Thursday, July 21, 2022

মানৱ শৰীৰৰ বাহ্যিক অংগ আৰু লবলগীয়া যতন। External organs of the human body and maintenance to be taken.

মানৱ শৰীৰৰ বাহ্যিক অংগ আৰু লবলগীয়া যতন।External organs of the human body and maintenance to be taken.


🙏মানুহৰ শৰীৰৰ অন্ত:ভাগৰ অংগবিলাক শৰীৰৰ বাবে যিমান গুৰুত্বপূৰ্ণ , ঠিক একেদৰে বাহ্যিক ভাগত থকা অংগবিলাকো সমানে গুৰুত্বপূৰ্ণ। বাহ্যিক ভাগৰ অংগবিলাক হৈছে - নাক, কাণ, চকু, হাত আৰু ভৰি। এই পাঁচটা বাহ্যিক ইন্দ্ৰিয় মানৱ শৰীৰৰ পঞ্চইন্দ্ৰিয়ৰ অন্তৰ্ভুক্ত। 

দেহে এই ইন্দ্ৰিয়ৰ জৰিয়তে সকলো বাহ্যিক ভাগৰ কাম সমাধান কৰে। ইয়াৰ যিকোনো এটা অংগ বিকল হ'লে মেচিন এটাৰ যন্ত্ৰপাতি বেয়া হোৱাৰ ফলত যি অৱস্থা সৃষ্টি হয় সেই একে অৱস্থাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে মানুহে দৈহিক ইন্দ্ৰিয়সমূহ সদায় তত্বাৱধান আৰু যতন লোৱা উচিত। বাহ্যিক অংগবিলাকৰ বিষয়ে তলত থূলমূলকৈ আলোচনা আগবঢ়োৱালৈ প্ৰয়াস কৰা হৈছে। 
নাক (Nose) : মানুহে যিকোনো বস্তুৰ বা সামগ্ৰীৰ গোন্ধ ল'বলৈ নাকৰ সহায় লয়। অৰ্থাৎ গোন্ধ বা ঘ্ৰাণ লবৰ কাৰণে যি অংগ শৰীৰে ব্যৱহাৰ কৰে সেয়াই হৈছে নাক বা Nose। নাকটোত সাধাৰণতে দুটা বিন্ধা থাকে যাক আমি সকলোৱে জানো। নাকৰ আগৰ অংশ উপাস্হিৰে আৰু গুৰিৰ অংশ অস্থি বা হাড়েৰে গঠিত। আগফালে থকা ছিদ্ৰ বা বিন্ধা দুটাক নাসাৰন্ধ্ৰ বোলা হয়। বিন্ধা দুটাক ভিতৰ ভাগত কিছুদূৰলৈ এখন উপাস্হিৰে পৃথক কৰি ৰাখে। তাৰপাছত বিন্ধা দুটা নাসাগহ্বৰত মিলিত হয়। নাসাগহ্বৰ এটা বহল অংশ। নাসাগহ্বৰৰ ওপৰফালে থকা আৱৰণীখনত বহুতো ঘ্ৰাণগ্ৰাহী কোষ থাকে। কোষবিলাকে নাকক গোন্ধ পোৱাত সহায় কৰে। নাসাগহ্বৰত থকা কোষবিলাকৰ আগ অংশত কিছুমান অতি ক্ষুদ্ৰ শুং থাকে।উশাহ লোৱাৰ সময়ত নাকৰ সৰু ছিদ্ৰৰে বায়ু নাকলৈ সোমাই আৰু গোন্ধ সৃষ্টি কৰা পদাৰ্থৰ কণিকা ঘ্ৰাণগ্ৰাহী কোষৰ সংস্পৰ্শলৈ আহে। কোষবোৰে ইয়াৰ পিছত দেহত থকা স্নায়ুৰ সহায়ত গোন্ধৰ চেতনা মগজুলৈ প্ৰেৰণ কৰে, তেতিয়াই আমি গোন্ধ পাবলৈ সক্ষম হও।
     মানুহৰ নাকৰ দুটা বিন্ধাৰ আৰম্ভণিতে চুটি চুটি নোম গজে। এই নোমবোৰে নাকত ধূলি বালি, বীজাণু আদি নাকত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰি মানুহক ৰোগৰ পৰা ৰক্ষা কৰে। সেয়ে আমি সদায় বাহ্যিক অংগ নাকৰ ফলপ্ৰসূ যতন ল'ব লাগে।
     নাকৰ যতন : ১/ নিজৰ নাকটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। নাকৰ ভিতৰত খজুৱালে আঙুলি সোমোৱাওতে অতি সাৱধান হোৱা দৰকাৰ যাতে আঙুলিৰ নখে নাকৰ ভিতৰত থকা ছালখনত ঘা নলগায়। নাকৰ বেৰত ঘা লাগিলে বীজাণু সহজে সংক্ৰমণ হয়। কৰোণা ভাইৰাছৰ পৰা বাচিবৰ বাবে সেয়ে নাক-মুখত মুখা পিন্ধা হয়।
     ২/ পানী লগা জ্বৰ হ'লে শেঙুনেৰে নাকৰ বন্ধ কৰি দিয়ে। এনে সময়ত বেছি কষ্ট পোৱাকৈ জোৰেৰে নাকত হেঁচি শেঙুন উলিয়াবলৈ চেষ্টা কৰিব নালাগে। তেনে কৰিলে কেতিয়াবা অকস্মাত নাকত ঘা লাগি তেজ ওলাব পাৰে। তাৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীত অকণমান নিমখ মিহলাই নাকেৰে উজাব লাগে। তেতিয়া হাঁচি আহিব আৰু হাঁচিত শেঙুন বাহিৰ হ'ব।
     ৩/ শুকান বতৰত নাকৰ বিন্ধা ফাটে। যিহেতু ছালখন শুকাই কৰকৰীয়া হয়। এনে অৱস্থাত ভেচলিন, বৰোলিন বা মিঠাতেল লগাই কোমল কৰি ৰাখিব লাগে।
কাণ (Ear) : কাণ হৈছে মানুহৰ এক অতি গুৰুত্বপূৰ্ণ বাহ্যিক অংগ। এই অংগৰ অবিহনে মানুহে কোনো শব্দ শুনা নাপায়। যাৰফলত মানুহ এজনে আ এনজনৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰাখিব অপাৰগ হৈ পৰে। সেয়ে কাণৰ প্ৰতি আমি সদায় সচেতন হ'ব লাগে। কাণ দুখন সদায় পৰিষ্কাৰকৈ ৰখা উচিত। কাণৰ বহি:অংশক কৰ্ণপল্লৱ বোলা হয়। কৰ্ণপল্লৱৰ ভিতৰৰফালে কাণৰ আন অংশবোৰ থাকে। কাণৰ ভিতৰৰ আৰু বাহিৰৰ অংশক লৈ মুঠ তিনিটা অংশ থাকে। ভাগ কেইটা হৈছে - ক) বহি:কৰ্ণ, খ) মধ্য কৰ্ণ, আৰু গ) অন্ত:কৰ্ণ।
      ক) বহি:কৰ্ণ : কৰ্ণপল্লৱৰ পৰা কাণৰ ভিতৰলৈ থকা নলী বা কৰ্ণ কুহক আৰু কুহকৰ শেষত থকা কৰ্ণ পটহ নামে এখন পাতল ছালৰ পৰ্দা যাক বহি:কৰ্ণ বোলা হৈছে।
      খ) মধ্য কৰ্ণ : কৰ্ণপটহৰ ঠিক পিছতে তিনি টুকুৰা ক্ষুদ্ৰ ক্ষুদ্ৰ হাড়ৰ সৈতে এটা কোঠা থাকে যাক মধ্য কৰ্ণ বোলা হয়। 
      গ) অন্ত:কৰ্ণ : এই অংশটো শামুকৰ খোলাৰ দৰে পাক খোৱা এটা জটিল নলীৰে গঠিত।

      বহি:কৰ্ণৰ কাম হৈছে কৰ্ণপল্লৱৰ সহায়ত শব্দৰ তৰংগ গ্ৰহণ কৰি কৰ্ণকুহকৰ ভিতৰলৈ প্ৰেৰণ কৰা। এই শব্দৰ তৰংগই কৰ্ণপটহৰ অংশ কঁপাই তোলে। তেতিয়া মধ্যকৰ্ণই দি শব্দৰ তৰংগ অন্ত:কৰ্ণত পায়গৈ আৰু তাত থকা শব্দগ্ৰাহী কোষে শব্দৰ চেতনা মগজুলৈ প্ৰেৰণ কৰে তেতিয়াই আমি শব্দটো শুনা পাওঁ। সেয়ে কাণৰ বিন্ধা দুটা বন্ধ কৰি ৰাখিলে মানুহে শুনা নাপায়।
      কাণৰ যতন: ১/ পিন, জুইশলা কাঠি, বাঁহৰ কাঠি আদি ব্যৱহাৰ কৰি কাণ খজুৱা বা চাফা কৰা অনুচিত। চাফা কৰোঁতে কৰ্ণপটহত আঘাত লাগি কৰ্ণপটহ ফালি যোৱাৰ আশংকা থাকে। তেনে ঘটনা ঘটিলে মানুহৰ শ্ৰৱণ শক্তি লোপ পাব পাৰে। সেয়ে এনেক্ষেত্ৰত সাৱধান হোৱা উচিত।
      ২/ কোনো বেক্টেৰিয়া বা বীজাণুৱে আক্ৰমণ কৰিবলৈ যাতে নোৱাৰে তাৰ বাবে কোমল কাপোৰ বা কপাহেৰে কানৰ ভিতৰ আৰু বাহিৰৰ ভাগ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।
      ৩/ বেক্টেৰিয়াজনিত কাৰণত কেতিয়াবা কাণৰ পৰা পুঁজ ওলোৱা দেখা যায়। এনে সময়ত অভিজ্ঞ লোকৰ বা ডাক্টৰৰ ল'ব লাগে আৰু চাফা কৰাব লাগে।
হাত (Hand) : নিজৰ হাতখনৰ সম্পৰ্কে আমি সকলোৱে নিশ্চয় জানো । হাতৰ অবিহনে কোনো কামেই কৰিব পৰা নাযায়। খোৱা-বোৱা কৰাৰ পৰা দৈনন্দিন বিভিন্ন ধৰণৰ কাম-কাজৰ সমাধানৰ ক্ষেত্ৰত হাতে আমাক সহায় কৰে। 
     হাতৰ আগ অংশত আঙুলি পাঁচোটাকৈ থাকে। মণিবন্ধ, কিলাকুটি আৰু বাউসি এই তিনিটা অংশত হাতখন লৰচৰ কৰিব পাৰি। লৰচৰ কৰিব পৰা অংশটো সন্ধিৰ সহায়ত হাড়বোৰ যোৰা লাগি থাকে। হাতৰ মণিবন্ধ পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ অংশ চেডল্‌ সন্ধি (Saddle joint) ৰ দ্বাৰা লগলাগি থাকে। সেয়ে আমি হাতৰ বিভিন্ন অংশ লৰচৰ কৰিব পাৰোঁ।
     হাতৰ যতন : ১/ চোকা কটাৰী,দা আদি লওতে আমি সাৱধান হোৱা উচিত যাতে আমাৰ হাতৰ কোনো অংশ ঘূণীয়া নহয়। 
     ২/ বিভিন্ন কাম কৰা পিছত চাবোন বা চেনিটাইজাৰ লগাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ হাত ধুব লাগে যাতে হাতত বীজাণু লাগি নাথাকে।
     ৩/ হাতৰ প্ৰতিটো অংশ গুৰুত্বপূৰ্ণ। সেয়ে আমি সদায় সচেতন হৈ যতন ল'ব লাগে।

ভৰি (Leg) : নজনা মানুহ নাই যে ভৰি মানুহৰ অতি লাগতিয়াল অংগ। ভৰি হ'ল মানুহৰ শৰীৰৰ চকা। ভৰিৰ অবিহনে মানুহৰ কি অৱস্থা হলহেতেন বাৰু ? নিশ্চয় ভৰি বা ঠেং নথকা হেতেন মানুহ জড় পদাৰ্থত পৰিণত হ'লহেঁতেন । যোগাযোগ আৰু পৰিবহণ ব্যৱস্থা সুচাৰুৰূপে পালন কৰে আমাৰ ভৰিয়ে। ভৰিটোত তিনিটা অংশত সন্ধি থাকে। ভৰিৰ পতাৰ ওপৰত সন্ধি থাকে, আঁঠুত সন্ধি থাকে আৰু ককালত সন্ধি থাকে। ভৰিৰ আঁঠুত কব্জা সন্ধি, ককালত বল আৰু চকেট সন্ধি আৰু ভৰিৰ পতাৰ ওপৰত ধুৰাগ্ৰ সন্ধি আদি থাকে। 

ভৰিৰ যতন : ১/ ভৰি অক্ষত অৱস্থাত থাকিবৰ বাবে জোতা,চেণ্ডেল ,পাদুকা আদি পিন্ধিব লাগে। 
        ২/ দা, কোৰ , কুঠাৰ আদি চলাওতে সাৱধান হোৱা উচিত যাতে ভৰিত কোনো আঘাত সানিব নোৱাৰে। 
        ৩/ বিভিন্ন কাম কৰাৰ পিছত ভৰি চাবোন বা চেনিটাইজাৰ লগাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধুব লাগে যাতে কোনো বেমাৰৰ বীজাণুৱে বাহ ল'ব নোৱাৰে।


[মনত ৰাখিব লগীয়া :
চাইন’ভিয়েল সন্ধিত দুডাল হাড়ৰ সংযোগ স্থলত চাইন’ভিয়েল ৰসেৰে পৰিপূৰ্ণ এটা গহ্বৰ থাকে। চাইনভিয়েল ৰসৰ উপস্থিতিৰ বাবে এই সন্ধিয়ে চলনত যথেষ্ট সহায় কৰে। এইবোৰ সন্ধিৰ জৰিয়তে অংগবোৰ বিভিন্ন আৰ্হিত লৰচৰ কৰিব পাৰে যেনে – বাহুৰ হিউমেৰাচ আৰু বক্ষবেষ্টনীৰ মাজৰ বল আৰু চকেট (Ball and socket) আৰ্হি, আঁঠুৰ জোৰাত থকা কব্জা আৰ্হিৰ সন্ধি (Hinge joint), প্ৰথম কশেৰুকা (এটলাচ) আৰু দ্বিতীয় কশেৰুকাৰ মাজৰ ধুৰাগ্ৰ সন্ধি (Pivot joint), মণিবন্ধবোৰৰ মাজত থকা পিচলা সন্ধি (Gliding joint), বুঢ়া আঙুলি আৰু মণিবন্ধৰ মাজৰ চেডল্‌ সন্ধি (Saddle joint) ইত্যাদি।]

উল্লেখিত মানৱদেহৰ বাহ্যিক অংগ বিলাকৰ সম্পৰ্কে আমি সজাগ ? অংগবোৰৰ যতনে দেহত ৰোগৰ বীজাণু প্ৰৱেশত বাধা আৰোপ কৰে। সুস্বাস্থ্য বৰ্তাই ৰখাৰ বাবে আমি ইয়াৰ সম্পৰ্কে অধ্যয়ন কৰা প্ৰয়োজন। 

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
লেখক : দুদুল সোণোৱাল।


🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️🏝️

Tuesday, July 12, 2022

Lachit Barphukan: A brief overview.লাচিত বৰফুকন : এক সংক্ষিপ্ত অৱলোকন ।

লাচিত বৰফুকন : এক সংক্ষিপ্ত অৱলোকন। Lachit Borphukan: a brief overview. জন্ম-মৃত্যু , সেনাপতি ভাৰৰ দায়িত্ব পালন, শৰাইঘাটৰ যুদ্ধ, আলবৈৰ ৰণ আদি সন্নিবিষ্ট কৰা হৈছে। 

পাতনি: 

      বৰ অসমৰ আহোম সাম্ৰাজ্যৰ এটি উজ্বল নক্ষত্ৰ হ'ল লাচিত বৰফুকন। লাচিত আছিল অপৰিসীম সাহস, ধৈৰ্য, তীক্ষ্ণ বুদ্ধি সম্পন্ন আৰু পৰাক্ৰমী বীৰ। ফুকনলুং বীৰ লাচিতৰ অসীম বীৰত্বৰ ফলতেই আৰু তেখেতৰ তত্বাৱধানতেই ১৬৭১ খ্ৰীষ্টাব্দত অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য সামন্তক পৰাজিত কৰি অসমৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হৈছিল। আনকি শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৰিয়া গাৰে শত্ৰুৰ লগত যুদ্ধ দি বীৰত্বৰে শত্ৰুক পৰাস্ত কৰিছিল। সেয়ে আজিও ইতিহাসৰ পাতত তেখেতৰ নাম বৰ বৰ হৰফেৰে সোণালী আখৰেৰে উজ্বলি আছে।

   মহান বীৰ সেনাপতি গৰাকীৰ জন্ম হৈছিল ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰ তাৰিখে শিৱসাগৰৰ চৰাইদেউত। পিতৃৰ নাম আছিল মোমাই তামূলী বৰবৰুৱা । অৱশ্যে পিতৃৰ প্ৰথমাৱস্থাত নাম আছিল নেচাংগ। 


শিক্ষা: সামৰিক আৰু অসামৰিক ।


          মহাবীৰ লাচিত বৰফুকনৰ সম্পৰ্কে বিশেষ তথ্য পৰ্য্যাপ্ত পৰিমানে ইতিহাসৰ পাতত উপলব্ধ নহয়। লাচিত বৰফুকনে এটা ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। সেইবাবে তেওঁ সামৰিক আৰু অসামৰিক উভয়বিধ শিক্ষাই বাধ্যতামূলক ভাৱে গ্ৰহণ কৰিবলগীয়া হৈছিল। তেখেত আছিল অতি কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা, ধৈৰ্যশীল আদি মহৎ গুণৰ অধিকাৰী ব্যক্তি। লাচিত বৰফুকন আছিল আহোমৰ লুখুৰাখন ফৈদৰ 'লান ফিমা বংশ'ৰ অন্তৰ্ভুক্ত লোক। ইতিহাসৰ পৰা জনা যায় যে এই বংশৰ বা ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ অহা লোক। পিতৃ মোমাই তামূলী বৰবৰুৱাৰ গুণেৰে মহীয়ান লাচিত বৰফুকন অতি সাহসী স্বভাৱৰ ব্যক্তি আছিল। তেওঁৰ সততা, কৰ্তব্যপৰায়ণতা ,নিয়মানুৱৰ্তীতা স্পষ্টবাদিতা আদিৰ দৰে মানৱীয় গুণসমূহৰ বাবেই স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ অতি প্ৰিয়ভাজন আছিল।
       লাচিত বৰফুকনে জীৱনৰ প্ৰাৰম্ভিক শিক্ষা ঘৰতেই লাভ কৰিছিল। বিশেষকৈ বৰবৰুৱাৰ চ'ৰাত দৈনন্দিন হোৱা ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক আদি আলোচনাৰ পৰা তেখেতে পৰ্য্যাপ্ত পৰিমানে শিক্ষা আহৰণ কৰিবলৈ সক্ষম হৈছিল বুলি জনা যায়। লাচিত বৰফুকনৰ শিক্ষাৰ বাবে পিতৃৰ দ্বাৰা ঘৰুৱা শিক্ষক নিয়োগ কৰা হৈছিল। শিক্ষকৰ পৰা লাচিতে আহোম শাস্ত্ৰ, হিন্দু ধৰ্মনীতি , অৰ্থশাস্ত্ৰ আদি বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তদুপৰি দেশৰ বুৰঞ্জী আৰু শাসন কাৰ্যৰ সম্পৰ্কে যথেষ্ট জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল। এই শিক্ষাৰ লগতে অস্ত্ৰ-শস্ত্ৰ চালনা আৰু আন সামৰিক জ্ঞানো লাভ কৰিছিল। ঘোঁৰা চেকুৰাই যুদ্ধ কৰাৰ কৌশল, নাৱৰে যুদ্ধ কৰাৰ কৌশল, হেংদাং চালনাৰ কৌশল আদি সামৰিক দিশত শিকিবলগীয়া হৈছিল।

আহোম সাম্ৰাজ্যৰ বিষয়া ৰূপে কাৰ্য্যনিৰ্বাহ :


        লাচিত বৰফুকনে একেদিনাই আহোম ৰাজ্যৰ বৰফুকন বা ফুকনলুং হোৱা নাছিল। বহু কষ্ট, চেষ্টা আৰু অধ্যৱসায়ৰ বিনিময়ত তেখেতে আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতি পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। 
       আহোম ৰাজ্যৰ ৰাজনীতিত লাচিতে প্ৰথম প্ৰৱেশ কৰিছিল ৰাজমন্ত্ৰী ডাঙৰীয়াৰ 'হাঁচতিধৰা তামূলী' পদৰ জৰিয়তে। ৰাজমন্ত্ৰী ডাঙৰীয়াৰ''হাঁচতিধৰা তামূলী' পদৰ পাছতেই তেওঁ নিযুক্তি পাইছিল ' ঘোঁৰা বৰুৱা' পদত। এই পদৰ কাম আছিল ঘোঁৰা ৰখীয়া বা তত্বাৱধান লোৱা। লাচিতে নিজৰ কাৰ্যকালত বহু সংখ্যক দুৰ্দান্ত ঘোঁৰাক বশ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিছিল। লাচিতৰ অকুণ্ঠ প্ৰতিভা প্ৰতিফলিত হৈছিল এনে সাহসিক কাৰ্যৰ জৰিয়তে। সেয়ে আহোম স্বৰ্গদেউ সুপ্ৰসন্ন হৈ তেওঁক ' দুলীয়াবৰুৱা' পদলৈ পদোন্নতি দিছিল। এই পদতো স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সন্তোষ্ট হৈছিল আৰু সেয়ে 'শিমলুগুৰিয়া ফুকন' বিষয়বাব প্ৰদান কৰিছিল। কিছুদিন 'শিমলুগুৰিয়া ফুকন' পদত কাম কৰাৰ পিছত লাচিতক পুনৰ 'দোলাকাষৰীয়া বৰুৱা' ৰ পদবীত নিযুক্তি প্ৰদান কৰিছিল। 'দোলাকাষৰীয়া বৰুৱা'ৰ কাম আছিল স্বৰ্গদেৱে দোলাত যোৱাৰ সময়ত পালি পহৰীয়া অৰ্থাৎ চাওদাং সকলক নিয়ন্ত্ৰণত ৰখাৰ ব্যৱস্থা কৰা। এই পদবীত থাকোঁতেই স্বৰ্গদেউৰ দৃষ্টি লাচিতৰ ওপৰত নিবদ্ধ হৈছিল। লাচিতৰ গুণবোৰৰ প্ৰতি আকৃষ্ট হৈ স্বৰ্গদেৱে তেওঁক ফুকনলুং বা সেনাপতি পতাৰ মনস্থ কৰিছিল। আৰু সেইমতে পৰৱৰ্তী সময়ত লাচিতক 'বৰফুকন' পদত নিযুক্তি দিয়া হৈছিল। কিন্তু সেনাপতি নিযুক্তি পোৱাৰ আগতে এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া হৈছিল পদবীৰ প্ৰাৰ্থী। সেয়ে লাচিতেও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া হৈছিল তেওঁৰ অজ্ঞাতে । লাচিতক চাওফা অৰ্থাৎ স্বৰ্গদেউৰ ওচৰত মাতি পঠিওৱা হ'ল। লাচিতে স্বৰ্গদেউৰ সন্মুখত আঁঠু ল'ব খুজোতেই কৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ পাগুৰিটো থাপ মাৰি লৈ গৈছিল। এয়া অৱশ্যে স্বৰ্গদেউৱে পৰিকল্পিতভাৱে কৰোৱাইছিল। এই কাৰ্যত লাচিতৰ খং উঠিছিল আৰু খাপৰ পৰা হেংদাং উলিয়ায় লগুৱাজনক খেদি গৈছিল। চাওফাৰ হস্তক্ষেপতহে লগুৱাজন বাচিল। লাচিতে এনে নিৰ্ভীকতা আৰু আত্মমৰ্যদা পৰীক্ষাত উত্তীৰ্ণ হৈ সেনাপতি পদৰ ভাৰ চমজি লৈছিল। চাওফা চুপুংমুংই লাচিতক এখন সোণোৱালী হেংদাং পুৰস্কাৰ দি ফুকনলুং পদত অধিষ্ঠিত কৰাইছিল।

সেনাপতি ভাৰ গ্ৰহণ কৰি লোৱা পদক্ষেপ :


      'সেনাপতি' ৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈয়েই লাচিতে প্ৰথমে সৈন্য সামন্ত সংগঠিতকৰণত মনোনিবেশ কৰিছিল। সৈন্য সামন্ত সকলক ৰণৰ বাবে সমৰকৌশল প্ৰশিক্ষণ দি শক্তিশালী কৰি তুলিবলৈ যৎপৰোনাস্তি প্ৰয়াস কৰিছিল। ইয়াৰ পিছতে ১৬৬৭ খ্ৰীষ্টাব্দত মোগলৰ অধীনলৈ যোৱা গুৱাহাটী উদ্ধাৰৰ বাবে তৎপৰ হয় লাচিতৰ নেতৃত্বত আহোম সৈন্য । আৰু ১৬৬৭ খ্ৰীষ্টাব্দত মোগলক আক্ৰমণ কৰি গুৱাহাটী নিজৰ দখললৈ আনে। ইয়াৰ পিছত ক্ৰমান্বয়ে গুৱাহাটীৰ সমীপৰ অনেক গুৰুত্বপূৰ্ণ স্থান লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ অধীনলৈ আনে। আনকি ১৬৬৭ খ্ৰীষ্টাব্দত ইটাখুলি আৰু গুৱাহাটীৰ দূৰ্গ অধিকাৰ কৰিছিল। মোগলৰ চৈয়দ চান্না আৰু ফিৰোজ খাক বন্দী কৰিবলৈ সক্ষম হৈছিল একমাত্ৰ লাচিতৰ চতুৰ নেতৃত্বৰ সহায়ত।
       ১৬৬৯ খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিবলৈ সৈন্য সামন্তৰে সুসজ্জিত হৈ মোগলৰ সেনাপতি ৰামসিংহ অসমত প্ৰৱেশ কৰিছিল। ইয়াৰ পাছতেই লাচিত বৰফুকনে আহোম সৈন্যক অধিক শক্তিশালী কৰি তোলে আৰু শত্ৰু নিধনৰ বাবে ৰণকৌশল ৰচনা কৰিছিল। তেতিয়া গুৱাহাটী দুৰ্ভেদ্য দুৰ্গত পৰিণত হৈছিল। 

আলবৈ ৰণ, মোমাই কটা গড় আৰু শৰাইঘাটৰ যুদ্ধ :


       ১৬৬৭ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল আলবৈৰ ৰণ। কিন্তু এই যুদ্ধত অতি কৰুণভাৱে লাচিতৰ আহোম সৈন্যই হেৰুৱাব লগীয়া হৈছিল প্ৰায় দহ হাজাৰ সৈন্য। লাচিত বৰফুকন ভাঙি পৰিছিল। কিন্তু ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ সাহসত পুনৰ দুগুণ সাহসেৰে যুদ্ধৰ প্ৰস্তুতিত জপিয়াই পৰিছিল। 

        কৰ্তব্যত অৱহেলা কৰাৰ বাবে লাচিতে নিজ মোমায়েককো হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কথিত আছে যে ৰামসিংহই গুৱাহাটী আক্ৰমণ কৰিবলৈ লোৱা ক্ষণতে মোমায়েকক এটা গড় ৰাতিটোৰ ভিতৰতে বান্ধিবলৈ নিৰ্দেশ দিয়া হৈছিল। কিন্তু শ্ৰমিকসকলৰ ভাগৰুৱা অৱস্থা দেখি ৰাতি কাম বন্ধ কৰি শুবলৈ কৈছিল আৰু নিজেও টোপনিত লালকাল দিছিল। এই কাৰ্যৰে মোমায়েকে কৰ্তব্যত অৱহেলা কৰিছিল। দেশৰ সংকটজনক মূহুৰ্তত কৰা এনে কাৰ্যক দেশদ্ৰোহী হিচাপে গণ্য কৰা হৈছিল। আৰু লাচিতে সেয়ে মোমায়েকক ' দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি কৈ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল। উল্লেখযোগ্য যে কিছুমান পণ্ডিতৰ মতে লাচিতে প্ৰকৃততে মোমায়েকক কটা নাছিল 'মোমেই'কহে শিৰচ্ছেদ কৰিছিল। মোমেই মানে হৈছে সেই সময়ত গড় নিৰ্মাণকাৰী অভিযন্তা। এই সংঘটিত ঘটনাত সন্ত্ৰস্ত হৈ একেৰাতিতে শ্ৰমিকসকলে গড় নিৰ্মাণ কৰি উলিয়াইছিল।
        ঐতিহাসিক শৰাইঘাটৰ যুদ্ধৰ বাবে লাচিত বৰফুকন অসমৰ বুৰঞ্জীত আজিও মহাবীৰ সেনাপতি ৰূপে খ্যাত। লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ সৈন্যৰ সৈতে বহুবাৰ মোগল সেনাপতি ৰামসিংহৰ সৈন্য সামন্তৰ যুদ্ধ হৈছিল। কিন্তু এই যুদ্ধত মোগলে সফলতাৰ মুখ দেখাৰ সৌভাগ্য নহ'ল। সেয়ে শৰাইঘাটত পূৰ্ণাংগ যুদ্ধ কৰিবলৈ ৰামসিংহ সাজু হৈছিল। কিন্তু বিধিৰ বিপাক সেই সময়ত আহোমৰ সেনাপতি লাচিত বৰফুকন টান নৰিয়াত পৰিছিল। এই বাৰ্তাটো ৰামসিংহৰ কাণত গুপ্তচৰৰ জৰিয়তে পৰিছিলগৈ । সেই ছেগতে ৰামসিংহই আহোম সকলক আক্ৰমণ কৰিছিল। লাচিতৰ অবৰ্তমানত হোৱা যুদ্ধত আহোম সেনানী চেদেলি-ভেদেলি হ'ল। আনকি ৰণ ত্যাগ কৰিবলৈ আহোম সৈন্য সাজু হৈছিল। কিন্তু লাচিতে ইয়াকে দেখি কৈছিল, "মই ইয়াতে মৰিম। যুদ্ধ ত্যাগ কৰিবলৈ মই কাপুৰুষ নহওঁ । চিলা পৰ্বতৰ ওপৰত মাটি চাৰি কঠা কিনি থৈছোঁ তাতে মোক মৈদাম দিবি।" ইয়াৰ পিছত নৰিয়া গাৰে লাচিত বৰফুকনে নাৱৰ চালিত বহিছিল। সেনাপতিৰ এই দেশপ্ৰেমী আচৰণত আহোম সেনাই সাহস আৰু প্ৰেৰণা পাইছিল। হিলৈ,বৰটোপ মাৰি লাচিতৰ নাৱ মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি গ'ল। সৈন্য সামন্তও আগবাঢ়ি গ'ল। সেই সময়তে অসমীয়া সেনাৰ মনোবল বৃদ্ধি কৰাবৰ বাবে লাচিতে চিঞৰি চিঞৰি পুনৰ কৈছিল, "অসমীয়া ৰণুৱাসকল, মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক। তোমালোকে সুখেৰে ঘৰলৈ ঘূৰি যোৱা।" লাচিতৰ এই কথাত অসমীয়া সেনা উৎসাহিত হৈছিল আৰু দুগুণ সাহসেৰে যুদ্ধক্ষেত্ৰত নামি পৰিছিল। অসমীয়া সেনাৰ এই মৰণপন আক্ৰমণত মোগল সৈন্যই তিষ্ঠিব নোৱাৰি মোগলৰ সেনাপতি ৰামসিংহই পৰাজয় বৰণ কৰিছিল। লাচিত বৰফুকন আৰু আহোম সৈন্যৰ বল-বিক্ৰমৰ কথা স্বীকাৰ কৰি মোগল সেনাপতি ৰামসিংহই কৈছিল, "ধন্য ৰজা। ধন্য মন্ত্ৰী, ধন্য সেনাপতি। প্ৰতিজন অসমীয়া সৈন্য নাও চলোৱা, কাড় মৰা, হিলৈ মৰা, খাৱৈ খন্দা সকলো ক্ষেত্ৰতে পাকৈত। মই ৰামসিংহই যুদ্ধত থাকি কোনো ছিদ্ৰকে নাপালোঁ। এনে অপূৰ্ব সৈন্য মই ভাৰতৰ কোনো ঠাইতে দেখা নাই।"

 মৃত্যু তথা সামৰণি :


           শৰাইঘাটৰ যুদ্ধৰ পিছতে ১৬৭১ খ্ৰীষ্টাব্দত তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত লাচিত বৰফুকন মৃত্যুমুখত পৰে। ১৬৭২ খ্ৰীষ্টাব্দত যোৰহাটৰ সমীপৰ হোলোঙাপাৰ নামৰ ঠাইত লাচিত বৰফুকনৰ মৈদাম নিৰ্মাণ কৰা হৈছিল
      মহান যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনৰ অসীম পৰাক্ৰম আৰু অতুলনীয় স্বদেশপ্ৰেম ইতিহাসৰ পাতত সেয়ে আজিও উজ্বলি আছে আৰু নিশ্চয় অনাগত দিনলৈ উজ্বলি থাকিব। তেওঁৰ অৱদানে চিৰকাল লুইতপৰীয়াবাসীক সজ্ঞীৱিত কৰি ৰাখিব । এইজনা মহান বীৰ সেনাপতি লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধৰ পিছতে ১৬৭১ খ্ৰীষ্টাব্দত তীৰকঁপে হোৱা জ্বৰৰ প্ৰকোপত লাচিত বৰফুকনে মৃত্যুক আকোঁৱালি লয়। ১৬৭২ খ্ৰীষ্টাব্দত যোৰহাটৰ সমীপৰ হোলোঙাপাৰ নামৰ ঠাইত লাচিত বৰফুকনৰ মৈদাম নিৰ্মাণ কৰা হৈছিল । লাচিত বৰফুকনৰ জন্ম দিনটোতে সমগ্ৰ অসমত লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিৰ চিনস্বৰূপে 'লাচিত দিৱস' হিচাপে উদযাপন কৰি অহা হৈছে। উল্লেখ্য যে লাচিত বৰফুকনৰ অকৃত্ৰিম দেশপ্ৰেম আজিও সৰ্বত্ৰে চৰ্চিত। সেয়ে লাচিতক বাদ দি আহোম ৰাজ্যৰ বৰ্ণনা অপূৰ্ণ বুলি ক'ব পাৰি। লাচিত বৰফুকন হ'ল সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ এক সোণালী প্ৰতীক। লাচিত বৰফুকনৰ সদৃশ কৰ্মনিষ্ঠা সেনাপতি আহোমৰ শাসনকালত বিৰল আছিল। সেয়েহে লাচিতৰ চৰিত্ৰ সাম্প্ৰতিক সময়তো অতি প্ৰাসঙ্গিক চৰিত্ৰ হিচাপে বিবেচিত হৈছে আৰু হৈ থাকিব। বৰ্তমান সমাজত এনে দুৰ্লভ চৰিত্ৰ দেশ আৰু জাতিৰ বাবে অতীব প্ৰয়োজন হৈ পৰিছে। নৱ প্ৰজন্মৰ লগতে জ্যেষ্ঠ জনেও লাচিতৰ চাৰিত্ৰিক গুণসমূহ আয়ত্ব কৰি লাচিতৰ দৰে হ'বলৈ আন্তৰিক প্ৰয়াস কৰা উচিত কাৰণ এয়া সময়ৰ আহ্বান। 


লেখক : দুদুল সোণোৱাল ।

প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।



সহায়ক গ্ৰন্থ :
১/ লাচিত বৰফুকন - ড° সূৰ্য কুমাৰ ভূঞা।
২/ অসম বুৰঞ্জী। -- পদ্মনাথ গোহাঞিবৰুৱা।

      
     
   
     

Thursday, July 7, 2022

'তেজীমলা' বেলাড বা মালিতা হয়নে ? Is Tejimala a belad or malita ?

কৃত্ৰিম 'বেলাড' হিচাপে চন্দ্ৰ কুমাৰ আগৰৱালাৰ 'তেজীমলা' কবিতাটোৰ বিচাৰ । Can we consider that Chandra Kumar Agarwal's poem 'Tejimala' as an artificial 'ballad' ? 

      ৰোমান্টিক যুগৰ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দিনতেই পুৰণি বেলাডৰ আৰ্হিত এবিধ নতুন কাব্যৰূপৰ সৃষ্টি হ'ল। চমুকৈ নতুনকৈ লিপিবদ্ধ কৰা এই কবিতাবিধেই হৈছে বেলাড। ইয়াক সাহিত্যিক মালিতা বা গাঁথা বুলিও কোৱা হয়। বেলাড বা ইংৰাজীত Ballad হৈছে এক বিশেষ শ্ৰেণীৰ কবিতা । বেলাড মানে হৈছে কোনো ঘটনাৰ বৰ্ণনাত্মক লোকগীত অৰ্থাৎ মালিতা । যিদৰে লোকগীত পৌৰাণিক কাহিনী সমৃদ্ধ ঠিক একেদৰে বেলাডসমূহো কাহিনী মূলক। এই কবিতাৰ অন্যতম লক্ষণ হৈছে - অলৌকিতা আৰু পৌৰাণিক কাহিনী সমৃদ্ধ। ইয়াৰোপৰি এই ধৰণৰ কবিতাবোৰৰ প্ৰকাশ ভংগী সহজ-সৰল হয়। ৰূপশৈলীৰ কোনো এটি চৰণত চৰিত্ৰটো বাৰম্বাৰ আৱিৰ্ভাৱ ঘটে। এনে কবিতা বা গীতসমূহৰ ক্ষেত্ৰত সমগ্ৰ গীতটো এটি বিশিষ্ট ৰূপেৰে উজ্বলি উথে।

      'তেজীমলা' নামৰ অসমীয়া কবিতাটোও স্বনামধন্য কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত এটা উৎকৃষ্ট মালিতা। আন কিছুমান বেলাডৰ দৰে 'তেজীমলা' কবিতাটোতো লৌকিক কাহিনী বিদ্যমান। অৱশ্যে বেলাড বা মালিতাত থকাৰ দৰে ইয়াত কাহিনী এটাৰ বৰ্ণনা নাই। বিশেষকৈ কবিতাটোত অতি প্ৰাকৃত পৰিৱেশ এটাক কবিয়ে স্বাভাবিকভাবে দাঙি ধৰাৰ প্ৰয়াস কৰিছে।এক ৰহস্যময়তাৰ ভাৱ আৰু সৌন্দৰ্যৰ স্ফুৰণে ইয়াত ৰমন্যাসিকতাৰ বোল সানিছে। প্ৰকৃততে 'তেজীমলা'বেলাডৰ আৰ্হিত ৰচিত এটা কবিতাহে বুলি ক'ব পাৰি। 'তেজীমলা' হৈছে অসমীয়া সাধু কথাৰ সৃষ্টি কাৰক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা সাধুকথাৰ এটা দুখেৰে পৰিপূৰ্ণ চৰিত্ৰ। তেজীমলা মাহীমাকৰ অত্যাচাৰৰ বলি হৈ মৃত্যুক আকোঁৱালি লোৱাৰ লগতে ফুল হৈ ধৰাত পুনৰ জন্ম লৈছে। কিন্তু তথাপিও মানুহ নামৰ জ্ঞানী প্ৰাণীবিধৰ নিষ্ঠুৰতাৰ হাত সাৰিব পৰা নাই। আহকছোন মূল কবিতাটোত কি আছে সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ কবিতাটোত এভূমুকি মাৰো। --
      তেজীমলা: 
     
 তেজগোৰা বেলি         জিলিঙনি মেলি
              সাবটিব আহি ধৰা ;
 পুৱাৰ মলয়া               উঠি ছয়াঁ-ময়া
             বোলে উঠা তেজীমলা।

 মেঘ-মলা ৰঙা               পিন্ধি দিগঙ্গনা
             সিঁচিছে আশাৰ ধাৰি ;
 উত্ৰাৱল পানী                ৰঙা হাঁহি সানি
             খলকিছে চুই ভৰি।

ৰূপতে ৰূপ তুলি            পাৰিজাত ফুলি
              তেজীমলা জকমকায় ;
চৌপাশে বেৰি।                 মৰমে সাদৰে
              পানীৰ লতা বগায়।

মানুহ কুটুমে                      দলিয়াই পেলালে
              কাকনো কুটুম পালি ;
মৰম-বেথাৰে                    সাঁতুৰি ফুৰিছে
              এটাইকে নিজা কৰিলি ।

তোৰে পানীৰ চৰাই            সাঁতুৰি ফুৰিছে
               কতো বা উৰিছে বনাই ;
 মলয়া বায়ুৰে                    মিতিৰ পাতিলি
               ঘৰৰহে বাতৰি নাই।
 
দূপৰীয়া বেলি                   পানীয়ে উছালি
                সিঁচিছে মুকুতা-তৰা ;
 ফটিক পানীৰ                   মাজে মাজে ধীৰ
                চৰিছে পোৱাল-ডৰা ।
  
সোণ-ৰূপ মাছ                 আহিছে গইছে
                ঘৰ -পোহনীয়া তোৰে ;
 মনত পৰেনে                     পাৰযুৰি তোৰ
                মাতিলে হাতত পৰে। (?)

 ফুলনী শুৱনি                     পৰিয়েহে আছে
                চৰেনে হৰিণাজনী  ; (?)    
 কোনে ভুলাইছে                   মৰমৰ তোৰ 
               শাঁৱলী পোৱালিকণি । (?)
 
সখীৰ বাতৰি                      কোনে ক'ব পাৰে----
               তোৰ জীৱনৰ লগ ;
 মৰমৰ সখী                         আঁতৰালে কোনে
               আকৌ নে মেলিব সঙ্গ ? 
 
কুমাৰী ছোৱালী                  কুটুমে পেলালে
               দলিয়াই মৰমফেৰি ;
 মানুহে মানুহে।                  ইমানহে মৰম
               চকুলো পৰে সুঁৱৰি।

মানুহৰ চোতালত                মাধুৰী ফুটিলে
              মানুহে নিচিনি হায় ;
সাৰি তুলি ছিঙি                মোহাৰি পেলালে
              মানুহৰ মৰমো নাই ।

মৰমৰ পানী                       নোহোৱা ঠাইত
              কেনেকৈ বিশ্বাস থয়?
সেয়ে তেজীমলা                 দূৰতে শিপাই
               পাৰিজাত হৈ ৰয় ।
 
শকত বান্ধেৰে                   তলিৰে সইতে 
                বান্ধিলে নিছিগা কৰি ;
ধুমুহা-বতাহে                       খং-ৰাগে আৰু
               কিটোনো কৰিব পাৰি ?

সিদিনা সন্ধিয়া                     দৰে আজি কিয়
               তেনেকুৱা কৰে মন ?
বেজাৰ মাৰ গই                    বেলিটিয়ে তোক
                দিছিলেযে বিসৰ্জন ।

আজি পুৱাই বেলি                হাঁহি চকু মেলি 
                পঠালে বাতৰি কিবা ;
চিকুন নাওখনি                   আশাৰে উজালি
                 আহিছে উধাই বা ।

মানুহৰ নাও                         মানুহৰ ভাও
                 দেখিযে লাগিছে ভাল ;
মানুহৰ মিতিৰ                   বৰ মৰমৰ
                 পাতিছে কিহৰ জাল ?

গহীন মু'খনি                      মৰমেৰে সনা
                মোৰেইতো দেৱতা এওঁ ;
কেলেই লাগিছে                 মানুহৰ লগ----
                 আহিয়ে দেখোঁ ধৰেও।

"হাতো নেমেলিবি              ফুলো নিছিঙিবি
                 ক'ৰে নাৱৰীয়া তই ;
 মানুহে ফুলৰ                    কি জানে আদৰ
                 তেজীমলাহে মই ।" 

     চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটিক কৃত্ৰিম বেলাড হিচাপে আখ্যা দিয়া হৈছে এই কাৰণেই যে ইয়াৰ সমল সাধুকথাৰ পৰা আহৰণ কৰা হৈছে। আৰু কবিয়ে নিজস্ব শৈলীৰে তাক কাব্যিক ৰূপত গঢ় দিছে। কৃত্ৰিম বেলাডৰ লক্ষণসমূহ সম্পূৰ্ণ ৰূপে প্ৰতিফলিত নহ'লেও, বেলাডৰ বহুখিনি গুণ তেজীমলা কবিতাত বিদ্যমান হোৱা দেখা গৈছে। 
     
     তেজীমলা সাধুটোৰ মূল কথাখিনি আছিল এনেধৰণৰ --


  "এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি তাইক মাহীয়েকে তুলিতালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল; কিন্তু মাহীয়েকে হ’লে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্রতিপাল কৰি ডাঙৰ দীঘল কৰিব লগীয়াত পৰিছিল।

  আজি-কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে সখি বন্ধাই দিলে।

   তেজীমলাৰ বাপেক বেপাৰ-বানিজ্যৰে জড়িত মানুহ; বেহা-বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰৰ তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক’লে যে, “এইবাৰ মই ৬/৭ মাহলৈকে বিদেশলৈকে যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালোঁ। তাই আদৰুৱা ছোৱালী; তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি।”

   সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে; এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শূলটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে- “অকল ঠেকেচিয়েই নেৰোঁ, সেইদৰে এৰিলে, বাপেকে আহি সেইকথা কেনেবাকৈ বুজি পালে এখন হাই উৰুমিহে বাহ হ’ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো  ল’ৰা-ছোৱালী নহ’লেই, সতিনীৰ এইটোকোনো পোহ-পাল কৰি নিৰ্বাহ দি মোৰ কি লাভ হ’ব ? বাপেকে এইৰ লগত যিখিনি ধন-বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰ পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলশৰীয়া কৈ ৰাখিবলৈ চেষ্টা কৰিলে।

      ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰপৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি-চাৰিদিন সখীয়েকৰ ঘৰত থাকি তেজীমালী ৰঙ-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব।
     মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক মুৰুক কৰি, তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ’বনে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাবনে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম ৰিহাৰ গুণাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেষত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে, - “আইটি এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰপালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰপৰা সেই কাপোৰ পিন্ধি গ’লে খোজ কাঢ়ি যাওঁতে বাটত ধূলি-মাকটি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দি আৰু পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।

     সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কূটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও আই কন্দা  দেখি আচৰিত হৈ কথাবোৰ জানি  তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিল। মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত, তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কূটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে পোৰা আৰু কূটা কাপোৰ দেখি কৃত্ৰিম খঙত জলি পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমালক টানি আনি মাহীয়েকে  ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই, নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোহাঁতখন খুন্দি পেলালে। সোহাঁতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিয়ঁৰি কান্দিবলৈ ধৰিলে। তেতিয়া বাঢ়নী মাৰি ডালেৰে মাহীয়েকে তেজীমালৰ পিঠিত কোবাবলৈ ধৰি  তেজীমালক বাওঁ হাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে খুবলিত ধান বঢ়াই থাকোঁতেই মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁ হাতখনো খুন্দিলে। বাওঁহাত খুন্দি তাৰপিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে মুৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মুৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।

     এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমালক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালক দেখিবলৈ নাপাই, মাহীয়েককক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে, “তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।”

    এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই মোক লাও এটা দিয়ক।” তেজীমলাক মৰাৰ দিনৰে পৰা মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেইদেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, “মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই।” মাগনীয়ে ক’লে, “কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে।” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰীত মানি ক’লে, “মই হ’লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নেগৈ।” বুঢ়ীৰ এই কথা শুনি লাওগছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাও-জোপাই বিনাই মাত লগালে -

“হাতো নেমেলিবি                লাৱো নিছিঙিবি,

                 ক’ৰে মগনীয়া তই,

পাট-কাপোৰৰ লগতে          মাহী আই খুন্দিলে

                 তেজীমলাহে মই।”

     লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে, “আই, লাও ছিঙিবলৈ হাত মেলোতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।” এইবুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল।

        লাওজোপা কাটি য’তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে, “আই, আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবনে?” সাউদনীয়ে “মই ক’ত জৰাটেঙা পাম?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে, “মই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নে গৈ।”
    সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰাকেইটা জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোঁতেই গছজোপাই বিনাই মাত লগালে --

“ভাইও বোলোঁ মই           ককাইও বোলো মই,

                 গাঁৱৰে গৰখীয়া , 

  হাতো নেমেলিবি             জৰাও নিছিঙিবি,

                 ঘৰলৈ উভটি যা।

পাট-কাপোৰৰ লগতে         মাহী আই খুন্দিলে,

                  মইহে তেজীমলা।”

    গৰখীয়া ল’ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰাটেঙা নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ ছাঁট কৰে মনত পৰিল যে তাই লাওজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছ জোপা নদীত উটাই দিলে।

    জৰা গছজোপা নদীত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদূম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেকে নাৱেৰে উভটি আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদূম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাঁও বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোঁতেই পদূমে বিনাই গালে -

“হাতো নেমেলিবি                 ফুলো নিছিঙিবি,

                   ক’ৰে নাৱৰীয়া তই।

পাট-কাপোৰৰ লগতে           মাহী আই খুন্দিলে,

                    তেজীমলাহে মই।”

       ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে -

“হাতো নেমেলিবা                ফুলো নিছিঙিবা

                চেনেহৰ পিতাদেউ ঐ, 

পাট-কাপোৰৰ লগতে          মাহী আই খুন্দিলে

                 তেজীমলাহে মই।”

     বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাবৰ কথা আগৰে পৰা জানি থৈছিল। সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় মোৰ তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাঁওহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোহাঁতত এটা লাড়ু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদূম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চোবাটি খালে। বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমুৱাই লৈ আহিল। সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গ’ল?” ঘৈণীয়েকে ক’লে, “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকটি ঘুকটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানীগামোচাখন পেলাই দি ক’লে, “যদি তই মোৰ তেজীমলাহে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোচাখন পিন্ধি তই মানুহ হ’বি।” এই কথা শুনি তেতিয়াই তেজীমলা আগৰদৰে হ’ল আৰু সাউদে ঘৈণীয়েকক হত‍্যা কৰিলে ।"
   
     কাহিনী ভাগৰ আটাইবোৰ কথা খুব সুন্দৰকৈ কবি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটোত সন্নিবিষ্ট হৈছে। সাধুটোৰ মূল লেখক লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ তেজীমলা অতি জনপ্ৰিয় আৰু চৰ্চিত এটা সাধুৰ চৰিত্ৰ। সেই চৰিত্ৰৰ সকলো গুণ অক্ষুণ্ণ ৰাখি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ তেজীমলা কবিতাটো প্ৰকাশিত হৈছে। ই পৌৰাণিক কাহিনী সমৃদ্ধ। সহজ-সৰল ভাৱ-ভাষা। এটি জনপ্ৰিয় চৰিত্ৰ কবিতাটোত প্ৰতিফলিত হৈছে। কবিতাটো কাহিনী সমৃদ্ধ আৰু অলৌকিকতাৰ বিদ্যমান। তেজীমলা মৰাৰ পাছত লাউ গছ হিচাপে জন্ম লৈছে, জৰা গছ হিচাপে জন্ম লৈছে, পদুম ফুল  হৈ ফুলি ৰৈছে এই অৱস্থাই এক অলৌকিক পৰিৱেশৰ সৃষ্টি কৰাত সহায় কৰিছে। তদুপৰি তেজীমলা শালিকা হৈ বাপেকৰ হাতত পৰা আৰু গামোচাখন পিন্ধাৰ লগে লগে মানুহলৈ ৰূপান্তৰ হোৱাটোৱে অলৌকিকতাক প্ৰতিফলিত কৰিছে।  সেয়ে এই কবিতাটোক মালিতা বা বেলাড হিচাপে আখ্যা দিব পাৰি। 


প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।
                    লেখক : দুদুল সোণোৱাল ।

(সাধুটোৰ মূল কথাখিনি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু ভুলবোৰ শুধৰাই ইয়াত সন্নিৱিষ্ট কৰা হৈছে।)



🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇🎇

Friday, July 1, 2022

গল্পৰ চলেৰে..... ' পৰিবৰ্তন' ।

গল্পৰ চলেৰে......

                     

           পৰিবৰ্তন       

   মদনে হয়তো কোনো দিনে ভবা নাছিল এনে এটা দিনৰ কথা। যিটো দিনত কেৱল পৰিৱৰ্তন হ'ব চৌদিশ অঞ্চলটোৰ পথবোৰ শিলৰ আলকতৰা দি পকা কৰা হ'ল।আকৌ ক'ৰবাত ক'ৰবাত চিমেণ্টেৰে তৈয়াৰী ইটাৰে নিৰ্মিত হ'ল পথ। আনকি সিহঁতৰ গাঁওখনৰ মাজেদি যোৱা পথটোও শিলেৰে নিৰ্মিত হ'ল। ঠাইখন সৰুমটীয়া নগৰলৈ পৰিণত হ'ল।কাষৰ ঘৰবোৰ ওখ ওখ অট্টালিকালৈ লাহে লাহে পৰিবৰ্তন হ'ব ধৰিছে। মুঠতে পৰিৱৰ্তন। চাৰিওফালে কেৱল পৰিৱৰ্তন। অথচ আজিৰ পৰা এশ বছৰৰ আগতে ঠাই ডোখৰ আছিল জয়াল। দিনতে ভয়লগা পৰিৱেশ। পথবোৰ আছিল একাঠু বোকা। একাঠু পানীৰে ভৰা। কিন্তু হ'লেও পথত বানপানী হোৱা মনত নপৰে। কাৰণো নথকা নহয়।সেই সময়ত ৰাইজে একেলগ হৈ পথৰ দুটা দাঁতিত দুটা দ নলা খান্দি প্ৰতি বছৰে পথত মাটি তুলিছিল। পানীবোৰ নলাৰে পথাৰৰ ফালে বেগত বাগৰি গৈছিল। এতিয়া চৰকাৰী আলিবাট হ'ল কিন্তু মেৰামতি নাই। নলা নৰ্দমা বন্ধ। এজাক বৰষুণতে পানী নহয় কি হ'ব। আকৌ ৰাইজেও ততকে ধৰিব নোৱাৰে নিজে কৰিব নে চৰকাৰে কৰিব ! খেলিমেলি হয় সকলো। সেয়ে অপৰিষ্কাৰ হৈয়ে ৰয় পথ। এলেকাটো সম্প্ৰতি নগৰলৈ পৰিৱৰ্তন হৈছে। ডাঙৰ ডাঙৰ অট্টালিকা হৈছে। সুন্দৰ পথ হৈছে। কিন্তু নলা নৰ্দমা সঠিক অৱস্থাত নাই। চৰকাৰী নলা আছে কিন্তু পানী নাযায়। মানুহে পেলায় দিয়া জাবৰ জোঁঠৰ, পলিথিনৰ প্ৰকোপত নলা বন্ধ । অলপীয়া বৰষুণতে এতিয়া চহৰ খনত ভীষণ বানপানী। এয়া মানুহৰ কুকৰ্মৰ ফল।

      গধূলি সময়ত দিননাথ, বগেন আৰু সি প্ৰায়ে খোজকাঢ়ি গাওঁৰ সিটো মূৰলৈ গৈছিল। এনেয়ে সদায় চক্কৰ এটা মাৰে সিহঁতে। আহোঁতে ৰাতি হয়।গগণ ফালি চিঞৰি চিঞৰি ৰাগ টানি আহে সিহঁতে। ভূতৰ ভয়। জয়াল ঠাই। জানোচা ভূতে পায় ! তেনেকৈয়ে পাৰ হৈছিল দিনবোৰ । সময়বোৰ। আজি বুঢ়া বয়সত মদনক কথাবোৰে জুমুৰি দি ধৰিছে। মনত পৰিছে কথাবোৰ। সমনীয়াৰ সৈতে কৰা ধেমালিবোৰ। কিমান আনন্দকৰ আছিল সেই সময়। কিমান সুন্দৰ আছিল সেই জীৱন। মদনৰ মনৰ তলিৰ পৰা কথাবোৰ ইটোৰ পাছত সিটো চিনেমাৰ ৰিলবিলাকত ওলোৱা নিচিনা উলাই আহিব ধৰিছে। 

       দিননাথে কৈছিল ,"সময় এদিন পৰিবৰ্তন হ'ব। পৰিবৰ্তন সময়ে হয়তো ঠাইডোখৰ সুন্দৰ কৰিব। নতুবা এলাগী , আপচু কৰি তুলিব । " এৰা তাৰ কথাই ফলিয়ালে। সি এনেয়ে কোৱা নাছিল কিন্তু। কিছু গণনা কৰিহে কথাটো কৈছিল হবলা। সি আৰু কৈছিল,"নগৰৰ সিটো মূৰত থকা মানুহবোৰ অলপ লেতেৰা স্বভাৱৰ।" আচলতে সিহঁতৰ সৰহসংখ্যকেই অনাঅসমীয়া। ঘৰ-বাৰী ঘণ ঘণ। ইটোৰ লগত সিটো লগা। নলা নৰ্দমা নাই। জাবৰ জোঁঠৰ, পলিথিন আদি য'তে ত'তে পেলায়। সি হেনো এইবোৰ দৃশ্য নিজ চকুৰে দেখিছে। গতিকে ভৱিষ্যতৰ নগৰখন বৰ সুন্দৰ নহ'ব ! - এয়া যুৱাৱস্হাৰ বন্ধু দিননাথৰ কথা। 

       এতিয়াৰ চুমনিচুক চহৰখন অলপীয়া বৰষুণতে বানপানী হয়। কৃত্ৰিম বানপানী। মানুহে চপাই লোৱা বানপানী। তাৰ ঘৰৰ পৰা তিনি চাৰি কিলোমিটাৰ মান দূৰ হ'ব নেকি বাৰু ? হয়। সিমানেই হ'ব চাগে। আমি কৈশোৰৰ কালছোৱাত কেতিয়াবা চাইকেলেৰে গৈছিলো। আকৌ কেতিয়াবা খোজকাঢ়িয়ে পোনাইছিলো। মুঠতে সেইসময়ত আমাৰ বাবে এই দূৰত্ব সাধাৰণ আছিল। আজিকালিহে ল'ৰা ছোৱালীয়ে চাইকেল বা মটৰচাইকেল নহ'লে লৰচৰ হবকে নুখোজে। কি যে হ'ব আজিৰ প্ৰজন্ম ! অজানিতে এটা হুমুনিয়াহ উলাই আহিল। জেঠীজনীয়ে ঠিক ঠিক কৰিছে। তাৰ ভাৱ চিন্তাবোৰক শলাগিছে হবপাই। সেই সময়তে দুৱাৰত আঘাত কৰা টক্ টক্ শব্দৰ ফলত তাৰ ভাৱনাত আউল লাগিল।

     : ককা, ফিকা চাহ। - নাতিনীজনীয়ে একাপ চাহ দি গ'ল। 

     : টেবুলতে থোৱা । - ককাকে ক'লে। গৰম চাহ। কুণ্ডলীপকাই উৰি আহিছে তাৰ শুকুলা ধোৱা। সি বিছনাৰ পৰা উঠি গৈ চাহকাপ খাব নে পুনৰ তাৰ গল্পৰ প্লটৰ মাজলৈ যাব সি কথাটো ঠাৱৰ কৰিব পৰা নাই। 

     বগেনে ক'লে , " আজি নাওৰ পাৰঘাটলৈ যাম। এনেয়ে সময় পাৰ কৰিম। লুইতৰ জলৰাশিৰ সৰলৰৈখিক গতি চাম। শিহুৰ পল জাম্প দিখোয়ে বা কিজানি ! " আমিবোৰে মূৰ দুপিয়াই সন্মতি প্ৰকাশ কৰিলোঁ। চুমনিচুক চহৰৰ পৰা পাৰঘাট বৰ দূৰ নহয়। দুই কিল'মিটাৰ মান হ'ব লাগে। আবেলি তিনিওৱে খোজকাঢ়ি পোনালো পাৰঘাটলৈ। পাৰঘাটত মানুহৰ ভিৰ। কিছুমান সিটো পাৰলৈ যাবলৈ নাওত উঠিছে। কিছুমানে অস্থায়ী হোটেলত ভাত খোৱাত লাগিছে। আন কিছুমানে এনেয়ে ঠাইখনত টহল দিছে। সিহঁতে অলপ আগবাঢ়ি গৈ ঘাটৰ নামনিৰ নিজান এডোখৰ ঠাইত বহি ল'লে। "কথা এটা শুনিছনে তহঁতি ?" - দিনই আমাৰ ফালে চাই ক'লে। "কি ?"- একেস্বৰতে আমি দুজনে মাতদিলো। " কিয় ? এই পাৰঘাটতো উঠি যাব নহয় ।" "কিন্তু পাৰঘাট বন্ধ হ'লে মানুহ কেনেকৈ পাৰাপাৰ হ'ব অ' ?" - বগেনৰ কথাৰ উত্তৰত আমি এইদৰে ক'লো । তেতিয়া বগেনৰ মুখেৰে গম পাইছিলো যে অহা বছৰলৈ ইয়াত এখন ডাঙৰ দলং হ'ব। শদিয়া আৰু ধলা সংযোগ হ'ব। বৰ ভাল কথা।বৰ ভাল কথা। আমি শলাগিছিলো। কিন্তু এচাম খাটি খোৱালোকৰ পেট নমৰিবনে ? এই যে পাৰঘাটত হোটেল দিয়া মানুহবোৰ, নাও চলাই, নাওত কাম কৰি পৰিয়াল পোহপাল দিয়া মানুহবোৰৰ কি দশা হ'ব ? সিহঁতে বাৰু জীৱনটো পৰিচালনা কৰিব পৰাকৈ এটা সংস্থাপন পাব নে ? চৰকাৰে সিহঁতৰ বাবে কিবা এটা কৰিব নে ? নে উপাৰ্জনৰ একমাত্ৰ পথ হেৰুৱায় সিহঁতে অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঢাপলি মেলিব ? "পৰিবৰ্তন বুজিছ, বন্ধু। সকলো পৰিবৰ্তন। আমি নামানিলেও উপায় নাই। আচলতে পৰিবৰ্তন হ'বলৈ হ'লে কিবা এটা হেৰুৱাব লগা হয়েই দেচোন।"- দিননাথৰ মন্তব্য। ঠিক আমি আলোচনা কৰাৰ পৰৱৰ্তী পোন্ধৰ বছৰৰ পাছত দলংখন উদ্ধোধন হ'ল। হাজাৰ হাজাৰ লোকে লোকাৰণ্য ঠাইত মোদীজীয়ে ভাষণ দি উদ্ধোধন কৰা হ'ল বুলি ঘোষণা কৰিলে। জাউৰিয়ে জাউৰিয়ে হাততালি বাজিল। চাওঁতে চাওঁতে কেতিয়ানো সময়ে ৰূপ সলালে ততকে ধৰিব নোৱাৰিলোঁ। চুমনিচুক চহৰখন বা পাৰঘাটৰ অৱস্থা পৰিৱৰ্তনৰ এক চেহেৰা। কিন্তু পৰিৱৰ্তন মানুহৰ অনুকুল হোৱাৰ প্ৰয়োজন আছে। ঠাই পৰিৱৰ্তন হ'লে মানুহৰ মনৰো পৰিৱৰ্তন হোৱা দৰকাৰ। মানুহৰ মনবোৰৰো সঠিকমতে পৰিৱৰ্তন হৈছে নে বাৰু ? অজস্ৰ প্ৰশ্নই তাৰ মনত আমনি কৰি থাকিল। ....

    

     এৰা অ' পৰিৱৰ্তনে কেতিয়াবা মানুহক সুবিধাও আনি দিয়ে । আৰু কেতিয়াবা অসুবিধাও আনি দিয়ে। আকৌ দুৱৰাত টুকৰ। নাতিনী হ'ব পাই। লাহেকৈ কম্বলখন গাৰ পৰা খহাই সি দুৱাৰৰ ফালে অনিচ্ছা সত্ত্বেও আগবাঢ়ি গ'ল...।

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

(গল্পটোৰ কাহিনীৰ সৰহভাগেই কল্পনাৰ ৰহণ। কাৰোবাৰ কাহিনীৰ সৈতে মিলি গ'লে লেখক দায়ী নহয়। )
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।  
লেখক: দুদুল সোণোৱাল

    
    
 🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅🌅
  
  

Saturday, June 25, 2022

মোবাইল ফোন মানুহৰ বাদ নে আশীৰ্বাদ ? জানো আহক। Mobile phone is a human exception or a blessing ? Let's know .

🙏  মোবাইল ফোন মানুহৰ বাদ নে আশীৰ্বাদ ? মোবাইল ফোন কি ? মোবাইল ফোনৰ উপকাৰী দিশ আৰু অপকাৰী দিশ : মোবাইল ফোনৰ জনপ্ৰিয়তা : পৰামৰ্শ আৰু সামৰণি। 

🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹

মোবাইল ফোন কি ?

      এখন হাতৰ পাঁচোটা আঙুলিৰে টিপা মাৰি কাণত স্পৰ্শ কৰাই আনৰ লগত কথা পাতিব পৰা সৰু যন্ত্ৰ বিধেই হৈছে 'মোবাইল ফোন' । এজন ব্যক্তিয়ে আন এজন দূৰৈত অৱস্থান কৰা ব্যক্তিৰ সৈতে ফুচফুচাই মনৰ কথা আলোচনা কৰিব পৰা, গোপন কথাবোৰ আলোচনা কৰিব পৰা এই যন্ত্ৰ বিধক 'ফুচফুচ যন্ত্ৰ' বুলিও কোৱা হয়।। মোবাইল ফোনৰ জৰিয়তে দূৰৈত অৱস্থিত দুজন লোকৰ মাজত সহজে যোগাযোগ অক্ষুণ্ণ ৰাখিব পৰা যায়। অসমীয়া ভাষাত এই মোবাইল ফোনক ভ্ৰাম্যভাষ যন্ত্ৰ বুলি কোৱা হয়। 

   ইতিহাসৰ পাতত পোৱা যায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ মটৰ’লা কোম্পানীত কৰ্মৰত মাৰ্টিন কুপাৰ আৰু জ’ন ফ্ৰাঞ্চিচ মিচেল নামৰ বিজ্ঞানী দুজনে ১৯৭৩ চনত প্ৰথম তাঁৰবিহীন চেলুলাৰ ফোনবিধ নিৰ্মাণ কৰি উলিয়ায়ছিল। পৰৱৰ্তীকালত কেইবাটাও ঢাপ পাৰহৈ ম’বাইল ফোনে স্মাৰ্ট ফোনৰ স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। একেটা যন্ত্ৰৰে Text Massage, E-Mail, Phone Call, Camera, Compass, Internetৰ সংযোজনেৰে ডাটা Browsing ইত্যাদি অলেখ কাম কৰিব পাৰি বাবেই ইয়াক স্মাৰ্ট ফোন বুলিও কোৱা হয়। বৰ্তমান সময়ত মোবাইল ফোনৰ বৰ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সংবৰ্ধন আৰু কাৰিকৰী মানৰ উন্নীতকৰণৰ কাম সময়ে সময়ে হৈ আহিছে। 2g, 3g , 4g আৰু শেহতীয়াকৈ 5g মোবাইলৰ বিকাশ সাধন কৰা হৈছে। 


মোবাইল ফোনৰ উপকাৰী দিশ :

    যিকোনো সামগ্ৰীৰে দুটা দিশৰ বৈশিষ্ট্য থাকে। এটা ভাল হ'লে আনটো দিশ বেয়া হয় এয়া সকলোৰে বিদিত। মোবাইলৰো ভাল আৰু বেয়া দুয়োটাই আছে। ইয়াৰ ভাল দিশকেই উপকাৰী দিশ হিচাপে গণ্য কৰা হৈছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱা সময়লৈকে আমাক মোবাইল ফোনৰ প্ৰয়োজন হয়। মোবাইল আমাৰ হাতত থাকে। দেশ-বিদেশৰ বা-বাতৰি অনায়াসে অতি কম সময়ৰ ব্যৱধানত এই প্ৰযুক্তিৰ জড়িয়তে লাভ কৰিব পাৰি। সত্য যুগত ভগৱান সকলে তপ জপৰ জৰিয়তে বিভিন্ন ঠাইত বাস কৰা মানুহৰ বা সমস্ত জগতৰ সম্পৰ্কে জানিব পাৰিছিল ঠিক সেই ক্ষমতা আজি মানুহৰ হাতত বিদ্যমান। এয়া কাল্পনিক নে সত্য সেই কথা আমি নাজানিলেও গীতা, মহাভাৰত, ৰামায়ণ আদিৰ দৰে ধৰ্মগ্ৰন্থ সমূহেও ভগৱানৰ এই মহাত্ম্য গুণ বখানে। ই যি কি নহওঁক,, আধুনিক যুগৰ ভগৱান হ'ল নিৰ্জীৱ প্ৰযুক্তিৰ সৃষ্টি মোবাইল ফোন। মোবাইল ফোনৰ দ্বাৰা কি কৰিব নোৱাৰি ? বিভিন্ন অফিচ কাছাৰীৰ কাম, বিদ্যালয়ৰ সৈতে সম্পৰ্কিত কাম, বেংক বানিজ্যৰে সম্পৰ্কিত কাম, চৰকাৰৰ বিভিন্ন আঁচনিৰ সম্পৰ্কে বিজ্ঞাপনৰ লগতে হিতাধিকাৰীৰ আবেদন গ্ৰহণ, মনোৰঞ্জনৰ কাৰণে বোলছবি প্ৰদৰ্শন, নানা বা-বাতৰি পৰিৱেশন, চাকৰিৰ বিজ্ঞাপন আৰু অনলাইনত আবেদন গ্ৰহণ.. আদি মোবাইল ফোনৰ জৰিয়তে অনায়াসে কৰিব পাৰি। মোবাইল ফোন কম্পিউটাৰৰ আন এটা সংস্কৰণ মাথোঁ। 
    বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম মোবাইল ফোনৰ মাধ্যমেৰে গ্ৰহণ কৰিব পাৰি। তেনেধৰণৰ শিক্ষাৰ বাবে একোটা এপ থাকে।এপটো ডাউনলড কৰি তাৰ জৰিয়তে সহজে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰিব পাৰি। কেইটামান এপৰ নাম পঢ়ুৱৈৰ সুবিধাৰ্থে উল্লেখ কৰা হ'ল। ইচ্ছুক সকলে ব্যৱহাৰ কৰিব পাৰে । Educational.txt । BYJU'S-The Learning app, DIKSHA- platform for school education app, Lurningo- education app, EdApp mobile learning, Duolingo app, Khan academy app, Grammarly app, Cliffs Notes app, Star Chart App, SoloLearn app, EasyBib app, BrainScape app, Coursera app, PhotoMath app, Periodic table app, RealCalc Scientific Calculator app, Flashcards+ app, Google Classroom app, Socrative Students app , Quizizz play to learn app , Praadis Education Learning app আদি হ'ল তেনেধৰণৰ এপ । এই এপবোৰ ব্যৱহাৰকাৰীয়ে Play Store ৰ পৰা ডাউনলড কৰি ল'ব লাগে।। আকৌ বিভিন্ন কেৰিয়াৰৰ বাবে যেনে - IAS, IPS ACS, JEE, CEE আদিৰ বাবে আগতীয়াকৈ ক'ৰ্চিং ক্লাছ মোবাইলৰ জৰিয়তে কৰিব পৰা যায়। ইয়াৰ বাবে অৱশ্যে এপৰ গৰাকীয়ে কিছু ক্ষেত্ৰত কম পৰিমাণৰ মাননি লয়।
    আকৌ আজৰি সময় কটোৱাৰ নিমিত্তেও সুন্দৰ ব্যৱস্থা আছে। লুডু খেল, দবা খেল, তাচপাতৰ খেল আৰু মটৰ গাড়ীৰ খেল আদি অসংখ্য খেল সন্নিবিষ্ট কৰি ব্যৱহাৰ কাৰীৰ বাবে সুবিধা কৰি দিয়া হৈছে। মুঠতে মনোৰঞ্জনধৰ্মী সকলো ক্ৰিয়া কলাপ হাতৰ টিপতে পাব পাৰি। এনেবোৰ এপৰ জৰিয়তে নানান বিষয়ৰ শিক্ষা অতি সহজতে ঘৰত বহিয়েই পাব পাৰি একমাত্ৰ মোবাইল ফোনৰ মাধ্যমেৰে। 
  অৰ্ধসময়ৰ চাকৰি (পাৰ্ট টাইম জব), সম্পূৰ্ণ সময়ৰ চাকৰি (ফুল টাইম জব) অনলাইনত মোবাইলৰ জৰিয়তে কৰিব পাৰি। বানিজ্যৰ দিশটো মোবাইল ফোনে সহায় কৰে। চেয়াৰ ষ্টক মাৰ্কেটত ধন খটুৱাই মানে Invest কৰি মুনাফা অৰ্জন ঘৰৰ পৰাই লাভ কৰিব পাৰি। Phonepe app, Google pay app, Paytm money app আদিৰ জৰিয়তে ধনৰ আদান-প্ৰদানৰ, ধনৰ লেনাদেনাৰ কাম কৰিব পাৰি। আনহাতে আজিকালি বেংক প্ৰতিষ্ঠান সমূহে নিজাকৈ একোটা এপ গঠন কৰি দিছে গ্ৰাহকৰ সুবিধাৰ বাবে যাৰ জৰিয়তে বেংকৰ সকলো কাম ঘৰতে বহি সমাধা কৰিব পৰা যায়। গতিকে মোবাইল ফোনে আমাক বহু উপকাৰ সাধন কৰিছে যিবোৰ বৰ্ণনা কৰি শেষ কৰিবলৈ হ'লে এখন মহাভাৰতৰ সদৃশ হ'বগৈ।

মোবাইল ফোনৰ অপকাৰী দিশ : 
   
     অন্য সামগ্ৰীৰ যিদৰে বেয়া দিশ আছে, একেদৰে মোবাইলৰো বেয়া দিশ অৱশ্যে আছে। আপোনাসৱৰ নিশ্চয় সকলোৰে জ্ঞাত যে অত্যধিক মোবাইল ফোনৰ ব্যৱহাৰে আমাৰ চকুৰ দৃষ্টিশক্তি কমাই আনে। ব্যৱহাৰকাৰীৰ শৰীৰ দুৰ্বল আৰু অৱশ কৰি পেলায়। মূৰৰ বিষ , গাৰ বিষ , মূৰ ঘূৰণি আদিৰ দৰে পাৰ্শ্বক্ৰিয়া দেহত দেখা দিয়াৰ সম্ভাৱনা থাকে। ই যি কি নহওঁক, আধুনিক যুগৰ সকলো সুচল থকা এইবিধ আহিলা কিন্তু কোনো লোকেই ব্যৱহাৰ কৰিবলৈ নেৰে। 
   মোবাইল ফোনত ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন পৰ্ণ'গ্ৰাফী ভিডিঅ'উপলব্ধ। যি সমূহ ভিডিঅ' চাই আজিৰ সমাজত বিভিন্ন sex ৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ডেকাৰ পৰা বৃদ্ধলৈ মানুহৰ মানসিকতা এই চাইট সমূহে বেয়া দিশলৈ পৰিৱৰ্তন কৰাৰ নিদৰ্শন আছে। টিভি খুলিলেই তেনেধৰণৰ ঘৃণনীয় সংবাদ পোৱা যায়। ইয়াৰ মূলতে যে মোবাইলৰ কুপ্ৰভাৱ আছে এই বিষয়ে অধ্যয়ন কৰি উপলব্ধি কৰিব পাৰি। এনে ভিডিঅ'ৰ প্ৰতি সহজে সকলোৱে আকৰ্ষিত হয় । কেইদিনমানৰ আগৰ পৰা দেখা গৈছে গুৱাহাটীৰ এটা সংবাদ চেনেলে (Time Guwahati) এনে ঘৃণনীয় সংবাদ সমূহ পৰিৱেশন কৰি আছে। এইবোৰ সকলো ধৰণৰ মানুহে গো-গ্ৰাসে গিলিছে। লাইক,কমেণ্ট,চেয়াৰ লাখৰ ঘৰত উঠিছে। অৰ্থাৎ ইয়াৰ পৰা ক'ব পাৰি যে আমাৰ মানুহবিলাক বেয়াৰ প্ৰতি আকৃষ্ট বেছি। 
   বিশ্বৰ অৰ্থনৈতিক বজাৰখনত চাইবাৰ অপৰাধৰ সদৃশ অপৰাধ সমূহ মোবাইল ফোনৰ মাধ্যমেৰে হয় বুলি এক সমীক্ষাত প্ৰকাশ কৰা হৈছে। বিশেষকৈ ফেচবুক, টুৱিটাৰ, ইনষ্ট্ৰাগ্ৰাম , ইউটিউব আদিৰ বহুল ব্যৱহাৰে মানুহক মানুহে অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিছে। ফেচবুকত ব্যৱহাৰকাৰীয়ে সংলগ্ন কৰা তথ্য সমূহ অপৰাধীয়ে হৰণলুকী কৰি বিভিন্ন কামত লগোৱাৰ লগতে বেংকৰ একাউণ্টৰ পৰা জমাধন উঠাই নিবলৈ সক্ষম হৈছে। সেয়ে আমি পৰাপক্ষত সামাজিক মাধ্যমসমূহত নিজৰ বায়ডাতা চেয়াৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত।
   আজিকালি সৰু সৰু কণ কণ ল'ৰা ছোৱালীয়েও মোবাইল অনায়াসে চলাব জানে। কত টিপিলে খেল ওলাই, ক'ত টিপিলে ফটো ওলাই, ক'ত টিপিলে চিনেমা ওলাই সকলোবোৰ সিহঁতৰ আঙুলিৰ মূৰত। এনে হৈছে যে কিছুমান সৰু ল'ৰা-ছোৱালীক নিচুকাবলৈ পিতৃ মাতৃয়ে মোবাইল দিয়াৰ ফলত ই অভ্যাসত পৰিণত হৈছেগৈ। অনবৰতে মোবাইলত গেম, চিনেমা , ভিডিঅ' চোৱাৰ ফলত কিতাপৰ প্ৰতি ধাউতি হ্ৰাস পাইছে। মোবাইলটো নাপালে মাক বাপেকৰ লগত, ককায়েক ভায়েকৰ মাজত কাজিয়া পেচালৰ সৃষ্টি হৈছে। মোবাইলৰ প্ৰতি থকা ৰাপে মানুহৰ মাজত থকা অকৃত্ৰিমতা নাশ কৰিছে। ল'ৰা ছোৱালীৰ মাজত থকা প্ৰকৃত মৰম স্নেহৰ লুপ্ত ঘটিবলৈ ধৰিছে। তদুপৰি মনত হিংসা, ভয়, একাকীত্ব, স্বাৰ্থপৰ মনোভাৱ, এলেহুৱা আদি নেতিবাচক মনোভাবৰ জন্ম দিয়াত মোবাইল ফোনে প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। 

সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা :
   
    সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ জনপ্ৰিয়তা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে। ঘৰত লাগিলে খাবলৈ সংকট হওক, ঋণৰ বোজা যিমানেই বাঢ়ক হ'লেও ঘৰত যেনতেন এটা স্মাৰ্টফোন থাকিবই লাগিব । বৰ্তমান সময়ত সমাজত এনে মানসিকতাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যে 'স্মাৰ্টফোন' ষ্টেটাচৰ এক অঘোষিত সম্বল। ই যিয়েই নহওঁক, বৰ্তমান সময়ত মোবাইল ফোন মানুহৰ এক অপৰিহাৰ্য্য অংগ হিচাপে বিবেচিত হৈ পৰিছে। অতি সহজে কঢ়িয়াই লৈ ফুৰিব পাৰি, কম মূল্যতে ক্ৰয় কৰিব পাৰি, সহজে বহু দূৰ দূৰণিৰ চিনা-নিচিনা ব্যক্তিৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পৰাৰ লগতে মনৰ বা-বাতৰি ল'ব পাৰি এই স্মাৰ্ট ফোনৰ মাধ্যমেৰে। সেয়ে ইয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। 
    
উপসংহাৰ :

    স্মাৰ্ট ফোনৰ সম্পৰ্কে বোধকৰোঁ নজনা মানুহ এই মুলুকত নাই বুলিলেও অত্যুক্তি কৰা নহয়। হ'লেও ব্যৱহাৰকাৰীৰ সুচলতাৰ বাবে ওপৰত উল্লেখিত আলোচনা সমূহ আগবঢ়াবলৈ প্ৰচেষ্টা কৰা হৈছে। আমি স্মাৰ্ট ফোনৰ সম্পৰ্কে যিমান জানো,আকৌ সিমান নাজানোও। গতিকে ইয়াৰ সম্পৰ্কে যৎকিঞ্চিত অধ্যয়ন কৰাটো আমাৰ বাবে নিশ্চয় আদৰণীয় কামেই হ'ব বুলি ভাবোঁ। 
    স্মাৰ্ট ফোন বাদ নে আশীৰ্বাদ সেইটো স্মাৰ্ট ফোনৰ ব্যৱহাৰৰ ওপৰতে নিৰ্ভৰ কৰে। আপুনি যদি ভালখিনি গ্ৰহণ কৰে তেন্তে আপোনাৰ বাবে ই আৰ্শীবাদস্বৰূপ, যদি বেয়াবোৰ চাই আৰু গ্ৰহণ কৰি সময় অপব্যয় কৰে তেন্তে আপোনাৰ বাবে মোবাইল ফোন বাদ বা গলগ্ৰহলৈ পৰিণত হ'ব। বিশেষকৈ পিতৃ মাতৃয়ে সন্তানক মোবাইল ফোন এৰি দিলে কিছু নজৰ ৰাখিব লাগে।সেয়ে আহক মোবাইলৰ সম্পৰ্কে যৎকিঞ্চিত জানো আৰু ইয়াৰ সঠিক ব্যৱহাৰ কৰি নিজৰ লগতে সমাজৰ উন্নয়নত অৱদান আগবঢ়াও । 


অনুগ্ৰহ কৰি লেখাটো পঢ়ি চেয়াৰ কৰি মোক সহায়ৰ হাত আগবঢ়াব। পাৰিলে এটা কমেণ্ট তলৰ কমেণ্ট বাকচত এৰি যাব।‌ ধন্যবাদেৰে -
লেখক : দুদুল সোণোৱাল।


🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿🌿
   


Monday, June 20, 2022

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। kolaguru Bishnu Prasad Rabba is a legend of Assam.


কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । Kolaguru Bishnu Prasad Rabba is a legend of Assam.


        

    কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰে।

    ১৯০৯ জানুৱাৰী মাহৰ ৩১ তাৰিখে সেই সময়ৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপালচন্দ্ৰ ৰাভা মাকৰ নাম গেথীবাই ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী এজন বড়ো জনগোষ্ঠীয় লোক যদিও তেখেতে এটা ৰাভা পৰিয়ালত ডাঙৰ-দীঘল হয়। পাছলৈ গোপাল চন্দ্ৰ মুছাহাৰীয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।
    বিষ্ণুপ্ৰসাদ ৰাভাই ১৯২৬ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়। ১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰপৰা প্ৰথম বিভাগত আই.এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থবিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে যদিও বিভিন্ন কাৰণত শিক্ষা সমাপ্ত কৰিবলৈ সক্ষম নহ'ল। ১৯২৯ চনত ৰিপন কলেজৰ তেখেত ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। আৰু ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰে। পুলিচৰ হাৰাশাস্তিৰপৰা হাত সাৰিবলৈ তেওঁ কলিকতা পৰিত্যাগ কৰে আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ কলা শাখাত নাম ভৰ্তি কৰে। আন্দোলনত অংশ লোৱাৰ বাবে পুলিচৰ তেখেতে নানান হাৰাশাস্তি ভোগ কৰি থাকিবলগীয়া হৈছিল। পিছত কোচবিহাৰ ত্যাগ কৰি পূৰ্ববংগৰ কাৰমাইকেল কলেজত নামভৰ্তি কৰে। ১৯৩১ চনত ব্ৰিটিছ বিৰোধী কূটঘাতমূলক কামত জড়িত হোৱাৰ অভিযোগত জাৰীকৰা গ্ৰেপ্তাৰী পৰোৱানাৰপৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সিমানতে সামৰি পুনৰ কলিকতালৈ উভতি যায়। তেখেতে মাধৱ বেজবৰুৱা সম্পাদিত "বাঁহী " নামৰ আলোচনীৰ "চিত্ৰলেখা" শিতান সম্পাদনা কৰে। ১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু "শোণিত কুঁৱৰী" নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়। ১৯৩৫ চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ছমাহ নৌহওঁতেই প্ৰিয়লতাৰ মৃত্যু। পত্নী প্ৰিয়লতাৰ স্মৃতিত "পৰজনমৰ শুভলগনত"’ শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে। ১৯৪৩ চনত ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত হয়। ১৯৪৫ চনত ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত লাগি বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হয়। ১৯৫২ চনত আত্মগোপনৰ সময়তে প্ৰেমত পৰি নলবাৰীৰ কনকলতা মেধিক বিয়া কৰে। কনকলতাৰ সৈতে গোৱালপাৰাৰ ঘিলাগুৰিত পুলিচৰ হাতত গ্ৰেপ্তাৰ হয়। ১৯৫৪ চনত জেলৰপৰা মুক্তি লাভ কৰে। ১৯৫৫ চনত পাটীৰ গৰিষ্ঠসংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আন সকলৰ সৈতে "ভাৰতীয় কমিউনিষ্ট পাৰ্টী"ত যোগদান কৰে। ১৯৫৭ চনত ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰপৰা "ভাৰতীয় কমিউনিষ্ট পাৰ্টি"ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'বলগীয়া হয়। ১৯৬২ চনত দুটি কণমানি পুত্ৰ সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাই চিৰবিদায় লয়। চীন-ভাৰত যুদ্ধত চীনৰ পক্ষ লোৱাৰ অভিযোগত কমিউনিষ্ট পাৰ্টীৰ আন বহু সদস্যৰ সৈতে ভাৰত চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈ উৰিষ্যাৰ বৰহমপুৰ জেলত কাৰাবাস খাটিবলগীয়া হয়। ১৯৬৩ চনত জেলৰপৰা মুক্তি লাভ কৰে। ৰাভাদেৱে পুনৰ মোহিনীবালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ১৯৬৭ চনত তেজপুৰ বিধানসভা সমষ্টিৰপৰা দলৰ অনুমতি সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়। ১৯৬৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়। ১৯৬৯ চনত ৰোগশয্যাৰপৰাই জীৱনৰ অন্তিম সৃষ্টি ‘এয়ে মোৰ শেষ গান’শীৰ্ষক বিখ্যাত গীতটি ৰচনা। জুন মাহৰ ২০ তাৰিখে তেজপুৰৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে।
            বিষ্ণু ৰাভাৰ উল্লেখযোগ্য প্ৰকাশিত পুথিসমূহ উপন্যাস, নাটক, প্ৰৱন্ধ আৰু গল্প আদি ভাগত শ্ৰেণীবিভাজন কৰিব পৰা যায়-
উপন্যাস-

 ১/ সোণপাহি
 ২/ মিচিং কনেং আৰু
 ৩/জীৱন লালসা

নাটক-

১/গেঙনি ৰেঙনি

প্ৰবন্ধ-

১/অসমীয়া কৃষ্টিৰ চমু আভাস
২/অতীত অসম
৩/মুক্তি দেউল
৪/ ন পৃথিৱীৰ নতুন যুগ
৫/ বড়ো জাতিৰ ইতিহাস
৬/ ৰাভা জাতিৰ ইতিবৃত্ত
৭/ বোঁৱতী পুতি
৮/ অসমীয়া কৃষ্টি
৯/ জনজাতীয় সংস্কৃতিত শিৱ
১০/ আলিয়াই-লিগাং
১১/ দিমাছা কছাৰীৰ বুৰঞ্জী
১২/ বান কেবাং

গল্পসমূহ-

১/ মামীৰ হাৰ
২/ কুৰি বছৰ জেইল
৩/ জাল কেছ
৪/ হিয়াৰ পুং
৫/ ফুংকা

    ইয়াৰ উপৰিও তেখেতে বহুকেইটা অসমীয়া গীত সৃষ্টি কৰে, যাক "ৰাভা সংগীত" নামেৰে বিভূষিত কৰা হৈছে।প্ৰতি বছৰে জুন মহৰ ২০ তাৰিখ দিনটো "ৰাভা দিৱসৰ" হিচাপে উৎযাপন কৰা হয়। সিদিনা অসমৰ বিভিন্ন ঠাইত "ৰাভা দিৱস" উৎযাপন কৰি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

Copied. প্ৰশান্ত শইকীয়া।


Friday, June 17, 2022

ভাৰত চৰকাৰৰ অগ্নিপথ আঁচনিৰ সম্পৰ্কে কিছু আলোকপাত। Some highlights about the Government of India's Agneepath scheme.

ভাৰতৰ তিনি সেনাত ভৰ্তি হ'ব পৰা অগ্নিপথ আঁচনি কি! এই আঁচনিৰ অধীনত কোনে কোনে তিনি সেনাত যোগদান কৰিব পাৰিব আৰু তেওঁলোকৰ দৰমহা কিমান হ'ব!

শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ তিনি সেনাৰ মুৰব্বীয়ে ভাৰতৰ তিনি সেনাত যোগদান কৰিব ইচ্ছা থকা যুৱক সকলৰ বাবে এটা নতুন আঁচনি ঘোষণা কৰে যাৰ নাম 'অগ্নিপথ আঁচনি'। এনে আঁচনি ভাৰতত এইয়ায়ে প্ৰথম। আজিকালি যুদ্ধ-বিগ্ৰহ কেতিয়া আৰু কিয় হৈ যায় আগতীয়াকৈ কোৱা কঠিন। শেহতীয়াকৈ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, ইজৰাইল-পেলেষ্টাইন যুদ্ধ, আফগানিস্তান-তালিবান আদি ইয়াৰ উদাহৰণ। বহু দেশত প্ৰত্যেক ঘৰৰ এজন হ'লেও সেনাত যোগদান কৰা বাধ্যতামূলক। কিছু দেশত প্ৰায় নাগৰিককে সেনাৰ প্ৰশিক্ষণ দিয়ে যাতে দেশৰ বিপদৰ সময়ত সক্ৰিয় সেনা কমি আহিলে এই প্ৰশিক্ষিত সকলক ব্যৱহাৰ কৰিব পাৰি। 'অগ্নিপথ আঁচনি'ৰ যোগেদি যোগদান কৰা তিনিও সেনাৰ সৈনিক সকলক 'অগ্নিবীৰ' বুলি কোৱা হ'ব। এই আঁচনিৰ যোগেদি যি সকলে তিনিও সেনাত যোগদান কৰিব তেওঁলোকৰ চাকৰিৰ বয়স হ'ব চাৰি বছৰ। তাৰে ছমাহ প্ৰশিক্ষণ আৰু চাৰে তিনি বছৰ সক্ৰিয় সৈনিকৰ চাকৰি। তাৰ পাছত এই সৈনিক সকলৰ মাজৰ পৰা প্ৰায় ২৫% সৈনিকৰ চাকৰি নিয়মীয়া কৰি দিয়া হ'ব আৰু বাকী ৭৫% সৈনিকক এটা 'সেৱা নিধি' আঁচনিৰ এটা মোটা ধন দি অৱসৰ দিয়া হ'ব।

কোন কোন এই 'অগ্নিবীৰ' হ'ব পাৰিব!

- 'অগ্নিবীৰ' হ'বলৈ পদপ্ৰাৰ্থীৰ বয়স ১৭.৫ বছৰ পৰা ২১ বছৰ হ'ব লাগিব।

- নূন্যতম মেট্ৰিক উত্তীৰ্ণৰ পৰা যোগ্যতা নিৰ্ধাৰণ কৰা হ'ব। হয়তো উচ্চ মাধ্যমিকৰ উত্তীৰ্ণও লব পাৰে। সেই কথা বিজ্ঞাপন ওলালে স্পষ্ট হ'ব।

- সেনাত ভৰ্তি হ'বলৈ যিখিনি শাৰীৰিক, মানসিক আৰু স্বাস্থ্যৰ প্ৰয়োজন সেইখিনি প্ৰাৰ্থীজনৰ থাকিব লাগিব। যেনে উচ্চতা, ওজন, শৰীৰৰ সকলো অংগ সুস্থ আৰু ভাল, দৌৰ বা যি শাৰীৰিক পৰীক্ষা লব উত্তীৰ্ণ হ'ব লাগিব।

'অগ্নিবীৰ' সকলৰ দৰমহা কিমান আৰু অৱসৰৰ পাছত কি লাভ হ'ব!

- 'অগ্নিবীৰ' সকলৰ প্ৰথম বছৰৰ দৰমহা প্ৰতিমাহে ৩০,০০০ টকা হ'ব। তাৰে ২১,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৫২,০০০ টকা।

- দ্বিতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৩,০০০ টকা হ'ব। তাৰে ২৩,১০০ প্ৰতিমাহে তেওঁ পাব আৰু ৯৯০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ২৭৭,২০০ টকা।

- তৃতীয় বছৰৰ দৰমহা প্ৰতিমাহে ৩৬,৫০০ টকা হ'ব। তাৰে ২৫,৫৮০ প্ৰতিমাহে তেওঁ পাব আৰু ১০৯৫০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩০৬,৯৬০ টকা।

- চতুৰ্থ বছৰৰ দৰমহা প্ৰতিমাহে ৪০,০০০ টকা হ'ব। তাৰে ২৮,০০০ প্ৰতিমাহে তেওঁ পাব আৰু ১২,০০০ টকা 'সেৱা নিধি' আঁচনিলৈ যাব। সেই হিচাপত এবছৰত তেওঁ নগদ লাভ কৰিব ৩৩৬,৩০০ টকা।

৪ বছৰৰ সৰ্বমুঠ এজন 'অগ্নিবীৰ' সৈনিকে ১১ লাখ ৭২ হাজাৰ ১৬০ টকা নগদ লাভ কৰিব।

এতিয়া চিন্তা এটা হৈছে সকলোৰে যে এই যে প্ৰতিমাহে 'সেৱা নিধি' আঁচনিৰ নামত ৩০% দৰমহা কাটি দিছে সেইটো কি চৰকাৰৰ পুঁজিলৈ যাব নেকি! চিন্তা নকৰিব। নাযায়। সেই টকা ৪ বছৰৰ মূৰত 'অগ্নিবীৰ' জনেই পাব তাকো দুগুণ আৰু সুত সহ। ৪ বছৰত 'সেৱা নিধি' আঁচনিৰ নামত মুঠ ৫০২,২০০ টকা কাটিব কিন্তু ৪ বছৰৰ পাছত অৱসৰ লোৱাৰ পাছত 'অগ্নিবীৰ' সৈনিকজনে প্ৰায় আকৌ ১১ লাখ ৭১ হাজাৰ টকা একেলগে লাভ কৰিব।

মই ইতিমধ্যে কৈছোঁ যে 'অগ্নিপথ আঁচনি'ৰ সকলো 'অগ্নিবীৰ'ক ৪ বছৰৰ পাছত অৱসৰ দিয়া নহয়। ২৫ শতাংশ অগ্নিবীৰ'ৰ চাকৰি নিয়মীয়া হৈ যাব। তেওঁলোকে পাছত সেনাৰ সকলো সুবিধা লাভ কৰিব। বছৰত 'অগ্নিপথ আঁচনি'ৰ অধীনত এই নিযুক্তি দুবাৰ হ'ব প্ৰতি ছমাহৰ মূৰে মূৰে। প্ৰতিবাৰত প্ৰায় ৫০,০০০ 'অগ্নিবীৰ'ক নিৰ্বাচিত কৰা হ'ব। এইবাৰ যিহেতু প্ৰথম সেইবাবে ৪৬,০০০ নিযুক্তি হ'ব। ইয়াৰ ৩০০০ নৌসেনা, ৩০০০ বায়ুসেনা আৰু বাকী ৪০,০০০ সেনালৈ যাব।

- প্ৰতিজন 'অগ্নিবীৰে' বছৰত এমাহ ছুটী পাব। চাকৰি কালত সেনাৰ চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা, কেণ্টিন সুবিধা আদি সকলো পাব।

'অগ্নিবীৰ' হোৱাৰ পাছত ক্ষতি হোৱাৰ সম্ভাৱনা-

- মোৰ দৃষ্টিত বৰ্তমান যি নিবনুৱা সমস্যা বাঢ়িছে আৰু মানুহ আৰ্থিক সংকটত ভুগিছে 'অগ্নিবীৰ' হ'লে ক্ষতিতকৈ লাভ বেছি হ'ব। ক্ষতি এটায়ে হ'ব যিহেতু 'অগ্নিবীৰ'ৰ ভৰ্তি ১৭.৫ বছৰৰ পৰা ২১ বছৰৰ ভিতৰৰ ল'ৰাৰ হ'ব সেইমতে অগ্নিবীৰ' হ'বলৈ আহিলে নিয়মীয়া পঢ়াত অলপ ব্যাঘাত জন্মিব। কিন্তু আজিকালি মুক্ত বিশ্ব বিদ্যালয়ত চাকৰি কৰিও পঢ়িব পাৰি, যদিও তেনেকৈ নপঢ়ে ২১ বছৰত ভৰ্তি হ'লে ল'ৰা এজন ২৫ বছৰত অৱসৰ হ'ব তাৰ পাছত আকৌ পঢ়া আগুৱাই নিব পাৰে। অৱসৰৰ পাছত আৰ্থিক অৱস্থাও অলপ সুচল হ'ব আৰু হাতত অৱসৰৰ পাছত পোৱা মোটা ধনখিনিও থাকিব। এনেও সেনাত ভৰ্তি খুব কম বয়সতে হয়।

'অগ্নিবীৰ' হোৱাৰ পাছত লাভ-

ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ু সেনাক তিনিওক একেলগে ভাৰতীয় সশস্ত্ৰ সেনা (Indian Armed Forces) বুলি বা Military Forces বুলিও কোৱা হয়। এনে এটা সন্মানজনক Uniform Service কৰা পাছত তেওঁৰ সেই অভিজ্ঞতাৰ বাবে সকলো ঠাইতে অগ্ৰাধিকাৰ পাই। আনকি বিমানৰ Emergency Exit ৰ XL চিটটোও সেনাৰ মানুহ যাত্ৰা কৰিলে তেওঁক বিনামূলীয়াকৈ দিয়ে কাৰণ কিবা বিমানখনৰ বিপদ হ'লে Emergency Exit দৰ্জা খন এজন সাধাৰণ মানুহতকৈ এজন সেনাৰ মানুহে ভালকৈ আৰু পেচাগত ভাবে খুলিব বুলি বিশ্বাস কৰে। কাৰণ তেওঁৰ সেই চাকৰিৰ অভিজ্ঞতা। সেনাৰ মানুহ মানে সকলো জানে, যি দিয়ে তাকে কৰিব পাৰে। 'নোৱাৰো' শব্দটো সেনাত নাইয়ে বুলিব পাৰি। সেইবাবে অৱসৰৰ পাছতো দ্বিতীয় চাকৰিৰ বাবে গ'লে সেনাৰ মানুহজনক বেছি অগ্ৰাধিকাৰ দিয়া হয়। তাৰোপৰি Discipline, Manners আদিৰ বাবেও সাক্ষাৎকাৰত পইণ্ট পাই। 'অগ্নিবীৰ' সকলক চাকৰিৰ পাছত এখন অভিজ্ঞতা প্ৰমাণ পত্ৰও চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব। যি খন পৰৱৰ্তী সময়ত বিভিন্ন চাকৰিৰ বাবে সুবিধা হ'ব। দ্বিতীয়তে মাত্ৰ ৪ বছৰ চাকৰি কৰি ৪ বছৰৰ পাছত ১১ লাখ ৭০ হাজাৰ টকা একেলগে নিয়াৰ পাছত ইমান মূল ধনেৰে চাকৰি নকৰোঁ বুলি ভাবিলেও নিজে এটা ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে। ২৫ বছৰৰ একোৱে নহয়। তাৰ পাছত যদি পঢ়িব ইচ্ছা কৰে আকৌ পঢ়ি নিজৰ মন পছন্দৰ চাকৰি বিচাৰিব পাৰে যিটো সময়ত আৰ্থিক দুৰৱস্থাত ভুগি আছিল এতিয়া আৰ্থিক ভাৱে সবল হৈ জীৱনটো আগবঢ়াই নিব পাৰিব।

এই আঁচনিৰ ফলত ভাৰতৰ এইটোৱেই লাভ হ'ব যে বহু সেনা প্ৰশিক্ষিত ভাৰতত থাকিব। কাইলৈ ভগৱানে নকৰক কিবা যুদ্ধ আদি হ'লে ভাৰতৰ Backup force থাকিব।

আৰু একেবাৰে শেষত। এজন 'অগ্নিবীৰ' নামত ৪৮ লাখ টকাৰ Life Insurance কৰা হ'ব লগতে এই চাৰি বছৰত ভগৱানে নকৰক কোনোবা 'অগ্নিবীৰ' দেশৰ বাবে শ্বহীদ হয় তেওঁৰ পৰিয়ালে ৪৪ লাখ টকা লাভ কৰিব।

এই চাকৰিৰ বিজ্ঞাপন খুব সোনকালে ওলাব বুলি গম পোৱা গৈছে। মই যদি আগতীয়াকৈ গম পাওঁ জনাম বাৰু।

দেশৰ বাবে মৰিম বুলি কোনো সেনাত ভৰ্তি নহয়, দেশ ৰক্ষা কৰিম বুলিহে ভৰ্তি হয়। সেনাৰ প্ৰতি আগ্ৰহী যুৱক সকলৰ বাবে সেনাৰ পোছাক পিন্ধা ই এটা ভাল সুযোগ।


অতিথি শিতানত , লেখক :
- লক্ষ্য জ্যোতি নাথ

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts