Saturday, March 13, 2021

পদিনা আৰু ইয়াৰ ঔষধি গুণ

পদিনাৰ বিৱৰণ:

     পদিনা এবিধ ঘাঁহ জাতীয় সুগন্ধিযুক্ত উদ্ভিদ। পদিনা অসমীয়া সমাজত চাটনি আৰু শাক হিচাপে ব্যৱহাৰ কৰা হয়। ই এবিধ ঔষধি গুণ সম্পন্ন উদ্ভিদ। অসমৰ সকলো ঠাইতে পদিনা পোৱা যায়। বিশেষকৈ কিছু ছাঁ পৰা আৰু ওখ সাৰুৱা মাটিত পদিনা উৎপাদন হয়। পদিনাৰ পাত ২-২•৫ ছেণ্টিমিটাৰ দীঘল আৰু ১-২ ছেণ্টিমিটাৰ পৰ্যন্ত বহল হয়। পদিনাৰ গা গছৰ ৰং ঈষৎ বেঙুনীয়া । পাতৰ বৰণ পাতল সেউজীয়া আৰু ফুলৰ বৰণো বেঙুনীয়া ৰঙৰ হয়। পদিনাক বিভিন্ন নামেৰে জনা যায়।
    

পদিনাৰ উপলব্ধতা :


      অসমৰ প্ৰতিটো চুকে কোণে পদিনাৰ অৱস্থিতি পৰিলক্ষিত হয়। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ মেঘালয় আদি ঠাইত পদিনা উপলব্ধ। অৱশ্যে বিশ্বৰ বহু স্থানত পদিনা পোৱা যায়। এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চলত, পূব ছাইবেৰিয়া আৰু আমেৰিকাত, ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চলত পদিনা উপলব্ধ হয়। 

পদিনাৰ গুণাগুণ :

     পদিনা এবিধ ঔষধি গুণসম্পন্ন উদ্ভিদ। ইয়াক অসমৰ অসমীয়া সমাজত শাক হিচাপে আৰু চাটনি পিহি খাবৰ বাবে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে সমগ্ৰ ভাৰততে ইয়াৰ গুৰুত্বতা আছে। পদিনাৰ ঔষধি গুণ -- ** কলেৰা ৰোগৰ বাবে পদিনা উত্তম পথ্য। পদিনাৰ ৰস মৌ আৰু নেমুৰ ৰসৰ লগত খালে এই বেমাৰৰ পৰা মুক্ত হ'ব পাৰি। ** মানুহৰ দেহত হোৱা কৃমি পদিনাৰ ৰস খালে আঁতৰে। ** টাইফয়ইড, নিউম'নিয়া আদি হ'লে পদিনা পিহি খাব লাগে। ** পদিনা খালে জণ্ডিছ ৰোগৰ পৰা উপশম পাব পাৰি। ** খৰ খজুৱতি হ'লে পদিনাৰ ৰস লগালে আক্ৰান্ত স্হান উপশম ঘটে। ** অখাদ্য ভোজনৰ ফলত বা কিবা কাৰণত পেট ফুলিলে, আভোক অনুভৱ হ'লে পদিনা ৰসৰ সৈতে তুলসী ৰস, জালুক, আদা দি পানীত মিহলাই উতলাই খালে এই ৰোগ নিৰাময় হয়। ** দাঁতৰ আলু মচবুত হোৱাত পদিনাৰ পাতৰ ৰসে সহায় কৰে। ** পেটৰ বিষ ইয়াৰ ৰসে নাইকীয়া কৰে।

      

       পদিনাত থকা উপাদান : এক টেবুল চামুচ বা প্ৰতি ২-৩ গ্ৰাম পৰিমাণত --


*  পদিনাত শক্তি থাকে ২ কেলৰি ।
* পদিনাত প্ৰ’টিন  ১০০ মিলিগ্ৰাম ।
* কাৰ্ব'হাইড্ৰেট ৫০০ মিলিগ্ৰাম । 
*  ডায়েটেৰী ফাইবাৰ ৩০০ মিলিগ্ৰাম । 
*  প’টেচিয়াম ১৮ মিলিগ্ৰাম ।
*   ছ’ডিয়াম ১ মিলিগ্ৰাম ।
*   যথেষ্ট পৰিমাণে আইৰণ  ,কেলচিয়াম থাকে।
*  ভিটামিন-A, ভিটামিন- B, ভিটামিন-C, ভিটামিন- E আদি পদিনাত থাকে ৷ 

বৈজ্ঞানিক নাম ::
পদিনাৰ বৈজ্ঞানিক নাম হ'ল মেণ্ঠাআৰভেনচিছ (Mentha arvensis ) । ইয়াৰ বৰ্গ বা গোত্ৰ হ'ল      লেমিয়েলচ  (Lamiales) । ইংৰাজীত পদিনাক Field Mint বুলি কোৱা হয়। তদুপৰি Wild Mint বা Corn Mint বুলিও জনা যায়। 
       

    পদিনাৰ পৰা উৎপাদিত সামগ্ৰী ::  

     পদিনাৰ পৰা মানুহৰ বাবে প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। তাৰ ভিতৰত বিশেষকৈ সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি সুগন্ধি তেল, পিপাৰমেণ্ট, টুথপেষ্ট, মৰ্টন, চকলেট,চুয়িংগাম,বিষনাশক দ্ৰব্য, বাম,জেলি, চৰবত আদি প্ৰস্তুত কৰা হয়। মাংস আঞ্জাত পদিনা দিলে আঞ্জা বৰ সুস্বাদু হয়। 

     সামৰণি ::

    অধ্যয়নৰ পৰা বুজিব পৰা যায় যে পদিনা এবিধ অতি লাগতিয়াল উদ্ভিদ। পদিনাৰ ব্যৱসায়িক দিশ উজ্বল । বিভিন্ন উদ্যোগত ইয়াক বিক্ৰী কৰিব পাৰি। পদিনা সহজে উৎপাদন কৰিব পাৰি। সেয়েহে পদিনাৰ খেতি এক লাভজনক খেতি হিচাপে পৰিগণিত হৈছে। সকলো লোকে এনেয়ে পেলায় থোৱা মাটি চাহ কৰি ইয়াৰ খেতি কৰা উচিত।
      পদিনাত থকা গোন্ধৰ বাবে পৰুৱা,মাখি , আন পোক পতঙ্গ আদি আঁতৰি পলাই। গতিকে পদিনাই সুপৰিৱেশৰ ক্ষেত্ৰতো সহায় কৰে। আহক আমি সকলোৱে পদিনা লগাও আৰু চাটনি হিচাপে খাই নিজক নিৰোগী কৰি ৰাখোঁ।












********--------------*******"----------**********
    

Thursday, March 11, 2021

কলডিল খাঁওক , নিৰোগী হৈ থাকক ।

   কলডিল ?

  **আপুনি নিশ্চয় কলডিল খাই পাইছে। জানেনে আপুনি কলডিলৰ উপকাৰিতাৰ সম্পৰ্কে ? কলডিল অসমীয়া সমাজত এক সুমধুৰ আঞ্জা হিচাপে ব্যৱহাৰ কৰা হয়। কলডিলত যথেষ্ট পৰিমাণে আইৰন বা লো থাকে। লো মানুহৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান। মানুহৰ হাড়ৰ গঠণত লোৰ প্ৰয়োজন হয়। কলডিল খালে আমাৰ শৰীৰৰ তেজ শুদ্ধিকৰণ হয় । 
     কলডিলৰ ভিতৰত বৰকল, ভীমকল বা আঁঠিয়া কল  আৰু শাকখোৱা কল আদি কলগছৰ ডিলহে খাবৰ বাবে উপযোগী। জাহানী কল আৰু চেনি কলৰ ডিলৰ সোৱাদ তিতা হয় বাবে মানুহে এনে কলৰডিল নাখায়। পাহাৰীয়া অঞ্চলত হোৱা এবিধ ঈষৎ হালধীয়া বৰণৰ কলডিলো আঞ্জা হিচাপে ব্যৱহাৰ কৰা হয়। কলডিলৰ আঞ্জা বৰ সুস্বাদু খাদ্য হিচাপে বিবেচিত। বিশেষকৈ মাগুৰ মাছ, মুং দাইল কলডিলৰ লগত মিহলি কৰি বয়ল কৰিলে বৰ সুস্বাদু হয়।
     কলডিলত সুষম খাদ্যৰ বিভিন্ন উপাদান সমুহ পোৱা যায়। কাৰ্বহাইড্ৰেট, প্ৰ'টিন, খণিজ লৱণ, প্ৰচুৰ পৰিমাণে ফাইবাৰ আদিৰ উপৰিও কেলচিয়াম, ছ'ডিয়াম, পটাছিয়াম আৰু আয়ডিন আদিও কলডিলত পোৱা যায়। সেয়ে কলডিলক ঔষধি গুণেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। 
       প্ৰতি ১০০ গ্ৰাম কলডিলত কাৰ্বহাইড্ৰেট-৫ গ্ৰাম, প্ৰ'টিন-১•৫ গ্ৰাম, খণিজ লৱণ-৫•৮ গ্ৰাম, শক্তিৰ পৰিমাণ ২৮ কেলৰি নিহিত হৈ থাকে।
     

কলডিলৰ ঔষধি গুণ :

    কলডিলৰ আঞ্জা খালে শৌচ খোলোচা হয়।শৰীৰত থকা তেজ শুদ্ধিকৰণ কৰাৰ লগতে তেজৰ পৰিমাণ বৃদ্ধি কৰে। কলডিলত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থকাৰ হেতুকে গৰ্ভৱতী তিৰোতাৰ বাবে ই উত্তম পথ্য হিচাপে চিহ্নিত। গ্ৰাম্য সমাজত প্ৰসূতিক কলডিল বয়ল কৰি খাবলৈ দিয়া দেখা যায়। এনিমিয়া বা ৰক্তাল্পতাত ভোগা মানুহৰ বাবে কলডিল বৰ উপকাৰী খাদ্য। তদুপৰি কলডিল আঁহযুক্ত খাদ্য হোৱাৰ বাবে কোষ্ঠ কাঠিণ্য ৰোগত ভুগি থকা ৰোগীৰ বাবে উপযোগী । কলডিল বয়ল কৰি খালে পেটচলা বা গ্ৰহণী ৰোগ নিৰাময় হয়। আনহাতে এচিডিটি হ্ৰাসকৰণৰ ক্ষেত্ৰতো কলডিলে ভাল কাম কৰা পৰিলক্ষিত হয়।

    সামৰণি 

     গ্ৰাম্য সমাজত কলডিলৰ আঞ্জা প্ৰচুৰ পৰিমাণে খোৱা দেখা যায়। আগৰ দিনৰ বৃদ্ধ লোকসকল সেয়ে বিভিন্ন ৰোগৰ পৰা অনায়াসে হাত সাৰি থাকিব পাৰিছিল। আজিকালি গাঁৱে হওঁক বা চহৰে হওঁক ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ নিৰ্মাণৰ ফলত বা জনসংখ্যা বৃদ্ধিৰ ফলত মাটি কমি আহিব ধৰিলে আৰু ফলস্বৰূপে কলগছৰ পৰিমাণ হ্ৰাস হৈ আহিল। যাৰবাবে আজি কলডিল ক্ৰমান্বয়ে দুষ্প্ৰাপ্য দ্ৰব্য হিচাপে পৰিগণিত হৈছে। আনহে নালাগে বিভিন্ন উৎসৱ পাৰ্বনত লগাবলৈ কলগছ বিচাৰি হাবাথুৰি খাব লগীয়া পৰিস্থিতিও আজি সমাজত প্ৰত্যক্ষ হয়। ভীমকল ডিলৰ  লগতে সমস্ত গা-গছ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। গতিকে আমি কলগছ ঘৰত লগোৱা উচিত।



   
      
http://anuragblogadress.blogspot.com/2021/03/blog-post_10.html আগৰ প্ৰৱন্ধটো পঢ়িবলৈ ইয়াত ক্লিক কৰক।

Wednesday, March 10, 2021

প্ৰাকৃতিক দুৰ্যোগ আৰু অসম

প্ৰাকৃতিক দুৰ্যোগ কি ?

     প্ৰাকৃতিক দুৰ্যোগ হ'ল প্ৰকৃতিৰ জৰিয়তে স্বয়ংক্ৰিয় ভাৱে সংঘটিত হোৱা একপ্ৰকাৰৰ দুৰ্যোগ বা ঘটনা। মানুহৰ হঠকাৰি চিন্তাৰে কৰা কিছুমান ধ্বংসকাৰী কাৰ্যৰ ফলত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই বিভিন্ন তাণ্ডৱৰ সৃষ্টি কৰে। বানপানী , ভূঁইকপ আদি তাৰেই অন্যতম জ্বলন্ত উদাহৰণ। সংক্ষিপ্ত ভাৱে প্ৰকৃতিৰ এই তাণ্ডৱকেই মানুহৰ বাবে বিপজ্জনক প্ৰাকৃতিক দুৰ্যোগ বুলি অভিহিত কৰা হয়। প্ৰাকৃতিক দুৰ্যোগ প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ব্যতিক্ৰম ৰূপ। পৃথিৱীৰ প্ৰতিটো চুকে কোণে সময়ৰ ধামখুমীয়াত পৰি প্ৰকৃতিৰ নিজস্ব ৰূপ হেৰুৱায় পেলাইছে। পূৰ্বৰ অটব্য অৰণ্যৰে ভৰপূৰ হাবি জংগল আজি মানুহৰ নিষ্ঠুৰ হাতোৰাত ধ্বংস হৈ ডাঙৰ ডাঙৰ অট্টালিকা আবাসেৰে ভৰি পৰিল। বিভিন্ন কল কাৰখানা আদি নিৰ্মাণেৰে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি প্ৰাকৃতিক দুৰ্যোগ নমাই আনিলে মানুহ নামৰ প্ৰাণীবিধে। যাৰফলত পৰিৱেশৰ বায়ু প্ৰদূষিত হ'ল, নিজম পৰিৱেশ কোলাহল পূৰ্ণ হ'ল, মাটি, পানী প্ৰদূষিত হ'ল আৰু ইয়াৰ লগে লগে বতৰৰ তাৰতম্য ৰূপ প্ৰতিফলন ঘটিল প্ৰাকৃতিক দুৰ্যোগ হিচাপে। 

   প্ৰাকৃতিক দুৰ্যোগৰ বিৱৰণ

    বানপানী, ভূঁইকপ, ভূমিস্খলন গঢ়াখহনীয়া, ধুমুহা,প্ৰৱল বতাহ আৰু শিলাবৃষ্টি আদি হ'ল প্ৰাকৃতিক দুৰ্যোগ। বিভিন্ন কাৰকৰ ফলত পৰিৱেশৰ স্বাভাৱিক অৱস্থাৰ পৰিবৰ্তন হৈ অস্বাভাৱিক ৰূপে গা কৰি উঠা ই এটা প্ৰকৃতিৰ অন্য ৰূপ। প্ৰকৃতিয়ে মানুহক স্বমহিমাৰে প্ৰদান কৰা সামগ্ৰী সমূহ প্ৰয়োজনতকৈ অধিক পৰিমাণে আজুৰি আনি মানুহে নিজৰ লাস বিলাসৰ নামত অপব্যয় কৰি প্ৰকৃতিৰ পৰিকাঠামো ধ্বংস কৰা পৰিলক্ষিত হৈছে। আজি অটব্য অৰণ্যৰ গছ গছনি বিভিন্ন আচবাব প্ৰস্তুতকৰণৰ বাবে, আবাস গৃহ সঁজাৰ বাবে, বিভিন্ন ৰোগৰ ঔষধৰ বাবে, সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰিবৰ বাবে মানুহে কাটি চফা কৰি পেলাইছে। ফলশ্ৰুতিত মানুহে প্ৰকৃতিৰ ৰোষত পৰিছে। আৰু এনেদৰে যদি প্ৰকৃতিৰ ধ্বংস কাৰ্য অব্যাহত থাকে তেন্তে এদিন আমাৰ মৰমৰ তথা সৌন্দৰ্যৰে পূৰ্ণ পৃথিৱীখন আমি যে হেৰুৱাব লগা হ'ব সেয়া ধ্ৰুৱসত্য।
     মানুহৰ অমনোযোগিতা আৰু অসাৱধানতাৰ বাবে আজি নদীয়ে নিজৰ স্বাভাৱিক ভাৰসাম্য হেৰুৱাই পেলাইছে। নদীৰ পানী বিভিন্ন দিশত সিঁচৰিত হৈ পৰিছে। মানুহে ব্যৱহাৰ কৰা প্লাষ্টিক সামগ্ৰী সমূহ নদীত পেলায় দিয়াৰ ফলত, আন সহজে নপচা সামগ্ৰী সমূহ নদীৰ পানীত পেলোৱাৰ ফলত নদীৰ ভাৰসাম্যতা নষ্ট হৈছে, নদীৰ গভীৰতাত আঘাত হানিছে।যাৰ ফলত অলপ বৰষুণতে নদী ওফন্দি উঠি বানপানীৰ দৰে দুৰ্যোগ নমাই আনিছে । 
    একেদৰে জধেমধে মানুহে গছ গছনি কটাৰ ফলত বতৰৰ তাৰতম্যতাত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে। বিজ্ঞানে কয় যে গছ গছনি প্ৰভাৱৰ ফলত অধিক বৃষ্টিপাত হয়। যদি গছ গছনি নাথাকে বা পৰিসংখ্যা হ্ৰাস পায় তেন্তে বৰষুণৰ পৰিমাণ হ্ৰাস পাব। ইয়াৰ কাৰণ হৈছে জলবায়ুত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি ঘটা। অৰ্থাৎ গছ গছনি নাথাকিলে জলবায়ুত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পায় ফলত জলবায়ু প্ৰদূষিত হয় আৰু ভাৰসাম্যতাত প্ৰভাৱ পৰে। 
      বৃহৎ বৃহৎ আকাৰৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ ফলত পৃথিৱীৰ বহন ক্ষমতাৰ ক্ষেত্ৰত বাৰুকৈয়ে আঘাত হানিছে। ভূগৰ্ভৰ পৰা প্ৰাকৃতিক গেছ নিষ্কাষণ, সোণ , কয়লা, বিভিন্ন ধাতু নিষ্কাষণৰ ফলত ভূ-গৰ্ভৰ প্ৰায় উদং অৱস্থাৰ সৃষ্টি হৈছে। এই দ্ৰব্য খননকাৰ্যৰ ফলত ভূ-পৃষ্ঠৰ তলিত সুৰুঙাৰ সৃষ্টি হৈছে আৰু অজনস্তৰত প্লেটৰ হেৰফেৰ ঘটাত ভূমিকম্পৰ সৃষ্টি হৈছে। সন্দেহ নাই যে অনাগত দিনত এনে এক প্ৰৱল ভূমিকম্প হ'ব পাৰে যিয়ে মানুহৰ অহংকাৰক চূৰ্ণ বিচূৰ্ণ কৰি ঠিতাতে সকলো শেষ কৰি দিব। 

 অসম আৰু প্ৰাকৃতিক দুৰ্যোগ

    ভাৰতবৰ্ষৰ ৰাজ্য বিলাকৰ ভিতৰত অসম হয়তো আটাইতকৈ বেছি প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱা ৰাজ্য। অসমৰ জনসাধাৰণ বানপানী, ভূঁইকপ, ভূমিস্খলন, গঢ়াখহনীয়া, শিলাবৃষ্টি,প্ৰলয়ংকাৰী ধুমুহা বতাহ আদিৰ লগত চিৰলগৰীয়া বুলি ক'লেও হয়তো অত্যুক্তি কৰা নহ'ব। সেয়ে অসমক ভূকম্পপ্ৰৱন এলেকা হিচাপে চিহ্নিত কৰা হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকৰ ৰেহৰূপ নিৰীক্ষণ কৰি চাৰিটা জ'নত বিভক্ত কৰা হৈছে। জ'ন -৫ ত  সৰ্বাধিক ভূমিকম্প হোৱা অঞ্চল সমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই জ'নত প্ৰায় ৮ৰ পৰা ৯ প্ৰাৱল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। অন্তৰ্ভুক্ত ৰাজ্য বিলাক হ'ল ক্ৰমে কাশ্মীৰৰ অঞ্চল, পশ্চিম আৰু মধ্য হিমালয়, উত্তৰ আৰু মধ্য বিহাৰ, উত্তৰ পূব ভাৰতীয় অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদি । জ'ন-৪ ত অন্তৰ্ভুক্ত ৰাজ্য বিলাক হ'ল জম্মু আৰু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড,চিকিম, দিল্লী আদি। জ'ন ৩ ত অন্তৰ্ভুক্ত ৰাজ্য বিলাক হ'ল ক্ৰমে চেন্নাই , মুম্বাই, কলকাতা, ভূৱনেশ্বৰ আদি ৰাজ্য। জ'ন-২ ৰ অন্তৰ্ভুক্ত হ'ল বাকী ৰৈ যোৱা আটাইবোৰ ৰাজ্য । 
      এই অধ্যয়নৰ পৰা ক'ব পৰা যায় যে উত্তৰ পূব অঞ্চল আটাইতকৈ বিপদজনক প্ৰাকৃতিক দুৰ্যোগৰ এলেকা। এনে বিপদজনক অৱস্থিতিৰ সম্পৰ্কে বিশদভাৱে জানিও চৰকাৰে অসমত বৃহৎ আকাৰৰ জলবিদ্যুৎ প্ৰকল্পৰ ৰূপায়ন কৰা কাৰ্য হঠকাৰি চিন্তাৰ বাদে অন্য একো নহয়।
      বানপানীৰ সমস্যা অসমৰ জনসাধাৰণৰ বাবে এক এৰাব নোৱৰা দুৰ্যোগ হিচাপে চিহ্নিত। প্ৰতি বছৰে অসমৰ মানুহে এই প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ'ব লগা হয়। কৃষক ৰাইজে প্ৰতি বছৰে কৃষিৰ ক্ষেত্ৰত বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হয়। হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি বানপানীৰ কবলত পৰি অনিষ্ট সাধন হয় যাৰ ফলত কৃষকৰ লগতে চৰকাৰেও লোকচান ভৰিবলগীয়া  হয়।  তথাপিও অসম চৰকাৰে হওঁক বা ভাৰত চৰকাৰে হওঁক এই সমস্যাৰ স্হায়ী সমাধানৰ বাবে আজিও পদক্ষেপ হাতত লোৱা পৰিলক্ষিত নহ'ল।

   সামৰণি

    অদূৰ ভৱিষ্যতে অসম যে প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত এতিয়াতকৈ অত্যধিক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব সেয়া পৰিৱেশৰ অৱস্থা পৰ্যবেক্ষণ কৰি ঠাৱৰ কৰিব পাৰি। ৰাজ্যখনৰ  থকা সাপেক্ষে চিন্তা ধাৰণা পৰিবৰ্তন কৰি সুদিন ঘূৰাই অনাৰ বাবে চৰকাৰে সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী আচঁনি গ্ৰহণৰ জৰিয়তে অসমৰ প্ৰাকৃতিক দুৰ্যোগ মুখিমূৰ কৰিবলৈ চৰকাৰে অহোপুৰুষাৰ্থ প্ৰয়াস কৰিব লাগিব। 
     বিশ্বৰ প্ৰতিখন দেশেই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন আচঁনি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যিটো পৃথিৱীবাসীৰ বাবে শুভ লক্ষণ বুলিব পাৰি। জলবায়ুৰ ভাৰসাম্য অটুট ৰাখিবৰ বাবে বৃক্ষৰোপণ কৰা হৈছে। বৃক্ষৰোপণ কাৰ্যসূচীৰ পৰিসৰ বৃদ্ধি ঘটাই গোলকীয় উষ্ণতাৰ হ্ৰাস কৰি জলবায়ুৰ ভাৰসাম্য ৰক্ষাত অৰিহণা আগবঢ়োৱাৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰই সহযোগ কৰাৰ সময় সমাগত। পৰিশেষত কও আমি আমাৰ বাবেই এখন প্ৰাকৃতিক দুৰ্যোগ মুক্ত ধৰণী সজাই তোলাৰ অন্ত্যন্ত প্ৰয়োজন আছে।                   














বি.দ্ৰ.: প্ৰতিচ্ছবি সমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত।
  ঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁঁ

Tuesday, March 9, 2021

বিশ্বত নাৰীৰ অৱস্থান আৰু অৱদান

বিশ্বত নাৰীৰ অৱস্থান

        আমি সকলোৱে দেখি আহিছোঁ বা পঢ়িছোঁ নাৰীৰ অৱস্থান কি অৱস্থাত আছিল আৰু কি হৈ আছে। বিশ্বৰ প্ৰতিখন দেশৰ , প্ৰতিখন ঠাইৰ নাৰীৰ সম্পৰ্কে অধ্যয়ন কৰিলে উলাই পৰে যে নাৰী আজি অৱলা নহয়, নাৰী দুৰ্বল নহয়। নাৰীয়ে অতীজৰে পৰা নিজৰ দক্ষতা, নিজৰ বুদ্ধিমত্তা , জ্ঞানৰ গভীৰতা আদি স্ব মহিমাৰে নিজক পৰিচয় দি আহিছে। বিভিন্ন কৰ্ম ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে আগুৱাই যাব সক্ষম হৈছে। কি বিজ্ঞান,কি ৰাজনীতি , কি মহাকাশ সকলোতে নাৰীৰ অৱস্থিতি বিদ্যমান। অৰ্থাৎ নাৰীক অৱলা বুলি অৱজ্ঞা কৰাটো মুৰ্খামী তথা ধুৰন্ধৰৰ বাদে অন্য একো নহয়। সেয়ে সৃষ্টিৰ সৈতে জড়িত থকা নাৰী মহিমাময়ী আৰু সন্মানীয় আৰু সমাজৰ এটা অবিচ্ছেদ্য অঙ্গ হিচাবে পৰিগণিত।

   ইতিহাসৰ পাতত নাৰী 

    ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় নাৰীৰ অৱস্থান পূৰ্বতে বৰ সুখজনক নাছিল। বৈদিক যুগত নাৰীৰ স্থান উচ্চ আছিল। পুৰুষতান্ত্ৰিক সমাজত বৈবাহিক ক্ষেত্ৰত, শৈক্ষিক ক্ষেত্ৰত নাৰীয়ে অধিকাৰ সাব্যস্ত কৰিব পাৰিছিল। কিন্তু পৰৱৰ্তীকালত এই অধিকাৰত ঘূণে ধৰিছিল আৰু নাৰীৰ অৱস্থান অৱনতি হৈছিল। একেদৰে বৌদ্ধ যুগতো নাৰীৰ অৱস্থান একেবাৰে অৱদমিত হৈছিল। আনকি নাৰীক এই সময়ছোৱাত পণ্যৰ সদৃশ জ্ঞান কৰিছিল। অৱশ্যে মৌৰ্য যুগত নাৰীৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্ৰত অধিকাৰ প্ৰদান কৰা হৈছিল। গুপ্ত যুগৰ সময়ছোৱাতো বৰ ভাল নাছিল। 
     সেয়েহে নাৰীয়ে স্বাধীনোত্তৰ বা স্বাধীনতা আন্দোলনৰ সময়ছোৱাত নাৰী অধিকাৰৰ বাবে যুঁজিবলৈ আৰম্ভ কৰিছিল। ভাৰতৰ বাদে বিভিন্ন দেশৰ নাৰীয়ে প্ৰায় ১৯৫০ চনৰ পূৰ্বে নাৰীৰ অধিকাৰ বিচাৰি আন্দোলন আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰুছিয়া আদি দেশৰ নাৰীয়েও আন্দোলনৰ অব্যাহত ৰাখিছিল। তাৰ ফলশ্ৰুতিত ১৯১৯ চনত সংযুক্ত যুক্তৰাষ্ট্ৰৰ সংবিধানৰ ১৯ নং সংশোধনী ঘটাই নাৰীক ভোটাধিকাৰ প্ৰদান কৰা হৈছিল। 
        ভাৰতবৰ্ষত নাৰীৰ অৱস্থান পূৰ্বৰ পৰাই সহনীয় আছিল। অৰ্থাৎ নাৰীক ভাৰতীয় সমাজত যথেষ্ট উচ্চ স্হান দিয়া হৈছিল যদিও ঠাই ভেদে নাৰীক নিৰ্যাতন নকৰাও নহয়। 
       ভাৰতত নাৰীয়ে ৰাজনৈতিক অধিকাৰো লাভ কৰিছিল। সংবিধানে ১৮ বছৰ বয়সৰ ওপৰৰ সকলো পুৰুষ মহিলাকে ভোটাধিকাৰ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে বুজা যায় যে ভাৰতত নাৰীয়ে সমঅধিকাৰ পূৰ্বৰ পৰাই ভোগ কৰি আহিছে। কিন্তু কিছুমান ক্ষেত্ৰত নাৰীয়ে অধিকাৰ নাপাইছিল। ৰাজনীতিৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, বিভিন্ন চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে আগুৱাই যাব পাৰিলেও সম অধিকাৰ প্ৰদান কৰা হোৱা নাছিল। ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীক কিছু ক্ষেত্ৰত ভাগ ল'বলৈ নিদি তলতীয়া কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰা হৈছিল। অৱশ্যে আজি নাৰীক ভাৰতীয় সমাজত সন্মান, শ্ৰদ্ধা আৰু গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত কৰা হয়।

      যুগে যুগে নাৰীৰ কৃতিত্ব

      ইতিহাসৰ পাতত নাৰীৰ কৃতিত্ব জলজল পটপটকৈ আজিও জিলিকি আছে। যুগোশ্লেভিয়াৰ মহিমামণ্ডিত মাদাৰ টেৰেছাৰ কথা কোনে নাজানে। ভাৰতৰ প্ৰতিজন ব্যক্তিৰ মনত হয়তো মাদাৰ টেৰেছাৰ কাৰ্যৰ অৱদানৰ বিৱৰণ সঞ্চিত হৈ আছে। অসমৰ কলকাতা ,মুলাগাভৰু , চন্দ্ৰপ্ৰভা শইকীয়ানী অসমৰ গৌৰৱ।  লক্ষ্মীবাই, ভগিনী নিবেদিতা,সৰলা দেৱী চৌধুৰী আদিৰ দৰে জন নাৰীৰ অৱদান কোনো নুই কৰিব নোৱাৰে। পুৰুষৰ সমানে আগুৱাই গৈ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি নাৰীৰ মৰ্যদা অক্ষুণ্ণ ৰাখি থৈ গৈছে। 
     আয়াৰলেণ্ডত জন্ম গ্ৰহণ কৰা মাৰ্গাৰেট এলিজাবেথ নবোল নাৰীৰ মাজত জাগৰণ সৃষ্টিত যি অৱদান আগবঢ়াই গৈছে তাক পাহৰিব নোৱাৰি। লণ্ডনৰ এনি বেচান্তে আছিল একাধাৰে লেখক, চিন্তাবিদ, স্বাধীনতা যুঁজাৰু আৰু সমাজ সেৱিকা। যিয়ে নিজৰ সৎকৰ্মৰ জৰিয়তে বিশ্বৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি নাৰীৰ অৱস্থান উচ্চ আসনত অধিষ্ঠিত কৰি থৈ যাবলৈ সক্ষম হৈছে। এনে বহু নাৰীৰ উদাহৰণ আছে যিয়ে সমাজৰ বাবে মুল্যৱান তথা প্ৰভূত পৰিমাণে অৱদান আগবঢ়াই সমাজৰ লগতে নাৰীক আগবঢ়ায় থৈ গৈছে।
    

    বৰ্তমান সময়ত নাৰী

    
     ভাৰতীয় মূলৰ মহিলা কল্পনা চাওলা , সুনীতা উইলিয়ামচ আদি আজি বিশ্বৰ ভিতৰতে চিনাকি নাম। নিজৰ অধ্যৱসায়, শিক্ষা, কাৰ্য তথা জ্ঞানৰ ফলত এওঁলোকক আজি বিশ্বৰ সকলোৱে এগৰাকী বিখ্যাত নাৰী হিচাপে চিনি পায়। 
কল্পনা চাওলা আছিল ১৯৯৭ চণত নাছাৰ জৰিয়তে মহাকাশত অৱততৰণ কৰা প্ৰথম গৰাকী বিশ্বৰ নাৰী ।  বৰ্তমান সময়ত বিভিন্ন ক্ষেত্ৰত নাৰীয়ে পুৰুষৰ সমানে আগুৱাই যাব সক্ষম হৈছে। ৰাজনীতিৰ ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সেৱাৰ ক্ষেত্ৰত নাৰীয়ে যিমতে আগবাঢ়ি যাব সক্ষম হৈছে তাক পৰিলক্ষিত কৰি নাৰীক কেতিয়াও কোনোৱেও অৱলা জ্ঞান বা অৱজ্ঞা কৰিব নোৱাৰে। নাৰীৰ যি বিচাৰ ক্ষমতা, যি বুদ্ধি বৃত্তি আছে তাক সৎকামত খটুৱাই নাৰীৰ লগতে গোটেই সমাজখনক আগুৱাই নিয়াত সহযোগ কৰাৰ সময় সমাগত।

    সামৰণি


    ইতিহাসৰ পৰা বুজা গ'ল যে নাৰীয়ে ইচ্ছা কৰিলে সৰগতো পুৰুষৰ সমানে ঘৰ সাজিব পাৰে। যদি নাৰীক সকলো পুৰুষে সমমৰ্যদা দিলেহেঁতেন তেন্তে নিশ্চয় পৃথককৈ 'নাৰী দিৱস' প্ৰয়োজন নহ'ল হেঁতেন। আজি নাৰী বিভিন্ন কৰ্মৰে উদভাসিত , বিভিন্ন উদ্ভাৱনৰে জড়িত, বিভিন্ন চিন্তাৰ অধিকাৰী হৈয়ো যেন কৰবাত কিবা এটাৰ ক্ষেত্ৰত স্বাধীন নহয় ঠিক তেনেধৰণৰ অনুভৱ এটাই মনত আঘাত কৰি যায়।  যিয়েই নহওঁক এই সামান্য লেখাৰ জৰিয়তে 'নাৰী দিৱস' ৰ শুভ ক্ষণত সকলো আই সম নাৰীকেই মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। অনাগত দিনত নাৰীৰ চিন্তাৰ জৰিয়তে সৃষ্টি হঁওক নতুনত্ব, সমাজৰ উত্তৰণৰ নিমিত্তে উচ্ছৰ্গিত হঁওক নাৰীৰ প্ৰবল ইচ্ছা শক্তি, সহনশীলতা,ধৈৰ্য, সাহস, সৃষ্টিশীলতা, মহানুভৱতাৰ গুণ ।  

     ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত।

Monday, March 8, 2021

বেলি লহিওৱাৰ অন্তত

বেলি লহিওৱাৰ অন্তত


তােমাৰ স'তে লুকা-ভাকু খেলা দিনতে
এডৰা সৰিয়হ ফুল হৈ ফুলিছিল
অকৃত্রিম মৰম স্নেহবােৰ
হৃদয়ৰ নিভৃতকোণত তােমাৰ অজানিতে।
তুমি বৰ এজনী হােৱাৰ পৰৱৰ্তী ক্ষণত
মােৰ ধূলিয়ৰি বুকুৰ চোতালত সযতনে
ৰুই দিলা আশা আৰু পােহৰৰ নাহৰ
কলপতীয়া মৰমবােৰ বাঢ়ি আহিল অহৰহ।
সময়ৰ চাকনৈয়াত তুমি হেৰাই গ'লা মােৰ অলক্ষিতে
এৰি থৈ এমুঠি দিখৌৰ পাৰৰ গঢ়াখহনীয়া দুখ
এতিয়া সাঁজ লগাৰ পূর্বে সন্ধিয়া হয় প্রতিটো পল
জীৱনৰ ৰঙবােৰ আন্ধাৰ কৰি।
প্রতিটো দিনৰ বিৰতিত নতুন এটা হেপাঁহৰ দিন
প্রস্ফুটিত হােৱাৰ প্রত্যাশাত ব্যাকুলিত হঁও এতিয়া
আহিবা নহ'লে ঋতুমতী পথাৰৰ গাভৰু প্ৰেম হৈ
বুকুৰ সেঁওতা ফালি এই বাসন্তী বেলা ।।

Thursday, March 4, 2021

কবিতা

জীৱন এনেকুৱাই..

তোমাৰ যাদৃচ্ছিক মৰমবোৰ নাৰ্জী ফুল হৈ 
ফুলিছিল মোৰ সমস্ত অৱয়বৰ প্ৰতিটো ভাঁজত
দোকমোকালিৰ পৰা সন্ধিয়া লৈ
ব্যস্ততাৰ কোলাহল নতুবা
আলস্যতাত জিৰণিৰ পৰত ...

এই যে সময়ৰ চাকনৈয়াত হেৰাই গ'ল যি 
আৰু উভতি নাহিল সময়বোৰ 
জোনাকৰ আবিৰ সানি মোৰ বুকুৰ সিৰলুয়েদি
দিঠকৰ সুখৰ খৰিকাজাঁই হৈ নতুবা
আশাবোৰ ৰঙীন কৰি জীয়াই ৰাখিবলে'..

কথা আছিল তুমি বৈ আহিবা জোনাকৰ তালে তালে
জানজুৰিৰ সুঁতি এটা হৈ 
জিৰাবাহি মোৰ নি:কিন বুকুত আজীৱন 
থিতাপি লবাহি অনিৰুদ্ধ প্ৰেমৰ চানেকি এটা হৈ
জীৱন জীপাল কৰি তুলিবলে'...

একো এটাও কাৰ্যকৰী নহ'ল
সময়ৰ চাকনৈয়াত সকলো সপোন সপোন হৈয়ে ৰ'ল
দিঠকবোৰ হ'ল ঘামে ধোৱা মাটি জীৱনৰ
প্ৰতিটো পুৱাৰ প'ল অনুপলত ফুলি উঠিল
বেদনাৰ কজলা ফুল সময়ক সাক্ষী কৰি...

আহিবা নহ'লে পুনশ্চ:
জীৱন লুইতৰ সুঁতি এটা হৈ 
জীপাল কৰি তুলিবাহি এৰাবাৰীৰ কঠিয়াতলি
তুমি আহিলেই চহাই থম চন পৰা মাটি
মই হ'ম হালোৱা তুমি ৰোৱনী......!!










++++++++++++!!!!!!!!!!++++++!!!!!!!++++++++++

Monday, March 1, 2021

কবিতা

এজাক বৰষুণৰ প্ৰয়োজন

এজাক বৰষুণৰ প্ৰয়োজন
দোপালপিটা বৰষুণ 
কলহৰ কাণেঢলা বৰষুণ ! 

ধুই নিয়ক মানুহৰ মনৰ মলিনতা
অসূয়া অপ্ৰীতি হিংসা দ্বেষ খেয়াল কপটতা ..
কুৎসা ৰটনা বৈষম্যৰ কুটিল ভেদভাৱ উটুৱাই নিয়ক 
চৌদিশ নিকা কৰি
মানুহৰ বুকুৱে বুকুৱে বৈ আহক 
সম্বন্বয়ৰ মন্দাকিনী 
বিশ্বাসৰ মন্দাকিনী 
প্ৰেমৰ মন্দাকিনী
সময় সতেজ কৰি ..

ৰাজনীতিৰ পঙ্কিলতা সমাজনীতিৰ মলিনতা
ধুই নিকা কৰক দে' 
এজাক মানৱতাৰ বৰষুণ 
চৌপাশ সজীৱ কৰি 
কলুষতা আঁতৰাই উদয় হওঁক ন'কৈ 
হিৰণ্ময় জোনাকৰ আশাৰ ৰবি !!


সময় ১১.৩০ পুৱা
দিনাংক ২৮/০২/২০২১

Featured post

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। Revival of Golden Fiber and Economic Prospects of Assam: A Brief Overview.

সোণালী আঁহৰ পুনৰুত্থান আৰু অসমৰ অৰ্থনৈতিক সম্ভাৱনা : সংক্ষিপ্ত অৱলোকন। অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত 'মৰাপাট' এক পৰম্পৰাগত অথচ...

Popular posts