্ষিত মহিলা। তাই পদাৰ্থ বিজ্ঞানত ডিগ্ৰী লাভ কৰিছিল আৰু ইয়াৰ পৰৱৰ্তী সময়ত কাজভিন ইণ্টাৰনেচনেল বিশ্ববিদ্যালয়ত পঢ়ি এগৰাকী পেছাদাৰী অভিযন্তা হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয়ৰ কৰ্মজীৱনত তাই বাতৰি কাকতত মহিলাৰ অধিকাৰ সমৰ্থনৰ সাপেক্ষে প্ৰৱন্ধ লিখিছিল। যাৰ বাবে মহম্মদীক ৰাজনৈতিক ছাত্ৰ গোট তাশাক্কোল দানেশজুই ৰোশনগাৰানৰ এখন সভাত উপস্থিত থকা অৱস্থাত ইৰাণৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। 

     তদুপৰি মহম্মদীয়ে এটা পৰ্বত আৰোহণ গোটৰ সৈতেও জড়িত আছিল। কিন্তু পৰৱৰ্তীকালত তাইৰ ৰাজনৈতিক কাৰ্যকলাপৰ বাবে আৰোহণত যোগদানৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষিত হৈছিল। 
     মহম্মদীয়ে কেইবাখনো বাতৰি কাকতৰ সাংবাদিক হিচাপেও কাম কৰিছিল আৰু কৰি আছে। তদুপৰি সংস্কাৰ, ৰণনীতি আৰু কৌশল শীৰ্ষক ৰাজনৈতিক বিষয়ৰ সৈতে জড়িত প্ৰৱন্ধৰ এখন গ্ৰন্থও প্ৰকাশ কৰিছিল।
     প্ৰায় ২০১২ চনৰ পৰা মহম্মদীয়ে মানৱ অধিকাৰৰ কামৰ সৈতে জড়িত আছিল। এতিয়াও তাই এই বিষয়ৰ সৈতে জড়িত হৈ আছে। বিগত ২০০৩ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী শিৰিন এবাদীৰ নেতৃত্বত গঢ় লৈ উঠা বেচৰকাৰী সংগঠন "ডিফেণ্ডাৰছ অৱ হিউমেন ৰাইটচ চেণ্টাৰ"ৰ তাই এগৰাকী উপ মূৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।'ফ্ৰণ্ট লাইন ডিফেণ্ডাৰ অধিকাৰ' সংগঠনৰ মতে - মহম্মদীয়ে তেহৰাণৰ এভিন কাৰাগাৰত একাধিক বাৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছে। মুঠ ১২ বছৰ কাল কাৰাবাস খাটিব লগা হ'ল।মহিলাক ন্যায্যতা প্ৰদান, স্বাধীনতা, সমঅধিকাৰ, সমতা, বৈষম্য দূৰীকৰণ,মানৱ অধিকাৰ ৰক্ষা কৰা আদি বিষয়ত চৰকাৰৰ বিৰুদ্ধে তাই সবল প্ৰতিবাদ কৰাৰ বাবে তেহৰাণ চৰকাৰে তাইক বৰ্তমানেও কাৰাগাৰত বন্দী কৰি ৰাখিছে। এন সময়তে নোবেল সমিতিয়ে ২০২৩ চনৰ অক্টোবৰ মাহৰ যোৱা ৬ তাৰিখে মহম্মদীক শান্তিৰ নোবেল বঁটা প্ৰদানেৰে তাইৰ মানৱ দৰদী আন্দোলনক স্বীকৃতি প্ৰদান কৰিলে বুলি ক'ব পাৰি। 
    উল্লেখযোগ্য যে মহম্মদী এগৰাকী ইৰাণী ভদ্ৰ মহিলা। মহিলাৰ অধিকাৰৰ বাবে অক্লান্ত অভিযানৰ স্বীকৃতি স্বৰূপে আৰু মৃত্যুদণ্ডৰ বিৰুদ্ধে মাত মতা এগৰাকী শান্তিকামী মহিলা হিচাপে নাৰ্গেছক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।

  কিন্তু ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে মহম্মদীক বঁটা প্ৰদানৰ সিদ্ধান্তক গৰিহণা দিছে। বৈদেশিক মন্ত্ৰালয়ৰ মতে ইয়াৰ কাৰণ হৈছে,তাই এগৰাকী কাৰাগাৰত কাৰাদণ্ড খটা মহিলা। গতিকে তেনে এগৰাকী মহিলাক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা সমীচিন হোৱা নাই। আন কিছুমান লোকেও একে মন্তব্য কৰা দেখা গৈছে। অৱশ্যে তাই হৈ মাতমতা লোকৰ সংখ্যা অধিক হোৱা বাবে কথাটো তল পৰিছে বুলি ক'ব পাৰি।

সংসাৰ: 
     ১৯৯৯ চনত তেওঁ সংস্কাৰপন্থী সাংবাদিক তাঘী ৰহমানীক বিয়া কৰায় । কিন্তু তাঘী ৰহমানীকো একে কাৰণতে ইৰাণী সৈন্যৰ দ্বাৰা প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে ৰহমানীয়ে ১৪ বছৰকাৰাবাস খটাৰ পিছত ২০১২ চনত ফ্ৰান্সলৈ গুচি যায়, আনহাতে মহম্মদীয়ে মানৱ অধিকাৰৰ কাম অব্যাহত ৰাখে । মহম্মদী আৰু ৰহমানীৰ দুটা যমজ সন্তান আছে। 

বঁটা বাহন:
     মহম্মদীয়ে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তলত উল্লেখ কৰা হৈছে।-
(i) ২০০৯ চনত 'আলেকজেণ্ডাৰ লেঙ্গাৰ' (Alexander Langer) বঁটা লাভ। শান্তি ৰক্ষা কামত মনোনিবেশ কৰাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে এই বঁটাত থাকে ১০,০০০ ইউৰো ,যিটো ভাৰতীয় হিচাপত ৮,৮১,১৯৬.৬৮ টকাৰ সমপৰিমাণৰ। 

(ii) ২০১১ চনত 'PER Anger Prize' লাভ। এই বঁটা হ'ল চুইডিছ চৰকাৰী আন্তঃৰাষ্ট্ৰীয় বঁটা (SGIA)। মানৱ অধিকাৰৰ বিষয়ত এই বঁটা প্ৰদান কৰা হয়।

(iii) ২০১৬ চনত 'ৱেইমাৰ হিউমেন ৰাইটচ বঁটা ' (Weimar Human Rights Award)লাভ। 

(iv) ২০১৮ চনত 'এনড্ৰেই চখৰ্ভ বঁটা' ( Andrei sakharov Prize) লাভ। আমেৰিকাৰ শাৰীৰিক ছ'ছাইটিৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়।

(v) ২০২২ চনত বিবিচি ৰ দ্বাৰা ১০০ গৰাকীৰ ভিতৰত উৎসাহিত আৰু প্ৰভাৱশালী মহিলা হিচাপে স্বীকৃতি প্ৰদান।

(vi) ২০২৩ চনত 'অল'ফ পাল্মে বঁটা' ( Olof Palme Prize) লাভ। এই বঁটা চুইডিছ অ'ল পাল্মে ফাউণ্ডেশ্যনৰ জৰিয়তে প্ৰদান কৰা হয়।

(vii) ২০২৩ চনত PEN/Barbey লেখাৰ স্বাধীনতা বঁটা লাভ (Freedom to Write Award)। আমেৰিকাৰ দ্বাৰা প্ৰদান কৰা হয়।

(viii) ২০২৩ চনত ইউনেস্কো/ গিলেইমো ক্যেনো ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম প্ৰাইজ লাভ।

(ix) ২০২৩ চনৰ ৬ অক্টোবৰত শান্তিৰ নোবেল বঁটা লাভ। উল্লেখ্য যে মহিলাৰ স্বাধীনতা অধিকাৰৰ সম্পৰ্কত মাত মতাৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

মহম্মদীৰ ৰচনা: 
    মহম্মদীয়ে কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে মহিলা সকলৰ ওপৰত ভিত্তি কৰি এখন গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থখনৰ নাম - White Torture: Inside Iran's for women, One world publication,2022.

সামৰণি: 🙏
     ইৰাণী কৰ্তৃপক্ষৰ দ্বাৰা অজস্ৰ গ্ৰেপ্তাৰ হোৱা স্বত্বেও তাই নিজৰ সক্ৰিয়তা অব্যাহত ৰাখিছিল । যোৱা বছৰ মাহচা আমিনী নামৰ এগৰাকী মহিলা মৃত্যুৰ ফলত দেশজুৰি হোৱা প্ৰতিবাদৰ বাবেই মহম্মদীৰ সম্পৰ্কে দেশৰ সকলো লোকে জানিছিল বুলি জনা যায়। তাৰ পৰৱৰ্তী সময়ত তাইৰ সম্পৰ্কে বিশদভাৱে বাতৰি কাকত আৰু বিভিন্ন চেনেলত আলোচনা হৈছিল যাৰবাবে তাইৰ অৱদানৰ সম্পৰ্কে সকলোৱে জানিবলৈ সক্ষম হৈছিল। তাইৰ ত্যাগ আৰু সাহস এনেয়ে নগ'ল। নোবে'ল সমিতিয়ে তাইৰ মহিলা স্বাধীনতা অধিকাৰৰ ওপৰত কৰা শান্তিৰ যুঁজৰ বাৰ্তা নোবে'ল বঁটা প্ৰদানেৰে প্ৰত্যুত্তৰ দিলে। 
    মহম্মদীৰ পৰিয়ালে ইয়াক "স্বাধীনতাৰ বাবে ইৰাণৰ যুঁজৰ বাবে এক ঐতিহাসিক আৰু গভীৰ মুহূৰ্ত" বুলি অভিহিত কৰিছিল, আনহাতে বিশ্বজুৰি ৰাজনীতিবিদসকলে মহম্মদীয়ে দেখুওৱা সাহসৰ বাবে প্ৰশংসা কৰিছিল।
    ২০০৩ চনত এই বঁটা লাভ কৰা ইৰাণৰ নবেল শান্তি বঁটা বিজয়ী শিৰিন এবাদীয়ে কয় যে তেওঁ আশা কৰে যে এই বছৰৰ পুৰস্কাৰে ইৰানী মহিলাসকলৰ বাবে গণতন্ত্ৰ আৰু সমতা আনিব।
   "এই পুৰস্কাৰৰ বাবে মই নাৰ্গেছ মহম্মদী আৰু সকলো ইৰানী মহিলাক অভিনন্দন জনাইছো... এই পুৰষ্কাৰে ইছলামিক গণৰাজ্যত মহিলাৰ অধিকাৰ উলংঘনৰ ওপৰত আলোকপাত কৰিব... যিটোৱে দুৰ্ভাগ্যবশতঃ প্ৰমাণ কৰিছে যে ইয়াক সংস্কাৰ কৰিব নোৱাৰি," এবাদীয়ে ৰয়টাৰ সংবাদ সংস্থাক এনেদৰে কৈছিল। যি কি নহওঁক, মহম্মদীয়ে বঁটা লাভ কৰাৰ বাবে বহুতে ভাল ধৰণে কৈছে আৰু বহুতে বেয়াকৈও মন্তব্য আগবঢ়ায়ছে। ই যি কি নহওঁক মহম্মদীয়ে যি কাৰণত নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ'ল সিয়ে মহিলা সবলীকৰণত উৎসাহ যোগাব বুলি আশা কৰিব পাৰি। 

                    -----------------------------

🚀প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল।
             হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।
             
সহায়ক গ্ৰন্থ : 
  ইন্টাৰনেট , ৱেবছাইট পলিটিকচ,ইৰাণ।



🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹




    

Sunday, October 1, 2023

পাঁচটা জনগোষ্ঠীৰ উৎসৱৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ।

পাঁচটা জনগোষ্ঠীৰ উৎসৱৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ।


অসমত পালন কৰা ভিন ভিন জনগোষ্ঠীৰ পাঁচবিধ উৎসৱৰ তালিকা কৰি প্ৰতিটো উৎসৱৰ সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ, সাজ-পোছাক,গীত-মাত,নীতি-নিয়ম আদি অধ্যয়ন কৰি তলত প্ৰকল্পৰ প্ৰতিবেদন যুগুত কৰা হ'ল। 

জনগোষ্ঠীৰ নাম                      উৎসৱ 

-------------------------------------------------------------------

১/ মিচিং                             আলি-আয়ে-লিগাং

২/ দেউৰী                           ইবাঁকু বিচু উৎসৱ

৩/ বড়ো                             খেৰাই উৎসৱ

৪/ কাৰ্বি                              চমাংকান উৎসৱ

৫/ সোণোৱাল কছাৰী         বাইথ' পূজা বা উৎসৱ

-------------------------------------------------------------------

১/ মিচিং জনগোষ্ঠীৰ আলি আ:য়ে লৃগাং উৎসৱ :

    আলি আঃয়ে লৃগাং (Ali-Ai-ligang) অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰথম অৱস্থাত ফাগুন, চ'ত বা ব'হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম: 

    মিচিং ভাষাত "আলি" মানে শস্যৰ বীজ, "আঃয়ে" মানে ফল আৰু "লৃগাং" মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং, এগ, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। উল্লেখ্য যে তেওঁলোকৰ জাতীয় সাজ-পোছাকবোৰে তেওঁলোকৰ স্বকীয়তা বহন কৰে।

২/ দেউৰীসকলৰ ইবাঁকু বিচু উৎসৱ:

    ইবাঁকু বিচু অসমৰ দেউৰী সম্প্ৰদায়ৰ বসন্ত উৎসৱ। ব'হাগৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ কৰি সাতদিনলৈ পালন কৰা হয়।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম: 

       এই উৎসৱ ব’হাগৰ প্ৰথম বুধবাৰে আৰম্ভ হয়। তেওঁলোকৰ পূজা-অৰ্চনা কৰাৰস্থল দেওঘৰত সেইদিনা বিশেষ পূজা কৰা হয়। সেই দিনটোক বিচুৰ (বিহুৰ) উৰুকা হিচাবে পালন কৰা হয়। দেওঘৰত সেই দিনা তেওঁলোকৰ উপাস্য দেৱতা কুন্দিমামা, পিচাদেমা, পিচাচি দেমাচি আদিকে প্ৰমুখ্য কৰি আন আন উপাস্য দেৱ-দেৱীসকললৈ ছাগলী, পাৰ, কুকুৰা আদি বলি হিচাবে আগবঢ়ায়। আনহাতে বিচুৰ উৰুকা ৰাতি বৰদেউৰীৰ ঘৰত অথবা তেনে এক সামাজিক স্থানত ডেকা-গাভৰু (দেউৰী ভাষাত মিৰা-মিৰাচি) সকলে নৃত্য-গীত কৰে। সপ্তাহ ধৰি এই বিহু অতি উলহমালহৰে পালন কৰাৰ অন্তত শেষৰ দিনটোক বিচু উৰুৱাবা (দেউৰী ভাষা) বোলে। 

     দেউৰী সমাজত বিবাহিত মহিলাই বুকুৰ পৰা ভৰিৰ গুৰুহাত পৰাকৈ মেথনি মাৰি দীঘল মুগা অথবা কপাহী মেখেলা পিন্ধে। কঁকালত তেওঁলোকে মুগা ৰিহা ( জকাচ্ছিবা) অথবা বাইগা মেৰাই লয়। গাত তেওঁলোকে চোলা পিন্ধে। দেউৰী মহিলা সকলে মূৰত মৰা গামোচা খনক টকয়া (গাতিকী)বোলে। বৰগঞা সমাজত মহিলা সকলে সাধাৰতে উৎসৱ পাৰ্বন আদিত বগা মেখেলা আৰু চোলা পিন্ধি গাত এখন বগা চাদৰ মেৰাই লয়। 

৩/ বড়োসকলৰ খেৰাই উৎসৱ:

   খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰতাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ। এই উৎসৱ সাধাৰণতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্‌যাপন কৰা হয়। এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য। সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে।

      খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল ’খাৰ’ + ’আই’, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু "আই" মানে গোঁসানী। আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য। কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঁঠু কঢ়া, ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য।

সাজ-পোছাক / গীত-মাত/ নীতি-নিয়ম  :

     বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে। ওজাই পিছত বহি আঁঠুলৈ মন্ত্ৰ মাতে। ওজাৰ পিছত বুঢ়া-মেথাসকল বহে। দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে। সেইসময়তে খেৰাই নৃত্য চলি থাকে। পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে। খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰৰ নাম। 

৪/  কাৰ্বিসকলৰ চমাংকান উৎসৱ:

    চমাংকান (Chomangkan) কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত উৎসৱ। ভূত-প্ৰেত আদি দেৱতাৰূপী শিৱ বা বূঢ়াগোসাঁইৰ ভক্তিত মজি থকা কাৰ্বি সকলৰ চমাংকান হ'ল মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তি কামনা কৰি এই উৎসৱ পতা হয়। কাৰ্বি বিশ্বাস অনুসৰি চমাংকান অবিহনে মৃতকৰ আত্মাই সম্পূৰ্ণ ৰূ’পে পাপ-তাপ, দুখ-ক্লেশ আদিৰপৰা পৰিত্ৰাণ নাপায়। সাধাৰণতে তিনিদিনীয়াকৈ এই অনুষ্ঠান পতা হয়। চমাংকান এটা খৰচী অনুষ্ঠান, সেয়ে সকলো গৃহস্থই চমাংকান পাতিব নোৱাৰে। সেয়ে বহুকেইজন মৃতকৰ বাবে একেলগেও চমাংকান পতা হয়।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম:

       কাৰ্বি সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে তেওঁলোকে মৃতদেহটো তেওঁৰ আত্মীয়সকল আহি নোপোৱালৈকে ৰাখি থয়। আত্মীয়সকল অহাৰ পিছত আনুষ্ঠানিকতা ৰক্ষা কৰি শৱ সৎকাৰ কৰা হয় আৰু হাড়বোৰ পুতি থোৱা হয়। তাৰ পিছত চমাংকান পতা বাধ্যতামূলক। এই অনুষ্ঠান পতাৰ নিৰ্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো "শুভ অনুষ্ঠান দেহাল বা ৰংকেৰ পূজাভাগ আৰু লখিমীপূজা হাচাকিকান পাতি উঠাৰ পাছতহে সাধাৰণতে 'চ'মাংকান' পতা হয়।

এই অনুষ্ঠান পতাৰ নিৰ্দিষ্ট কোনো দিন বাৰ নাই যদিও কোনো "শুভ অনুষ্ঠান দেহাল বা ৰংকেৰ পূজাভাগ আৰু লখিমীপূজা হাচাকিকান পাতি উঠাৰ পাছতহে সাধাৰণতে 'চমাংকান' পতা হয়। ছেং (ঢোল),হিজাপ (বিচনী), ছেংব্ৰোণ্ (সৰু ঢোল), ঢাল-তৰোৱাল, টাৰ (ঢাৰি),কুছাটা (জালি),চাটৰ (চুৰিয়া),  থাইৰাংপাক্ (ধনুকাঁড়),খালোন (বেতৰ পাচি), পৌহৌ (পাগুৰি), ছই (চোলা) আদি বস্তুবোৰ উৎসৱ পালনৰ বাবে সাজু কৰা হয়। চমাংকান তিনিধৰণৰ যেনে সাধাৰণ পৰ্যায়-কণফ্লাফ্লাং, মধ্যম পৰ্যায়- লাংটুক, উচ্চ পৰ্যায়- হাৰণে উৎসৱৰ আচাৰানুষ্ঠান চাৰিটা মুখ্য অংশত বিভক্ত।সেইকেইটা হৈছে চেদি, কাৰ্কলি,ৰংফু-ৰংলি-কাঙথিন আৰু লংহে ৰংকেৰ।        

      চমাংকান উৎসৱত চমাংকান ওছেপি গীত পৰিৱেশন কৰা হয়। এই উৎসৱত সকলোৱে ঢোলৰ ছেওত নৃত্য কৰে। চমাংকান উৎসৱৰ শেষত ‘বান্‌জাৰ’ কেকু’ অনুষ্ঠানৰ মাধ্যমেৰে মৃত ব্যক্তিজনৰ পাৰ্থিৱ সংস্কাৰ কৰা হয়  পুনৰ দাহ কৰি তাৰ কাষত ‘বান্‌জাৰ’ (যমপুৰীৰ অলংকৃত গৃহস্বৰূপ) সজাই।

৫/ সোণোৱাল কছাৰীসকলৰ বাইথ' পূজা বা উৎসৱ:

   সোণোৱাল কছাৰীৰ লোক-সমাজত স্মৰণাতীত কালতেই স্থিতি লভা খ্ৰীং খ্ৰীং বাইথ’ পৰম্পৰা অসমৰ সাংস্কৃতিক জগতৰ অমূল্য সম্পদ। মূলতঃ কৃষিভিত্তিক এই বাৰ্ষিক পৰম্পৰা প্ৰতিবছৰে শিৱৰাত্ৰিৰ পাছৰ দ্বিতীয় সোমবাৰক কেন্দ্ৰ কৰি আগদিনা ৰ্অথাৎ দেওবাৰে‘দেও নমোৱা’ কাৰ্য্যসূচীৰে আৰম্ভ কৰি চাৰিদিনীয়াকৈ পালন কৰা হয়। আধ্যাত্মিকতাভিত্তিক এই লোক-পৰম্পৰা সৃষ্টিতত্ত্বৰ সৈতে সংগতিসম্পন্ন।জনগোষ্ঠীটোৰ মূল উপাস্যদেৱতা হ'ল 'খ্ৰীং খ্ৰীং বাইথ'। ইয়াত 'খ্ৰীং' শব্দই পৃথিৱীৰ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ - এই চাৰিশ্ৰেণী জীৱ অৰ্থাৎ খ - উৰণ + ৰ - বুৰণ + ঈ - গজন + ঙ - ভ্ৰমণক প্ৰতিনিধিত্ব কৰে আৰু এই চাৰিশ্ৰেণী জীৱৰ ত্ৰাণকৰ্তা 'বাইথ' দেৱতাৰ উদ্দেশ্যে সমস্ত জীৱকুলৰ কল্যাণাৰ্থে সম্পাদন কৰা উপাসনা পদ্ধতিটোক 'বাইথ' পূজা' বোলা হয়। ই আধ্যাত্মিক উৎসৱ।

সাজ-পোছাক/ গীত-মাত/ নীতি-নিয়ম:

    এই উৎসৱ শিৱ সম্বন্ধিত তন্ত্ৰস্বভাৱসম্পন্ন আধ্যাত্মিক আচাৰ-আচৰণেৰে সমৃদ্ধ। ইয়াত তেওঁলোকে তেওঁলোকৰ প্ৰাচীন স্তুতিগীত হায়দাং-গীত আৰু হাইদাং-নৃত্য পৰিৱেশনেৰে পূজা-অৰ্চনা কৰাৰ লগতে মাটিৰ উৰ্বৰতা কামনাৰে বৰদৈচিলাক আমন্ত্ৰণ জনাই স্বতঃস্ফূৰ্ট উন্মাদনা আৰু উল্লাস-আনন্দৰে বিহু মাৰি ব'হাগ বিহুৰ আগমনি বা বিহু নমোৱা পৰ্ব সম্পাদন কৰে। এই পূজা/উৎসৱ মৌখিকভাৱে বাগৰি অহা বিভিন্ন কিংবদন্তি, প্ৰবাদ, প্ৰৱচন, লোক-কথা, আখ্যান ইত্যাদিৰ আধাৰতেই পালিত হৈ আহিছে যদিও মূলতঃ ই সৃষ্টিতত্ত্বৰ সৈতে সংপৃক্ত এটি কৃষিভিত্তিক সামাজিক-আধ্যাত্মিক উৎসৱ। কেতবোৰ নিদিষ্ট মুদ্ৰাৰে সৃষ্টিতত্ত্বৰ সাংগীতিক প্ৰকাশ আৰু ময়ূৰ পাখিৰ লয়লাস ভংগীমাৰে আত্মস্থ হৈ পৰিৱেশন কৰা হাইদাং গীত, হাইদাং নৃত্য, বিহু আৰু হুঁচৰিৰ জৰিয়তে শব্দচৈতন্য, ভাৱতৰংগ প্ৰভৃতিৰ সুষম সমন্বয়ত স্বতঃস্ফূৰ্ট ভাৱোন্মাদনাৰ দ্বাৰা ইয়াত শিৱ আৰু পাৰ্বতীক কিৰাত আৰু কিৰাতীৰূপে প্ৰকৃতাৰ্থত পুৰুষ আৰু প্ৰকৃতিক উপাসনা কৰা হয । 

   সোণোৱাল কছাৰী সমাজত মহিলাসকলে বুকুৰ পৰা ভৰিৰ গোৰোহাত পৰাকৈ দীঘল মেখেলা পৰিধান কৰে।

 সেই মেখেলাৰে তেওঁলোকে বুকুত মেথনি মাৰে। কঁকালত তেওঁলোকে এবিধ পৰম্পৰাগত কপাহী বস্ত্ৰ ‘এখেতীয়া (একাঠীয়া) মেৰাই লয়। গাত তেওঁলোকে ৰিহা পিন্ধে। এই সাজেৰে বাইথ' উৎসৱত অংশগ্ৰহণ কৰা দেখা যায়।  পুৰুষে কঁকালত চুৰিয়া, গাত চোলা পৰিধান কৰে, মূৰত চেলেং চাদৰ সহায়ত পাগিয়া মাৰে আৰু চেলেং চাদৰ গাত মেৰিয়াই লয়।  পৰম্পৰাগত গামোচাখন প্ৰত্যেকজন ব্যক্তিয়ে ডিঙিত মেৰিয়াই লয়।


------------------++++++------+++++++-----------------







Thursday, September 28, 2023

কৈশোৰ কালৰ সমস্যা আৰু অভিভাৱক-শিক্ষসকলৰ কৰ্তব্য কেনে হোৱা উচিত !

কৈশোৰ কালৰ সমস্যা আৰু অভিভাৱক-শিক্ষসকলৰ কৰ্তব্য কেনে হোৱা উচিত ! 

🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
   
🪴 বিভিন্ন মনোবিজ্ঞানী সকলৰ মতে ১২-১৩ বছৰৰ পৰা ১৭-১৮ বছৰৰ মাজৰ সময়ছোৱাক কৈশোৰ কাল বোলা হয়। এই সময়ছোৱাত ল'ৰা-ছোৱালীবিলাক মানসিক, আৱেগিক, সামাজিক আৰু শাৰীৰিক ভাৱে পৰিপক্ক হৈ উঠে। ল'ৰা-ছোৱালীবিলাকৰ শাৰীৰিক অংগসমূহৰো আমূল পৰিবৰ্তন ঘটে। সেয়ে ষ্টেনলি হল নামৰ এজন মনোবিজ্ঞানীয়ে কৈশোৰ কালক মানুহৰ জীৱনৰ ধুমুহা আৰু পীড়নৰ সময় বুলি অভিহিত কৰিছে। কৈশোৰ অৱস্থাত ল'ৰা-ছোৱালীৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে। সমস্যাবোৰ এনেধৰণৰ হ'ব পাৰে -
  ক) কৈশোৰ কালছোৱাত ল'ৰা-ছোৱালীৰ মস্তিষ্কৰ বিকাশ প্ৰায় সম্পূৰ্ণ হয়। সেয়ে ল'ৰা-ছোৱালীৰ দ্ৰুত গতিৰে তেওঁলোকৰ মানসিক দিশৰ পৰিবৰ্তন ঘটি উন্নতি হ'ব ধৰে। গতিকে এই সময়ত সু-পৰিকল্পিত ভাৱে ল'ৰা-ছোৱালীক মানসিক দিশত আগবঢ়াই নিব নোৱাৰিলে ক্ৰমবৰ্ধমান চিন্তা শক্তি, যুক্তি ক্ষমতা আৰু স্বাধীন চিন্তাৰ সোঁতে তেওঁলোকক অবাটে উটাই নিয়াৰ আশংকা নুই কৰিব নোৱাৰি।
 খ) বিশেষকৈ বয়:সন্ধি কালত ল'ৰা ছোৱালীৰ যৌনতাৰ পূৰ্ণতা প্ৰাপ্ত হয়। শৰীৰৰ আকস্মিক পৰিৱৰ্তন সমূহে এই সময়ত ল'ৰা ছোৱালীৰ মনত যৌন কৌতূহল তীব্ৰভাৱে বৃদ্ধি কৰায়। আনকি বহুসময়ত তেওঁলোকে যৌন সম্পৰ্কীয় নানান প্ৰয়োজনীয় কথা বিকৃত সত্যৰূপে গ্ৰহণ কৰিবলৈ মনস্থ কৰে। যাৰবাবে তেওঁলোকৰ ভৱিষ্যতৰ যৌন জীৱন সমস্যাবহুল হৈ পৰাৰ আশংকা আছে।
  গ) কেতিয়াবা কৈশোৰ অৱস্থাত বয়স্ক লোকসকলৰ পৰা উপযুক্ত স্বীকৃতি নোপোৱাৰ বাবেও তেওঁলোকক বিদ্ৰোহী হৈ উঠা পৰিলক্ষিত হয়। আনকি বহুসময়ত তেওঁলোকে তেওঁলোকৰ প্ৰতি সমাজে অন্যায় ভাৱে নিপীড়ন কৰিছে বুলিও ভাবিবলৈ লয়। সেয়ে হয়তো এইসময়ত কিছুমান ল'ৰা ছোৱালীৱে সমাজৰ ৰীতি- নীতি, আচাৰ-ব্যৱহাৰৰ প্ৰতি বিৰোপ মন্তব্যৰে উলংঘা কৰা পৰিলক্ষিত হয়। 
   ঘ) কৈশোৰ কালছোৱাত যিকোনো ল'ৰা-ছোৱালীয়ে দিবাস্বপ্ন আৰু অলীক কল্পনাৰ আশ্ৰয় লোৱা দেখা যায়। এই সময়ছোৱাত ল'ৰা-ছোৱালীবিলাকে বিভিন্ন সপোন দেখবলৈ ধৰে। কিছুমান ল'ৰা-ছোৱালীয়ে পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰাৰ সপোন দেখে, আন কিছুমানে খেলা-ধূলাত ভাল সন্মান লাভ কৰাৰ সপোন দেখে, বহুতে ডাঙৰ মানুহ হোৱাৰ সপোন দেখে। কিন্তু কিছুমানে কেৱল দিবাস্বপ্নহে দেখে, লক্ষ্য প্ৰাপ্তিৰ বাবে চেষ্টা নকৰে। আনহাতে যদি দিবাস্বপ্ন অত্যধিক হয় তেন্তে ব্যক্তিজন মানসিক ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। 
ঙ) এই সময়ছোৱাত উদ্ভৱ হোৱা গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে সমাযোজনৰ সমস্যা। ল'ৰা-ছোৱালীবিলাকৰ দ্ৰুত দৈহিক, মানসিক, আৱেগিক আৰু যৌনমূলক বিকাশৰ কাৰণে তেওঁলোকে উপযুক্ত ভাৱে পৰিৱেশৰ সৈতে খাপ খাব অসমৰ্থ হয়। সংগতি বিধানৰ অভাৱৰ কাৰণে এই সময়ছোৱা পীড়নমূলক আৰু কষ্টদায়ক হৈ পৰা দেখা যায়।
চ) কৈশোৰ কালত ল'ৰা-ছোৱালীৰ দ্ৰুত গতিত শৰীৰৰ বৃদ্ধি ঘটে। ইয়াৰ লগে লগে বিভিন্ন দৈহিক অংগৰ পৰিৱৰ্তন ঘটে। সেয়ে তেওঁলোকৰ এই সময়ছোৱাত নিজৰ শৰীৰটোক কিবা আচহুৱা যেন অনুভৱ কৰিবলৈও লোৱা পৰিলক্ষিত হয়। ল'ৰা-ছোৱালীবিলাকৰ খোজ-কাটল, চাল-চলন আদিত পৰিৱৰ্তন আহে আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ উপক্ৰম হয়। 
   তাৰোপৰি ল'ৰা-ছোৱালীবিলাকৰ দেহৰ আকস্মিক পৰিৱৰ্তন, যৌৱনাৰম্ভ, মানসিক শক্তিৰ পূৰ্ণতা লাভ আদি বাহ্যিক আৰু আন্ত:ৰিক প্ৰতিক্ৰিয়াৰ ফলত কিশোৰৰ মনত এক প্ৰৱল আৱেগিক আলোড়নৰ সৃষ্টি কৰে। কিশোৰ সকলে নিজৰ বহুমুখী পৰিপূৰ্ণতা উপলব্ধি কৰি আনন্দ উপভোগ কৰাৰ লগতে সমাজৰ উদাসীনতা আৰু অৱহেলা দেখি বিস্মিত হোৱা দেখা যায়। সমাজৰ উদাসীনতাই বহুক্ষেত্ৰত কিশোৰসকলক অন্তৰ্মুখী বা আত্মকেন্দ্ৰিক কৰি তোলে। এনেধৰণৰ সমস্যাবিলাকৰ কেনেকৈ কিশোৰ কিশোৰীক আঁতৰাই ৰাখিব পৰা যায় তাৰ চিন্তা চৰ্চা শিক্ষক আৰু অভিভাৱক সকলে কৰাটো অতিকৈ বাঞ্চনীয়। 

অভিভাৱক-শিক্ষসকলৰ কৰ্তব্য কেনে হোৱা উচিত ! 

    যৌৱন প্ৰাপ্ত কৈশোৰসকলৰ স্বাভাৱিক বিকাশ যাতে কোনো প্ৰকাৰে বাধাগ্ৰস্থ নহয় তাৰ বাবে অভিভাৱক আৰু শিক্ষকৰ সহযোগিতাৰ একান্ত প্ৰয়োজন। কিশোৰ সকলৰ সৰ্বতোমুখী বিকাশ সম্ভৱ কৰি তুলিবলৈ হ'লে পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষকসকলৰ কিছুমান বিশেষ কৰণীয় আছে। তেওঁলোকে বিশেষ কিছুমান বিষয়ৰ প্ৰতি দৃষ্টি দিয়া অতীৱ প্ৰয়োজন । -

* বিদ্যালয়ত প্ৰচুৰ পৰিমাণে সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা ৰখা দৰকাৰ। প্ৰত্যেকেই যাতে খেলা-ধূলা, সাহিত্য, সংগীত আদি বিভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ ব্যক্তিত্বৰ সম্পূৰ্ণ দিশ অবাধে বিকশিত হয় তাৰ প্ৰতি চকু দিব লাগে।
* বয়:সন্ধি কালত কিশোৰ কিশোৰীক ভাল কিতাপ পঢ়াৰ সুযোগ দিয়া, জীৱনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ আলোচনা কৰা, প্ৰগতিশীল চিন্তাধাৰাৰ লগত পৰিচয় কৰোৱা, উদাৰ দৃষ্টিভংগী সৃষ্টি কৰা, নানান দিশত সজ অভ্যাস গঢ়ি তোলা আদি বিভিন্ন ব্যৱস্থা গ্ৰহণ উচিত যাতে তেওঁলোকে এক উপযুক্ত জীৱন দৰ্শন গঢ়ি তোলিব পাৰে। এই ক্ষেত্ৰত পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল সচেতন হ'ব লাগে।
* কৈশোৰ কালত মনত উদয় হোৱা যৌন সম্বন্ধীয় কৌতূহল শেষ কৰিবৰ কাৰণে ছাত্ৰ-ছাত্ৰীয়ে যাতে বিজ্ঞানসন্মত জ্ঞান লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে শিক্ষাৰ প্ৰতি স্তৰৰ পাঠ্যক্ৰমত যৌন শিক্ষাৰ ব্যৱস্থা ৰাখিব লাগে।
* কৈশোৰ কালৰ ল'ৰা-ছোৱালীবিলাকৰ স্বাধীনভাৱে কাম-কাজ কৰাৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিবৰ বাবে সৰু-সুৰা কামৰ দায়িত্ব তেওঁলোকৰ ওপৰত সম্পূৰ্ণ এৰি দিব লাগে যাতে তেওঁলোকে আত্ম প্ৰতিষ্ঠাৰ আকাংক্ষা পূৰণ কৰাৰ সুবিধা লাভ কৰে।
* যদি প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰয়োজন আৰু শক্তি অনুযায়ী শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হয়, তেন্তে নিশ্চয় তেওঁলোকৰ ভৱিষ্যতৰ ব্যক্তিগত জীৱন সাৰ্থক হ'ব।
* শিক্ষাৰ বিশেষকৈ মাধ্যমিক স্তৰৰ পৰা বিভিন্ন প্ৰকৃতিৰ ল'ৰা-ছোৱালীৰ কামত অহাকৈ বহুমুখী পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে।
     কৈশোৰ কালত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান কৰি ল'ৰা ছোৱালীক সমাজৰ এজন সুস্থ ব্যক্তি হিচাপে গঢ়ি তোলাৰ নিমিত্তে শিক্ষক, অভিভাৱক আৰু সমাজৰ প্ৰতিজন মানুহৰে কৰ্তব্য আছে। সেয়ে এইক্ষেত্ৰত সকলোৱে সচেতন আৰু সজাগ হোৱা উচিত। কিশোৰ কিশোৰসকলক সাহিত্য, সংগীত, নৃত্য,নাটক আদি চৰ্চাৰ যোগেদি তেওঁলোকৰ জীৱনৰ আৱেগিক মনোভাৱ উপযুক্ত প্ৰকাশ আৰু বিকাশ সাধন কৰিব পৰা যায়। তাৰোপৰি খেল-ধেমালি, সামাজিক ক্ৰিয়া, আঁচনি আদিৰ জৰিয়তে ফলপ্ৰসূ ভাৱে আৱেগৰ শিক্ষা প্ৰদান কৰিব পৰা যায়। 
    
    পূৰ্বতে আমাৰ সমাজত বিশেষকৈ কিশোৰসকলক নাটক, গীত মাত আদিৰ জৰিয়তে সমাজে আগবঢ়ায় নিয়াৰ যৎপৰোনাস্তি প্ৰয়াস কৰা পৰিলক্ষিত হৈছিল। আশী নব্বৈৰ দশকত এই ধাৰা গ্ৰাম্য সমাজত অটুট আছিল। কিন্তু বৰ্তমান সময়ত যিমানেই মানুহ শিক্ষিত হৈছে সিমানেই এনে অনুষ্ঠান সমূহ লুপ্ত পাবলৈ ধৰিছে। অৱশ্যে ইয়াৰ কাৰণো আছে বহুত। আজিকালি মানুহে টকাৰ বাবেহে নাটক কৰে। সামাজিক শিক্ষা বা কিশোৰ কিশোৰসকলক তেওঁলোকৰ আৱেগিক শিক্ষা উন্নত ঘটাবলৈ নহয় যেন অনুভৱ হয়। 
    বিদ্যালয়ৰ পৰ্যায়ত কৈশোৰ সকলক নাটক গীত মাত শিকোৱাৰ এখন উপযুক্ত মঞ্চ দিব পাৰিলে কিশোৰ সকলৰ আৱেগিক সমস্যা সমূহ সমাধান কৰিব পৰা যাব।



+++++++++++++++++++++++++++++++++++

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। 


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Saturday, September 16, 2023

নেলছন মেণ্ডেলা আৰু নৈতিকতা। Nelson Mandela and his ethics.

নেলছন মেণ্ডেলা আৰু নৈতিকতা। Nelson Mandela and his ethics.


📌নেলছন মেণ্ডেলাৰ সংক্ষিপ্ত পৰিচয়: 
      দক্ষিণ আফ্ৰিকাৰ ওমটাটা জিলাৰ (Umtata) মেভেজু (Mvezo) নামৰ এখন সৰু গাঁৱত নেলছন মেণ্ডেলা ১৯১৮ চনৰ ১৮ জুলাইত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল হেনৰি গিডলা যাক এজন ৰাজনীতিজ্ঞ হিচাপে জনা যায়। তেওঁ ট্ৰানচকিয়ান ৰাজ্যৰ কাউন্সিলৰ এজন সদস্য আছিল। নেলছন মেণ্ডেলাৰ পুত্ৰ আছিল ছয়জন।
    নেলছন মেণ্ডেলাই প্ৰাথমিক শিক্ষা মিছনেৰী বিদ্যালয় এখনৰ পৰা লাভ কৰিছিল। ওৱাল্টাৰ চিচুলুক নামৰ এজন বন্ধুৰ সহায়ত নেলছনে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উইট ওৱাটাৰ ষ্টেণ্ড বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰি সুখ্যাতিৰে আইনৰ ডিগ্ৰী ল'বলৈ সক্ষম হৈছিল।
    আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত ১৯২১ চনত প্ৰতিষ্ঠা হোৱা আফ্ৰিকান নেচনেল কংগ্ৰেছত নেলছন মেণ্ডেলাই যোগদান কৰিছিল। ১৯৪৪ চনত এই কংগ্ৰেছৰ পৰিকল্পনাৰ দায়িত্ব গ্ৰহণ কৰিছিল নেলছন মেণ্ডেলাই। সেই সময়ত ভাৰতত স্বাধীনতা সংগ্ৰাম চলিছিল। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। নেলছনে আফ্ৰিকান কংগ্ৰেছক গণতান্ত্ৰিক ৰূপ দি-ইয়াৰ সম্পাদক পাতিলে ওৱাল্টাৰ চিচুলুক নামৰ বন্ধুজনক।
    প্ৰধানমন্ত্ৰী স্মাট চৰকাৰৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে, জনসাধাৰণক কৰা শোষণৰ বিৰুদ্ধে আফ্ৰিকাত তেওঁ আৰম্ভ কৰিলে আন্দোলন । এই আন্দোলনক আফ্ৰিকাৰ জনসাধাৰণে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সেয়ে হাট-বজাৰ , বিদ্যালয়, মহাবিদ্যালয়,হোটেল আদি বন্ধ কৰি ৰাইজ এই আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত মেণ্ডেলা, চিচুলু আৰু টেম্বোক সেনা বাহিনীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপ কৰিলে। তেওঁলোকক কাৰাগাৰত ৰাখিলেও ১৯৫৭ চনত stay at home ধৰ্মঘট পালন হৈছিল আৰু এই আন্দোলনে আফ্ৰিকান সংগ্ৰামী জনসাধাৰণৰ পূৰ্ণ সমৰ্থন লাভ কৰিছিল। দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আত্মত্যাগ কৰা এই জন মহান নেতাক সেয়ে সকলো শ্ৰেণীৰ মানুহে এতিয়াও সন্মান কৰে। আনকি দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰাৰ বাবেই নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন ১৮ জুলাই তাৰিখে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে। 
        ১৯৯০ চনৰ ১৫ অক্টোবৰ তাৰিখে নেলছন মেণ্ডেলা ভাৰত ভ্ৰমণলৈ আহোঁতে ভাৰতে তেওঁৰ স্থিতিৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায়ছিল। তদুপৰি ২৭ বছৰ কাৰাবন্দী জীৱন কটোৱা আফ্ৰিকাৰ এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। উল্লেখ্য যে ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈ কাৰ্য্যনিবাহ কৰা এজন মহান নেতা। 

    নেলছন মেণ্ডেলাই শান্তিৰ বাবে ১৯৯৩ চনত ন'বেল বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল। উল্লেখ্য যে মেণ্ডেলাই তেওঁৰ জীৱনত মুঠ ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। এইজন মহান নেতাই শেষ নিশ্বাস ত্যাগ কৰিছিল ৯৫ বছৰ বয়সত ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত (Johannesburg, Gauteng, South Africa)।


📌বিশেষ সংযোজন: সংগ্ৰহ, 'সফল জনহিতৈষী পুথিভঁৰাল' ৱালৰ পৰা।
      "ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলছন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে কাৰণ ২৭ বছৰীয়া বন্দীত্বৰ সময়ছোৱাত মেণ্ডেলাৰ বহু দিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মী সকলে আৰু পলম নকৰিলে আৰু কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিলে। 

এনে সময়তে মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টোৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মী সকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল-ভোক লাগিছে যেতিয়া খালেই হ’ল, কাৰাগাৰৰ অত বছৰে ইমান নিম্ন মানদণ্ডৰ খাদ্য খাব পাৰিছিলো যেতিয়া সহজে নমৰো।
কথা মতেই কাম – চহৰখনৰ এখন সৰু ৰেষ্টোৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহকৰ্মী সহিতে খাবলৈ বহিল। 

এনেতে তেঁও দেখিলে যে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টোৰেণ্টৰ ৱেটাৰ জনক মাতি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষতে পাৰি দিবলৈ কলে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ কবলৈ কলে। চকীখন দিয়াৰ পাছত ৱেটাৰ জনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ কাষতে বহিল।

সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ লোকজনে একো খাব পৰা নাই। তেঁওৰ হাত কপিবলৈ ধৰিছে, চামুচেৰে কিবা লবলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায় । এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে কলে আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজহাতে তেঁওক খুৱাই দিলে আৰু ৱেটাৰ জনক কলে যে বৃদ্ধ ব্যক্তি গৰাকীৰ বিল তেঁও পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ব্যক্তিজনে ভালদৰে লৰচৰ কৰিবলৈও সক্ষম নাছিল ব্যক্তিজন। বৃদ্ধ গৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজহাতে তেঁওক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধ গৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক’লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে – ইমান অসুস্থ শৰীৰেৰে তেওঁ ঘৰলৈ যাব পাৰিবনে?

তেতিয়া নেলছন মেণ্ডেলাই কলে-বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো চেলত বন্দী হৈ আছিলো তেঁও আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমান বাৰ পানী পানী বুলি চিঞৰিছিলো, সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্বাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈ ক্ষমতাশালী ব্যক্তি হোৱা স্বত্বেও মই তেঁওক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছো আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেঁও এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হ’লেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত।

 ঘৃণাক ভালপোৱালৈ সলনি কৰিব পাৰি। তেঁও মোৰ মুখত প্ৰস্বাৱ কৰিছিল আৰু মই তেঁওৰ মুখত খাদ্য তুলি দিছো। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি, ঠিক একেদৰে তেঁওৰো ৰাষ্ট্ৰপতি, গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য। মনত ৰাখিবা প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে।

এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবেই বিশ্বৰ চুকে-কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা।"

বিদ্ৰ: নেলছন মেণ্ডেলাৰ নীতিশিক্ষামূলক কাহিনীটো বিশেষ সংযোজন ঘটোৱা হৈছে। মূল লেখকৰ লেখাৰ কোনো হৰণ-ভগণ কৰা নাই।




💐 প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক : দুদুল সোণোৱাল। শিক্ষক। হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।

🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒



Saturday, September 2, 2023

ভাষণ কেনেকৈ দিব লাগে ? How to give a speech?

ভাষণৰ ভাষা সহজ-সৰল হোৱা উচিত ! How to give a speech ?

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
   



১/ ভাষণ কেনেকৈ দিয়া হয় ?
   ভাষণ কেনেকৈ দিয়া হয় বুলিলে চিধাই ক'ব পাৰি যে বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিয়েই ভাষণ এটা দিয়া হয়। ভাষণ এটা সাব্যস্ত কৰিবলৈ যাওঁতে আপুনি মনত ৰাখিব লগীয়া মূল কথা হ'ল বিষয়বস্তু চিনাক্তকৰণ আৰু ইয়াৰ সম্পৰ্কে কিছু পূৰ্বজ্ঞান আহৰণ।
     বিষয়বস্তুটোৰ সম্পৰ্কে কবলৈ যাওঁতে ইয়াক কিছুমান অৰ্হতাত বিভক্ত কৰি ল'লে সুবিধা হয়। প্ৰতিটো অৰ্হতাৰ ওপৰত ভিত্তি কৰিয়েই ভাষণ দীঘলীয়া কৰি নিব পাৰি। উদাহৰণ স্বৰূপে যদি আপুনি 'পৰিৱেশ'ৰ ওপৰত ভাষণ এটা দিবলৈ বিচাৰিছে তেন্তে প্ৰথমে আপোনাক প্ৰয়োজন হ'ব পৰিৱেশ কাক বোলে জনাটো। তাৰপাছত ক্ৰমে পৰিৱেশৰ ভাগ, ইয়াৰ পৰা লাভাম্বিত হ'ব পৰা দিশসমূহ, ইয়াৰ অসুবিধা সমূহ, পৰিৱেশৰ উন্নতকৰণত ল'ব লগা যতন.. আদি দিশবোৰ। অৰ্হতাৰ ওপৰত আপোনাৰ জ্ঞান কিমান আছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ ভাষণৰ ফলাফল। 
 ভাষণৰ ভাগসমূহ -
 ১/ ক) সভাৰ সভাপতি মহোদয়ক সম্বোধন
     খ) উপস্থিত বিশিষ্ট অতিথি সকলক সম্বোধন
     গ) উপৱিষ্ট ৰাইজক সম্বোধন
২/ সভাত উপস্থিত সকলো লোককে সম্ভাষণ জনাই আৰম্ভণি ঘটাব লাগে।
৩/ তৃতীয়তে বিষয়বস্তু অনুসৰি অৰ্হতাবোৰৰ ভিত্তিত বৰ্ণনা আগবঢ়াব লাগে।
৪/ সামৰণিত পুনৰ সমূহ ৰাইজ আৰু উপস্থিত সভাসদক সম্ভাষণ আৰু ধন্যবাদ জ্ঞাপন কৰি বক্তৃতা সামৰিব লাগে।
      যিবিলাক লোকে সভা সমিতিত ভাষণ সলসলীয়াকৈ দিয়ে তেওঁলোকে এদিনতে এনে গুণ আয়ত্ব কৰা নাই। প্ৰকৃততে ভাল ভাষণ দিবলৈ সাধনাৰ প্ৰয়োজন। কছৰৎৰ প্ৰয়োজন। অধ্যয়নৰ প্ৰয়োজন। মধুৰ শব্দৰ ভঁৰাল আপোনাৰ মন-মগজুত তিল তিলকৈ গঢ়ি তোলিব লাগিব। প্ৰতিটো বিষয়ত খোকোজা নলগাকৈ ক'বৰ বাবে অধ্যয়ন নিতান্তই প্ৰয়োজনীয় বিষয়। 

      বিষয়বস্তুৰ ওপৰত সঠিক জ্ঞান নাথাকিলে আপুনি কোনো কালে এটা সুন্দৰ আৰু সাৱলীল ভাষণ আগবঢ়াব নোৱাৰে। সেয়ে ভাষণ দিবলৈ একেবাৰে নিম্ন শ্ৰেণীৰ পৰাই প্ৰতিজনে শিকা উচিত। শুদ্ধ উচ্চাৰণ আৰু উচ্চস্বৰ প্ৰয়োগ সফল ভাষণৰ অন্যতম দিশ। তদুপৰি সৎ সাহস হ'ল ভাষণৰ চালিকা শক্তি। সাহসৰ অবিহনে মনত থকা কথাবোৰো ভালদৰে উপস্থাপন কৰিব পৰা নাযায়। তাৰোপৰি অনৰ্গল কথাখিনি কৈ গ'লেও ই ভাষণৰ মাধুৰ্য্যতা হেৰুৱাই। শব্দ বিলাক উচ্চাৰণ কৰোঁতে সুৰ, লয় আদিৰ প্ৰতিও ভাষণ দিওঁতাজনে মন দিবলগীয়া হয়। শুনিবলৈ শুৱলা নহ'লে আপোনাৰ ভাষণ কোনোবাই শুনিব নে ? সেয়ে এটা ভাল ভাষণৰ ইও এটা গুণ।

      
২/বিষয়বস্তুৰ জ্ঞান আহৰণ!
     মধুৰ শব্দৰ প্ৰয়োগেৰে ভাষণ আগবঢ়াবলৈ বিষয়বস্তুৰ ওপৰত পৰ্যাপ্ত পৰিমাণে জ্ঞানৰ আৱশ্যক। এই জ্ঞান বৃদ্ধিৰ নিমিত্তে অধ্যয়নৰ গত্যন্তৰ নাই। বিশেষকৈ ছাত্ৰাৱস্থাতে এই দিশত নিজক আগুৱাই নিবলৈ চেষ্টা কৰা উচিত। বিদ্যালয়ৰ শিক্ষাৰ পাথ্যপুঁথিতে সাধাৰণতে প্ৰায়ভাগ প্ৰাসঙ্গিক কথা তথা সমল পোৱা যায়। কেৱল সমলবোৰ মনত ৰাখিব লাগে। স্মৃতিৰ ভঁৰালত সঞ্চিত কৰি ৰাখিবলৈ প্ৰয়াস কৰিব লাগে।      অভিজ্ঞতাৰ জ্ঞানে ভাষণ দিয়াত সহায় কৰে। বয়স বঢ়াৰ লগে লগে মানুহৰ জ্ঞান অভিজ্ঞতাৰ ভিত্তিত বাঢ়ে। কিছুমানৰ ক্ষেত্ৰত এই জ্ঞান কম,আন কিছুমানৰ ক্ষেত্ৰত সৰহ হয়। শিক্ষক, নেতা, বিভিন্ন বিষয়ববীয়া, চাকৰিয়াল লোক আদিৰ ক্ষেত্ৰতো একেই কথাবোৰ প্ৰযোজ্য। দেখা যায় নিৰক্ষৰ বা অৰ্ধ নিৰক্ষৰ লোকেও অভিজ্ঞতাৰ বলত সুন্দৰ ভাষণ আগবঢ়াব পাৰে। তেনেধৰণৰ মানুহ আমাৰ সমাজত বহু আছে যিবিলাকে আনকি গাওঁ বা সমাজ একোখন সুন্দৰকৈ চলাবলৈ পৰ্যন্ত সক্ষম। 
    বিভিন্ন বিষয়ক গ্ৰন্থ অধ্যয়ন , বিভিন্ন বাতৰি কাকত অধ্যয়ন, বিভিন্ন বিষয়ক আলোচনী অধ্যয়ন, লোককৃষ্টি, লোক সংস্কৃতিৰ সম্পৰ্কে অধ্যয়ন, মহৎ লোকসকলৰ ভাষণসমূহ অধ্যয়ন আদিৰ জৰিয়তে জ্ঞানৰ ভঁৰাল চহকী কৰিব পাৰি। মগজুত জ্ঞানৰ ভঁৰাল চহকী হ'লেহে ভাষণত বিষয়বস্তুৰ বিপৰীতে সলসলীয়াকৈ ক'ব পৰা যায়। সেই গুণ আয়ত্ব কৰিবলৈ লাগিব ধৈৰ্য, একাগ্ৰতা, মনোযোগ আৰু মনত থাকিব লাগিব হেঁপাহ।

৩/ কবলগীয়া কথাবোৰ সজাই ল'ব লাগে!
      কোনো এখন সভাত আপুনি বক্তৃতা দিয়াৰ আগতে মনতে কবলগীয়া কথাবোৰ জুকিয়াই লৈ সজাই লওক। বিষয়বস্তু অনুসৰি অৰ্হতাবোৰ বা মূল কথাবোৰ কাগজত লিখি লওক। ভাষণৰ সময়ত সেইবোৰ চাই চাই বহলাই ব্যাখ্যা আগবঢ়াই গৈ থাকক। দেখিব আপোনাৰ ভাষণে এটা সুন্দৰ গতি লৈছে। কিন্তু মনত ৰাখিব আপোনাৰ মাতটোও যাতে সুৰীয়া হয় আৰু শব্দৰ উচ্চাৰণো শুদ্ধ হয়। আপোনাৰ দৈহিক ভংগিমাও দিবলৈ নাপাহৰিব। আপোনাৰ কোৱা কথাবোৰৰ লহৰে লহৰে আপোনাৰ দৈহিক ভংগিমাৰ পৰিৱৰ্তন কৰক। তেতিয়াহে আপোনাৰ কথাখিনি শুনি দৰ্শকে আমোদ পাব আৰু আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। বক্তাৰ প্ৰতি আকৃষ্ট হ'লেহে বক্তৃতা সফলকাম হয়।

৪/ টোকা বহীত মূল কথাবোৰ টুকি ল'ব লাগে!
           যি মানুহে ভাষণ দিয়ে তেওঁ সদায় এখন নোট বহী লোৱাৰ দৰকাৰ। কেতিয়াবা আনলোকৰ বক্তৃতা শুনিও কিছুমান কথা লিখি ল'ব পাৰি। পাছত তেনে সমূহে বক্তৃতা দিয়াত সহায় কৰে।

৫/ সামৰণি 

     সামৰণিত ক'ব বিছাৰো যে এজন ব্যক্তিৰ  বাবে এটা শুৱলা ভাষণ আগবঢ়োৱাটো যিদৰে ইমান সহজ নহয় সেইদৰে সিমান কঠিনো নহয়। অনুশীলনেই সফল ভাষণৰ মূল আধাৰ। বাক্যৰ গাঠঁনি শুদ্ধকৈ লিখিব আৰু পঢ়িব পাৰিলে ভাষণো শুদ্ধকৈ আগবঢ়াব পৰা যাব । আমি এনে সৰু সুৰা কথাবোৰত গুৰুত্ব নিদিওঁ বাবে ভাষণ ভালদৰে আগবঢ়াব নোৱাৰোঁ । 
    
     ভাল ভাষণৰ বাবে বিভিন্ন বিশিষ্ট নেতাসকলৰ ভাষণৰ গ্ৰন্থ সমুহ অধ্যয়ন কৰা উচিত। তেনে এজন বিখ্যাত নেতা আছিল 'আব্ৰাহাম লিংকন'।
আব্ৰাহাম লিংকনৰ বক্তৃতা সমূহৰ এখন গ্ৰন্থ হৈছে “আব্ৰাহাম লিঙ্কনৰ বক্তৃতা”। এই গ্ৰন্থখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষোড়শ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ দ্বাৰা প্ৰদান কৰা বিখ্যাত গেটীচবাৰ্গ ভাষণৰ দৰে বহুকেইটা উল্লেখযোগ্য ভাষণ, ঘোষণাপত্ৰ, তথা চিঠিৰ সংকলন। আমেৰিকা যুক্তৰাষ্ট্ৰ তথ্য সেৱাৰ পৃষ্ঠপোষকতাত এইসমূহক অসমীয়াৰ লগতে আন বিভিন্ন ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰা হৈছে। খুব সহজ সৰল ভাষাৰে আগবঢ়োৱা ভাষণবোৰ এবাৰ পঢ়িলে এৰিব মন নাযায়। গতিকে এনে গ্ৰন্থৰ পৰা আমি ভাষণৰ সম্পৰ্কে বহু কথাই অনায়াসে শিকিব পাৰোঁ। মই আশা ৰাখিছোঁ বিশেষকৈ আমাৰ ছাত্ৰ সমাজে এনে গ্ৰন্থ অধ্যয়ন কৰি এই দিশত আগবাঢ়ি যাব পাৰিব। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
লেখক: দুদুল সোণোৱাল। হাঁহখাটী উচ্চ মাধ্যমিক বিদ্যালয়।




🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒🍒



Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts