কেৰিয়াৰ নিৰ্দেশনাত : CEE ৰ সম্পৰ্কে সংক্ষিপ্ত আলোকপাত। CEE. ৰ সম্পূৰ্ণ অৰ্থ হৈছে Combined Entrance Examination. অসমীয়াত সংযুক্ত প্ৰৱেশ পৰীক্ষা ।
CEE আৰু Assam-CEE মানে কি ?
CEE. ৰ সম্পূৰ্ণ অৰ্থ হৈছে Combined Entrance Examination. অসমীয়াত সংযুক্ত প্ৰৱেশ পৰীক্ষা। এই পৰীক্ষা ভাৰতৰ বিভিন্ন ৰাজ্যই নিজাববীয়াকৈ অনুষ্ঠিত কৰি আহিছে। প্ৰতিখন ৰাজ্যৰে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে পৰিচালনাৰ বাবে এটা বিশেষ অনুমোদিত অনুষ্ঠান থাকে। ই আন্ত: ৰাজ্যৰ এটা কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষা। আমাৰ অসমতো এই পৰীক্ষা অনুষ্ঠিত কৰা হয়। অসমৰ দ্বাৰা আয়োজন কৰা পৰীক্ষাক অসম- চি ইই পৰীক্ষা বোলা হয়। তেনেকৈ প্ৰতিখন ৰাজ্যই পতা প্ৰৱেশ পৰীক্ষাক ৰাজ্যৰ নামৰ জৰিয়তে জনা যায়। বিহাৰৰ ক্ষেত্ৰত বিহাৰ- চিইই , পশ্চিম বংগৰ ক্ষেত্ৰত পশ্চিম বংগ- চিইই, .. আদি।
Assam-CEE মানে কি ?
অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা (অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা বা Assam-CEE) হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কেন্দ্ৰীভূত প্ৰৱেশ পৰীক্ষা, যিটো অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দ্বাৰা অসমৰ 7 খন মুখ্য চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা হয়। স্নাতক (স্নাতক সমপৰ্যায়ৰ বুলিও জনা যায়) পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীৰ পিছত পৰীক্ষাটো লোৱা হয়। পৰীক্ষাটোত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে যিসকলে পৰীক্ষাত পৰীক্ষা কৰা নিৰ্দিষ্ট বিষয়বোৰৰ সৈতে বিশুদ্ধ বিজ্ঞান শাখাত দুটা স্তৰত অধ্যয়ন কৰিছিল অৰ্থাৎ (10+2,) আৰ্হিত, যিবোৰ হৈছে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত। প্ৰতি বছৰে প্ৰায় 25,000 লোকে এই পৰীক্ষাত অৱতীৰ্ণ হয় আৰু এই সংখ্যা প্ৰতিবছৰে বৃদ্ধি হৈ আহিছে।
অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ দুয়োটা ৰ দ্বাৰা শিক্ষাৰ্থীক পৰীক্ষা লোৱা হয়। পূৰ্বতে পৰীক্ষাটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালনা কৰা হৈছিল আৰু ২০১৮ চনৰ পৰা ই অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত হৈ আহিছে।
অসম সংযুক্ত প্ৰৱেশ পৰীক্ষা, অসম -চিইই (Assam-CEE) ত প্ৰৱেশ পৰীক্ষাৰ কিছুমান নীতি নিয়ম আছে। আৰু প্ৰৱেশ পৰীক্ষাটো কেনেধৰণৰ হয় আৰু যোগ্যতাৰ মাপকাঠি কিমান তাৰ সম্পৰ্কে সংক্ষিপ্ত ৰূপত আলোচনা আগবঢ়োৱা হৈছে।
১/ পৰীক্ষাৰ প্ৰকাৰ : কলম আৰু কাগজ আধাৰিত পৰীক্ষা। অৰ্থাৎ বল পেন নিজৰ আৰু প্ৰশ্ন পেপাৰ যোগান ধৰে আৰু প্ৰতিটো প্ৰশ্নৰে চাৰিটা উত্তৰ দিয়া থাকে । এই উত্তৰবিলাকৰ এটা উত্তৰহে শুদ্ধ। শুদ্ধ উত্তৰৰ বিপৰীতে দিয়া নম্বৰটো উত্তৰ বহীত বাছনি কৰি কলমেৰে ভৰাব লাগে যাক MCQ (Multiple Choice Questions) বুলি কোৱা হয়।
২/ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু গণিত বিষয়ত বেছি দক্ষতা থাকিব লাগে।
৩/ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত B.Tech ( Bachelor of Tecnology) পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰি। B.Tech ত দুটা বিষয়ত পঢ়িব পাৰি-- এটা হ'ল চিভিল ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম বা অসামৰিক অভিযন্তা পাঠ্যক্ৰম আৰু আনটো হৈছে মেকানিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম বা যান্ত্ৰিক অভিযন্তাৰ পাঠ্যক্ৰম।
৪/ প্ৰৱেশ পৰীক্ষাৰ সময় মুঠ তিনি ঘণ্টা। এই পৰীক্ষা বছেৰেকত এবাৰহে অনুষ্ঠিত কৰা হয়।
৫/ এই প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় হৈছে প্ৰতি বছৰৰ মাৰ্চৰ পৰা জুন ৰ ভিতৰত আৰু প্ৰশ্ন পেপাৰৰ ভাষা ইংৰাজী আৰু অসমীয়া ।
৬/ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত এই প্ৰৱেশ পৰীক্ষাৰ বাবে ফেব্ৰুৱাৰী/মাৰ্চ মাহত অনলাইনত আবেদন কৰিব লাগে। অৱশ্যে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাত ৪৫% বা ইয়াতকৈ অধিক শতাংশ নম্বৰ সহ উৰ্ত্তীণ হোৱাটো বাধ্যতামূলক ।
৭/ আবেদনকাৰী অসম ৰাজ্যৰ স্হায়ী অধিবাসী হ'ব লাগিব।
৮/ আবেদন কৰা বছৰৰ আগষ্টলৈকে আবেদনকাৰীৰ বয়স ১৭ ৰ পৰা ২১ বছৰৰ ভিতৰত হ'ব লাগিব। বয়সত তিনি বছৰৰ শিথিলতা সংৰক্ষিত শ্ৰেণীৰ আবেদনকাৰীসকলৰ বাবে আৰু স্নাতক আবেদনকাৰীসকলৰ বাবে এবছৰ নিৰ্ধাৰণ কৰা হৈছে।
৯/ B.Sc উত্তীৰ্ণ প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ উৰ্ধসীমা 22 বছৰলৈ শিথিল কৰা হয়।
১০/ অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে বয়সৰ উৰ্ধসীমা 3 বছৰশিথিল কৰা হয়।
প্ৰশ্ন কাগজ আৰু নম্বৰ প্ৰদানৰ প্ৰক্ৰিয়া :
ACEE বা অসম সংযুক্ত প্ৰৱেশ পৰীক্ষাৰ বাবে যুগুতোৱা প্ৰশ্ন কাকতত মুঠ ১২০ টা প্ৰশ্ন সন্নিবিষ্ট থাকে। ইয়াৰ সৰ্বাধিক নম্বৰ হৈছে ৪৮০ আৰু পৰীক্ষা অনুষ্ঠিত সময় মুঠ ৩ ঘণ্টা।
নম্বৰ প্ৰদানৰ নিয়ম : সঠিকভাৱে দিয়া উত্তৰৰ বাবে +৪ দিয়া হয় আৰু প্ৰতিটো অশুদ্ধ প্ৰশ্ন উত্তৰৰ বাবে -১ দিয়া হয় অৰ্থাৎ এটা প্ৰশ্নৰ উত্তৰ ভুল হ'লে তোমাৰ প্ৰাপ্ত নম্বৰৰ পৰা ১ নম্বৰকৈ বিয়োগ হয়। ইয়াক নিগেটিভ মাৰ্ক বোলা হয়।
প্ৰতিটো বিষয়ত অন্তৰ্ভুক্ত নম্বৰ আৰু প্ৰশ্নৰ সংখ্যা এনেধৰণৰ :-
ওপৰত উল্লেখ কৰা হৈছে যে পৰীক্ষা গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান বিষয়ত লোৱা হয়। ইয়াৰে গণিত বিষয়ত মুঠ ৪০ টা প্ৰশ্ন সন্নিবিষ্ট কৰা হয় আৰু মুঠ নম্বৰ ১৬০ , পদাৰ্থ বিজ্ঞান বিষয়ত ৪০ টা প্ৰশ্ন সন্নিবিষ্ট কৰা হয় আৰু মুঠ নম্বৰ ১৬০ , একেদৰে ৰসায়ন বিজ্ঞান বিষয়ত ৪০ টা প্ৰশ্ন সন্নিবিষ্ট কৰা হয় আৰু মুঠ নম্বৰ ১৬০ দিয়া হয়।
এই আটাইকেইটা বিষয়ত সৰ্বমুঠ নম্বৰ হৈছে ১৬০ + ১৬০ + ১৬০ = ৪৮০ । ইয়াৰ ভিতৰত ঋণাত্মক মুঠ নম্বৰ -১২০ ।
সেয়ে পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ অতি ভালদৰে সাজু হ'বলগীয়া হয় যাতে এটাও ঋণাত্মক নম্বৰ নাহে।
ইয়াৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ কিছুমান নিৰ্দিষ্ট কেন্দ্ৰ আছে। অসমৰ CEE ৰ বাবে উল্লেখ কৰা পৰীক্ষা কেন্দ্ৰ সমূহ হৈছে - শিলচৰ, বঙাইগাঁও
, নলবাৰী, লখিমপুৰ , গুৱাহাটী, তেজপুৰ, নগাঁও ,
যোৰহাট, ডিব্ৰুগড় ।
প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অসম চৰকাৰৰ অধীনৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ত যোগ্যতাৰ ভিত্তিত নামভৰ্তি কৰাব পাৰি। অসম চৰকাৰৰ অধীনৰ অভিযান্ত্ৰিক মহাবিদ্যালয় সমূহ তলত উল্লেখ কৰা হ'ল । --
১/অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (B.Tech পাঠ্যক্ৰমৰ বাবে 420 খন আসন)
২/যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (B.Tech পাঠ্যক্ৰমৰ বাবে 315 খন আসন)
৩/ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (B.Tech পাঠ্যক্ৰমৰ বাবে 240 খন আসন)
৪/ বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় (B.Tech পাঠ্যক্ৰমৰ বাবে 240 খন আসন)
৫/ বাৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ (B.Tech পাঠ্যক্ৰমৰ বাবে 240 খন আসন)
৬/ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় (B.Tech পাঠ্যক্ৰমৰ বাবে 180 খন আসন)
৭/ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়, (B.Tech পাঠ্যক্ৰমৰ বাবে 180 খন আসন)
উপসংহাৰ
গ্ৰাম্য সমাজৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াও এনে কাৰিকৰী শিক্ষাৰ সম্পৰ্কে প্ৰায়ভাগে সজাগ নহয় বা এই সম্পৰ্কত একেবাৰে জ্ঞান নাই বুলি কলেও বঢ়াই কোৱা নহয়। যিহেতু গ্ৰাম্য অঞ্চলৰ লোকসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু আৰ্থিক ভাৱে স্বচ্ছল নহয় সেয়ে এনে বৃত্তিমূলক শিক্ষাৰ বাবে তেওঁলোক আগ্ৰহী নহয়।
আজিৰ প্ৰতিযোগিতাৰ যুগত চিইই ৰ দৰে লাইন বোৰে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে বহুলোকে BA, BSc পঢ়িবলৈ নিদি এনে কাৰিকৰী লাইনত পঢ়াৰ ব্যৱস্থা কৰি দিয়ে। এনে কাৰিকৰী শিক্ষা গ্ৰহণৰ অন্তত প্ৰত্যক্ষভাৱে চাকৰি লাভত সুবিধা হয়। যিকোনো কম্পেনী, বা উদ্যোগত অভিযন্তা চাকৰি আজিকালি সুলভ। গতিকে গ্ৰাম্য সমাজৰ ছাত্ৰ ছাত্ৰী সকলে চিইই সম্পৰ্কে জীৱনত লক্ষ্য বান্ধি আগুৱাই গ'লে ভৱিষ্যতে নিশ্চয় সুফল লাভ কৰিব বুলি আশা কৰিব পাৰি।
প্ৰৱন্ধটো পঢ়ি ছোৱাৰ বাবে আপোনাক অশেষ আন্তৰিক ধন্যবাদ জনালো।-- লেখক- দুদুল সোণোৱাল।
+++---------+++++++++---------+++++++----+++