Tuesday, August 31, 2021

নৈতিক শিক্ষা কি ? ইয়াৰ প্ৰয়োজনীয়তা। What is moral education ? The need for it.


পঢ়ক আৰু পঢ়ুৱাওক:

পাঠ্য সূচী :

* নৈতিক শিক্ষা কি ? :

* কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?:

* মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ! :

* সামৰণি :



নৈতিক শিক্ষা কি ?

  

  নৈতিক শিক্ষা হ'ল মূল্যবোধৰ শিক্ষা। যি শিক্ষাৰ ভেটিত মানুহে- সততা, ন্যায়পৰায়ণতা, ভাতৃত্ব, প্ৰেম , কৰুণা , আনুগত্যতা , সুহৃদভাৱ আদি উচ্চ স্তৰীয় মানৱীয় গুণসমূহ আহৰণ কৰিব পাৰে সেই শিক্ষাই হ'ল প্ৰকৃততে নৈতিক শিক্ষা।  নৈতিক শিক্ষা সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ অধ্যায়। নৈতিক শিক্ষা ব্যক্তিৰ জন্মগত গুণ নহয় । ইয়াক বিভিন্ন সময়ৰ চাকনৈয়াত সংঘটিত হোৱা ঘটনা পৰিঘটনাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ফলত অৰ্জন কৰিব পাৰি। যেনে কোনো এজন শিশুৱে যদি ভাল সংগত থাকে বা ভাল পৰিৱেশত বাস কৰে তেন্তে সি নিশ্চয় ভাল মাত কথা শিকিব, কিন্তু যদি শিশুজন এটা অসৎ সংগত থাকে বা বেয়া প্ৰকৃতিৰ মানুহৰ সৈতে বাস কৰে তেন্তে সি নিশ্চয় বেয়া বোৰ আয়ত্ব কৰিব। এই যে ভাল পৰিৱেশত বাস কৰাৰ জৰিয়তে যিবোৰ ভাল বা শুৱলা মাত-কথা, আচাৰ-ব্যৱহাৰ শিশুজনে আহৰণ কৰিব সেয়াই হ'ল নৈতিক শিক্ষা।  
      নৈতিক শিক্ষা জন্মগত গুণ নহয় বুলি কোৱা দেখা যায়। চিন্তাবিদ তথা দাৰ্শনিক ৰুছোৱে অৱশ্যে এই সম্পৰ্কত ওলোটা মন্তব্য আগবঢ়াইছে। ৰুছোৰ মতে জন্মোতে এজন শিশু সম্পূৰ্ণ পবিত্ৰ, নিষ্কলুষ আৰু সুন্দৰ হৈ ধৰালৈ আহে। সেয়েহে স্বাভাবিকতে সিহঁত নৈতিকতাপূৰ্ণ। সমাজৰ নানা অবাঞ্চিত ঘটনা আৰু অনৈতিক ব্যক্তিৰ সংস্পৰ্শই সিহঁতক অনৈতিক আৰু কলুষতা পূৰ্ণ কৰি তোলে।( Everything is good as it leaves the hands of the author of nature ; everything degenerates in the hands of man.) কিন্তু এই মতামতৰ বিপক্ষে বহু চিন্তাবিদে মতপোষণ কৰিছে। যি কি নহওঁক, যিহেতু এজন শিশু শিশুৰ অৱস্থাত সম্পূৰ্ণ জ্ঞান শূণ্য হৈ থাকে। জ্ঞান শূণ্য অৱস্থাত নৈতিকতা বা অনৈতকতা কথাষাৰৰ কোনো অৰ্থ নাই। শিশু এজনে তেওঁৰ পিতৃ মাতৃৰ পৰাহে নৈতিক শিক্ষা লাভ কৰে। পিতৃ-মাতৃয়ে ভাল কথা শিকালে, মূল্যবোধৰ জ্ঞান দিলে তেওঁলোক নৈতিকতা পূৰ্ণ হোৱা দেখা যায়। সেয়েহে শিশুৰ প্ৰাথমিক শিক্ষক হিচাপে অভিভাৱকক চিহ্নিত কৰা হয়। এজন শিশুৰ জীৱনৰ প্ৰাথমিক ভেটি সুন্দৰভাৱে গঢ় দিয়াত অভিভাৱকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।

 কিয় নৈতিক শিক্ষাৰ প্ৰয়োজন ?

   সাম্প্ৰতিক সময়ত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে যি চিন্তা চৰ্চা, যুক্তি আৰু সুন্দৰ কৰ্মই মানুহৰ মন মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰিব লাগিছিল সেয়া আজি বিলুপ্তিৰ পথত পৰ্যবসিত হোৱাৰ উপক্ৰম হৈছে। আজি আমি কেৱল বৈষয়িক জীৱনৰ ভোগ বিলাস, লালসা, অৰ্থলিস্পা আদি পিছত দৌৰিব লাগিছো। দেশে দেশে হত্যা, লুণ্ঠন, অপহৰণ, ধৰ্ষণ আদিৰ দৰে অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে। এইবিলাক কিয় হৈছে ? ইয়াৰ মূলতে হ'ল মানুহৰ নৈতিক শিক্ষাৰ অভাৱ। ভাল কথা কোৱাৰ যিদৰে আহৰি নাই সেইদৰে ভাল কথা, ভাল উপদেশ শুনাৰো আমাৰ আজি ধৈৰ্যৰ টুটি আহিছে। আমাৰ সভ্যতা আৰু সংস্কৃতিৰ যি সনাতন মূল্যবোধ, চিন্তা ধাৰণা তাক সজীৱ কৰি ৰাখিবলৈ নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে।
      নতুন প্ৰজন্মৰ চিন্তা ধাৰণা সঠিক পথেৰে আগবঢ়াবৰ বাবে শিশু অৱস্থাৰ পৰাই নৈতিক শিক্ষাৰ বীজ ৰোপন কৰাটো একান্তই প্ৰয়োজন। ভাল বেয়াৰ বিচাৰ কৰিবলৈ সক্ষম নহ'লে  শিশু এজন সঠিকভাৱে আগুৱাব নোৱাৰে । সেয়েহে সৰুকালৰ পৰাই শিশুক কিয় মানুহ সংযমী হোৱা উচিত, কিয় মানুহ ধৈৰ্যশীল হোৱা প্ৰয়োজন, কিয় আমি ভাল কাম কৰা উচিত আদি প্ৰশ্ন সমূহৰ উত্তৰ অনুশীলন প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰদান কৰাৰ সময় সমাগত। 
      সাম্প্ৰতিক সময়ত ভালদৰে লক্ষ্য কৰিলে সমাজৰ নৈতিকতাৰ দিশটোৰ অৱস্থা জলজল পটপটকৈ ওলাই পৰে। এতিয়া আপুনি সমাজত এনে এচাম মানুহো পাব যি জেষ্ঠজনক মুকলিকৈ অসন্মান কৰিবলৈ, জেষ্ঠজনৰ আগতে চিগাৰেট বিড়ি সুপিবলৈ, অবাইঢ মাতকথাৰে পৰিৱেশ কলুষিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। এয়া নিশ্চয় নৈতিকতাৰে অৱক্ষয়। 
      মানুহৰ মনত নৈতিক মনোভাৱ জগাই তোলাত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। জীৱনৰ বিচিত্ৰ অভিজ্ঞতা আৰু জ্ঞানৰ সহায়ত মানুহৰ মনত নৈতিকতাৰ ধাৰণা ধীৰে ধীৰে গঢ় লৈ উঠে। সেয়ে শিশুৰ কুমলীয়া মনত নৈতিক চেতনা গঠনাত্মক সাঁচত গঢ় দিবলৈ হ'লে সুচিন্তিতভাৱে উপযুক্ত শিক্ষাব্যৱস্থাৰ যুগুত কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে। সৰু অৱস্থাৰ পৰাই শিশুক জীৱন আৰু জগতৰ সম্পৰ্কে উচ্চ মূল্যবোধ, নৈতিক আদৰ্শ আৰু আধ্যাত্মিক প্ৰমূল্যৰ জ্ঞানৰ সুদৃঢ় বুনিয়াদ গঢ়ি তোলাৰ বাবে আমি অভিভাৱক , শিক্ষক আৰু জ্যেষ্ঠ জনে প্ৰয়াস কৰিব লাগিব।

মূল্যবোধৰ শিক্ষা গ্ৰহণত নৈতিক শিক্ষা ?


   মূল্যবোধ হৈছে এক প্ৰচলিত ধ্যান ধাৰণা বা প্ৰমূল্য । নৈতিক কামৰ জৰিয়তে মূল্যবোধৰ জ্ঞান আহৰণ কৰিব পাৰি। নৈতিক শিক্ষা হ'ল এক আদৰ্শ যাৰ ভিত্তিত কোনো এটা কাম শুদ্ধ নে অশুদ্ধ তাক নিৰ্ণয় কৰা যায়। এই শুদ্ধ অশুদ্ধ জ্ঞানৰ প্ৰমূল্যই হ'ল মূল্যবোধ । গতিকে নৈতিক শিক্ষা আহৰণ কৰিব পাৰিলেহে মূল্যবোধ জাগি উঠিব। শিশুৱে সৰু অৱস্থাৰ পৰাই কৰ্তব্যৰ জ্ঞান, বাধ্যবাধকতাৰ জ্ঞান, উচিত অনুচিত আদিৰ জ্ঞান, আত্মসংযম, আত্মসাধন, ন্যায়, অন্যায়, চৰিত্ৰগত দোষ গুণসমূহ আদিৰ জ্ঞান অৰ্জন কৰিব লাগিব। এই শিক্ষাক নীতি শিক্ষা বোলা হয়। গতিকে নীতি শিক্ষা বিদ্যালয়ৰ গণ্ডীৰত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থাকিব লাগিব তেহে এনে শিক্ষা আহৰণ কৰিবলৈ শিকাৰুৱে বাধ্য হ'ব।

সামৰণি


অসমীয়াত এষাৰ প্ৰবচন আছে যে, " কুমলীয়া বাঁহ যেনি ভাঁজ দিয়া হয়,তেনিয়ে ঘূৰে" । অৰ্থাৎ কুমলীয়া বাঁহ কোমল আৰু সহজে ঘূৰাব পাৰি। ঘূৰাওঁতে ভাগি চিগি নাযায়। সেয়ে এনে বাঁহেৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিব পৰা যায়। একেদৰে শিশু অৱস্থাত ল'ৰা ছোৱালীৰ মনবোৰ শুদ্ধ হৈ থাকে আৰু যিকোনো কথা সহজে মনত ৰৈ যোৱাৰ সামৰ্থ্যতাৰ গুণ থাকে। সেয়ে সৰুতে শিকালে সোনকালে শিক লয়। নৈতিক শিক্ষাৰ ক্ষেত্ৰতো একেই কথা আহি পৰে। এনে স্তৰত যদি নৈতিক শিক্ষাৰ সৈতে শিশুৰ পৰিচয় ঘটে তেন্তে নিশ্চয় এই শিক্ষা স্হায়ী হ'ব আৰু চৰিত্ৰ গঠনত সহায়ক হ'ব। সেয়ে কিতাপৰ শিক্ষাৰ উপৰিও নৈতিক শিক্ষাৰ বিস্তাৰ ঘটোৱাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব হোৱা উচিত।



লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। -- দুদুল সোণোৱাল।



++++++++++++++++++++++++++++++++

Saturday, August 28, 2021

বৃত্তিমূলক শিক্ষা কাক বোলে ? ইয়াৰ প্ৰয়োজনীয়তা কিমান ?

বৃত্তিমূলক শিক্ষা কি ? 

বৃত্তিমূলক শিক্ষা হৈছে সাধাৰণ জ্ঞানৰ উপৰি সামাজিক আৰু আৰ্থিক জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লগত সম্পৰ্কিত থকা বৃত্তিসমূহৰ প্ৰযুক্তি আৰু আনুসংগিক বিজ্ঞানৰ অধ্যয়ন , ব্যৱহাৰিক কৌশল আহৰণ, ব্যৱহাৰিক জ্ঞান, মনোভাৱ আৰু বোধ শক্তিৰ সৈতে জড়িত সকলো অৱস্থা আৰু পৰ্যায়ৰ এক শৈক্ষিক প্ৰক্ৰিয়া। ৰাষ্ট্ৰসংঘৰ অধীনস্থ সংস্হা ইউনেস্কোৰ মতে উপৰোক্ত সংজ্ঞাটো গ্ৰহণযোগ্য হিচাপে বিবেচিত।

     শিশুৰ বা শিকাৰুৰ মাজত কামৰ মাজেৰে জীৱনৰ সম্পৰ্কে সুস্থ মনোভাৱ বিকশিত কৰাব পৰা যায়। বিভিন্ন বৃত্তি , উদ্যমিতা আৰু আত্মসংস্হাপনৰ জ্ঞান জগাই তুলিবৰ বাবে আৰু ইয়াৰ দক্ষতা বৃদ্ধি আৰু বিকাশ ঘটাবৰ বাবে বৃত্তি মূলক শিক্ষাৰ বিকল্প নাই। ব্যক্তিগত নিয়োগ যোগ্যতাৰ মাপকাঠি তথা দক্ষতাৰ গুণ বিকশিত কৰিবলৈ হ'লে বৃত্তি মূলক কামৰ প্ৰতি সকলোৱে আকৰ্ষিত আৰু ইচ্ছুক হ'ব লাগিব।

   

 কিতাপৰ সীমাবদ্ধ জ্ঞানৰ জৰিয়তে যি শিকিব পৰা নাযায়, যি দক্ষতা আৰু কৌশলী জ্ঞান অৰ্জন কৰিব পৰা নাযায়, সেই জ্ঞান বৃত্তি মূলক শিক্ষাৰ মাধ্যমেৰে আহৰণ কৰিব পাৰি।

    বৰ্তমান সময়ত ভাৰত চৰকাৰেও নতুন শীক্ষানীতিৰ জৰিয়তে এই বৃত্তি মূলক শিক্ষাৰ সংযোজন ঘটাইছে আৰু সমগ্ৰ শিক্ষাৰ বিশেষ আঁচনিৰ যোগেদি প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ কৰ্ম অভিজ্ঞতা , ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰাক বৃত্তিমূখী শিক্ষা আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বৃত্তিমূখী শিক্ষা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কৰ্মৰ জড়িয়তে শিশুক কাম আৰু জীৱনৰ গুৰুত্ব উপলব্ধি কৰিবলৈ প্ৰেৰণা যোগাব।

বৃত্তিমূলক শিক্ষাৰ প্ৰয়োজনীয়তা !


   ইতিহাসৰ পাত লুটিয়াই চালে পৰিলক্ষিত হয় যে প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থা কেৱল তাত্ত্বিক নাছিল বৰঞ্চ বাস্তৱ ক্ষেত্ৰ আৰু কৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিল। ছাত্ৰই গুৰুৰগৃহত থাকি ঘৰুৱা কামৰ লগত জড়িত হৈ জীৱনৰ সম্পৰ্কে বিভিন্ন জ্ঞান অৰ্জন কৰাৰ উপৰিও বৃত্তিমুখী আৰু সমাজকল্যাণ মূলক কামৰ মাধ্যমেৰে শ্ৰমৰ মৰ্যদা সম্পৰ্কে বুজিব পাৰিছিল। গুৰুৰ টোলত বা গৃহত থকা কালত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাম, ফুলনি বাৰী পতা কাম, চৌহদ চাফাই আদি কামবোৰ কৰিব লগা হৈছিল। ইয়াৰ জৰিয়তে শিষ্যই শ্ৰমৰ প্ৰতি আকৃষ্ট হৈছিল আৰু মৰ্যদাৰ জ্ঞান লাভ কৰিছিল। গতিকে তৎকালীন সময়ৰ জ্ঞানৰ লগত সামঞ্জস্য ৰাখি ভাৰতৰ শিক্ষা ব্যৱস্থাত যি বৃত্তিমূখী শিক্ষাৰ ব্যৱস্থা কৰিব বিচৰা হৈছে সেয়া এই প্ৰাচীন শিক্ষাৰে নামান্তৰ বুলিব পাৰি। জাতিৰ পিতা মহাত্মা গান্ধী, বি আৰ আম্বেদকাৰ ,ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ আদি মহান দাৰ্শনিক আৰু চিন্তাশীল ব্যক্তিসকলেও শিক্ষা ব্যৱস্থাত বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি গৈছে। এতিয়া সেয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ বিচৰা হৈছে। বিভিন্ন বিষয়ত গঠিত হোৱা বিভিন্ন শিক্ষা আয়োগে এইসকল নমস্য ব্যক্তিৰ ধাৰণা আৰু পৰৱৰ্তী সময়ত আয়োগে উত্থাপন কৰা মতামতৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থাত বৃত্তিমুখী কৰণৰ বিষয়বস্তু সন্নিবিষ্ট কৰিব বিচৰা হৈছে। এয়া নিশ্চয় সময়ৰ দাবী । বৃত্তিমুখী শিক্ষাৰ পৰা বহু শিকিবলগা নিশ্চয় আছে। বৰ্তমান পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱাই আগুৱাই যাবলৈ হ'লে প্ৰতিজন শিশুৰ তথা শিকাৰুৰ মনত বৃত্তিমুখী মানসিকতা জগাই তোলাৰ প্ৰয়োজন আছে। 

   উৎপাদনশীলতা আৰু নতুনত্বৰ সৃষ্টিৰ ক্ষেত্ৰত শিশুক উৎসাহ আৰু উদ্দীপনাৰে আগবাঢ়ি যোৱাৰ বাট প্ৰশস্ত কৰিব লাগিব। ১৯৫৪ চনৰ পৰাই বৃত্তিমুখী বা বৃত্তিমূলক শিক্ষাক গুৰুত্ব দি অহা হৈছে। চৰকাৰৰ বিভিন্ন আয়োগে বৃত্তিমুখী শিক্ষাৰ বাবে বিদ্যালয়, মহাবিদ্যালয় , কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আদি স্হাপনৰ পৰামৰ্শ আগবঢ়াই আহিছে।

   বৃত্তিমুখী শিক্ষাত প্ৰতিটো বৃত্তিকেই সমান বৃত্তি বুলি গণ্য কৰা হয়। সাহিত্য আৰু বিজ্ঞান শিক্ষাৰ লগত বৃত্তিমূলক শিক্ষা প্ৰায় সমকক্ষৰ বুলি ধাৰণা কৰা হৈছে। শিশুসকলক বা শিকাৰুক বিভিন্ন উৎপাদনশীল আৰু সৃজনীমূলক কামৰ সৈতে পৰিচয় কৰাই দক্ষতা আৰু কৌশলী জ্ঞান আয়ত্বকৰণত সুবিধা প্ৰদান কৰাৰ বাবে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীন আছে। 

     কামে মানুহক শিকাৰ এক অৱকাশ প্ৰদান কৰে। শিকন প্ৰক্ৰিয়া দৃঢ়ীকৰণত কৰ্মৰ অৱদান আছে।শিকাৰুক কায়িক শ্ৰমৰ প্ৰতি সন্মান, আত্মনিৰ্ভৰশীলতাৰ মূল্যবোধ , সহযোগিতা, অধ্যৱসায় , সহায়কাৰিতা, কৰ্মৰ নীতিবোধ, উৎপাদনশীল কাৰ্যৰ সৈতে জড়িত দৃষ্টিভংগী আৰু মূল্যবোধ আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ জ্ঞান লাভত বৃত্তিমুখী শিক্ষাই সহায় কৰিব। সঠিক কৰ্ম কৌশল বিকশিত কৰি সঠিক দক্ষতাৰ জ্ঞান আয়ত্বকৰণ কৰিব পাৰিলে শিশুসকল উপকৃত হ'ব। সেয়েহে শিশুৰ উৎপাদনশীল আৰু আত্মনিৰ্ভৰশীল মানসিকতা সৃষ্টিৰ বাবে বৃত্তিমুখী শিক্ষাৰ অতীব প্ৰয়োজন আছে ।

বৃত্তিমুখী শিক্ষাৰ অংগ সমূহ:

   বৃত্তিমুখী শিক্ষাৰ অংগ সমূহ হৈছে -- গোঁঠা কাৰ্য, ফুলনি বা উদ্যান পতা কাৰ্য, উদ্যান তত্বাৱধান লোৱা কাৰ্য, ৰন্ধন কাৰ্য, চিত্ৰাঙ্কন, কাঠৰ আচবাব প্ৰস্তুত কৰা কাম, মৃৎশিল্প, কাৰু শিল্প, চিলাই কৰা কাৰ্য, পুতলা প্ৰস্তুত কৰা কাম, কাগজৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা কাম, বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী প্ৰস্তুতৰ কাম আদিৰ লগত শিশুক চিনাকি কৰাই দি ইয়াৰ কৌশল আৰু দক্ষতা অৰ্জনত সহায় কৰিলে সুফল পোৱা যাব।  


নতুন শিক্ষা নীতিত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব 

   2021 ৰ নতুন শিক্ষা নীতিত বৃত্তিমূলক শিক্ষাক অগ্ৰাধিকাৰ দিয়া হৈছে। নতুন শিক্ষা নীতিত কোৱা হৈছে যে, " বৃত্তিগত শিক্ষাক মূলসুঁতিৰ শিক্ষা ব্যৱস্থাতকৈ হীন বুলি ভবা হয় আৰু কোৱা হয় যে বৃত্তিগত শিক্ষা সেইসকলৰ বাবেহে যিসকলে উচ্চ শিক্ষাৰ প্ৰয়োজনীয় ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহয়। গতিকে এই ধাৰণাই শিশুৰ শিক্ষাৰ পথ নিৰ্বাচনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাই। সেয়ে এই মানসিকতা আতঁৰাবৰ বাবে বৃত্তিগত শিক্ষা খণ্ডত পুন:পৰিকল্পনাৰ প্ৰয়োজন আহি পৰিছে।" 

    গতিকে নতুন শীক্ষা নীতিয়ে এনেধৰণৰ ঋণাত্মক মনোভাৱ আঁতৰাই বৃত্তিমুখী শিক্ষাক মূলসুঁতিৰ শিক্ষাৰ লগত সংযোজিত কৰাত গুৰুত্ব আৰোপ কৰিছে। এয়া নতুন শিক্ষা নীতিৰ ভাল সিদ্ধান্ত আৰু দিশ। বৃত্তিমুখী শিক্ষা ব্যৱস্থাই প্ৰতিজন শিকাৰুকে একোটা বিষয়ত বৃত্তিৰ জ্ঞান লাভত সহায় কৰিব আৰু শ্ৰমৰ প্ৰতি প্ৰতিজন শিশুৰ তথা শিক্ষাৰ্থীৰ মৰ্যদা আৰু মূল্যবোধ বৃদ্ধি পাব বুলি ধাৰণা কৰিব পাৰি। নতুন শিক্ষা নীতিৰ মতে ২০২৫ চনৰ ভিতৰত কমেও ৫০% শিকাৰুৱে বিদ্যালয় বা উচ্চ শিক্ষাৰ জৰিয়তে বৃত্তিমুখী শিক্ষা লাভ কৰিব বুলি ঠাৱৰ কৰা হৈছে। 


উপসংহাৰ

    যিকোনো আঁচনি বা কামৰ সুফল লাভ কৰিবলৈ হ'লে আঁচনি ৰূপায়নৰ দায়িত্ববাহী কাণ্ডাৰীসকল ভাল হ'ব লাগিব। দায়িত্ব প্ৰাপ্ত শিক্ষক সকলে শিকাৰুক সঠিকভাৱে দিশ নিৰ্ণয়ত অৰিহণা যোগাব লাগিব।  হাতে-কামে কৰাৰ মানসিকতা সৃষ্টিত শিকাৰুক উৎসাহ আৰু সহযোগিতা আগবঢ়াব পাৰিব লাগিব। তেতিয়াহে আকাংক্ষিত ফলাফল লাভ হোৱাৰ সম্ভাৱনা থাকিব। 






প্ৰৱন্ধটো পঢ়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

ব্লগৰ  Home বুটন হেঁচি দিলে আৰু আন প্ৰৱন্ধ পঢ়িব পাৰিব। Web view অকে কৰিলে আটাইবোৰ প্ৰবন্ধ একেলগে পাব ।   --- দুদুল সোণোৱাল।


Thursday, August 26, 2021

(পঞ্চদশ খণ্ড) মহাত্মা গান্ধীৰ আত্মজীৱনী। An Autobiography of Mahatma Gandhi.

(পঞ্চদশ খণ্ড) সত্যৰ সৈতে মোৰ পৰীক্ষা-নিৰীক্ষামহাত্মা গান্ধীৰ আত্মজীৱনী:

মূল লেখক : মোহনদাস কৰমচাদ্ গান্ধী
অসমীয়া অনুবাদ : দুদুল সোণোৱাল


3

প্ৰথম মোকৰ্দমা 



        বোম্বাইত থাকোঁতে মই এফালে ভাৰতীয় আইনৰ অধ্যয়ন আৰম্ভ কৰিছিলো আৰু আনফালে ডায়েটেটিক্সত মোৰ পৰীক্ষা-নিৰীক্ষা য'ত বীৰচান্দ গান্ধী, এজন বন্ধুৱে মোৰ সৈতে যোগ দিছিল। তেওঁৰ পেণ্টৰ বাবে মোৰ ভাতৃয়ে মোক ব্ৰিফ পাবলৈ যথাসাধিকাৰ চেষ্টা কৰি আছিল।

    ভাৰতীয় আইনৰ অধ্যয়ন এটা ক্লান্তিকৰ ব্যৱসায় আছিল। অসামৰিক প্ৰক্ৰিয়া কোডটো মই কোনোপ্ৰকাৰে ইয়াত উপনীত হ'ব পৰা নাছিলো। অৱশ্যে প্ৰমাণ কাৰ্য্যৰ সৈতে তেনে নহয়।বীৰচান্দ গান্ধীয়ে উকিলৰ পৰীক্ষাৰ বাবে পঢ়ি আছিল আৰু মোক বেৰিষ্টাৰ আৰু ভকিলৰ বিষয়ে সকলো ধৰণৰ কাহিনী ক'ব। তেওঁ ক'ব, "ছাৰ ফেৰোজেশ্বাহৰ সামৰ্থ্য তেওঁৰ আইনৰ গভীৰ জ্ঞানত নিহিত আছে। তেওঁৰ ওচৰত প্ৰমাণবোৰ হৃদয়েৰে কাম কৰে আৰু ত্ৰিশ টা শাখাৰ সকলো ঘটনা জানে। বদৰুদ্দিন তাইবজিছৰ তৰ্কৰ আশ্চৰ্যকৰ শক্তিয়ে বিচাৰকসকলক আচৰিত কৰি তোলে। 

    তাত থকা ৰদৰে প্ৰতিষ্ঠানৰ কাহিনীবোৰে মোক বিচলিত কৰিব। "এয়া অস্বাভাৱিক নহয়", তেওঁ যোগ দিব, 'এজন বেৰিষ্টাৰে পাঁচ বা সাত বছৰ ধৰি ভেজেটেট কৰিব। সেইকাৰণে মই উকিলশিৰৰ বাবে প্ৰবন্ধবোৰত স্বাক্ষৰ কৰিছো। যদি আপুনি তিনি বছৰৰ ভিতৰত আপোনাৰ নিজৰ ডিঙিটো ঠিকমতে ঘূৰাব পাৰে তেন্তে আপুনি নিজকে ভাগ্যৱান বুলি গণ্য কৰা উচিত।" 

    প্ৰতি মাহে খৰচ বাঢ়ি আহিছিল। ঘৰৰ বাহিৰত বেৰিষ্টাৰৰ বোৰ্ড থকাটো, যেতিয়া এতিয়াও ভিতৰত বেৰিষ্টাৰৰ বৃত্তিৰ বাবে প্ৰস্তুতি চলাই আছিল, এনে এটা বস্তু আছিল যাৰ সৈতে মই নিজকে মিলাব নোৱাৰিলোঁ। সেয়েহে মই মোৰ পঢ়াশুনাত অবিভক্ত মনোযোগ দিব নোৱাৰিলোঁ। মই প্ৰমাণ আইনৰ প্ৰতি কিছু পছন্দ গঢ়ি ছিলোঁ আৰু গভীৰ আগ্ৰহেৰে মেইনৰ হিন্দু আইন পঢ়িছিলো, কিন্তু মোৰ এটা গোচৰ চলাবলৈ সাহস নাছিল। মই কথাৰ বাহিৰেও অসহায় হৈ পৰিছিলো, আনকি কইনাগৰাকী তাইৰ শহুৰেকৰ ঘৰলৈ সতেজ হৈ আহিছিল।

    এই সময়ছোৱাত, মই এজন মামিবাইৰ ঘটনাটো গ্ৰহণ কৰিছিলো। এইটো এটা সৰু কাৰণ আছিল। "আপুনি দালালজনক কিছু কমিছন দিব লাগিব! " মোক কোৱা হৈছিল। মই সহানুভূতিৰে অস্বীকাৰ কৰিলোঁ। "কিন্তু আনকি সেই মহান অপৰাধী অধিবক্তা শ্ৰীযুত অমুক, যি মাহে তিনিৰ পৰা চাৰি হাজাৰ টকা পৰিশোধ কৰে !

    "মই তেওঁক অনুকৰণ কৰাৰ প্ৰয়োজন নাই," মই পুনৰ যোগদান কৰিলোঁ। "মই মাহে ৩০০ টকাত সন্তুষ্ট থাকিব লাগে। দেউতাই আৰু বেছি নাপালে।" "কিন্তু সেই দিনবোৰ নাইকিয়া হৈছে। বোম্বাইৰ খৰচ ভয়ংকৰভাৱে বৃদ্ধি পাইছে। আপুনি ব্যৱসায়ৰ দৰে হ'ব লাগিব।" মই অটল আছিলোঁ। মই কোনো কমিছন দিয়া নাছিলোঁ, কিন্তু মামিবাইৰ গোচৰটো একেই পাইছিলো। এইটো এটা সহজ গোচৰ আছিল। মই মোৰ মাচুলৰ বাবে ৩০ টকা লৈছিলো। গোচৰটো এদিনতকৈ বেছি সময় চলিব পৰাৰ সম্ভাৱনা নাছিল।

    সৰু কাৰণৰ আদালতত এইটো মোৰ আত্মপ্ৰকাশ আছিল। মই নিৰ্ভৰশীলৰ হৈ উপস্থিত হৈছিলোঁ আৰু এনেদৰে বাদীৰ সাক্ষীক পুনৰ পৰীক্ষা কৰিব লগা হৈছিল। মই থিয় হৈছিলো কিন্তু মোৰ হৃদয় মোৰ বুটত ডুব গৈছিল। মোৰ মূৰটো ঘূৰি আছিল আৰু মই অনুভৱ কৰিছিলো যেন গোটেই আদালতেও একেদৰে কৰি আছে। মই সুধিবলৈ কোনো প্ৰশ্নৰ কথা ভাবিব নোৱাৰো। বিচাৰকজনে নিশ্চয় হাঁহিছিল আৰু ভকিলসকলে নিঃসন্দেহে চশমাৰ মাজেৰে উপভোগ কৰিছিল। কিন্তু মই যিকোনো বস্তু দেখি অতীতলৈ উৰি গৈছিলো আৰু এজেণ্টজনক কৈছিলো যে মই কেচটো পৰিচালনা কৰিব নোৱাৰো, তেওঁ পেটেলক ভালদৰে জড়িত কৰিব লাগিব আৰু মোৰ পৰা মাচুল ঘূৰাই পাব। শ্ৰীযুত পেটেলে ৫১ টকাৰ বাবে যথাযথভাৱে নিযুক্ত হৈছিল । অৱশ্যে তেওঁৰ বাবে ঘটনাটো শিশুৰ খেল আছিল। 

    মই আদালতৰ পৰা খৰখেদা কৈছিলোঁ, মোৰ মক্কেলে তাইৰ গোচৰটো জিকিছিল নে হেৰুৱাইছিল নাজানিছিলোঁ, কিন্তু মই নিজকে লৈ লজ্জিত হৈছিলোঁ, আৰু সেইবোৰ পৰিচালনা কৰিবলৈ পৰ্যাপ্ত সাহস নোহোৱালৈকে আৰু কোনো গোচৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিলো। সঁচাকৈয়ে মই দক্ষিণ আফ্ৰিকালৈ নোযোৱালৈকে পুনৰ আদালতলৈ যোৱা নাছিলো। মোৰ সিদ্ধান্তত কোনো গুণ নাছিল। মই সৰলভাৱে প্ৰয়োজনীয়তাৰ এটা গুণ তৈয়াৰ কৰিছিলো। তেওঁৰ গোচৰটো মোক অৰ্পণ কৰাৰ দৰে কোনো মূৰ্খতা নাথাকিব, কেৱল ইয়াক হেৰুৱাবলৈ! কিন্তু বোম্বাইত মোৰ বাবে আন এটা গোচৰে অপেক্ষা কৰি আছিল। এইটো খচৰা তৈয়াৰ কৰিবলগা এটা স্মাৰক আছিল। পোৰবন্দৰত এটা দৰিদ্ৰ মুছলমানৰ মাটি জব্দ কৰা হৈছিল। তেওঁ এজন যোগ্য পিতৃৰ যোগ্য পুত্ৰ হিচাপে মোৰ কাষ চাপিছিল। তেওঁৰ গোচৰটো দুৰ্বল যেন লাগিছিল কিন্তু মই তেওঁৰ বাবে এটা স্মাৰক খচৰা প্ৰস্তুত কৰিবলৈ সন্মতি দিছিলো, মুদ্ৰণৰ ব্যয় তেওঁৰ দ্বাৰা বহন কৰিব লাগিব। মই ইয়াৰ খচৰা প্ৰস্তুত কৰিছিলো আৰু বন্ধুবৰ্গক পঢ়ি শুনাইছিলো। 

    তেওঁলোকে ইয়াক অনুমোদন জনাইছিল আৰু মই এটা স্মাৰক ৰখাৰ বাবে যথেষ্ট যোগ্য আছিলোঁ, যিদৰে মই সঁচাকৈয়ে আছিলোঁ। যদি মই কোনো মাচুল অবিহনে স্মাৰকৰ খচৰা প্ৰস্তুত কৰোঁ তেন্তে মোৰ ব্যৱসায় বিকশিত হ'ব পাৰে। কিন্তু এইটোৱে কলটোলৈ কোনো ধৰণৰ কষ্ট আনিব নোৱাৰে। গতিকে মই ভাবিছিলো যে মই এজন শিক্ষকৰ চাকৰি ল'ব পাৰো। ইংৰাজীৰ বিষয়ে মোৰ জ্ঞান যথেষ্ট ভাল আছিল আৰু মই কোনো বিদ্যালয়ত মেট্ৰিক লৰা ইংৰাজী শিকাবলৈ ভাল পাব লাগিছিল। এনেদৰে মই কমেও ব্যয়ৰ অংশ পূৰণ কৰিব পাৰিলোহেঁতেন। মই কাকতবোৰত এটা বিজ্ঞাপন পাইছিলো: "এজন ইংৰাজী শিক্ষকৰ প্ৰয়োজন, দৈনিক এঘণ্টা শিকাব লাগিব, দৰমহা 75 টকা। বিজ্ঞাপনটো এখন বিখ্যাত উচ্চ বিদ্যালয়ৰ আছিল। মই পদটোৰ বাবে আবেদন কৰিছিলো আৰু সাক্ষাৎকাৰৰ বাবে মোক মাতি পঠিয়াছিল। মই উচ্চ উৎসাহেৰে তালৈ গৈছিলো কিন্তু যেতিয়া অধ্যক্ষই গম পালে যে মই স্নাতক নহয়, তেতিয়া তেওঁ কৃতজ্ঞতাৰে মোক অস্বীকাৰ কৰিলে। "কিন্তু মই লণ্ডন মেট্ৰিক উত্তীৰ্ণ, মোৰ দ্বিতীয় ভাষা হিচাপে লেটিনৰ সৈতে উত্তীৰ্ণ কৰিছো। 

   "সঁচা, কিন্তু আমি এজন স্নাতকহে বিচাৰিছোঁ।"

   ইয়াৰ বাবে কোনো সহায় নাছিল। মই হতাশাত হাত জোকাৰিলোঁ। মোৰ ভায়েকেও বহুত চিন্তিত অনুভৱ কৰিছিল। আমি দুয়ো এই সিদ্ধান্তত উপনীত হৈছিলো যে বোম্বাইলৈ অধিক সময় অতিবাহিত কৰাৰ কোনো কাম নাই। মই ৰাজকোটত থিতাপি লোৱা উচিত য'ত মোৰ ভায়জন, নিজে এজন ক্ষুদ্ৰ নেতা, মোক আৱেদন আৰু স্মাৰকৰ খচৰা প্ৰস্তুত কৰাৰ আকাৰত কিছু কাম দিব পাৰে। আৰু তাৰ পিছত যিহেতু ৰাজকোটত ইতিমধ্যে এটা পৰিয়াল আছিল, বোম্বাইত থকাটো ভাঙি যোৱাৰ অৰ্থ আছিল যথেষ্ট সঞ্চয়। মই পৰামৰ্শটো ভাল পাইছিলো। মোৰ সৰু প্ৰতিষ্ঠানটো এনেদৰে বোম্বাইত ছয় মাহ থকাৰ পিছত বন্ধ কৰা হৈছিল।

   বোম্বাইত থাকোতে মই দৈনিক উচ্চ ন্যায়ালয়ত উপস্থিত আছিলোঁ, কিন্তু মই ক'ব নোৱাৰো যে মই তাত একো শিকিছিলো। মোৰ বেছি শিকিবলৈ পৰ্যাপ্ত জ্ঞান নাছিল। প্ৰায়ে মই কেচটো অনুসৰণ কৰিব নোৱাৰিলোঁ আৰু টোপনি মাৰিলো। আন কিছুমানে মোক ইয়াত সংগ দিছিল, আৰু এনেদৰে মোৰ লাজৰ বোজা পাতল কৰিছিল। কিছু সময়ৰ পিছত, মই আনকি লাজৰ অনুভূতিও হেৰুৱাই পেলাইছিলো, যিহেতু মই সেইটো ভাবিবলৈ শিকিছিলো। উচ্চ ন্যায়ালয়ত টোপনি যোৱাটো ফেশ্বনেবল আছিল।

   যদি বৰ্তমান প্ৰজন্মৰ বোম্বাইত মোৰ দৰে সংক্ষিপ্তবিহীন বেৰিষ্টাৰও থাকে তেন্তে মই তেওঁলোকক জীয়াই থকাৰ বিষয়ে অলপ ব্যৱহাৰিক উপদেশ প্ৰশংসা কৰিম। যদিও মই গিৰগামত বাস কৰিছিলো মই কেতিয়াও গাড়ী বা ট্ৰামকাৰ লৈ যোৱা নাছিলো। মই উচ্চ ন্যায়ালয়লৈ খোজ কাঢ়ি যোৱাটো এটা নিয়ম কৰি দিছিলোঁ। মোক পঞ্চলিচ মিনিট সময় লাগিছিল আৰু অৱশ্যে, মই খোজকাঢ়ি ঘৰলৈ উভতি আহিছিলো। মই নিজকে সূৰ্যৰ গৰমলৈ নিমগ্ন কৰিলোঁ । 

   আদালতলৈ অহা-যোৱা কৰা এই খোজকাঢ়ি যথেষ্ট পৰিমাণৰ ধন ৰাহি হৈছিল আৰু যেতিয়া বোম্বাইত থকা মোৰ বহুতো বন্ধু অসুস্থ হৈ পৰিছিল, মোৰ মনত নাই যে এবাৰ অসুস্থতাত আছিল। আনকি যেতিয়া মই টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিলো, মই কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ অভ্যাস অব্যাহত ৰাখিছিলো, আৰু মই কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ লাভালাভ, আৰু মই এই দৈহিক অনুশীলনৰ পৰা শৰীৰ যথেষ্ট লাভৱান হৈছিল
   
    
    আগলৈ...


পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।





+++++++++±+++++++++++++++++++++++
    

Saturday, August 21, 2021

পিতাইৰ সপোনৰ পমখেদি ..! Father's sweat dreams !


কবিতা : কাৰুণ্য আৰু আঘোণৰ সপোন কিমান দূৰবাট ! পিতাইৰ সপোনৰ পম খেদি জোনাকৰ বাটেৰে আগুৱাই যাওঁ আমি ...!!




১/   কাৰুণ্য


গোলাপে কাণে কাণে ক'লে জীৱন যুদ্ধৰ কথা
দুখৰ প্ৰলেপেৰে ঢাক খাই উৱলিব ধৰা
সপোন মাধুৰীৰ কৃষ্ণচূড়াৰ ৰঙচুৱা হেঁপাহ 
আহিনৰ গেৰ ধৰা সম্ভাৱনা সেউজীয়া
এদিন গো অহা-যোৱা কৰা বাটত পাতি থোৱা
ভগা দাপোনৰ চিটিকাখনত সংগোপনে 
জোটা-পোটাই লাগি ধৰা সপোনৰ শ্বেতকায় অশ্ব
শেষ হ'ল সি এতিয়া বিৰাট দৈন্যতাত বন্দী
নাই হেঁপাহ নাই লালসা গোলাপে কাণে কাণে ক'লে ...

সকলোৰে সীমা থাকে আকাশৰ নীলা নতুবা সাগৰৰ অসীম কল্লোলিত বিশাল জলৰাশিৰ
খৰস্ৰোঁতা লুইতৰ ইমূৰৰ পৰা সিমূৰলৈ চকুমুদিও উমান পোৱা জীৱন যুদ্ধৰ কতনা কথা
কলডিয়া খোপাৰে কোন ৰহেদৈ গোলপীয়া প্ৰেমেৰে জীপাল বুকুৰ অন্তেষপুৰলৈ... 
ইয়াতো সীমা আছে প্ৰেমৰ সীমা হেঁপাহৰ সীমা
গোলাপে কাণে কাণে কৈ গ'ল সময়ৰ বৰ্ণনা

সেই দিনবোৰ পুনশ্ব: আহিব নে ঘূৰি ?
জিলমিল জোনাকৰ কাৰেং সাঁজি বুকুত 
থিতাপি লোৱা স্বপ্নবোৰ জীৱন ৰঙীন কৰিবলে' 
শাওনৰ ঋতুমতী পথাৰত প্ৰেমৰ ভুঁই ৰুবলে' 
জগাই তোলিবলৈ বুকুৰ কেনভাচত উজাগৰে 
শুই থকা আশাৰ সীমাহীন মায়াময় সবিতা ;

এৰি দিয়া শৰডালৰ আগমূৰত মীনা কৰা থাকে উলতি নহাৰ বেদনাৰ উল্কা সি নাজানে জীৱন,
জীৱন আৰু বেদনাৰ নিচুকনি গীত 
কিদৰে মকৰা জালত বন্দী কিতাপৰ
ৰঙীন পৃষ্টাবোৰে উচুপি উঠে নিৰৱে
প্ৰাপ্তিৰ পিছতো অপ্ৰাপ্তিৰ বেদনাত‌ অহনিৰ্শে
গোলাপে কাণে কাণে ক'লে সমস্ত অৱয়বত 
লিপিত খাই থকা দুখৰ হুমুনিয়াহ 

দিনবোৰ এনেদৰে অতিবাহিত হয় 
মাহৰ হিচাপ  গণি গণি বছৰৰ হিচাপ ...
কেতিয়াবা সপোনে কান্দে নিজানত হাঁহে
কমোৱা তুলাৰ সদৃশ উৰে মন থৌকিবাথৌ
প্ৰভাতী পখীৰ কলৰৱ শুনিবলে' আকৌ
ব্যাকুলিত মনৰ বাকৰি 

বেংকৰ ঋণৰ এডিঙি পানীত 
ককবকাই থকা ডিঙৰাৰ ডৰিকণা 
পেটত পানী গামোচা পকেটত দীঘলীয়া তালিকা
গেলামালৰ দোকানত খাটা ভৰে 
ৰঙীন আখৰৰ বেদনাত বেদনাহুত সমগ্ৰ সত্তা ।

কি আছে কি নাই ?
সকলো থাকিও উকা উকা সময়ৰ ডঁৰিয়লি
কেৱল যান্ত্ৰিকতাৰ ব্যস্ততাই সোঁৱৰাই
জীৱন আৰু জীৱন যুঁজৰ অৰ্থ
সপোন আৰু বাস্তৱৰ কিমান তফাৎ !
গোলাপে কাণে কাণে ক'লে সময়ৰ ইতিহাস ।।


২/ আঘোণৰ সপোন 

      কিমান দূৰ বাট !



আঘোণৰ সপোন কিমান দূৰ বাট !



বৰষুণৰ টোপালত পিতাইৰ সপোনৰ আখৰা
নাঙলৰ সীৰলুৰে কৰ্ষণ কৰি বুটলি অনাৰ প্ৰয়াস
আকাংক্ষিত দিপলিপ সোণৰ সীতা
বোকা-পানী খচি খচি উজান দিয়ে
আই বাই আৰু কতনা ৰোৱনী বুকুত মেঠনী 

ডিঙিত উজাই আহে সপোন গণি গণি
পিতাইৰ মন উগুল-থুগুল 
শাওনৰ পৰা আঘোণলৈ কিমান দূৰ বাট ?

নাঙল উথোৱা দিনাখন 
পানী কোমোৰা পাতিহাঁহৰ মঙহ
সবে মিলি আনন্দৰে এসাঁজ
ইয়াৰ পাছত তিনিমাহ ভঁৰালটো উদং
পিতাইৰ আকৌ চিন্তাৰ চাকনৈয়া
আঙুলিৰ পাবত দিন গণি গণি পিতাই
কচুবাৰীলৈ যায় ভোক নিবাৰণৰ পমখেদি

সময়ৰ তাগিদাত হেৰাই সময়ৰ ঠিকনা
যিদৰে হেৰাই  এদিন সংগোপনে হাইতালবুলীয়া সপোন
যিদৰে হেৰাই আইৰ আঁচলৰ সাঁচতি 
নিৰুদ্দেশ হয় মনৰ আশা কলীয়া ডাৱৰে আৱৰে
চৌপাশ 
তথাপিও থমকি নৰয় জীৱন ৰথৰ চকৰি পিতাইৰ
বিবৰ্ণ দুহাতেৰে দেহৰ কেঁচাঘামৰে সোলকাই থয় নিৰাশাৰ বিবৰ্ণ কামিজ 
এইদৰে কঙাল দিনবোৰ ইতিহাস হয় ক্ৰমশঃ আহিনৰ গৰ্ভৱতী সপোনবোৰে 
আঘোণত জন্ম দিয়ে 
খৰিকাঁজাইবুলীয়া আশাৰ সবিতা  !






*** পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনালো।
--- দুদুল সোণোৱাল।

Tuesday, August 17, 2021

সাহিত্য সৃষ্টিত ছাত্ৰ ছাত্ৰীৰ চিন্তাধাৰা । Student's thinking in literary creation.


সাহিত্য কি ? 

সাহিত্য হ'ল এক লিখাৰ কৌশল। যি ভেটিত মানুহে নিজৰ মনোভাৱ প্ৰকাশৰ বাবে লিপিবদ্ধ কৰে আৰু সেইবোৰ গল্প, কবিতা,উপন্যাস , নাটক, প্ৰৱন্ধ আদি নামেৰে নামাকৰণ কৰি আনৰ হিতাৰ্থে উলিয়ায় দিয়ে, প্ৰকৃততে সেয়ে হ'ল সাহিত্য। সাহিত্য হ'ল এবিধ কলা। যাক ইংৰাজীত Literature বোলা হয়। সাধাৰণতে গদ্য, পদ্য, আৰু নাটক এই তিনি ভাগত সাহিত্যক ভাগ কৰিব পাৰি। গদ্যৰ ভাগ বুলি ক'লে -- প্ৰৱন্ধ, নিৱন্ধ, উপন্যাস, গল্প, সমালোচনা মূলক লেখা, সাধুকথা আদিকেই বুজা যায়। আনহাতে পদ্য হ'ল -- এক কবিতা । কবিতাৰ ভাগ হ'ল - ছন্দোবদ্ধ কবিতা, প্ৰতীকাত্মক কবিতা, লিমাৰিক, হাইকু, মিতভাষ আদি। নাটক হ'ল এক অভিনয়। অভিনয় শিল্পক নাটক বুলি কোৱা হয়। নাটক লিখনত কিছুমান চৰিত্ৰৰ সন্নিবিষ্ট থাকে আৰু কথোপকথন ধৰ্মী হ'ব লাগে। 


গতিকে ব্যাখ্যাৰ পৰা বুজিব পাৰি যে সাহিত্য হ'ল এক লিখন শিল্প যাক লিখাৰ মাধ্যমেৰে প্ৰকাশ কৰিব পাৰি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে হ'ল সাহিত্য। 

সাহিত্য সৃষ্টিত ছাত্ৰ ছাত্ৰীৰ ভূমিকা


সাহিত্য সকলোৱে সৃষ্টি কৰিব পাৰে। সাহিত্য সৃষ্টিত কোনো বাধ্যবাধকতা নাই। বয়স অনুসৰি সাহিত্য সৃষ্টিৰ মানদণ্ড নিৰূপণ কৰা নহয়। সাহিত্যিকৰ ৰচনাৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি সাহিত্যৰ মান নিৰূপণ কৰা হয়।  ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন বিষয়ত সাহিত্য সৃষ্টিত অৰিহণা আগবঢ়াব পাৰে। বাস্তৱ আৰু কল্পনাৰ জগতৰ সংমিশ্ৰণ ঘটাই সাহিত্য সৃষ্টি কৰি লেখক বা সাহিত্যিকে নিজৰ মনোভাৱ প্ৰকাশ কৰে। ইয়াৰ বাবে প্ৰয়োজন হয় শব্দৰ স্মৃতিৰ ভঁৰাল । স্মৃতিৰ ভঁৰাল যিমানেই টনকিয়াল হ'ব সাহিত্য সৃষ্টিও সিমানেই মজবুত হ'ব। যিয়ে সাহিত্য সৃষ্টি কৰিব বিচাৰে তেওঁলোকে সদায় অসমীয়া অভিধান, ইংৰাজী অভিধান , হিন্দী অভিধান আদিৰ লগত সম্বন্ধ স্থাপন কৰিব লাগিব। লগতে বাক্যৰ গাঁঠনি , শব্দৰ প্ৰয়োগ কৰিব শিকিব লাগিব। তদুপৰি বিভিন্ন বিষয়ত ৰচিত বিভিন্ন লেখকৰ লেখাবোৰ পঢ়িব লাগিব । গল্প কবিতা উপন্যাস প্ৰবন্ধ আদি নিয়মীয়াকৈ পঢ়ি জ্ঞান অৰ্জন কৰি নিজে কিছুমান কাহিনীৰ সৃষ্টি কৰি লিপিবদ্ধ কৰিলে ই সাহিত্যৰ ৰূপ পাব। ইয়াৰ বাবে লাগিব ধৈৰ্য্য অধ্যৱসায় , মনোযোগ, কল্পনা , ঐকান্তিক প্ৰয়াস আদি। 
   সাহিত্য সৃষ্টিত ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকা আছে। বৰ্তমান সময়ত দেখা গৈছে যে ছাত্ৰ সমাজৰ মুষ্টিমেয় সংখ্যকেহে সাহিত্য সৃষ্টিত আগবাঢ়িছে। সৰহসংখ্যক ছাত্ৰ ছাত্ৰীৰ সাহিত্য সৃষ্টিত ইচ্ছুক নহয় বা সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত অন্যমনস্ক মনোভাৱ পোষণ কৰে। ইয়াৰ মূল কাৰণ হ'ল সাহিত্যৰ সম্পৰ্কে এই সকল বোধগম্য নহয়। একেলেথাৰিয়ে বিষয়বস্তুৰ লগত ব্যস্ত হৈ থাকিব নোৱাৰে। সাহিত্য সাধনাৰ বলত সৃষ্টি হয়। একাগ্ৰতা আৰু নেৰানেপেৰা প্ৰচেষ্টা সাহিত্য সৃষ্টিৰ মূলমন্ৰ। 
    ছাত্ৰ ছাত্ৰী সকলে স্বদেশৰ বিভিন্ন সমস্যাৰাজিৰ সম্পৰ্কে প্ৰৱন্ধ বা গল্প বা উপন্যাসৰ মাধ্যমেৰে প্ৰকাশ কৰি জনগণৰ উপকাৰ সাধন কৰিব পাৰে। পৰীক্ষা-নিৰীক্ষা আৰু পৰ্য্যবেক্ষণৰ সহায়ত সমস্যাৰ সমাধানৰ সম্পৰ্কে আভাস দিব পাৰে। এনে প্ৰচেষ্টাৰে সাহিত্য সৃষ্টিত অৱদান আগবঢ়াব পাৰে। 
    সাহিত্য সৃষ্টিয়ে চিন্তা কৰিব শিকাই, সিদ্ধান্ত গ্ৰহণ কৰিব শিকাই, মীমাংসা কৰিবলৈ শিকাই, ভাল বেয়া বিচাৰ কৰিবলৈ শিকাই, নতুনত্বৰ সৃষ্টিত অৰিহণা যোগায়, সৃষ্টিশীলতাৰ প্ৰতি উৎসাহ জগাই .. আদি গুণসমূহ আয়ত্ব কৰণত সাহিত্যৰ যোগাত্মক দিশ আছে। সেয়ে সাহিত্য সৃষ্টিত মনোনিবেশ কৰা প্ৰয়োজন আছে। হোমেন বৰগোহাঞি ডাঙৰীয়াই হাইস্কুল পঢ়ি থকা অৱস্থাতেই সাহিত্য সৃষ্টিত অৰিহণা যোগাইছিল বুলি জনা যায়। 



কিদৰে আগবাঢ়িব লাগিব :

আচলতে সাহিত্য সৃষ্টি কিদৰে কৰিব সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰে। আমি কিদৰে এই ক্ষেত্ৰত আগবাঢ়িব পৰা যায় সেই সম্পৰ্কে কিছু ধাৰণা দিব প্ৰয়াস কৰিম। 
 

 *  সাহিত্য সৃষ্টিৰ প্ৰথম কামটো হ'ল বিভিন্ন কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰা। অধ্যয়নৰ জৰিয়তে বাক্যৰ গাঁঠনি আৰু কেনেকৈ প্ৰয়োগ কৰা হয় তাক বুজিলৈ মনত ৰাখা।

* দ্বিতীয়তে দাৰি,কমা, চেমিকলন আদিৰ ব্যৱহাৰ সম্পৰ্কে শিকা। 

* তৃতীয়তে বিভিন্ন শব্দ অৰ্থৰে সৈতে মনত ৰাখিব চেষ্টা কৰা আৰু অভিধানৰ লগত সম্পৰ্ক ৰখা।

* চতুৰ্থতে, কিছুমান চুটি কাহিনীৰ জন্ম দিয়া। ইয়াৰ বাবে খ্যাতি সম্পন্ন লেখকৰ গল্প, কবিতা, উপন্যাস পঢ়ি তাৰ কাহিনীবোৰ ভালদৰে হৃদয়ঙ্গম কৰি অনুসৰণ কৰা।

* পঞ্চমতে, লিখিব লগা কাহিনীটোৰ ৰূপৰেখা প্ৰস্তুত কৰা। 

* ষষ্ঠতে, ৰূপৰেখা অনুসৰি কাহিনীটো বহলাই লিখি যোৱা। 

* মনত ৰাখিবা গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি লিখিবলৈ হ'লে ইহঁতৰ প্ৰতিটোৰে সংজ্ঞাবোৰো জানিব লাগিব। 
   
    "সৃষ্টিশীল সাহিত্য আৰু ভাল লেখনৰ কৌশল(সংগ্ৰহ)" শীৰ্ষক লেখাত লেখক মৃদুল দহোটীয়া ডাঙৰীয়াই সাহিত্য সৃষ্টিৰ সম্পৰ্কে কৈছে ,
"উৎকৃষ্ট সৃজনশীল সাহিত্য অথবা উৎকৃষ্ট মানৰ প্ৰৱন্ধ নিৱন্ধ সৃষ্টি কৰিবলৈ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানে আগুৱাব লগীয়া হয়। ভাল সৃষ্টিশীল সাহিত্য লিখা বহুতো লেখকক কোনো কোনোৱে জন্মগত প্ৰতিভাৰ অধিকাৰী বুলিও ক’ব খোজে। কিন্তু এটা কথা মন কৰা দৰকাৰ এই যে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ ফলত হোৱা অভিজ্ঞতা, অধ্যয়ন, বৌদ্ধিক কছৰৎ তথা সাধনাৰ জৰিয়তেহে এজন লোকে নিজকে লেখক হিচাপে আৱিস্কাৰ কৰে। ভাল লেখা সৃষ্টি কৰিবলৈ আগবঢ়া লেখকসকলে কেইটিমান কথালৈ মন কৰা উচিত। সেইবোৰ হ’ল- অধ্যয়ন, সাধনা, অনুশীলন, দায়বদ্ধতা আদি। তদুপৰি এগৰাকী লেখকে এটা লেখা প্ৰস্তুত কৰাৰ সময়ত সদায়ে চকুৰ আগত ৰাখিবলগীয়া কথাটো হ’ল তেওঁ কাৰ বাবে লিখিছে বা লিখিব। অৰ্থাৎ তেওঁৰ লক্ষ্য পাঠক কোন? পাঠকৰ সীমাবদ্ধতাৰ ওপৰত ভিত্তি কৰিহে লেখাটো প্ৰস্তুত কৰা উচিত।" 

গতিকে এই গুণসমূহ আয়ত্ব কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰমী, অধ্যৱসায়ী হ'ব লাগিব। জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ অধ্যয়ন কৰিব লাগিব। লেখাৰ বাবে কছৰৎ কৰিব লাগিব। লেখাৰ আগতে নিজেও এজন দায়বদ্ধ পাঠক হ'ব চেষ্টা কৰিব লাগিব। মই ওপৰত কৈছোঁ যে শব্দৰ ভঁৰাল চহকী হ'ব লাগিব। নহ'লে সাহিত্য সৃষ্টিত আগবাঢ়িব পৰা নাযায়।

উপসংহাৰ :

সাহিত্য সৃষ্টি কৰাটো দূৰূহ নহয়। লাগে কেৱল চেষ্টা আৰু সাধনা। গৌতম বুদ্ধই এদিনতে মুক্তিলাভ কৰিবলৈ সক্ষম হোৱা নাছিল। বহু কষ্টৰে তপস্যাৰ বলত 'মোক্ষম' লাভৰ সক্ষম হৈছিল। একেদৰে বহু সাধনাৰ ফলতহে ড° এই,পি,জে আব্দুল কালাম এজন দক্ষ মহাকাশ বিজ্ঞানী হ'বলৈ সক্ষম হৈছিল। এজন ভাল মানুহ হ'বলৈ নিজৰ মনক বান্ধিব পাৰিব লাগিব। গুণৱান লোকৰ পথ অনুকৰণ কৰিব লাগিব। কোনো লোকেই ওপৰতে আলাসতে সাহিত্যিক বা নিজৰ জ্ঞান গৰিমা বহলাই খ্যাতি অৰ্জন কৰা নাই। সেইসকল লোকৰ খ্যাতি লাভ হৈছে বহু চেষ্টা আৰু সাধনাৰ বলত। সেয়ে নতুন প্ৰজন্মইও এই সাহিত্যৰ ক্ষেত্ৰখনত বলিষ্ঠ ভাৱে প্ৰৱেশ কৰক আৰু সমাজলৈ কঢ়িয়াই আনক সম্ভাৱনাৰ বতৰা।


এই সাধাৰণ স্বৰচিত লেখাটো  পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জনালো। - দুদুল সোণোৱাল। 




++++++++++++++++++++++++++++++++



Sunday, August 15, 2021

মহাত্মা গান্ধীৰ আত্মজীৱনী। সত্যৰ সৈতে মোৰ পৰীক্ষা-নিৰীক্ষা । An Autobiography of Mahatma Gandhi .

    (চৰ্তুদশ খণ্ড)

     সত্যৰ সৈতে 

মোৰ পৰীক্ষা-নিৰীক্ষা

    গান্ধীজীৰ আত্মজীৱনী।

 মূল লেখক : মোহনদাস কৰমচাদ্ গান্ধী
 অসমীয়া অনুবাদ : দুদুল সোণোৱাল

যোৱা খণ্ডৰ পিছৰ পৰা 

.....তেওঁৰ ব্যৱসায়িক মেজৰ বস্তুবোৰৰ ভিতৰত কিছুমান ধৰ্মীয় কিতাপ আৰু তেওঁৰ ডায়েৰী পোৱা গৈছিল। তেওঁ নিজৰ ব্যৱসায় শেষ কৰাৰ লগে লগে ধৰ্মীয় কিতাপ বা ডায়েৰীখন খুলিলে। তেওঁৰ প্ৰকাশিত লিখনিৰ বেছিভাগেই এই ডায়েৰীৰ পৰা প্ৰজনন। যিজন ব্যক্তিয়ে লগে লগে ওজনযুক্ত ব্যৱসায়িক লেনদেনৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল, তেওঁ আত্মাৰ লুকাই থকা বস্তুবোৰৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিছিল, স্পষ্টতঃ এজন ব্যৱসায়ী নহয় কিন্তু সত্যৰ পিছত এজন প্ৰকৃত সন্ধানী হ'ব পাৰে। আৰু মই তেওঁক এনেদৰে এবাৰ বা দুবাৰ নহয়, কিন্তু প্ৰায়ে ব্যৱসায়ৰ মাজত ঈশ্বৰৰ কামত নিমগ্ন হোৱা দেখিছিলো। মই কেতিয়াও তেওঁক তেওঁৰ সমতাৰ অৱস্থা হেৰুওৱা দেখা নাছিলো। কোনো ব্যৱসায় বা আন স্বাৰ্থপৰ টাই নাছিল যিয়ে তেওঁক মোৰ সৈতে বান্ধি ৰাখিছিল আৰু তথাপিও মই তেওঁৰ সৈতে নিকটতম সম্পৰ্ক উপভোগ কৰিছিলো। মই তেতিয়া এজন চমু বিহীন বেৰিষ্টাৰ আছিলোঁ আৰু তথাপিও যেতিয়াই মই তেওঁক দেখিছিলো, তেওঁ মোক এক গুৰুতৰ ধৰ্মীয় প্ৰকৃতিৰ কথোপকথনত নিয়োজিত কৰিব। যদিও মই তেতিয়া ঘূৰি ফুৰিছিলো আৰু ধৰ্মীয় আলোচনাত কোনো গুৰুতৰ আগ্ৰহ আছে বুলি ক'ব পৰা নাছিলোঁ তথাপিও মই তেওঁক আগ্ৰহৰ কথা কোৱা দেখিছিলো। মই তেতিয়াৰ পৰা বহুতো ধৰ্মীয় নেতা বা শিক্ষকক লগ পাইছো
  মই বিভিন্ন ধৰ্মৰ মুৰব্বীসকলক লগ কৰিবলৈ চেষ্টা কৰিছো আৰু মই ক'ব লাগিব যে ৰায়চান্দভাইয়ে কৰা ধাৰণাটো আন কোনেও মোৰ ওপৰত কেতিয়াও কৰা নাই। তেওঁৰ কথাবোৰ পোনপটীয়াকৈ মোৰ ঘৰলৈ গৈছিল। তেওঁৰ বুদ্ধিয়ে মোৰ পৰা তেওঁৰ নৈতিক আন্তৰিকতা আৰু মোৰ গভীৰতাত থকাৰ দৰে ইমান ডাঙৰ সন্মান কৰিবলৈ বাধ্য কৰিছিল যে তেওঁ কেতিয়াও স্বেচ্ছাই মোক বিপথে পৰিচালিত নকৰে আৰু সদায় তেওঁৰ আভ্যন্তৰীণ চিন্তাবোৰৰ ক্ষেত্ৰত মোক বিশ্বাস কৰিব।
  সেয়েহে, মোৰ আধ্যাত্মিক সংকটৰ মুহূৰ্তত তেওঁ মোৰ আশ্ৰয় আছিল। আৰু তথাপিও তেওঁৰ প্ৰতি এই সন্মান থকা স্বত্বেও মই তেওঁক মোৰ গুৰু হিচাপে মোৰ হৃদয়ত সিংহাসনত অধিষ্ঠিত কৰিব নোৱাৰিলোঁ। সিংহাসনখন খালী হৈ আছে আৰু মোৰ সন্ধান এতিয়াও অব্যাহত আছে। মই গুৰুৰ হিন্দু তত্ত্ব আৰু আধ্যাত্মিক উপলব্ধিত তেওঁৰ গুৰুত্বত বিশ্বাস কৰো।মই ভাবো যে গুৰু অবিহনে প্ৰকৃত জ্ঞান অসম্ভৱ বুলি থকা মতবাদটোত যথেষ্ট সত্যতা আছে। এজন অসিদ্ধ শিক্ষক সাংসাৰিক বিষয়ত সহনীয় হ'ব পাৰে। কেৱল এটা নিখুঁত জ্ঞানগুৰু হিচাপে সিংহাসনত অধিষ্ঠিত হোৱাৰ যোগ্য। সেয়েহে, নিখুঁততাৰ পিছত নিৰন্তৰ প্ৰচেষ্টা কৰিব লাগিব। কিয়নো এজনে প্ৰাপ্য গুৰু পায়। নিখুঁততাৰ পিছত অসীম প্ৰচেষ্টা কৰাটো এজনৰ অধিকাৰ। এইটো ইয়াৰ নিজৰ পুৰস্কাৰ। বাকীখিনি ঈশ্বৰৰ হাতত আছে। ( Gnani:জ্ঞানী = এজন জ্ঞানী লোক, এজন প্ৰত্যক্ষকাৰী লোক) ।
  সেয়েহে, যদিও মই গুৰু হিচাপে ৰায়চান্দভাইক মোৰ হৃদয়ৰ সিংহাসনত ৰাখিব নোৱাৰিলোঁ, আমি চাম যে তেওঁ বহু সময়ত মোৰ পথপ্ৰদৰ্শক আৰু সহায়ক আছিল। তিনিজন আধুনিকে মোৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে আৰু মোক আকৰ্ষিত কৰিছে: ৰয়চান্দভাই তেওঁৰ জীৱন্ত সম্পৰ্কৰ দ্বাৰা; টলষ্টয় তেওঁৰ কিতাপখনৰ দ্বাৰা ; ঈশ্বৰৰ ৰাজ্য আপোনাৰ ভিতৰত আছে; আৰু ৰাস্কিন তেওঁৰ এই শেষলৈকে। কিন্তু এইবোৰৰ অধিক তেওঁলোকৰ সঠিক স্থানত আছে।
  ২

মই কেনেকৈ জীৱন আৰম্ভ কৰিছিলোঁ


মোৰ ডাঙৰ ভায়জনে মোৰ ওপৰত যথেষ্ট আশা গঢ়ি তুলিছিল। সম্পদ আৰু নাম আৰু খ্যাতিৰ বাবে বিভেদ তেওঁৰ ভিতৰত বহুত ভাল আছিল। তেওঁ এজন দোষীৰ প্ৰতি উদাৰ এখন ডাঙৰ হৃদয়ৰ গৰাকী আছিল। 
এইটো তেওঁৰ সৰল প্ৰকৃতিৰ সৈতে মিলি তেওঁৰ বহুতো বন্ধুৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তেওঁলোকৰ জৰিয়তে তেওঁ মোক ব্ৰিফ পাব বুলি আশা কৰিছিল। তেওঁ এইটোও ধৰি লৈছিল যে মোৰ এটা দোলনা ৰখাৰ অনুশীলন থাকিব লাগে আৰু সেই প্ৰত্যাশাত, ঘৰৰ ব্যয়বোৰ শীৰ্ষ-গধুৰ হ'বলৈ অনুমতি দিছিল। তেওঁ মোৰ অনুশীলনৰ বাবে পথাৰখন প্ৰস্তুত কৰাত কোনো ধৰণৰ চেষ্টা ৰখা নাছিল।
    মোৰ বিদেশ ভ্ৰমণক লৈ মোৰ জাতিত ধুমুহা এতিয়াও চলি আছিল। ই জাতিটোক দুটা শিবিৰত বিভক্ত কৰিছিল, যাৰ এটাত লগে লগে মোক পুনৰ ভৰ্তি কৰা হৈছিল, আনটোৱে মোক বাহিৰত ৰাখিবলৈ আগ্ৰহী আছিল | প্ৰাক্তনজনক সন্তুষ্ট কৰিবলৈ মোৰ ভাতৃয়ে ৰাজকোটলৈ যোৱাৰ আগতে মোক নাছিকলৈ লৈ গৈছিল, মোক পৱিত্ৰ নদীত গা ধুৱাইছিল আৰু ৰাজকোটত উপস্থিত হোৱাৰ পিছত, এটা জাতিগত নৈশভোজন দিছিল। মই এই সকলোবোৰ ভাল পোৱা নাছিলো। কিন্তু মোৰ প্ৰতি মোৰ ভায়েজনৰ প্ৰেম সীমাহীন আছিল আৰু তেওঁৰ প্ৰতি মোৰ ভক্তি ইয়াৰ অনুপাতত আছিল আৰু সেয়েহে মই যান্ত্ৰিকভাৱে তেওঁ বিচৰা ধৰণে কাম কৰিছিলো, তেওঁৰ ইচ্ছাক আইন হিচাপে লৈছিলো। জাতিটোত পুনৰ নামভৰ্তিৰ সমস্যাটো এনেদৰে ব্যৱহাৰিকভাৱে শেষ হৈছিল। 
    মই কেতিয়াও সেই শাখাটোত নামভৰ্তি কৰিবলৈ চেষ্টা কৰা নাছিলো যিয়ে ইয়াক অস্বীকাৰ কৰিছিল। বা মই সেই শাখাৰ কোনো মুৰব্বীৰ বিৰুদ্ধে মানসিক অসন্তুষ্টি অনুভৱ কৰা নাছিলো। এইবোৰৰ কিছুমানে মোক অপছন্দ বুলি গণ্য কৰিছিল, কিন্তু মই তেওঁলোকৰ অনুভূতিক আঘাত কৰাৰ পৰা নিষ্ঠুৰ ভাৱে আঁতৰি আছিলোঁ। মই বহিষ্কাৰৰ বিষয়ে জাতিগত নিয়মাৱলীক সম্পূৰ্ণসন্মান কৰিছিলো। এইবোৰঅনুসৰি মোৰ শহুৰেক আৰু শাহু আৰু আনকি মোৰ ভগ্নী আৰু ভায়েককে ধৰি মোৰ কোনো সম্পৰ্কই মোক মনোৰঞ্জন দিব নোৱাৰিলে; আৰু মই তেওঁলোকৰ ঘৰত পানী খোৱাৰ দৰে ইমান বেছি নকৰো। তেওঁলোক নিষিদ্ধকৰণৰ পৰা হাত সাৰিবলৈ গোপনে প্ৰস্তুত আছিল কিন্তু মই ৰাজহুৱাভাৱে কৰিব নিবিচৰা এটা কাম গোপনে কৰাৰ ক্ষেত্ৰত মোৰ সৈতে সহ্যৰ বিপৰীত দিশত গৈছিল।  
    মোৰ নিষ্ঠুৰ আচৰণৰ ফলস্বৰূপে মই কেতিয়াও জাতিৰ দ্বাৰা অসুবিধাত পৰাৰ সুযোগ নাপালোঁ; নহয়, মই শাখাটোৰ সাধাৰণ সংস্থাৰ পৰা স্নেহ আৰু উদাৰতাৰ বাহিৰে আন একো অনুভৱ কৰা নাই যি এতিয়াও মোক বহিষ্কৃত বুলি গণ্য কৰে। তেওঁলোকে আনকি মোক মোৰ কামত সহায় কৰিছে, মই জাতিৰ বাবে একো কৰিব বুলি আশা নকৰাকৈ। এইটো মোৰ দৃঢ় বিশ্বাস যে এই সকলোবোৰ ভাল বস্তু মোৰ কোনো প্ৰতিৰোধৰ বাবে নহয়।যদি মই জাতিটোক বিভক্ত কৰিলোঁহেঁতেন, যদি মই ইয়াক অধিক শিবিৰত বিভক্ত কৰিবলৈ চেষ্টা কৰিছিলো, যদি মই কেডমেনসকলক উত্তেজিত কৰিছিলো তেওঁলোকে নিশ্চিতভাৱে প্ৰতিশোধ ল'লেহেঁতেন আৰু ধুমুহাৰ পৰা পৰিষ্কাৰ হোৱাৰ পৰিৱৰ্তে, মই ইংলেণ্ডৰ পৰা আহি পোৱাৰ পিছত, নিজকে আন্দোলনৰ ঘূৰ্ণীত আৰু সম্ভৱতঃ অনুকৰণ ৰখা এটা দলত পাইছিলো।
    মোৰ পত্নীৰ সৈতে মোৰ সম্পৰ্ক এতিয়াও মই বিচৰা ধৰণে নাছিল। আনকি মোৰ ইংলেণ্ডত থকাটোৱেও মোক ঈৰ্ষাৰ পৰা আৰোগ্য কৰা নাছিল। মই প্ৰতিটো সৰু বস্তুৰ সন্দৰ্ভত মোৰ স্কুৱেমিছনেছ আৰু সন্দেহঅব্যাহত ৰাখিছিলো আৰু সেয়েহে মোৰ সকলো লালিত আকাংক্ষা অসম্পূৰ্ণ হৈ আছিল। মই সিদ্ধান্ত লৈছিলো যে মোৰ পত্নীয়ে পঢ়া আৰু লিখা শিকিব লাগে আৰু মই তাইক তাইৰ পঢ়াত সহায় কৰিব লাগে কিন্তু মোৰ কামনা বাটত আহিছিল আৰু তাই মোৰ নিজৰ ত্ৰুটিৰ বাবে ভুগিব লগা হৈছিল। এবাৰ মই তাইক তাইৰ দেউতাকৰ ঘৰলৈ পঠিয়াই দিয়াৰ দৈৰ্ঘ্য লৈ গৈছিলো আৰু তাইক সম্পূৰ্ণৰূপে দুখী কৰাৰ পিছতহে তাইক ঘূৰাই পাবলৈ সন্মতি দিছিলো। মই পিছত দেখিছিলো যে এই সকলোবোৰ সম্পূৰ্ণৰূপে মোৰ ফালৰ পৰা বিশুদ্ধ আছিল।
    মই শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰৰ পৰিকল্পনা কৰিছিলো। মোৰ ভায়েকৰ সন্তান আছিল আৰু মোৰ নিজৰ সন্তান আছিল যিটো মই ইংলেণ্ডলৈ যোৱাৰ সময়ত ঘৰত এৰি গৈছিলো এতিয়া প্ৰায় চাৰিজনৰ লৰা আছিল। এই সৰু ল'ৰা ছোৱালীবোৰক শাৰীৰিক ব্যায়াম শিকোৱা আৰু তেওঁলোকক কঠোৰ কৰি তোলা আৰু তেওঁলোকক মোৰ ব্যক্তিগত নিৰ্দেশনাৰ সুবিধা দিয়াটো মোৰ ইচ্ছা আছিল। ইয়াত মোৰ ভায়েকৰ সমৰ্থন আছিল আৰু মই কম বেছি পৰিমাণে মোৰ প্ৰচেষ্টাত সফল হৈছিলো। মই শিশুসকলৰ সংগ বহুত ভাল পাইছিলো আৰু তেওঁলোকৰ সৈতে খেলা আৰু ধেমালি কৰাৰ অভ্যাস আজিলৈকে মোৰ লগত আছে। মই তেতিয়াৰ পৰাই ভাবিআহিছো যে মই শিশুৰ এজন ভাল শিক্ষক বনাব লাগে।
    খাদ্য সংস্কাৰৰ প্ৰয়োজনীয়তা স্পষ্ট আছিল। চাহ আৰু কফিয়ে ইতিমধ্যে ঘৰত তেওঁলোকৰ ঠাই পাইছিল। মোৰ ভাতৃয়ে ভাবিছিল যে মোৰ উভতি অহাৰ সময়ত মোৰ বাবে এক প্ৰকাৰৰ ইংৰাজী পৰিৱেশ সাজু ৰখাটো উপযুক্ত আৰু সেই শেষৰ ক্ৰোকাৰী আৰু এনে ধৰণৰ বস্তু, যিবোৰ কেৱল বিশেষ অনুষ্ঠানৰ বাবে ঘৰত ৰখা হৈছিল, এতিয়া সাধাৰণ ব্যৱহাৰত আছিল। মোৰ সংস্কাৰে সমাপ্তিৰ স্পৰ্শ দিছিল। মই ওটমিল পাৰিজ প্ৰৱৰ্তন কৰিছিলো আৰু কোকো চাহ আৰু কফিৰ সলনি আছিল। কিন্তু সঁচাকৈয়ে ই চাহ আৰু কফিৰ সংযোজন হৈ পৰিছিল। বুট আৰু জোতা ইতিমধ্যে তাত আছিল। মই ইউৰোপীয় পোছাক যোগ কৰি ইউৰোপীয় সংবেদন সম্পূৰ্ণ কৰিছিলো।
    এনেদৰে খৰচ বাঢ়ি গৈছিল। প্ৰতিদিনে নতুন বস্তু যোগ দিয়া হৈছিল। আমি আমাৰ দুৱাৰত এটা বগা হাতী বান্ধিবলৈ সফল হৈছিলোঁ। কিন্তু কেনেকৈ উইথেল বিচাৰি পোৱা গৈছিল? ৰাজকোটত অনুশীলন আৰম্ভ কৰাৰ অৰ্থ নিশ্চিত উপহাস হ'লহেঁতেন। মোৰ কোনো যোগ্য ভাকিলৰ জ্ঞান নাছিল আৰু তথাপিও মই তেওঁৰ মাচুলৰ দহগুণ পৰিশোধ কৰিব বুলি আশা কৰিছিলোঁ! কোনো গ্ৰাহকে মোক জড়িত কৰিবলৈ পৰ্যাপ্ত মূৰ্খ নহ'ব। আৰু এনে ধৰণৰ এটা বিচাৰি উলিওৱা হ'লেও মই মোৰ অজ্ঞতাত অহংকাৰ আৰু প্ৰৱঞ্চনা যোগ দিব লাগে নেকি আৰু মই পৃথিৱীৰ ওচৰত পৰিশোধ কৰা ঋণৰ বোজা বৃদ্ধি কৰিব লাগে নেকি ? 
    বন্ধুবৰ্গই মোক উচ্চ ন্যায়ালয়ৰ অভিজ্ঞতা লাভ কৰিবলৈ, ভাৰতীয় আইন অধ্যয়ন কৰিবলৈ আৰু মই যি পাৰে সেয়া প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিবলৈ কিছু সময়ৰ বাবে বোম্বাইলৈ যাবলৈ পৰামৰ্শ দিছিল। মই পৰামৰ্শটো গ্ৰহণ কৰিছিলোঁ আৰু গৈছিলো। 
    বোম্বাইত মই মোৰ দৰে অক্ষম ৰান্ধনীৰ সৈতে এটা ঘৰ আৰম্ভ কৰিছিলো। তেওঁ এজন ব্ৰাহ্মণ আছিল। মই তেওঁক সেৱক হিচাপে নহয় কিন্তু ঘৰৰ সদস্য হিচাপে ব্যৱহাৰ কৰিছিলো। তেওঁ নিজৰ ওপৰত পানী ঢালিব কিন্তু কেতিয়াও ধুব নোৱাৰিব। তেওঁৰ ধুতি লেতেৰা আছিল আৰু লগতে তেওঁৰ পবিত্ৰ সূতাও আছিল আৰু তেওঁ শাস্ত্ৰৰ পৰা সম্পূৰ্ণৰূপে নিৰ্দোষ আছিল। কিন্তু মই কেনেকৈ এজন ভাল ৰান্ধনী পাম? "বাৰু, ৰবি শংকৰ," (সেইটো তেওঁৰ নাম আছিল) মই তেওঁক সুধিছিলো, "আপুনি ৰান্ধিব নাজানিব পাৰে কিন্তু নিশ্চিতভাৱে আপুনি আপোনাৰ সন্ধ্যাৰ প্ৰাৰ্থনাৰ সম্পৰ্কে(দৈনিক উপাসনা) ইত্যাদি জানিব লাগিব। " 
   " সন্ধ্যা, ছাৰ! হালটো আমাৰ সন্ধ্যা আৰু আমাৰ দৈনন্দিন ৰীতি-নীতি হ'ল কোৰখন। মই এনেধৰণৰ ব্ৰাহ্মণ। মই আপোনাৰ দয়াত জীয়াই থাকিব লাগিব। অন্যথা কৃষি অৱশ্যে মোৰ বাবে আছে।"
   গতিকে মই ৰবি শংকৰৰ শিক্ষক হ'ব লাগিছিল। মোৰ ওচৰত যথেষ্ট সময় আছিল। মই নিজে ইংৰাজৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰৱৰ্তন কৰিলোঁ। মই এটা ষ্টোভত বিনিয়োগ কৰিছিলো আৰু ৰবি শংকৰৰ সৈতে পাকঘৰটো চলাবলৈ আৰম্ভ কৰিছিলো। ইণ্টাৰডাইনিং সম্পৰ্কে মোৰ কোনো স্ক্ৰুপল নাছিল, ৰবি শংকৰেও একো নাপালে আৰু সেয়েহে আমি একেলগে আনন্দেৰে আগবাঢ়িলোঁ। তাত মাত্ৰ এটা বাধা আছিল। ৰবি শংকৰে লেতেৰা হৈ থাকিবলৈ আৰু খাদ্যঅপৰিষ্কাৰ কৰি ৰাখিবলৈ শপত খাইছিল ! 
   কিন্তু মোৰ বাবে বোম্বাইত চাৰি বা পাঁচ মাহতকৈ অধিক সময় ৰখাটো অসম্ভৱ আছিল, ক্ৰমান্বয়ে বৰ্ধিত ব্যয়ৰ সৈতে বৰ্গীকৰণ কৰিবলৈ কোনো উপাৰ্জন নাছিল। এনেদৰেই মই জীৱন আৰম্ভ কৰিছিলো। মই বেৰিষ্টাৰৰ বৃত্তিটো এটা বেয়া কাম বহুত দেখুৱাইছিলোঁ আৰু কম জ্ঞান পাইছিলো। মই মোৰ দায়িত্বৰ এক চূৰ্ণবিচূৰ্ণ অনুভূতি অনুভৱ কৰিছিলো।



আগলৈ......


পঢ়ি ছোৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। - দুদুল সোণোৱাল।
    
  

Friday, August 13, 2021

হাতী আৰু মানুহৰ সংঘাত । Elephant 🐘 and Human conflict.

হাতী আৰু মানুহৰ সংঘাত : কিয় ?

Elephant 🐘 and Human Conflict : why ? 


সাম্প্ৰতিক সময়ত আলোচ্য বিষয়টোৰ প্ৰাসংগিকতা আহি পৰিছে। নিতৌ বাতৰি কাকত দূৰদৰ্শনৰ শিৰোনামা দখল কৰা বিষয় হিচাপে চিহ্নিত 'হাতী আৰু মানুহৰ সংঘাত' এটা অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ কি ? কিয় আজি হাতী মানুহৰ সমস্যা হ'বলৈ ধৰিছে ? উত্তৰ নিশ্চয় সকলোৰে হাতত আছে। যিহেতু ইয়াৰ মূল কাৰণ হ'ল অৰণ্যৰ সংকোচন । 

    আজিৰ পৰা চল্লিশ পঞ্চাছ বছৰৰ আগতে অসমৰ হাবি বননিৰ ইমান ক্ষীপ্ৰ গতিত সংকোচন হোৱা নাছিল।  কিন্তু এইটো ঠিক যে অলপ অচৰপ কৈ সংকোচন হৈ আহি আছে। মানুহে নিজৰ অভাৱ পূৰণ কৰিবৰ বাবে হাবি জংঘল কাটি তাত খেতি-বাতি কৰিবলৈ আৰু বাসস্থান বনাবলৈ লোৱাৰ ফলত অৰণ্যৰ গছ গছনি ধ্বংস হৈছে। ফলত হাবি গুচি চৰণীয়া পথাৰলৈ পৰিণত হোৱাৰ লগে লগে হাতীৰ বাসস্থান শেষ হৈছে। জীৱ জন্তুৰ খাদ্যৰ নাটনিয়ে দেখা দিছে। যিবা অলপ অচৰপ হাবি আছে তাত উপলব্ধ বনৰীয়া খাদ্য আজি মানুহৰ পেটত গৈছে। বনকলৰ ডিল, টিকনি বৰুৱা পোখা, টেকীয়া, ঔটেঙা, বজাল বাহৰ গাঁজ , তৰাগঁজালি আদি হাতীৰ খাদ্য সৰহ ভাগেই মানুহে ভক্ষণ কৰে। দৰিদ্ৰতা নিবাৰণৰ বাবে দৰিদ্ৰ লোকসকলে বজাৰত এইবোৰ বিক্ৰী কৰি দুপইচা উলিয়াব লগা হয়। ফলত হাবিৰ হাতীৰ খাদ্য নোহোৱা হৈ পৰিছে। অৰণ্যৰ মাজলৈ সোমাই জুমি চালে সকলোবোৰ স্পষ্ট হ'ব পাৰি। যাৰ বাবে হাতী আজি অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে। মানুহৰ কষ্টৰ ফচল আজুৰি খাবলৈ বাধ্য হৈছে। কথাতেই কয়- বাধ্য হ'লে বাঘেও ঘাঁহ খায়। ইয়াৰ ফলশ্ৰুতিতেই হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি। 

    অসমৰ বানপানীৰ সমস্যাও এই ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে। বানপানীৰ ফলত ওখ গঢ়া মাটিৰ সাৰুৱা তৰপ পানীৰ সোঁতত উটি যোৱাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পাবলৈ ধৰিছে। ইয়ে বনৰীয়া গছ গছনি গজাত বাধাৰ সৃষ্টি কৰিছে। হাবি বননিৰ হ্ৰাস হোৱা ইও এটা কাৰণ। 

মানুহে গছ গছনি কাটে বিভিন্ন কাৰণত। খৰি বা ঘৰ সাজিবলৈ কাঠৰ প্ৰয়োজনীয়তাত এচামে গছ গছনি কাটে আৰু আন এচামে ব্যৱসায়িক ভিত্তিত বনাঞ্চল ধ্বংস কৰে। আনহাতে মানুহে গছ গছনি কাটে কিন্তু বিপৰীতে এজোপাও গছ ৰোপণ নকৰে যাৰফলত বনাঞ্চল উদং হৈ পৰিছে। হাতীৰ বিচৰণ ভূমি সংকোচন হৈছে। বৰ বেছি দূৰলৈ নগৈ আমাৰ নাতিদূৰৈত অৱস্থিত হাঁহখাটীৰ বনাঞ্চল খনেই ইয়াৰ প্ৰমান। আজিৰ পৰা বিশ চল্লিশ বছৰৰ আগতে হাঁহখাটী বনাঞ্চল ডাঠ অৰণ্যৰে ভৰপূৰ আছিল কিন্তু কালবাগৰা লগে লগে এই অৰণ্য আজি একেবাৰে নিশেষ হোৱাৰ পথত পৰ্যবসিত হ'ল। ইয়াৰ কাৰণ হ'ল বানপানী আৰু মানুহৰ বন ধ্বংস যজ্ঞ। যাৰ বাবে ডাঠ হাবি গুচি মুকলি ঠাইলৈ পৰিণত হোৱা দেখা গৈছে। 
   ইয়াৰ ফলতেই নামনি অসমত আমনি কৰা হাতী আহি উজনি অসমৰ হাঁহখাটীৰ বৃহৎ এলেকাত মানুহৰ পথাৰৰ ধান খাই নষ্ট কৰিছে।  তদুপৰি গাঁৱত প্ৰৱেশ কৰি মানুহৰ ধানৰ ভঁৰাল তহিলং কৰাৰ উপৰিও বাৰীৰ শস্য নষ্ট কৰিছে। ফলত হাতী আৰু মানুহৰ মাজত সংঘাতৰ সৃষ্টি হৈছে, এই সংঘাতত মানুহৰ প্ৰাণো হানি হৈছে। বিগত ২০২০ চনত হাঁহখাটী বন গাঁৱত মৃত্যু হোৱা এজন লোক ইয়াৰে প্ৰমাণ।

সাম্প্ৰতিক সময়ত বাতৰি কাকতৰ পৃষ্ঠাত শিৰোনাম দখল কৰা সংবাদৰ ভিতৰত 'হাতী আৰু মানুহৰ সংঘাত' শীৰ্ষক বাতৰিও অন্যতম। আজি যদি হাতীয়ে কৰবাত মানুহ মাৰিছে তেন্তে আন কৰবাত পথাৰৰ শস্য নষ্ট কৰিছে। আকৌ কৰবাত মানুহে বিদ্যুৎ সংযোগ ঘটাই হাতীৰ মৃত্যু ঘটাইছে। নিতৌ এনে বাতৰি আজিৰ কাকতবিলাকত পোৱা যায়। এয়া কিয় হ'বলৈ পাইছে ? কি কাৰণত হাতীয়ে অৰণ্যৰ বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে ? কিয় মানুহৰ শস্য নষ্ট কৰিছে ? আদি প্ৰশ্ন সমূহৰ উত্তৰ বিচাৰি সমাধানৰ পথ উলিওৱাটো আমাৰ কৰ্তব্য আৰু এয়া সময় সমাগত। নহ'লে এদিন মানুহৰ উৎপাতত ডাইন'চৰ বিলুপ্ত হোৱাৰ দৰে বৃহৎ আকাৰৰ জীৱ হাতীও বিলুপ্ত হ'ব। 

হাতীৰ উপদ্ৰৱৰ কেইখনমান ঠাই :

    অসমৰ পাহাৰীয়া জিলাৰ উপৰি নাগালেণ্ড সীমান্ত, অসম-অৰুণাচল, অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত হাতীৰ উপদ্ৰৱৰ বাবে সাধাৰণ ৰাইজে বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছে। যোৰহাট, গোলাঘাট, নগাঁও, কাৰ্বি আংলং, চিৰাং, বঙাইগাঁও, বাগসা, লখিমপুৰ, শোণিতপুৰ, দৰং আদি জিলাত সাধাৰণতে হাতীৰ উপদ্ৰৱ বেছি। দৰঙৰ ভাৰত-ভূটান সীমান্তৰ লগতে যোৰহাটৰ মৰিয়নি, কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া স্থান, বাগসাৰ ভাৰত-ভূটান সীমান্তত নিতৌ বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ আক্ৰমণ।

বনবিভাগৰ কৰণীয় :
    হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগেও উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি সততে ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। কেতিয়াবা বনকৰ্মী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নোহোৱাও নহয়। আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়াও হৈছে। কেতিয়াবা আকৌ চোৰাং চিকাৰীৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যুও হৈছে। আক্ৰমণত চিৰদিনৰ বাবে ঘুণীয়াও হৈছে। দৰাচলতে এনেধৰণৰ পৰিস্থিতিৰ কিয় সৃষ্টি হৈছে সেয়া ভাবি চোৱাৰ সময় আহি পৰিছে। 

প্ৰকৃততে বনবিভাগে কি কৰিব পাৰিব ? বন বিভাগৰ মানুহবিলাকো আমাৰ দৰেই নাক কাণ লগা মানুহ । ভয় সিহঁতৰো আছে। কিন্তু তেওঁলোকে অৰণ্য বহলাব পাৰে। হাতীৰ খাদ্যৰ বাবে বিভিন্ন গছ গছনি লগাব পাৰে। যিবিলাক গছ গছনি লগালে জীৱ জন্তুৰ উপকাৰ সাধিত হয়  সেইবিলাক লগাওক। অপ্ৰয়োজনীয় গছ গছনি লগাই লাভ নাই। আজি সকলোৱে দেখিছোঁ বা বুজিছো যে হাতী হাবিৰ পৰা উলাই অহাৰ মুখ্য কাৰণ হৈছে ভোক নিবাৰণ। গতিকে যদি এই সমস্যাটো সমাধান কৰিব লাগে তেন্তে হাতীৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। 

হাঁহখাটী বনাঞ্চলত সাত আঠ বছৰৰ আগতে গছপুলি ৰোপণ কৰা দেখিলোঁ। কিন্তু কি গছ লগালে জানে নে ? 'বাঁহগছ' লগালে। বাঁহগছ হাতীৰ খাদ্য হয় নে ?  আচলতে বনানিকৰণ হ'ব লাগে দুয়োকূল ৰক্ষা কৰি। জীৱ জন্তুৰ খাদ্যৰ উপযোগী আৰু প্ৰকৃতিৰ পৰিৱেশ সুৰক্ষা এই দুটা দিশৰ প্ৰতি লক্ষ্য ৰাখি বনানিকৰণ হ'ব লাগে। তেতিয়াহে দুয়োকূল ৰক্ষা পৰিব।


সদৌ শেষত পুনৰ বাৰ কও সময় জুৰ পুৰি হাত পালেহি। চৰকাৰেও বনানিকৰণৰ ওপৰত সঠিক আঁচনি গ্ৰহণ কৰক আৰু অৰণ্য ববহলোৱাৰ কাম হাতত লওক। যিকোনো বনাঞ্চল মানুহৰ বাসভূমি কৰিবলৈ এৰি নিদিব। বিভিন্ন অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও এই সৰু সৰু বনাঞ্চল সমূহৰো অতীব প্ৰয়োজন আছে।  বনাঞ্চলত হোৱা বেদখল মুক্ত নকৰিলে জীৱৰ সৈতে এই সমস্যাৰ ওৰ নপৰিব নিশ্চয়।


হাতী দিৱস উপলক্ষে যুগুতোৱা প্ৰৱন্ধটো পঢ়াৰ বাবে অশেষ ধন্যবাদ জনালো।
                -- দুদুল সোণোৱাল।


  

---++++++++++++++++++++++++++++----- 

Wednesday, August 11, 2021

ত্ৰয়োদশ খণ্ড, সত্যৰ সৈতে মোৰ পৰীক্ষা-নিৰীক্ষা। My experiment with truth, an Autobiography.

(ত্ৰয়োদশ খণ্ড)

সত্যৰ সৈতে মোৰ পৰীক্ষা-নিৰীক্ষা

           এখন আত্মজীৱনী

মূল লেখক: মোহনদাস কৰমচাদ্ গান্ধী
অসমীয়া অনুবাদ : দুদুল সোণোৱাল ।

25.

মোৰ অসহায়তা


এইটো কোৱা টো সহজ আছিল কিন্তু বাৰত অনুশীলন কৰাটো কঠিন আছিল। মই আইনবোৰ পঢ়িছিলো কিন্তু আইন কেনেদৰে অনুশীলন কৰিব লাগে শিকা নাছিলো। মই আগ্ৰহেৰে 'লিগাল মেক্সিম' পঢ়িছিলো, কিন্তু সেইবোৰ মোৰ বৃত্তিত কেনেদৰে প্ৰয়োগ কৰিব লাগে নাজানিছিলো। 'চিক ইউটেৰ টুও উট এলিয়েনিয়াম নন লেডাচ' (আপোনাৰ সম্পত্তি এনেদৰে ব্যৱহাৰ কৰক যাতে আনৰ সম্পত্তি ক্ষতি নহয়।) সেইবোৰৰ ভিতৰত এটা আছিল, কিন্তু এজন গ্ৰাহকৰ সুবিধাৰ বাবে এজনে কেনেকৈ এই মেক্সিমটো খালী কৰিব পাৰে জানিবলৈ মই ক্ষতিগ্ৰস্ত হৈছিলোঁ। মই এই মেক্সিমৰ সকলো আগশাৰীৰ গোচৰ পঢ়িছিলো কিন্তু তেওঁলোকে মোক আইনৰ অনুশীলনত ইয়াৰ প্ৰয়োগৰ ওপৰত কোনো আস্থা দিয়া নাছিল । ইয়াৰ উপৰিও, মই ভাৰতীয় আইনৰ একো শিকিব পৰা নাছিলো। মোৰ হিন্দু আৰু মহোমেদান আইনৰ সামান্যতম ধাৰণা নাছিল। মই আনকি এটা প্লেইণ্ট কেনেদৰে খচৰা প্ৰস্তুত কৰিব লাগে শিকি নাছিলো আৰু সম্পূৰ্ণৰূপে সাগৰত অনুভৱ কৰিছিলো। মই ছাৰ ফেৰোজেশ্বাহ মেহতাৰ বিষয়ে শুনিছিলো যি আইন আদালতত সিংহৰ দৰে গৰ্জন কৰিছিল। মই কেনেকৈ ভাবিছিলো, তেওঁ ইংলেণ্ডত কলাটো শিকিব পাৰিলেহেঁতেন নেকি ?
      
    তেওঁৰ আইনী কুশলতা আহৰণ কৰাটো মোৰ বাবে কেতিয়াবা প্ৰশ্নৰ বাহিৰত আছিল, কিন্তু মই আনকি পেছাটোৰ দ্বাৰা জীৱিকা শিকিব পাৰিম নে নাই সেই বিষয়ে মোৰ গুৰুতৰ সন্দেহ আছিল। মই আইন অধ্যয়ন কৰি থাকোতে এই সন্দেহ আৰু উদ্বেগত ভাগি পৰিছিলো। মই মোৰ কিছুমান বন্ধুক মোৰ অসুবিধাবোৰ গোপনে কৈছিলো।
 
    তেওঁলোকৰ এজনে পৰামৰ্শ দিছিল যে মই দাদাভাই নৰোজীৰ পৰামৰ্শ ল'ব লাগে। মই ইতিমধ্যে কৈছো যে যেতিয়া মই ইংলেণ্ডলৈ গৈছিলো মোৰ ওচৰত দাদাভাইৰ পৰিচয়ৰ এটা টোকা আছিল। মই বহু পলমকৈ ইয়াৰ সুবিধা লৈছিলো। মই ভাবিছিলো যে সাক্ষাৎকাৰৰ বাবে ইমান ডাঙৰ মানুহক কষ্ট দিয়াৰ মোৰ কোনো অধিকাৰ নাই।
 
     যেতিয়াই তেওঁৰ দ্বাৰা এটা ঠিকনা ঘোষণা কৰা হৈছিল, মই ইয়াত উপস্থিত থাকিম, হলৰ এটা কোণৰ পৰা তেওঁৰ কথা শুনিম আৰু মোৰ চকু আৰু কাণ ভোজ খাই আঁতৰি যাম।
  
     তেওঁ এটা সংগঠন প্ৰতিষ্ঠা কৰা শিক্ষাৰ্থীসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত আহিবলৈ, মই ইয়াৰ সভাবোৰত উপস্থিত আছিলোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দাদাভাইৰ অনুৰোধ আৰু তেওঁৰ প্ৰতি পিছৰজনৰ সন্মানদেখি আনন্দিত হৈছিলোঁ। সময়ৰ ভিতৰতে মই তেওঁৰ ওচৰত পৰিচয়ৰ টোকা দিবলৈ সাহস সংগ্ৰহ কৰিছিলো।
   তেওঁ ক'লে, "আপুনি যেতিয়াই বিচাৰে আহি মোৰ পৰামৰ্শ ল'ব পাৰে।" কিন্তু মই কেতিয়াও তেওঁৰ প্ৰস্তাৱৰ সুবিধা লোৱা নাছিলো। মই আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা অবিহনে তেওঁক কষ্ট দিয়াটো ভুল বুলি ভাবিছিলো। সেয়েহে মই সেই সময়ত দাদাভাইৰ ওচৰত মোৰ অসুবিধাবোৰ জমা দিবলৈ মোৰ বন্ধুবৰ্গৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সাহস কৰা নাছিলোঁ।
  
    মই এতিয়া পাহৰি গৈছো যে সেই জন বন্ধুই নে আন কোনোবাই মোক শ্ৰীযুত প্ৰেডেৰিক পিনকাটক লগ কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ এজন ৰক্ষণশীল আছিল কিন্তু ভাৰতীয় শিক্ষাৰ্থীসকলৰ প্ৰতি তেওঁৰ মৰম বিশুদ্ধ আৰু স্বাৰ্থহীন আছিল। বহুতো শিক্ষাৰ্থীয়ে তেওঁৰ পৰামৰ্শ বিচাৰিছিল আৰু মই তেওঁৰ ওচৰত এপইণ্টমেণ্টৰ বাবে আবেদন কৰিছিলো যিটো তেওঁ মঞ্জুৰ কৰিছিল। মই সেই সাক্ষাৎকাৰটো কেতিয়াও পাহৰিব নোৱাৰো। তেওঁ মোক এজন বন্ধু হিচাপে সম্ভাষণ জনাইছিল।
  

     তেওঁ মোৰ নিৰাশাবাদক হাঁহিছিল। "আপুনি ভাবেনে", তেওঁ কৈছিল, "সকলোৱে ফেৰোজেশ্বাহ মেহতা হ'ব লাগিব ? ফেৰোজেশ্বাহ আৰু বদৰুদ্দিন বিৰল। নিশ্চিত হওক এজন সাধাৰণ উকীল হ'বলৈ কোনো অস্বাভাৱিক দক্ষতাৰ প্ৰয়োজন নাই। সাধাৰণ সততা আৰু পৰিশ্ৰমে তেওঁক জীৱিকা নিৰ্বাহ কৰাত সক্ষম কৰিবলৈ যথেষ্ট। সকলো বোৰ ঘটনা জটিল নহয়। ঠিক আছে, আপোনাৰ সাধাৰণ পঢ়াৰ পৰিমাণ মোক জনাব। 

  
    যেতিয়া মই তেওঁক মোৰ পঢ়াৰ সামান্য ভাণ্ডাৰৰ সৈতে সন্মিলিত কৰিছিলো, তেতিয়া তেওঁ মই যিমান দেখিছিলোঁ, বৰঞ্চ হতাশ হৈছিল।
  
    কিন্তু এইটো কেৱল এক মুহূৰ্তৰ বাবে আছিল। সোনকালেই তেওঁৰ মুখখন আনন্দদায়ক হাঁহিৰে জিলিকি উঠিল আৰু তেওঁ ক'লে, "মই আপোনাৰ সমস্যাটো বুজি পাইছো। আপোনাৰ সাধাৰণ পঢ়া হৈছে মেৰ্গে। আপোনাৰ পৃথিৱীৰ বিষয়ে কোনো জ্ঞান নাই, এটা ভাকিলৰ বাবে এক অপৰিহাৰ্য বিষয়। আপুনি আনকি ভাৰতৰ ইতিহাসও পঢ়া নাই। এজন ভাকিলে মানুহৰ প্ৰকৃতি জানিব লাগে।
  
    তেওঁ তেওঁৰ মুখৰ পৰা এজন মানুহৰ চৰিত্ৰ পঢ়িবলৈ সক্ষম হ'ব লাগে। আৰু প্ৰতিজন ভাৰতীয়ই ভাৰতীয় ইতিহাস জনা উচিত। আইনৰ অনুশীলনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই কিন্তু আপোনাৰ সেই জ্ঞান থকা উচিত। মই দেখিছো যে আপুনি আনকি ১৮৫৭ চনৰ 'মাল্টিনিৰ কায়ে আৰু মেলেছনৰ' ইতিহাসও পঢ়া নাই। 
   
   একেলগে সেইটো ধৰি লওক আৰু মানুহৰ প্ৰকৃতি বুজিবলৈ আৰু দুখন কিতাপ পঢ়ক।" এইবোৰ আছিল লাভাটৰ আৰু শ্বেমেলপেনিকৰ ফিজিঅ'গনোমিৰ কিতাপ।
    
    মই এই সন্মানীয় বন্ধুজনৰ প্ৰতি অত্যন্ত কৃতজ্ঞ আছিলোঁ। তেওঁৰ উপস্থিতিত মই মোৰ সকলো ভয় নাইকিয়া হোৱা দেখিছিলো, কিন্তু মই তেওঁক এৰি যোৱাৰ লগে লগে, মই পুনৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিলোঁ। 'এজন মানুহক তেওঁৰ মুখৰ পৰা জানিবলৈ' এই প্ৰশ্নটোৱে মোক আতংকিত কৰিছিল, যিহেতু মই ঘৰলৈ যাওঁতে দুখন কিতাপৰ কথা ভাবিছিলো। পিছদিনা মই লাভাটৰৰ কিতাপখন কিনিছিলো।
   
   শ্বেমেলপেনিক দোকানত উপলব্ধ নাছিল। মই লাভাটৰৰ কিতাপখন পঢ়িছিলো আৰু স্নেলৰ ইকুইটিতকৈ ইয়াক অধিক কঠিন যেন লাগিছিল আৰু খুব কম আকৰ্ষণীয় পাইছিলো। মই শ্বেইকছপীয়েৰৰ ফিজিঅ'গনোমি অধ্যয়ন কৰিছিলো কিন্তু লণ্ডনৰ ৰাস্তাত শ্বেইকছপীয়েৰৰ খোজ কঢ়াটো বিচাৰি উলিওৱাৰ দক্ষতা অৰ্জন কৰা নাছিলোঁ। লাভাটৰৰ কিতাপখনে মোৰ জ্ঞানত যোগ দিয়া নাছিল। শ্ৰীযুত পিনকাটৰ পৰামৰ্শই মোক খুব কম পোনপটীয়া সেৱা দিছিল, কিন্তু তেওঁৰ মহানুভৱতাই মোক ভাল স্থানত থিয় কৰাইছিল । 
   
   তেওঁৰ হাঁহি থকা মুকলি মুখখন মোৰ স্মৃতিত আছিল আৰু মই তেওঁৰ পৰামৰ্শক বিশ্বাস কৰিছিলো যে এজন সফল উকীল বনোৱাৰ বাবে ফেৰোজেশ্বাহ মেহতাৰ কুশলতা স্মৃতি আৰু সামৰ্থ্য অপৰিহাৰ্য নহয়; সততা আৰু উদ্যোগ যথেষ্ট আছিল। আৰু যিহেতু মোৰ এই শেষৰটো ভাল অংশ আছিল মই কিছু পৰিমাণে পুনৰৰ্নিহিত অনুভৱ কৰিছিলো। 
 
    মই 'কায়ে আৰু মেলেছন'ৰ সংখ্যাটো ইংলেণ্ডত পঢ়িব নোৱাৰিলোঁ কিন্তু মই দক্ষিণ আফ্ৰিকাৰ কিছুমানত এনে কৰিছিলো কিয়নো মই প্ৰথম সুযোগতে সেইবোৰ পঢ়িবলৈ চেষ্টা কৰিছিলোঁ।
     
   এনেদৰে মোৰ হতাশাৰ সৈতে মাত্ৰ অলপ আশাৰে মই এছ.এছ. অসমৰ পৰা বোম্বাইত অৱতৰণ কৰিলোঁ। বন্দৰত সাগৰখন উত্তাল আছিল আৰু মই নমাৰ সময়ত ঘাটত শাৰী পাতি উপস্থিত হ'ব লাগিছিল।  


খণ্ড- II

 আইনী অনুশীলনৰ প্ৰাৰম্ভিক দিনত গান্ধী, জোহান্সবাৰ্গ ১৯০০ 

        I
  Raychanbhai

   মই শেষ অধ্যায়ত কৈছিলো যে বোম্বাই বন্দৰত সাগৰ খহটা আছিল, জুন আৰু জুলাইত আৰৱ সাগৰত কোনো অস্বাভাৱিক কথা নহয়। এডেনৰ পৰা গোটেই পথটো কটা আছিল। প্ৰায় প্ৰতিজন যাত্ৰী অসুস্থ আছিল; মই অকলে ধুমুহাৰ ঢৌ চাবলৈ আৰু ঢৌৰ ছিটিকনি উপভোগ কৰিবলৈ ডেকত থকাৰ পৰা নিখুঁত আছিলোঁ। ৰাতিপুৱাৰ আহাৰত মোৰ উপৰিও মাত্ৰ এজন বা দুজন মানুহে তেওঁলোকৰ কোলাত সাৱধানে ধৰি থকা প্লেটবোৰৰ পৰা তেওঁলোকৰ ওটমিল ৰস খাই আছিল, নহ'লে লুচিটোৱে নিজেই তাত স্থান পাব। 
   
    বাহিৰৰ ধুমুহাটো মোৰ বাবে ভিতৰৰ প্ৰতীক আছিল। কিন্তু আনকি আগৰজনে মোক বিচলিত নকৰাকৈ এৰি দিয়াৰ পিছতো, মই ভাবো মই চিঠিখনৰ বিষয়ে একেটা কথা ক'ব পাৰোঁ। মোৰ মুখামুখি হ'বলৈ জাতিটোৰ সৈতে সমস্যা আছিল। মই ইতিমধ্যে মোৰ বৃত্তিআৰম্ভ কৰাত মোৰ অসহায়তাৰ বাবে ব্যাখ্যা দিছো। আৰু তাৰ পিছত, যিহেতু মই এজন সংস্কাৰক আছিলোঁ, মই নিজকে কৰ দি আছিলো যে কেনেকৈ কিছুমান সংস্কাৰ আৰম্ভ কৰিব পাৰি। কিন্তু মোৰ বাবে মই জনাতকৈও বেছি মজুত আছিল। মোৰ ডাঙৰ ভায়জনে মোক ডকত লগ কৰিবলৈ আহিছিল।
   
    তেওঁ ইতিমধ্যে ডাঃ মেহতা আৰু তেওঁৰ ডাঙৰ ভায়েকৰ পৰিচয় দিছিল আৰু ডাঃ মেহতাই মোক তেওঁৰ ঘৰত ৰাখিবলৈ জোৰ দিয়াৰ লগে লগে আমি তালৈ গৈছিলো। এনেদৰে ইংলেণ্ডত পৰিচিত ব্যক্তিজন আৰম্ভ হৈছিল ভাৰতত অব্যাহত আছিল আৰু দুয়োটা পৰিয়ালৰ মাজত স্থায়ী বন্ধুত্বত পৰিণত হৈছিল। মই মোৰ মাক চাবলৈ পিন কৰি আছিলো। মই নাজানিছিলো যে মোক তাইৰ বুকুত ঘূৰাই পাবলৈ তাই আৰু এই সংসাৰত নাছিল। দুখৰ খবৰটো এতিয়া মোক দিয়া হৈছিল আৰু মই সচৰাচৰ স্নান বুজি পাওঁ। মই ইংলেণ্ডত থাকোতে সংঘটিত হোৱা তাইৰ মৃত্যুৰ বিষয়ে মোৰ ভাতৃয়ে মোক অজ্ঞ কৰি ৰাখিছিল। তেওঁ মোক বিদেশৰ দেশত আঘাতটো এৰি দিব বিচাৰিছিল। অৱশ্যে এই বাতৰিটো মোৰ বাবে এক তীব্ৰ আঘাত আছিল। কিন্তু মই ইয়াৰ ওপৰত ধ্যান দিব নালাগে। মোৰ দুখ মোৰ দেউতাৰ মৃত্যুতকৈও বেছি আছিল। মোৰ বেছিভাগ প্ৰিয় আশা ভাগি পৰিছিল। কিন্তু মোৰ মনত আছে যে মই নিজকে দুখৰ কোনো বন্য অভিব্যক্তিৰ বাবে এৰি দিয়া নাছিলো। মই আনকি চকুপানী পৰীক্ষা কৰিব পাৰিছিলো আৰু জীৱনলৈ লৈগৈছিলো যেন একো হোৱা নাছিল। ডাঃ মেহতাই মোক কেইবাজনো বন্ধুৰ সৈতে পৰিচয় কৰাই দিছিল তেওঁলোকৰ এজন আছিল তেওঁৰ ভাতৃ শ্ৰী ৰেভাশংকৰ জগজীৱন, যাৰ সৈতে জীৱনজোৰা বন্ধুত্ব গঢ়ি উঠিছিল। কিন্তু মই বিশেষভাৱে মন কৰিব লগা পৰিচয়টো আছিল কবি ৰায়চান্দ বা ৰাজচন্দ্ৰৰ বাবে ডাঃ মেহতাৰ এজন ডাঙৰ ভায়েকৰ পুত্ৰ আৰু ৰেভাশংকৰ জগজীৱনৰ নামত পৰিচালিত অলংকাৰ প্ৰতিষ্ঠানৰ অংশীদাৰ। তেতিয়া তেওঁ পঁচিশবছৰৰ ওপৰত নাছিল, কিন্তু তেওঁৰ সৈতে মোৰ প্ৰথম সাক্ষাতে মোক নিশ্চিত কৰিছিল যে তেওঁ এজন মহান চৰিত্ৰ আৰু শিকাৰ ব্যক্তি। তেওঁক শতাৱধনী বুলিও জনা গৈছিল (এজনৰ একেলগে এশটা বস্তু মনত ৰখা বা উপস্থিত থকাৰ অনুষদ আছিল), আৰু ডাঃ মেহতাই মোক তেওঁৰ স্মৃতিৰ কিছুমান কৃতিত্ব চাবলৈ পৰামৰ্শ দিছিল। মই জনা সকলো ইউৰোপীয় ভাষাৰ শব্দভাণ্ডাৰ শেষ কৰি দিছিলোঁ আৰু কবিক শব্দবোৰ পুনৰাবৃত্তি কৰিবলৈ কৈছিলো।
   
    মই তেওঁলোকক দিয়া সঠিক ক্ৰমত তেওঁ এনে কৰিছিল। মই তেওঁৰ উপহাৰটো অৱশ্যে ইয়াৰ মন্ত্ৰৰ অধীনলৈ অহা অবিহনে ঈৰ্ষা কৰিছিলো। যিটো বস্তুৱে মোৰ ওপৰত ইয়াৰ মন্ত্ৰ প্ৰদৰ্শন কৰিছিল মই পিছত জানিব পাৰিছিলো। এইটো তেওঁৰ শাস্ত্ৰৰ বিষয়ে তেওঁৰ নিষ্কলঙ্ক চৰিত্ৰ আৰু আত্ম উপলব্ধিৰ প্ৰতি তেওঁৰ জ্বলন্ত আগ্ৰহআছিল। মই পিছত দেখিছিলো যে এইশেষটোৱেই একমাত্ৰ কাৰণ যাৰ বাবে তেওঁ বাস কৰিছিল।
   
     মুকুতানন্দৰ নিম্নলিখিত শাৰীবোৰ সদায় তেওঁৰ ওঁঠত আছিল আৰু তেওঁৰ হৃদয়ৰ টেবলেটত খোদিত আছিল: 'মই নিজকে তেতিয়াহে আশীৰ্বাদপ্ৰাপ্ত বুলি ভাবিম যেতিয়া মই তেওঁক মোৰ দৈনন্দিন প্ৰতিটো কামত দেখিম; যি সেই সূতা যাক মুকুতানন্দৰ জীবনক সমর্থন কৰে । ৰায়চান্দভাইৰ বাণিজ্যিক লেনদেনে কেইবা হাজাৰ সামৰি লৈছিল। তেওঁ মুক্তা আৰু হীৰাৰ এজন জ্ঞানী আছিল। তেওঁৰ বাবে কোনো জটিল ব্যৱসায়িক সমস্যা ইমান কঠিন নাছিল। কিন্তু এই সকলোবোৰ বস্তু কেন্দ্ৰীয় ৰাউণ্ড নাছিল যিটো তেওঁৰ জীৱনঘূৰি আছিল। সেই কেন্দ্ৰটো আছিল ভগৱানক মুখামুখি কৈ চোৱাৰ আগ্ৰহ।


আগলৈ ....



     


আন্তৰিক ধন্যবাদেৰে.... দুদুল সোণোৱাল।



+++++++++++++++++++++++++++++



   

Monday, August 9, 2021

সুগন্ধি পখিলাৰ কবি - হীৰেন ভট্টাচাৰ্য। Sugondhi pokhilar kovi - Hiren Bhattachajee

সুগন্ধি পখিলাৰ কবি : 

কবিজনাৰ সংক্ষিপ্ত পৰিচয় : 

অসমৰ অন্যতম খ্যাতিসম্পন্ন তথা যশস্বী কবি হিচাপে পৰিচিত কবি হীৰেন ভট্টাচাৰ্য। যাক অসমৰ লোকসলে মৰমতে আৰু তেখেতৰ ৰচনা ৰাজিৰ প্ৰতি আকৃষ্ট হৈ হীৰুদা বীষেশণেৰে অভিহিত কৰে। হীৰুদা যেন সকলো কবিতা প্ৰেমী ৰাইজৰেই হীৰুদা যি হিয়াৰ আমঠুস্বৰূপ বুকুৰ আপোনতকৈও আপোন ! কৃষকৰ বুকুৰ মাজলৈ সোমাই দুখবোৰ জুমি চাব সক্ষম হোৱা, বেদনাবোৰৰ ওজন জুখি চাব সক্ষম হোৱা ব্যক্তিজনেই হ'ল আমাৰ প্ৰাণৰো প্ৰাণৰ হীৰুদা । এইজন প্ৰসিদ্ধ কবিৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৮ জুলাইত অসমৰ যোৰহাট জিলাত আৰু মৃত্যু হৈছিল ২০১২ চনৰ ৪ জুলাইত।


তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ আছিল স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ বৃত্তিত এগৰাকী জেইলাৰ আছিল।  

অসমৰ বিভিন্ন বাতৰি কাকত আৰু আলোচনী আদিত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছিল। তেখেতৰ জীৱনকালত অসমীয়া ভাষাত মুঠ তেৰ খন কবিতা সংকলন প্ৰকাশ পাইছিল। তদুপৰি দুখনকৈ কবিতা পুথি বঙালী ভাষাতো অনুদিত হৈছে। এই গৰাকী প্ৰথিতযশা কবি হীৰেন ভট্টাচাৰ্য ডাঙৰীয়াক "সুগন্ধি পখিলা" আৰু "প্ৰেম আৰু ৰ'দালি"ৰ কবি বিশষণেৰে বিভূষিত কৰা হৈছে। স্বদেশৰ মানুহৰ সম্পৰ্কে, বোকা মাটিৰ গোন্ধ থকা কবিতা লিখি অসমৰ কবিতাৰ ভঁৰাল টনকিয়াল কৰাত বহু অৱদান আগবঢ়াই থৈ গৈছে। 

বিভিন্ন সময়ত বিভিন্ন জন লেখক সাহিত্যিকে কবি গৰাকীৰ কবিতাৰ সম্পৰ্কে প্ৰশংসনীয় মন্তব্য আগবঢ়ায় থৈ গৈছে। বিশেষকৈ অসমৰ স্বনামধন্য সাহিত্যিক ড° হীৰেন গোহাঁই ডাঙৰীয়াই কবি গৰাকীৰ সম্পৰ্কে কৈছিল -- " তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্তিতধী কাৰুণ্যতা কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সৃষ্টিৰ, আশাৰ, আস্হাৰ আকাশ দেখুৱাই থাকিব।"

প্ৰতিটো কবিতাৰ ভাঁজত থকা সুৰৰ মায়াময় ৰূপ , ৰস, শব্দচয়নৰ সুগঠিত ৰূপ, ভাষাৰ লালিত্যই কবিতাবোৰৰ প্ৰতি অধিক মনোগ্ৰাহী আৰু পাঠক সমাজক আকৰ্ষিত কৰি তোলে। তেখেতৰ কাপেৰে নিগৰিত কবিতাবোৰ পঢ়িলে দেশপ্ৰেমৰ মনোভাৱ জাগি উঠাৰ লগতে শোষিত নিষ্পেষিত জনতাৰ ক্ৰন্দনৰ প্ৰতিচ্ছবি দুচকুত ভাঁহি উঠে। সেয়ে হয়তো কবিজনাৰ সৃষ্টিৰাজি আজিও জীৱন্ত দলিল হিচাপে পৰিগণিত।

শৈশৱ- কৈশোৰ কালৰ আভাস :

তেখেতৰ শৈশৱকাল অতিবাহিত হৈছিল ডিব্ৰুগড় জিলাত। পৰিয়ালৰ লগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেখেতৰ ল'ৰালি কালৰ জীৱন বৰ সুখকৰ বুলিব নোৱাৰি। যিহেতুকে কোনো ঠাইতে সৰু অৱস্থাত স্থায়ী ভাৱে থাকিব পোৱা নাছিল। পিতৃ জেইলাৰ চাকৰি কৰাৰ বাবে আবাস গৃহও জেইল চৌহদৰ ভিতৰতে আছিল। তেখেতৰ ল'ৰালি কালৰ প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা, ফুলৰ বাৰী পতা। আনকি তেওঁ কাৰাগাৰৰ ভিতৰতে এই প্ৰিয় কাম কৰিছিল বুলি জনা যায়। অৱশ্যে তেওঁ সৰুতে খুব কম খেলিছিল আৰু লগৰ সমনীয়াহঁতে খেলি থাকিলেও তালৈ কানসাৰ দিয়া নাছিল কিন্তু তেওঁ দূৰৈৰ পৰাই সিহঁতক খেলা চাই আছিল। তদুপৰি সৰুৰে পৰাই এইজন খ্যাতিসম্পন্ন কবি ভাবুক, আনমনা আৰু অস্হিৰ স্বভাৱৰ আছিল বুলি জনা যায়।

শিক্ষা জীৱন: 

পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষা জীৱন ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ অসমৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল । ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ মধ্য ইংৰাজী বিদ্যালয়ত তেখেতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত দেউতাকৰ চাকৰিসূত্ৰে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা তেজপুৰতহে সম্পূৰ্ণ হৈছিল। উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ বাবে মঙলদৈ, গোলাঘাট, গুৱাহাটী আদি কৰি অসমৰ বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছিল। অৱশেষত ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

কবি হিচাপে স্বীকৃতি আৰু ৰচনাৰাজি :


জীৱনৰ কোনো এক নিৰিবিলি ক্ষণত হয়তো এদিন তেখেতে প্ৰথম কবিতাটো লিখি অসমৰ কবিতা প্ৰেমীক উপহাৰ হিচাপে দিছিল। সেয়া আছিল ১৯৫৭ চনৰ কথা। ১৯৫৭ চনৰ পৰা হীৰুদাই কবিতাৰ পথাৰত লেচেৰি বুটলি কবিতাৰ ভঁৰাল টনকিয়াল কৰিছিল। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন "মোৰ দেশ মোৰ প্ৰেমৰ কবিতা" প্ৰকাশ হয়। ইয়াৰ পৰৱৰ্তী সময়ত বহু কবিতা পুথি লিখি অসমৰ কবিতাৰ ভঁৰাল চহকী কৰি থৈ গৈছে। ১৯৭৪ চনত প্ৰকাশ পাইছিল"বিভিন্ন দিনৰ কবিতা" , ১৯৭৬ চনত "কবিতাৰ ৰ'দ" আৰু ১৯৭২ চনত 'তোমাৰ গান' নামৰ কবিতা সংকলন কেইখন প্ৰকাশ পাইছিল। তদুপৰি ১৯৮১ চনত 'সুগন্ধি পখিলা' নামৰ নিৰ্বাচিত কবিতা সংকলন প্ৰকাশ পাইছিল। ১৯৯১ চনত 'শইচৰ পথাৰ মানুহ' প্ৰকাশ পাইছিল। হীৰুদাৰ প্ৰতিটো কবিতাই মানুহৰ অন্তৰ চুই যাবলৈ সক্ষম। তেখেতৰ কবিতাৰ ছন্দ, সৰু সৰু কবিতাত নিহিত থকা  সুৰ, তাল, মান,লয় আৰু অৰ্থব্যঞ্জক প্ৰতীক মিহলি হৈ থকাৰ বাবে হয়তো কবিতাবোৰে মানুহৰ মনত দ'কৈ শিপাবলৈ সক্ষম হৈছিল। তেখেতৰ কবিতাৰ মূল বিষয়বস্তু আছিল প্ৰকৃতি আৰু মানুহ।

তেখেতৰ ৰচনা সমূহ :- 

মোৰ দেশ মোৰ প্ৰেমৰ কবিতা, বিভিন্ন দিনৰ কবিতা, কবিতাৰ ৰ'দ, সুগন্ধি পখিলা, শইচৰ পথাৰ মানুহ, মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা-মাটি, ভালপোৱাৰ দিক্‌চৌ বাটেৰে, বাচকবনীয়া কবিতা,  সুগন্ধি শিপা, শিপাৰ পৰা পাতলৈ,কেইটামান গান, জোনাকী মন ও অন্যান্য (বঙালী), শস্যেৰ মাঠ ও অন্যান্য (বঙালী), শিশু সম্বন্ধীয়  ৰচনাৰাজি  হ'ল :- ল'ৰা ধেমালি, আকৌ ধেমালি,  ৰৈ ৰৈ ধেমালি আদি । 


বঁটা-বাহন লাভ :

কবি হীৰেন ভট্টাচাৰ্যই বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰে ভিতৰত ---
১/ ১৯৭৬ চনত  "বিভিন্ন দিনৰ কবিতা" সংকলনৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰিছিল।
২/ ১৯৮৫ চনত "সুগন্ধি পখিলা" কবিতা পুথিৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা আৰু ভাৰতীয় বিদ্যা ভৱনৰ বালাজী সাহিত্য বঁটা লাভ কৰিছিল।
৩/ তেখেতে ১৯৮৭ চনত "সুগন্ধি পখিলা" কবিতা পুথিৰ বাবে চোভিয়েট দেশৰ নেহেৰু বটাঁ পাবলৈ সক্ষম হৈছিল।
৪/ ১৯৯২ চনত "শইচৰ পথাৰ মানুহ" নামৰ কবিতা সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু ইয়াৰ বাবেই উত্তৰ প্ৰদেশ হিন্দী সংস্থাই "সৌহাদ্য সন্মান" প্ৰদান কৰিছিল।
৫/ পুনৰ ১৯৯৩ চনত "শইচৰ পথাৰ মানুহ" কবিতা পুথিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ "বজালিনী বঁটা" বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
৬/ ২০০০ চনত উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাসৰ "অসম উপত্যকা সাহিত্য বঁটা" লাভ কৰিছিল।
৭/   অসম চৰকাৰৰ দ্বাৰা "গণেশ গগৈ বঁটা" ২০০০ চনত প্ৰদান কৰা হৈছিল।
৮/ ২০১২ চনত মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেচনৰ "পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ" লাভ কৰিব সক্ষম হৈছিল।

সামৰণি : 

ড° মালিনী গোস্বামীয়ে ১৯৭৫ চনতে মন্তব্য আগবঢ়াইছিল যে, " মাত্ৰ এমুঠি শব্দেৰে এটা বৰ্ণগন্ধময় আৰু মাদকতাভৰা পৰিৱেশ সৃষ্টি কৰি কবিয়ে সাব্যস্ত কৰিছে তেওঁৰ তুলনাবিহীন কবিপ্ৰতিভা।এপিনে অতি,অথচ ব্যঞ্জনাৰে ভৰপূৰ।এক মূহুৰ্ততে তেওঁ আমাৰ মনপ্ৰাণ ভৰাই তুলিলে।, সৃষ্টিৰ উদ্দাম কল্লোল আৰু সাতবৰনীয়া ভাৱৰ তৰংগেৰে সোঁৱৰাই দিলে যে সহজেই অতি দুৰ্লভ, অতি আপুৰুগীয়া।"  







Thank you for reading this simple article about the poet Hiren Bhattachajee of Assam.. please subscribe this blog and leave your valuable comment in the post.



++++++++++++++++++++++++++++++++

Sunday, August 8, 2021

আই লাইনাৰ সানিলে চকু ভালে থাকে নে ? Does eye liner keep your eyes well ?

আইলিনা কি ? What is EYE LINNER ?

আইলিনাৰৰ অসমীয়া প্ৰতিশব্দ হ'ল কাজল। আইলিনাৰৰ ৰং সাধাৰণতে ক'লা । ই এবিধ মহিলাৰ সৌন্দৰ্য বৰ্ধনৰ আহিলাা বা প্ৰসাধন সামগ্ৰী । অতীজৰে পৰা চলি অহা নাম কাজল হিচাপে আমি ইয়াক জানো। আনকি কাজলৰ সম্পৰ্কে বহু গায়কে বিভিন্ন গানৰো সৃষ্টি কৰিছে। 


আইলিনাৰ ইতিহাস :

আই লাইনাৰ বা কাজল প্ৰথম ভাৰতত ব্যবহৃত হৈছিল বুলি ইতিহাসে কয়। ইয়াৰ পিছতে প্ৰাচীন ইজিপ্তীয় মহিলা আৰু পুৰুষসকলে কাজল অৰ্থাৎ আই লাইনাৰ লগাইছিল বুলি জনা যায় । থেবেছত নাখতৰ সমাধিৰ পৰা (খ্ৰীষ্টপূৰ্ব 15 শতিকাৰ) এই কথা জানিব পাৰি।

আই লাইনাৰ প্ৰথমে প্ৰাচীন ভাৰত, প্ৰাচীন ইজিপ্ত আৰু মেছোপটেমিয়াত চকুৰ চাৰিওফালে ডাঠ ক'লা ৰেখা হিচাপে ব্যৱহাৰ কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব 10,000 বছৰৰ আৰম্ভণিতে, ইজিপ্তিয়ান আৰু মেছোপটেমিয়ানসকলে কেৱল নান্দনিকতাৰ বাবেই নহয়, মৰুভূমিৰ সূৰ্য্যৰ পৰা ছালক সুৰক্ষিত কৰাৰ বাবেও আই লাইনাৰকে ধৰি বিভিন্ন প্ৰসাধন সামগ্ৰী লগাইছিল বুলি জনা যায়। গৱেষণাৰ জৰিয়তে এইটোও অনুমান কৰিছে যে লগোৱা জনক বেয়া চকুৰ পৰা সুৰক্ষিত কৰিবলৈ আই লাইনাৰ লগোৱা হৈছিল। প্ৰাচীন ইজিপ্তীয় কলাত গধুৰ শৰীৰযুক্ত চকু ৰখাৰ বিশেষত্ব সঘনাই দেখুওৱা হৈছে। তেওঁলোকে বিভিন্ন সামগ্ৰীৰ সৈতে আই লাইনাৰ প্ৰস্তুত কৰিছিল, যাৰ ভিতৰত আছে তামৰ আকৰিক আৰু এণ্টিমনি। প্ৰাচীন ইজিপ্তীয় কাজলত গেলেনা আছিল, যাক পুণ্ট, কপ্টোচ আৰু পশ্চিম এছিয়াৰ ওচৰৰ অঞ্চলৰ পৰা আমদানি কৰা হৈছিল বুলি জনা যায়। 

আমাৰ ভাৰততো বহু বছৰ পূৰ্বৰে পৰা কাজল ব্যৱহাৰ কৰা সম্পৰ্কে ইতিহাসত পোৱা যায়। বিশেষকৈ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ লগতে অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, আদি ৰাজ্য সমূহতো  তিৰোতা সকলৰ মাজত কাজলৰ ব্যাপক ভাবে ব্যৱহাৰ হৈছিল বুলি জনা যায়। অসমৰ তিৰোতা সকলে কাজল লগোৱাৰ উপৰিও সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ কপালত কাজলৰ ফুট লগোৱা দেখা যায়। অসমীয়া সমাজত শিশুৰ কপালত কাজলৰ ফুট লগোৱাটো এটা পৌৰাণিক নিয়মৰ দৰে প্ৰচলিত। ইয়াত অৱশ্যে কিছু অন্ধবিশ্বাস জড়িত হৈ থকা যেনো অনুভৱ হয়। কথিত আছে যে শিশু সকলৰ কপালত কাজলৰ ফুট লগালে কোনো বাহিৰা অপশক্তিয়ে আমনি কৰিব নোৱাৰে বুলি ভবা হয়। কোনো ভূত প্ৰেত আদিয়েও আক্ৰমণ নকৰে বুলি বিশ্বাস কৰা হয়। কাজলৰ লগত এয়া নিশ্চয় অন্ধবিশ্বাসৰ বাদে আন একো নহয়। তদুপৰি তিৰোতা, ছোৱালী বিলাকে চকুৰ পতা আৰু চকুৰ চেলাউৰিৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কাজল লগোৱা দেখা যায়। 


আইলিনাৰ ব্যৱহাৰ:


ইতিমধ্যে ব্যাখ্যা আগবঢ়োৱা হৈছে যে আইলিনা বা কাজল সাধাৰণতে চকুৰ পতা আৰু চেলাউৰিত সৌন্দৰ্য বৰ্ধনৰ বাবে লগোৱা হয়। বিভিন্ন আইলাইনাৰ সম্পৰ্কে তলত উল্লেখ কৰা হৈছে---

১/ তৰল আইলাইনাৰ :

তৰল জাতীয় আই লাইনাৰ হৈছে এক অস্বচ্ছ তৰল যি সাধাৰণতে সৰু বটলএটাত আহে আৰু সাধাৰণতে সৰু তীক্ষ্ণ-টিপযুক্ত ব্ৰাছৰ সৈতে প্ৰয়োগ কৰা হয়। ই এক পৰিষ্কাৰ আৰু সঠিক ৰেখা সৃষ্টি কৰে। তীক্ষ্ণ, ডানাযুক্ত আইলাইনাৰ সৃষ্টি কৰিবলৈ এই প্ৰকাৰৰ আই লাইনাৰ সৰ্বশ্ৰেষ্ঠভাৱে ব্যৱহাৰ কৰা হয়।  তৰল আই লাইনাৰে যথেষ্ট গভীৰ ৰূপ দিবলৈ সক্ষম।

২/ পাউডাৰ-আধাৰিত আই লাইনাৰ : 

 পাউদাৰ আধাৰিত আই লাইনাৰ হৈছে কাঠৰ পেঞ্চিলৰ দৰে এডাল আই লাইনাৰ। ই সাধাৰণতে আন্ধাৰ আৰু চকুত ডাঠ ছাঁ সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা হয়।

৩/ মম আধাৰিত কাজল :

 মম-আধাৰিত চকুৰ কাজলবোৰ কোমল পেঞ্চিলৰ দৰে আৰু ইয়াত মম থাকে যিয়ে প্ৰয়োগৰ ক্ষেত্ৰত সহজ কৰি তোলে । এইবোৰ বিভিন্ন ধৰণৰ তীব্ৰ ৰঙৰ লগতে বগা বা বেইজ ৰঙৰ দৰে কাজল। মম-আধাৰিত আই লাইনাৰবোৰ ব্ৰাছৰ সহায়ত উলিওৱা হয় । 

৪/ কোহল আই লাইনাৰ :

  কোহল আইলাইনাৰ হৈছে ডাঠ মেট শ্বেডত উপলব্ধ এক কোমল পাউডাৰ। চকুৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ ইয়াক প্ৰায়ে ক'লা ৰঙত ব্যৱহাৰ কৰা হয়। ই পেঞ্চিল, প্ৰেচড পাউডাৰ, বা ঢিলা পাউডাৰ ৰূপত আহে। এই ধৰণৰ আই লাইনাৰ দাগ কৰিবলৈ সহজ।

৫/ জেল আইলাইনাৰ :    

     জেল আই লাইনাৰ, যি হৈছে এক কোমল জেল লাইনাৰ, যাক আই লাইনাৰ ব্ৰাছেৰে সহজে প্ৰয়োগ কৰিব পাৰি। ইয়াক সঠিকভাৱে প্ৰয়োগ কৰিব পাৰি আৰু কোহলতকৈ বহুত কোমল। 
    

৬/চিমাৰ লাইনাৰ :

 চিমাৰ লাইনাৰ, যি ওপৰৰ আৰু তলৰ চকুৰ পতাত প্ৰয়োগ কৰা বিভিন্ন উজ্জ্বল ৰঙত উপলব্ধ।

কাজল কিহেৰে তৈয়াৰী ?     

পৰম্পৰাগত মম-আধাৰিত আই লাইনাৰ বা কাজল প্ৰায় 20 টা উপাদানৰ পৰা তৈয়াৰ কৰা হয়। ওজন অনুসৰি প্ৰায় 50% হৈছে মম (যেনে, জাপানৰ মম, চৰ্বি, বা সম্পৰ্কিত কোমল সামগ্ৰী যি সহজে ছাললৈ যায়। বেছিভাগ প্ৰসাধনআইলাইনাৰত ষ্টিয়াৰিল হেপ্টানোয়েট পোৱা যায়। সাধাৰণ ৰঞ্জকবোৰৰ ভিতৰত আছে ক'লা আইৰণ অক্সাইড, লগতে কম পৰিমাণৰ টাইটেনিয়াম ডাই অক্সাইড আৰু প্ৰুচিয়ান নীলাা (Prussian blue) ।

উপকাৰিতা :

চকুত কাজল সনাটো সাম্প্ৰতিক সময়ত এটা কলা সদৃশ কাৰ্য। কাজলে চকুৰ সৌন্দৰ্যতা বৃদ্ধি কৰে। চকুৰ পতা খৰখৰীয়া আৰু অনুজ্বল প্ৰকৃতিৰ হ'লে  কাজল লগাই কোমল আৰু উজ্জ্বল কৰি তুলিব পাৰি। বিশেষজ্ঞৰ মতে কাজল চকুত লগালে সাৱধান অৱলম্বন কৰা দৰকাৰ।  কাজলৰ পৰা কোনো ৰোগৰ সৃষ্টি হোৱাৰ আশংকা নাই বুলি মন্তব্য কৰে। সেয়েহে হয়তো বৰ্তমান সময়ত কাজল বা eyeliner ৰ জনপ্ৰিয়তা বৃদ্ধি পাব ধৰিছে।

অপকাৰীতা :

কাজল লগাওঁতে কিছু ক্ষেত্ৰত সাৱধান নহ'লে চকুৰ বাবে অসুবিধাৰ সৃষ্টি হোৱা সম্ভাৱনা থাকে। চকুৰ গুৰিত বেক্টেৰিয়া প্ৰৱেশ কৰি চকুৰ দৃষ্টিশক্তিত আঘাত হানিব পাৰে। ঘামি থকা চকুৰ পতাত আইলাইনাৰ নলগোৱাই ভাল। অৱশ্যে বিশেষজ্ঞৰ বিধান মতে লগালে একো হানি হোৱাৰ সুযোগ নাথাকে।
বিশেষকৈ  পোহৰৰ প্ৰতি সংবেদনশীলতা থকা চকুত, নিৰন্তৰ অস্পষ্ট দৃষ্টিত ভোগা চকুত, চকু কিবা কাৰণত ফুলি উঠিলে, স্ৰাৱজনিত ৰোগত ভুগিছে চকুত আই লাইনাৰ বা কাজল লগোৱাৰ পৰা বিৰত থাকিব লাগে।

উপসংহাৰ :

আজিকালি নতুন প্ৰজন্মৰ মাজতো আই লাইনাৰ বা কাজলৰ জনপ্ৰিয়তা বহুত। বিভিন্ন কম্পেনীয়ে ভিন ভিন উপায়েৰে কাজল তৈয়াৰ কৰি তিৰোতাৰ দৃষ্টি আকৰ্ষণ কৰি আছে। আৰু ইয়াৰ মাজতে কিছুমান বদমাইচ লোকে টকাৰ লালসাত কাজলৰ ডুপ্লিকেট উলিয়াই বা কাজলৰ মানদণ্ড হ্ৰাস কৰি বজাৰত মেলি দিছে। তেনেধৰণৰ কাজল চকুত ব্যৱহাৰ কৰিলে চকুৰ অপকাৰ হোৱা সম্ভাৱনাই। সেয়ে আই লাইনাৰ বা কাজল লগোৱা সকলে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।





লেখাটো পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্লগৰ ভিতৰত আপোনাৰ বহুমূলীয়া মন্তব্যটিৰে উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ।

++++++++++++++++++++++++++++++++++

Friday, August 6, 2021

পুথি অধ্যয়ন আৰু সংৰক্ষণ- 2 | Book Study and Preservation - 2..

পুথি অধ্যয়ন আৰু সংৰক্ষণ 2 : :Book Study and Preservation 2 :

সাম্প্ৰতিক জটিল সময়ৰ সন্ধিক্ষনত পুথি বা গ্ৰন্থ অধ্যয়ন আৰু সংৰক্ষণ এক অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু হিচাপে চিহ্নিত হৈছে। পুথি অধ্যয়নৰ উপকাৰিতা আৰু গ্ৰহণযোগ্যতাৰ ওপৰত ভিত্তি কৰি পুথি সংৰক্ষণৰ ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় কথা হিচাপে বিবেচিত হৈছে। 


 কিয়  পুথি অধ্যয়ন কৰা উচিত ?

Why books should be studied ?


বিভিন্ন দেশ বিদেশৰ খবৰ সংগ্ৰহ কৰাৰ উপৰিও ব্যক্তিগত প্ৰয়োজনীয়তাৰ খাতিৰত মানুহে কিতাপ অধ্যয়ন কৰিবলৈ একপ্ৰকাৰে বাধ্য হয়। নিজৰ বা সন্তান সন্ততিৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণেই হওঁক বা আন কিবা কাৰণতে হওঁক কিতাপ পঢ়াৰ জৰিয়তেহে এই সমস্যাৰ সমাধানৰ উৎস বিচাৰি উলিওৱা সম্ভৱ হয়। অৱশ্যে আজিৰ যান্ৰিক যুগত কিতাপৰ ব্যৱহাৰ খুব দুখলগাকৈ তুতি অহাৰহে পৰিলক্ষিত হৈছে। এয়া নিশ্চয় ভৱিষ্যত প্ৰজন্মৰ বাবে নিৰাশাজনক আৰু বিপদজনক খবৰ।ই শুভ লক্ষণ নহয়। কাৰণ গ্ৰন্থ অধ্যয়নৰ বিকল্প থাকিলেও গ্ৰন্থৰ সদৃশ উপযোগী বিকল্প নিশ্চয় নাই। মোবাইল ফোন আৰু দূৰদৰ্শনৰ মাধ্যমেৰে যিখিনি নূন্যতম জ্ঞান অৰ্জন কৰিব পাৰি সেয়া যথেষ্ট নহয়। কেতিয়াবা এনে মাধ্যমৰ জৰিয়তে তথ্য আহৰণত খুব জটিলতাৰ সন্মুখীন হ'ব লগা হয়। কিন্তু কিতাপে কোনো জটিলতাৰ সৃষ্টি নকৰে। জ্ঞান আহৰণত কিতাপে সম্পৰ্ণতা প্ৰদান কৰে। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানসিক অৱসাদ দূৰ কৰে। নিদ্ৰাহীনতাক দূৰলৈ ঠেলি দিয়ে।  গ্ৰন্থ অধ্যয়নে মানসিক সুস্থিৰতা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 
এখন কিতাপে এখন নজনা ঠাই আৰু নোযোৱা ঠাইৰ সম্পৰ্কে বিশদ জ্ঞান প্ৰদান কৰে। আমি দূৰ দেশ বিদেশৰ ঠাই ফুৰা নাই বা ফুৰিবলৈ সততে সম্ভৱ হৈ নুঠে যাৰবাবে আমি বহু জ্ঞানৰ পৰা বঞ্চিত হ'ব লগা হয়। সেই আটাইবোৰ অভাৱ এখন গ্ৰন্থই পূৰণ কৰিব পাৰে। যেনেদৰে 'The Good Earth' নামৰ গ্ৰন্থখন আমি পঢ়িলে জানিব পাৰো চীনদেশৰ জীৱন প্ৰণালীৰ বিষয়ে, ঠিক তেনেদৰে হাইকু আৰু চামুৰাই দেশ বা তত্ত্বচ্ছান কিতাপ এখনে আমাক লৈ যায় সুদূৰ জাপান দেশলৈ । একেদৰে দেওলাংখুই পঢ়িলে আমি জানিব পাৰো আমাৰ অসম ৰাজ্যৰ পুৰণি সমাজ ব্যৱস্থাৰ ইতিহাসৰ বিষয়ে । এজন লেখকে কোনো এখন দেশ ভ্ৰমণ কৰি লিখা কাহিনীয়ে আমাক তেওঁলোকৰ দৃষ্টিয়ে সেই দেশখনৰ সম্পৰ্কে জ্ঞান দিয়ে। নকৈ বিখ্যাত হোৱা ৰূপম দত্তৰ গ্ৰন্থ ' দ্যা লাইভ অফ এ ড্ৰাইভাৰ: কেবিনৰ সিপাৰে' নামৰ গ্ৰন্থখনৰ অধ্যয়নে আমাক ড্ৰাইভাৰ শ্ৰেণীটোৰ সম্পৰ্কে জ্ঞান দিয়াৰ উপৰিও মানুহৰ চৰিত্ৰৰ ভাল বেয়া দিশৰ সম্পৰ্কে বুজিবলৈ অৱকাশ দিয়ে। ই একেবাৰে সত্য যে কিতাপে মানুহক বহু ওপৰলৈ লৈ যোৱাত জখলা হিচাপে কাম কৰে। 

বৰ্তমান সময়ত বিদ্যালয়ত বা মহাবিদ্যালয়ৰ পৰ্যায়ত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীৰ মাজত গ্ৰন্থ অধ্যয়নৰ দিশটো একেবাৰে অসন্তোষজনক । গ্ৰন্থ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা বিধৰ অৱস্থা । নগন্য সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাহিৰা কিতাপৰ প্ৰতি ৰাপ আছে যদিও পঢ়াত পৰিপক্কতা নাই। নহ'লেনো কিয় আজিৰ ছাত্ৰ ছাত্ৰীসকলক (সকলোকে কোৱা নাই) অসম সাহিত্য সভাৰ সম্পৰ্কে সুধিলে স্পষ্টকৈ উত্তৰ দিব নোৱাৰে ? কিবা এটা বিষয়ত প্ৰশ্ন উত্থাপন কৰিলে তাৰ উত্তৰ সঠিকভাৱে দিবলৈ অপাৰগ হয়। হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন বুলি সুধিলে উত্তৰ দিব নোৱাৰিব। সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বিষয়ে বা বাংলাদেশৰ বিষয়ে বা চীনৰ বিষয়ে সুধিলে উত্তৰ দিবলৈ অপাৰগ হ'ব। কুইজৰ প্ৰতিযোগিতাসমূহত আজিৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলৈ টান পায়। ইয়াৰ মূলতে হ'ল গ্ৰন্থ অধ্যয়ন কৰা নাই, গতিকে যিকোনো বিষয়ত মগজুত জ্ঞানৰ সঞ্চয়ৰ ভঁৰাল উদং।  তেনে ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ কুইজত অংশগ্ৰহণ কৰিব পাৰে। নিজৰ ৰাজ্যখনৰ বিষয়ে আমি কিমান জ্ঞাত ? বহু লোকে অসমৰ চোকে কোণে থকা বহু কথাই অৱগত নহয়। ইয়াৰ ঘাই কাৰণ হ'ল গ্ৰন্থ অধ্যয়নৰ অভাৱ। এখন সমাজৰ, এখন ঠাইৰ বিশদ বিৱৰণ লাভৰ বাবে গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই।
 
সাম্প্ৰতিক সময়ত ভাৰত চৰকাৰে ভাৰতৰ প্ৰতি ৰাজ্যৰ প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক, মহাবিদ্যালয় .. আদিত বিভিন্ন বিষয় সম্বলিত কিতাপ বিভিন্ন আঁচনিৰ জৰিয়তে প্ৰদান কৰা পৰিলক্ষিত হৈছে। বিদ্যালয়ৰ পৰ্যায়ত অসম চৰকাৰে প্ৰতি বিদ্যালয়তেই পুঁথিভৰালৰ ব্যৱস্থা কৰিছে। নানা বিষয়ৰ শিশু উপযোগী গ্ৰন্থ এই পুঁথিভৰাল সমূহত উপলব্ধ হৈছে। কেৱল আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইবোৰ অধ্যয়ন কৰিবলৈ ইচ্ছুক হ'ব লাগে।

কিয় সংৰক্ষণ কৰা প্ৰয়োজন ?

Why books need to be saved ?


গ্ৰন্থ সংৰক্ষণ কৰা মানে হ'ল শত সহস্ৰ লোকৰ বাবে ভৱিষ্যতলৈ জ্ঞান সঞ্চিত কৰি ৰখা এক প্ৰক্ৰিয়া। বিভিন্ন ঘটনা , পৰিঘটনা সম্বলিত একোখন কিতাপ সংৰক্ষণ কৰি ৰাখিলে আগন্তুক দিনবোৰত ই ইতিহাসৰ দলিল হিচাপে পৰিগণিত হয়। ছপা আৰু পকাবন্ধা কিতাপৰ স্থায়ীত্ব বেছি। সেয়ে সংৰক্ষিত গ্ৰন্থবোৰে ভৱিষ্যতৰ দিনবোৰত এটা পৌৰাণিক দিনৰ বা যুগৰ ঘটনাপ্ৰৱাহ হিচাপে সাক্ষী হৈ ৰয়। আনহাতে একোখন কিতাপ মানেই হ'ল জ্ঞানৰ ভঁৰাল। এই জ্ঞানৰ ভঁৰাল সদৃশ গ্ৰন্থ মানুহৰ বাবে আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি। সেয়ে আমি কিতাপ বা গ্ৰন্থ সংৰক্ষণ কৰা উচিত।

পুথি অধ্যয়নৰ উপকাৰিতা কি ?

What are the benefits of book study ?


পুথি অধ্যয়নৰ উপকাৰিতা মন কৰিবলগীয়া। মই আগৰ প্ৰবন্ধত এই বিষয়ে কিছু আভাস আপোনালোকক দিবলৈ প্ৰয়াস কৰিছিলো। ইয়াত বহলাই আলোচনা নকৰিলেও নিশ্চয় আপোনালোকে বিষয়টোৰ গুৰুত্বতাৰ সম্পৰ্কে বুজিবলৈ সক্ষম হ'ব। পুথি অধ্যয়নৰ জৰিয়তে হ'ব পৰা উপকাৰিতা --
১/ নানা তৰহৰ বিষয়বস্তুৰ জ্ঞান আহৰণত কিতাপে সহায় কৰে।
২/ গ্ৰন্থ অধ্যয়নৰ ফলত মানুহৰ শৰীৰত আৰু মনত সতেজতাৰ ভাৱ প্ৰকট হয়।
৩/ জ্ঞানৰ সঞ্চয়ৰ ক্ষেত্ৰত গ্ৰন্থ অধ্যয়ন হ'ল মাইলৰ খুঁটি।
৪/ বিভিন্ন দেশ বিদেশৰ বৰ্ণনা ঘৰতে বহিয়েই লাভ কৰিব পাৰি।
৫/ নিদ্ৰাহীনতা আঁতৰোৱাৰ ক্ষেত্ৰত কিতাপ এক অন্যতম ঔষধ।
৬/ কিতাপ জ্ঞানৰ ভঁৰাল।
৭/ ধৈৰ্য্য , অধ্যৱসায়ৰ গুণ, মূল্যবোধৰ জ্ঞান, জীৱন যুঁজৰ সফলতাৰ মাৰ্গদৰ্শন আদি কিতাপৰ জৰিয়তে পাব পাৰি।

কিধৰণৰ পুথি কেতিয়া অধ্যয়ন কৰা উচিত ?

When should you study a book like this ?


যি গ্ৰন্থ অধ্যয়ন কৰিলে আমাৰ কামত আহে, ইস্পিত উদ্দেশ্য সাধিত হয় সেই গ্ৰন্থ আমি  পঢ়া উচিত। বিভিন্নজন লেখক লেখিকাই বিষয় অনুসৰি কিতাপ লিখি আমাক উপহাৰ হিচাপে আগবঢ়াইছে। অসমৰ লগতে দেশৰ পুঁথিভঁৰাল চহকী কৰি থৈ গৈছে । কেৱল প্ৰয়োজন অনুসৰি কিতাপখন বিচাৰি আনি আমি পঢ়িব লাগে। কিতাপ পঢ়াৰ কোনো ভাগ নাই। ভাগ কৰা উচিত নহয়। যি কিতাপ অধ্যয়ন কৰিলেও তুমি তাৰ পৰা এটা বিশেষ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'বাহঁক।  কিধৰণৰ পুথি অধ্যয়ন কৰিবা সেয়া পঢ়ুৱৈৰ ৰুচি-অভিৰুচিৰ ওপৰত নিৰ্ভৰ কৰে।  

১৯৯২ চনতে দশম শ্ৰেণীত পঢ়া ইংৰাজী বিষয়ৰ এটা পাঠ  - What is a Great Book ?  যিটো পঢ়ি বুজিছিলো যে মহান বা মহৎ গ্ৰন্থবোৰেই অধ্যয়নৰ যোগ্য। মহৎ গ্ৰন্থ হ'বলৈ হ'লে বিক্ৰীৰ ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰতিপন্ন হ'ব লাগিব। জনপ্ৰিয়তা অৰ্জন কৰিব লাগিব। মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব লাগিব। তেনেধৰণৰ মহৎ গ্ৰন্থবোৰ আমি পঢ়া উচিত। ইয়ে আমাৰ জ্ঞানৰ ভঁৰাল চহকী কৰি তুলিব আৰু আকাংক্ষিত ফলাফল লাভ কৰিব পৰা যাব।

পুথি অধ্যয়নৰ  অন্য সংযোগ কি কি আছে আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা ?

What is the other connection to book study and its provision of preservation ? :


ইয়াত পুথি অধ্যয়নৰ অন্য সংযোগ বোলোতে আন কি কি উপায়েৰে বা মাধ্যমেৰে কিতাপ পঢ়িব পৰা যায় সেই সম্পৰ্কে ক'ব বিচৰা হৈছে। 
 
ক/  বিভিন্ন ইলেক্ট্ৰনিক মাধ্যম সমূহৰ জৰিয়তে কিতাপ অধ্যয়ন আৰু সংৰক্ষণ কৰিব পৰা যায়। ছপা মাধ্যমৰ কিতাপ বিলাকৰ দৰে ইলেক্ট্ৰনিক মাধ্যমতো কিতাপ কিনি অধ্যয়ন কৰিব পাৰি। "Amazon  Kindle" , Wikipedia, vikashapedia, Flipkart,  আদি  মাধ্যমত বিভিন্ন ভাষাৰ গল্প সংকলন, উপন্যাস, প্ৰৱন্ধ, কবিতা পুথি, খেল ধেমালিৰ বিষয়ক গ্ৰন্থ, ৰাজনীতি বিষয়ক গ্ৰন্থ, আধ্যাত্মিক বিষয়ক গ্ৰন্থ , ৰোমাঞ্চকৰ অভিযান সম্পৰ্কীয় গ্ৰন্থ, ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থ, স্বাস্থ্য সম্পৰ্কীয় গ্ৰন্থ, বিজ্ঞান ভিত্তিক পুথি,  আকাশ- মহাকাশ সম্পৰ্কীয় গ্ৰন্থ, শিশু সম্বন্ধীয় পুথি , ...  আদি পুথিসমূহ যিকোনো সময়ত উপলব্ধ হয়। তদুপৰি Facebook, Twitter, linkedin, Pinterest ,.. আদিতো বিভিন্ন সাহিত্য চৰ্চাৰ ধুম উঠিছে। ইয়াত দুখন মান ই- আলোচনীৰ নাম উল্লেখ কৰা হ'ল - ১/   xahitya.org
2/www.prajonmo.com, নিৰিবিলি ই-আলোচনী
৩/ Https//: sondhan.com  সন্ধান ই- আলোচনী
৪/ 'বৰ্ণিল' মাসিক ই-আলোচনী। 
খ/ পুথি প্ৰাপ্তৰ বিনামূলীয়া উৎস হৈছে -- প্ৰতিখন জিলাৰ বিনামূলীয়া পুথিভঁৰাল সমূহ, প্ৰতিখন গাঁওৰ সংঘৰ পুথিভঁৰাল সমূহ, যাদুঘৰৰ সংলগ্ন পুথিভঁৰাল সমূহ ।  এই পুথিভঁৰালৰ পৰা সুবিধানুসৰি প্ৰয়োজনীয় কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিব পাৰি। লগতে পুথিভঁৰাল হ'ল পুথি সংৰক্ষণৰ ভেটি। ব্যক্তিগত ভাৱেও পুথিভঁৰাল বনাই বিভিন্ন বিষয়ত কিতাপ সংৰক্ষণ কৰিব পৰা যায়। 

সামৰণি ( Conclusion) : 

 পূৰ্বৰ তুলনাত আজিৰ সমাজত কিতাপ পঢ়াৰ মানুহ তেনেই কম। মানুহৰ মাজত কিতাপ পঢ়াৰ প্ৰৱনতা ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ পৰিবৰ্তে হ্ৰাস পাবলৈহে ধৰিছে। এয়া এখন সমাজৰ বাবে অশুভ সংকেত। নতুন প্ৰজন্মৰ কথা কৈ থাকোঁতে আমাৰ সময় গৈছে নিজে কিন্তু আমি প্ৰত্যেকেই কিতাপ পঢ়াৰ কথা নকওঁ। আনক কওঁ কিন্তু নিজে নকৰোঁ।  সময়ৰ ব্যস্ততাৰ কাৰণতেই হওঁক বা ইলেক্ট্ৰনিক মাধ্যমৰ ব্যাপক প্ৰভাৱতেই হওঁক  কিতাপ পঢ়াৰ প্ৰতি মানুহৰ ধৈৰ্য্য সচাঁকৈয়ে হেৰাই যোৱা যেন অনুভৱ হয়। কিতাপ পঢ়াৰ প্ৰতি ৰাপ নাথাকিলে কিতাপ সংৰক্ষণত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেয়ে আহক কিতাপ পঢ়ো, আনকো পঢ়ুৱাও আৰু সংৰক্ষণ কৰিবলৈ ভৱিষ্যত প্ৰজন্মৰ বাবে ।





লেখাটো পঢ়ি ছোৱাৰ বাবে অশেষ ধন্যবাদ জনালো। আপোনাৰ বহুমূলীয়া মন্তব্যটিৰে উৎসাহিত কৰিব বুলি আশা কৰিলো। - দুদুল সোণোৱাল।

+++++++++++++++++++++++++++++++++

Thursday, August 5, 2021

কিতাপ পঢ়াৰ আনন্দ আৰু সুফল - ১ The Joys and Benefits of Reading Books-1

কিতাপ পঢ়াৰ আনন্দ : The Joys and Benefits of Reading Books

বিভিন্ন বিষয়ত বিভিন্ন জন লেখক তথা সাহিত্যিকে ৰচনা কৰা কিতাপ অধ্যয়নৰ জৰিয়তে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰিব পাৰি। কিতাপ পঢ়িলে মানসিক অৱসাদ দূৰ হোৱাৰ লগতে বৌদ্ধিক ভাৱে লাভ হোৱা পৰিলক্ষিত হয়।


কিতাপ যিজনে পঢ়ে সেইজনেহে উপলব্ধি কৰিব পাৰে কিতাপ পঢ়াৰ আনন্দ কি ?  কিতাপ পঢ়াৰ আনন্দ বা মজাই বেলেগ। এবাৰ যি কিতাপৰ প্ৰতি আকৰ্ষিত হৈছে সি কেতিয়াও তাৰ পৰা সহজে আঁতৰি আহিব নোৱাৰে। 

কিতাপ অধ্যয়নে মানুহক নতুন জ্ঞান প্ৰদান কৰে। বিভিন্ন লেখক লেখিকাসকলে ভিন ভিন বিষয়াৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষৰে প্ৰাপ্ত অভিজ্ঞতাৰ জ্ঞানক লিপিবদ্ধ কৰি কিতাপৰ ৰূপ দিয়ে। সেয়ে সেই কিতাপ অধ্যয়নে আমাক বিভিন্ন বিষয়ত ন ন জ্ঞান প্ৰদান কৰিবলৈ সক্ষম। কিতাপ অধ্যয়নৰ অবিহনে বাহিৰা জ্ঞান পাব নোৱাৰি। বাকপটুতা, সমালোচক, বিভিন্ন সাহিত্যক হ'বলৈ নিজৰ মানসিক দিশ, বৌদ্ধিক দিশ আৰু জ্ঞানৰ দিশ উন্নত কৰিব পাৰিব লাগিব। তেতিয়াহে এজন দক্ষ আৰু দূৰদৰ্শী লেখক হ'ব পৰা যায়। এই আটাইবোৰ গুণ আয়ত্ব কৰণত কিতাপ অধ্যয়নে প্ৰত্যক্ষ ভাৱে সহায় কৰে। সেয়ে কিতাপ অধ্যয়ন হ'ল মানুহৰ এক বাটকটীয়া কৰ্ম। 

অতীজৰে পৰা মানুহে নিজক সময়ৰ লগত তাল মিলাই আগুৱাই নিবলৈ কিতাপ অধ্যয়ন কৰি আহিছে। যিসময়ত আজিৰ দৰে উন্নত কলমৰ ব্যৱস্থা নাছিল সেই সময়তো হাঁহৰ পাখি আৰু পেপিৰাছ নামৰ উদ্ভিদৰ কলমেৰে বিভিন্ন বিষয়ত কিতাপ লিপিবদ্ধ কৰিছিল আৰু সেইবোৰ পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰিছিল। এতিয়াৰ দৰে আগতে কলম নাছিল, চিয়াঁহীও নাছিল। মানুহে পেপিৰাছ বা হাঁহৰ বা চৰাইৰ পাখিৰ সহায়ত গছৰ আঠাৰে প্ৰস্তুত কৰা মোহিৰ জৰিয়তে লিখিবলৈ আৰম্ভ কৰিছিল। বিভিন্ন গছৰ বাকলিক কাগজৰ দৰে ব্যৱহাৰ কৰা হৈছিল। আজিৰ পৰা শ শ বছৰ পূৰ্বে কাগজ নাছিল সেয়ে গছৰ বাকলি ব্যৱহাৰ কৰিছিল। ১৪ শ শতিকাত অসমতো সাঁচি গছৰ বাকলি আৰু পাতলকৈ উলিওৱা কাঠৰ পাতত হাঁহৰ পাখিৰে তৈয়াৰী কলম বা কাপেৰে লেখকে বিভিন্ন বিষয়ত লিপিবদ্ধ কৰিছিল।  এতিয়াও ইয়াৰ প্ৰমান অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ যাদুঘৰ সমূহ। যাদুঘৰত সংৰক্ষণ কৰি ৰখা হৈছে এই সাঁচি গছৰ বাকলিত লিখা বিভিন্ন বিষয়ক লেখা। অৰ্থাৎ সেই অতীজৰে পৰা কিতাপ অধ্যয়নৰ অভ্যাস চলি আহিছে। শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত লেখাসমূহ ইয়াৰ জ্বলন্ত নিদৰ্শন। 

কিতাপ অধ্যয়নৰ সুফল:


কিতাপ অধ্যয়নৰ সুফল পৰ্যাপ্ত পৰিমাণে আছে। কিতাপ পঢ়াৰ জৰিয়তে ধৈৰ্য্য শক্তি বৃদ্ধিৰ লগতে চিন্তা কৰিব শিকা, নীতি শিক্ষাৰ লাভ, শৃংখলাবদ্ধতাৰ জ্ঞান অৰ্জন, সহনশীল মনোভাৱ অৰ্জন, ভাল বেয়া বিবেচনা কৰিব পৰা জ্ঞান অৰ্জন কৰিব পাৰি। ধৈৰ্য্য, কঠোৰ পৰিশ্ৰমী , অধ্যৱসায়ৰ জ্ঞান আহৰণত কিতাপ অধ্যয়নে প্ৰত্যক্ষ প্ৰভাৱ পেলাই। সেয়ে কিতাপ অধ্যয়ন কৰা উচিত।

নতুন প্ৰজন্ম আৰু কিতাপ অধ্যয়ন :

দূৰদৰ্শন বা বাতৰিকাকতৰ বিভিন্ন পৃষ্ঠাত মাজে সময়ে ঠাই দখল কৰা সংবাদৰ ভিতৰত নতুন প্ৰজন্মৰ কিতাপ অধ্যয়নৰ ক্ষেত্ৰত সঁহাৰি আৰু ধাউতি নাই বুলি কোৱা বিষয় এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত। সচাঁকৈয়ে নতুন প্ৰজন্মৰ চামটোৱে কিতাপ অধ্যয়ন নকৰে নেকি ? এক লাখটকীয়া প্ৰশ্ন।
 দুই একৰ বাদে প্ৰায় সংখ্যকেই যে কিতাপ অধ্যয়ন নকৰে এইটো একেবাৰে সঁচা কথা। নতুন প্ৰজন্মৰ প্ৰায় পঞ্চাশ শতাংশই যে বাহিৰা কিতাপৰ লগত সম্বন্ধ নাৰাখে সেয়া সকলোৱে নিশ্চয় স্ব-চাক্ষুস দেখিবলৈ পাইছে। আনহাতে আন কিছু সংখ্যক নতুন প্ৰজন্মই কিতাপ অধ্যয়ন কৰে যদিও গভীৰ নহয়। অৰ্থাৎ গভীৰ মনোযোগ দি কিতাপখনৰ চৰিত্ৰৰ সৈতে মিলি গৈ একান্ত ধ্যানত কিতাপ পঢ়া মই খুব কমেইহে দেখিছোঁ। গভীৰ মনোযোগেৰে পঢ়িলেহে কিতাপ অধ্যয়নৰ পৰা সুফল পাব পাৰি। একান্ত ধ্যানত পঢ়িলে পঢ়াবোৰ  মনত সাঁচ বহি যায়। অধ্যয়ন ফলপ্ৰসূ হয় আৰু তাৰ জ্ঞান অৰ্জন কৰি আন ঠাইত প্ৰয়োগ কৰিব পৰা যায়।

মোবাইল, দূৰদৰ্শন আৰু কিতাপৰ জ্ঞান :

জ্ঞান অৰ্জনৰ ক্ষেত্ৰত মোবাইল আৰু দূৰদৰ্শনৰ যিদৰে ভাল সুবিধা আছে ঠিক তেনেকৈ বেয়া দিশো আছে। ইণ্টাৰনেটৰ জৰিয়তেও বিভিন্ন কিতাপৰ সংগ্ৰহ পঢ়িব পৰা যায়। দূৰ দেশ বিদেশৰ বিভিন্ন বিষয়ত খা খবৰ খুব কম সময়তে পোৱা যায়। দূৰদৰ্শনৰ ক্ষেত্ৰতো একেই কথা। কিন্তু মোবাইল বা দূৰদৰ্শনৰ এটা বেয়া দিশো আছে। যদি এই বেয়া দিশৰ প্ৰতি পাঠক আকৃষ্ট হয় তেন্তে পাঠক নিশ্চয় ধ্বংসৰ দিশতহে গতি কৰিব। সেয়ে কিতাপৰ সৈতে আন একোৱে ফেৰ মাৰিব নোৱাৰে। 
     দূৰ্গম ঠাইত বা মোবাইল নেটৱৰ্ক নোহোৱা ঠাইত মোবাইল বা দূৰদৰ্শন অনৰ্থক। কিন্তু কিতাপ যিকোনো ঠাইত , যিকোনো সময়ত ইচ্ছানুসৰি পঢ়ি জ্ঞান অৰ্জন কৰিব পাৰি। সেয়ে কিতাপক নিৰ্জনতাৰ লগৰী,  প্ৰাণৰ বন্ধু বুলি অভিহিত কৰিব বিচাৰে। আনহাতে কিতাপ হ'ল স্থায়ী ৰূপ। যাক বছৰ বছৰ ধৰি সাচি ৰাখিব পাৰি।  
 

 দুখ শোঁকৰ লগৰী কিতাপ :


মন ভাল নালাগিলে , মনৰ দুখ শোঁকৰ ভাৱ প্ৰকট হোৱা মূহুৰ্তত এখন শ্ৰেষ্ঠ বা মহৎ গ্ৰন্থ অধ্যয়নে মনত প্ৰশান্তিৰ ভাৱ তথা অনাবিল আনন্দ কঢ়িয়াই আনে আৰু দুখ শোঁকৰ মোচন ঘটাই। কেতিয়াবা কোনো কোনো কিতাপে হাজাৰ দুখতো জীয়াই থকাৰ প্ৰেৰণা যোগাই, কামৰ প্ৰতি ৰাপ বঢ়াই, লক্ষ্য প্ৰাপ্তিত অৰিহণা যোগায় আৰু মনোবল বৃদ্ধি কৰে।  সমস্যা সমাধানৰ দিকনিৰ্ণয়ক হ'ল কিতাপ। সেয়ে কিতাপৰ প্ৰতি আকৰ্ষিত হ'ব পাৰিলে নিজৰ কাৰণে উত্তম। 

হিতেশ ডেকাৰ  'এয়েতো জীৱন' , কাঞ্চন বৰুৱাৰ অসীমত হেৰাল যাৰ সীমা  অনুৰাধা শৰ্মা পূজাৰীৰ  'হৃদয় এক বিজ্ঞাপন ' , 'আচল মানুহ' , 'আধাৰশিলা' ... আদি কিতাপবোৰ হ'ল যুগজয়ী কিতাপ।  আৰু বহুতো কিতাপ আছে যিয়ে আমাক জীৱনৰ বাট দেখুৱাই নিবলৈ সক্ষম।

সমাজৰ লগত কিতাপৰ সম্পৰ্ক :

বিখ্যাত ফৰাচী দাৰ্শনিক ভলতেয়াৰেে কৈছিল,
"কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰিছে। যি সমাজত কিতাপৰ প্ৰচলন নাই সেই সমাজ থকা-নথকা একে কথা।”  অৰ্থাৎ সমাজৰ বিভিন্ন কৃষ্টি সংস্কৃতি  সুপৰিচালিত হ'বলৈ হ'লে কিতাপৰ অতিশয় প্ৰয়োজন আছে। এখন সমাজত বাস কৰা লোক সকল সভ্য, জ্ঞানৱান, ৰীতি-নীতিৰ সম্পৰ্কে ভালদৰে জ্ঞাত হলেহে সমাজখন সুচাৰুৰূপে পৰিচালিত হয়। তাৰবাবে সমাজখনত বাস কৰা লোকসকলে গভীৰ অধ্যয়ন কৰিব লাগিব, বিভিন্ন বিষয়ত কিতাপ অধ্যয়ন কৰি সমাজৰ হিতাৰ্থে খটোৱাব পাৰিব লাগিব তেহে সমাজখন উত্তৰণৰ দিশত ধাবিত হ'ব। সমাজত শিক্ষিত মানুহৰ সংখ্যা যিমানেই বাঢ়িব , সমাজৰ পৰিৱেশো সিমানেই ভাল হ'ব। 

উপসংহাৰ :

 স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞি ডাঙৰীয়াৰ কিতাপবোৰ অধ্যয়ন কৰিলে জীৱনৰ সম্পৰ্কে বুজিব পাৰি। স্বৰ্গীয় ভবেন্দ্ৰ নাথ শইকীয়াৰ উপন্যাস বা আন লেখাবোৰে আমাক আমাৰ কৰ্তব্যৰ প্ৰতি সোঁৱৰাই দিয়ে। হোমেন বৰগোহাঞি ডাঙৰীয়াৰ "কিতাপ পঢ়াৰ আনন্দ" কিতাপখন পঢ়ি চালে বুজা যায় কিতাপ পঢ়াৰ আনন্দ কেনেকুৱা বা ইয়াৰ পৰা কিদৰে উপকৃত হ'ব পাৰি । 
  শেষত কঁও কিতাপ পঢ়াতো অতি ভাল কাম। বিশেষকৈ কৈশোৰৰ কালছোৱাত কিতাপ অধ্যয়ন কৰিলে জ্ঞান চিৰস্থায়ী হয়। গতিকে আহক আমি সকলোৱে কিতাপ পঢ়ো, নিজৰ বাবে, দহৰ বাবে আৰু সমাজৰ বাবে অবিৰতভাৱে। নিৰৱে নিজানে। কেৱল জ্ঞান অৰ্জনৰ বাবে অহনিৰ্শে।

লেখাটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।-- দুদুল সোণোৱাল।
+++++++++++++++++++++++++++++++




Featured post

২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !

  ২৩ ফেব্ৰুৱাৰী দিনটোৰ সম্পৰ্কে কিঞ্চিৎ ! What about the day of February 23 !                   স্বামী বিবেকানন্দ  🚀🚀আজি ২৩ তা...

Popular posts