Saturday, November 14, 2020

গোপন কথা

    

      গোপন কথা


তুমি নোৱাৰা আহিব মোৰ জীৱনত
আগভেটি বৈ আছে নৰ নৈৰ কোবাল সোঁত

ঢেকীয়া ফুল হৈ ফুলিবা মোৰ বুকুৰ অন্তেষপুৰত
আলফুলে আকোঁৱালি লম এচেৰেঙা ৰ'দ

তুমি প্ৰত্যাগমন কৰিলেই ফুলি উঠিব জীৱনৰ
লঠঙা বিৰিখত পাজিসেৰীয়া শুকুলা কপৌ

কওঁ বুলিওতো ক'ব নোৱাৰি তোমাক সকলো কথা
বনজুইৰ সদৃশ বিয়পি পৰিব ইটোৰ পৰা সিটোলৈ

তথাপি মনে যে নামানে প'লে প'লে উৰা মাৰে
তোমাৰ আৱেশ সনা দুচকুত মৰম হৈ নামে

বাটত পোৱা এঢলিটো আকৌ এবাৰ পাম জানো !
এবাৰ অহা সুযোগ পুনৰাই পাখি মেলি আহে জানো?

 আহিবা নহ'লে সংগোপনে গৰকিবাহি মোৰ বকুলফুলীয়া নিজম ভেটি 
তুমি অহাৰ বাটত অপেক্ষা কৰিম এটা বিনিদ্ৰ ৰজনী 
অতিবাহিত কৰিম এশালি শালিকাৰ দৰে 

তুমি হয়তো ভাবিব পাৰা কেনেকৈ জীন যাব
নিসিজা শাকৰ খৰচীয়া সোৱাদ

তোমাৰহে কথা তোমাৰ এটা মাথোঁ চকুৰ টিপত
হৃদয়ৰ হ'ল্ডল ভাঙি বৈ আহিব আশা আৰু হেপাঁহৰ তপত নিজৰা মোৰ চৌপাশ শীতল কৰি।

অদূৰত ভাঁহি থাকিব জীয়া প্ৰেমৰ সুৰীয়া গান
জীৱন জীপাল কৰি অহৰহ।














সময় ২.৩০
দিনাঙ্ক ১৩/১১/২০

Monday, November 9, 2020

পুৰণি টকাৰ বিক্ৰী পুৰণি টকাত টকাৰ বৰষুণ !!

পুৰণি টকাৰ বিক্ৰী কিমান দূৰ সত্য ?

পুৰণি টকাত টকাৰ বৰষুণ !!

এই কেইদিনমান হ'ল মোবাইল নেটৱৰ্ক খুলাৰ লগে লগে দৃশ্যমান হয় পুৰণি টকাৰ বিক্ৰীৰ সম্পৰ্কে। ব্যাখ্যা দেখি ধনী হোৱাৰ সহজ পথ পালো যেন লাগে।

কিন্তু কিমান দূৰ সত্য পুৰনি টকা বিক্ৰী হোৱা বিষয়টো। India mart ত লগ অন কৰিছিলোঁ কিন্তু প্ৰথম পঞ্জীয়ন কৰাৰ বাবেহে দেখুৱাই। 



পঞ্জীয়ন ৰ দাম ২ -৩ হাজাৰ। অৰ্থাৎ টকা দিলেহে পঞ্জীয়ন হয়। নিউজ চেনেলবোৰত কৈ থকাৰ দৰে সহজ নহয়। 



সাধাৰণ মানুহক ঠগি লুটি-পুটি নিয়াৰ এটা ফন্দি যেনহে লাগে। 



আকৌ ১৯১৫ চনৰহে বোলে মুদ্ৰা হ'ব লাগে। কেৱল সেয়ে নহয় নোট খন হেনো 786 ছিৰিজৰ হ'ব লাগে। কিযে নাভুতনাশ্ৰুত কথা। 
বাতৰি বোৰ পৰিৱেশন কৰা উদ্দেশ্য কি নাজানো। কিন্তু এইবোৰত যে কোনো সত্যতা নাই সেয়া 100% ই সত্য। ভুৱা বাতৰি পৰিৱেশন নকৰিলে নহয়নে বাৰু ? 

 
জনসাধাৰণ ইয়াৰ পৰা কি লাভাম্বিত হৈছে ? 

মিছাকৈ বহু মানুহৰ মূৰত টকাৰ লোভৰ পোকটো ঠেলি সেচি সুমুৱাই দিয়া হৈছে ! 

Sunday, November 8, 2020

তোমাৰ আগমনৰ পিছৰ খবৰ...

   তোমাৰ আগমনৰ পিছৰ খবৰ...

ভবাই নাছিলোঁ দিনবোৰ এদিন
তুমি অহা বাটত ৰৈ থাকিব আশাৰ শেতেলি পাৰি
বুকুখনত ফুলি ৰ'ব ৰ'দঘাইৰ কহুৱা এডৰা
বসন্তৰ পম খেদি নিজানে নিতালে
ঠিক মলয়া এজাকৰ দৰে 

ভবাই নাছিলোঁ মই তোমাৰ কলপতীয়া মৰমবোৰ
আঁউসীৰ আন্ধাৰৰ দৰে লহপহকৈ বাঢ়ি আহিব
বুকুৰ কন্দৰত কুৰুকি কুৰুকি সোমাব 
বেদনাৰ উল্কা হৈ নামি আহিব সময়ৰ মাজেৰে
প্ৰাপ্তি অপ্ৰাপ্তিৰ হালধীয়া ঠিকনা।

ঠিক তোমাৰ হাত আৰু ওঁঠৰ তপত স্পৰ্শত
প্ৰাণ পাই উঠিছিল মোৰ বিৱৰ্ণ দুভৰিৰ ছন্দ
তোলা কোমল বুকুৰ উৰজৰ স্পৰ্শত 
হেন্দোলিত হৈছিল মোৰ সমগ্ৰ সত্তা 
তেতিয়াই ৰঙীন স্বপ্ন এটাই ৰিঙিয়াই মাতিছিল মোক
মই 'তুমি' হোৱাৰ প্ৰৱল হাবিয়াসত
এতিয়া নৈ এৰাসুঁতিৰ সদৃশ বৈ আছোঁ অবিৰাম ।

এতিয়া 
প্ৰতি খোজতে সৰি সৰি পৰে উৎকণ্ঠাৰ পাপৰি
আলিঙ্গনাৱন্ধ অন্যমনস্কতাৰ বাটেৰে বাট বুলোতে
হেৰাই যায় ভাৱনাৰ সাগৰত মনৰ তন্ময়তা
ছাঁ হৈ ডুলি থাকে মন গহন বনত 
তোমাৰ কহুৱাঁ বৰনীয়া প্ৰতিচ্ছবি
অহনিৰ্শে !!

 
সময় : ৮.২০ ,ৰাতি ।
দিনাঙ্ক : ৮/,১১/২০২০

Thursday, September 10, 2020

আশাৰ শেতেলিত কবিতাৰ ছন্দ লাগি

       আশাৰ শেতেলিত কবিতাৰ    ছন্দ লাগি


লিখি যাম কবিতাবোৰ অহৰহ
             তোমাৰ প্ৰেৰণাৰ বুকুত
                        আলফুলে খামোচি          
                               শব্দৰ মায়া লাগি
                               পূৰ্ণ হ'ব যৌৱনৰ  টঙী ।                
                               
 নিৰ্জন দুপৰীয়া এটাত 
            প্ৰেমৰ অভিধানত 
                    শব্দৰ লেচেৰি বুটলি    
                         সজাম জীৱনৰ মধুময় কবিতা
                          পূৰ্ণ হ'ব যৌৱনৰ হেঙুলীয়া আশা ।
                                               
 এনেকৈয়ে কবিতাবোৰে 
           পাহ মেলিব জীৱনৰ কোঁহে কোঁহে
                 খৰিকাঁজাইৰ ফুল হৈ নাচিব
                        মধুময় স্বপ্নৰ ৰাগিত
                        সুখে বাহ সাজিব আশাৰ শেতেলিত
                        কবিতাৰ ছন্দ লাগি।।
              
                                   
                        ----++++----       
                        

Saturday, September 5, 2020

নিকুঞ্জৰ সিদ্ধান্ত ( অনুগল্প )

   Happy Teachers Day. 


নিকুঞ্জৰ সিদ্ধান্ত 

... নিকুঞ্জৰ মনটো কমোৱা তুলা উৰা নিচিনা উৰি ফুৰিছে। কথাটোৱে তাক সঁচাই ভবাই তুলিছে। 
   পাঁচ ছেপ্টেম্বৰত হেনো 'শিক্ষক দিৱস' । সিদিনা ৰাস্তাতে লগ পায় হেডচাৰে কৈছিল- অ' নিকুঞ্জ ভাল নে ? অহা পাঁচ ছেপ্টেম্বৰত শিক্ষক দিৱস । আগৰ নিচিনা উদযাপন কৰিব নোৱাৰিবা । কাৰণ মহামাৰীৰ প্ৰভাৱ পৰিছে। তোমালোকে ' মোৰ শিক্ষকেই মোৰ অনুপ্ৰেৰণা' বুলি লিখি তোমাৰ পছন্দৰ এজন শিক্ষকক চিঠি এখন দিবা। পাঁচ ছেপ্টেম্বৰৰ আগতে জমা দিবা, বুজিছা । এয়া উপৰৱালাৰ নিৰ্দেশ জানিছা।' 
     : হ'ব চাৰ বুলি নিকুঞ্জই তলমূৰ কৰি কথাটো চিন্তা কৰি আহি থাকিল। নিকুঞ্জই ভাবিলে কিয় বাৰু অকল এজন শিক্ষককহে চিঠি দিব লাগে, দিলে গোটেই বিলাককে দিব লাগে কাৰণ গোটেই বিলাক শিক্ষকেই আমাৰ বাবে অনুপ্ৰেৰণা। প্ৰতিজন শিক্ষাগুৰুৱে বহু সাৰুৱা ভাষাৰে আমাক নৈতিক শিক্ষা প্ৰদান কৰে।আমি সাদৰেৰে গ্ৰহণ কৰো । মোৰ বাবে প্ৰতিজন শিক্ষকেই আপোন, শ্ৰদ্ধাৰ পাত্ৰ, ভক্তিৰ পাত্ৰ আৰু সেৱাৰ যোগ্য। আৰু মোক সকলো শিক্ষকেই ভালপায়,মৰম কৰে ,সু পৰামৰ্শ দিয়ে তেনেস্হলত কেনেকৈ কেৱল এজনকহে চিঠি দিম, ইয়ে বৈষম্য মনোভাৱৰ সৃষ্টি নকৰিব নে ? মই কেৱল এজনক নিদিও , দিলে সকলোকে দিম। 
      ইমান সৰু কথাটোৱে নিকুঞ্জক আজি বাৰুকৈয়ে ৰেখাপাত কৰিছে। শিক্ষক দিৱসৰ উপলক্ষে সি মনতে শিক্ষকসকৰ সুস্বাস্হ্য কামনা কৰিলে। সকলোৰে সুদীৰ্ঘ জীৱনৰ কামনা কৰি অদৃষ্ট জনৰ ওচৰত প্ৰাৰ্থনা জনালে আৰু সেৱা আগবঢ়ালে। তাৰ মনটো ফৰকাল লাগিল। গাড়ীখনৰ তীব্ৰ হৰ্ণৰ মাতত নিকুঞ্জৰ চিন্তাৰ পাক ভাগিল। সি খৰ খোজেৰে চিঠি লিখাৰ মানসেৰে ঘৰ অভিমুখী হ'ল।...
     

Thursday, September 3, 2020

তুমি নহা হ'লেই ভাল আছিল

তুমি নহা হ'লেই ভাল আছিল 


তুমি নহা হ'লেই ভাল আছিল
মোৰ জীৱনলে'
অতদিনে সুখেৰে আছিলো
অকলশৰে ভাৱনাৰে....।

এই যে তুমি গুচি গ'লা
ওলট-পালট হ'ল আউল লাগিল
মোৰ জীৱনৰ দিনপঞ্জীত 
অতীতবোৰ বৰ্তমান হ'ল, বৰ্তমানবোৰ
হেৰাই গ'ল সময়ৰ বুকুত
বুকুখনত ভৰি পৰিল চপৰাচপৰ কজলুৱা দুখ

কেতিয়াবা খুব শব্দ কৰি হাঁহিবৰ মন যায়
যেন শব্দৰ লগতে নিগৰি আহে যন্ত্ৰণা
কেনেকৈ পিন্ধিলা তোমাৰ গোলাপ-কোমল আৱৰণ খহাই শিলৰ সাজ
সময়ৰ খৰস্ৰোতত হেৰাই আপোনজনৰো ঠিকনা।

কিয় তুমি ইমান অবুজ হ'লা ?
কিয় তুমি ইমান কঠোৰ হ'লা ? 

মোৰ মৰমবোৰ তোমাৰ পাছে পাছে
অহৰহ দৌৰিছিল আৰু
দৌৰি দৌৰি এসময়ত ভাগৰি পৰিছিল
কিন্তু তথাপি তুমি নৰলা 

তুমি এৰি গুচি যোৱাৰ পিছত
মোৰ হিয়াখনত
উদ্ৰেক হয় এক অজান শূন্যতাৰ
উজাগৰে অতিবাহিত হয়
মোৰ জোনাকী নিশা
তুমি নহা হ'লেই ভাল আছিল
অন্তত: হেলাৰঙে কটাব পাৰিলোহেঁতেন 
এই বাসন্তী বেলা।




শ্ৰীময়ী আলোচনীত প্ৰকাশিত।
ত্ৰয়োদশ বৰ্ষ, ষষ্ঠ সংখ্যা, ১৬ ছেপ্টেম্বৰ, ১৯৯৯ চন 



-------++++++-----++++------++++-------+++------

Tuesday, September 1, 2020

এই মাটিৰ মই আজন্ম প্ৰেমিক

এই মাটিৰ মই আজন্ম প্ৰেমিক ! 

এই মাটি মোৰ প্ৰোথিত বেদনাৰ স্বাক্ষৰ
এই মাটি মোৰ কুলৰ উজ্বল শঙ্কৰ ।

আইৰ বুকু বিদাৰি নি:সৃত তপত নীৰ
এই মাটিৰে সহবাস আদি কালৰ
লাখুটিৰ ভৰত আইৰ থৰক-বৰক খোজ
এক দুৰ্বিসহ যাত্ৰা
'উৰ্বশী'ৰ পম খেদি চেঁচোৰ দৰে আগুৱাই
উন্নতিৰ জেওৰাৰে মিতিৰালি কৰাৰ
অলেখ্য সামাজিক

এই মাটিৰ মই আজন্ম প্ৰেমিক !
এই মাটিতে লালিত-পালিত 
আইৰ হাঁচতিৰ শোকৰ আলেখ্য
ভাষা জননীৰ ৰূপিত সেউজ শস্য
কত জনৰ
কত পুৰুষৰ
দলিত ইতিহাস
যুগক সাৰথি কৰি
সময়ক কান্ধত তুলি
কঢ়িয়াই নিছা তুমিয়েই দিগ-দিগন্তৰ 
এই মাটিৰ বিমল উত্তাপ

এই মাটিতেই
মোৰ স্বকীয়তা
মোৰ সৌহাৰ্দতা  
মোৰ পূৰ্ণতাৰ হয় মূৰ্ত প্ৰকাশ !

এই মাটিৰ মই আজন্ম প্ৰেমিক
সুন্দৰৰ জাগ্ৰত সাহসী সৈনিক
নাঙলৰ সীৰলুৰে কৰ্ষণ কৰি বুটলি আনো 
প্ৰোথিত বিপুল প্ৰত্যাশাৰ সোণৰ সীতা
বুটলি আনো সূৰ্যক ৰঙা চকু দেখুৱাই
শোষিত জাতি জনতাৰ একতাৰ প্ৰেমাশ্ৰু
শ্যামলিমা মাটিৰ সুগন্ধত মতলীয়া মই
লুইতৰ পাৰৰ সাতোবৰণীয়া অসমীয়া । 

এই মাটিৰ মই আজন্ম প্ৰেমিক  
এই মাটিৰ ৰক্ষক মই কৰ্ণিকাৰে আবৃত দুহাত 
সুন্দৰৰ জাগ্ৰত সাহসী সৈনিক।।


-------++++++------++++++---------




Monday, August 31, 2020

এজাক মানৱতা বৰষুণৰ অপেক্ষাত !

বসন্ত আহিলেই ইয়াত 
              আকৌ বতাহৰ প্ৰাত:ভ্ৰমণ হ'ব।
ৰুই থব'লে এজোপা কৃষ্ণচূড়া
               আলোড়িত হ'ব মাটি
                       উন্মুখিত হ'ব সেউজীয়া 
                               আপোন গোন্ধ ।
বসন্ত আহিলেই ইয়াত
               আকৌ বৰষুণ হ'ব।
প্ৰচুৰ ফুলৰ বৰষুণ
               প্ৰেমৰ বাবে
                         মানৱতাৰ বাবে
                                 চৌপাশ জীপাল কৰি ।
বসন্ত আহিলেই ইয়াত
                আকৌ কুলিয়ে অমিয়া গীত জুৰিব        
                        প্ৰভাতী পখীয়ে নাচিব প্ৰাণপণে                                              ডেউকা কোবাই ।
বসন্ত আহিলেই ইয়াত
           আকৌ সময়ে ৰং সলাব 
                    সেউজীয়াৰ পোহাৰে প্ৰাত:সম্ভাষণ                                         জনাব নাঙঠ বিদ্ৰোহীসকলক ।
বসন্ত আহিলেই ইয়াত
            আকৌ পোহৰে মাহ-হালধিৰে গা-বোলাব
                      নিৰ্বোধ শিশুসকলৰ মনত
                                  স্বপ্নই বাহ সাজিব
আৰু ওঁঠৰ কোণত ওলমি ৰব 
              মিচিকি হাঁহিৰ হেঙুলীয়া ৰেখা
                      হেপাঁহৰ বুকুত খামোচি 
                              লহপহকৈ বাঢ়িব জোনাক ।
বসন্ত আহিলেই মোহত মুগ্ধ হৈ
              আপোন পাহৰা হ'ব বিবৰ্ণ দুহাত 
                       স্বপ্নাকাংক্ষাই দি যাব 
                             ধেমাজি 'ডাৱৰ' আঁতৰাৰ 
                                     এক ক্ষীণ আভাস ।
বসন্ত আহিলেই পাহ মেলিব
             শান্তিৰ সুৰ্যোদয়ৰ কিৰণে
                       ৰিণিকি ৰিণিকি 
                                 সময়বোৰ জীপাল কৰি ।
বুকুৱে বুকুৱে ঢালি দিব 
                 প্ৰাণৰ মমতা প্ৰাণৰ উশাহ
                        মানৱতাৰ মন্দাকিনী হৈ 
                              পূ্ৰ্ণতাৰে ভৰিব ৰিক্ত কৰণি ।














----------+++++++++++++++++++----------
                         


Saturday, August 29, 2020

সাম্প্ৰতিক প্ৰেক্ষাপটত ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰপ্ৰাসঙ্গিকতা

ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম :


    
       ভাৰতৰ ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থকা ড° সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আছিল একাধাৰে সাহিত্যিক, দাৰ্শনিক, ভাষাবিদ , শিক্ষক আৰু ৰাজনীতিৰ লগত জড়িত মহান নেতা। এইজনা মহান নেতাৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত তামিলনাডুৰ তিৰুটানিত। পিতৃ বীৰা স্বামী আৰু মাতৃৰ নাম আছিল সীতামা। 

শিক্ষা :


        ইতিহাসৰ জৰিয়তে জনা যায় যে ভ° ৰাধাকৃষ্ণণৰ প্ৰাক প্ৰাথমিক শিক্ষা পিতৃ-মাতৃৰ তত্বাৱধানত নিজ ঘৰতেই আৰম্ভ হৈছিল। আঠ বছৰ বয়সলৈ ৰাধাকৃষ্ণণে ঘৰতেই শিক্ষা গ্ৰহণ কৰিছিল আৰু সেই পৰিৱেশৰ সৃষ্টি কৰিছিল তেখেতৰ পিতৃ-মাতৃয়ে। পৰৱৰ্তী ১৮৯৬ চনত তিৰুপাটিৰ লুথেৰান মিছনেৰী স্কুলত নামভৰ্তি কৰাই দিছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে উল্লেখিত শিক্ষানুষ্ঠানত পঢ়া শেষ কৰাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ বিষয়ত অনাৰ্ছ লৈ অধ্যয়ন কৰি শিক্ষা সাং কৰিছিল। ঘৰত পিতৃ-মাতৃৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈ সুচৰিত্ৰ গঠণত বিৰাট প্ৰভাৱ পৰিছিল আৰু পৰৱৰ্তী সময়ত মিছনেৰীসকলৰ কটকটীয়া নীতি নিয়মৰ মাজত ডাঙৰ দীঘল হোৱাৰ বাবে ৰাধাকৃষ্ণণৰ সেই সুচৰিত্ৰ বিস্তৃত ৰূপত প্ৰকাশ ঘটিছিল আৰু ইয়ে তেখেতৰ জীৱনত প্ৰভাব পেলাবলৈ সক্ষম হৈছিল। 

কৰ্মজীৱনৰ পাতনি :


ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে দৰ্শন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰাৰ পিছত ১৯০৯ চনত মাদ্ৰাজ প্ৰেচিডেন্সি কলেজত দৰ্শন বিষয়ত সহকাৰী অধ্যাপক পদত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলিছিল । ১৯১৮ চনৰ পৰা ১৯২১ চনলৈ মহীশূৰ বিশ্ববিদ্যালয়ত ৰাধাকৃষ্ণণে দৰ্শনৰ অধ্যাপক হিচাপে কৰ্মনিৰ্বাহ কৰিছিল । ইয়াৰ পিছত ১৯২১ চনৰ পৰা ১৯৩১চন পৰ্যন্ত কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ১৯৩১ চনত তেখেতে অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰফেছাৰ অৱ ইষ্টাৰ্ণ ৰিলিজন এণ্ড ইথিকচ , অক্সফৰ্ড ইউনিভাৰ্ছিটিত ১৯৩২ চনৰ পৰা ১৯৫২ চনলৈ তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত প্ৰথম ভাৰতীয় উপাচাৰ্য হিচাপে তেখেতে ১৯৪২ চনত অধিষ্ঠিত হৈছিল। তদুপৰি মানচেষ্টাৰ কলেজত আপটন লেকচাৰাৰ হিচাপে, চিকাগো বিশ্ববিদ্যালয়ত ' হাৰৱেল লেকচাৰাৰ অব কমপেয়াৰেটিভ ৰিলিজন' বিষয়ত, লণ্ডনৰ ইউনিভাৰ্ছিটি কলেজত 'হাইবাৰ্ট লেকচাৰাৰ' হিচাপে বক্তৃতা প্ৰদান কৰিছিল।

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ৰাধাকৃষ্ণণ :


     ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৪৮ চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ (UEC) ৰ অধ্যক্ষ হিচাপে , ইউনেস্কোৰ (UNESCO) কাৰ্যকৰী বৰ্ডৰ অধ্যক্ষ হিচাপে, ১৯৫২ চনত ইউনেস্কোৰ সভাপতি  হিচাপে অধিষ্ঠিত হৈ ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব সক্ষম হৈছিল।

ৰাজনৈতিক জীৱন : 

স্বাধীনতা লাভৰ পিছত গঠিত হোৱা জৱাহৰলাল নেহৰুৰ ভাৰতৰ চৰকাৰে ৰাধাকৃষ্ণণক ৰাজনীতি লৈ টানি লৈ গৈছিল। চৰকাৰে অৰ্পণ কৰা দায়িত্ব গ্ৰহণ কৰি ১৯৪৮ চনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে ছোভিয়েট দেশলৈ যায়। নিষ্ঠা আৰু সততাৰে তেখেতে ১৯৪৮ চনৰ পৰা ১৯৫২ চনলৈ দক্ষতাৰে ৰাষ্ট্ৰদূতৰ দায়িত্ব পালন কৰিছিল। 
    ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ ভাৰত দেশৰ   উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ কাৰ্যনিৰ্বাহ কৰিছিল। 
     এইজন মহান শিক্ষক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত উপযুক্ততাৰ ভিত্তিত ভাৰতৰ ৰাষ্ট্ৰপতি পদ অলংকৃত কৰি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰপতি ভৱন আৰু সংসদ সৌষ্ঠৱ বৃদ্ধি কৰি তুলিছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈ ৰাষ্ট্ৰপতি হিচাপে নিষ্ঠাৰে কৰ্তব্য পালন কৰি দেশবাসীক সেৱা আগবঢ়ায়। 

বঁটা বাহন আৰু সাহিত্য সৃষ্টি:


১৯৪৯ চনত ৰাধাকৃষ্ণণে মহাত্মা গান্ধী, চি. ভি.ৰমন , ৰামকৃষ্ণ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জীৱনী সংকলন " মহান ভাৰতীয়" নামেৰে যুগুতাই প্ৰকাশ কৰিছিল। উপ ৰাষ্ট্ৰপতিৰ কাৰ্যকালছোৱাত ৰাধাকৃষ্ণণে 'প্ৰিঞ্চিপাল উপনিষদ' নামেৰে এখন গভীৰ তত্ত্ব সমৃদ্ধ গ্ৰন্থ লিখি উলিয়াইছিল।  আকৌ ৰাষ্ট্ৰপতিৰ কাৰ্যকালছোৱাতো গভীৰ তথ্য সম্বলিত 'পৰিবৰ্তনশীল বিশ্বত ধৰ্ম' নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল। তেখেতে ১৯৫৫ চনত 'ইষ্ট এণ্ড ৱেষ্ট, চাম ৰিফ্লেকচন' , আৰু ১৯৫৬ চনত 'ৰিক'ভাৰী অফ ফেইথ' নামৰ দুখন গ্ৰন্থ লিখি প্ৰকাশ কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিছিল। তদুপৰি 'ভাৰতীয় দৰ্শনৰ উৎস গ্ৰন্থ' আৰু 'ব্ৰহ্মসূত্ৰ' ও তেখেতৰ মূল্যৱান ৰচনা আছিল।
    মহান জননেতা তথা মহান শিক্ষক, দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণণক পৰৱৰ্তী ১৯৫৪ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান 'ভাৰতৰত্ন' প্ৰদান কৰি কৃতাৰ্থ কৰে। 

বৰ্তমান সময়ত ৰাধাকৃষ্ণণৰ প্ৰাসঙ্গিকতা : 

    
       গতিশীল সময়ৰ লগত তাল মিলাই আগবাঢ়ি যোৱাতো বৰ সহজ কথা নহয় যদিও ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কিন্ত ইয়াৰ ব্যতিক্ৰম ব্যক্তি আছিল। বিশ বছৰ বয়সত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা ৰাধাকৃষ্ণণে নিজৰ দক্ষতা আৰু মেধাৰ বলত ভাৰত ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় অংশগ্ৰহণ কৰি নিজৰ লগতে দেশৰ উন্নয়নত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি হোৱাৰ পিছতো ৰাধাকৃষ্ণণে শিক্ষকৰ দৰে সহজ সৰল জীৱন যাপন কৰিবলৈহে ভাল পাইছিল। ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চাৰ  সৈতে জড়িত হৈ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি উত্তৰ প্ৰজন্মৰ পথপ্ৰদৰ্শক হিচাপে পৰিগণিত হোৱা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰাসিঙ্গকতা সেয়েহে সাম্প্ৰতিক সময়ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। কোনো ছাত্ৰৰ অনুৰোধ মৰ্মে সেয়েহে তেখেতৰ পণ্ডিতালি জ্ঞান, গৰিমা , দক্ষতাক সন্মান প্ৰদৰ্শন কৰাৰ মানসেৰে আজি ৫ ছেপ্টেম্বৰ দিনটোত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ৰাধাকৃষ্ণণৰ জ্ঞানৰ যি পৰিসৰ  ,যি ব্যাপকতা সেয়া ভাৰতীয় দৰ্শন অধ্যয়ন কৰিলে বুজিব পাৰি। 
      ৰাধাকৃষ্ণণৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে উদযাপন কৰি দায় সাৰিলেই নহ'ব। আমি তেখেতৰ গুনৰাজিৰ সম্পৰ্কে অনুধাৱন কৰি অনুসৰণ কৰিব পৰাটোহে ডাঙৰ কথা। প্ৰতিবছৰে শিক্ষক দিৱস আয়োজন কৰা হয়। শিক্ষকসকলক শ্ৰদ্ধা জনোৱা হয়। কিন্তু  সেই একেখিনি ছাত্ৰ-ছাত্ৰীৰ বা ব্যক্তিৰ দ্বাৰাই শিক্ষক নিৰ্যাতিত , অশ্ৰদ্ধাৰ পাত্ৰ হোৱাও পৰিলক্ষিত হয় আমাৰ ভাৰত মুলুকত । এয়া অতি পৰিতাপৰ কথা। সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আলোকচিত্ৰত মাল্যাৰ্পণ কৰি, বন্তি প্ৰজ্বলন কৰিলেই মনিষী জনক সন্মান জনোৱা নহয়। তেখেতৰ যি ধ্যান ধাৰণা, যি গুণৰাজি তাক হৃদয়ঙ্গম কৰি অনুসৰণ কৰি তেখেতৰ দৰে বাটকটীয়া হ'ব পাৰিলেহে তেখেতক তথা শিক্ষকসমাজক শ্ৰদ্ধা জনোৱা হ'ব। আজিৰ সময়ত হয়তো বহু ছাত্ৰ-ছাত্ৰীয়ে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সম্পৰ্কে বিশদভাৱে নাজানে। আৰু এনেকুৱাও হৈছে যে প্ৰকৃততে কিয় শিক্ষক দিৱস পতা হৈছে সেই সম্পৰ্কেও বিশেষ অৱগত নহয়। তেনে ক্ষেত্ৰত শিক্ষক দিৱসৰ আয়োজনৰ কি অৰ্থ থাকিব ? সেয়েহে সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সমাজে ৰাধাকৃষ্ণণৰ সম্পৰ্কে অধ্যয়ন কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে। তেতিয়াহে প্ৰকৃততে ৰাধাকৃষ্ণণক শ্ৰদ্ধা জনোৱা হ'ব। 
 

সামৰণি:

   
       ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতা বিকাশৰ ক্ষেত্ৰত শিক্ষাতকৈ শ্ৰেষ্ঠ আন  একো হ'ব নোৱাৰে। সেয়েহে হয়তো তেখেতে শিক্ষাক জীৱনত আটাইতকৈ বেছি প্ৰাধান্য দিছিল। শিক্ষকতাৰ বৃত্তিক প্ৰকৃত সন্মানীয় বৃত্তি হিচাপে গণ্য কৰা হয়। এই উক্তিৰ সফল ছবি এখন ড° ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ মাধ্যমেৰে প্ৰতিফলিত হৈছে। শিক্ষক দিৱসৰ তাৎপৰ্যই হৈছে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ দূৰত্ব হ্ৰাস ঘটোৱা। শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি নুঠিলে তেনে পাঠদান কাৰ্যসূচীৰ পৰা ভাল ফলাফল আশা কৰিব পৰা নাযায়। সেয়ে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়াস কৰা উচিত। শিক্ষক হৈছে সকলোধৰণৰ জ্ঞানেৰে ছাত্ৰক শিক্ষিত কৰি তোলাত সহায় কৰা গুৰু। সেয়ে শিক্ষাগুৰুক সন্মান, শ্ৰদ্ধা, ভক্তি আৰু প্ৰণিপাত কৰা হয়। 

Tuesday, August 25, 2020

আমি অসহায়


 আমি অসহায় 

এতিয়া 'হাতৰ মুঠিত' জীৱনৰ 
প্ৰতিটো আনন্দিত নতুবা সুখৰ ক্ষণ ।
চেনিটাইজাৰ নতুবা দেটল চাবোনৰ
ফেনৰ সক্ৰিয়তাত উশাহ সলায় 
প্ৰতিজন মানুহৰ হাওঁফাওঁ

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গাভৰু ক্ষণতো
থমকি ৰয় সুখৰ সমীৰন স্তব্ধ হয় 
হৰ্ষ আনন্দ শান্তিৰ এচমকা পোহৰ
.. পৰিৱৰ্তে চৌদিশে বিস্তাৰিত হয় 
মৃত্যুৰ কিৰিলি -- ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ !

কৰ্পূৰৰ দৰে উৰি গৈছে মানৱ জাতিৰ --
দম্ভ অহংকাৰ গৌৰৱ হিংসা কপটতা ;
এতিয়া জীৱনৰ প্ৰতিটো ক্ষণ আৱদ্ধ
চাৰিবেৰৰ ভিতৰৰ মায়াময়তাত
নিজকে নিৰাপদে ৰখাৰ আধুনিক আখৰা

এতিয়া 'হাতৰ মুঠিত' জীৱনৰ প্ৰতিটো প'ল ।
মুখেৰে প্ৰৱেশিব ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ
মৃত্যুৰ কিৰিলি হৈ 
বন্ধ দূৱাৰত শলখাডাল নিকপকপীয়াকৈ লগাই দিয়া
আৰি দিয়া জলকীয়া আৰু নেমুৰ মালাধাৰি
জানোচা শেষ হয় যুগৰ মহামাৰীৰ মৃত্যু দূত

শাশ্বত: এতিয়া এজাক ৰ'দৰ প্ৰয়োজন
পুৰি নিকা কৰাকৈ - ক'ৰণা ভাইৰাছ ক'ৰণা ভাইৰাছ;
হে ঈশ্বৰ ! দে অগ্নি বৰষি পুৰি ছাই হঁওক 
'ক'ৰণা ভাইৰাছ' মানৱ জাতিৰ দূৰ্ঘোৰ শত্ৰু ।।


++++++++++++++++++++++++++++++++++


Sunday, August 23, 2020

অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ অসম সাহিত্য সভাৰ অনবদ্য অৱদান

পাতনি : 

অসমৰ ভাষা , সাহিত্য সংস্কৃতিৰ উত্তৰণত অসম সাহিত্য সভাৰ অনবদ্য অৱদানক অগ্ৰাহ্য কৰিব নোৱাৰি। ইতিহাসৰ পাতত অসম সাহিত্য সভাৰ অনবদ্য অৱদানৰ সম্পৰ্কে জলজল পটপটকৈ উজ্বলি আছে । অসমত আন ভাষাৰ আগ্ৰাসন ৰোধ কৰিবলৈ আৰু অসমীয়া ভাষাৰ উন্নতিৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰিয়েই নিশ্চয় কলিকতাত পঢ়ি থকা এচাম অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া সাহিত্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ নিমিত্তে ১৮৮৮চনৰ ২৫ আগষ্টত "অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা " গঠণ কৰিছিল। প্ৰখ্যাত সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেনুধৰ ৰাজখোৱা,ডালিম চন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমল চন্দ্ৰ শৰ্মা আদি গণ্যমান্য ব্যক্তিসকলৰ প্ৰচেষ্টাত এই সাহিত্যৰ অনুষ্ঠানটো গঢ় লৈ উঠিছিল। এইসকল কাণ্ডাৰী পুৰুষৰ প্ৰত্যক্ষ জড়িতকৰণৰ ফলশ্ৰুতিত পৰৱৰ্তী ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞিবৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত অধিবেশনত "অসমীয়া ভাষা উন্নতি সাধিনী সভা" ই "অসম সাহিত্য সভা " ৰূপে খ্যাত হয় যি এতিয়া লৈ সেই একেই নাম অটুট আছে। 
       'অসম সাহিত্য সভা'ৰ অনবদ্য অৱদানৰ সম্পৰ্কে মোৰ দৰে অভাজনৰ লিখাৰ সাধ্যৰ বাহিৰত যদিও কিছু মৰসাহ কৰি সংক্ষিপ্ত বিৱৰণেৰে লিখিবলৈ প্ৰয়াস কৰিছোঁ। ক'ৰবাত বঢ়া টুটা হ'লে সুধী সমাজে দিহা পৰামৰ্শৰে উৎসাহ যোগাব বুলি আশা কৰিলো। অসম সাহিত্য সভাৰ অনবদ্য অৱদান সম্পৰ্কে আলোচনা আগবঢ়োৱা আগতে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি (?) সেই বিষয়ে জনাটো নিতান্তই প্ৰয়োজন বুলি ভাবোঁ। উদ্দেশ্যৰ লগত সংগতি ৰাখি  সাহিত্য সভাৰ অনবদ্য অৱদান সম্পৰ্কে আলোচনা আগবঢ়োৱা সহজ হ'ব।

     উদ্দেশ্য : 

   অসম সাহিত্য সভাৰ সংবিধান অনুসৰি এই অনুষ্ঠানত বিভিন্ন মহৎ উদ্দেশ্য সংযোজন হৈ আছে। বিশেষকৈ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীন উন্নতি সাধন কৰাটোৱেই সভাৰ মুখ্য উদ্দেশ্য। তদুপৰি থলুৱা কৃষ্টি সংস্কৃতিক উন্নয়নৰ সুবিধা প্ৰদান কৰি সমাজক আগুৱাই নিয়াৰ এক মহৎ উদ্দেশ্য সংযুক্ত হৈ আছে। সংবিধানৰ মতে , অভিধান, ব্যাকৰণ আৰু অন্যান্য গ্ৰন্থ প্ৰণয়ন কৰা ; প্ৰাচীন সাহিত্য আৰু লোক সাহিত্যৰ অনুসন্ধান, সংগ্ৰহ, গৱেষণা আৰু প্ৰকাশ কৰা ; সংগীত, চিত্ৰবিদ্যা , ভাস্কৰ্যবিদ্যাৰ উন্নতিকল্পে কাম কৰা ; সভাৰ মুখপত্ৰ আৰু প্ৰচাৰ পত্ৰ প্ৰকাশ কৰা ; ভাষা সাহিত্য সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ স্হাপন কৰা ; সাহিত্য আৰু সংস্কৃতিৰ সম্পৰ্কীয় বিনিময় আঁচনি কাৰ্যকৰী কৰা ; অসমীয়া সাহিত্যত অভাৱ হোৱা পুথিৰ প্ৰয়োজনীয়তা দূৰ কৰা ; উপযুক্ত বিবেচিত গ্ৰন্থৰ গ্ৰন্হকাৰক বঁটা প্ৰদান কৰা আৰু সামৰ্থহীন সাহিত্যিকক আৰ্থিক সাহায্য প্ৰদান কৰা আদি উদ্দেশ্য সমূহ সন্নিৱিষ্ট হৈ আছে।

     অৱদানৰ সম্পৰ্কে :     

     ১৯১৭ চনৰ পৰা শতবৰ্ষ গৰকা দিনলৈ অসম সাহিত্য সভাই সাহিত্যৰ দিশত যে বহু উন্নয়ন মূলক কাম কৰি আহিছে তাক নুই কৰিব নোৱাৰি। জাতি,বৰ্ণ , ধৰ্মৰ উৰ্দ্ধত থাকি বহু লেখকক উপযুক্ততাৰ ভিত্তিত বঁটা বাহন প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰি আহিছে। যাৰ ফলত লেখক সকল অধিক লিখাৰ বাবে উৎসাহিত হৈছে। একেদৰে সংস্কৃতিৰ সৰ্বাংগীন উন্নতিৰ কাৰণেও পৰ্যাপ্ত কাৰ্য হাতত লোৱা পৰিলক্ষিত হৈছে। ১৯৩৩ চনত সভাই এলানি গ্ৰন্থ প্ৰণয়ন সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰিছিল । সেই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হিচাপে প্ৰকাশন গোটৰ পৰা ' চন্দ্ৰকান্ত অভিধান' নামেৰে এখন বৃহৎ কলেৱৰৰ অভিধান প্ৰকাশ কৰি উলিয়ায় । পৰৱৰ্তী সময়ত অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় প্ৰায় আঢ়ৈশ খন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে 'শিশু বিশ্বকোষ' পাঁচটা খণ্ডত প্ৰকাশ কৰি উলিয়ায় অসমৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাত সহায় কৰে। প্ৰতিকাৰ্যকালৰ মূৰে মূৰে সভাই মুখপত্ৰ ছপা কৰি আহিছে। ইয়ে সমসাময়িক কালৰ বহু তথ্য সংৰক্ষণ কৰাত সহায় কৰিছে। আনহাতে ২০০১ চনৰ পৰা অসম সাহিত্য সভাই এলানি অসমীয়া বিষয়ত বিশ্বকোষ প্ৰকাশৰ এক অভিলাষী আচঁনি গ্ৰহণ কৰিছিল । সেই অনুসৰি সভাই বৰ্তমানলৈকে বিজ্ঞান, সাহিত্য, ইতিহাস , সমাজ আৰু সংস্কৃতিৰ বিষয়ক ৯ খন বিশ্বকোষ প্ৰকাশ কৰি উলিয়ায় সাহিত্যৰ সৌৰভ বৃদ্ধিত সহায় কৰিছে। তদূপৰি সুকুমাৰ কলা , চিকিৎসা বিজ্ঞান , সংগীত আদি বিভিন্ন বিষয়ত বিশ্বকোষ প্ৰকাশৰ কাম চলি আছে। ইতিমধ্যে বহু সাহিত্যিকক অসম সাহিত্য সভাৰ তৰফৰ পৰা সাহিত্য অকাডেমি বঁটা, আনন্দ বৰুৱা বঁটা, সাহিত্য উপত্যকা বঁটা আদি বঁটা সভাৰ জৰিয়তে প্ৰদান কৰি উপকৃত হোৱাৰ কাৰ্য সমাধা কৰিছে। বহু সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰি সমাজত মহৎ সৃষ্টিৰাজিৰ স্বীকৃতি দি জীয়াই থকাত অৰিহণা আগবঢ়ায়ছে। ই হ'ল সমাজৰ বাবে এটা যোগাত্মক কাৰ্যৰ দিশ । 
    
     চিত্ৰ খন গুগলৰ পৰা লোৱা হৈছে।

সামৰণি:   

  আলোচনাৰ পৰা বুজিব পাৰি যে অসম সাহিত্য সভাই বৰ্তমানলৈ বহু অৱদান অসমৰ বিদ্যৎ মহলৰ বাবে আগবঢ়াই গৈছে। সেয়ে অসম সাহিত্য সভা সাম্প্ৰতিক সময়ত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত আৰু প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। অসমীয়া সংস্কৃতিৰ উত্তৰণৰ  অন্যতম মঞ্চ। 
        ২০০০ বৰ্ষৰ পাছৰ পৰাই যেন অসম সাহিত্য সভাৰ ভাৱমূৰ্তিত কিছু হ'লেও কালিমা পৰিছে। অপ্ৰিয় হ'লেও সত্য যে বৰ্তমান সময়ত অসম সাহিত্য সভা কেৱল ধনীক শ্ৰেণীৰ ধনঘটা আহিলাৰ সদৃশ হৈ পৰা যেন পৰিলক্ষিত হৈছে। দৰিদ্ৰ পিছপৰা লোকসলক যেন সাহিত্যিক শব্দৰে সাঙুৰি লবলৈ কিছু কুণ্ঠাবোধ কৰা যেন অনুভৱ হয় । সি যি কি নহওঁক, অসম সাহিত্য সভাৰ বহু কৰণীয় এতিয়াও আছে। নৱ প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত অধিক উৎসাহ জগাওক , অধিক জনপ্ৰিয় হোৱাৰ বাবে কাম কৰক, ন লেখাৰুক পাৰিলে প্ৰশিক্ষণ দিয়াক যাতে অসমত অধিক লেখকৰ সৃষ্টি হয় । ইয়ে অসমৰ জনগণৰ মণত অসম সাহিত্য সভাৰ প্ৰতি আপোন মনোভাৱ জগাই তুলিব। 





---------++++++---------+++++++--------------

          

Tuesday, August 18, 2020

প্ৰত্যাশা : এক নৱতম প্ৰভাত !

  প্ৰত্যাশা : এক নৱতম সম্ভাৱনা 

নাই, আমি কেতিয়াও ভবা নাই 
কালে কালে মৃত্যুদূত হৈ আহক ক'ৰণা! 
সকলো মানুহেই উজাগৰী ৰজনী খেপিয়াই খেপিয়াই 
সাবতি লঁওক শোঁকৰ হুমুনিয়াহ ! আমি কেতিয়াও ভবা নাই শেষ হঁওক বিশ্বৰ চৌদিশৰ আলোকময় জয়যাত্ৰা ! 

হে সময় ! অস্হিৰ নহ'বা আমাৰ কাম্যতাৰ বিৰুদ্ধে 
আকৌ জগাই তোলা পৃথিৱীৰ কন্দৰে কন্দৰে
মানুহৰ সিৰাই উপসিৰাই হাঁহি আনন্দ শান্তিৰ
বাতাবৰণ , আকৌ সুযোগ দিয়া ন'কৈ কিশলয়েৰে
আবৃত হঁওক ধৰণীৰ প্ৰতিটো কোণ 
লঠঙা শিৰীষৰ ডালে ডালে মেলক জাঁক জাঁক সেউজীয়াৰ মেলা , প্ৰভাতী পখীৰ গীতৰ সুৰৰ তালে তালে নাচক প্ৰতিটো মোলান পুৱা

এনেকৈ আৰু কিমান দিন চকুলো মোহাৰিম
আমি কেতিয়াও ভবা নাছিলোঁ 
চকুবোৰ 'আৱদ্ধ' হঁওক ,সময়বোৰ আৱদ্ধ হঁওক
ভাৱনাবোৰ আৱদ্ধ হঁওক ঠিক সংখ্যাবোৰৰ দৰে !

হে সময় ! মানুহবোৰ সংখ্যা নহয় নতুবা সংখ্যাবোৰ মানুহ , মানুহ মানুহৰ বাবে এক জাগতিক শক্তি 
যি শক্তি আজি ৰুদ্ধ 
যি শক্তি আজি আৱদ্ধ 
তোমাৰ শীতল কোলাত তোমাৰেই বিনাশতাত
শেষ হৈছে শত সহস্ৰ ৰৌদ্ৰুজল পুৱা 

হে সময় ! আকৌ এবাৰ আৰম্ভ কৰা সময়সূচী
বিপদ বিঘ্নিত কৰি পোখা মেলিব দিয়া
নতুন সময়ৰ নতুন সম্ভাৱনা ।।


------++++----------------------------+++++---------

Sunday, August 16, 2020

মানুহৰ নেতা হোৱাৰ মানসিকতা | Tendency for Leadership.


'নেতা' মানে কি ? 

কোনো এটা দলৰ ইপ্সিত লক্ষ্য আৰু আশা-আকাংক্ষা পূৰণ কৰিবলৈ যিজন ব্যক্তিয়ে কঠোৰ পৰিশ্ৰম কৰি আগুৱাই নিব পাৰে সেই জনকেই প্ৰকৃততে নেতা আখ্যা দিব পৰা যায়। নেতা জন কিছুমান সৎ গুণৰ অধিকাৰী হোৱা দৰকাৰ। এই গুণ জন্মগত বা শিক্ষাৰ মাধ্যমেৰে প্ৰাপ্ত হ'ব পাৰে। যি গুণৰ প্ৰভাৱত সহজে মানুহৰ প্ৰিয়ভাজন হ'ব পাৰে। আনহাতে শিক্ষাৰ ক্ষেত্ৰতো কিছু আগবঢ়া হ'লে ভাল। নেতা এজনৰ সামগ্ৰিক ব্যক্তিত্ব আৰু তেওঁ অৱস্হান কৰা সামাজিক পৰিস্থিতিৰ মাজৰ যি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফলশ্ৰুতি সেয়ে হ'ল নেতৃত্ব । নেতা এজনৰ নিজস্ব ধ্যান-ধাৰণাৰে জনমত গঠন কৰি কৌশলেৰে দ'লক আগুৱাই নিব পাৰে। জন্তুৰ ক্ষেত্ৰতো নেতা হোৱাৰ প্ৰৱনতা পৰিলক্ষিত হয়। অৱশ্যে মানুহ বা জন্তুৰ ক্ষেত্ৰত নিৰাপত্তাজনিত কাৰণতেই এজন নেতাৰ প্ৰয়োজন হয়।

নেতৃত্বৰ প্ৰকাৰ :

নেতৃত্ব বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে । তাৰ ভিতৰত কেইটামান ইয়াত আলোচনা কৰা হৈছে। সেইবোৰ হ'ল-- গণতান্ত্ৰিক নেতৃত্ব , প্ৰাধিকাৰাত্মক নেতৃত্ব , কেৰেস্মেটিক নেতৃত্ব । তলত সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱা হ'ল-- 

গণতান্ত্ৰিক নেতৃত্ব : 

গণতান্ত্ৰিক নেতৃত্বত নেতাজনে সদায় জনগণৰ সপক্ষে কাম কৰে। মানুহৰ ইপ্সিত লক্ষ্য আহৰণত তেওঁ পৰোক্ষভাৱে সহায় কৰে। নেতাজন পৰামৰ্শ বা প্ৰৰোচনা, মধ্যস্হতাকৰণ আৰু সহনশীলতাৰ গুণৰ দ্বাৰা পৰিচালিত হয়। গণতান্ত্ৰিক নেতৃত্বত নেতাজনে আত্মপ্ৰচাৰ আৰু আত্মপ্ৰশংসাৰ পৰা সদায় আঁতৰত থকা দেখা যায়।  তেওঁ সমাজত প্ৰচলিত কু-সংস্কাৰ ,কু-অভ্যাস , অনিয়ম,অনীতি  , শোষণৰ কালচক্ৰ অত্যাচাৰ-অনাচাৰ আদি আঁতৰোৱাৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰে। বহু সময়ত মানুহে সেয়েহে এনেধৰণৰ নেতাক জনসাধাৰণৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰিব খোজে। ইয়াৰ উদাহৰণ ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে জিলিকি আছে। শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ , হজৰত মহম্মদ, মহাত্মা গান্ধী, যীশুখ্ৰীষ্ট , ছক্ৰেটিছ , এৰিষ্ট'টল, লেনিনৰ, মাওচে ডুং  আদি মহান ব্যক্তিসকল মহান নেতা হিচাপে খ্যাতি অৰ্জন কৰি সমাজত এতিয়াও জিলিকি আছে। আমি চালে দেখা পাওঁ যে যুগে যুগে এনেধৰণৰ গণতান্ত্ৰিক নেতা আমৰ মাজত জন্ম লৈ আহিছে। জীৱিত কালৰ সমাজ ব্যৱস্থাত তেনেধৰণৰ দুজনমান নেতা হ'ল- বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, ছোনীয়া গান্ধী, অখিল গগৈ , হোমেন বৰগোহাঞি , হীৰেন গোঁহাই , আং ছ্যান চ্যুকি আদি। 

প্ৰাধিকাৰাত্মক নেতৃত্ব :

যি নেতৃত্ব সাধাৰণতে প্ৰভূত্বনীল, কৰ্তৃত্বশীল, বহিৰ্মুখী ব্যক্তিত্বৰ , আক্ৰমণ প্ৰৱণ আৰু কলহ প্ৰিয় হয় তেনে নেতৃত্বক প্ৰাধিকাৰাত্মক নেতৃত্ব বোলে। এনে নেতাই মানুহৰ দুখ বেদনা অনুভৱ কৰিব নিবিচাৰে। নিজৰ বাদে আন মানুহক দূৰ্বল আৰু মূৰ্খ বুলি হেয় জ্ঞান কৰিব বিচাৰে। পদমৰ্যাদাৰ সম্পৰ্কে সততে সজাগ থাকে, যিকোনো উপায়ে নিজ কাৰ্য সিদ্ধি কৰাৰ মানসিকতা এনে নেতাৰ গাত পৰিস্ফুট হয়। পৰামৰ্শ, উপদেশ আদিৰে জনসাধাৰণক সৈমান কৰিব নোৱাৰিলে, জোৰ জুলুম কৰি হ'লেও সৈমান কৰিব বিচাৰে। এনেধৰণৰ নেতৃত্ব সাধাৰণতে সেনাধ্যক্ষৰ দৰে পৰ্যায়ত বেছিকৈ থাকে। নেপোলিয়ন বোনাপাৰ্ট , হিটলাৰ , ষ্টেলিনৰ দৰে নেতৃত্বক এই ভাগত সন্নিৱিষ্ট কৰিব পৰা যায়।

সহজাত প্ৰবৃত্তিৰ নেতৃত্ব বা কেৰিস্মেটিক নেতৃত্ব :

যি নেতৃত্বই নিজৰ সহজাত প্ৰবৃত্তিৰ জৰিয়তে মানুহক মোহান্ধ কৰিবলৈ সক্ষম হয় সেই নেতৃত্বক কেৰিস্মেটিক নেতৃত্ব বোলা হয়। নেতৃত্বৰ বাকপটু স্বভাৱৰ দ্বাৰা সাৱলীলভাৱে বিষয়বস্তুৰওপৰত ব্যাখ্যা আগবঢ়ায় জনসাধাৰণক আকৰ্ষণ কৰে। ধৰ্মীয় গুৰুসকলৰ ক্ষেত্ৰত এনে গুণৰ প্ৰয়োভৰ বেছি দেখা যায়।  ভাৰতৰ বাবা ৰামদেৱ এনে নেতৃত্বৰ নিদৰ্শন। তদুপৰি মহাত্মা গান্ধী, ৰাজীৱ গান্ধী আদি লোকসকলক এনে শাৰীত ৰাখিব পাৰি।

পৰিশেষত : 

বিশেষকৈ উচ্চ জাত বা ধনীক শ্ৰেণীৰ লোকসকলেহে নেতৃত্ব সহজে গ্ৰহণ কৰিব পাৰে। কোনো ক্ষেত্ৰত নেতৃত্ব লোৱা লগে লগে টকা -প'ইচাৰ কথাটো আহি পৰে। সেয়ে বহুদিশত আগবঢ়া হ'লেও দৰিদ্ৰ শ্ৰেণীৰ পৰা অহা লোকে সহজে নেতা হ'বলৈ আগ্ৰহ প্ৰকাশ নকৰে। তথাপি ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ সাধাৰণ পৰিয়ালৰ পৰা যোৱা ব্যক্তিয়েও নেতৃত্ব বহন কৰিছে। হজৰত মহম্মদ, আব্ৰাহম লিংকন আদি লোকসকলক এনে শাৰীত ৰাখিব পাৰে। বহু দাৰ্শনিক তথা চিন্তাবিদৰ মতে শিক্ষা প্ৰদানৰ জৰিয়তেও নেতা সৃষ্টি কৰিব পৰা যায়। 
    বৰ্তমান সময়ত সমাজত নেতৃত্ব গুণৰ অধিকাৰী লোকৰ বহু মূল্য আছে আৰু বহু প্ৰয়োজন হৈ পৰিছে। আমাৰ সংস্কৃতি ,জাতি,মাটি, ভেটিৰ পৰিকাঠামো অক্ষত অৱস্থাত অক্ষুণ্ণ ৰাখিবলৈ হ'লে নি:স্বাৰ্থ নেতা সমাজৰ বাবে কাম্য । 

 লেখনিটো পঢ়ি চোৱাৰ বাবে ধন্যবাদ জনালোঁ ।

   
---------------++++++++++++++-------------------




Friday, August 14, 2020

প্ৰাথমিক চিকিৎসা | First Aid .

প্ৰাথমিক চিকিৎসা কি ? 

কোনো এক ৰোগাক্ৰান্ত বা আঘাতপ্ৰাপ্ত ব্যক্তিক তাৎক্ষণিকভাৱে প্ৰদান কৰা চিকিৎসা ই হ'ল প্ৰাথমিক চিকিৎসা। কোনো শাৰীৰিক আঘাত, স্বাস্হ্যজনিত অৱনতি অথবা মাৰাত্মক ৰোগৰ সাময়িক উপশমৰ বাবে যি আনুষঙ্গিক ৰূপে কাম কৰে সেয়ে হ'ল প্ৰাথমিক চিকিৎসা। 
      প্ৰাথমিক চিকিৎসাৰ জ্ঞান থাকিলে কোনো বিপদত পৰা লোকক অশিক্ষিত সকলেও অনায়াসে সুন্দৰকৈ সাহায্য আগবঢ়াব সক্ষম হয়। কোনো ভয় ভীত নোহোৱাকৈ আঘাতপ্ৰাপ্ত ব্যক্তিক সুৰক্ষা প্ৰদান কৰি জীৱন দান দিব পাৰে। প্ৰাথমিক চিকিৎসাৰ জ্ঞান বিজ্ঞান সন্মত ই কাল্পনিক নহয় । সম্পূৰ্ণ চিকিৎসা বিজ্ঞানৰ নীতি নিয়ম মানি চলি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। প্ৰাথমিক চিকিৎসা প্ৰদান কৰা ব্যক্তিজনে আহত ব্যক্তিৰ আঘাত চিনাক্ত কৰিব জানিব লাগে আৰু চিকিৎসকৰ আগমনৰ মূহুৰ্তলৈকে চিকিৎসা প্ৰদান কৰিব লাগে। 
     
প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি থাকিব লাগে :
    বিশেষকৈ শিক্ষানুষ্ঠান, মটৰগাড়ী, বাইক আদিত মধ্যমীয়া আকাৰৰ প্ৰাথমিক চিকিৎসাৰ বাকচ ৰখা হয়। ইয়াৰ আকাৰ এনেধৰণৰ হ'ব পাৰে "ধূলি ৰোধক বাকচৰ জোখ (১৬ ×৮×৪) ইঞ্চি হ'ব লাগে । কিন্তু প্ৰয়োজনীয় সকলো সৰঞ্জাম ৰাখিব লাগে।

বাকচত কি কি সৰঞ্জাম থকা দৰকাৰ:


১/ তিনিকোণীয়া বেণ্ডেজ ১০ টা মান 
২/নূৰা বেণ্ডেজ ( বাকচৰ সুবিধা অনুসৰি)
৩/বিজানুমুক্ত কপাহ প্ৰায় ১৫ গ্ৰাম 
৪/ প্ৰাথমিক চিকিৎসাৰ ড্ৰেচিং
৫/ প্লাষ্টাৰৰ নুৰা এটা
৬/ দেটল 
৭/ সৰু কেচি এখন
৮/ চেভটি পিন
৯/ মলম 
১০/ গজ কাপোৰ 
১১/ হেণ্ডিপ্লাচ বা বেণ্ড এইড
     ওপৰত উল্লেখিত সামগ্ৰী সমূহ কোনো ডাক্তৰ নতুবা ফাৰ্মাছিষ্টৰ সহায়ত বাকচৰ সুবিধা অনুসৰি ক্ৰয় কৰি সাঁজু কৰি ৰাখিব লাগে। আকৌ ঔষধসমূহৰ ম্যাদ উকলি গ'লে পুনৰাই ক্ৰয় কৰি সলাব লাগে। মুঠৰ ওপৰত প্ৰাথমিক চিকিৎসা জ্ঞান মানুহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় বিষয়। ই আমাৰ জীৱনৰ লগত সম্পৰ্কিত। সেয়ে প্ৰতিজন ব্যক্তিয়ে এই জ্ঞান আয়ত্ত কৰা প্ৰয়োজন আছে।

বিদ্যালয়ত ইয়াৰ প্ৰয়োজনীয়তা : 

    সৰু সৰু ল'ৰা ছোৱালীয়ে পৰিৱেষ্টিত শিক্ষানুষ্ঠানত প্ৰাথমিক চিকিৎসাৰ বহু প্ৰয়োজন আছে। খেল ধেমালি খেলোতে নতুবা অন্য কাৰণত অসাৱধানবশত: শিশুসকল আঘাতপ্ৰাপ্ত হ'ব পাৰে। সচৰাচৰ বিদ্যালয়ৰ প্ৰাঙ্গনত এনে আঘাত জনিত ঘটনা সংঘটিত হৈয়ে থাকে। কোনো এজন যদি ভৰিত দুখ পায় আকৌ কোনোজন মূৰত । প্ৰাথমিক চিকিৎসাৰ বাকচত ঔষধ পাতি নথকা বাবে বা প্ৰাথমিক চিকিৎসা সম্পৰ্কীয় জ্ঞান নথকা হেতুকে এনে সময়ত ছাত্ৰ-ছাত্ৰী সকলক কাষৰীয়া চিকিৎসালয়লৈ খৰখেদাকৈ লৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হয়। আকৌ কিছুমান লোকে প্ৰাথমিক চিকিৎসা প্ৰদানৰ নিয়ম জানিলেও সময়ত প্ৰয়োগ কৰিবলৈ ইতস্হত:বোধ কৰে। এনে মনোভাৱ পোষণ কৰাটো উচিত নহয়। জনা কাৰ্য বাস্তৱত প্ৰয়োগ কৰাটো সকলোৰে কাম্য। কাৰণ অলপ হীনদেৰি হ'লে আঘাতপ্ৰাপ্ত ব্যক্তিৰ অসুবিধা হ'বও পাৰে। তেনে ক্ষেত্ৰত হাত সাবতি বহি থকা উচিত নহয়। বিশেষকৈ জুইয়ে পোৰা, সাপে খোঁটা, দাৰে কটা, হুলে খোচা , মূৰ ঘূৰোৱা আদি কাৰক সমূহ ঘটিলে প্ৰাথমিক চিকিৎসা কৰাৰ প্ৰয়োজন আহি পৰে। 

দাৰে কটা :  

দাৰে কাটিলে কটা ঠাইডোখৰ প্ৰথমে পৰিষ্কাৰ পানীৰে চাফা কৰি ল'ব লাগে। তাৰপাছত কটা অংশত হাতৰ আঙুলিৰে হেঁচা মাৰি ৰাখিব লাগে যাতে আৰু তেজ ক্ষয় নহয়। পাৰিলে দেটল, কেৰচিন তেল বা জাপানী লতাৰ পাত  বা গেন্ধেলা বনৰ পাত পিহি ৰস উলিয়ায় ক্ষতস্হানত দিলে তেজ ওলোৱা সহজে বন্ধ হয় । তাৰপাছত বেণ্ডজেৰে ক্ষতস্হানত বান্ধি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পাৰে।

মূৰ ঘূৰোৱা : 

সাধাৰণতে এনেয়ে মূৰ নূঘূৰাই । দুটা কাৰণত মূৰ ঘূৰাব পাৰে - এনিমীয়া বা কমজুৰি হ'লে আৰু প্ৰেচাৰ হ'লে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বেছি মূৰ ঘূৰোৱা পৰিলক্ষিত হয়। সেয়ে কোনো শিশুৰ মূৰঘূৰালে তাৎক্ষণিকভাৱে আক্ৰান্ত শিশুজনক ডাংকোলা কৰি আনি ঠাণ্ডা ঠাইত চকীত বহুৱাই দিব লাগে। ঠাণ্ডা পানীৰে মূৰটো তিয়াই দিব লাগে আৰু বিচনীৰে বা দিব লাগে। পাৰ্যমানে নিৰৱতা অৱলম্বন কৰা দৰকাৰ। অলপ সুস্হ হোৱাৰ পাছত আক্ৰান্ত জনক কথাবোৰ সুধিব লাগে। 

জুইৰে পোৰা :

 জুইয়ে পুৰিলে বা ব্যক্তি এজনৰ গাত জুই লাগিলে উদ্ধাৰকাৰীয়ে এখন কম্বল,কোট বা ডাঠ কাপোৰ লৈ আহতজনক গাত মেৰিয়াই ধৰি মাটিত শুৱাই দিলে জুই নুমাই যায়। পৰিষ্কাৰ পানীৰেও জুই নুমুৱাই আহতজনক ৰক্ষা কৰিব পাৰে। জুই জ্বলি থকা অৱস্থাত কেতিয়াও দৌৰিব নক'ব কাৰণ দৌৰেলে জুইৰ প্ৰকোপ বতাহ লাগি বেছি হয়। পাৰিলে জুই নুমূৱাৰ পিছত লাহেকৈ বাৰ্ণল জাতীয় মলম পোৰা অংশত সানি দিব লাগে। 
    
 লেখনিটো পঢ়াৰ শেষত কেনে পালে জনাব।
ধন্যবাদেৰে ।

Wednesday, August 5, 2020

গণমাধ্যমৰ ব্যৱহাৰ

গণমাধ্যম কি ?

গণমাধ্যম বুলি ক'লে জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংযোগ স্হাপন কৰি বিভিন্ন বা-বাতৰি , বিভিন্ন ঘটনা ৰাইজক অৱগতকৰণ কৰাৰ এক মাধ্যমৰ কথাকে সূচায়। বিভিন্ন মানুহৰ মাজত একেলগে একেসময়তে মত বিনিময়, চিন্তা ভাৱনাৰ বিনিময়ৰ সুযোগ আৰু পাৰস্পৰিক সুসম্পৰ্ক স্হাপন কৰিব পাৰি এই গণমাধ্যমৰ জৰিয়তে।  দৃশ্য শ্ৰাব্য উপকৰণৰ যোগেদি ৰাইজৰ লগত সংযোগ ঘটাই তথ্য আহৰণ কৰাৰ বাবেও এটা আকৰ্ষণীয় উপায় হিচাপে পৰিগণিত হৈছে। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনত গণমাধ্যমৰ অৰিহণা পৰ্যাপ্ত পৰিমাণে পৰিলক্ষিত হয়। ইয়াক বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ হিছাপে গণ্য কৰা হয়। গণমাধ্যম সমূহে শিক্ষণ শিকন প্ৰক্ৰিয়া সহজ সৰল কৰাৰ লগতে অধিক জ্ঞানাৰ্জন, অভিজ্ঞতা প্ৰাপ্তত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত শিক্ষণ শিকন প্ৰক্ৰিয়াত গণমাধ্যমৰ অৰিহণা অপৰিসীম আৰু ব্যাপক বুলি বিবেচিত হৈছে।
      গণমাধ্যম সমূহ হ'ল কিতাপ পত্ৰ, আলোচনী, বিজ্ঞাপন, বাতৰি কাকত, প্ৰাচীৰ পত্ৰিকা,ৰেডিঅ' , বোলছবি, দূৰদৰ্শন, ভিডিঅ' , কম্পিউটাৰ, ইণ্টাৰনেট, ইত্যাদি। এই মাধ্যম সমূহৰ জৰিয়তে শৈক্ষিক,সহশৈক্ষিক আদি দিশত প্ৰকাশিত আৰু সম্প্ৰচাৰিত অনুষ্ঠান সমূহে ৰাইজক বিভিন্ন দিশত সহায় সহযোগ তথা সজাগ সচেতনতা বৃদ্ধি কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলক অতি স্পষ্টভাবে শিক্ষা জ্ঞান অৰ্জন কৰাত পূৰ্ণ সহযোগ প্ৰদান কৰিছে।

গণমাধ্যমৰ উদ্দেশ্য কি ?

 
   সকলো বিষয়ৰে যিদৰে উদ্দেশ্য থাকে ঠিক একেদৰে গণমাধ্যমৰো উদ্দেশ্য আছে। থোৰতে ইয়াৰ উদ্দেশ্য সমূহ এনেধৰণৰ হ'ব পাৰে।--
১/ জ্ঞান বিজ্ঞান,কলা সংস্কৃতি, সাহিত্য সভ্যতাৰ দিশত তথ্য যোগান ধৰি জ্ঞানৰ বিস্ফোৰণ ঘটোৱা।
২/ পৃথিৱীৰ বিভিন্ন কোণত সংঘটিত হোৱা ঘটনা আৰু পৰিঘটনা সমুহৰ সম্পৰ্কে ৰাইজক আৰু শিশুসকলক অৱগতকৰণ কৰা।
৩/ পৃথিৱীৰ বিভিন্ন কোণত থকা বিভিন্নজন বিজ্ঞানীৰ মহৎ সৃষ্টিৰাজিৰ সম্পৰ্কে, বিভিন্ন পণ্ডিত, দাৰ্শনিক, সাহিত্যিক, গায়ক, বাদক সমালোচক আদি লোকসকলৰ খ্যাতি,যশস্যাৰ সম্পৰ্কে , ৰাজনীতি, সমাজনীতি, অৰ্থনৈতিক আদিৰ সমস্যা সমূহ ৰাইজক সংবাদ হিচাপে যোগান ধৰাৰ ব্যৱস্থা কৰা।
৪/ গণমাধ্যম সমূহৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা।

শিক্ষাত গণমাধ্যমৰ প্ৰয়োজনীয়তা

      সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত গণমাধ্যমৰ প্ৰয়োজন অপৰিসীম। শিক্ষা ব্যৱস্থাক অধিক গতিশীলতা আৰু সক্ৰিয়তা প্ৰদানৰ ক্ষেত্ৰত গণমাধ্যম এক উত্তম উপায়। শিক্ষাৰ্থীক শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাবৰ বাবে, শিক্ষনীয় বিষয়বস্তুৰ প্ৰতি ধাউতি বঢ়াই তোলিবৰ বাবে গণমাধ্যম এক উল্লেখযোগ্য বৈকল্পিক ব্যৱস্থা। সেয়েহে গণমাধ্যম প্ৰসাৰতাৰ প্ৰয়োজন আছে।

কিছু ব্যাখ্যা


১/ অনাতাঁৰ, দূৰদৰ্শন , শ্ৰব্য কেছেট , আৰু দৃশ্য শ্ৰাব্য চিডি আদিৰ যোগেদি শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰি অতি কম সময়ৰ ভিতৰতে বিষয়বস্তুৰ জ্ঞান আয়ত্ত কৰাব পাৰি।
২/ সমাজ আৰু বিদ্যালয়ৰ ব্যৱস্থাত উদ্ভৱ হোৱা বিভিন্ন সমস্যাৰ সম্পৰ্কে গণমাধ্যম সমূহৰ জৰিয়তে জনগণৰ মাজত সজাগ সচেতনতা বৃদ্ধি কৰাব পৰা গৈছে। লগতে ইয়াৰ সমাধানৰ পথ প্ৰশস্ত কৰণত ‌ই সহায় কৰিছে। দেশৰ চৌকোণে শান্তি শৃংখলা অটুট ৰখাৰ, সম্প্ৰীতি আৰু একতাৰ মনোভাৱ জাগ্ৰত কৰাৰ ক্ষেত্ৰত গণমাধ্যমৰ অৱদান অনস্বীকাৰ্য্য।
৩/ গণমাধ্যমৰ জৰিয়তে সকলো শ্ৰেণীৰ লোকৰ মাজত বিজ্ঞানৰ সুফল আৰু জ্ঞান বিতৰণ কৰাত ই সহায় কৰিছে। বিজ্ঞান মনস্কতাৰ সৃষ্টিত গণমাধ্যমৰ অৰিহণা অসীম ।
৪/ সমাজৰ জনগণক সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশত জ্ঞান অৰ্জন কৰাত সহায় কৰিছে। 

বিদ্যালয়ত গণমাধ্যমৰ ব্যৱহাৰ 


     ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত যি শিক্ষা বৰ্তমান প্ৰৱৰ্তন হৈ আছে সেই শিক্ষাত গণমাধ্যমৰ প্ৰয়োগক অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰাত:সভাৰ পৰা আৰম্ভ কৰি শ্ৰেণীকক্ষৰ পাঠদান কাৰ্যসূচী আৰু বিভাগীয় কাম-কাজৰ বাবে গণমাধ্যমৰ প্ৰয়োগ অপৰিহাৰ্য্য হৈ পৰিছে। সাধাৰণতে বিদ্যালয়ত অন্তৰ্ভূক্ত হৈ থকা গণমাধ্যম সমূহ এনেধৰণৰ ---
ৰেডিঅ', বাতৰি কাকত, কম্পিউটাৰ, দূৰদৰ্শন,শিশু আলোচনী আৰু বিভিন্ন বিষয়ক গ্ৰন্থ আদি।

ৰেডিঅ'(Radio) 

    বিদ্যালয়ত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ছাত্ৰ-ছাত্ৰী সকলক অনাতাঁৰৰ জৰিয়তে শিক্ষা দিব পাৰি। শিক্ষামূলক কাৰ্যসূচী বা অনুষ্ঠান সমূহ শ্ৰৱণ কৰোৱাব পাৰে। 

বাতৰি কাকত (Newspaper)

    বিভিন্ন বাতৰি কাকত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰী সকলক ভিন্ন বিষয়ত শিক্ষা অৰ্জনত সহায় কৰে। বাতৰি কাকত পঠন, বাতৰি কাকতত প্ৰকাশিত ভিন্ন প্ৰতিযোগিতা আৰু ছবি সমূহ ছাত্ৰ-ছাত্ৰীক প্ৰদৰ্শন আদি কৰোৱায় উৎসাহ প্ৰদান কৰিব পাৰে। কবিতা, গল্প,সাধু, কুইজ,মহৎলোকৰ বাণী,সাঁথৰ সম্পৰ্কে  জ্ঞান অৰ্জন কৰাত বাতৰি কাকত অন্যতম পথ।

শিশু আলোচনী ( child magazine) 

আজৰি সময়কণ সৎব্যৱহাৰৰ নিমিত্তে আলোচনী পঠনৰ অভ্যাস গঢ়ি তুলিব পাৰে। বিশেষকৈ ৰিক্ৰেচনৰ সময়ত শিশু আলোচনী পঢ়িব দিব পাৰে আৰু শব্দৰ শৃংখল, চুডকু আদি খেলসমূহ ছাত্ৰ-ছাত্ৰীক আলোচনী পঠনৰ জৰিয়তে শিকাব পাৰে।
 

সমাজত গণমাধ্যম

এখন সমাজ শৃংখলাবদ্ধ ভাৱে নিয়াৰিকৈ চলিবলৈ হ'লে সমাজৰ মানুহবিলাক জ্ঞানী হ'ব লাগিব। সচেতন আৰু সজাগ হ'ব লাগিব। বিভিন্ন গণমাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত সমাজক আগুৱাই নিব পাৰি। বাতৰি কাকত, দূৰদৰ্শন আদিৰ মাধ্যমেৰে সামাজিক, অৰ্থনৈতিক আৰু আধ্যাত্মিক দিশত অজ্ঞতাৰ আন্ধাৰ নাশি সমাজৰ মানুহবিলাকক সজাগ সচেতন আৰু জ্ঞানৱান কৰি তোলিব পৰা যায়। জনমত গঠনৰ ক্ষেত্ৰত গণমাধ্যম এক উত্তম আহিলা।
      সাম্প্ৰতিক কালৰ সমাজ ব্যৱস্থাত গণমাধ্যম এক উল্লেখযোগ্য বিষয় হিচাপে পৰিগণিত হৈছে। ইয়াৰ অবিহনে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক দিশত আগুৱাই যোৱাৰ সম্ভৱ নহয়। বিদ্যালয়ৰ ব্যৱস্থাত শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ জ্ঞানৰ উপৰিও বিভিন্ন বিষয়ত জ্ঞানাৰ্জন কৰাৰ ক্ষেত্ৰত গণমাধ্যমৰ সহায় অনস্বীকাৰ্য্য। গণমাধ্যমৰ বহুল ব্যৱহাৰে সমাজৰ তথা নৱ প্ৰজন্মক নতুন পথ দেখুৱালে সমাজৰ চৌপাশ শান্তি আৰু আনন্দদায়ক বাতাবৰণে জিলিকাই তুলিব।

         ধন্যবাদেৰে ।
---------------++++++++++++-------------------







Saturday, August 1, 2020

ঐতিহাসিক পটভূমি 'ছৈখোৱা ঘাট ' | A heritage site

ঐতিহাসিক পটভূমি ' ছৈখোৱা ঘাট'

      
         অসমৰ চুকে কোণে বহু ঐতিহ্য মণ্ডিত ঠাই আছে য'ত বিভিন্ন সময়ৰ পৌৰাণিক কৃৰ্তিচিহ্নৰ বিদ্যমান। তেনে এখন ঠাই হ'ল 'শদিয়া' । শদিয়াৰ দক্ষিণ পাৰে অৱস্থিত ধলা বা ছৈখোৱা ঘাটতো ঐতিহ্যৰ চিন বহন কৰিছে একমাত্ৰ শ্ৰী শ্ৰী কেঁচাই খাইটি গোঁসানী মাঁ মন্দিৰে। আজি এই মন্দিৰৰ সম্পৰ্কে থোৰতে জনাব বিচাৰিছোঁ। মন্দিৰটো সম্পৰ্কে এটা পৌৰাণিক কাহিনী সংযুক্ত হৈ আছে বুলি বয়োজেষ্ঠ ব্যক্তি সকলে ক'ব খোজে। 

ছৈখোৱাৰ অৱস্থিতি

বৰ্তমানৰ ধলাৰ উত্তৰ দিশে বজাৰৰ পৰা প্ৰায় ৩ কি.মি. আতঁৰত এই ছৈখোৱাঘাট অৱস্থিত।পূৰ্বে এই ছৈখোৱা ঘাট আছিল এখন সৰু চহৰ। য'ত সকলো ধৰণৰ বেপাৰ-বাণিজ্য, হাট-বজাৰ আদি আছিল। কিন্তু ১৯৫০ চনৰ বৰভুঁইকপৰ কবলত পৰি সেই লহপহকৈ বেপাৰ বাণিজ্যৰ জৰিয়তে, বৃটিছ সকলৰ পৰশত ঠন ধৰি উঠা পুৰণি ছৈখোৱা ঘাট বৰলুইতৰ‌ বালিৰে পুতি পেলালে। সেই ছৈখোৱা ঘাট বৰ্তমান মথাউৰিৰ দক্ষিণ পাৰে 'ধলা' নামাকৰণ কৰি বহোৱা হ'ল। বিভিন্ন জাতি জনগোষ্ঠীৰে, বিভিন্ন ধৰ্মাৱলম্বীৰে ঠাইখণ্ড পৰিপূৰ্ণ। অৱশ্যে পূৰ্বৰ যি ৰেহৰূপ এতিয়া তাৰ তিলমানো নাই । বয়োজেষ্টসকলৰ মুখেৰে শুনা বিৱৰণ অনুসৰি ছৈখোৱা ঘাট সেই সময়ৰত এটা বিস্তৰ বানিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল।

 মাঁ কেঁচাইখাইটি গোঁসানী 

শ্ৰী শ্ৰী কেঁচাইখাইটি আই থান হ'ল এটা ঐতিহ্যপূৰ্ণ শাক্ত পন্হীৰ মন্দিৰ। এই মন্দিৰ ধলাৰ পৰা প্ৰায় ৩ কি.মি. দূৰৈৰ পুৰনি ছৈখোৱাত অৱস্থিত। পূবে মিঠাআম গাঁৱ , পশ্চিমে ৰেগবি গাঁৱ, উত্তৰে ব্ৰহ্মপুত্ৰ নৈ আৰু দক্ষিণে ধলা বজাৰ হ'ল এই থানখনৰ চাৰিসীমা। অসমৰ চৌদিশৰ পৰা আহি এই থানত পূজা অৰ্চনাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে। আইৰ সন্তোষ্টিৰ বাবে বছেৰেকত চাৰিভাগ পূজা আগবঢ়োৱাটো এক পৰম্পৰাগত নীতি হিচাপে চলি আহিছে। ইয়াৰে কাতি মাহত 'কাতি পূজা', আঘোণ মাহত 'বাবুপূজা' , বহাগ মাহত 'বহাগী পূজা' আৰু মাঘ মাহত 'মাঘীপূজা' অনুষ্ঠিত কৰা হয় বুলি জনা যায়।কাতি পূজা,বহাগীপূজা ,মাহৰ কোনো এটা বুধবাৰে পালন কৰা হয় কিন্তু বাবুপূজা মাহৰ কোনো এটা দেওবাৰে পালন কৰা হয় বুলি পৰিচালনা সমিতিৰ মন্তব্যৰ পৰা জনা যায়।
 

পৌৰাণিক কাহিনী

কেতিয়া আৰু কোন সময়ৰ পৰা এই পূজা ভাগ গোঁসানীলৈ আগবঢ়োৱা হয় বা কেনেকৈ এই মন্দিৰ স্হাপিত হয় ,কিয় ইয়াৰ নাম কেঁচাই খাইটি হ'ল তাৰ সঠিক তথ্য পাবলৈ দুৰূহ যদিও কালিকা পুৰাণত বৰ্ণিত এক উপাখ্যানৰ মতে আই গোঁসানীৰ এটা অনুপম কাহিনী পোৱা যায়। কাহিনীটো আছিল এনেধৰণৰ--- এবাৰ যশ কন্যা পাৰ্বতীৰ পিতৃৰ ঘৰত এখন বৃহৎ যজ্ঞ অনুষ্ঠিত হৈছিল। উক্ত যজ্ঞত পিতৃৰ নিমন্ত্ৰণ নোপোৱাকৈয়ে পাৰ্বতীয়ে উপস্হিত হৈছিলগৈ। নিমন্ত্ৰিত অতিথি সকলে পতি কিয় নাহিল বুলি সুধাত পিতৃ গৃহত যজ্ঞ অনুষ্ঠিত কৰাৰ খবৰ দিয়া নাছিল বুলি কোৱাত উপস্হিত অতিথি সকলে পাৰ্বতীক নানা তিৰস্কাৰ কৰি ক'লে যে পিতৃগৃহ হ'লেও যজ্ঞস্থলীত বিনা নিমন্ত্ৰণত অহাটো উচিত নহয় আৰু ই অবাঞ্চিত। এই কথাত পাৰ্বতী অতি লজ্জিত হৈছিল আৰু যজ্ঞস্থলীতে লাজত ম্ৰিয়মান হৈ দেহত্যাগ কৰে। কথাটো স্বামী মহাদেৱৰ কাণত পৰা মাত্ৰকে চৰম ক্ৰোধিত হৈ মহাদেৱ যজ্ঞস্থলী পালেহি আৰু ভাৰ্যাৰ শৱদেহ কান্ধত তুলি লৈ ত্ৰিভূৱন ভ্ৰমি ফুৰিবলৈ ধৰিলে। এই ধৰণে ঘুৰি ফুৰোতে ভাৰ্যাৰ শৱদেহ কান্ধতে গেলি-পচি অংগসমূহ বিভিন্ন স্হানত পৰিবলৈ ধৰিলে। য'তে অংগসমূহ পৰিছিল তাতেই হেনো আই গোঁসানীৰ মন্দিৰ স্হাপিত হ'ল। ছৈখোৱাতো হেনো শৱদেহৰ অংগ পৰি গৈছিল আৰু ফলশ্ৰুতিত স্হাপন হ'ল আজিৰ মাঁ কেঁচাই খাইটি গোঁসানীৰ মন্দিৰ। ভক্তপ্ৰাণ ৰাইজৰ মনত এয়া বিশ্বাসৰ জুমুঠি । 

     কিছু ইতিহাস

   ইতিহাসৰ পাত লুটিয়াই চালে আমি দেখিবলৈ পাওঁ যে আই গোঁসানী পূজাৰ প্ৰথম উৎপত্তি স্হান হ'ল শদিয়া। এই গোঁসানী পূজাৰ লগত অসমৰ প্ৰাচীন জনগোষ্ঠী দেউৰী আৰু চুতীয়া জাতি সাঙোৰ খাই আছে বুলি জনা যায়। আহোম সকল অসমলৈ অহাৰ পূৰ্বেই শদিয়াত দেউৰীসকলৰ আদি বাসস্হান আছিল। দেউৰীসকলে নিজস্ব ধ্যান-ধাৰণাৰে গোঁসানী পূজা কৰিছিল। যি বৰ্তমানেও এই পূজা অব্যাহত আছে। গোঁসানী পূজাত হাঁহ, পাৰ , কুকুৰা, পাঠা, আৰু ম'হ বলি দিয়াৰ নিয়ম আছিল। আহোম সকল অসমলৈ অহাৰ পিছত ১৭৮০ চনলৈকে দেউৰীসকলে আনকি নৰবলি পৰ্যন্ত দিছিল বুলি জনা যায়। (নৰবলি দিয়াৰ সঠিক তথ্য অৱশ্যে মোৰ হাতত  নাই ,সদাশয় ব্যক্তিয়ে জানিলে মোলৈ তথ্য প্ৰেৰণ কৰে যেন। ) আহোম ৰজা গৌৰীনাথ সিংহৰ দিনত এই প্ৰথা বিলুপ্ত ঘটোৱা হৈছিল। উপৰোক্ত কথাখিনি এই বাবেই উল্লেখ কৰা হ'ল যে প্ৰকৃততে ছৈখোৱা ঘাটত কেঁচাই খাইটি গোঁসানীৰ শাল প্ৰতিষ্ঠাৰ মূলতেই হ'ল দেউৰীসকলৰ অৱদান। দেউৰীসকলৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে উপযুক্ত খেতিপথাৰৰ বাবে মাটিৰ সন্ধানত শদিয়াৰ চাৰি ঠাইত দেউৰী সকলে খোপনি পুতিছিল আৰু তেতিয়াই হেনো শদিয়াৰ চাৰি ঠাইত তেওঁলোকে মন্দিৰ সাঁজি পূজা অৰ্চনা কৰিছিল। সেই কাৰণতেই শদিয়াত সৃষ্টি হৈছিল চাৰিশাল গোঁসানীৰ মন্দিৰ।সেয়া হ'ল-- ১/ গিৰা গিৰচি শাল ,২/ বলিয়া বাবা শাল, ৩/ কেঁচাই খাইটি শাল আৰু ৪/ পাতৰ শাল বা থান । শদিয়াৰ চুতীয়া ৰাজ্য পতন হোৱাত এই পুৰোহিত শ্ৰেণীৰ দেউৰীসকলো ব্ৰক্ষ্মপুত্ৰৰ দক্ষিণ পাৰলৈ উঠি আহিল আৰু পুৰণি ছৈখোৱা ঘাট অভিমুখী ৰাস্তাৰ দাঁতিত শ্ৰী শ্ৰী কেঁচাই খাইটি গোঁসানীৰ মন্দিৰ স্হাপন কৰিছিল বুলি অনুমান কৰিব পাৰি। গতিকে ছৈখোৱা ঘাট তেতিয়াৰ পৰাই ঐতিহাসিক পটভূমি হিচাপে পৰিগণিত হৈছে বুলি ঠাৱৰ কৰিব পাৰি।

 সামৰণি

যি কি নহওঁক, সাম্প্ৰতিক সময়ত এই গোঁসানী শালতেই সমগ্ৰ অসমৰ উজনিৰ নামনিৰ ৰাইজৰ লগতে, চুবুৰীয়া ৰাজ্যৰ লোকো ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজে গোঁসানী আইৰ অপাৰ মহিমাৰ বাবে মংগল কামনাৰ্থে প্ৰণিপাত জনাই আহিছে। এতিয়াও পূজা অৰ্চনাৰ পুৰোহিত হিচাপে দেউৰী সকলে সমাপন কৰে।
      সাম্প্ৰতিক সময়ত এই গোঁসানী কেৱল আধ্যাত্মিক ক্ষেত্ৰই হৈ থকা নাই । ই এক সংস্কৃতিৰ বাহক, মিলনভূমি তথা একতাৰ থলী হিচাপে পৰিগণিত হৈছে।
     অসমলৈ আহিলে ড° ভূপেন হাজৰিকাৰ সেঁতু দৰ্শন কৰাৰ লগতে এই মন্দিৰ দৰ্শন কৰিবলৈ কেতিয়াও নাপাহৰিব।
                ধন্যবাদেৰে---
-------++++++++-----+++++++----------


Wednesday, July 29, 2020

জানোঁ আহক

এজন শিক্ষকৰ গুণাৱলী 

শিক্ষাদান হ'ল এক অবিৰত ভাবে হোৱা বিকাশৰ প্ৰক্ৰিয়া। শিক্ষাদান প্ৰক্ৰিয়াত মূল ভূমিকা পালন কৰা ব্যক্তিজনে হ'ল শিক্ষক যি বহু কষ্ট স্বীকাৰ কৰি হাজাৰ হাজাৰ ল'ৰা ছোৱালীক ভৱিষ্যত জীৱনৰ নৱতম দিশ উন্মোচন কৰিবলৈ সক্ষম। কমাৰে লো পিটি প্ৰয়োজনীয় আহিলা সুন্দৰকৈ গঢ়াৰ দৰে শিক্ষকেও বহু নৱ প্ৰজন্মক শিক্ষাদান কৰি লক্ষ্যস্হানৰ মাৰ্গ সঠিকভাৱে দেখুৱাই। এনে এটা গুৰুত্বপূৰ্ণ বিষয়বাব বা বৃত্তি গ্ৰহণ কৰা শিক্ষকৰ বহু জ্ঞান থকাটো অতি প্ৰয়োজনীয়। বহু দাৰ্শনিক, ভাষাবিদ তথা পণ্ডিতে শিক্ষকৰ সম্পৰ্কে বহু সুন্দৰ আৰু গ্ৰহণযোগ্য আৰু তত্ত্বগধূৰ মন্তব্য আগবঢ়াযছে। ফ্লৱেল , ৱাৰ্ম আদি চিন্তাবিদ সকলে শিক্ষকক শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা এজন মহান লোক বুলি কৈছে। ফ্লৱেলে শিক্ষকক এজন মালীৰ লগত ৰিজনি কৰি কৈছে যে মালীয়ে যিদৰে গছ গজাৰ পৰা আৰম্ভ কৰি ফুলৰ বিকাশত অৰিহণা যোগায়, ঠিক একেদৰে এজন শিক্ষকেও শিক্ষাত শিশু বিকাশৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। যি কি নহওঁক আমি অনুধাৱন কৰা উচিত শিক্ষকতা এক সৃজনীশীল শিল্পকলা। গতিকে এজন শিক্ষকে গভীৰ আত্ম নিয়োগেৰে শিক্ষাদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি শিশুৰ সৰ্বদিশ বিকাশৰ লগতে সমাজৰ বিকাশ হোৱাৰ পৰিকল্পনাৰে ভূমিকা পালন কৰা উচিত। 
    

গুণাৱলী 

 ১/ বিষয় বস্তুৰ ওপৰত গভীৰ জ্ঞান থকা বাঞ্চনীয়।
২/ পাঠদানৰ দক্ষতা তথা কৌশলৰ জ্ঞান থাকিব লাগে।
৩/ শিক্ষাদানৰ পদ্ধতিৰ সম্পৰ্কে পৰ্যাপ্ত জ্ঞান থকা দৰকাৰ।
৪/ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সৈতে সহযোগিতা অক্ষুণ্ণ ৰাখিবলৈ প্ৰয়াস কৰিব লাগে।
৫/ নিৰপেক্ষ দৃষ্টিভংগীৰ হ'ব লাগে।
৬/ শিশুৰ মানসিক দক্ষতাৰ পৰীক্ষা তথা মূল্যায়ন কৰিব জানিব লাগে।
৭/ চৰিত্ৰ আৰু ব্যক্তিত্বৰ সম্পৰ্কে সদায় সজাগ হ'ব লাগে।
৮/ সজ আচৰণ প্ৰদৰ্শন কৰা
৯/ শিক্ষাৰ সঁজুলি ব্যৱহাৰৰ জ্ঞান থাকিব লাগে।
১০/ সময়ানুৱৰ্তিতাৰ জ্ঞান 
    তদুপৰি সুকণ্ঠ , ক্ষিপ্ৰতা, পৰিষ্কাৰ পৰিচ্ছন্ন,ধৈৰ্য্য, হাস্যৰস, আশাবাদী, চাতুৰ্য্যতা, বাগ্মিতা, নেতৃত্বদান আদি মহান গুণৰাশি থাকিব লাগে। উল্লেখিত ,এনে গুণৰ অধিকাৰী হোৱাৰ বাবে শিক্ষক আমাৰ বাবে এজন মহান স্ৰষ্টা শিল্পী।

                    পঢ়ি চোৱাৰ বাবে

      আপোনালৈ অশেষ ধন্যবাদ জনালো ।।



,-----------------++++++++++++++---------------------
                 


Tuesday, July 28, 2020

সুখী জীৱনৰ উপায় -২

সুখী জীৱনৰ সহজ উপায়

       সুখ প্ৰত্যেকৰে সুকীয়া হ'ব পাৰে অৰ্থাৎ পৃথক পৃথক হ'ব পাৰে যদিও প্ৰাপ্তৰ উপায় নিশ্চয় সদৃশ।

আপোনাৰ বাবে সুখ কি ? কেতিয়াবা ভাবি চাইছে নে ? আপোনাৰ বাবে সুখ হ'ব পাৰে এইটো যিয়ে আপোনাৰ জীৱনত শান্তিৰ নিজৰা বোৱাই দিব সক্ষম। অথবা যিয়ে আপোনাৰ সপোনৰ গভীৰতাক অবাধ স্বাধীনতা প্ৰদানেৰে সাকাৰ ৰূপ দিয়াত সহায় কৰিছে। 

      সঁচা অৰ্থত আপোনাৰ সুখৰ সংস্কৰণ হ'ল শ্ৰদ্ধা ভক্তিৰ মনোভাৱ। এনে মনোভাৱে সুখী জীৱন নিৰ্বাহ কৰাত সহায় কৰে। সাধাৰণতে বহু সন্তোষিত জীৱন কিছু জটিল প্ৰক্ৰিয়া মাজেৰে অতিবাহিত কৰাৰ পিছত প্ৰাপ্ত হয়। জীৱনত সৰু সৰু অথচ কিছুমান গুৰুত্বপূৰ্ণ অভ্যাসে আপোনাৰ জীৱনৰ প্ৰতিটো পল অনুপল সুখী কৰি তোলিব পাৰে। আহকচোন আমি অনুসৰণ কৰো কিছু বিষয় যিয়ে আপোনাক আনন্দ, প্ৰশান্তি আৰু আৰ্শীবাদ প্ৰদান কৰি জীৱন সুখময় কৰি তোলাত সহায় কৰিব পাৰে।

১/ অনুশীলন কৰক: 

      আপোনাৰ সুস্বাস্হ্যৰ বাবে অনুশীলন এটা গুৰুত্বপূৰ্ণ বিষয়। নিয়মিত যোগাভ্যাসে আপোনাৰ মনত অনুভূত মানসিক চাপ, উদ্বগ্নিতা , বিষন্নতা,হীনমন্যতা আদি নেতিবাচক মনোভাব দূৰ কৰে। 
 

২/ পৰ্য্যাপ্ত পৰিমানে শোঁৱক :

      আধুনিক পৃথিৱীৰ আধুনিক সমাজত যেন টোপনি বা শয়ন এটা গুৰুত্বপূৰ্ণ বিষয় নহয়। যন্ত্ৰবত মানুহবোৰে কেৱল কাম কৰা আৰু কৰা মনোভাৱহে পুহি ৰাখিছে। আধুনিক সমাজত খাওন শোঁৱনৰ ক্ষেত্ৰত সীমাবদ্ধ। ব্যস্ততাপূৰ্ণ জীৱন অতিক্ৰমৰ বাবে প্ৰতিজন মানুহক আজি সময়ে গ্ৰাস কৰি পেলাইছে। কিন্তু ভাল দৰে নোশোঁলে ভাল মগজু কামনা কৰিব পাৰি নে ? আপুনিও ভাবকচোন। সুস্বাস্হ্যৰ বাবে পৰ্যাপ্ত শয়ন আপোনাৰ বাবে মহৌষধ। গভীৰ টোপনিয়ে মগজুৰ বিভিন্ন অংগৰ গতি সঠিক কৰি ৰাখে। এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতি দিনত গড়ে ৭ ৰ পৰা ৮ ঘণ্টা শোঁৱ লাগে। চাব আকৌ অত্যধিক শয়নেও মানুহৰ ক্ষতি সাধন কৰে। 

৩/ সুষম আহাৰ খাওঁক

   আপুনি নিশ্চয় জানে যে শাৰীৰিক ভাৱে সবল আৰু সুস্হ হৈ থাকিবলৈ আহাৰৰ ক্ষেত্ৰত বিজ্ঞানেও গুৰুত্বপূৰ্ণ দিহা দি আহিছে। সুষম আহাৰ গ্ৰহণে আপোনাৰ শৰীৰ প্ৰয়োজনীয় উপাদান প্ৰাপ্ত কৰে। ভিটামিন, চৰ্বি, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, খনিজ লৱণ আদি উপাদানযুক্ত খাদ্য খাব লাগে। গাখীৰ,কণী, মাছ, মাংস নিয়মিত পৰিমাণে আৰু দাইল, সেউজীয়া শাক-পাচলি, ফলমূল আদি খাব পাৰে।

৪/ গভীৰভাৱে উশাহ-নিশাহ লওঁক

      সুস্বাস্হ্য থাকিলেহে সুখী জীৱন পাব পাৰি।
গভীৰ ভাৱে উশাহ-নিশাহ লোৱাৰ যোগাভ্যাস কৰক। ইয়ে আপোনাৰ মনৰ জঠৰতা, ব্যস্ততাৰ একঘেয়ামীৰ চাপ নাইকিয়া কৰে। কিছু সময় দুচকু জপাই জীৱনৰ সুন্দৰ ঠাই বা সময়খিনিৰ সম্পৰ্কে স্মৰণ কৰক আৰু জোৰেৰে দীঘলীয়াকৈ নাকৰ এটা বিন্ধাৰে উশাহ লৈ আনটোৰে লাহে লাহে নিশাহত বায়ুখিনি এৰি দিয়ক। মনলৈ প্ৰশান্তিৰ ভাৱ আহিছে নে বাৰু ? 

৫/ অসুখী মুহূৰ্ত্তবোৰক মূল্যায়ন কৰক

      ইতিবাচক চিন্তাই মনক শান্তি দিয়ে। কিন্তু বেয়া ঘটনা বা কাৰ্যবোৰে মনত সদায় দুখ দিয়ে আৰু ই জীৱনৰ অংশৰ দৰে পৰিগণিত হয়। বেয়া কাৰ্যবোৰ বা ফলবোৰ জীৱনৰ এটা অংশ বুলি সহজভাৱে স্বীকৃতি দিয়ক। মনত প্ৰশান্তি পাব। যদি আপুনি বেয়া খবৰবোৰ, সংঘটিত ভুল বোৰ অনবৰতে সাবতি থাকে তেন্তে এয়া আপোনাৰ বাবে মাৰাত্মক কথা হ'ব পাৰে। সেয়ে অসুখী মুহূৰ্ত্তবোৰক মান্যতা প্ৰদান কৰক,ই এটা জীৱনৰ অংশ হিচাপে। এনে মনোভাৱে আপোনাৰ সময়বোৰ সুখেৰে পৰিপূৰ্ণ কৰি তোলিব ।

       সদৌ শেষত কঁও আপোনাৰ কাৰ্যই আপোনাক জীৱন সুখী কৰি তোলাত সহায় কৰিব। সুকৰ্মৰ পৰা সুফল আৰু কুকৰ্মৰ পৰা কুফল পোৱা যায়। গতিকে সুচিন্তা,সুকৰ্ম কৰক আৰু জীৱন সুখময় কৰি তোলক।
     ---------+++++++++-------+++++++-------

Sunday, July 26, 2020

শিশুৰ বৃদ্ধিত সুষম আহাৰৰ প্ৰভাৱ

    সুষম আহাৰ বুলিলে বহু দামী কিছুমান বিশেষ আহাৰৰ কথা নুবুজায় । চৌপাশৰ পৰিৱেশত পোৱা কম মূল্যযুক্ত বা বিনামূল্যে পোৱা খাদ্য বস্তুও সুষম আহাৰ হ'ব পাৰে। আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা কাৰ্বহাইড্ৰেট, প্ৰ'টিন , চৰ্বি, ভিটামিন, খনিজ লৱণ আদি উপাদানবোৰ নিৰ্ধাৰিত হাৰত যি আহাৰত পোৱা যায়, সেয়ে হ'ল সুষম আহাৰ।
      শিশুৰ শাৰীৰিক , মানসিক আৰু বৌদ্ধিক সাধনত সুষম আহাৰৰ ভূমিকা উল্লেখনীয়। শিশু পৰ্যায়ত মানুহৰ শৰীৰক অধিক পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয়। বিশেষকৈ শৈশৱ কালছোৱাত মানুহৰ শৰীৰে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমশঃ বৃদ্ধি হবলৈ ধৰে। শিশুৰ শৰীৰ সঠিকভাৱে তেতিয়াহে বিকাশ ঘটিব, যেতিয়া শৰীৰে লাগতিয়াল উপাদান সমূহ লাভ কৰিব। সেয়ে শিশু অৱস্থাটোক মানৱ দেহৰ গুৰুত্বপূৰ্ণ স্তৰ বুলিব পাৰি।এজন নিৰোগী সুস্হ-সুঠাম স্বাস্হ্যৰ অধিকাৰী শিশু পাবলৈ সুষম আহাৰৰ প্ৰয়োজন আছে।সুষম আহাৰৰ জৰিয়তেহে শিশুৰ বিকাশ সম্ভৱ। প্ৰত্যেক পিতৃ-মাতৃয়ে শিশু অৱস্থাতে নিজৰ সন্তানক পুষ্টিদায়ক খাদ্য,যেনে- মাছ, মাংস, কণী, গাখীৰ , বিভিন্ন ফলমূল , সেউজীয়া শাক-পাচলি- লাই ,মূলা,কচু ,লফা , কবি , তিয়ঁহ, বিন, পালেং, ৰঙা লাও আদি খাদ্য শিশুৰ বয়স আৰু শাৰীৰিক পৰিসৰ অনুপাতে খুৱাব লাগে।পুষ্টিদায়ক খাদ্যই শিশুৰ দেহত শক্তি যোগাই শৰীৰ বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা বঢ়োৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। সুষম খাদ্য পুষ্টিদায়ক । পুষ্টিজনক খাদ্যই শৰীৰৰ সকলো দিশত বিকাশ সম্ভৱ কৰি তোলে। 
      সুষম খাদ্যৰ অভাৱত শিশুৰ গাত বিভিন্ন ৰোগে আক্ৰমণ কৰি বিকাশত বাধা দিয়ে। যাক চিকিৎসা বিজ্ঞানত অভাৱজনিত ৰোগ বোলা হয়। খাদ্যৰ উপাদান কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আদিৰ অভাৱত এই ৰোগ হয়। কাৰ্বহাইড্ৰেটৰ অভাৱত দেহত বল-শক্তি কমি যোৱা, ভাগৰ বা দুৰ্বল অনুভৱ কৰা, টান কাম কৰিব নোৱাৰা আদি উপসৰ্গই দেখা দিয়ে।প্ৰ'টিনৰ অভাৱত 'কোৱাছিৱকাৰ' , মাৰাছমাছ ৰোগ ; খনিজ পদাৰ্থৰ অভাৱত হাড়ৰ বৃদ্ধিত বাধাগ্ৰস্থ হোৱা,কটা-ছিঙাত অতিপাত ৰক্তক্ষয়, ৰক্তহীনতা, হাড় আৰু দাঁত দুৰ্বল হোৱা আদি ৰোগসমূহে দেখা দিয়ে। ভিটামিনৰ অভাৱে শিশুজনক নিশকতীয়া কৰি পেলায়। ভিটামিন হ'ল এক প্ৰকাৰ প্ৰৱল শক্তি সম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ভিটামিন বা খাদ্যপ্ৰাণ হ'ল জটিল জৈৱ যৌগ ,যি পৰিমাণত অলপ হ'লেও প্ৰাণী দেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ অভাৱত প্ৰাণী দেহ বিভিন্ন ৰোগৰ সন্মুখীন হয়।দ্ৰৱনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিনক দুটা ভাগত ভাগ কৰা হৈছে--- ফেটত দ্ৰৱণীয় ভিটামিন ( ভিটামিন A, D, E, K ) আৰু পানীত দ্ৰৱণীয় ভিটামিন ( ভিটামিন B - কমপ্লেক্স আৰু C )।
       ভিটামিনৰ কাৰ্য আৰু অভাৱজনিত ৰোগ : 
        দেহৰ সামগ্ৰিক বৃদ্ধি , চকুৰ আৱৰণী কলাস্তৰৰ সাধাৰণ গঠন, দৃষ্টি শক্তি অক্ষুণ্ণ ৰখা, স্নায়ু কোষ আৰু পেশী কোষৰ পুষ্ট সাধন কৰা, হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্ৰহণ কৰা , জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা আদিয়েই ভিটামিনৰ প্ৰধান কাৰ্য।
        অভাৱ জনিত ৰোগৰ ভিতৰত --- দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্ৰাস পোৱা , কুকুৰীকণা , বেৰিবেৰি , পয়ালগা , শুষ্কাক্ষি ( জেৰ'পথেলমীয়া ) ৰোগ , চকুৰ পৰ্দাৰ অস্বচ্ছতা ৰোগ , চৰ্মৰ স্হূলতা আৰু শুষ্কতাৰ চৰ্মৰোগ ,জনন ক্ষমতাৰ ত্ৰুটী দেখা দিয়া আদি ৰোগ হোৱা দেখা যায়। 
        শিশুক উল্লিখিত ৰোগৰ পৰা ৰক্ষা কৰিবলৈ খাদ্যৰ উপাদান নিহিত থকা আহাৰ যোগান ধৰিব লাগিব । ৪ বছৰৰ পৰা ১০ বছৰলৈকে এটি শিশুক নিম্ন উল্লিখিত নিৰ্ধাৰিত পৰিমাণত সুষম আহাৰৰ আৱশ্যক হয়, যাৰ সহায়ত শিশুজনৰ দৈহিক আৰু মানসিক উৎকৰ্ষ সাধন সঠিকভাৱে হয়।
      সুষম আহাৰৰ নাম।             পৰিমাণ
               (প্ৰতিদিনৰ হিচাপত)
চাউল,আটা :                    ১২৫----------২৫০ গ্ৰাম
দাইল।         :                    ৬২ ----------   ৯৩ গ্ৰাম.
মাছ, মাংস।  :                   ১২৫ ---------১৮৬ গ্ৰাম
গাখীৰ।        :                    ৫০০  ------  ৭৫০মি.লি.
ঘিউ ,তেল    :                       ১৫  -------  ৩০ গ্ৰাম
কণী             :                     ১টা
সেউজীয়া
শাক-পাচলি  :                    ১২৫   ----- ১৮৬ গ্ৰাম
ফলমূল।       :                    পৰিমিত
      সুষম আহাৰৰ মৌলিক উপাদান নিহিত থকা খাদ্যৰ উৎস --- ভাত ,ৰুটি , আলু ,চিৰা , মুড়ি , দাইল , গাখীৰ, দৈ,কণী, মাছ,মাংস , তেল , ঘিউ,মাখন,ময়দা, সেউজীয়া শাক-পাচলি, ফলমূল, ছয়াবিন আদি।
       তদুপৰি শৰীৰত পৰ্য্যাপ্ত পৰিমাণে পানীৰো প্ৰয়োজন। পানীৰ অভাৱ ঘটিলে শৰীৰৰ বৰ্জিত পদাৰ্থবোৰ বাহিৰ হোৱাত অসুবিধা হয়। পানীৰ অভাৱত দেহৰ কোষবোৰ উজ্জীৱিত নহয় আৰু শৰীৰ শীতল কৰি ৰখাত বাধা দিয়ে। সেয়ে এটি শিশুক সঠিক পৰিমাণৰ পানীৰ লগতে আন উপাদান সমূহ পাব পৰাৰ ব্যৱস্থা পিতৃ মাতৃয়ে কৰা উচিত।
        সম্প্ৰতি অসমত অভাৱনীয়ভাৱে পুষ্টিহীনতাত
ভোগা শিশুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যৰ প্ৰায় ১৫ লাখ শিশু পুষ্টিহীনতাত ভুগিছে আৰু এই সংখ্যা আফ্ৰিকাৰ একাংশ দৰিদ্ৰ দেশৰ পুষ্টিহীনতাত ভোগা শিশুতকৈও অধিক ( দৈনিক জনমভূমি, হেমন্ত কুমাৰ নাথ) । বিভিন্ন আঁচনিৰ অধীনত চৰকাৰে প্ৰতি বছৰে শ শ কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্যখনৰ প্ৰায় ৩০.৮ শতাংশ শিশু পুষ্টিহীনতাত ভোগাটোৱে ৰাজ্যখনৰ দৰিদ্ৰতা নিৰ্মূল নোহোৱা কথাকে সূচায়। দৰিদ্ৰতা আৰু পুষ্টিহীনতাৰ মাজত ওতঃপ্ৰোত সম্বন্ধ আছে। সেয়ে দৰিদ্ৰতা নিৰ্মূলৰ বাবে সকলো স্তৰৰ ব্যক্তিয়ে চৰকাৰৰ আঁচনি সমূহ সঠিকভাৱে আৰু সময়মতে ৰূপায়ন কৰাৰ বাবে সজাগ - সচেতন হ'ব লাগিব তেহে ৰাজ্যৰ প্ৰতি জন দৰিদ্ৰ শিশুৱে সুষম আহাৰ পাবলৈ সক্ষম হ'ব আৰু পুষ্টিহীনতা নিৰ্মূল হ'ব।
                ----- সমাপ্ত------ 
           পূৰ্বে প্ৰকাশিত -- দৈনিক জনমভূমি 
             ‌‌‌‌‌‌       লেখক ----  দুদুল সোণোৱাল।

Friday, July 24, 2020

অসমত ইমান বানপানী হয় কিয় ? - চমু অৱলোকন ।

 প্ৰৱন্ধটোৰ অন্তভাগত পাব--

* পাতনি

* বানপানী হোৱাৰ কাৰণ সমূহ

* বুৰঞ্জী মূলক অধ্যয়ন

* পূৰ্বৰ নদ-নদীৰ সমূহৰ গভীৰতা আৰু বিশালতা

   ইয়াৰ কাৰণ সমূহ

* নদ-নদী সমূহৰ বৰ্তমানৰ অৱস্থা

* কিদৰে গঢ়াখহনীয়া প্ৰতিৰোধ কৰিব পৰা যাব

* নদ-নদী সমূহ কিয় খান্দিব লাগিব

* নদীয়ে বহনক্ষম ক্ষমতা কিয় হেৰুৱাইছে 

* পৰামৰ্শ আৰু সামৰণি

     
   * বছৰ বছৰ ধৰি বানপানী অসমৰ এক জ্বলন্ত সমস্যা ৰূপে চিহ্নিত হৈ আহিছে। অসমত বানপানীৰ যি সমস্যা সেয়া সমাধান হোৱাৰ বিপৰীতে দিনক দিনে ইয়াৰ প্ৰকোপ বৃদ্ধি পাবলৈহে ধৰিছে। আনকি বাৰিষাকালিৰ উপৰিও শীতকালতো বানপানীৰ দুৰ্যোগে অসমৰ জনসাধাৰণক লগ নেৰা হৈছে। বৰষুণৰ ফলত হোৱা বানপানী , কৃত্ৰিম বানপানীৰ কবলত পৰি অসমৰ জনসাধাৰণ নিতৌ ককবকাব লাগিছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ? এক লাখটকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈ ৰৈছে। কেতিয়াবা প্ৰৱল বৰষুণৰ ফলত বানপানী হৈছে, কেতিয়াবা কোনো জলবিদ্যুৎ প্ৰকল্পই মেলি দিয়া পানীৰ ফলত বানপানী হৈছে নতুবা কোনো কৃত্ৰিম কাৰণত বানপানী হৈছে , মুঠতে বানপানী আৰু বানপানী। বছেৰেকৰ অৰ্ধেক সময় অসমবাসীয়ে পানীৰ তলত থাকিব লগা পৰিস্থিতি সদৃশ সৃষ্টি হৈছে। বহু চৰকাৰ আহিল আৰু বহু চৰকাৰ গ'ল কিন্তু অসমৰ বানপানী সমস্যাৰ স্হায়ী সমাধান আজিকোপতি নহ'ল। এয়া অসমবাসী জনগনৰ বাবে কিমান পৰিতাপৰ বিষয়।
    * অসমৰ নদ-নদী সমূহৰ অৱয়বলৈ দৃষ্টি ৰাখি ক'ব পাৰি ইয়াৰ মূল কাৰণ হ'ল নদ-নদীৰ গভীৰতা হ্ৰাস। নদ-নদী সমূহৰ গভীৰতা হ্ৰাস হোৱাৰ লগে লগে ইয়াৰ পানীৰ ধাৰণ ক্ষমতাও হ্ৰাস পাব ধৰিছে। পাত্ৰ এটাৰ গভীৰতা যিমানেই বেছি হয় ইয়াৰ ধাৰণ ক্ষমতাও বেছি হয়। একেদৰে অসমৰ নদ-নদী সমূহৰ গভীৰতা হ্ৰাস হৈছে কিন্তু ইয়াৰ বিশালতা বৃদ্ধি পাইছে আৰু নদী গঢ়াৰ সমান মূল অংশ হৈ পৰিছে যাৰ ফলত পানীবোৰ নদ-নদীয়ে সহজে ধৰি ৰাখিব সক্ষম হোৱা নাই আৰু পানী যেনিয়ে তেনিয়ে বৈ যাবলৈ সুবিধা হৈছে। 
    দ্বিতীয়তে সময়ে সময়ে হোৱা প্ৰবল বৰষুণ আৰু ধুমুহাৰ প্ৰকোপত গঢ়াখহনীয়া ধাৰাবাহিক ৰূপত হ'ব ধৰিছে। নৈৰ গৰা খহনীয়াৰ ফলত নৈৰ গভীৰতাত বাৰুকৈয়ে আঘাত হানিছে। অৰ্থাৎ খহনীয়াৰ মাটি পৰোতে পৰোতে নৈৰ মূল সুঁতি ক্ৰমশঃ পোত খাই গভীৰতা হ্ৰাস পাবলৈ ধৰিছে ফলত ইয়াৰ পানীৰ ধাৰণ ক্ষমতা লোপ পাবলৈ ধৰিছে।
   তৃতীয়তে, নৈ সোঁতে বিভিন্ন ঠাইত মানুহে দলিয়াই দিয়া জাবৰ-জোঁঠৰ আৰু বালি উঁটুৱাই আনি মূল সুঁতিত আনি পেলোৱাৰ ফলত নৈৰ গভীৰতা হ্ৰাস পাইছে। আনহাতে ইয়াৰ লগে লগে পানী উফন্দি উঠাৰ ফলত গঢ়াৰ মাটি কোমল হৈ পৰিছে আৰু খহি খহি বিস্তৃত ৰূপলৈ পৰিৱৰ্তন ঘটিছে। আৰু এইদৰে এটা সময়ত নদ-নদী সমূহ গঢ়াহীন নৈলৈ পৰিবৰ্তন ঘটাও পৰিলক্ষিত হৈছে।যাৰ বাবে অলপ পৰিমাণৰ বৰষুণতে পানী ওফন্দি যেনি তেনি সিঁচৰিত হৈ বাগৰি গৈ বানপানীৰ সৃষ্টি কৰিছে।
      ক্ৰমশঃ>



Tuesday, July 21, 2020

সুখী জীৱনৰ সহজ পথ -১

         জীৱনৰ প্ৰকৃত উদ্দেশ্যই হ'ল নিজক সুখেৰে আৰু স্বাচ্ছন্দ্যৰে ৰখা। মানৱ জাতিৰ অস্তিত্ব এই মুলুকত বৰ্তাই ৰখাৰ এয়া সৰ্বশেষ আৰু প্ৰধান লক্ষ্য। তথাপি আমি সুখ আহৰণৰ বাবে বহু যোজন দূৰৈত অৱগাহিত হৈ ৰঁও আৰু জীৱনৰ ইচ্ছা অনন্ত চিন্তাৰ সমষ্টিৰে ৰৈ যায় যেন এটা সুখৰ গল্প হৈ ভ্ৰমি ফুৰে মনৰ প্ৰতিটো কন্দৰত। কিন্তু প্ৰকৃতাৰ্থত সুখে ইতিমধ্যে আমাৰ সৈতে প্ৰতিটো ক্ষণত গোপনে সহবাস কৰিছে। যাক আমি উপলব্ধি নকৰোঁ নতুবা সুক্ষ্ম ভাৱে ভাবি নাচাও।সুস্হ আৰু সুখী হৈ থাকিবলৈ আমাক বহু সময় কিম্বা বহু টকাও প্ৰয়োজন নাই। লাগে মাথোঁ অকৃত্ৰিম তিলমাত্ৰ অভিপ্ৰায় আৰু প্ৰৱল ইচ্ছাশক্তি । এটা সুখী জীৱন যাপন কৰাৰ কেইটামান সৰু সৰু পথ অনুসৰণ কৰো আহকচোন-

১. আপুনি ভালপোৱা অনুসৰি কামটো কৰক 
     আপুনি যিটো কাম কৰি ভাল পায়,যি আপোনাৰ প্ৰিয় সেই কামটো আন্তৰিকতাৰে কৰিবলৈ প্ৰয়াস কৰক। যদি আপুনি শিক্ষাদান কৰি ভাল পায় নতুবা গল্প লিখি ভাল পায় নতুবা উপন্যাস পঢ়ি ভাল পায় নতুবা সাঁতুৰি ভাল পায় নতুবা খেল খেলি ভাল পায় : জীৱনৰ এই আমোদজনক কামবিলাক কৰিবলৈ নিৰ্দিষ্ট সময় নিৰূপণ কৰি লওঁক। আপোনাৰ নিজা পছন্দৰ কামত নিজ ইচ্ছা আৰু আগ্ৰহেৰে ব্ৰতী হওঁক । চাব ইয়ে আপোনাৰ মনলৈ প্ৰশান্তিৰ ভাৱ কঢ়িয়াই আনিছে। যি কাম আপুনি স্ব-ইচ্ছাৰে কৰিব, আপোনাৰ পছন্দ অনুসৰি কৰিব সেই কামে আপোনাক নিশ্চয় সুখী আৰু আনন্দিত কৰিব।
২. কৃতজ্ঞ হওঁক
    যদি আপুনি সকলোবিলাক কামৰ সম্পৰ্কে ভাৱে যে কামবিলাকে আপোনাক জীৱনত কৃতজ্ঞ হ'বলৈ শিকাইছে আৰু তেতিয়া আপুনি উপলব্ধি কৰিব আপোনাৰ সমান সৌভাগ্যৱান ব্যক্তি দ্বিতীয় এজন নাই। বহু সময়ত আমি আমাৰ প্ৰাথমিক সুচলতাক ভগৱানৰ দান বুলি গ্ৰাহ্য কৰো। আনকি ইয়াক আমাৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ তাক উপলব্ধি নকৰাকৈ , আমি প্ৰদত্ত সম্পদসমূহ অপব্যৱহাৰ কৰো আৰু অন্তিম পৰ্যায়লৈকে অসাৱধানতাৰে অপব্যয় কৰো। যদি আমি সম্পদসমূহৰ গুণাগুণ বুজিবলৈ আৰম্ভ কৰোঁ, যিবোৰ ইতিমধ্যে আমাৰ মাজত উপলব্ধ, তেতিয়া নিশ্চয় আমি আমাৰ জীৱনত বিমল সুখ অনুভৱ কৰিবলৈ আৰম্ভ কৰিম। 
 ৩. আনক সহায়ৰ হাত আগবঢ়াওক
      কিছুমান ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী মূহুৰ্তত আমি আমাৰ নিজা সিদ্ধান্তৰে সহায়ৰ বাবে আগবাঢ়োতে নিজ উদ্দেশ্য সিদ্ধি নহয় বা বিভিন্ন জনৰ অৱজ্ঞাসূচক মন্তব্যৰ বাবে দুখত ক্লান্ত হৈ পৰো, তেতিয়া আমি ভাবোঁ যে জীৱনত আমাৰ উদ্দেশ্য আৰু কাৰ্যই আৱশ্যক অনুসৰি প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই আৰু তেতিয়াই সময়ৰ ওচৰত আমি আত্মসমৰ্পন কৰোঁ। আপুনি যেতিয়া স্বেচ্ছাৰে সেৱা আগবঢ়াব অথবা মানুহক সহায় কৰিব তেতিয়া এই কৰ্মই আপোনাৰ মনত অপাৰ আনন্দ অনুভৱৰ সৃষ্টি কৰিব। এনে কাৰ্যৰ পৰা আমি সন্তোষিত অনুভৱ কৰোঁ আৰু আমাৰ মনত বিশেষ স্বৰ্গসুখৰ প্ৰাপ্ত হয়।
৪. আনৰ সৈতে অংশীদাৰীত্ব হওঁক
     যেতিয়া আমি আমাৰ চিন্তাধাৰাসমূহ, আমাৰ সুযোগ সুবিধা সমূহৰ ক্ষেত্ৰত আনৰ সৈতে অংশীদাৰীত্ব কৰোঁ বা ভাগবাটোৱাৰা কৰোঁ তেতিয়া আমাৰ মনত সুখৰ অনুভূত হয়, প্ৰশান্তিৰ কিৰণে দুচকুত তিৰবিৰাই। জীৱিত অৱস্থাত যদি আমি কাৰোৰে সৈতে অংশীদাৰীত্ব নকৰোঁ বা বন্ধুত্ব
নগঢ়োঁ তেন্তে আপোনাক অকলশৰীয়া আৰু নিঠৰুৱা মনোভাৱে আমনি কৰিব। যেতিয়া আপুনি কাৰোবাৰ সৈতে সুখ-দুখৰ সমভাগী হয় তেতিয়া তেওঁলোকে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিব আৰু বিপদে আপদে সহায়ৰ হাত আগবঢ়াব , ইয়ে আপোনাৰ মনক পুলকিত আৰু আনন্দিত কৰিব।
৫. হাঁহক আৰু হহুঁৱাওক 
     হাঁহি আৰু আনন্দেৰে কামত অগ্ৰসৰ হওঁক আৰু ইয়ে আপোনাৰ জীৱনত কিদৰে প্ৰভাৱ পেলায়ছে নিৰীক্ষণ কৰক। আপুনি দেখিব আপোনাৰ চৌদিশে মানুহৰ কিমান সমাগম ঘটিছে। আপুনি সাধাৰণ ভাৱে থিয় হৈ আগন্তুকৰ মুখলৈ দৃষ্টি দি মিচিকিয়াঁই হাঁহি মাৰক, দেখিব আপুনি কিমান সুন্দৰকৈ প্ৰতি সম্ভাষণ লাভ কৰিছে।হাঁহিয়ে মানুহৰ জীৱন সীমাহীন সুখময় কৰাত সহায় কৰে আৰু সম্ভাৱনাৰ অমনোযোগীতাক আঁতৰাই দূৰলৈ ঠেলি দিয়ে, আপোনাৰ প্ৰয়োজনীয়তাক যিয়ে ঘৃণা কৰে তাক জোৰেৰে দূৰলৈ ঠেলি পঠিয়ায়। এইদৰে আপুনি হাঁহিৰে সহজে শত্ৰু বশ কৰিব পাৰে। 
৬. শোৱাৰ আগতে অতিকমেও এঘণ্টা জিৰণি লওঁক
    বিছনালৈ যোৱাৰ এঘণ্টাৰ আগতে সঠিকভাৱে মোবাইল বা কম্পিউটাৰটোৰ ইণ্টাৰনেট সংযোগ বন্ধ কৰক আৰু ক্ষন্তেক জিৰণি লওঁক । শোৱাৰ আগমূহূৰ্ত্তত কোনো অনুশীলন নকৰিব কাৰণ ইয়ে আপোনাৰ পথৰ প্ৰসাৰতা বৃদ্ধিহে কৰিব। আপুনি মানসিক ভাৱে পৰিষ্কাৰ বা সবল সতেজ হ'বলৈ প্ৰয়াস কৰক ,যাতে ৰাতিৰ টোপনি সুন্দৰকৈ হয়। অৱশ্যে ইয়াৰোপৰি এখন সুন্দৰ কাহিনী যুক্ত কিতাপ পঢ়িব পাৰে নতুবা দূৰদৰ্শনৰ সন্মুখত কিছু সময় অলসভাৱে বহি মনৰ আৰু দেহাৰ জঠৰতা আঁতৰাব পাৰে। কিছুমান লোকক আকৌ দেখা যায় যে দিনৰ ব্যস্ততাৰ ফলত জুমুৰা পৰা মনৰ আৰু দেহাৰ শিঠিলতা নাইকিয়া কৰিবৰ বাবে গা-ধোৱা ঘৰত শ্বাৱাৰ খুলি মূৰ-গা ধুই সতেজ হ'বলৈ প্ৰয়াস কৰে,ইয়ে আপোনাৰ মনক ৰাতিপুৱা সময়কণত থকা সতেজ অৱস্হালৈ পৰিৱৰ্তন হোৱাত সহায় কৰে। 
৭. সুন্দৰ খাদ্যাভ্যাসৰ বাবে অনুশীলন কৰক
      যেতিয়া আপুনি অসুস্হ হয়, তেতিয়া কঠিন বহনক্ষম অনুভৱে আপোনাক মানসিক ভাৱে প্ৰফুল্লিত কৰি ৰাখিব পাৰে। কোনো প্ৰকাৰে যেতিয়া আপুনি শুদ্ধকৈ বা নিৰ্দিষ্ট পৰিমাপত খাদ্য গ্ৰহণ কৰে, আপুনি শাৰীৰিক ভাৱে আৰু সামানুপাতিকভাৱে সুস্হ অনুভৱ কৰিব। কিন্তু প্ৰয়োজনতকৈ বেছিকৈ খালে, আপোনাৰ দেহাত ইয়াৰ বিপৰীত কাৰকে দেখা দিব। ইয়াৰোপৰি কোনো জাংফুড গ্ৰহণ কৰাৰ পৰা পৰাপক্ষত বিৰত থাকি নিজক শাৰীৰিক ভাৱে সুস্হ সবল কৰি ৰাখিবৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰা উচিত।
৮. আপোনাৰ প্ৰিয়তমৰ সৈতে সময় অতিবাহিত কৰক
     আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে শক্তি আৰু সঞ্চয়ীগুণ স্হানান্তৰৰ কোনো বেলেগ উপায় নাই। আমি হ'লো সামাজিক প্ৰাণী , সম্ভাৱনাৰ অমনোযোগীতাৰ বাবে যিয়ে আপোনাক চিন্তাশীল ব্যক্তি অথবা বিদ্ৰোহী ব্যক্তি হিচাপে থিয় কৰোৱাত উৎসাহ যোগাব পাৰে। ব্যক্তিগত লালন পালনেৰে সময় সঞ্চয় কৰি তেওঁলোকৰ মাজত মৰম স্নেহৰ আদান প্ৰদান কৰি সময় অতিবাহিত কৰাৰ প্ৰয়াস কৰা উচিত। সম্পূৰ্ণ অকলশৰীয়াকৈ জীয়াই থাকিবলৈ জীৱনটো ইমান দীঘলীয়া নহয়, সেয়ে সংগীৰ সৈতে মিলামিছা আলাপ-আলোচনা আৰু হৃদয় দিয়া নিয়া সুখী জীৱনৰ এটা মহান অংশ হিচাপে পৰিগণিত ।
---------------+++++++++++++++------------------
 

Friday, July 17, 2020

মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা

     ১. বৃত্তিমূলক শিক্ষা কি ?
     ২. ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য কি ?
     ৩. কিয় প্ৰয়োজন/ বিৱৰণ ?
     ৪. বৃত্তিমূলক শিক্ষাই কিদৰে সহায় কৰে ?
     ৫. পৰামৰ্শ/ সামৰণি ।
     
       বৃত্তিমূলক শিক্ষা কি ? 
       বৃত্তিমূলক শিক্ষা হ'ল এক অনানুষ্ঠানিক শিক্ষা। অৱশ্যে বৰ্তমান সময়ত আনুষ্ঠানিক ৰূপত বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটোৱা হৈছে। এনে শিক্ষা হ'ল হাতে -কামে কৰা শিক্ষা। এনে শিক্ষা প্ৰাপ্তিৰ জৰিয়তে ব্যক্তি এজনে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে। অৰ্থাৎ আনুষ্ঠানিক শিক্ষাৰ উপৰিও যি শিক্ষাই মানুহক উপাৰ্জনৰ পথ প্ৰশস্ত কৰাত সহায় কৰে সেয়ে হ'ল বৃত্তিমূলক শিক্ষা। বৰ্তমান সময়ত মহাবিদ্যালয় , বিশ্ববিদ্যালয়সমূহত কাৰিকৰী জ্ঞানৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি ৰাজ্যত বা দেশত কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ অনুষ্ঠান, অধ্যয়ন কেন্দ্ৰৰ স্হাপন কৰি বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটোৱা হৈছে। সত্তৰ দশকৰ পৰৱৰ্তী সময়ত ক্ৰমশ বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ভাৰতৰ চুকে-কোণে দ্ৰুত হাৰত বৃদ্ধি পায়। 
     বৃত্তিমূলক শিক্ষাই মানুহক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰে, স্বনিয়োজনত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰে আৰু ইয়াৰ ফলত নিবনুৱা সমস্যা দূৰীকৰণত সহায় হয়। বিভিন্ন বৃত্তিমূলক শিক্ষাৰ মাধ্যমেৰে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে নিজক গঢ় দি নিজৰ লগতে সমাজক আগুৱাই নিয়াত অৱদান আগবঢ়াব পাৰে। সেয়েহে বৰ্তমান বৃত্তিমূলক শিক্ষাৰ চাহিদা বাঢ়িব ধৰিছে। 
    বৃত্তিমূলক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কি ? 
    বৃত্তিমূলক শিক্ষাৰ মূল উদ্দেশ্য হ'ল এজন ব্যক্তিক সম্পূৰ্ণ জীৱন নিৰ্বাহৰ উপায় প্ৰদান কৰা। প্ৰশিক্ষণৰ জৰিয়তে ব্যক্তিজনৰ স্ব-ইচ্ছাৰে কৰিব মনস্হ কৰা কামক অগ্ৰাধিকাৰ দি বিষয়টোৰ ওপৰত সবিশেষ জ্ঞান প্ৰদান কৰি কিদৰে প্ৰয়োগ কৰিব পৰা যাব আদিৰ সম্পৰ্কে শিক্ষা দি পাকৈত কৰি তুলিবলৈ যত্ন কৰা হয়। স্ব-ইচ্ছাৰে নিৰ্বাচিত কামৰ জৰিয়তে নিজৰ সৃজনীমূলক মনোভাৱৰ দক্ষতাৰ জ্ঞান বৃদ্ধি আৰু বিকাশ সাধনৰ সম্ভৱ হয়। সৃজনীমূলক মনৰ বিকাশ ঘটাবলৈ সেয়ে বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণত কিছুমান কায়দা কিটিপ শিকোৱা হয় ,যিয়ে কাৰিকৰী জ্ঞান বৃদ্ধিত সহায় কৰে। লগতে মানুহৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধন সম্ভৱ কৰি তোলে। এই শিক্ষাই ব্যক্তি এজনক আৰ্থিক ভাৱে স্বচ্ছল হোৱাত প্ৰভাৱ পেলায়।
        কিয় প্ৰয়োজন / বিৱৰণ : 
        সাম্প্ৰতিক সময়ত বৃত্তি মূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে। কাৰণ আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰী গ্ৰহণৰ যি পথ সেয়া বৰ দীঘলীয়া আৰু ডিগ্ৰী লাভৰ অন্তত  চাকৰি বিচাৰি প্ৰায় ৭০% তকৈও অধিক শিক্ষাৰ্থী হাবাথুৰি খাব লগীয়া হয় । আনহাতে ব্যৱসায় বানিজ্য কৰিবলৈও মূলধনৰ অভাৱে সেঙাৰ হৈ থিয় দিয়ে। ইয়াৰ পিছতে বহু সময়ত চাকৰিৰ মূখ নেদেখি নিৰাশা হতাশাৰ দাবানলত পৰি ছটফটায় সময় কটাবলগীয়া সদৃশ অৱস্হা হয়। সেয়ে প্ৰচলিত শিক্ষা ব্যৱস্থাই মানৱ সম্পদ আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সক্ষম নোহোৱা যেন অনুভৱ হয়। কিন্তু বৃত্তি মূলক শিক্ষাৰ পৰা বহু আশা কৰিব পাৰি। 
       কেৱল কিতাপৰ শিক্ষাই শিক্ষাৰ্থী বা ব্যক্তি এজনৰ সৃজনীশীল শক্তিক উপলুঙা কৰাই নহয়, বহু সময়ত সুন্দৰ সম্ভাৱনা নষ্ট হোৱাৰো পৰিলক্ষিত হয়। গতিকে এনে এটা শিক্ষাৰ প্ৰয়োজন যি শিক্ষাই প্ৰতিজন লোকক উৎপাদনৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰ হোৱাত প্ৰত্যক্ষ প্ৰভাৱ পেলাবলৈ সক্ষম। এই সমস্যা দূৰীকৰণৰ বাবে একমাত্ৰ বিকল্প পথ হ'ল বৃত্তি মূলক শিক্ষা, এই শিক্ষা গ্ৰহণৰ জৰিয়তে নিজক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলা সম্ভৱ। মটৰ মেকানিক, ৰাজমিস্ত্ৰী , কাঠমিস্ত্ৰী, পেইণ্টাৰ ,বিউটিচিয়ান , ইলেক্ট্ৰিচিয়ান, ম'বাইল মেকানিক, কম্পিউটাৰ মেকানিক , বিভিন্ন পৰম্পৰাগত  বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুতকৰণ  আদি জীৱনৰ অপৰিহাৰ্য বৃত্তিমূলক শিক্ষা আহৰণৰ বিষয়বস্তু। দৈনন্দিন জীৱনত এই বিষয়বস্তু বিলাকৰ প্ৰতিটোৰে গুৰুত্ব অপৰিসীম। নিৰ্দিষ্ট বিষয় এটাৰ ক্ষেত্ৰত এজন দক্ষ ব্যক্তিয়েহে বিষয়টোৰ ওপৰত উদ্ভৱ হোৱা সমস্যা সমাধানভ সফল হয়। সেয়ে এনে কাৰিকৰী শিক্ষাৰ চাহিদা বৰ্তমান যুগত অত্যন্ত বেছি। 
     ভাৰত চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা 'কৌশল বিকাশ যোজনা'ৰ মূল লক্ষ্যও এনেধৰণৰ দক্ষতা বিকাশ সাধন কৰি প্ৰতিজন ব্যক্তিক তথা নিবনুৱা ব্যক্তিক স্ব-নিৰ্ভৰশীল কৰি গঢ়ি তুলি মানৱ সম্পদলৈ পৰিবৰ্তন কৰা। ব্যক্তি এজন যেতিয়া স্ব- উপাৰ্জনেৰে সবল হয় আৰু জাতীয় আয় বৃদ্ধিত অৰিহণা যোগায়, তেতিয়াই ব্যক্তিজন মানৱ সম্পদলৈ ৰূপান্তৰিত হয়। তাৰ অৰ্থ হ'ল কোনো এজন ব্যক্তি যদি উপাৰ্জনক্ষম নহয় তেন্তে সি মানৱ সম্পদ হ'ব নোৱাৰে। এই উপাৰ্জক্ষম হ'বৰ বাবে দক্ষতাৰ কৌশল সমুহ তথা বৃত্তি মূলক শিক্ষা আহৰণ কৰিব লাগিব। ইয়াৰ জৰিয়তে নিজক আৱিস্কাৰ কৰি নিজৰ সৃজনীমূলক বিচক্ষণতাৰে আগুৱাই নিব লাগিব জীৱনৰ প্ৰয়োজনীয়তাৰ খাতিৰত।
       এখন সমাজৰ লগতে এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত মানৱ সম্পদৰ বিকাশ এক এৰাব নোৱাৰা বিষয়। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশ এখনে উৎপাদন কাৰ্যত সফলতা অৰ্জন কৰিব আৰু ইয়াৰ সমান্তৰালকৈ দেশৰ আয় বা ৰাষ্ট্ৰীয় আয় দ্ৰুত গতিত বৃদ্ধি পাব।উল্লেখ্য যে ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দেশ এখন সবল আৰু স্বাৱলম্বী হোৱাত সহায় কৰে। 
        মানৱ সম্পদ উন্নয়নৰ মূল চালিকাশক্তি হৈছে উপযুক্ত শিক্ষা, সুস্বাস্হ্য আৰু প্ৰশিক্ষণৰ সুব্যৱস্থা। শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ সুপ্ত চিন্তাশক্তি জাগ্ৰত কৰে, দক্ষতা বৃদ্ধি কৰে, উদ্ভাৱনী মূলক চিন্তাধাৰাৰ উন্মেষ ঘটাই আৰু সুস্বাস্হ্যই মানুহৰ কৰ্মশক্তি বৃদ্ধি কৰে। গতিকে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণে মানৱ সম্পদ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এটা কথা সত্য যে গুণগত মানদণ্ডৰ আনুষ্ঠানিক শিক্ষা 'সম্পদ উন্নয়নৰ' প্ৰাথমিক চৰ্ত। অৰ্থাৎ শিক্ষা ব্যৱস্থা সঠিক, ফলপ্ৰসূ পৰিমাপৰ হ'লেহে মানৱ সম্পদ সৃষ্টি হোৱা সম্ভৱ হয়। ফোপোলা শিক্ষা ব্যৱস্থাৰ পৰা মানৱ সম্পদ আশা কৰাটো পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা। প্ৰবাদ আছে- " গুৰি পচা কলগছৰ পৰা ভাল কল আশা কৰাটো মিছা।" গতিকে বৃত্তিমুলক শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি যাবলৈ আনুষ্ঠানিক শিক্ষা গুণগত মানদণ্ডৰ হ'বই লাগিব। ই যি কি নহওঁক বৰ্তমান সময়ত বৃত্তি মূলক শিক্ষা আহৰণ কৰি নিজক প্ৰতিষ্ঠিত কৰি অনায়াসে জীৱন নিৰ্বাহ কৰাৰ সুযোগ আছে। পলিটেকনিক, আই টি আই কম্পিউটাৰ শিক্ষা , ম'বাইল মেকানিক আদিৰ চাহিদা বিভিন্ন উদ্যোগৰ বাবে বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ প্ৰসাৰতাও বাঢ়িছে আৰু উপাৰ্জনৰ পথ মুকলি হৈছে। নিৰ্দিষ্ট বিষয় এটাৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণ কৰি সেই দিশত সৰু-বৰ উদ্যোগ গঢ়ি ব্যৱসায় কৰি লাভৱান হ'ব পাৰে। অৰ্থাৎ কোনো চৰকাৰী চাকৰিৰ বাবে বোন্দাপৰ দিয়াৰ প্ৰয়োজন নাই। নিজৰ সৃজনীমূলক মনোভাৱৰে নিৰ্বাচিত বিষয়ৰ বৃত্তি গ্ৰহণ কৰি আৰ্থিক ভাৱে টনকিয়াল হোৱাৰ পথ প্ৰশস্ত কৰিব পাৰি। 
      বৃত্তিমূলক শিক্ষাই কিদৰে সহায় কৰে? 
   বৃত্তি মূলক শিক্ষাই মানুহৰ জীৱনৰ প্ৰতিটো পদক্ষেপতে সহায় কৰিব পাৰে।এজন কাপোৰ চিলাই কৰা দৰ্জীয়ে তেওঁৰ দক্ষতা প্ৰয়োগেৰে বিভিন্ন গ্ৰাহকৰ অভাৱ পূৰণ কৰি আৰ্থিক ভাৱে স্বনিৰ্ভৰশীল হৈ নিজৰ জীৱন সুন্দৰকৈ পৰিচালনা কৰিব পাৰে। বৰ্তমান সময়ত একেদৰে এজন ৰাজমিস্ত্ৰী মানুহৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয় সম্পদলৈ পৰ্যবসিত হৈছে। বসবাস কৰিবৰ বাবে যি বাসস্হান আমাক প্ৰয়োজন, সেয়া কেৱল এজন ৰাজমিস্ত্ৰীয়েহে তৈয়াৰ কৰি দিব পাৰে। ৰাজমিস্ত্ৰীজনৰ অভাৱে সমাজত সুন্দৰ প্ৰয়োজনীয় বাসস্হান সৃষ্টিত অসুবিধাই দেখা দিব। আনকি গ্ৰাম্য বা চহৰাঞ্চলত পকীঘৰ বনাবলৈ , মেৰামতি কৰিবলৈ মিস্ত্ৰী ( mason) বিচাৰি হায়ৰান হ'বলগীয়া পৰিস্থিতিও উদ্ভৱ হয়। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বৃত্তি মূলক শিক্ষাই মানুহৰ জীৱনৰ প্ৰতিটো মূহুৰ্ততে , প্ৰতিটো কামতে প্ৰত্যক্ষভাৱে সহায় কৰি আহিছে। 
    জীৱনৰ প্ৰত্যাশা পূৰণত , দেশৰ জনমূৰি আয় বৃদ্ধিত বৃত্তি মূলক শিক্ষাৰ বিকল্প নাই।আজিৰ সমাজৰ নৱ প্ৰজন্মলৈ চালে দেখা যায় বহু উচ্চ শিক্ষিত হৈও অৱশেষত 'নিবনুৱা' বিশেষণ লৈ জীয়াই থাকিব লগা পৰিস্থিত হৈছে। আত্মনিৰ্ভৰশীল হ'ব পৰা নাই, স্বচ্ছল জীৱন ধাৰণ কৰিব সক্ষম হোৱা নাই । যাৰ ফলত নিৰাশা হতাশাৰ ব্যৰ্থতাৰ গ্লানিয়ে দেহমন আৱৰি ৰাখি হীনমন্যতাৰে অতিবাহিত কৰিব লগা হৈছে বহু শিক্ষিত যুৱকো। ইয়াৰ কেৰোণ ক'ত, আমি বিচাৰি উলিওৱাৰ সময় সমাগত। কাৰিকৰী বা বৃত্তি মূলক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ লগত সংযুক্ত হোৱা নাই। ই এটা সম্পূৰ্ণ পৃথক কেটেগৰী হিচাপে পৰিচালিত শিক্ষা। সেয়ে বহু দৰিদ্ৰ লোকে ইচ্ছা থাকিলেও আৰ্থিক দূৰৱস্থাৰ ফলত এনে শিক্ষাৰে দীক্ষিত হ'ব পৰা নাই। গতিকে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা বৃত্তি মূলক শিক্ষা ব্যৱস্থাক আনুষ্ঠানিক শিক্ষাৰ লগত সাঙুৰি লৈ দৰিদ্ৰ লোকৰ সন্তানক সোণালী সুযোগ প্ৰদান কৰিব লাগে। তেহে মানৱ সম্পদ উন্নয়ন সঠিক ভাৱে হ'ব। 
     সামৰণি/পৰামৰ্শ : 
     আমাৰ শিক্ষা ব্যৱস্থাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পিছতে প্ৰতিজন শিক্ষাৰ্থীৰ ফলাফলৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা চৰকাৰে বাধ্যতামূলক কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সময় সমাগত। প্ৰথম বিভাগ, দ্বিতীয় বিভাগ আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা বৃহৎসংখ্যক শিক্ষাৰ্থীৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলেহে উচ্চ শিক্ষাৰ বাবে সহজে আসনৰ বাবে নিৰ্বাচিত হয় কিন্তু তৃত্বীয় বিভাগত উত্তীৰ্ণসকল স্কুল কলেজৰ আসন সীমিত হোৱাৰ বাবে পঢ়িবলৈ সুযোগ নাপায়। যাৰফলত বৃহৎ সংখ্যক মানৱ সম্পদ অপচয় হোৱাৰ পথ সুগম হয়। এনে পৰিস্থিতিত বৃত্তি মূলক শিক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা সকলক বাধ্যতামূলক ভাৱে অধ্যয়ন কৰিবলৈ সুবিধা ৰাখিব লাগে। এনে কিছুমান শিক্ষাৰ্থী বা ব্যক্তি আছে যি আনুষ্ঠানিক শিক্ষাত কেঁচা হ'লেও আন ভিন্ন বিষয়ত মেধা আৰু পাকৈত। কথাতে কয় বোলে - 'ধানটো প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো ।' এখন শাকৰ আঞ্জা বনাওঁতে মিল থকা শাকহে মিশ্ৰিত কৰি সিজোৱা হয়, অমিল শাক কেতিয়াও একেলগ কৰি সিজোৱা নহয়, এনে আঞ্জাৰ পৰা সুফল পাব নোৱাৰি।যেনে ঔটেঙাৰ লগত তিতা কেৰেলা সম্ভৱ নহয়। স্বাস্হ্যৰ ই ক্ষতিকাৰক। একেদৰে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰতো এনে নিয়মৰ প্ৰযোজ্য হয় বুলি ঠাৱৰ কৰিব পাৰি। কাৰণ আমি স্ব-চাক্ষুস দেখিবলৈ পাওঁ বহু মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰা বা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ল'ৰাই ৰাজমিস্ত্ৰী , দৰ্জী , কম্পিউটাৰ মেকানিক , ম'বাইল মেকানিক আদিৰ দৰে কৰ্মত নিজকে দক্ষতাৰে নিয়োজিত কৰিছে। গতিকে বৃত্তিমূলক শিক্ষাৰ উত্তৰনেহে সঠিকভাৱে মানৱ সম্পদ উন্নয়নত সহায় কৰিব।
       -----------+++++++++++------------

Featured post

বিদ্যালয়ত আগবঢ়াব পৰাকৈ এটা চমু ভাষণৰ আৰ্হি।

  এটা সাৰুৱা ভাষণ...    পৰম শ্ৰদ্ধাৰ আজিৰ শিক্ষক দিৱস উপলক্ষে আয়োজিত সমৰ্দ্ধনা সভাৰ সভাপতি ডাঙৰীয়া, তথা উপস্থিত সহকৰ্মীবৃন্দ, বিদ্যালয় পৰ...

Popular posts