Monday, June 29, 2020

আৰ্থসামাজিক উন্নয়নত ক'ভিড-১৯ ৰ প্ৰভাৱ

       পাতনি : "আৰ্থসামাজিক উন্নয়নত ক'ভিড-১৯ ৰ প্ৰভাৱ " শীৰ্ষক বিষয়বস্তুটো সাম্প্ৰতিক সময়ত অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। ক'ভিড-১৯ মহামাৰী ৰোগৰ উদ্ভৱ হোৱা লগে লগে প্ৰতিখন দেশ,দেশৰ আভ্যন্তৰীণ স্তৰত 'লকডাউন'  কৰি সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা কৰা হৈছে। যাৰফলত এখন দেশৰ আৰ্থসামাজিক উন্নয়নৰ দিশত কু-প্ৰভাৱ আৰু সু-প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। অৱশ্যে এই সম্পৰ্কে আলোচনা আগবঢ়োৱাৰ পূৰ্বে ৰোগ বিধৰ সম্পৰ্কে আৰু আৰ্থসামাজিক উন্নয়নৰ সম্পৰ্কে কিছু কথা জানি লোৱা প্ৰয়োজন আছে।
     ক'ভিড-১৯ হ'ল চীনৰ  ৱাহান চহৰত উৎপন্ন হোৱা এবিধ সক্ৰামক ৰোগ। ই ইমান ভয়াবহ যে সংক্ৰমণৰ কিছু দিনৰ পিছতেই মানুহজন মৃত্যুমুখী হ'ব পাৰে। ৰোগ বিধৰ কোনো ঔষধ পাতি এই পৰ্যন্ত আৱিষ্কাৰ হোৱা নাই । পৰিষ্কাৰ পৰিচ্ছন্নতা , সচেতনতা, সাৱধানতা আদিয়েই ইয়াৰ বৰ্তমানৰ মহৌষধ। 
        আনহাতে , কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ মৌলিক ব্যৱস্থা সমূহৰ ভিতৰত ৰাস্তা,ঘাট,দলং, গৃহ, যাতায়াত , যোগাযোগ, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয় , বিদ্যালয়। , অনাময় , বিজুলী যোগান , টেলিফোন, আদিয়েই প্ৰধান।এই ব্যৱস্থা সমূহে উৎপাদন বৃদ্ধিত সহায় কৰে। উৎপাদন বৃদ্ধি মানে আয় বৃদ্ধি হোৱা। বৰ্ধিত আয় অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি। ওপৰত উল্লেখিত ব্যৱস্থা সমূহৰ সুফল সৰ্বস্তৰৰ মানুহে ভোগ কৰিব পাৰিলেহে দেশৰ সামগ্ৰিক উন্নয়ন সম্ভৱ হ'ব পাৰে। অৰ্থাৎ সমাজখনৰ উন্নয়ন হ'বলৈ হ'লে উল্লেখিত ব্যৱস্থা সমূহৰ উন্নয়ন ঘটিব লাগিব। সংক্ষেপে এই অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক উন্নয়নক আৰ্থসামাজিক উন্নয়ন বোলা হয়।           
       আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে বহু গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰে। কিন্তু কৰণা ভাইৰাছ মহামাৰী ৰোগৰ কাৰণত যি লকডাউন ঘোষিত হৈছে তাৰ ফলত এই আচঁনিসমূহ আৰু কাৰ্যসূচী সময়মতে সুচাৰুৰূপে ৰূপায়ন কৰাত ব্যাঘাত জন্মিব । ফলত আৰ্থসামাজিক উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। তলত বৰ্ণনা আগবঢ়োৱা হ'ল। --
     বৰ্ণনা : কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰাৰম্ভিক প্ৰচেষ্টা হিচাপে চৰকাৰে "লকডাউন" অৰ্থাৎ তলাবন্ধৰ ঘোষণা কৰিছে। নিশ্চয় এয়া সময়ৰ আহ্বান । এই মাৰাত্মক ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ কোনো পৃথক ব্যৱস্থা নাই। সেয়ে চৰকাৰে এনে নিৰ্দেশনা জাৰিকৰণৰ বাবে বাধ্য হৈ পৰিছে। বিভিন্ন উৎসৰ সমীক্ষাৰ পৰা বুজা যায় যে বিশ্বৰ বহু ধনী দেশসমূহৰ লাখ লাখ মানুহ এই ৰোগৰ আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি ল'ব লগা হৈছে। অতি ভয়াৱহতাৰ প্ৰতি লক্ষৰাখি সমগ্ৰ বিশ্বৰ প্ৰতি খন ৰাষ্ট্ৰই নিজ দেশ তলাবন্ধ কৰি ৰাখিবলৈ একপ্ৰকাৰ বাধ্য । আমাৰ দেশ ভাৰতো ইয়াৰ বিপৰীত নহয় । গতিকে তলাবন্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে। একেদৰে প্ৰতিখন ৰাজ্য চৰকাৰেও নিজাববীয়া  সিদ্ধান্তৰে কভিড-১৯ ৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তলাবন্ধ কৰি ৰাখিছে।
      দেশবা ৰাজ্যত তলাবন্ধৰ ফলত চৰকাৰে কোনো ধৰণৰ উন্নয়ন মুলক কাম ক্ষিপ্ৰতাৰে সঠিকভাৱে কৰিৰ পৰা নাই। ৰাস্তা, ঘাট, দলং, মথাউৰি নিৰ্মাণ আদি জৰুৰী সেৱাৰ ক্ষেত্ৰত স্হবিৰতা আহি পৰিছে।কৃষিখণ্ডৰ পৰিকাঠামো তচনচ হৈ পৰাৰ আশংকা কৰা হৈছে । যদি এয়ে হয় তেন্তে কৃষিখণ্ডৰ উন্নয়নত ব্যাঘাত জন্মিব। 
     দোকান পোহাৰ, চিনেমাহল, জিম, বজাৰ, বিভিন্ন সামগ্ৰীৰ দোকান, গ্ৰ'চাৰী  আদি বন্ধৰ ফলত ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ আৰ্থিক অনাটনে দেখা দিব। যাৰ ফলত চৰকাৰে ইয়াৰ পৰা কোনো কৰ আদায় নাপাব বা পোৱাত অসুবিধা হ'ব। এনেদৰে কৰ হেৰুৱাৰ ফলশ্ৰুতিত চৰকাৰ দেউলীয়াৰ দিশত গতি কৰাৰ সম্ভাৱনা আছে। আনহাতে জনসাধাৰণে কোনো ধৰণৰ উৎপাদনমুখী কামত নিয়োজিত হ'ব নোৱাৰাৰ বাবে বাৰ্ষিক আয় হ্ৰাস পাব আৰু দৰিদ্ৰ লোকসকল অতি দৰিদ্ৰ অৱস্হা লৈ গতি কৰিব। 
     দেশত 'তলাবন্ধ'ৰ ফলত বিশেষকৈ উদ্যোগিক উন্নয়নত মন্হৰতা আহি পৰিব যাৰ ফলত ইয়াৰ সৈতে সম্পৰ্কিত বহু লোক আৰ্থিক অভাৱত পৰিব ফলত আৰ্থসামাজিক উন্নয়নত প্ৰত্যক্ষ প্ৰভাৱ পৰিব। বিভিন্ন উদ্যোগৰ ভিতৰত- ছবি উদ্যোগ, আমোদ প্ৰমোদ উদ্যোগ, মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উদ্যোগ আদি বন্ধ হৈ পৰাৰ লগে লগে দেশৰ হাজাৰ হাজাৰ জনতা কৰ্মহীন,উপাৰ্জনহীন হৈ দৰিদ্ৰতাৰ কবলত পৰাৰ সম্ভাৱনাই গা কৰি উঠাৰ পৰিলক্ষিত হৈছে। 
      কৃষিখণ্ডত প্ৰভাৱ : কৃষিক্ষেত্ৰত কভিড+ৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ঠাৱৰ কৰিব পাৰি। কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ অভাৱে দেখা দিয়াৰ ফলত কৃষকৰ হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। ট্ৰেক্টৰ , ট্ৰেক্টৰ মেৰামতিৰ মেকানিক, বিভিন্ন পাৰ্টচ , আহিলা পাতি, কৃষিকৰ্মত ব্যৱহৃত ৰাসায়নিক সাৰ, কেঁচুসাৰ আদিৰ বজাৰত নাটনিয়ে দেখা দিয়াত কৃষকৰ সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি হ'ব। ফলস্বৰূপে কৃষিখণ্ডত উৎপাদনৰ গ্ৰাফ অৱনমিত হ'ব। উৎপাদন বৃদ্ধি হ'লেহে আয় বৃদ্ধি হয়। ফলশ্ৰুতিত আৰ্থসামাজিক উন্নয়নত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিব। দেশৰ বৃহৎ সংখ্যক লোকৰ আয় বৃদ্ধি নহ'লে দেশৰ জনমূৰি আয় বেয়াকৈ হ্ৰাস পাব ।যাৰ ফলত দেশ দেউলীয়া দিশেৰে গতি কৰাৰ সম্ভাৱনা আছে।
       শিক্ষাখণ্ডত প্ৰভাৱ : কৰণা ভাইৰাছৰ প্ৰভাৱ শিক্ষাখণ্ডত অতি বেছিকৈ পৰিছে। মহামাৰী কৰণা ভাইৰাছ উদ্ভৱ হোৱা লগে লগে স্কুল, কলেজ, বিভিন্ন কাৰীকৰী শিক্ষালয় বন্ধ কৰি দিয়া হৈছে যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকল বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব। কণ কণ ছাত্ৰ-ছাত্ৰী সকল শিক্ষানুষ্ঠানৰ পৰা নিলগত থাকিব লগা হোৱাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হ'ব । আনকি কিতাপৰ লগত থকা প্ৰগাঢ় সম্পৰ্ক শিথিল হৈ পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
     কভিড-১৯ ৰ কু-প্ৰভাৱ: কিদৰে কৰণা ভাইৰাছৰ কুপ্ৰভাৱ আৰ্থসামাজিক উন্নয়নত পৰিছে তাৰ কেইটামান স্নেপশ্বট উল্লেখ কৰা হ'ল। -- 
     সাধাৰণ মানুহৰ জীৱন জীৱিকালৈ বিপৰ্যয় -
      ১/ .....জ্যোতিৰ্বণ বৰা চন্দ্ৰপুৰৰ এজন উদীয়মান ফটোগ্ৰাফাৰ।তাতিমাৰা নিজৰাপাৰৰ বাসিন্দা। জ্যোতিৰ্বণে কেমেৰা,প্ৰিণ্টাৰ, জেৰক্স মেচিনৰ সহায়ত ব্যৱসায় কৰে। ভাল উপাৰ্জন কৰে। কিন্তু কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দিয়া লকডাউনৰ ফলত বিয়া সবাহ বা অন্যান্য ৰাজহুৱা অনুষ্ঠানত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফীৰ কাম বন্ধ হৈ পৰাত জীৱিকাৰ পথ ৰুদ্ধ হৈ পৰিছে। যাৰ ফলত দু-এপইচা উপাৰ্জনত অসুবিধাই দেখা দিছে।  গতিকে পৰিয়ালৰ ভৰণ পোষণত না-জল না-থল অৱস্হা হৈছে।  .... উৎস, দৈনিক অসম ।
      2/ ..... চন্দ্ৰ পুৰৰ পুতুল দাস পেছাত এজন দৰ্জী। এটা চিলাই মেচিনৰ ওপৰত নিৰ্ভৰ কৰি জীৱন সংগ্ৰাম চলাই যোৱা পুতুল দাসৰ জীৱিকা লৈ বিপৰ্যয় কঢ়িয়াই আনিছে কভিড-১৯ মহামাৰীয়ে ।কভিডৰ পৰিপ্ৰেক্ষিতত উপাৰ্জন বিহীন হৈ পৰা গ্ৰাম্যাঞ্চলৰ গ্ৰাহকৰ সম্প্ৰতি কাপোৰৰ প্ৰতি আকৰ্ষণ নাই। গ্ৰাহকৰ অভাৱত পুতুল দাসৰ ব্যৱসায় একপ্ৰকাৰে বন্ধ হৈ পৰিছে। ফলস্বৰূপে পৰিয়ালৰ ভৰণ পোষণত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে।... উৎস, দৈনিক অসম।
      উল্লেখিত স্নেপশ্বটৰ উপৰিও কেইটামান কু-প্ৰভাৱ এনেধৰণৰ হ'ব পাৰে--- * লকডাউনৰ গইনা লৈ সুযোগ বুজি অসাধু ব্যৱসায়ীৰ লুট । * বজাৰত অভাৱনীয় হাৰত সামগ্ৰীৰ মূল্যবৃদ্ধি । * দুখীয়াৰ হাহাকাৰ সৃষ্টি হ'ব। * বিভিন্ন পণ্যদ্ৰব্যৰ মূল্যবৃদ্ধি হ'ব।
        সু-প্ৰভাৱ : ক'ভিড+ ৰ ফলত কেইবাটাও দিশত সু-প্ৰভাৱ পৰাও পৰিলক্ষিত হৈছে। 
       ১/ মানুহৰ স্বাস্থ্যৰ দিশত সুপ্ৰভাৱ পৰিছে। নিতৌ গৰম পানী সেৱনৰ ফলত অন্য আনুষঙ্গিক ৰোগসমূহে আক্ৰমণ কৰিব নোৱাৰাত কিছু হ'লেও বতৰৰ ৰোগৰ পৰা মানুহে পৰিত্ৰাণ পাব পাৰিছে। 
     ২/ নিতৌ গাড়ী-মটৰ , কল-কাৰখানা বন্ধৰ ফলত কাৰ্বন-ডাই-অক্সাইড গেছ নিৰ্গমনৰ হ্ৰাস পাইছে। যাৰফলত গোলকীয় উষ্ণতা কিছু পৰিমাণে হ্ৰাস হোৱাৰ লগতে বায়ূ প্ৰদূষণ ৰোধ হ'ব বুলি ঠাৱৰ কৰিব পাৰি। 
       ৩/ ৰাস্তা,ঘাট, দলং, ৰাজহুৱা আস্হান , বিভিন্ন অনুষ্ঠান প‌্ৰতিষ্ঠানৰ চৌহদ আদিত প্লাষ্টিক মুক্ত হোৱাৰ সম্ভাৱনা আছে।
       ৪/ অনলাইন শিক্ষাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। 
       ৫/ অনলাইন ব্যৱসায় প্ৰচলন বৃদ্ধি পাব । তাৰ ফলত বিভিন্ন ব্ৰেণ্ডৰ কম্পিউটাৰ, মোবাইল ফোন আদি অনলাইন আহিলাসমূহৰ চাহিদা বৃদ্ধি পাব আৰু ব‌্যৱসায়িক দিশত বৃহৎ সংখ্যক লোক লাভৱান হব।
       ৬/ কম্পিউটাৰ শিক্ষাৰ চাহিদা বাঢ়িব।
       ওপৰোক্ত আলোচনাৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে ক'ভিড-১৯ ৰ ফলত আমাৰ দেশৰ সৰ্বস্তৰতে আৰ্থসামাজিক উন্নয়নৰ দিশত কু-প্ৰভাৱ প্ৰভাৱ পৰিব। বিভিন্ন বিত্তীয় অনুষ্ঠান প‌্ৰতিষ্ঠানসমূহৰ বন্ধৰ ফলত সমগ্ৰ দেশতে  অৰ্থনৈতিক ভাৱে সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব। বিত্তীয় অনুষ্ঠান প‌্ৰতিষ্ঠানসমূহে দেশৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াক খৰতকীয়া কৰাত আগভাগ লয়। এই সমূহ বন্ধৰ লগে লগে কোনো আয়ৰ সুফল নেদেখাৰ ফলত অনুষ্ঠান প‌্ৰতিষ্ঠানসমূহ আৰ্থিক ভাৱে জুৰুলা হ'ব আৰু চৰকাৰক কৰ আদায় দিব নোৱাৰিব তেতিয়া চৰকাৰৰ ৰাজভঁৰাল শোচনীয় হৈ পৰিব ,যাৰ বাবে চৰকাৰৰ উন্নয়নমূলক কাম-কাজসমূহত প্ৰত্যক্ষ প্ৰভাৱ পৰিব বুলি ক'ব পাৰি। 
     'তলাবন্ধ'ৰ ফলত এই অনুষ্ঠান প‌্ৰতিষ্ঠানসমূহত গ্ৰাহকৰ হ্ৰাস পাব। গ্ৰাহকৰ অবিহনে কোনো অনুষ্ঠান প‌্ৰতিষ্ঠান চলিব নোৱাৰে।যেনে- বেংক, উত্তৰ পূব বিত্তীয় নিগম,ডাকঘৰ, ভাৰতীয় জীৱন বীমা নিগম ,চৰকাৰী পৰিবহণ ব্যৱস্থা আদিত প্ৰভাৱ পৰাৰ সম্ভাৱনা অধিক।
     গ্ৰামাঞ্চল বা চহৰাঞ্চলৰ আত্ম সহায়ক গোট সমূহৰ বিভিন্ন কাৰ্যত অচলাৱস্হাৰ সৃষ্টি হ'ব পাৰে। ফলস্বৰূপে উপাৰ্জনৰ পথত শিথিলতা আহি পৰাৰ বাবে বেংকক সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰিব। ইয়াৰ বাবে বিত্তীয় প্ৰতিষ্ঠান সমূহ বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱা সম্ভাৱনা উদয় হ'ব। 
      গতিকে এই জটিল সন্ধিক্ষণত আমি সকলোৱে ক'ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিব লাগিব। সাৱধানতা, সচেতনতা অৱলম্বন কৰি গণ সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা সমূহ সঠিকমতে পালন কৰি সমাজৰ উন্নয়নত অৰিহণা আগবঢ়াব লাগিব। তেতিয়াহে আৰ্থসামাজিক উন্নয়ন সম্ভৱ হৈ ৰ'ব ।
    
----------+++++++++--------+++++++------------
       

Wednesday, June 24, 2020

মদ , আমি আৰু আমাৰ সমাজ ! বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সংক্ষিপ্ত আলোকপাত (২য় অংশ)

দ্বিতীয়তে, অস্বাভাৱিকভাৱে তেজৰ গোটমৰা প্ৰক্ৰিয়াটোৰ ফলত হাৰ্ট এটেককে ধৰি বহুতো সৰ্বনশীয়া পৰিণতি হ'ব পাৰে। এলক'হলে এই প্ৰক্ৰিয়াটোক বাধা দিয়ে।যাৰ ফলত এজন মদপীৰ হাৰ্ট এটেকৰ সম্ভাৱনা কিছু হ'লেও হ্ৰাস পায়। তৃতীয়তে, সুৰা বা মদ্যপানৰ ফলত বৃহদান্ত্ৰ প্ৰষ্টেট আদিত কেন্সাৰৰ আশংকা কমি যায়। আনকি চিকিৎসা আৰম্ভ নকৰা অৱস্থাত লিউক'মিয়া বা মেলান'মা আদি প্ৰতিৰোধ কৰাটো এলক'হলৰ অৱদান আছে। চতুৰ্থতে , এলক'হলে আমাৰ শৰীৰক সাময়িক টেনচন বা হতাশাৰ পৰা মুক্ত কৰে। পঞ্চমতে, ৰক্ত পৰিবহন তন্ত্ৰত থকা উচ্চ ঘনত্বৰ লাইপ'প্ৰটিন (High Density Lipoprotein) বাঢ়ি যায় আৰু আনুপাতিক হাৰত নিম্ন ঘনত্বৰ লাইপ'প্ৰটিন (Low Density Lipoprotein ) কমি আহে। ফলস্বৰূপে ক'ৰনেৰী ধমনীৰ ৰোগকে ধৰি বিভিন্ন ৰোগৰ সম্ভাৱনা কমি যায়। 
       যদিও সুৰাপানৰ কিছু উপকাৰ আছে তথাপিও কিন্তু ই মাৰাত্মক, ই এখন ঘৰৰ লগতে সমাজৰ ধ্বংসকাৰী সামগ্ৰী হিচাপে যুগে যুগে চিহ্নিত হৈ যাব । ইয়াৰ জৰিয়তে বহু অপকাৰজনিত প্ৰক্ৰিয়া বা কাৰ্যও প্ৰতিফলিত হয়। বিশেষকৈ খুব কম বয়সতেই হোৱা মৃত্যু সমুহৰ একাংশৰ বাবে নিশ্চিত ভাৱে মদেই দায়ী। পথ দুৰ্ঘটনাসমূহৰ ভিতৰত বহুততেই দেখা যায় মদ খাই গাড়ী চলোৱাৰ বাবে এনে হয়। মনোবিজ্ঞানীৰ মতে মদাহী ব্যক্তি এজনে হেনো অন্তদ্বন্দ্বত ভোগে । আনহাতে বহু শিল্পী সাহিত্যিকৰ মতে মদে হেনো সৃষ্টিশীলতা বঢ়ায় , যিটোৰ অৱশ্যে কোনো বৈজ্ঞানিক ভিত্তি নাই বুলি জানিব পৰা গৈছে।সুৰাপান নকৰা হ'লেহে হয়তো এওঁলোকৰ পৰা সমাজে অধিক পাবলৈ সক্ষম হ'ল হেঁতেন । আজিকালি ডিঙিলৈকে মদ খাই মাতলামি কৰা তথাকথিত জনপ্ৰিয় শিল্পীক সমজুৱাকৈ অপদস্হ কৰাৰ ঘটনা এইখন অসমৰ বিহু মঞ্চবিলাকত দেখা যায়। 
      মুঠতে নিৰপেক্ষ হৈ বিচাৰ কৰি চালে আমি পাম যে মদৰ উপকাৰৰ প্ৰভাৱ তেনেই নগণ্য। ঘূণে কুটি খোৱাৰ দৰে গোটেই শৰীৰটোকেই ই কুটি কুটি খায় নি:শেষ কৰিব বিচাৰে।মদ সেৱন কৰাৰ পিছত লিভাৰ বেয়া হৈ ভোক কমে, পেটৰ বিষ হয়, বমি ভাৱ হয়, গেষ্ট্ৰিক হয়। আনকি পেটত ঘা বা ৰক্তক্ষৰণ হ'ব পাৰে। আনহাতে মগজু ক্ৰমান্বয়ে সংকুচিত হৈ আহিব পাৰে।শৰীৰৰ সমতুলতা নোহোৱা হ'ব পাৰে।এলাহ ভাৱ বৃদ্ধি পায়, ৰক্তহীনতা বা পুষ্টিহীনতা পৰিলক্ষিত হ'ব পাৰে। ইত্যাদি ইত্যাদি কাৰণত আমি মদৰ পৰা দূৰত অৱস্থান গ্ৰহণ কৰা উচিত।
    বিশৃংখল সমাজৰ সৃষ্টিত যে মদৰ অৰিহণা বহুত সেয়া নক'লেও হয় । বিশেষকৈ জেষ্ঠ সকলৰ মদ প্ৰীতি , উঠি অহা চামৰ আগত মদ্যপান অথবা নিচা জাতীয় দ্ৰব্য সেৱন কৰি মাতলামি কৰা কাৰ্যই নৱ প্ৰজন্মকো এই শিক্ষাৰে দীক্ষিত কৰা দেখা গৈছে। যাৰ ফলত কনিষ্ঠ জনে বয়োজেষ্ঠজনৰ আগত মদ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে আৰু এইদৰে খাই হাই উৰুমিৰে, অশ্লীল মাত কথাৰে সমাজৰ শুদ্ধ বায়ুকণকো দূষিত কৰিব বিচৰাৰ দৰে হৈছে। আনকি পূৰ্বৰ নীতি-নিয়মৰ সীমা অতিক্ৰমি আজিৰ সমাজত বৰমূৰীয়া, পুৰোহিত, ভকত বা জ্ঞানী-গুণীলোকসকলেও দেখা-দেখিকৈয়ে সুৰাপান কৰি যিকোনো সমাজৰ কামত অগ্ৰসৰ হোৱা প্ৰত্যক্ষ হৈছে। যিটো হয়তো সমাজৰ বাবে ক্ষতিকাৰক। আনহাতে বিয়া,সবাহ,সভা ,সকাম নিকাম পৰ্যন্ত চিগাৰেট,বিড়ি ব্যৱহাৰ নকৰিলে গৃহস্থই হয়তো গুৱাল গালি খাবলৈ বাধ্য হ'ব লাগিব।
    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মদ্যপান কৰিবলৈ কৈছিল জানো ? অথবা ড° পীতাম্বৰ দেৱগোস্বামী ডাঙীয়াই কেতিয়াবা মদ্যপান কৰিবলৈ পৰামৰ্শ দিছে নে? নিশ্চয় কোনো এজন মনিষীয়ে সমাজৰ লোকক এনে অসৎ কাৰ্যত চামিল হ'বলৈ নিশিকায় । এয়া সকলোৰে বিদিত। তৎস্বত্তেও সাম্প্ৰতিক সমাজত তেখেতসকলৰ মনৰ বিপৰীত ধাৰণাটোৱেহে যে চলি আছে সেয়া স্ব-চাক্ষুস হোৱাহেঁতেন হয়তো ভাবিলে হেঁতেন যে আমি আজি কোন দিশে ধাৱমান ! 
       লিখনিৰ আগছোৱাত উল্লেখ কৰিছোৱেই যে দেশী হঁওক কিম্বা বিদেশী বা বিলাতী হঁওক মদ মদেই। বৈজ্ঞানিক দৃষ্টিভঙ্গীত ই এবিধ নিচাজাতীয় দ্ৰব্য। গতিকে নিচা জাতীয় দ্ৰব্য যিয়েই সেৱন কৰিব সিয়েই পৰিণত হ'ব ক্ৰমশঃ এক নিচাসক্তত।      প্ৰকৃততে কেৱল গাঁৱতেই হঁওক, চহৰতেই হঁওক বা অসমতেই বা সমগ্ৰ ভাৰততে হঁওক সুৰাপায়ীৰ সংখ্যা ইমানেই দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে যে ভাবিলে আচৰিত লাগে।২০০৪ চনত প্ৰকাশিত 'ইণ্ডিয়া টুডে'ৰ ছেপ্টেম্বৰৰ পৰিসংখ্যা অনুসৰি যোৱা দুটা দশকত ভাৰতত প্ৰতিজন ব্যক্তিৰ মদ খোৱাৰ হাৰ ১০৬%কৈ বৃদ্ধি পাইছে। অৰ্থাৎ এইখিনি মানুহে আমাৰ ৰাজ্যত বা দেশত নিয়মীয়াকৈ মদ্যপান কৰে। গাওঁ অঞ্চলত বা চহৰাঞ্চলত কণ কণ ল'ৰা ছোৱালীৰ কথা লিখিলে আৰু পৰিসংখ্যা অধিক হৈ যাব । 
      সৰ্বশেষত আহক আমি সকলোৱে মদৰ বিপক্ষে থিয় দি আৰ্থসামাজিক উন্নয়নত অৰিহণা যোগাও।যাতে অসমীয়া যুৱ সমাজৰ শাৰীৰিক মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উৎকৰ্ষতাক ই কুৰুকি কুৰুকি খোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। আমি অসমীয়া সকলে কিছু কথা কমকৈ চিন্তা কৰা হৈছো। বিষয়বস্তু আঁতিগুৰি মাৰি চৰ্চা কৰিবলৈ আমাৰ যেন আহৰি নাই, আমি যেন পাহৰি গৈছো। অগ্ৰজচামৰ স্বাৰ্থান্ধতাৰ ফল নৱপ্ৰজন্মই প্ৰত্যক্ষ কৰিবলৈ বৰ বেছি দিন অপেক্ষা কৰিব নালাগিব। বিগত কালত গাঁৱত বা অসমত বা ভাৰতত সুৰাসক্তি কিমান বাঢ়িল, কোনোবাই খতিয়ান লৈছে নে বাৰু ? নোলোৱাই ভাল , কিয়নো আমি অসমীয়া সকলে চকু মুদি টোপনি যোৱাৰ ভাও দিয়াৰ অভ্যাস কেতিয়াবা ই গঢ়ি তুলিছো । কোনো লেখকে ক'বৰ দৰে মেকুৰীয়ে ভজা মাছ চুৰ কৰি খাঁওতে যিদৰে চকু মুদি লয় , সেইদৰে আমি অসমীয়াই নতুন প‌্ৰজন্মটোৰ ভৱিষ্যত কামুৰি চকু মুদি নি:শেষ কৰিব বিচাৰিছো। সি যি কি নহওঁক,আহক আজি প্ৰথম বাৰৰ বাবে বিজ্ঞান মানসিকতা গঢ়ি তুলি সমস্বৰে কঁও- " মদ এক ঘৃণ্য দ্ৰব্য , ইয়াক বাৰণ কৰা হঁওক।" 
 
প্ৰথম অংশ পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক --   
https://anuragblogadress.blogspot.com/2020/06/blog-post_19.html?m=1



 ------+++++++-------+++++++--------

Friday, June 19, 2020

মদ , আমি আৰু আমাৰ সমাজ ! বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে সংক্ষিপ্ত আলোকপাত

    প্ৰথম অংশ   
      

     বিখ্যাত  দাৰ্শনিক প্লেটোৱে কৈছিল যে মদেই হৈছে ঈশ্বৰে উপহাৰ দিয়া সৰ্বোৎকৃষ্ট সামগ্ৰী । কিন্তু কিয়,? দাৰ্শনিক জনৰ কালছোৱাত হয়তো আজিৰ দৰে অগণন প্ৰকাৰৰ মদৰ প্ৰচলন নাছিল। ধুনীয়া ধুনীয়া পৰিপূৰ্ণ বটলেৰে ৱাইন শ্ব'প, বিয়েৰ বাৰ বা অনেক মদৰ হোটেল সেই সময়ত নাছিল। অথবা নাছিল নিজ ঘৰতেই চুলাইৰ ভাটি বা গোটাই লোৱা শুকান বাদাম, কাজু বা চিপছৰ পেকেট।যাৰ বাবে প্লেটোৱে দিবলগা হৈছিল এনে ধৰণৰ এটা উক্তি যিটো আজিৰ দিনত অনৰ্থক ,অযুক্তিকৰ বুলি ভাবিবলৈ বাধ্য হ'ব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে।
       মদৰ সমাজত দুচাম মানুহৰ পৰিলক্ষিত হয়। এচামে নিজৰ প্ৰতিপত্তিৰ উমান দিবলৈকে মদৰ ব্যৱহাৰ কৰে। আনকি এইচাম লোকে আলহী অতিথিকো ৱাইনেৰে আতিথ্য দিবলৈ কৃপণালি নকৰে। অৱশ্যে সকলোৱে যে তেনে সেইটোও নহয়। গ্ৰাম্য অঞ্চলৰ বিষয়ে প্ৰায় লোকৰেই বিদিত যে পুৱা বাহিমুখ ধূবলৈ পায় কি নাপায় লগে লগে মদৰ বাতিটোত চুমুক এটা পৰেই। গ্ৰাম্য অঞ্চলৰ বিশেষকৈ সমাজৰ কোনো কাম বা ব্যক্তিগত সকাম-নিকাম‌তো মদৰ ব্যৱহাৰ উল্লেখনীয়।
      আনহাতে আৰু এচাম লোক এই সমাজত আছে, যিলোকৰ খাবলৈ এমুঠি চাউলৰ বাবে অহনিৰ্শ চিন্তা তথা পুষ্টিকৰ খাদ্যৰ অভাৱে জুৰুলা কৰি মাৰিছে। এইচাম লোকে সাধাৰণতে বিত্তৰ এই অভাৱক মষিমূৰ কৰিবৰ বাবে মদৰ ব্যৱহাৰ বা মদ বিক্ৰীৰ কামত নিজকে নিয়োজিত কৰি আহিছে। দুয়োৰে উদ্দেশ্য পৃথক হ'লেও কিন্তু একেবিধ দ্ৰব্যৰ সৈতে সহবাস কৰিছে।                 
        অসমীয়া সমাজত এনেও মদৰ ব্যৱহাৰ বাধ্যতামূলকৰ দৰে বুলি ক'লেও অত্যুক্তি কৰা নহয়। সোণোৱাল কছাৰী , দেউৰী,বড়ো , মিচিং, আহোম, .... আদি লোকসকলে ইহঁতৰ প্ৰায়ভাগ সকাম-নিকামেই মদৰ জৰিয়তে পাতে। গতিকে এই সকল লোকৰ বাবে মদৰ মূল্য আছে। হ'লেও মদ ব্যৱহাৰ কৰিব যোৱাৰ আগতে আমি কিছু কথা চিন্তা কৰা উচিত হ'ব। মদৰ সহায়ত (নীতি নিয়ম অনুসৰি) এখন সকাম চলাবলৈ যাওঁতে বিশেষকৈ লক্ষ্য কৰা উচিত ইয়াৰ পাছৰ পৰিস্থিতি। মদ মানে নিচা। নিচা মানেই বুজিব লাগিব মানুহজন এক অচেতন অৱস্থালৈ আৰোহণ কৰা। যি সময়ত মানুহ এজনৰ মন উত্তাল আৰু উষ্ণ কৰি ৰাখে। তেনে সময়ত অলপীয়া কথাৰ গোলমালতেই যে সমাজত সাধাৰণ তৰ্কা-তৰ্কিৰ পৰা ডাঙৰ হাই-কাজিয়ালৈ পৰ্যবসিত হয় সেইটো নিশ্চয় আপোনালোকৰ সকলোৰে জ্ঞাত বিষয়। তেনে সময়ত সৰুৰ পৰা ডাঙৰলৈকে মদ সেৱনৰ পৰা কোনো এজন বাদ পৰি নৰয়।সেৱন কৰাৰ পাছমূহূৰ্তত আকৌ সৰুৱে ডাঙৰক অথবা ডাঙৰে সৰুক চিনি নাপাই অপমান কৰা, অশ্লীল শব্দ প্ৰয়োগেৰে পৰিৱেশ বিনষ্ট কৰা ধৰণৰ পৰিস্থিতিও উদ্ভৱ হোৱা পৰিলক্ষিত হয়। যি কি নহওঁক, মদৰ ব্যৱহাৰ কিন্তু অসমীয়া সমাজতহে ঘাইকৈ প্ৰচলন হোৱা দেখা যায়।যিটো অসমীয়া সমাজৰ বাবে দুৰ্ভাগ্যজনক বুলি আখ্যা দিব পাৰি।এই সামগ্ৰীবিধৰ মমতাত পৰি বহুলোক আনকি ইহ সংসাৰ ত্যাগ কৰিব লগা পৰ্যন্ত হৈছেগৈ।মদৰ লালসাত পৰিয়েই বহু গিৰিয়েকে ঘৰ-বাৰীৰ লগতে মৰমৰ পত্নীকো ত্যাগ কৰা দেখা যায়। আনহাতে কিশোৰ কিশোৰী চামৰ নকলোৱেইবা ! অৰ্থাৎ ক'ব পাৰি যে যদিও ইয়াৰ ব্যৱহাৰ পূজা-অৰ্চনাৰ বাবে কৰা হয় তথাপি কিন্তু ইয়াৰ ব্যৱহাৰ নিজৰ লগতে সমাজৰ অতিশয় হানিকাৰক দ্ৰব্য হিচাপে চিহ্নিত হৈছে যিটো সকলোৰে জ্ঞাত।     
মদ মানে কি ?
ৰাসায়ন বিজ্ঞানৰ দৃষ্টিত ই এক সাধাৰণ জৈৱ ৰাসায়নিক পদাৰ্থ। এটা কাৰ্বন পৰমাণুৰ সৈতে এটা বা কেইবাটাও হাইড্ৰ'ক্সিল গ্ৰুপ জোৰা লাগি ই গঠিত হয়। অৱশ্যে এলক'হল বুলি কওঁতে সাধাৰণ অৰ্থত আমি ইথাইল এলক'হলকহে বুজো। বৰ্তমান মদ বা সুৰা শব্দটোৰে আমি ৱাইন, হুইস্কি,ব্ৰাণ্ডিৰ পৰা চুলাই মদলৈকে সকলোবোৰ সামৰি ল'ব পাৰো। কিন্তু ইয়াৰ প্ৰকাৰৰ বিভিন্নতা আৰু এলক'হলৰ ঘনত্ব অনুযায়ী মদক এক বিশিষ্ট নামাকৰণ কৰা হয়। বিজ্ঞানীৰ পৰীক্ষা অনুসৰি ৰাম ,হুইস্কি ,ব্ৰাণ্ডি - ৪২.৮% ,জিন -৪০.৮% (প্ৰায়) ,  ৱাইন ৮ পৰা ১৫.৫% , বিয়েৰ - ২ ৰ পৰা ১০% , ঘৰুৱা চুলাই বা মদ - ১১.৪% ৰ পৰা ৪৫.৭% লৈকে ঘনত্ব দেখা যায়। 

       মদৰ পৰা হ'ব পৰা উপকাৰ : ইয়াৰ সকলোবোৰ প্ৰভাৱে যে বেয়া তেনেও নহয়। এলক'হলৰ আমাৰ শৰীৰৰ ওপৰত একাধিক উপকাৰী অৱদানো আছে আৰু এইবোৰ কোনোপধ্যে উলাই কৰিব পৰা বিধৰ নহয়। এটা কথা সত্য যে To much of everything is bad । অৱশ্যে সকলো ক্ষেত্ৰতেই অতিমাত্ৰা ক্ষতিকাৰক। বিজ্ঞানসন্মতভাৱে দুটামান কথা অৱশ্যে জানিব পাৰিছো । সেয়া হ'ল- প্ৰথমতে, এলক'হলে শৰীৰৰ উচ্চ ঘনত্বৰ লাইপ'প্ৰটিন বঢ়াই দিব পাৰে। এইবিধ শৰীৰৰ বাবে উপাদেয় চৰ্বি। ক্ৰমশঃ>

দ্বিতীয় অংশ পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক--
https://anuragblogadress.blogspot.com/2020/06/blog-post_24.html?m=1

Wednesday, June 17, 2020

দৈনন্দিন জীৱনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা

        সাম্প্ৰতিক ক্ষণত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আধুনিক সমাজ ব্যৱস্হাত আমূল পৰিবৰ্তন আনি মানুহৰ জীৱন সুন্দৰ আৰু বৰ্ণময় কৰি তুলিছে | জীৱনৰ প্ৰতিটো মূহূৰ্ত্তকে বিজ্ঞানে সহজে নিজৰ আয়ত্বলৈ আনিব সক্ষম হৈছে | বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণ আৰু  ইয়াৰ প্ৰয়োগৰ ফলত ব্যক্তিৰ দৈনন্দিন  জীৱনৰ প্ৰতিটো মূহূৰ্ত্তকেই  আলোকময় কৰি তুলিছে | প্ৰতিটো ক্ষণতেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত নিতৌ ন ন সৃষ্টি আৰু আৱিষ্কাৰে বিভিন্ন ক্ষেত্ৰৰ বিকাশ সাধনত প্ৰতক্ষ্য আৰু পৰোক্ষ ভাৱে কল্পনাতীতভাৱে অৰিহণা আগবঢ়াইছে |

             বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভূমিকা অতি ব্যাপকতাৰে পৰিপূৰ্ণ | কৃষি,স্বাস্হ্য,উদ্যোগ,যোগাযোগ ,গৱেষণা,জীৱনধাৰণ প্ৰক্ৰিয়া,শিক্ষা,নাৰী সমাজ আদি ক্ষেত্ৰত বিজ্ঞাৰ ভূমিকা অতুলনীয় | অৰ্থাৎ আমি উঠোতে বহোতে খাওঁতে শোঁওতে ,জীৱনৰ প্ৰতিটো পলতে বিজ্ঞানৰ সহায় লবলগীয়াত পৰিছো |
           কৃষি ক্ষেত্ৰত বিজ্ঞান : বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই কৃষি কাৰ্যত অনেক অৱদান আগবঢ়াইছে | মাটি চহাবৰ বাবে ট্ৰেক্টৰ, ধান কটা যন্ৰ ,পাত কটা যন্ৰ , মৰনা মৰা যন্ৰ ,আদি বিজ্ঞানৰ সহায়ত নিৰ্মাণ কৰিছে আৰু ইয়াৰ প্ৰয়োগে ব্যক্তিৰ চৌব্বিছ ঘণ্টাৰ কাম এক ঘণ্টালৈ হ্ৰাস কৰিব সক্ষম হৈছে  | প্ৰতিনিয়ত বিভিন্ন কীটনাশক দ্ৰব্য , কৃষি উৎপাদন বৃদ্ধি নিমিত্তে ৰাসায়নিক সাৰ আদিৰ সৃষ্টি কৰি কৃষিক্ষেত্ৰত আমূল পৰিবৰ্তন সাধন কৰিছে | অতি কম সময় আৰু কম শ্ৰম প্ৰয়োগ কৰি অধিক উৎপাদন সম্ভৱ হৈ উঠিছে কেৱল মাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱৰ ফলত |
           স্বাস্হ্যৰ ক্ষেত্ৰত বিজ্ঞান : স্বাস্হ্যৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ তথা ভূমিকা মনকৰিবলগীয়া | প্ৰতি বছৰে আৰ্ৱিভাৱ হোৱা বসন্ত ,মেলেৰিয়া ,প্লেগ, ডায়েৰিয়া ,যক্ষ্মা, কেন্সাৰ, পলিঅ' আদি ৰোগত এটা সময়ত সহস্ৰজনে প্ৰাণ ত্যাগ কৰিছিল কিন্তু বৰ্তমান সময়ত উল্লেখিত ৰোগৰ ঔষধ বা প্ৰতিষেধকৰ উদ্ভাৱনৰ ফলত এনে ৰোগৰ  চিকিৎসা অতি সাধাৰণ হৈ পৰিছে | তদুপৰি বহু জটিল ৰোগৰ পৰা তাৎক্ষণিক ভাৱে নিৰাময়ৰ উপায় উদ্ভাৱন কৰি এক বিপ্লৱৰ সূচনা কৰিব সক্ষম হৈছে এই বিজ্ঞানে বলত |
         বহু আধুনিক যন্ৰ পাতি - কম্পিউটাৰ, ECG আলট্ৰাচাউণ্ড,এক্সৰে যন্ৰ, sonography ....আদিৰ আৱিষ্কাৰৰ জৰিয়তে স্বাস্হ্যৰ ক্ষেত্ৰখনত পৰিবৰ্তন আনিব সক্ষম হৈছে |
          উদ্যোগ ক্ষেত্ৰত বিজ্ঞান :উদ্যোগিক বিকাশৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে | মানৱ জীৱনৰ প্ৰথমাৰ্ধত বা বহু শতিকাৰ পূৰ্বে মানুহে বিভিন্ন দিশত কাম সমাধা কৰিছিল বাহুবল প্ৰয়োগেৰে কিন্তু বৰ্তমান বিভিন্ন যন্ৰ-পাতিয়ে কাম কৰি মানুহৰ শ্ৰম লাঘৱ কৰিছে | উদ্যোগৰ বিভিন্ন যন্ৰ-পাতি উদ্ভাৱনৰ ফলত মানৱজাতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী- লো ,তীখা, সোণ, ৰূপ, যানবাহনৰ যন্ৰ পাতি, বৈদ্যুতিক আহিলা, সুগন্ধী দ্ৰব্য আদি সহজে প্ৰাপ্ত হ'ল | তদুপৰি ব্যক্তিয়ে কৰা উৎপাদনতকৈ যন্ৰ-পাতিয়ে উৎপাদন প্ৰক্ৰিয়া অধিক খৰতকীয়া আৰু নিয়াৰিকৈ কৰিব সক্ষম হৈছে |
         বিজ্ঞানে যোগাযোগ ব্যৱস্হা,গৱেষণা কাৰ্য,শিক্ষা  আদিতো গুৰুত্বপূৰ্ণ অৱদান আগৱঢ়াইছে | যোগাযোগৰ আহিলাসমূহৰ ভিতৰত দূৰদৰ্শন, মোবাইল ফোন, কম্পিউটাৰ বাতৰি কাকত টেলিগ্ৰাফ আদি উল্লেখযোগ্য | মানৱ জাতিয়ে এইসমূহ যুগান্তকাৰী আহিলাৰ অবিহনে এক মিনিট সময়ো অতিবাহিত কৰিব নোৱাৰে বা এৰাই চলিব নোৱাৰে | বহু নিলগৰ বা-বাতৰি মোবাইল ফ'নৰ সহায়ত অতি সহজে আৰু ক্ষিপ্ৰতাৰে পাব পৰাটো বিজ্ঞানৰ এক চমকপ্ৰদ সৃষ্টি আৰু অৱদান |
          বিভিন্ন ক্ষেত্ৰৰ  গৱেষণাগাৰত ব্যৱহৃত অনুবীক্ষণ যন্ৰ, দূৰবীণ যন্ৰ আদি প্ৰযুক্তি বিজ্ঞানৰ মূল্যৱান অৱদান |  ইয়ৰোপৰি জীৱনধাৰন প্ৰক্ৰিয়াতো বিজ্ঞানে সীমাহীনভাৱে অৱদান আগবঢ়াই পৰিবৰ্তন সাধন কৰিছে | মানুহে পূৰ্বে কোনো দিনে কেতিয়াও কৰিব নোৱাৰিম বুলি ভবা বহু কাম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আগবঢ়োৱা কৌশল প্ৰয়োগ কৰি সমস্যা সমাধান কৰিব সক্ষম হোৱাৰ লগতে সফলতা অৰ্জনত সম্ভৱ কৰি তুলিছে |
           শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ বিষয় | শিক্ষাত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে আধুনিক শিক্ষাক অধিক প্ৰাণৱন্ত সহজে বিষয়বস্তু বোধগম্য কৰি তুলিছে | শৈক্ষিক উদ্দেশ্য সাধনত     বিভিন্ন দৃশ্য-শ্ৰাব্য আহিলা কম্পিউটাৰ, প্ৰজেক্টৰ, ৰেডিঅ', টেলিভিচন, টেপৰেকৰ্ডাৰ , ইণ্টাৰনেট , আদি বৈদ্যুতিক যন্ৰৰ ব্যাপক প্ৰয়োগৰ ফলত আধুনিক শিক্ষাব্যৱস্হা মনোগ্ৰাহী আৰু সহজ হৈ পৰিছে | ইয়াৰ জৰিয়তে শিক্ষকৰ পাঠদান কাৰ্যসূচী উপস্হাপনতো সহায়ক হৈছে |
           বিজ্ঞানে যিদৰে বিভিন্ন দিশত অভূতপূৰ্ব সহায় আগবঢ়াইছে , সৃষ্টিত অৰিহণা যোগাইছে ঠিক একেদৰে ই মানুহক ধ্বংসৰ গৰাহলৈও ঠেলি দিছে | যুদ্ধাস্ত্ৰ পাৰমানৱিক বোমা,বিভিন্ন মাৰাত্মক অস্ত্ৰপাতি নিৰ্মান আদিয়ে ইয়াকে প্ৰতিপন্ন কৰে |
           অদূৰ ভৱিষ্যতে মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অৱদান সমূহৰ সঠিক ব্যৱহাৰ আৰু প্ৰয়োগ নকৰিলে মানৱ জাতি বিপদত পৰাটো অৱশ্যাম্ভাৱী হৈ পৰিব | এই দিশত মানৱ জাতিক হিত সাধনৰ বাবে সজাগ-সচেতন কৰি তোলাটো আমাৰ প্ৰধান কৰ্তব্য | বৰ্তমান মোদী চৰকাৰেও ডিজিতেল ভাৰতবৰ্ষৰ সপোন দেখিছে | এই সপোন বাস্তৱায়িত হ'বলৈ হ'লে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ভাল দিশ সমূহৰ বিষয়ে চৰ্চা কৰি ৰাইজক সজাগ-সচেতন কৰি তোলাত বাদে গত্যন্তৰ নাই |→ দুদুল সোণোৱাল | সহ শিক্ষক , হাঁহখাটী সাৰদা মধ্য ইংৰাজী বিদ্যালয় , আৰৈমূৰীয়া গাওঁ , জিলা তিনিচুকীয়া ,অসম |


Tuesday, June 16, 2020

শিক্ষানুষ্ঠানৰ উত্তৰণত শিক্ষকৰ ভূমিকা

       সাম্প্ৰতিক ক্ষণত শিক্ষাব্যৱস্হাৰ উত্তৰণত শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ কৰণীয় দায়িত্ব  অপৰিসীম | শিক্ষানুষ্ঠানৰ এই তিনিকোনীয়া তৰপত সুন্দৰ সম্পৰ্কই ইয়াৰ উত্তৰণৰ ঘাই চাবিকাঠি | সে়য়ে বিদ্যালয় এখনৰ      প্ৰধান বা শিক্ষকবৃন্দই বিষয়টোৰ ওপৰত দায়িত্ব আৰোপ কৰা প্ৰয়োজন| শিক্ষকসকল হ'ল ছাত্ৰ-ছাত্ৰীৰ পথপ্ৰদৰ্শক ব্যক্তি আৰু পৰামৰ্শদাতা | মাৰ্জিত সাজ-পোছাকৰ লগতে আচাৰ-আচৰণ, মাৰ্জিত ব্যৱহাৰ, খোজ-কাটল, কথা-বাৰ্তা আদিৰ ক্ষেত্ৰত শিক্ষকসকল সদাসচেতন হোৱাটো একান্তই বান্চনীয়| বিদ্যালয়ৰ পৰিৱেশ ৰচনাত শিক্ষকসকলৰ ভূমিকা অন্যতম| ইয়াৰ সমান্তৰালভাৱে আহি পৰে অভিভাৱকৰ দায়িত্বৰ  কথা | বিদ্যালয়ৰ প্ৰতিটো সহ-বিদ্যায়তনিক কাৰ্যসূচীৰ লগত অভিভাৱকক জড়িত কৰোৱাব লাগে | বহু অভিভাৱক আছে -তেখেতসকল যথেষ্ট অভিজ্ঞতাৰে পুষ্ট | তেনেধৰনৰ সমাজৰ সম্পদ সদৃশ ব্যক্তিৰ স'তে সুম্পৰ্ক গঢ়ি বিদ্যালয়খনৰ উৎকৰ্ষ সাধনৰ ক্ষেত্রত দিহা-পৰামৰ্শ আৰু কাম-কাজ কৰাই লব পাৰি |

           শিক্ষা ব্যৱস্হাটো উন্নতি ঘতাবৰ বাবে শিক্ষকৰ ত্যাগ অনস্বীকাৰ্য | বিশেষকৈ অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু সমাজৰ সম্পদ সদৃশ ব্যক্তিৰ স'তে সুসম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধান  শিক্ষকজনৰ গুৰু দায়িত্ব আছে আৰু ই এটা সুন্দৰ নিদৰ্শন হিচাবে বিবেচিত |
             ছাত্ৰ-ছাত্ৰীক দিনটোৰ ছয় সাত ঘন্টাহে শিক্ষকসকলে সান্নিধ্যত পাই | গতিকে এইখিনি সময়তে যিমান দূৰ সম্ভৱ তেওঁলোকৰ জীৱনত প্ৰয়োজনীয় গুনগত আৰু ফলপ্ৰসু শিক্ষা প্ৰদানত শিক্ষকসকল আগ্ৰহান্বিত তথা সুপ্ৰয়াস কৰা উচিত |
             মৰম-স্নেহেৰে, সুপৰামৰ্শৰে, নজনাজনক নাহাঁহি "চেষ্টা কৰিবা" বুলি প্ৰশংসাসূচক মন্তব্য প্ৰদানেৰে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত উৎসাহ আৰু প্ৰেৰনা যোগাব লাগে | তেতিয়াহে তেওঁবিলাকৰ মনত শিক্ষকৰ সম্পৰ্কে সদ্ভাৱ অটুট থাকিব লগতে শিক্ষা অৰ্জনত অনুপ্ৰেৰণা লাভ কৰিব |
             অভিভাৱকসকলে তেওঁলোকৰ নিজ সন্তানক শিক্ষকসকলতকৈ জীৱনৰ সৰহভাগ সময় কাষত পায় | সেয়েহে অভিভাৱক সকলক এইক্ষেত্ৰত অধিক সজাগ-সচেতন কৰাব পাৰিব লাগিব | সজাগ কৰাব লাগিব প্ৰদত্ত বিদ্যালয়ৰ শিক্ষকসকলে | নিজ সন্তানৰ পঢ়াৰ সম্পৰ্কে খা-খবৰ লবলৈ তেওঁলোকক বাধ্য কৰাব লাগে | গৃহকৰ্মসমূহ ল'ৰাটোৱে কৰিছে নাই, মনোযোগ দিছে নাই (?) আদিবোৰৰ ক্ষেত্ৰত মন-কান দিবৰ বাবে অভিভাৱকক সোৱৰাই দিব লাগে | এই কাৰ্যই বিদ্যালয়ৰ উত্তৰণত সহায়ক হ'ব | যিহেতু কোৱা হয় -"ঘৰখনেই শিশুৰ শিক্ষাৰ প্ৰথম ঢাপ |" সেই দিশৰ পৰা অভিভাৱকসকল সক্ৰিয় হ'বই লাগিব | আনকি তেওঁলোকৰ কথা-বাৰ্তা, আচাৰ-ব্যৱহাৰ আদিও ৰুচিসন্মত হোৱাৰ দৰকাৰ |
             যি কি নহওঁক থোৰতে ক'ব লাগিব যে শিক্ষানুষ্ঠানৰ উন্নয়নৰ ঘাই শিপাডাল -শিক্ষক,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সৃষ্ট | এই শিপাৰ সাৰ-পানী হ'ল সুসম্পৰ্ক আৰু সমন্বয় | একতাই পৰম বল - উক্তিষাৰি সাৰোগত কৰি আটাইয়ে আগুৱাই গ'লে অসমীয়া বিদ্যালয়ৰ উন্নতি নহৈ নোৱাৰি | গতিকে আটাইয়ে মুষ্টিবদ্ধ দুহাত প্ৰসাৰিত কৰি দিওঁ আহক, সন্মুখলৈ ফলপ্ৰসু তথা গুণগত এক শিক্ষাৰ গণ্ডীৰলৈ...|
              লেখক পৰিচিতি: দুদুল সোনোৱাল |
              গাওঁ : আৰৈমুৰীয়া, ছৈখোৱা ঘাট
               জিলা : তিনিচুকীয়া, অসম |
                Email : dudulsonowal32@gmail.com


Sunday, June 14, 2020

শিক্ষা মনোবিজ্ঞান আৰু প্ৰাথমিক শিক্ষক

       "কোনো ব্যক্তিৰ বাহ্যিক ব্যৱহাৰৰ পৰ্যবেক্ষণ বা আচৰণ সম্পৰ্কীয় বিজ্ঞানেই হ'ল মনোবিজ্ঞান |" জে. বি. ৱাটচন আৰু প্ৰায়ভাগ দাৰ্শনিকে মেকডুগেলৰ এই সংজ্ঞাটো সৰ্বসন্মতভাৱে গৃহীত  বুলি গ্ৰহণ কৰিছিল | প্ৰকৃততে মনোবিজ্ঞান এটা ব্যাপক পৰিসৰৰ বিষয় , যাৰ সংজ্ঞা ইমান সহজতে আগবঢ়াব পৰা নাযায় | মনোবিজ্ঞানক ইয়াৰ বিস্তৃত পৰিসৰ আৰু পৰিধিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেইবাটাও ভাগত বিভক্ত কৰা হৈছে | সেয়া হ'ল - শিশু মনোবিজ্ঞান , প্ৰাণী মনোবিজ্ঞান, শিক্ষা মনোবিজ্ঞান , শাৰীৰিক মনোবিজ্ঞান আদি | শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এটা ভাগ বা শাখা |

        মনোবিজ্ঞানী পিটাৰ চেন্দিফোৰ্ডৰ মতে বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানত সাধাৰন মনোবিজ্ঞানৰ সত্য, সূত্ৰ, আৰু তত্ত্ব আদি নীতিসমূহৰ প্ৰয়োগেই হ'ল শিক্ষা মনোবিজ্ঞান | ( Educational psychology is nothing more less than the application of psychological principles to the problems of school room.) পৰৱৰ্তী কালত স্কিনাৰ, ষ্টিফেনচ , পিল, ক্ৰ আৰু ক্ৰ আদি মনোবিজ্ঞানী সকলে শিক্ষা মনোবিজ্ঞানৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে যদিও তেওঁলোকৰ সকলোৰে মতত শিক্ষাৰ প্ৰকৃতি , ব্যক্তিত্বৰ বিকাশ ,ব্যক্তিৰ বিভিন্নতা আৰু সমাজৰ স'তে সম্পৰ্ক ৰক্ষা কৰি ব্যক্তিৰ বিষয়ে অধ্যয়ন কৰা আদিয়েই প্ৰতিফলিত হৈছে | সকলো দাৰ্শনিকৰ মতাদৰ্শৰ ওপৰত নিৰ্ভৰ কৰি সাৰ্বিকভাৱে কব পাৰি যে শিক্ষা মনোবিজ্ঞান হ'ল প্ৰায়োগিক মনোবিজ্ঞানৰ এনে এক শাখা  য'ত শিক্ষা সম্বন্ধীয় সকলো মানৱ আচৰণ আৰু শিক্ষণ-শিকণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পৰা সকলো মানসিক দিশ অধ্যয়ন কৰে |                  
          প্ৰাথমিক শিক্ষকে কিয় মনোবিজ্ঞান অধ্যয়ন কৰা প্ৰয়োজন :
           ১. জন আদাম নামৰ শিক্ষাবিদজনৰ মতে শিক্ষক সকলে শিক্ষাৰ মনোবিজ্ঞান অধ্যয়ন কৰাটো অতি আৱশ্যক | তেখেতৰ মতে, " শিক্ষণ নামৰ ক্ৰিয়া পদটোৱে দুটা বিষয় সাঙুৰি লয় - এটা হ'ল ব্যক্তিজন আৰু আনটো হ'ল বিষয়টো, শিক্ষকে 'জন' নামৰ ল'ৰাজনক লেটিন ভাষা শিকায় , শিক্ষকে লেটিন ভাষা জনাৰ লগতে 'জন'কো জনা উচিত |" সংজ্ঞাটোৰ পৰা বুজা যায় যে প্ৰতিজন শিক্ষকৰ পঠনীয় বিষয়বস্তুৰ জ্ঞান থকাৰ উপৰিও শিক্ষাৰ্থীৰ মানসিকতা সম্বন্ধেও জ্ঞানৰ প্ৰয়োজন যাতে তেওঁলোকৰ ৰুচি-অভিৰুচি , ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা পঢ়াৰ ধাউতি সম্পৰ্কে স্পষ্টকৈ বুজিব পাৰি |
         ২. শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ অৰ্থে শিক্ষা মনোবিজ্ঞান অধ্যয়ন অতি জৰুৰী | শিশুৰ অন্তনিৰ্হিত সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰি শুদ্ধ পথেৰে পৰিচালনা কৰিবলৈ আৰু এই উদ্দেশ্যত উপনীত হ'বলৈ শিক্ষাৰ্থীৰ মানসিকতা আৰু ইয়াৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিভিন্ন কাৰকবিলাকৰ সম্বন্ধে শিক্ষকৰ জ্ঞান থকা একান্তই প্ৰয়োজন | এই ক্ষেত্ৰত শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক যথেষ্ট সহায় আগবঢ়াব |
         ৩. শিশুসকল স্বভাৱগত দিশত পৃথক | আনকি যঁজা শিশুহঁতৰ মাজতো পাৰ্থক্য পৰিলক্ষিত হয় | শাৰীৰিক , মানসিক, আৱেগিক বৈশিষ্ট্যৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ল'ৰা-ছোৱালীৰ মাজৰ পাৰ্থক্য শিক্ষকে অনুধাৱন কৰিব পাৰিব লাগিব | তদুপৰি শিকণ ক্ষমতাৰ ক্ষেত্ৰতো পাৰ্থক্য থাকে | কিছুমান শিশু আছে  অতি তীক্ষ্ণ বুদ্ধিৰ , ক্ষিপ্ৰ গতিৰে তেঁওলোকে শিক্ষণ প্ৰক্ৰিয়াত আগবাঢ়ি যায় | অন্যহাতে আন কিছুমান শিশু আছে বুদ্ধিত সমূলি কেঁচা আৰু শিকনত সেয়ে অনগ্ৰসৰ হৈ ৰৈ যায় | গতিকে প্ৰাথমিক শিক্ষক এজনে বিভিন্ন ধৰণৰ ব্যক্তি পাৰ্থক্যৰ শিক্ষাৰ্থীসকলক চিনাক্তকৰণ কৰি উপযুক্ত শিক্ষা প্ৰদান কৰি আগুৱাই নিবলৈ শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ আৱশ্যকতা অনস্বীকাৰ্য |
         ৪.শিশুৰ বিকাশৰ বৈশিষ্ট্যসমূহৰ বিষয়ে বিতংকৈ জনাৰ প্ৰয়োজন আছে | জন্মৰ পৰা মৃত্যুলৈ এজন ব্যক্তিয়ে বিকাশৰ চাৰিটা স্তৰ যেনে- শৈশৱকাল, বাল্যকাল, কৈশোৰ কাল আৰু প্ৰাপ্তবয়স্ক কাল অতিক্ৰম কৰে | এই বিকাশৰ বিভিন্ন স্তৰৰ নিজস্ব বৈশিষ্ট্য আছে আৰু ইয়াৰ বিষয়ে জানিবলৈ হ'লে শিক্ষকে  শিক্ষা মনোবিজ্ঞান অধ্যয়ণ কৰিব লাগিব | ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ শাৰীৰিক, মানসিক, আৱেগিক বৈশিষ্ট্যসমূহে তেওঁলোকৰ শিকণ-শিক্ষণ প্ৰক্ৰিয়াত কেনেধৰণৰ প্ৰভাৱ পেলাই সেই সম্বন্ধে জ্ঞান অৰ্জন কৰি ছাত্ৰ-ছাত্ৰীৰ বয়স অনুপাতে শিক্ষকে গুণগত শিক্ষা প্ৰদান কৰিব পাৰে |
         ৫. শিশুৰ মানসিক স্বাস্হ্য সম্বন্ধেও জ্ঞান আহৰণৰ প্ৰয়োজন আছে | মানসিক স্বাস্হ্যই শিক্ষণ প্ৰক্ৰিয়াত সদায়েই প্ৰভাৱ পেলাই আহিছে | ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্হ্য, মানসিক ৰোগৰ কাৰণ সমূহ জনাৰ দৰকাৰ আছে ,শিক্ষকজনৰ এই সম্বন্ধে জ্ঞান থাকিলেহে ছাত্ৰ-ছাত্ৰীক সুচাৰুৰূপে সুশিক্ষা প্ৰদান কৰিব পাৰিব |
          ৬. মনোবিজ্ঞানে শিক্ষণৰ বিভিন্ন দিশ যেনে- শিক্ষণৰ স্বৰূপ , শিক্ষণৰ নীতি , ভিন্ ভিন্ বয়সৰ শিক্ষাৰ্থীৰ বাবে ভিন্ন শিক্ষণ পদ্ধতি অৱলম্বন আদিৰ বিষয়ে আলোচনা কৰে | শিক্ষণ প্ৰক্ৰিয়া সঠিক হবলৈ উল্লেখিত বিষয়সমূহৰ ওপৰত শিক্ষকজনৰ গভীৰ জ্ঞান থকাটো বাণ্চনীয় তেতিয়াহে শিক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসু হব |
          ৭.শ্ৰেণী পৰিৱেশ সুস্হ হ'লেহে শ্ৰেণীত শিক্ষাদান প্ৰক্ৰিয়া ফলপ্ৰসু হয় | সেয়ে শিক্ষকজন এই সম্পৰ্কে সজাগ - সচেতন হ'ব লাগে | শিক্ষা মনোবিজ্ঞান অধ্যয়নে শিক্ষকক শ্ৰেণী পৰিৱেশৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষণ প্ৰক্ৰিয়াৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱৰ সম্পৰ্কে সচেতন কৰোৱাৰ লগতে শিক্ষণ শিক্ষাৰ্থীৰ অনুকূল কৰি শ্ৰেণী পৰিৱেশ গঢ়ি তোলাত সহায় কৰে |
          ৮. ভিন্ ভিন্ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগী কৰি শিক্ষণ পদ্ধতি প্ৰস্তুত কৰিবলৈ হ'লে শিক্ষকসকলে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰাৰ বাদে গত্যন্তৰ নাই | কাৰণ শিক্ষাদানৰ সাৰ্থকতা নিৰ্ভৰ কৰে উপযুক্ত পদ্ধতি প্ৰয়োগৰ ওপৰত | পাঠ্যপুথিৰ শিক্ষণীয় বিষয় কেতিয়া বা কিদৰে শিশুৰ সন্মুখত উপস্হাপন কৰিলে বিশেষ ফলপ্ৰদ হয় , কোন বিষয়ত বেছি বুদ্ধিৰ প্ৰয়োজন ইত্যাদিবোৰ অতি গুৰুত্বপূৰ্ণ বিষয়ত মনোবিজ্ঞানে শিক্ষকজনক সিদ্ধান্ত গ্ৰহণত সহায় কৰিব |
          ৯. এটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এটা দলীয় মনোভাৱ নিহিত থাকে | দল হিচাপে তেওঁলোকৰ আচৰণ ব্যক্তিগত আচৰণতকৈ পৃথক | দলীয় গতিশীলতাই দলৰ মাজত থকা বিভিন্ন প্ৰক্ৰিয়াক নিৰ্দেশ কৰে আৰু বৰ্তমান সময়ত দলীয় গতিশীলতাই ফলপ্ৰসু শিক্ষণত ইয়াৰ প্ৰভাৱৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে | দলীয় আচৰণ আৰু শিক্ষক-ছাত্ৰৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ শিক্ষকে শিক্ষা মনোবিজ্ঞান অধ্যয়ন কৰিব লাগিব |
          ১০. পৰিমাপকৰণ আৰু মূল্যায়ণৰ সম্যক জ্ঞান শিক্ষকজনৰ থকাটো বাণ্চনীয় | আধুনিক শিক্ষাব্যৱস্হাত শিক্ষাৰ্থীৰ মানসিক শক্তি আৰু সেই সমূহ উপযুক্ত পৰিমাপণ কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা চিনাক্তকৰনৰ জৰিয়তে গুণগত শিক্ষা প্ৰদান কৰিব পাৰি | মানসিক শক্তিৰ শুদ্ধ পৰিমাপণৰ অৰ্থে মনোবিদসকলে নানা ধৰণৰ পৰীক্ষা প্ৰণালী প্ৰস্তুত কৰি উলিয়াইছে যেনে- বুদ্ধিৰ অভীক্ষা , স্মৃতি পৰীক্ষা আদি |
           উপৰোক্ত আলোচনাৰ জৰিয়তে প্ৰাথমিক শিক্ষকৰ বাবে শিক্ষা মনোবিজ্ঞান কিমান প্ৰয়োজন তাক অনুধাৱন কৰিব পাৰি | শিক্ষাৰ লক্ষ্য , শিক্ষা পদ্ধতি আৰু শিক্ষাৰ বিষয়-বস্তু মনোবিজ্ঞানৰ লগত ওত:প্ৰোতভাৱে জড়িত হৈ আছে বাবে এই শিক্ষা জ্ঞানৰ দ্বাৰা শিশুৰ মন আৰু প্ৰকৃতি বুজাত সহায় কৰে | শিক্ষকৰ কৰ্তব্য কেৱল ছাত্ৰক শিকোৱাটোৱেই নহয় | শিশুৰ ব্যক্তিত্ব যাতে সুপথে পৰিচালিত হৈ লক্ষ্যস্হানত উপনীত হ'বলৈ সক্ষম হয় তাৰ প্ৰতিও শিক্ষকে সজাগ দৃষ্টি ৰাখিব লাগিব | বিষয়বস্তু জ্ঞান প্ৰদান কৰাৰ উপৰিও শিক্ষকে ছাত্ৰৰ চিন্তা , কৰ্মৰ সু-অভ্যাস গঠন, নৈতিক চৰিত্ৰৰ ভেটি স্হাপন ,ব্যক্তিত্ব সুস্হ বিকাশ আদিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব | তেহে ছাত্ৰ-ছাত্ৰীৰ সাৰ্বজনীন বিকাশ সম্ভৱ হ'ব | শিক্ষাব্যৱস্হাত শিশুৰ বিভিন্ন দিশৰ বিকাশৰ ক্ষেত্ৰত মনোবিজ্ঞানৰ প্ৰভাৱ সেয়ে অনস্বীকাৰ্য | শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ | বিদ্যায়ল়ৰ বাহিৰে-ভিতৰে শিক্ষকে বহুধৰণৰ দায়িত্ব সুচাৰুৰূপে সমাপন  কৰিবলৈ শিক্ষা মনোবিজ্ঞানৰ সহায় লোৱাত বাদে গত্যন্তৰ নাই | সাম্প্ৰতিক শিক্ষা ব্যৱস্হাৰ সৈতে জড়িত দেশৰ প্ৰতিজন প্ৰাথমিক শিক্ষকে এই শিক্ষা মনোবিজ্ঞান পঢ়াটো বৰ জৰুৰী হৈ পৰিছে |
              ঠিকনা: দুদুল সোনোৱাল |
    গাওঁ/পো.অ.: আৰৈমূৰীয়া (ছৈখোৱা ঘাট )
     জিলা          : তিনিচুকীয়া, অসম |
      পিন            : ৭৮৬১৫৪
     


Friday, June 12, 2020

শোকাৱহ (চুটি গল্প)

                   শোকাৱহ

        বনজুই সদৃশ বিয়পি পৰিল কথাবোৰ। ঋষভে কস্মিন কালেও ভবা নাছিল যে ঘটনাটোৱে ইমান ডাঙৰ মূৰ ল'ব  । সিদিনা সি ডিভাইডাৰৰ কাষত থকা হেঁতেন কি হ'ল হেঁতেন বাৰু ! কথাটো ভাবিলে মূৰটো আচন্দ্ৰাই কৰে। কি ধৰণৰ আছিল বাৰু ঘটনাটো ।সি পুনৰবাৰ মনত পেলাবলৈ চেষ্টা কৰিলে।
       অন্য দিনৰ দৰে সিদিনাও সি প্ৰাত: ভ্ৰমণৰ বাবে ওলাই গৈছিল বিটুৰ সৈতে। জিৰ' পইণ্টৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰে গৈ আছিল সিঁহত। প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ উপভোগ কৰি কৰি । অকস্মাতে আমাৰ বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে যেন উৰি আহিছিল এখন পালচাৰ । তীব্ৰ বেগেৰে ঘাই পথৰ ডিভাইডাৰত খুন্দা মাৰি তিনি চাৰি ফাৰ্লং দূৰত চিটিকি পৰিল আৰোহীৰ দেহ। তপত তেজেৰে ৰাঙলী হৈ পৰিল আৰোহীৰ দেহ । কোন আছিল বাৰু ল'ৰা জন । অম্লান।হয় অম্লানে হয় । খন্তেকতে এটা তেজাল ডেকাৰ প্ৰাণবায়ু উৰি গ'ল । 
        কথাটো বিয়পি পৰিল ফেচবুকৰ পাতে পাতে।
 তীব্ৰ বেগেৰে চলোৱা বাইকৰ দুৰ্ঘটনা ।        

Thursday, June 11, 2020

সপোন ( এক মিনিটৰ গল্প)

.... স্পীকাৰত ঘোষকে ঘোষণা কৰিছে । "আজি এই অস্হায়ী মঞ্চত উপবিষ্ট সমূহ ৰাইজে জানিলে নিশ্চয় সুখী হ'ব, এই অঞ্চলৰে যুৱক অনুৰাগক গল্ড মেডেল আৰু S.P. হিচাপে নিযুক্তি পত্ৰ প্ৰদান  কৰাৰ উদ্দেশ্যেৰে আজিৰ সভাখন আয়োজন কৰা হৈছে। সেয়ে অনুৰাগক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনালো।"  ৰুমীয়ে মৰমেৰে অনুৰাগক আন্তৰিক অভিনন্দন জনালে। আনন্দতে সি ৰুমীক সাবতি ধৰিলে। ৰুমীয়েও ...
       ..অনুৰাগৰ তৎপৰতাতে প্ৰাণজিত নামৰ দুধৰ্ষ সন্ত্ৰাসবাদীটো ধৰিবলৈ অসম আৰক্ষী সক্ষম হৈছিল।- D.G.P. ভাস্কৰ বৰ্মাই ক'লে। তেখেতে পুনৰ ক'লে-' অনুৰাগৰ কুংফুৰ কিকত প্ৰাণজিতৰ সংগী ধাৰাসায়ী হৈছিল আৰু তেনে সুযোগতে অসম পুলিচবাহিনীয়ে প্ৰাণজিতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। কেৱল এয়াই নহয় , তেওঁ বন্ধুকধাৰী সকলো সন্ত্ৰাসবাদীক কাবু কৰি অতি সাহসেৰে সিঁহতৰ গোপন ঘাটি উদ্ঘাটন কৰি অপহৃত গৃহ মন্ত্ৰীৰ তনয়াক উদ্ধাৰ কৰাত গুৰুত্ব ভূমিকা পালন কৰিছিল। গতিকে চৰকাৰৰ তৰফৰ পৰা সাহসিকতাৰ বঁটা হিচাপে 'গল্ড মেডেল ' প্ৰদান কৰা হৈছে। লগতে অসম চৰকাৰে S.P. হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিছে।' 
       .... আহ ! কি আনন্দ সকলোৰে। দেউতাই ৰঙতে পাৰ্টিয়ে বহাই দিলে । গাঁওখনৰ প্ৰায় ভাগেই উবুৰি খাই আহিল। ছাগলী এটা মৰা হ'ল। ধুমধামেৰে আয়োজন চলিল। সকলোৱে আহি মোক অভিনন্দন জনালে। অলপ পিছতে খোৱা-বোৱা আৰম্ভ হ'ল। সকলোৱে খোৱাত মগ্ন। ময়ো খাবলৈ বহিলো। তৰকাৰী খন ই .মান ভাল হৈছে।সি ডাঙৰকৈ মাংস এডোখৰ লৈ চোবাব ধৰিলে ।আহ, কি সোৱাদ। তেনেতে........
       'ঐ বাবাটো উঠ । ফস্তিমাৰি শুই থাক। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। হেই....  হেই উঠ কৈছোঁ নহয়। গাৰুটো চেলেকি, সাবতি ফালিবা এতিয়া।' একে হেচুকতে অনুৰাগ টোপনিৰ  পৰা ধৰফৰাই উঠিল। 
     "ধ্যেৎ চাল্লা ,তাৰমানে মই ইমান সময় সপোনহে 
দেখি আছিলোঁ। ইমান সুন্দৰ সপোন আছিল। এই ৰুমী...ৰুমী বাৰু কোন আছিল ! S.P. চাকৰি ! সঁচাকৈ ফলিয়াব নে সপোনটো ? "   সপোনটোৰ কথাকে ভাবি ভাবি সি মুখ ধূবলৈ টিউব'ৱেলৰ দিশে অগ্ৰসৰ হ'ল।...... 
     

Monday, June 8, 2020

অনুশোচনা

             আজি বাৰুকৈয়ে অনুশোচনাত দগ্ধ সি ।  আগ্নেয়গিৰি উদ্গীৰণ হৈ  তাৰ লাভাবোৰে য'ত ত'ত সিঁচৰিত হৈ সমস্ত পুৰি চাই কৰাৰ দৰে যেন তাকো ঘটনাটোৰ দৃশ্যাৱলীয়ৰ লাভাবোৰে দেহৰ সমস্ত পুৰি ছাৰখাৰ কৰি দিব বিচাৰিছে,মনত তেনে সংশয়ৰ ভাৱ এটাই আহি হেঁচা মাৰি ধৰিছেহি তাৰ বিবেকক। ঘটনাটোৰ লগত জড়িত হোৱাৰ বাবে তাৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে। কিয় বাৰু গৈছিল সি । সামান্য কেইটা মান টকাৰ লগতে সি নিজৰ মূল্য কিদৰে হেৰুৱায় পেলায়ছিল । ভাবিলে নিজকে আচৰিত লাগে। কেনেকৈ বাৰু ইমান নৃশংস হ'ব পাৰিলে সি । কেতিয়াবা বন্ধুৱেও হেনো বন্ধুক বিপদত পেলাব পাৰে। তাৰ মানে সেই বন্ধুজন নিশ্চয় প্ৰকৃত বন্ধু হ'ব নোৱাৰে। তাৰ মানে হৰিশ , হৰ্ষিত তাৰ প্ৰকৃত বন্ধু হ'ব নোৱাৰে। সিঁহতেইটো তাক এনে বেয়াকাৰ্যলৈ ঠেলি দিছিল। ঘটনাৰ আঁতি-গুৰি তাৰ আকৌ এবাৰ ভাবি চাবৰ মন গ'ল । 
       হৰিশ আৰু হৰ্ষিত মান্দব্যৰ বন্ধু। তেওঁলোকৰ আটায়ে দুৰ্ভাগ্য বশত: মেট্ৰিকৰ দেওনা পাৰ হ'ব নোৱাৰিলে। গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ উৰুলিপুঙাৰ দৰে ঘূৰি ফুৰি আমনি লগাত এদিন তিনিওটা পালেগৈ সূদুৰ চেন্নাইত। তিনিওটা ই বিভিন্ন বিভাগত কাম কৰিব ধৰিলে। যিমান আয় কৰে তাৰ আধা খায় আৰু আধা ঘৰলৈ পঠিয়াই। সুন্দৰ ভাৱে এইদৰে চলি গৈছিল গতানুগতিকতাৰে সিঁহতৰ দিনবোৰ। কোনো হানি বিঘিনি হোৱা নাছিল। এইখিনি লৈ ঠিকে আছিল। কিন্তু অথন্তৰ ঘটিল ইয়াৰ পিছত।
         চেন্নাইতে কাম কৰি থকা মৃদুপৱনৰ লগত নাটকীয় ভাৱে চিনাকি হ'ল মান্দব্যৰ । সি য'ত কাম কৰে তাৰ পৰা ঠিক দুই ফাৰ্লং মানৰ আঁতৰতে আছে মৃদুপৱন । এটা বেংকৰ চিকিউৰিটি।‌ বেংকটো আছে তাৰ কামৰ ঠাইৰপৰা নাঁতিদূৰৈত । মান্দব্যৰ মালিকৰ নিৰ্দেশ মৰ্মে যাবলীয়া হৈছিল বেংকত । তেতিয়াই পৰিচয় ঘটিল মৃদুপৱনৰ লগত। অসমৰ বুলি জানি সিও ভাল পালে । তাৰপাছত প্ৰায়ে লগ পোৱা হলো। আমাৰ কোঠালৈ আহিল । আড্ডা চলিল। এদিন আড্ডাৰ মাজতে ওলাল টকা-পইচাৰ কথা। বেংকত বোলে লাখ লাখ টকা গ্ৰাহকে সঞ্চয় কৰিবলৈ আনে । কথা শুনি তাৰ বন্ধুকেইজনৰ গাত যেন কুবুদ্ধিৰ তেজে পিৰপিৰাবলৈ ধৰিলে । প্ৰস্তাৱ আগবঢ়ালে হৰিশে - " বলা, এদিন ডকাইত কৰো । মৃদুপৱনে আমাক খবৰ দিবা আৰু আমি তিনি জন গৈ বিশেষ কায়দাৰে মানুহজনৰ পৰা বেগটো সৰকাই লৈ আহিম । তাৰপাছত টকাখিনি থোৱা হ'ব মৃদুপৱনৰ ওচৰত  ।  কথা মতেই কামটো সমাধা হ'ল আৰু টকাখিনি ৰাখা হল মৃদুৰ জিন্মাত । "
     পৰৱৰ্তী পৰ্যায়ত পুলিচৰ তদন্ত হৈছিল যদিও কাকো ধৰিব নোৱাৰিলে। ঘটনা সিমানতে শাম কাটিলে। কিন্তু টকাৰ লালসা,লোভ, মোহ বাৰু কাৰ নাই। প্ৰতিজন লোকৰ দেহতে যে এনে কাৰকৰ বিদ্যমান তাক কোনে খণ্ডন কৰিব পাৰিব। কিঞ্চিৎ পৰিমাণে হ'লেও এনে স্বভাৱ মানুহমাত্ৰে থাকে। ই চিৰসত্য । টকা প'ইচাৰ ক্ষেত্ৰত এই বোৰ দোষ নাই বুলি ক'লে পতিয়ন যাবলৈ বৰ সহজ নহয়। বিয়াগোম ৰাজনীতিকেই হঁওক কিম্বা সমাজনীতিকেই হঁওক ধন ঐশ্বৰ্য এই বিলাকৰ প্ৰতি প্ৰেম ভাৱ থকাটো , দুৰ্বলতা থকাটো এটা সচাৰাচৰ কথা। 
    মাহচেৰেকৰ পিছত সিদিনা হঠাৎ মৃদুপৱন অসমলৈ আহিল । কথাটো কিন্তু ঘূণাক্ষৰেও তেওঁলোকৰ কাকোৱে নজনালে । আমাৰ সকলোৰে মাজত আলোচনা,কিয় যাব পাৰে সি ! দুই তিনি দিনৰ পাছত আমাৰ সকলো বন্ধুবৰ্গই অসমলৈ আহি তাক লগ কৰাৰ মনস্হ কৰিলে। গতিকে আমি তিনিও ৰেলত উঠি পৰিলো । 
     দুদিনৰ পাছত ব্ৰক্ষ্মপুত্ৰ মেইল ত  ডিব্ৰুগড় পালেহি সিঁহত । বিশেষ তথ্যৰ পম খেদি সিঁহতে গম পালে যে মৃদুপৱন পঞ্চানন হোটেলত আছে আৰু পিছদিনাই ঘৰৰ অভিমুখে ৰাওনা হোৱাৰ কথা । সিঁহত তিনিও হোটেলতে লগ কৰাৰ মানসেৰে অগ্ৰসৰ হ'ল। 
     সি আমাৰ তিনিজনক সন্মুখত দেখা পায় আচৰিত হ'ল আৰু ক'লে কিয় আহিলা ? আমি আমাৰ কথা কলো। টকাখিনি ভাগ কৰি ল'ব লাগে। সি ক'লে - 'কিন্তু কিহৰ টকা ? ' তেতিয়া আমি কলো ডকাইতিৰে পোৱা পাঁচ লাখ টকাৰ কথা। কিন্তু ই কি আচৰিত মৃদুপৱনে বোলে গোটেই বোৰ টকা পুলিচক গটাই দিলে আৰু তাৰ বোলে চাকৰি গ'ল। কথাটো যে সঁচা নহয় সেয়া আমি নিশ্চিত। সেয়ে ভীষণ তৰ্কাতৰ্কি হ'ল । হৰিশ আৰু হৰ্ষিতৰ মনত প্ৰতিশোধৰ মনোভাৱ জন্ম হ'ল। সিঁহতে ক'লে- ' আমি তোক কেতিয়াও এৰি নিদিওঁ। তোক স্বৰ্গ কেনেকুৱা দেখুৱাই দিম । ঘৰৰ মা-বাপেৰক আৰু দেখা পাম বুলি আশা কৰি নাথাকিবি । ' উচাৎমাৰি সিঁহতে ওলাই আহিছিল।
     ...প্ৰতিজন মানুহৰে প্ৰতিশোধৰ জ্বালা থাকে। ই কেৱল সুপ্ত অৱস্থাত থকাৰ বাবে গম পোৱা নাযায়।যেতিয়া পৰিৱেশ আৰু পৰিস্থিত প্ৰতিকূল অৱস্হা লৈ গমন কৰে তেতিয়াই প্ৰতিশোধ নামৰ অসুৰটোৱে বাস্তৱ ৰূপত ধৰা দিয়ে। সিঁহতৰো যেন সদৃশ অৱস্হা। ..."বলিনৰ পান দোকান। হৰ্ষিত, হৰিশ আৰু মান্দব্য আলোচনাত ব্যস্ত । বিষয় মৃদুপৱন আৰু প্ৰতিশোধ। এখন গাড়ী ভাৰা কৰি সিঁহতে, বাছত ঘৰ অভিমুখী মৃদুপৱনক পিছা কৰিব লাগিব আৰু ঠিক ধলা পোৱা লগে লগে "....
    -----------------------------------------------------------
        ... ৰাতি  ৮ বাজি ৩০ মিনিট পাৰ হ'ল । মৃদুপৱনক নিবলৈ ভায়েক ৰঞ্জিত ৰাষ্ট্ৰীয় পথৰ কাষৰ আস্হানত ৰৈ আছে । কিন্তু বহু আগতে ফোন কৰি সি পোৱাহি কথা কোৱা স্বত্তেও ককায়েকৰ দেখাদেখি নাই। কেইবাবাৰো ফোন মাৰোতেও কিয় ফোন ওঠোৱা নাই। ৰঞ্জিত চিন্তান্বিত হ'ল। ক'ৰবাত কিবা অসুবিধা হোৱা নাইতো ! সি নিজান পথৰ ওপৰত বহি ভাবিব ধৰিলে। তেনেতে শদিয়াৰ গাড়ী এখন ঘৰঘৰাই পাৰহৈ গ'ল। 
      তেনেকৈ থাকিলে নহ'ব বুলি ভাবি ৰঞ্জিতে ঘৰলৈ ফোন কৰিলে। "কি হ'ল ?" - সিটো মূৰত বাপেকে সঁহাৰি জনালে। সি ককায়েকৰ কথা বিৱৰি ক'লে। তেতিয়া কাৰোবাৰ ঘৰত সোমালে হ'ব পায় বুলি বাপেকে কথাটো লঘু কৰি তাক ঘৰলৈ ঘূৰি যাবলৈ কোৱাত সি ঘৰ পালেগৈ। ঘৰত সকলোৱে কথাটো আলোচনা কৰি ৰাতিপুৱালৈ  থানাৰ সহায় লোৱাৰ সিদ্ধান্ত কৰি বিছনা লৈ গ'ল।
--------------------------------------------------------------
   ....ধলা আৰক্ষী চকী। সময় ৰাতিপুৱা ৫ বাজি ৩০ মিনিট গৈছে। মান্দব্যৰ সকলো আত্মীয় কুটুম্ব অধীৰ উৎকণ্ঠাৰে থানাৰ চৌহদত । তেনেতে পুলিচৰ গাড়ীখন আহি চৌহদত ৰ'লহি । গাড়ীৰ পৰা নমাই আনিলে এটা শৱদেহ । বাপেক মাকে চিনাক্ত কৰিলে ।হয় । শৱদেহটো সিঁহতৰ ল'ৰা মৃদুপৱনৰে হয় । ইয়াৰ পাছৰ অৱস্হা কেনে হ'ব পাৰে সেয়া সহজে অনুমেয়। দুখ শোঁকত সকলো ম্ৰিয়মান । ৰাউচি জুৰি কান্দোনৰ চিঞৰ। মাক ঠাইতে ঢলি পৰিল। লগৰ বিলাকে তাইক চোৱা চিতা কৰিলে। এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল । পুলিচৰ নিৰ্দেশ অনুসৰি ভায়েক আৰু এজন পোষ্টমৰ্টেমৰ বাবে লগত যাব লগা হ'ল। বাকীবোৰ ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত কৰিলে। 
    ...... প্ৰায় এমাহ দুমাহ ধৰি পুলিছৰ অনুসন্ধান অব্যাহত থাকিল যদিও একমাত্ৰ গুচৰীয়া পক্ষৰ টোপোলা টো মচবুত নোহোৱাৰ বাবে হয়তো সিমানতে অনুসন্ধান থমকি ৰ'ল । বাচি গ'ল দোষী।   --------------------------------------------------------------
     মান্দব্যই হৰিশ আৰু হৰ্ষিতৰ সংগ ত্যাগ কৰিলে। মৃদুপৱনক হত্যা কৰিবলৈ সি হৰিশ আৰু হৰ্ষিতক মানা কৰিছিল। কিন্তু সিঁহতে ওলোটাই তাকহে ধমকি দিলে। মৃদুপৱনক হত্যা কৰি সিঁহতে পাঁচ লাখ টকা ভাগ কৰি ললে। মান্দব্যই ভাগ বিচৰা নাছিল যদিও সিঁহতৰ ধমকনিত ল'বলৈ বাধ্য হ'ল । তাৰ মানে পাপৰ সমভাগী মান্দব্যও হ'ল। আজি কালি সেয়েহে সি সিঁহতৰ সংগ ত্যাগ কৰি বিভিন্ন ৰাজহুৱা ভাল কামত মনোনিবেশ কৰিছে , য'ত নাই কোনো কপট, খেয়াল , হিংসা ,দ্বেষ আদি মাৰাত্মক সামাজিক ভাইৰাছ। 
     ... আজি কথা খিনি ভাবি সি এখন বহীত গল্প আকাৰে লিখিবলৈ মনস্থ কৰিলে । সি ভাবিলে - "নিশ্চয় এয়াই হ'ব মোৰ পাপৰ প্ৰায়চিত্ত।।" তাৰ মনটো ফৰকাল লাগিল। সি নিজকে কোৱাদি ক'লে - " সৌ আকাশ খন চোৱাচোন । কিমান ধুনীয়া । আকাশত ওলমি থকা চন্দ্ৰটো ইমান ধুনীয়া নহয়নে অথচ তাৰ কলিংকিত অধ্যায় আছে। তথাপিও ম্লান পৰা নাই তাৰ জ্যোতি। তুমিও হোৱা উজ্বল জ্যোতিষ্কৰ দৰে । উজ্বলাই তোলা চৌপাশৰ পৰিৱেশ তোমাৰ সুচিন্তা আৰু সুকৰ্মৰে ।" মান্দব্যৰ দুচকুৰে আপোনাআপুনি দুধাৰি আনন্দৰ চকুলো নিগৰি আহিল।
          -------+++++-----+++++--------
                    সমাপ্ত


     বি.দ্ৰ: গল্পটো সম্পূৰ্ণ কাল্পনিক। কাৰোবাৰ লগত অজানিতে মিলি গ'লে লেখক দায়ি নহয় । 
       

Friday, June 5, 2020

সংক্ৰামক ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ

          স্বাস্হ্যই হ'ল মানুহৰ পৰম সম্পদ। স্বাস্হ্য ভালে থাকিলে আমাৰ গা- মন ভালে থাকে। কিন্তু কেতিয়াবা বেমাৰ আজাৰত আক্ৰান্ত হ'লে আমাৰ স্বাস্হ্য বাৰুকৈয়ে অৱনতি ঘটে। বেমাৰ আজাৰ বিভিন্ন কাৰণত হোৱা দেখা যায়। খাদ্যৰ উপাদান ৰ অভাৱত বহুতো ৰোগ হয় । এই ৰোগক অভাৱজনিত ৰোগ বোলা হয়। ইয়াৰোপৰি বীজাণু ৰ দ্বাৰাও কিছুমান ৰোগ হ'ব পাৰে। এজনৰ পৰা আন এজনলৈ বিভিন্ন প্ৰকাৰে বিজাণুৰ দ্বাৰা বিয়পি পৰা এনে ৰোগক সংক্ৰামক ৰোগ বোলা হয়। সংক্ৰামক ৰোগ ঘাইকৈ ভাইৰাছজনিত, বেক্টেৰিয়া আৰু কৃমিজনিত হ'ব পাৰে। এনে ৰোগৰ পৰা ৰক্ষা পাবলৈ হ'লে কিছুমান স্বাস্হ্য বিধি মানি চলা দৰকাৰ।যেনে- হাত পৰিষ্কাৰকৈ ধোৱা, খোৱা বস্তু সদায় ঢাকি ৰখা, ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা,সদায় গৰম পানী সেৱন কৰা,মাস্ক পিন্ধা আদি।
       সংক্ৰামক ৰোগৰ ভিতৰত - কলেৰা, যক্ষ্মা,টাইফয়ড বা সন্নিপাত জ্বৰ, পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা, পিঠাখোৱা বা মাম্পছ , জণ্ডিছ, পালিঅ'মাইলেটিছ , মেলেৰিয়া,এমিবীয় গ্ৰহণী , ফাইলেৰিয়াছিছ বা গোধা ৰোগ আদি। বিভিন্ন বিজানুৰ ফলত এই ৰোগ হয় আৰু মানুহৰ দেহলৈ বিয়পে। তলত সক্ষিপ্তভাৱে সংক্ৰামক ৰোগৰ সম্পৰ্কে আলোচনা আগবঢ়োৱা হৈছে -
       * যক্ষ্মা ৰোগ : এই ৰোগ 'মাইক'বেক্টেৰিয়াম টিউবাৰকুলছিছ' নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। প্ৰকৃততে যক্ষ্মা ৰোগ কেইবাটাও ৰোগৰ সমষ্টি। সেয়েহে ই অতি মাৰাত্মক ৰোগ ৰূপে চিহ্নিত হৈছে। শিশু অৱস্থাৰ পৰাই এই ৰোগৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয়। 
      বিশেষকৈ কাহ খেকাৰ আদিৰ দ্বাৰা বায়ুৰ মাধ্যমেৰে ৰোগ বিধ এজনৰ পৰা আন এজনৰ দেহলৈ বিয়পে। সেয়ে য'তে ত'তে থু-খেকাৰ পেলোৱা অনুচিত আৰু কাঁহোতে সদায় মুখ ঢাকি ল'ব লাগে। 
      সন্তান জন্মৰ ৬ মাহৰ ভিতৰত বি.ছি. জি.বেজি এই ৰোগৰ প্ৰতিৰোধৰ বাবে দিয়া হয় । সেয়ে অভিভাৱকে ৬ মাহৰ ভিতৰত সন্তানক এই বেজি চৰকাৰী চিকিৎসালয়ত দিওৱাৰ ব্যৱস্থা কৰিব লাগে।
      ৰোগ বিধৰ লক্ষণ :  (i) সন্ধিয়া সময়ত জ্বৰৰ পৰিমাণ বেছি হয়  , (ii) কফ হয় ।  (iii) যিমানেই খালেও খীনাই যায়।  (iv) কফৰ লগত তেজ বমি হয় ।  (v) ওজন হ্ৰাস পায়। (vi) মানুহটো খিংখিঙীয়া স্বভাৱৰ হয় ।
       * সন্নিপাত জ্বৰ বা টাইফয়েড : এই ৰোগ 'চালম'নেলাটাইফি' নামৰ বেক্টেৰিয়াৰ জৰিয়তে হয়। ই এবিধ বেক্টেৰিয়া জনিত সংক্ৰামক ৰোগ । দূষিত পানী, দূষিত খাদ্য , ৰোগীৰ মলমূত্ৰ আৰু মাখিৰ জৰিয়তে এই ৰোগ এজনৰ পৰা আন এজন ব্যক্তিৰ দেহলৈ বিয়পে।ই একপ্ৰকাৰৰ খাদ্য নলীৰ ৰোগ।
         লক্ষণসমূহ : (i) অনবৰতে জ্বৰ হয় । (ii) নাড়ীৰ গতি মন্থৰ হয় । (iii) পেট ফুলি থাকে। (iv) শৌচ সেউজীয়া ৰঙৰ হয় । (v) শৰীৰত গোলপীয়া ৰঙৰ দাগ দেখা যায়।
         প্ৰতিৰোধৰ ব্যৱস্থা : মানুহৰ মলমূত্ৰ বিজ্ঞান সন্মতভাৱে নিষ্কাষণ কৰিব লাগে। পানী পৰিশোধন কৰি উতলাই ঠাণ্ডা কৰি সেৱন কৰিব লাগে। খাদ্যবস্তু সদায় ঢাকোণেৰে ঢাকি ৰাখাৰ ব্যৱস্থা কৰিব লাগে।লগত চিকিৎসকৰ পৰামৰ্শ অনুসৰি টি.এই .বি . বেজি অৰ্থাৎ প্ৰতিৰোধক ছিটা ল'ব লাগে। এইদৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
         * পিঠাখোৱা বা মাম্পছ : পেৰাছাইডিটিছ নামৰ ভাইৰাছৰ ফলত এই ৰোগ হয়। বিশেষকৈ পানী আৰু খাদ্যবস্তুৰ জৰিয়তে মানুহৰ দেহলৈ এই ৰোগ সংক্ৰমণ ঘটে। ই এক ভাইৰাছজনিত অতি সহজে সংক্ৰমিত ৰোগ। এই ৰোগ ব্যক্তি জনৰ গাল এখন বা দুয়োখনতেই হ'ব পাৰে। বিশেষকৈ ডিঙিৰ ওচৰৰ গালৰ ওপৰত এই ৰোগ হয়।
        ৰোগৰ লক্ষণসমূহ : গাল খন ডাঙৰকৈ ফুলি আহে। বিশেষকৈ কম বয়সীয়া ল'ৰা ছোৱালী উভয় লিংগৰে গাত এই ৰোগ হোৱা দেখা যায়। 
        প্ৰতিৰোধৰ ব্যৱস্থা : গ্ৰাম্য সমাজৰ প্ৰচলিত পথ্য হিচাপে ওখহি উঠা গালখনত কেঁচাপিঠা খুন্দি হানিব  লাগে। এনেদৰে তিনিৰ পৰা চাৰি দিন হানিলে ৰোগ উপশম হোৱা দেখা যায়। সম্প্ৰতি এই ৰোগৰ চিকিৎসা সুলভ। গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ছিটা প্ৰয়োগ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
         ফাইলেৰিয়াছিছ বা গোধা ৰোগ : ই এবিধ কৃমিৰ দ্বাৰা আক্ৰান্ত কিউলেক্স নামৰ মহে মানুহক কামুৰিলে সংক্ৰমণ হোৱা ৰোগ। "ওচেৰিয়া বেনক্ৰফটি" নামৰ কৃমিৰ দ্বাৰা আক্ৰান্ত কিউলেক্স মহে কামোৰা লগে লগে কৃমি মানুহৰ দেহৰ চালৰ তললৈ সোমাই যায় আৰু লসিকাতন্ৰত ই বিয়পি পৰে। ফলস্বৰূপে লিম্ফনলীবোৰ বাধাগ্ৰস্থ হয়, প্ৰদাহৰ সৃষ্টি হয় আৰু এনে ঠাইত প্ৰ'টিনৰ পৰিমাণ বেছি হৈ পৰে। ফলশ্ৰুতিত আক্ৰান্ত ব্যক্তিৰ আক্ৰান্ত অংগ অস্বাভাৱিকভাৱে ফুলি উঠে । এইদৰে ভৰি একোখন ফুলি হাতীৰ ঠেংৰ সদৃশ আকাৰ লয় । এয়ে হ'ল গোধা বা ফাইলেৰিয়াছিছ ৰোগ। 
        প্ৰতিৰোধৰ ব্যৱস্থা: সাম্প্ৰতিক সময়ত এই ৰোগৰ ঔষধ পাতি সুলভ তথা সুচিকিৎসা সম্ভৱ হৈ উঠিল। গতিকে উপযুক্ত ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰিব লাগে। নিশা শোওঁতে ঔষধ ছটিওৱা আঠুৱা ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
         কেতিয়াবা এনে ৰোগমূহে মহামাৰীৰ ৰূপ ধাৰণ কৰে। ফলত বহু লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিব লগা হয়। সেইবাবে এই ৰোগৰ পৰা হাত সাৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগে।সমাজত ইয়াৰ বিষয়ে জনসচেতনতা বঢ়াব লাগে,যাতে এই ৰোগৰ প্ৰতিৰোধ কৰিব পৰা যায়। ছাত্ৰ-ছাত্ৰী সকলেও এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা ল'ব পাৰে। বৰ্তমান মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড-১৯ ৰ সময়ত ওপৰত উল্লেখিত ৰোগৰ প্ৰাসঙ্গিকতা আহি পৰিছে। কৰনাৰ সৈতে যুঁজ অব্যাহত থকাৰ সময়তে সামান্তৰালভাৱে এনে ৰোগেও আমাক আক্ৰমণ কৰাটো অতি স্বাভাৱিক কথা। সেয়ে এই ৰোগ প্ৰতিৰোধ কৰিবলৈ ল'ব লগা সাৱধানতাৰ বিষয়ে জন সচেতনতা বঢ়াবলৈ আমি সকলোৱে আগবাঢ়ি অহা উচিত।
            -----------------+++++++--------------


Wednesday, June 3, 2020

বিধৱাৰ শোকগাঁথা

      প্ৰয়োজনীয়তাৰ খাতিৰত তাই বজাৰলৈ যাব একপ্ৰকাৰে বাধ্য হৈছিল। ইহঁতৰ বাপেক নাইকীয়া হোৱাৰ পিছত বজাৰ-সমাৰকে আদি কৰি ঘৰখনৰ সমস্ত দায়িত্ব তাইৰ ওপৰতে পৰিল। মানুহজন নাইকীয়া হোৱাৰ পিছত দিনতে আন্ধাৰ দেখিলে তাই । বিয়া হোৱা আজি পাঁচ বছৰ অতিক্ৰম হৈছেহে মাথোন। এটা সুন্দৰ ভৱিষ্যত যেন তাইৰ পৰা বৰ নিৰ্দয়তাৰে ভগৱানে কাঢ়ি লৈ গ'ল । ভগৱান নো ইমান নিষ্ঠুৰ হ'ব পায় নে ?  তাই সদায় ভগৱানক আৰাধনা কৰিছিল তৎস্বত্তেও ভগৱানে প্ৰাৰ্থনা নুশুনিলে। কেতিয়া বাৰু ঘৰলৈ আহিছিল , কেনেকৈ আক্ৰান্ত হৈছিল বাৰু সি  কভিভ- ১৯ ত ? তাই ভাবিলে আজিও বুকখন বিষাই উঠে। দুচকুৰে চকুলো সৰে। মানুহজনলৈ তাইৰ আজি বৰকৈ মনত পৰিছে। তাই খিৰিকী খন মেলি দিলে । এছাটি মৃদু চেঁচা বতাহে তাইৰ গাল মুখ স্পৰ্শ কৰি গ'ল। 
      বিয়াৰ ঠিক  ডেৰ বছৰৰ পিছত আমাৰ প্ৰথম সন্তান স্বৰূপে আহিছিল ৰপম ।ল'ৰা সন্তানৰ বাবে ঘৰৰ সকলোৱে আশা কৰিছিল আৰু শেষত সেই আশা পূৰণ হ'ল । দ্বিতীয় সন্তান কন্যা । তিনি বছৰৰ বিৰতিত দ্বিতীয় সন্তান ৰূপালীৰ জন্ম হৈছিল। তাৰপিছত হাঁহি ধেমালিৰ সংমিশ্ৰণেৰে আমাৰ সংসাৰ খন আগবাঢ়ি গৈছিল। অভাৱ অনাটন নথকা নহয়। দুই এটা কথা কটাকটি হ'লেও সংসাৰখন সুখেৰে অতিবাহিত হৈছিল। আমাৰ ঘৰটো পথৰ দাঁতিত হোৱাৰ বাবে মানুহজনে সৰুকৈ এখন বিস্কুটৰ দোকান বহাইছিল। তাৰপৰা আয় হোৱা টকাৰে যেনতেন জোৰা টাপলি মাৰি সংসাৰ খন চলোৱা হৈছিল। তাৰপাছত কি জানো হ'ল হঠাৎ মানুহ জন ওচৰৰে এজনৰ লগত চেন্নাই লৈ যাবলৈ সাজু হ'ল। বহু বাধা দিয়ো মনাব নোৱাৰিলোঁ। চেন্নাইত কাম কৰি লগৰ জনৰ ঘৰ হেনো পকা কৰিলে গতিকে সিও চেন্নাই লৈ গৈ সঠিকমতে উপাৰ্জন কৰি ঘৰখন পকা কৰিহে এৰিব। বহু আশা বুকুত বান্ধি এইদৰে সি চেন্নাই পালেগৈ । যোৱা সময়ত সি কেনেকৈ আলফুলে তাইক সাৱতি ধৰিছিল। মই কৈছিলো- " চাওঁ এৰি দিয়ক ,মা'য়ে দেখিব এতিয়া।"  সি উপায়হীন হৈ এৰি দিছিল। মই বাৰু এইবোৰ কেনেকৈ পাহৰিম ! 
   : "ভালদৰে সাৱধানে থাকিব তাত । অচিন ঠাই। সদায় ফোন কৰিব।" -- এইদৰে তাই মনৰ মানুহজনক দঢ়াই দঢ়াই কৈছিল। 
     লৈছিল। মানুহজনে সদায় তাইৰ পৰা ঘৰৰ খবৰ-খাটি লৈছিল। মাহেকে পষেকে টকাও পঠিয়াইছিল। গতিকে ঘৰ চলাবলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল তাইৰ। এইদৰে চলি গৈছিল গতানুগতিকতাৰে আমাৰ সৰু সংসাৰ খন। কিন্তু নিয়তিৰ হয়তো আমাৰ এই সুখ সহ্য নহ'ল । সেয়েহে কালধুমুহা হৈ আহিল নিয়তি আমাৰ মাজলৈ সকলোৰে অজানিতে। ........
    ... বিশ্বত কৰনা'ই সংসাৰী ৰূপ ধাৰণ কৰিছে। ভাৰততো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিল । চেন্নাই, বাংগালোৰ, দিল্লী , মুম্বাই ক'তো যেন বাদ পৰা নাই। তেনে সময়তে অসমতো ওলালে কৰনা আক্ৰান্ত লোক । ইহঁতৰ সকলোৱে বোলে 'তবলিঘি জামাত'ত অংশগ্ৰহণ কৰিছিল। এনে সময়তে মানুহ জন ঘৰলৈ ফিৰি অহাৰ বাবে ফোন কৰিছিল। কিন্তু অসম চৰকাৰৰ নিৰ্দেশমতে ফিৰি আহিলে হেনো কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক। আমি সকলোৱে ভয় আৰু সন্ত্ৰসিত হৈছিলো। এহ যি হয় হ'ব বুলি ভাবি আহিবলৈ কৈ দিছিলো । কথা এষাৰি আছে- 'ৰাখে হৰি মাৰে কোনে ।' আনহাতে বিধিৰ লিখন নহয় খণ্ডন। গতিকে তেখেতৰ লগতে কেইবাজনো লোকে নিজ ঘৰৰ অভিমুখী যাত্ৰী হ'ল। .....
       চৌধ্য দিনৰ অন্তত সি কৰনা আক্ৰান্ত ৰোগী বুলি খবৰ হৈ আহিল। মোৰ মূৰতে সৰগ ভাগি পৰা যেন লাগিল । গুৱাহাটীৰ মেডিকেল কলেজত অৰ্থাত কভিড-১৯ চেণ্টাৰত তেওঁক ৰখা হৈছে। এদিন সকলোৱে চাবলৈ গ'লো । দূৰৰ পৰাই মাতবোল কৰিলো । ওচৰলৈ যাবলৈ নিদিলে । কৰ্তৃপক্ষৰ কাঢ়া নিৰ্দেশ। কান্দি কান্দি বাউলী হৈ দুদিন থাকি ঘৰলৈ ঘূৰি আহিলো। আপোনজনে আপোনজনক স্পৰ্শ কৰিবও নোপোৱাটো কিমান বেদনাদায়ক সেই কথা কোনে বুজিব। তাৰপাছত ..... প্ৰায় এমাহ মান থাকি সি আমাক এৰি গুচি গ'ল ইহ সংসাৰৰ মায়া -মোহ ত্যাগ কৰি। কি মৰ্মান্তিক খবৰ ! কি দুখজনক সময় ! বুকু ঢকিয়াই কান্দি কান্দি বাউলী হৈছিলো ।  শাহুমায়ে বুজাইছিল। জন্মদাত্ৰী মাতৃয়ে বুজায়ছিল -"এতিয়া কন্দা কতা খন কৰিলে নচলিব । কোলাত দুটা পেন্দুকনা আছে । যি হ'ব লগা আছিল হ'ল । হোৱাটোক নোহোৱা কৰিব নোৱাৰি। গতিকে নিজক চম্ভালি আগুৱাই যাব লাগিব। " 
     মাকৰ নিৰ্দেশ অনুসৰি তাই বগা সাঁজ পিন্ধিলে। মানুহজনৰ সকাম নিকাম ভায়েকে আহি সমাধা কৰিলে। তাৰপাছত .... এইয়া আজি তাৰ বছেৰেকীয়াৰ বাবে বজাৰ সমাৰ কৰিবৰ বাবে বজাৰলৈ যাবলৈ সাজু হৈছে তাই । অহা পৰহিলৈ তেখেতৰ বছেৰেকীয়া। থূলমুল কৈ নিয়মটো কৰিবৰ বাবে সি যা-যোগাৰ কৰিছে। হে প্ৰভু ! তেখেতক যেন বৈকুণ্ঠত কুশলে ৰাখে । .... হঠাৎ তাইৰ মুখেৰে কাকূতিমূলক উক্তি ফাঁকি ওলাই আহিল। তাই খিৰিকীৰে দূৰলৈ চাই পঠিয়ালে । দূৰ দিগন্তত যেন দুচপৰা বগা ডাঁৱৰে সাবতা সাবতি কৰি মৰম বিনিময় কৰিছে ।
    বেদনা গধূৰ মনটোক সামৰি-সতুৰি তাই বজাৰলৈ অট'ৰে ৰাওনা হ'ল। 
       ----------+++++++++---------

        
      বি.দ্ৰ. - গল্প টো সম্পূৰ্ণ কাল্পনিক। অজানিতে কাৰোবাৰ লগত মিলি গ'লে লেখক দায়ি নহয়।

     

        

Tuesday, June 2, 2020

বিভিন্ন সংক্ৰামক ৰোগ,কাৰক আৰু প্ৰতিৰোধ ( various contagious diseases, agents and it's hinderance or prevent )

1.   কলেৰা ৰোগ ( cholera disease) : 
       কলেৰা এবিধ অতি মাৰাত্মক সংক্ৰামক ৰোগ। এই ৰোগ মানুহৰ দৈনন্দিন ব্যৱহাৰ্য আহিলা সমুহৰ জৰিয়তে মানুহৰ দেহত সংক্ৰমণ ঘটে। কলেৰা ৰোগৰ মুখ্য কাৰক বিধ হ'ল -- ভাইব্ৰিঅ' কলেৰি নামৰ বেক্টেৰিয়া। এনেধৰণৰ সংক্ৰামক ৰোগ ঘাইকৈ জলবায়ুৰ প্ৰভাৱত বেছি কৈ হোৱা পৰিলক্ষিত হয়। সেয়ে এই ক্ষেত্ৰত সাৱধানতা হ'ল উত্তম মহৌষধ। ধন
      সংক্ৰমণৰ মাধ্যমৰ ভিতৰত - খোৱা পানী , খোৱা খাদ্য  , আৰু মাখিয়ে হ'ল ঘাই মাধ্যম।
      খোৱা পানীৰ জৰিয়তে ভাইব্ৰিঅ' কলেৰি নামৰ বেক্টেৰিয়া বিধ অতি সহজে আমাৰ শৰীৰত প্ৰৱেশ ঘটি মানুহ জনক ৰোগীয়া কৰি তুলিব পাৰে। মাখিক এই ৰোগৰ মূল বাহক বুলি ক'ব পাৰি। যি ঠাইত মাখিৰ উৎপাত বেছি সেই ঠাইত এনে ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি। 
     মাখিয়ে এঠাইৰ পৰা আন ঠাইলৈ ঠেং আৰু শোংৰ দ্বাৰা এই ৰোগ বিয়পাব পাৰে। এই ৰোগত আক্ৰান্ত ৰোগীৰ খোৱা খাদ্যত বা শৌচ প্ৰস্ৰাৱত পৰি মাখিৰ ঠেং আৰু শোংত বিজানুবিধ কঢ়িয়াই আনে আৰু যদি সেইজনী মাখিয়ে সুস্হ মানুহৰ খাদ্যত পৰে তেন্তে বিজানুবিধ খাদ্যৰ জৰিয়তে মানুহজনৰ দেহলৈ প্ৰৱেশ ঘটে। এইদৰে কলেৰা ৰোগ এজনৰ পৰা আন এজনলৈ দ্ৰুত গতিত সংক্ৰমণ হয়। 
      প্ৰতিৰোধ ব্যৱস্থা : কলেৰা ৰোগত আক্ৰান্ত ৰোগীৰ মলমূত্ৰ চূণ মিহলাই গাঁত খান্দি পুতি পেলাব লাগে। পৰাপক্ষত অনাময় শৌচালয় ব্যৱহাৰ কৰিব লাগে আৰু নিজে চাফচিকুন আৰু পৰিষ্কাৰ,পৰিপাটিকৈ থাকিব লাগে।
2.  মেলেৰিয়া ৰোগ (malaria disease) : 
       মেলেৰিয়াও এবিধ সক্ৰামক ৰোগ। বহুসময়ত মেলেৰিয়া ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰি সংহাৰ কৰি আহিছে। ৰোগবিধ বিশেষকৈ 'প্লাজমডিয়াম ভাইভেক্স ' নামৰ বিজানুৰ ফলত হয় বুলি চিকিৎসা বিজ্ঞানী সকলে নিশ্চিত কৰিছে। এই বিধ ৰোগো জলবায়ুৰ প্ৰভাৱত হোৱা সংক্ৰামক ৰোগ।
        মাইকী এন'ফিলিছ ‌‌‌‌‌‌‌নামৰ মহৰ মাধ্যমত এই ৰোগ মানুহৰ গাত বিয়পে। এই বিধ মহে মানুহৰ দেহত কামুৰিলে মানুহৰ দেহলৈ প্লাজম'ডিয়াম ভাইভেক্স বীজাণু বিধ প্ৰৱেশ ঘটে আৰু মানুহ জন মেলেৰিয়া ৰোগত আক্ৰান্ত হয়। সেয়ে এনে মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰকৈ ৰাখিব লাগে। ঘৰৰ ওচৰে পাজৰে খাল ,নলা নৰ্দমা বিলাকত যাতে পানী জমা হৈ নাথাকে তাৰ বাবে বিহিত ব্যৱস্থা কৰিব লাগে। জমা হৈ থকা পানীত মহে কণী পাৰি বংশ বৃদ্ধি ঘটায় ।  
        প্ৰতিৰোধৰ ব্যৱস্থা : অতিপাত জ্বৰ হ'লে মেলেৰিয়া হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি উপযুক্ত ঔষধ সেৱন কৰি এই ৰোগৰ পৰা মুক্ত হ'ব পাৰি। তদুপৰি ঔষধেৰে ধোৱা পৰিস্কাৰ আঠুৱা ৰাতি শোঁৱতে ব্যৱহাৰ কৰিব লাগে।

3. পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা :
     পানী লগা জ্বৰ বা ইনফ্লুৱেঞ্জা এবিধ সক্ৰামক ৰোগ। এই ৰোগ অৰ্থ'মিক্স' ভাইৰাছ, মিক্স'ভাইৰাছ নামৰ বিজানুৰ ফলত হয়। এই বিজানু বিশেষকৈ মানুহৰ খেকাৰ ,শেঙুন , হাঁচি আদিত সক্ৰিয় হৈ থাকে। সেয়ে মানুহে য'তে ত'তে থু , খেকাৰ , শেঙুন পেলোৱা অনুচিত। গতিকে ক'ব পাৰি ৰোগ বিধৰ সংক্ৰমণৰ মাধ্যম হ'ল- থু , খেকাৰ, শেঙুন আৰু হাঁচি । 
       প্ৰতিৰোধৰ ব্যৱস্থা : 
        এই ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সাৱধানতা আৰু চাফচিকুনতাই হ'ল উত্তম মহৌষধ। আক্ৰান্ত ৰোগীয়ে মুখত সদায় মাস্ক পিন্ধিব লাগে। হাঁচিয়ালে ৰুমালেৰে বা আন কাপোৰেৰে মুখখন ঢাকি ল'ব লাগে। কাৰণ হাঁচিৰে হাজাৰ হাজাৰ বিজানু বাহিৰ হয় আৰু ইয়ে আন সুস্হ মানুহৰ দেহলৈ প্ৰৱেশ কৰি ৰোগ বিয়পাব পাৰে। ৰোগ বিধ শৰীৰত দেখা দিয়া মাত্ৰকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু চিকিৎসকৰ মতে উপযুক্ত ঔষধ সেৱন কৰি এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি।

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts