Wednesday, March 31, 2021

Characteristics Of Personality | ব্যক্তিত্বৰ গুণসমূহ :

ব্যক্তিত্বৰ গুণ কি ? What is the characteristics of personality ?

ব্যক্তিত্বৰ গুণ হ'ল কোনো ব্যক্তিৰ পৰিবৰ্তনীয় কিছুমান আচৰণৰ  ক্ৰিয়া কৰ্মৰ এক সমাহাৰ। ব্যক্তিত্ব হ'ল মানুহৰ আচৰণ আৰু মনোভাৱৰ এক সংগঠিত ৰূপ। এই ব্যক্তিত্বৰ গুণ ব্যক্তি জনৰ নিজস্ব হয় আৰু ইয়াৰ বৰ্তমানৰ বাবে মানুহ এজন আন এজনৰ পৰা পৃথক হিচাপে বিবেচিত হয়। ব্যক্তি এজনৰ এনে নৈতিক গুণ কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত মাকৰ গৰ্ভৰ পৰাই কঢ়িয়াই আনে, আৰু আন কিছুমানৰ ক্ষেত্ৰত ই পৰিৱেশৰ পৰা আহৰণ কৰা গুণ হিচাপে বিবেচিত। অৰ্থাৎ জন্মৰপৰা গুণ লৈ অহাৰ উপৰিও পৰিৱেশৰ পৰা ইয়াক আয়ত্ব কৰিব পাৰি। সেয়েহে কোৱা হয় যে ভাল পৰিৱেশত জন্মিলে বা বাস কৰিলে সৎগুণৰ বা নৈতিক গুণৰ অধিকাৰী হ'ব পাৰি, কিন্তু বেয়া পৰিৱেশত জন্মিলে বা বাস কৰিলে অসৎ গুণৰ বা অনৈতিক গুণৰ অধিকাৰী হয়। এই কথাটো সেই 'ৰজা আৰু ভাতৌ চৰাই' নামৰ সাধুটোৰ জৰিয়তে স্পষ্টকৈ বুজিব পৰা যায়।  সাধুটো মতে, "এবাৰ ৰজাই প্ৰজাৰ সুখ দুখৰ খবৰ লবলৈ বুলি গাঁৱলৈ ওলাইছিল। এঘৰত ৰজাই সোমাওঁতে দেখিবলৈ পালে , গৃহস্থৰ পোহনীয়া ভাটৌ চৰাইজনীয়ে তেওঁক কৈছিল-- "মহাৰাজ,আহক বহক।" কিন্তু আন এঘৰত সোমাওতে পোহনীয়া ভাটৌ চৰাইজনীয়ে তেওঁক দেখি চিঁঞৰিছিল  যে" ৰবি ৰবি,ধৰ ধৰ,মাৰ মাৰ।"  তেতিয়া ৰজাই ভূ লৈ বুজিব পাৰিলে যে প্ৰথম ঘৰৰ মানুহবিলাক ভাল আছিল, কিন্তু দ্বিতীয় ঘৰৰ মানুহবিলাক অসৎ আছিল। সেয়েহে সৎসংগত থকা ভাটৌ চৰাইজনীয়ে সৎ মাতেৰে আৰু অসৎ মানুহৰ লগত বাস কৰা ভাটৌৰ মুখেৰে অসৎ কথা শুনিবলৈ পাইছিল। ইয়াৰ পৰা ৰজাই বুজিব পাৰিলে যে সৎ সংগত থাকিলে সৎ হয় কিন্তু অসৎ সংগত থাকিলে অসৎ হয়। "

ব্যক্তিত্বৰ গুণৰ প্ৰকাৰ (Types of characteristics) :

ব্যক্তিত্বৰ গুণসমূহ কেইবাটাও ভাগত ভাগ কৰিব পৰা যায়। সেইবোৰ সংক্ষিপ্তভাৱে আলোচনা আগবঢ়োৱা হ'ল । ব্যক্তিত্বৰ গুণসমূহৰ ভিতৰত-- দৈহিক গুণ, বৌদ্ধিক গুণ, আবেগিক গুণ, চাৰিত্ৰিক গুণ, সামাজিক গুণ, ধৈৰ্য্শীল গুণ আদিয়ে প্ৰধান।

দৈহিক ব্যক্তিত্বৰ গুণ ( Characteristics of body personality):

 দৈহিক গুণ প্ৰকৃততে সৰহসংখ্যক ঈশ্বৰ প্ৰদত্ত হয়। দৈহিক গুণ যেনে উচ্চতা, মুখৰ সুন্দৰ চেহেৰা, দেহৰ গঠন, শৰীৰৰ বৰণ , মাত-কথা, সাজ-পোছাক আদি গুণসমূহে ব্যক্তিত্ব গঠনত সহায় কৰে। ওখ ডাঙৰ মানুহ এজনে চুটি চাপৰ মানুহ এজনতকৈ সহজে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। একেদৰে সুন্দৰ সুঠাম চেহেৰাৰ মানুহ এজনে কুৰূপা মানুহতকৈ সহজে আনৰ মন মোহিব পাৰে। মিঠামুখীয়া বা মৰমলগা মাতৰ অধিকাৰী লোকে আনক সহজে আকৰ্ষিত কৰিব পাৰে। সেইদৰে মাৰ্জিত সাজ-পোছাক পৰিহিত এজন লোকে আনৰ ওপৰত সহজে প্ৰভাৱ পেলায়।  লেতেৰা কাপোৰ পৰিহিত জধলা ব্যক্তি এজনৰ প্ৰতি কোনো আকৰ্ষিত নহয়।

বৌদ্ধিক ব্যক্তিত্বৰ গুণ( Characteristics of intellectual personality.): 


যি মানুহৰ বুদ্ধি বৃত্তি বেছি, সেই মানুহৰ ব্যক্তিত্বও বেছি হয়। যুক্তিৰে চালিজাৰি চাই কথা কোৱা মানুহক সকলোৱে সমীহ কৰে। আনহাতে এজন চুটি চাপৰ মানুহ যদি এজন দাৰ্শনিক হয় বা এজন নামজ্বলা বিজ্ঞানী হয় তেন্তে তেনে জন লোকক সকলোৱে সন্মান কৰে। এটা কথা সত্য যে মানুহে এজন ৰজাক সন্মান প্ৰদৰ্শন কৰে কেৱল আইনৰ  ভয়ত , কিন্তু এজন বৌদ্ধিক ব্যক্তিত্বৰ লোকক মানুহে সন্মান প্ৰদৰ্শন কৰে তেওঁৰ জ্ঞান আৰু বৌদ্ধিক গুণৰ ওপৰত। বুদ্ধিৰ জৰিয়তে বহু অসাধ্যও সাধন কৰিব পাৰি। তৰোৱাল এখনতকৈ বুদ্ধিক বেছি শ্ৰেষ্ঠ বুলি সেয়ে কোৱা হয়। গতিকে ই হ'ল ব্যক্তিত্ব গঠনৰ এক গুৰুত্বপূৰ্ণ উপাদান।

আবেগিক ব্যক্তিত্বৰ গুণ ( Characteristics of emotional personality):


আবেগিক ব্যক্তিত্বৰ গুণ থকা মানুহক সহজে কোন ধৰণৰ মানুহ বুজা যায়।  মানুহৰ আবেগিক গুণে মানুহজন দুখত আছে নে সুখত আছে তাক প্ৰমাণ দিব পাৰে। আকৌ মানুহজন শান্ত স্বভাৱৰ,নে উত্তেজিত স্বভাৱৰ আৰু সাহিয়াল নে ভয়াতুৰ স্বভাৱৰ এই সম্পৰ্কে আৱেগিক গুণসমূহে বুজায় দিব পাৰে। আমি সকলোৱে জানো বেজাৰ মনেৰে থকা ব্যক্তিতকৈ হাঁহি আনন্দ স্ফুৰ্তিৰে থকা মানুহ সকলোৰে প্ৰিয় হয়।

চৰিত্ৰগত গুণ (Character traits) :

যি মানুহৰ নৈতিক গুণ থাকে সেই মানুহক সকলোৱে ভাল পায়। মানুহৰ ইচ্ছা শক্তি ভাল হ'লে চৰিত্ৰ ভাল হয়। আকৌ ইচ্ছা শক্তি যদি সবল হয় তেন্তে তেনে মানুহে তাৎক্ষণিক ভাৱে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। যি মানুহে বেয়া চিন্তা কৰে , আনৰ অহিত চিন্তা কৰে সেই মানুহেই প্ৰকৃততে চৰিত্ৰগতভাৱে অসৎ মানুহ । তেনে মানুহৰ পৰা সকলোৱে পলাই ফুৰে। নৈতিক গুণৰ অধিকাৰী লোকক সকলোৱে সন্মান কৰে।

সামাজিক গুণ ( Social characteristics):

এনে কিছুমান মানুহ আছে,যিয়ে সমাজৰ কাম কৰি অন্ত্যন্ত ভাল পায়। সমাজৰ প্ৰতিজন ব্যক্তিৰ সৈতে সহজে মিলা মিছা কৰিব পাৰে তেনে ব্যক্তিয়ে সামাজিক গুণৰ অধিকাৰী ব্যক্তি। এনে মানুহ সকলোৰে প্ৰিয় হয়।

প্ৰচেষ্টামূলক বা ধৈৰ্যশীল গুণ (Traits of persistence):

ধৈৰ্যশীল গুণ মানুহৰ ব্যক্তিত্ব বিকাশৰ অন্যতম গুণ। কোনো কোনো মানুহে নিজৰ আপ্ৰাণ প্ৰচেষ্টাৰ ফলত প্ৰতিভাধৰ ব্যক্তিতকৈও আগুৱাই যাবলৈ সক্ষম হয়। কোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'লে ইচ্ছাৰ প্ৰয়োজন হয়। কেতিয়াবা ইচ্ছা থাকিলেও ধৈৰ্য নোহোৱাৰ বাবে কাম আধাতে এৰিব লগাও হয়। যি মানুহৰ প্ৰৱল ইচ্ছা শক্তিৰ উপৰিও অন্ত্যন্ত ধৈৰ্যৰ গুণ থাকে সেই মানুহে জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়।

সামৰণি (Conclusion)::

 

এজন মানুহে ওপৰত আলোচনা কৰা মতে যেতিয়া বৰ্ণিত গুণবিলাকৰ অধিকাৰী হয় তেতিয়া মানুহজনক ব্যক্তিত্বৰ গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। বিশেষকৈ এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এনে মহৎ গুণৰ অতিশয় আৱশ্যক বুলিব পাৰি। 
   




                    স্বচ্ছতাৰ নিদৰ্শন



***********************************************                  
  
 



Monday, March 29, 2021

চৌকাৰ চাই আৰু অসমীয়া সমাজ

চৌকাৰ চাই

চৌকাৰ চাই হ'ল কাঠখৰিৰ দাহ্য সামগ্ৰী। অসমৰ বিভিন্ন জাতি, জনগোষ্টীৰ লগত ইয়াৰ নিবিড় সম্পৰ্ক আছে।


 আজিৰ পৰা ১০-১৫ বছৰৰ আগতে অসমৰ মানুহ খৰিৰ ওপৰত নিৰ্ভৰশীল আছিল। ভাত ৰন্ধা, বিভিন্ন বস্তু সিজোৱা ক্ষেত্ৰত, দহা,বিয়া, সবাহ আদি বিভিন্ন উৎসৱ পাৰ্বনত খৰিৰে জুই ধৰি বস্তু ৰন্ধা কাৰ্য সম্পন্ন কৰা হৈছিল। 


আজিৰ সময়ত খৰি ব্যৱহাৰৰ পৰিমাণ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হৈছে হাবি জংগলৰ গছ গছনি জধেমধে কটাৰ ফলত খৰিৰ বাবে গছ গছনি নাটনি। ইয়াৰ উপৰি ঘৰে ঘৰে বিনামূলীয়া গেছ চৰকাৰে যোগান ধৰাৰ বাবে কাঠখৰিৰ ওপৰত থকা নিৰ্ভৰশীলতা কিছু কমিছে।

 গতিকে আজিৰ প্ৰজন্মৰ কিছুমানে চৌকাৰ চাই বুলিলে আচৰিত নহ'ব যে তাক নুই কৰিব নোৱাৰি। আখলত জুই জ্বলোৱা ফলত সৃষ্টি হোৱা দাহ্য পদাৰ্থই হ'ল চৌকাৰ চাই। অসমৰ মানুহৰ ই বৰ লাগতিয়াল দ্ৰব্য। ভিমবাৰ সৃষ্টি হোৱা আগতে অসমৰ সমাজ ব্যৱস্থাত চাই বিভিন্ন বাচন বৰ্তন ধুবলৈ নিতৌ ব্যৱহাৰ কৰিছিল। চাই হ'ল ক্ষাৰকীয় পদাৰ্থ গতিকে ইয়াৰ সহায়ত বাচন সহজে চাফা হয়।

   

  বৰ্তমান এই চাই অনলাইন বজাৰত বিক্ৰীৰ বাবে উলিয়াই অনা হৈছে বুলি জানিব পৰা গৈছে। এয়া নিশ্চয় আশাৰ বতৰা বুলি ক'ব লাগিব। যদি এয়া সত্য হয় তেন্তে অসমীয়া সমাজৰ লোক ইয়াৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে। 


এই বিষয়ে আমাৰ চৰকাৰে দৰিদ্ৰ নিবনুৱা সকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আৰ্থিক সাহায্য আগবঢ়ালে নিশ্চয় উদ্যোগ স্থাপন কৰিব পৰাৰ থল আছে আৰু নিবনুৱা সমস্যা সমাধানৰ দিশেৰে অগ্ৰসৰ হোৱা সম্ভাৱনা আছে।















চৌকাৰ চাই চৌকাৰ চাই চৌকাৰ চাই চৌকাৰ চাই



++++++++++++++++++++++++++++++++


Thursday, March 25, 2021

Pollution of air, water, soil and sounds and it's prevention measures. বায়ু, পানী, মাটি আৰু শব্দ প্ৰদূষণ আৰু প্ৰতিৰোধৰ উপায় ।

প্ৰদূষণ আৰু ইয়াৰ প্ৰকাৰ:

"মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই। কেতিয়াবা কোনো অনিষ্টকাৰী পদাৰ্থ আমাৰ চৌপাশে থকা মাটি, পানী আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা খনিজ পদাৰ্থ, বেক্টেৰিয়া, কেঁচু আদি অনেক সৰু সৰু জীৱ, পানীত থকা অক্সিজেন, হাইড্ৰ'জেন আৰু বায়ুত থকা অক্সিজেন কাৰ্বন-ডাই-অক্সাইড আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়। পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল প্ৰদূষণ বা পৰিৱেশ দূষিতকৰণ।"
   প্ৰদূষণৰ প্ৰকাৰবোৰ বিষয়বস্তু অনুসৰি ভাগ কৰা হয়। অৰ্থাৎ পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ নিজস্ব গুণৰ হাণি বিঘিনি হ'লেই প্ৰদূষণ হয়। বায়ু, মাটি, পানী , আৰু শব্দৰ প্ৰদূষণ হিচাপে ভাগ কৰিব পাৰি। প্ৰতিবিধ প্ৰদূষণৰ সম্পৰ্কে সংক্ষিপ্ত ব্যাখ্যা আগবঢ়োৱা হ'ল।

বায়ু প্ৰদূষণ (Air pollution) :

   বায়ুৰ নিজস্ব গুণ বিভিন্ন হানিকাৰক কাৰকৰ ফলত তাৰতম্য ঘটিলে বায়ুৰ প্ৰদূষণ হোৱা বুলি কোৱা হয়। বায়ুমণ্ডলত থকা উপাদান অক্সিজেন, কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন, ধূলিকণা ... আদি এটা নিৰ্দিষ্ট পৰিমাণত বায়ুমণ্ডলত থাকে, কিন্তু বিভিন্ন কাৰণত ইয়াৰ সমপৰিমাণত তাৰতম্য ঘটি বায়ুমণ্ডল দূষিত কৰি তোলে। বৰ্তমান পৃথিৱীত অনবৰতে কল কাৰখানা , উদ্যোগ,যান বাহন আদি বাঢ়িব ধৰিছে। এই উদ্যোগ ,কল-কাৰখানাৰ পৰা নিতৌ অত্যধিক পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছৰ নিৰ্গত হোৱাত বায়ুমণ্ডলত ইয়াৰ পৰিমাণ বাঢ়ি গৈছে। আনহাতে গছ গছনি কমি যোৱাৰ ফলত এই অতিৰিক্ত কাৰ্বন ডাই অক্সাইড গেছখিনি বায়ুত মিহলি হৈ পৃথিৱীৰ উপৰিভাগত এখন আৱৰণৰ সৃষ্টি কৰিছে। যাৰ ফলত পৃথিৱীৰ পৰা তাপ ওলাই যাব পৰা নাই আৰু সেয়েহে পৃথিৱীৰ তাপমাত্ৰা ক্ৰমে বৃদ্ধি পাব ধৰিছে। ইয়াকেই গ্ৰীন হাউচ এফেক্ট বা সেউজ গৃহ প্ৰভাৱ বুলি কোৱা হৈছে। এয়া বায়ুমণ্ডল প্ৰদূষণ হোৱাৰ এটা উদাহৰণ। একেদৰে আন উপাদানৰ ক্ষেত্ৰতো যদি ইয়াৰ পৰিমাণ বৃদ্ধি পায় তেন্তে এই বায়ু গ্ৰহণৰ ক্ষেত্ৰত মানুহৰ আৰু বিভিন্ন প্ৰাণীকূলৰ অসুবিধা হ'ব। ইয়ে মানুহৰ পৰিপন্থী অৱস্থাৰ সৃষ্টি কৰিব। সেয়েহে বায়ুমণ্ডল সঠিক ভাবে পৰিচালিত হ'বলৈ আমি বৃক্ষৰোপণ কাৰ্যসূচী বা আন ভাল কামবিলাক সম্পাদন কৰিব লাগে। বিভিন্ন কাৰণবোৰ হ'ল--
১/গাড়ী মটৰৰ পৰা নিৰ্গত ধোঁৱা আৰু ধূলিৰ ফলত বায়ু প্ৰদূষণ হয়।
২/লেতেৰা পৰিৱেশত বিভিন্ন প্ৰাণী গৰু, ছাগলী, হাঁহ, কুকুৰা, গাহৰি আদি পোহাৰ ফলত দূৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় যাৰ ফলত বায়ু প্ৰদূষণ হয়।
৩/ মানুহৰ সমাগম ঘটিলে মানুহৰ শ্বাস-প্ৰশ্বাসৰ ফলত বায়ু দূষিত হ'ব পাৰে। 
৪/ কল কাৰখানাৰ পৰা নিৰ্গত ধোঁৱাই পৰিৱেশৰ বায়ু প্ৰদূষিত কৰে।

প্ৰভাৱ:

   বায়ু প্ৰদূষণ হোৱাৰ ফলত আমাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বায়ু প্ৰদূষণৰ বাবে মানুহৰ হাঁওফাঁওৰ ৰোগ, ছালৰ ৰোগ , মূৰৰ বিষ, চকুৰ ৰোগ, এলাৰ্জি আদিৰ দৰে ৰোগ হয়।

প্ৰতিৰোধৰ উপায় (prevention measures):

১/মানুহে বাস কৰা স্হানৰ পৰা কিছু নিলগত উদ্যোগ স্থাপন কৰা।
২/ বিভিন্ন কল কাৰখানাৰ ধোঁৱা ওলোৱা চিমনী ওখ হ'ব লাগে আৰু প্ৰদূষণ ৰোধক হ'ব লাগে।
৩/ গাড়ী মটৰৰ ক্ষেত্ৰত ধোঁৱা কমকৈ ওলাবলৈ প্ৰদূষণৰোধী সঁজুলিৰ প্ৰয়োগ কৰিব লাগে।
৪/যিকোনো ইন্ধন সঠিক মাত্ৰাত ব্যৱহাৰ কৰা উচিত।
৫/ বৃক্ষৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। 

মাটি প্ৰদূষণ ( soil pollution):

   মাটিৰ নিজস্ব গুণাগুণ নষ্ট হ'লে মাটিখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটিৰ নিজস্ব উৰ্বৰতা শক্তি থাকে। এই উৰ্বৰতা শক্তি নিহিত থকা মাটিক আমি সাৰুৱা মাটি বুলি কঁও। বিভিন্ন কাৰণত এই শক্তি হ্ৰাস পায় আৰু মাটিৰ গুণাগুণৰ ক্ষতি হয়। তেতিয়াই মাটিখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটিৰ প্ৰদূষণ হোৱা কাৰণবোৰ হ'ল ---
১/খেতি কৰোঁতে অত্যধিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলত মাটি প্ৰদূষণ হয়।
২/ অত্যধিক পৰিমাণে খেতিৰ মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাত মাটিৰ গুণাগুণৰ নষ্ট হোৱাৰ বাবে মাটি প্ৰদূষণ হয়।
৩/ , সোনকালে নপচা বিভিন্ন সামগ্ৰী যেনে পলিথিন, প্লাষ্টিকৰ বস্তু আদি মাটিত পেলোৱা ফলত মাটিৰ উৰ্বৰতা শক্তি নষ্ট হয় আৰু মাটিৰ প্ৰদূষণ হয়।
৪/ মানুহৰ বিভিন্ন কামৰ বাবে অলাগতীয়াল ঘাঁহ বন নাশ কৰিবৰ বাবে প্ৰয়োগ কৰা দ্ৰব্যই মাটিৰ গুণাগুণৰ ক্ষতি কৰে আৰু যাৰফলত মাটি প্ৰদূষণ হয়।

প্ৰভাৱ:

    মাটি প্ৰদূষণ হোৱাৰ ফলত পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰত বাৰুকৈয়ে প্ৰভাৱ পৰে। 
   * মাটিৰ তলত বাস কৰা জীৱবোৰ মৃত্যু হ'ব পাৰে।যাৰফলত পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যতা নষ্ট হয়।
   * মাটি প্ৰদূষণ হোৱাৰ পিছত মাটিৰ সাৰুৱা গুণৰ নাশ হয়। ইয়াৰ ফলত সেই মাটি ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে।
   * গছ-গছনিত ৰোগ হৈ উৎপাদন শক্তিৰ কমে ।

প্ৰতিৰোধৰ উপায় (prevention measures):

১/খেতি মাটিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰা।
২/ বিভিন্ন শস্য বা মাটিত থকা কীট পতংগ মাৰাৰ বাবে কীটনাশক দ্ৰব্য ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা।
৩/ প্লাষ্টিকৰ সামগ্ৰী, পলিথিন আদি ব্যৱহাৰ ৰোধ কৰিব লাগে।
৪/ বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণত গুৰুত্ব আৰোপ কৰা।


পানীৰ প্ৰদূষণ (water pollution):

  বায়ু, মাটিৰ দৰে পানীৰ ক্ষেত্ৰতো বিভিন্ন কাৰণত পানীৰ নিজস্ব গুণাগুণ নষ্ট হ'ব পাৰে। তেতিয়া এই পানী ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে আৰু পানী দূষিত হৈ পৰে, তেতিয়াই পানীখিনি প্ৰদূষণ হোৱা বুলি কোৱা হয়।  পানী দূষিত হোৱাৰ কাৰণ সমূহ হ'ল --
১/ পানীত বিভিন্ন উদ্যোগ কল-কাৰখানাৰ বৰ্জিত পদাৰ্থবোৰ পেলোৱাৰ ফলত পানী দূষিত হয়।
২/ তেল জাতীয় পদাৰ্থ নদ নদী বিলাকত পৰাৰ ফলত পানীৰ প্ৰদূষণ হয়।
৩/ সহজে নপচা প্লাষ্টিক জাতীয় সামগ্ৰী পানীত মানুহে জধেমধে পেলোৱাৰ ফলত পানী দূষিত হয়।
৪/ মানুহৰ মলমূত্ৰ , বিভিন্ন প্ৰাণীৰ মলমূত্ৰ পানীত পৰাৰ ফলত বা পেলালে পানীৰ প্ৰদূষণ হয়।
৫/ বিভিন্ন জৈৱিক আৱৰ্জনা পানীত পেলোৱাৰ ফলত পানী দূষিত হয়।

প্ৰভাৱ : 

পানী দূষিত হোৱাৰ ফলত এই পানী খাবলৈ অনুপযোগী হৈ পৰিব। পানীখিনি বিভিন্ন ৰোগৰ বিজানুৱে ভৰি পৰিব। এই পানী গৰু,মহ, হাঁহ কুকুৰা, বিভিন্ন বনৰীয়া প্ৰাণীয়ে খালে ৰোগত আক্ৰান্ত হ'ব আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে। লগতে মানুহে এনে পানীত মাছ মাৰিবলৈ নামিলে বা আন কাৰণত গ'লে পানীত থকা বিজানুৱে আক্ৰমণ কৰিব । ইয়াৰ ফলত খৰ খজুৱতি, চালৰ ৰোগ আদি হ'ব পাৰে। 

প্ৰতিৰোধৰ উপায় (prevention measures):

১/ নৈ,খাল, বিল আদি আৱৰ্জনা মুক্ত কৰিবলৈ প্ৰয়াস কৰা।
২/ বিভিন্ন উদ্যোগৰ পৰা দূষিত সামগ্ৰীসমূহ পৰিশোধন কৰিহে পানীত পেলোৱাৰ ব্যৱস্থা কৰা।
৩/ জৈৱিক আৱৰ্জনা পানীত নেপেলাই পচন সাৰ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োগ কৰা।

শব্দৰ প্ৰদূষণ (sounds pollution):


প্ৰয়োজনতকৈ ডাঙৰকৈ সৃষ্টি হোৱা শব্দৰ ফলত শব্দ প্ৰদূষণ হয় । অতিমাত্ৰা হাৰত সৃষ্টি হোৱা শব্দ আমাৰ কাণে গ্ৰহণ কৰিব অসুবিধা পায় । ৰেডিঅ', মাইক আদিৰ পৰা ডাঙৰকৈ হোৱা শব্দই পৰিৱেশ দূষিত কৰে। এনে ডাঙৰকৈ হোৱা শব্দ একেৰাহে শুনি থাকিব পৰা নাযায়। প্ৰকৃততে সেয়াই হ'ল শব্দ প্ৰদূষণ। মানুহে ২০ ৰ পৰা ৮০ ডেচিবেলৰ ভিতৰৰ শব্দহে শুনিবলৈ সক্ষম আৰু এই শব্দ পৰিৱেশৰ অনুকুলে থাকে। শব্দৰ প্ৰাৱল্য ইয়াতকৈ বেছি হ'লে প্ৰদূষণ হোৱা বুলি কোৱা হয়। বিভিন্ন কাৰণত শব্দ প্ৰদূষণ হয়। সেইবোৰ হ'ল--
১/ কল কাৰখানাৰ মেচিনে সৃষ্টি কৰা অতিমাত্ৰা শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।
২/ অত্যধিক গাড়ী মটৰৰ ব্যৱহাৰ আৰু ইয়াৰ হৰ্ণৰ ফলত শব্দ প্ৰদূষণ হয়।
৩/ উৰাজাহাজ, ৰেলগাড়ীৰ আদি শব্দ অতিমাত্ৰাত উলাই ,ইয়ে নিজম পৰিৱেশত আঘাত কৰে। 
৪/ সৰহকৈ মানুহ সমাগম ঘটিলে কোলাহলৰ সৃষ্টি হয়। ইয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰাত অৰিহণা যোগায়।

প্ৰভাৱ : 

শব্দ প্ৰদূষণে মানুহৰ মগজুৰ সক্ৰিয়তাত প্ৰভাৱ পেলায়। মানুহৰ মন মগজুৰ খেলিমেলিৰ সৃষ্টি কৰিব পাৰে। ভাৱত ব্যাঘাত জন্মে। অত্যধিক শব্দ প্ৰদূষণৰ ফলত মানুহ বধিৰ হয়। মানুহৰ নাৰ্ভাছ চিষ্টেম সম্পূৰ্ণ বিকল হৈ যোৱাৰ সম্ভাৱনা থাকে।

প্ৰতিৰোধৰ উপায় (prevention measures):

১/ বিভিন্ন উৎসৰ পৰা হোৱা কোলাহল ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব।
২/ বিভিন্ন শব্দক বাধা দিবৰ বাবে বৃক্ষৰোপণত গুৰুত্ব দিব লাগে।
৩/ বিভিন্ন উদ্যোগসমূহ বসতি অঞ্চলৰ পৰা দূৰত স্থাপন কৰি শব্দ প্ৰদূষণ ৰোধ কৰিব পাৰে।
৪/ শিক্ষানুষ্ঠান, চিকিৎসালয়, মহাবিদ্যালয় আদিৰ ওচৰত গাড়ীৰ হৰ্ণ বজাব নালাগে। পৰাপক্ষত গাড়ী মটৰৰ হৰ্ণ একেবাৰে কমকৈ বজাব লাগে।
৫/ ইঞ্জিন চালিত গাড়ী মটৰৰ ব্যৱহাৰ নকৰি চাইকেলৰ ব্যৱহাৰ কৰিব লাগে।
৬/ কম শব্দযুক্ত গাড়ী মটৰ ব্যৱহাৰ কৰিব লাগে।
৭/ বেটাৰী চালিত গাড়ীৰ ব্যবহাৰ কৰিব লাগে এই গাড়ীৰ শব্দ কম হোৱা হেতুকে শব্দ প্ৰদূষণৰ ৰোধত অৰিহণা যোগায়।


সামৰণি (conclusion):

     বিভিন্ন ধৰণৰ প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰত কু-প্ৰভাৱ পেলায় । এনে প্ৰভাৱৰ পৰা বাচি থাকিবলৈ হ'লে মানুহ সজাগ হ'ব লাগিব। যি কাৰ্যৰ দ্বাৰা পৰিৱেশৰ পৰিস্থিতি তন্ত্ৰত বেয়া প্ৰভাৱ পেলায়, তেনে কাৰ্যৰ পৰা মানুহে বিৰত থকা উচিত। সুন্দৰ পৃথিৱীখনত সুন্দৰ ভাৱে জীয়াই থাকিবলৈ হ'লে আমাৰ মনবিলাক সুন্দৰ ভাৱৰ চিন্তাৰ অধিকাৰী হ'ব লাগিব। সমাজৰ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ ক্ষেত্ৰত প্ৰদূষণ নহ'বৰ বাবে বিভিন্ন কাৰ্য হাতত লোৱা দৰকাৰ। নিজে সজাগ সচেতন হৈ আনকো সজাগ কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা উচিত। বিভিন্ন কৰ্মশালা, সজাগতা সভা আদি অনুষ্ঠিত কৰিও সমাজৰ নুবুজাসকলক বুজাই সচেতন আৰু সজাগ কৰিব পৰা যায়। 





********************************************

Monday, March 22, 2021

A Brief Description About Rock, Land And Mineral Substances. । শিল, মাটি আৰু খণিজ পদাৰ্থৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত ।

শিল কি ?

শিল হৈছে পৃথিৱীৰ উপৰিভাগত প্ৰাপ্ত বিভিন্ন খনিজ পদাৰ্থৰ দ্বাৰা গঠিত হোৱা ভূত্বক গঠিত কৰা কঠিন পদাৰ্থ। শিলৰ উৎপত্তি আৰু গঠন অনুযায়ী শিলক তিনিটা মৌলিক ভাগত বিভক্ত কৰা হৈছে। সেইবোৰ হৈছে-- আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। 
 

আগ্নেয় শিল :

পৃথিৱীৰ উপৰিভাগত আদিতে সৃষ্টি হোৱা শিলবোৰকে আগ্নেয় শিল বোলা হয়। এই শ্ৰেণীৰ শিল বৰ টান । এই শিল ভূগৰ্ভত উত্তপ্ত গলিত অৱস্থাত থকা পদাৰ্থবোৰে লাহে লাহে তাপ বিকীৰণ কৰাৰ ফলত গোট মাৰি সৃষ্টি হৈছে। উত্তপ্ত গলিত অৱস্থাত থকা এই পদাৰ্দবোৰক মেগমা বোলা হয়।মেগমা ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহিব নোৱাৰি মাটিৰ তলতে ক্ৰমান্বয়ে তাপ ত্যাগ কৰি গোট মাৰে আৰু ইয়ে পৰৱৰ্তী সময়ত আগ্নেয় শিলৰ সৃষ্টি কৰে। কেতিয়াবা আগ্নেয়গিৰী উদ্গীৰণৰ ফলত এই উত্তপ্ত গলিত মেগমা ভূপৃষ্ঠৰ ওপৰলৈ ওলাই আহে যাক লাভা বুলি কোৱা হয়। এই লাভাবোৰ গোট মৰাৰ ফলত আগ্নেয় শিলৰ সৃষ্টি হয়। আগ্নেয় শিলৰ উদাহৰণ হ'ল-- গ্ৰেণাইট, বেছল্ট, পিউমিচ, আগ্নেয় শিল আদি।

গেদীয় শিল : 

পৃথিৱীৰ উপৰিভাগত হোৱা বতৰৰ তাৰতম্যৰ ফলত এই শিলৰ সৃষ্টি হয়। সূৰ্যৰ তাপ, বৰষুণ, তুষাৰপাত, বতাহ, ধুমুহা আদি বিভিন্ন কাৰণত আগ্নেয় শিলবোৰ ভাঙি-চিঙি টুকুৰা টুকুৰ হৈ গুড়ি হয়। বৰষুণৰ বোৱতী পানীৰ সোঁতে বা প্ৰৱল ধুমুহা বতাহৰ প্ৰকোপত এই গুড়িবোৰ উটি গৈ দ ঠাইত বা নদ নদী, সাগৰ আদিৰ তলিত জমা হৈ ৰৈ যায়। ইয়াৰ লগতে বিভিন্ন জীৱ জন্তুৰ বা উদ্ভিদৰ দেহৰ অংশও পানীয়ে উটুৱাই লৈ যায়। পৰৱৰ্তী সহস্ৰ বছৰৰ মূৰত তৰপে তৰপে জমা হোৱা এই গেদবোৰৰ ওপৰত পুনৰ তৰপে তৰপে জমা হোৱা গেদবোৰৰ চাপ আৰু ভূগৰ্ভৰ তাপৰ ফলত এবিধ নতুন শিলৰ সৃষ্টি হয় আৰু গেদ জমা হৈ সৃষ্টি হোৱা এই শিলবোৰকে গেদীয় শিল বুলি কোৱা হয়। গেদীয় শিল বৰ কোমল হয়। এই শিল  চূণ হিচাপে  বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যায়। চূণশিলৰ পৰা মাৰ্বল পাথৰ তৈয়াৰ কৰা হয়। উদাহৰণ স্বৰূপে চূণশিল, বালিশিল, বোকাশিল আদি হ'ল গেদীয় শিল। 

ৰূপান্তৰিত শিল : 

সূৰ্যৰ অত্যধিক তাপ, বতাহৰ চাপ আৰু ৰাসায়নিক ক্ৰিয়াৰ ফলত ভূগৰ্ভত প্ৰাপ্ত আগ্নেয় শিল আৰু গেদীয় শিলৰ পৰিবৰ্তন হৈ এবিধ নতুন শিলৰ সৃষ্টি হয় তাকেই ৰূপান্তৰিত শিল বোলা হয়। এই শিল কোমল হয়। যেনে চূণশিলৰ পৰা সৃষ্টি হোৱা মাৰ্বল শিল হ'ল ৰূপান্তৰিত শিল।শ্লেট, কোৱাৰ্টজাইট আদি হ'ল এই শ্ৰেণীৰ শিল। এনে শিলৰ জৰিয়তে মানুহে ঘৰৰ বিভিন্ন কাম কৰায়। পৃথিৱীৰ বিখ্যাত তাজমহল মাৰ্বল শিলেৰ নিৰ্মিত। নগৰৰ, চহৰৰ ঘৰবোৰৰ মজিয়া আদি এনে শিলৰ জৰিয়তে বনোৱা হয় যাক টাইলচ লগোৱা বুলি কোৱা হয়।


মাটি আৰু খনিজ লৱন :

পৃথিৱীৰ উপৰিভাগৰ কোমল অংশটোৱেই হৈছে মাটি। মাটিৰ ওপৰতে মানুহৰ লগতে বিভিন্ন জীৱ জন্তুৰ নিৰ্ভৰশীল। মাটি থকা বাবে প্ৰাণী আছে। মাটিৰ উপৰৰ তৰপটো বিভিন্ন খেতিৰ বাবে উপযোগী। গছ গছনিৰ বাবে উপযোগী। এই তৰপটোত সকলোবোৰ খনিজ লৱণ আৰু অনুজীৱ থাকে। সেয়ে এই তৰপটো সাৰুৱা হয়।
খনিজ লৱণ মাটিৰ লগত মিহলি হৈ থাকে। মাটিত হিউমাছ আৰু খনিজ লৱণ পোৱা যায়। মাটিৰ লগত মিহলি হৈ থকা মৃত প্ৰাণী বা উদ্ভিদৰ গেলি পচি যোৱা অংশই হৈছে হিউমাছ। হিউমাছে মাটি সাৰুৱা কৰে। বোকা আৰু বালিৰে সৃষ্টি হোৱা মাটিত আন এবিধ টান ৰঙচুৱা পদাৰ্থ থাকে তাকেই খনিজ লৱণ বোলা হয়।
    খনিজ লৱণ বিভিন্ন প্ৰকাৰৰ আছে। সেইবোৰ হ'ল -- মণিক , ছিলিকা, হিমাটাইট আদি



মাটিত থকা উপাদান


   উপাদানৰ পৰিমাণ --মণিক ৪৫ শতাংশ, জৈৱিক পদাৰ্থ ৫ শতাংশ ,পানী ২৫ শতাংশ আৰু বায়ু ২৫ শতাংশ মাটিত পোৱা যায়।











Vvvvvvvbbbbbvvvvvv

Thursday, March 18, 2021

কুকুৰা পালন এক লাভজনক ব্যৱসায় ।

 কুকুৰা পালন :

    সাম্প্ৰতিক সময়ত কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। মানুহৰ দৈনন্দিন খাদ্য তালিকাত কুকুৰা মাংসৰ স্থান আগত। হোটেল বিলাকতো গ্ৰাহকৰ প্ৰথম পচন্দৰ কুকুৰা মাংস অনবৰতে পোৱা যায়।  বজাৰত কুকুৰা মাংসৰ চাহিদা প্ৰতিদিনে বৃদ্ধি পাব ধৰিছে। এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কুকুৰা পালন কৰি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হ'ব পৰা যায়। 

    অসমৰ জলবায়ু কুকুৰা পালনৰ বাবে উপযুক্ত। কুকুৰাৰ বাবে কিছু শুকান আৰু অলপ সেমেকা ঠাই হ'লে ভাল। অসমৰ লগতে সমগ্ৰ ভাৰততে বহু শিক্ষিত নিৱনুৱাই কুকুৰা পালনৰ কাৰ্যত নিজকে জড়িত কৰি আয় কৰি আছে। অৱশ্যে ইয়াৰ বাবে মুলধনৰ কথাটো সাঙুৰ খাই আছে। চৰকাৰে এই ক্ষেত্ৰত আৰ্থিক সাহায্য নিৱনুৱাক প্ৰদান কৰিব লাগিব।


কিদৰে লাভৱান হব পাৰি ?

কুকুৰা পাম খুলি কুকুৰা পোহি লাভৱান হব পাৰি। কুকুৰাৰ কণী আৰু মাংসৰ বৰ্তমান বজাৰত অতি চাহিদাপূৰ্ণ দ্ৰব্য হিচাপে পৰিগণিত হৈছে। নিতৌ মানুহৰ বাবে কণী আৰু কুকুৰা মাংসৰ প্ৰয়োজন হয়। দিনক দিনে ইয়াৰ চাহিদা বৃদ্ধি পাব ধৰিছে। বৰ্তমান বজাৰত প্ৰতি কিলোগ্ৰাম কুকুৰা (স্হানীয়)ৰ মূল্য ৩০০-- ৩৫০ টকা আৰু বইলাৰ কুকুৰাৰ প্ৰতি কিলোগ্ৰামৰ মূল্য ২০০-- ২৭০ টকা দৰত বিক্ৰী হৈ আছে। ইয়াৰ কণীৰ পৰাও সমানে লাভৱান হব পৰা যায়। স্হানীয় ভাৱে প্ৰাপ্ত কুকুৰাই এটা কণী পাৰা কালত ২০ ৰ পৰা ৪০ টালৈ কণী পাৰে। আনহাতে কামৰূপা প্ৰজাতিৰ মাইকী কুকুৰা বিলাকে এটা কণী দিয়া কালত প্ৰায় ১২০ ৰ পৰা ১৪০ টা পৰ্যন্ত কণী দিয়ে। গতিকে ইয়াৰ কণী বিক্ৰী কৰিও আয় কৰিব পৰা যায়। বৰ্তমান বজাৰত এটা স্হানীয় কুকুৰাৰ কণী দাম ৫--১০ টকা পৰ্যন্ত হয়। আনহাতে ব্ৰইলাৰ কণীৰ দাম প্ৰতি এটাত ৫ -৭ টকা । 


কুকুৰা মাংসত থকা উপাদান


কুকুৰা মাংস পুষ্টিকৰ খাদ্য হিচাপে বিবেচিত। ইয়াত কেইবাটাও প্ৰয়োজনীয় উপাদান থাকে। কুকুৰা মাংস শক্তিদায়ক হোৱাৰ বাবে ইয়াৰ চাহিদাও বেছি। মানুহৰ শৰীৰৰ বাবে যিবোৰ উপাদানৰ অতিকৈ প্ৰয়োজন হয় তাৰ সৰহ ভাগেই মাংসত নিহিত থাকে। শতকৰা হিচাপত কুকুৰা মাংসত নিহিত থকা উপাদান সমুহ এনেধৰণৰ--

প্ৰ'টিন --প্ৰায় ৭ গ্ৰাম বা ১২ ভাগ ।

স্নেহ জাতীয় পদাৰ্থ -- ৬ গ্ৰাম (প্ৰায়) বা ১১ ভাগ ।

শৰ্কৰা থাকে -- ০•৮ গ্ৰাম বা ২ ভাগ ।

ভিটামিন -- A, D, K, E  

শক্তিৰ পৰিমাণ -- ৮৫ কেলৰি  থাকে। তদুপৰি থায়োমিন, বিবোফ্লেভিন , পেণ্টথোমক এচিড, নায়োচিন, ফলিক এচিড, পাইৰিদক্সিন , বায়োটিন , চাইনোকোবালমিন আদি সুষম অৱস্থাত পোৱা যায়। 

    মাংসত থকা এমাইন এচিডৰ বাবে দেহে হজমী শক্তি লাভ কৰে। ইয়াৰোপৰি ফেটিএচিড পৰ্যাপ্ত পৰিমাণে থাকে । খনিজ পদাৰ্থৰ ভিতৰত -- কেলচিয়াম , ফছফৰাছ, আইৰণ, জিংক আদি যথেষ্ট পৰিমাণে মাংসত নিহিত থাকে। উল্লেখ্য যে এজন পূৰ্ণবয়স্ক লোকক শক্তিৰ প্ৰয়োজন হয় শতকৰা হিচাপত কেৱল ৩-৪ ভাগহে মাথোন। কিন্তু কুকুৰাৰ মাংসত শক্তি নিহিত থাকে ৮৫ কেলৰি। গতিকে মানুহৰ শৰীৰৰ শক্তি বিকাশ আৰু বৃদ্ধিৰ বাবে কুকুৰা মাংস শক্তিদায়ক আৰু পুষ্টিকাৰক আহাৰ হিছাপে চিহ্নিত।






কুকুৰা জাত বা সঁচ -- দেশী বা বিদেশী ::

গ্ৰাম্য সমাজত পোহা কুকুৰা বিধক স্হানীয় কুকুৰা বা Local cock হিচাপে জনা যায়। ভাৰতৰ বিভিন্ন প্ৰান্তত ভিন্ ভিন্ জাতৰ দেশী বিদেশী কুকুৰা পোৱা যায়। কুকুৰা জাত বোৰ হ'ল-- হোৱাইট লেগ হৰ্ণ (white leghorn) , ৰোড্ আইলেণ্ড ৰেড্ (Rhode Island Red ) , অষ্টালৰ্প (Australarp) আদি। বৰ্তমান 'কামৰূপা' নামৰ কুকুৰা জাতৰ বৰ জনপ্ৰিয় হৈছে বুলি জনা যায়। জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ কাৰণ হৈছে ইয়াৰ কণীৰ উৎপাদন ক্ষমতা। এই কুকুৰা প্ৰজাতিয়ে মুঠ কণী পাৰে ১২২ টালৈকে। কণীৰ উৎপাদনৰ জৰিয়তে যথেষ্ট আয় কৰিব পাৰি। 


লবলগীয়া ব্যৱস্থা বা যতন

      প্ৰথমতে,   কুকুৰা ৰাখিবৰ বাবে গৃহ নিৰ্মাণ কৰিবলগীয়া ঠাই ডোখৰ ওখ হ'ব লাগে।যাতে বৰষুণৰ পানী, দানাৰ লগত দিয়া পানী সহজে বাগৰি যায় আৰু বোকাময় পৰিস্থিতি সৃষ্টি নহয়। দ্বিতীয়তে, কুকুৰা ৰখা মজিয়া সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। তৃতীয়তে, কুকুৰাক যথেষ্ট পৰিমাণে সুষম আহাৰ দিয়া দৰকাৰ। চতুৰ্থতে, কুকুৰাক দানা পাত্ৰ বা আন ঠাইবোৰ চাফা কৰি ৰাখিব লাগে। পঞ্চমতে, পানীৰ যোগানৰ ব্যৱস্থা, বিজুলী চাকি আদিৰ ব্যৱস্থা থাকিলে ভাল হয়। ইয়াৰোপৰি দানা হিচাপে ধান, চাউল, গোমধান, চানা, পাকঘৰৰ পেলনীয়া সামগ্ৰী ভাত, দাইল, মাছ, মাছৰ পেটু আদি খাব দিব লাগে। বিশেষকৈ আৱদ্ধ প্ৰক্ৰিয়াৰে পোহা কুকুৰাক দানা দিয়াৰ ক্ষেত্ৰত সু-ব্যৱস্থা লবলগীয়া হয়। মুকলি পদ্ধতিৰে পোহা কুকুৰাই হাবিৰ ঘাঁহ, বন, পোক, পতঙ্গ আদি খাবলৈ পায় । গতিকে ইহঁতৰ বেছি দানা প্ৰয়োজন নহয়।

কুকুৰা পালনৰ পদ্ধতি

     কুকুৰা পালনৰ পদ্ধতি দুটা আছে। প্ৰথমটো হল মুকলি পদ্ধতি ( Open System) , দ্বিতীয়টো পদ্ধতি হ'ল ডিপলিটাৰ পদ্ধতি ( Deeplitter System) । 

    মুকলি পদ্ধতি বা Open System হ'ল মুকলিমুৰীয়াকৈ কুকুৰা পালন কৰা। অৰ্থাৎ গোটেই দিনটো বাহিত চৰিবলৈ মুকলি কৰি দি ৰাতিটো গড়ালত ৰখাৰ ব্যৱস্থা কৰা। এই পদ্ধতিত কুকুৰা বিলাকে বিভিন্ন পোক পতঙ্গ, বন , পেলনীয়া সামগ্ৰী আদি খাদ্য হিচাপে ভক্ষণ কৰাৰ সুযোগ পায়। দৌৰি ফুৰা বা লৰচৰ কৰি ফুৰা বাবে কুকুৰা বিলাকৰ মাংস আঁতিয়াল হয় আৰু চৰ্বি কম থাকে। ফলত খাবলৈ মাংস অতি সুস্বাদু হয়। এনে মাংস অধিক শক্তি সমৃদ্ধ হয়।

   ডিপলিটাৰ পদ্ধতি বা Deeplitter System হ'ল অনবৰতে অৰ্থাৎ ৰাতি আৰু দিনৰ সকলো সময়তে গড়ালত আৱদ্ধ কৰি ৰাখি পালন কৰা পদ্ধতি । এনে ধৰণৰ পদ্ধতিৰে পোহা কুকুৰা সদায় অধিক চৰ্বি যুক্ত হোৱা দেখা যায়। সেয়েহে ইয়াৰ মাংসও আঁতিয়াল নহয়। চৰ্বি থকা বাবে মাংসখিনি অতিপাত তেলীয়া হয় । 


কুকুৰা হ'ব পৰা ৰোগ

     কুকুৰাৰ সাধাৰণতে বাৰিষা কালছোৱাত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হয়। এনে সময়ত কুকুৰা বোৰ পানী খোৱাৰ পাছত চূণৰ দৰে শৌচ কৰে আৰু কেইদিনমানৰ পিছত মৰি থাকে। বিশেষকৈ গ্ৰাম্য সমাজত এই ৰোগ বেচিকৈ দেখা যায়। মুকলি পদ্ধতিৰে পোহা কুকুৰা এনে বেমাৰত সহজে আক্ৰান্ত হয়। ইয়াৰ উপৰি কুকুৰাৰ দেহত হোৱা ৰোগ সমূহ হ'ল-- ৰাণী খেত (Ranikhet) , ককছি ডিয়ছিছ (Coccidiosis) , কৃমিজনিত ৰোগ (Worm Diseases)  আদিয়েই প্ৰধান ।


কুকুৰাৰ ঔষধ

আজিকালি কুকুৰাৰ ঔষধ প্ৰতিটো ফাৰ্মাছিত উপলব্ধ। কুকুৰাক খুব কম বয়সতে ছিটা বেজী দিয়া প্ৰয়োজন। ইয়াৰোপৰি বিভিন্ন ৰোগ হ'লে চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ ব্যৱহাৰ কৰিব লাগে।


সামৰণি

 ফাৰ্মৰে হঁওক বা লোকেল কুকুৰাই হঁওক কুকুৰাৰ মাংস অতি পুষ্টিদায়ক দ্ৰব্য আৰু ইয়াৰ কণী গুণসম্পন্ন আৰু ভিটামিন যুক্ত। সেয়ে আমি কুকুৰা মাংস খাব লাগে। আৰ্থিক ভাৱে উপকৃত হ'বৰ বাবে কুকুৰা বৈজ্ঞানিক পদ্ধতিৰে পালন কৰিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। তেহে নিজৰ লগতে দহৰ আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা আগবঢ়োৱা হ'ব।


Sunday, March 14, 2021

বিদ্যালয়ত খেল-ধেমালি আৰু ইয়াৰ প্ৰয়োজনীয়তা

খেল-ধেমালি :

      

         খেল-ধেমালি বুলি কওঁতে ইয়াত মাইনৰ গেমছ আৰু আন সৰু সৰু খেল সমূহৰ কথা কোৱা হৈছে যিবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ সক্ষম। বিদ্যালয়ৰ পৰ্যায়ত খেল-ধেমালিক দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো আন্ত: ক্ৰীড়া আৰু দ্বিতীয়টো বহি: ক্ৰীড়া। আন্ত: ক্ৰীড়া হ'ল গৃহৰ ভিতৰত বা মুকলি মঞ্চত অনুষ্ঠিত কৰা ক্ৰীড়া আৰু বহি: ক্ৰীড়া হ'ল খেল পথাৰত অনুষ্ঠিত কৰা ক্ৰীড়া। 
   


        আন্তক্ৰীড়া সমূহ হ'ল - সংগীত পৰিৱেশন, আকস্মিক বক্তৃতা, তৰ্ক, কুইজ, একক অভিনয়, মুকা অভিনয়, নাটক, জাতীয় নৃত্য  , আধুনিক নৃত্য আদি।
    


         বহি: ক্ৰীড়াৰ ভিতৰত - দৌৰ, ওখ জাম্প, পল জাম্প , দীঘল জাম্প, কাবাডী, খো-খো , ৰিলেৰেচ, ডিচকাচ দলিওৱা, চ'টপুট দলিওৱা, জেভেলিন দলিওৱা, হ'প স্হেপ এণ্ড জাম্প, মিউজিক চেয়াৰ, কুকুৰা যুঁজ, চামুচত মাৰ্বল লৈ দৌৰ, মৰ্টন খেল, ৰছীটনা খেল, বেজিত সূতা ভৰাই দৌৰ, তিনিঠেঙীয়া দৌৰ আদি খেলসমূহ অন্তৰ্ভুক্ত কৰিব পাৰি। তদূপৰি কেৰম, ফুটবল, ক্ৰিকেট (নৱম আৰু দশম শ্ৰেণীৰ হ'লে ভাল) আৰু দবা খেলো অন্তৰ্ভুক্ত কৰিব পাৰি। সুবিধা অনুসৰি মাৰাথান দৌৰ আৰু ভেশচন সন্নিবিষ্ট কৰিব পৰা যায়। 

 

খেলৰ উপকাৰিতা ::

         

        মানুহৰ দৈহিক আৰু মানসিক স্বাস্থ্য সুস্থ হৈ থাকিবৰ বাবে আৰু দ্ৰুত বিকাশ সাধন হ'বৰ বাবে খেল ধেমালিয়ে সহায় কৰে। বিশেষকৈ ল'ৰালি, শৈশৱ আৰু কৈশোৰ কালছোৱাত মানুহৰ শৰীৰৰ প্ৰতিটো অঙ্গই বৃদ্ধি হ'ব ধৰে। ইয়াৰ বাবে আমাৰ দেহৰ বিভিন্ন পেশীবোৰ সক্ৰিয় হ'ব লাগিব। খেল-ধেমালি খেলাৰ ফলত দেহৰ সিৰা উপসিৰাবোৰ সক্ৰিয় হয় আৰু তেতিয়া ইয়াৰ মাজেৰে তেজ চলাচল প্ৰক্ৰিয়া সঠিকভাৱে কাৰ্যকৰী হয় । খেলৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰি মন প্ৰফুল্ল কৰি ৰাখিব পাৰি। নিতৌ খেল খেলাৰ ফলত শৰীৰৰ ওজন অত্যধিক নাবাঢ়ে আৰু দেহত চৰ্বিয়ে বাহ নলয়।খেলৰ অনুশীলনে শিশুৰ মানসিক বিকাশত সহায় কৰে। বন্ধু বান্ধৱীসকলৰ লগত খেলা খেলৰ জৰিয়তে শিশুৰ বিভিন্ন অভিজ্ঞতাৰ সঞ্চয় হয় আৰু ইয়াৰ ফলত বোধগম্যতা, চিন্তা শক্তি আৰু জ্ঞানৰ গভীৰতা বৃদ্ধি পাব ধৰে। শৰীৰ মজবুত হ'ব ধৰে। মন হাঁহি আনন্দ, স্ফুৰ্তিৰে পূৰ্ণ হয়। যাৰ ফলত এলাহভাৱ আঁতৰে আৰু শিশু জনৰ অধ্যয়ন কৰা মানসিকতা বাঢ়ে। আমাৰ দেশত মেদবহুলতা এটা ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছে। বিশেষকৈ নগৰীয়া অঞ্চলত এই সমস্যা অতিপাত বেছি হোৱা পৰিলক্ষিত হয়। দিনৰ দিনটো ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থকাৰ ফলত শৰীৰৰ কোনো অনুশীলন নহয় আৰু খোৱা বোৱাৰ ক্ষেত্ৰত সজাগ নোহোৱাৰ ফলত দেহত মেদ বা চৰ্বি জমা হ'ব ধৰে। বৰ দূৰলৈ নগৈ অসমতে নিজ ঘৰৰ কাষৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৰীৰ পৰ্যবেক্ষণ কৰিলে আপুনি সমস্যা সম্পৰ্কে অৱগত হ'ব পাৰিব। সেয়েহে আজিকালি নগৰৰ প্ৰতিখন ঠাইতে শিশু উদ্যানৰ গঢ় লৈ উঠা দেখা গৈছে। 

      

     
       সাম্প্ৰতিক সময়ত শিশুৱে খেলৰ প্ৰতি বৰ ৰাপ দিয়া দেখা নাযায়। কিছুমান শিশুৰ লাজকুৰীয়া স্বভাৱ আৰু আন কিছুমানৰ খেলৰ প্ৰতি অনীহা থকাৰ বাবে এনে হৈছে বুলি ধাৰণা কৰা হয়। স্মাৰ্ট ফোনৰ অধিক ব্যৱহাৰৰ কাৰণেও খেলৰ প্ৰতি আকৰ্ষিত নোহোৱা যেন অনুভৱ হয়। আজিকালি ডাঙৰৰ লগে লগে সৰু বিলাকো মোবাইলৰ লগত সময় অতিবাহিত কৰে। মোবাইলত উপলব্ধ বিভিন্ন খেল খেলাত এনেদৰে মগ্ন হয় যে শিশুৱে আন কথা চিন্তা কৰিবলৈ আহৰিয়েই নাপায়। যাৰফলত শিশুসকলৰ খুব কম বয়সতে চকুৰ ৰোগ, মেদবহুলতা আদি বিভিন্ন ৰোগে দেহত বাহ লয়।
    

      উল্লেখ্য সমস্যা সমাধান কৰিবলৈ একমাত্ৰ উপায় হৈছে খেল ধেমালি । পিতৃ মাতৃয়ে শিশুক খেল-ধেমালি খেলিবলৈ দিনটোত ১-২ ঘন্টা সময় আজৰি কৰি উলিয়ায় দিব লাগে নতুবা নিজে সংগ দি খেলপথাৰত খেলিবলৈ সুবিধা কৰি দিয়া দৰকাৰ। 
 

বিদ্যালয়ত খেল-ধেমালিৰ প্ৰয়োজনীয়তা ::

       
      

      সাম্প্ৰতিক সময়ৰ শিক্ষা ব্যৱস্থাত খেল-ধেমালিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিবেচিত কৰা হৈছে। বিদ্যালয়ত বাৰ্ষিক ভাৱে খেল-ধেমালি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ শ্ৰেষ্ঠতাৰ ওপৰত মূল্যায়ন কৰা হয়। লগতে ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ সুপ্ত প্ৰতিভা সমূহ বিকাশ সাধন কৰিবৰ বাবে সুযোগ দিয়াই হ'ল খেল ধেমালিৰ মূখ্য উদ্দেশ্য। শ্ৰেণীৰ ব্যস্ততাৰ পৰা কিছু সকাহ দি মুকলি ভাৱে বিভিন্ন খেলৰ মাধ্যমেৰে নিজক বুজিবলৈ , নতুনত্ব লাভ কৰিবলৈ খেল-ধেমালি হ'ল এটা উত্তম ভেটি। কিন্তু বিদ্যালয়ৰ বাৰ্ষিক খেল-ধেমালিত মুষ্টিমেয় সংখ্যক ছাত্ৰ-ছাত্ৰীকহে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। সৰহ ভাগেই খেল ধেমালি খেলিবলৈ ইচ্ছা নকৰে। সকলো স্কুলতে এই পৰিস্থিতি সৃষ্টি হয়। এয়া শুভ লক্ষণ নহয়। 
      

       খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত হ'বৰ বাবে ,ৰাপ বঢ়াবৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ ছাত্ৰীক খেলৰ উপকাৰিতা সম্বন্ধে জ্ঞান দিব লাগিব। খেলৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাব লাগিব। খেলৰ জৰিয়তে কিদৰে নিজক গঢ় দি বিশ্বদৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিব পাৰি তাক উদাহৰণসহ প্ৰতিপন্ন কৰিব পাৰিলেহে ছাত্ৰ ছাত্ৰীয়ে খেলৰ প্ৰতি আকৰ্ষিত হ'ব । 
     

সামৰণি ::

     


       অতীজৰে পৰা খেল-ধেমালিক শিক্ষা আহৰণৰ এটা পথ হিচাপে বিবেচিত কৰি আহিছে। পৌৰাণিক শিক্ষা ব্যৱস্থাত গুৰুৰ টোলত খেলৰ মাজেৰে বিভিন্ন বিষয়ত শিক্ষা প্ৰদান কৰা হৈছিল। সাঁতোৰা, নাওবোৱা খেলৰ জৰিয়তে শিষ্যৰ এই বিষয়ত পাৰদৰ্শিতা মূল্যায়ন কৰা হৈছিল। বৰ্তমান সময়ত শিক্ষাৰ লগত খেলক ওতঃপ্ৰোত সম্বন্ধলৈ টানি অনা হৈছে। কম বয়সৰ পৰাই খেলৰ প্ৰতি ৰাপ বঢ়াব পাৰিলে খেলৰ জৰিয়তে নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰি জীৱন গঢ় দিব পাৰে। বহু উদাহৰণ আছে যিয়ে খেলৰ জৰিয়তে নিজক গঢ় দি বিশ্বদৰবাৰত নাম উজ্বলাই তোলিছে। অসমৰ সাঁতোবিদ মিঠু বৰুৱা, এল ভিছ আলি হাজৰিকা সাঁতোৰৰ ক্ষেত্ৰত পাৰদৰ্শিতা ৰে নিজক গঢ় দিব সক্ষম হৈছে। আমাৰ সকলোৰে চিনাকি নাম হিমা দাস আজি খেলৰ জৰিয়তে নিজক সমগ্ৰ বিশ্বতে পৰিচয় দিব সক্ষম হৈছে। খেলেৰে জগত জিনা হিমা দাস এতিয়া উপ আৰক্ষী অধীক্ষক (DSP) । এয়া কেৱল খেলৰ বাবে সম্ভৱ হ'ল ।  অসমৰ শিৱ থাপা বক্সিং খেলৰ জৰিয়তে বিখ্যাত,, মণিপুৰৰ মেৰীকম বক্সিং খেলৰ জৰিয়তে বিখ্যাত। কোনে চিনি নাপাই এই সকল শ্ৰেষ্ঠ খেলুৱৈক। 
       


       গতিকে খেলৰ জৰিয়তেও নিজক গঢ় দিব পাৰি। লাগে কেৱল ইচ্ছা আৰু অধ্যৱসায়ৰ গুণ।
মোৰ অনুৰোধ ছাত্ৰ ছাত্ৰী সকলে তথা আজিৰ শিশুৱে  উল্লেখিত কথাবোৰ ভালদৰে পঢ়ক আৰু হৃদয়ঙ্গম কৰক । লাজ আৰু ভয়ৰ মনোভাৱ ত্যাগ কৰি খেলত অংশগ্ৰহণ কৰিলেহে ভৱিষ্যতে সুফল লাভ কৰিব পৰা যাব।



       সমাপ্ত।
  
   




Saturday, March 13, 2021

পদিনা আৰু ইয়াৰ ঔষধি গুণ

পদিনাৰ বিৱৰণ:

     পদিনা এবিধ ঘাঁহ জাতীয় সুগন্ধিযুক্ত উদ্ভিদ। পদিনা অসমীয়া সমাজত চাটনি আৰু শাক হিচাপে ব্যৱহাৰ কৰা হয়। ই এবিধ ঔষধি গুণ সম্পন্ন উদ্ভিদ। অসমৰ সকলো ঠাইতে পদিনা পোৱা যায়। বিশেষকৈ কিছু ছাঁ পৰা আৰু ওখ সাৰুৱা মাটিত পদিনা উৎপাদন হয়। পদিনাৰ পাত ২-২•৫ ছেণ্টিমিটাৰ দীঘল আৰু ১-২ ছেণ্টিমিটাৰ পৰ্যন্ত বহল হয়। পদিনাৰ গা গছৰ ৰং ঈষৎ বেঙুনীয়া । পাতৰ বৰণ পাতল সেউজীয়া আৰু ফুলৰ বৰণো বেঙুনীয়া ৰঙৰ হয়। পদিনাক বিভিন্ন নামেৰে জনা যায়।
    

পদিনাৰ উপলব্ধতা :


      অসমৰ প্ৰতিটো চুকে কোণে পদিনাৰ অৱস্থিতি পৰিলক্ষিত হয়। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ মেঘালয় আদি ঠাইত পদিনা উপলব্ধ। অৱশ্যে বিশ্বৰ বহু স্থানত পদিনা পোৱা যায়। এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চলত, পূব ছাইবেৰিয়া আৰু আমেৰিকাত, ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চলত পদিনা উপলব্ধ হয়। 

পদিনাৰ গুণাগুণ :

     পদিনা এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ। ইয়াক অসমৰ অসমীয়া সমাজত শাক হিচাপে আৰু চাটনি পিহি খাবৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে সমগ্ৰ ভাৰততে ইয়াৰ গুৰুত্বতা আছে। পদিনাৰ ঔষধি গুণ -- ** কলেৰা ৰোগৰ বাবে পদিনা উত্তম পথ্য। পদিনাৰ ৰস মৌ আৰু নেমুৰ ৰসৰ লগত খালে এই বেমাৰৰ পৰা মুক্ত হ'ব পাৰি। ** মানুহৰ দেহত হোৱা কৃমি পদিনাৰ ৰস খালে আঁতৰে। ** টাইফয়ইড, নিউম'নিয়া আদি হ'লে পদিনা পিহি খাব লাগে। ** পদিনা খালে জণ্ডিছ ৰোগৰ পৰা উপশম পাব পাৰি। ** খৰ খজুৱতি হ'লে পদিনাৰ ৰস লগালে আক্ৰান্ত স্হান উপশম ঘটে। ** অখাদ্য ভোজনৰ ফলত বা কিবা কাৰণত পেট ফুলিলে, আভোক অনুভৱ হ'লে পদিনা ৰসৰ সৈতে তুলসী ৰস, জালুক, আদা দি পানীত মিহলাই উতলাই খালে এই ৰোগ নিৰাময় হয়। ** দাঁতৰ আলু মচবুত হোৱাত পদিনাৰ পাতৰ ৰসে সহায় কৰে। ** পেটৰ বিষ ইয়াৰ ৰসে নাইকীয়া কৰে।

      

       পদিনাত থকা উপাদান : এক টেবুল চামুচ বা প্ৰতি ২-৩ গ্ৰাম পৰিমাণত --


*  পদিনাত শক্তি থাকে ২ কেলৰি ।
* পদিনাত প্ৰ’টিন  ১০০ মিলিগ্ৰাম ।
* কাৰ্ব'হাইড্ৰেট ৫০০ মিলিগ্ৰাম । 
*  ডায়েটেৰী ফাইবাৰ ৩০০ মিলিগ্ৰাম । 
*  প’টেচিয়াম ১৮ মিলিগ্ৰাম ।
*   ছ’ডিয়াম ১ মিলিগ্ৰাম ।
*   যথেষ্ট পৰিমাণে আইৰণ  ,কেলচিয়াম থাকে।
*  ভিটামিন-A, ভিটামিন- B, ভিটামিন-C, ভিটামিন- E আদি পদিনাত থাকে ৷ 

বৈজ্ঞানিক নাম ::
পদিনাৰ বৈজ্ঞানিক নাম হ'ল মেণ্ঠাআৰভেনচিছ (Mentha arvensis ) । ইয়াৰ বৰ্গ বা গোত্ৰ হ'ল      লেমিয়েলচ  (Lamiales) । ইংৰাজীত পদিনাক Field Mint বুলি কোৱা হয়। তদুপৰি Wild Mint বা Corn Mint বুলিও জনা যায়। 
       

    পদিনাৰ পৰা উৎপাদিত সামগ্ৰী ::  

     পদিনাৰ পৰা মানুহৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। তাৰ ভিতৰত বিশেষকৈ সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি সুগন্ধি তেল, পিপাৰমেণ্ট, টুথপেষ্ট, মৰ্টন, চকলেট,চুয়িংগাম,বিষনাশক দ্ৰব্য, বাম,জেলি, চৰবত আদি প্ৰস্তুত কৰা হয়। মাংস আঞ্জাত পদিনা দিলে আঞ্জা বৰ সুস্বাদু হয়। 

     সামৰণি ::

    অধ্যয়নৰ পৰা বুজিব পৰা যায় যে পদিনা এবিধ অতি লাগতিয়াল উদ্ভিদ। পদিনাৰ ব্যৱসায়িক দিশ উজ্বল । বিভিন্ন উদ্যোগত ইয়াক বিক্ৰী কৰিব পাৰি। পদিনা সহজে উৎপাদন কৰিব পাৰি। সেয়েহে পদিনাৰ খেতি এক লাভজনক খেতি হিচাপে পৰিগণিত হৈছে। সকলো লোকে এনেয়ে পেলায় থোৱা মাটি চাহ কৰি ইয়াৰ খেতি কৰা উচিত।
      পদিনাত থকা গোন্ধৰ বাবে পৰুৱা,মাখি , আন পোক পতঙ্গ আদি আঁতৰি পলাই। গতিকে পদিনাই সুপৰিৱেশৰ ক্ষেত্ৰতো সহায় কৰে। আহক আমি সকলোৱে পদিনা লগাও আৰু চাটনি হিচাপে খাই নিজক নিৰোগী কৰি ৰাখোঁ।












********--------------*******"----------**********
    

Thursday, March 11, 2021

কলডিল খাঁওক , নিৰোগী হৈ থাকক ।

   কলডিল ?

  **আপুনি নিশ্চয় কলডিল খাই পাইছে। জানেনে আপুনি কলডিলৰ উপকাৰিতাৰ সম্পৰ্কে ? কলডিল অসমীয়া সমাজত এক সুমধুৰ আঞ্জা হিচাপে ব্যৱহাৰ কৰা হয়। কলডিলত যথেষ্ট পৰিমাণে আইৰন বা লো থাকে। লো মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান। মানুহৰ হাড়ৰ গঠণত লোৰ প্ৰয়োজন হয়। কলডিল খালে আমাৰ শৰীৰৰ তেজ শুদ্ধিকৰণ হয় । 
     কলডিলৰ ভিতৰত বৰকল, ভীমকল বা আঁঠিয়া কল  আৰু শাকখোৱা কল আদি কলগছৰ ডিলহে খাবৰ বাবে উপযোগী। জাহানী কল আৰু চেনি কলৰ ডিলৰ সোৱাদ তিতা হয় বাবে মানুহে এনে কলৰডিল নাখায়। পাহাৰীয়া অঞ্চলত হোৱা এবিধ ঈষৎ হালধীয়া বৰণৰ কলডিলো আঞ্জা হিচাপে ব্যৱহাৰ কৰা হয়। কলডিলৰ আঞ্জা বৰ সুস্বাদু খাদ্য হিচাপে বিবেচিত। বিশেষকৈ মাগুৰ মাছ, মুং দাইল কলডিলৰ লগত মিহলি কৰি বয়ল কৰিলে বৰ সুস্বাদু হয়।
     কলডিলত সুষম খাদ্যৰ বিভিন্ন উপাদান সমুহ পোৱা যায়। কাৰ্বহাইড্ৰেট, প্ৰ'টিন, খণিজ লৱণ, প্ৰচুৰ পৰিমাণে ফাইবাৰ আদিৰ উপৰিও কেলচিয়াম, ছ'ডিয়াম, পটাছিয়াম আৰু আয়ডিন আদিও কলডিলত পোৱা যায়। সেয়ে কলডিলক ঔষধি গুণেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। 
       প্ৰতি ১০০ গ্ৰাম কলডিলত কাৰ্বহাইড্ৰেট-৫ গ্ৰাম, প্ৰ'টিন-১•৫ গ্ৰাম, খণিজ লৱণ-৫•৮ গ্ৰাম, শক্তিৰ পৰিমাণ ২৮ কেলৰি নিহিত হৈ থাকে।
     

কলডিলৰ ঔষধি গুণ :

    কলডিলৰ আঞ্জা খালে শৌচ খোলোচা হয়।শৰীৰত থকা তেজ শুদ্ধিকৰণ কৰাৰ লগতে তেজৰ পৰিমাণ বৃদ্ধি কৰে। কলডিলত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থকাৰ হেতুকে গৰ্ভৱতী তিৰোতাৰ বাবে ই উত্তম পথ্য হিচাপে চিহ্নিত। গ্ৰাম্য সমাজত প্ৰসূতিক কলডিল বয়ল কৰি খাবলৈ দিয়া দেখা যায়। এনিমিয়া বা ৰক্তাল্পতাত ভোগা মানুহৰ বাবে কলডিল বৰ উপকাৰী খাদ্য। তদুপৰি কলডিল আঁহযুক্ত খাদ্য হোৱাৰ বাবে কোষ্ঠ কাঠিণ্য ৰোগত ভুগি থকা ৰোগীৰ বাবে উপযোগী । কলডিল বয়ল কৰি খালে পেটচলা বা গ্ৰহণী ৰোগ নিৰাময় হয়। আনহাতে এচিডিটি হ্ৰাসকৰণৰ ক্ষেত্ৰতো কলডিলে ভাল কাম কৰা পৰিলক্ষিত হয়।

    সামৰণি 

     গ্ৰাম্য সমাজত কলডিলৰ আঞ্জা প্ৰচুৰ পৰিমাণে খোৱা দেখা যায়। আগৰ দিনৰ বৃদ্ধ লোকসকল সেয়ে বিভিন্ন ৰোগৰ পৰা অনায়াসে হাত সাৰি থাকিব পাৰিছিল। আজিকালি গাঁৱে হওঁক বা চহৰে হওঁক ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ নিৰ্মাণৰ ফলত বা জনসংখ্যা বৃদ্ধিৰ ফলত মাটি কমি আহিব ধৰিলে আৰু ফলস্বৰূপে কলগছৰ পৰিমাণ হ্ৰাস হৈ আহিল। যাৰবাবে আজি কলডিল ক্ৰমান্বয়ে দুষ্প্ৰাপ্য দ্ৰব্য হিচাপে পৰিগণিত হৈছে। আনহে নালাগে বিভিন্ন উৎসৱ পাৰ্বনত লগাবলৈ কলগছ বিচাৰি হাবাথুৰি খাব লগীয়া পৰিস্থিতিও আজি সমাজত প্ৰত্যক্ষ হয়। ভীমকল ডিলৰ  লগতে সমস্ত গা-গছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। গতিকে আমি কলগছ ঘৰত লগোৱা উচিত।



   
      
http://anuragblogadress.blogspot.com/2021/03/blog-post_10.html আগৰ প্ৰৱন্ধটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।

Wednesday, March 10, 2021

প্ৰাকৃতিক দুৰ্যোগ আৰু অসম

প্ৰাকৃতিক দুৰ্যোগ কি ?

     প্ৰাকৃতিক দুৰ্যোগ হ'ল প্ৰকৃতিৰ জৰিয়তে স্বয়ংক্ৰিয় ভাৱে সংঘটিত হোৱা একপ্ৰকাৰৰ দুৰ্যোগ বা ঘটনা। মানুহৰ হঠকাৰি চিন্তাৰে কৰা কিছুমান ধ্বংসকাৰী কাৰ্যৰ ফলত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই বিভিন্ন তাণ্ডৱৰ সৃষ্টি কৰে। বানপানী , ভূঁইকপ আদি তাৰেই অন্যতম জ্বলন্ত উদাহৰণ। সংক্ষিপ্ত ভাৱে প্ৰকৃতিৰ এই তাণ্ডৱকেই মানুহৰ বাবে বিপজ্জনক প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰা হয়। প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ব্যতিক্ৰম ৰূপ। পৃথিৱীৰ প্ৰতিটো চুকে কোণে সময়ৰ ধামখুমীয়াত পৰি প্ৰকৃতিৰ নিজস্ব ৰূপ হেৰুৱায় পেলাইছে। পূৰ্বৰ অটব্য অৰণ্যৰে ভৰপূৰ হাবি জংগল আজি মানুহৰ নিষ্ঠুৰ হাতোৰাত ধ্বংস হৈ ডাঙৰ ডাঙৰ অট্টালিকা আবাসেৰে ভৰি পৰিল। বিভিন্ন কল কাৰখানা আদি নিৰ্মাণেৰে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি প্ৰাকৃতিক দুৰ্যোগ নমাই আনিলে মানুহ নামৰ প্ৰাণীবিধে। যাৰফলত পৰিৱেশৰ বায়ু প্ৰদূষিত হ'ল, নিজম পৰিৱেশ কোলাহল পূৰ্ণ হ'ল, মাটি, পানী প্ৰদূষিত হ'ল আৰু ইয়াৰ লগে লগে বতৰৰ তাৰতম্য ৰূপ প্ৰতিফলন ঘটিল প্ৰাকৃতিক দুৰ্যোগ হিচাপে। 

   প্ৰাকৃতিক দুৰ্যোগৰ বিৱৰণ

    বানপানী, ভূঁইকপ, ভূমিস্খলন গঢ়াখহনীয়া, ধুমুহা,প্ৰৱল বতাহ আৰু শিলাবৃষ্টি আদি হ'ল প্ৰাকৃতিক দুৰ্যোগ। বিভিন্ন কাৰকৰ ফলত পৰিৱেশৰ স্বাভাৱিক অৱস্থাৰ পৰিবৰ্তন হৈ অস্বাভাৱিক ৰূপে গা কৰি উঠা ই এটা প্ৰকৃতিৰ অন্য ৰূপ। প্ৰকৃতিয়ে মানুহক স্বমহিমাৰে প্ৰদান কৰা সামগ্ৰী সমূহ প্ৰয়োজনতকৈ অধিক পৰিমাণে আজুৰি আনি মানুহে নিজৰ লাস বিলাসৰ নামত অপব্যয় কৰি প্ৰকৃতিৰ পৰিকাঠামো ধ্বংস কৰা পৰিলক্ষিত হৈছে। আজি অটব্য অৰণ্যৰ গছ গছনি বিভিন্ন আচবাব প্ৰস্তুতকৰণৰ বাবে, আবাস গৃহ সঁজাৰ বাবে, বিভিন্ন ৰোগৰ ঔষধৰ বাবে, সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবৰ বাবে মানুহে কাটি চফা কৰি পেলাইছে। ফলশ্ৰুতিত মানুহে প্ৰকৃতিৰ ৰোষত পৰিছে। আৰু এনেদৰে যদি প্ৰকৃতিৰ ধ্বংস কাৰ্য অব্যাহত থাকে তেন্তে এদিন আমাৰ মৰমৰ তথা সৌন্দৰ্যৰে পূৰ্ণ পৃথিৱীখন আমি যে হেৰুৱাব লগা হ'ব সেয়া ধ্ৰুৱসত্য।
     মানুহৰ অমনোযোগিতা আৰু অসাৱধানতাৰ বাবে আজি নদীয়ে নিজৰ স্বাভাৱিক ভাৰসাম্য হেৰুৱাই পেলাইছে। নদীৰ পানী বিভিন্ন দিশত সিঁচৰিত হৈ পৰিছে। মানুহে ব্যৱহাৰ কৰা প্লাষ্টিক সামগ্ৰী সমূহ নদীত পেলায় দিয়াৰ ফলত, আন সহজে নপচা সামগ্ৰী সমূহ নদীৰ পানীত পেলোৱাৰ ফলত নদীৰ ভাৰসাম্যতা নষ্ট হৈছে, নদীৰ গভীৰতাত আঘাত হানিছে।যাৰ ফলত অলপ বৰষুণতে নদী ওফন্দি উঠি বানপানীৰ দৰে দুৰ্যোগ নমাই আনিছে । 
    একেদৰে জধেমধে মানুহে গছ গছনি কটাৰ ফলত বতৰৰ তাৰতম্যতাত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বিজ্ঞানে কয় যে গছ গছনি প্ৰভাৱৰ ফলত অধিক বৃষ্টিপাত হয়। যদি গছ গছনি নাথাকে বা পৰিসংখ্যা হ্ৰাস পায় তেন্তে বৰষুণৰ পৰিমাণ হ্ৰাস পাব। ইয়াৰ কাৰণ হৈছে জলবায়ুত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি ঘটা। অৰ্থাৎ গছ গছনি নাথাকিলে জলবায়ুত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পায় ফলত জলবায়ু প্ৰদূষিত হয় আৰু ভাৰসাম্যতাত প্ৰভাৱ পৰে। 
      বৃহৎ বৃহৎ আকাৰৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ ফলত পৃথিৱীৰ বহন ক্ষমতাৰ ক্ষেত্ৰত বাৰুকৈয়ে আঘাত হানিছে। ভূগৰ্ভৰ পৰা প্ৰাকৃতিক গেছ নিষ্কাষণ, সোণ , কয়লা, বিভিন্ন ধাতু নিষ্কাষণৰ ফলত ভূ-গৰ্ভৰ প্ৰায় উদং অৱস্থাৰ সৃষ্টি হৈছে। এই দ্ৰব্য খননকাৰ্যৰ ফলত ভূ-পৃষ্ঠৰ তলিত সুৰুঙাৰ সৃষ্টি হৈছে আৰু অজনস্তৰত প্লেটৰ হেৰফেৰ ঘটাত ভূমিকম্পৰ সৃষ্টি হৈছে। সন্দেহ নাই যে অনাগত দিনত এনে এক প্ৰৱল ভূমিকম্প হ'ব পাৰে যিয়ে মানুহৰ অহংকাৰক চূৰ্ণ বিচূৰ্ণ কৰি ঠিতাতে সকলো শেষ কৰি দিব। 

 অসম আৰু প্ৰাকৃতিক দুৰ্যোগ

    ভাৰতবৰ্ষৰ ৰাজ্য বিলাকৰ ভিতৰত অসম হয়তো আটাইতকৈ বেছি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ৰাজ্য। অসমৰ জনসাধাৰণ বানপানী, ভূঁইকপ, ভূমিস্খলন, গঢ়াখহনীয়া, শিলাবৃষ্টি,প্ৰলয়ংকাৰী ধুমুহা বতাহ আদিৰ লগত চিৰলগৰীয়া বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। সেয়ে অসমক ভূকম্পপ্ৰৱন এলেকা হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকৰ ৰেহৰূপ নিৰীক্ষণ কৰি চাৰিটা জ'নত বিভক্ত কৰা হৈছে। জ'ন -৫ ত  সৰ্বাধিক ভূমিকম্প হোৱা অঞ্চল সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই জ'নত প্ৰায় ৮ৰ পৰা ৯ প্ৰাৱল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। অন্তৰ্ভুক্ত ৰাজ্য বিলাক হ'ল ক্ৰমে কাশ্মীৰৰ অঞ্চল, পশ্চিম আৰু মধ্য হিমালয়, উত্তৰ আৰু মধ্য বিহাৰ, উত্তৰ পূব ভাৰতীয় অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি । জ'ন-৪ ত অন্তৰ্ভুক্ত ৰাজ্য বিলাক হ'ল জম্মু আৰু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড,চিকিম, দিল্লী আদি। জ'ন ৩ ত অন্তৰ্ভুক্ত ৰাজ্য বিলাক হ'ল ক্ৰমে চেন্নাই , মুম্বাই, কলকাতা, ভূৱনেশ্বৰ আদি ৰাজ্য। জ'ন-২ ৰ অন্তৰ্ভুক্ত হ'ল বাকী ৰৈ যোৱা আটাইবোৰ ৰাজ্য । 
      এই অধ্যয়নৰ পৰা ক'ব পৰা যায় যে উত্তৰ পূব অঞ্চল আটাইতকৈ বিপদজনক প্ৰাকৃতিক দুৰ্যোগৰ এলেকা। এনে বিপদজনক অৱস্থিতিৰ সম্পৰ্কে বিশদভাৱে জানিও চৰকাৰে অসমত বৃহৎ আকাৰৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ন কৰা কাৰ্য হঠকাৰি চিন্তাৰ বাদে অন্য একো নহয়।
      বানপানীৰ সমস্যা অসমৰ জনসাধাৰণৰ বাবে এক এৰাব নোৱৰা দুৰ্যোগ হিচাপে চিহ্নিত। প্ৰতি বছৰে অসমৰ মানুহে এই প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হয়। কৃষক ৰাইজে প্ৰতি বছৰে কৃষিৰ ক্ষেত্ৰত বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হয়। হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি বানপানীৰ কবলত পৰি অনিষ্ট সাধন হয় যাৰ ফলত কৃষকৰ লগতে চৰকাৰেও লোকচান ভৰিবলগীয়া  হয়।  তথাপিও অসম চৰকাৰে হওঁক বা ভাৰত চৰকাৰে হওঁক এই সমস্যাৰ স্হায়ী সমাধানৰ বাবে আজিও পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহ'ল।

   সামৰণি

    অদূৰ ভৱিষ্যতে অসম যে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত এতিয়াতকৈ অত্যধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব সেয়া পৰিৱেশৰ অৱস্থা পৰ্যবেক্ষণ কৰি ঠাৱৰ কৰিব পাৰি। ৰাজ্যখনৰ  থকা সাপেক্ষে চিন্তা ধাৰণা পৰিবৰ্তন কৰি সুদিন ঘূৰাই অনাৰ বাবে চৰকাৰে সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আচঁনি গ্ৰহণৰ জৰিয়তে অসমৰ প্ৰাকৃতিক দুৰ্যোগ মুখিমূৰ কৰিবলৈ চৰকাৰে অহোপুৰুষাৰ্থ প্ৰয়াস কৰিব লাগিব। 
     বিশ্বৰ প্ৰতিখন দেশেই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন আচঁনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যিটো পৃথিৱীবাসীৰ বাবে শুভ লক্ষণ বুলিব পাৰি। জলবায়ুৰ ভাৰসাম্য অটুট ৰাখিবৰ বাবে বৃক্ষৰোপণ কৰা হৈছে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পৰিসৰ বৃদ্ধি ঘটাই গোলকীয় উষ্ণতাৰ হ্ৰাস কৰি জলবায়ুৰ ভাৰসাম্য ৰক্ষাত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰই সহযোগ কৰাৰ সময় সমাগত। পৰিশেষত কও আমি আমাৰ বাবেই এখন প্ৰাকৃতিক দুৰ্যোগ মুক্ত ধৰণী সজাই তোলাৰ অন্ত্যন্ত প্ৰয়োজন আছে।                   














বি.দ্ৰ.: প্ৰতিচ্ছবি সমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত।
  ঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁ

Tuesday, March 9, 2021

বিশ্বত নাৰীৰ অৱস্থান আৰু অৱদান

বিশ্বত নাৰীৰ অৱস্থান

        আমি সকলোৱে দেখি আহিছোঁ বা পঢ়িছোঁ নাৰীৰ অৱস্থান কি অৱস্থাত আছিল আৰু কি হৈ আছে। বিশ্বৰ প্ৰতিখন দেশৰ , প্ৰতিখন ঠাইৰ নাৰীৰ সম্পৰ্কে অধ্যয়ন কৰিলে উলাই পৰে যে নাৰী আজি অৱলা নহয়, নাৰী দুৰ্বল নহয়। নাৰীয়ে অতীজৰে পৰা নিজৰ দক্ষতা, নিজৰ বুদ্ধিমত্তা , জ্ঞানৰ গভীৰতা আদি স্ব মহিমাৰে নিজক পৰিচয় দি আহিছে। বিভিন্ন কৰ্ম ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে আগুৱাই যাব সক্ষম হৈছে। কি বিজ্ঞান,কি ৰাজনীতি , কি মহাকাশ সকলোতে নাৰীৰ অৱস্থিতি বিদ্যমান। অৰ্থাৎ নাৰীক অৱলা বুলি অৱজ্ঞা কৰাটো মুৰ্খামী তথা ধুৰন্ধৰৰ বাদে অন্য একো নহয়। সেয়ে সৃষ্টিৰ সৈতে জড়িত থকা নাৰী মহিমাময়ী আৰু সন্মানীয় আৰু সমাজৰ এটা অবিচ্ছেদ্য অঙ্গ হিচাবে পৰিগণিত।

   ইতিহাসৰ পাতত নাৰী 

    ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় নাৰীৰ অৱস্থান পূৰ্বতে বৰ সুখজনক নাছিল। বৈদিক যুগত নাৰীৰ স্থান উচ্চ আছিল। পুৰুষতান্ত্ৰিক সমাজত বৈবাহিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত নাৰীয়ে অধিকাৰ সাব্যস্ত কৰিব পাৰিছিল। কিন্তু পৰৱৰ্তীকালত এই অধিকাৰত ঘূণে ধৰিছিল আৰু নাৰীৰ অৱস্থান অৱনতি হৈছিল। একেদৰে বৌদ্ধ যুগতো নাৰীৰ অৱস্থান একেবাৰে অৱদমিত হৈছিল। আনকি নাৰীক এই সময়ছোৱাত পণ্যৰ সদৃশ জ্ঞান কৰিছিল। অৱশ্যে মৌৰ্য যুগত নাৰীৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰা হৈছিল। গুপ্ত যুগৰ সময়ছোৱাতো বৰ ভাল নাছিল। 
     সেয়েহে নাৰীয়ে স্বাধীনোত্তৰ বা স্বাধীনতা আন্দোলনৰ সময়ছোৱাত নাৰী অধিকাৰৰ বাবে যুঁজিবলৈ আৰম্ভ কৰিছিল। ভাৰতৰ বাদে বিভিন্ন দেশৰ নাৰীয়ে প্ৰায় ১৯৫০ চনৰ পূৰ্বে নাৰীৰ অধিকাৰ বিচাৰি আন্দোলন আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰুছিয়া আদি দেশৰ নাৰীয়েও আন্দোলনৰ অব্যাহত ৰাখিছিল। তাৰ ফলশ্ৰুতিত ১৯১৯ চনত সংযুক্ত যুক্তৰাষ্ট্ৰৰ সংবিধানৰ ১৯ নং সংশোধনী ঘটাই নাৰীক ভোটাধিকাৰ প্ৰদান কৰা হৈছিল। 
        ভাৰতবৰ্ষত নাৰীৰ অৱস্থান পূৰ্বৰ পৰাই সহনীয় আছিল। অৰ্থাৎ নাৰীক ভাৰতীয় সমাজত যথেষ্ট উচ্চ স্হান দিয়া হৈছিল যদিও ঠাই ভেদে নাৰীক নিৰ্যাতন নকৰাও নহয়। 
       ভাৰতত নাৰীয়ে ৰাজনৈতিক অধিকাৰো লাভ কৰিছিল। সংবিধানে ১৮ বছৰ বয়সৰ ওপৰৰ সকলো পুৰুষ মহিলাকে ভোটাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে বুজা যায় যে ভাৰতত নাৰীয়ে সমঅধিকাৰ পূৰ্বৰ পৰাই ভোগ কৰি আহিছে। কিন্তু কিছুমান ক্ষেত্ৰত নাৰীয়ে অধিকাৰ নাপাইছিল। ৰাজনীতিৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, বিভিন্ন চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে আগুৱাই যাব পাৰিলেও সম অধিকাৰ প্ৰদান কৰা হোৱা নাছিল। ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীক কিছু ক্ষেত্ৰত ভাগ ল'বলৈ নিদি তলতীয়া কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰা হৈছিল। অৱশ্যে আজি নাৰীক ভাৰতীয় সমাজত সন্মান, শ্ৰদ্ধা আৰু গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত কৰা হয়।

      যুগে যুগে নাৰীৰ কৃতিত্ব

      ইতিহাসৰ পাতত নাৰীৰ কৃতিত্ব জলজল পটপটকৈ আজিও জিলিকি আছে। যুগোশ্লেভিয়াৰ মহিমামণ্ডিত মাদাৰ টেৰেছাৰ কথা কোনে নাজানে। ভাৰতৰ প্ৰতিজন ব্যক্তিৰ মনত হয়তো মাদাৰ টেৰেছাৰ কাৰ্যৰ অৱদানৰ বিৱৰণ সঞ্চিত হৈ আছে। অসমৰ কলকাতা ,মুলাগাভৰু , চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ গৌৰৱ।  লক্ষ্মীবাই, ভগিনী নিবেদিতা,সৰলা দেৱী চৌধুৰী আদিৰ দৰে জন নাৰীৰ অৱদান কোনো নুই কৰিব নোৱাৰে। পুৰুষৰ সমানে আগুৱাই গৈ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি নাৰীৰ মৰ্যদা অক্ষুণ্ণ ৰাখি থৈ গৈছে। 
     আয়াৰলেণ্ডত জন্ম গ্ৰহণ কৰা মাৰ্গাৰেট এলিজাবেথ নবোল নাৰীৰ মাজত জাগৰণ সৃষ্টিত যি অৱদান আগবঢ়াই গৈছে তাক পাহৰিব নোৱাৰি। লণ্ডনৰ এনি বেচান্তে আছিল একাধাৰে লেখক, চিন্তাবিদ, স্বাধীনতা যুঁজাৰু আৰু সমাজ সেৱিকা। যিয়ে নিজৰ সৎকৰ্মৰ জৰিয়তে বিশ্বৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি নাৰীৰ অৱস্থান উচ্চ আসনত অধিষ্ঠিত কৰি থৈ যাবলৈ সক্ষম হৈছে। এনে বহু নাৰীৰ উদাহৰণ আছে যিয়ে সমাজৰ বাবে মুল্যৱান তথা প্ৰভূত পৰিমাণে অৱদান আগবঢ়াই সমাজৰ লগতে নাৰীক আগবঢ়ায় থৈ গৈছে।
    

    বৰ্তমান সময়ত নাৰী

    
     ভাৰতীয় মূলৰ মহিলা কল্পনা চাওলা , সুনীতা উইলিয়ামচ আদি আজি বিশ্বৰ ভিতৰতে চিনাকি নাম। নিজৰ অধ্যৱসায়, শিক্ষা, কাৰ্য তথা জ্ঞানৰ ফলত এওঁলোকক আজি বিশ্বৰ সকলোৱে এগৰাকী বিখ্যাত নাৰী হিচাপে চিনি পায়। 
কল্পনা চাওলা আছিল ১৯৯৭ চণত নাছাৰ জৰিয়তে মহাকাশত অৱততৰণ কৰা প্ৰথম গৰাকী বিশ্বৰ নাৰী ।  বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে আগুৱাই যাব সক্ষম হৈছে। ৰাজনীতিৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সেৱাৰ ক্ষেত্ৰত নাৰীয়ে যিমতে আগবাঢ়ি যাব সক্ষম হৈছে তাক পৰিলক্ষিত কৰি নাৰীক কেতিয়াও কোনোৱেও অৱলা জ্ঞান বা অৱজ্ঞা কৰিব নোৱাৰে। নাৰীৰ যি বিচাৰ ক্ষমতা, যি বুদ্ধি বৃত্তি আছে তাক সৎকামত খটুৱাই নাৰীৰ লগতে গোটেই সমাজখনক আগুৱাই নিয়াত সহযোগ কৰাৰ সময় সমাগত।

    সামৰণি


    ইতিহাসৰ পৰা বুজা গ'ল যে নাৰীয়ে ইচ্ছা কৰিলে সৰগতো পুৰুষৰ সমানে ঘৰ সাজিব পাৰে। যদি নাৰীক সকলো পুৰুষে সমমৰ্যদা দিলেহেঁতেন তেন্তে নিশ্চয় পৃথককৈ 'নাৰী দিৱস' প্ৰয়োজন নহ'ল হেঁতেন। আজি নাৰী বিভিন্ন কৰ্মৰে উদভাসিত , বিভিন্ন উদ্ভাৱনৰে জড়িত, বিভিন্ন চিন্তাৰ অধিকাৰী হৈয়ো যেন কৰবাত কিবা এটাৰ ক্ষেত্ৰত স্বাধীন নহয় ঠিক তেনেধৰণৰ অনুভৱ এটাই মনত আঘাত কৰি যায়।  যিয়েই নহওঁক এই সামান্য লেখাৰ জৰিয়তে 'নাৰী দিৱস' ৰ শুভ ক্ষণত সকলো আই সম নাৰীকেই মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। অনাগত দিনত নাৰীৰ চিন্তাৰ জৰিয়তে সৃষ্টি হঁওক নতুনত্ব, সমাজৰ উত্তৰণৰ নিমিত্তে উচ্ছৰ্গিত হঁওক নাৰীৰ প্ৰবল ইচ্ছা শক্তি, সহনশীলতা,ধৈৰ্য, সাহস, সৃষ্টিশীলতা, মহানুভৱতাৰ গুণ ।  

     ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত।

Monday, March 8, 2021

বেলি লহিওৱাৰ অন্তত

বেলি লহিওৱাৰ অন্তত


তােমাৰ স'তে লুকা-ভাকু খেলা দিনতে
এডৰা সৰিয়হ ফুল হৈ ফুলিছিল
অকৃত্রিম মৰম স্নেহবােৰ
হৃদয়ৰ নিভৃতকোণত তােমাৰ অজানিতে।
তুমি বৰ এজনী হােৱাৰ পৰৱৰ্তী ক্ষণত
মােৰ ধূলিয়ৰি বুকুৰ চোতালত সযতনে
ৰুই দিলা আশা আৰু পােহৰৰ নাহৰ
কলপতীয়া মৰমবােৰ বাঢ়ি আহিল অহৰহ।
সময়ৰ চাকনৈয়াত তুমি হেৰাই গ'লা মােৰ অলক্ষিতে
এৰি থৈ এমুঠি দিখৌৰ পাৰৰ গঢ়াখহনীয়া দুখ
এতিয়া সাঁজ লগাৰ পূর্বে সন্ধিয়া হয় প্রতিটো পল
জীৱনৰ ৰঙবােৰ আন্ধাৰ কৰি।
প্রতিটো দিনৰ বিৰতিত নতুন এটা হেপাঁহৰ দিন
প্রস্ফুটিত হােৱাৰ প্রত্যাশাত ব্যাকুলিত হঁও এতিয়া
আহিবা নহ'লে ঋতুমতী পথাৰৰ গাভৰু প্ৰেম হৈ
বুকুৰ সেঁওতা ফালি এই বাসন্তী বেলা ।।

Thursday, March 4, 2021

কবিতা

জীৱন এনেকুৱাই..

তোমাৰ যাদৃচ্ছিক মৰমবোৰ নাৰ্জী ফুল হৈ 
ফুলিছিল মোৰ সমস্ত অৱয়বৰ প্ৰতিটো ভাঁজত
দোকমোকালিৰ পৰা সন্ধিয়া লৈ
ব্যস্ততাৰ কোলাহল নতুবা
আলস্যতাত জিৰণিৰ পৰত ...

এই যে সময়ৰ চাকনৈয়াত হেৰাই গ'ল যি 
আৰু উভতি নাহিল সময়বোৰ 
জোনাকৰ আবিৰ সানি মোৰ বুকুৰ সিৰলুয়েদি
দিঠকৰ সুখৰ খৰিকাজাঁই হৈ নতুবা
আশাবোৰ ৰঙীন কৰি জীয়াই ৰাখিবলে'..

কথা আছিল তুমি বৈ আহিবা জোনাকৰ তালে তালে
জানজুৰিৰ সুঁতি এটা হৈ 
জিৰাবাহি মোৰ নি:কিন বুকুত আজীৱন 
থিতাপি লবাহি অনিৰুদ্ধ প্ৰেমৰ চানেকি এটা হৈ
জীৱন জীপাল কৰি তুলিবলে'...

একো এটাও কাৰ্যকৰী নহ'ল
সময়ৰ চাকনৈয়াত সকলো সপোন সপোন হৈয়ে ৰ'ল
দিঠকবোৰ হ'ল ঘামে ধোৱা মাটি জীৱনৰ
প্ৰতিটো পুৱাৰ প'ল অনুপলত ফুলি উঠিল
বেদনাৰ কজলা ফুল সময়ক সাক্ষী কৰি...

আহিবা নহ'লে পুনশ্চ:
জীৱন লুইতৰ সুঁতি এটা হৈ 
জীপাল কৰি তুলিবাহি এৰাবাৰীৰ কঠিয়াতলি
তুমি আহিলেই চহাই থম চন পৰা মাটি
মই হ'ম হালোৱা তুমি ৰোৱনী......!!










++++++++++++!!!!!!!!!!++++++!!!!!!!++++++++++

Monday, March 1, 2021

কবিতা

এজাক বৰষুণৰ প্ৰয়োজন

এজাক বৰষুণৰ প্ৰয়োজন
দোপালপিটা বৰষুণ 
কলহৰ কাণেঢলা বৰষুণ ! 

ধুই নিয়ক মানুহৰ মনৰ মলিনতা
অসূয়া অপ্ৰীতি হিংসা দ্বেষ খেয়াল কপটতা ..
কুৎসা ৰটনা বৈষম্যৰ কুটিল ভেদভাৱ উটুৱাই নিয়ক 
চৌদিশ নিকা কৰি
মানুহৰ বুকুৱে বুকুৱে বৈ আহক 
সম্বন্বয়ৰ মন্দাকিনী 
বিশ্বাসৰ মন্দাকিনী 
প্ৰেমৰ মন্দাকিনী
সময় সতেজ কৰি ..

ৰাজনীতিৰ পঙ্কিলতা সমাজনীতিৰ মলিনতা
ধুই নিকা কৰক দে' 
এজাক মানৱতাৰ বৰষুণ 
চৌপাশ সজীৱ কৰি 
কলুষতা আঁতৰাই উদয় হওঁক ন'কৈ 
হিৰণ্ময় জোনাকৰ আশাৰ ৰবি !!


সময় ১১.৩০ পুৱা
দিনাংক ২৮/০২/২০২১

Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts