Tuesday, September 20, 2022

ত্ৰিভুজৰ সম্পৰ্কে কিছু কথা। Something about Triangle.


ত্ৰিভুজৰ সম্পৰ্কে কিছু কথা। Something about Triangle.
📐📐📐📐📐📐📐📐📐📐📐📐📐📐📐📐

 তিনিডাল বাহুৰে আগুৰি থকা সমতলি ক্ষেত্ৰক ত্ৰিভুজ বা Triangle বোলে ৷ ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু, তিনিটা বাহু আৰু তিনিটা কোণ থাকে। ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি ১৮০° হয়।


কোণ আৰু বাহুৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজক ছয় প্ৰকাৰত বিভক্ত কৰা হৈছে। 
১/ বাহু হিচাপে তিনি প্ৰকাৰৰ আৰু
২/ কোণ হিচাপে তিনি প্ৰকাৰৰ ত্ৰিভুজ পোৱা যায়।

১) বাহু হিচাপে ত্ৰিভুজৰ প্ৰকাৰবোৰ হৈছে -

i) সমবাহু ত্ৰিভুজ( Equilateral Triangle):– যিবিলাক ত্ৰিভুজৰ তিনিওডাল বাহুৰ মাপেই পৰস্পৰ সমান হয় , সেইবিলাক ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে ৷ তদুপৰি এটা সমবাহু ত্ৰিভুজৰ তিনিওটা অন্তঃকোণৰ মাপ পৰস্পৰ সমান আৰু প্ৰতিটোৰে মাপ ৬০° হয়।

ii) সমদ্বিবাহু ত্ৰিভুজ( Isosceles Triangle):– যিবিলাক ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মাপ পৰস্পৰ সমান , সেইবিলাক ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বোলে ৷ সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুদ্বয়ৰ ভূমি সংলগ্ন কোণ দুটাৰ মাপ পৰস্পৰ সমান হয়।


ii) বিষম বাহু ত্ৰিভুজ(Scalene Triangle): যিবিলাক ত্ৰিভুজৰ তিনিওডাল বাহুৰ জোখ অসমান হয় সেইবিলাক ত্ৰিভুজক বিষমবাহু ত্ৰিভুজ বোলে ৷ বাহু বিলাকৰ মাপ অসমান হোৱাৰ বাবে বিষমবাহু ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ মাপো অসমান৷ 

২) কোণ হিচাপে ত্ৰিভুজৰ প্ৰকাৰবোৰ হৈছে —

i) সূক্ষ্মকোণী ত্ৰিভুজ(Acute Angle Triangle):- যিবিলাক ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ ৯০°তকৈ সৰু , সেইবিলাক ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে৷ যেনে -
 ১০° , ২০°,৩০°,৪০°, ৪৫°, ৫০°, ৬০°, ৭০, ৭৫°, ৮৫°... আদি কোণবোৰ ত্ৰিভুজটোৰ প্ৰতিটো অন্ত:কোণৰ জোখ হ'ব লাগিব।


ii) সমকোণী ত্ৰিভুজ( Right Angle Triangle):- যিবিলাক ত্ৰিভুজৰ এটা কোণৰ মাপ এক সমকোণ বা ৯০° সেইবিলাক ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে ৷ সমকোণী ত্ৰিভুজৰ বাকী দুটা কোণৰ মাপ সুক্ষ্ম আৰু ইহঁতৰ সমষ্টি এক সমকোণৰ সমান হয়।
যেনে - (৪৫°,৪৫°,৯০°) ত্ৰিভুজ। (৩০°,৬০°,৯০°) ত্ৰিভুজ । 

iii) স্থূলকোণী ত্ৰিভুজ( Obtuse Angle Triangle): যিবিলাক ত্ৰিভুজৰ এটা কোণৰ মাপ এক সমকোণ বা ৯০°তকৈ অধিক হয় সেই ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে ৷ যেনে - (৩০°,৩০°,১২০°) ত্ৰিভুজ ।(১০°,২০°,১৫০°) ত্ৰিভুজ । (১°,১°,১৭৮°) ত্ৰিভুজ । এটা স্থূলকোণী ত্ৰিভুজৰ ডাঙৰ কোণৰ মান আটাইতকৈ বেছি ১৭৮° হ'ব পাৰে কিন্তু ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে।

ত্ৰিভুজৰ ভাগ আৰু জোখৰ ওপৰত ভিত্তি কৰি 
ত্ৰিভুজৰ কিছুমান বৈশিষ্ট্য ( Chacteristics of Triangle ) পোৱা যায়। সেইবোৰ হৈছে -

i) ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মাপৰ সমষ্টি ত্ৰিভুজৰ তৃতীয় বাহুৰ মাপতকৈ বেছি।
ii) ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মাপৰ পাৰ্থক্য ত্ৰিভুজৰ তৃতীয় বাহুৰ মাপতকৈ সৰু ৷
iii) এটা ত্ৰিভুজৰ বৃহত্তম বাহুৰ বিপৰীত কোণটোৰ জোখ সদায় বেছি ৷ বিপৰীতভাৱে ক্ষুদ্ৰতম বাহুৰ বিপৰীত কোণটো সদায় সৰু হয়।
iv) ত্ৰিভুজৰ যিকোনো এটা বহিঃস্থ কোণৰ মাপ দূৰবৰ্ত্তী অন্তঃস্থ কোণ দুটাৰ মাপৰ সমষ্টিৰ সমান ৷
v) ত্ৰিভুজৰ তিনিটা অন্তঃস্থ কোণৰ মাপৰ সমষ্টি সদায় দুই সমকোণ বা ১৮০°ৰ সমান ৷
vi) ত্ৰিভুজৰ যিকোনো দুডাল বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড ত্ৰিভুজটোৰ তৃতীয় বাহুডালৰ সমান্তৰাল আৰু পৰিমাপত আধা ৷
vii) একে ভূমি আৰু একেদুডাল সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত দুটা ত্ৰিভুজৰ কালি সদায় সমান ৷ 

ত্ৰিভুজৰ মধ্যমা ( Medians of a Triangle):           
     ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ ওপৰত সমদ্বিখণ্ডিত কৰি টনা ৰেখাখণ্ডক ত্ৰিভুজৰ মধ্যমা বোলে। ত্ৰিভুজৰ মধ্যমা তিনিডাল থাকে।

ত্ৰিভুজৰ উন্নতি( Altitude):
     ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা সিহঁতৰ বিপৰীত দিশত থকা বাহুলৈ টনা লম্বডালক ত্ৰিভুজৰ উন্নতি বোলে৷ ত্ৰিভুজৰ উন্নতি ত্ৰয় একবিন্দুগামী৷ ত্ৰিভুজৰ উন্নতিয়ে বিপৰীত বাহুৰ ওপৰত ৯০° কোণ কৰি থাকে।

ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডক(Angle Bisector)–
ত্ৰিভুজৰ কোণ এটাক সমানে দুভাগ কৰা ৰেখাখণ্ডক ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ডক বোলে৷ ত্ৰিভুজৰ তিনিটা কোণৰ বাবে তিনিডাল সমদ্বিখণ্ডক পোৱা যায়৷ এই সমদ্বিখণ্ডক ত্ৰয়
একবিন্দুগামী৷ ত্ৰিভুজৰ অন্তঃকোণৰ দ্বিখণ্ডক তিনিডালৰ ওপৰত থকা প্ৰতিটো বিন্দু কোণ উৎপন্নকাৰী বাহুদ্বয়ৰ পৰা সমদূৰবৰ্ত্তী৷

ত্ৰিভুজৰ লম্বদ্বিখণ্ডক( Perpendicular bisector ):– ত্ৰিভুজৰ বাহু এডালক লম্বভাবে সমদ্বিখণ্ডত কৰা ৰেখাখণ্ডক লম্বদ্বিখণ্ডক বোলে৷ ত্ৰিভুজৰ তিনিডাল বাহুৰ তিনিডাল লম্বদ্বিখণ্ডক থাকে আৰু ইহঁত একবিন্দুগামী৷ যিডাল বাহুৰ ওপৰত লম্বদ্বিখণ্ডকডাল থাকে সেই বাহুৰ দুই প্ৰান্তবিন্দুৰ পৰা লম্বদ্বিখণ্ডকৰ প্ৰতিটো বিন্দু সমদূৰবৰ্ত্তী৷

   ত্ৰিভুজৰ মধ্যম বা মাধ্যকি ( Median of Triangle):–

 ত্ৰিভুজৰ পৰিকেন্দ্ৰ ( Circumcentre):– ত্ৰিভুজৰ লম্বদ্বিখণ্ডক তিনিডাল যিটো বিন্দুত মিলিত হয় সেই বিন্দুটোক ত্ৰিভুজৰ পৰিকেন্দ্ৰ বোলে৷ ইয়াক C আখৰৰে সূচিত কৰা হয়৷ পৰিকেন্দ্ৰক কেন্দ্ৰ কৰি অঁকা বৃত্তটো ত্ৰিভুজটোৰ তিনিটা শীৰ্ষবিন্দুৰে যায় আৰু এই বৃত্তটোক পৰিবৃত্ত( Circum Circle) বোলে৷ এটা ত্ৰিভুজৰ তিনিওটা শীৰ্ষবিন্দুৰ মাজেৰে এটা বৃত্ত অংকণ কৰিবলৈ হ’লে আমি প্ৰথমে ত্ৰিভুজটোৰ লম্বদ্বিখণ্ডক তিনিডাল আঁকি পৰিকেন্দ্ৰ উলিয়াই ল’ব লাগিব আৰু পিচত সেই পৰিকেন্দ্ৰক কেন্দ্ৰ কৰি পৰিকেন্দ্ৰ আৰু ত্ৰিভুজটোৰ যিকোনো এটা শীৰ্ষবিন্দুৰ মাজৰ দূৰত্বক ব্যাসাৰ্দ্ধ লৈ বৃত্ত অংকণ কৰিলে ই ত্ৰিভুজটোৰ তিনিওটা শীৰ্ষবিন্দুৰ মাজেৰে যাব৷

ত্ৰিভুজৰ পাদিক কেন্দ্ৰ( Orthocentre of Triangle):

ত্ৰিভুজৰ উন্নতি তিনিডালে যিটো বিন্দুত ইডালে সিডালক ছেদ কৰে বা মিলিত হয় সেই বিন্দুটোক ত্ৰিভুজৰ লম্ববিন্দু বা পাদিক কেন্দ্ৰ বোলে৷ ইয়াক O আখৰৰে সূচিত কৰা হয়

ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ( Incentre of Triangle):
ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ সমদ্বিখণ্ডক তিনিটা যিটো বিন্দুত মিলিত হয় সেই বিন্দুটোক ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ বোলে ৷ ইয়াক I বা আই আখৰেৰে গা সূচিত কৰা হয়৷ অন্তঃকেন্দ্ৰক কেন্দ্ৰ কৰি অঁকা বৃত্তটোৱে ত্ৰিভুজটোৰ বাহু তিনিডালক স্পৰ্শ কৰি থাকে আৰু এই বৃত্তটোক অন্তঃবৃত্ত( Inscribed Circle) বোলা হয়৷

ত্ৰিভুজৰ ভাৰকেন্দ্ৰ( Centroid of Triangle):-

   ত্ৰিভুজৰ মধ্যমা তিনিডালে মিলিত হোৱা বিন্দুটোক ত্ৰিভুজৰ ভাৰকেন্দ্ৰ বোলে৷ ইয়াক G আখৰৰে সূচিত কৰা হয়৷ ভাৰকেন্দ্ৰত মধ্যমা এডাল 2 : 1 অনুপাতত বিভক্ত হয়৷

ত্ৰিভুজৰ পৰিসীমা( Perimeter of Triangle):-
ত্ৰিভুজ এটাৰ তিনিডাল বাহুৰ মাপৰ সমষ্টিৰয়ে ইয়াৰ পৰিসীমা৷ যদি এটা ত্ৰিভুজৰ বাহু তিনিডালৰ মাপ ক্ৰমে a, b আৰু c হয় তেনে,
ত্ৰিভুজটোৰ পৰিসীমা=( a+b+c)

ত্ৰিভুজৰ কালি( Area of a Triangle):

ত্ৰিভুজৰ কালি কেইবা ধৰণেও নিৰ্ণয় কৰিব পাৰি৷ কালি বৰ্গ এককত প্ৰকাশ কৰা হয়৷
a) অতি সাধাৰণ ভাবে,
ত্ৰিভুজৰ কালি=½×ভূমি×উচ্চতা

b) ত্ৰিভুজটোৰ তিনিওডাল বাহুৰ মাপ জনা থাকিলে তলৰ সূত্ৰৰ সহায়ত ইয়াৰ কালি উলিয়াব পাৰি৷
∆=√s(s-a)(s-b)(s-c) য’ত a,b আৰু c ক্ৰমে ত্ৰিভুজটোৰ তিনিডাল বাহুৰ মাপ আৰু s=a+b+c/2

c) আকৌ A(a,b), B(c,d) আৰু C((e,f) শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজ এটাৰ কালি স্থানাঙ্ক জ্যামিতি মতে,
∆=½|a(d-f)+c(f-b)+e(b-d)|

ত্ৰিভুজৰ সৰ্বাংগসমতা( Congurency of a Triangle):

   সৰ্বাংগসম মানে হৈছে সকলোবিলাক অংগৰ জোখ সমান ৷ অৰ্থাৎ সমান আকাৰ আৰু আকৃতিৰ ৷ দুটা ত্ৰিভুজ পৰস্পৰ সৰ্বাংগসম হয় কিছুমান নিৰ্দিষ্ট চৰ্ত সাপেক্ষে আৰু এই চৰ্ত্ত বোৰক ত্ৰিভুজৰ সৰ্বাংগসমতাৰ স্বীকাৰ্য বোলে৷ সেইবোৰ হ’ল—-

a) বাহু-বাহু-বাহু ( SSS ) স্বীকাৰ্য্য:- SSS স্বীকাৰ্য্য মতে এটা ত্ৰিভুজৰ তিনিডাল বাহু ক্ৰমে আন এটা ত্ৰিভুজৰ বাহুত্ৰয়ৰ সমান হ’লে ত্ৰিভুজ দুটা পৰস্পৰে সৰ্বাংগসম হ’ব ৷
b) বাহু-কোণ-বাহু ( SAS) স্বীকাৰ্য্য:- SAS স্বীকাৰ্য্য অনুসৰি যদি এটা ত্ৰিভুজৰ দুডাল বাহু আৰু বাহুদ্বয়ৰ মাজৰ কোণটো আন এটা ত্ৰিভুজৰ দুডাল বাহু আৰু সেই বাহুদুডালৰ মাজৰ কোণটো পৰস্পৰ সমান হয় তেনে ত্ৰিভুজ দুটা সৰ্বাংগসম হ’ব৷
c) কোণ-বাহু-কোণ ( ASA) স্বীকাৰ্য্য:- ASA স্বীকাৰ্য্য মতে যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু এইকোণ দুটাৰ উমৈহতীয়া বাহুডাল আন এটা ত্ৰিভুজৰ দুটাকোণ আৰু সিহঁতৰ উমৈহতীয়া বাহুডালৰ সমান হয় তেনে ত্ৰিভুজ দুটা পৰস্পৰ সৰ্বাংগসম হ’ব৷
d) সমকোণ-অতিভূজ-বাহু (RHS) : RHS স্বীকাৰ্য্য মতে যদি এটা ত্ৰিভূজৰ এটা কোণ সমকোণ, অতিভূজ আৰু বাহু এটাৰ জোখ আন এটা ত্ৰিভূজৰ এটা সমকোণ, অতিভূজ আৰু বাহু এটাৰ জোখ সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব।

দুটা ত্ৰিভুজ সৰ্বাংগসম বুজাবলৈ ত্ৰিভুজ দুটাৰ মাজত ≈ চিন ব্যৱহাৰ কৰা হয়৷ যেনে: ∆ABC≈∆PQR


দুটা ত্ৰিভুজ সদৃশ তেতিয়া হ’ব যেতিয়া–

ক) এটা ত্ৰিভুজৰ তিনিটা কোণৰ মাপ আন এটা ত্ৰিভুজৰ অনুৰূপ কোণ তিনিটাৰ সমমাপৰ হ’লে ত্ৰিভুজ দুটা সদৃশ হ’ব৷ এই চৰ্ত্তটোক ত্ৰিভুজৰ কোণ-কোণ-কোণ(AAA) সাদৃশ্যতাৰ স্বীকাৰ্য্য বোলে৷
খ) এটা ত্ৰিভুজৰ তিনিডাল বাহুৰ মাপ যদি আন এটা ত্ৰিভুজ অনুৰূপ বাহু তিনিডালৰ সমানুপাতিক হয় তেনে বাহু-বাহু-বাহু (SSS) স্বীকাৰ্য্য মতে ত্ৰিভুজ দুটা সদৃশ হ’ব৷
গ) এটা ত্ৰিভুজৰ এযোৰ বাহু যদি আন এটা ত্ৰিভুজৰ অনুৰূপ বহুযোৰৰ সমানুপাতিক হয় আৰু ত্ৰিভুজৰ দুটাৰ সেই বাহু দুযোৰৰ মাজৰ কোণ দুটা সমান মাপৰ হ’লে ত্ৰিভুজ দুটা পৰস্পৰে সদৃশ হ’ব৷ ইয়াকে ত্ৰিভুজৰ বাহু-কোণ-বাহু ( SAS ) সাদৃশ্যতাৰ স্বীকাৰ্য্য বোলে৷
ঘ) দুটা সমকোণী ত্ৰিভুজ পৰস্পৰ সদৃশ হ’ব যদিহে এটা সমকোণী ত্ৰিভুজৰ অতিভুজ আৰু এডাল বাহু আনটো ত্ৰিভুজৰ অতিভুজ আৰু এডাল বাহুৰ সমানুপাতিক হয়৷ এইটোক সমকোণ-অতিভুজ-বাহু ( R-H-S) স্বীকাৰ্য বোলে৷
দুটা ত্ৰিভুজ সদৃশ হোৱাটো বুজাবলৈ ত্ৰিভুজ দুটাৰ মাজত ~ ব্যৱহাৰ কৰা হয়৷ যেনে: ∆ABC~∆PQR

ত্ৰিভুজ আৰু পাইথাগোৰাছৰ সূত্ৰ:– সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ প্ৰযোজ্য৷ এই সূত্ৰ মতে এটা সমকোণী ত্ৰিভুজৰ বাহু তিনিডালৰ এটা সম্পৰ্ক পোৱা যায় আৰু সম্পৰ্কটো হ’ল—
(অতিভুজ)²=(ভূমি)²+ ( লম্ব )²

ত্ৰিভুজৰ সাদৃশ্যত( Similarity of Triangle ):-
ত্ৰিভুজৰ বাহুত্ৰয়ৰ অনুপাত:– এটা সমকোণী ত্ৰিভুজৰ যিকোনো এটা সূক্ষ্মকোণৰ ( ধৰোঁ Θ) সাপেক্ষে বাহু তিনিডালৰ ছয়টা অনুপাত পোৱা যায়৷ এইকেইটাক ত্ৰিকোণমিতিক অনুপাত বোলে৷ সেইবোৰ হ’ল–
ক) SinΘ= লম্ব/অতিভুজ

খ) CosΘ= ভূমি/অতিভুজ

গ) tanΘ= লম্ব/ভূমি

ঘ) cotΘ= ভূমি/লম্ব

ঙ) secΘ= অতিভুজ/ভূমি

চ) cosecΘ= অতিভুজ/লম্ব


💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖💖
লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। আলাপ অসম নামৰ ব্লগৰ কিছু তথ্য সংগ্ৰহ কৰা হৈছে। কিছুক্ষেত্ৰত বাক্যৰ পৰিবৰ্তন কৰা হোৱা নাই। 
           লেখক: দুদুল সোণোৱাল।


🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏


Tuesday, September 13, 2022

সোণোৱাল কছাৰীসকলৰ কৃষ্টি 'লখিমী তোলা সবাহ' ৰ সম্পৰ্কে যৎকিঞ্চিত।

         সোণোৱাল     কছাৰীসকলৰ কৃষ্টি

"লখিমী তোলা সবাহ" সম্পৰ্কে সংক্ষিপ্ত বিৱৰণ। 




      সোণোৱাল কছাৰীসকল বিভিন্ন লোক কৃষ্টিৰে সমৃদ্ধ পৌৰাণিক জনগোষ্ঠী । বিভিন্ন লোক উৎসৱ আৰু সংস্কৃতিৰে ভৰপূৰ সোণোৱাল জনগোষ্ঠীৰ তিনিটা বিহু উৎসৱৰ লগতে বিভিন্ন সবাহ আৰু পূজা-পাৰ্বন আদিৰ দৰে আধ্যাত্মিক উৎসৱো আয়োজন কৰা হয়। 'লখিমী তোলা সবাহ' আধ্যাত্মিক উৎসৱৰ এক অংশ মাথোন। সোণোৱাল কছাৰীসকলৰ এনেধৰণৰ লোক উৎসৱৰ ভিতৰত ঘাইকৈ - লখিমী তোলা সবাহ, নৰাছিগা সবাহ,বৰ সবাহ,অপেশ্বৰী সবাহ, মিঠৈ বটা সবাহ, গৰখীয়া সবাহ,চেঙেলী মাছৰ সবাহ, ভূৰ উটোৱা সবাহ,বালি সবাহ, ফল-মূলৰ সবাহ আদিয়ে প্ৰধান। এই সংক্ষিপ্ত লেখাত কেৱল লখিমী তোলা সবাহৰ সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

       'লখিমী তোলা সবাহ' সোণোৱাল কছাৰীসকলৰ এক গুৰুত্বপূৰ্ণ সবাহ হিচাপে পৰিগণিত। এই সবাহ বিশেষকৈ দুটা সময়ত অনুষ্ঠিত কৰা হয় বুলি জনা যায়। গাওঁভেদে বা ঠাইভেদে লখিমী তোলা সবাহ পতাৰ নিয়ম কিছু বেলেগ যদিও মূল বিষয়বস্ত একে। 'লখিমী তোলা সবাহ' আহিন-কাতি মাহত আয়োজন কৰা হয়। তদুপৰি ফাগুন মাহতো এই সবাহ আয়োজন কৰা হয় বুলি জনা যায়। আহিন কাতি মাহত আয়োজন কৰা 'লখিমী তোলা সবাহ'ত গায়ন-বায়নে বোৱতী নদী বা সোঁতিৰ পৰা লখিমী তোলি আনি ভঁৰালত থোৱা নিয়ম। এই সবাহ সোণোৱাল কছাৰী গাৱঁৰ ৰাইজে সমূহীয়াকৈ নামঘৰত অনুষ্ঠিত কৰে। 
       লখিমী তোলা সবাহৰ বাবে ৰাইজে পঞ্জিকাৰ নীতি-নিয়ম অনুসৰি এগৰাকী জাকৈটি, দুগৰাকী দোলাভাৰী, কলচি ধৰা, দালি ধৰা, বিছনী ধৰা,উঘা ধৰা আদি লোকসকলক ৰাশি অনুসৰি বাছনি কৰি লয়। নিৰ্বাচিত লোকসকলৰ ভিতৰত দোলাভাৰী দুজন অশৰনীয়া আৰু অবিবাহিত হ'ব লাগে। আনহাতে দালি কলচি ধৰা সকল এৱা ছোৱালী হ'ব লাগে। জাকৈটিৰ ক্ষেত্ৰত বিবাহিত পুৰুষক ৰাশি অনুসৰি বাছনি কৰা হয়।
       লক্ষ্মী পূজাৰ দিনটোতে সোণোৱাল কছাৰী সকলে লখিমী তোলা সবাহ অনুষ্ঠিত কৰে। 
       সবাহৰ দিনা নামঘৰত ৰাইজে নাম-প্ৰসঙ্গ কৰাৰ অন্তত বিষয় প্ৰাপ্ত লোকসকলৰ লগতে গায়ন-বায়নে ৰাইজে নদী বা বোৱতী সুঁতিৰ পৰা লখিমী আনিবলৈ যায়। ইয়াৰ বাবে ৰাইজ দুভাগত বিভক্ত হ'ব লগা হয়। এভাগে লখিমী আনিবলৈ যায় আৰু আনভাগে লখিমী অনা সকলক আধাৰ পৰা আদৰি নামঘৰলৈ লৈ আহে। নাম-প্ৰসঙ্গৰ অন্তত গায়নীয়া সকলে  নামঘৰৰ ভিতৰত গায়ন জুৰে আৰু গায়নে-বায়নে লখিমী আনিবলৈ দলটোৰ আনসকল -দোলাভাৰী, দালি, কলচি,জাকৈটি আৰু ৰাইজৰ সহিতে লখিমী আনিবলৈ ৰাওনা হয়। 
       লখিমী তোলা স্থানত অৰ্থাৎ পানী যুঁৱলীৰ দাঁতিত ওখকৈ ঢিপ উঠাই সমান কৰি লোৱা হয়। ইয়াতে বিভিন্ন দেৱতা সকলক উপলক্ষ কৰি মুঠ ষাঠি (৬০) খন মাহ-প্ৰসাদৰ শৰাই আগবঢ়োৱা হয়। শৰাইত থাকে কল, কুঁহিয়াৰ, চানা, ফল-মূল, কেঁচাপিঠা আৰু পান-তামোল। মিঠাতেলৰ শলিতা বাঁহৰ কাঁথিত বান্ধি চাকি হিচাপে আৰু ধূপ প্ৰতিখন শৰাইৰ সৈতে জ্বলাই দেৱতাসকলক শৰাইভাগ আগমান কৰা হয়। সোণোৱাল কছাৰীসকলৰ মতে শৰাই ষাঠি খন বিশেষকৈ - গাতিগিৰি, জলখাই, মহাদেউ-পাৰ্বতী,কুবেৰ বুঢ়া-বুঢ়ী, সাগৰ বুঢ়া-বুঢ়ী, জৰিয়া বুঢ়া-বুঢ়ী, ভৰালী, চেংতামূলী মন তামূলী, বিধি বিধাতা, হৰিচৰণ, লখিমী ন ভনী, দালি, কলচি , দোলা,লাখুটি, জাপি,জাকৈ,জলৰ ন ভনী , থলৰ ন ভনী,ওঁঠৰ সুঁতি লুইত, ওঁঠৰ কুঁৱৰী, জল কুবেৰ, বৰা বান্দৰ, খুবুনা খুবুনী আদি দেৱ-দেৱীক আগবঢ়োৱা হয়। ইয়াতে জলকুঁৱৰীৰ ভাগটো জাকৈ মাৰি লখিমী তোলিবৰ সময়ত পানীত উটাই দিয়া হয়।
       জলকুঁৱৰীক শৰাই দিয়াৰ পিছত জাকৈটিয়ে জাকৈ মাৰি পানীৰ পৰা লখিমী তুলি দোলাত থয়। আৰম্ভনিতে জাকৈটিয়ে ৬ দিশৰ পৰা লখিমী তোলে আৰু পিছত পানীত জাকৈ বাওঁতে জাকৈত যি উঠে - জেং, জাবৰ,মাছ আদি দোলাত ভৰাই থয় আৰু সেইবোৰকে বায়নে-গায়নে লখিমী গণ্য কৰি নামঘৰলৈ লৈ অনা হয়। আহোঁতে এজনে কেঁচা পিঠা বা খুচাৰী পিঠা অহাৰ বাটত চতিয়াই আহে। 
       লখিমী অনা দলটোক নামঘৰত থকা দলটোৱে আদৰণি গেটৰ পৰা ( উল্লেখ্য যে আদৰিবৰ বাবে এখন আদৰণি তোৰণ লখিমী অনাৰ পথত বনোৱা হয়।) নামঘৰলৈ গায়ন-বায়নেৰে আদৰি লৈ যায়। ইয়াতে উষা ধৰা দুগৰাকীয়ে লখিমী তোলা স্থানৰ পৰা নামঘৰলৈ উঘাৰে সূতা কতো নিচিঙাকৈ মেৰিয়াই আহে। ইয়াৰ জৰিয়তে নামঘৰলৈ লখিমী পোনাই অহাৰ কথাকে সূচায়। এগৰাকী মহিলাই দোলাভাৰীৰ পিছে পিছে ওখ নাল লগাই বগা কাপোৰেৰে সজা এখন বিচনীৰে দোলাখন বিচি আহে। ইয়াৰ অৰ্থ হৈছে দোলাত থকা লখিমীক বিচনিৰ বা দি সন্তুষ্ট কৰা। 
       নামঘৰত প্ৰৱেশ কৰাৰ পিছত নামঘৰটো লখিমী অনা গায়ন-বায়নৰ দলে তিনি পাক দিয়াৰ নিয়ম। ইয়াৰ পাছতহে নামঘৰৰ মজিয়াত বা ভিতৰত প্ৰৱেশ কৰে। নামঘৰত প্ৰৱেশ কৰাৰ পিছত দালি, কলচি, দোলা আদি মজিয়াৰ একোনত ৰাখা হয় আৰু গায়নৰ দলে গায়নৰ মুখনি নমৰালৈ কাষতে বহি থাকে। 
       গায়ন-বায়ন মুখনি মাৰাৰ পিছত লখিমী আনিবলৈ যোৱা দালি কলচি দোলাভাৰী জাকৈটি আৰু শৰাই আগবঢ়োৱা বয়োজ্যেষ্ঠ ব্যক্তি সকলে সমজোৱাকৈ সেৱা লয় আৰু পুৰোহিতে আৰ্শীবাদ প্ৰদান কৰে। ইয়াৰ পিছত মাহ-প্ৰসাদৰ শৰাই উঠাই আৰু ৰাইজক বিলনীয়াই প্ৰসাদ বিতৰণ কৰে। কেইজনমান লোকে দোলাৰ পৰা লখিমীখিনি নমাই পাত পাৰি পাতত থয়।জেং জাবৰ মাছ আৰু ৰাইজে লখিমী আনিবলৈ যাওঁতে নিয়া তামোল পাণ আৰু ধান তাৰ সৈতে মিহলাই দিয়ে। সেইখিনিয়ে হৈছে লখিমী। একেবাৰে শেষত ঠিক সন্ধিয়া সাঁজ লগাৰ সময়ত লখিমীখিনি বিতৰণ কৰা হয়। 
       লখিমী অনাজনে বঁটাত মাটি চাকি আৰু ধূপ জ্বলাই স-সন্মানে মূৰত ওৰণি লৈ লখিমী ঘৰলৈ আনে। আনকি লখিমী আনোতে বাটত কাকো মাত নামাতে। সোণোৱাল কছাৰীসকলৰ জনবিশ্বাস মতে লখিমী আনোতে আনৰ লগত বাটত কথা পাতিলে লখিমী ঘৰলৈ নাহে। কথা পতা ব্যক্তি জনৰ সৈতে লখিমী যায়গৈ বুলি ভবা হয়। 
      মই জনাত থূলমূলকৈ লখিমী তোলা সবাহৰ বিৱৰণ ইমানেই। অৱশ্যে বয়োজ্যেষ্ঠ ব্যক্তি সকলৰ পৰা ইয়াতকৈ অধিক জনাৰ হেঁপাহ আছে। মোৰ অজ্ঞাতে নজনা কথাবিলাক বয়োজ্যেষ্ঠসকলে ইয়াত কমেণ্ট বাকচত মন্তব্য হিচাপে আগবঢ়ালে মই লেখাটোত সন্নিৱিষ্ট কৰিবলৈ পাৰিম। 






প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

Saturday, September 10, 2022

'শোণিত কুঁৱৰী'ৰ বিষয়-বস্তু আৰু চৰিত্ৰ চিত্ৰণ। The Theme of the 'Shonit kowari' and Portrayal of the character.

জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ প্ৰধান বৈশিষ্ট্য সমূহ: 

👉 জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহ অধ্যয়ন কৰিলে কিছুমান বিশেষ বৈশিষ্টৰ পৰিলক্ষিত হয়। সেই বৈশিষ্ট্য সমূহ থোৰতে আলোচনা আগবঢ়োৱা হ'ল - 
১/ বিস্তৃত মঞ্চ নিৰ্দেশনা হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ অন্যতম বৈশিষ্ট্য। এনে নিৰ্দেশনাই নাটকত পৰিৱেশ সহজ কৰি তোলাত সহায় কৰে। জ্যোতিপ্ৰসাদৰ নাটকৰ প্ৰতিটো দৃশ্যতে এনে নিৰ্দেশনা বিদ্যমান।
২/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহত নাৰী চৰিত্ৰক বেছি প্ৰাধান্য দিয়া হৈছে। শোণিতকুঁৱৰীত উষা আৰু চিত্ৰলেখা, কাৰেঙৰ লিগিৰীত শেৱালী আৰু কাঞ্চন কুমাৰী, ৰূপালীমত ৰূপালীম আৰু ইতিভেন আদিৰ পৰা এই কথা স্পষ্ট ভাৱে জানিব পৰা যায়।
৩/ নায়িকা প্ৰধান নাটক: পুৰুষৰ চৰিত্ৰ অংকন কৰিলেও বেছিভাগ নাটকতে নায়ক হ'বৰ জোখাৰে তেওঁলোকৰ যোগ্যতা নাই। আগৰৱালাৰ নাটসমূহ নায়িকা প্ৰধান আছিল বাবেই খনিকৰক বাদ দি বাকীকেইখনৰ নামাকৰণ নায়িকাৰ নামেৰে কৰা হৈছে বুলি ক'ব পাৰি।
৪/আগৰৱালাৰ নাটসমূহত প্ৰেমে এক বিশেষ স্থান অধিগ্ৰহণ কৰি আছে।আটাইকেইখন নাটকতে প্ৰেমক কেন্দ্ৰ কৰিয়েই কাহিনী ভাগৰ সূত্ৰপাত হৈছে।
৫/ গীতৰ ওপৰত প্ৰাধান্য : আগৰৱালাৰ প্ৰতিখন নাটকতে গীতৰ সংযোগ বেছি। সামগ্ৰিক ভাৱে তেওঁৰ নাটকত প্ৰায় আঢ়ৈ কুৰি গীত সন্নিবিষ্ট হৈছে বুলি জনা যায়।
৬/ ৰোমাণ্টিক কাব্যিকতাৰ প্ৰাচুৰ্য হ'ল আগৰৱালাৰ নাটকৰ অন্যতম প্ৰধান বৈশিষ্ট্য বুলি ধৰিব পাৰি।
৭/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটসমূহ ট্ৰেজেডিমূলক।
৮/ কাহিনীতকৈ চৰিত্ৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।
৯/ আপেক্ষিক ভাৱে নাটক সমূহৰ কাহিনী দীঘল আৰু ব্যাখ্যা বেছি।

শোণিত কুঁৱৰীৰ বিষয় বস্তু আৰু চৰিত্ৰ চিত্ৰণ :

     জ্যোতিপ্ৰসাদ আগৰৱালা আছিল প্ৰকৃত অৰ্থত এজন আধুনিক নাট্যকাৰ। আগৰৱালা দেৱে মাত্ৰ চৈধ্য বছৰ বয়সতে "শোণিত কুঁৱৰী" নাটখনি লিখি উলিয়াইছিল। নাটখনি এক গুৰুগম্ভীৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে।
      
   শোণিত কুঁৱৰী নাটকখনৰ কাহিনী ভাগৰ মাজেদি কেইটামান বিষয় বস্তু প্ৰতিফলিত হোৱা দেখা যায়।নাটৰ বিষয়বস্তু প্ৰধানতঃ প্ৰেমসৰ্বস্ব। অথবা ৰোমাণ্টিক ধৰ্মী নাটক হিচাপে আখ্যা দিব পাৰি। প্ৰেমৰ শক্তিৰে উষা আৰু অনিৰুদ্ধৰ মিলন সম্ভৱ হৈ উঠিছে। দ্বিতীয়তে, নাটকখন নায়িকা প্ৰধান। কাহিনীতকৈ চৰিত্ৰ সৃষ্টিৰ ওপৰত নাটকৰ নাট্যকাৰে অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে।উষা চৰিত্ৰক কেন্দ্ৰ কৰিয়েই জ্যোতিপ্ৰসাদে 'শোণিত কুঁৱৰী' নামেৰে নাটকখন নামাকৰণ কৰিছে বুলি থল আছে। নাটকৰ কাহিনী ভাগ পৌৰাণিক আখ্যান সৰ্বস্ব হ'লেও কল্পনাৰ ৰহন সানি কাহিনী মনোৰম আৰু গ্ৰহণীয় কৰি তোলাত নাট্যকাৰৰ কৃতিত্ব প্ৰকাশ পাইছে। গীতৰ প্ৰাচুৰ্যতাও নাটকীয় বিষয়-বস্তুক উপস্থাপন কৰাৰ ক্ষেত্ৰত এক উত্তম দিশ হিচাপে বিবেচনা কৰিব পাৰি। কিয়নো চৰিত্ৰৰ মানসিক অৱস্থাৰ চিত্ৰন আৰু পৰিস্থিতিৰ উজ্জ্বলতা গীতৰ সংযোজনৰ ফলত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ অংগৰাগ গীতবোৰ নোহোৱা কৰিলে গোটেই নাটকখনৰে অপূৰণীয় ক্ষতি হ'ব পাৰে। আনহাতে বিষয়-বস্তুক উপস্থাপন কৰাৰ বাবে জ্যোতিপ্ৰসাদে মঞ্চ নিৰ্দেশনাত যি বিস্তৃত বৰ্ণনা আগবঢ়াইছে সেইটো বাদ দিলেও নাটকীয় পৰিৱেশ বিনষ্ট হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে নাটক খনত পৰিৱেশ সৃষ্টিও বিষয়-বস্তুৰ অন্যতম ভিতৰুৱা অংশ হিচাপে বিবেচিত কৰিব পাৰি। বিশেষকৈ 'শোণিত কুঁৱৰী' নাটকৰ ক্ষেত্ৰত নাট্যকাৰে উপযুক্ত পৰিৱেশ ৰচনাৰে মূল বিষয়বস্তুক স্পষ্ট ৰূপত দাঙি ধৰিব সক্ষম হৈছে।

   নাটকৰ প্ৰধান অন্যতম উপাদান হৈছে চৰিত্ৰ। চৰিত্ৰ যিমানেই শক্তিশালী হ'ব নাটকখনো সিমানেই মনোগ্ৰাহী হ'ব। নাটক এখন হ'বৰ বাবে কাহিনীৰ যিমান প্ৰয়োজন চৰিত্ৰৰো সমানেই প্ৰয়োজন। নাটকত কাহিনী সৃষ্টি কৰে চৰিত্ৰৰ কাৰ্যকলাপে। সেয়েহে চৰিত্ৰ নহ'লে নাটকৰ কাহিনী হ'ব নোৱাৰে। জ্যোতিপ্ৰসাদৰ নাটক 'শোণিত কুঁৱৰী'ত বহু চৰিত্ৰৰ সমাৱেশ ঘটিছে। বিশেষকৈ আগৰৱালা দেৱৰ নাটক সমূহ চৰিত্ৰ প্ৰধান বুলি উপৰত উল্লেখ কৰা হৈছে। কাহিনীতকৈ চৰিত্ৰৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব দিয়া তেওঁৰ নাটক শোণিত কুঁৱৰীৰ পুৰুষ চৰিত্ৰবোৰ হৈছে - বাণ ৰজা, প্ৰসেনজিৎ, কুষ্মাণ্ড, শ্ৰীকৃষ্ণ, বলোৰাম, সাত্যকি, প্ৰদ্যুম্ন, অনিৰুদ্ধ, সনাতন, নাৰদ , ইন্দ্ৰ,বৰুণ, অগ্নি, মদন , শংকৰ, নন্দী, কাৰ্তিক,গনক, নাপিত, বাটৰুৱা, সভাসদ,দুত, প্ৰহৰী, সৈন্য আদি।

   নাৰী চৰিত্ৰ সমূহৰ ভিতৰত উষা, চিত্ৰলেখা, পত্ৰলেখা, কুজী, মধুমতী, স্বপ্নাদেৱী, ৰতি, চন্দ্ৰলেখা , মধুলেখা আৰু উষাৰ সংগীসকল উল্লেখযোগ্য।
      ইয়াত মুখ্য চৰিত্ৰ কেইটামানৰ বিষয়ে সংক্ষিপ্ত পৰিচয় দাঙি ধৰা হ'ল। --
উষা: আগৰৱালাৰ শোণিত কুঁৱৰী নাটকৰ নায়িকা হৈছে উষা। অৰ্থাৎ উষাক কেন্দ্ৰ কৰিয়েই নাটিকা খনৰ কাহিনীভাগ আৰম্ভ হৈছে। উষা বানাসুৰৰ একমাত্ৰ সুন্দৰী কন্যা। উষাৰ যৌৱন প্ৰাপ্তি আৰু অপৰূপ সৌন্দৰ্য্যই বাণ ৰজাক চিন্তিত কৰি তুলিছিল। সেয়ে যৌৱনৰ তাড়নাত যাতে উষাই অবাটে নাযায় তাৰ বাবে উষাক অগ্নিগড়ত আৱদ্ধ কৰি ৰাখিছিল। তাই সখীয়েক চিত্ৰলেখাৰ সহায়ত সপোনৰ কোঁৱৰ অনিৰুদ্ধৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। নাটখনিত উষা হৈছে কেন্দ্ৰীয় চৰিত্ৰ ।
অনিৰুদ্ধ : নাটখনিৰ নায়ক অৰ্থাৎ দ্বিতীয় চৰিত্ৰ হৈছে অনিৰুদ্ধ। অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণৰ নাতি আৰু প্ৰদ্যুন্নৰ পুত্ৰ। নাটখনত অনিৰুদ্ধৰ চৰিত্ৰটোৱে সাহস, বীৰত্ব আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীকৰূপে চিত্ৰিত হৈছে। সদ্য যৌৱন প্ৰাপ্ত অনিৰুদ্ধ কোঁৱৰ নাটখনত উপজিয়েই প্ৰেমিক ৰূপত অৱতীৰ্ণ হৈছে। বান ৰজাৰ সন্মুখত ৰুদ্ৰ মূৰ্তি ধৰা কাৰ্যই অনিৰুদ্ধক সাহস বীৰত্ব আৰু শৌৰ্য-বীৰ্যৰ অধিকাৰী ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰিছে। চৰিত্ৰটোত প্ৰথমে আবেগ অনুভূতিৰে পৰিপূৰ্ণ চফল ডেকা প্ৰেমিক ৰূপে আৰু পিছৰ মূহুৰ্তত এগৰাকী ক্ষত্ৰিয় বীৰ হিচাপে অংকিত হৈছে। ইয়াৰ ফলত চৰিত্ৰটোৰ আকৰ্ষণ বৃদ্ধি ঘটাইছে। 
চিত্ৰলেখা  :  শোণিত কুঁৱৰী নাটকখনৰ আন এটি মনোৰম চৰিত্ৰ হৈছে - চিত্ৰলেখা। বানাসুৰৰ ৰাজসভাৰ মন্ত্ৰী কুষ্মাণ্ডৰৰ জীয়ৰী তথা উষাৰ সখীয়েক ৰূপত আত্মপ্ৰকাশ কৰা চৰিত্ৰটিয়ে হৈছে চিত্ৰলেখা।  চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্ৰবিদ্যাত সুদক্ষা, সংগীত বিদ্যাত পাৰ্গত, নৃত্যপটিয়সী আৰু কলা-কুশলী জ্ঞানৰ অধিকাৰী আছিল। উষা আৰু অনিৰুদ্ধৰ মাজত মিলন একমাত্ৰ চিত্ৰলেখাৰ বাবে সম্ভৱ হৈ উঠিছে। সেয়েহে চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ প্ৰতীক হিচাপে চিত্ৰিত হৈছে বুলি বিবেচনা কৰিব পাৰি।

বানাসুৰ :  বানাসুৰৰ সম্পৰ্কে নকলে নাটকৰ কাহিনী আধাৰুৱা হ'ব। নাটকখনৰ আন এটা প্ৰধান চৰিত্ৰ হৈছে বানাসুৰ। বানাসুৰ দৈত্যৰাজ বলিৰ পুত্ৰ আৰু শোণিতপুৰৰ ৰজা আছিল। বান ৰজা তপ-জপ, বল-বীৰ্যত অনন্য হিচাপে খ্যাত আছিল। তদুপৰি বান আছিল ভগৱান মহাদেৱৰ ভক্ত। শিৱৰ বৰদানৰ ফলত তেওঁ অদম্য শক্তিধৰ বীৰলৈ পৰ্যবসিত হৈছিল। সেই অসীম বীৰৰ জৰিয়তে স্বৰ্গৰ ৰজা ইন্দ্ৰ, বৰুণ , অগ্নিক ধৰি আনি বন্দী কৰি ৰাখিবলৈ সক্ষম হৈছিল। কিন্তু শ্ৰীকৃষ্ণৰ হাতত তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।
    মুখ্যতঃ উল্লেখিত চৰিত্ৰ কেইটাকে শোণিত কুঁৱৰী নাটকখনৰ মুখ্য চৰিত্ৰ হিচাপে গণ্য কৰিব পৰা যায়। 

     শোণিত কুঁৱৰী নাটকখনৰ অন্যতম বৈশিষ্ট্য কাব্যধৰ্মীতা। সুদূৰপ্ৰসাৰী কল্পনা, প্ৰেমানুভূতিৰ কোমলতা, মধুৰ আবেগ, ভাৱ আৰু ভাষাৰ প্ৰাঞ্জলতা আদিৰ সমাহাৰে শোণিত কুঁৱৰী নাটকখনৰ উপভোগ্যতা বৃদ্ধি পাবলৈ কৰাৰ লগতে উৎকৃষ্ট নাটক হিচাপে বিবেচিত হোৱাত অৰিহণা যোগাইছে। চিত্ৰলেখাৰ মুখৰ সংলাপে নাটকৰ মনোগ্ৰাহীতা দুগুণে বৃদ্ধি কৰিছে। চিত্ৰলেখাই নাটকখনত কৈছে যে " শিল্পীয়ে সকলোকে ভাল পায়। সকলোৰে শান্তি, সৌন্দৰ্য আৰু মাধুৰ্য সৃষ্টিতে শিল্পী এগৰাকীৰ আনন্দ আৰু সফলতা। ব্যক্তিকেন্দ্ৰিক ভোগ বিলাসৰ পৰা তেওঁলোকৰ অৱস্থান সদায় নিলগত। লগতে মানুহৰ মনত শান্তি, সমৃদ্ধি বৃদ্ধি কৰিব পৰাতেই শিল্পীৰ সাৰ্থকতা।  
  জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এইখন প্ৰথম ৰচিত নাটক আৰু প্ৰায় ১৪ বছৰ বয়সতে ৰচনা কৰা হ'লেও ই সমাজৰ তথা সময়ৰ এক উৎকৃষ্ট নিদৰ্শনৰ নাটক হিচাপে প্ৰতিফলিত হৈ থাকিব। সময়ৰ লগত খাপ খোৱাকৈ ৰচিত নাটক খনে যুগে যুগে মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰি থাকিব। ইয়াতেই নাট্যকাৰ সফলতা প্ৰকাশ পাইছে। নাটখনৰ জৰিয়তে নাট্যকাৰে নিজৰ প্ৰতিভাও দাঙি ধৰিব সক্ষম হৈছে।


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।


🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
 

Sunday, September 4, 2022

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু কিছু প্ৰাসঙ্গিক চিন্তা।Dr. Sarvepalli Radhakrishnan and some relevant thoughts.

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু কিছু প্ৰাসঙ্গিক চিন্তা। শিক্ষা আৰু চৰিত্ৰ: দাম্পত্য জীৱন: কৰ্ম জীৱন: সাম্প্ৰতিক সময়ত ৰাধাকৃষ্ণণৰ প্ৰাসঙ্গিকতা আৰু শিক্ষক দিৱস: ৰচনাৰাজি আৰু বঁটা বাহন : সামৰণি।



পাতনি :

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ নাম শুনা মাত্ৰকে সততে মনলৈ আহে এগৰাকী সুন্দৰ আৰু সুঠাম, গভীৰ আত্ম বিশ্বাস আৰু আস্হা থকা গুৰু গম্ভীৰ চৰিত্ৰৰ তথা ব্যক্তিত্বৰ অধিকাৰী লোকৰ প্ৰতিবিম্ব। তেখেত আছিল কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত এগৰাকী অন্যতম প্ৰতিভাশালী অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ব্যক্তি।

শিক্ষা আৰু চৰিত্ৰ:

ক'ব পাৰি ৰাধাকৃষ্ণণৰ জীৱনৰ বাল্যকালৰ শিক্ষা পিতৃ মাতৃৰ ছত্ৰছায়াতে হৈছিল। প্ৰায় ৮ বছৰ বয়সলৈকে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল। ৮ বছৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হৈছিল। পিতৃ বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাহ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লৈছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ মাজত। মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণণ ডাঙৰ হৈছিল। ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতায়ো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাহ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি-এ পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ৰ কোনটোক তেওঁ ’অনাৰ্ছ’ বিষয় হিছাপে ল’ব তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই ’দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ’অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ ’থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনৰ ওপৰত তেওঁৰ প্ৰথম গ্ৰন্থ হিছাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ যি গভীৰতা পৰিলক্ষিত হয় তাৰ মাজতেই দেখিবলৈ পোৱা যায় পৰৱৰ্তী কালৰ মহান দাৰ্শনিকজনক।


দাম্পত্য জীৱন

১৯০৩ চনত ১৬ বছৰ বয়সত 'শিৱাকামু'ৰ লগত বিবাহ হয়। তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল ১০ বছৰ। সেয়ে বিবাহৰ তিনি বছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয়। সন্তান আছিল ছয়টা। পাচঁ গৰাকী ছোৱালী আৰু এটা ল'ৰা ।


কৰ্ম জীৱন 

    ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ কৰ্ম জীৱন আছিল অতি ব্যাপক। শিক্ষকতাৰ বৃত্তিৰ পৰা ৰাজনীতিৰ পথাৰলৈ তেওঁ বহু অৱদান আগবঢ়াই গৈছে। তেওঁ কৰ্মময় জীৱনৰ পাতনি মেলিছিল মহীশূৰ বিশ্ববিদ্যালৰ এজন দৰ্শনৰ অধ্যাপক হিচাপে। ১৯১৮ চনৰ পৰা ১৯২১ চনলৈ এই বিশ্ববিদ্যালয়তে কাৰ্যনিৰ্বাহ কৰি আছিল। ইয়াৰ পিছত ১৯২১ চনৰ পৰা ১৯৩১ চনলৈকে কলিকাতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৩১ চনত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিষ্ঠিত হৈছিল আৰু দুবছৰ কাল এই পদত সেৱা আগবঢ়ায়। ইয়াৰ পিছত পুনৰ অক্সফৰ্ড বিশ্ববিদ্যালয়ত পূবৰ ধৰ্ম আৰু নৈতিকতাৰ অধ্যাপক ৰূপে নিযুক্তি লাভ কৰিছিল। এই পদত ১৯৩২ চনৰ পৰা ১৯৪২ চনলৈ এক দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। নিজৰ অৰ্হতাৰ বলত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য হিচাপে১৯৪২ চনত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি তেওঁ বহু মহাবিদ্যালয়ত প্ৰবক্তা হিচাপেও কাৰ্যনিৰ্বাহ কৰি অৱদান আগবঢ়াই গৈছে। মানচেষ্টাৰ কলেজৰ আপতন লেকচাৰাৰ হিচাপে, চিকাগো বিশ্ববিদ্যালয়ত হাৰ্ভেল লেকচাৰাৰ হিচাপে, লণ্ডন ইউনিভাৰ্ছিটি কলেজত হাইবাৰ্ট লেকচাৰাৰ হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি ইতিহাস শুৱনি কৰি থৈ গৈছে। অধ্যাপনাৰ উপৰিও তেওঁ বিভিন্ন সময়ত বিভিন্ন শিক্ষানুষ্ঠানৰ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গুৰি ধৰোতা ব্যক্তি হিচাপে চিনাকি দি গৈছে। বিশেষকৈ ১৯৪৮ চনত বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগৰ চেয়াৰমেন, ইউনেস্কোৰ কাৰ্যনিৰ্বাহক বোৰ্ডৰ চেয়াৰমেন, ১৯৫২ চনত ইউনেস্কোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি ইতিহাসত লিপিবদ্ধ কৰি গৈছে। মুঠতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে বহু দায়িত্ব সমাপন কৰিছিল। 

     ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদত বৈদেশিক মন্ত্ৰী হিছাপে ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত ৰচনা কৰে এক নতুন অধ্যায়ৰ। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল। ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিছিল।


সাম্প্ৰতিক সময়ত ৰাধাকৃষ্ণণৰ প্ৰাসঙ্গিকতা আৰু শিক্ষক দিৱস:

   সাম্প্ৰতিক সময়ত গুৰু বন্দনাত যে কিছু ম্লান পৰিছে সেয়া পৰিস্থিতি আৰু পৰিবেশে সোঁৱৰাই দিয়ে। গুৰু -শিষ্যৰ সম্পৰ্কত বহু সময়ত ফাট মেলাও পৰিলক্ষিত হৈছে। ই যি কি নহওঁক, আজিৰ সময়ত ৰাধাকৃষ্ণণৰ দৰে মহান শিক্ষকৰ প্ৰাসঙ্গিকতা আহি পৰিছে। শিক্ষক বা শিক্ষাগুৰুৰ বন্দনাৰ নিমিত্তে যি শিক্ষক দিৱস আয়োজন কৰা হৈছে সেয়াও নিয়মমাফিক যেন অনুভৱ হ'বলৈ ধৰিছে। এদিন ৰাধাকৃষ্ণণৰ শিষ্য সকলে তেওঁৰ গুণত মুগ্ধ হৈ নতুবা তেওঁৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈকে হওঁক তেওঁৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰিবলৈ অনুমতি বিচৰাটোৱে সেই সময়ৰ গুৰু-শিষ্যৰ সম্পৰ্কৰ ইতিবাচক দিশকে প্ৰতিফলিত কৰে। 

   শিক্ষক মানে শিক্ষাগুৰু । যিয়ে শিক্ষা আনক প্ৰদান কৰে, অজ্ঞানীক জ্ঞানৰ পোহৰেৰে উজ্বলাই তোলে, নীতি কথা, পৰামৰ্শ আৰু উপদেশ প্ৰদান কৰে, সহনশীলতা আৰু ধৈৰ্য্যৰ গুণেৰে সমৃদ্ধ ব্যক্তি গৰাকীয়ে হৈছে শিক্ষক বা শিক্ষাগুৰু । বৰ্তমান সময়ৰ শিক্ষকসকলৰ এই গুণ নাই নেকি ? নতুবা এনেধৰণৰ মানৱীয় গুণসমূহ আয়ত্ত কৰিবলৈ ইচ্ছুক নহয় নেকি ? কিহৰ বাবে শিক্ষক আৰু শিষ্যৰ মাজত ইমান শত্ৰুৰ মনোভাৱ জাগ্ৰত হৈছে ? এনেবোৰ প্ৰশ্নই বৰ্তমান আমাৰ মন আৱৰি ধৰে । আজিকালি কাগজ পত্ৰৰ শিৰোনাম গুৰু -শিষ্যৰ কালিমাহনা বাতৰিয়ে অধিকাৰ কৰাটো একেবাৰে শুভ লক্ষণ নহয়। নিশ্চয় বহুতৰ মতে শিক্ষকৰ গাত দোষ আছে। আনহাতে আন কিছুমানৰ মতে ছাত্ৰ-ছাত্ৰী সকল অবাধ্য হৈছে আৰু বিভিন্ন ইণ্টাৰনেটত সংযোজিত বেয়া কাৰক বিলাকৰ প্ৰভাৱৰ ফলত গুৰু গোঁসাই নমনা হৈছে। অৰ্থাৎ মোবাইলৰ কু-প্ৰভাৱ ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত পৰিছে। প্ৰকৃততে আমি কথাবোৰ লুকঢাক নকৰাকৈ আলোচনা কৰা উচিত। 

   শিক্ষাৰ উত্তৰণত তিনিটা উপাদানৰ মিলন ঘটে। শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক । ইয়াৰ এটাৰ অবিহনে শিক্ষা ব্যৱস্থা অসম্পূৰ্ণ হয়। প্ৰতিটো উপাদানৰ কৰ্তব্য পালনৰ ওপৰত নিৰ্ভৰশীল গুৰু -শিষ্যৰ সম্পৰ্ক । অভিভাৱক সকলেও নিজৰ সন্তানৰ ওপৰত নজৰ ৰাখিব লাগিব, সুউপদেশ সুপৰামৰ্শ প্ৰদান কৰিবলৈ সাজু থাকিব লাগিব। কোনো কাৰণতে শিক্ষকৰ ভাল-বেয়া সম্পৰ্কে কস্মিনকালেও ঘৰত সন্তানৰ সন্মুখত আলোচনা কৰা উচিত নহয়। কথাতে কয় যে ল'ৰা-ছোৱালী হৈছে কুমলীয়া বাঁহৰ দৰে যেনিয়ে পোনোৱা যায় তেনিয়ে ভাঁজ লয়। সেয়েহে ঘৰত মাক-দেউতাকে ভাল আলোচনা কৰা উচিত আৰু তেহে সন্তান ভাল হ'ব। তেনে সন্তান বিদ্যালয়তো ছাত্ৰ-ছাত্ৰী হিচাপে ভাল হ'ব। তেতিয়া গুৰু -শিষ্যৰ সম্পৰ্ক সুদৃঢ় হোৱাত প্ৰভাৱ পেলাব। 

   আনহাতে শিক্ষকৰো দোষ নথকা নহয়। বহু ক্ষেত্ৰত শিক্ষক এজন হ'ব লাগে পৰামৰ্শদাতা আৰু পথপ্ৰদৰ্শক। আমি কিমানজনে পথপ্ৰদৰ্শক হ'বলৈ প্ৰয়াস কৰিছোঁ ? ছাত্ৰ-ছাত্ৰী সকলৰ মানসিক দিশটো পৰ্যবেক্ষণ নকৰাকৈয়ে আমি বহু ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰো। যাৰ বাবে হিতে বিপৰীত হোৱা পৰিলক্ষিত হয়। উচ্চ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত এই কথাটো বেছি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত। সেয়েহে শিক্ষক সকলেও ৰাধাকৃষ্ণণৰ দৰে হ'ব নোৱাৰিলেও তেওঁৰ গুণসমূহ আয়ত্ত কৰি একোজন ৰাধাকৃষ্ণণ হোৱাৰ প্ৰয়াস কৰিব লাগিব। 


ৰচনাৰাজি আৰু বঁটা বাহন:

  তেওঁৰ জীৱনৰ প্ৰথম ৰচনা হ'ল এম এ ডিগ্ৰীৰ বাবে যুগুত কৰি প্ৰকাশ কৰি উলিওৱা "The Ethics of the Vedanta and its Material Presuppoliton (1908)"অসমীয়া ভাঙনি - "বেদন্তৰ নীতিশিক্ষা আৰু ইয়াৰ সামগ্ৰী প্ৰেচুপলিটন (১৯০৮)" গ্ৰন্থখন। ইয়াৰ পিছত ১৯১৮ চনত "The Philosophy of Rabindranath Tagor" ; ১৯২০ চনত "The Reign of Religion in Contemporary Philosophy"; ১৯২৩ আৰু ১৯২৭ চনত প্ৰকাশিত "Indian Philosophy (দুটা খণ্ড ) ; ১৯২৬ চনত প্ৰকাশিত 

"The Hindu view of Life" ; ১৯২৮ চনত প্ৰকাশিত "The religion we Need" ; ১৯২৯ চনত প্ৰকাশিত "Kalki or The Future of Civilization" ; ১৯৩২ চনত প্ৰকাশিত "An Idealist view of Life" ; ১৯৩৩ চনত প্ৰকাশিত "East and West in Religion" ; ১৯৩৬ চনত প্ৰকাশিত হয় "Freedom and Culture" ; ১৯৩৬ চনত প্ৰকাশিত হয় "The Heart of Hinduism " ; ১৯৩৭ চনত প্ৰকাশিত হয় "My Search for Truth (Autobiography 1937)"; ১৯৩৮ চনত প্ৰকাশিত "Gautama the Buddha" ; ১৯৩৯ চনত প্ৰকাশিত "Eastern Religion and Western Thought" ; ১৯৩৯ চনতে পুনৰ আন এখন গ্ৰন্থ প্ৰকাশিত হয় "Mahatma Gandhi" ; ১৯৪৪ চনত প্ৰকাশিত "India and China " ; ১৯৪৪ চনত প্ৰকাশিত হয় আন এখন গ্ৰন্থ "Education, Politics and War" ; ১৯৪৭ চনত প্ৰকাশিত "The Religion and Society" ; ১৯৪৮ চনত প্ৰকাশিত "The Bhagavadgita" ; ১৯৪৯ চনত প্ৰকাশিত "Great Indians" ; ১৯৫০ চনত প্ৰকাশিত হয় "The Dhammapada" আৰু ১৯৫২ চনত প্ৰকাশিত হৈছিল "The Religion of the spirit and the Worlds Need" । এই ২২ খন কিতাপ ৰচনা কৰি ভাৰতৰ সাহিত্যৰ ভঁৰালত সন্নিৱিষ্ট কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি থৈ গৈছে।  

    ১৯৫৪ চনত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক তেওঁৰ ত্যাগ আৰু কৃতিত্বক যুগমীয়া কৰি ৰখাৰ মানসেৰে ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান "ভাৰত ৰত্ন" প্ৰদান কৰে।


উপসংহাৰ 


     উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল ৰাধাকৃষ্ণন। ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰহ্ম’ৰ উপলব্ধিত। ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰহ্মচাৰ্য পালন, ব্ৰহ্মজ্ঞানৰ সাধন আৰু ব্ৰহ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰহ্মচাৰী, এজন প্ৰকৃত ব্ৰহ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰহ্মবাদী আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিৰ্প্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হৈছিল বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম ব্যক্তি। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে ।

     মহান দাৰ্শনিক গৰাকী ১৯৭৫ চনৰ ১৭ এপ্ৰিল তাৰিখে ভাৰতৰ অগণন অনুগামীক এৰি থৈ ইহলীলা সম্বৰণ কৰে। যদিও তেখেত মৃত্যু হ'ল তথাপিও তেওঁ আজি আমাৰ মাজত অজৰ অমৰ হৈ জীয়াই আছে একমাত্ৰ তেওঁৰ অসীম ত্যাগ, কৰ্ম আৰু সৃষ্টিৰ বলত। 




প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক : দুদুল সোণোৱাল।



Tuesday, August 30, 2022

জীৱনে দি যোৱা শিক্ষা.... Life's Lesson..!!!

জীৱনে দি যোৱা শিক্ষা...!!! Life's Lesson....!!!

     জীৱনে শিকায়। জীৱনে বুজায়। জীৱনে কেতিয়াবা আঁতৰাই। জীৱনে কেতিয়াবা চপায়। আঁতৰোৱা জীৱন বেৰি ধৰে দুখ,শোঁক আৰু নিৰাশাৰ আবিৰে। প'ল অনুপ'ল হৈ পৰে বিৰহ,বেদনা, বিষাদ,বিমৰ্ষৰ সমাহাৰ। জীৱন হৈ পৰে পল্লৱহীন, বীজহীন আৰু পুষ্পহীন। ৰসহীন জীৱন ৰসহীন ফলৰ সদৃশ। এনে জীৱন মানুহ মাত্ৰেই অকাম্য।

     আকৌ জীৱনে কেতিয়াবা চপায় আনে। কাৰোবাৰ জীৱন সুখৰ আবিৰৰ পৰশত ৰঙীন হয়। চপায় আনে জীৱনলৈ সুখ, শান্তি, হৰ্ষ উল্লাস, হাঁহিৰ মেটমৰা সম্ভাৰ । এনে জীৱনেই সকলোৰে কাম্য। এনে জীৱন হয় পল্লৱিত , দহোদিশ সুশোভিত। 
     ই যি কি নহওঁক, আশা-নিৰাশা, হৰ্ষ-বিষাদ, বিৰহ-মিলন আদি উপাদানৰ সংমিশ্ৰণেই হ'ল মানৱ জীৱন । কোৱা হয় মানৱ জীৱন প্ৰাপ্ত হয় বহু যুগৰ সুকৰ্মৰ ফলত । মূল্যৱান মানৱী জীৱনত আমি সকলোৱে ভাৱৰীয়া । আমি সকলোৱে একোজন পূৰঠ পৈণত অভিনেতা।যিদিনাই অভিনয় শেষ হ'ব সেইদিনাই মানৱী দেহ ত্যাগ কৰি বৈকুণ্ঠগামী হয় আমাৰ নশ্বৰ আত্মা। কেৱল মায়া মোহৰ মহাসাগৰত আৱদ্ধ হৈ আমি ককবকাই থাকোঁ । গতিকে সকলো মিছা। সকলো জীৱনৰ মৰীচিকা মাথোন। সত্য কেৱল সময় । সময়ে দি যোৱা সত্যতা। সময়ে দি যোৱা বিশুদ্ধ জ্ঞান। শিক্ষা।.
     এদিন সৰু আছিলোঁ। আইয়ে ধুৱাই দিছিল মুখ। আইয়ে খুৱাই দিছিল টোপ। কথা শিকাইছিল ক'বলৈ। ...জিজি খোৱা, বিবি খোৱা ,... শিকাইছিল জীৱনৰ আদিপাঠ। অশিক্ষিত আইৰ অকৃত্ৰিম মমতাৰ আঁচলত ধৰি আমি লাভ কৰিছিলো সময়ৰ জ্ঞান। সময়ৰ শিক্ষা। তাৰ পিছত এদিন দুদিনকৈ সৰ্পিল গতিৰে পাৰ হৈছিল সময় । সময়ৰ বগী ঘোঁৰাত উঠি পাৰ হৈছিল জোনবাইক বেজী এটা খোজা..ল'ৰালি বয়স। পাৰ হৈছিল শৈশৱৰ ধূলি বালি খেলা ধেমেলীয়া আৰু আনন্দৰে ভৰপূৰ জীৱনৰ -সময়। আইৰ শিক্ষালয়ত শিক্ষা সাং কৰি সাত বছৰ বয়সত নাম লগায় দিছিল এদিন সমীপৰ চৰকাৰী বিদ্যালয়খনত। তাতো বহু শিক্ষা। কেৱল পঢ়া আৰু পঢ়া। পঢ়াশালিত শিকিলোঁ মাৰিবলৈ ৰসৰাজৰ হাঁহি। শংকৰদেৱৰ কৰতল কমল নয়ন...। আই সমান হ'ব কোন, নৈৰ সমান বব কোন...। বহুতো.. বহুতো মূল্যৱান মানৱী জ্ঞান। তথাপিও দেখোন শেষ নহয় আইৰ শিক্ষালয়ৰ শিক্ষা। প্ৰতিটো খোজতে আইৰ বহুমূলীয়া শিক্ষা। সোণসেৰীয়া পৰামৰ্শ। সোণসেৰীয়া উপদেশ। য'ত আছিল আস্থা আৰু বিশ্বাসৰ গান। য'ত আছিল সাহস আৰু ধৈৰ্যৰ তান। এক গভীৰ জ্ঞানৰ প্ৰলেপ।
     সময়ে শিকালে কঠিনতম সময়ক বুজিবলৈ। সময়ে শিকালে সুখত হাঁহিবলৈ। সময়ে শিকালে দুখত কান্দিবলৈ। আকৌ সেই সময়ৰ অভিজ্ঞতাই শিকাই থৈ গ'ল সহস্ৰাধিক শোকঁ দুখতো ভাঙি নপৰাকৈ থিয়হৈ জীয়াই থাকিবলৈ। সময়ে জ্ঞাপন কৰা ভালবোৰ ঈশ্বৰৰ আশীৰ্বাদ। বেয়াবোৰ ঈশ্বৰৰ অভিশাপ। 
     যিয়েই নহওঁক আমি শিকিছো- দেখি দেখি, থেকি থেকি জীৱনৰ সম্পৰ্কে। জীৱনৰ গুঢ়াৰ্থ। 
     পিতৃ মাতৃৰ নীতি শিক্ষাৰ বোকাচাত উঠি ডাঙৰক সন্মান প্ৰদৰ্শন কৰিবলৈ শিকিছিলো । এতিয়াও মনত পৰে জ্যেষ্ঠজনে আগবঢ়োৱা উপদেশ, পৰামৰ্শবোৰৰ কথা। নঙলাটো খুলি সোমোৱাৰ পাছত নঙলাটো বন্ধ কৰিব লাগে, গোসাঁইৰ ঘৰত চেণ্ডেল পিন্ধি সোমাব নালাগে আদি কথাবোৰ আমাক সৰুতে সোৱঁৰাই দিছিল। এই সৰু সৰু কথাবোৰে আমাক বহু জ্ঞান দিছিল। কিন্তু আজিৰ সমাজত এনেধৰণৰ সৰু সৰু কথাবোৰৰৰ প্ৰতি কিছু আওকাণ কৰা দেখা যায়। গুৰুত্ব দিব নিবিচাৰে বহুতো লোকে। সেয়ে হয়তো ইয়াৰ পৰিণতি কিছু ক্ষেত্ৰত দেখিবলৈ পাইছোঁহক । 
     নীতি শিক্ষা প্ৰতিটো শিশুৰ বাবে অতিশয় প্ৰয়োজনীয় শিক্ষা। নীতি শিক্ষা দিয়া হয় বিদ্যালয়ত। নীতি শিক্ষা কিছু পোৱা হয় ঘৰত। বিভিন্ন জন মনিষীৰ মহৎ বাণীসমূহ অধ্যয়ন কৰিবলৈ দিয়া হয় বা কোৱা হয়। কিন্তু কিমান জনৰ মনত গভীৰ প্ৰভাৱ পেলায় তাৰ সংখ্যাটো গণনা কৰিব পৰা বিধৰ।আজিৰ নতুন প্ৰজন্মই (অৱশ্যে সকলোৱে নহয়) নীতি শিক্ষাক অনুসৰণ কৰি জ্ঞান অৰ্জন কৰিবলৈ কুণ্ঠাবোধ কৰে। 
     ই যি কি নহওঁক, সময়বোৰ অতিবাহিত হৈ গৈ আছে আৰু অতিবাহিত হোৱা সময়ক স্পৰ্শ কৰিছে পৰিবৰ্তনৰ সমীৰনে অহনিৰ্শে।
ক্ৰমশঃ


পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

Tuesday, August 23, 2022

ক্ৰিকেট কি ? ক্ৰিকেট খেলৰ তিনিটা ভাগ কি কি ?

   ক্ৰিকেট কি ? ক্ৰিকেট খেলৰ তিনিটা ভাগ কি কি ? তলত সংক্ষিপ্তভাৱে আলোচনা আগবঢ়োৱা হ'ল। 
     ক্ৰিকেট খেলৰ সম্পৰ্কে নজনা মানুহ বিশ্বৰ কতো নোলাব নিশ্চয়। বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় খেলবিধ কি (?) বুলি সুধিলে নিশ্চয় আপুনি 'ক্ৰিকেট ' বুলিয়েই উত্তৰ দিব। ই একপ্ৰকাৰে সত্য। প্ৰায় সকলো মানুহেই ক্ৰিকেট খেল ভাল পায়। ক্ৰিকেটৰ জন্ম হৈছিল দক্ষিণ ইংলেণ্ডত ষোড়শ শতিকাত। ওঠৰ শতিকাৰ শেষলৈ ক্ৰিকেট ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হৈ পৰে। ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰসাৰে উনৈছ শতিকাত ক্ৰিকেট খেলক বিভিন্ন দেশলৈ বিয়পাই দিয়ে। প্ৰথম আন্তৰ্জাতিক ক্ৰিকেট খেলা হৈছিল উনৈছ শতিকাৰ মধ্যভাগত। ক্ৰিকেটৰ নিয়ন্ত্ৰণকাৰী সংস্থা ICC-ৰ ১০-খন পূৰ্ণ সদস্যভুক্ত দেশ আছে। ক্ৰিকেট খেল অষ্ট্ৰেলিয়া, ইংলেণ্ড, ভাৰতীয় উপমহাদেশৰ দেশসমূহ, ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাত বিশেষ ভাৱে জনপ্ৰিয়।  
    
ক্ৰিকেট খেলৰ লগত জড়িত কেইটামান শব্দ:

    ক্ৰিকেট এবিধ 'বেট আৰু বলৰ খেল'। দুটা দলৰ ১১ জনকৈ সদস্যৰে এই খেল ক্ৰিকেট খেলপথাৰত খেলা হয়। বল কৰা বা দলিওৱা জনক 'বাউলাৰ' বোলে আৰু বেট ধৰি বল কোবোৱা জনক বেট্‌ছমেন বোলা হয়। বল কৰা মাজৰ দীঘলীয়া আয়তাকাৰ ক্ষেত্ৰখনেই হৈছে -পিট্‌চ। পিটচ-ৰ দুমূৰে থকা কাঠৰ খুঁটি তিনিডালক 'উইকেট' বোলা হয়। উইকেইটৰপৰা পিট্‌চৰ ভিতৰৰ ফালে থকা বগা ৰেখা-কেইডালক 'ক্ৰীজ' বোলা হয়। ক্ৰিকেট খেল পৰিচালনা কৰা পৰিচালকক এম্পায়াৰ ( Empire) বোলা হয়। খেলপথাৰৰ সোঁমাজত থকা পিটচখন ২২ গজ দৈৰ্ঘ্যৰ এক আয়তাকাৰ ক্ষেত্ৰ । 

    এটা দলৰ দুজনকৈ খেলুৱৈয়ে এটা সময়ত বেট ধৰে আৰু যিমান বেছিকৈ পাৰে ৰাণ সংগ্ৰহ কৰিবলৈ যত্ন কৰে, য'ত আনটো দলে বেট ধৰা কেইজনলৈ বল নিক্ষেপ কৰি 'আউট' কৰিবলৈ চেষ্টা কৰে, লগতে খেলপথাৰত আনটো দলৰ আটাইকেইজন সদস্যই ৰাণ সংগ্ৰহত বাধা দিবলৈ চেষ্টা কৰে। একোজন বেট ধৰোঁতাক আউট কৰিব পাৰিলে আন এজন খেলপথাৰলৈ আহিব লাগে, এনেকৈ সেই দলৰ ১১ গৰাকী খেলুৱৈয়ে বেট ধৰিবলৈ সুযোগ পায়। বেট ধৰোঁতাজনে নিক্ষেপ কৰা বলটো বেটেৰে দূৰলৈ মাৰি পঠিয়াই পিট্‌চ আনটো মূৰলৈ দৌৰ মাৰি 'ৰাণ' ল'ব পাৰে। বলটো খেল পথাৰৰ এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাব পাৰিলে 'চাৰি' বা 'ছয়' সংখ্যক ৰাণো বেট ধৰোঁতাই সংগ্ৰহ কৰিব পাৰে। এটা দলে এনেদৰে বেট কৰা সময়খিনিক এটা 'ইনিংছ' বোলা হয়। এটা ইনিংছ সমাপ্ত হোৱাৰ পাছত আনটো দলে নিজা ইনিংছ খেলিবলৈ সুযোগ পায়।
   
    ক্ৰিকেট খেলৰ ভাগ আছে। সেইবোৰ হৈছে - ১/ টেষ্ট ক্ৰিকেট ( Test Cricket match) , ২/ ৱান ডে ইণ্টাৰনেচনেল ক্ৰিকেট (One Day International Cricket) আৰু ৩/ টুৱেণ্টি২০ ইণ্টাৰনেচনেল ক্ৰিকেট (Twenty 20 international cricket) আদি। লেখাটোৰ তলত এই ক্ৰিকেট খেলৰ তিনিটা ভাগৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ল। -
 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থা (ICC- International Cricket Council) ৰ দ্বাৰা কিছু নীতি নিয়মৰ জৰিয়তে ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয়। ক্ৰিকেট খেলৰ নীতি-নিয়ম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাই প্ৰস্তুত কৰে । 

Test cricket:
   টেষ্ট ক্ৰিকেট খেল হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত ঠাঁচত খেলা খেল । এইপ্ৰকাৰৰ খেল ১৮৭৭ চনতেই প্ৰথম খেলাবলৈ আৰম্ভ কৰা হৈছিল যদিও সেইসময়ত ইয়াৰ জনপ্ৰিয়তা বহু কম আছিল। বিশেষকৈ টেষ্ট ক্ৰিকেট বৃটিছ সকলৰ এক আঢ্যৱন্ত সমাজৰ খেল হিচাপে পৰিচিত আছিল। পৰৱৰ্তী সময়ত টেষ্ট ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিল। বৰ্তমান এই খেল সমগ্ৰ বিশ্বতেই জনপ্ৰিয় হিচাপে পৰিগণিত। পূৰ্বতে টেষ্ট ক্ৰিকেটৰ ক্ষেত্ৰত কেইদিনত সমাপ্ত হ'ব তেনে ধৰাবন্ধা নিয়ম নাছিল। বৰ্তমান এই খেল পাঁচ দিন বা তিনি দিনৰ বাবে খেলোৱা হয় । য'ত প্ৰতিখন খেলতে দুটা ইনিংছ খেলিব লাগে। ইয়াত পৰ্বতৰ চূড়াৰ সদৃশ টাইদৰ গঠণ কৰা হয় কাৰণ টেষ্ট ক্ৰিকেট খেলৰ দ'ল সমূহ সময়ৰ এটা অংশলৈকে খেলিবলৈ সাজু থাকিব লগা হয়। দ'লৰ খেলুৱৈ সকলে টেষ্ট ক্ৰিকেটত বৰ ধৈৰ্য আৰু সহিষ্ণুতাৰ প্ৰদৰ্শন কৰিব লগা হয় । এই ঠাঁচত খেলা টেষ্ট ক্ৰিকেটত খেলুৱৈসকলে তেওঁলোকৰ বেটধৰা আৰু বল কৰা সময়ত বিভিন্ন কিটিপ প্ৰয়োগ কৰিবলগীয়া হয় আৰু মানসিক স্থিতি সবল কৰি ৰাখিবলগীয়া হয়।
   'টেষ্ট ক্ৰিকেট'ত দল এটাৰ ইংনিছ আটাইকেইজন বেট ধৰোঁতাক 'আউট' নকৰালৈকে চলি থাকে। অৱশ্যে বেট ধৰা দলটোৱে সকলো খেলুৱৈ আউট হোৱাৰ আগেয়েই 'ইংনিছ সমাপ্ত' বুলি ঘোষণা কৰিবও পাৰে । টেষ্ট ক্ৰিকেট পাঁচদিনীয়া বা তিনিদিনীয়া হিচাপে খেলোৱা হয়। 
  
 One day international:
      আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেট খেলক সংক্ষেপে ODIs বুলিও কোৱা হয়। এই খেল নিয়ম অনুসৰি এদিনত শেষ কৰে। এদিনীয়া ক্ৰিকেট খেল ১৯৭১ চনত খেলিবলৈ আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত এই খেলৰ জনপ্ৰিয়তা একেবাৰে সীমিত আছিল। বিগত ১৯৮০ চনৰ পিচৰ পৰা ক্ৰমান্বয়ে এদিনীয়া ক্ৰিকেট খেলৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে। বৰ্তমান সময়ত এই খেল জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছেহি বুলি কলেও অত্যুক্তি কৰা নহয়। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ক্ৰিকেট খেল অতি জনপ্ৰিয় খেল হিচাপে পৰিগণিত হৈছে। এই খেল আটাইতকৈ বেছি পঞ্চাছ অভাৰৰ (50 over) বাবে খেলোওৱা হয়। কেৱল এটা ইনিংছতেই খেল সমাপ্ত ঘটে। সেয়েহে এই খেল অলপ খৰ হয় আৰু খেলুৱৈ সকলে নিজৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ বিভিন্ন কিটিপ আৰু কৌশলৰ অৱলম্বন কৰিবলগীয়া হয়। ইণ্টাৰনেচনেল ক্ৰিকেট সন্থা (ICC- International Cricket Council), আই,চি চি ক্ৰিকেট ৱৰ্ল্ড কাপ আদি অনুষ্ঠানৰ দ্বাৰা এদিনীয়া ক্ৰিকেট খেল অনুষ্ঠিত কৰা হয প্ৰতি চাৰি বছৰৰ মূৰে মূৰে।
      50 অভাৰত সীমিত এদিনীয়া ক্ৰিকেট খেলৰ বহু উন্নয়ন ঘটোৱা হৈছে। এই খেলত কোন দেশৰ দলে কিমান পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হৈছে সেই সম্পৰ্কেও তথ্য সংৰক্ষণ কৰা হয়। বিগত সময়ত খেলা সংৰক্ষিত তথ্য অনুসৰি ভাৰত দ্বিতীয় স্থানত আছে আৰু প্ৰথম স্থান অধিগ্ৰহণ কৰি আছে অষ্ট্ৰেলিয়াই।  
      উনৈশ বছৰ অনুৰ্ধ্বৰ চেঙেলীয়া সকলৰ বাবে দুবছৰৰ মূৰে মূৰে ক্ৰিকেট বিশ্বকাপ অনুষ্ঠিত কৰা হয়।
      আজিৰ সময়ত পুৰুষৰ লগতে সমানে এই খেলত আগবাঢ়িছে মহিলাও । আনকি অলপতে অনুষ্ঠিত হোৱা বাৰ্মিংহামৰ কমনৱেলথ গেমছত ভাৰতৰ মহিলা দলে ৰূপৰ পদক লাভ কৰিবলৈও সক্ষম হৈছিল। ভাৰতৰ মহিলা ক্ৰিকেট খেলুৱৈ ভিতৰত স্মৃতি মান্ধানা,হৰমনপ্ৰীত কৌৰ, মিতালী ৰাজ আৰু দীপ্তি শৰ্মা , শ্বেফালী বাৰ্মা আদিৰ নাম উল্লেখ কৰিব পাৰি।  
      
T2o or Twenty20 Format :
টুৱেণ্টি ২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট হৈছে ২০০৭ চনত আৰম্ভ হোৱা ক্ৰিকেট খেলৰ নতুন সংস্কৰণ। এই খেলৰ গতি খৰ। কেৱল ২০ অভাৰত খেলখন সীমিত। অভাৰ কম হোৱাৰ বাবে খেলৰ গতি দ্ৰুত হয়। সেয়েহে এটা দলে এখন খেলত খুব কম ৰাণ সংগ্ৰহ কৰিব পাৰে। ২৫০ ৰাণতকৈ বেছি ৰাণ সংগ্ৰহ কৰিব নোৱাৰে বুলি ক'ব পাৰি। ২০০৫ চনৰ পৰা নতুন কৌশল আৰু নতুনত্বৰ প্ৰয়োগেৰে এই নতুন সংস্কৰণৰ খেল অনুষ্ঠিত কৰা হৈছিল। সাধাৰণতে নতুন সংস্কৰণৰ টি২০ খেলবিধ কেৱল তিনি ঘণ্টা ধৰহে অনুষ্ঠিত হয়। অৰ্থাৎ তিনি ঘণ্টাত দুয়োটা দলৰে খেল সমাপ্ত ঘটে। সময়ৰ দিশেৰে চাবলৈ গ'লে এই খেলবিধ সকলোৰে বাবে উপযুক্ত কাৰণ ই কম সময় খৰচ কৰে আৰু আমনিদায়ক নহয়। খেলৰ গোটেই খিনি সময় উৎকণ্ঠা আৰু আনন্দৰে ভৰপূৰ। খেলুৱৈয়ে প্ৰতিটো বলেই মাৰি খেলে । ছয় আৰু চাৰি কোবাই দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বলিংৰ ক্ষেত্ৰতো নতুনত্ব প্ৰয়োগ কৰা দেখা যায় আৰু ফিল্ডিং বৰ আকৰ্ষণীয়কৈ পৰিচালনা কৰা হয়। সেয়েহে এই খেলৰ জনপ্ৰিয়তা বিশ্বৰ চৌদিশে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। 
    আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংস্থাৰ দ্বাৰা অনুষ্ঠিত কৰা বিশ্ব টুৱেণ্টি-২০ হৈছে ২০০৭ চনত আৰম্ভ হোৱা মুখ্য আন্তঃৰাষ্ট্ৰীয় টি-২০ প্ৰতিযোগিতা, আৰু তেতিয়াৰ পৰা ই ২০০৯ চনৰ পৰা পুৰুষৰ ইভেণ্টৰ সৈতে আইচিচি মহিলা বিশ্ব টুৱেণ্টি-২০ ৰো আবিৰ্ভাৱ ঘটিছে আৰু এই খেল পাঁচবাৰ আয়োজন কৰা হৈছে। অৱশ্যে, পৰৱৰ্তী সংস্কৰণ, 2018 চনত কেৰিবিয়ানত অনুষ্ঠিত হৈছিল ই প্ৰথমবাৰৰ বাবে এক অকলশৰীয়া অনুষ্ঠান হৈছিল।

    এতিয়ালৈকে, টেষ্ট মেচৰ মৰ্যাদা থকা 12 খন দেশ আইচিচিৰ সদস্য হিচাপে পৰিগণিত। 2019 চনৰ পৰা, আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ অস্তিত্বত আহিছিল শীৰ্ষ নটা দলে দুবছৰীয়া সময়ৰ ব্যৱধানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এদিনীয়া ক্ৰিকেট খেলৰ মৰ্যদা প্ৰাপ্ত দেশ মুঠ ১৬ খন। তদুপৰি ১০৪ খন সদস্য ৰাষ্ট্ৰক টি-২০ আই'ৰ মৰ্যদা দিয়া হৈছে। 

উপসংহাৰ : 
   ক্ৰিকেট একপ্ৰকাৰৰ বহি: ক্ৰীড়া যদিও আজিকালি ইয়াক অন্ত: ক্ৰীড়া হিচাপেও খেলিব পৰা যায়। ক্ৰিকেট খেলৰ টি-২০ সংস্কৰণৰ খেলত অসমৰ খেলুৱৈয়েও অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। অনাগত দিনবোৰতো নিশ্চয় অসমৰ সুযোগ্য খেলুৱৈয়ে ক্ৰিকেট খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ইয়াৰ বাবে আমাৰ অসমৰ খেলুৱৈ সকল নিজকে সাজু কৰা উচিত। খেলৰ জৰিয়তেও আজিৰ সমাজত নিজক প্ৰতিষ্ঠা কৰিব পৰা যায়।
    

 ⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️⛹️



Wednesday, August 17, 2022

আত্মহত্যা কি? মানুহে কিয় আত্মহত্যা কৰে ? হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে আত্মহত্যাৰ পৰিণাম আৰু আত্মহত্যাৰ পৰা মুক্তিৰ উপায়।

আত্মহত্যা কি? মানুহে কিয় আত্মহত্যা কৰে ? হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে আত্মহত্যাৰ পৰিণাম আৰু আত্মহত্যাৰ পৰা মুক্তিৰ উপায়।

   সাম্প্ৰতিক প্ৰেক্ষাপটত আত্মহত্যা এক ধাৰাবাহিক ঘটনাত পৰিণত হৈছে। ঘৰুৱা কন্দলৰ ফলত, কোনো লক্ষ্যত উপনীত হ'ব নোৱাৰাৰ বেজাৰত, আৰ্থিক অনাটনৰ ফলত কিম্বা প্ৰেমজনিত কাৰণত নিতৌ গড়ে এজনকৈ অসমৰ লগতে দেশত আত্মহত্যাৰ ঘটনা ঘটিয়েই থাকে। ইয়াৰ ভিতৰত কিছু আঢ্যৱন্ত লোক আৰু কিছু দৰিদ্ৰ পৰিয়ালৰ লোকো আছে। এনেদৰে হোৱা মৃত্যুৰ সম্পৰ্কে কিছু জনাৰ লগতে মৃত্যুৰ কাৰণ সমূহ আমি মানু্হ হিচাপে ফঁহিয়াই চোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মনত ভাবৰ উদয় হয়। লগতে এনেদৰে মৃত্যুবৰণ কৰা শৱদেহৰ যি আলৈ-আথানি হয় তাক দেখিও নিজকে বৰ নিম্ন মানদণ্ডৰ প্ৰাণী যেন অনুভৱ হয়।
    আমি প্ৰত্যেকেই নিশ্চয় জানো যে আত্মহত্যা কৰা ব্যক্তি এগৰাকীয়ে কোনো এক গুৰুতৰ কাৰণতেই মৃত্যুক সাৱটি লয়। লাগিলে তাৰ কাৰণ সৰু-বৰ হ'ব পাৰে। এতিয়ালৈকে মই নিজ চকুৰে চাৰিটা আত্মহত্যাৰ দৃশ্য নিচেই কাষৰ পৰা দেখিলোঁ। ইয়াৰে দুটা ডেকা ল'ৰাৰ আৰু দুটা বয়সস্থ পুৰুষ-মহিলাৰ । আনহাতে আত্মহত্যাৰ বাবে প্ৰচেষ্টা কৰা লোকৰো দৃশ্য প্ৰত্যক্ষ কৰিছোঁ। এই মৃত্যু দেখি মোৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো হ'ল- তেওঁ কিয় মৰিল ? দ্বিতীয় প্ৰশ্নটো হ'ল সময়ৰ সৈতে, পৰিস্থিতিৰ সৈতে সন্মুখীন হোৱাৰ সৎসাহস তেওঁৰ নাছিল নেকি?' কিয় মৰিল ' বুলি কওঁতে ইয়াৰ উত্তৰ ইতিবাচক বা নেতিবাচক উভয়ে হ'ব পাৰে। অৰ্থাৎ কিছুমান লোকে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিয়েই মৃত্যুক সাৱটি লয় আৰু আন কিছুমান লোকে আৱেগৰ বশৱৰ্তী হৈয়েই মৃত্যুক সাৱটি লয়। হ'লেও কিন্তু জনা উচিত 'আত্মহত্যা' সদায়েই নেতিবাচক আৰু ঘৃণনীয় কাৰ্য। আনহাতে কিছুমানলোকে পৰিস্থিতি আৰু সমস্যাৰ সৈতে মোকাবিলা কৰিব নোৱাৰি আত্মহত্যাৰ সদৃশ নীচ কৰ্মৰে নিজক বিনাশ কৰি দিয়ে। 
 
আত্মহত্যা মহাপাপ হয়নে ?
   আত্মহত্যা মহাপাপ হয়নে নহয় আমি একাষাৰে ক'ব নোৱাৰোঁ। ধৰ্ম গ্ৰন্থৰ মতে মৃত্যু চিৰাচৰিত ঘটনা। ই কেতিয়াবা অন্ত্যন্ত দুখৰ হয়, আৰু কেতিয়াবা দুখ লঘু হয়। 
    "বিখ্যাত সমাজতত্ত্ববিদ ইমাইল ডুৰখেইমৰ মতে,-আত্মহত্যা এটা ব্যক্তিগত ক্ৰিয়া নহয়। ইয়াৰ কাৰক হৈছে এনে এটা শক্তি যি ব্যক্তিসত্তাতকৈ ওপৰত। তেওঁ ব্যাখ্যা কৰিছিল যে,সকলো প্ৰকাৰৰ আত্মহত্যাৰ মূল উৎস হৈছে ব্যক্তিজনে নিজে কৰা যোগাত্মক বা বিয়োগাত্মক কৰ্মৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ,যি কৰ্মটোৰ সম্ভাব্য ফলাফলৰ বিষয়ে জানে।"
    হিন্দু ধৰ্মৰ দৃষ্টিকোণেৰে চালে আত্মহত্যা মহাপাপ। যি গুৰুতৰ কাৰণতেই আত্মহত্যা নকৰক কিয়,এই মৃত্যু কেতিয়াও স্বাভাৱিক হ'ব নোৱাৰে। ই ঈশ্বৰৰ ইচ্ছাৰ পৰিপন্থী। হিন্দু ধৰ্মৰ বিবেচনাত আত্মহত্যা নৰবধৰ সমপৰ্য্যায়ৰ। ই সদায়েই অন্যায় হিচাপে বিবেচিত। আনহাতে খ্ৰীষ্টান ধৰ্মৰ বাইবেলৰ মতেও আত্মহত্যা ঈশ্বৰৰ বিৰুদ্ধে কৰা এক গুৰুতৰ পাপ কৰ্ম। বাইবেলৰ মতেও আত্মহত্যা নৰবধৰ সমপৰ্য্যায়ৰ। আন আন ধৰ্মৰ দৃষ্টিকোণেৰেও আত্মহত্যাক মহাপাপ হিচাপে গণ্য কৰা হয়। সেয়েহে হিন্দু ধৰ্মৰ লোকসকলে আত্মহত্যা কৰা ব্যক্তিক পাপী আখ্যা দিয়ে আৰু ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰে। নিজেই নিজৰ জীৱন বিনাশ কৰাজন সমাজত আত্মঘাতক, আত্মঘাতী বা আত্মঘাতিকা আৰু আত্মঘাতিনী ৰূপে পৰিচিত।
    
সমাজৰ কৰণীয়:
   মানুহ মাত্ৰেই সুখ-দুখ আছে। অলপীয়া দুখতে মানুহে ভাঙি পৰা অনুচিত। কিছুমানে কাজিয়া-পেছালৰ ফলত অগ্নিশৰ্মা হৈ বহু নকৰিব লগা কাম কৰে আৰু আত্মহত্যা কৰিবলৈ উদ্যত হয়। আনহাতে আন কিছুমান লোকে জটিল সমস্যাৰ সন্মুখীন হোৱাৰ ফলত আত্মহত্যাৰ দৰে ঘৃণনীয় পথ বাচি লয়। যাৰবাবে আনকি মৃতলোকজনৰ শৰীৰৰো আলৈ-আথানি হোৱা দেখা যায়। সেয়েহে শোকত বা দুখত পৰি ঋণাত্মক কথা চিন্তা কৰা উচিত নহয়। সদায়েই যিকোনো সমস্যা সমাধানৰ উপায় নহ'লেও যোগাত্মক চিন্তা ধাৰাৰে আগবাঢ়ি যোৱাৰ মানসিকতা ধৈৰ্য্য আৰু সহনশীলতাৰে গঢ় দিয়া উচিত। 
   এই ক্ষেত্ৰত সমাজৰ কৰণীয় অসীম। জীৱিত অৱস্থাত যিমান পাৰি ইজনে সিজনক আমি সহায় সহযোগ কৰা উচিত। মৃত্যুৰ পিছত সি যিদৰেই মৃত্যু নহওঁক,মৃতকক ঘৃণাৰ দৃষ্টি নিক্ষেপ কৰা উচিত নহয় বুলি ভাবোঁ। যি মানুহজনক আমি জীয়াই থকাৰ কালত গুৰুত্ব নিদিলোঁ , সেই মানুহ জনক মৃত্যুৰ পিছত ঘৃণা কৰাৰো আমাৰ অধিকাৰ নাই। গতিকে সমাজৰ গণ্ডীৰত চলি থকা কিছু নীতি নিয়ম আমি সলনি কৰিবলৈ হ'ল। আমাৰ মনোভাৱ পৰিৱৰ্তন কৰিবলৈ হ'ল। 
   যোৱা কিছুদিনৰ আগতে মোৰ এজন শহুৰে আত্মহত্যা কৰিলে। ডিঙিত জৰী দি আত্মহত্যা কৰা এই ব্যক্তি গৰাকীক যিদৰে সমাজে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ঘৃণাৰ মনোভাৱ প্ৰকাশি অসহযোগ কৰিলে তাকে দেখি মানুহ জাতিটোৰ ওপৰতে মোৰ বিৰাগ উপজিল। মানুহ ইমান নীচ আৰু স্বাৰ্থপৰ হ'ব পায়নে ? অথচ জীৱিত অৱস্থাত সেইজন মানুহৰ লগত সকলোৰে সঠিক ভাৱে আছিল। সেই মানুহ জনক শ্মশান শালীলৈ নিবলৈ গাঁওৰ মানুহৰ অভাৱ ঘটিল। কিন্তু কিয়? ইয়াৰ উত্তৰ নিশ্চয় আত্মহত্যা কৰাৰ বাবে। 

 মোৰ মতে আত্মহত্যাক ঘৃণাৰ দৃষ্টিৰে চাওক, কিন্তু মানুহজনক অৰ্থাৎ শৱদেহক নহয়। মহৎ ব্যক্তি যিশুখ্ৰীষ্টই আমাক কৈ গৈছে - "পাপক ঘৃণ কৰিবা, কিন্তু পাপীক নহয়।" 


আত্মহত্যাৰ পৰা কিদৰে মুক্তি লভিব !
   আত্মহত্যাৰ পৰা মুক্তিৰ উপায় হৈছে ধৈৰ্য্য আৰু যোগাত্মক চিন্তা। মানুহ হিচাপে জন্ম লাভ কৰাটো আমাৰ ভাগ্য। পূৰ্বৰ জন্মত সৎকৰ্ম কৰাৰ ফল হৈছে মানৱী জনম। শাস্ত্ৰত , বেদ উপনিষদ আদিত ইয়াকে কয়। মানুহ হিচাপে আমি ভাল কৰ্ম আৰু ভাল চিন্তা কৰা উচিত। কোনো সমস্যাৰ মাজত সোমাই থাকি কেৱল চিন্তা কৰি থাকিলে নহ'ব, মুখ্যতঃ ইয়াৰ সমাধানৰ উপায়হে উলিওৱাৰ প্ৰয়োজন। সেয়েহে কোনো দুখৰ বোজা মনত কঢ়িয়াই ফুৰিব নালাগে,বৰঞ্চ কথাবোৰ নিজৰ বিশ্বাসী এজক পৰিষ্কাৰকৈ ভাঙি পাতি কোৱা উচিত। দুখৰ কথাবোৰ আনৰ আগত ব্যক্ত কৰিলে দুখৰ বোজা পাতল হয়। লগতে সমস্যাৰ সমাধানৰ পথ ওলোৱাৰ সম্ভাৱনা থাকে। এইদৰে আত্মহত্যা মনোভাৱ মনোজগতৰ পৰা আঁতৰাই পেলাব পাৰি। 
উপসংহাৰ 
     নিশ্চয় আত্মহত্যা জীৱনৰ সমাধান কেতিয়াও হ'ব নোৱাৰে , বন্ধু বান্ধবী সকল জীৱনত যিমানেই আঘাত বা কষ্ট নোপোৱা কিয়,এনেকুৱা পথ বা চিন্তা মনলৈ কেতিয়াও অনা উচিত নহয়। জীয়াই থাকি আগলৈ আগবাঢ়ি যাব লাগে আৰু সদায় আশা পুহি ৰাখিব লাগে 'এদিন মই মানুহ হ'ম।' তেতিয়া হেৰাই যোৱা বহুত কিবা বিচাৰি পোৱা যাব আমাৰ জটিল জীৱনত , এইয়া মোৰ অনুভৱ আৰু বন্ধুবৰ্গ তথা শুভাকাংশীলৈ বিশেষ অনুৰোধ । মৃত্যুৰ জৰিয়তে জীৱনক জিনিব নোৱাৰি, সঠিক কৰ্ম, ধৈৰ্য, একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহে জীৱনত বাধাৰ প্ৰাচীৰ ভাঙি জয় লাভ কৰিব পাৰে। আৰু এটা কথা মৃত্যুৰ পিছত মানুহৰ শৰীৰত পাপ নাথাকে। ই জীৱহীন হৈ পৰে। সেয়েহে এনে মূহুৰ্তত আমি সকলোৱে মিলি জ্বলাই নাশ কৰিব লাগে। কাৰণ জ্বলাই নাশ কৰিলে শৱশৰীত থকা বিজানু ধ্বংস হয়। বিজানু ধ্বংস হ'লে পৰিৱেশ সুস্থ হৈ থাকে। 





প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালো। লেখক - দুদুল সোণোৱাল।

🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸🌸






 

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts